js

Tuesday, August 12, 2025

SEBA Class X Science অধ্যায়-৩ ধাতু আৰু অধাতু Questions and Answers

 

অধ্যায়-৩

ধাতু আৰু অধাতু

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ ধাতুৰ ঘাতসহনীয়তা কাক বোলে?

উত্তৰঃ ধাতু এটাক হাতুৰীৰে কুবাই পাতল পাত এচটালৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াকে ধাতুৰ ঘাতসহনীয়তা বোলে।

প্রশ্নঃ আয়নীয় যৌগৰ দ্রবণীয়তাৰ ওপৰত তোমাৰ মন্তব্য কি?

উত্তৰঃ আয়নীয় যৌগবোৰ পানীত দ্রৱণীয়, কিন্তু কেৰাচিন, পেট্র’ল আদি দ্রাৱকত অদ্রবণীয়।

প্রশ্নঃ দন্ধীকৰণ কাক বোলে?

উত্তৰঃ পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰ ধাতর অক্সাইডলৈ পৰিৱৰ্তিত কৰাকে দন্ধীকৰণ বোলে।

প্রশ্নঃ অধাতুৰ দুটা ধর্ম লিখা।

উত্তৰঃ (ক) অধাতুৰ চিকমিকনি নাই।

(খ) অধাতুবোৰ ঘাতসহনসীল নহয়।

প্রশ্নঃ সাধাৰণতে জুলীয়া অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতুৰ নাম লিখা।

উত্তৰঃ জুলীয়া অৱস্থাত থকা এটা ধাতু পাৰা আৰু অধাতু ব্র’মিণ।

প্রশ্নঃ কাৰ্বনৰ এটা বহুৰূপৰ নাম লিখা।

উত্তৰঃ গ্রেফাইট।

প্রশ্নঃ এবিধ ক্ষাৰ ধাতুৰ উদাহৰণ দিয়া।

উত্তৰঃ লিথিয়াম বা ছডিয়াম আদি।

প্রশ্নঃ কটাৰিৰে সহজে কাটিব পৰা এবিধ ধাতুৰ নাম লিখা।

উত্তৰঃ লিথিয়াম বা ছ’ডিয়াম আদি।

প্রশ্নঃ পানীৰ সৈতে সহজতে বিক্রিয়া কৰিব পৰা দুবিধ ধাতব অক্সাইডৰ নাম লিখা।

উত্তৰঃ ছ’ডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইড।

প্রশ্নঃ মেগনেছিয়াম আৰু গৰম পানীৰ মাজত বিক্রিয়া হ’লে কি উৎপন্ন হয়?

উত্তৰঃ মেগনেছিয়াম হাইড্র’ক্সাইড আৰু হাইড্র’জেন গেছ।

প্রশ্নঃ ঠাণ্ডা অথবা গৰম পানী কাৰোৰে সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।

উত্তৰঃ লেড আৰু কপাৰ।

প্রশ্নঃ উতলা পানীৰ বাষ্পৰ সৈতে বিক্রিয়া কৰা দুবিধ ধাতুৰ নাম লিখা।

উত্তৰঃ এলুমিনিয়াম আৰু আইৰণ।

প্রশ্নঃ নাইট্রিক এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে হাইড্র’জেন গেছ উৎপন্ন নহয়। কিয়?

উত্তৰঃ কাৰণ, নাইট্রিক এছিড এবিধ জাৰক পদার্থ। ই উৎপন্ন হোৱা হাইড্র’জেনক জাৰিত কৰি পানীলৈ ৰূপান্তৰ কৰে আৰু নাইট্রজেনৰ যিকোনো যৌগলৈ বিজাৰিত হয়।

প্রশ্নঃ আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি উচ্চ কিয়?

উত্তৰঃ কাৰণ, আয়নীয় যৌগৰ আন্তঃ আয়নীয় বিদ্যুৎস্থিতীয় আকর্ষণ বল অতি প্রবল।

প্রশ্নঃ কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

উত্তৰঃ সংকৰ ধাতু।

প্রশ্নঃ সংকৰ ধাতু কি?

