js

Friday, April 4, 2025

SEBA Class X Social Science Chapter 1 Question and Answers

 

প্রথম খণ্ড  ইতিহাসঃ বংগ বিভাজন ( ১৯০৫-১৯১১ ) আৰু স্বদেশী আন্দোলন

 

প্রশ্ন ১। চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা কি আছল? 

উত্তৰঃ বংগ বিভাজন।

প্রশ্ন ২। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্রাম কি?

উত্তৰঃ বংগ ভংগ বিৰোধী আন্দোলন।

প্রশ্ন ৩। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ মোগল সম্রাট শাহ আলম আৰু ৰবাট ক্লাইবৰ মাজত।

প্রশ্ন ৪। ৰংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি? 

উত্তৰঃ অসম আৰু বংগ প্ৰদেশ।

প্রশ্ন ৫। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত।

প্রশ্ন ৬। কিমান চনত লৰ্ড কার্জনে পূৰ্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল?

উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত।

প্রশ্ন ৭। পূৰ্ববংগ আৰু অসমক লগ লগাই কোনে এখন নতুন জিলা গঠন কৰিছিল? 

উত্তৰঃ লর্ড কার্জনে।

প্রশ্ন ৮। ৰেগুলেটিং এক্টৰ জৰিয়তে কোন দুজন গৱৰ্ণৰক ফৰ্ট উইলিয়াম গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল?

উত্তৰঃ বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰক।

প্রশ্ন ৯। বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল? 

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল পদলৈ।

প্রশ্ন ১০। ব্ৰিটিছে ভাৰতৰ প্ৰশাসন ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ বাবে কেতিয়া ব্যৱস্থা হাতত লৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছৰ পৰা ।

 

