সূচীপত্ৰ
wa. লিখকৰ নাম
Group-A : (বাধ্যতামূলক)
১. বৰগীত শ্ৰাত্জীমাধৱদেৱ ১-৪
২. জিকিৰ আজান ফকিৰ ৫--৮
৩. প্ৰশস্তি ৰঘুনাথ চৌধাৰী ৯--১২
৪. মই অসমীয়া চৈয়দ আব্দুল মালিক ১৩--২১
৫. দৃশ্যান্তৰ হৰেকৃষ্ণ ডেকা ২২--২৫
৬. উদ্যোগী হওঁ আহাঁ দেৱজিৎ ভূঞা ২৬--৩৩
৭. ভাৰতীয় সংস্কৃতি হেম বৰুৱা ৩৪--৪৪
৮. অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি আন্দুছ ছাত্তাৰ ৪৫-৫২
৯. ইণ্টাৰনেটৰ তিতা-মিঠা ড০ প্রণয়ী দত্ত ৫৩--৫৯
১০. অৰুণিমা Feel জয়ত্ৰী গোস্বামী মহন্ত ৬০--৬৬
১১. অৰমণ্যযাত্র অনুৰাধা শৰ্মা পূজাৰী ৬৭--৮০
১২. পাৰস্যত এভুমুকি ৰথীন্দ্ৰনাথ গোস্বামী ৮১-৯৫
Group-B : (বৈকল্পিক)
১৩. কানাইৰ চাতুৰী শ্ৰীধৰ কন্দলী ৯৬ --১০৪
১৪. ধৰ বাড়ু ধৰ ভাই অম্বিকাগিৰী ৰায়চৌধুৰী ১০৫--১০৮
১৫. বিষাদ যোগ শজ্ৰীভট্টদেৱ ১০৯--১১৩
১৬. প্রাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামী ১১৪--১১৮
--- Page 7 ---
ৰাগঃ বসন্ত
ভ্ৰাজীমাধৱদেৱ
হৰি হেৰৰে বাপ পশিলো শৰণে।
নেৰিবা বান্ধৰ মোক জীৱনে মৰণে।।
সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নপায়।।
সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।।
আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।।
কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ।
কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।
কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।
কহয় মাধৱ হৰি দাসকু দাস।।
--- Page 8 ---
২ অসমীয়া সাহিত্য চয়নিকা (নতুন)
কৰি-পৰিচয় ঃ
জ্ৰীজ্জীমাধৰদেৱ ঃ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্রচাৰক জ্জাজীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ
নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ
মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি,
সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্রচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰো পূজাৰী
এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিত্তম্ভ হ’ল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে
এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁৰ আন আন ৰচনাসমূহ হ’ল--
আখ্যানমূলক ৰচনা--ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তত্বমূলক ৰচনা----জন্মৰহস্য, ভক্তি-ৰত্নাৱলী, নামমালিকা।
নাট ---অৰ্জুন-ভঞ্জন বা দধিমথন।
বলনুমুৰা-- চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজনবিহাৰ।
মহাপুৰুষ আীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই
নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ-ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক
বৈষ্ণৱ ধৰ্মৰ তত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট
নিদৰ্শন।
মাধৱদেৱৰ সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি আশা
কৰা হৈছে।
পাঠবোধ ঃ
হৰি বা কৃষ্ণৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি
নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি
কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ | বিষয় বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণকমলত
আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণযুগল হ’ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ’ল
জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাশৰ পৰা মুক্তিলাভ কৰিব পাৰে।
শব্দাৰ্থ আৰু টোকা ঃ
ছোড় £ ছিঙি দিয়া, ত্যাগ কৰা।
নিগম 3 নিগম শাস্ত্ৰ, নিবৃত্তি শাস্ত্ৰ, যি শাস্তুই ভোগৰ বাট নেদেখুৱাই
মুক্তিৰ বাট দেখুৱায়।
--- Page 9 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) নি
বিষয় বিকলে £ সাংসাৰিক দুখ, বিষয়-বাসনাত স্থবিৰ হৈ পৰা।
মোহ পাশ £ মায়াৰ বন্ধন।
যাহাকু £ যিজনক, যাক।
বৰগীত ঃ
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতক বৰগীত অখখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট
সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ-গধুৰ।
শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ
ৰচিত। শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলা বায়ন নামৰ
লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপোৰা জুয়ে গীতখিনি পোৰে। বৰ্তমান
শংকৰদেৱ বিৰচিত একুৰি চৈধ্যটা বৰগীত পোৱা যায়। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭-টা বৰগীত
পোৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১-
টা বা ন-কুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে।
বৰগীতৰ লক্ষণ ঃ
S| বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
২। বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩। বৰগীতসমূহ ভক্তিমূলক তথা ইশ্বৰৰ মাহাত্ম্য প্রকাশক।
8| বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
৫। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ
একোখনি ইয়াত চিত্ৰিত হৈছে।
ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়।।
শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক
গীত-পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা
হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি
মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই
বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্রয়োগৰ বাবে শ্ৰুতিমধুৰ।
প্ৰশ্নাৰলী
ভাব-বিষয়ক ঃ
১। চমুকৈ প্রশ্নৰ উত্তৰ দিয়া ¢
--_কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
--- Page 10 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন)
(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।
FB, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা?
(৬) বৰগীতটি কি ৰাগত বন্ধা আছে?
(চ) কবিয়ে বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
(ছ) ‘মোহ-পাশ’ মানে কি?
বৰগীতটিৰ মূলভাৱ লিখা।
বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
ব্যাখ্যা কৰা ঃ
(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত ATT |
অধমে জানিবো কেনে তোমাৰ মহিমা।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।
‘সনক সনন্দ যোগী যাহাকু ধিয়ায়
সকল নিগমে যাক বিচাৰি নপায়।”
—olerte বিচাৰ কৰা।
বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
১৷ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ঃ
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
--- Page 11 ---
ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব এ
যদি কৰা দৰিয়াৰ পাৰ।।
চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।
ভজো হেৰা মোৰ মন গুৰুৰে পাৱত।।
পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।।
খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।
মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ।।
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
মক্কাৰ দুৱাৰত চাহাব তিৰ্বেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে ঘনে লগায় মাত।।
সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
দেও মাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।
আজান ফকিৰ
--- Page 12 ---
ঙ অসমীয়া সাহিত্য চয়নিকা (নতুন)
কবি-পৰিচয় ঃ
ইছলাম ধৰ্ম প্রচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম lessee ভিতৰত আজান ফকিৰ
অন্যতম। তেওঁ অসমলৈ আহে কোনোৰ মতে আৰব দেশৰ পৰা আৰু কোনোৰ মতে আজমীৰৰ পৰা।
আজান ফকিৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ
মাজ ভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকিৰে কম সময়ৰ ভিতৰতে অসমীয়া
মাত-কথা সুন্দৰকৈ শিকি, জিকিৰ আৰু জাৰী গীত ৰচনা কৰে। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন।
জনশ্ৰুতি মতে আজান ফকিৰেই পোনপ্রথম অসমত ‘আজান’ (আহ্লান) দি নামাজ পঢ়িবলৈ মুছলমানসকলক
শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয়। আজান ফকিৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমলৈ
আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ’ব লগা হৈছিল। পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য
বুজি পাই দিখৌমুখৰ সৰাণ্ুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকিৰে
ছকুৰি ভকতৰ সৈতে ধৰ্ম চচা আৰম্ভ কৰে। তাতেই তেখেতৰ মৃত্যু হয়।
পাঠবোধ ঃ
অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকিৰ চাহাবৰ প্ৰবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক
জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। এই গীতটিৰ ভাববস্তুৰ জৰিয়তে ধৰ্ম-
বৰ্ণ নিৰ্বিশেষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ ভাব গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিয়েই গীতটি
ইয়াত সন্নিবিষ্ট কৰা হৈছে। গীতটিৰ জৰিয়তে আল্লাৰ মাহাত্ম্যও প্রকাশ কৰ৷ হৈছে। এই জগতত আমি
মানুহবোৰ আচলতে কোন, আমাৰ স্থিতি কি, আমি কি কৰ৷ উচিত, প্রকাৰন্তৰে তাকে ক’বলৈ বিচৰা
হৈছে।
শব্দাৰ্থ আৰু টোকা ঃ
আচমান _$ঃ আকাশ।
আদম _/ আদি মানৱ, কোৰাণৰ মতে আল্লাৰ সৃষ্ট প্ৰথম মানুহ।
কুটুব 8 ধ্ৰুৱ নক্ষত্ৰ।
তিৰ্বেণী ঃ ত্ৰিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, ofa ঠাই।
দৰিয়া ঃ সাগৰ; নদী।
বেহাৰ 3 বেপাৰ কৰিব।
মোমিন 3 বিশ্বাসী মুছলমান।
ৰচুল ঃ দেৱদূত, ইশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।
--- Page 13 ---
সঞ্চাৰ
প্ৰশ্নাৱলী
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৭
3 দয়া।
৪ ভৃত্য।
3 তলা; সঁচাৰ।
3 জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ-নীতিৰ মৌলিক
ভাব-চিন্তা প্রকাশক ভক্তিমূলক গীত বিশেষ। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাচী
মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি
জনা যায়। জিকিৰ শব্দটো আৰবী ‘জিক্ৰ’ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ’ল ঘনে ঘনে
উচ্চাৰণ কৰা। আল্লাৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম
ধৰ্মৰ এক প্রচলিত নীতি। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্রতি আনুগত্য
প্রকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো
প্রকাশ কৰা হৈছে--তাকে জিকিৰ বুলি কোৱা হয়। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ,
কলিমাৰ মহন্তৰ, ইইকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক
জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্রকাশ কৰা হৈছে। জিকিৰৰ দৰে জাৰী গীতসমূহো
অসমীয়া ইছলাম সমাজত বহলভাবে প্রচলিত। আজান ফকিৰ ৰচিত জিকিৰ আৰু জাৰী
গীতসমূহত শংকৰদেৱৰ দ্বাৰ৷ প্রচাৰিত নৱ-বৈষ্ণৱ ধৰ্মৰ প্রভাৱ পৰিছিল বুলি পণ্ডিতসকলে
অনুমান কৰে। উজনি অসমত প্রচলিত বিভিন্ন লোকগীত যেনে---টোকাৰী গীত, দেহবিচাৰৰ
গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰী গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া।
অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰী গীতসমূহ অমূল্য সম্পদ।
ভাব-বিষয়ক ঃ
S| চমু উত্তৰ দিয়া ঃ
হু
(ক) জিকিৰৰ ৰচক কোন?
(খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে?
(at) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
তলৰ শব্দবোৰৰ অৰ্থ লিখ৷ ঃ
ৰছুল, মোমিন, ৰহম, PHS, বান্দা।
‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।’
— উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি feta কৰা।
--- Page 14 ---
৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
৪। ব্যাখ্যা কৰা ঃ
(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
(খ) মক্কাৰ দুৱাৰত চাহাব তিৰ্বেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
ভাষা-বিষয়ক ঃ
S| সমাৰ্থক শব্দ লিখা ঃ
--- Page 15 ---
উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা
দশোদিশ উদ্ভাসিত কৰি,
নৱ কিশলয়দলে চামৰ ধুলাই
প্ৰকৃতিক আনিলে সাদৰি।
কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ
আনন্দত প্রাণ টল্মল্,
মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
দিছে যাচি প্ৰেম-পৰিমল।
উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান--
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্তি,
উঠা হে খতত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।
মোহন কীচক বেণু অনাহত ছন্দে
সুন্দৰৰ কৰা৷ ৰূপধ্যান।
ৰঘুনাথ চৌধাৰী
--- Page 16 ---
১০ অসমীয়া সাহিত্য চয়নিকা (নতুন)
কবি-পৰিচয় ঃ
ৰঘুনাথ চৌধাৰী (১৮৭৯--১৯৬৮) ঃ বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা
গাঁৱত কবি চৌধাৰীৰ জন্ম। তেওঁৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী। সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ
কাৰণে ভৰি ঘুণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক
গুৱাহাটীলৈ লৈ আহি বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। অষ্টম শ্ৰেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ
বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে। ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ
লয়। পিছত কেইবছৰমান শিক্ষকতা কৰে। শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে
সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্রকাশিত ‘জোনাকী’ কাকতৰ সহকাৰী সম্পাদক
চৌধাৰীয়ে ‘জোনাকী’ কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু ‘আলোচনী’, ‘বাঁহী’
আদিতো বহুতো কবিতা প্রকাশ পায়। প্রথম স্তৰত লিখ৷ কবিতাবোৰ ‘সাদৰী’ (১৯১০) পুথিত সন্নিৱিষ্ট
কৰা হৈছে। ইয়াৰ পিছত ক্ৰমে ‘কেতেকী’ (১৯১৮), ‘কাৰবালা’ (১৯২৩), ‘দহিকতৰা’ (১৯৩১),
নৱমল্লিকা’ (১৯৫৮) আৰু মৰণোত্তৰ কালত ‘মনাই বৰাগী’ (কবিতা) তথা ‘পচতীয়া’ নামে গল্পৰ
পুথি প্রকাশ পায়। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক ‘বিহগী কবি’
আখ্যা দিয়া হৈছে। তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা ‘অসম সাহিত্য সভা’ৰ অধিৱেশনৰ
সভাপতি আছিল।
পাঠবোধ ঃ
প্ৰশস্তি কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্রশস্তিৰ
অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক
ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ
গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ
বাট বিচাৰিবলৈ আহ্থান জনাইছে। PS বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক মোহ
তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্রকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে
নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ইশ্বৰ ভক্তিৰ স্বৰূপ
সোমাই আছে৷ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ
সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
--- Page 17 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) i
শব্দাৰ্থ আৰু টোকা ঃ
অন্তৰীক্ষ ঃ আকাশ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়।
উষা 3 ৰাতিপুৱা।
ates 2 যজ্ঞ কৰা পুৰোহিত।
কালৰাত্ৰি ঃ দুৰ্যোগপূৰ্ণ ৰাতি, ভয়াবহ ৰাতি।
কীচক বেণু ঃ কীচক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহী।
Faq 2 এবিধ সুগন্ধি হালধীয়া ফুলৰ শুকান গুড়ি বা কেশৰ ইয়াক প্রসাধনত ব্যৱহাৰ কৰা
হয়। কবিতাটোত দোকমোকালিৰ পোহৰক PAWS লগত তুলনা কৰা CHB!
কুসুম ৪ ফুল।
ক্লেদ £ গেলা মলযুক্ত পানী।
চামৰ 2 চৌৱৰ, bast পহুৰ নেজৰ পৰা প্রস্তুত কৰা মাখি খেদোৱা বা ধুলি জোকৰা যতন।
চিত্তহাৰী £ মন-প্ৰাণ হৰি নিয়া।
তন্দ্ৰালস আন্ত ক্লান্ত, বেছিকৈ ভাগৰ লাগি টোপনিত কলমটিয়াই থকা TT |
তেজি 2 ত্যাগ কৰি।
তান $ সুৰ, ৰাগ।
দীৰ্ণ 3 বিদাৰিত, ফলা, ছিৰা।
পৰিমল সুগন্ধ।
পুঞ্জীভূত £ সঞ্চিত, জমা হৈ থকা।
ফুল্ল $ ফুলি উঠা, পাহি মেলা ফুল।
বসুধা 2 পৃথিৱী; বসুমতী।
বিহঙ্গ 3 চৰাই; পক্ষী৷
মহামহিম £ অতিশয় গৌৰৱান্বিত, বৰ মান্য, খ্যাতিমন্ত।
ৰঞ্জিলে 2 ৰঙীন কৰিলে, পোহৰ কৰিলে।
প্ৰশ্নাৱলী
ভাব-বিষয়ক ঃ
>| অতি চমু উত্তৰ দিয়া ?
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
(1) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
--- Page 18 ---
১২
|
৩।
8 |
@|
ঙ।
4
অসমীয়া সাহিত্য চয়নিকা (নতুন)
(৬) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু আনিছে লিখা।
কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।
‘উঠা হে খত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।”
--_কবিয়ে কিয় এনেদৰে আহ্লান জনাইছে বুজাই লিখা।
ব্যাখ্যা কৰা ঃ
(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্তি,
উঠা হে aye ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্ৰী।
(গ) মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান।
ভাষা-বিষয়ক ঃ
>
অৰ্থ লিখা 3
বাক্য ৰচনা কৰা৷ ঃ$
দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ।
সমাৰ্থক শব্দ লিখা $
--- Page 19 ---
চৈয়দ আব্দুল মালিক
সুদূৰ পশ্চিম এৰি,
এৰি থৈ স্বৰ্ণপুৰী ৰাজঅন্তঃপুৰ,
উজনি সোঁতত মেলি ভটীয়নি ya;
বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,
লুইত পাৰত গালোঁ Ye উচ্ছ্বাসত,
আপোনাৰ বিজয়ৰ গান।
ভৰি দিলোঁ — অসমৰ সেউজীয়া দূবৰি বনত —
সেই দিনা — যিদিনা অসম-ৰাজ অসমৰ সিংহ-আসনত।
বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন,
প্ৰান্তে গ্রন্তে বাজে wel গৌৰৱৰ, বিজয়ৰ
মুক্তগীত বিৰাম বিহীন।
সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল
মোগলৰ বিজয়ী শকতি,
দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰম্দ্ধ গতি।
অসমৰ মজিয়াত CH মুক্তৰাজ কৰিম থাপনা,
অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ
কায়মনে কৰিলোঁ কামনা।
--- Page 20 ---
১৪
অসমীয়া সাহিত্য চয়নিকা (নতুন)
মিনাকৰা বনৰ বুকুত,
অসমৰ হেং-দাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত।
পুৰুষ-তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু
থিয় দিলে ৰণ-প্ৰাংগণত,
ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ-নাৰী
বুকুপাতি নামিল ৰণত!
ক’তনো লুকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ
অসমৰ সমৰ-থলীত,
ক’ৰ অত পালে বল অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত |!
বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান
বিজয়ৰ গৌৰৱ আৰতি,
মোগলে এবাৰ পালে, শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি।
পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত
অসমৰ বিনন্দীয়া ৰূপ,
ভক্তি-প্ৰেম সৌন্দৰ্য্যৰ খনি;
কাণত পৰিল আহি Pee অসমৰ
উচ্ছুসিত সংগীতৰ সুমধুৰ ধ্বনি।
মোগলে উভতি চালে--=
প্রতিটো বনৰ পাত জাংফাই, মিনাকৰা, ৰূপ জাতিষ্কাৰ।
দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।
--- Page 21 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১৫
বাঘ-নখ পিন্ধে খাৰু, ভৰিৰ আঙঠি, ম’হ-শিং পেঁপাটি বজায়,
হাঁহ-কণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়।
নদীৰ বালিত ভৰা সোণ চেঁকুৰীয়া,
পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া
ভেকুলীয়ে ফৌট লৈ সজায় সুৱাগী;
নিষ্কৰ্মা ধোদৰ দলে বান্ধে ৰাজ আলি,
দ’ল সাজে ঢালি পিঠা গুড়ি;
বাৰটি ‘সাগৰ’ খানি, ৰচে বননিত
ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী।
সোণৰ অসম ই যে, হীৰা-মণি মৰকত ধূলিত বাগৰে,
মাটিৰ চৰুত জুখি, সোণচৰু ৰূপচৰু: দিয়ে ঘৰে ঘৰে।
মুখৰ মাতত সৰে মৰমৰ মউ,
গীত শুনি শিল পমি যায়;
এয়েই অসম দেশ জগতত আৰু
এনুৱা অসম দেশ, এনুৱা ৰূপেৰে
নাই ক’তো নাই৷
মোহ গ’ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ-বিনন্দীয়া,
অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ’ল অসমীয়া।।
আহোম আমাৰ ৰজা, সেই দিন ধৰি
মোৰ দেশ এই কামৰূপ।
জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ।
--- Page 22 ---
১৬
অসমীয়া সাহিত্য চয়নিকা (নতুন)
সেই দিন ধৰি মই অসমৰ অসমীয়া,
ধৰ্ম মোৰ, জাতি মোৰ অসমীয়া প্লাণৰ আপোন।
বিকশি উঠিল মোৰ অসমৰ দূবৰিতে
নন্দনৰ বিনন্দীয়া সুখৰ সপোনহু
জীয়াই থাকৌতে মই এই পৃথিৱীত
চিৰদিন ইয়াৰে অসমীয়া
মৰিলেও অসমৰে মই।
আহিম ইয়ালৈ ঘূৰি,
স্মিৰিতিৰ ইতিহাস লৈ
অসমৰে অসমীয়া হৈ।
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ,
অসমৰ প্ৰকৃতিয়ে ৰচা,
বিহগ কিন্নৰ য’ত শুনিলে নিৰৱ হয়
অসমীয়া গীত মোৰ হৃদয় ওপচা।
জনমৰ লগে লগে সুৱদী অসমী মাতে
অসমীক চিঞৰিলোৌঁ--‘আই’--
যিদিনা মুদিম চকু সিদিনাও ‘যাওঁ’ বুলি
কৈ যাম অসমীক দু-ওঁঠ কঁপাই।
সৰগত কেতিয়াবা থাকৌতে সুখত ভোল
স্মৃতিহীন আলোক পুৰত,
মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ
অসমৰ সুৱদীয়া ভাষাৰ সুৰত।
চিনি পাম, বুজি পাম আমৰণ সৰগতো
মোৰ এই ভাষা অসমীয়া,
সৰগৰ গীত এৰি, শুনিম দুকাণ পাতি
অসমৰ গীতটি সূৰীয়া।
--- Page 23 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১৭
জীৱনে-মৰণে মই চিৰদিন অসমীয়া,
অসমীয়া দেহ-প্রৰাণ-মন;
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।
কৰি-পৰিচয় ঃ
চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত। তেওঁ অসমীয়া
গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ বোৱাই আনিছিল। তেওঁক গল্পসম্ৰাট বুলি কোৱা
হয়। তেওঁৰ কবিতায়ো আমাৰ সাহিত্য বাৰুকৈয়ে সমৃদ্ধ কৰিছে। তেওঁৰ কবিতা পুথিকেইখন হ’ল
— ‘বেদুইন’, ‘স্বাক্ষৰ’, ‘স্বপ্ন-দুঃস্বপ্ন আৰু কিছুকথা’ আৰু ‘ছন্দহাৰৰ কবিতা’। অসমীয়া আধুনিক
কবিতাৰ প্ৰথম পৰ্বত তেওঁ গুৰন্ববপূৰ্ণ বৰঙণি যোগাইছে। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু eZ
ব্যৱহাৰ দেখা যায়। তেওঁ ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা
লাভ কৰে। ‘সূৰুযমুখীৰ BY’ তেওঁৰ আন এখন বিখ্যাত উপন্যাস। তেওঁৰ গল্প-উপন্যাসৰ ভাষাতো
এক কাব্যিক আয়তন দেখা যায়। তেওঁৰ গল্প-ডপন্যাসৰ পৰা ‘জেতুকা পাতৰ দৰে’, ‘মমতাজ’ আদি
চলচ্চিত্ৰ নিৰ্মিত হৈছে। তেওঁৰ আন আন ৰচনাৰাজি হ’ল — ‘পৰশমণি’, ‘ৰঙাগড়া’, ‘মৰহা পাপৰি’,
‘শিখৰে শিখৰে, ‘পোৰা গাঁৱত পহিলা ব’হাগ’, ‘আধাৰশিলা’, ‘মাটিৰ চাকি’, ‘ৰথৰ চকৰী ঘূৰে’,
ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, ছবিঘৰ, প্রেম অমৃতৰ নদী ইত্যাদি। তেওঁ ১৯৭৭ চনৰ অসম
সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত
সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।
পাঠবোধ ঃ
নিভাঁজ ভালপোৱা প্রকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ
নানা দিশো ফুটি উঠিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি
বিস্মিত হৈছে। অসমীয়া ল’ৰা-তিৰোতাৰ মাজত দেখা পোৱা স্বদেশপ্রেমে মোগলসকলৰ অন্তৰ চুইছে।
পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পিছলৈ অসমীয়া হৈ পৰিল। হাড়ে-হিমজুৱে
তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে
অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাথা আজিও যেন
অক্ষুণ্ণ হৈ আছে৷ কবিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে।
--- Page 24 ---
১৮
অসমীয়া সাহিত্য চয়নিকা (নতুন)
মৰিলেও অসমীয়া হৈ জনম ল’বলৈ তেওঁ আশা কৰিছে। অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে-মৰণে
চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ। অসমীয়া গীত-মাত আৰু ভাষা তেওঁ সৰগতো
চিনি পাব বুলি দৃঢ়তাৰে কৈছে। এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমানৰ সংযোগ-সেতু। জীৱনে-
মৰণে অসমীয়া হ’ব খোজা কবিজনাৰ এয়া এক অনুপম কবিতা য’ত এতিহ্যূৰ মাজেৰে জাগৰিত
হৈছে মাতৃভূমিৰ প্রতি গভীৰ কৃতজ্ঞতা।
শব্দাৰ্থ আৰু টোকা ঃ
অনিৰুদ্ধ
আপোনাৰ
আলোক
এনুৱা
উচ্ছাস
কায়মনে
কাৰেংঘৰ
কিন্নৰ
খৰম
খৰমৰ চুলা
জাতিষ্কাৰ
তৃযা
ye
দীপ্ত
a
£ যাক ৰোধ কৰিব নোৱাৰি; বাৰণ কৰিব নোৱাৰি।
£ নিজৰ।
8 পোহৰ।
£ ARS |
3 Vale আনন্দ; আবেগ।
£ দেহ আৰু ACS |
£ আহোম ৰজাৰ ৰাজমহল। শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত
স্বৰ্গদেউ চুক্লেংমুঙে কাৰেংঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পিছত ee
সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটোৰ কিছু ক্ষতি
হোৱাৰ বাবে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰে।
8 কুবেৰৰ পাৰিষদ; দেৱলোকৰ গায়ন, পৌৰাণিক আখ্যানমতে এওঁলোকৰ মুখ
ঘোঁৰাৰ দৰে গা মানুহৰ দৰে।
£ ভৰিত পিন্ধা কাঠৰ পাদুকা।
ঃ কাঠৰ পাদুকাযোৰত পিন্ধাৰ বাবে খুঁটি এটা থাকে। তাকে খৰমৰ PA বোলা
হয়।
£ জকমকীয়া; উত্তমৰূপে সজোৱা।
£ পিয়াহ; বৰকৈ হেঁপাহ জগা।
£ গাৰ্বযুক্ত মনোভাৱ।।
£ আলোকিত; উজ্জ্বল; জিলিকি থকা।
£ এলেহুৱা |
£ অস্পষ্ট; ধোঁৱাময়।
নদীৰ বালিত ভৰা সোণ টেঁকুৰীয়া ? সকলো বস্তুৰে উভৈনদী অসমত নদীৰ বালিতো সোণ পোৱা
গৈছিল
নিষ্কৰ্মা ধোদৰ দলে বান্ধে ৰাজ আলি ঃ ধোদ মানে অতি এলেহুৱা লোক। এনে লোকে কোনো কাৰণতে
কাম কৰি নাখায়। এনেহেন ধোদেও স্বৰ্গদেউৰ সুশাসনৰ ফলত ৰাজআলি
নিৰ্মাণ কৰিছিল।
--- Page 25 ---
অসমীয়া সাহিত্য চয়নিকা নেতুন) ১৯
পুঠিয়ে কাণত পিন্ধে... সজায় সুৱাগী & অসমৰ সকলো বস্তুৱে ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠি মাছৰ
পুনু
পোৱাল ভৰা দলঙত ঃ
জাংফাই
বিনন্দীয়া
বিহগ
বিৰাম বিহীন
ভকতি
ভটীয়নি
ভুৰ
মৰকত
মৰত
মিনাকৰা
মুক্তৰাজ
মোগশ্লেম
ৰংঘৰ
ৰণচণ্ডী
ৰাজ অন্তঃপুৰ
শকতি
শুকান সান্দহ
সৰগ
দৰে সৰু জীৱটোৱেও কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা
ক্ষুদ্ৰ প্ৰাণীটোৱেও ফৌট লৈ ধুনীয়া হৈ থাকে। অৰ্থাৎ অসম প্রকৃতিৰ দানত
অপৰূপা হৈ পৰে।
$ পুনৰ।
পোৱাল অৰ্থাৎ প্রবাল সাগৰীয় শামুকৰ পৰা উৎপন্ন হোৱা এবিধ মূল্যৱান
AT | গছৰ পাতক মিনাকৰা জাংফাইৰ লগতে তুলনা কৰাৰ দৰে কবিয়ে
পুখুৰীৰ পাৰৰ ভৰি ধোৱা শিলকো পোৱালৰ লগত তুলনা কৰিছে।
ঃ অসমৰ উত্তৰ-পূৱ ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ গছৰ ৰঙীন গোটমৰা
আঠা। ইয়াৰে কেৰু, মণি তৈয়াৰ কৰা হয়।
£ ধুনীয়া; মনোমোহা।
£ চৰাই, পক্ষী।
£ কোনো যতি বা বাধা নপৰাকৈ; নিৰৱচ্ছিন্নভাৱে।
£ ভক্তি; শ্রদ্ধা।
£ নৈৰ ভাটি বা নামনিফাল।
ঃ কেইডালমান কলগছ নাইবা বাঁহ নাইবা কেইখনমান কাঠৰ পাত একলগে
বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা সঁজুলি।
£ এবিধ সেউজীয়া ৰঙৰ বাখৰ।
£ মৰ্ত্য
£ মিনা লগোৱা; মিনাৰ ৰহণসনা।
£ মুকলিমূৰীয়া একছত্ৰী শাসন, স্বাধীন শাসন।
£ মুছলমান; মোগল জাতি।
£ আহোম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে ৰং-ধেমালি কৰা আৰু তাত বহি
বাহিৰৰ চোতালত মানুহ, জন্তু আদিৰ যুঁজ, খেল-ধেমালি আদি চোৱা ঘৰ।
স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।
g খঙত উগ্ৰমূৰ্ত্তি ধৰা, মহিষাসুৰক বধিবলৈ ধৰা দুৰ্গাদেৱীৰ উগ্ৰ ৰূপ, দুৰ্গাৰ অন্য
নাম DST |
£ ৰজাৰ অন্তেষপুৰ।
শক্তি; বল।
£ তিওৱা চাউল ভাজি খৃন্দি প্রস্তুত কৰা এবিধ জলপান।
2 যুদ্ধ।
3 স্বৰ্গ |
--- Page 26 ---
20
অসমীয়া সাহিত্য চয়নিকা (নতুন)
সাগৰ খানি 2 আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা
হৈছিল। পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক সাগৰৰ লগতহে তুলনা কৰিব
পাৰি। উদাহৰণস্বৰূপে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ, ইত্যাদি।
সুৱাগী 2 লাগী তিৰোতা; অধিক ধুনীয়াকৈ নিজকে সজোৱা।
স্বৰ্ণপুৰী £ সোণেৰে নিৰ্মাণ কৰা নগৰ।
স্মিৰিতি $ স্মৃতি।
হাঁহকণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায় £ অসমৰ পুৰণি মঠ-মন্দিৰবোৰ আৰু আহোম স্থাপত্যসমূহ
নিৰ্মাণ কৰোঁতে স্বৰ্গদেউসকলে হাঁহ কণী, বৰ৷ চাউল আদিৰে কৰাল তৈয়াৰ
কৰি ব্যৱহাৰ কৰিছিল।
হেংদাং £ আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল।
প্ৰশ্নাৱলী
ভাব-বিষয়ক ঃ
S| চমু উত্তৰ দিয়া ¢
২।
৩।
8 |
€ |
ঙ।
৭|
& |
ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা।
খ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?
গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?
ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
6) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
‘অসমৰ হেংদাং জিলিকিল
দুপৰৰ পূৰ্ণ আলোকত’-- কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।
অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
ক’ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত।”
-= কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।
‘মই অসমীয়া’ কবিতাটোত অসমৰ প্রকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা।
কৰি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
ব্যাখ্যা কৰা ঃ$
(ক) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি।
--- Page 27 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ২১
(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।
(at) মোহ গ’ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ'ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ'ল অসমীয়া।।
(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্রাণ মন,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।
৯। ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে,
তোমাৰ কথাৰে বুজাই লিখা।
১০।কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।
১১৷‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা।
১২ ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
ভাষা-বিষয়ক ঃ
(>) ব্যাসবাক্যসহ সমাসৰ নাম লিখা ঃ
স্বৰ্ণপুৰী; মুক্তগীত; অনিৰদদ্ধ।
(২) তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজা ঃ
বাঘ-নখ, হাঁহ-কণী, ম’হ-শিং।
(৩) বিপৰীত শব্দ লিখা ঃ
গৌৰৱ; আলোক; স্বাধীনতা; পৰাজিত; সপোন; মৰণ।
--- Page 28 ---
পঁচিশ বছৰৰ আগতে
এই ঠাইতেই এজনক লগ পাইছিলোঁ।
আলি-কেঁকুৰিটো আছিল কেঁচা।
সময়টো আছিল গধূলি।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
নিজৰ ঘৰৰ পদূলি।
এটা পঁজাঘৰ।
আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল।
নমিত নমস্কাৰ।
পূৰ্ণ জোনৰ AI পোহৰতো
কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
ওচৰত সহায় সাৰথি কেও নাছিল।
মই যেতিয়া হাতত ধৰি তেওঁক
আগুৱাই দিছিলোঁ, কৈছিল,
বৰ শান্ভিত আছোঁ
এই পঁজাটিত।
হৰেকৃষ্ণ ডেকা
--- Page 29 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ২৩
আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক
বৃদ্ধ TS দেহ। বয়সৰ চিন নোহোৱা হ’লে মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাচ।
সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল।
ওচৰে-পাজৰে আন কেবাটাও অট্টালিকা।
এটাতকৈ আনটোৰ ৰূপ চৰা।
সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল।
চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে,
ভাৰাঘৰ বিচাৰি আহিছা
এই কুবেৰৰ WSS ক’ত পাবা আৰু পালেও
কি শান্তিত থাকিবা ইয়াত। মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই। যখৰ পোৱালিহঁতে কাক কোনে চায়!
এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ
সোমাই গ’ল। এই কংক্ৰীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।
বৰ অশান্তিৰে উভতি আহিলোঁ।
কবি-পৰিচয় ঃ
হৰেকৃষ্ণ ডেকা ঃ জন্ম ১৯৪৩ চনত। ল’ৰালি কালছোৱা তিনিচুকীয়াত FOR! sacs চনত
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত
ইংৰাজী বিষয়ত এম.এ.পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা
ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়।
হৰেকৃষ্ণ ডেকা ‘The Sentinel’ কাকত আৰু ‘গৰী য়সী’ আলোচনীৰো সম্পাদক আছিল।
তেওঁ ‘ৰাতিৰ শোভাযাত্ৰা, ‘আন এজন’, ‘Sea-Scare’ আদি কবিতাপুথি; ‘গল্প আৰু কল্প’, ‘মধুসুদনৰ
দলং’, ‘বন্দীয়াৰ’, ‘মৃত্যুদণ্ড’ আদি গল্পপুথি ৰচনা কৰিছে। তেওঁৰ একমাত্ৰ উপন্যাস হ’ল ‘আগন্তক’।
ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে।
--- Page 30 ---
২৪ অসমীয়া সাহিত্য চয়নিকা (নতুন)
তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ২০১০ চনত ‘অসম
উপত্যকা সাহিত্য বঁটা’ লাভ কৰে।
পাঠবোধ ঃ
কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্রতিফলিত হৈছে। কবিয়ে
লগ পোৱা ব্যক্তি এজনৰ প্রসংগেৰে তেওঁ উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু SiS | কেঁচা
আলি-কেঁকুৰিৰ পৰা কংক্ৰীটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিঃসংগতা
আৰু চহৰীয়া জীৱনৰ যান্ত্রিকতাক প্রতিফলিত কৰিছে। কবিৰ কেইবাটাও কবিতাত গ্রাম্য জীৱনৰ অকপট
ৰূপ প্রকাশ পোৱাৰ দৰে চহৰীয়া জীৱনৰ ৰুক্ষতাৰো ৰূপায়ণ ঘটিছে। ‘দৃশ্যান্তৰ’' নামটোতেই লুকাই আছে
আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু
ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। ‘দৃশ্যান্তৰ’ কবিতাটো আমাৰ সমাজ-জীৱনৰে এক আলেখ্য।
PHU কবিতাটোত প্রকাশ পোৱা অভিব্যক্তিক আধুনিক কবিতাৰ বিদ্যায়তনিক আলোচনাত
‘মহানগৰ চেতনা’ বুলি কোৱা হয়।
শব্দাৰ্থ আৰু টোকা ঃ
কাকিনী তামোল 3 বৰ ওখ তামোল গছ।
কুকুৰীকণা £ গধূলি বা ৰাতি নেদেখা মানুহ।
কুবেৰ যক্ষৰ অধিপতি; ধনৰ অধিপতি দেৱতা।
দাহ ঃ পোৰা কাৰ্য।
দৃশ্যান্তৰ 3 ভিন্ন বা অন্য দৃশ্য, এটা দৃশ্যৰ পৰা অন্য এটা দৃশ্য হোৱা।
VE £ কুঁজা।
পিয়াপি দি £ এটা এটা হৈ চাৰিওফালে, ঘূৰি FAI
যখ ঃ পুতি থোৱা ধন-সোণ ৰখি থাকে বুলি ভবা অপদেৱতা; অতিশয় কৃপণ লোক।
প্ৰশ্নাৱলী
S| চমু উত্তৰ দিয়া ¢
(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
--- Page 31 ---
২।
৩।
8 |
অসমীয়া সাহিত্য চয়নিকা (নতুন) ২৫
(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
(৬) কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল?
সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ
কথাৰে লিখা।
দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।
এই পঁজাটিত।”
— কৌনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা।
‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ?'-_ কোনে কিয় কবিক এনেদৰে সুধিছে
বুজাই লিখা।
"দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে
বুজাই লিখা।
দৃশ্যান্তৰ’ কবিতাটোৰ কবিগৰাকীৰ চমু পৰিচয় দিয়া।
ব্যাখ্যা কৰা ঃ
(ক) ‘মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই!’
(খ) A পোৱালিহঁতে কাক কোনে BRT!
(গ) ‘এই কংক্ৰীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ Sree
ভাষা-বিষয়ক ঃ
১
হ্
বিপৰীত শব্দ লিখা ঃ
কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।
এটাকৈ সমাৰ্থক শব্দ লিখা ঃ
জোন, ঘৰ, চৰা, দাহ, উভতি।
নঞাৰ্থক শব্দ গঠন কৰা ঃ
নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হ’ব--=
নমঃ + কাৰ। — এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
--- Page 32 ---
দেৱজিৎভূঞা
‘সুপ্ৰভাত শিক্ষাৰ্থীসকল।’
FASS ছাৰ।’ দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমাই শ্ৰেণী শিক্ষক প্রকাশ গোস্বামীয়ে সকলোকে পুৱাৰ
সম্তাষণ জনোৱাৰ লগে লগে শিক্ষার্থীসকলেও থিয় হৈ প্রতি সম্ভাষণ জনালে।
‘আজি মই তোমালোকৰ লগত এটি নতুন বিষয় সম্পৰ্কে আলোচন৷ কৰিম। এজন ব্যক্তিয়ে কেনেকৈনো
নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তোমালোক শুনিবলৈ আগ্ৰহীনে?’
হয় ছাৰ।’ শিক্ষকৰ কথাত সকলো শিক্ষাৰ্থীয়ে একেমুখে চিঞৰিলে।
‘তেন্তে Val | অসমীয়াত এষাৰ কথা আছে ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান!”
ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী eile আন্ট্বাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান
হ’ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ’ল এজন উদ্যোগী বা আন্দ্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ
বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ’ল এজন
সফল উদ্যোগী হোৱা ।’
ছাৰ! সফল উদ্যোগী হ'বলৈনো কিয় কঠিন?’ — ছাৰৰ কথাখিনি শুনি বিদিশা নামৰ ছোৱালীজনীয়ে
প্রশ্ন কৰিলে।
‘কাৰণ এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব CAV, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা,
আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে৷ সেইবাবে সফল উদ্যোগী হোৱাটো
টান বুলি কৈছোঁ।'--বিদিশাৰ প্রশ্নৰ উত্তৰ দি প্রকাশ ছাৰে ক’লে।
‘বাৰু, তোমালোকৰ ভিতৰত কিমানে চাইকেল চলাব জানা হাত দাঙাচোন।’ ছাৰৰ কথা শুনি চাৰিটামান
ল’ৰ৷-ছোৱালীক বাদ দি বেছিভাগেই হাত দাঙিলে।
--- Page 33 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ২৭
‘তোমালোকে একেদিনাই ভালদৰে চাইকেল চলাব পাৰিছিলানে?’
