Redirect Image

js

Monday, October 27, 2025

SEBA CLASS X ASSAMESE (MIL): প্রশস্তি, কবি ৰঘুনাথ চৌধুৰী Question and Answer

 

প্রশস্তি, কবি ৰঘুনাথ চৌধুৰী

মূল পাঠঃ

উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা
    দশোদিশ উদ্ভাসিত কৰি,
নৱ কিশলয়দলে চামৰ ধুলাই
    প্রকৃতিক আনিলে সাদৰি ।

কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ
আনন্দত প্রাণ টলমল,
মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
    দিছে যাচি প্রেম-পৰিমল

উঠে তরু শিৰে শিৰে বন-বিহঙ্গৰ
    ছন্দভৰা সুমধুৰ তান-
জল স্থল অন্তৰীক্ষ সকলোতে যেন
    দেৱতাৰ মহা অভিযান ।

কৰি দীর্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ
    শেষ হ’ল মহা কালৰাত্রি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,
    উঠা যত মুক্তি পথজাত্রী ।

মোহন কীচক বেণু অনাহত ছন্দে
    গায় মহামহিমৰ গান-
মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ
    সুন্দৰৰ কৰা রূপধ্যান ।

প্রশ্নাৱলীঃ

১। অতি চমু উত্তৰ দিয়াঃ

(ক) ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়?
উত্তরঃ ৰঘুনাথ চৌধুৰীক ‘বহগী কবি’ কবি বুলি জনা যায় ।

(খ) ৰঘুনাথ চৌধুৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।
উত্তরঃ ৰঘুনাথ চৌধুৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল- ‘সাদৰী’ (১৯১০) আরু ‘কেতেকী’ (১৯১৮) ।

(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তরঃ সূৰ্যৰ পোহৰে পোহৰাই তোলা ধৰণীত গছ-বনে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে ।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তরঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ।

(ঙ) জল, স্থল আরু ক’ত কবিয়ে দেৱতাৰ মহা অভিযান চলিছে?
উত্তরঃ জল, স্থল আরু অন্তৰীক্ষ বা আকাশত কবিয়ে দেৱতাৰ মহা অভিযান চলিছে ।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তরঃ মহামহিমৰ গান মোহন কীচক বেণুৱে বতাহত গায় বুলি কবিয়ে কৈছে । 



২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।

উত্তরঃ ‘প্রশস্তি’ নামৰ কবিতাটোত কবি ‘ৰঘুনাথ চৌধাৰী’ দেৱে প্রকৃতিৰ বিভিন্ন বস্তু ন-রূপত পৰিস্ফুট কৰিছে । কবিজনাই সূৰ্যৰ পোহৰে সমগ্র পৃথিৱীৰ দশোদিশে ৰঙীণ পোহৰৰ উদ্ভাসিত হোৱাৰ কথা ব্যক্ত কৰিছে । নতুন নতুন গছৰ কুঁহিপাত মেলি প্রকৃতিক সাদৰি অনাৰ বিষয়ে উল্লেখ কৰিছে। প্রকৃতিৰ মন-প্রাণ হৰি নিয়া ফুল বোৰৰ কথা কৈছে যি আনন্দ মনেৰে ফুলি উঠিছে । প্রকৃতিৰ সৌন্দৰ্য আরু সুগন্ধি বিলাই ৰবাব ফুলে মন্দিৰৰ উপেক্ষিতত প্রেমৰ সুবাস বিয়পাইছে । গছৰ ডাল-পাতত বিভিন্ন নানা বন চৰাই-পক্ষীয়ে সুমধুৰ সুৰত গীত গাইছে ।

 জলভাগ, স্থলভাগ, আকাশ আদি সকলোতে দেৱতাসকলৰ মহা অভিযান বিৰাজমান হৈছে । সুভ ক্ষণত কীচক বেণু (কীচক বাঁহৰ বেণু)য়ে বতাহত মহামহিমৰ অৰ্থাৎ সৃষ্টিকৰ্তাৰ গীত গাইছে । কবিয়ে এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰি ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ সকলো ভক্ত মানৱক আরু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে ।    

৩। কবিতাটোত কবিয়ে কিয় আরু কাৰ প্রশস্তি (সাধনা/আৰাধনা) কৰিছে ?

