অধ্যয়-১৬, প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)
১। কিমান চনত কিয় গংগা নদীৰ কাৰ্যকৰী আচঁনি বা বহুমুখী প্রকল্পটো স্থাপন কৰা হৈছিল ?
উত্তৰঃ গংগা নদীৰ পানী অতিকৈ প্রদূষিত হোৱাৰ বাবে ১৯৮৫ চনত গংগা নদীৰ কাৰ্যকৰী আচঁনি বা বহুমুখী প্রকল্পটো স্থাপন কৰা হৈছিল ।
২। গংগা নদীৰ প্রদূষণৰ ওপৰত এটা টোকা লিখা ।
উত্তৰঃ বিহাৰ, উত্তৰপ্রদেশ, পশ্চিম বংগ আদি সামৰি এশতকৈ অধিক নগৰ আরু মগানগৰৰ আৱৰ্জনা গংগা নদীতে পেলাই । লগতে, কল-কাৰাখানা আরু আন আন উদ্যোগৰ বৰ্জিত দূষিত পদাৰ্থ বৃহৎ হাৰত গংগা নদীৰ সস্পৰ্শলৈ আহে । লগতে, মানুহৰ দৈনন্দিত কাৰ্য্যকলাপ বিশেষকৈ মৃত দেহ দাহ কৰা ভস্ম প্রক্ষেপ, কাপোৰ ধুা, গা-ধোৱা, আদিয়েও কিছু পৰিমাণে গংগা নদীক দূষিত কৰি আহিছে । লগতে, গংগা নদীৰ গাতে লাগি থকা উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা কীটনাশক ৰাসায়নিক দ্রব্যবোৰে গংগা নদীৰ পানী প্রদূষণৰ মাত্রা অধিক বৃদ্ধি কৰিছে । ইয়াৰ ফলত, গংগা নদীৰ পানী ব্যৱহাৰ অযোগ্য হৈ পৰিছে ।
৩। প্রদূষণৰ মাত্রা জোখা এক আন্তৰ্জাতিক সূচকৰ নাম লিখা ।
উত্তৰঃ প্রদূষণৰ মাত্রা জোখা এক আন্তৰ্জাতিক সূচকৰ নাম হ’ল- pH
৪। পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা তিনিটা ‘R’ কি কি? বুজাই লিখা ।
উত্তৰঃ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা তিনিটা ‘R’ হ’ল এনেধৰণৰঃ
(ক) Reduce অৰ্থাৎ হ্রাসকৰণঃ
Reduce অৰ্থাৎ হ্রাসকৰণ অৰ্থ হৈছে- আমি নুন্যতম পৰিমাণৰ ব্যৱহাৰ কৰা । যিপৰিমাণৰ আমাক অতিকৈ লাগতিয়াল তাক ব্যৱহাৰ কৰা আরু অযথা প্রয়োগ হ্রাস কৰা । উদাহৰণস্বরূপে- ব্যৱহাৰ নোহোৱা সময়ত বৈদ্যুতিক চুইটচ্ বন্ধ কৰি ৰখা, ব্যৱহাৰ নোহোৱা পানীৰ টেপ বন্ধ কৰি পানীৰ অপচয় ৰোধ কৰা আদি ।
(খ) Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণঃ
Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণৰ অৰ্থ হৈছে- বৰ্জিত বা পেলনীয়া সামগ্রীসমূহৰ পৰা আন ব্যৱহাৰোপযোগী সামগ্রী প্রস্তুত কৰা । উদাহৰণস্বরূপে- পেলনীয়া বাতৰি কাকতৰ পৰা বেগ প্রস্তুত কৰা, পেলনীয়া প্লাষ্টিকৰ বটল গলাই আন প্লাষ্টিকৰ সামগ্রী বা বটল প্রস্তুত কৰা আদি ।
(গ) Reuse অৰ্থাৎ পুণঃব্যৱহাৰঃ
