js

Monday, October 27, 2025

SEBA CLASS X ASSAMESE (MIL): জিকিৰ আৰু জাৰি, আজান ফকিৰ Question and Answer

 

জিকিৰ আৰু জাৰি, আজান ফকিৰ

 

Lesson Question and Answer

 

 

১। চমু উত্তৰ দিয়াঃ

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰঃ জিকিৰৰ ৰচক হ’ল আজান ফকিৰ ।

 

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা আরু স্তুতিগীতৰ লগত তুলনা কৰইব পাৰি ।

 

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

উত্তৰঃ ‘জিকিৰ’ শব্দতো ‘জিক্‌র্‌’ শব্দৰ পৰা ওলাইছে ।

 

২। তলৰ শব্দবোৰৰ অর্থ লিখাঃ

ৰছুল, মোমিন, ৰহম, কুটুব

উত্তৰঃ

ৰছুল – দেৱদূত, আল্লাৰ দূত

মোমিন – বিশ্বাসী মুছলমান

ৰহম – দয়া

কুটুব – ধ্রুৱ নক্ষত্র

 

৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ।

-   ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।

উত্তৰঃ

প্রশ্নত উল্লেখ কৰা কথাষাৰ আজান ফকিৰে তেওঁৰ ‘জিকিৰ আরু জাৰি’ কবিতাত উল্লেখ কৰিছে । আজান ফকিৰে আল্লাকে একমাত্র জীৱনৰ গৰাকী বুলি ভাবিছিল । ইছলামীয় লোক সকলে মক্কাকে অতি পবিত্র ঠাউ বুলি ভাৱে সেয়ে তেওঁ ইয়াৰ দ্বাৰা কব বিচাৰিছে ।

    মানুহৰ তথা জীৱৰ একমাত্র গৰাকী হৈছে আল্লা আরু তেওঁহে মানুহক সংসাৰৰ সাগৰৰ পৰা পৰিত্রাণ কৰিব পাৰে । ইছলামধর্মী লোকসকলৰ কাৰণে মক্কস অতি পবিত্র স্থান, যাৰ সৈতে হজৰত মহম্মদৰ স্মৃতি জড়িত হৈ আছে । একমাত্র ইছলামত বিশ্বাসীসকলৰ বাবেহে ৰছুল বা দেৱদূতৰ সহযোগত সংসাৰ আগৰৰ পৰা পৰিত্রাণ লাভ কৰিব পাৰি । ভটিয়নিৰ সময়ত মাছে বিশেষকৈ সরু মাছবিলাকও (দৰিকা) ইয়াৰ শত্রু শাল-শ’লৰ সৈতে সহৱস্থান কৰি জলৰ সন্ধান কৰাৰ দৰেই ইহ জগতৰ জাগতিক দুখৰ পৰা পৰিত্রাণ লাভৰ কাৰণে জীৱই একমাত্র আল্লাত বিশ্বাস ৰাখি পৱিত্র মক্কালৈ যোৱাৰ আশা কৰে, যদিও পাৰ্থিৱ মায়া-মোহৰ প্রতিবন্ধকতাই তেনে কৰাত প্রায়ে বাধা প্রদান কৰে । সংসাৰৰ জটিল জীৱন যাত্রাত একমাত্র আল্লাৰ ওপৰত বিশ্বাস ৰাখিহে মৃত্যু ভয় নেওচি মুক্তিৰ পথৰ অগ্রসৰ হোৱাটো সম্ভৱ । সংসাৰ যাত্রাৰ রূপক স্বরূপে শাল-শ’লৰ সৈতে দৰিকাৰ ৰিজনি (ৰিজোৱা) দিয়া হৈছে । আল্লাৰ ওচৰত সরু-বৰ, ধনী-দুখীয়াৰ, পাপী-পুন্যবান সকলো সমান । তেওঁ সকলোৰে কর্তা, সকলোৰে নিয়ন্তা । গতিকে মক্কাৰ দুৱুৰত জীৱৰ সরু-বৰ নাই, সকলো সমান ।

    ইয়াৰ দ্বাৰা তেওঁ আল্লাৰ চকুত যে সকলো সমান, আল্লাহে মুক্তিৰ পথৰ সন্ধান দিয়ে আরু আল্লাহে যে সকলোৰে কর্তা তাকে কব বিচাৰিছে ।

 

৪। ব্যাখ্যা করাঃ

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত ।

খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ।

উত্তৰঃ

উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তর্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আরু জাৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

    ইয়াৰ দ্বাৰা কবিয়ে ইছলামী ধর্মৰ বিশ্বাসী লোকসকল যে ভগৱানৰ নৰ অৱতাৰ তাকে কব বিচাৰিছে ।