অথবাঃ ৪। কবিতাটোত প্রকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰি লিখা ।


উত্তরঃ ‘প্রশস্তি’ নামৰ কবিতাটোত কবি ‘ৰঘুনাথ চৌধাৰী’ দেৱে প্রকৃতিৰ বিভিন্ন বস্তু ন-রূপত পৰিস্ফুট কৰাৰ কাৰণে ভগৱানৰ ওচৰত প্রশস্তি বা আৰাধনা বা গুণানুকীৰ্ত্তন কৰিছে । কবিজনাই সূৰ্যৰ পোহৰে সমগ্র পৃথিৱীৰ দশোদিশে ৰঙীণ পোহৰৰ উদ্ভাসিত কৰাৰ অৰ্থে ত্রিজগতৰ পতিক প্রাৰ্থনা কৰিছে । কবিয়ে ঈশ্বৰৰ রূপ স্মৰণ কৰি প্রাৰ্থনা কৰিছে যাতে নতুন নতুন গছৰ কুঁহিপাত মেলি, আনন্দ মনেৰে নব্য ফুল ফুলি উঠি, ৰবাব ফুলৰ দৰে ফুলে সুগন্ধি বিলাই আরু গছৰ ডালে-পাতে চৰাই-পক্ষীয়ে সুমধুৰ সুৰত গীত গাই প্রকৃতিৰ সৌন্দৰ্যক আদৰি মানৱ সমাজক এক নতুন দিগন্ত আনি দিয়ে

 কবিয়ে ভগৱানৰ ওচৰত সবিনয় প্রশস্তি বা আৰাধনা কৰিছে এইবুলি যে ভগৱানে যাতে বদ, অমঙ্গলীয়, গেলা মলযুক্তৰ পানীৰ দৰে দুৰ্গুন্ধ বিষয়ৰাজি, আদিৰ অন্ত পেলাই, আন্ধাৰ বা কাল ৰাতিৰ শেষ কৰি সকলো মানৱৰ বাবে মুক্তিৰ পথ প্রদান কৰেলগতে, ভগৱানৰ সৃষ্টি এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰি ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ সকলো ভক্ত মানৱক আরু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে । কবিতাটিত এইদৰে  প্রকৃতিৰ সুধাৰ মাজত ভগৱানৰ সুন্দৰ সাধনা লুকাই আছে ৷ 

৫। ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা ।

উত্তরঃ ‘প্রশস্তি’ শব্দৰ অৰ্থ হ’ল- আৰাধনা বা গুণানুকীৰ্তন কৰা । ‘প্রশস্তি’ নামৰ কবিতাটোত কবি ‘ৰঘুনাথ চৌধাৰী’ দেৱে ভগৱানৰ সৃষ্টি প্রকৃতিৰ বিভিন্ন বস্তু ন-রূপত পৰিস্ফুট কৰিছে । কবিজনাই সূৰ্যৰ পোহৰে সমগ্র পৃথিৱীৰ দশোদিশে ৰঙীণ পোহৰৰ উদ্ভাসিত হোৱাৰ কথা ব্যক্ত কৰিছে । নতুন নতুন গছৰ কুঁহিপাত মেলি প্রকৃতিক সাদৰি অনাৰ বিষয়ে উল্লেখ কৰিছে প্রকৃতিৰ মন-প্রাণ হৰি নিয়া ফুল বোৰৰ কথা কৈছে যি আনন্দ মনেৰে ফুলি উঠিছে ।
প্রকৃতিৰ সৌন্দৰ্য আরু সুগন্ধি বিলাই ৰবাব ফুলে মন্দিৰৰ উপেক্ষিতত প্রেমৰ সুবাস বিয়পাইছে । গছৰ ডাল-পাতত বিভিন্ন নানা বন চৰাই-পক্ষীয়ে সুমধুৰ সুৰত গীত গাইছে । জলভাগ, স্থলভাগ, আকাশ আদি সকলোতে দেৱতাসকলৰ মহা অভিযান বিৰাজমান হৈছে । কবিজনাৰ মতে এতিয়া, বদ, অমঙ্গলীয়, গেলা মলযুক্তৰ পানীৰ দৰে দুৰ্গুন্ধ বিষয়ৰাজি, আদিৰ অন্ত পৰিছে আরু লগতে আন্ধাৰ বা কাল ৰাতিৰো শেষ হৈছে ।
 কবিয়ে, সেয়েহে ঋষি মুণি, ধ্যানী লোকসকলক, পুৰোহিত, মানুহ আদি সকলোকে জাগিবৰ বাবে আরু মুক্তিৰ পথ বিচৰাৰ নিমিত্তে আহ্বান জনাইছে । এই সুভ ক্ষণত কীচক বেণু (কীচক বাঁহৰ বেণু)য়ে বতাহত মহামহিমৰ অৰ্থাৎ সৃষ্টিকৰ্তাৰ গীত গাইছে । কবিয়ে সকলো মানৱক এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰি ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ আরু মুক্তিৰ পথ প্রশস্ত কৰিবলৈ সকলো ভক্ত মানৱক আরু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে । কবিতাটিত এইদৰে  প্রকৃতিৰ সুধাৰ মাজত ভগৱানৰ সুন্দৰ সাধনা লুকাই আছে ৷