Multiple Choice Questions & Answers

1. বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক 

(a) অমৰ নাথ। 

(b) গিৰীশ কুমাৰ। 

(c) অমৃত প্রভা। 

(d) অম্বিকাগিৰি ৰায় চৌধুৰী। 

উত্তৰঃ (d) অম্বিকাগিৰি ৰায় চৌধুৰী।

2. ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল

(a) ২৬ জানুৱাৰী। 

(b) ১৬ অক্টোবৰ। 

(c) ১৫ আগষ্ট।

(d) ১৪ মার্চ। 

উত্তৰঃ (b) ১৬ অক্টোবৰ।

3. ‘পূর্ব বংগ আৰু অসমনামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল 

(a) শ্বিলঙত। 

(b) পাকিস্তানত। 

(c) বংগদেশত। 

(d) ঢাকাত। 

উত্তৰঃ (d) ঢাকাত। 

4. কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল 

(a) লর্ড মিন্টো।

(b) লর্ড হামিল্টন। 

(c) লর্ড নেথানিয়েল কার্জন। 

(d) লর্ড ৰিপণ। 

উত্তৰঃ (c) লর্ড নেথানিয়েল কার্জন। 

5. ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয় 

(a) দিল্লীক।

(b) বাংলাদেশক। 

(c) বংগদেশক। 

(d) ঢাকাক। 

উত্তৰঃ (c) বংগদেশক। 

6. ‘যুগান্তৰনামৰ সংবাদ পত্ৰখন সম্পাদনা কৰিছিল 

(a) অমৃতলাল। 

(b) ভূপেন্দ্রনাথ দত্ত। 

(c) অৰবিন্দ ঘোষ। 

(d) মহিৰাম বসু।  

উত্তৰঃ (b) ভূপেন্দ্রনাথ দত্ত। 

7. বংগদেশৰ একত্ৰীকৰণ হৈছিল

(a) ১৯১০ খ্ৰীঃৰ ২২ ডিচেম্বৰত।

(b) ১৯১১ খ্রীঃৰ ১২ ডিচেম্বৰত।

(c) ১৯১২ খ্রীঃৰ ২ ডিচেম্বৰত।

(d) ১৯১৩ খ্রীঃৰ ২২ ডিচেম্বৰত।

উত্তৰঃ (b) ১৯১১ খ্রীঃৰ ১২ ডিচেম্বৰত।

8. বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল  

(a) ১৯০২ চনৰ ৫ আগষ্ট। 

(b) ১৯০৩ চনৰ ২৬ আগষ্ট। 

(c) ১৯০৪ চনৰ ১৫ আগষ্ট। 

(d) ১৯০২ চনৰ ৫ মার্চ। 

উত্তৰঃ (d) ১৯০২ চনৰ ৫ মার্চ। 

9. ‘বেংগল কেমিকেলছনামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ

(a) আচাৰ্য প্ৰফুল্ল ৰায়। 

(b) অমৃতলাল বসু। 

(c) গিৰীশ ঘোষ।

(d) খীৰোদ প্ৰসাদ। 

উত্তৰঃ (a) আচাৰ্য প্ৰফুল্ল ৰায়। 

10. ‘বংগলক্ষী কটন মিলনামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ 

(a) অম্বিকাগিৰী ৰায় চৌধুৰী। 

(b) নীলৰতন চৰকাৰ। 

(c) ভূপেন্দ্ৰ নাথ।

(d) লর্ড মিন্টো। 

উত্তৰঃ (b) নীলৰতন চৰকাৰ। 

11. অসম নামৰ প্ৰদেশখন গঠন হৈছিল

(a) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(b) ১৮৮৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(c) ১৮৮৫ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(d) ১৮৮৭ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

উত্তৰঃ (a) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

12. ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূব বংগ আৰু অসমনামৰ প্ৰদেশখনৰ জনসংখ্যা হ

(a) ৫ কোটি ১০ লাখ।

(b) ৪ কোটি ১০ লাখ।

(c) ৩ কোটি ১০ লাখ। 

(d) ৬ কোটি ১০ লাখ। 

উত্তৰঃ (c) ৩ কোটি ১০ লাখ।

13. ‘বন্দে মাতৰমসংবাদপত্ৰৰ সম্পাদক

(a) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।

(b) বংকিমচন্দ্র চট্টোপাধ্যায়।

(c) ৰবীন্দ্ৰনাথ ঠাকুৰ। 

(d) ঋষি অৰবিন্দ ঘোষ। 

উত্তৰঃ (d) ঋষি অৰবিন্দ ঘোষ। 

14. কাৰ নেতৃত্বত ছাত্র সংসদগঠন হৈছিল 

(a) ৰবীন্দ্ৰ নাথ ঠাকুৰ।

(b) অমৃত লাল বসু। 

(c) অমৰেন্দ্ৰ নাথ। 

(d) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।

উত্তৰঃ (d) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।

15. স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰমথনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ

(a) জয় সংগীত। 

(b) জাপানী বীচ।

(c) কেশৰী। 

(d) যুগান্তৰ। 

উত্তৰঃ (a) জয় সংগীত। 

16. স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ

(a) ৩৩ টা।

(b) ১৮ টা।

(c) ২৩ টা। 

(d) ২২ টা।

উত্তৰঃ (c) ২৩ টা। 

17. মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ 

(a) মহম্মদ আলি জিন্না।

(b) নবাব ছলিমউল্লা। 

(c) হেমপ্রভা মজুমদাৰ।

(d) নবাব ইকবাল। 

উত্তৰঃ (b) নবাব ছলিমউল্লা। 

18. “শাসন আৰু শোষণ একে লগে চলাই যোৱা হ” – কথাষাৰ কোনে কৈছিল 

(a) ৰবাৰ্টচনে।

(b) লর্ড কার্জনে। 

(c) লর্ড হেমিল্টনে। 

(d) ডেভিদ স্কটে।

উত্তৰঃ (b) লর্ড কার্জনে।

19. ১৯০৭ খ্ৰীষ্টাব্দৰ ২১ নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাবিংশতম অধিবেশনৰ সভাপতি আছিল

(a) দাদাভাই নৌৰজী।

(b) চৌকত আলি। 

(c) গোপাল কৃষ্ণ গোখলে।

(d) লালা লাজপত ৰায়।  

উত্তৰঃ (a) দাদাভাই নৌৰজী।

20. ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল

(a) ১৯১১ চনত।

(b) ১৯১০ চনত।

(c) ১৯০৮ চনত। 

(d) ১৯০১ চনত। 

উত্তৰঃ (c) ১৯০৮ চনত।

 

অতি চমু প্রশ্ন উত্তৰ

১। বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?