--‘নাই পৰা BA) ছাৰৰ কথা শুনি সকলোৱে একেলগে চিঞৰি ক’লে।
‘সকলোৱে প্রথমে তলত ওলমি চাইকেল শিকা আৰম্ভ Fes | বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ
ছাল-বাকলি এৰাই AT | কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছালবাকলি যোৱাৰ পাছত
বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে
চাইকেল চলাব নোৱাৰে। যিসকলে ছালবাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব
পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি ‘হাফ পেদেল’ মাৰি চলাব পৰা হয় আৰু এদিন
‘ফুল পেদেল’ মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্রতিযোগিতাত
অৱতীৰ্ণ হয়। এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম।
বহুতেই প্রথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ'লে
এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী হয়গৈ। এতিয়া বুজি
পালানে এজন সফল উদ্যোগী হ'বলৈ কিহৰ প্রয়োজন?”
“হয় ছাৰ! ভালদৰে বুজি পালোঁ।” সকলোৱে একে মুখে চিঞৰি উত্তৰ দিলে।
‘তোমালোকে টি.ভি. চোৱানে ?'--শিক্ষকে পুনৰ সুধিলে।
চাওঁ ছাৰ! সকলোৱে চিঞৰি উত্তৰ দিলে।
“ক’ক৷ Pa কোম্পানীৰ এটা বিজ্ঞাপন তোমালোকে নিশ্চয় দেখিছা য’ত Pa—‘Eat cricket, sleep
cricket, dream cricket, drink cricket.’ উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো
অতি গুৰুত্বপূৰ্ণ৷ খাওঁতে, শোওঁতে, উঠোঁতে-বহোঁতে অনবৰতে উদ্যোগী ব্যক্তি গৰাকীয়ে নিজৰ লক্ষ্য বা
সপোন সাৰ্থক কৰিবৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব লাগিব। লগতে তেওঁৰ লাগিব এক সৃজনশীল
মন৷ এজন উদ্যোগীয়ে প্রতিটো খোজতে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ খোজ আগব্ঢ়াব
লাগিব। ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেট্চমেনেও ভাল বলাৰৰ বাবে ৰাণ কৰিব
নোৱাৰিলেও নিজৰ উইকেট বচাই ৰাখি চিক্সাৰৰ বাবে ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনেও
ধৈয্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব
লাগিব।”
‘বাৰু তোমালোকে SS (Infosys) কোম্পানীৰ নাম শুনিছানে?’
‘শুনিছোঁ ছাৰ |’
‘ইন্ফচিচ কোম্পানীৰ প্রতিষ্ঠাপক নাৰায়ণ মৃত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা
আন্ট্বাপিনিওৰ। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কণটিকৰ এক নিম্ন মধ্যবিত্ত
পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ Wale হেঁপাহ আৰু হাবিয়াস
আছিল। সেয়ে অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি
--- Page 34 ---
২৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলীয়া হৈ
কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মৃত্তীদেৱে পুনৰ চাকৰিত যোগদান
কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আৰু Infosys নামৰ কোম্পানী আৰম্ভ
কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ
পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ প্ৰথম অৱস্থাত
বহুতো বাধা, ঘাত-প্রতিঘাতৰ সন্মুখীন হ’ব লগা হৈছিল; নব্বৈৰ দশকত তেতিয়াৰ era ভাৰতীয়
অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত
মৰাৰ পাছত নাৰায়ণ PST Se তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ’ল ধৈয্যঁ আৰু একাগ্ৰতাৰে
সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু
নামজ্বলা উদ্যোগী |”
‘শিক্ষাৰ্থীসকল! তোমালোকে নিশ্চয় এতিয়া উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজিব পাৰিছ| ?’
“হয় ছাৰ! উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা
সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়।” ছাৰৰ প্রশ্নৰ
উত্তৰ দি বিজিতে ক’লে।
বিজিতৰ উত্তৰ শুনি ছাৰে হাঁহি মাৰি ক’লে--“তুমি ঠিকেই কৈছা বিজিত। নিজৰ ইচ্ছামতে নিজৰ
সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্রতিষ্ঠা কৰা প্রতিজন ব্যক্তিয়েই একো একোজন
উদ্যোগী বা entrepreneur | সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্ট্ৰেৰা বা ধাবাৰ
মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱেই একো
একো গৰাকী উদ্যোগী ৷”
‘ছাৰ! এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব?’ মাজতে Ahora সুধিলে।
তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্রয়োজনীয় শিক্ষাগত অৰ্হতাটো
নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-
পাচলিৰ দোকান খুলি স্বাবলম্বী হ’বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ
ব্যৱসায়তো কৃতকাৰ্য্য হ’বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্রয়োজন হয়। আনহাতে এখন AGH পাৰ্লাৰ
বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই
কামৰ কৌশল বা Skill থকাটো প্রয়োজন | কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য্যতা
লাভ কৰিব নোৱাৰি।
আকৌ বৰ্তমান সময় AYRE (Technology), তথ্যপ্ৰযুক্তি (Information technology) আৰু জ্ঞান
(Knowledge) ৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ
বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে
--- Page 35 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ২৯
গুৰুত্বপূৰ্ণ । কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি
তথ্যপ্রযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকায্যতা লাভ কৰাৰ অধিক সম্ভাৱনা
থাকে। এখন হস্পিতেল বা নাৰ্ছিং হোম প্রতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী
হোৱাটো প্রয়োজন | অসমত স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই, হস্পিতেল খুলি কৃতকাৰ্য্য উদ্যোগী হোৱা GNRC
HOSPITAL ৰ স্বতাধিকাৰী শ্ৰী নোমল চন্দ্ৰ বৰা, DOWN TOWN HOSPITAL 4 স্বত্বাধিকাৰী শ্ৰী
নৰেন্দ্ৰ নাথ দত্ত, NEMCARE HOSPITAL 4 স্বত্বাধিকাৰী শ্ৰী হিতেশ বৰুৱা প্ৰত্যেকেই একো একো
গৰাকী চিকিৎসক। এনেদৰে অসম এয়াৰ প্রডাক্টছ, প্ৰিমিয়াৰ ক্ৰায়জেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী খ্ৰী
অভিজিৎ বৰুৱা আৰু প্রখ্যাত গৃহ নিমণিকাৰী বা বিল্ডাৰ শ্ৰী জে. এন. খাটনিয়াৰ একো একো গৰাকী
অভিযন্তা। মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ Vises কৈ গৈছে যে “জ্ঞান ভিত্তিক অৰ্থনীতিত সেইসকল
লোকেই কৃতকাযতি লাভ কৰিব, যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সবেত্তিম পৰিৱেশন
(Performance) কৰে”।
এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্রথম অৱস্থাত এজন
উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলে৷ কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল
শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।
বাৰু তোমালোকে টমাচ আলভা এডিচনৰ নাম শুনিছানে?
হয় ছাৰ শুনিছোঁ।
বিখ্যাত বৈজ্ঞানিক টমাচ আলভা এডিচনে ইলেকট্ব্ক বান্ধ তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ
মন্তব্য কৰিছিল “মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম AHA” | এপল কোম্পানীৰ
FRA OMA ষ্টিফ GIST মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথোঁ ধৈৰ্যশীলতা
(perseverance) | ১৮৭৬ খৃষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ
বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ SAT | অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি
ৰাডাৰফৰ্ডৰ সন্মুখত তেওঁৰ আৱিষ্কাৰ প্রদৰ্শন কৰিলে। ৰাডাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে “এইটো এটা
আচৰিত আৰবৱিষ্কাৰ। কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল’ব?” সেই ডেকাজনেই আছিল
আলেকজেণ্ডাৰ গ্ৰাহাম বেল। ১৯৪০ চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লচনে নিজৰ আৱিষ্কাৰ ২০টা
কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি নহ'ল।
সাতবছৰৰ পাচত ১৯৮৭ চনত MORASS হেলয়ড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব
কিনিবলৈ মান্তি হয়। পৰবৰ্তাঁ সময়ত হেলয়ড কোম্পানী জেৰক্স ক’ৰপৰেচন নামে জনাজাত হয়। আজিও
বহুতে চিঠি পত্ৰৰ মেচিনত কৰা ফটো কপিক জেৰক্স বুলিয়েই কয়। বিল গেট্চৰ মতে উদ্যোগীসকলৰ
বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ’ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো সহজ হ’লেও
বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়। যোগাযোগ (communication) বা উপস্থাপন (presentation)
--- Page 36 ---
৩০ অসমীয়া সাহিত্য চয়নিকা (নতুন)
ভাল নোহোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী নহয়। গতিকে বিক্ৰী কৰা৷ কৌশল (marketing
skill) এজন উদ্যোগীৰ বাবে অতিকে গুৰুত্বপূৰ্ণ৷
‘ছাৰ, উদ্যোগী হ’বৰ বাবে কিমান মূলধনৰ প্রয়োজন?’ অৰ্জুনে সুধিলে।
‘বহুতৰে ধাৰণা যে উদ্যোগী হ’বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সৰ্বতোকালৰ এজন
সফল উদ্যোগী ধীৰুভাই আন্বানীৰ হাতত মূলধনো নাছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল।
CICS শিক্ষা সমাণ্ড কৰা ধীৰুভায়ে প্রথমে cabot ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ
কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা
কৰাৰ দুবৰি হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি বাৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল’লৈ। ‘মন কৰিলে চন,
বাকৰি মাটিতে xe? | নিজৰ মূল ধন নথকা বাবে তেওঁ আমাৰ অসমীয়াৰ ফকৰা যোজনা “তোমাৰ বাৰীৰে
বাঁহ গাজ আনি তাৰে কৰিছোঁ খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছ|” সঠিক ভাবে
প্রয়োগ কৰিলে। বাৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা
আৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাব উদ্যোগী
হোৱাৰ কেতিয়াও অন্তৰায় বা বাধ৷ হ'ব নোৱাৰে। উইলিয়াম চেক্সপীয়েৰে কৈছিল “আমাৰ ভাগ্য (des-
tiny) গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে”। কোনো এজন ব্যক্তি দুখীয়া হৈ জন্ম
ল’লে বুলিয়েই আজীৱন তেওঁ দুখীয়া আৰু অকৃতকাৰ্য্য হৈয়ে থাকিব লাগিব বুলি কোনো কথা নাই।
বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰচফ্টৰ প্ৰতিষ্ঠাতা বিল গেট্চে সেয়ে কৈছে “আপুনি যদি দুখীয়া হৈ জন্ম
হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল |” প্ট্বেল পাম্পৰ
চাকৰি বাদ দি CARIES এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আনম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ
কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী আৰু এটা টেলিফোন। তাৰ পৰাই তেওঁ
“Reales কমাৰচিয়েল কৰপে'ৰেচন” স্থাপন কৰে আৰু পৰবৰ্তী সময়ত ইয়েই বিখ্যাত ৰিলায়েঞ্চ ইণ্ডাষ্টীজ
হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল “নতুন ধাৰণ৷ বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ
ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতকৈ ভাবা ৷” বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্যোগী
হোৱাৰ গুণ জন্মগত আৰু উদ্যোগী গঢ়িব নোৱাৰি। কিন্তু এই ধাৰণা এক ভ্ৰান্ত ধাৰণা৷ উপযুক্ত প্ৰশিক্ষণ আৰু
অভিৰোচন (motivation) ৰ দ্বাৰা উদ্যোগী গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্যক্তিৰ থাকিব
লাগিব আত্ম বিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতিয়া আৰু সৃষ্টিশীল মন। লগতে মনত ৰাখিব
লাগিব যে ভুকুতে কলটো নপকে।'--ছাৰে উত্তৰ দিলে।
“ছাৰ! উদ্যোগী হ'বলৈ বিচৰা ব্যক্তিসকলৰ প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছেনে?” নিশামণিয়ে সুধিলে।
নিশ্চয় আছে! US ক’লে৷ উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ Indian Institute of
Entrepreneurship (IIE) নামৰ সংস্থাৰ শাখা ভাৰতৰ প্রতিখন ৰাজ্যতে আছে। লগতে Startup India
আঁচনিৰ জৰিয়তে উদ্যোগীসকলক আৰম্ভণি কৰিবৰ বাবে মূলধন, কাৰিকৰী সহায় (Technical support)
দিয়াৰ লগতে প্রশিক্ষণৰো ব্যৱস্থা আছে।
--- Page 37 ---
অসমীয়া সাহিত্য চয়নিকা নেতুন) ত
বৰ্তমান চৰকাৰে আত্মনিৰ্ভৰশীল হোৱাৰ আগ্ৰহী যুৱসকলৰ বাবে বিভিন্ন আঁচনিও জাৰি কৰিছে। উদাহৰণ
স্বৰূপে মুদ্ৰা 4$ণ SNS KT | এই আঁচনিৰ জৰিয়তে মূলধন নাথাকিলেও কোনো এজন উদ্যোগী লোকে ব্যৱসায়
আৰম্ভ কৰিব পাৰে। চৰকাৰে তেনে ধৰণৰ লোকৰ বাবে এই আঁচনিৰ জৰিয়তে কোনো ধৰণৰ বন্ধকী অথবা
HOCHST নথকাকৈয়ে বেংকৰ খ৷৭ৰ ব্যৱস্থা অতি কম সুদত দিয়াৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ জৰিয়তে
বহুতো উদ্যোগী ডেকাই উন্নতিও লাভ কৰিছে। সেইদৰে বিভিন্ন বিনিয়োগকাৰীৰ জৰিয়তেও ব্যৱসায় তথা
উদ্যোগৰ বাবে Als ব্যৱস্থা আছে।
আজিকালি ছাত্র-ছাত্বীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়,
বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে উদ্যোগী কোষ (entrepreneur cell) গঠন কৰা হৈছে আৰু এই
চাকৰিৰ আশাত প্ঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্রশিক্ষণ আদিত যোগদান কৰি নিজকে
উদ্যোগী হিচাবে মানসিক ভাবে প্রস্তুত কৰি ৰখা উচিত।
জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়া অসম্তব। প্রতি দহজন ছাত্ৰৰ মাত্ৰ এজনেহে
হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ
নিজৰ জীবিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিক ভাবে প্রস্তুত
কৰি তাৰ বাবে প্রস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।
লেখক পৰিচিতি ঃ
১৯৬১ চনৰ ২৪ এপ্ৰিলত তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকী বাৰীত দেৱজিৎ ভূঞাৰ জন্ম
হয়। তেওঁ পিতৃ প্রয়াত সুৰেন্দ্ৰ নাথ ভূঞা আৰু মাতৃ মনোৰমা ভূঞা।
ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে ১৯৭৬ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ
হোৱা ভূঞাদেৱে ১৯৮৪ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত
উত্তীৰ্ণ হৈ পিছত বঙাইগাঁও শোধানাগাৰত অভিযন্তা হিচাপে তেওঁ যোগদান BS | পৰবৰ্তী সময়ত ২০২১
বৰ্ষত তাৰেপৰাই ইলেকট্বকেল বিভাগৰ মেনেজাৰ পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে।
বুলেট চলোৱা ছে৷ৱালীজনী, কবিতাৰ আকাশ, জুবিন গাৰ্গ জিন্দাবাদ, নতুন নায়িকা হিমা, সফল যাযাবৰ,
শিশু হ'বৰ মন যায়, এনিশাৰ কবিতা, এদিনৰ কবিতা, জয় আই অসম, লাহে লাহেৰ দেশ আদি ৩০ খন
অসমীয়া গ্ৰন্থ ৰচনা কৰাৰ উপৰিও--_]30021.]1%, Me too, The Black Hole, The world I want to see,
Winning Profile, Let us bloom together, One Night's Guest, Multiple Career Choices, Bjg
Bang to Bill Gales আদিকে ধৰি ৪০ খন ইংৰাজী গ্ৰন্থ ৰচনা কৰি প্রকাশ কৰছে।
ইয়াৰ উপৰিও ৬ খন ই মানধ্যমৰ গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে কেইবাখনো জনপ্ৰিয় বাতৰি কাকত, আলোচনী
আদিতো তেওঁৰ বহু প্রবন্ধ প্রকাশ হৈছে।
পাঠবোধ
--- Page 38 ---
৩২ অসমীয়া সাহিত্য চয়নিকা (নতুন)
শিক্ষাৰ্থীৰ মনত এগৰাকী সফল উদ্যোগী হ’বলৈ হ’লে সৰুৰে পৰা কেনে হ'ব লাগিব, বিষয়ে এটা
ধাৰণা দিয়াই এই পাঠৰ মূল উদ্দেশ্য। এই পাঠৰ জৰিয়তে এজন সফল উদ্যোগী হ’বৰ বাবে যে মানুহৰ
CW, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্রয়োজন সেই
কথা ছাত্র-ছাত্ৰীসকলে উপলব্ধি কৰিব পাৰিব।
শব্দাৰ্থ আৰু টোকা ঃ
একাগ্ৰতা == একাগ্র ব্যক্তিৰ গুণ বা স্বভাৱ, একান্ত আগ্ৰহ।
নিয়মানুবৰ্তিতা — five নিয়মাৱলী মানি চলা অভ্যাস বা স্বভাৱ।
আত্মবিশ্বাস == আত্মপ্রত্যয়।
সৃজনশীল -= সৃজন গুণৰ সংযোগ।
সমাপ্ত — BS, eR
প্ৰশ্নাৰলী
ভাৱ-বিষয়ক
১।(ক) দশম শ্ৰেণীৰ শ্রেণীকোঠাত সোমোৱা শ্ৰেণী:শিক্ষক গৰাকীৰ নাম কি?
(খ) শ্ৰেণী:শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
(গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি?
(ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্রয়োজন?
(৬) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
(চ) নাৰায়ণ মূৰ্ত্ত কোন?
(ছ) বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল?
(জ) প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?
(বা) টমাচ আলফা এডিছনে ইলেকট্র্ক ay তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?
২। চমুকৈ বুজাই লিখা ঃ
(ক) ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।’--শিক্ষকগৰাকয়ে কিয় এইদৰে
ক’লে বুজাই লিখা।
(খ) সফল উদ্যোগী হ'বলৈ কিয় কঠিন?
(গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা
কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা |
--- Page 39 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৩৩
(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।
৩। ইন্ফচিচ কোম্পানীৰ প্রতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী
হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।
8 | “ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব ?”--এইদৰে কোনে
সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।
© | “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”--কথাষাৰ পাঠৰ
আধাৰত বুজাই লিখা।
৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”--
ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত GAO! নথকাকৈ কেনেকৈ এজন সফল
উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা।
৭ ছাত্ৰ-ছাত্বীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?
৮। চমুটোকা লিখা ঃ
টমাচ আলভা এডিচন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহামবেল, চেষ্টাৰ কাৰ্লচন, বিল গেট্চ,
উইলিয়াম চেক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।
> | সমাৰ্থক শব্দ লিখা 2
প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।
so | বিপৰীতাৰ্থক শব্দ লিখা ঃ
নতুন, PU, সফল, PAS, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।
১১। তুমি কথা-বতৰা পাতোতে সাৱধান SAT |
মনে পঢ়া-শুনা কৰি আছে।
গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।
ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজা ঃ
ল’ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।
১২। ভাব সম্প্ৰাসাৰণ কৰ৷ ঃ
ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।
খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
১৩। লিংগ পৰিৰ্বতন কৰা ঃ
—$— xX ——
--- Page 40 ---
।77>ন]2
ভাৰতী তায় সংস্কু(ত
হেম বৰুৱা
ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ Tl আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী-- এনে তৰহৰ
বিভিন্ন সত উপ-সোঁত লগলাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। ইয়াৰ উপৰিও অতীজতে
গ্ৰীক, শক, হুন, আদি নানা মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ
বাসভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী।
ভাষাতত্ব, সামাজিক-ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ
সৃষ্টি হৈছে। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্রকাশ কৰে। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শেৰে
জীয়াই আছে। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় হৈছিল যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো
প্রায় টান হৈ পৰিছে।
ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে প্রকৃত শক্তি। ক্ৰমবৰ্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্রাণ। এই কাৰণেই
ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি। স্পেঙ্লাৰৰ সভ্যতা-সংস্কৃতি সম্বন্ধীয় তথ্যই এই কাৰণেই ভাৰতীয়
সংস্কৃতিৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিব পৰা নাই। বুৰঞ্জীৰ বেলেগ বেলেগ BA ভাৰতীয় সংস্কৃতিৰ
গাত একোটা আঁচোৰ মাৰি গৈছে। এইখিনিতেই আমি ‘সভ্যতা’ আৰু ‘সংস্কৃতি'--এই দুটা শব্দৰ
মাজত কিবা পাৰ্থক্য আছেনে চিন্তা কৰি চোৱা উচিত। আচলতে এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে
এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা
বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়
সমাজ সভ্য অৰ্থাৎ সু-শৃংখল নহ’লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো
সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। এটা
জাতি সু-সভ্য হ’ব পাৰে। আনহাতে ইয়াৰ তেনে কোনো লেখত ল’বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব
--- Page 41 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৩৫
পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্রকাশ পোৱা প্রতিভাই হৈছে জাতি বিশেষৰ
সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে।
সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ প্রৱাহ বাধাহীন গতিৰ বোৱঁতী
সুঁতি। ই অতীজৰে পৰা একেৰাহে নিৰৱিচ্ছিন্নভাৱে বৈ আহিছে। সমাজৰ ওপৰত প্রাকৃতিক পৰিবেষ্টনৰ
VID পৰাটো স্বভাৱিক কথা। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় । এফালে শুকান মৰুভূমি; আনহাতে
মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ; আনফালে যোজন ব্যাপ্ত সমতল ভূমি৷ প্রাকৃতিক
দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টিয়েই ভাৰতীয় জীৱন।
ভাৰতীয় মনে প্রাকৃতিক অসামঞ্জস্যক স্বীকাৰ কৰি লৈছে। এনে ধৰণৰ, মনঙক্তাত্বিক প্রস্তুতিয়ে জীৱনৰ
অসামঞ্জস্যকো স্বীকাৰ কৰি ল’বলৈ বাধ্য কৰিছে। ভাৰতীয় বিশাল ভূমিখণ্ডই একালত বাহিৰৰ ন ন
মানৱপুঞ্জক SA জনাইছিল। এচিয়াৰ চৌদিশৰ পৰা অহা মানৱপুঞ্জৰ সোঁতে দেশ প্লাৱিত কৰিছিল।
প্ৰত্যেকেই ব্যক্তিগত প্রতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। পণ্ডিত ৰাহুল সংকৃত্যায়নৰ
By wa টু গংগা’ নামৰ কিতাপত এই সম্বন্ধে বহুল বৰ্ণনা কৰিছে। প্রাকৃতিক ব্যৱধানৰ কাৰণেই
হওক বা আন কিবা কাৰণেই হওক যিসকল আৰ্যই প্রৱজন কৰি আহি ভাৰত ভূমিত নিগাজীকৈ থাকিবলৈ
ল’লে, সেইসকলৰ আদিম বাসভূমি মধ্য-এছিয়াৰ লগত স্বাভাৱিকতে সম্বন্ধ টুটি আহিবলৈ ধৰিলে
আনকি ভাৰতবৰ্ষ আৰু আফগানিস্তানক একগোট কৰি থোৱাৰ চেষ্টাও FORMS নহ’ল। একালত এই
দুই অঞ্চলৰ মাজত যে সংযোগ আছিল, সেইষাৰ কথাৰ সাক্ষী স্বৰূপে আজিও কান্দাহাৰ চহৰ আছে
কান্দাহাৰ ভাৰতীয় নাম। গ্ৰীকসকলে পঞ্জাৱ আৰু আফগানিস্তান একগোট কৰি থ’বলৈ চেষ্টা কৰিছিল
তেওঁলোকৰ এই চেষ্টা ব্যৰ্থ হৈছিল। সেইদৰে মৌৰ্যসকলৰ বিস্তাৰ যুগত ভাৰত আৰু কান্দাহাৰ এক
গোট কৰি থোৱাৰ প্রচেষ্টা চলিছিল। এই প্ৰচেষ্টাও গ্ৰীসকলৰ চেষ্টা ব্যৰ্থ হোৱাৰ দৰে ব্যৰ্থ হৈছিল
ভাৰতীয় সংস্কৃতি একালত সমগ্ৰ দক্ষিণ-পূব অঞ্চলতে বিয়পি পৰিছিল। ইয়াৰ প্রমাণ ব্ৰহ্মদেশ, কম্বোডিয়া,
ইণ্ডোনেচিয়া আদি ঠায়ে আজিও যোগায়। এই অঞ্চলসমূহত বাৰশ বছৰ জুৰি জীয়াই থকা হিন্দু ৰাষ্ট্বোৰেও
ইয়াৰ প্রমাণ দিয়ে। প্রৱল সোঁতে মধ্য এচিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ-পূৱ এচিয়ালৈকে স্পৰ্শ কৰিছিল।
এই অভিযান জলপথ আৰু স্থলপথ দুয়ো দিশৰ পৰাই সাধিত হৈছিল।
সম্যক দৃষ্টিৰে চালে দেখা যায়, ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ FAH |
ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাচত সিটো পৰিয়ালৰ শাসনভাৰ
গ্ৰহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাত্ৰণত্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুতি ক্ৰমবৰ্ধমান
সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয়
সংস্কৃতি আৰু এতিহ্যৰ বৈশিষ্ট্য। মহেঞ্জোদাৰো আৰু Saas সংস্কৃতিয়ে এটা আরৰ্য-পূৰ্ব যুগৰ কথা
কয়। এই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল, সঁচা কথা, তথাপি ই শুকাই চিনচাব নোহোৱা হোৱা
--- Page 42 ---
৩৬ অসমীয়া সাহিত্য চয়নিকা (নতুন)
নাছিল। মহেঞ্জোদাৰোৰ সংস্কৃতিক অস্বীকাৰ কৰি নহয়, ইয়াৰ ওপৰত ভেটি কৰিহে পাছৰ যুগৰ আৰ্যসকলে
নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল। ইয়াৰ বুকুৰ পৰা ভালেখিনি সংস্কৃতিৰ সম্ভাৰ তেওঁলোকে বুটলি
লৈছিল। শিৱ আৰু শক্তি পূজাৰ মূল বিচাৰি প্রত্নতাত্বিক পণ্ডিতসকলে ইয়াৰ কাষ চাপিছিল; আৰু
ইয়াতেই তেওঁলোকে মূল আৱবিষ্কাৰো কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ।
সেই সভ্যতাৰ মোহৰত ই আজিও অংকিত হৈ আছে।
ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সু-সংগঠিত আৰু টনকিয়াল বিধৰ আছিল। বাহিৰৰ পৰা অহা অভিযানসমূহ
ইয়াৰ আগত প্রায়েই ব্যৰ্থ হৈ গৈছিল। আনহাতে বাহিৰৰ পৰা অহা কমেইহে ভাৰতীয় সংস্কৃতিৰ সৰ্বগ্ৰাসী
প্রভাৱৰ হাত সাৰিব পাৰিছিল। উদাহৰণস্বৰূপে ৰাজপুতসকল ভাৰতভূমিৰ বৰ পুৰণি অধিবাসী নহয়।
আজি এইষাৰ কথা আমাৰ বহুতৰে স্মৃতিৰ অতীত হৈ পৰিছে। আৰু এই ৰাজপুতসকলেই ভাৰতীয়
সংস্কৃতিৰ ভঁড়াললৈ যে বিশেষ অৱদান যোগাইছিল সেই বিষয়ে সন্দেহ নাই। ৰাজপুত্ৰ চিত্ৰশিক্পই ইয়াৰ
উপযুক্ত প্রমাণ।
ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল
তাৰ প্রমাণো অলেখ আছে। উদাহৰণস্বৰূপে দ্ৰাবিড় আৰু আৰ্য সংস্কৃতিৰ কথা উল্লেখ কৰিব পাৰি।
দ্ৰাবিড় সমাজত প্রচলিত কিছু দেৱ-দেৱীকে আৰম্ভ কৰি ধৰ্ম-পদ্ধতি বিশেষো আৰ্য সমাজে গ্ৰহণ কৰিছিল।
সেইদৰেই দ্ৰাবিড় পুৰোহিত শ্ৰেণীকো আৰ্য ব্ৰাহ্মণ-সমাজৰ মৰ্যাদা দি অন্তৰ্ভুক্ত কৰি লৈছিল। এইখিনিতেই
সৰ্বপল্লী ৰাধাকৃষ্ণণে দিয়া ‘কালিয় দমন’ৰ ব্যাখ্যা মম কৰিবলগীয়া। ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ
প্ৰতীকধৰ্মী নৃত্য। এনে উদাহৰণ আৰু বহুতো আছে।
BIA বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই। শক্তিৰ প্রতিকৃতিৰো ক’তো উমান পোৱা নাযায়।
সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখো বৰ কমেইহে পোৱা যায়। বৰ্তমান হিন্দু ধৰ্মত প্রচলিত
লিংগ পূজাও যে অনাৰ্য যুগৰ বস্তু, সেইষাৰ কথাও কোনো পণ্ডিতে কয়। হিন্দুৰ শ্ৰাদ্ধবিধিও অনাৰ্য
যুগৰ অৱদান। অনাৰ্য সমাজত আজিও মৃতকৰ উপাসনা চলে। মৰিশালীত খাদ্যদ্রব্যকে আদিকৰি ব্যৱহাৰৰ
Sit TABS wise উছৰ্গা কৰা হয়। আৰ্য আৰু অনাৰ্যৰ সমন্বয়, এটা Gass গতি পদ্ধতিৰ
জৰিয়তে সম্ভৱপৰ হৈছিল। ই হঠাতে হোৱা বস্তু নহয়। শিৱক দক্ষ যজ্ঞত অৱহেলা কৰা ঘটনাটো
অতি অৰ্থব্যঞ্জক ৷ শিৱ অনাৰ্য দেৱতা। পাৰ্বতী আৰ্য সমাজৰ জীয়াৰী। আৰ্য সমাজত তেতিয়াও অনাৰ্য
শিৱক সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হোৱা নাছিল। গতিকেই তেওঁৰ প্রতি এই নিষ্ঠুৰ অৱহেলা। কালক্ৰমত
শিৱই আৰ্যৰ বেদীত ঠাই পাইছিল। অনাৰ্য সংস্কৃতিয়ে আৰ্য-সংস্কৃতিৰ বুকুত ঠাই পাওঁতে সময় লাগিছিল।
ঠাই যে পাইছিল, সেই বিষয়ে অৱশ্যে সন্দেহ নাই। আমাৰ কামাখ্যা দেৱীৰ পূজা-অৰ্চনাৰ পিনৰ পৰাও
এইষাৰ কথাৰ প্ৰমাণ দিব পাৰি। কামাখ্যা আদিতে অনাৰ্য দেৱী। অৱশেষতহে আৰ্য সমাজে কালী
বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে ইয়াক গ্রহণ কৰিছিল। বৰ্তমান প্ৰচলিত (কোচ ৰজাৰ ৰাজত্বৰ কালৰ পৰা),
ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগতে ইয়াত গাৰো সমাজৰ মানুহেই পূজাৰী স্বৰূপে আছিল।
--- Page 43 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৩৭
বুৰঞ্জীয়ে কয় গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিল যদিও তেওঁলোকে গ্ৰীকসকলৰ
জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিল। ৰোমান সাম্ৰাজ্যবাদৰ অধীন হোৱাৰ পৰৱৰ্তা কালছোৱাত
গ্ৰীকসকলৰ সংস্কৃতিৰ বিষয়েও একেষাৰ কথাকে ক’ব পাৰি। ৰাজ্য জয় হৈছিল, সঁচা কথা। সেই বুলি
আত্মাৰ জয় হোৱা নাছিল। আনহাতে দেখা যায়, পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয়
কৰিছিল। ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য-সমাজৰ হাতত পৰাজিত হৈছিল। এনেদৰেই
আৰ্যৰ বিজয় অভিযান সাৰ্থক হৈছিল। আনহাতে সাংস্কৃতিক ক্ষেত্ৰত TAS কৃষ্টি-সমলে আৰ্যৰ ভঁড়াল
বহুতখিনি চহকী কৰিছিল, ই বুৰঞ্জীসন্মত সত্য। এই সমন্বয়ৰ কাহিনী বাদ দিও, ভাৰতীয় সংস্কৃতিৰ
পৰিব্যাপ্তিৰ কথাও আছে। আগতে হৈছিল যদিও প্রকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ
বিস্তাৰ যুগ বুলিব পাৰি। কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টীয় ‘ছাৰমন অন্ ডি মাউণ্ট’ৰ
গুৰিতো বৌদ্ধ সাহিত্যৰ প্রভাৱ বিয়পি আছে। আনহাতে যদিও ছুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘোষণা
কৰা হয়, তথাপি ছুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। এনেবোৰ
উদাহৰণে ভাৰতীয় সংস্কৃতি যে প্রভাৱশালী সমন্বয়ৰ সম্পদ, সেইষাৰ কথাৰ প্রমাণ দিয়ে। এনেবোৰ
কাৰণৰ বাবেই আমি ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলোতে ভাৰতীয় জীৱনৰ প্রাণস্বৰূপ
সমন্বয়ৰ ইংগিত পাওঁ। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পোনপটীয়াকৈ
পৰা নাছিল। গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ
hace ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাঙ্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্রাদুৰ্ভাৱ সৰহ। গঠনৰ
বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ
স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্ততঃ এহেজাৰটা
স্তম্ভ আছে। ইয়াৰ এটা SSI আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজ-সজ্জাৰ জাক-জমকতাই
আৰু প্রতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে। আনহাতে উত্তৰ ভাৰতৰ ভাস্কৰ্য দাক্ষিণাত্যৰ
ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু Ae ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই অঞ্চলৰ
মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্রভাৱ পৰা দেখা যায়। ই আচলতে সংহতিৰ ভাস্কৰ্য।
ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ AON জৰিয়তে প্রকাশ পাইছে, দাক্ষিণাত্যৰ দৰে কাৰু-কাৰ্যৰ বিশালতাৰ
সহায়ত নহয়।
গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয়-_
ইয়াতোকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল। আচলতে
উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। ইয়াক কোনো প্রকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি।
এইবোৰৰ জৰিয়তে প্রচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ নতুন এক ভাৰতীয়
পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হাস কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু
--- Page 44 ---
৩৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
ভাস্কৰ্যক কাৰু-কাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদৰ্শ
য’তেই সফল হৈছে, ত’তেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছোঁ। য’তেই হোৱা
নাই, ত’তেই সমন্বয়ৰ আদৰ্শ অসাৰ্থক হৈছে। এইখিনিতেই উদাহৰণস্বৰূপে ফটেহপুৰ HBA, ইচ্মৎদৌল্লাৰ
অসম্পূৰ্ণ ভাস্কৰ্যৰ কথা উল্লেখ কৰিব পাৰি। আনহাতে হিন্দু ভাস্কৰ্যৰ কলা-নিদৰ্শন কেতবোৰ ইছলামীয়
অনুষ্ঠানত ব্যৱহাৰ হোৱাৰো উদাহৰণ আছে। আনকি হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল মুছলমান
বাদছাহসকলৰ সমাধি স্থানত ব্যৱহৃত হোৱাৰো প্রমাণ আছে। সাংস্কৃতিক ক্ষেত্রত দুয়োটা সম্প্ৰদায়ৰ
মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদৰ্শনৰ জন্ম দিছিল। একোটা জাতি
বিশেষ সুকুমাৰ কলা-সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে। সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্ৰ-
শিল্পই বেছি স্থায়ী। কীট্ছে ‘গ্ৰেছিয়ান আৰ্ণ’ কবিতাত ইয়াৰেই জয়গান গাইছে। ভাষা মানুহৰ সামাজিক
আদান-প্ৰদানৰ বাহক। সমাজ পৰিৱৰ্তনৰ লগত ইয়াৰ গতি-বিধি জড়িত। একোটা গীত বা সংগীতৰ
ৰীতি অতি কম সময়ৰ কাৰণেহে জীয়াই থাকে। সংগীতে আকাৰ-শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে।
অন্তৰত হিল্লোল তোলাৰ সময়খিনিৰ বাহিৰে ই সৰহ সময় তিষ্ঠি নাথাকে।
চিত্ৰকলা যদিও বিশ্বজনীন তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষৰ প্রাণথলীৰ বহুখিনি পৰিচয় পোৱা
যায়। চীনা চিত্ৰকলাই যিদৰে চীন দেশৰ পৰিচয় দিয়ে, সেইদৰে মেক্সিকোৰ চিত্ৰকলাই সেই দেশৰ
চিনাকি দিয়ে। eka চিত্ৰকলাৰ সূক্ষ্মতাই জাপানী চিত্ৰ-শিল্পৰ বাহুল্যহীনতাৰ দৰেই জাতি বিশেষৰ
প্রতিভাৰ জাননী দিয়ে। সেইদৰে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই
দিয়ে।
অজন্তাৰ গুহাত VAST বাবে শিল্প-কলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি-
প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাব-বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস
জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ
ছবিবোৰ হৈছে--জীৱন আনন্দৰ Cpr চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু
CTA | প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা এই দুয়োবিধ ছবি একে
ধৰণৰ নহয়। দুয়োবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে। তথাপি পৃথক যদিও, এই জগত
দুখন পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ
এই ছবিবোৰত আছে। প্রাক্-মুছলিম যুগৰ জীৱন প্রাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ,
মহিলা, শিশু বিবিধ ভংগিমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্রাচুৰ্যই যেন শিল্পীক
মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্বাউল হৈছে। ছবিবোৰৰ
ভাববস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা We! শিল্পীৰ শিল্পতগত আৰু
বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশি.ল্সৰ গৌৰৱ।
--- Page 45 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৩৯
মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্রৱেশ কৰে। এই
চিত্ৰ-শিল্সৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী Vide জনজীৱন বা সমষ্টি জীৱনৰ
কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু
চেংগীজ খাঁৰ ৰাজ দৰবাৰত; গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ
বাধ্য হৈছিল। ইয়াত ভাব-প্রৱণতা নাই, আছে বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ
স্বৰূপে আমি উৰ্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ। বিদ্যাপতিৰ “লাখ লাখ যুগ
fat হিয় ৰাখনু”--ইত্যাদিৰ তুলনাত এনে কাব্য সাহিত্যত ভাৱ-প্রৱণতাৰ পৰিমাণ তাকৰ।
ব্যক্তিবাদে সাময়িকভাৱে হ’লেও চিত্ৰ-শিল্পত ইংগিত বা সংকেতৰ স্থান প্রায় নোহোৱা কৰিছিল।
এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত
প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ
সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই ফালৰ পৰা চাবলৈ গ’লে অনুভূতিৰ প্রসাৰ
মোগল আৰু ৰাজপুত SSS প্রধান লক্ষণ। এবিধ মূলতে আনন্দাগলুুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰ-
প্রাণ। এইবোৰৰ স্থবিৰতাৰ মাজতো হওঁতে AS আনন্দধাৰা উজ্জ্বল হৈ আছে।
ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গান্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ
সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ASRS লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক
উৰণীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই সুৰ-বস্তুৰ ওপৰত লোক-সংগীতৰ প্রভাৱ বুলিব পাৰি।
সাধাৰণতে সকলো আটৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এটাৰ উদ্দেশ্য কাৰু-
কাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি; আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু
দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে; আনটোৱে আমাক অন্তৰ আত্মা-স্পৰ্শ কৰি অভিভূত
কৰে। প্রথমটোৱে প্রায়েই বিৰাট পটভূমিৰ অৱতাৰণা কৰে; দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহিৰ্জাগতিক
বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই।
বুৰঞ্জীয়ে কয়--মুছলিম আৰু হিন্দুৰ প্রথম সংঘৰ্ষই হিন্দুৰ মমত পোনতে বিপ্লৱৰ সৃষ্টি কৰিছিল।
অৱশেষত বিপ্লৱৰ ASH তেওঁলোকৰ মনত নৈৰাশ্যৰ জন্ম দিছিল। এই নৈৰাশ্যই ক্ৰমাৎ জীৱনৰ প্ৰতি
উদাসীনতাৰ সৃষ্টি কৰিছিল। এই কাৰণেই স্বাভাৱিকতে হিন্দুৰ মনে বাস্তৱ জগতৰ কথা পাহৰি আত্মাৰ
জগতলৈ গমন কৰিছিল। গতিকেই এনে এক পটভূমিত আধ্যাত্মিকতাৰ সমাদৰ বাঢ়িছিল। ইয়াৰ পৰিণতি
ইমান সংকীৰ্ণ সভ্তৰলৈ অধোগামী হৈছিল যে আনকি হিন্দুৰ অভিযান, ৰাজ্যবিস্তাৰ, যুদ্ধ জয় ইত্যাদি
কাহিনীও সাধু কথালৈ ৰূপান্তৰিত হৈছিল। ইয়াতোকৈ সৰহ গুৰুত্ব এইবোৰক দিয়া হোৱা নাছিল।
বৰ্তমানৰ হতাশা আৰু পৰাজয়ৰ কাহিনী ঢাকি ৰাখিবলৈ ভৱিষ্যতৰ অনাগত স্বপ্ন ৰাজ্য গঢ়া হৈছিল।
এনেদৰেই MS MANA আৰু আধ্যাত্মিকতাৰ মোহজালে বাস্তৱ জীৱনৰ হৰ৷-জিকাৰ কথা তল পেলাইছিল।
আধ্যাত্মিকতাবাদে আনহাতে প্রাক্-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্রভাৱ বিস্তাৰ
--- Page 46 ---
৪০ অসমীয়া সাহিত্য চয়নিকা (নতুন)
কৰিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা অঁতৰাই ৰাখিছিল। পদদলিত
সৰ্বসাধাৰণে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি স্বীকাৰ কৰি লৈছিল। এনেদৰে মনে
গঢ়া জন সমাজৰ ওপৰত পুৰোহিত আৰু সামন্ত শ্ৰেণীৰ প্রভাৱ কম নাছিল। পণ্ডিত ৰাহুল সংকৃত্যায়নে
ইয়াৰ আঁতি-গুৰি মাৰি বৰ্ণনা দিছে। সমাজৰ অত্যাচাৰ উৎপীড়নৰ বিপক্ষে জনসাধাৰণে কিয় মূৰ দাঙি
উঠা নাছিল, ইয়াৰ উঁহ বিচাৰি সৰহ দূৰ যাব নালাগে। প্রত্যেক জীৱ পৰমব্ৰহ্মৰ সৃষ্টি। পৰমব্ৰন্নী অসীম,
অনন্ত; স্থান-কাল সকলোৰে SHOTS | জগতখন মায়া-মৰীচিকা৷ জীৱনটো মাথোন এটা মুহূৰ্তৰ অভিযান।
অভিযান শেষ হ’লে মায়াৰ শেষ হ’ব, ইত্যাদি এনে ধৰণৰ চিন্তা-ধাৰাই বৈপ্লৱিক শক্তি নিস্তেজ কৰিছিল।
জীৱনৰ ওপৰত যাৰ আস্থা নাই eles ওপৰতো তাৰ আস্থা VE!
ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনি কঁপাই তুলিছিল। পাৰ্থিৱ আৰু অপাৰ্থিৱ দুয়োটাৰ
ওপৰত ইছলামৰ আস্থা প্রায় সমান। কিছু পৰিমাণে ইছলামে সামাজিক গণতন্ত্ৰৰ জন্ম দিছিল। ই অনিশ্চিত
ভৱিষ্যতৰ বস্তু নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল। সমাজৰ দৰিদ্ৰ, পদদলিত
জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। সামাজিক জীৱনত ব্যক্তিৰ মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ
প্রচাৰ দ্ৰুত কৰি তুলিছিল। ভাৰত ভূমিত ইছলামৰ খৰতকীয়া প্রচাৰৰ ইয়ো এটা কাৰণ।
সাহিত্য-সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী | সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক
আছিল। ই আধ্যাত্মিক চিন্তাধাৰাৰ পিনৰ পৰা সমৃদ্ধিশালী। ইও সমাজৰ বিশেষ এটা স্তৰৰ কথা কয়।
পাঠান আৰু মোগল সাম্ৰাজ্যৰ অধীনত বংগদেশীয় কাব্য-সাহিত্যই যথেষ্ট উৎকৰ্ষ লাভ কৰিছিল। সেইদৰে
মহাৰাষ্ট্ৰ ভক্তিমূলক কাব্য-সাহিত্যৰো সৌৰভ বিশ্বজনীন | কবিৰ আৰু সেই সময়ৰ বৈষ্ণৱ সাহিত্যিকসকলৰ
দৃষ্টিৰ সমকক্ষ সাহিত্য আজিও বিৰল। তুলসী দাসৰ ‘ৰামায়ণ’, শংকৰদেৱৰ ‘কীৰ্তন’, মাধৱদেৱৰ ‘নামঘোষা’
ইত্যাদি জাতিৰ আপুৰুগীয়া সম্পদ। ব্রৰিটিছছ আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্ৰ্য বাঢ়িছিল। নতুন
প্রকাশভঙ্গী, সামাজিক শক্তিকেন্দ্ৰী সাহিত্য ইত্যাদিৰ আৱিৰ্ভাৱ হৈছিল। সাহিত্য বিশ্বাত্মিকাৰ পৰশত
পূৰঠ আৰু সৌষ্ঠৱপূৰ্ণ হৈছিল। নিজৰ মাটিৰ পৰা উঘাল খাই নপৰাকৈ বিশ্বৰ ৰ'দৰ ৰেঙনি গ্রহণ কৰিব
পৰাটোৱেই হৈছে ভাৰতীয় সাহিত্য-জীৱনৰ বৈশিষ্ট্য।
আট্টসমূহৰ ভিতৰত ভাস্কৰ্য কলাই হৈছে সমাজৰ সৌন্দৰ্যবোধৰ ওপৰত বেছি নিৰ্ভৰশীল। কবিয়ে
ব্যক্তিগত ভাব-তৰংগত উটি-বুৰি ফুৰিব পাৰে। Hawes নিৰলত সপোন ৰচি সম্পূৰ্ণতা লভিব পাৰে।
ভাস্কৰ্য শিল্পীয়েহে কেৱল সমূহীয়া প্ৰচেষ্টা আৰু সামাজিক ভাৱ-ধাৰাৰ ওপৰত বিশেষভাৱে নির্ভৰ
কৰিব লাগে। বহুতৰ সংযোগতহে ভাস্কৰ্য-কলা গঢ়ি উঠা সম্ভৱ। গতিকে প্রত্যেকজন সহযোগীৰ কম-
বেছি পৰিমাণে Macca থকা উচিত। ইউৰোপৰ গ’থিক গীৰ্জাসমূহ, দাক্ষিণাত্যৰ শিলৰ মন্দিৰবোৰ,
ছাৰাছেনসকলৰ মছজিদবোৰ, এই সকলোখিনি এক সংঘবদ্ধ শান্তিপূৰ্ণ সমাজৰ দান। শিল্প-সৃষ্টিৰ ক্ষেত্রত
সমাজ-জীৱনৰ দায়িত্ব কম নহয়। ইয়াৰ লগতে সামাজিক পৰিৱেশৰ দায়িত্বও আছে।
--- Page 47 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৪১
নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি গান্ধীজীয়ে মত প্রকাশ কৰিছিল। লগে
লগে অতীজৰ যিখিনি সৎ আৰু সত্য বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছে, তাৰে বৰ্তমানৰ
সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত হ’ব। ইয়াকে কাৰ্যত পৰিণত কৰিবলৈ হ’লে ভাস্কৰ্য
কলাৰ দৰেই নতুন সংস্কৃতি যে সমূহীয়া জীৱনৰ সম্পদ হ’ব লাগিব--সেই বিষয়ে অকণো সন্দেহ
নাই। ই হ’ব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাছকবনীয়া সম্পত্তি, স্থান আৰু কালজয়ী শিল্প প্রচেষ্টা জীউলাও।
লেখক-পৰিচয় ঃ
হেম Teal (১৯১৫--১৯৭৭) ঃ জন্ম তেজপুৰত। ১৯৩২ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ
পৰা প্ৰৱেশিকা, ১৯৩৪ চনত কটন কলেজৰ পৰা আই. এ. আৰু ১৯৩৬ চনত বি. এ. পাছ কৰি
১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত
অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা বৰুৱাদেৱে ১৯৪৪ চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ
অধ্যক্ষ হয়। আধুনিক কবিতাৰ পথ-প্ৰদৰ্শক বৰুৱাদেৱৰ ৰচনাসমূহ হ’ল ঃ ‘বালিছন্দা’, Wer’,
‘আধুনিক সাহিত্য’, ‘এই গাঁও এই গীত’, ‘ৰঙা কৰবীৰ ফুল’, ‘ইজৰাইল’, ‘The Red River and
Blue Hill’ ইত্যাদি। ইয়াৰ উপৰি তেওঁ ‘জনতা’ আৰু ‘পছোৱা’ আলোচনী সম্পাদনা কৰিছিল। ১৯৭২
চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি আছিল। তেওঁ আছিল
সুবক্তা আৰু কৃতী সাংসদ।
পাঠবোধ 2
ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাসো এক সুদীৰ্ঘ ইতিহাস। আৰ্যসকল অহাৰ আগতেই
ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল। ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি এই আৰর্যপূৰ্ব সংস্কৃতি
আজিলৈকে প্রৱাহিত হৈ আছে। ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবৰ্ষলৈ নানা সংস্কৃতিসম্পন্ন জনগোষ্ঠীৰ
আগমন ঘটিছে। এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্রভাৱত পৰিছে আৰু নিজা নিজা
সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিকো সমৃদ্ধ কৰিছে।
শব্দাৰ্থ আৰু টোকা ঃ
অদৃষ্ট 2 ভাগ্য।
অধোগামী 2 তললৈ গতি কৰা।
অবিচ্ছিন্ন £ বিৰামহীন, ছিঙি নোযোৱা।
অলেখ $ বহুত; অগণন, অসংখ্য।
অসামঞ্জস্য ঃ সাদৃশ্য নথকা।
--- Page 48 ---
৪২
আঁতিগুৰি মাৰি
আনন্দাগ্মুত
আফগানিস্তান
Sue স্গাত
চঞ্চল
তৰহৰ
তিষ্ঠি
ৰ
প্ৰাদুৰ্ভাৱ
প্রেৰণা
বহিৰাগত
ব্যাপ্ত
ভাৰাক্ৰান্ত
মাপকাঠি
সুকুমাৰ কলা
ক্ষণস্থায়ী
অসমীয়া সাহিত্য চয়নিকা (নতুন)
2 বিশদভাৱে।
$ আনন্দত আত্মহাৰা হোৱা।
£ ভাৰতৰ উত্তৰ-পশ্চিম ফালে থকা এখন ৰাষ্টি।
3 বিশ্বাস।
£ জাকজমকতা।
শাস্ত্ৰীয় সংগীত।
£ স্থিৰতা নথকা।
£ বিধৰ, ধৰণৰ, প্রকাৰৰ।
বৰ্তি।
$ ধ্যানমগ্ন |
2 নিৰাশ ভাৱ।
£ তেজহীন, শেঁতা।
2 উদ্ভৱ, প্রকাশ।
£ উৎসাহ।
3 বিদেশী; দেশৰ বাহিৰৰ পৰা অহা লোক।
পাৰ্থক্য।
2 বিয়পি থকা।
£ বিশেষত্ব ।
£ ভাৰৰ হেঁচাত কাতৰ হোৱা, WHS বা Pas
3 হৃদয়মূল।
ঃ$ জোখ লোৱা যতন।
£ চাৰি GT (১৩ f= ১ যোজন)
£ সম্প্ৰীতি: মিলন।
ঃ সংগীত, কবিতা, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধক সুকুমাৰ কলা
বোলে।
2 খন্তেকীয়া |
3 TARGA গুৰংগাবাদ জিলাত অৱস্থিত। বৌদ্ধযুগত গুহাশিল্পৰ বাবে এই ঠাই বিখ্যাত।
ইয়াত এতিয়ালৈকে ৩০-টা গুহা আৱিষ্কাৰ হৈছে। গুহাবোৰত প্রাচীন ভাৰতীয়
চিত্ৰকলাৰ অতি উৎকৃষ্ট নিদৰ্শন পোৱা গৈছে। এই গুহাশিল্পবোৰ খ্ৰীষ্টপূৰ্ব দ্বিতীয়
শতিকাৰ পৰা নৱম খ্ৰীষ্টাব্দৰ ভিতৰত অংকিত তথা নিৰ্মিত বুলি অনুমান কৰা
--- Page 49 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৪৩
হৈছে। অজন্তাৰ শিলত কটা ভাস্কৰ্যত জাতকৰ গল্প আৰু বুদ্ধৰ অতীত জীৱনৰ
নানান কথা তুলি ধৰা হৈছে।
3 প্রসিদ্ধ ইংৰাজ ৰোমাণ্টিক কবি। সম্পূৰ্ণ নাম জন কীট্ছ। মাত্ৰ চাব্বিছ বছৰ বয়সতে
যিবোৰ কবিতা লিখি গৈছে সিয়েই তেওঁক ইংৰাজী সাহিত্যৰ যোগেদি বিশ্বৰ এগৰাকী
শ্রেষ্ঠ কবিৰূপে প্রতিষ্ঠা কৰিছে। লৰ্ড টেনিচনৰ মতে ওৱাৰ্ডছৱৰ্থ, ক’লৰিজ, বায়ৰন,
শ্যেলীৰ নিচিনা কবিসকলতকৈয়ো কীট্ছৰ কবি প্রতিভা বহু ওপৰত। এই কম
বয়সীয়া প্রতিভাসম্পন্ন কবিজনাৰ বিখ্যাত ‘এণ্ডিমিয়ন’ কবিতাৰ ওপৰত তীব্ৰ
আক্ৰোশমূলক আলোচনা ‘কোৱাৰ্টাৰ্লি ৰিভিউ’ কাকতত ওলোৱাত কীট্ছৰ মন
ভাগি পৰে। সেয়ে তেওঁৰ মৃত্যুৰ কাৰণ হয়।
পণ্ডিত ৰাহুল সংকৃত্যায়ন £ আচল নাম কেদাৰনাথ পাণ্ডে। উত্তৰ প্ৰদেশৰ আজমগড়ৰ লোক। তেওঁ
ৰ,
সৰ্বপল্লী ৰাধাকৃষ্ণণ
প্ৰশ্নাৱলী
সিংহললৈ গৈ বৌদ্ধধৰ্ম গ্ৰহণ কৰি নাম লয় ৰাহুল সংকৃত্যায়ন। তেওঁৰ কেইবাটাও
ভাষাত দখল আছিল। তেওঁ আছিল ভাষাতাত্ত্বিক আৰু ইতিহাসবিদ। ৰুছদেশৰ
লেনিনগ্ৰাদ বিশ্ববিদ্যালয়ত সংস্কৃতৰ অধ্যাপক আছিল। হিন্দী সাহিত্যত তেওঁৰ এখনি
বিশিষ্ট স্থান আছে। ‘মধ্য এচিয়াকা ইতিহাস’ লিখি সাহিত্য অকাডেমীৰ বঁটা লাভ
কৰিছিল। ‘ফ্ৰম ভন্না টু গংগা” তেওঁৰ এখন বিখ্যাত ag! এগৰাকী বিশ্ববিশ্ৰুত
ভাৰতীয় পণ্ডিত-গৱেষক।
ঃ আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় দাৰ্শনিক পণ্ডিত। এইগৰাকী পণ্ডিত ব্যক্তিয়ে
ইংলেণ্ডৰ অক্সফোৰ্ড, কেন্দ্ৰিজ বিশ্ববিদ্যালয়ত বিশেষ বক্তৃতা দি সুখ্যাতি অৰ্জন
কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত
উপাচাৰ্যৰ আসন অলংকৃত কৰিছিল, ৰুছ দেশত ৰাষ্ট্ৰদূত ৰূপে দক্ষতাৰে কাম কৰাৰ
পাছত ভাৰতৰ উপ-ৰাষ্টপতি আৰু পাছত ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্পতি হয়গৈ।
এওঁৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন see কেইবাটাও ভাষালৈ অনূদিত হৈছে। এওঁ
বিশ্বৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক পণ্ডিত ৰূপে জনাজাত।
ভাব-বিষয়ক ঃ
S| ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
ফ্ৰম ভল্গা টু গংগ৷” কাৰ ৰচনা?
সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন'ৰ কি আখ্যা দিছে?
ন © 6 YW
কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
--- Page 50 ---
88
v |
9 |
৮।
১ |
১০।
১১।
১২।
১৩ |
38 |
2@ |
ou |
29 |
১৮ |
30 |
অসমীয়া সাহিত্য চয়নিকা (নতুন)
ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাববস্তু দুটা কি কি?
গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?
সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
হেম RIS সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় frat
‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ সাৰাংশ লিখা।
‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ TS"
— এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা।
‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰ ভাৰতীয়, ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা |
উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
প্রাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত
কৰা।
ব্যাখ্যা কৰা ঃ
(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
(গ) সকলো আট্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
ভাষা-বিষয়ক ঃ
>|
হ।
সন্ধি ভাঙা ঃ
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।
বিশেষ্য বা বিশেষণলৈ নিয়া ঃ
--- Page 51 ---
ংস্কু।ত
আব্দুছ ছাত্তাৰ
সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে যে পৰিপূৰ্ণ
এনে নহয় — নানা সমস্যাৰেও পৰিপূৰ্ণ। সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্য্যপূৰ্ণ
ত্ৰয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা৷ অহা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা
মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি লোৱা ঠাই। এইসকল অহাৰ আগতে
অসম আছিল জন-জাতীয় গোষ্ঠীৰ অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। ঘাইকৈ কছাৰী, চুটিয়া, কোচ,
মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। গতিকে মূলতে অসমীয়া জন-
সংস্কৃতিৰ ধাৰক এইবোৰ জাতি-গোষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা
সময়ত বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠীও পৰে। এই অতীতৰ
অসমৰ পৰা চকলা-চকলে গাৰো, মিজো, খাছী, জয়ন্তীয়া আৰু গাৰোপাহাৰ কটা গ’ল। নিজৰ ভাষা-
সংস্কৃতি ৰক্ষা কৰি এতিয়া হ’ল — নগাভূমি, মিজোৰাম, অৰুণাচল আৰু মেঘালয় ৰাজ্য। অতীতৰ
এই সমগ্র অসমৰ জনগোষ্ঠীৰ গাঁথনিলৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে এই সকলোবোৰেই
আৰ্য নাছিল। অসমলৈ বহিৰাগত হৈ অহা মংগোলীয় গোষ্ঠীয়ে তেওঁলোকৰ নিজা ভাষা, ধৰ্ম আৰু
সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ প্রভাৱত এৰিব লগা হয়। এই অসম
দেশত প্রাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। আহোমসকলে অসমত
দীৰ্ঘ দিন থকাৰ পাছত হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজস্ব কৃষ্টি-সংস্কৃতি প্রায় পৰিত্যাগ কৰে। থলুৱা জন-
জাতীয় সংস্কৃতিত ধৰ্মই বিশেষ স্থান লাভ কৰিছিল। এটা সময়ত ম’হ-বলি, নৰ-বলি পৰ্যন্ত হৈছিল।
সমগ্ৰ অসম দেশখনেই যাদু-মন্ত্ৰ আৰু এন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্রাচীন কালৰে পৰা প্রসিদ্ধ আছিল।
--- Page 52 ---
৪৬ অসমীয়া সাহিত্য চয়নিকা (নতুন)
অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে — অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা
গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু
ডাকৰ বচন আদি। কিন্তু লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰপৰা বেলেগ হৈ গ’ল।
আধুনিকতাৰ প্রভাৱ পৰিল। মুঠতে এটা সময়ত অসমৰ আৰ্য-সংস্কৃতিতকৈ প্রাক্-আৰ্য সংস্কৃতিহে বেছি
গুৰুত্বপূৰ্ণ আছিল। অতীতৰ বুৰঞ্জী দোহোৰাবৰ কোনো কাৰণ নাই যে কি কি কাৰণত অসমৰ একালৰ
বাসিন্দাসকলৰ মাজত ত্ৰয়োদশ শতিকাৰ পৰা কি ধৰণে এই দেশত আহোম-মুছলমান আৰু ভাৰতৰে
অন্যান্য ৰাজ্যৰ লোকসকল ইয়ালৈ আহি নিগাজীকৈ বহাৰ সুযোগ পালে। কোনোবাই দেশ জয় কৰিবলৈ
আহিল, কোনোবাই আকৌ যুদ্ধবন্দী হিচাপে ৰ’ল। কোনোবা বেপাৰ-বাণিজ্য সূত্ৰে বহি ল’লে, কোনোবা
আকৌ পূজা-পাৰ্বণ আৰু তীৰ্থ-সংক্ৰান্তত অসমলৈ আহিল। বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত
অসম দেশত নিগাজীকৈ বহিল। সেই কালৰ সৰল-সহজ কছাৰী, চুটিয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে
সকলোকে গ্ৰহণ কৰিলে। সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ
ল’লে। একে ভৌগোলিক পৰিবেষ্টনিত থাকি ওচৰা-ডচৰিকৈ এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা
প্রভাৱান্বিত হ’ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই
ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল
এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা
অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল’লৈ — ভাষাক নিজৰ ভাষা বুলি গ্রহণ কৰিলে।
গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।
এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে। খোৱা বস্তু
আৰু ৰন্ধন-প্ৰকৰণৰো সাল-সলনি হ’ল। পোছাক-পৰিচ্ছদতে৷ পৰিৱৰ্তনে দেখা দিলে। দৈনন্দিন ব্যৱহাৰৰ
আচবাব-পত্ৰতো পৰিৱৰ্তন সূচালে — নতুন সাজ-সজ্জা, অলংকাৰ আহিল। এইয়া আছিল দিয়া-লোৱা
আৰু এৰা-ধৰাৰ ব্যৱস্থা। কোনোৱে কাকো জাপি দিয়া নাছিল।
ভাষাৰ ক্ষেত্ৰতো একেই। থলুৱা অসমীয়া ভাষাতো নানা ভাষাৰ শব্দমালাই ঠাই পালে। ভাষিক
সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কট্কটীয়া কৰিলে। গতিকে অসমীয়া সংস্কৃতিত ইয়াৰ পূৰ্বৰ
থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰি আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ-ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত
উপাদানৰ সংমিশ্ৰণ ঘটিল। যেতিয়া বাহিৰৰ পৰা অহাসকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত
সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়াৰূপে নিজকে গণ্য কৰি এই দেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল’লে তেতিয়া
আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। একমাত্ৰ নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে
স্বকীয়তা পৰিলক্ষিত হ’ল। ভাৰতৰ সংবিধান স্বীকৃত ধৰ্ম নিৰপেক্ষ নীতি অঘোষিতভাৱে কোনোবা কালৰে
পৰা অসম ৰাজ্যত বৰ্তি আছিল। ধৰ্ম পালন কৰিবলৈ যোৱাটোতহে নামঘৰ, মছজিদ, মন্দিৰ, বৌদ্ধ-বিহাৰ
--- Page 53 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৪৭
আদি অনুষ্ঠান প্রৱৰ্তন হোৱা দেখিবলৈ পাওঁ। বাকী সকলো ক্ষেত্ৰত বিৰাট অসমীয়া জাতি — এটা সংমিশ্ৰিত
সংস্কৃতিসম্পন্ন জাতি-- ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।
প্রশ্ন হয় -- বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষাগোষ্ঠী থকা সত্বেও এই সকলোবোৰ কেনেকৈ
অসমীয়া হৈছে? মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ
উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। বাহিৰৰ পৰা৷ অহা সকলোৱেই এই অসমীয়া ভাষাৰেই
এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাবৰ আদান-প্ৰদান কৰে। সেয়েহে মেঘালয়, নাগালেণ্ড,
অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষাটো আছিল অসমীয়া। দেখা যায় সকলোকে
বান্ধি থোৱা এনাজৰীডাল আছিল — অসমীয়া ভাষা। ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত
আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে।
এই সকলোবোৰৰ মাতৃভাষা হৈছে -= অসমীয়া। এইয়া আছিল জাহ যোৱাৰ নীতি। ইংৰাজীত ক’ব
পাৰি — Process of Assimilation অৰ্থাৎ সমন্বয়ৰ wea | গতিকে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ
কৰিয়েই নহয় অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰি সকলো অসমীয়া হৈ পৰিল। এইয়া আছিল
স্বাভাৱিক গতি আৰু নীতি। এইয়া মই গোটেইবোৰ স্বাধীন অসমৰ কথাকে কৈছোঁ।
উনৈশ শতিকাৰ পৰা কুৰি শতিকাৰ আগভাগলৈকে এক নতুন প্ৰৱজন আৰম্ভ হ’ল। বৃটিছ আহিল
ইয়াণ্ডাবু সন্ধিৰ পাছত। তেতিয়াই অসমৰ স্বাধীনতা সূৰ্য অস্ত গ’ল। বৃটিছৰ লগে লগে অসম দেশত নতুন
নতুন সংস্কৃতিসম্পন্ন লোক আহিল। কিছু আহিল চাকৰি সম্পৰ্কত, কাৰোবাক আকৌ আনি বহুৱালে।
এইসকলৰ বহুতে অসমীয়া ভাষাটো গ্ৰহণ যে নকৰিলেই, আনকি অসমীয়া ভাষা৷ বহিষ্কাৰ কৰি বঙলা ভাষাটো
বৰপীৰাত বহুৱাই ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমীয়াৰ ঠাইত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম
কৰিলে। কিন্তু দেশপ্ৰাণ অসমীয়াৰ যত্ন আৰু প্রচেষ্টাত অসমীয়া ভাষা আমাৰ স্কুল- আদালতত পুনৰ প্রচলন
হ’ল। এটা অপচেষ্টাৰ সিমানতে অন্ত পৰিল। বিচ্ছিন্নতাকামীৰ প্ৰথম অপচেষ্টা বিফল হ’ল। অসমীয়াৰ বিপৰ্যয়
প্রতিহত হ’ল।
বৃটিছ আহিল — চাহ উদ্যোগ প্ৰতিষ্ঠা হ’ল। লগে লগে নতুন এদল বৃত্তিয়ান আহি অসম
দেশত বসবাস কৰিবলৈ ল’লে। এওঁলোক দেহে খাটি খোৱা মানুহ চাহ বনুৱাসকল। এওঁলোক আহিল
ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা। বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্রদেশৰ পৰা। চাওঁতাল, কুৰ্মি,
মোছহৰ, মুণ্ডা তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি অসমৰ চাহ উদ্যোগৰ অপৰিহাৰ্য
PAC এইসকল অসমত বৰ্তি থাকিল। কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ
কৰি হ’লেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ
Giese অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে। কিন্তু
--- Page 54 ---
৪৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ হৈ ৰ’ল। অসমৰ থলুৱা
সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ’ল। বিশেষ এটা ওদ্যোগিক আবেষ্টনীৰ মাজত বসবাস
কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।
এইদৰেই আহিল অসম চৰকাৰৰ উদ্যোগত কুৰি শতিকাৰ চতুৰ্থ দশকত (ভাৰতে স্বাধীনতা
পোৱাৰ আগতে) মৈমনসিংহ আদি পূৰ্ববংগৰ ঠাইৰ লোক। ধৰ্ম অনুযায়ী এওঁলোক মুছলমান মানুহ।
এওঁলোক কৃষি কৰ্মত পাৰ্গত লোকৰূপে নগাঁও, কামৰূপ, দৰং, গোৱালপাৰা আদি ঠাইৰ মাটি ভাঙি
বকৰাণিত খেতি কৰি অসমত খেতি কৰা বিবিধ প্রণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে। চৰ অঞ্চল
আৰু বাকৰি আবাদ PRCT | মৰাপাটৰ খেতিৰ বহুল প্রচাৰ আৰু প্ৰসাৰতা লাভ হ’ল এওঁলোকৰ পৰাই।
কিন্তু মম কৰিবলগীয়া যে এওঁলোকে নিজৰ মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষাকে গ্ৰহণ কৰি
অসমীয়া মাধ্যমৰ স্কুল পাতি এই দেশৰ থলুৱা প্রজাৰ লগত মিলিবলৈ চেষ্টা চলালে। কালক্ৰমত
এওঁলোককে ন-অসমীয়া মুছলমান বুলি কোৱা হ’ল। এই গোটেইবোৰক লৈয়েই অসমীয়া জাতি।
অসমীয়া ভাষাৰে এওঁলোকে নিজক প্ৰতিষ্ঠা কৰি থাকিল।
বৃটিছৰ দিনতে অসমলৈ ৰেলগাড়ী আহিল। যাতায়াতৰ সুবিধা হ’ল। বেপাৰ-বাণিজ্যৰ কাৰণে
বহুতো পাঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি আহিল। ওচৰ-চুবুৰীয়া দেশ হিচাপে
নেপালীসকল আগৰে পৰা অসমলৈ আহি আছিল। ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা আহি অসমৰ
ভৌগোলিক পৰিসীমাৰ মাজত থাকি অসমীয়া হৈ পৰিল ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা অহা লোকসকল,
কিন্তু এইসকলৰ বেছিভাগেই নিজ নিজ এলেকাৰ লগত সম্পূৰ্ণ সম্বন্ধ বজাই ৰাখিলে। গতিকে অসমত
অৰ্জা ধনেৰে অসমত চলাৰ উপৰিও আন এখন ঘৰ নিজ ঠাইত অটুট ৰাখিলে। জাহ যোৱাৰ আন
এটা প্রধান উপায় হৈছে — ভাষা গ্ৰহণ। এওঁলোকে নিজৰ মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া
হৈ পৰিল। ৰাজনৈতিক বিচাৰত আৰু সামাজিক বিচাৰত এওঁলোক হৈ পৰিল অসমীয়া। অৱশ্যে বহুতেই
আকৌ অসমীয়া ভাষাটো গ্ৰহণ নকৰিলে। অসমীয়া মাধ্যমৰ বাহিৰেও এওঁলোকৰ দ্বাৰাই আন মাধ্যমৰ
স্কুল অসমত প্রতিষ্ঠা হ’ল।
ভাৰত স্বাধীন হ’ল — ১৯৪৭ চনৰ ১৫ আগষ্টত। দেশ বিভাজন হ’ল — পাকিস্তানলৈ
যোৱাসকল গুচি গ’ল। কালক্ৰমত পূব পাকিস্তান গৈ বাংলাদেশ হ’ল। অনুপ্ৰৱেশ ঘটিল অসমলৈ।
গতিকে আহি পৰিল বিদেশী নাগৰিকৰ Saeed | এইয়া ৰাজনৈতিক বিচাৰ — দেশৰ গৰাকীয়ে ভাৰতৰ
বাহিৰৰ নাগৰিকক বহিষ্কাৰ কৰক। তাত কোনো অসমীয়াই তথা, ভাৰতীয়ই বাধা দিয়াৰ অধিকাৰ
নাই। অসমীয়া প্রজাসাধাৰণে নিজৰ ভাষা-সাহিত্য, মাত-কথা, কৃষ্টি-সংস্কৃতি, সাজ-সজ্জা ৰক্ষা কৰক।
বেশভূষাত বিদেশী ৰূপ ধাৰণ কৰি থাকিও সেইসকল অসমীয়া — জীৱনে-মৰণে অসমীয়া।
--- Page 55 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৪৯
বৃটিছ অহাৰ লগে লগে ৰেলগাড়ী যেনেকৈ আহিল — কোট-পেণ্টো আহিল, কে’ক-বিস্কুটো
আহিল, বিমান আৰু মটৰ পৰিবহনো চালু হ’ল। হোটেল প্ৰতিষ্ঠা হ’ল। বিভিন্ন খাদ্যসামগ্ৰী পৰিবেশন
কৰিবলৈ ল’লে।
এটা সময়ত বৃটিছ গ’ল — চাহ উদ্যোগ ৰ’ল, ৰেলগাড়ী ৰ'ল, cA’ Vat আগৰে পৰা হিন্দু-
মুছলমান সমাজত লুক-ঢাককৈ চলা খানা-পিনা সামাজিকভাৱে আৰু হোটেলৰ যোগেদি পৰিৱেশনৰ
ব্যৱস্থা হ’ল। পাৰাথা, পোলাও, কৌৰ্মা-কোণ্ডাৰ লগতে কে’ক-বিস্কুট, ৰুটি প্রচলন হ’ল। বংগদেশীয়
ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা আদি নানা মিঠাই প্রচলন হ’ল। লুচি-পুৰীও সোমাই পৰিল। মাদ্ৰাজী
ড’চা, চাম্বাৰ আৰু ইড্লি হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ’ল। জাত-কুলৰ বিচাৰ হেৰাই
গ’ল। চুৱাৰ অন্ত পৰিল। একেলগে সকলোৱে খোৱাৰ ব্যৱস্থা হ’ল। ক্ৰমান্বয়ে বিয়া-বাৰুত হিন্দু-মুছলমান
সকলো লোকে যোগ দিয়া হ’ল। মৰা-জীয়াৰ খবৰ কৰা হ’ল। মৰাশ সৎকাৰতো ভাগ লোৱা হ’ল।
সকলো উৎসৱতে সকলোৱে যোগ দিয়া হ’ল। এই গোটেইবোৰ হ’ল স্বতঃপ্ৰণোদিতভাৱে হোৱা
প্রক্ৰিয়া। সংস্কৃতিৰ এইয়া স্বাভাৱিক প্রক্ৰিয়া। এইবিলাকক এতিয়া আঁহফলা বিচাৰেৰে ভাগ কৰিব
নালাগে। অসমীয়াৰ জনসংখ্যাৰ PASAT মনত ৰাখি অসমীয়াৰ মাজত জাহ গৈ থকা বিভিন্ন সম্প্ৰদায়
আৰু জনগোষ্ঠীক যেন পৃথককৰণ কৰিবলৈ নাযাওঁ। এই গোটেইবোৰক লৈহে অসমীয়া সমাজখন।
জাতীয় সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ কাৰণে সুসংহত সংস্কৃতিক আমি যেন উৎখাত কৰিবলৈ
TAS | অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।
লেখক-পৰিচয় 3
আব্দুছ BSS (১৯২২--১৯৮৭) 3 ছাত্তাৰদেৱৰ যোৰহাট জিলাৰ তিতাবৰত জন্ম হৈছিল।
চিন্তাগধুৰ লিখনিৰে অসমীয়া সাহিত্য জগতত নিজকে প্রতিষ্ঠা কৰিছিল। ছাত্তাৰে লিখা কৃষ্ণকান্ত
সন্দিকৈ’, প্রসংগকোষ’, ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি’, ‘দৃষ্টি আৰু সৃষ্টি’, ‘উদ্ধৃতি সহচৰ’ আদি প্রতিখন
পুথিয়েই উন্নত মানসম্পন্ন। আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈ সেই ঠাইৰ লগত পুৰণি কালৰ
পৰাই ভাৰতৰ যি সম্পৰ্ক, পৰস্পৰৰ মাজত থকা মৰম-স্নেহৰ কথা সুন্দৰকৈ বৰ্ণাই লিখিছিল। তেওঁ
অসম সাহিত্য সভাৰ প্রধান সম্পাদক আছিল। ১৯৮৭ চনত এইজনা সাহিত্যিকৰ অকাল মৃত্যু ঘটে।
পাঠবোধ ঃ
বিভিন্ন ভাষা-গোষ্ঠী, কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া জাতিটো
সাম্প্ৰতিক কালত ভাঙোনমুখী হৈ পৰিছে। একতাৰ এনাজৰীৰে সকলোকে বান্ধি ভাতৃত্ববোধ জাগ্ৰত
কৰাত সহায় কৰাৰ বাবে বৰ্তমান সময়ত এই পাঠটোৰ প্রাসংগিকতা আছে। বিশেষকৈ অসমৰ পটভূমিত
--- Page 56 ---
৫০
অসমীয়া সাহিত্য চয়নিকা (নতুন)
প্রাচীন কালৰে পৰাই বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকে সমিল-মিলেৰে বসবাস কৰি যি সমন্জ্রীতিৰ
আৰ্হি দেখুৱাই আহিছে সেয়া সকলো সময়তে প্রাসংগিক আৰু প্রয়োজনীয় হৈ ৰ’ব।
শব্দাৰ্থ আৰু টোকা
আঁহফলা নীতি
উপভাষা
$ বিভেদকামী মনোভাৱ।
8 মূল ভাষাৰ আঞ্চলিক ৰূপ।
জাতি
জাহ যোৱা
3 কুল, বংশ। কোনো এক ভূ-খণ্ডত সাধাৰণতে একে ভাষা, ধৰ্ম-সংস্কৃতিৰে বসবাস
কৰা জনসমষ্টিকে জাতি বোলা হয়।
£ জীণ যোৱা, মিলি যোৱা।
ডাক
তান্ত্ৰিক ধৰ্ম 3
নিগাজী
বৌদ্ধ ধৰ্ম ঃ
3 কিংবদন্তী পুৰুষ ডাকৰ পিতৃ বৰাহমিহিৰ ব্ৰাহ্মণ আৰু মাতৃ কুমাৰ কুলৰ ANT
জন্মস্থান বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁও বুলি কোৱা হয়। অসমৰ সামাজিক
জীৱনত ‘ডাকৰ বচন বেদৰ বাণী সদৃশ’ বুলি কোৱা হয়। এই বচনবোৰ ব্যৱহাৰিক
জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা, সৰহভাগেই খেতি-বাতি বিষয়ক। কৃষিজীবি
মানুহে যুগ যুগ ধৰি লাভ কৰ৷ অভিজ্ঞতাৰ ই বাহক। পুৰুষানুক্ৰমে বহুকাল মুখে
মুখে চলি অহাৰ পিছতহে ই লিখিত ৰূপ পায়।
প্রাচীন তন্ত্ৰ ওপৰত প্রতিষ্ঠিত হিন্দু ধৰ্ম।
ঃ স্থায়ী।
£ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য।
গৌতম বুদ্ধই প্রচাৰ কৰা ধৰ্ম। এই ধৰ্মৰ মূলমন্ত হ’ল — অহিংসাই পৰম ধৰ্ম।
স্বকীয়তা
লোকগীত 3
ইয়াণ্ডাবু সন্ধি
ঃ নিজস্বতা।
অনাদি কালৰে পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লোকগীতৰ আখ্যা
দিয়া হয়। উদাহৰণ স্বৰূপে — নিচুকনি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত,
আই নাম, বিয়া নাম, বিহুগীত, বনগীত ইত্যাদি।
১৮২৬ চনত মানৰজা আৰু বৃটিছৰ মাজত হোৱা সন্ধিচুক্তি। মানে অসম অধিকাৰ
কৰি ইয়াত যি অবৰ্ণনীয় অত্যাচাৰ কৰিছিল, তাৰ অৱসান বিচাৰি অসমে বৃটিছৰ
ওচৰত সহায় ভিক্ষা কৰিছিল। ফলত বৃটিছসকলে মানক অসমৰ পৰা খেদি পঠিয়াই
দেশখন মানৰ হাতৰ পৰা নিজৰ হাতলৈ লৈ যায়। এই চুক্তি অনুসৰি আমাৰ
--- Page 57 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৫১
স্বাধীনতা সূৰ্য মাৰ যায়। এই চুক্তি অনুযায়ী অসমদেশ মান ৰজাৰ পৰা বৃটিছৰ
হাতলৈ যায় আৰু অসমৰ স্বাধীনতা সূৰ্য ose হয়।
এটা সংস্কৃতি সম্পন্ন জাতি-আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যবস্থা
ঃ কোনো দুটা সংস্কৃতি সম্পন্ন জাতিয়ে পৰস্পৰৰ ভাল লগা ৰীতি-নীতি, আচাৰ-
ব্যৱহাৰ, সাজ-পাৰ, ৰন্ধন-প্রকৰণ আদিৰ প্রতি আকৰ্ষিত হৈ সেইবোৰ গ্রহণ কৰে।
এইদৰে গ্ৰহণ কৰোঁতে পৰস্পৰ এনেদৰে সংমিশ্ৰিত হৈ পৰে যে ইয়াৰ আগ-গুৰি
বিচাৰি উলিয়বালৈ টান হৈ পৰে। এটা জাতি আনটোৰ লগত মিলি যায়। ফলত
এটা শক্তিশালী সংস্কৃতি গঢ় লৈ উঠে।
সংস্কৃতিৰ ৰূপান্তৰ ঘটা 2 বাহিৰৰ পৰা অহা সংস্কৃতিসম্পন্ন বিভিন্ন জাতিয়ে অসমীয়া ভাষা-
সংস্কৃতিৰ লগত মিলি যোৱাৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হ’ল। এই ৰূপান্তৰ কোনেও কাকো
বল প্ৰয়োগ কৰি জাপি দিয়া নাছিল। ই এক স্বাভাৱিক প্রক্ৰিয়াৰে সম্পন্ন হৈছিল। ফলত ভাষাৰ
ক্ষেত্ৰত বিভিন্ন শব্দমালা সোমাই পৰিল আৰু সংস্কৃতিৰ ক্ষেত্ৰতো থলুৱা সংস্কৃতি বাহিৰৰ সংস্কৃতিৰ
লগত সংমিশ্ৰিত হৈ এক বলিষ্ঠ সংস্কৃতি সৃষ্টি হোৱাৰ পথত আগবাঢ়িল।
প্ৰশ্নাৱলী
১। অতি চমু উত্তৰ লিখা
(ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
(খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
(at) কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?
(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
(৬) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
২। চমু উত্তৰ লিখা ¢
(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
(গ) চাহ-উদ্যোগৰ PAP কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?