উত্তৰঃ দুটা ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণক সংকৰ ধাতু বোলে।

প্রশ্নঃ লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

উত্তৰঃ (ক) লোত ৰঙৰ প্ৰলেপ দিয়া।

(খ) লোত যিংকৰ প্ৰলেপ দিয়া।

প্রশ্নঃ ধাতু আৰু অধাতুৰ এটা পার্থক্য লিখা।

উত্তৰঃ ধাতুবোৰ সাধাৰণতে গোটা বা কঠিন অৱস্থাত পোৱা যায়।

আনহাতে, অধাতুবোৰ গেছীয় অৱস্থাত পোৱা যায়।

প্রশ্নঃ তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুবে অক্সিজেনৰ লগত তীব্রভাবে বিক্রিয়া কৰে: HSLC ’17

(a) Na

(b) Fe

(c) Cu

(d) Ag

উত্তৰঃ(c) Na

প্রশ্নঃ তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুয়ে প্রবল বেগে বিক্রিয়া কৰে? HSLC ’16

(a) Al

(b) Fe

(c) Na

(d) Ca

উত্তৰঃ (c) Na

প্রশ্নঃ তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱাঃ HSLC ’15

(a) ছডিয়াম

(b) এলুমিনিয়াম

(c) ক্ল’ৰিণ

(d) ব’ৰন

উত্তৰঃ (d) ব’বন

প্রশ্নঃ ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উষ্ণতাত (room tem- perature) জুলীয়া।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

(iv) তাপৰ কম পৰিবাহী।

উত্তৰঃ (i) পাৰা, (ii) ছডিয়াম,

(iii) কপাৰ, (iv) লেড।

প্রশ্নঃ মণিক আৰু আকৰৰ পার্থক্য এটা উদাহৰণৰ সৈতে লিখা। HSLC ’17

উত্তৰঃ পৃথিৱীত মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰ হৈছে মণিক। আনহাতে কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকিলে তাৰ পৰা ধাতুবিধ লাভজনকভাবে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদার্থই হৈছে আকৰ।

উদাৰহণস্বৰূপে এলুমিনিয়ামৰ মণিক হৈছে বক্সাইট। আকৌ বক্সাইটৰ পৰা ধাতু বিধ লাভজনকভাবে আহৰণ কৰিব পাৰি সেয়ে ই এলুমিনিয়ামৰ আকৰ।

প্রশ্নঃ তলত দিয়া বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখা: HSLC ’15

(ক) উত্তপ্ত জলীয় বাষ্পৰ লগত আয়নৰ বিক্রিয়া।

(খ) পানীৰ লগত কেৰাচিনৰ বিক্রিয়া।

উত্তৰঃ

(ক) 3Fe(s) + 4H₂O(l) → Fe₂O₄(s) + H₂(g)

(খ) Ca(s) + 2H₂O(l) → Ca(OH)₂(aq) + H₂O(g)

প্রশ্নঃ ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলোচনা কৰা।

উত্তৰঃ পদাৰ্থৰ যি ধৰ্মৰ বাবে হাতুৰীৰে কোৱাই সহজে চেপেটা কৰিব পাৰি, তাক ঘাত সহনীয়তা বোলে।

পদাৰ্থৰ যি ধৰ্মৰ বাবে পদাৰ্থক টানি তাঁৰৰ ৰূপ দিব পাৰি, তাক পদাৰ্থৰ নমনীয়তা বোলে।

প্রশ্নঃ ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? HSLC ’15

উত্তৰঃ ছ’ডিয়াম এবিধ অধিক সক্রিয় ধাতু।

মুক্ত অৱস্থাত ছ’ডিয়ামে অক্সিজেন আৰু পানীৰ লগত বিক্রিয়া কৰে। ফলত প্ৰচুৰ পৰিমাণে তাপৰ উদ্ভব হয়। সেইবাবে ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয়।