উত্তৰঃ বংগবিভাজন ভাইচৰয় লর্ড নেথানিয়েল কার্জনৰ শাসনকালত সংঘটিত হৈছিল। 

২। ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল ?

উত্তৰঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ  বিভাজন কার্যকৰী কৰা হৈছিল ।

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল ?

উত্তৰঃ ১১০৫ চনৰ ২০ জুলাইত দিনাজপুৰত অনুষ্ঠিত হোৱা বিশাল সভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্রহণ কৰা হৈছিল ।

৪। স্বদেশী আন্দোলনৰ সময়ছােৱাত যুগান্তৰনামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল ?

উত্তৰঃ  স্বদেশী আন্দোলনৰ সময়ছােৱাত যুগান্তৰনামৰ সংবাদপত্ৰখনৰ সম্পাদনা কৰিছিল ভূপেন্দ্রনাথ দত্ত। 

৫। বংগদেশত জাতীয় শিক্ষা পৰিষদনামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?

উত্তৰঃ বংগদেশত জাতীয় শিক্ষা পৰিষদনামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল- ১৯০৬ খ্রীষ্টাব্দৰ ১১ মার্চ তাৰিখে।  

৭। বেংগল কেমিকেলছনামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?

উত্তৰঃ বেংগল কেমিকেলছনামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল- আচার্য প্রফুল্ল ৰায় । 

৮। কাৰ পৌৰােহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজবিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ  দাদাভাই নৌৰজীৰ পৌৰােহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনত ভাৰতীয়ৰ বাবে স্বৰাজবিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰঃ ১৯১১ খ্রীষ্টাব্দৰ ১২ ডিচেম্বৰত বংগদেশৰ একত্ৰিকৰণ  হৈছিল ।

চমু প্রশ্ন উত্তৰ

১। বংগ বিভাজনে সৃষ্টিকৰা পূর্ববংগ আৰু অসমনামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা

উত্তৰঃ বংগ বিভাজনে সৃষ্টিকৰা পূর্ববংগ আৰু অসমনামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হল- ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী ।

২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ।

উত্তৰঃ  ব্রিটিছ চৰকাৰে প্ৰশাসনীয় সুবিধা প্রাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য আছিল যদিও ইয়াৰ অন্তর্নিহিত উদ্দেশ্য আছিল

(ক) বংগ প্রদেশত দ্রুতভাৱে উন্মেষ হােৱা জাতীয়তাবাদৰ ঢৌ আৰু দেশপ্ৰেমক প্রতিৰোধ কৰা। বংগ প্রদেশক জাতীয়তাবাদৰ প্রাণকেন্দ্র হিচাপে বিবেচনা কৰা হৈছিল।

(খ) ব্রিটিছ চৰকাৰে ভাৰতবৰ্ষত এক সুস্থিৰ শাসন বজাই ৰাখিবলৈ ক্পোন প্ৰথমে হিন্দুমুছলমানৰ মাজত বিৰোধ আনি একতা বিনষ্ট কৰা ।

(গ) বংগদেশক এনেদৰে দুভাগত কৰিব বিচাৰিছিল যাতে এফালে হিন্দু সকলক সংখ্যালঘুত পৰিণত হয় আৰু আনফালে আনখন প্ৰদেশত মুছলমান সকল সংখ্যালঘুত পৰিণত হয়। এই দুয়োটা সম্প্ৰদায় একেলগ হৈ ব্ৰিটিছ চৰকাৰলৈ ভাবুকি সৃষ্টি কৰিব নোৱাৰে।

(ঘ) কংগ্ৰেছ দলৰ ব্রিটিছ বিৰােধী চৰমপন্থীসকলক নিয়ন্ত্রণ কৰা আন এটা উদ্দেশ্য আছিল।