(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।
--- Page 58 ---
৫২ অসমীয়া সাহিত্য চয়নিকা (নতুন)
© | অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
৪। ‘অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে? — কথাষাৰৰ
গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।
৫। ‘বিশেষ এটা ওদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা
আঁতৰিও afer? — ইয়াত কি ও্দ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে
আঁতৰি পৰাৰ কথা কৈছে — পাঠৰ আলমত বিচাৰ কৰা।
৬। ‘এটা সংমিশ্ৰিত - সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই |’ — ইয়াত
লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই’
বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।
৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল |? — কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ? এই ৰূপান্তৰ
কিদৰে ঘটিছিল বুজাই লিখা |
৮। তাৎপৰ্য ব্যাখ্যা কৰা ঃ
(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
(2) এই গোটেইবোৰ হ’ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্রক্ৰিয়া।
(at) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা
>| সন্ধি ভাঙা ঃ
সংস্কৃতি, জলাঞ্জলি, স্বাধীন।
২। প্র’ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
© | বাক্য ৰচন| কৰা $
ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।
—$— % ____
--- Page 59 ---
161.718
ইণ্টাৰনেটৰ তিতা-মিঠা
w° ach দত্ত
কুঁৱলীৰ আজি উলাহতে হিয়া নধৰা হৈছে। দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব।
এইবাৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্রথম হৈ উত্তীৰ্ণ হৈছে বাবে। তাইৰ বাবে তাতোকৈও হেঁপাহৰ
বতৰাটো হ’ল--কম্পিউটাৰটোত হেনো ইণ্টাৰনেটো সংযোগ কৰি দিব ! দেউতাকে মাকক কোৱা
তাই শুনিছে--তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, এই আশাৰে তেওঁ এই বিশেষ
উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। কম্পিউটাৰ সম্বন্ধে তাইৰ কিছু ব্যৱহাৰিক জ্ঞান আছে, স্কুলতো ব্যৱহাৰ
কৰিছে, কিন্তু ইণ্টাৰনেট সম্বন্ধে তাইৰ জ্ঞান একেবাৰে সীমিত বুলিয়েই ক’ব পাৰি। তাই মাত্ৰ জানে
যে ‘Interconnection of Networks’-2 শব্দকেইটাৰ AMT অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ
সৃষ্টি হৈছে। ইয়াক চমুকৈ Net (নেট) বুলিও কোৱা হয়। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী
এক ব্যৱস্থা। অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱৰ্ক। সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত
যদি কেইবাহাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্রকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ
সমষ্টিয়েই হৈছে ইণ্টাৰনেট । দেউতাকে কম্পিউটাৰ উপহাৰস্বৰূপে দিব বুলি শুনাৰ পিছৰ পৰাই
কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে সম্যকভাৱে পঢ়া-শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম আৰু কৌশলবোৰ
শিকি ল’লে। এতিয়া মাত্ৰ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পঢ়া কোঠালি কেতিয়া শুৱনি কৰেহি
তাৰে সপোন দেখাত তাই ব্যস্ত।
যথাসময়ত কুঁৱলীৰ সপোনে বাস্তৱ ৰূপ পালে। ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই Craig
হৈ পৰিল। তাইৰ ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা আছে। কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি
হিচাপে পোৱাৰ পাছত তাইৰ মনটো যেন থোৌকি-বাথৌ হ’ Al কোনটো নজনা কথা আগতে
কম্পিউটাৰক সুধিব। ঠিক যেন জোনাক নিশা আকাশৰ তৰা গণি আইতাকৰ কোলাত মূৰ থৈ শুনা
--- Page 60 ---
৫৪ অসমীয়া সাহিত্য চয়নিকা (নতুন)
সেই সাধু কথাটি--এজনী ৰাজকুমাৰীৰ এখন যাদু থকা আইনা আছিল। যিকোনো প্রশ্ন কৰিলেই
নিমিষতে উত্তৰ পোৱা যায়। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা WWW ll কি জানিবলৈ তাই
গুণ্ডলত সন্ধান কৰিলে। লগে লগে উত্তৰ আহিল---১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত
পদাৰ্থকণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱীবিখ্যাত
গৱেষণাকেন্দ্ৰ চাৰ্ন (European organisation of Nuclear Research) চমুকৈ (CERN)-5 ‘We
ৱাইড ৱেব’ ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত
মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। এই ৱেব বৰ্তমান অতি
জনপ্ৰিয়। এই জনপ্ৰিয়তাৰ মূল কাৰণ--- WWW-S তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ
মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত
হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ (Web Page), ৱেবচাইট (Website), হ'’মপেজ (Home
page), ব্ৰাউজাৰ (Browser) আদিৰ বিষয়েও তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে। তাই
নিশ্চিত হ’ল যে বিজ্ঞান, কলা বা আন যিকোনো ক্ষেত্ৰে আমি যি কথ৷ জানিব বিচাৰোঁ, কম্পিউটাৰত
টাইপ কৰি দিলেই হ’ল। ইণ্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত
আহি পৰিব। এক কথাত ক’বলৈ গ’লে সমগ্র বিশ্ব ব্ৰহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ
পৰিছে।
কুঁৱলীৰ অন্তৰংগ বান্ধবী শ্বেৰণ বৰ্তমান দেউতাকৰ চাকৰিসূত্ৰে মস্কোলৈ পঢ়িবলৈ গৈছে। সেয়ে
কুঁৱলীয়ে ভাবিলে, তাইলৈকে ই-মেইলৰ শুভাৰম্ভ কৰা যাওক। ভবামতে কাম-- নিমিষতে শ্বেৰণৰ
পৰা সঁহাৰিও পালে--য’ত আছে বন্ধত মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ
বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ Afi এই বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মোহিত
কৰিলে। তাই উপলব্ধি কৰিলে--ই মেইলৰ যোগেদি দেখোন বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ
ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি। সেয়ে
তাই শ্বেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধু-বান্ধবীসকললৈ ই-মেইল দিয়া আৰম্ভ
কৰিলে।
ই-মেইলৰ সোৱাদত কুঁৱলী ইমান অভিভূত হ'ল যে ভিডিঅ’ কলিঙৰ সোৱাদ ল’বলৈ তাই
Gute হৈ পৰিল। সঁচাকৈয়ে ভিডিঅ’ কলিং উপভোগ কৰি তাইৰ এনে অনুভৱ হ’ল যেন মুখামুখিকৈ
বহিহে কাৰোবাৰ লগত কথা পাতি আছে। ইণ্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণ অধিকাৰ কৰি
ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ
বিষয়েও শিকি ল’লে। তদুপৰি সপ্ডাহৰ নিৰ্দ্ধাৰিত কেইটামান দিনত তাই পঢ়া সমাপ্ত কৰি অলপ
--- Page 61 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৫৫
মনোৰঞ্জনৰো আমেজ লয়। নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা
চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰি তাই মনটো প্ৰফুল্লিত কৰি ৰাখে।
কুঁৱলীৰ মাক-দেউতাকে সিদ্ধান্ত ল’লে-- পূজাৰ বন্ধত সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে
ফুৰিবলৈ যাব। কেনেকৈ যাৰ, ক’ত থাকিব, কি কি স্থান দৰ্শন কৰিব তাকে গুণা-গঁথা কৰি মাকৰ
চিন্তাৰ পাৰাপাৰ নাই। দেউতাকেতো খোলা-খুলিকৈ কৈয়ে পেলালে--অফিচৰ এশ এটা কামৰ
হেঁচাত টিকট কটা, হোটেল ঠিক কৰা, কোন কোন স্থানলৈ যাব এইবোৰ ভাবিবলৈ তেওঁৰ সময়
নাই। কুঁৱলীয়ে ae হাঁহি মাক-দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰিলে-_
‘তোমালোকে একো চিন্তা কৰিব নালাগে। এই সমস্ত দায়িত্ব মোৰ, কম্পিউটাৰটো এনেয়ে সজাবলৈ
থৈছোঁ নেকি?’ ইণ্টাৰনেটতে কুঁৱলীয়ে টিকট কাটিলে, বিচাৰি বিচাৰি দামে-কামে সামঞ্জস্য থকা
পছন্দৰ হোটেলো বন্দবস্ত কৰিলে, আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটোও
মাকক দেখুৱালে। লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাৰাও ই-বেংকিঙৰ যোগেদি জমা দিলে। ভ্ৰমণৰ
উপযোগী হোৱাকৈ আটাইৰে বাবে প্ৰয়োজনীয় সাজ-পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্রীও
নেটৰ যোগেদিয়েই, অৰ্থাৎ ই-কমাৰ্চৰ সুবিধাত ক্ৰয় কৰিলে, সময় আৰু কণষ্ট কিমান যে লাঘৱ হ’ল!
ভ্ৰমণৰ প্রস্তুতি পূৰ্ণণতিত আগবাঢ়ি থাকৌতেই হঠাৎ এদিন ঘটিল নহয় অঘটনটো--হোটেলৰ
পৰা কিবা চিঠি-পত্ৰ আহিছে নেকি বুজ ল’বলৈ কুঁৱলীয়ে কম্পিউটাৰটো অন কৰিলে। পিছে কাৰ্যক্ষম
কৰিব নোৱাৰিলে অৰ্থাৎ ভাইৰাচ সোমাল। ভাইৰাচ শব্দটো শুনিয়েই ভায়েক নিয়ৰে আকৌ অসুখৰ
ভাইৰাচ বুলিয়েই ভাবি ল’লে। সেয়েহে কুঁৱলীয়ে তাৰ আগত সৰু-সুৰা বক্তৃতা এটাই দিব লগা
হ’ল--‘বুজিছ| নিয়ৰ, Virus ৰ সম্পূৰ্ণ ৰূপ হৈছে ‘Vital information resources under seize’.
ই হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্রস্তুত কৰা এক কম্পিউটাৰ aay! ই নিজকে কম্পিউটাৰত
থকা সুস্থ WaT বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ
মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ ।” নিয়ৰক কথাখিনি বুজাই কুঁৱলী ততা-
তৈয়াকৈ বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান বিভাগত গৱেষণা কৰি থকা শ্বাবানা বাইদেউৰ ওচৰ পালেগৈ।
বাইদেৱে এণ্টিভাইৰাচ চফটৱেৰ এটা কুঁৱলীৰ কম্পিউটাৰটোতে অন্তর্ভুক্ত কৰি বিপদমুক্ত কৰিলে।
ধীৰে ধীৰে কুঁৱলীয়ে নেটৰ ৰঙীন জগতখনৰ ভিতলৈ সোমাই পৰিল। তাই যেন
কম্পিউটাৰটোৰ লগত আঠা লাগিহে ধৰিলে। স্কুললৈ সাজু হোৱাৰ আগলৈকে আৰু স্কুলৰ পৰা
আহিয়েই মুখ-হাত ধুই নাকে-মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট খুলি লয়। মাজতে মাত্র স্কুলৰ
পৰা কৰিবলৈ দিয়া ‘গৃহকৰ্ম|খিনি কৰি লৈ পুনৰ ৰাতিৰ আহাৰ গ্রহণ কৰাৰ আগলৈকে বা কেতিয়াবা
তাৰ পিছতো তাই ইণ্টাৰনেটক লৈয়ে ব্যস্ত। মাকৰ হাক-বচনলৈ তাই কাণষাৰেই নকৰা হ'ল। তাইৰ
--- Page 62 ---
৫৬ অসমীয়া সাহিত্য চয়নিকা (নতুন)
বান্ধৱী এজনীৰ ইণ্টাৰনেট সংলগ্ন মোবাইলো৷ আছে। গতিকে স্কুলতো এতিয়া সময়-সুবিধা বুজি নেটৰ
সোৱাদ ল’বলৈ কৃপণালি নকৰে। বান্ধৱীজনীয়ে ম’বাইলত ফেচবুক, ৱাটছএপ আদিও ব্যৱহাৰ কৰে।
বান্ধবীজনীলৈ বাটছএপৰ জৰিয়তে অহা বিভিন্ন ধৰণৰ মেচেজবোৰৰ মাজতে সিহঁত ব্যস্ত হৈ থাকে।
বান্ধৱীজনীয়ে হেনো স্কুললৈ আহৌতে-যাওঁতে গাড়ীতো ম’বাইল ব্যৱহাৰ কৰে। আনকি ফুৰিবলৈ
গ’লেও বা সম্বন্ধীয় লোক বা আলহী-অতিথিৰ সন্মুখতো বিবাহ-উৎসৱ-অনুষ্ঠানৰ সকলো ঠাইতে
হাতত ম’বাইল লৈ ইণ্টাৰনেটতে ব্যস্ত হৈ থাকে। চৌপাশৰ পৰিৱেশলৈ কোনো ভজ্ৰাক্ষেপেই নাই।
মাজে মাজে কাণত হেডফোন লগাই গান বা চিনেমাৰ ৰঙীন পৃথিৱীত মচণ্ডল হৈ থাকে।
এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে। তাইৰ বান্ধৱীজনীৰ ভায়েক পলে হেনো
ইমানকৈ ইণ্টাৰনেটত গেম খেলিবলৈ আৰম্ভ কৰিছে যে তাৰ পঢ়া-শুনাৰ প্রতি মনোযোগ একেবাৰে
কমি আহিছে। সুবিধা পালেই স্কুল খটি কৰি দিনৰ দিনটো মোবাইলত গেম খেলাত ব্যস্ত হৈ থাকে।
পঢ়া-শুনাত সৰুতে বেচ নাম কৰা পলে হেনো এইবাৰ ছয়মাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত
বেয়া কৰিছে। কুঁৱলীৰ মনটো বিষাদগ্ৰস্ত হ’'ল। লাহে লাহে কুঁৱলীৰ ধাৰণ৷ হৈছে তায়ো--- যেন
পৰিয়াল, আপোনজন, ওচৰ-চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে। সিদিনা পৰিয়ালসহ
অতুল মামা আহোঁতে তাই দেখোন Mae দিবলৈকে নগ’ল। ওচৰৰে বিয়া-বাৰুলৈ যোৱাৰ নামেই
নল’লে। ৰাস্তাই ঘাটে দেখোন সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্রতি সামান্য সৌজন্যবোধ
দেখুৱাবলৈকো পাহৰি গ’ল। কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতহে অবিৰাম উটি-ভীহি ফুৰা
হ’ল। তাই দেখোন দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশতে সম্পূৰ্ণ আনমনা হৈ পৰিল। ঘৰা
কাম-বন তথা অন্যান্য দায়িত্বৰ প্রতি উদাসীন হৈ কেৱল মাথোঁ কম্পিউটাৰটোৰ সন্মুখতে বহি থকা
হ'ল। এলাহ ভাবো ক্ৰমে বেছি হ’বলৈ ধৰিলে। মূৰটোও অনবৰতে বিষাই থকা হ’ল। ইয়ে তাইৰ
পঢ়া-শুনাতো ব্যাঘাত জন্মালে। বাহিৰা কিতাপ-পত্ৰ, আলোচনী, বাতৰি-কাকতৰ লগত সম্বন্ধ
নোহোৱা হৈ পৰিল। নেটত পোৱা কিছুমান তথ্যত বিসংগতিও ধৰা পেলালে স্কুলৰ শিক্ষক-
শিল্ষয়িত্ৰীয়ে। তদুপৰি via মিডিয়াত প্রচাৰিত কিছুমান খবৰে উৰা-বাতৰিৰ ৰূপ লৈ সমাজখনৰ
ক্ষতি কৰাৰ কথাও স্কুলৰ ময়ূৰী বাইদেৱে সিদিনা সিহঁতক বুজাই দিলে।
কথাবোৰ ভাবি-গুণি কুঁৱলীৰ মনটো ভাৰাক্ৰমন্ত হৈ পৰিল। দিনকদিনে বাঢ়ি অহা ইণ্টাৰনেটৰ
প্রতি আসক্তি তথা মনৰ পৰিৱর্তনবোৰৰ কথা ক’বলৈ তাই শ্বাবানা বাইদেউৰ ওচৰলৈ ঢাপলি
মেলিলে৷ শ্বাৱানা বাইদেৱে তাইৰ কথাবোৰ মনোযোগ শুনি মিঠা হাঁহি এটাৰে তাইক ক’বলৈ
ধৰিলে--- ‘এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্রতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া
দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ-পোহৰ নথকা হ’লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ
জানো অসন্তিত্ব থাকিলেহেঁতেন। ইয়াৰ বিপৰীত ছবিখন আকৌ AIRS উৎকট তাপত জহকালি
--- Page 63 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৫৭
আমি দেখোন বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ-জন্তুৰ লগতে গছ-লতিকাও
মৃত্যুমুখত পৰে। কিন্তু সেইবুলি আমি জানো সূৰ্যৰ শক্তিক উপেক্ষা কৰিব লাগে? উৎকট গৰমৰ পৰা
পৰিত্ৰাণ পাবলৈ আমি সামৰ্থ্য অনুসৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলেই হ’লহু একেদৰে ইণ্টাৰনেটৰো
মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত
ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সোপান ৰচিব পাৰিব। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত
বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই লক্ষ্যত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব
পৰা যাব, যেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়গ্রতিজ্ঞ
হ’ব। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় এয়ে যে ফেচবুক, ৱাট্চএপ আদি চ’চিয়েল মিডিয়াৰ জগতখনত
নতুন প্রজন্ম সোমাই পৰিছে। ইয়াৰ ফলত তেওঁলোকে কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয়,
খেলা-ধূলাৰ ফালেও সম্পূৰ্ণ পিঠি দিছে। তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে মোবাইলত
থকা ৱাটছএপ, টুইটাৰ, ইউ টিউব, ফেচ্বুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্রচাৰ হয়। এজনে
আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে।
গতিকে কিবা এটা পালেই সেয়া বিশ্বাসযোগ্যতাৰ প্রমাণ নোহোৱাকৈ যাৰে-তাৰে মোবাইললৈ পঠিয়াই
নিদিবা। এই দিশত পুৰামাত্ৰাই সচেতন SA! অনুশোচনা ভৰা তথা আত্ম উপলব্ধি ভৰা মন লৈ
কুঁৱলী শ্বাবানা বাইদেউৰ ঘৰৰপৰা উভতি আহিলে। বাটে বাটে তাই ভাবি আহিলে এতিয়াৰে পৰা
ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া-শুনা, খেলা-ধূলা তথা মাক-দেউতাকে HS কৰা সকলো ধৰণৰ দায়িত্ব
সামৰিহে গ্রহণ কৰিব। মাক-দেউতাকে অনুমতি নিদিয়া কোনো ধৰণৰ কাৰ্যক্ৰম ইণ্টাৰনেটত আৰু
উপভোগ নকৰে। তদুপৰি ইণ্টাৰনেটৰ ব্যৱহাৰে যাতে সমনীয়া তথা বয়োজ্যেষ্ঠজনৰ প্রতি থকা
দায়িত্ববেধ তিলমানো হাস নকৰে তাৰ প্রতি সচেতন হ'বলৈও তাই দৃঢ়প্রতিজ্ঞ হ'ল। কুঁৱলীৰ দৃঢ়
বিশ্বাস, এই প্রতিজ্ঞাসমূহ আখৰে আখৰে পালন কৰিলে তাইৰ জ্ঞানৰ পৰিধিয়ে আকাশ চুব। লগতে
সমাজৰ প্ৰতিও তাইৰ দায়বদ্ধতা অক্ষুম থাকিব। এই অনাবিল অভিজ্ঞতা থকা উপলব্ধি সকলো বন্ধু-
বান্ধৱীক জনাবলৈ তাই উদগ্ৰীৱ হৈ পৰিল। সেয়ে ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ উপহাৰ পোৱাৰ
দিন ধৰি হোৱা তাইৰ অভিজ্ঞতাসমূহ পুংখানুপুংখৰূপে বৰ্ণনা কৰি কুঁৱলীয়ে সকলো বন্ধু-বান্ধৱীলৈ
ই-মেইল কৰিলে। এটা অতি আশাভৰা মন। তাই আশা কৰিলে---তাইৰ চিনাকি-অচিনাকি সকলোৱে
এহাতে ইণ্টাৰনেটৰ শেৱালি সুৱাসেৰে মন-প্রাণ পুলকিত কৰক আৰু আনহাতে ইণ্টাৰনেটৰ কু-প্রভাৱৰ
কেঁকোৰা পাৰ পৰা মুক্ত হৈ থাকক।
লেখক-পৰিচয় ঃ
UW act দত্ত 3 wv প্রণয়ী দত্ত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেকট্ৰনিক আৰু কম্পিনিকেশ্বন
টেকন’লজী বিভাগৰ অধ্যাপিকা। শৈশৱৰে পৰা মেধাৰ পৰিচয় দিয়া প্রণয়ী দত্তই ১৯৭০ চনত গুৱাহাটীৰ
তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত
--- Page 64 ---
৫৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল। ১৯৭৩ চনত পদাৰ্থবিজ্ঞানত অনাৰ্চসহ কটন
কলেজৰ পৰা প্রথম শ্রেণীৰ তৃতীয় হৈ বি. এচ. চি. আৰু ১৯৭৫ চনত কটন কলেজৰ পৰাই প্ৰথম শ্ৰেণীৰ
দ্বিতীয় স্থান অধিকাৰ কৰি এম. এচ. চি ডিগ্ৰী লাভ কৰে। প্রথমে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয় আৰু
পৰৱৰ্তী সময়ত কটন কলেজত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ
পদাৰ্থবিজ্ঞান বিভাগত যোগদান কৰে। ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেচাৰ কিশোৰী
মোহন পাঠকৰ অধীনত ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ বিষয়ত গৱেষণা কৰি পি. এইচ. ডি. ডিগ্ৰী
লাভ কৰে। ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেকট্ৰনিক এণ্ড কম্পিউকিশ্বন টেকন’লজী বিভাগত
মুৰব্বী অধ্যাপিকা হিচাপে যোগদান কৰি ২০১৩ চনলৈ সেই পদতে কাৰ্যনিৰ্বাহ কৰে। ড’ দত্তৰ বহুসংখ্যক
গৱেষণাপত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আলোচনীত প্রকাশ পাইছে। কানাডা, অষ্ট্টেলিয়া,
অংশ গ্ৰহণ কৰিছে।
পাঠবোধ 3
পৃথিৱীৰ সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ থকাৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদান ইণ্টাৰনেটৰো
ভাল-বেয়া দুয়োটা দিশ আছে। ইণ্টাৰনেটৰ বহুল প্রসাৰ তথা উপযোগিতাই মানুহৰ শ্রম লাঘৱ কৰি
থাওকতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে; কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ
ছাত্ৰসমাজ বিভিন্ন ক্ষতিৰো মুখামুখি হৈছে। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ কাহিনীটোৰ মুখ্য চৰিত্র কুঁীকো
তাইৰ দেউতাকে জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত হোৱাৰ আশাৰে ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ কিনি
দিছে। অধ্যয়নশীল কুঁৱলীয়ে ইণ্টাৰনেটৰ উপযোগিতা বিভিন্ন ধৰণে গ্ৰহণ কৰিছে। কিন্তু ক্ৰমাৎ ইণ্টাৰনেটৰ
প্রতি বাঢ়ি অহা আসক্তিয়ে তাইক পৰিয়ালৰ সৈতে বিচ্ছিন্ন কৰিছে। সুস্থ সামাজিক আচৰণ তথা দায়িত্ববোধ
পাহৰাই পেলাইছে আৰু তাইক অসুস্থ তথা কৰ্মবিমুখো কৰি তুলিছে। অৱশ্যে ইণ্টাৰনেটৰ এই ক্ষতিকাৰক
দিশবোৰ উপলব্ধি কৰি কুঁৱলীয়ে আত্মসংশোধন কৰিছে আৰু ইণ্টাৰনেটৰ সু-প্রয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ
কৰিছে। কাহিনীটোৰ জৰিয়তে লেখিকাই ইণ্টাৰনেটৰ ভাল দিশবোৰৰ সমান্তৰালকৈ ইয়াৰ কু-ব্যৱহাৰৰ
দিশটোকো উনুকিয়াই ছাত্ৰসমাজক সচেতন কৰাৰ প্রয়াস কৰিছে।
শব্দাৰ্থ আৰু টোকা ঃ
অগ্ৰিম £ আগেয়ে দিয়া বা দিব লগা।
অনাবিল 2 নিৰ্মল, মলিহীন।
আভা £ পোহৰ, দীণপ্তি।
উৰা-বাতৰি 2 গুজব।
কদাচিত £ কেতিয়াবা।
--- Page 65 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৫৯
চিৰযুগমীয়া 3 চিৰস্থায়ী।
তড়িৎ বিজুলী।
পৰিধি 2 সীমা।
প্রশস্ত উপযুক্ত, উত্তম, শ্রেষ্ঠ।
প্রশ্নাৱলী
ভাব-বিষয়ক ঃ
S| চমুকৈ উত্তৰ লিখা ঃ
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
(খ) ইণ্টাৰনেট কি?
(গে) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
(৬) ভাইৰাচ কি?
WWW ai ৱেব কি?
কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
‘ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”--_ কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ
সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্র-ছাত্তীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত
বুজাই লিখা।
ভাষা-বিষয়ক ঃ
D1 বাক্য ৰচনা কৰা ঃ
চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।
১১।অভিধান চাই অৰ্থ লিখা ঃ
ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।
C RO ০ Ww
DO
--- Page 66 ---
Baal গোস্বামী মহন্ত
এখন চলন্ত ৰেলগাড়ী...
‘দে বুলি কৈছোঁ নহয়, দি দে এতিয়াই।'-_ ডকাইতৰ দলটোৰ এটাই হুটা মাতেৰে প্ৰচণ্ড শব্দ কৰি
ধমকি দিলে।
চলন্ত ৰে’লগাড়ীখনৰ দবাটোত বহুতো মানুহ। আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। কোনেও
কাকো সহায় কৰিবলৈ মনোবল গোটাব পৰা নাই। বৰং ডকাইতবোৰে বিচৰা মতে হাতৰ, কাণৰ আৰু
ডিঙিৰ অলঙ্কাৰবোৰৰ লগতে যাৰ হাতত যি টকা-পইচা আছিল প্রাণৰ মায়াত নীৰৱে, বিনাপ্রতিবাদে
ডকাইতবোৰৰ হাতত তুলি দিছে।
একমাত্ৰ ব্যতিক্ৰম চাক্বিছ বছৰ বয়সৰ গাভৰু অৰুণিম৷ সিন্হা। লক্ষ্মীৰ পৰা দিল্লী অভিমুখে আহি
আছিল ৰে’লগাড়ীখন৷ ৰে’ল পুলিচ বা গাৰ্ড কাৰো খবৰ নাছিল যে চলন্ত ৰে’লগাড়ীত নিৰ্বিবাদে ডকাইতি,
লুণ্ঠন DANS গৈছে এদল দৃুষ্কৃতিকাৰীয়ে।
খঙত টিঙিৰি তুলা হৈ এইবাৰ ডকাইতবোৰৰ মাজৰ পৰা এটাই আহি অৰুণিমাৰ সন্মুখত থিয় হ’ল।
‘দে বুলিছোঁ নহয় এতিয়াই ভালে ভালে দি দে চেইনডাল। নহ’লে ... তাৰ পৰিণাম মুঠেও ভাল
নহ’ব!’
অৰুণিমা নিৰুদ্বেগ। অৰুণিমা অসংকুচিত। অৰুণিমাৰ দুচকুত সাহস।
‘মই দিব নোৱাৰোঁ৷ মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে
দিয়া আশীৰ্বাদ। ইয়াত মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনোমতে তোমালোকক দিব
অৰুণিম৷ সিন্হা ভাল ভলীবল খেলুৱৈ | ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে সুনাম আৰ্জি থৈছে। উত্তৰ প্ৰদেশত
ঘৰ তেওঁৰ । ২০১১ চনৰ ঘটনা এয়া |
--- Page 67 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ws
ৰে’লগাড়ীখন চলি আছিল। ডকাইতৰ দলটোৰ লুট-পাতো চলি আছিল অবিৰাম। সিহঁতে বাৰে
বাৰে সোণৰ চেইনডাল বিচাৰি অৰুণিমাক ধমদি দি আছিল। অৰুণিমা কিন্তু কোনো ধমকিৰ ওচৰত সেও
মনা বিধৰ ছোৱালী নাছিল।
ৰে’ল গাড়ীখনৰ একেটা ডবাত থকা আন বহুতে চকুৰে অৰুণিমাক চেইনডাল দি দিবলৈ ইংগিত
দিছিল যদিও তেওঁ অন্যায়ৰ ওচৰত শিৰ নত কৰিবলৈ বিচৰা নাছিল। বাৰে বাৰে তেওঁ একেষাৰ কথাকে কৈ
আছিল--- ‘এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়।’
‘নিদিয় তেন্তে? আমাৰ অবাধ্য হোৱাৰ পৰিণাম কি জাননে নাজান তই?'_- কোনোবা এটাই গৰজি
উঠি ক’লে।
মুহূৰ্ততে দুটা ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো টলকিব পৰাৰ আগতেই অৰুণিমাক
ডাংকোলাকৈ তুলি নি চলন্ত ৰে’লগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে। সেই সময়তে
ওচৰেৰে আন এখন ৰে’লগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰে’লগাড়ীখনত খুন্দা খাই বস্তা
এটাৰ দৰে তললৈ পৰি গ’ল। অৰুণিমাই প্ৰাণপণে চিঞৰিলে যদিও ৰে’লৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ
মাত তল পৰি গ’ল। প্রায় সাত ঘণ্টা সময় তেওঁ TS কাষত পৰি ৰ’ল আৰু সেই সময়ত কাষেদি
উনচল্লিশখন ৰেলগাড়ী পাৰ হৈ গ’ল। নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিলে বা কোনোবাই
দেখিলেও ভয়তে আগবাঢ়ি নাহিল। ৰাতি পুৱালত সকলোৱে দেখিলে লক্ষ্মৌ-দিল্লীগামী ৰে’লপথৰ কাষত
গুৰুতৰভাৱে আহত অৱস্থাত এজনী ছোৱালী পৰি আছে। প্রথমতে বেৰিলী হস্পিতালত, তাৰ পিছত
নতুন দিল্লীৰ অল ইণ্ডিয়া ইলটিটিউট অব্ মেডিকেল চায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। কোনো
কোনোৱে ক’লে টিকট নোহোৱাকৈ ভ্ৰমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকট বিচৰাত ৰেলগাড়ীৰ পৰা জাঁপ
মাৰি দিছিল, কোনোৱে আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰে’লআলিলৈ গৈছিল
বুলি ক’লে। কথাষাৰ অৰুণিমাৰো কাণত পৰিছিল, এইবোৰে তেওঁৰ মনত দুখ দিয়াৰ উপৰিও সকলো
কথাকে প্ৰত্যাহ্বান হিচাপে লৈ নতুনকৈ জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল। সেই ঘটনাটোত
তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত
চলাফিৰ৷ কৰিব পৰা কৰা হ'ল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল।
হস্পিতালৰ বিছনাত শুই থাকৌতে তেওঁৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ
ধৰিলে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাঙ্গতাৰ কথা পাহৰি গ’ল। বৰং ক’ত
কেনেকৈ এই বিষয়ৰ প্রশিক্ষণ ল’লৈ কৃতকাৰ্য হ'ব পাৰিব, সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে। এনেতে
তেওঁ গম পালে--- এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। চাৰি
মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰ৷ ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। তেওঁৰ
--- Page 68 ---
VR অসমীয়া সাহিত্য চয়নিকা (নতুন)
দুচুকত তেতিয়া এভাৰেষ্ট বিজয়ৰ সপোন। পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহ।
বাচেন্দ্ৰি পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুৰ সপোন, প্রত্যাহ্থান
আৰু আত্মপ্রত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী
ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। তেওঁৰ আকাংক্ষা দেখি বহুজনে তেওঁক পৰামৰ্শ
দিছিল--- বোলে তোমাৰ এখন কৃত্ৰিম ভৰি, আনখন থাকিও নথকাৰ দৰে। পৰ্বতাৰোহণৰ যিবিলাক অতি
কঠিন কৌশল, আৰু পৰিশ্ৰম তাত এনেকুৱা অৱস্থাৰে সাফল্য লাভ কৰা তোমাৰ বাবে সম্ভৱ নহ’বগৈ।
তাতোকৈ সাধাৰণভাৱে জীৱনটো পাৰ কৰা, এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন্ন কৰিব
নালাগে।
পিছে যাৰ দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন আৰু অন্তৰত প্রচণ্ড সাহ আৰু আত্মবিশ্বাস তেওঁক
জানো এনেবোৰ কথাই লক্ষ্যৰপৰ৷ বিচ্যুত কৰিব পাৰে | লক্ষ্যত স্থিৰ হৈ থাকি দিনে দিনে অৰুণিমা আগবাঢ়ি
গ’ল। আগতে লগোৱা কৃত্ৰিম ভৰিখন পৰ্বতাৰোহণৰ বাবে উপযোগী নাছিল। নতুন ভৰি লগাবলৈও প্ৰায়
MSA হেজাৰ টকাৰ আৱশ্যক। বহু চেষ্টাৰ মূৰত সেইখিনিও যোগাৰ হ’ল। কেবাগৰাকীয়ো সহৃদয়
ব্যক্তিয়ে সহায় কৰিলে। সঁচাকৈয়ে এদিন দেখা গ’ল-_ এখন কৃত্ৰিম ভৰি আৰু আনখন লোৰ ৰডৰ সহায়ত
চলাফিৰা কৰা ভৰিৰ গাভৰু গৰাকীয়ে মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত
থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপত যোগ দিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা
অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ তত্বাৱধানত অনুশীলন চলিল।
শাৰীৰিক, মানসিক দুয়ে৷ দিশতে দৃঢ়তা আৰু অধ্যৱসায় একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন
হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্রতিজ্ঞা সফল কৰিবলৈ উঠি-পৰি লাগিছিল তেওঁ।
প্রায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ
কৰিছিল COS | কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে
শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনিঘণ্টাও লাগিছিল। তথাপিও আশা এৰি দিয়া নাছিল অৰুণণিমাই।
তেওঁক পৰ্বতাৰোহণ অভিযানত সহায় কৰা শ্বেৰপাজনেও আনকি তেওঁৰ তেজেৰে তুমৰলি হোৱা
ভৰিৰ অৱস্থা দেখি কেবাবাৰো প্রাণ বচাবলৈকে তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিছিল। অৰুণিমাই হ'লে
কোনো বাধা-বিপত্তিৰ ওচৰত সেও মানিবলৈ শিকা নাছিল।
অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১, ১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ
সক্ষম হ’ল তেওঁ। পিছে চামছেৰ কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত
বতৰো আছিল অত্যন্ত প্ৰতিকুল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্র
৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকৌতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া
--- Page 69 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৬৩
Za | পিছে সেই অসম্পূৰ্ণতাই তেওঁৰ মনৰ পূৰ্বৰ সংকল্প অধিক দৃঢ়হে কৰিলে। তেওঁৰ মনত মাউণ্ট এভাৰেষ্ট
জয়ৰ আকাংক্ষা তীব্ৰতৰ VA] এই সময়ছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে
আগবাঢ়ি যোৱাত প্রখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অনুপ্ৰাণিত কৰিছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ
সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত
আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল-- মনৰ বল আৰু
আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্রতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো
ই হেঙাৰ হ'ব নোৱাৰে।
সেই কষ্টকৰ সময়ছোৱাত তেওঁক মনোবল অটুট ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল তেওঁৰ
ভ্ৰাতৃ আৰু বাচেন্দ্ৰি পালেও।
মাউণ্ট চামছেৰ কাংৰিৰ শিখৰত উপস্থিত হ’ব নোৱৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব
নোৱাৰিলে। বৰং তেনে অৱস্থাৰে ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউণ্ট এভাৰেষ্টলৈ যাব
পৰাটো যে সম্ভৱপৰ সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে। এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল
অৰুণিমা। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ, ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল
অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু
অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়োখন ভৰিৰপৰা তেজ নিগৰি ভয়ঙ্কৰ অৱস্থা হৈছিল। লগত নিয়া
অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে যে যিকোনো
মুহূৰ্তত অক্সিজেন শেষ হৈ যাব। তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব।
পিছে অৰুণিমাই কৈছিল, ‘ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে। যি হয় দেখা AA’
অদম্য সাহস আৰু উৎসাহেৰে COS আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰপৰা ৰুমালেৰে
তেজ মছি মছি আগুৱাই গৈ থাকৌতে বাটত বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল তেওঁ। কিন্তু
একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্টসহিযষুও্তাৰ ফল অৱশেষত
ফলিল। কাঠমাণ্ডুৰপৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্রায় আঠ বজাত তেওঁ ৮৮৪৮ মিটাৰ
উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃঙ্গত পদাৰ্পণ কৰিবলৈ সক্ষম হ’ল। বহুতো অভিযাত্ৰীৰে সেইখিনি
পোৱালৈকে লগত নিয়া অক্সিজেন প্রায় শেষ হওঁ হওঁ হয়গৈ। সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে
খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়। কাৰণ, অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰ নামি অহা বাটৰ
প্ৰথমটো কেম্প পাবগৈ লাগিব। অৰুণিমাৰো অক্সিজেন শেষ হ’বলগীয়া হৈছিল। লগত যোৱা শ্বেৰপাজনক
মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ ল’বলৈ অনুৰোধ কৰিছিল।
শ্বেৰপাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'ব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয় পতাকা
--- Page 70 ---
৬৪ অসমীয়া সাহিত্য চয়নিকা (নতুন)
সাৱটি ধৰ৷ অৰুণিমাৰ ফটো তুলি দিছিল। প্রায় ডেৰ ঘণ্টাকাল তেওঁ এভাৰেষ্টত আছিল। তাৰিখটো আছিল
২১ মে’, ২০১৩ চন।
এনে স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে ২০১৫ চনত তেওঁক ‘পদ্মশ্ৰী’ সন্মানেৰে বিভূষিত
কৰে। তেতিয়াৰ সন্মানীয় ৰাষ্ট্ৰপতি প্রণৱ মুখাজী ডাঙৰীয়াৰ পৰা তেওঁ এই সন্মান লাভ কৰাৰ উপৰিও
একেগৰাকী ALAS পৰা ২০১৫ চনৰ ‘টেনজিং নৰগে সন্মান’ লাভ কৰে। ২০১৪ চনত তেওঁ ভূতপূৰ্ব
ৰাষ্টপতি ডঃ এ পি জে আব্দুল কালামৰ পৰা ‘এমেজিং ইণ্ডিয়ান এৱাৰ্ড’ লাভ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ
মোড়ী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্রশংসা কৰে।
ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত এইদৰে একোগৰাকী ব্যক্তিয়ে নিজ প্ৰতিভাৰে জাতীয়
জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু
CAINE বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত
উপনীত হ’বলৈ সাহস যোগায়। এইক্ষেত্ৰত আমি একলব্যৰ কাহিনী মনত পেলাব পাৰোঁ। তেওঁ নিজৰ
সাধনা আৰু একাগ্ৰতাৰ বলত সিদ্ধি লাভ কৰিছিল। মনত পেলাব পাৰোঁ মহাভাৰতৰ তৃতীয় পাণ্ডৱ অৰ্জুনৰ
একাগ্ৰতা আৰু CHA বিষয়ে। শব্দভেদী বাণ মাৰিবলৈ শিকিবলৈ তেওঁ গোটেই নিশা ঘিটমিটীয়া আন্ধাৰৰ
মাজত গভীৰ অৰণ্যৰ ভিতৰলৈ গৈ তাত শব্দ অনুসৰণ কৰি কীড় মাৰিবলৈ অভ্যাস কৰি কৃতকাৰ্য হৈছিল।
ষ্টিফেন হকিঙৰ দৰে বিশেষভাৱে সক্ষম বিজ্ঞানী গৰাকীয়ে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিছিল তেওঁৰ
বিৰল প্ৰতিভাৰ জৰিয়তে। অৰুণিমা সিন্হাৰ দৰে লক্ষগৰাকী আমাৰ মাজত আছে। কেৱল তেওঁলোকৰ
মাজত লুকাই থকা প্ৰতিভা বিকাশৰ ক্ষেত্রত সামান্য আশ্বাস, সহমৰ্মিতা আৰু সহায়ৰ প্ৰরয়োজন। অৰুণিমাৰ
সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্রেৰণা যোগালে সঁচা অৰ্থত
দেশৰ কাম কৰা BA’
লেখক-পৰিচয় ঃ
ড‘জয়ন্ৰী গোস্বামী মহন্ত (১৯৬০) ঃ G° SAS) গোস্বামী মহন্ত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,
শিক্ষাবিদ তথা৷ ভূতপূৰ্ব সাংসদ। গল্প, কবিতা, উপন্যাস, শিশু-সাহিত্য ৰচনা কৰাৰ উপৰি তেওঁ সমসাময়িক
আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশৰ মননশীল প্ৰবন্ধও ৰচনা কৰিছে। বিশ্বসাহিত্যৰ বহু উল্লেখনীয় গ্ৰন্থৰ
অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে। কটন কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ
তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ড মহন্তৰ
বিজ্ঞান বিষয়ক বহুতো গৱেষণামূলক প্রবন্ধ দেশ-বিদেশৰ আগশাৰীৰ আলোচনীত প্রকাশ পাইছে। ড‘মহন্ত
১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল। ‘মহাকবি’, ‘গান্ধাৰী’, ‘চাণক্য’ আদি উপন্যাস,
--- Page 71 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৬৫
‘অন্য এক ৰত্নাকৰ’, ‘উঁৱলি যোৱা চাদৰ’ আদি গল্প-সংকলন, ‘অসম আন্দোলন 3 যুগমীয়া চিন্তাৰ প্ৰতিফলন’
শীৰ্ষক প্রবন্ধ-সংকলন, ‘চেমনীয়াৰ বিশ্ব সাহিত্য’, ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’ আদি শিশু-কিশোৰৰ উপযোগী গ্ৰন্থ ড০
মহন্তৰ উল্লেখযোগ্য সৃষ্টি। বৰ্তমানে ‘এদিনৰ সংবাদ’ কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা
মহন্তক ২০১৮ চনত ভাৰত চৰকাৰে ATA উপাধিৰে সন্মানিত কৰে।
পাঠবোধঃ
জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্ৰ হ’ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্রবল ইচ্ছাশক্তিয়ে লক্ষ্যত
উপনীত হোৱাৰ বাটত থকা অনেক প্রত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা
Pret নামৰ চাক্বিছ বছৰীয়া যুৱতী এগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিন্হাই লক্ষ্মীৰ পৰা দিল্লী অভিমুখী ৰে’লযাত্ৰাত দুৰ্বৃত্তৰ কবলত
পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱালগীয়া হৈছিল। আনখন ভৰিতো লোৰ ৰড সুমুৱাই চলা-ফিৰা কৰিবলগীয়া
হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক
সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্রতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। ইতিমধ্যে
এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰি পালৰ পৰামৰ্শ, সহায় আৰু প্রশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ
বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে’ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত
পৰিণত কৰিছিল।
যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়তে
নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা
সিন্হাই। অৰুণিমাৰ জীৱন কাহিনী নতুন প্রজন্মৰ বাবে প্ৰেৰণাৰ উৎসস্বৰূপ।
শব্দাৰ্থ আৰু টোকা ঃ
অদম্য ঃ যাক দমন কৰিব নোৱাৰি।
অভিযাত্ৰী ঃ দুৰ্গম পথেৰে যোৱা সাহসী লোক, দুঃসাহসী পৰ্যটক।।
তুমৰলি £ তেজ আদি লাগি লুতুৰি-পুতুৰি হোৱা।
পদাৰ্পণ 2 এঠাইত গৈ ভৰি দিয়া বা উপস্থিত হোৱা কাৰ্য।
প্রতিকূল $ অসুবিধা সৃষ্টিকাৰী, বিৰুদ্ধ, বিপৰীত।
লুণ্ঠন 3 লুট কৰা কাৰ্য, ডকাইতি।
বিপদাপন্ন 2 বিপদত পৰা।
বিচ্যুত ঃ স্বলিত, যিটো এৰা পৰিছে।
--- Page 72 ---
wy অসমীয়া সাহিত্য চয়নিকা (নতুন)
প্ৰশ্নাৱলী
ভাব-বিষয়ক ঃ
১। চমুকৈ উত্তৰ লিখা?