    মানুহৰ তৃষ্ণা দূৰ কৰে পানীতে, দেহৰ শীতলতা দূৰ কৰে অগ্নিয়ে । কিন্তু ইয়াত কবিয়ে দাঙি ধৰা বক্তব্য তাৰ সম্পূর্ণ বিপৰীত । যি পানীয়ে মানুহৰ তৃষ্ণা দূৰ কৰে সেই পানীয়েই নিজৰ তৃষ্ণা দূৰ কৰিব নোৱৰা আরু অগ্নিয়ে শীতলতা দূৰ কৰিব নোৱৰা কথাটো ৰহস্যধৰ্মী । ইয়াত কবিয়ে পাৰ্থিৱ মায়াৰ বশৱৰ্তী হ’ল যে মানুহৰ ভোগতৃষ্ণা কেতিয়াও দূৰ নহয়, বৰঞ্চ বাঢ়েহে, তাৰ ইঙ্গিত দিছে । পাৰ্থিৱ মায়াত বন্দী হৈ আল্লাৰ দূত ৰছলৰ কথা পাহৰি থকা, আল্লাৰ স্মৰণ কৰিবলৈ পাহৰি থকাটো অন্যায় । কাৰণ, ইছলামধৰ্মত বিশ্বাসী লোকসকলৰ মাজতেই নৰরূপত উভয়ে অৱস্থান কৰি আছে । তেওঁলোকক বাহিৰত সন্ধান কৰাৰ প্রয়োজন নাই ।

    কবিয়ে ইয়াৰ দ্বাৰা মানুহকে ভগৱান বুলি কৈছে আরু মোমিন সকলৰ লগত কবিয়ে ভগৱানক বিচাৰি পোৱা কথা কৈছে ।

 

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট ।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ।।

উত্তৰঃ

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তর্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আরু জাৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

    মায়াই কেনেকৈ মানুহৰ মুক্তিৰ বাট ভেটি ধৰে তাকে ইয়াৰ দ্বাৰা কবি গৰাকীয়ে কব বিচাৰিছে ।

    মক্কা হজৰত মহম্মদৰ স্মৃতি বিজৰিত ইছলামধর্মীসকলৰ পবিত্র তীর্থস্থান । আৰৱ দেশৰ পৰাই তীর্থস্থানলৈ জীৱনত এবাৰ হ’লেও যোৱাৰ প্রতিজন ইছলামধর্মী লোকৰ থাকে । এইটো তেওঁলোকৰ কাৰণে অতি পবিত্র কর্তব্য রূপে বিৰচিত ।

    মক্কাৰ দুৱাৰতেই পবিত্র তীর্থস্থান অৱস্থিত । হিন্দুসকলৰ কাৰণে ত্রিবেণী অর্থাৎ গঙ্গা, যমুনা আরু সৰস্বতীৰ সংগমস্থলৰ লেখীয়াকৈ মক্কাৰ দুৱুৰো ইছলামধর্মীসকলৰ কাৰণে অতি পবিত্র । ঘাটত নাৱৰীয়াই যাত্রী পাৰ কৰাৰ দৰে এই ত্রিবেনী ঘাটতেই জীৱই পাৰ্থিৱ মায়া বন্ধনৰ পৰা মুক্তি লাভ কৰি মুক্তিৰ পথত অগ্রসৰ হোৱাৰ প্রয়াস কৰে । অৱশ্যে মায়াৰ প্রভাৱে মানুহক সংসাৰৰ প্রতি অত্যাধিক আকৰ্ষন কৰি ৰখাৰ কাৰণে পাপ-পুন্যৰ দোমোজাত পৰি মায়াধীন জীৱই পথ হেরুৱায় আরু পুনৰ মায়াত আবদ্ধ হয় । মুক্তিৰ দুৱাৰত উপস্থিত হৈয়ো মুক্তিলাভৰ পৰা বঞ্চিত হয় ।

    মক্কা আরু ত্রিবেনী দৰ্শনৰ যোগেদি মানুহে মায়াময় পৃথিৱীৰ পৰা মুক্তি পাব পাৰে আরু এই সংসাৰৰ মায়া ত্যাগ নকৰিলে সেই পথ লাভ কৰিব নোৱাৰে পুনৰ আহি আকৌ মায়াতে বান্ধি হয়, তাকে কবিয়ে ইয়াৰ দ্বাৰা প্রকাশ কৰিছে । 

 

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি ।

দেও মাৰি পাৰ হ’ল এৰিলে পিৰীতি ।

উত্তৰঃ

উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তর্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আরু জাৰি’ কবিতাটোৰ পৰা তুলি অনা হৈছে ।

    মানুহৰ দেহত সোমাই থকে আত্মাৰ বিষয়ে ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।