৩। বংগ বিভাজনবিৰোধী আন্দোলনে স্বদেশী আন্দোলননাম কিয় পাইছিল চমুকৈ লিখা ।

উত্তৰঃ ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰত ব্রিটিছ কর্তৃপক্ষই বংগবাসীৰ বিপৰীতে বংগ বিভাজনৰ প্রস্তাৱ উত্থাপন কৰিছিল। সেই সময়ত সুৰেন্দ্রনাথ বেনার্জী, বিপিন চন্দ্র পাল, অৰবিন্দ ঘােষ, ৰবীন্দ্রনাথ ঠাকুৰ, ৰাসবিহাৰীবসু আদি নেতাসকলে বংগ প্ৰদেশত তীব্রভাৱে বংগ বিভাজনবিৰােধী আন্দোলন গঢ়ি তুলিছিল । তেওঁলােকে অনুভৱ কৰিব পাৰিছিল যে প্রদেশখনত বিৰাজ কৰা হিন্দু মুছলমানৰ একতা বিনষ্ট কৰিবলৈহে এই প্রয়াস কৰা হৈছিল । তেওঁলােকে তীব্র জনমত গঠনৰ উদ্দেশ্যে আৰু জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে স্বাক্ষৰ সংগ্রহৰ অভিযান আৰম্ভ কৰিছিল ।

তেওঁলােকে ভাৰত সচিবৰ ওচৰত ৭০,০০০ স্বাক্ষৰ থকা প্রতিবাদপত্র অৰ্পণ কৰিছিল যদিও ব্রিটিছ চৰকাৰ আঁকোৰগােজ ধৰি আছিল । জনসাধাৰণে ব্রিটিছ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে প্রবল প্রতিবাদী কাৰ্যসূচী আৰু অসন্তুষ্টি গঢ়ি তুলিছিল । ব্রিটিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বংগদেশত তীব্র জাতী়য়তাবাদৰ অৱতাৰণা হৈছিল । জাতি বর্ণ নির্বিশেষে সকলাে লােকে এই আন্দোলনত যােগদান কৰিছিল। জাতীয় কংগ্ৰেছৰ নেতাসকলে এই নতুন গণ আন্দোলনৰ বৃহৎ সম্ভাৱনা উপলব্ধি কৰি ইয়াক জাতীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।

১৯০৫ চনৰ ডিচেম্বৰত বাৰাণসীত অনুষ্ঠিত হোৱা অধিৱেশনত তেওঁলােকে বিভাজন বিষয়টোৰ উধ্বলৈ গতি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল। এই নতুন আন্দোলনক স্বদেশী আন্দোলন বুলি অভিহিত কৰা হৈছিল । বংগবিচ্ছেদৰ সীমা অতিক্রম কৰিছিল আৰু সমগ্র দেশৰ মানুহে বিদেশী বস্তু বর্জন, স্বদেশী বস্তু গ্রহণ আৰু চৰকাৰ প্রদত্ত খিতাপ আৰু পদবী প্রত্যাহাৰৰ ধাৰণা আকোৱালি লৈছিল । এনেদৰে , ব্রিটিছৰ বিৰুদ্ধে হােৱা এই আন্দোলনৰ পৰ্যায়টোক স্বদেশী আন্দোলনবুলি অভিহিত কৰা হৈছিল ।

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলােচনা কৰা

উত্তৰঃ  স্বদেশী আন্দোলনৰ এটা বৃহৎ অৱদান আছিল ই বংগদেশৰ জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ ইছিল । এই আন্দোলনে ছাত্র সমাজৰ মনােযােগ আকর্ষণ কৰিছিল আৰু বহুতাে ছাত্রই স্বদেশী আন্দোলনত সক্রিয়ভাৱে অংশ গ্রহণ কৰিছিল । ইয়াৰ পৰিণতিত বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে ১৯০৫ চনৰ ১০ অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰ বিৰােধী আন্দোলনত অংশ গ্রহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্রভাৱে প্রতিবাদ সাব্যস্ত কৰিছিল  আৰু শ্রেণীকোঠা ত্যাগ কৰাৰ কাৰ্যসূচী গ্রহণ কৰিছিল। ১৯০৫ চনৰ ৪ নৱেম্বৰত চৰকাৰৰ অন্যার্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাৱেশ সংগঠিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নির্দেশনা অমান্য কৰিবলৈএন্টি চার্কুলাৰ ছচাইটি গঠন কৰিছিল । 

