Redirect Image

js

Sunday, August 18, 2024

SEBA Class IX Science Chapter 11 Questions and Answers draft

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

1. বস্তু এটাৰ ওপৰত 7N বল প্রয়োেগ হৈছে। ধৰা, বলৰ দিশত বস্তুটোৰ সৰণ 8 m। (চিত্র 11.3) সৰণৰ সমুদায় কালছােৱাত বলটো বস্তুৰ ওপৰত ক্রিয়াশীল হৈ আছিল বুলি ধৰি লওঁ। ইয়াত সম্পন্ন হােৱা কার্য কিমান?
উত্তৰঃ ইয়াত, বল, F = 7N
সৰণ, s = 8 m
আমি জানাে যে,
কার্য, W = Fs
7N x 8 m
= 56 Joul

2. কেতিয়া আমি কার্য হােৱা বুলি কওঁ? 

উত্তৰঃ বল প্রয়ােগ কৰি কোনাে এটা বস্তুৰ সৰণ ঘটালে আমি কার্য হােৱা বুলি কওঁ।

3. বস্তু এটাৰ সৰণৰ দিশত প্রয়ােগ হােৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাশি লিখা।
উত্তৰঃ বস্তু এটাৰ সৰণৰ দিশত বল প্রয়ােগ কৰিলে সম্পাদিত হােৱা কাৰ্যৰ প্ৰকাশ ৰাশিটো হ’ল-
কার্য = বল × সৰণ

4. 1 J কার্যৰ সংজ্ঞা দিয়া।
উত্তৰঃ কোনাে এটা বস্তুক 1N বল প্রয়ােগ কৰি বস্তুটোক 1 m সৰণ ঘটালে বস্তুটোৰ ওপৰত সম্পন্ন কৰা কাৰ্যৰ পৰিমাণক 1J বােলে।

5. এহাল বলদে নাঙলত 1N বল প্রয়োেগ কৰে। হালবােৱা পথাৰখন 15 m দীঘল। পথাৰত হাল বাওঁতে কিমান কার্য কৰা হ’ল উলিওৱা।
উত্তৰঃ ইয়াত, প্রয়ােগ কৰা বল, F = 1N
সৰণ, s = 15 m
আমি জানাে যে,
W = Fs
= IN × 15m
= 15 J
হাল বাওঁতে সম্পন্ন হােৱা কাৰ্য 15 J।

6. বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা?
উত্তৰঃ গতিশক্তি হল কোনাে বস্তুৱে গতিৰ বাবে লাভ কৰা শক্তি।

7. বস্তু এটাৰ গতিশক্তিৰ প্ৰকাশ ৰাশি লিখা।
উত্তৰঃ কোনাে এটা গতিশীল বস্তুৰ ভৰ আৰু বেগ হলে, গতিশক্তিৰ প্ৰকাশ ৰাশি হল-
Ek= ½ mv²

8. 5 ms-1 বেগেৰে গতিশীল ভৰৰ বস্তু এটাৰ গতিশক্তি 25J ৷ ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হ’ব? বেগ তিনি গুণলৈ বৃদ্ধি কৰিলে গতিশক্তি কিমান হ’ব?
উত্তৰঃ ইয়াত,
বেগ, ν = 5 ms-1
গতিশক্তি, E = 25 J
ধৰাহ’ল, বস্তুৰ ভৰ = m
আমি জাননা যে,

Ek= ½ mv²
⇒ 25 = ½ × m × 5²
⇒ m =25 ×2/5
⇒ m =2kg
বেগ দুগুণ বৃদ্ধি কৰিলে গতিশক্তি হব- Ek= ½ mv²
= ½×2×10²
= 100 J
বেগ তিনিগুণ বৃদ্ধি কৰিলে গতিশক্তি হ’ব-
Ek= ½ mv²
E = ½×2×15²
= 225 J

9. ক্ষমতা কাক বােলে?
উত্তৰঃ কার্যকৰাৰ হাৰ বা শক্তি ৰূপান্তৰৰ হাৰকে ক্ষমতা বােলে।

10. 1 ৱাট ক্ষমতাৰ সংজ্ঞা দিয়া।
উত্তৰ: প্ৰতি ছেকেণ্ডত 1J হাৰত কার্য কৰিলে যিমান ক্ষমতা প্রয়ােগ হয়, তাক ৱাট ক্ষমতা বােলে।