প্রশ্নঃ জুলীয়া অৱস্থাত থকা ধাতু এটাৰ নাম লিখা। HSLC ’17

উত্তৰঃ সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু এবিধ হ’ল পাৰা।

প্রশ্নঃ তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা।

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্রিয়া।

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।

উত্তৰঃ

(i) 3Fe + 4H₂O→ Fe₂O₄ + 4H₂

(ii) Ca+2H₂O → Ca(OH)₂ + H₂

প্রশ্নঃ লঘু হাইড্ৰ’ক্ল’ৰিক এছিডত (HC1) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হ’ব? আইৰণে লঘু H₂SO₄ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।

উত্তৰঃ লঘু হাইড্ৰ’ক্ল’ৰিক এছিডত সক্রিয় ধাতু এটা দিলে হাইড্র’জেন গেছ উৎপন্ন হ’ব।

আইৰণ আৰু লঘু H₂SO₄ ৰ লগত বিক্রিয়া- Fe + H₂SO₄ → FeSO₄ + H₂

প্রশ্নঃ আয়নীয় যৌগৰ গলনাংক কিয় বেছি?

উত্তৰঃ আয়নীয় যৌগবোৰৰ আন্তঃআয়নীয়

বিদ্যুত স্থিতীয় আকর্ষণ বল অতিশয় বেছি। ফলত আয়নসমূহ পৃথক কৰিবলৈ অতিশয় তাপ শক্তিৰ প্রয়োজন। সেইবাবে ইবোৰৰ গলনাংক বেছি।

প্রশ্নঃ তলত দিয়াবোৰৰ সংজ্ঞা লিখা। HSLC ’20

(i) মণিক (mineral)

(ii) আকৰ (ore)

(iii) খনিজ মল (gangue)

উত্তৰঃ (i) মণিকঃ পৃথিৱীৰ খোলাটোত যিবোৰ বস্তু মৌল বা যৌগ অৱস্থাত পাব পাৰি, সেইবোৰক মণিক বোলে।

(ii) আকৰঃ যিবোৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰি, সেই পদার্থবোৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়।

(iii) খনিজ মলঃ খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবোৰৰ লগত যিবোৰ অপদ্রব্য বা অশুদ্ধি মিহলি হৈ থাকে, সেইবোৰক খনিজ মল বোলে।

প্রশ্নঃ প্রকৃতিত মুক্ত অবস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ গোল্ড আৰু ছিলভাৰ।

প্রশ্নঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ হয়? HSLC ’20

উত্তৰঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্রয়োগ কৰা হয়।

প্রশ্নঃ কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

উত্তৰঃ গোল্ড আৰু প্লেটিনাম।

প্রশ্নঃ সংকৰ ধাতু কি?

উত্তৰঃ দুই বা ততোধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্রণকে সংকৰ ধাতু বোলে।

প্রশ্নঃ তলৰ কোনবোৰৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?

(a) NaC1 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

(b) MgC1₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।

(c) FeSO₄ ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।

(d) AgNO₂ ৰ দ্ৰব আৰু কপাৰ ধাতু।

উত্তৰঃ (d) AgNO₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

প্রশ্নঃ লোৰ টাৱা (iron flying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব?

(a) গ্রীজ ব্যৱহাৰ কৰি।

(b) বং ব্যৱহাৰ কৰি।

(c) যিংকৰ প্ৰলেপ দি।

(d) ওপৰৰ সকলো।

উত্তৰঃ (d) ওপৰৰ সকলো।

প্রশ্নঃ এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রবণীয়। সম্ভৱপৰ মৌলটো-

(a) কেলছিয়াম

(c) ছিলিকন

উত্তৰঃ (a) কেলছিয়াম।

(b) কার্বন

(d) আইৰণ

প্রশ্নঃ খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো-

(a) টিনতকৈ যিংক দামী।

(b) যিংকৰ গলনাংক টিনতকৈ বেছি।

(c) যিংক টিনতকৈ অধিক সক্রিয়।

(d) যিংক টিনতকৈ কম সক্রিয়।

উত্তৰঃ (c) যিংক টিনতকৈ অধিক সক্রিয়।

প্রশ্নঃ তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল। HSLC ’15, 19

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগীতা মূল্যাংকণ কৰিবা।

উত্তৰঃ (a) হাতুৰীৰে ধাতুটো কোবালে পাতল হ’ব। আনহাতে অধাতু গুড়ি হ’ব।

ধাতুৰ লগত বেটাৰী, তাঁৰ আৰু ছুইচ সংযোগ কৰি ছুইচ টিপি দিলে তাঁৰৰ মাজেৰে বিদ্যুত চালিত হ’ব। আনহাতে অধাতুৰ মাজেৰে বিদ্যুত চালিত নহয়।