(ক) অৰুণিমা Pals কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত?
(গ) হস্পিতালত থাকৌতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?
(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
(৬) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল ? তেওঁ তাত কিমান সময় ধৰি আছিল?
২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল ? এই দুৰ্ঘটনাত অৰুণিমাই
অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
অৰুণিমা PS কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
অৰুণিমা Peels এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰুূজনৰ বাবে আশা
আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।-_ কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত
বুজাই লিখা।
৮। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
>| চমুটোকা লিখা ঃ
বাচেন্দ্ৰি পাল, টেনজিং নৰগে, ষ্টিফেন হকিং।
ভাষা-বিষয়ক ঃ
S| সন্ধি ভাঙা ঃ
সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন।
২। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা ¢
অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।
o> € RFR ০ ০
--- Page 73 ---
অনুৰাধা শৰ্মা পূজাৰী
পাহিৰ যোৱা তিনিদিনমান ধৰি গাত তত্ নাইকিয়া হৈছে। এইবাৰ বিদ্যালয়ৰ গৰমৰ বন্ধৰ
প্রথম সপ্তাহতে চাৰিদিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলক এখন অৰণ্যলৈ নিয়া হ'ব
বুলি শ্ৰেণী শিক্ষকে ঘোষণা কৰাৰ দিনৰেপৰা দুয়োটা শ্রেণীত উখল-মাখল পৰিৱেশ। ছাত্ৰ-ছাত্ৰীসকলৰ
মাজত কেৱল এটাই আলোচনা---কোনখন অৰণ্যলৈ যাব। কোনোবাই মানাহ অভয়াৰণ্যৰ কথা ক’লে;
কোনোবাই কাজিৰঙাৰ কথা ক’লে। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই ক’লে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ
নিয়াৰ সপক্ষত মত বেছি হৈছে বাবে তালৈকে নিয়া হ'ব। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী আকৌ পূৰ্বতে
কাজিৰঙালৈ যোৱাৰ অভিজ্ঞতা থকা বাবে যাবই নুখুজিলে। তথাপি দুয়োটা শ্ৰেণীৰ পঞ্চাশগৰাকী
ছাত্ৰ-ছাত্ৰী আৰু পাঁচ-ছয়গৰাকী শিক্ষক-শিক্ষয়িত্ৰী মিলি দলটো ডাঙৰেই হ’ল। ছাত্র-ছাত্বীসকলক লগত
নিব লগ৷ প্রয়োজনীয় বয়-বস্তুৰ তালিকা দিয়া হ'ল। লগতে ইয়াকো কোৱা হ’ল যে প্রত্যেক
ছাত্ৰ-ছাত্ৰীয়ে নিব লগা বয়-বস্তু যাতে আনৰ সহায় নোলোৱাকৈ নিজেই গোটাই ল’বলৈ যত্ন কৰে।
কেমেৰা, ম’বাইল ফোন ভুলতো যাতে কোনেও লগত নলয়।
পাহি আৰু ককায়েক পল অৰণ্যলৈ যাবলৈ সাজু হ'ল। পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম
শ্ৰেণীত পঢ়ে। কিন্তু পাহিয়ে মন কৰিলে, তাই শিক্ষকে দিয়া তালিকা অনুসৰি বস্তুবোৰ গোটাইছে,
পলে একো কৰাই নাই। গৰমৰ বন্ধ আৰম্ভ হোৱা দিনটোৰ পৰাই, পলে পুৱা পঢ়া-শুনা কমকৈ কৰে,
বেলিকৈও শুই উঠে। সুধিলে কয়--‘স্কুল বন্ধ, অলপ বেলিলৈকে শুলে একো নহয়।’ পাহিয়ে পুৱা
চাহ-জলপান খোৱাৰ পাছত মাকক বাচন-বৰ্তন ধোৱা আৰু ঘৰৰ আচবাবৰ ধূলি
মচা-সৰাত সহায় কৰি দিয়ে। পলে খোৱা কীহী-বাটি এৰি থৈ গ’লে পাহিৰ খং উঠে আৰু কয়--
‘পল দাদা, এইখিনি কোনে ধুবলৈ বুলি এৰি গৈছা? স্কুল থাকিলে তোমাক ধুবলৈ নকওঁ, কিন্তু এতিয়া
--- Page 74 ---
৬৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
পলে হাঁহি মাৰি উত্তৰ দিলে--‘-মইতো ল’ৰা। এইবোৰ ছোৱালীৰ কাম, তোমালোকে কৰা।
মইতো দেউতাক এইবোৰ কাম কৰা দেখা AWE’
পলৰ কথা শুনি পাহিয়ে মাকক এদিন সুধিলে--“মা, ল’ৰা আৰু ছোৱালীৰ কামবোৰ কোনে
পৃথক কৰিলে? ময়ো দেখোন দাদাৰ দৰেই পঢ়া-শুনা কৰোঁ। দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি
নথয়, জোতাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিছনাতে
পেলাই থৈ যায়? দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে, বা মই কৰি দিম বুলি ভাবে?
ল’ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কীহীখন কেতিয়াও ধুব নালাগে
বুলি ক’ৰবাত লিখা আছে নেকি?’ মাকে হাঁহি মাৰি ক’লে--‘পাহি সোণজনী, তুমি নিজেই দেখিছা,
তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা, সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ
তোমালোক দুয়োটাকে। তোমালোকে পঢ়াশুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন
উপাৰ্জন কৰিবা। কিন্তু নিজৰ প্রয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য
হ’বা। তেতিয়া কেতিয়াবা সময়েও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব।’ পাহিয়ে ককায়েকৰ
পিঠিত ঢকা এটা মাৰি ক’লে--শুনিছা দাদা, মায়ে কি কৈছে? তুমি যে বিপদত পৰিবা এদিন,
সেয়া খাটাং। তুমি নিজৰ কামবোৰ মায়ে কৰিব বুলি থোৱা নহয়, মায়ে মৰমতে এতিয়া কৰি দিয়ে,
যেতিয়া বাহিৰত থাকি পঢ়িবা, কাম কৰিবা, তেতিয়া কোনে কৰি দিব?’
পলো কম নহয়। পাহিৰ চুলি একৌচা টানি কয়--“তেতিয়া নিজে কৰিম নহয়, নহ'লে তোক
লৈ আহিম, তই কৰিবিহ্ু’
ইয়াৰ পাছতে আৰম্ভ হয় দুয়োটা ককাই-ভনীৰ খেদাখেদি, এটাই যদি পিঠিত ঢকা মাৰে,
আনটোৱে জিভা উলিয়াই চিঞৰি দিয়ে। মাকেই অৱশেষত মিঠাই, বিস্কুট নতুবা বাৰীত লগা
কলথোকৰ পকা কল দুটা সিহঁতৰ হাতত দি কাজিয়াৰ সামৰণি মাৰিব লগা হয়।
গৰমৰ বন্ধৰ অৰণ্যযাত্ৰাৰ আগদিনা আবেলি পাহিয়ে নিজৰ পিঠিত ল’ব পৰা ডাঙৰ বেগটোত
তালিকাত লিখামতেই বস্তু ভৰাই গ’ল। এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপোৰৰ আৰামদায়ক
জোতা, টুপী, পাতল গামোচা, প্রাথমিক চিকিৎসাৰ ওঁষধ, DHA, কপাহী কাপোৰ, কলম ইত্যাদি।
পাহিয়ে নিজৰ বয়-বস্তু লোৱাৰ পাছত পলৰ পিঠিত লোৱা বেগটো চাই আচৰিত হৈ গ’ল। পলে
একো SARE নাই। পল সন্ধিয়া ক্ৰিকেট খেলি অহাৰ পাছত পাহিয়ে দেখুৱালে নিজে গোটোৱা
বস্তুবোৰ। পলে তেতিয়াহে চিঞৰ-বাখৰ আৰম্ভ কৰিলে---‘মই বাৰু পাহৰিলোঁ, তই মোৰ বস্তুকেইটাও
লগতে বেগত ভৰাই সাজু কৰি দিব নোৱাৰিলি। অ’ মা, মা...’
পলৰ চিঞৰত মাক দৌৰি আহিল ৰান্ধনিঘৰৰ পৰা।
--- Page 75 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৬৯
‘চোৱাচোন মা, কাইলৈ ৰাতিপুৱা আমি যাম, পাহিয়ে নিজৰ বস্তুবোৰ সামৰি ল’লে, মোৰ
পলৰ ঠেহ ভাঙিবলৈ মাকে PIO নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয়? এয়া
পাহিৰ দোষ নহয়, তোমাৰ দোষ। ঠিক আছে, নোযোৱাকৈ থাকিব নালাগে, মই তোমাৰ নিব লগা
বেগটো সাজু কৰি দিম--এতিয়া মন মাৰি নাথাকিবা।’
বেলি উদয় হোৱাৰ আগতেই পাহিয়ে সাৰ পাই খিৰিকীৰে বাহিৰলৈ চালে। আন্ধাৰ হৈয়ে
আছে। ঘড়ীত ‘aa দিয়া আছে, তথাপি পাহিয়ে আকৌ টোপনি যাবলৈ ভয় কৰিলে। বিছনাতে
বাগৰি পাহিয়ে কল্পনাৰে এখন সেউজ অৰণ্যৰ মাজলৈ যাত্ৰা কৰিলে। পাহিয়ে গছলতা, ফুল বৰ
ভাল পায়। কিন্তু we চহৰত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে।
তথাপি পাহিয়ে ৰৈ ৰৈ চায় ওখ গছবোৰ | প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন; তামোলগছৰ
কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰ৷-উচৰিকৈ
মিলা-গ্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমুগছজোপা; নেমুৰ কীইটে
কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্রকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে,
সেইবাবেই পাহিয়ে গছ ভাল পায়। এনেতেই বাজিল ঘড়ীৰ সংকেত। পাহি একেজাঁপেই বিছনাৰ
পৰা নামিল। পলক গাত হেঁচুকি জগালে আৰু মুখ-দাঁত পৰিষ্কাৰ কৰিবলৈ পাহি কোঠাৰপৰা ওলাই
গ’ল। পল আৰু পাহিয়ে চাহ-জলপান খাই স্ফুৰ্তিৰে যাবলৈ ওলাওঁতেই মাক আৰু দেউতাক সিহঁত
দুয়োটাৰে ওচৰত থিয় হ’লহি। দেউতাকে ক’লে--‘শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে
চলিবা। মই খবৰ লৈ থাকিম।’
মাকে ক’লে-- তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা,
অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা৷ শিকিবা আৰু নিজৰ লগতে নিজৰ বয়
বস্তুবোৰ চম্ভালিবা
পাহি আৰু পলে মাক-দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল’লে।
যাত্ৰাৰ আনন্দ
বেছ হুলস্থূল আৰু গান-নাচ কৰি দুখন বাছ আগবাঢ়িছে কাজিৰঙা অভয়াৰণ্যৰ দিশে। দুয়োখন
বাছৰ ল'ৰা-ছোৱালীবোৰে এইদৰে একেলগে সমনীয়াৰ সৈতে অহাৰ আনন্দ আগেয়ে পোৱা নাছিল।
বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰপৰা নেতা-নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক
দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ।
নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ’ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল
--- Page 76 ---
৭০ অসমীয়া সাহিত্য চয়নিকা (নতুন)
সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক’লে--“পাহি আৰু বিদিশাই
খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ। কাৰণ আমি ল’ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে
শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম।’
আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে। অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি
ক’লে তেতিয়া--‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ
কৰা। পাহি বা বিদিশাক যি কাম দিছোঁ, তেওঁলোকেতো আপত্তি কৰা নাই। তেওঁলোকক খাদ্য বিতৰণ
কৰিবলৈ দিলেও কৰিব। অৰ্থাৎ তেওঁলোকে দুয়োটা কাম ভালদৰে কৰিব পাৰিব। তোমালোকেহে
এটা কাম পাৰিলে আনটো নোৱৰা। | COTS দুৰ্বন কোন? সৌৰভ আৰু আফতাব নহয় জানো? CTS
লাজতে ক’লে--- ‘ছাৰ পাৰিম--পাৰিম।?’ সকলোৱে গিৰ্জনি মাৰি হাঁহিলে সৌৰভৰ কথাত।
বিজ্ঞানৰ শিক্ষয়িত্ৰী মালৱিকা বাইদেৱে উচ্চ স্বৰত ক’লে--‘মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত, শুনা শুনা ।”
সকলো নীৰৱ হৈ গ’ল তৎক্ষণাত। বাইদেৱে কৈ গ’ল--“"তোমালোকক আমি এইকেইদিন
প্রতিটো মুহূৰ্ততে পৰ্যবেক্ষণ কৰিম। তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলা-প্ৰীতিৰে থাকিবা,
শিক্ষকৰ কথা শুনিবা আৰু কি কি দেখিলা, শিকিলা তোমালোকৰ টোকাবহীত লিখি ail
সমস্বৰে সকলোৱে হয়ভৰ দিলে, ‘হয় বাইদেউ।’
ইয়াৰ পাছতে, অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ক’বলৈ আৰম্ভ কৰিলে--“তোমালোক
সকলোৱে জানা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱীবিখ্যাত। কিন্তু তোমালোকক
কেৱল গঁড় চাবলৈকে আমি লৈ অহা নাই। তোমালোকে অৰণ্যৰ গছ-গছনি, লতা, তৃণ সকলোবোৰ
ভালদৰে চাবা। আমাৰ পৃথিৱীখনত কোনো বস্তু এনেই সৃষ্টি হোৱা aS? প্রতিজোপা গছৰ যিদৰে
প্রয়োজন, তেনেদৰে কীট-পতংগৰো প্রয়োজন। গছ আৰু বহু জীৱই বায়ুত থকা এঙাৰ গেছ সেৱন
কৰি uaa বায়ুত এৰি দিয়ে। যি অন্লজানে মানুহক সুস্থ শৰীৰেৰে জীয়াই ৰাখে। আমি
চিকিৎসালয়ত বহু ৰোগীক মুখত TAGS মুখা পিন্ধাই উশাহ-নিশাহ স্বাভাৱিকভাৱে লোৱাত সহায়
কৰা দেখোঁ। সাগৰতলিলৈ যোৱা VARIA এনে অমন্নজানৰ চুঙা পিঠিত বান্ধি লৈ যোৱা দেখোঁ।
কিন্তু আমি বিনামূল্যে অন্নজান লাভ কৰিছোঁ। আমি য’তেই নাথাকৌ, অতি কমেও পঁয়ত্ৰিশ শতাংশ
SST আমি লাভ নকৰিলে শৰীৰ সুস্থ হৈ নাথাকে। একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে। সেয়েহে
একোখন অৰণ্যক, গছ-গছনিক সুৰক্ষা দিয়াৰ দায়িত্ব তোমালোকৰ আছে। গছে ফল দিয়ে, ছী দিয়ে,
চৰাই-চিৰিকটি, কীট-পতংগক আশ্ৰয় দিয়ে; কিন্তু সকলোতকৈ ডাঙৰ কথা, ফল নিদিয়া গছেও আমাক
জীয়াই থকাৰ প্ৰধান সমল অন্পজান দিয়ে। কাইলৈ দোকমোকালিতে উঠি আমি অৰণ্যৰ ভিতৰলৈ
যাম। তোমালোকে জানিব খোজা প্রশ্নমবোৰৰ উত্তৰ সকলো পাবা। সকলো প্রশ্ন আৰু উত্তৰ লিখি
যাবা। পুৱা চাৰি বজাত শুই উঠি পৰিষ্কাৰ হৈ ওলাবা। বেগত প্রয়োজনীয় বস্তুবোৰ ল’বা। কোনোবাই
--- Page 77 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৭১
পলম কৰিলে লগত লৈ যোৱা Aaa?
পাছৰ কথাখিনি শুনি সকলোৱে বু বু-বা বাকৈ কোলাহল কৰিলে। পলে চিঞৰিয়েই দিলে--
‘পুৱা চাৰি বজাত ! হে ভগৱান ! বহুতৰে আপত্তি আৰম্ভ হ’ল, ফুৰিবলৈ আহিও পুৱা চাৰি বজাত
উঠিব লাগিবনে? পৰীক্ষাও নাই এতিয়া দেখোন। মালৱিকা বাইদেৱে সুধিলে--গঁড়, হাতী, হৰিণা
পহু চাবলৈ কাৰ কাৰ মন আছে।’
সকলোৱে হাত দাঙিলে।
‘পুৱা চাৰি বজাত কোন কোন উঠিবা?’
কিছুমানে হাত তুলিলে, কিছুমানে হাত নুতুলিলে। মালৱিকা বাইদেৱে ক’লে--"ঠিক আছে,
যিয়ে চাৰি বজাত উঠিব সিয়ে জীৱ-জন্তুবোৰ দেখিব, আৰু যিয়ে পুৱা চাৰিবজাতে সাজু VA নোৱাৰে,
সি চাব নালাগে, আমি শুবলৈ দিম।’
সকলোৱে তেতিয়া চিঞৰ-বাখৰকৈ ক’লে--আমি চাৰি বজাতে উঠিম--উঠিম।
হীঁহি-আনন্দৰে এইদৰে আহোঁতেই কেতিয়া বাছ দুখন আহি কাজিৰঙা পাবৰ হ’ল, কোনেও
গমকে নাপালে।
নতুন নতুন বিপদ
কাজিৰঙা পোৱাৰ পাছত, ছাত্ৰ-ছাত্ৰীসকলক আনি যি ঠাইত থাকিবলৈ দিয়া হ’ল, সেই ঠাইখন
অতি মনোমহা। অতি ধুনীয়া আৱাস আৰু কিছুমান সুন্দৰ ওখ চাংঘৰ দেখি পাহি-পলহঁতৰ আনন্দই
হিয়া নধৰা হ’ল। শিক্ষক-শিক্ষয়িত্ৰীসকলে, ল’ৰা আৰু ছোৱালীৰ পৃথক বাসগৃহবোৰ দেখুৱাই ক’লে--
‘তোমালোক প্রত্যেকৰে বাবে বিছনা আছে, কিন্তু বিছনাবোৰ পৰিপাটিকৈ পাৰি থোৱা, নিশা আঁঠুৱা
তৰা কাম নিজে কৰিব লাগিব। তোমালোকৰ নিজৰ বয়-বস্তু পৰিষ্কাৰকৈ থ’ব লাগিব। তোমালোকক
খাবলৈ দিয়াৰ পাছত নিজৰ বাচন-বৰ্তন আমি দেখুৱাই দিয়া স্থানত থৈ দিবা!”
এই কথাবোৰ শুনি পল পাহিৰ কাষ চাপি আহি ক’লে--“কি বিপদ এইবোৰ? মই আহিবই
নালাগিছিল। তই মনে মনে আহি মোৰ বিছনাখন ভালকৈ ৰাতিপুৱা পাৰি দিবিহি দেই! মই তোক
চকলেট দিম।’
পাহিয়ে চকু ঘোপাকৈ ক’লে--“‘মনে-মনে থাকা৷। ছাৰ-বাইদেৱে শুনিলে দিব মজাপালি।’
ডাঙৰ চৌহদৰ, গছ-গছনিৰে ভৰা সুবৃহৎ আলহীঘৰটোৰ চাৰিওফালে ল’ৰা-ছোৱালীবোৰে ঘূৰি
আনন্দ কৰিলে। কোনোবা গৈ দোল্নাত উঠিল, কোনোবাই ফুটবল উলিয়াই আনিলে, ছোৱালীবোৰে
জুম বান্ধি নানা ফালে বহি কথা পাতিবলৈ লাগিল। দুপৰীয়াৰ ভাতসাজ খাবলৈ সকলোৱে এটা
ডাঙৰ খোৱাঘৰত কেবাখনো সুন্দৰ মেজত গৈ বহিলেগৈ। হঠাতে পাহিয়ে বেৰত লিখি থোৱা
--- Page 78 ---
৭২ অসমীয়া সাহিত্য চয়নিকা (নতুন)
কথাখিনিলৈ আঙুলিয়াই দেখুৱালে। ইংৰাজীতে লিখা আছে — ‘Self Service’, অৰ্থাৎ সকলোৱে
নিজেই নিজৰ খোৱাবস্তু ল’ব লাগিব, কীহী-বাটি থৈও আহিব লাগিব। এনেতে শিক্ষয়িত্ৰী বাইদেৱে
আহি ক’লে--‘বহি থাকিলে খাবলৈ নোপোৱা, তোমালোকে কি খাবা আমি কৈ থৈছোঁ, যোৱা
লৈ আহাগৈ।’
পাহিয়ে ক’লে--- ‘বাইদেউ, বেৰত লিখা কথাষাৰ দেখি মই সকলোকে কৈছোঁ। কেবাগৰাকীও
ছাত্ৰ-ছাত্ৰীয়ে আকৌ নুবুজিলেই কথাষাৰ, কি ‘ছেল্ফ also’? আমাৰ বিদ্যালয়ে পইচা দিছে, আমিও
নিৰ্ধাৰিত পইচা দিছোঁ, আমি ইয়ালৈ আহি নিজে কিয় সকলো কাম কৰিব লগা হৈছে? পলৰ মুখখন
ওফন্দি গ’ল, সি পাহিক PIAS ইয়ালৈ নহা হ'লে ৰাতিপুৱা বেলিলৈকে শুলোঁহেঁতেন, আবেলি
ফুটবল খেলিলোঁহেঁতেন--মোৰ বাবে দিয়া পইচাখিনিৰে ভাল বস্তু কিনিলোঁহেঁতেন।”
ল’ৰা-ছোৱালী দুজনমান দৌৰাদৌৰিকৈ ঠেলা-হেঁচা কৰি খোৱা বস্তু দিয়া মেজখনত উবুৰি খাই
পৰিলগৈ। পাহিয়ে তেনেতে চিঞৰি ক’লে--‘এনেকৈ নহয়, শাৰী পাতা সকলোৱে।’
শিক্ষক-শিক্ষয়িত্ৰীয়ে পাহিক প্রশংসা কৰিলে। পাহি আৰু তাইৰ বান্ধৱী বিদিশাই ছাত্ৰ-
ছাত্ৰীসকলক শাৰী পাতিবলৈ সহায় কৰিলে। এই কামত সহায় কৰিবলৈ অৰ্পণ আৰু সৌমাৰো
আগবাঢ়ি আহিল। প্ৰত্যেকেই হাত পাতি ল’লে ভাতৰ কীহী। পৰিচালকসকলে ভাগে ভাগে খোৱাবস্ত
কীহীত দিলে। ভাত, দাইল, ভাজি, চালাদ আৰু ভজা মাছ৷ মাছ নোখোৱাসকলৰ বাবে বেঙেনা
আৰু ৰঙালাওৰ বৰ। পিছে বহুতে নিজৰ কীহীখনকে ভালদৰে নিব নোৱাৰিলে। পৰিপাটিকৈ, মাটিত
খাদ্য নপৰাকৈ যিসকলে ভাত খালে, তেওঁলোকক শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰশংসা কৰিলে। ভাত খোৱাৰ
পাছত সকলো ছাত্ৰ-ছত্ৰীক জিৰণি ল’বলৈ শিক্ষকসকলে আদেশ দিলে। কাৰণ আবেলি সকলোকে
ফুৰাবলৈ নিয়াৰ পৰিকল্পনা আছে।
দুপৰীয়া ভাত-পানী খাই প্রত্যেকেই নিৰ্দিষ্ট কোঠালিত বিছনাবোৰত শুই পৰিলগৈ। পিছে
পল, আফতাব আৰু সৌৰভে ফুচফুচাই কথা পাতিবলৈ ধৰিলে। পলে ক’লে--“এইদৰে শুই
থকাতকৈ আমি বাহিৰলৈ গৈ অলপ ফুৰা চকা কৰোঁগৈ ব’ল। কোনে জানে, আনে নেদেখা কিবা
জীৱ-জন্তু কিজানি আমি আগেয়েই দেখোঁ ! তেতিয়া সকলোৰে আগত বাহাদুৰি মাৰি আমি ক’ব
পাৰিমহি।”
যেনে কথা তেনে কাম। সিহঁত তিনিওটাই মনে মনে পিছফালৰ বাৰাণ্ডাৰে নামি বননিৰ ফালে
গ’ল। দুটা সুবৃহৎ কোঠালিত ল'ৰা-ছোৱালীবোৰ পৃথকে আছিল। সিহঁতৰ মাজৰ কিছুমানে লগত
লৈ অনা লুডুখেলত ব্যস্ত হ'ল, কিছুমান শুলে, কিছুমানে ৰং, কাগজ উলিয়াই ছবি অঁকাত লাগিল।
--- Page 79 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৭৩
এনে সময়ৰ সুৱৰ্ণ সুযোগ ল’লৈ পল, আফতাবহঁতে। কোনেও সিহঁতৰ ফালে মনোযোগেই নিদিলে।
পলহঁত সুবৃহৎ আৱাসৰ পিছফালে গ’ল। পিছফালৰ বাৰীত আম, জামু আদি ফলৰ গছ আছে।
সিহঁতে দেখিলে পিছফালে এখন ডাঙৰ লোহাৰ জপনা আছে। জপনাখন শিকলিৰে বন্ধা। সৌৰভে
ক’লে--“‘আগফালে থকা চন্তৰীবোৰে নেদেখাকৈ আমি এইফালেই ওলাই যাব পাৰিম। গতিকে
জপনাখন বগাই উঠিব লাগিব। আটাইকেইটাই সেইটোকে কৰিলে। জপনাখন পাৰ হৈ সিহঁতে
দেখিলে এখন ডাঙৰ বিল, বিলৰ সিপাৰে পথাৰ, পথাৰৰ সিপাৰে হাবি। মানুহ-দুনুহ নাই। দূৰৈত
দুটামান জুপুৰিথৰ। সিহঁত আটাইকেইটাৰে মন ৰোমাঞ্চিত হৈ পৰিল। হঠাতে পলে দেখুৱালে-_
‘সৌৱা চা, এখন নাও আছে পুখুৰীটোত।’
সৌৰভে PIS) পুখুৰী নহয়, ইমান ডাঙৰ, মেটেকাৰে ভৰি থকা বাবে পানী আছে
বুলি ধৰিব পৰা নাছিলোঁ। এইখন বিল। পিছে নাওখন কাৰ বাৰু?’
নাৱৰীয়া নাই যেতিয়া ব’ল উঠোগৈ, আজিলৈকে মই নাও চলাই পোৱা নাই’'--পলে আনন্দৰে
ক’লে।
নিৰ্জন দুপৰীয়া। বেলি পশ্চিমৰ হাবিডৰাৰ ফালে হালি পৰিছে। বতৰটো বৰ গৰম যদিও এছাটি
মৃদু বতাহে গা জুৰ পেলাইছে। সিহঁত তিনিওটা বিলৰ কাষেৰে গৈ নাওখনত উঠিলেগৈ। নাওখন
টুলুং-ভুটুং কৰিলে। আফতাবে নাওখন বান্ধি থোৱা ৰছীডাল খুঁটিৰ পৰা খুলি পেলালে। ব’ঠাপাট
AHS হাতত ল’লে। নাওখন পানীৰ ওপৰতে লৰচৰ কৰি থাকিল। পলে স্থিৰ পানীখিনিত সৰ্বশক্তিৰে
ব’ঠা মাৰিলে। নাওখন লৰচৰ কৰি আগুৱাই গ’ল। আটাইকেইটাই স্ফুৰ্তিতে চিঞৰি দিলে-- ‘নাও
চলিল, feet!
কিছুদূৰ এইদৰে নাওখন গৈ মেটেকাৰ মাজত সোমাই পৰিল। ইফালে নাওখনৰ ভিতৰত পানী
সোমাবলৈ আৰম্ভ কৰিলে। আফতাবে হঠাতে চিঞৰ মাৰি দিলে--‘নাওখনৰ তলিত ফুটা আছে,
সেইকাৰণে পানী সোমাইছে।’
সিহঁত তিনিওটাৰে অণ্ঠ-কণ্ঠ শুকাই গ’ল। এই বিপদৰ পৰা কোনে উদ্ধাৰ কৰিব এতিয়া।
সৌৰভৰ চকুপানী ওলাল, সি কান্দি কান্দি ক’লে--"আমি মৰিলোঁ আজি। মই সাঁতুৰিব নাজানো”
‘ময়ো নাজানো ভালকৈ’=-আফতাবে কন্দনামুৱা হৈ ক’লে।
‘ৰচোন, ময়ো নাজানো, কিন্তু আমি চিঞৰিবতো পাৰোঁ।”
এইবুলি পলে চিঞৰিবলৈ আৰম্ভ কৰিলে--‘'বচোৱা, কোন আছা, আমাক <I!
ইয়াৰ লগে লগে পলে নাৱৰ পানী সোমোৱা ফুটাটো জোতাৰে সজোৰে বন্ধ কৰাৰ চেষ্টা
চলালে। সৌৰভ আৰু আফতাবে মেটেকাবোৰ POA গুচাই নাওখন পাৰলৈ আনিব খুজিলে যদিও
--- Page 80 ---
৭৪ অসমীয়া সাহিত্য চয়নিকা (নতুন)
ব্যৰ্থ হ'ল। নাওখন একে ঠাইতে ঘূৰি থাকিল। প্ৰাণপণে সিহঁত তিনিওটাই চিঞৰি থাকিল। কিন্তু
এই নিৰ্জন ঠাইলৈ কোন আহিব। নাওখনৰ ভিতৰৰ পানী আফতাবে দুই হাতৰ আঁজলিৰে বাহিৰলৈ
পেলাই সৰ্বশক্তিৰে পানী সিঁচিবলৈ লাগিল। সিহঁতে যেন কান্দিবলৈ পাহৰি গৈছে। এনেতেই সিহঁতে
দেখিলে, পথাৰৰ মাজেৰে কেইজনীমান ছোৱালী আহিছে। সিহঁতৰ গাত বোকা, হাতত জাকৈ।
ছোৱালীকেইজনীয়ে সিহঁতক দেখা নাই। পলে ছোৱালীকেইজনীক উদ্দেশ্য কৰি চিঞৰিলে--"অ’
বাইদেউহঁত, আমাক AOKI, TOR! লগতে সৌৰভ আৰু আফতাবেও চিঞৰিলে। ছোৱালীকেই-
জনীয়ে বিলখনৰ মাজত সিহঁতক দেখি আচৰিত হ’ল। আটাইকেইজনী দৌৰি আহি বিলখনৰ পাৰ
পালেহি। ঠিক তেনেতেই নাওখন কাতি হৈ পল পানীত পৰিল। আফতাব আৰু সৌৰভে চিঞৰত
গগন ভেদিলে। ইয়াৰ পাছৰ দৃশ্য দেখি সৌৰভ আৰু আফতাবৰ মাত বন্ধ হৈ গ’ল। দুজনী ছোৱালী
তৎক্ষণাত বিলত জঁপিয়াই দিলে। সিহঁত সাঁতুৰি আহি বিলৰ পানীত জোলোকা-জোলোকে পানী
খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালেগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত
উঠি, ব’ঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খোজোঁতেই নাওখন কাতি হৈ গ’ল। পানীত আফতাব
আৰু সৌৰভ পৰিল। এই সমগ্র ঘটনাটো পাৰৰপৰা বেছি দূৰৈত নাছিল বাবে আটাইকেটাকে
ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। পলে পানী খাইছিল। সেয়ে পলক ওভোতাই তাৰ পেটৰপৰা
ছোৱালকেইজনীয়ে পানী উলিয়ালে। পলে চকু মেলিলত ছোৱালীকেইজনীয়ে উধাই-মুধাই গালি
পাৰিলে। তেতিয়াহে সিহঁতে মন কৰিলে--পাঁচজনী ছোৱালী। তাৰে দুজনী ছোৱালী ডাঙৰ,
বাকীকেইজনী সিহঁতৰ সমনীয়াই VI ডাঙৰ ছোৱালী এজনীয়ে খঙেৰে সুধিলে--‘ক’ৰ ল’ৰা তহঁত?
এই ফুটা নাৱত উঠি কিয় মৰিব খুজিছিলি ? ভাগ্য ভাল, আজি আমি সিখন বিলত মাছ মাৰি আহোঁতে
পলম Sal নহ’লে নিৰ্ঘাত মৰিলিহেঁতেন।’
আফতাবে ভয়ে ভয়ে ক’লে-- আমাৰ বৰ ভুল Var! আমাক নিশ্চয় ছাৰ-বাইদেউহঁতে বিচাৰি
আছে। সৌৰভে সিহঁত ক’ৰপৰা আহিছে, কিয় আহিছে সকলো কথা কৈ ছোৱালীকেইজনীক ধন্যবাদ
জনালে। ডাঙৰ ছোৱালীজনীয়ে ক’লে তেতিয়া--‘ব’ল, তহঁতক থৈ আহোঁ। নহ’লে আমাৰ ঠাইৰ
বদনাম হ’ব। মোৰ নাম দীপালী, মোক বাইদেউ বুলিলেই Sal এয়া ৰুমী, শেৱালি, জিনা আৰু
লক্ষী। পলে FEC ক’লে--‘বাইদেউ, তোমালোকক কেনেকৈ ধন্যবাদ জনাম?’
আটাইকেইজনী ছোৱালীয়ে পলৰ কথা শুনি হাঁহি দিলে Rees
‘ব’লা তোমালোকক আগবঢ়াই দিওঁ।--জিনা নামৰ ছোৱালীজনীয়ে ক’লে।
পলে ক’লে--হ'ব আমি পাৰিম।’
ছোৱালীকেইজনী গুচি গ’ল। যাওঁতে কৈ গ’ল--"ঠিক আছে, ভালকৈ যাবা, আৰু আগলৈ
--- Page 81 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৭৫
নজনা কামত মৰ সাহস নেদেখুৱাবা।”
পলহঁত এইবাৰ সিহঁত থকা আৱাসৰ চৌহদৰ বেৰৰ কাষে কাষে আহি আগফালৰ জপনাৰে
সোমাল। সকলোৱে সিহঁতক পানীত তিতি-বুৰি অহা দেখি প্ৰশ্নৰ উপৰি প্রশ্ন আৰম্ভ কৰিলে। পিছে
কোনো কথা নুলুকুৱাকৈ সিহঁতে আদ্যোপান্ত কাহিনী ক’লে। সিহঁতৰ মনৰপৰা ভয় গুচা নাছিল বাবে
শিক্ষক-শিক্ষয়িত্ৰীয়ে সিহঁতক গৰম পানীৰে ভালকৈ at ধুবলৈ দি পৰিষ্কাৰ কাপোৰ পিন্ধিবলৈ ক’লে।
গা-পা ধুই অহাৰ পাছত তিনিওটাকে তিনি গিলাচ গৰম গাখীৰ খাবলৈ দিলে। পলহঁত আচৰিত
হ'ল শিক্ষক-শিক্ষয়িত্ৰীয়ে সিহঁতক গালি নপৰাৰ বাবে। বৰঞ্চ সকলোকে ফুৰিবলৈ যাবলৈ সাজু হ’বলৈ
কৈ অংকৰ ছাৰে ক’লে---পল, সৌৰভ আৰু আফতাব যাব নালাগে। সিহঁতে জিৰণি wes!’