11. বাল্ব এটাই 10 s ত 100 J বৈদ্যুতিক শক্তি ব্যয় কৰে। ইয়াৰ ক্ষমতা কিমান?
উত্তৰঃ ইয়াত,
কার্য, W = 100 J.
সময়, t = 10 s
আমি জাননা যে,
ক্ষমতা,
P =W/t
= 100/10
= 10 W

4. গড় ক্ষমতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ সঁজুলি এটাৰ ব্যয় হােৱা মুঠ শক্তি আৰু অতিবাহিত মুঠ সময়ৰ হৰণফলক গড় ক্ষমতা বােলে।

কাৰ্য আৰু শক্তি Class 9 অনুশীলনীৰ প্রশ্নোত্তৰ

1. তলত দিয়া তালিকাৰ কার্যকলাপ বােৰলৈ মন কৰা। ৰাশিটোৰ ওপৰত তােমাৰ ব্যুৎপত্তিৰ আধাৰত কার্য সম্পন্ন হােৱা বা নােহােৱা সন্দৰ্ভত যুক্তি প্রদর্শন কৰা।
(ক) সােমাই পুখুৰীত সাঁতুৰি আছে।
(খ) গাধ এটাই বােজা কঢ়িয়াই আছে।
(গ) বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে।
(ঘ) সেউজীয়া গছ এডালে সালােকসংশ্লেষণ প্রক্রিয়া চলাই আছে।
(ঙ) ইঞ্জিন এটাই ট্ৰেইনখন টানি আছে।
(চ) সূৰ্যৰ তাপত শস্য শুকাই আছে।
(ছ) বায়ু শক্তিৰে পালনাও এখন গৈ আছে।
উত্তৰঃ (ক) পুখুৰীত সঁতােৰােতে স্থানৰ সলনি হয়। অর্থাৎ, সৰণ হয়। গতিকে, এই ক্ষেত্ৰত কার্য সম্পন্ন হৈছে।
(খ) গাধ এটাই বােজা কঢ়িয়াওতে শাৰীৰীক শক্তি ব্যৱহাৰ কৰিছে আৰু সৰণ ঘটিছে। গতিকে, এই ক্ষেত্ৰত কার্য সম্পন্ন হৈছে।
(গ) বায়ুকলে পানী তুলাৰ বাবে শক্তি ব্যৱহাৰ কৰিছে। কিন্তু বায়ুকলটোৰ সৰণ হােৱা নাই। গতিকে, এই ক্ষেত্ৰত কার্য সম্পন্ন হােৱা নাই।
(ঘ) সেউজীয়া গছ এডালে সালােকসংশ্লেষণ প্রক্রিয়াত শক্তি ব্যৱহাৰ কৰে। কিন্তু গছটোৰ কোনাে ধৰণৰ সৰণ নহয়। গতিকে, এই ক্ষেত্ৰত কার্য সম্পন্ন হােৱা নাই।
(ঙ) ইঞ্জিন এটাই ট্রেইনখন টানি নিওঁতে শক্তিৰ লগতে গাড়ীখনৰ স্থানৰ সলনি কৰে। গতিকে, এই ক্ষেত্ৰত কার্য সম্পাদন হৈছে।
(চ) সূৰ্যৰ তাপত শস্য শুকোৱা প্রক্রিয়া সূৰ্যৰ তাপ শক্তি ব্যৱহাৰ হৈছে কিন্তু সৰণ ঘটা নাই। গতিকে, এই ক্ষেত্ৰত কার্য সম্পাদন হােৱা নাই।
(ছ) বায়ুশক্তিৰে পালনাও চলা কার্যত বায়ুশক্তি ব্যৱহাৰ কৰি নাওখন গতি কৰিছে আৰু সৰণ ঘটিছে। গতিকে, এই ক্ষেত্ৰত কার্য সম্পাদন হৈছে।

2. ভূমিৰ লগত কোনাে কোণত প্রক্ষেপকৰা বস্তু এটাই বক্র পথেৰে গতি কৰি পুনৰায় ভূমিলৈ উভতি আহিল। বস্তুটোৰ যাত্রাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমিক ৰেখাত অৱস্থিত। মাধ্যাকর্ষণ বলে বস্তুটোৰ ওপৰত কিমান কার্য কৰিলে?