(b) ধাতু আৰু অধাতু চিনাক্তকৰণ প্রক্রিয়াটোত হাতুৰী ব্যৱহাৰ কৰাটো অধিক উচিত। কাৰণ ধাতুবোৰক কোবাই চেপেটা কৰিব পাৰি। আনহাতে অধাতুক নোৱাৰি।

প্রশ্নঃ দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰপৰা হাইড্ৰ’জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

উত্তৰঃ হাইড্ৰ’জেন অপসাৰণ কৰা দুটা ধাতু হ’ল- ছ’ডিয়াম আৰু কেলছিয়াম।

হাইড্ৰ’জেন অপসাৰণ কৰিব নোৱাৰা দুটা ধাতু হ’ল- কপাৰ আৰু ছিলভাৰ।

প্রশ্নঃ M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল’ব লাগিব?

উত্তৰঃ অশুদ্ধ ধাতু Mক এন’ড হিচাপে আৰু

বিশুদ্ধ Mক কেথ’ড হিচাপে বিদ্যুৎ বিশ্লেষ্য ব্যৱহাৰ কৰিব লাগিব।

প্রশ্নঃ প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী উভোতাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত (ii) সিক্ত

লিটমাছ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব?

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ (a) (i) শুষ্ক লিটমাছ কাগজৰ লগত কোনো বিক্রিয়া নকৰে।

(ii) গেছটোরে সিক্ত লিটমাছৰ লগত বিক্রিয়া কৰি কাগজক ৰঙালৈ পৰিবৰ্তন কৰিব।

(b) সংঘটিত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হ’ল- SO₂+ H₂O ⮂ H₂SO₄ ⮂ SO2 2H⁺ +₂ SO₃

প্রশ্নঃ লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

উত্তৰঃ (i) লোৰ ওপৰত ৰং কৰি।

(ii) লোৰ ওপৰত যিংকৰ প্ৰলেপ দি।

প্রশ্নঃ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

উত্তৰঃ অধাতু বিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।

প্রশ্নঃ কাৰণ দশোৱা। HSLC ’15

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

উত্তৰঃ (a) প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ধাতুবোৰ যথেষ্ট কঠিন, উজ্জ্বল, উচ্চ ঘাতসহনশীল আৰু নমনীয়। এইবোৰ সহজে ক্ষয় নাযায়। সেইকাৰণে ইবোৰক অলংকাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথয়িাম ধাতুবোৰ অতি সক্রিয় হোৱা বাবে ইহঁতে বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আৰু কার্বন-ডাই- অক্সাইডৰ লগত বিক্রিয়া কৰে। সেইবাবে এইবোৰক তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম তাপৰ সুপৰিবাহী। ই বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা এলুমিনিয়াম অক্সাইড অধিক সুস্থিৰ আৰু ই অধিক উষ্ণতাতো নষ্ট নহয়। সেইবাবে ইয়াক ৰন্ধা বাচন- বৰ্তনত ব্যৱহাৰ কৰা হয়।

(d) যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাশন কৰা অতি সহজ, সেয়েহে কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

প্রশ্নঃ চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে? HSLC ’20

উত্তৰঃ কপাৰৰ পাত্ৰৰ চেকা কপাৰ কাৰ্বনেটৰ। এই কপাৰ কাৰ্বনেটে এচিডত দ্রবীভূত হয়। সেইবাবে এই পাত্ৰবোৰ নেমু বা তেতেলী টেঙাৰ ৰসেৰে পৰিষ্কাৰ কৰা হয়।

প্রশ্নঃ ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা।

উত্তৰঃ ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য হ’ল:

1. ধাতুবোৰে অধাতুৰ সৈতে বিক্রিয়া কৰে। কিন্তু অধাতুবোৰে ধাতু আৰু আধাতু দুয়োবিধৰ লগত বিক্রিয়া কৰে।

2. ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে। কিন্তু অধাতুবে আম্লিক অক্সাইড গঠন কৰে।

3. ধাতুৰ হাইড্রাইডবোৰ আয়নীয় প্রকৃতিৰ। কিন্তু অধাতুৰ হাইড্রাইডবোৰ সহযোজী প্ৰকৃতিৰ।

প্রশ্নঃ গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়?