Reuse অৰ্থাৎ পুণঃব্যৱহাৰৰ অৰ্থ হৈছে- ব্যৱহৃত সামগ্রী বা পেলনীয়া বা বৰ্জিত সামগ্রীসমূহ প্রত্যক্ষভাৱে পুনৰ ব্যৱহাৰ কৰা । উদাহৰণস্বরূপে- আচাৰ আনা প্লাষ্টিকৰ বটল বোৰ আচাৰ শেষ হোৱাৰ পাছত ঘৰৰ আন পাকঘৰৰ সামগ্রী ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ।
৫। Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত পাৰ্থক্য হ’ল-
(ক)Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণৰ অৰ্থ হৈছে- বৰ্জিত বা পেলনীয়া সামগ্রীসমূহৰ পৰা আন ব্যৱহাৰোপযোগী সামগ্রী প্রস্তুত কৰা ।
Reuse অৰ্থাৎ পুণঃব্যৱহাৰৰ অৰ্থ হৈছে- ব্যৱহৃত সামগ্রী বা পেলনীয়া বা বৰ্জিত সামগ্রীসমূহ প্রত্যক্ষভাৱে পুনৰ ব্যৱহাৰ কৰা ।
(খ)Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণত পেলনীয়া সামগ্রী আন বেলেগ সামগ্রী প্রস্তুত কৰাত পৰোক্ষভাৱে ব্যৱহাৰ কৰা হয়,
আনহাতে Reuse অৰ্থাৎ পুণঃব্যৱহাৰত পেলনীয়া সামগ্রী প্রত্যক্ষভাৱে সেই সামগ্রীবিধকে কোনো সাল-সলনি নঘটোৱাকৈ ব্যৱহাৰ কৰা হয় ।
৬। Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত কোনটো প্রক্রিয়া উত্তম ? আরু কিয়?
উত্তৰঃ Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত Reuse অৰ্থাৎ পুণঃব্যৱহাৰ প্রক্রিয়াটো অতি উত্তম । কাৰণ, পুণঃচক্রীয়াকৰণত ব্যৱহাৰ হোৱা শক্তিৰ অপচয় এই প্রক্রিয়াত নহয় ।
৭। বহনক্ষম বিকাশৰ বা উন্নয়ণৰ ধাৰণাটো লিখা ।
উত্তৰঃ বহনক্ষম বিকাশৰ বা উন্নয়ণৰ ধাৰণাই ইয়াকে সূচায় যে সম্পদসমূহৰ ব্যৱহাৰ কৰাৰ ক্ষেত্রত দুটা দিশ লক্ষ্য কৰিব লাগে । প্রথমটো হ’ল- বৰ্তমানৰ প্রয়োজন পূৰণ কৰা আরু বৰ্তমান বিকাশ আরু উন্নয়ণত সম্পদক ব্যৱহাৰ কৰা । দ্বিতীয়টো হ’ল-সম্পদসমূহৰ ব্যৱহাৰ কৰাৰ ক্ষেত্রত ভৱিষ্যতৰ প্রজন্মৰ বাবে ইয়াৰ সংৰক্ষণ কৰা ।
উদাহৰণস্বরূপে- কয়লা, খারুৱাতেল আদি ব্যৱহাৰ ক্ষেত্রত লক্ষ্য কৰিব লাগে যাতে এই অনৱীকৰণ সামগ্রীসমূহে বৰ্তমান প্রয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও ইয়াৰ ভাণ্ডাৰ বোৰ সংৰক্ষিত হয় ।
৮। একমাত্র আমি বাহিৰৰ পৰা পোৱা বস্তুটো কি?
উত্তৰঃ একমাত্র আমি বাহিৰৰ পৰা পোৱা বস্তুটো হ’ল- সৌৰশক্তি ।
৯। সৌৰশক্তি কেনেদৰে ব্যৱহাৰ উপযোগী হয় ?