পলহঁতে মূৰ তললৈ কৰি নিজৰ বিছনালৈ গ’ল।
নিশা ভাত খোৱাৰ ঠিক আগে আগে দুখন বাছৰ পৰা হুলস্থূলকৈ ছাত্ৰর-ছাত্ৰীবোৰ নামিল। সিহঁতৰ
মনত HES | ককায়েক পলৰ বাবে পাহিৰ মনটো বেয়া লাগি আছে। ঘটনাটো শুনাৰ পাছৰে পৰা
তাইৰ ভয় লাগি আছে। যদি আজি পলহঁত পানীত ডুবি থাকিলহেঁতেন ! সবাতোকৈ বেয়া লাগিল-_
পল, আফতাব আৰু সৌৰভে আজি ধুনীয়া গাঁও এখন নেদেখিলে। গাঁৱত সকলোৱে জলপান খালে,
বিহুনাচ নাচিলে, কিমান স্ফুৰ্তি হ'ল--এইবোৰৰ পৰা ককায়েকহঁত বঞ্চিত হ'ল।
নিশা ভাত খোৱাৰ পৰত এখন সভা বহিল। প্রথমেই এই যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে
PIU আমি সকলোৱে বৰ আনন্দ কৰিলোঁ যদিও আজি অতি দুখৰ খবৰ এটাও তোমালোকক
দিব খুজিছোঁ। আজি আমাৰ মৰমৰ তিনিজন ছাত্ৰই আমাক অৱমাননা কৰাই নহয়, আমাৰ বিদ্যালয়খন
বদনামৰ পৰা কথমপিহে ৰক্ষা পৰিল। ইয়াৰ ফলত কাইলৈৰ যি অৰণ্য দৰ্শন কাৰ্যসূচী আছিল, সেয়া
বাতিল কৰিব খুজিছোঁ। আমি সকলো কাইলৈ উভতি যামগৈ। কাৰণ ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ঘূৰি
ফুৰিবলৈ কেৱল আমি শিক্ষকসকল দায়িত্বশীল হ’লেই নহ’ব। তোমালোকক সুস্থ শৰীৰেৰে ওভতাই
নিয়াটোও এতিয়া আমাৰ প্রধান কৰ্তব্য।
হাজৰিকা ছাৰৰ এই TET শুনাৰ পাছত কীহ পৰি জীণ গ’ল কোঠালিটো। কাৰো মুখত মাত
নাই। পল, আফতাব আৰু সৌৰভলৈ সকলোৱে খঙেৰে চালে। সিহঁতে তলমূৰ কৰি থাকিল।
তেনেতে পাহিয়ে থিয় হৈ মাত লগালে--“‘আমি দুঃখিত আৰু ক্ষমা বিচাৰিছোঁ ছাৰ। কাৰণ, আমাৰ
মাজৰ ছাত্ৰই এটা গৰ্হিত কাম কৰ সকলোৰে আশাত চেঁচাপানী ঢালিলে। কিন্তু তাৰ বাবে দোষ
নকৰাসকলে শাস্তি পোৱাটো জানো উচিত? বৰঞ্চ যি দোষ কৰিছে তেওঁলোকক কাইলৈ লগত লৈ
যোৱা নহওক।’
পাহিৰ কথাত সকলোৱে ‘হয় ছাৰ, হয় বাইদেউ’ বুলি চিঞৰি হুলস্থূল লগালে। তেনেতে পলে
--- Page 82 ---
৭৬ অসমীয়া সাহিত্য চয়নিকা (নতুন)
থিয় হৈ ক’লে--"ছাৰ, আমাক কি শাস্তি দিয়ে দিয়ক। আমাৰ বাবে এই যাত্ৰাটো অসফল হ’ল বুলি
যাতে বদনাম নাপাওঁ, তাৰ বাবে আমাৰ বাহিৰে সকলোকে কাইলৈ কাজিৰঙা অৰণ্য দৰ্শনলৈ লৈ
যাওক। আমি যি বেয়া কাম কৰিলোঁ, তাৰ বাবে আমাক এৰি যোৱাটোতকৈ ডাঙৰ শাস্তি একো
wel
আকৌ নীৰৱ হৈ পৰিল সকলো। ছাৰ-বাইদেৱে ফুচ্ফুচাই কিবা আলোচনা কৰিলে। তাৰ পাছত
ক’লে--- ‘তোমালোক সকলোৱে ভাত খাই লোৱাৰ পাছত আমি সিদ্ধান্ত দিম।’
ভাত খাওঁতে এক থমথমীয়া পৰিৱেশ হ'ল। সকলোৰে মনবোৰ CARI কোনেও “HS বা
হুলস্থূল কৰা নাই। ভাত খোৱা হোৱাৰ পাছত আকৌ সমৱেত হ’ল সকলো আলহীগৃহৰ দীঘল
বাৰাণ্ডাত। শিক্ষক-শিক্ষয়িত্ৰসকল গোট খালে। কিছুপৰ নীৰৱতাৰে পাৰ হোৱাৰ পাছত হাজৰিকা
ছাৰে ঘোষণা কৰিলে---ইয়াৰ পৰা গৈ তোমালোকে এই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি আমাক
দিব লাগিব। পল, সৌৰভ আৰু আফতাবে আজি কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰ
পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে কাইলৈ পুৱাই
আমি সকলো সাজু হ’ম অৰণ্য দৰ্শন কৰিবলৈ।’
লগে লগেই সকলোৱে “PSS চিঞৰি উঠিল। হাত চাপৰি বজালে।
AMOS ক’লে--“"আমি ৰচনাত সকলো৷ লিখিম, আৰু জীৱনত এনে কাম নকৰোঁ ছাৰ--
ধন্যবাদ, আমাকো যাবলৈ দিয়া বাবে।”
শেষ ভালেই সকলো ভাল
কাজিৰঙা অৰণ্য পৰিভ্ৰমণ কৰি উভতি আহোঁতে দুপৰীয়া হৈছিল। ছাত্ৰ-ছত্ৰীসকল গাড়ীৰে
গৈছিল যদিও কিছুমান ছাত্ৰ-ছাত্ৰীক ইচ্ছানুযায়ী হাতীৰ পিঠিত উঠি চাবলৈও শিক্ষকসকলে অনুমতি
দিলে। হাতীৰ পিঠিত উঠা, স্পৰ্শ কৰা Baal হাতীৰ ওচৰলৈ যাবলৈ ভয় কৰাসকলক
ক’লে--হাতীৰ গাটো খহটা, পিছে বৰ মৰমিয়াল, শুঁৰেৰে আমাক মৰম কৰিলে।’
‘হাতী আমাৰ কোনোদিনে শত্ৰু নাছিল। পিছে আমি মানুহবোৰে হাতী-বাঘ থকা ঠাইবোৰ
দখল কৰি পেলাইছোঁ বাবে সিহঁতৰ খাবলৈ, থাকিবলৈ নোহোৱা হৈছে। কোনো বন্য জন্তুৱে মানুহক
অপকাৰ কৰিবলৈ নাযায়। আমি মানুহে সিহঁতক অপকাৰ কৰোঁ আৰু খং তোলো বাবে সিহঁতে
আত্মৰক্ষাৰ বাবে আক্ৰমণ কৰে মানুহক। সেয়েহে তোমালোকে বন্য জীৱ-জন্তুক শত্ৰু বুলি কেতিয়াও
নাভাবিবা fee হাজৰিকা ছাৰে ক’লে।
‘ছাৰ, গঁড় কিয় কাজিৰঙাতহে থাকে?’ — অষ্টম শ্ৰেণীৰ মানসীয়ে প্রশ্ন কৰিলে।
গঁড় গোটেই বিশ্বতে আছে, নানা অৰণ্যত। পিছে কিছুমান গঁড় দুটা খৰ্গৰ। এটা খৰ্গৰ গঁড়
--- Page 83 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৭৭
সৰ্বাধিক পোৱা যায় অসমত। পবিতৰা, মানাহ, ওৰাং--এইবোৰ অৰণ্যতো কম-বেছি পৰিমাণে গঁড়
আছে। কাজিৰঙাক গঁড়ৰ বসতিস্থল বোলা হয়, কাৰণ ইয়াত গঁড় সৰ্বাধিক।”
Ua উত্তৰ দি যোৱাৰ মাজতে আফতাবে সুধিলে--‘ছাৰ, কোনে বাৰু চিনি পালে প্রথমে
এইটো গঁড় বুলি। ইমান হাবিৰ মাজলৈ গঁড় চাবলৈ কোন আহিছিল প্রথমতে?’
এইবাৰ মালৱিকা বাইদেৱে হীঁহি মাৰি ক’লে-- ‘বঢ়িয়া eet আফতাব। এটা গল্প ক’ম মই
এতিয়া। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি হৈছিল। তাৰ পাছতহে কাজিৰঙা হাবিৰ কাষে কাষে মানুহৰ
গাঁও বহিছিল। অসম বুৰঞ্জীত মানৰ আক্ৰমণৰ কথা পাবা। এনে আক্ৰমণৰ পৰা বাচিবলৈ মানুহ
পলাই আহি হাবিত আশ্রয় লৈছিলহি। ভাৰত স্বাধীন হোৱাৰ আগেয়ে ইংৰাজৰ শাসন আছিল। তেতিয়া
কাজিৰঙাত চিকাৰ কৰিবলৈ ইংৰাজসকল গৈছিল। পিছে এবাৰ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী
মেৰী কাৰ্জনো আহিছিল কাজিৰঙাৰ জীৱ-জন্তু চাবলৈ। লগত গৈছিল কাজিৰঙাৰ এখন গাঁৱৰ বাসিন্দা
বাপীৰাম হাজৰিকা, যি নিগনা চিকাৰী নামে জনাজাত আছিল। নিগনা চিকাৰী ভাল হাতী মাউত
আছিল। এই নিগনাই প্রথম লেডী Bers গঁড় দেখুৱালে। কেতিয়াও নেদেখা এনে এবিধ জন্তু
কাজিৰঙাত দেখি আহি লেডী ew এই প্রাণীবিধ আৰু লগতে কাজিৰঙা অৰণ্য সংৰক্ষণ কৰিবলৈ
লৰ্ড কাৰ্জনক অনুৰোধ কৰিলে। পাছত কেইবাটাও পৰ্যায়ত কাজিৰঙা বনাঞ্চল সংৰক্ষণৰ পৰ্যায়লৈ
গৈ বিশ্ব এঁতিহ্য ক্ষেত্র হ’ল। কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন আছিল মহীচন্দ্ৰ
মিৰি। তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকাৰ যুক্তৰাষ্ট্ৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ
বসতিস্থল, সেই কথা সমগ্ৰ জগতক প্রথম জনালে। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া
প্রথম ব্যক্তিজগৰাকী হ’ল মহীচন্দ্ৰ মিৰি। তোমালোকে কাজিৰঙা অৰণ্যৰ সৈতে জড়িত ইতিহাস সদায়
ছাত্র-ছাত্তীসকলৰ ভোক লাগিছিল। দুপৰীয়া ভাত-পানী খোৱাৰ পাছত সকলোকে পুনৰ
ওভতনি যাত্ৰাৰ বাবে সাজু হ'বলৈ কোৱা Ler) শিক্ষকসকলে সকলোৰে ফটো তুলি দিয়াৰ উপৰি
দলীয় ফটোও কেবাখনো তুলিলে। এই ফটোবোৰ প্রতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত দিয়া হ’ব বুলি
হাজৰিকা ছাৰে ক’লে।
সুন্দৰ স্মৃতিৰে ওভতনি যাত্ৰা
বাছত উঠাৰ আগে আগে সকলো Ba-Bas সমৱেত হ'বলৈ শিক্ষকসকলে ক’লে। লগত
অনা বস্তু যাতে এৰি থৈ নাযায়, তাৰ বাবে বেগ পুনৰ পৰীক্ষা কৰিবলৈ দিয়া হ'ল। সমবেত
ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি এই যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে ক’বলৈ আৰম্ভ কৰিলে--“‘মৰমৰ
ছাত্র-ছাত্ৰীসকল, তোমালোকে এই যাত্ৰা ভাল পালানে?’
--- Page 84 ---
৭৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
‘পালোঁ, বৰ ভাল লাগিল’-=- সকলোৱে সমস্বৰে চিঞৰি ক’লে।
‘এই যাত্ৰাৰপৰা পোৱা তিনিটা প্রধান শিক্ষা কোনোবাই ক’ব পাৰিবানে?’
ল’ৰা-ছোৱালীবোৰ মনে মনে ৰ’ল। পাহিয়ে কিছুপৰৰ পাছত মাত লগালে--"নিজে কৰিব
পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।"
“এছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, আমি গছ নহ’লে জীয়াই থাকিব নোৱাৰিম’
বিদিশাই ক’লে।
‘ল’ৰা আৰু ছোৱালী সকলো সমান। আমাক ছোৱালীকেইজনীয়ে উদ্ধাৰ নকৰা হ'লে আজি
কাজিৰঙাই নেদেখিলোঁহেঁতেন'--পলে কওঁ-নকওঁকৈ কথাষাৰ কোৱাৰ লগে লগে সকলোৱে গিৰ্জনি
মাৰি হীহি দিলে।
‘আৰু-_আৰু আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম'--আফতাবে ক’লে হাঁহি
হীহি।
‘দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো জৰুৰী কথা’--সোৰভে ক’লে।
‘Va ৰ’বা, তোমালোকক তিনিটা শিক্ষাৰ কথাহে সুধিছিলোঁ, বেছিহে শিক্ষা পালা দেখোন।
আমি বৰ ভাল পাইছোঁ। প্রকৃততে তোমালোকৰ মনত আত্মবিশ্বাস বঢ়াবলৈ এই অৰণ্যযাত্ৰাৰ আমি
পৰিকল্পনা কৰিছিলোঁ। পাঠ্যপুথিয়ে দিব নোৱৰা জ্ঞান ফুৰা-চকা কৰিলে পাব পাৰি। তোমালোকক
ধন্যবাদ। তোমালোক আমাৰ বিদ্যালয়ৰ ভবিষ্যৎ, দেশৰ ভৱিষ্যৎং’- হাজৰিকা ছাৰ আৱেগিক হৈ
পৰিল।
এইবাৰ সকলো বাছত উঠিল। সকলোৱে পাছলৈ উভতি চাই হাত জোকাৰিলে---আৱাসস্থলৰ
চম্তৰীসকললৈ। বাছ চলিল। সন্ধিয়া সময়ৰ পাছত সকলো ঘৰ পাবগৈ লাগিব। এক নীৰৱতা বিৰাজ
কৰিলে বাছৰ ভিতৰত। সকলোৱে যেন কঢ়িয়াই অনা সুন্দৰ সময়খিনিৰ স্মৃতি মনৰ মাজত বিচাৰিবলৈ
আৰম্ভ কৰিলে।
লেখক-পৰিচয় ঃ
অনুৰাধা শৰ্মা পূজাৰী হ'ল অসমৰ এগৰাকী বিশিষ্ট লেখিকা তথা সাংবাদিক। তেওঁৰ জন্ম হৈছিল
১৯৬৪ চনত যোৰহাটত। যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ
পাছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্র বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলিকতাৰ
বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনুৰাধা
শৰ্মা পূজাৰীয়ে পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম
এপ্রিছিয়েছন পাঠ্যক্ৰমো সমাপ্ত কৰে। কলিকতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ অধীনত শিক্ষকতাৰে
কৰ্মজীৱন আৰম্ভ কৰা শৰ্মা পূজাৰীয়ে ‘আমাৰ অসম’ কাকততো সাংবাদিক হিচাপে কৰ্মৰত আছিল।
--- Page 85 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৭৯
বৰ্তমান তেওঁ ‘সাদিন’ নামৰ সাপণ্ডাহিক কাকত আৰু ‘সাতসৰী’ নামৰ মাহেকীয়া আলোচনীৰ সম্পাদক
হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ Sa ‘হৃদয় এক বিজ্ঞাপন’, ‘চাহেব
পুৰাৰ বৰষুণ’, ‘কাঞ্চন’, ‘নাহৰৰ নিৰিবিলি ছী’, ‘ব’ৰাগী নদীৰ ঘাট’, ‘মেৰেং’, ‘সোণ হৰিণৰ চেকুৰ’
ইত্যাদি। গল্প-সংকলনৰ ভিতৰত ‘বসন্তৰ গান’, ‘এজন অসামাজিক কবিৰ বায়গ্রাফী’, ‘কেথেৰীণাৰ সৈতে
তেওঁৰ আত্মজীৱনীমূলক প্রৱন্ধ-সংকলন। ‘চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসৰ বাবে তেওঁ ২০০৩ চনত
অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সৌৱৰণী বঁটা লাভ কৰে। ২০১৩ চনত তেওঁ সাহিত্য আৰু সংবাদ
সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছী অসম বঁটা লাভ কৰে।
পাঠ-বোধ ঃ
প্রকৃতিয়েই হ’ল মানুহৰ জীৱনৰ প্ৰথম পাঠশালা। প্রকৃতি জগতখনক ভালদৰে নিৰীক্ষণ কৰিলে
জ্যেষ্ঠতনৰ হাক-বচন শুনি তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়ি গ’লে আমি কেতিয়াও বিপদত
পৰিবলগীয়া নহয়। ল’ৰাই হওক বা ছোৱালীয়েই হওক প্রত্যেকেই নিজৰ কামবোৰ সময়ত কৰি গ’লে
এখন ঘৰ তথা এখন সমাজ সুশৃংখলভাৱে আগবাঢ়ি যাব পাৰে। আত্মবিশ্বাসী তথা আত্মনিৰ্ভৰশীল
হ’বলৈ হ'লে কিতাপৰ শিক্ষাৰ উপৰি যে ভ্ৰমণৰ প্রয়োজনীয়তা আছে এই কথা পাঠটিত সুন্দৰকৈ
প্রকাশ পাইছে।
শব্দাৰ্থ আৰু টোকা ঃ
কাতি £ এঢলীয়া, এফালে ওখ এফালে চাপৰ, বেঁকা হৈ পৰা।
গিৰ্জনি 2 বহুত মানুহে একেলগে হঁহাৰ শব্দ।
চন্তৰী প্রহৰী।
টুলুং-ভুটুং £ থৰক-বৰক কৰা, বেছিকৈ লৰচৰ কৰা।
ডুবাৰু 2 পানীত বুৰ মৰাত পাকৈত।
প্ৰশ্নাৱলী
ভাব-বিষয়ক ঃ
S| চমুকৈ উত্তৰ লিখা ঃ
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?
--- Page 86 ---
৭
৮
>
অসমীয়া সাহিত্য চয়নিকা (নতুন)
(a) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
(ঘ) লৰ্ড কাৰ্জন কোন?
ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক কি
বুজনি দিছিল?
প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
‘কামত ল’ৰা-ছোৱালী বুলি ভাগ NS) যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।--এই
কথাষাৰৰ Tel কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক
কোনে উদ্ধাৰ কৰিছিল?
শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি
কি হ'ল বহলাই লিখা।
মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
নিগনা চিকাৰীৰ প্রকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
১০।কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-
ভাষা-বিষয়ক ঃ
>|
বাক্য ৰচনা কৰা 2
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
21 মূৰ্দ্বন্য ণ’ হোৱাৰ কাৰণ দৰ্শোৱা ঃ
অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।
--- Page 87 ---
ৰথীন্দ্ৰনাথ গোস্বামী
পাৰস্য উপসাগৰত অৱস্থিত আমাৰ ৰিগটোৰ পৰা আহি বন্দৰ নগৰী IAS অৱতৰণ কৰোঁতে
প্রায় দুই বাজিছিল। হেলিকপ্টাৰৰ দুৱাৰ খোলাৰ লগে লগে ভমককৈ এছাটি গৰম বতাহ সোমাই আহিল।
বুজিবলৈ বাকী নাথাকিল যে বুশ্বেৰৰ তাপমাত্ৰ৷ চল্লিছ ডিগ্ৰী ছেণ্টিগ্রেডৰ ওপৰত আছে। এই প্রচণ্ড
গৰমত “AA ওচৰত ৰৈ থাকিব নোৱাৰি। নিজ নিজ বেগ চমজি লৈ আমি তিনিজন--- মই, মেহদি
আৰু ঘাছেম বিমান বন্দৰৰ মূল ভৱনটোৰফালে আগবাঢ়িলোঁ।
বুশ্বেৰৰ বিমান বন্দৰটো বেছি ব্যস্ত নহয়। অৱশ্যে ইয়াৰ এটা বিশেষ গুৰুত্ব আছে। ই ইৰাণৰ এটা
সামৰিক ঘাটি। তাতে বুশ্বেৰত এটা নিউক্লীয় Rass আছে বুলিও শুনিছোঁ।
মেহদি আৰু ঘাছেম দুয়োজন ইৰাণী যুৱক, থাকে তৈলনগৰী আহৱাজত; বুশ্বেৰৰ পৰা প্রায় দুঘণ্টা
দূৰৈত ইৰাক সীমান্তৰ ফালে। তেওঁলোকৰ বাবে এই যাত্ৰা হঠাতে হোৱা। ৰুটিন মতে তেওঁলোক
দুদিন পাছতহে আহিলহেঁতেন। কিন্তু হঠাতে এটা বিশেষ আলোচনাৰ বাবে মই টেহৰাণলৈ যাব লগা
হোৱাত হেলিকপ্টাৰ মাতিব লগা হ’ল। তেওঁলোকৰ কাম প্রায় সম্পূৰ্ণ হৈছিল, সেয়ে তেওঁলোককো
ওলাবলৈ Heel | দুয়ো ‘জিঅ’লগ নামৰ ইটালিয়ান কোম্পানিটোৰ ‘মাডলগাৰ’। তেলৰ বাবে চলোৱা
খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই
এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতি নোহোৱাকৈ খনন চলোৱাত
সহায় কৰিব পাৰে। ভূতত্ববিদৰ বাবে ই এবিধ গুৰত্বপূৰ্ণ সঁজুলি। মাডলগিং ইউনিটটোৰ পৰা প্ৰেৰণ
কৰা তথ্য দেখিয়েই আমি বহুতো সিদ্ধান্তত উপনীত হ’ব পাৰোঁ, খননত হ’ব পৰা সম্ভাব্য বিপদ
সম্পৰ্কে ভৱিষ্যতবাণী কৰিব পাৰোঁ, আটাইতকৈ ডাঙৰ কথা সেই সৰু গৱেষণাগাৰটোত বহিয়েই পোন
প্রথমে মই জানিবলৈ পাওঁ তেল পামনে নাপাম।
--- Page 88 ---
৮২ অসমীয়া সাহিত্য চয়নিকা (নতুন)
বিমানবন্দৰৰ আগমন ভৱনলৈ সোমাই যাওঁতে জানিব পাৰিলোঁ যে মেহদিহঁতৰ বাবে গাড়ী আহি
ৰৈ আছে। মই আশা কৰা মতে মোৰ সহকৰ্মী ভেংকি (ভৈেংকটৰমণী) ৰৈ আছিল। তেওঁ বুশ্বেৰত থাকে।
ইয়াৰপৰা তেওঁ ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে।
ভেংকিয়ে মোক জনালে যে অলপ সময় আমি বিমান বন্দৰতে ৰৈ আবুজাৰৰ অপেক্ষা কৰিম। আবুজাৰ
আমাৰ ট্ৰেভেল এজেণ্ট। তেওঁ গৈছে মোৰ টেহৰাণ যাত্ৰাৰ টিকট কিনিবলৈ বিমানৰ বাবে দহঘণ্টামান
সময় আছে। বিমান বন্দৰটোত মই, আবুজাৰৰ সহযোগী হুছেইন আৰু নিৰাপত্তা ৰক্ষী কেইজনৰ বাদে
কোনো মানুহ নাই। ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইজনৰ সৈতে কথা-বতৰা আৰম্ভ কৰিলে। হুছেইনে
BSA পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফাৰ্চীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে। মোৰ
এই কমদিনৰ অভিজ্ঞতাৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে ইৰাণীসকল যথেষ্ট AI তেওঁলোকে
সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে, উচ্চস্বৰত কথা নকয় আৰু কথা বতৰাত বিনয়ী স্বভাৱৰ প্রতিফলন
ঘটে। তেওঁলোকে যে এটা এতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পোৱা যায় তেওঁলোকৰ
আচাৰ-ব্যৱহাৰ, বাৰ্তালাপ আদিত।
এঘণ্টামানৰ পাছত ফৌপাই জোপাই আবুজাৰ ওলালহি। নিৰাপত্তাৰক্ষী কেইজনৰ পৰা বিদায় লৈ
আমি দুয়ো আবুজাৰৰ পিক আপ ভেনখনত উঠিলোঁ। তেনেতে ভেংকিয়ে ক’লে-“ৰথীন, এয়া আমাৰ
“আগা আবুজাৰ”। ভেংকিয়ে দুই এটা ফাচীশব্দ ক’বলৈ শিকিছে। ‘আগা’ শব্দটো AOS সমাৰ্থক
সন্মানীয় শব্দ।
গাড়ীৰ খিৰিকী বন্ধ কৰি আবুজাৰে এয়াৰ কণ্ডিশ্যনাৰ চলাই দিলে।
এখন অচিনাকি চহৰৰ মাজেদি যাত্ৰা কৰোঁতে মই অজান পুলক অনুভৱ কৰিলোঁ। তেল অম্বেষণ
মোৰ বৃত্তি নোহোৱা হ’লে আন বহুতৰে দৰে বুশ্বেৰ চহৰ মোৰ বাবে অপৰিচিত হৈয়ে থাকিলহেঁতেন।
বুশ্বেৰ চহৰৰ কোনোবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। আমাৰ ডাটা ইঞ্জিনিয়াৰ জাভাদেও
মোক কৈছিল যে বুশ্বেৰত এটা ৰিয়েক্টৰ আছে। সেয়ে যেতিয়াই মই হেলিকপ্টাৰেৰে বুশ্বেৰলৈ অহা
যোৱা কৰোঁ৷ প্রতিবাৰতে গোলাকৃতিৰ স্থাপত্যটোৱে মোক কৌতুহলী কৰি তোলে। তাৰ মানে তাতেই
চলি আছে পাৰমাণৱিক গৱেষণা। এটা কথা ঠিক যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হৈছে
উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূগৰ্ভত থকা প্রকল্প।
বুশ্বেৰ সৰু চহৰ। কিন্তু ৰাস্তা, চহৰৰ পৰিকল্পনা দেখিলে কোনেও নক’ব ই এখন সৰু চহৰ। চাৰিটা
লেনৰ ৰাস্তা, মাজত ডিভাইডাৰ। যথেষ্ট চাফা। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ
কৰিছে সেয়া মই আকাশমাৰ্গৰ পৰাই বুজিব পাৰিছিলোঁ। প্রতিটো ঘৰ দেৱালেৰে ঘেৰা। প্রৱেশদ্বাৰত
এখন মজবুত লোহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া। খুব বেছি ভিৰ নাই।
ভেংকিয়ে ক’লে--“এয়া আমি চহৰৰ ABS QS নুৰ হুছেইন ষ্টিটত প্রৱেশ Sera আৰু এই
--- Page 89 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ve
ষ্টি'টতে মি. ভেংকটৰমণী থাকে।” ভেংকিৰ কথা কোৱাৰ ষ্টাইল দেখি আবুজাৰে হীহিলে।
আমাক নমাই থৈ আবুজাৰ গ’লগৈ। যাওঁতে তেওঁ কৈ গ’ল “ৰাতি আপোনাক এয়াৰ পৰ্টত থৈ
আহিম।”
“খে’লে মামনুন”--ভেংকিয়ে ক’লে।
ময়ো Pel cate’ | ফাৰ্চী ভাষাত মামনুন, খে’লৈ মামনুন, মেৰচি আদি শব্দেৰে ধন্যবাদ জ্ঞাপন
কৰা হয়।
ভেংকিৰ ঘৰৰ সন্মুখত ৰৈ ভিতৰফালে চাবলৈ চেষ্টা কৰিলোঁ, একো দেখা নাপালোঁ। গেটখনত
কোনোধৰণৰ বিন্ধা এটাও নাই। জেপৰপৰ৷ চাবি উলিয়াই তেওঁ গেট খুলিলে। ওপৰ মহলাত থকা
তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ লৰালৰিকৈ এয়াৰ কণ্ডিশ্যনাৰ অন কৰি দিলে। এছিৰ ঠাণ্ডাবতাহ
পাইহে ভাল লাগিল, আৰামী wate বহি গাটো এৰি দিলো।
ইতিমধ্যে ভেংকি ব্যস্ত হৈ পৰিল দুপৰীয়াৰ খাদ্য প্রস্তুত কৰাত। আবেলি আমি খোজ কাঢ়ি ওলাই
গ’লো। চহৰখনৰ উপৰিও মোৰ অন্য এক আকৰ্ষণ হ’ল ইৰাণৰ মানুহবোৰ।
ইৰাণীসকলৰ চেহেৰা যথেষ্ট ধুনীয়া, সাজ পোছাক আধুনিক। চহৰ ভ্ৰমণ কৰোঁতে বহুতো ইৰাণী
মহিলা দেখিবলৈ পালোঁ। মন কৰিলোঁ যে সকলোৱে বোৰ্খা নিপিন্ধে। আধাতকৈ বেছিয়ে বিশেষকৈ
যুৱতীবোৰে টি ald, fora, কে’ডছ আদি পিন্ধিছে, মাথোন একোখন ফ্কাৰ্ফেৰে মূৰটো ঢাকি লৈছে।
ভেংকিয়ে মোক ক’লে সেইখনৰ নাম হিজাব।
চহৰখন সৰু যদিও গাড়ী যথেষ্ট, নহ’ব কিয়। চাৰি টকীয়৷ পেট্ৰ’ন পালে কোনেনো গাড়ী নচলাব |
আমেৰিকাৰ দৰে ইয়াতো গাড়ীৰ চালকজন বাওঁফালে বহি গাড়ী চলায়, যিটো আমাৰ নিয়মৰ সম্পূৰ্ণ
ওলোটা |
খোজ কাঢ়ি কাঢ়ি আমি চহৰখনৰ মূল স্থানৰ মাজেদি পাক মাৰিলোঁ। আজি শুক্ৰবাৰ, সেয়ে আমাৰ
দেশৰ দেওবাৰৰ দৰে পৰিৱেশ। তাৰ মাজতো দুই এখন দৈনন্দিন প্রয়োজনীয় দোকান খোলা আছিল।
ফলমূলৰ দোকানত দেখিলোঁ ৰঙা চেৰিৰপৰা আৰম্ভ কৰি তৰমুজলৈকে বিভিন্ন ফলমূল সজাই থোৱা
আছে। এঠাইত দেখিলোঁ এজন মানুহে ডেৰফুটমান দীঘল এখন ৰুটী কঢ়িয়াই লৈ গৈছে। মই ৰুটীখনৰ
আকৃতি দেখি আচৰিত হোৱা বুলি জানি ভেংকিয়ে মোক বুজাই দিলে যে এয়া মেছিনত তৈয়াৰী
ৰুটী বা নুন (হিন্দীত নান)।৷ আমাৰ দেশত যিদৰে ব্ৰেড বা পাউৰুটী বিক্ৰী হয় সেইদৰে ইয়াত এই
নুন অতি জনপ্ৰিয়। এইবোৰ সাধাৰণতে ঘৰত তৈয়াৰ নকৰে, মানুহে দোকানৰ পৰা কিনি খায়। এইবোৰ
শুকান আৰু লেকেটা। নিশ্চয় তেওঁলোকৰ খোৱাৰ বিশেষ নিয়ম আছে। মই মন কৰিছিলোঁ আমাৰ
লগৰ ইৰাণী কৰ্মচাৰী কেইজনেও যথেষ্ট শুকানকৈ আহাৰ খায়।
--- Page 90 ---
৮৪ অসমীয়া সাহিত্য চয়নিকা (নতুন)
বহুতো ঠাইত পদপথত সেউজীয়া ৰঙৰ বাকচ এবিধ দেখিলোঁ, ভেংকিয়ে ক’লে সেইবোৰ দানপাত্ৰ।
চৰকাৰী পৃষ্ঠপোষকতাত এইবোৰ স্থাপন কৰা হৈছে।
বুশ্বেৰৰ খেজুৰ বিখ্যাত। মিঠা আৰু সতেজ। পকা খেজুৰৰপৰা যিদৰে ৰস ওলায়, নাজানিলে ধাৰণা
হ’ব যেন কোনোবাই ৰস ঢালি আনিছে। সেইদিনা, মোৰ ইৰাণী বন্ধু আহমেদে আহৱাজৰপৰা মোৰ
বাবে খেজুৰৰ পৰঠা (নুন কুৰমাই) লৈ আহিছিল। মাজত খেজুৰ সুমুৱাই তৈয়াৰ কৰা এবিধ বিশেষ
ৰুটী। এনেকুৱা এখন কুৰমাই খালে ভাত খোৱাৰ দৰে হয়।
দোকানৰ QE CAN ফাৰ্চী ভাষাত লিখা। বহুতো ঠাইত চকলেটৰ দোকান দেখিলোঁ। অনুমান
কৰিবলৈ টান নহ’ল যে ইয়াত চকলেট জনপ্ৰিয়। নানা তৰহৰ চকলেটেৰে দোকান ভৰ্তি হৈ আছে।
এঠাইত দেখিলোঁ ছাইবাৰ কাফেত বহি বহুতো যুৱতীয়ে ইন্টাৰনেট ছাৰ্ফিং কৰিছে।
ঘৰলৈ ঘূৰি আহি ভেংকি ব্যস্ত হৈ পৰিল নিশাৰ আহাৰ তৈয়াৰ কৰাত। তেওঁ সুন্দৰ ৰছম ৰান্ধিব
পাৰে। কেতিয়াও সপোনতো নভবা এখন অচিন নগৰীত বহি আমি দুয়ো ভাৰতীয়ই দক্ষিণ ভাৰতীয়
আহাৰ অতি তৃপ্তিৰে খালোঁ।
দহ বজাৰ লগে লগে আমি গেটৰ ওচৰলৈ ওলাই গ’লো। আবুজাৰে গাড়ী পঠাই দিছে মোক
বিমান বন্দৰত নমাই থৈ আহিবৰ বাবে। খন্তেক পাছতে আবুজাৰ আহি ওলালহি; তেওঁ মটৰ ছাইকেলত
আহিছে। তেৱোঁ বিমান বন্দৰলৈ যাব মোক বিদায় জনাবৰ বাবে। মই গাড়ীত আৰু আবুজাৰৰ সৈতে
ভেংকি মটৰ চাইকেলত।
প্রায় AIT পলমকৈ বিমানে যাত্ৰা আৰম্ভ কৰিলে। দুঘণ্টাৰ পাছতে মই টেহৰাণত অৱতৰণ কৰিম।
ইৰাণ বুলিলে মোৰ মনলৈ কিছুমান ছবি ভাঁহি আহে। সৰুকালত পাঠ্যপুথি বা আনবোৰ কিতাপত
অতীজৰেপৰা পাৰস্যৰ সৈতে আমাৰ দেশৰ বাণিজ্যিক সম্পৰ্ক থকাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ।
সেইবোৰে মোৰ মানসপটত নাও বাই অহা কিছুমান সদাগৰৰ ছবিৰ সৃষ্টি কৰিছিল।
পাৰস্যৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল। সেয়া হ’ল অসমীয়া ভাষাত ব্যৱহাৰ হোৱা
ফাৰ্চী ভাষাৰ শব্দবোৰ। কেইবা শতিকা ধৰি কিছুমান ব্যক্তিয়ে সুদূৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ
উত্তৰ পূবৰ দিশত এই শব্দবোৰ বিলাই দিছিল। আমি নজনাকৈয়ে এই শব্দবোৰে আমাৰ ভাষা চহকী
কৰি আহিছে। এতিয়া কেঁচী, দোৱাত, চিয়াঁহী, চিচা-এইবোৰ শব্দ আমাৰ বাবে হাড়ে হিমজুৱে অসমীয়া
শব্দ!