বিপিন চন্দ্র পাল, ৰবীন্দ্রনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছিল। সতীশ চন্দ্র মুখার্জীয়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাৰুদাস বেনাৰ্জীৰ সহযোগতডন ছচাইটিনামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিছিল । এই ছচাইটিয়ে কার্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪ ) আৰু কাৰ্লাইয়ৰ জাননী ( ১৯০৫ ) সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল । এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল । ১৯০৫ খ্রীষ্টাব্দত ৰবীন্দ্রনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত বংগ জাতীয় বিদ্যালয়নামেৰে দুখন শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে । ৰবীন্দ্রনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্রদেশত বহুতাে বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰিছিল।ৰাসবিহাৰী বসুৰ নেতৃত্বত ১৯০৬ খ্রীষ্টাব্দত কলিকতাৰ টাউন হলত জাতীয় শিক্ষা পৰিষদগঠনকৰা হৈছিল।

১৯০৬ খ্রীষ্টাব্দৰ ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয় । এনেদৰে স্বদেশী আন্দোলনৰ সময়ছেৱাত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক বিদ্যালয় স্থাপন হৈছিল । এই সময়ছােৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হৈছিল যি পৰবৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ পৰিবৰ্তিত হৈছিল । একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন ঠাইত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় স্থাপন হৈছিল । ইয়াৰে কেইখনমান হৈছে- বিহাৰ বিদ্যাপীঠ ( পাটনা ), সমর্থ বিদ্যালয় ( মহাৰাষ্ট্র ) আৰু গুজৰাট বিদ্যালয় ( গুজৰাট ) ।

৫। স্বদেশী আন্দোলনৰ সময়ছােৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?

উত্তৰঃ স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতা বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশৰ পথ অনুকূল হৈছিল । বিদেশী বস্তু বর্জনৰ মানসিকতা গঢ়ি উঠাত মানুহে স্থানীয়ভাৱে নির্মিত বস্তুৰ প্রতি হাবিয়াহ কৰিছিল । ইয়াৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান আৰু বহুতাে ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছিল । সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবােন, চেনি, জুইশলা, বিস্কুট আদিৰ উদ্যোগ স্থাপন হৈছিল । এই সময়ছােৱাতে জাতীয় বেংক আৰু জাতীয় বীমা প্রতিষ্ঠান গঢ়ি উঠিছিল।

এই সময়ছােৱাত প্রতিষ্ঠা হােৱা এটা প্রতিষ্ঠান আছিল স্বদেশী ভাণ্ডাৰযি পৰৱর্তী পর্যায়ত এক উল্লেখযােগ্য বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল। ইয়াক ৰবীন্দ্রনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল । যোগেশ চন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ যৌথ প্রচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰছস্থাপিত হৈছিল । কলিকতাৰ কর্ণৱালিছ ষ্ট্রীটত সৰলা দেৱী চৌধুৰীয়ে লক্ষী ভাণ্ডাৰ স্থাপন কৰিছিল । এই সময়ছােৱাতে ইউনাইটেড বেংগল ষ্টোৰছস্থাপিত হৈছিল । ১৯০৬ খ্রীষ্টাব্দৰ আগষ্ট মাহত নীলৰতন চৰকাৰে বংগলক্ষী কটন মিলস্থাপন কৰিছিল ।

আনহাতে ১৯০৬ খ্রীষ্টাব্দৰ জুলাই মাহত আচার্য প্রফুল্ল ৰায়ে বেংগল কেমিকেলছ নামৰ উদ্যোগটো স্থাপন কৰিছিল। ১৯০৭ খ্রীষ্টাব্দত জামছেদপুৰত জামছেদজী টাটাৰ দ্বাৰা টাটা লৌহ শিল্প কাৰখানাৰ স্থাপন অন্য এক উল্লেখনীয় পদক্ষেপ আছিল। ১৯০৫ খ্রীষ্টাব্দৰ ১৭ ডিচেম্বৰত আৰ চি দাসৰ পৌৰােহিত্যত পােন প্রথমবাৰৰ বাবে বাৰাণসীত ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনত স্বদেশী উদ্যোগৰ সম্ভাৱনীয়তা সম্পর্কে ভাৰতীয় লােকসকলক সজাগ কৰিছিল । এনেদৰে, স্বদেশী আন্দোলনে দেশৰ ঔদ্যোগিক বিকাশত অনুপ্রাণিত কৰিছিল ।

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰােধী কার্যসূচী গ্রহণ কৰিছিল ?

উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশে ব্রিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলন বিৰােধী কার্যসূচীসমূহ আছিল-

( ক ) ব্রিটিছ চৰকাৰে জাতীয় কংগ্রেছৰ উদাৰপন্থী নেতাসকলক ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি , পদক আৰু পদ যাচিছিল যাতে তেওঁলােকে চৰকাৰৰ ক্রিয়াকলাপত সহযােগিতা কৰে। উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ , ভাইচৰয় পৰিষদৰ সদস্য পদ , ব্রিটিছ সংসদ সদস্যপদ যচা হৈছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জী , গােপাল কৃষ্ণ গােখলে , বিপিন চন্দ্র পাল প্রমুখ্যে কংগ্ৰেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু তেওঁলােকে ব্ৰিটিছ চৰকাৰে আগবঢ়োৱা প্রস্তাৱ প্রত্যাখ্যান কৰিছিল । 

( খ ) ব্রিটিছ চৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল কিয়নো তেওঁলােকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্রতি বিৰােধ প্রদর্শন কৰাৰ উদ্দেশ্যে মুছলমানসকলক এটা ৰাজনৈতিক দল গঠন কৰিবলৈ উৎসাহিত কৰি তুলিছিল । এই ক্ষেত্ৰত তেওঁলােক যথেষ্টসফল হৈছিল। 

৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা ।

উত্তৰঃ  ১৯০৫-১৯১১ খ্রীষ্টাব্দলৈ অব্যাহত থকা স্বদেশী আন্দোলনক ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ অধ্যায় হিচাপে বিবেচনা কৰা হয় । স্বদেশী আন্দোলনৰ তিনিটা ফলাফল তলত উল্লেখ কৰা হল-

( ক ) জাতীয় সাহিত্যৰ বিকাশ:- এই সময়ছােৱাত জাতীয়তাবাদ আৰু দেশ ভক্তিৰ প্ৰতি উদ্যম জাগ্রত কৰা বহুতাে আলােচনী , সংবাদপত্র , গ্রন্থ , নাটক , গীত আৰু প্রবন্ধ প্রকাশিত হৈছিল। এইবোৰে জাতীয় আন্দোলনত যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল অবনীন্দ্রনাথ ঠাকুৰৰ উদ্যোগত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো গঢ়ি উঠিছিল। এই অনুষ্ঠানটোৱে পাশ্চাত্য প্রভাৱমুক্ত ভাৰতীয় চিত্রকলাৰ আধাৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছিল ।

( খ ) মহিলাৰ অংশগ্রহণ:- স্বদেশী আন্দোলনৰ সময়ত মহিলাসকলক সামাজিক প্রতিবন্ধকতা অতিক্রম কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্রাণিত কৰা হৈছিল । এগৰাকী অগ্রণী নাৰী সৰলা দেৱী চৌধুৰীয়ে বীৰষ্টমী ব্রত , প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠানৰ আয়ােজন কৰিছিল । তেওঁ যুৱকযুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্রশিক্ষণ দিছিল আৰু তেওঁ ভাৰতীনামৰ এখন পত্রিকা সম্পাদনা কৰিছিল । এনেদৰে জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰিবলৈ যুৱশক্তিক প্রস্তুত কৰিছিল । আন এক অগ্রণী নাৰী ভগিনী নিৱেদিতাই বিভিন্ন সমিতিৰ সৈতে জড়িত হৈ যুৱক যুৱতীক দেশীয় শিল্পৰ জৰিয়তে আত্মনির্ভশীল হবলৈ অনুপ্রাণিত কৰিছিল ।