উত্তৰঃ ষ্টিলতকৈ কপাৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় বা মামৰে নধৰে। সেইকাৰণে, গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়।

প্রশ্নঃ ধাতব দ্যুতি কাক বোলে?

উত্তৰ: বিশুদ্ধ ধাতুৰ পৃষ্ঠৰ চিকমিকনিক ধাতব দ্যুতি বোলে।

প্রশ্নঃ ধাতু আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা।

উত্তৰঃ ধাতুৰ চাৰিটা ধর্ম হ’ল-

(ক) ধাতুৰ চিকমিকনি আছে।

(খ) ধাতুবোৰৰ গলনাংক আৰু উতলাংক বেছি।

(গ) ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী।

(ঘ) ধাতুবোৰ ঘাতসহনীয় আৰু নমনীয়।

অধাতুৰ চাৰিটা ধৰ্ম হ’ল-

(ক) অধাতুবোৰ তাপৰ কুপৰিবাহী।

(খ) অধাতুৰ হাইড্রাইডবোৰ সহযোজী।

(গ) অধাতুৰ গলনাংক সাধাৰণতে অতি কম।

(ঘ) অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী।

প্রশ্নঃ কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা। HSLC ’19

উত্তৰঃ  কপাৰ আৰু যিংকৰ সংকৰ ধাতু হ’ল- পিতল।

কপাৰ আৰু টিনৰ ,, ,, ,, -ব্রাঞ্জ।

লেড আৰু টিনৰ ,, ,, ,, -ছ’ণ্ডাৰ।

প্রশ্নঃ উভধর্মী অক্সাইড কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ অক্সাইডে এছিড আৰু ক্ষাৰকৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কবে, সেইবোৰক উভধর্মী অক্সাইড বোলে।

উদাহৰণ- এলুমিনিয়াম অক্সাইড, যিংক অক্সাইড আদি।

প্রশ্নঃ কাৰণ দশোৱা।

(ক) খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্যৱহাৰ কৰা হয়।

(খ) জুলীয়া পদার্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতবীয় পদাৰ্থৰে নিৰ্মিত।

উত্তৰঃ (ক) এলুমিনিয়াম কোৱাই সহজে পাতল পাতলৈ নিব পাৰি। সেইবাবে খাদ্যসামগ্রী মেৰিয়াবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।

(খ) যিহেতু ধাতুবোৰ বিদ্যুৎ আৰু তাপৰ সুপৰিবাহী। সেইবাবে জুলীয়া পদার্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতবীয় পদাৰ্থৰে নির্মিত।

প্রশ্নঃ কি ঘটিব যেতিয়া-

(ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।

ৰখা হয়।

(খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল

বিক্রিয়াসমূহৰ উপযুক্ত সমীকৰণ লিখিবা।

উত্তৰঃ (ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢালি দিলে কপাৰ ছালফেট আৰু হাইড্র’জেন গেছ উৎপন্ন হয়। Cu + H₂SO₄ → CuSO₄ + H₂

(খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে, আইৰণে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে। CuSO₄ + Fe → FeSO₄ + Cu

প্রশ্নঃ পানীৰ সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।

উত্তৰঃ ছিলভাৰ আৰু গ’ল্ড।

প্রশ্নঃ আয়নীয় বা ইলেক্ট্র’যোজী যৌগ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্রণ স্থানান্তৰণ হওঁতে সৃষ্টি হোৱা যৌগক আয়নীয় বা ইলেক্ট্র’যোজী যৌগ বোলে।