    সজাত পুহি ৰখা মইনা চৰাইৰ দৰেই দেহরূপী সজাত জীৱ বা আত্মাই বিচৰণ কৰি থাকে । সজাত মইনাই নানা ধৰণৰ মাত মাতি গৃহস্থক সন্তোষ দিয়াৰ দৰেই জীৱৰ আচৰণে মানুহক সুখী কৰে যদিও জীৱৰ অনুপস্থিতিত মইনাবিহীন সজাৰ দৰে ইদেহৰ কোনো গুরুত্ব নাথাকে । দেহৰ সৈতে আত্মাৰ সম্পর্ক খন্তেকীয়া । জীৱৰ কর্মবন্ধন দূৰ হ’লেই নিত্য বিচৰণশীল আত্মাই দেহ ত্যাগ কৰে, মানুহে জীৰ্ণ বস্ত্র ত্যাগ কৰাৰ দৰেই আত্মাই জীৰ্ণ দেহ ত্যাগ কৰি আঁতৰি যায় । তেতিয়া আরু দেহৰ সৈতে তাৰ কোনেও সম্পর্ক নাথাকে, সজাত্যাগী মইনাৰ দৰেই ই তেতিয়া মুক্ত ।

    ইয়াৰ দ্বাৰা কবিয়ে মানৱ দেহৰ অন্তর্নিহিত আত্মাৰ অবিনশ্বৰতাৰ কথা ক’বলৈ প্রয়োগ কৰি এনেদৰে উল্লেখ কৰিছে ।

 

(ঘ) দেওমাৰি পাৰ হৈ জীৱই আছে চাই ।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই ।

উত্তৰঃ

 উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তর্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আরু জাৰি’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

    ইয়াৰ দ্বাৰা কবিয়ে জীৱ নহ’লে যে ভেলটোৰ কোনেও মূল্য নাই তাকে এই কবিতাফাঁকি মাধ্যমেদি প্রকাশ কৰিছে

    আত্মা অবিনশ্বৰ । জীৱৰ কর্মবন্ধনৰ অন্ত পৰিলেই আত্মাই দেহ ত্যাগ কৰি আঁতৰি যায় । তেতিয়া আরু দেহৰ সৈতে তাৰ কোনো সম্পর্ক নাথাকে । দেহ তেতিয়া নিৰ্জীৱ, ভেলত পৰিণত হয় । জীয়াই থাকোতে মানুহে যি দেহক লৈ অহংকাৰ কৰে, গর্ব কৰে। সেয়া যে ক্ষন্তেকীয়া, তেতিয়াহে উপলব্ধি কৰিবলৈ সক্ষম হয় । মানুহে জীৰ্ণ বস্ত্র ত্যাগ কৰি নতুন বস্ত্র পৰিধান কৰাৰ দৰেই জীৱয়ো পুৰণি দেহ ত্যাগ কৰি নতুন দেহ ধাৰণ কৰে । এয়ে জগতৰ চিৰন্তন ৰীতি । মৃত্যুৰ পিছত দেহৰ কোনো গুরুত্ব নাথাকে, বিলাই বিপত্তিৰো সীমা নাথাকে । কবিয়ে জীৱসমূহৰ মৃত্যুৰ পিছত ভেলৰ বিলাই বিপত্তি সম্পর্কে সচেতন কৰি দি মানুহক দেহৰ বিষয় লৈ অহংকাৰ নকৰিবলৈ সতর্ক কৰি দিছে ।

    জীৱিত দেহা যে আত্মা ওলাই গ’লে এডাল কাঠ হৈ পৰে, দেহৰ যে কোনো মূল্য নাই তাকে ইয়াৰ দ্বাৰা কবিয়ে প্রকাশ কৰিছে ।

 

(ঙ)  ৰহমৰ  গিৰিহঁত তুমি আল্লা চাহাব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

উত্তৰঃ

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ সন্নিবিষ্ট আজান ফকিৰ ‘জিকিৰ আরু জাৰি’ কবিতাটোৰ পৰা তুলি অনা হৈছে ।

    অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ গীতসমূহৰ যথেষ্ট গুরুত্ব আছে । আজান পীৰ বা শ্বাহ মিলনৰ নামত গীতসমূহ প্রচলিত । হিন্দু আরু ইছলাম উভয় সম্প্রদায়ৰ লোকৰমাজতেই জিকিৰসমূহে গুরুত্ব লাভ কৰিছে । গীতসমূহ শংকৰদেৱৰ নৱ বৈষ্ণৱ ভক্তি ধর্মৰ প্রভাৱৰ পৰা মুক্ত নহয় । ইয়াত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ বিশেষকৈ দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায় ।

    আল্লা হৈছে দয়া বা করুনাৰ প্রতিমূর্তি । তেওঁৰ প্রতি থকা ভক্তিৰ যোগেদিয়ে জীৱই সংসাৰ সাগৰৰ পৰা পৰিত্রাণ লাভ কৰিব পাৰে । মানৱৰ সংসাৰ যাত্রা অতি কষ্টকৰ । ৰোগ, শোক, জৰা, বাৰ্দ্ধক্য, অপায়, অমঙ্গলে মানৱৰ পার্থিৱ জীৱন জুরুলা কৰি ৰাখে । এই জীৱনত সুখ-শান্তিৰ বাবে একমাত্র আল্লাৰ করুণা আরু দয়াৰ প্রয়োজন । তাৰ বাহিৰে জীৱই কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে । জীৱৰ সংসাৰ সাগৰৰ পৰা পৰিত্রাণ লাভৰ একমাত্র উপায় হৈছে হৰিভক্তি, যাক ইছলাম ধৰ্মত আল্লাৰ দোৱা বুলি কোৱা হৈছে । এই জগতৰ একমাত্র গৰাকী হৈছে আল্লা । গতিকে তেওঁৰ করুণা লাভৰ কাৰণে ভক্তি কৰা একান্ত বাঞ্চনীয় ।