( গ ) মুছলিম লীগৰ প্ৰতিষ্ঠা:- ব্রিটিছ চৰকাৰে ধৰ্ম , জাতি আদিৰ ভিত্তিত ভাৰতীয়সকলৰ মাজত বিভাজন আনিবলৈ প্ৰয়াস কৰিছিল যাতে তেওঁলােকৰ শাসন অক্ষুন্ন থাকে । লর্ড কার্জনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ কিছুসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ বিভাজনৰ পৰিকল্পনাক আদৰণি জনাইছিল । ব্রিটিছচৰকাৰৰ পৰা বিশেষ ৰাজনৈতিক অনুমতি লাভ কৰাৰ পিছত মুছলমান সকলক সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটো গঠন কৰিবলৈ অনুপ্রাণিত কৰা হৈছিল । এই মুছলিম লীগ পৰৱৰ্তী পৰ্যায়ত এক বৃহৎ শক্তিত পৰিণত হৈছিল কিয়নাে ভাৰতীয় জাতীয় কংগ্ৰেছক দুর্বল কৰাত ই উল্লেখযােগ্য ভূমিকা পালন কৰিছিল।

৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ।

উত্তৰঃ  স্বদেশী আন্দোলনৰ প্ৰধান অৱদান কেইটা হৈছে

(ক) গণ আন্দোলন সম্পর্কে ৰাজনৈতিক শিক্ষা:- স্বদেশী আন্দোলনে ৰাজনৈতিক শিক্ষা দিবলৈ সক্ষম হৈছিল ।তেওঁলােকে উপলব্ধি কৰিছিল যে দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হলে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো নিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ব কৰিব পাৰিছিল।

(খ) গণ আন্দোলনৰ প্ৰতি নাৰীসকল আকর্ষিত হয়:- স্বদেশী আন্দোলনে ভাৰতীয় নাৰীসকলক গণ আন্দোলনত অংশগ্ৰহণ কৰাত সবলীকৰণ কৰিছিল । প্রফুল্ল চাকীক ফাঁচী দিয়া দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাস কৰিছিল।যুগান্তৰপত্রিকাৰ সম্পাদক ভূপেন্দ্রনাথ দত্তক পুলিচে কঠোৰ শাস্তি বিহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মাতৃ ভুৱনেশ্বৰী দেৱীয়ে সকলাে নাৰীক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ।

( গ ) স্বৰাজ দাবী উত্থাপনৰ বাবে জাগ্রত কৰে:- স্বদেশী আন্দোলনেস্বৰাজৰ প্রতি আসক্তি জগাই তুলিছিল । এই আন্দোলনৰ সময়ছােৱাত ভাৰতীয়সকলে পােন প্রথমবাৰৰ বাবে ব্রিটিছ চৰকাৰৰ পৰা স্বৰাজ দাবী কৰিছিল । দাদাভাই নৌৰজীৰ পৌৰােহিত্যত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনত স্বৰাজৰ দাবী উত্থাপন কৰিছিল ।

চমুটোকা লিখা

(ক) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ, 

(খ) মার্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা ), 

(গ) নবাৱ ছলিমউল্লা 

উত্তৰঃ (ক) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ :- ৰবীন্দ্রনাথ ঠাকুৰক এক অন্যতম সজ্জন হিচাপে বিবেচনা কৰা হয় । তেওঁ এগৰাকী বিখ্যাত গীতিকাৰ , নাট্যকাৰ , কবি , গল্প লেখক , চিত্ৰকৰ , শিক্ষাবিদ , দার্শনিক আছিল । ১৯০৫ চনৰ ১৬ অক্টোবৰত বংগ বিভাজন কার্যকৰী হােৱা দিনটোত হিন্দু মুছলমানৰ ঐক্য প্রদর্শন কৰিবলৈ আৰু ইয়াক সবলতৰ কৰিবলৈ ৰবীন্দ্রনাথ ঠাকুৰৰ আহ্বানক্রমে কলিকতাৰ জনতাই ৰাখিবন্ধন উদযাপন কৰিছিল। এই সময়ছােৱাতে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি তেওঁ ৰচনা কৰা ২৩ টি দেশভক্তিমূলক গীত দেশপ্রেমগত অনুভূতিৰ ভাণ্ডাৰ হিচাপে পৰিগণিত হৈছিল । তেওঁৰ বিখ্যাত গীত , ‘আমাৰ সােনাৰ বাংলা আমি তােমাকে ভালবাসিপৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। তেওঁৰ ভাই ভাই এক ঠাইশীর্ষক প্রবন্ধটি হৃদয়স্পর্শী আছিল আৰু ই স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ স্থাপন কৰা স্বদেশী ভাণ্ডাৰপৰিৱৰ্তী কালত কলিকতাৰ এখন উল্লেখযােগ্য বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল ।