ইৰাণ মানৱ সভ্যতাৰ প্রাচীন ইতিহাসৰ ধ্বজাবাহক।৷ প্ৰত্নতাত্বিক, এতিহাসিক, সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ
যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে।
প্রায় চাৰি হাজাৰ বছৰ পূৰ্বে ইৰাণলৈ আৰ্যগোষ্ঠীৰ লোকসকল আহি বসবাস কৰিবলৈ লৈছিল।
খ্ৰীষ্টপূৰ্ব ছয় শতিকামান পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছ’সকলক পৰাস্ত কৰি ইৰাণবাসীক
--- Page 91 ---
অসমীয়া সাহিত্য চয়নিকা নেতুন) ve
একগোট কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫২৯ ত ছাইৰাছৰ মৃত্যু হোৱাত নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ
প্রয়াস কৰিছিল। পৰৱৰ্তী কালত (চতুৰ্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাজৰ পাৰ্ছেপলিছ
(Persepolis) সাম্ৰাজ্যৰ পতন ঘটাইছিল।
খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈকে চলা গ্ৰীক শাসনৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল।
তেওঁলোকৰ শাসন কালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰীয়া
পাৰ্থিয়ান শাসনৰ পাছত ছাজানিদসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল। তাৰ পাছতে আৰৱসকলৰ
আগমনে ইৰাণৰ ইতিহাস সলনি কৰি দিছিল। আৰৱসকলে ইৰাণলৈ ইছলাম ধৰ্মৰ আগমন ঘটাইছিল
আৰু কিছুকাল পাছত ইছলা৷মক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। কেইবাশতিকা জুৰি
চলা আৰব শাসনৰ পৰৱৰ্তী কালত বহুতো বিদেশী শক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিল।
ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছিল।
স্থাপত্যৰ প্রতি শ্বাহ আক্বাছ (প্ৰথম) ৰ বিশেষ অনুৰাগ আছিল। তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্ৰদায়ে
ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল। পৰৱৰ্তীকালত আফগানসকলৰ আক্ৰমণৰ বাবে ছাফাভিদ ৰাজত্বৰ
পতন ঘটে।
ইৰাণৰ শাসকসকলৰ কথা আলোচনা কৰিলে মনলৈ VIS অহা শাসকজন হ’ল নাদিৰ শ্বাহ। তেওঁ
বেছিদিন ৰাজত্ব কৰা নাছিল (১৭৩৭-৪৭)। কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল।
তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল আৰু মোগল সম্ৰাট মহন্মদ শ্বাহক পৰাস্ত কৰি
(১৭৩৯) এটা বিশাল ৰাজভ'ৰাল লুট কৰিছিল। তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ
হীৰা, মুকুট আদিৰ উপৰিও হাতী, ঘোঁৰা, উট লৈ গৈছিল। ভাৰতবৰ্ষৰ পৰা তেওঁ ইমানবোৰ সা-সম্পত্তি
লুট কৰি নিছিল যে পৰৱৰ্তা তিনিবছৰে তেওঁ দেশবাসীৰপৰা কোনো কৰ সংগ্ৰহ কৰা৷ নাছিল।
নাদিৰ শ্বাহৰ পিছত ইৰাণৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ খ্ৰীষ্টাব্দত কাজাৰ
বংশ জয়ী হয় আৰু তেওঁলোকে প্রথম বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে।
কেইবা শতিকা জুৰি আৰৱ ৰাজত্বৰ অধীন হোৱাৰ বাবে ইৰাণৰ সম্পৰ্ক আন দেশৰ সৈতে নোহোৱাৰ
দৰে হৈছিল। প্রথম বিশ্বযুদ্ধৰ পাছত ৰেজাশ্বাহ পাহ্লাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰে
পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে। ১৯৪১ চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড
ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। আৰাছ নদীৰ উত্তৰত থকা সকলো অঞ্চল
ছোভিয়েট ৰাছিয়াই দখল কৰিছিল। ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ব ইংলেণ্ডে লাভ কৰিছিল। প্রকৃততে
ইৰাণৰ শাসনতন্ত্ৰ শক্তিহীন হৈ পৰিছিল।
খ্ৰীষ্টীয় ১৯৭৯ চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰপৰা ইৰাণে ইছলামিক গণতন্ত্ৰ
হিচাপে স্বীকৃতি লাভ কৰে। বিপ্লৱৰ নেতা ইমাম আয়াতুল্লা খোমোনি এই গণতন্ত্ৰৰ প্রতিষ্ঠাপক। ধৰ্মীয়
--- Page 92 ---
৮৬ অসমীয়া সাহিত্য চয়নিকা (নতুন)
বিপ্লৱে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনি দিলে। শ্বাহৰ শাসন কালত যিখন দেশৰ
আদৱ কায়দা পশ্চিমীয়া দেশৰ দৰে হৈ পৰিছিল, হঠাতে সেইখন দেশৰ সম্বন্ধ বহুতৰে সতে ছেদ
হ’ল। আমেৰিকা তেওঁলোকৰ শত্ৰুৰ দৰে হৈ পৰিল। আগবঢ়া দেশবোৰৰ সৈতে বৈদেশিক নীতিগত
পাৰ্থক্যৰ বাবে ইৰাণৰ ব্যৱসায় বাণিজ্য হাস পালে। তেনে সময়তে ইৰাকৰ সৈতে হোৱা দীঘলীয়া
যুদ্ধত দুয়োখন দেশৰে প্ৰচুৰ ক্ষতি হ’ল। এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতেও যুদ্ধ
হ’ল। এনেবোৰ কাৰণত দেশখন বহুত পিছুৱাই গ’ল। প্ৰচুৰ তৈলভাণ্ডাৰ থকা স্বত্বেও দেশখনে সম্পদসমূহ
সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰৰ কৰিব নোৱাৰিলে ৷ বৰঞ্চ পাৰমাণৱিক গৱেষণা বিষয়টোৱেহে
গুৰুত্ব পাবলৈ ধৰিলে।
যেতিয়া আছেমান এয়াৰলাইনছৰ সৰু বিমানখনত মই WANS পৰা বুশ্বেৰ অভিমুখে যাত্ৰা কৰিছিলোঁ
তেতিয়া মোৰ বাবে এই যাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল জাগ্ৰছ পৰ্বতমালা। মোৰ মনৰ টাইম মেছিনে
মোক লৈ গৈছিল এটা ভূতাত্ত্বিক যুগলৈ, পৃথিৱীৰ ইতিহাসৰ এনে এটা ক্ষণলৈ যেতিয়া আৰৱ প্লেট
আৰু ইউৰেছিয়া প্লেটৰ সংঘাত আৰম্ভ হৈছিল আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ
উঠিছিল জাগ্ৰছ পৰ্বত। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত
সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। WORT আশীৰ্বাদ পুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত
ডেৰশতকৈও অধিক তৈলক্ষেত্ৰ আছে; আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নির্ভৰশীল।
কোনো ধৰণৰ সংকট, উত্তেজনা বা আন কাৰণত তেলৰ মূল্য বৃদ্ধিয়ে আনবোৰ দেশৰ অৰ্থনীতিত
aps আঘাত হানে।
ফ্ৰান্সৰ 'টুটেল’ কোম্পানিৰ এখন ভাৰাতীয়া বিমানৰ কেইটামান ছিট আমাৰ বাবে সংৰক্ষিত। এইখন
বিমানত ছিটনম্বৰ নাই, যেয়ে যেনেকৈ পাৰে বহিলেই হ’ল। মই সৌহাতৰ খিৰিকিৰ কাষৰ ছিটটো
লওঁ, যাতে দুঘণ্টাৰ এই যাত্ৰাত মই জাগ্ৰছৰ মনোৰম দৃশ্য উপভোগ কৰি যাব পাৰোঁ। আমাৰ বিমান
পাৰস্য উপসাগৰৰ তট ৰেখাইদি আৰু জাগ্ৰছৰ ওপৰেদি যাত্ৰা কৰে। বুশ্বেৰ চহৰ পাৰস্যৰ আনটো
দিশত অৱস্থিত। সেয়ে আমাৰ এই যাত্ৰাত উপসাগৰখন আৰু জাগ্ৰছৰ মনোৰম দৃশ্যলানি দেখিবলৈ
পাওঁ। GAZ পৰ্বত শৃংখলা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ
শৃংগৰ উচ্চতা প্রায় ৪৫০০ মিটাৰ। জাগ্ৰছৰ উপৰিও দেশখনত আৰু কেইবাটাও পৰ্বত শৃংখলা আছে।
তেল UAT দায়িত্বত ইৰাণলৈ অহাৰ পাছৰে পৰা কিছুমান শব্দ, কিছুমান ঠাইৰ নাম মোৰ তেনেই
চিনাকি হৈ পৰিছে। কাৰোবাক লগ পালেই প্রথমে জানিবলৈ চেষ্টা কৰোঁ তেওঁ কোনলানি পাহাৰৰ
ওচৰত থাকে, জাগ্ৰছৰ এই পাৰে নে সিপাৰে ইত্যাদি। আনহাতে চিৰাজ; আহৱাজ, ইছফাহান, নাটাঞ্জ,
মাছাদ, য়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল আদি ঠাইৰ নামবোৰো চিনাকি হৈ পৰিছে। তাতোকৈও
আদৰৰ হৈ পৰিছে কেইটমান ফাৰ্চী শব্দ-খে’লৈ মামনুন, মেৰচি, ছালামক, ছববাখেৰ ইত্যাদি | এই শব্দবোৰে
মোক যথেষ্ট সহায় কৰিছে ইৰাণীসকলৰ সৈতে বন্ধুত্ব গঢ়াত।
--- Page 93 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৮৭
টেহৰাণত বিমান বন্দৰ দুটা--- মেহৰাবাদ এয়াৰপ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰ Ab | আমাৰ
বিমানে মেহৰাবাদত অৱতৰণ কৰিলে। এই বিমান বন্দৰটো চহৰত, আনহাতে খোমেনি বিমান বন্দৰটো
চহৰৰপৰা দূৰত। ইৰাণৰ কান্ট্ৰি মেনেজাৰ শ্ৰীপি.কে বাৰ্মাই মোক ফোনযোগে নিৰ্দেশনা দি ৰাখিছিল---
ক’ত টেক্সি ল’ব লাগিব, কি ক’ব লাগিব, কোনখন হোটেললৈ যাব লাগিব ইত্যাদি। তেওঁ মোক
কৈছিল--“ড্ৰাইভাৰক ক’ব, হোমা হোটেল, নজডিকে বানক ফ্কোৱাৰ,” আমাৰ ৰিগত থকা সহকৰ্মী
এজনে BS ভাষাত হোটেলৰ সম্পূৰ্ণ ঠিকনা লিখি দিলে, ড্ৰাইভাৰে ইংৰাজী বুজি নাপালে সেই
কাগজখন দেখুৱাই দিলেই হ’ব।
বিমানখন মেহৰাবাদ বিমান বন্দৰত অৱতৰণ কৰোঁতে ৰাতিপুৱা তিনি বাজিবৰ হৈছিল। কনভয়ৰ
বেল্টৰপৰা বেগটো সংগ্ৰহ কৰি মই টেক্সি কাউন্টাৰৰ ফালে গ’লোঁ। ইমান দেৰিকৈ টেহৰাণ পামহি
বাবে বাৰ্মাজীয়ে কৈছিল--‘ইয়েল্ল'কেব’ত আহিব, ভাৰা বেছি ল’ব কিন্তু সুৰক্ষাৰ সমস্যা নাই। বিছ
হাজাৰ ৰিয়াল দি ‘ইয়েল্ল'কেব’ৰ কুপন ললোঁ।
বাহিৰলৈ ওলাই আহোৌতে মোৰ কুপনখন দেখা পাই এজন ড্ৰাইভাৰে ‘ইয়েল্ল’কেব’ লাইনটো দেখুৱাই
দিলে। কুপনখন বুথটোত দিয়াৰ লগে লগে এজনে সুধিলে “কলৈ যাব? ‘হোটেল হোমা-নজডিকে
বানক CBRN | লগে লগে এজন টেক্সি ডাইভাৰে মোক আগবঢ়াই লৈ গ’ল। ৰাস্তাইদি গৈ থাকোঁতে
অনুভৱ কৰিলো, যথেষ্ট আৰামদায়ক গাড়ী।
মৃদু, শীতল বতাহে মোক টেহৰাণলৈ আদৰণি জনালে। ছটা লেনৰ সুন্দৰ ৰাস্তা। মন কৰিলোঁ দিল্লীৰ
দৰে যথেষ্ট মুকলি অঞ্চল আছে। বিজুলীবাতিয়ে আলিবাট পোহৰাই ৰাখিছে। প্রথম দৰ্শনত মোৰ ধাৰণা
হ’ল যে টেহৰাণ এখন পৰিকল্পিত চহৰ।
হোটেলৰ দুৱাৰমুখত গাড়ী ৰ’লহি। “কিমান হ’ল?’ ড্ৰাইভাৰক ইংৰাজীতে সুধিলোঁ। ড্ৰাইভাৰে
মিটাৰটোলৈ আঙুলিয়াই দেখুৱালে। পঞ্চাছ হাজাৰ ৰিয়াল দি তেওঁক বিদায় দিলোঁ।
মোৰ বাবে ৰুম বুক হৈয়ে আছিল বাবে বেছি পৰ ৰ'ব লগা নহ’ল। যথেষ্ট সুবিধা থকা ৰুম।
ডুবাইৰ দৰে ইয়াতো ৰূমৰ ভিতৰত পশ্চিমে দিশৰ নিৰ্দেশনা দিয়া আছে। নামাজৰ বাবে দলিচা এখনো
পাৰি থোৱা আছে।
লৰালৰিকৈ মই শুবলৈ সাজু হলোঁ। বেছি সময় শুবলৈ নাপাম, ৰাতিপুৱা আলোচনাৰ বাবে যাব
লাগিব ছাগৈ। সেই সময়তে দিনত টেহৰাণখন দেখিম।
পুৱাৰ টেহৰাণ উপভোগ কৰিবৰ বাবে পৰ্দাখন টানি দিলোঁ। চহৰৰ কাষতে ওখ পাহাৰ, সুৰুযৰ
চুমাত সেইবোৰ জিলিকি উঠিছে। অতদিনে ইৰাণ বুলিলে মৰুভূমিৰ ধাৰণাটো প্রকট হৈ উঠিছিল।
পাছত জানিব পাৰিছিলোঁ যে টেহৰাণক বহুতে পেৰিছৰ লগত তুলনা কৰে। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত
হোৱা বাবে টেহৰাণখন অতি সুন্দৰ। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি
--- Page 94 ---
৮৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
আৰাম দায়ক। শীতকালত ইয়াত বৰফ পৰে। টেহৰাণক এই সুন্দৰ জলবায়ু প্রদান কৰিছে এলব্ৰুজ
পৰ্বত ৰাশিয়ে। মহানগৰীখনৰ বাবে খোৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্রবাহৰপৰা।
পুৱাৰ আহাৰৰ বাবে হোটেলৰ পুলচাইড SCBA গ’লোঁ। চেৰিৰ ৰস, সিজোৱা কাঠফুলা, (বুতাম
আকৃতিৰ) আৰু কেইবিধমান বিশেষ খাদ্য লৈ টেবুলত AAAS আমাৰ কোম্পানিৰ জেনেৰেল মেনেজাৰজন
আহি উপস্থিত হ’ল। আমি একেলগে বহি জলপান খালোঁ। সেই সুযোগতে মই তেওঁক খনন সম্পৰ্কীয়
সকলো তথ্য আৰু গুৰত্বপূৰ্ণ বিষয় অৱগত কৰিলোঁ। লগতে মই মত প্রকাশ কৰিলো যে এই খননত
যে তেল আহৰণ কৰিব পৰা যাব তাক লৈ মই সম্পূৰ্ণ আশাবাদী।
জলপানৰ পাছত আমি অলপ পৰ হোটেলৰ লাউঞ্জতে বহিলোঁ। অলপ পাছত আমাৰ কান্ট্ৰি মেনেজাৰ
পি. কে. বাৰ্মা আহি উপস্থিত হ’ল। বাৰ্মাজীৰ সৈতে আমি প্রথমে ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ
(N.LO.C) কাৰ্যালয়লৈ গ’লো। আমি কোম্পানীটোৰ তেল অম্বেষণৰ এগৰাকী মুখ্য বিষয়াক লগ
কৰিবলৈ আহিছোঁ। গেটত বাৰ্মাজীয়ে ফাৰ্টীভাষযাত কথা পাতিলে। তাৰ পাছত ক’লে যে আমি আগা
আঞশ্ৰুফজাদেক লগ কৰিবলৈ আহিছোঁ। আগতে অনুমতি নল’লে প্রৱেশৰ অনুমতি পোৱা কঠিন।
তাতে কাইলৈ খোমেনিৰ মৃত্যু দিৱস। সমগ্ৰ ইৰাণ বন্ধ থাকিব।
অলপ পাছত আমাৰ অনুমতি আহিল। বাৰ্মাজীয়ে আমাক বাট দেখুৱাই চতুৰ্থ মহলাত থকা আগা
আঙশ্ৰফজাদেৰ অফিছটোলৈ লৈ গ’ল। তেওঁৰ বিষয়ে বহুদিন ধৰি শুনি আছিলোঁ। মানুহজনক লগ
পাই মই আনন্দিত হ’লো। অত্যন্ত বিনয়ী, কোমল মাত আৰু সৌজন্যতাপূৰ্ণ ব্যৱহাৰ। তেওঁ বেচ ধীৰে
সুস্থিৰে কথা কয়। ইৰাণৰ তৈল অম্বেষণৰ প্রতিটো বিষয় এইজন ব্যক্তিৰ নখ দৰ্পণত।
আঞ্ৰুফজাদেৰ কোঠালিৰ বাহিৰে-ভিতৰে বিভিন্ন শিলৰ নমুনা সজাই থোৱা আছে। ইৰাণৰ ভূস্তৰৰ
বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পোৱা যায়। পাৰস্য উপসাগৰ আৰু তাৰ উত্তৰ পশ্চিম
আহৱাজৰ ওচৰে পাঁজৰে বহুতো তৈলক্ষেত্ৰ আছে আৰু আনহাতে ইৰাণত কেইবাখনো গেছ উৎপাদনকাৰী
তৈলক্ষেত্ৰ আছে। দুই এটা ব্যতিক্ৰম বাদ দি ভাৰতৰ প্রায়বোৰ তৈলক্ষেত্ৰ নবজীৱি মহাকল্পৰ শিলাস্তৰত
অৱস্থিত। কিন্তু পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল
সম্পদ মজুত আছে।
আমি চাহ খাই থাকৌতে অন্য বিভাগসমূহৰ বিষয়াসকল আহিল। খননৰ অভিজ্ঞতা আৰু আহৰণ
কৰা তথ্যৰ ভিত্তিতে তেল উৎপাদনৰ বাবে পৰীক্ষা চলোৱা হ’ব। তাৰবাবে এই আলোচনা। মোৰ
লগত থকা পৰ্টেবল হাৰ্ডডিস্কত সকলো তথ্য লৈ আহিছোঁ। যাকে প্রয়োজন হৈছে দেখুৱাইছোঁ।
আলোচনা সম্পূৰ্ণ হোৱাৰ পাছত আমি AAAS’ নামৰ বহুৰাষ্টীয় কোম্পানীটোৰ অফিছলৈ আহিলোঁ |
এইটো এনে এটা কোম্পানি যাৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে,
টেহৰাণৰপৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰ ওচৰে পাজৰে আছেই। এক অর্থত তৈল
--- Page 95 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৮৯
উদ্যোগৰ সৈতে এই কোম্পানি অতি ঘনিষ্ঠভাৱে জড়িত। তৈল উদ্যোগৰ বিকাশত এই কোম্পানিৰ
গুৰুত্বপূৰ্ণ বৰঙণি আছে। আনহাতে ফ্লামবাৰ্জাৰৰ প্রতিযোগী কোম্পানি ‘হেলিবাৰ্টন’ বা ‘বেকাৰ’ মূলত
আমেৰিকান কোম্পানি হোৱা বাবে ইৰাণত কাম কৰিব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু তৈল
উদ্যোগৰ কি এক গভীৰ সম্পৰ্ক আছে সেয়া নাজানিলে অনুমান কৰা টান।
শ্নামবাৰ্জাৰ’'ৰ অফিছৰ পৰা বিদায় লৈ আমি আমাৰ ইৰাণ কাৰ্যালয়লৈ আহিলোঁ। আমি সকলোৱে
বহি আলোচনা কৰিলো। আমাৰ আলোচনাত অংশ ল’লেহি প্ট্ৰোল নামৰ কোম্পানিটোৰ সঞ্চালক
এম, এফ আলাবিয়ে। আলাবিৰ বয়স সত্তৰৰ ওপৰত। যথেষ্ট লাহে ধীৰে কথা কয়। অলপ পৰ কথা
পতাৰ পাছত জানিব পাৰিলোঁ যে ইৰাণৰ তৈল উদ্যোগ আৰু এই অঞ্চলৰ woe বিষয়ে তেওঁৰ
বিস্তৃত জ্ঞান আছে। এনে ধৰণৰ অভিজ্ঞ ভূতত্ববিদৰ সৈতে কাম কৰিবলৈ পোৱাটো সৌভাগ্যৰ বিষয়।
আলোচনা কৰি থাকৌতে সন্ধিয়া হ’ল। অফিছৰপৰা ওলাই দেখিলোঁ ৰাস্তাত মানুহ নাই বুলিলেই
হয়। কেৱল দুই এখন গাড়ীহে অহা যোৱা কৰি আছে।
টেহৰ৷ণত বহুতো দৰ্শনীয় স্থল আছে। ইয়াত বহুতো সংগ্ৰহালয় (কাৰ্পেট, অলঙ্কাৰ, মুদ্ৰা) আৰু
পুৰণি অট্টালিকা আছে। আমি আজাদী স্কোৱাৰ দৰ্শন কৰিছে৷। ৪৫ মিটাৰ উচ্চতাৰ এই স্মাৰকটোত
এটা সংগ্ৰাহালয় আছে। খোমেনিৰ মৃত্যু দিৱসত ধৰ্মীয় নেতাসকলে ইয়াৰপৰা ES উদ্দেশ্যি ভাষণ
দিব।
নিশাৰ আহাৰৰ বাবে বিখ্যাত তাজমহল হোটেললৈ গলোঁ। তাৰ বেছমেণ্টত থকা ACSA
ভাৰতীয় খাদ্য পোৱা যায়।
খোজ কাঢ়িয়েই আমি হোটেলৰ ফালে আহিলোঁ। সুযোগ বুজি আমি এখন উদ্যানৰ মাজেদি DoD
ললোঁ। নিশা দহবজাতো উদ্যানত মানুহ ভৰি আছিল। বাৰ্মাজীৰ পৰা জানিব পাৰিলোঁ যে ইয়াৰ প্রায়বোৰ
মানুহ পাৰ্কলৈ আহে, ই ৰুটিনৰ দৰে।
হোটেলৰ ওচৰ পাওঁতে মোক ভাগৰে জুমুৰি দি ধৰিলে।
বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ ‘ন’ ৰোজ (নতুন দিন) উদযাপন
কৰে। দুসপ্তাহ জুৰি উদ্যাপন কৰা৷ এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্রথম দিনত, যেতিয়া সূৰ্যই বিষুৱ
ৰেখা অতিক্ৰম কৰে (মাৰ্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত)। ভেংকিয়ে মোক কোৱামতে সেই সময়ত
বুশ্বেৰৰ হোটেলৰ কথা বাদেই স্কুল কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ
স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদ্যাপন কৰিব পাৰে। আমাৰ বিহুৰ দৰে এওঁলোকেও
নতুন কাপোৰ লয়, পিঠা-পনা খায়। নৱবৰ্ষৰ এই আনন্দো্যেৎসৱত বহুতো বিষয় সামৰি লোৱা হয়---
পৰিৱেশ আৰু নিজকে চাফচিকুণকৈ ৰখা, শত্ৰুভাব দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নি শিখা প্ৰজ্বলন কৰা,
--- Page 96 ---
৯০ অসমীয়া সাহিত্য চয়নিকা (নতুন)
সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা ইত্যাদি। উল্লেখযোগ্য যে জোৰাষ্টিয়ান ধৰ্ম ইৰাণৰ মূল ধৰ্ম
হৈ থকা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল।
সাধাৰণতে উৎসৱৰ সময়ত যিকোনো পাৰ্ছি গৃহত টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ
পাৰি সাতবিধ খাদ্য বস্তু সজোৱা হয়। প্রতিটো বস্তুৰে এটা প্রতীকী অর্থ আছে। বস্তুবোৰ BA
ছবজে (ঘেঁহু বা দাইল-পুনৰ্জন্মৰ প্রতীক), চামানু (ঘেঁহুৰ কঠীয়াৰ পায়স-নতুন জীৱনৰ প্রতীক), ছিব
(আপেল-স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্রতীক), ছেনজেড (বনৰীয়া শুকান জলফাই-প্ৰেমৰ প্ৰতীক), ছিৰ (নহৰু-
ওষধ), ছমাক (এবিধ বগৰী-সূৰ্যোদয়ৰ বৰণ বুজায়) আৰু ছেৰকেহ (ভিনেগাৰ-বয়স আৰু ধৈৰ্যৰ প্রতীক)।
এই সাতবিধ খাদ্যৰ কাষত থাকে পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাপুথি। তদুপৰি নৈবেদ্যত
থোৱা আন কেইবিধমান বস্তু হ’ল মুদ্ৰা (ধনসম্পত্তি), খৰাহি ভৰ্তি ৰং কৰা কণী (উৰ্বৰতা বা প্রজনন
ক্ষমতা), গোলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ (শিশুৰ পুষ্টিৰ বাবে), ভেটফুল আদি। এটা
পাত্ৰত পানী থৈ তাত এটা সুমথিৰা ওপঙাই থোৱা হয়। ইয়াৰ অৰ্থ হ’ল যে পৃথিৱী মহাকাশত ওপঙি
আছে। আন এটা পানী ভৰ্তি পাত্ৰত সোণালী মাছ এৰি দিয়া হয়, ই পানী আৰু উৰ্বৰতা ART
নৈবেদ্যৰ কাষত এখন আইনা থোৱা হয় আৰু এই আইনাৰ দুয়োকাষে মমবাতি সজোৱা হয়-পৰিয়ালৰ
প্রতিটো শিশুৰ বাবে।
তিনি হাজাৰ বছৰীয়া এটা কিংবদন্তি মতে সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পৱিত্ৰ দিনত
চেনি আৱিষ্কাৰ কৰিছিল। সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাৰ্ছিসকলে সাতবিধ মিঠাই প্রস্তুত
কৰে। ইংৰাজী কেন্দি শব্দটো হেনো ATR শব্দ কেন্দৰ পৰা আহিছে, যাৰ অর্থ হ’ল চেনি।
বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই আৰু জুইৰ ওপৰেদি পাৰ হৈ তেওঁলোকে চিঞৰি
চিঞৰি গায়-মোৰ বেমাৰ লৈ যোৱা আৰু মোক তোমাৰ সুন্দৰ ৰঙা বৰণ দিয়া। জুইৰ পোহৰত তেওঁলোকে
থাল বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে
পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। এইদৰে যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীৱনে
নতুন বছৰক আদৰি লয়।
পৰ্বত শৃংখলালৈ চালোঁ। ৰ’দৰ পোহৰত চূড়াবোৰ জিলিকি উঠিছে। শীতকাল হোৱা হ’লে বৰফে
সাৱটি থাকিলহেঁতেন। কেনেবাকৈ যদি কোনোবা এটা শিখৰৰ পৰা তাৰ সিপাৰৰ কাস্পিয়ান সাগৰৰ
দৃশ্য দেখা পালোহেঁতেন। কিমান যে আনন্দ লাগিলহেঁতেন। পাহাৰৰ সিপাৰৰ সেই নীলিম জলৰাশিৰ
তলতে সঞ্চিত হৈ আছে এটা বিশাল তৈল ভাণ্ডাৰ। এই তৈলভাণ্ডাৰক লৈ এটা বিৰাট ভ্ৰাজনৈতিক
পৰিস্থিতিৰ সৃষ্টি হৈছে। খণ্ডিত ছেভিয়েট ৰাছিয়াৰ স্বাধীন ৰাষ্টবোৰে এই তৈল সম্পদ আহৰণৰ প্ৰচেষ্টা
চলাইছে। তেনে এটা সময়তে VIS COM কোম্পানিবোৰ উপস্থিত হৈছেহি কাস্পিয়ানৰ তটৰেখাত।
সেইবাবে ইৰাণৰ বাবেও ই গুৰুত্বপূৰ্ণ জলৰাশি হৈ পৰিছে।
--- Page 97 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৯১
আজিৰ দিনটো ইৰাণবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। ইমাম আয়াতুল্লা খোমেনিৰ মৃত্যু
দিৱস। সেই উপলক্ষে টেহৰাণত এটা বিৰাট গণ সমাবেশৰ আয়োজন Fal হৈছে আৰু সেই ৰাজহুৱা
সভালৈ ধৰ্মীয় নেতাসকলো আহিব।
ৰাস্তাইদি গৈ থাকোঁতে মন কৰিলোঁ মানুহ নাই, জনশূন্য বুলিয়েই ক’ব পাৰি। যিটো বিল্ডিঙত
আমাৰ কাৰ্যালয় অৱস্থিত সেইটোও বন্ধ। বাৰ্মাজীয়ে নিৰাপত্তাৰ দায়িত্বত থকা মানুহজনক কালিয়েই
কৈ থৈছিল। সেই অনুসৰি তেওঁ আমাক প্ৰৱেশদ্বাৰ খুলি দিলে।
ই-মেইল চাই আৰু ফোনযোগে খননস্থলীৰ ৰিপৰ্ট ল’লোঁ। অলপ পাছতে আমাৰ কনছালটেন্ট
দুজন আহিল। তেওঁলোকৰ সৈতে দীঘলীয়া আলোচনাত বহিলৌ।
আলোচনা কৰি থাকৌতেই সন্ধিয়া হ’ল। তাৰ পৰা আমি খোজ কাঢ়ি বাৰ্মাজীৰ ঘৰলৈ গ’লোঁ।
অফিছৰ সিপাৰে ভিৰ দেখি বাৰ্মাজীক তাৰ কাৰণ সোধাত ক’লে-এইখন এখন পাৰ্ক, নাম পাৰ্ক-
ই-মিলাড। এটা কথা মই মন কৰিলোঁ যে এওঁলোকে পাৰ্ক, হোটেল আদিৰ নাম ওলোটাকৈ কয়
টেহৰাণৰ অন্য এখন জনপ্ৰিয় স্থান হ’ল বেহেষ্ট-ই-জাহৰা। টেহৰাণক জানিব বা অনুভৱ কৰিবৰ
বাবে হেনে বজাৰ বা আলিবাটত ঘূৰিব নালাগে। তাতোকৈ বেহেষ্ট-ই-জাহৰা ভ্ৰমণ কৰা উচিত। টেহৰাণৰ
এই মুখ্য সমাধিস্থলখন কেইবা কিল’মিটাৰ দীঘল। হয়তো ই একমাত্ৰ সমাধি স্থল যত খোৱা বোৱাৰ
দোকানৰপৰা খেলপথাৰলৈকে সকলো আছে।
বেহেষ্ট-ই-জাহৰাৰ AA আহোঁতে ন’বেল বিজয়ী শ্বিৰীণ ইবাড়িলৈ মনত পৰিল। তেওঁৰ পৰিয়ালৰ
এজন সদস্যকো ইয়াতে সমাধিস্থ কৰা হৈছিল। ছাদ্দাম হুছেইন সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে
তেওঁ খোমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাবে তেওঁক শীতল Vike হত্যা কৰা
হৈছিল। কঠোৰ পৰন্থীৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিৰ যি সংগ্ৰাম সি শলাগিবলগীয়া। তেওঁক বিচাৰপতি
হোৱাৰ পৰা বঞ্চিত কৰ৷ হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন
পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল-মানৱ অধিকাৰ তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল-
য’ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক
বেয়া ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্রণী
ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা
হয়। সকলোকে চমকিত কৰি ইৰাণীবাসীয়ে তেওঁক টেহৰাণ বিমানবন্দৰত বিপুল আদৰণি জনালে।
বাৰ্মাজীৰ ঘৰত এজন ভাৰতীয় গৱেষকক লগ পালোঁ। তেওঁ টেহৰাণ বিশ্ববিদ্যালয়ত ফাৰ্চীভাষাৰ
কোনো এটা বিষয়ত অধ্যয়ন কৰি আছে।
--- Page 98 ---
৯২ অসমীয়া সাহিত্য চয়নিকা (নতুন)
কথাপাতি থাকোতে সময়বোৰ কেতিয়া পাৰ হ’ল গমকে নাপালো। বাৰ্মাজীৰ পত্নীয়ে ৰন্ধা খাদ্য
অতি তৃপ্তিৰে খালোঁ।
নিশা হোটেললৈ ঘূৰি আহৌতে আমাৰ বিপৰীত দিশে এটা বিৰাট যানজঁট দেখিলোঁ। ভাগ্য ভাল
আমি অহা পথটোত ইমান ভিৰ নাছিল।
পাছদিনা আবেলি দুই বজাত আমি ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ-খোমেনি ইণ্টাৰনেশ্যনেল বিমান
বন্দৰলৈ ওলালোঁ। ৰাস্তা প্রায় খালি বুলিয়েই ক’ব পাৰি। চহৰৰ পৰা যথেষ্ট দূৰৈত হোৱা সত্বেও
আজি আমাক বেছি সময় নালাগিল।
ইৰাণ এয়াৰত আমি ডুবাইলৈ যাম। হাতত থকা এটা টোপোলাৰ বাদে বাকীবোৰ লাগেজত দি
আমি আগবাঢ়িলোঁ। হাতত থকা৷ টোপোলাটোৱে যে এনে তিক্ত অভিজ্ঞতা দিব সেয়া পূৰ্বে অনুমান
কৰিব পৰা নাছিলোঁ। চিকিউৰিটি চেক ইনৰ বাবে সোমাওঁতে টোপোলটো লৈ হুলস্থূল লাগিল--
“কি আছে টোপোলাত?’ “Aer ফ্ৰেম’ মই উত্তৰ দিলো। লগে লগে হৈ চৈৰ সৃষ্টি হ’ল চিচা, চিচা !
পিছত আন এজন নিৰাপত্তাৰক্ষী আহি জনালে যে fool নিবলৈ দিব নোৱাৰে।
তেনেতে ইৰাণ এয়াৰৰ এজন কৰ্মচাৰী আহিল। তেওঁক কথাটো বুজাই ক’লো। ওচৰতে ওলমাই
থোৱা খোমেনিৰ ফটোৰ ফ্ৰেমটো দেখুৱাই বুজালে| যে এনেধৰণৰ বস্তু। তেওঁৰ হাতত বিশেষ উপায়
নাছিল। নহ’লে বিমান পলম হৈ যাব। অলপ চিন্তা কৰি তেওঁ ক’লে---লৈ যাওক’। আমি স্বস্তিৰ
নিশ্বাস পেলালোঁ। আধা ঘণ্টা সময় এটা যুগৰ দৰে হৈ পৰিছিল।
মানুহজনৰ প্রতি কৃতজ্ঞ হৈ ধন্যবাদ জনালো--“খে’লে মামনুন।”
“খায়েছ মিক’ নাম”_-তেওঁ উত্তৰ দিলে।
বিদায় টেহৰাণ।
লেখক-পৰিচয় ঃ
ৰথীন্দ্ৰনাথ গোস্বামী (১৯৬৭) ঃ বিজ্ঞান সাহিত্য, কল্প বিজ্ঞান, ভ্ৰমণ কাহিনী, শিশু-সাহিত্যকে আদি-
কৰি বিবিধ প্রবন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান যোগোৱা ৰথীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় যোৰহাটত।
পিতৃ সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী। কটন কলেজৰ পৰা ১৯৮৭ চনত WORE বিষয়ত প্রথম শ্ৰেণীৰ
প্রথম স্থানেৰে স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯১ চনত প্রথম শ্রেণীৰ স্নাতকোত্তৰ
ডিগ্ৰী লাভ কৰে। ১৯৯২ চনত অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী
কালত এই পদৰ পৰা SSA দি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ভূতত্ব্ববিদ হিচাপে যোগদান কৰে।
গোস্বামীদেৱৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল, শিশু সাহিত্য 3 ‘বিদেশী বন্ধুৰ দেশত’, ‘কিংকিনীৰ বিদ্ৰোহ’,
--- Page 99 ---
অসমীয়া সাহিত্য চয়নিকা নেতুন) ৮৩
“চিচিং’, ‘বিজ্ঞানে আনিব জোৱাৰ’, ‘অংক GP পংক’, ‘ৰথীন মামাৰ অংকৰ মজা’, ভ্ৰমণ কাহিনী
ঃ‘মহাসমুদ্ৰৰ সিপাৰে’, ‘সমুদ্ৰিকা’,‘মুম্বাই-সাগৰ সীমনাত ৰৈ’,‘হৃদয় শিখৰৰ প্রতিধ্বনি’, ইশ্বৰৰ উপত্যকাত”
চুটিগল্প-সংকলন ঃ Ae |
‘মহাসমুদ্ৰৰ সিপাৰে’ গ্ৰন্থৰ বাবে গোস্বামীদেৱে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে।
পাঠবোধ ঃ
পাঠটিৰ জৰিয়তে লেখকে ইৰাণৰ ৰাজনীতি, ভূগোল, অৰ্থনীতি আৰু সংস্কৃতিৰ বিষয়ে পাঠকক
এক আভাস দিবলৈ বিচাৰিছে। ইৰাণৰ ৰাজনৈতিক ইতিহাসৰ কথা চমুকৈ উল্লেখ কৰাৰ লগতে ইৰাণৰ
মানুহৰ ব্যক্তিত্ব, খাদ্যাভ্যাস, সাজ-পাৰ আদি নানা দিশৰ নানান তথ্য পাঠটিত আকৰ্ষণীয়কৈ উপস্থাপন
কৰা হৈছে।
শব্দাৰ্থ আৰু টোকা ঃ
wa 3 কিনা।
খিতাপ 2 সন্মান।
ৰ ত 2 ঘূৰণীয়া আকৃতি।
চিচা ঃ Sat |
তটৰেখা £ সাগৰ বা হদৰ বৃহৎ জলভাগ আৰু স্থলভাগৰ সীমাৰেখা।
নীলিম 2 নীলা ৰঙৰ আভাস থকা, নীল বৰণীয়া।
পহিলা 3 প্রথম।
প্রচণ্ড প্রবল, ভয় লগা।
yoy 3 পৃথিৱীৰ অভ্যন্তৰ শিলাখণ্ড, পৃথিৱী পৃষ্ঠৰ শিলাখণ্ড, জীৱাশ্ম আদিৰ বিষয়ে অধ্যয়ন
কৰা বিষয়।
লেকেটা ঃ সহজে ছিগি ভাগি নোযোৱা, লিকটা।
সংকট 3 প্রতিকূল অবস্থা, বিপদ।
সেৰেঙা 3 মাজত বেছি ব্যৱধান থকা, পাতল।
হিজাব 2 মুছলমান মহিলাই মূৰ ঢাকি লোৱা কাপোৰ।
--- Page 100 ---
৯৪ অসমীয়া সাহিত্য চয়নিকা (নতুন)
প্ৰশ্নাৱলী
ভাব-বিষয়ক ঃ
১। চমুকৈ উত্তৰ দিয়া ঃ
(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?
(খ) বুশ্বেৰ কি?
(A) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?
(৬) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
(চ) মেহদি আৰু ঘাছেম কোন?
(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?
(জ) ভেংকি ক’ত থাকে?
(বা) ভেংকিয়ে কি কৰে?
(ঞ) আবুজাৰ কোন?
(G) ‘আগা’ শব্দৰ অৰ্থ কি?
(5) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিছাপে স্বীকৃতি লাভ কৰে?
(ড) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?
(ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল?
(৭) ইৰাণৰ ৰাজধানীৰ নাম কি?
(ত) টেহৰাণত বিমান বন্দৰ কেইটা?
(থ) লেখক থকা CORA হোটেলখনৰ নাম কি?
(দ) ভাৰতৰ প্রায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত?
(ধ) পস্নামবাৰ্জাৰ’ কি?
(ন) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
(A) বেহেষ্ট:'ই-জাহৰা কি?
(ফ) শ্বিৰীন ইবাডি কোন?
(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল?
(ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
(য) ‘কেন্দ’ৰ অৰ্থ কি?
২। তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি?
Ol বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
৫। ইৰাণৰ wows বিষয়ে লিখা।
--- Page 101 ---
অসমীয়া সাহিত্য চয়নিকা নেতুন) চত
vl জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য পুথিৰ সহায়ত লিখা।
৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
w | টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?
>| টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
so] Beis কোম্পানিৰ কাৰ্যালয় ক’ত ক’ত আছে?
১১। ইৰ৷ণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ frat |
১২। বেহেষ্ট'ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা |
so ৷শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
ভাষা-বিষয়ক ঃ
>
x
তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা ঃ
খেলে ARES, Fie ছালাম।
তলত দিয়া শব্দকেইটাৰ প্রতীকী অৰ্থ কি?
চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, WI ছেৰকেহ।
তলত দিয়া শব্দকেইটাত ‘ষ’ আৰু ‘৭’ কিয় প্রয়োগ হৈছে লিখা ঃ
সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।
তলৰ শব্দকেইটাত কি প্ৰত্যয় প্ৰয়োগ হৈছে লিখা ঃ
--- Page 102 ---
alga কন্দলী
একদিনা প্রতি ভকতবৎসল
কৃপাময় দেৱ হৰি।
ৰজনী AICS শুতিয়া আছন্ত
মিছা অপমান কৰি।।
সেহি সময়ত গোপ শিশু যত
আসি বোলে যশোদাক।
খেড়ি খেলাইবাক লাগয় সুন্দৰী
সত্বৰে কৃষ্ণক ডাক।।
শুনিয়া তেখনে নন্দৰ ঘৰণী
কৃষ্ণক ডাকিবে লৈলা।
এত নিদ্ৰা কৰ কিসৰ ভাগৰ
আদিত্য উদয় ভৈলা।।
উঠিয়ো কৃষ্ণ হাৰলি বোপাই
ৰোষ তাপ তেজি মনে।
পুহাইল ৰজনী উঠা যদুমণি
বুলি ডাকে শিশুগণে।।
যশোদাৰ বাণী শুনি চক্ৰপাণি
বোলন্ত নমতা মাৱ।
তোহোৰ আতাই বোপাই বোলন্ত
নুজুৰাই মোৰ গাৱ।।
--- Page 103 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ৯৭
দিন চাৰি পাঞ্চ নুঠিবো নাখাইবো
নাযাইবো গোৰক্ষ স্থানে।
দুৰ্যশ Bore দুখ সুমৰন্তে
নসহে মোৰ পৰাণে।।
মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।।
যত খাও দাও ততো শুকাই যাও
নাহি মোৰ উদগতি।
হাতমৃুষ্টি যেন কঙ্কালখানি যে
বান্ধত ছিগিল অতি।।
নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড
whe sical লীলা কৰি।
সমস্তে জগত প্রতিপাল কৰি
আত্মাৰূপে আছো ধৰি।।
ব্ৰহ্মা আদি কৰি যত চৰাচৰ
মোক সেৱা কৰি যাই।
তোৰ ঘৰে আসি গৰু চাৰি ফুৰো
কৰকৰা ভাত খাই।।
নাৰায়ণ ৰূপে অনন্ত শয্যাত
জলত কৰি শয়ন।
নাভিপদ্ম হন্তে ব্ৰহ্মা উপজাইলো
ভ্ৰজিলো তিনি ভুৱন।।
বেদক পঢ়াইলো তত্ত্বজ্ঞান কৈলো
অজ্ঞান কৰিলো দূৰ
তোহোৰ ঘৰত যতেক Pare
সবে ভৈল মষিমূৰ।
--- Page 104 ---
৯৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
অসুৰৰ ভয়ে পূৰ্বে দেৱগণে
চিন্তিলে গৈয়া আমাক।
চতুৰ্ভুজ ৰূপে আসি তাৱক্ষণে
দেখা দিলো তাসম্বাক।।
মোৰ ৰূপ দেখি চমক লাগিল
ত্ৰিদশ পৰিল ঢলি।
আবে তুমি মোক বিগুটিয়া মাতা
কলীয়া কলীয়া বুলি।।
মোহিনী স্বৰূপে অমৃত পিয়াইলো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
কপিল স্বৰূপে কৰ্দ্দমৰ ঘৰে
হুয়া মই অৱতাৰ।
দেৱহুতি নামে মাতৃক তাৰিলো
কহিয়া তত্ত্ব বিচাৰ।।
বামন স্বৰূপে বলিক ছলিলো
বিশ্বৰূপ দৰশাইলো।
চৰণৰ নখে কটাহ ফুটাইলো
গঙ্গাক আনি নমাইলো।।
সেহি পদজল শিৰত ধৰিল
মহেশ বাটত পাই।
আবে তুমি মোক বিগুটিয়া মাতা
দিয়া মাটি খোৱা দায়।।
আন যত মোৰ মহিমা আছয়
কহিবাক লাগে কিক।
মই হেন পুত্ৰক মাৱ বোলাইবাক
তোহোৰ আছোক ধিক।।
--- Page 105 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন)
কিছু কিছু কৰি দেখিয়া আছাহা
তথাপি কৰা SCA |
এক ক্ষণিতেকে সুৰুতি উৰাইবো
নাথাকোক মোৰ দোষ।।
দেখিলে সুমৰে হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।
তথাপি আমাৰ স্নেহ নজানস
নকৰ মোত বিশ্বাস।
আগেয়ে আছিল তেনয় কৰিবো
দিন চাৰি বাট চাস।
মোহোৰ মুখত লাজ লাগে বৰ
তোহোৰ গুণ কহন্তে
দুই ওঠ ফাটি তেজ বহি যায়
বাশৰ বংশী বজান্তে।
ছয়ৰতি সোণাৰ বংশী গড়ায় নেদ
ৰাজ পটেশ্বৰী হুই।
গাততে পোততে পেটাৰি বান্ধন্তে
ধনত লাগিবে জুই।।
গৰু জাক লাগি অন্ন দি পঠাস
সিয়ো হোৱে একমুঠি।
এক গ্ৰাস খাইলে আউৰ গ্রাসে নাটে
যাও আধাপেটে উঠি।।
গৰু আগুৰন্তে ধাতু যায় মোৰ
কণ্টক বনত বিন্ধি।
চৌপৰ দিনতো লৱৰিয়া ফুৰো
নটুৱা টনাক পিন্ধি।।
৯৯
--- Page 106 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন)
কুটকুৰা চুলি _ পৰে গৰু-ধূলি
কুকুহা পৰিয়া যাই।
গুটাণুটি কৰি জটা বান্ধিলেক
তৈল মাথে দেখা নাই।।
কথাক কহন্তে ত্ৰন্দন আসয়
যত অপমান পাওঁ।
যেবে হওঁ মই সি বাপৰ পুত
তোক তেবে FRE |
কংস মামা মোৰ vist ‘আছয়
আমাক নিব মতাই।
ইটো অপমান সকলে শুজিবো
মথুৰা পুৰীক যাই।।
থাকিবো তাহান পাশ।
আমাক দেখিবে লাগিয়া তোহাৰ
হৈব বৰ হাবিয়াস।।
কৃষ্ণৰ বচন শুনিয়া যশোদা
পুনু মাতে পাশ চাপি।
এৰ হাবিয়াস মোৰ মাখ খাস
নকান্দিবা মোৰ বাপি।।
মই অভাগীৰ ইবাৰ দোষক
মৰষিয়ো বনমালী।
আন কাল যদি দোষ দেখা মোৰ
পাৰিবাহা মোক গালি।।
মাৱৰ কাৰল্য বচন শুনিয়া
সন্তোষিত ভৈল মন।
একে ডেৱে গৈলা কোলাত দড়িয়া
পিবাক লাগিলা wal
--- Page 107 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১০১
পৰম আনন্দে থাকিৱন্ত কৃষ্ণে
চাৰু দান্ত দৰশাই।।
ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা
কৃষ্ণৰ বদন চাই।।
কবি-পৰিচয় ঃ
শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্রভাৱ
সুস্পষ্ট। কন্দলীয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন
নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সহজ-সৰল আৰু প্রাঞ্জল-_
ভাষাত বৰ্ণনা কৰিছে। ইয়াত আ্ৰীকৃষ্ণৰ wag আৰু মানৱ-শিশুত্বৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই
তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্রথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত ঢোপনি
যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰ৷ মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক
কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
পাঠবোধ ঃ
এই পাঠত উদ্ধৃত পাঠটি ‘কাণখোৱা’ পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া
হৈছে। পাঠটিত শিশুকৃষ্ণৰ ইশ্বৰত্বৰ পৰিবৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বৰ্ণিত
হৈছে, যি পঢ়োঁতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ মানবীয়
ৰূপ প্রকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ এঁশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত
সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে।
শব্দাৰ্থ আৰু টোকা ঃ
আসি ঃ আহি।
খেড়ি ঃ খেলা।
ৰজনী ঃ ৰাতি।
প্রভাত ঃ পুৱা।
শুতিয়া ঃ শুই।
ডাক ঃ মাত।
কিসৰ ঃ কিহৰ।
হাৰলি ¢ অতি মৰমৰ।
--- Page 108 ---
১০২ অসমীয়া সাহিত্য চয়নিকা (নতুন)
ৰোষ ঃ খং, SPOS |
তেজি ঃ ত্যাগ কৰি।
পুহাইল ঃ পুৱাল।
ডৰত 3 ভয়তে।
কৰকৰা ভাত ঃ ঠাণ্ডা (বাহি) ভাত।
বেদক পঢ়াইলো ঃ বেদ ভগৱানৰ বাণী বুলি কোৱা হয়। এই বেদ ভগৱানে ব্ৰহ্মাক কৈছিল।
তাসম্বাক £ তেওঁলোকক।
তাৱক্ষণে ঃ তৎক্ষণাৎ।
বিগুটিয়া £ itt কৰা।
ছালিবে ঃ ছলনা কৰিলোঁ।
কটাহ ঃ ঢাকনি বা আৱৰণ। কোনো বস্তুৰ টান বাকলি।
OE 3 মূল AST!