 

(চ) চিন্তা হেৰা মন মোৰ আল্লাৰে নামত

ভজো হেৰা মনবোৰ গুরুৱে পাৱত ।

উত্তৰঃ

উদ্ধিত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ সন্নিবিষ্ট আজান ফকিৰ ‘জিকিৰ আরু জাৰি’ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

    আজান ফকিৰে অসমত নৱ বৈষ্ণৱ ভক্তি ধর্মৰ প্রভাৱৰ পৰা আঁতৰি থকা লোকসকলক ইছলামী ধর্মৰ অধীনলৈ আনিবৰ কাৰণে হিন্দু ধর্মৰ থলুৱা আচাৰ নীতিৰ সৈতে ইছলাম ধর্মৰ কিছুমান নীতি-নিয়মৰ সংযোজন ঘটাই জিকিৰ নামৰ এক শ্রেণীৰ আধ্যাত্মিক নীতিৰ সূচনা কৰিছিল । এই গীতবোৰত দেহ বিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰ দৰেই মনৰ নিয়ন্ত্রণৰ ওপৰত গুরুত্ব দিয়া হৈছে । মানৱজীৱন মনৰ দ্বাৰা নিয়ন্ত্রিত । সেয়ে মনটোক আল্লাৰ চিনা কৰিবৰ বাবে আহ্বান জনোৱা হৈছে । ভাৰতীয় আধ্যাত্মিকতাৰ গুরুত্ব স্থান অতি উচ্চ । দেহ বিচাৰৰ গীত, টোকাৰী গীত, চৰ্যা গীত প্রভূতিত থকাৰ দৰেই জিকিৰতো গুরুৰ পাৱত মনটো ভজিবৰ কাৰণে কোৱা হৈছে । ভাৰতীয় লোক জীৱনত গুরুত্ব প্রভাৱ অসীম । গুরুৰ অবিহনে জ্ঞান, জ্ঞানৰ অবিহনে ভক্তি আরু মুক্তি মার্গত অগ্রসৰ হ’বলৈ ভক্তিৰ আশ্রয় গ্রহণ কৰাটো অতি প্রয়োজন । উদ্ধিত জিকিৰটোত মনৰ ওপৰত দিয়া গুরুত্ব মন কৰিবলগীয়া । মনেই মানুহৰ সুখ-দুখৰ একমাত্র কাৰণ । সেয়ে, সাংসৰিক সুখৰ বাবে আল্লাৰ নাম লোৱা উচিত ।

 

১। সমার্থক শব্দ এটাকৈ লিখাঃ

চিন্তো – চিন্তা করোঁ ।

ঘাট – নৈ বা সাগৰৰ পাৰ ।

পিৰীতি – প্রেম ।

আচমান – আকাশ

 

R.G. Question Bank: (HSLC পৰীক্ষাৰ প্রশ্নসমূহ)

 

A.  অতি চমু প্রশ্নাৱলীঃ মূল্যাংক – ১ নম্বৰকৈ

 

১। ‘মোমিনৰ’ অর্থ কি?   

উত্তৰঃ ‘মোমিনৰ’ অর্থ হ’ল বিশ্বাসী মুছলমান ।

 

B.চমু প্রশ্নাৱলীঃ মূল্যাংকন ২/৩ নম্বৰকৈ ।

১। চমুটোকা লিখাঃ

আজান ফকিৰ

উত্তৰঃ আজান ফকিৰঃ

জিকিৰৰ সৰহভাগেই “আজান ফকিৰ” বুলি বিখ্যাত শ্বাহ মিলন নামৰ এগৰাকী ইছলামধর্মী সাধু পুরুষৰ দ্বাৰা ৰচিত । এওঁ অসমলৈ আহে কোনোৰমতে আজমীৰৰ পৰা আরু কোনোৰে মতে আৰৱ দেশৰ পৰা । এই গীতসমূহৰ ৰচনাৰ সময় দুটা বুলি অনুমান কৰা হয়- ১৬৩৪ খ্রীষ্টাব্দ আরু ১৭৩৪ খ্রীষ্টাব্দ । ড সূৰ্যকুমাৰ ভূঞাই এখন বুৰঞ্জীত পোৱা মতে গদাধৰ সিংহৰ দিনৰ রূপাই দা ধৰা নামৰ এজনে ১৬৮৪ চনত আজান ফকিৰৰ চকু কাঢ়ে । গদাধৰ সিংহৰ ৰাজত্ব কাল ১৬৮১ – ১৬৯৬ চন । সেয়ে, জিকিৰৰ তাৰিখ সঠিকভাৱে কোৱা টান । সাধাৰণ লোকৰ বিশ্বাস অনুসৰি জিকিৰসমূহ আজান ফকিৰৰ দ্বাৰা ৰচিৰ । আহোম ৰজাই রূপাই দা ধৰাৰ কথা শুনি তেওঁৰ চকু কঢ়ায় । কিন্তু পাছত তেওঁৰ ধর্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌ মুখৰ শৰাগুৰি চাপৰিত মাটি বৃত্তি দি থয় । তাতেই চাহাবৰ মৃত্যু হয় ।