উত্তৰঃ সৌৰশক্তি আমি ব্যৱহাৰ কৰাৰ আগতেই কিছুমান জীৱ আরু পৃথিৱীত সংঘটিত ভৌতিক আরু ৰাসায়নিক প্রক্রিয়াৰ জৰিয়তে ব্যৱহাৰ উপযোগী হয় ।
১০। আমি আমাৰ সম্পদৰাজিৰ কিয় পৰিকল্পিত ব্যৱস্থাপনা কৰিব লাগে? কাৰণ দৰ্শোৱা ।
অথবাঃ আমি আমাৰ সম্পদৰাজিৰ কিয় সযতনে ব্যৱহাৰ কৰিব লাগে ? যুক্তি দিয়া ।
উত্তৰঃ আমি আমাৰ সম্পদৰাজিৰ পৰিকল্পিত ব্যৱস্থাপনা কৰিব লাগে/সযতনে ব্যৱহাৰ কৰিব লাগে, কাৰণ,
(ক) আমাৰ পৰিৱেশত থকা অনৱীকৰণযোগ্য সম্পদবোৰ সীমিত ভাণ্ডাৰ আছে ।
(খ) সম্পদসমূহ ব্যৱহাৰৰ সময়ত ভৱিষ্যত প্রজন্মৰ বাবেও সংৰক্ষণ কৰিব লাগে ।
(গ) ক্রমান্বয়ে বৃদ্ধি হৈ থকা জনসংখ্যাৰ পৰিমাণৰ খাতিৰত সম্পদৰ চাহিদা ক্রমান্বয়ে দ্রুত হাৰত বৃদ্ধি পাইছে । সেয়েহে ব্যৱহাৰ কৰাৰ সময়ত সকলোৱে লক্ষ্য ৰাখিব লাগে যাতে সম্পদসমূহ অযথা অপচয় নহয় আরু সকলোৱে ব্যৱহাৰৰ সুযোগ পায় ।
১১। সম্পদৰ অপচয় বুলিলে কি বুজা?
উত্তৰঃ আমি সম্পদসমূহ আহৰণ কৰোতে আরু ব্যৱহাৰ কৰাৰ সময়ত যথেষ্ট পৰিমাণে নষ্ট হয় । তাক সম্পদৰ অপচয় বুলি কোৱা হয় । উদাহৰণস্বরূপে- অলাগতিয়াল ফেন চলোৱা, লাইট জ্বলোৱা আদি ।
১২। জৈৱ বৈচিত্রৰ প্রধান আশ্রয়স্থল কি?
উত্তৰঃ জৈৱ বৈচিত্রৰ প্রধান আশ্রয়স্থল হ’ল- বনাঞ্চলসমূহ ।
১৩। জৈৱ বৈচিত্র্য কাক বোলে? উদাহৰণ দিয়া ।
উত্তৰঃ কোনো এক ঠাইত বসবাস কৰা আরু বৰ্তি থকা বিভিন্ন প্রজাতিৰ জীৱসমষ্টিক জৈৱ বৈচিত্র্য বোলে । উদাহৰণস্বরূপে- কোনো এক ঠাইৰ গছ-গছনি, চৰাই-চিৰিকটি, ভেকুঁৰ, বেক্টেৰীয়া, পশু-পক্ষী আদি সকলোবোৰক সামৰি এক জৈৱ বৈচিত্র্য ।
১৪।জৈৱ বৈচিত্র্যসমূহ সংৰক্ষণৰ প্রধান লক্ষ্য কি?
উত্তৰঃ জৈৱ বৈচিত্র্যসমূহ সংৰক্ষণৰ প্রধান লক্ষ্য হ’ল- বিলুপ্ত আরু বিনাশ নোহোৱাকৈ সকলো প্রজাতিক ৰক্ষা কৰি থকা আরু বৰ্তাই ৰখা ।
১৫।জৈৱ বৈচিত্র্যসমূহ বিনাশৰ ফলত বিশেষকৈ কি বিনষ্ট হয়?
উত্তৰঃ জৈৱ বৈচিত্র্যসমূহ বিনাশৰ ফলত বিশেষকৈ প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয় ।
১৬। বনজ সম্পদ সংৰক্ষণৰ অংশীদাৰসমূহ লিখা ।
উত্তৰঃ বনজ সম্পদ সংৰক্ষণৰ অংশীদাৰসমূহ/সংৰক্ষকসমূহ হ’ল-
(ক) বনাঞ্চলত বা বনাঞ্চলৰ আশে পাশে থকা আরু বাস কৰা মানুহবোৰ বনজ সম্পদৰ ওপৰত প্রত্যক্ষভাৱে নিৰ্ভৰ কৰে, সেয়ে এইলোকসকল বনজ সম্পদৰ প্রাথমিক অংশীদাৰ আরু সংৰক্ষক ।
(খ) ভূমিৰ গৰাকী আরু চৰকাৰৰ বনবিভাগে বনজ সম্পদৰ নিয়ন্ত্রণ কৰে, এওঁলোক দ্বিতীয়তে বনজ সম্পদৰ অংশীদাৰ আরু সংৰক্ষক ।
(গ) বিভিন্ন উদ্যোগপতিসকল যিসকলে বনাঞ্চলবোৰৰ ওপৰত পৰোক্ষভাৱে নিৰ্ভৰ কৰে আরু বনজ সম্পদৰ পৰা কাগজ প্রস্তুত, টেণ্ডু পাতৰ পৰা বিড়ি আদি তৈয়াৰৰ মাধ্যমেৰে বনাঞ্চলবোৰৰ অংশীদাৰ আরু সংৰক্ষণৰ পৰিপেক্ষিতত এওঁলোকৰো দায়িত্ব আছে ।
(ঘ) বন্যপ্রাণী আরু প্রকৃতিপ্রেমীসকল যিলোকসকলে প্রাকৃতিক সুন্দৰতা আরু ভাৰসাম্যতা ৰক্ষা কৰি আহিছে তেওঁলোকেও বনাঞ্চলসমূহৰ অংশীদাৰ আরু সংৰক্ষক ।
১৭। স্থানীয় মানুহবোৰ কেনেদৰে বনাঞ্চলবোৰৰ ওপৰত নিৰ্ভৰশীল আছিল ?