উত্তৰঃ যিহেতু বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একেডাল অনুভূমিক ৰেখাত অৱস্থিত। গতিকে, মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা
কার্য শূণ্য হব।

3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্রক্রিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবােৰৰ বর্ণনা দিয়া।।
উত্তৰঃ বেটেৰী এটাত বৈদ্যুতিক শক্তি সঞ্চিত হৈ থাকে। বাল্ব এটা জ্বলােৱাৰ সময়ত বৈদ্যুতিক শক্তি বৈদ্যুতিক গতিশক্তিলৈ ৰূপান্তৰ হয় আৰু বাল্বটো জ্বলােৱাত সহায় কৰে। বাল্বটোত বৈদ্যুতিক শক্তি ব্যৱহৃত হৈ পােহৰ আৰু তাপ শক্তিলৈ ৰূপান্তৰ হৈছে।

4.  20 kg ভৰৰ ওপৰত প্রযুক্ত কোনাে বলে তাৰ বেগ 5 ms-1 ৰ 2 ms-2 পৰা লৈ পৰিবৰ্তন কৰিলে৷ বলটোৱে সম্পাদন কৰা কাৰ্য নির্ণয় কৰা।
উত্তৰঃ ইয়াত,
ভৰ, m = 20 kg
প্ৰাৰম্ভিক বেগ, u = 5 ms
অন্তিম বেগ, v = 2 ms-1
আমি জানাে যে,
W = ½m(v²-u²)
= ½ x20 (2²-5²)
= 10(4-25)
=10×(-21)
=-210
∴ বলটোৱে সম্পাদন কৰা কাৰ্য 210 J।

5. 10 kg ভৰৰ বস্তু এটা টেবুল এখনৰ A বিন্দুত অৱস্থিত আছিল। ইয়াক B বিন্দুলৈ স্থানান্তৰিত কৰা হ’ল। যদি A আৰু Bক সংযােগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ’ব? তােমাৰ উত্তৰ ব্যাখ্যা কৰা।
উত্তৰঃ 10 kg ভৰৰ বস্তু এটা A বিন্দুৰ পৰা B বিন্দুলৈ স্থানান্তৰ কৰিলে আৰু A আৰু B একেটা সমতলত থাকিলে মাধ্যকর্ষণিক বলে কৰা কাৰ্য শূণ্য হ’ব।

6. মুক্তভৱে অধােগামী বস্তুৰ স্থিতিশক্তি ক্রমান্বয়ে হ্রাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ কৰেনে? কিয় ?
উত্তৰঃ বস্তুটোৱে শক্তিৰ সংৰক্ষণ সূত্ৰৰ নীতি ভংগ নকৰে। কাৰণ, স্থিতিশীল অৱস্থাত থকা বস্তু এটাই মুক্তভাৱে অধােগামী হলে স্থিতিশক্তি হ্রাস পায় আৰু একে পৰিমাণৰ গতিশক্তি বৃদ্ধি পায়। ফলত স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰিত হয়।

7. তুমি চাইকেল চলােৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবােৰ কি কি?
উত্তৰ: চাইকেল চলােৱা সময়ত প্রথমে আমাৰ শাৰিৰীক শক্তি গতিশক্তিলৈ ৰূপান্তৰিত হয় আৰু পিছত চাইকেলৰ টায়াৰ আৰু ৰাস্তাৰ মাজত ঘর্ষণৰ ফলত কিছু পৰিমাণৰ তাপ শক্তিও উৎপন্ন হয়।

8. তুমি প্রকাণ্ড শিল এটা সর্বশক্তিৰে ঠেলাৰ প্রচেষ্টা চলাই বিফল হ’লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে। তুমি ব্যয় কৰা শক্তি কলৈ গ’ল ?
উত্তৰঃ প্রকাণ্ড শিল এটা আমি সর্বশক্তিৰে ঠেলিলে শিলটো লৰচৰ নকৰিলেও শক্তিৰ পৰিবর্তন হয়। এই ক্ষেত্ৰত প্ৰয়ােগ কৰা শক্তি শিল টুকুৰালৈ স্থিতিশক্তিৰূপে পৰিবর্তিত হয়।

9. কোনাে এটা ঘৰত এমাহত মুঠ 250 ইউনিট’ শক্তি ব্যয় হয়। এই শক্তি জুল এককত কিমান হ’ব?