    অসমৰ বৈষ্ণৱ ধর্মৰ লগত আজান ফকিৰ চাহাবৰ প্রবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায় । অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আরু লোকগীতৰ প্রতি ধ্বনি শুনা যায় ।

 

অতিৰিক্ত প্রয়োজনীয় প্রশ্নাৱলীঃ-

A.      অতি চমু প্রশ্নাৱলী (মূল্যাংকন ১ নম্বৰকৈ)

১। আজান ফকিৰৰ প্রকৃত নাম কি আছিল ?

উত্তৰঃ আজান ফকিৰৰ প্রকৃত নাম হ’ল- শ্বাহ মিলন ।

 

২। ‘জিকিৰ গীত’ কোন ধৰ্মাৱলম্বীৰ মাজত প্রচলিত?

উত্তৰঃ ‘জিকিৰ গীত’ মুছলমান ধৰ্মাৱলম্বীৰ লোকৰ মাজত প্রচলিত ।

 

৩। জিকিৰত উল্লেখ থকা ‘আদম’ কোন?

উত্তৰঃ জিকিৰত উল্লেখ থকা ‘আদম’ হ’ল আদিম মানুহ, আল্লাৰ সৃষ্ট প্রথম মানৱ ।

 

৪। জিকিৰত প্রধানকৈ কিহৰ ওপৰত গুরুত্ব দিয়া হৈছে?

উত্তৰঃ জিকিৰত প্রধানকৈ ধর্ম অর্থাৎ আল্লাৰ বা ঈশ্বৰৰ ওপৰত গুরুত্ব দিয়া হৈছে ।

 

৫। মক্ক কি?

উত্তৰঃ মক্ক হ’ল ইছলাম ধৰ্মাৱলী লোকৰ পবিত্র তীর্থস্থান ।     

 

৬। ‘আজান ফকিৰ’ক কি বুলি আখ্যা দিয়া হয় ?

উত্তৰঃ ‘আজান ফকিৰ’ক আজান পীৰৰ বুলি আখ্যা দিয়া হয় ।

 

৭। ‘জিকিৰ গীত’ জনপ্রিয় হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ জিকিৰ গীতবোৰে জাতি-বর্ণ-ধর্ম-ভাষা নির্বিশেষে সকলোৱে গাব পাৰিছিল বাবে গীতবোৰ জনপ্রিয় হৈ পৰিছিল ।

 

৮। ‘ৰহমত গিৰিহঁত’ শব্দ দুটাই কি বুজাইছে ?

উত্তৰঃ ‘ৰহমত গিৰিহঁত’ শব্দ দুটাই হিন্দু আরু মুছলমানক বুজাইছে ।

 

৯। মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?

উত্তৰঃ মক্কাৰ দুৱাৰত তিৰ্‌বেণী ঘাটৰ কথা কোৱা হৈছে ।

 

১০। তিৰ্‌বেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে ?

উত্তৰঃ তিৰ্‌বেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে ।

 

১১। শব্দার্থ লিখাঃ

উত্তৰঃ

ৰহম – দয়া ।

দৰিয়া – সাগৰ, নদী ।

সঞ্চাৰ – চলা, সিঁচা ।

তিৰবেনী – গঙ্গা, যমুনা আরু সৰস্বতীৰ সংগম স্থল, পবিত্র ঠাই ত্রিবেনী ।

আচমান – আকাশ ।

কুটুব – ধ্রুৱ নক্ষত্র ।

ভেল – দেহ, শৰীৰ ।

ভজো – ভজন কৰা ।

খোদা – ঈশ্বৰ ।

দৰিকা – এবিধ মাছ ।

পাৱত – চৰণত, ভৰিত ।

বেহাব – বেপাৰ কৰিব ।

অগ্নি – জুই ।

মইনা – এবিধ চৰাই ।

 

B.চমু প্রশ্নাৱলী (মূল্যাংক ২/৩ নম্বৰকৈ)

 

১। জিকিৰ বোৰক কি গীত বুলি ক’ব পাৰি ?