উত্তৰঃ বনাঞ্চলৰ কাষৰ স্থানীয় লোকসকলে তেওঁলোকৰ প্রয়োজনীয় খৰি, কাঠ, আদি বনাঞ্চলসমূহৰ পৰাই সংগ্রহ কৰে । ঘৰ-দোৱাৰ বনাবৰ বাবে বাঁহ, খোৱাৰ বাবে কিছুমান খাদ্য বিশেষকৈ ফল-মূল, শাক-পাঁচলী আদি বনাঞ্চলৰ পৰাই আহৰণ কৰে । লগতে, মাছ ধৰা, চিকাৰ কৰা, বনাঞ্চলৰ কিছুমান উদ্ভিদৰ পৰা ঐষধ তৈয়াৰ কৰা আদিৰে বারুকৈয়ে বনাঞ্চলসমূহৰ ওপৰত নিৰ্ভৰ কৰে । লগতে, পুহনীয়া জন্তুবোৰৰ চৰণীয়া ঠাই হিচাপে বনাঞ্চলে স্থানীয় বাসিন্দাসকলক সহায় কৰে । এনেদৰে, স্থানীয় বাসিন্দাসকলে বনাঞ্চলবোৰৰ ওপৰত নিৰ্ভৰশীল আছিল ।
১৮। বনাঞ্চল নিয়ন্ত্রণ আরু ধ্বংসৰ ওপৰত এটা টোকা লিখা ।
উত্তৰঃ প্রথমে, বৃটিছসকলে বনাঞ্চল নিয়ন্ত্রণ কৰিছিল যদিও, এফালে নিয়ন্ত্রণ কৰি আনফালে নিজৰ স্বাৰ্থত আরু ব্যৱহাৰৰ বাবে বনাঞ্চল ধ্বংস কৰিছিল । দেশে স্বাধীনতা পোৱাৰ পিছৰ পৰাই বন বিভাগে বনাঞ্চল সুৰক্ষাৰ দায়িত্ব লৈছিল । কিন্তু কিছুমান স্বাৰ্থপৰ বনবিভাগৰ কৰ্মীয়ে স্থানীয় বাসিন্দাক সুবিধাৰ পৰা বঞ্চিত কৰি কিছুমান ঠিকাদাৰক বনাঞ্চলৰ গছবোৰ বিক্রী কৰি আহিছে । চোরাং-চোৰা, গোণ্ডাবাহিনী আদি লোকসকলেও চোরাং হিচাপে কাঠ বিক্রী, হাঁতীৰ দাঁত বিক্রী আদি কামবোৰ কৰি আহিছে । লগতে, ডাঙৰ উদ্যোগসমূহ স্থাপনৰ বেলিকা বহুতো অৰণ্য আরু বনাঞ্চলৰ ধ্বংস কৰি আহিছে । সেয়েহে, এফালে বনবিভাগে বনাঞ্চল ৰক্ষা কৰি আহিছে যদিও আনফালে বনাঞ্চল ধ্বংস অব্যাহত আছে ।
১৯।বনাঞ্চল ধ্বংসৰ বাবে কোন দায়ী ?