উত্তৰঃ ইয়াত,
1 unit = 1 kWh
250 unit = 250 kWh
= 250 kW × 1h
=250×1000×3600s
=250000 × 3600 J
= 90,00,00,000 J
= 9 x 108 J

কাৰ্য আৰু শক্তি class 9 question answer

10. 40 kg ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 m ওপৰলৈ উঠোৱা হ’ল। ইয়াৰ স্থিতিশক্তি কিমান হ’ব? যদি বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্ব অতিক্রম কৰাৰ মূহুৰ্তত তাৰ গতিশক্তি উলিওৱা।
উত্তৰ: ইয়াত,
বস্তুটোৰ ভৰ, m = 40 kg
ভূমিৰ পৰা বস্তুটোৰ উচ্চতা, h = 5 m
. স্থিতিশক্তি, Ep =mgh
= 40kg ×10 ms²× 5m

= 2000 J
আকৌ,
আধাখিনি দূৰত্ব অতিক্রম কৰাৰ পিছত বস্তুটোৰ গতিশক্তি-
Ek = ½ mgh
= ½ ×40kg × 10 ms-²× 5m
= 1000 J

11. পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাত মাধ্যাকর্ষণিক বলে কিমান কার্য সম্পন্ন কৰে? তােমাৰ উত্তৰ যুক্তিৰে প্রতিপন্ন কৰা।
উত্তৰ: পৃথিৱীৰ চাৰিওফালে ঘুৰি থকা উপগ্রহ এটাৰ মাধ্যাকর্ষণিক বলে কৰা কাৰ্য শূণ্য হব। কাৰণ, পৃথিৱীৰ কেন্দ্ৰৰ পৰা এটা নির্দিষ্ট উচচতালৈ মাধ্যাকর্ষণিক বলে ক্রিয়া কৰে। উপগ্রহবােৰ মাধ্যাকর্ষণিক বলৰ ক্ষেত্ৰৰ বাহিৰত অৱস্থান কৰে। যত মাথাে মহাকর্ষণিক বলেহে ক্রিয়া কৰিব পাৰে।

12. বস্তুৰ ওপৰত বল প্রয়ােগ নােহােৱাকৈ তাৰ সৰণ হ’ব পাৰনে? চিন্তা কৰা।তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধৱ আৰু শিক্ষকৰ সৈতে আলােচনা কোনাে বস্তুৰ ওপৰত বল প্রয়ােগ
উত্তৰঃ কোনাে বস্তুৰ ওপৰত বল প্রয়ােগ নকৰালৈকে বস্তুটোৰ সৰণ নঘটে। কাৰণ, বস্তু এটাৰ সৰণ হ’বলৈ হ’লে তাৰ স্থানৰ সলনি হ’ব লাগে যিটো বল প্রয়ােগৰ অবিহনে সম্ভৱ নহয়। কিন্তু মাধ্যাকর্ষণিক বলৰ পৰিসৰৰ বাহিৰত থকা বস্তুৰ সৰণ হব পাৰে। এই ক্ষেত্ৰত মহাকর্ষণিক বলে ক্রিয়া কৰে।

13. মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধাঘণ্টা ৰৈ থাকি ভাগৰ অনুভৱ কৰিলে। তেওঁ কিবা কার্য কৰিলেনে? তােমাৰ উত্তৰ যুক্তিৰে প্রতিপন্ন কৰা।
উত্তৰঃ মানুহজনে কোনাে ধৰণৰ কার্য কৰা নাই। কাৰণ, কার্য সম্পাদন হ’বলৈ হ’লে সৰণ হােৱাটো একান্ত প্রয়ােজন। কিন্তু এই ক্ষেত্ৰত মানুহজনৰ শক্তি খৰচ হৈছে কিন্তু সৰণ হােৱা নাই। গতিকে, তেওঁ কোনাে ধৰণৰ কাৰ্য কৰা নাই।

14. এটা বৈদ্যুতিক ইস্ত্রি ক্ষমতা 1500 ৱাট। 10 ঘন্টাত ই কিমান শক্তি ব্যয় কৰিব?
উত্তৰঃ ইয়াত,
ইস্ত্ৰিটোৰ ক্ষমতা,W=1500
সময়, t=10h
∴ E= P ×t
= 1500 x 10
= 15000
= 15 kWh

15. দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হােৱা শক্তিৰ ৰূপান্তৰবােৰ আলােচনাৰ যােগেদি শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ ব্যাখ্যা কৰা। পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থাপ্রাপ্ত কিয় হয়? অৱশেষত ইয়াৰ শক্তিখিনিৰ কি হয় ? ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ কৰে নেকি?
উত্তৰঃ দোলক এটা এফালে টানি নি এৰি দি দুলিবলৈ দিলে শক্তিৰ ৰূপান্তৰ হয়। দোলক পিণ্ডটো প্রথম অৱস্থাত স্থিতিশক্তি আৰু এৰি দিয়াৰ পিছত গতিশক্তিলৈ ৰূপান্তৰিত হয়। এই ঘটনাটো কেইবাবাৰাে হােৱাৰ পিছত বায়ুৰ লগত হােৱা ঘৰ্ষণৰ ফলত দোলক পিণ্ডটো স্থিতিশীল অৱস্থাপ্রপ্ত হ’ব। গতিকে, এই ক্ষেত্ৰত স্থিতিশক্তি গতিশক্তিলৈ আৰু গতিশক্তি স্থিতিশক্তিলৈ ৰূপান্তৰিত হয়।যিয়ে শক্তিৰ সংৰক্ষণ সূত্ৰটো মানি চলে।

16. m ভৰৰ বস্তু এটাই স্থিৰ বেগ v ৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিমান কার্য কৰিব লাগিব ?
উত্তৰঃ m ভৰৰ বস্তু এটাই স্থিৰ বেগ v ৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কৰিব লগা কার্য হল-
W = ½ mv²

17. 60 kmh-1 বেগেৰে গৈ থকা 1500kg ভৰৰ গাড়ী এখন ৰখাবলৈ কিমান কার্য কৰিব লাগিব উলিওৱা।

উত্তৰঃ ইয়াত,
গাড়ীখনৰ ভৰ, m = 1500 kg
বেগ,ν = 60 kmh-1

= 60×1000/60×60

= 60000/3600
= 16.67 ms-1
আমি জানাে যে,
কার্য, W = ½ mv²
= ½ x 1500 x (16.67)²
= 208416.675 J

18. তলৰ প্ৰতিটোতে m ভৰৰ বস্তু এটাত F বল প্রয়ােগ কৰা হৈছে। দীঘল কাড়েৰে ইয়াৰ সৰণৰ দিশ পশ্চিমৰ পৰা পূৱলৈ বুলি দেখুওৱা হৈছে৷ চিত্ৰবােৰ ভালদৰে মন কৰা আৰু বলে সম্পাদন কৰা কাৰ্য ঋণাত্মক, ধনাত্মক নেশূণ্য ঠাৱৰ কৰা।

উত্তৰঃ (i) প্রথম ক্ষেত্ৰত কার্য শূণ্য হব।
(ii) দ্বিতীয় ক্ষেত্ৰত কার্য ধণাত্মক হ’ব।
(iii) তৃতীয় ক্ষেত্ৰত কার্য ঋনাত্মক হ’ব।

19. চনীয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্রিয়াশীল হৈ থকা অৱস্থাতাে তাৰ ত্বৰণ শূণ্য হ’ব পাৰে। তাইৰ সৈতে তুমি সহমতনে? কিয়?
উত্তৰঃ চনীৰ উক্তিটো সত্য। কাৰণ, এটা বস্তুৰ ওপৰত সকলােফালৰ পৰা একে পৰিমাণৰ বল প্রয়ােগ কৰিলে তাৰ ত্বৰণ শূণ্য হ’ব। এই ক্ষেত্ৰত বস্তুটোৰ কোনাে ধৰণৰ সৰণ নহয়।

20. চাৰিটা সঁজুলিৰ প্ৰতিটোৰ ক্ষমতা 500W হ’লে আৰু সঁজুলি কেইটা 10 ঘণ্টা সময়ৰ বাবে চলি থাকিলে ব্যয় হােৱা শক্তি এককত প্রকাশ উলিওৱা।
উত্তৰঃ ইয়াত,

  ক্ষমতা, P = 500 W = 0.5 kw
সময়, t = 10 h
প্রতিটো সঁজুলিত ব্যয় হােৱা শক্তি-
E = P x t
= 0.5 × 10
= 5 kWh
4 টা সঁজুলিত ব্যয় হােৱা মুঠ শক্তি = 4×5 = 20 kWh