উত্তৰঃ জিকিৰবোৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ । এই শব্দটো ‘জিক্‌ৰ্‌’ শব্দৰ পৰা ওলাইছে । ‘জিকিৰ’ শব্দৰ মূল অর্থ স্মৰণ কৰা, উল্লেখ কৰা, আল্লাৰ নাম, গুণ বা প্রশংসাৱলী পুনঃ পুনঃ উচ্চাৰণ কৰা । সেয়ে মুছলমানসকলৰ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি । এই অর্থত ইয়াক ইছলামসকলৰ ভকতীয়া গীত বুলিও ক’ব পাৰি । ইছলাম ধর্মৰ মূল তত্ত্ববৰ এই গীতৰ মাজত নিহিত হৈ আছে ।

 

২। ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত ।’

-   এইফাঁকি কথাৰ ‘ৰছুল’ আরু ‘মোমিন’ শব্দ দুটাৰ অর্থ লিখা ।

উত্তৰঃ প্রশ্নত উল্লেখ কৰা ‘ৰছুল’ শব্দৰ অর্থ হ’ল- দেৱদূত, ঈশ্বৰ প্রেৰিত পুরুষ, আল্লাৰ দূত আরু ‘মোমিন’ শব্দৰ অর্থ হ’ল- বিশ্বাসী মুছলমান ।

 

C.দীর্ঘ বা ৰচনাধর্মী প্রশ্নাৱলীঃ (মূল্যাংকন ৪/৫ নম্বৰকৈ)

১। ‘জিকিৰ আরু জাৰি’ পাঠটিৰ গুরুত্ব কি বুলি ভাবা বুজাই লিখা ।

উত্তৰঃ অসমত নৱবৈষ্ণৱ ভক্তি ধর্ম প্রচাৰৰ উদ্দেশ্যে মহাপুরুষ শংকৰদেৱ আরু মাধৱদেৱে হৰিনাম শ্রৱণ-কীৰ্তনত অধিক গুরুত্ব আৰোপ কৰিছিল । বৰগীত আরু অন্যান্য আধ্যাত্মিক ভাৱসম্পন্ন লোকগীত বিশেষকৈ দেহ বিচাৰৰ গীত, টোকাৰী গীত, গোঁসাই নাম আদিয়ে জনজীৱনৰ ওপৰত গভীৰ প্রভাৱ বিস্তাৰ কৰিছিল ।

    ঠিক তেনেদৰে ইছলামধর্মৰ লোকৰ মাজত ধর্মৰ ভাৱ জগাবৰ বাবে লোকগীতৰ আধাৰ লৈ আজান ফকিৰ বুলি বিখ্যাত শ্বাহ মিলন নামৰ এগৰাকী ইছলামধর্মী সাধু পুরুষে জিকিৰ আরু জাৰীসমূহ ৰচনা কৰিছিল । এওঁ অসমলৈ অহা কোনোৰ মতে আজমীৰ পৰা আরু কোনো কোনোৰমতে আৰৱ দেশৰ পৰা । এই গীতসমূহৰ ৰচনাৰ সময় দুটা বুলি অনুমান কৰা হয়- ১৬৩৪ খ্রীষ্টাব্দ আরু ১৭৩৪ খ্রীষ্টাব্দ । আজান ফকিৰক আহোম ৰজা গদাধৰ সিংহই রূপাই দা ধৰাৰ কথা শুনি তেওঁৰ চকু কঢ়াইছিল । পিছত তেওঁৰ ধর্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ স’ৰাগুৰি চাপৰিত তেওঁক মসজিদ্‌ সাজি দিয়ে আরু তাতে তেওঁৰ মৃত্যু হয় ।

    আজান ফকিৰ দ্বাৰা লিখিত এই গীতবোৰকে মানুহে ‘জিকিৰ’ বুলি বিশ্বাস আরু নামাকৰণ কৰিছিল । এই গীতবোৰ জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো লোকে গাব আরু শুনিব পাৰিছিল । জিকিৰসমূহ ৰচনা কৰাত ধর্মীয় আরু সাম্প্রদায়িক সম্প্রীতিত ই গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । ছাত্র-ছাত্রী সকলৰ মাজত ধর্মীয় সহিষ্ণুতা, সাম্প্রদায়িক সম্প্রীতি আরু সমন্বয়, উদাৰ মানৱীয় দৃষ্টিভংগী, দইয়া, প্রেম, প্রভূতি ভাবৰ সম্প্রসাৰণৰ প্রতি লক্ষ্য ৰাখি জিকিৰ পাঠটি পাঠ্যক্রমৰ অন্তর্ভুক্ত কৰা হৈছে ।

 

Marking Questions And Answers:

অতি চমু প্রশ্নঃ

১। জিকিৰসমূহৰ অন্তর্নিহিত বিষয় কি?

উত্তৰঃ ইছলাম ধর্মীয় নীতি আরু তত্ত্বই জিকিৰসমূহৰ অন্তর্নিহিত বিষয় । লগতে, ভালেমান জিকিৰত সংসাৰৰ অনিত্যতাৰ বর্ণনা দাঙি ধৰা হৈছে ।  

 

২। জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়?

উত্তৰঃ জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায় ।  

 

৩। জাৰি গীতত কিহৰ ঘটনা বর্ণিত হৈছে? ‘জাৰি’ শব্দৰ প্রকৃত অর্থ কি?