উদাহৰণঃ NaC1, CaCl₂, CaO, MgCl₂ আদি।

প্রশ্নঃ ধাতুকল্প কি? এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম দেখুৱাই সেইবোৰক ধাতুকল্প বোলে। যেনে- ছিলিকন।

প্রশ্নঃ উদাহৰণৰ সৈতে ক্ষয়ীভৱন ব্যাখ্যা কৰা। HSLC ’15

উত্তৰঃ যেতিয়া কোনো ধাতুয়ে ইয়াৰ

চাৰিওকাষে থকা জলীয় বাষ্প, এছিড ইত্যাদিৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ধাতুৰ ‘ক্ষয়ীভৱন’ বুলি কোৱা হয়। ক্ষয়ীভৱনৰ ফলত ধাতুটোৰ গুণাগুণ লোপ পায়। উদাহৰণস্বৰূপে লোৰ বস্তুৰ ওপৰত পৰা ৰঙচুৱা বৰণৰ মামৰ এক প্ৰকাৰৰ ক্ষয়ীভৱন।

প্রশ্নঃ মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহনৰ আগতে পৰিষ্কাৰ কৰি ল’ব লাগে কিয়? HSLC ’19

উত্তৰঃ মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহনৰ আগতে পৰিষ্কাৰ কৰি ল’ব লাগে। ইয়াৰ কাৰণ হ’ল বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি ফিটাডালত মেগনেছিয়াম অক্সাইডৰ এটা আৱৰণৰ সৃষ্টি হয়।

প্রশ্নঃ অধাতু আৰু অক্সিজেনৰ যোজন হ’লে কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয়? HSLC ’17

উত্তৰঃ অধাতু আৰু অক্সিজেনৰ যোজন হ’লে ধাতব অক্সাইড উৎপন্ন হয়।

প্রশ্নঃ এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রবণীয়। সম্ভৱপৰ মৌলটো হ’ল? HSLC ’19

(a) কেলছিয়াম

(c) চিলিকন

(b) কার্বন

(d) আইৰণ

উত্তৰঃ (a) কেলছিয়াম

প্রশ্নঃ এটা ধাতব যৌগ H লঘু হাইড্র ‘ক্লৰিক এছিডৰ সৈতে বিক্রিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোরে এডাল জ্বলি থকা ম’ম নুমুবায়। HSLC ’18

(ক) জ্বলি থকা গেছটোৰ নাম কি?

(খ) বিক্রিয়াটোত উৎপন্ন হোৱা এটা কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো লিখা।

উত্তৰঃ (ক) জ্বলি থকা ম’মটো নুমুৱা গেছবিধ হ’ল কার্বন-ডাই-অক্সাইড (CO₂)

(খ) CaCO₃ + 2CHI → CaC1₂ + H₂O + CO₂

প্রশ্নঃ উভধর্মী অক্সাইড কাক বোলে? উভধর্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া।? HSLC ’19

উত্তৰঃ যিবোৰ ধাতব অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক উভধর্মী অক্সাইড বোলে। দুটা উভধর্মী অক্সাইড হ’ল এলুমিনিয়াম এক্সাইড (A1₂O₃) আৰু যিংক অক্সাইড (ZnO)

প্রশ্নঃ প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ এটা পৰীক্ষানল ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে। তলৰ দিয়াবোৰৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব? HSLC ’19

(ক) শুষ্কা লিটমাছ কাগজ।

(খ) সিক্ত লিটমাছ কাগজ।

উত্তৰঃ চামুচত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে ছালফাৰ-ডাই-অক্সাইড গেছ উৎপন্ন হয়।

(খ) শুষ্ক লিটমাছৰ লগত ইয়াৰ কোনো বিক্রিয়া নহয়।

(খ) সিক্ত লিটমাছৰ লগত বিক্ৰিয়া কৰি ছালফিউৰাছ এছিড উৎপন্ন হ’লে নীলা লিটমাছ ৰঙা হ’ব।

প্রশ্নঃ প্রকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা। HSLC ’17

উত্তৰঃ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এবিধ ধাতু হ’ল গ’ল্ড।

প্রশ্নঃ ধাতু এটাৰ নমনীয়তা বুলিলে কি বুজা? HSLC ’19

উত্তৰঃ ধাতুৰ পাত এটি দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণকে নমনীয়তা বোলে।