21. মুক্তভাৱে অধােগামী বস্তুবােৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়। ইহঁতৰ গতিশক্তিৰ কি দশা হ’ব?
উত্তৰঃ এই ক্ষেত্ৰত গতিশক্তি স্থিতিশক্তিলৈ ৰূপান্তৰিত হ’ব।

কাৰ্য আৰু শক্তি class 9 question answer অতি চমু প্রশ্নোত্তৰ

প্রশ্নঃ গতিশক্তি প্রকাশ ৰাশিটো কি?
উত্তৰঃ E = ½mv²

প্রশ্ন : স্থিতিশক্তি প্রকাশ ৰাশিটো কি?
উত্তৰঃ U = mgh,

প্রশ্ন : এটা ইঞ্জিনে প্রতি ছেকেণ্ডত 746 জুল কার্য কৰিব পাৰে। ইয়াৰ ক্ষমতা কিমান?
উত্তরঃ1বাট।

প্রশ্ন: পেট্রল পুৰিলে কি শক্তিৰ উদ্ভৱ হয় ?
উত্তৰ : পেট্রল পুৰিলে তাপ শক্তিৰ উদ্ভৱ হয়।

প্রশ্ন : মাধ্যাকর্ষণৰ প্ৰভাৱত বস্তু এটাই কোনাে উচ্চতৰ পৰা তললৈ পৰিছে। এই অধােমুখী গতিৰ সময়ত ইয়াৰ শক্তিৰ কি হয়?
উত্তৰ: শক্তি একেই থাকিব।

প্রশ্ন : 50 কি. গ্রা. ভবিশিষ্ট এটা বস্তু ভূমিৰ পৰা 1 মিটাৰ ওপৰলৈ তুলিলে কৰা কাৰ্যৰ পৰিমাণ কিমান হ’ব ?
উত্তৰ : 400 জুল।

প্রশ্ন : ৰৈ থকা বস্তু এটাৰ গতি শক্তি কিমান?
উত্তৰ: শূন্য।

প্রশ্ন : এটা বস্তুৰ ভৰ 1 কি, গ্রা. হলে ইয়াৰ ওজন কিমান হ’ব?
উত্তৰ: 9.8 নিউটন।

প্রশ্ন : এক অশ্বক্ষমতাত কিমান বাট ?
উত্তৰ : 746 ৱাট।।

প্রশ্ন : বস্তু এটা h’ উচ্চতাৰ পৰা মাটিত পৰিবলৈ দিলে ক’ত গতি শক্তি আৰু স্থিতিশক্তি একে হ’ব?
উত্তৰ : উচ্চতাত গতি শক্তি আৰু স্থিতি শক্তি সমান হয়।

প্রশ্ন : ধনুৰ গুণত কি শক্তি নিহিত হৈ থাকে?
উত্তৰঃ স্থিতি শক্তি।

প্রশ্ন : পৰমাণু কেন্দ্ৰত নিহিত হৈ থকা শক্তিটো কি?
উত্তৰ: নিউক্লিয় শক্তি।

প্রশ্ন : 0.12 কি. গ্রা. ভৰৰ ৰাইফলৰ গুলী এটা ছেকেণ্ডত 200 বেগেৰে ওলাই গ’লে ইয়াৰ গতি শক্তি কিমান হ’ব ?
উত্তৰ: 2400 জুল।।

প্রশ্ন : গাড়ী এখনৰ গতিবেগ দুগুণ কৰিলে ইয়াৰ গতিশক্তি কিমান হ’ব?
উত্তৰ ঃ চাৰিগুণ।

প্রশ্ন : v বেগেৰে গতি কৰি থকা m ভৰৰ বস্তুটোৰ শক্তি কিমান? বস্তুটো ৰৈ গ’লে। ইয়াৰ মান কিমান?
উত্তৰ: v বেগেৰে গতি কৰা m ভৰৰ বস্তুটোৰ গতি শক্তিৰ মান হ’ব, E = ½mv².
বস্তুটো ৰৈ গ’লে v = 0
∴ গতি শক্তি মান, E = ½ m ×0² = 0.