উত্তৰঃ জাৰিসমূহ মূলতঃ করুণ ৰসাত্মক গীত । ইয়াৰ মূল অর্থ হৈছে- বিলাপ । ইয়াত কাৰবালাত ঘটা হাছান হোছেনৰ মৃত্যুৰ ঘটনা বর্ণিত হৈছে ।

 

৪। জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্রবেশ কৰিছে ?

উত্তৰঃ জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আরু ফাৰ্চীমূলীয় শব্দৰ প্রৱেশ ঘটিছে ।

 

৫। কোনে আজান ফকিৰৰ চকু কাঢ়িছিল ?

উত্তৰঃ রূপাই দা ধৰাই আজান ফকিৰৰ চকু কাঢ়িছিল ।

 

চমু উত্তৰ দিয়াঃ ২/৩ নম্বৰকৈ

১। চুফীবাদ কি?

উত্তৰঃ চুফীবাদ বা ৰহস্যবাদ পৰমার্থ বিষয়ক জ্ঞান আরু আধ্যাত্মিক চিন্তাৰ এক বিশেষ ধাৰা । ইছলাম ধর্মত তত্ত্বজ্ঞান লাভ কৰি ঐশ্বৰিক প্রেমৰ মাধ্যমেদি মুক্তি লাভ সম্ভৱ বুলি ইয়াত বিশ্বাস কৰা হৈছে ।

 

২। চুফী শব্দতোৰ উৎপত্তি সম্পর্কত কি কি মত পোৱা যায় ?

উত্তৰঃ ‘চুফী’ শব্দৰ উৎপত্তি সম্পর্কে বিভিন্ন মত পোৱা যায় । সেয়া হৈছে-

(ক) কোনো কোনোৰ মতে ‘চফচ’ শব্দৰ পৰা ‘চুফী’ শব্দৰ উৎপত্তি হৈছে ।

(খ) ফাৰ্চী ভাষাত বগা  উলক ‘সুফ’ বোলে । গতিকে যিসকলে নিজকে পাৰ্থিৱ অপবিত্রতাৰ পৰা নিজকে মুক্ত কৰিছে, তেওঁৱেই চুফী ।

(গ) আন এটা মত অনুসৰি, যিয়ে ভোগবিলাস পৰিহাৰ কৰি সহজ-সৰল জীৱন-যাপন কৰিছে, সেয়ে চুফী ।

 

৩। চুফীকাব্যৰ মূল প্রেৰণা কি?

উত্তৰঃ ভাৰতীয় প্রেমভক্তিৰ চুফীবাদৰ আধ্যাত্মিকতা আরু নৈতিকতাৰ প্রভাব পৰিছে । গজল গীতিয়ে এসময়ত ভাৰতীয় সংগীত জগতত বিশেষভাৱে প্রভাৱিত কৰিছিল । পিছত, হিন্দু আরু মুছলমান উৎস কবিয়েই এই মতবাদৰ আধাৰত কাব্য ৰচনা কৰিবলৈ ধৰে ।

 

৪। চুফী প্রেম কেনেধৰণৰ ?

উত্তৰঃ চুফীসকলৰ প্রেম একনিষ্ঠ । তেওঁলোকে জগতৰ প্রতি অণু-পৰমাণুৰ মাজতো প্রিয়তমাৰ সুখৰ সোন্দৰ্য উপলব্ধি কৰে ।

 

৫। চুফীসকলে কোনটো দিশৰ ওপৰত অধিক গুরুত্ব দিয়ে?

উত্তৰঃ চুফীসকলে ইছলামৰ সিদ্ধান্ত মানি চলিলেও ৰহস্যবাদী দিশটোৰ ওপৰতহে অধিক গুরুত্ব আৰোপ কৰা দেখা যায় ।

 

৬। চুফীসকলৰ প্রতীক প্রয়োগৰ গুরুত্ব কোনখিনিত ?

উত্তৰঃ চুফীসকলে পৰআত্মাৰ সৈতে আমাৰ আকুল কামনাক বিবিধ উপমা প্রতীক আদিৰ জৰিয়তে সুন্দৰভাৱে ফুটাই তোলাৰ ওপৰত অধিক গুরুত্ব দিয়া দেখা যায় ।

 

৭। চুফী সাহিত্যৰ প্রকৃতি কেনেধৰণৰ ?

উত্তৰঃ চুফী সাহিত্য প্রেমৰ সাহিত্য; নাৰী সৌন্দৰ্যই এনে প্রেমৰ ঘাই আধাৰ । চুফী সাহিত্যত সংসাৰখনক মদিৰালয় আরু মদিৰাক প্রেমৰ সৈতে তুলনা কৰা হৈছে । পাৰ্থিৱ প্রেমৰ মাজেদি অপাৰ্থিৱ প্রেমৰ স্তৰত উপনীত হোৱাই এনে কাব্যৰ মূল বিষয় ।

 

৮। অসমত কোনে ইছলাম ধর্ম প্রচাৰ কৰে?