প্রশ্নঃ লোৰ বস্তুত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা? HSLC ’19

উত্তৰঃ লোৰ বস্তুত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় হ’ল: ৰঙ কৰা আৰু তেল সনা।

প্রশ্নঃ আয়ৰণ ছালফেট দ্রবণত জিংক ধাতু দিলে কি দেখিবা সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়াটো লিখা।? HSLC ’18

উত্তৰঃ আয়ৰণ ছালফেট দ্রবণত জিংক ধাতু দিলে জিংক ছালফেট উৎপন্ন হ’ব।

ইয়াৰ ৰাসায়নিক বিক্রিয়াটো হ’ব: + Fe FeSO₄(aq) + Zn →ZnSO₄(aq) + Fe

প্রশ্নঃ ধাতুৰ শোধন বুলিলে কি বুজা? অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাবে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা। এন’ড বোকা কাক বোলে? HSLC ’18

উত্তৰঃ প্ৰকৃতিত থকা আকৰিকসমূহৰ পৰা অশুদ্ধিবোৰ আঁতৰাই ধাতু এটাক ব্যৱহাৰযোগ্য কৰা প্রক্রিয়াকে ধাতুৰ শোধন বোলে।

অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাবে ব্যৱহাৰ হোৱা পদ্ধতিটো হ’ল বিদ্যুৎ বিশ্লষণ পদ্ধতি।

বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে ধাতু এটা আহৰণ কৰোঁতে অশুদ্ধি হিচাপে কিছুমান মূল্যবান ধাতু যেনে গ’ল্ড, ছিলভাৰ, প্লেটিনাম আদি গেদ হিচাপে পোৱা যায়। ইয়াকে ‘এন’ড বোকা’ বোলে।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ তলৰ কোনবোৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্রিয়া ঘটিব?

(a) NaC1 ৰ দ্ৰৱ আৰু কপাৰ

(b) MgC1₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু

(c) FeSO₄ ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু

(d) AgNO₃ ব দ্ৰৱ আৰু কপাৰ ধাতু

উত্তৰঃ (d) AgNO₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

প্রশ্নঃ যিংকৰ আকৰিকৰ নাম হ’ল-

(a) হেমেটাইট

(b) যিংক ব্লেণ্ড

(c) বক্সাইট

(d) কপাৰ পাইৰাইটিজ

উত্তৰঃ (b) যিংক ব্লেণ্ড।

প্রশ্নঃ তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্প বাছি উলিওৱা।

(a) ছ’ডিয়াম

(b) এলুমিনিয়াম

(c) ক্ল’ৰিণ

(d) ব’ৰণ

উত্তৰঃ (d) ব’ৰণ।

প্রশ্নঃ তলৰ কোনবিধ ধাতুবে গৰম অথবা ঠাণ্ডা পানী কাৰোৰে সৈতে বিক্রিয়া নকৰে?

(a) ছ’ডিয়াম

(b) এলুমিনিয়াম

(c) পটাছিয়াম

(d) কেলছিয়াম

উত্তৰঃ (b) এলুমিনিয়াম।

প্রশ্নঃ তলৰ কোনটো ধাতুবে ঠাণ্ডা পানীৰ সৈতে প্ৰৱল বেগেৰে বিক্রিয়া কৰে?

(a) Al

(c) Na

(b) Fe

(d) Ca

উত্তৰঃ (d) Ca

প্রশ্নঃ নাইট্রিক এছিডৰ লগত ধাতুরে বিক্রিয়া কৰিলে হাইড্র’জেন গেছ নির্গত হয়। কাৰণ,

(a) নাইট্রিক এছিড এবিধ বিজাৰক পদার্থ

(b) নাইট্রিক এছিড এবিধ জাৰক পদার্থ

(c) নাইট্রিক এছিড এবিধ তীব্র এছিড

(d) নাইট্রিক এছিড এবিধ মৃদু এছিড।

উত্তৰঃ (b) নাইট্রিক এছিড এবিধ জাৰক পদার্থ।

প্রশ্নঃ তলৰ কোনটো ধাতুবে অক্সিজেনৰ সৈতে তীব্রভাবে বিক্রিয়া কৰে?