উত্তৰঃ বনাঞ্চল ধ্বংসৰ বাবে চৰকাৰ, বনবিভাগ, চোরাংচোৰা, স্থানীয় বাসিন্দা, উদ্যোগপতিসকল, ঠিকাদাৰসকল আদি সকলো দায়ী ।
২০। বনাঞ্চল সুৰক্ষাৰ বাবে আমি কেনে ধৰণৰ ব্যৱস্থাপনা ল’ব লাগিব ?
উত্তৰঃ বনাঞ্চল সুৰক্ষাৰ বাবে আমি ল’ব লগা ব্যৱস্থাপনাসমূহ হ’ল-
(ক) পৰিৱেশৰ কোনো ক্ষতি নোহোৱাকৈ আমি বনাঞ্চলসমূহ ব্যৱহাৰ কৰিব লাগে ।
(খ) প্রাকৃতিক সম্পদসমূহ পৰিকল্পিতভাৱে ব্যৱস্থাপনা আরু সুৰক্ষা দিব লাগে ।
(গ) অৰ্থনৈতিক বিকেন্দ্রীকৰণৰ মাধ্যমেৰে স্থানীয় বাসিন্দাসকলক লাভান্বিত হব পৰাকৈ বনাঞ্চল আরু পৰিৱেশ সংৰক্ষণ কৰিব লাগে ।
(ঘ) আমি সকলোৱে মিলি বনাঞ্চল আরু পৰিৱেশ সুৰক্ষা কৰিব লাগে ।
(ঙ) চৰকাৰ আরু বন বিভাগে উচিত আইনৰ ব্যৱস্থা কৰি বনাঞ্চল আরু পৰিৱেশ সুৰক্ষাৰ দিশত আরু কট-কটীয়া কৰি তুলিব লাগে ।
২১। চিপকো আন্দোলনৰ ওপৰত এটা টোকা লিখা ।
উত্তৰঃ ১৯৭০ চনত গাৰোৱাল পাহাৰৰ এক উচ্চ অঞ্চলৰ ‘ৰেনি’ (Reni) নামৰ গাওঁএখনত প্রথমে চিপকো আন্দোলনৰ সূত্রপাত ঘটিছিল । কৃষি সামগ্রীৰ আহিলা প্রস্তুত কৰিবৰ বাবে স্থানীয় বাসিন্দাসকলক গছ কটাৰ অনুমতি প্রদান নকৰি ক্রীড়া সামগ্রী প্রস্তত কৰাৰ বাবে বনবিভাগে প্রস্তুতকর্তা/ঠিকাদাৰ এজনক আবণ্টন দিছিল । এই বিষয়ক লৈ স্থানীয় বাসিন্দা অসন্তুষ্টি প্রকাশ কৰিছিল । এদিন, পুরুষসকল গাঁৱত নথকাৰ সুযোগ লৈ ঠিকাদাৰৰ বনুৱাসকলে গছ কাটিবলৈ আহিছিল । সেয়েহে, মহিলাবোৰে গছবোৰ কাটিব নোৱাৰাকৈ আঁকোৱালি ধৰি ইয়াৰ প্রতিবাদ জনাইছিল । সেয়ে ইয়াক চিপকো আন্দোলন বুলি কোৱা হৈছিল । কাৰণ, ‘চিপকো’ শব্দৰ অৰ্থ হ’ল লাগি ধৰা অৰ্থাৎ সাবটি ধৰাক বুজায় । শেষত, ঠিকাদাৰ আরু বনুৱাসকল উভতি যাবলৈ বাধ্য হৈছিল ।
স্থানীয় বাসিন্দাসকলৰ অৰ্থাৎ চিপকো আন্দোলনৰ মূল দাবী সমূহ আছিল-
(ক) বাণিজ্যিক কাৰ্যৰ বাবে গছ কটা বন্ধ কৰা ।
(খ) অঞ্চলৰ পাৰিপাৰ্শ্বিকতা আরু অর্থনৈতিক শোষণ ৰোধ কৰা ।
(গ) বনজ সম্পদ আহৰণ কৰাৰ ঠিকা বাহিৰৰ মানুহকদিয়া বন্ধ কৰা ।
(ঘ) ভূমি, জল, অৰণ্য আদি প্রাকৃতিক সম্পদসমূহৰ ওপৰত স্থানীয় সম্প্রদায়সমূহৰ ফলপ্রসূ নিয়ন্ত্রণ প্রদান কৰা ।