প্রশ্ন : নিউক্লিয় শক্তি কাক বােলে? ই কি কাৰণে গুৰুত্বপূর্ণ।
উত্তৰ : নিউক্লিয় শক্তি (Nuclear energy) : উচ্চ পাৰমাণৱিক ভবিশিষ্ট মৌলৰ পৰমাণু ভাঙি দুটা বা অধিক পাত নিউক্লিয়াছৰ সৃষ্টি হােৱাত বা নিম্ন পাৰমাণৱিক ভৰ বিশিষ্ট দুটা বা অধিক নিউক্লিয়াছ লগ হৈ এটা গধুৰ নিউক্লিয়াছৰ সৃষ্টি হােৱাত যি শক্তিৰ
উদ্ভৱ হয়, তাকে নিউক্লিয় শক্তি বােলে।
এই শক্তিৰ গুৰুত্ব এইয়ে যে, প্রচলিত শক্তিৰ উৎস যেনে, পেট্রলিয়ামৰ পৰা উদ্ভর। হােৱা ইন্ধন’ বা খনিজ ইন্ধন কয়লা আদিৰ ভাল এটা সময়ত উদং হােৱাৰ সম্ভাৱনা অধিক। প্রচলিত ইন্ধনৰ পৰা পােৱা শক্তিৰ তুলনাত নিউক্লিয় শক্তিৰ প্রাচুর্যতাৰ সম্ভাৱনাও অধিক। ফলত এই শক্তিৰ অভাব ঘটে। গতিকে এইবােৰ কাৰণতে ই অধিক গুরুত্বপূর্ণ।

Class 9 Science Chapter 11 Question Answer In Assamese

প্রশ্ন : গতি শক্তি আৰু স্থিতি শক্তি কাক বােলে উদাহৰণসহ বুজাই লিখা।
উত্তৰ :(ক) স্থিতি শক্তি :বস্তুৰ স্থান আৰু “আকৃতিৰ পৰিৱৰ্তন অনুসৰি সৃষ্টি হােৱা শক্তিক স্থিতি শক্তি বােলে। স্থিতি শক্তি বস্তু এটাৰ স্থিৰ অৱস্থাত অন্তর্নিহিত শক্তি।।
ইয়াৰ জোখ হল W =mgh
উদাহৰণ: (i) মাটিৰ ওপৰৰ পৰা চিলিং এখনত তুলি থৈ দিয়া বস্তুটোত নিহিত শক্তি স্থিতি শক্তি।
(ii) ধনুৰ গুণত নিহিত শক্তি অথবা ঘড়ীৰ প্ৰিঙত নিহিত শক্তি স্থিতি শক্তিৰ উদাহৰণ।
(খ) গতি শক্তিঃ বস্তুৰ গতিৰ ফলত সৃষ্টি হােৱা শক্তিয়েই গতি শক্তি। m ভৰৰ বস্তুটো v বেগেৰে গতি কৰিলে তাৰ গতি শক্তিৰ মান (E) = mv²
উদাহৰণঃ গৈ থকা মটৰ গাড়ী এখনৰ শক্তি, ৰাইফলৰ গুলী, খৰস্রোতা নদীৰ পানী ইত্যাদিৰ শক্তি গতি শক্তি।
যদি বস্তুটো স্থিৰ অৱস্থাত থাকে তাৰ, v = 0.
গতিকে, E == m x 0² = 0. অর্থাৎ স্থিৰ অৱস্থাৰ বস্তুৰ গতি শক্তি শূন্য।

প্রশ্ন : যান্ত্রিক শক্তি কি? বস্তু এটাৰ ভৰ দুগুণ কৰি বেগ আধা কৰিলে গতিশক্তিৰ কিবা পৰিবৰ্তন হ’বনে? গাণিতিকভাৱে দেখুওৱা।
উত্তৰঃ যান্ত্রিক শক্তি ৪ বস্তুৰ অৱস্থান আৰু আকৃতিৰ পৰিবৰ্তনৰদ্বাৰা সৃষ্টি কৰা শক্তিকে যান্ত্রিক শক্তি বােলে। গতিশক্তি আৰু স্থিতিশক্তিক একে লগে যান্ত্রিক শক্তি বােলে।
ধৰাহ’ল বস্তুটোৰ ভৰ = m
বেগ = v; গতিকে গতিশক্তি = ½mv² = E1
যদি ভৰ = 2m আৰু বেগ = ½v হয়,
তেন্তে গতি শক্তি E2 = ½(2m) × (½v)²
=m×¼v²
= ½(½mv²)
=½E1 হ’ব।
গতিশক্তি আগৰ গতিশক্তিৰ আধা হ’ব।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...