উত্তৰঃ আজানপীৰ চাহাবেই অসমত ইছলাম ধর্মৰ প্রথম প্রৱৰ্তক । অৱশ্যে তেওঁৰ ধর্মত কোৰান প্রভাৱতকৈ পুৰাণৰ প্রভাৱ অধিক । অসমৰ পৰম্পৰাগত লোকগীতৰ আধাৰতেই তেওঁৰ জিকিৰসমূহ ৰচনা কৰি উলিয়াইছে ।

 

৯। জিকিৰবোৰ কি কি থলুৱা উপাদান নিহিত হৈ আছে ?

উত্তৰঃ আজানপীৰে শংকৰদেৱৰ দ্বাৰা প্রচাৰিত নৱবৈষ্ণৱ ভক্তিধর্মৰ প্রভাৱৰ পৰা মুক্ত, থলুৱা লোকসকলক ইছলাম ধর্মত সামৰি ল’বৰ কাৰণে চেষ্টা কৰিছিল যদিও তেওঁ পাৰিপাৰ্শ্বিকতাৰ পৰা সম্পূর্ণ মুক্ত হ’ব পৰা নাছিল । সেয়েহে, হিন্দু ধর্মৰ থলুৱা আচাৰ নীতিৰ লগতে বিহুগীত, দেহবিচাৰৰ গীত, টোকাৰী গীত আদিৰ আৰ্হিত ইছলাম ধর্মৰ কেতবোৰ নীতি-নিয়ম সন্নিবিষ্ট কৰি জিকিৰ নামৰ এক শ্রেণীৰ গীত ৰচনা কৰিছিল ।

 

১০। অসমৰ সাংস্কৃতিক জীৱনত জিকিৰসমূহৰ গুরুত্ব কেনেধৰণৰ ?

উত্তৰঃ অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ আরু জাৰিসমূহৰ গুরুত্ব সর্বাধিক । হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ লোকেই এই গীতসমূহ আনন্দেৰে গায় ।

 

১১। আজান পীৰৰ পৰিচয় দিয়া ।

উত্তৰঃ আজান পীৰৰ আচল নাম হ’ল শ্বাহ মিলন আরু তেওঁ সুদূৰ বাগদাদৰ পৰা হাজো হৈ শিৱসাগৰলৈ আহে আরু গদাধৰ সিংহৰ দিনত তেওঁক দিখৌ নৈৰ পাৰৰ সৰাগুৰি চাপৰিত আশ্রয় দিয়া হয় ।

 

১২। জিকিৰসমূহত কি কি গীতৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায় ?

উত্তৰঃ জিকিৰসমূহৰ সৈতে বৈষ্ণৱ ধর্মৰ কেতবোৰ দিশত সাদৃশ্য দেখা যায় । অনেক জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ সুৰ শুনিবলৈ পোৱা যায় । দুই এটি গীতত দেহ বিচাৰৰ গীত আরু টোকাৰী গীতৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায় । উদাহৰণস্বরূপে-

দুনিয়াই এদিনৰ    দুনিয়াই দুদিনৰ

    দুনিয়াই ফলনিবাৰী

কত যে চলে বলে    কৰ তই দুনিয়াই

    ধৰিবি খেৱালী সাৰি ।

 

৩। জিকিৰৰ ৰচনা আরু গায়ন পদ্ধতিৰ সৈতে কি অনুষ্ঠানৰ সাদৃশ্য দেখা যায় ? ইয়াত কিহৰ মহিমা ঘোষিত হৈছে?

উত্তৰঃ জিকিৰসমূহ ৰচনা আরু তাৰ গায়ন পদ্ধতিৰ সৈতে নাম কীৰ্তন পৰিৱেশৰ সাদৃশ্য দেখা যায় । জিকিৰবোৰ যেনেদৰে হাত চাপৰি মাৰি গোৱা হয় তাৰ নিদৰ্শন নাম কীৰ্তনৰ প্রভাৱত পৰা গ্রহণ কৰা যেন অনুমান হয় । জিকিৰতো ঠায়ে ঠায়ে কালিমা আরু নামৰ মহিমা ঘোষিত হৈছে ।

 

১৪। জিকিৰত নামৰ গুরুত্ব কেনেধৰণৰ ?

উত্তৰঃ মহাপুরুষীয়া ধর্মত নামৰ ওপৰত অধিক গুরুত্ব দিয়া হৈছে । জিকিৰতো নামৰ গুরুত্ব মন কৰিবলগীয়া ।

জীৱৰ সাৰথি নাম ঐ আল্লা

         জীৱৰ সাৰথি নাম

    সদগুরুক ভেটিবা আল্লাক চিনিবা

         তেহে পাবা ভকতিত মান ।

 

No comments:

Post a Comment

ASSEB| CLASS 10| HINDI (MIL)| SOLVED PAPER - 2025| ASSAM BOARD

  ASSEB| CLASS 10| HINDI (MIL)| SOLVED PAPER - 2025| ASSAM BOARD 2025 HINDI (E) GROUP – A + B Full Marks: 100 Pass Marks: 30 Time: 3 hours ...