৬। ‘উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,

উঠা যত মুক্তি পথযাত্রী ।’

-কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।


অথবাঃ ৭। সুন্দৰৰ রূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।


উত্তরঃ  ‘প্রশস্তি’ নামৰ কবিতাটোত কবি ‘ৰঘুনাথ চৌধাৰী’ দেৱে ভগৱানৰ সৃষ্টি প্রকৃতিৰ বিভিন্ন বস্তু ন-রূপত পৰিস্ফুট কৰিছেকবিজনাই সূৰ্যৰ পোহৰে সমগ্র পৃথিৱীৰ দশোদিশে ৰঙীণ পোহৰৰ উদ্ভাসিত হোৱাৰ কথা ব্যক্ত কৰিছে । নতুন নতুন গছৰ কুঁহিপাত মেলি প্রকৃতিক সাদৰি অনাৰ বিষয়ে উল্লেখ কৰিছে । প্রকৃতিৰ মন-প্রাণ হৰি নিয়া ফুল বোৰৰ কথা কৈছে যি আনন্দ মনেৰে ফুলি উঠিছে । কবিয়ে এই সকলো নতুন দিগন্তৰ মাজত ভগৱানৰ মহিমা আরু সৃষ্টিৰ কথা ব্যক্ত কৰিছে ।
    কবিয়ে সকলো মানৱক এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰি ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ আরু মুক্তিৰ পথ প্রশস্ত কৰিবলৈ সকলো ভক্ত মানৱক আরু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে । কাৰণ, ভগৱানেই হ’ল স্বৰ্গ, মত্য আরু পাতালৰ গৰাকী প্রকৃতিৰ এই সৌন্দৰ্যৰাজি তেওঁৰেই সৃষ্টি । সেয়েহে, মানুহৰ জীৱন সফল হবলৈ আরু মুক্তি লাভ কৰিবলৈ ভগৱানৰ রূপৰ ধ্যান কৰি তেওঁৰ আৰাধনা বা গুণানীকীৰ্তন কৰাতো সকলো মানৱৰে নিতান্ত প্রয়োজন আরু কৰ্তব্য ।

৮। ব্যাখ্যা করাঃ

(ক) উঠে তরু শিৰে শিৰে বন বিহঙ্গৰ

ছন্দভৰা সুমধুৰ তান,

জল স্থল অন্তৰীক্ষ সকলোতে যেন

দেৱতাৰ মহা অভিযান ।

উত্তরঃ
উক্ত কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত ‘প্রশস্তি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
    এই কবিতাংশৰ মাজেৰে কবিজনাই ভগৱানৰ সৃষ্টি প্রকৃতিৰ এক নৱ দিগন্ত আরু দেৱতাৰ নব্য এক আলোড়নৰ কথা ব্যক্ত কৰিছে । 
    এই কবিতাফাকিৰ জৰিয়তে কবিয়ে উল্লেখ কৰিছে যে এতিয়া প্রকৃতিৰ গছৰ ডাল-পাতত বিভিন্ন নানা বন চৰাই-পক্ষীয়ে সুমধুৰ সুৰত গীত গাইছে । জলভাগ, স্থলভাগ, আকাশ আদি সকলোতে দেৱতাসকলৰ মহা অভিযান বিৰাজমান হৈছে । এই শুভক্ষণত কবিয়ে বুজাব বিচাৰিছে যে প্রকৃতিৰ এই সকলো সৃষ্টি কৰ্তা হৈছে ভগৱান । তেওঁৱেই স্বৰ্গ, মত্য আরু পাতাল, এই ত্রিজগতৰ গৰাকী । প্রকৃতিৰ এই নৱরূপৰ সকলো পৰিচৰ্যা তেওঁৰে সৃষ্টি । সেয়েহে, আমি মানৱ গণে ভগৱানৰ রূপ স্মৰণ কৰি প্রকৃতিৰ সুন্দৰ সৃষ্টিৰ মাজেৰে তেওঁক আৰাধনা বা তেওঁৰ গুণানুকীৰ্তন কৰিব লাগে ।