(খ) মার্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা):- ভগিনী নিবেদিতা হিচাপে জ্ঞাত মার্গাৰেট এলিজাবেথ নবোলক স্বদেশী আন্দোলনৰ সময়ছোৱাৰ এগৰাকী মহিয়সী নাৰী আছিল। আয়াৰলেণ্ডত জন্ম গ্রহণ কৰা এইগৰাকী নাৰীয়ে ভাৰতবৰ্ষক গৃহভূমি হিচাপে আৰু হিন্দু ধর্ম নিজ ধর্ম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ অন্তৰেৰে গৃহভূমিক ভাল পাইছিল আৰু বংগদেশত জাতীয় চেতনাৰ উন্মেষণত যথেষ্ট অৱদান আগবঢ়াইছিল। কলিকতাত থকা অৱস্থাত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন , বিবেকানন্দ ছচাইটি, ডন ছচাইটি আৰু অনুশীলন সমিতিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ অনুপ্রাণিত কৰিছিল । তেওঁৰ সর্বোত্তম অৰিহণাটো এয়ে আছিল যে তেওঁ বংগ মাতাভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল ।

(গ) নবাব ছলিমউল্লা:- নবাব ছলিমউল্লা খানক দেশৰ মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে ১৯০৬ চনত প্রতিষ্ঠা হােৱা মুছলিম লীগৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হৈছিল। তেওঁ ঢাকাৰ ওচৰৰ এক ক্ষুদ্ৰ ৰাজ্য ক্ষেত্ৰৰ নবাব আছিল ।পশ্চিমবংগৰ সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ বিৰুদ্ধে পূর্ব বংগৰ মুছলমানসকলক সংগঠিত কৰাত লর্ড কার্জনে তেওঁক সহায় কৰিছিল । মুছলমান নেতাসকলে উপলব্ধি কৰিলে যে ব্রিটিছ কর্তৃপক্ষই মুছলমানসকলৰ এক স্বকীয় দল গঠন কৰাৰ ক্ষেত্ৰত তেওঁলােকক সহায় কৰিব বিচাৰে , তেতিয়া ছলিমউল্লাখান আৰু আগা খানৰ নেতৃত্বত মুছলমান নেতাসকলৰ এটা গােটে এই সুযােগ গ্রহণ কৰিছিল ।

১৯০৬ চনৰ ৩০ ডিচেম্বৰৰ দিনা ছলিমউল্লা খানে আহ্বান কৰা মুছলমান নেতাসকলৰ এখন সভাত সৰ্বভাৰতীয় মুছলিম লীগনামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল । এই নতুন ৰাজনৈতিক দলটোৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ উক্ত সভাতেই ঘােষণা কৰিছিল । ভাৰতীয় সকলে স্বদেশী আন্দোলনৰ মাধ্যমেৰে প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰি থকা সময়ত মুছলমানসকলৰ হৈ নবাব ছলিমউল্লাই ব্রিটিছসকলৰ প্রতি আনুগত্য প্রকাশ কৰাত ভাৰতীয় জাতীয় কংগ্ৰেছ দুর্বল হৈ পৰিছিল । তেওঁৰ মৃত্যুৰ পিছত মুছলিম লীগৰ ৰক্ষণশীল চৰিত্ৰৰ বৃহৎ মাত্ৰাত পৰিৱৰ্তন সাধন হৈছিল ।

 

No comments:

Post a Comment