(a) Na

(c) Cu

(b) Fe

(d) Ag

উত্তৰঃ (a) Na

প্রশ্নঃ পৃথিবীত মৌল বা যৌগ অৱস্থাত ভূ-ত্বকত পোৱা পদাৰ্থবোৰক ………বোলে।

(a) খনিজ মল

(b) খনিজ পদার্থ বা মাণিক

(c) ধাতুকল্প

(d) আকৰিক বা আকৰ

উত্তৰঃ (b) খনিজ পদার্থ বা মণিক।

প্রশ্নঃ তলৰ কোনটো চিনাবাৰৰ সংকেত?

(a) HgO

(b) MgO

(c) NaO

(d) HgS

উত্তৰঃ (d) HgS

প্রশ্নঃ এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রবণীয়। সম্ভৱপৰ মৌলটো হ’ল-

(a) কেলছিয়াম

(b) কার্বন

(c) ছিলিকন

(d) আইৰন

উত্তৰঃ (a) কেলছিয়াম।

প্রশ্নঃ তলৰ কোনটো প্রকৃতিত মুক্ত অৱস্থাত পোৱা যায়?

(a) Na

(c) Au

(b) K

(d) Mg

উত্তৰঃ (c) Au

প্রশ্নঃ লোত মামৰে ধৰা ৰোধ কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়?

(a) বং ব্যৱহাৰ কৰা

(b) গ্রীজ ব্যৱহাৰ কৰা

(c) তেল সনা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্নঃ লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব?

(a) গ্রীজ ব্যৱহাৰ কৰি

(b) ৰং ব্যৱহাৰ কৰি

(c) যিংকৰ প্ৰলেপ দি

(d) ওপৰৰ সকলো

উত্তৰঃ (d) ওপৰৰ সকলো।

প্রশ্নঃ লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম-

(a) ছ’ণ্ডাৰ

(c) পিতল

(b) হেমেটাইট

(d) টাংস্টেন

উত্তৰঃ (a) ছ’ণ্ডাৰ।

প্রশ্নঃ তলৰ কোন প্ৰকাৰৰ ধাতু বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা বিশুদ্ধ ধাতু পোৱা যায়?

ধাতু

(a) কম সক্রিয় ধাতু

(b) মজলীয়া সক্রিয়

(c) অতি সক্রিয় ধাতু

(d) ওপৰৰ সকলো

উত্তৰঃ (c) অতি সক্রিয় ধাতু।

প্রশ্নঃ খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো

(a) যিংক টিনতকৈ দামী

(b) যিংকৰ গলনাংক টিনতকৈ বেছি

(c) যিংক টিনতকৈ অধিক সক্রিয়

(d) যিংক টিনতকৈ কম সক্রিয়

উত্তৰঃ (c) যিংক টিনতকৈ অধিক সক্রিয়।

প্রশ্নঃ তলৰ কোনটো আকৰ ফেন ও পঙন পদ্ধতিৰ দ্বাৰা গাঢ়ীকৰণ কৰা হয়?

(a) হেমেটাইট

(c) বক্সাইট

উত্তৰঃ (b) যিংক ব্লেণ্ড।

(b) যিংক ব্লেণ্ড

(d) হৰ্ণ ছিলভাৰ

প্রশ্নঃ ছ’ডিয়াম ধাতু ক’ত ডুবাই ৰখা হয়?

(a) কেৰাচিন তেলত

(b) পানীত

(c) নিমখৰ দ্ৰৱত

(d) ওপৰৰ সকলো

উত্তৰঃ (a) কেৰাচিন তেলত।

 

No comments:

Post a Comment

SEBA Class X সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞান দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়ন সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

অর্থনৈতিক উন্নয়ন MCQ 1. ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল ? (a) ১৯৫০ চনৰ মাৰ্চ মাহত (b) ১৯৫১ চনৰ মাৰ্চ মাহত (c) ১৯৫২ চনৰ মাৰ...