(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ

শেষ হ’ল মহা কালৰাত্রি,

উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র

উঠা যত মুক্তি পথযাত্রী ।

উত্তরঃ
এই কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত ‘প্রশস্তি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
    এই কবিতাংশৰ মাজেৰে কবিজনাই ভগৱানৰ সৃষ্টি প্রকৃতিৰ এক নৱ দিগন্ত কথা ব্যক্ত কৰিছে আরু মুক্তিৰ বাবে সকলোকে আহ্বান জনাইছে ।
    এই কবিতাফাকিৰ জৰিয়তে কবিয়ে উল্লেখ কৰিছে যে এতিয়া, ভগৱানৰ দ্বাৰা সৃষ্ট এই প্রকৃতিত নৱ্য এক দিগন্তৰ আগমণ ঘটিছে । এই শুভ ক্ষণত বদ, অমঙ্গলীয়, গেলা মলযুক্তৰ পানীৰ দৰে দুৰ্গুন্ধ বিষয়ৰাজি, আদিৰ অন্ত পৰিছে আরু লগতে আন্ধাৰ বা কাল ৰাতিৰো শেষ হৈছে । কবিয়ে, সেয়েহে ঋষি মুণি, ধ্যানী লোকসকলক, পুৰোহিত, মানুহ আদি সকলোকে জাগিবৰ বাবে আরু মুক্তিৰ পথ বিচৰাৰ নিমিত্তে আহ্বান জনাইছে । কবিয়ে সকলো মানৱক এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰি ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ আরু মুক্তিৰ পথ প্রশস্ত কৰিবলৈ সকলো ভক্ত মানৱক আরু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে ।

(গ) মোহন কীচক বেণু অনাহত ছন্দে

গায় মহামহিমৰ গান,

মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !

সুন্দৰৰ কৰা রূপধ্যান ।

উত্তরঃ
এই কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত ‘প্রশস্তি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
    এই কবিতাংশৰ মাজেৰে কবিজনাই ভগৱানৰ সৃষ্টি প্রকৃতিৰ এক নৱ দিগন্ত কথা ব্যক্ত কৰিছে আরু মুক্তিৰ বাবে সকলোকে ভগৱানৰ রূপধাৰণ কৰি আৰাধনা বা গুণানুকীৰ্তন কৰিবলৈ আহ্বান জনাইছে ।
    এই কবিতাফাকিৰ জৰিয়তে কবিয়ে উল্লেখ কৰিছে যে এই সুভ ক্ষণত কীচক বেণু (কীচক বাঁহৰ বেণু)য়ে বতাহত মহামহিমৰ অৰ্থাৎ সৃষ্টিকৰ্তাৰ গীত গাইছে । কবিয়ে সকলো মানৱক এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰিবৰ বাবে অনুৰোধ কৰিছে । লগতে, ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি তেওঁৰ আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ আরু মুক্তিৰ পথ প্রশস্ত কৰিবলৈ সকলো ভক্ত মানৱক আরু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে ।


ভাষা-বিষয়কঃ


১। অৰ্থ লিখাঃ
কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্রালস

উত্তরঃ 

শব্দ

অৰ্থ

কিশলয়
গজালি, কুঁহিপাত, কোঁহ
চিত্তহাৰী
মন-প্রাণ হৰি নিয়া
অন্তৰীক্ষ
আকাশ; যাক পৃথিৱী আরু সূৰ্যৰ মাজত বিৰাজমান হয়
তন্দ্রালস
শ্রান্ত ক্লান্ত, টোপনি যোৱা এক অৱস্থা



 

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...