কণ্টক বন ঃ কাঁইটেৰে ভৰা বন।
চৌপৰ ঃ চাৰি প্রহৰ।
নটুৱা £ মতা বা তিৰোতাৰ বেশ লৈ নচা ল’ৰা ।
টনা ঃ দুই মূৰ মোনাৰ দৰে সীয়া এৰীয়া গামোচা।
সেৱালি ঃ প্রণাম; CRT
কাঠবাঁজী £ যি তিৰোতাৰ welt নাই।
FPA £ জপৰা, জবৰা, আউল-বাউল।
এবিধ চৰাই। দেখাত কাউৰীৰ সমান, ডাঙৰ, ইটাবৰণীয়া।
পাশ ঃ কাষ।
বাপি ঃ বোপাই।
খিণ্ডৰে ঃ খণ্ডন বা দূৰ হ’ব।
কপিল ঃ এজন প্রসিদ্ধ মুনি। এওঁ সাংখ্য দৰ্শনৰ প্রবৰ্তক। SUT মুনি আৰু BER মুনিৰ
কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ যাঠি হেজাৰ পুত্ৰ ভস্মীভূত
Bll এওঁক বিষুধৰ আন এক অৱতাৰ বুলিও ধৰা হয়।
বামন ঃ বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওন৷ মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল।
এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে তেওঁক
পাতাললৈ পঠাইছিল।
০ ০০ ০
--- Page 109 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১০৩
দেৱহুতি ঃ স্বায়ংস্ত্ব মুনিৰ কন্যা।
কংস ঃ মথুৰাৰ ৰজা। শ্ৰীকৃষ্ণৰ মোমায়েক। এওঁ কৃষ্ণক শত্ৰুৰূপে চিন্তা কৰি তেওঁৰ হাততে
মৃত্যু বৰণ কৰে।
পৃথু 3 পুৰাণ প্ৰসিদ্ধ এজন বিখ্যাত ৰজা আৰু ৰজা বেনৰ পুত্ৰ; এওঁ এবাৰ দেশত
আকাল হোৱাত গাই এজনীৰ ৰূপ ধাৰণ কৰা পৃথিৱীক খীৰাই প্রজাৰ প্রাণ
ৰক্ষা কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে।
প্ৰশ্নমাৱলী
ভাব-বিষয়ক
>| অতি চমু উত্তৰ দিয়া
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
(6) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
২।
8 |
€ |
v |
4
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।
— এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
“মোহিনী স্বৰপে অমৃত পিয়ালো
সধিলো দেৱৰ কাম।”
-=কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল;
খৰচি মাৰি লিখা।
মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ
নিজৰ কথাৰে বহলাই লিখা।
চমু টোকা লিখা ঃ
(ক) বামন (খ) দেবহুতি (গে) কপিল
(ঘ) Flee কন্দলী (৬) দৈৱকী।
পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।
কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত
বৰ্ণনা কৰা।
--- Page 110 ---
১০৪ অসমীয়া সাহিত্য চয়নিকা (নতুন)
৮। কবিতাটোত ‘কাঠবাঁজী’ বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে
ৰক্ষা কৰিলে?
৯। তাৎপৰ্য ব্যাখ্যা কৰা ঃ
(ক) কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।
(খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
(i) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।।
ভাষা-বিষয়ক ঃ
S| তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা ঃ
(ক) আসি (2) খেড়ি (গ) পুহাইল
(ঘ) নুজুৰাই (ঙ) বিগুটিয়া (চ) কিসৰ।
২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিবর্তন কৰা ঃ
(ক) সুন্দৰী (2) মাতৃ (at) মামা।
©! বিপৰীত শব্দ লিখা ঃ
(ক) বিশ্বাস (খ) দোষ (গ) আনন্দ
(ঘ) অপমান (৬) অমৃত।
--- Page 111 ---
অম্বিকাগিৰী ৰায়চৌধুৰী
ধৰ AY ধৰ ভাই!
আৰু চাবৰ সময় নাই---
ভৰিল কাজল-ছাই।
সাতাম পুৰুষৰ
আহা ! সোণৰ চোতাল ঘৰ
কত যুগৰ ভূঁহুৰ পৰি
আছে যে পোত খাই।
কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে--
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-খণে —
হ’ল এৰে তোৰ সময় হ’বৰ
জাতিৰ Agr যে ভাই৷
হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ
কত যে কি মলি-মামৰ
--- Page 112 ---
১০৬ অসমীয়া সাহিত্য চয়নিকা (নতুন)
ভৰি জাতিৰ জীৱন যায়,--
ধৰ বাড়ু ধৰ ভাই
বীৰ-বেশেৰে ধৰ ANG ধৰ
জাতিৰ জীৱন কৰ মনোহৰ
সাৰি-পুছি চুকে-কোণে
যত যি আছে জাহি-জাবৰ
নহ’লে যে বিশ্ব-সভাত
নহ’ব তোৰ বহাৰ ঠাই।
কবি-পৰিচয় ঃ
অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী কুৰি শতিকাৰ অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়ক, গদ্য-
লেখক, সংবাদসেৱী, আলোচনী সম্পাদক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নিষ্ঠাবান সংগ্ৰামী। তেওঁৰ
জন্ম হৈছিল ১৮৮৫ চনত, বৰপেটাত। তেওঁৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম দেৱকী
দেৱী। বৰপেটাত প্রাথমিক শিক্ষা লাভ কৰি অম্বিকাগিৰীয়ে ১৮৯৯ চনত গুৱাহাটীলৈ আহে আৰু সোণাৰাম
হাইস্কুলত ইংৰাজী শিক্ষা গ্ৰহণ কৰে। স্কুলীয়া শিক্ষা আধৰুৱাতে এৰি তেওঁ স্বদেশী আন্দোলন তথা অন্যান্য
সামাজিক উন্নয়নমূলক কামত যোগ দিছিল। দেশৰ স্বাধীনতা উদ্ধাৰৰ হেতু তেওঁ ডেকা ছাত্ৰসকলৰ সৈতে
লগ-লাগি ইংৰাজী বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰাৰ উপৰি অসহযোগ আন্দোলন আদিতো সক্ৰিয়ভাৱে
অংশগ্ৰহণ কৰিছিল। এনেবোৰ কাৰণতে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। অসহযোগ
আন্দোলনৰ সময়ত কাৰাবাসত ভোগা শাস্তিৰ অভিজ্ঞতাৰে তেওঁ ‘ভাঙিব লাগিব শিল’, ‘ধৰ বাৰু ধৰ ভাই’
আদি গীত ৰচনা কৰি স্বাধীনতা সংগ্ৰামীসকলক অনুপ্রেণা যোগাবলৈ চেষ্টা কৰিছিল।
অম্বিকাগিৰী ৰায় চৌধুৰীয়ে বহুসংখ্যক গীত, কবিতা, গদ্য, নাটক আদি ৰচনা কৰিছিল। তেওঁৰ
উল্লেখযোগ্য কবিতা পুথি হ’ল — ‘তুমি’, ‘বীণা’, ‘অনুভূতি’, ‘বেদনাৰ Car, দেশেই ভগৱান আদি। তেওঁ
‘চেতন৷’ আলোচনীৰ সম্পাদক আছিল। ১৯৫০ চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ তেওঁ
সভাপতি আছিল। ১৯৬৭ চনত তেওঁৰ মৃত্যু হয়।
পাঠবোধ ঃ
age সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মনৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ
ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা
ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে SSA জনাইছে। কবিতাটি
দেশ পৰাধীন হৈ থকা সময়ত কবিয়ে আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটি থকাৰ সময়ত ৰচনা কৰা।
--- Page 113 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১০৭
শব্দাৰ্থ $
কাজল-ছাই £ কলংক, পৰাধীনতা, কালিমা
সোণৰ চোতাল = 3 সোণ অতি মূল্যবান AW সোণৰ দৰেই মূল্যবান চোতাল এখন — যি
এঁতিহ্যৰে ভৰপূৰ।
যুগৰ ভূহুঁৰ 3 সময়ৰ তৰপে তৰপে গোট খাই থকা ভেৰণি। অৰ্থাৎ বহুদিন ধৰি গোট খাই
থকা জাবৰ-জোঁথৰ, মলি ইত্যাদি, পৰাধীনতাৰ কালিমা।
গোলামি ঃ অধীনত থকা। আনৰ তলত থকা — য’ত নিজৰ কোনো ধৰণৰ স্বাধীনতা
TNA |
সাতাম পুৰুষীয়া ঃ সুপ্রাচীন, বহু পুৰুষৰ পৰা চলি অহা।
হিংসা-দ্বেষ ঃ পৰস্পৰৰ প্রতি হিংসা ভাব, খিয়লা-খিয়লি।
চুকে-কোণে 3 অতি ভিতৰণৱা ঠাইত; সকলো ঠাইতে।
প্ৰশ্নাৱলী
ভাব-বিষয়ক ¢
১। অতি চমুকৈ উত্তৰ দিয়া ?
ry
৩
8
৫
(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
(খ) সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে বাড়ু ধৰিবলৈ কৈছে?
(ঘ) কবিয়ে চাই থাকৌতে থাকৌতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
হ'ল এৱে তোৰ সময় হ’বৰ
জাতিৰ were যে ভাই।’
— ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ব্াড়ু্দাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?
নহ'লে যে বিশ্ব সভাত
নহ’ব তোৰ বহাৰ ঠাই।’
-= বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?
| ‘ধৰ বাড়ু ধৰ ভাই’ — কবিতাটিৰ মূলভাৱ লিখা।
| ব্যাখ্যা কৰা ঃ
(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ
--- Page 114 ---
১০৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়।
(খ) ধৰ We ধৰ wes
আৰু চাবৰ সময় নাই -=
ভৰিল কাজল-ছাই।
vl ‘ধৰ Ne ধৰ ভাই’ — কবিতাটোৰ মাজেৰ কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্রৰেমৰ ভাব কিদৰে
প্রকাশ পাইছে লিখা।
ভাষা-বিষয়ক ঃ
১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা ঃ
(ক) হীনে-ঘিণে (খ) ধাৰে-খণে (at) ঘৃণা-ঘৃণি
(ঘ) জাহি-জাবৰ (৬) সাৰি-পুছি (চ) মলি-মামৰ
২। তলৰ শব্দবোৰত মূৰ্ধন্য ‘ণ’’ হোৱাৰ কাৰণ দৰ্শোৱা ঃ
(ক) সোণ (খ) ঘৃণা (গ) খণ
৩। বিপৰীত শব্দ লিখা ঃ
(ক) ঘৃণা (খ) স্বাৰ্থ (1) জীৱন (2) বীৰ।
--- Page 115 ---
বিষাদ যোগ
(কথাগীতা”ৰ পৰা)
Sheu
ধৃতৰাষ্ট্ৰে সঞ্জয়ত প্রশ্ন কৰন্ত “হে সঞ্জয়, মোৰ AK পাণ্ডপুত্ৰসৱ ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইছাই
মিলিত হুয়া কি কৰ্ম্ম কৰিলা--আত মোক কহা।”
সঞ্জয়ে কহন্ত-_“জানা ৰাজা পাণ্ডৱৰ সেনাসৱ বেহুৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুৰ্যোধন দ্ৰোণাচাৰ্য্য
সমীপক যায়া বুলিবে লাগিলা--“হে আচাৰ্য্য, পাণ্ডৱসৱৰ বিস্তৰ সেনা দেখা; Bins পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে
বেহু পাতি আছে। ভীমার্জ্জুনসম মহা PAPE আছে | তাৰ নাম শুনা-- সাত্যকি, বিৰাট, চেকিতান,
কাশীৰাজ, পুৰুজিত, কুন্তীভোজ, যুধামন্যু, দ্ৰৌপদীৰ পাঁচ পুত্ৰ, প্রতিবিন্ধ্যাদি; আৰা সৱে মহাৰথী।
তাৰ লক্ষণ শুনা--যি একে দশ সহস্ৰ ধানুকীক যুবৱৈ তাক মহাৰথী বুলি। আমাৰ সৈন্যৰ যি যি
বিশিষ্ট সেনাপতিসৱ তাক কহো, তুমি সাৱধানে শুনা। গুৰু দ্ৰোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ
অগ্রগণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত পুত্ৰ ভূৰিশ্ৰবা। আনো বিস্তৰ বীৰসৱ মোৰ অৰ্থে প্রাণকে এড়িবে
Bal কৰিছে। সৱে নানা অস্ত্ৰত নিপুণ, সৱে যুদ্ধত বিশাৰদ। এহি বীৰসৱ যুক্ত হুইতেও, ভীষ্ম সেনাপতি
সৰ্ব্বভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষৌহিণী সেনায়ো পাণ্ডৱসমে যুবিয়ে সমৰ্থ হেন প্রকাশ নকৰিলা।
ই সাত অক্ষৌহিণী পাণ্ডৱসেনা ভীমমাত্ৰ ৰক্ষিতে হুয়ো আমাক যুবি৷বে সামৰ্থ হেন প্রকাশ কৰে। এতেকে
তোৰাসৱে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা। সমুখে যুৰিতে কেহো যেন পাছত
প্ৰহাৰ নকৰে। ভীষ্মক জীৱনে আমাৰ GA) এমনে বহুমানযুক্ত বচন ৰাজাৰ শুনি মহাপ্ৰতাপী কুৰুবীৰ
CIC ৰাজাক হৰিষ কৰিতে সৰ্ব্ব প্রাণীৰ ভয়ঙ্কৰ সিংহ সদৃশ মহানাদ কৰিলা, উচ্চ কৰি শঙ্খ বজাইলা।
এমনে সেনাপতি ভীস্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শঙ্খ, ভেৰী, আনক, গোমুখ আদি নানা বাদ্য
বজাইলা; তাৰ মহাশব্দ ভৈল।”
--- Page 116 ---
১১০ অসমীয়া সাহিত্য চয়নিকা (নতুন)
“আবে পাণ্ডৱসৱৰ যুদ্ধোৎসৱ শুনা। শুক্লবৰ্ণ চাৰি হয়, মহাৰথত উঠি কৃষ্ণাৰ্জ্জুনে দিব্য শঙ্খ বাইলা
তাৰ নাম শুনা। কৃষ্ণে পাঞ্চজন্য শঙ্খ ফুঙ্কিলা। অৰ্জ্জুনে দেৱদত্ত শঙ্খ ফুঙ্কিলা। পৌণ্ডুক নাম মহাশঙ্খ
ভীমে ফুঙ্কিলা। অনন্ত নাম মহাশঙ্খ যুধিষ্ঠিৰে বজাইলা। নকুলে সুঘোষ নামে শঙ্খ বাইলা। সহদেৱে
মণিপুষ্পক ধ্বনি কৰিলা। কাশীৰাজ, সাত্যকি, ধৃষ্টদুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ পাঞ্চপুত্ৰ, সুভদ্ৰাৰ
পুত্ৰ অভিমন্যু আৰাসৱে পৃথকে পৃথকে শঙ্খ বাইলা। সেই শঙ্খৰ মহাশব্দ আকাশ পৃথিৱী সমে দশোদিশ
পূৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মাইলা, হৃদয় বিদাৰ কৰিল৷।”
“পাছে কপিধ্বজ অৰ্জ্জুনে কৌৰৱ সৈন্যক যুদ্ধ সমুখ দেখি অস্ত্ৰ-বৃষ্টিয়ে পূৰিবে লাগিলা। গাণ্ডীৱ
ধনু ধৰি হৃষীকেশ ভগৱন্তক এহি বাক্য বুলিলা--হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মোৰ ৰথক
ৰাখিও, যাৱে FAS বীৰসৱক চাঞে৷। বুলিবা তুমি যুবান্তাসে যুদ্ধ চোৱা GNA, তাত শুনা। মঞি
কাৰ সমে যুদ্ধ কৰিম। দুৰ্বুদ্ধি দুৰ্যোধনৰ প্ৰীতি কৰিবাক Sale যি যি বীৰসৱ আসি আছে তাৰাক চাঞে,
তাৱত দুই সেনাৰ মাধ্যম ৰথক ৰাখিবা।”
সঞ্জয়ে বোলন্ত__-“জানা ৰাজা, অৰ্জ্জুনৰ এহি বাক্য শুনি জ্ৰীকৃষ্ণেসকল ৰাজাৰ মধ্যত ভীম্ম, দ্ৰোণ
সমুখত ৰথক ৰাখি বুলিবে লাগিল৷---হে পাৰ্থ, কুৰুবীৰসৱক চক্ষু মেলি দেখা’ তাতে অৰ্জ্জুনে পিতৃব্য,
পিতামহ আচাৰ্য্য, মাতুল, ভ্ৰাতৃ, পুত্ৰ, পৌত্ৰ, সখি, শশুৰ, সুহৃদসৱক দুই সেনাত দেখিলা। সেহি সকল
বন্ধুসৱ যুদ্ধক ইছাই সমুখে থাকিবাৰ দেখি পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাদুঃখে শ্ৰীকৃষ্ণক বুলিলা। ‘হে
কৃষ্ণ, এই জ্ঞাতিসৱ যুবিতে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰ-চৰণাদি ভাগি যায়, মুখো শুখায়,
শৰীৰো কাম্পে, ৰোম শিহঁৰয়, দেখা গাণ্ডীৱ ধনু হাতৰ খসি পৰে, চৰ্ম্মো তাপ কৰে। আচোক Bates
আগত ৰহিবে নপাৰো, মনো মহাভ্ম হয়, বিমঙ্গলসৱ দেখো। ওপৰত শগুণ ফুৰে, শৃগালো আৰাৱ
কৰে। যুদ্ধত স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইছা নাই, সুখক
নবাঞ্ছো। হে গোবিন্দ; আমাৰ ৰাজ্য ভোগত কিবা প্রয়োজন? যি বন্ধুসৱৰ অৰ্থে আমৰা ৰাজ্যভোগ
ইছা কৰি সি বন্ধুসৱ প্রাণত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপস্থিত হুয়া আছে তাক শুনা। আচাৰ্য্য, পিতৃব্য,
পিতামহ, মাতুল, শগশুৰ, “Hel সম্বন্ধীসৱ। আৰা যদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিতে
যোগ্য নয়। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও নবধি, পৃথিৱীৰ পদে বধিবো, তাক কি বুলিম? হে জনাৰ্দ্দন,
ধৃতৰাষ্ট্ৰ পুত্ৰসৰ বধিলে আমাৰ কি প্ৰীতি হৈব? যদ্যপি আৰা আমাক বিষ দিতে চাইছে, অগ্নিও দিছে,
ধন সৰ্বস্ব হৰিছে, ৰাজ্যভাৰকো কাঢ়ি নিয়া আছে, ভাৰ্য্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুবিছে-_
এই ছয় দোষত আততায়ী। অৰ্থ-শাস্ত্ৰৰ মতে আততায়ীক বধিলেও দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰৰ মতে
আৰাক বধিলে আমাক দোষে পাইব। এতেকে ধৃতৰাষ্ট পুত্ৰসৰ আমাৰ বান্ধৱ, তাৰাক বধিতে আমাৰ
ভাল নহে, যাতো বন্ধুসৱ বধক অন্যায় অধৰ্ম দেখি। হে মাধৱ, বন্ধুসৱ বধি কেমনে ইহলোক সুখী
হইবো? যদ্যপি আৰা লোভত থাকি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপক নেদেখে, তথাপি আমি সেই
--- Page 117 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১১১
দোষ দেখি কেনে পাপত নিবৃত্তি নহৈবো? আৱে সেহি দোষক শুনা--কুলক্ষয় হৈলে কুলধৰ্ম নষ্ট
হৈব, ধৰ্ম নষ্ট ভৈলে অৱশিষ্ট কুলকো অধৰ্মে ব্যাপিব। অধৰ্মে ব্যাপিলে কুলস্ত্ৰীসৱ দুষ্টা হৈব। Bl
দুষ্ট হৈলে <a হৈব, কুল নৰকগতি হৈব, তেৱে পিতৃসৱ লুগ্তপিণ্ড জলাঞ্জলিহীন হুয়া পৰিব।
এহি দোষে সৱে জাতিধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হুয়া মনুষ্যসৱ নৰকত বাসা কৰিব। তাক আমি
শ্ৰুতিত শুনিছি। অহো, কি কষ্ট। মহাপাপ কৰিতে আমি নিচয় কৰিলো। ৰাজ্যসুখ লোভে স্বজন বধিতে
আমি উদ্যত ভৈলো ৷’ এমনে মহাপাপ কৰি মৰিবে নিচয় কৰন্ত ‘মঞি অস্ত্ৰ নধৰি মৌনে ৰহো। তবে
দুৰ্য্যোধনাদি যদি অস্ত্ৰ ধৰি মোক বধে তেবে মোৰ মহা প্ৰিয় হয়, যাতো পাপ নিসিজিব।”’
সঞ্জয়ে কহন্ত “জানা ৰাজা, যুদ্ধৰ সমুখত অৰ্জ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা,
ৰথৰ উপৰত বসিলা।”
লেখক-পৰিচয় ঃ
RIMS (১৫৫৮--১৬৩৮) 3 অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ
ভাগৱত ভট্টাচাৰ্য্য। কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্রাম নিৱাসী চন্দ্ৰভাৰতীৰ তেওঁ দ্বিতীয় পুত্ৰ
বুলি জনা যায়। পিতৃৰ নিৰ্দেশানুক্ৰমে তেওঁ শ্ৰীদামোদৰদেৱত শৰণ লয়। ভাগৱতত বিশেষ ব্যুৎপত্তি
আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য
উপাধি লাভ কৰে। গুৰুৰ নিৰ্দেশমতে সৰ্বসাধাৰণে বুজিব পৰাকৈ কথাত গেদ্যত) ভট্টদেৱে ‘ভাগৱত
পুৰাণ’, ‘গীতা’ আৰু ‘ভক্তি ৰত্নাৱলী’ ৰচনা কৰে। ইয়াৰ উপৰি অসমীয়া ভাষাত ‘শৰণ মালিকা”,
‘গুৰু বংশাৱলী’, “APPA আৰু সংস্কৃত ভাষাত ‘ভক্তিসাৰ’ আৰু ‘ভক্তিবিৱেক’ ৰচনা কৰে। ভট্টদেৱৰ
পূৰ্বে কোনেো৷ উত্তৰ ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচিত হোৱা নাছিল। ভট্টদেৱে অসমীয়া গদ্যত
OSA কথা ৰচনাৰ আৰ্হি দেখুৱাই গ’ল। তেওঁৰ গদ্য অৱশ্যে বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদ্য নহয়;
তেওঁ সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল--ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান।
বিষাদ যোগ’ পাঠটি ‘কথাগীতা’ৰ পৰা তুলি দিয়া হৈছে।
পাঠবোধ ঃ
TOMY ভাৰতীয় সাহিত্যৰ উচ্চ পৰ্যায়ৰ গভীৰ তত্ত্ব বিষয়ৰ এখনি গ্ৰন্থ। ভট্টদেৱে অনুবাদ
কৰা ‘কথাগীতা’ৰ এই ‘বিষাদ যোগ’ অধ্যায়ত কৌৰৱ বাহিনীৰ সৈতে কুৰুক্ষেত্ৰ ৰণৰ সমুখ সমৰত
উপস্থিত হৈ অৰ্জুন কেনেকৈ বিষাদগ্ৰস্ত হৈছিল, আপোন মানুহৰ সৈতে যুদ্ধ নকৰোঁ বুলি কেনেকৈ
ধনুশৰ পেলাই দিছিল তাৰ আভাস আছে। অৰ্জুনৰ মনোজগতৰ অভ্যন্তৰৰ বিষাদবোধ পাঠটোৰ মূল
বিষয়।
--- Page 118 ---
১১২
অসমীয়া সাহিত্য চয়নিকা (নতুন)
শব্দাৰ্থ আৰু টোকা ঃ
অগ্রগণী ঃ মুখ্য, প্রধান।
অক্ষৌহিণী ঃ এক অকঙ্ষৌহিণীত xs, ৮৭০ ৰথ আৰু হাতী, ৬৫,৬১০ ঘোঁৰা আৰু ১,০৯,৩৫০
পদাতিক বীৰ থাকে।
কপিধ্বজ _; যাৰ ধ্বজ বা পতাকাত বান্দৰৰ প্রতীক আছে।
জনাৰ্দ্দন ঃ দুষ্টজনক অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণ বা AQP জনাৰ্দ্দন বোলে।
জলাঞ্জলিহীন £ জলাঞ্জলিৰ অৰ্থ তৰ্পন কৰোঁতে দুই হাতেৰে আঁজলি ভৰাই দিয়া পানী। জলাঞ্জলিহীন
শব্দটোৱে তেনে তৰ্পন নকৰা বা নোহোৱা অৱস্থাটোক বুজাইছে।
ধানুকী 3 ধনুৰ্ধৰ বীৰ।
নয় 8 নহয়।
নিবৃত্তি ঃ বিষয় বাসনা ত্যাগ কৰি সংসাৰৰ কাৰ্য বা চিন্তাৰ পৰা আঁতৰি অহা অবৱস্থা।
পুৰি 3 পূৰ্ণ কৰি।
বৰ্ণসঙ্কৰ £ ভিন ভিন জাতিৰ স্ত্ৰী-গুৰুষৰ মিলনত জন্মা সন্তান।
বৰ্ণাশ্ৰম ধৰ্ম ঃ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ -- এই চাৰি বৰ্ণ বা জাতিৰ ব্ৰহ্মচৰ্য গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু
সন্যাস-=- এই চাৰি আশ্ৰমৰ শাস্ত্রবিহিত ধৰ্ম।
ject ; যুদ্ধৰ কাৰণে প্রণালীবদ্ধৰূপে সজাই থোৱা অৱস্থা।
লুপ্তুপিণ্ড ঃ যাৰ পিণ্ড লোপ হয়।
হৃষীকেশ _; ইন্দ্ৰিয়ৰ গৰাকী, ইন্দ্ৰিয়ৰ অধিপতি। জিতেন্দ্ৰিয়। কৃষ্ণ বা fae অন্য নাম।
প্ৰশ্নাৱলী
ভাব-বিষয়ক ঃ
১। চমু উত্তৰ দিয়া s
(ক) মহাৰথী কাক বোলে?
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
(ঘ) সেনাপতি ভীম্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
(৬) আততায়ী কাক বোলে?
(চ) কুলক্ষয় দোষ কি?
--- Page 119 ---
eG yw
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১১৩
তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে feet |
অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই আ্ৰীকৃষ্ণক কি ক’লে
তোমাৰ নিজৰ কথাৰে লিখা।
কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
“জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা........|”
এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে
লিখা।
ভাষা-বিষয়ক ঃ
১
তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ঃ
নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি, বিমঙ্গল, বান্ধৱ।
তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ঃ
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।
ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
--- Page 120 ---
হেমচন্দ্ৰ গোস্বামী
আৰ্য-শিক্ষাৰ মূলমন্ত্ৰ মোক্ষ লাভ হ’লেও তাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে
বিধান কৰিছে। প্রতি মানুহৰ পুৰুষাৰ্থক চাৰিভাগে ভাগ কৰিছিল, যেনে--ধৰ্ম, অর্থ, কাম আৰু মোক্ষ।
মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ
নিমিত্তে ধৰ্ম, অৰ্থ আৰু কাম এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল। অনেকে ভুল কৰে যে হিন্দুৰ
শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা। ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হ’লেও অনাসক্ত
ভোগকহে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। প্রাচীন ভাৰতবৰ্ষত বিশ্ববিদ্যালয়বিলাক কেনেকৈ সৃষ্টি
হ’ল সেই কথা ক’বলৈ গ’লে আৰু অনেক ক’ব লাগে। সেইদেখি এইখিনিতে আমি সেইবিলাকৰ
নাম আৰু তাত কেনেকৈ ছাত্ৰবিলাকক পঢ়াইছিল তাকেহে মাত্ৰ উল্লেখ কৰিম। আজিলৈ অনুসন্ধানৰ
ফলত জানিব পৰা গৈছে যে প্ৰাচীন ভাৰতত এই ছটা বিশ্ববিদ্যালয় আছিল, যেনে---তক্ষশীলা,
শ্ৰাধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী।
তক্ষশীলাত যি বিশ্ববিদ্যালয় আছিল, সি খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ
তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা,
চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় খষিয়ে
আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’ এই অন্ৰেয় মুনিৰে ছাত্র আছিল। এই বিদ্যালয়তে
জীৱকে সাত বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিদ্যালয়ত
পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্বিয়া আৰু মগধ দেশৰ পৰাও
ছাত্র আহি পঢ়িছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ’ল, তেতিয়া ইয়ালৈ
চীনদেশৰ পৰাও বহুত ছাত্র আহি পঢ়িছিল।
--- Page 121 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১১৫
শ্ৰাধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতী নগৰৰ ওচৰত আছিল, ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ
শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ো খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ
প্রধান শিক্ষক আছিল নাগাৰ্জুন।
নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকণাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়
খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে বৰ্তমান হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে
দহ হাজাৰ ছাত্র আছিল। শীলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ
আছিল। ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত,
চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্ম্যবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ যিটো পুথিভঁৰাল আছিল
সি ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল। সেই পুথিভঁৰালটো ন-তলীয়া আছিল আৰু
তাৰ নাম আছিল ৰত্নোদধি। শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্রেণী বহিব পাৰিছিল। এই
বিশ্ববিদ্যালয়ৰ ছাত্রবিলাক ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। সাতশ বছৰৰ ভিতৰত এজন
ছাত্ৰৰো অশিষ্টাচাৰৰ কথা উল্লেখ নাই। দেশ-বিদেশৰ ছাত্র আহি নালন্দা ভৰি পৰিছিল, কিন্তু তাৰ
শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্রৱেশ লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ত
যেতিয়া চীনদেশৰ পৰিৱাজক য়ুয়ানচ্যাঙে যোগশাস্ত্ৰ পঢ়ে তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই
তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে। নালন্দাৰ বিহাৰৰ ঠাইখন এতিয়া
আৰ্কিয়োলজিকেল ডিপাৰ্টমেণ্টে খানি চোৱাত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যোৱা এটা পোৰা-মাটিৰ
মোহৰ পোৱা গৈছে। কোনে ক’ব যে এই মোহৰটো ভাস্কৰ বৰ্মাই য়ুয়ানচ্যাঙক নিমন্ত্ৰণ কৰা পত্ৰৰ
মোহৰ নহয়?
উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল; কিন্তু খ্ৰীষ্টীয় চম শতাব্দীতহে
ই বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক
মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত নষ্ট কৰিলে।
বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। খ্ৰীষ্টীয় চম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে।
এই বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। এই বিদ্যালয় ৪০০
বছৰৰ পাছত নষ্ট হয়। ছাত্র থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস
আছিল; তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।
উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত
ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ
জ্যোতিষশাস্ত্ৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্রখ্যাত আছিল।
--- Page 122 ---
১১৬ অসমীয়া সাহিত্য চয়নিকা (নতুন)
আৰর্যশিক্ষাৰ ৬৪ কলাবিদ্যাৰ শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া ১১ টা বিভাগত
দিয়া হৈছিল। ( ) সাহিত্য, ( ) গৃহপাল বিদ্যা, ( ) ৰন্ধন বিদ্যা, () সাজ-সজ্জা আৰু পৰিচ্ছদ
বিদ্যা, ( ) হাতেৰে কাম কৰা বিদ্যা, ( ) শিল্প বিদ্যা, ( ) বিজ্ঞান, ( ) সংগীত বিদ্যা, ( +) নাট্য
বিদ্যা, (_) শিষ্টাচাৰ বিদ্যা, (_) শাৰীৰিক ব্যায়াম বিদ্যা।
ওপৰত কোৱা কথাৰ পৰা আপোনাসকলে ভালকৈ দেখিছে যে অন্যান্য সভ্যদেশত ছাত্ৰৰ
শিক্ষাৰ নিমিত্তে যি aude কৰিছিল, এই দেশতো তাতকৈ কোনোমতে কম বন্দৱস্ত কৰা নাছিল।
আগৰ কালৰ ছাত্ৰবিলাকে শিক্ষা লাভ কৰি নানা বিষয়ত যেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন OG
আৰু সত্য আবিষ্কাৰ কৰিছিল, এতিয়ানো ভাৰতবৰ্ষৰ ছাত্ৰই কিয় তেনে সত্য আবিষ্কাৰ কৰিবলৈ
সমৰ্থ নহয়? যদিওবা দুই-এজনে ক’ৰবাত দুই-এক তত্ত্ব আবিষ্কাৰ কৰিছে, সি Wa নহয়। তেনেহ’লে
কি ছাত্ৰ কি অভিভাৱক সকলোৱে এবাৰ ভাবি চোৱা উচিত নহয় নে যে এনে হ'বৰ কাৰণ কি?
যদিওবা গৱৰ্ণমেণ্টে বছৰি কোটি কোটি টকা আমাৰ ল’ৰাৰ শিক্ষাৰ নিমিত্তে খৰচ কৰিছে আৰু
যদিও লাখে লাখে ল’ৰাই শিক্ষা লাভ কৰিব লাগিছে তথাপি কিয় আজিকালি স্বাধীন চিন্তা কৰি
নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা ইমান কম? মোৰ ক্ষুদ্ৰ বুদ্ধিয়ে যিমান ঢুকি পাইছে, এনে
হ’বৰ প্রধান কাৰণ হৈছে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। আগৰ কালৰ
শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই
তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।
হেমচন্দ্ৰ গোস্বামী 8 ১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত জন্ম। পিতৃ ডম্বৰুধৰ
গোস্বামী। হেমচন্দ্ৰ গোস্বামীয়ে নগাঁৱত স্কুলীয়া শিক্ষা লৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজত বি. এ.
পৰ্যন্ত পঢ়ে। অসমত চৰকাৰী চাকৰি কৰি ই, এ. চি. ৰূপে অৱসৰ লয় ১৯২৫ চনত। অ. ভা. উ.
সা. সভাৰ লগত জড়িত হৈ থকা কালতে ‘জোনাকী'ৰ সম্পাদক হৈছিল। এওঁৰ ‘প্ৰিয়তমাৰ চিঠি’
প্রথম অসমীয়া ছনেট ৷ কবিতা-সংকলন ‘ফুলৰ vie’) ‘কথা-গীতা’, ‘পুৰণি অসমৰ বুৰঞ্জী’, ‘অসমীয়া
সাহিত্যৰ চানেকি’, ‘কামৰত্নতন্তৰ’ আদি উল্লেখযোগ্য ৰচনা। অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনৰ
(১৯২০) সভাপতি। এওঁৰ বিশেষ যত্নত ‘হেমকোষ’ অসমীয়া অভিধান ছপা হয়।
অসমীয়া সাহিত্যত প্ৰত্নতাত্বিক গৱেষণা আৰু প্রাচীন পুথি সম্পাদনাৰ অন্যতম পথ-প্ৰদৰ্শক
ৰূপে সুপৰিচিত। ১৯২৮ চনত মৃত্যু হয়।
পাঠবোধ ঃ পাঠটিত ভাৰতবৰ্ষৰ প্রাচীন কালৰ শিক্ষা-ব্যৱস্থাৰ আভাস দিয়া হৈছে। বিশেষকৈ
সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম, শিক্ষক-ছাত্ৰৰ আচৰণৰ আভাস দিয়াৰ লগতে
--- Page 123 ---
অসমীয়া সাহিত্য চয়নিকা (নতুন) ১১৭
বৰ্তমানৰ শিক্ষাৰ ব্যৱস্থাৰ সৈতে প্রাচীন ভাৰতীয় শিক্ষাৰ এটি তুলনাও কৰা হৈছে৷ বৰ্তমান শিক্ষা
ব্যৱস্থাত দেখা দিয়া কেৰোণসমূহৰ চমু Velen পাঠটোত আছে। শিক্ষাৰ যি চিৰন্তন উদ্দেশ্য, সেই
উদ্দেশ্য সম্পৰ্কে ছাত্ৰসমাজক উপলব্ধি কৰিবলৈ পাঠটোৰ জৰিয়তে আহ্বান জনোৱা হৈছে।
শব্দাৰ্থ আৰু টোকা ঃ
মোক্ষ ঃ সংসাৰ বন্ধনৰ পৰা আতৰি অহা অৱস্থা অৰ্থাৎ নিৰ্বাণ, মুক্তি।
পুৰুষাৰ্থ 2 ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ — পুৰুষৰ প্ৰয়োজনীয় এই চতুৰ্বৰ্গ, চেষ্টা বা যত্ন।
পাণিনি ঃ সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা। এওঁৰ সংস্কৃত ব্যাকৰণখন আঠটা অধ্যায়ত
সম্পূৰ্ণ বাবে নামো ‘অষ্টাধ্যায়ী’। আদিৰ পৰা অন্তলৈকে ব্যাকৰণখনি সূত্ৰৰে বন্ধা।
চাণক্য $ মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। ৰাষ্ট্ৰবিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ
IE | এওঁৰ আন দুটি নাম বিষ্ণুগুপ্ত আৰু কৌটিল্য। ‘অৰ্থশাস্ত্ৰ’ হ'ল তেওঁৰ বিশ্ববিখ্যাত
গ্ৰন্থ।
প্ৰশ্নাৱলী
ভাব-বিষয়ক 3
১। চমু উত্তৰ লিখা ?
(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।
(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল?
(গ) নাগাৰ্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?
(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা
হৈছিল? নিমন্তণ কৰা ৰজাজন কোন?
(৬) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?
(>) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল?
২। প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ fret
Ol প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।
8| আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা
কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
৫। আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা
কৰা।
vl চমুটোকা লিখা 2
তক্ষশীলা বিশ্ববিদ্যালয়, বিক্ৰমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়।
--- Page 124 ---
১১৮ অসমীয়া সাহিত্য চয়নিকা (নতুন)
৭। প্রাচীন ভাৰতীয় শিক্ষা’ প্রবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।
ভাববিষয়ক 2
S| বাক্য ৰচনা কৰ৷ ঃ$
(ক) স্বাধীন চিন্তা (খ) জ্যোতিষশাস্ত্ৰ (গ) পোৰা মাটি
(ঘ) বাহিৰে-ভিতৰে।
২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা ঃ
শিক্ষাগাৰু বিদ্যালয়; পুৰুষাৰ্থ
js
Saturday, August 2, 2025
SEBA Class X অসমীয়া সাহিত্য চয়নিকা (নতুন) Textbook
Subscribe to:
Post Comments (Atom)
SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook
SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook জাতি/জনগোষ্ঠী আদিপাঠ কাছাৰৰ জনগোষ্ঠীসকল কোচ ৰাজবংশীসকল চাওতালসকল চাহ জন...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
-
ভাৰতৰ ৰাজনৈতিক দল অনুশীলনীৰ প্রশ্নোত্তৰ অতি চমু প্রশ্নোত্তৰ প্রশ্ন ১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰঃ চীন। প...
-
fetch() is a modern API in JavaScript used to make network requests, typically to fetch resources from a server. It returns a Promise that...
No comments:
Post a Comment