(ঙ) অঞ্চলৰ ক্ষুদ্র উদ্যোগসমূহলৈ কম খৰচত সামগ্রীৰ যোগান ধৰি প্রাকৃতিক ভাৰসাম্য বিনষ্ট নকৰাকৈ অঞ্চলটোৰ উন্নয়ণ নিশ্চিত কৰা ।
(চ) ভূমিহীন বনকৰ্মীসকলক অর্থনৈতিক ক্ষেত্রত উন্নতিসাধন কৰা আরু ন্যূনতম মজুৰি নিশ্চিত কৰা ।
এইদৰে সেই অঞ্চলৰ সাধাৰণ জনসাধাৰণৰ কাৰণে বন বিভাগে যাতে প্রাকৃতিক সম্পদসমূহৰ উপভোগৰ সুবিধা কৰি দিয়ে তাৰ বাবে চিপকো আন্দোলন গঢ়ি তুলিছিল ।
২২। অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এক উদাহৰণ দিয়া ।
উত্তৰঃ ১৯৭২ চনত পশ্চিমবংগৰ বনবিভাগে দক্ষিণ পশ্চিম জিলাবোৰৰ শাল গছৰ বনাঞ্চলৰ দায়িত্ব গ্রহণ কৰিছিল । বনবিভাগে, প্রশাসনৰ মাধ্যমেৰে স্থানীয় বাসিন্দাসকলক বনাঞ্চলৰ সকলো সুবিধাৰ পৰা বঞ্চিত কৰিছিল । সেয়েহে, বন বিভাগ আরু গাওঁবাসীৰ মাজত সংঘৰ্ষৰ উদ্ভৱ হৈছিল । পাছলৈ, এই সূত্র পাতৰ পৰা অৰণ্য আরু মাটি-বাৰীক কেন্দ্র কৰি নক্সালপন্থীৰ কৃষক আন্দোলন গঢ়ি তুলিছিল ।
২৩। পুৰণি কালত জলসিঞ্চনৰ ব্যৱস্থা কেনেদৰে গ্রহণ কৰিছিল ?
উত্তৰঃ পুৰণি কালত ভাৰতৰ কৃষক সকলে জলসিঞ্চনৰ বাবে খাল, নলা, পুখুৰী, আদি খান্দি পানীৰ ব্যৱস্থা কৰিছিল । বৰষুণৰ পানী গাত খান্দি সংৰক্ষণ কৰি সেইবোৰ নলাৰে বোৱাই নি খেতি পথাৰত প্রয়োগ কৰিছিল ।
২৪। ভাৰতবৰ্ষত কোন জলবায়ুৰ প্রভাৱত বাৰিষা বৰষুণ হয় ?
উত্তৰঃ ভাৰতবৰ্ষত মৌছুমী জলবায়ুৰ প্রভাৱত বাৰিষা বৰষুণ হয় ।
২৫। ভূগৰ্ভৰ জলভাগৰ বহনক্ষমতা কমাৰ তিনিটা/কেইটামান কাৰণ লিখা ।
উত্তৰঃ ভূগৰ্ভৰ জলভাগৰ বহনক্ষমতা কমাৰ তিনিটা কাৰণ হ’ল-
(ক) মাটিৰ উপৰিভাগত গছ-গছনিৰ সংখ্যা বহু পৰিমাণে হ্রাস পাইছে ।
(খ) মানুহে বিজ্ঞান-প্রযুক্তিৰ মাধ্যমেৰে অধিক পানীৰ প্রয়োজন হোৱা শস্যৰ খেতি কৰিবলৈ লৈছে ।
(গ) নগৰ, উদ্যোগ-প্রতিষ্ঠান আদিৰ আৱৰ্জনাই মাটি আরু পানী প্রদূষণ কৰিছে ।
(ঘ) জলসিঞ্চনৰ মাধেমেৰে পথাৰতে চেলু-ফিল্টাৰ বহুৱাই অত্যাধিক পানীৰ ব্যৱহাৰ কৰিছে ।
(ঙ) গছ-গছনি কমি গৈছে আরু প্রদূষণৰ মাত্রা বাঢ়ি গৈছে আরু সেয়েহে বৰষুণৰ পৰিমাণ বহু পৰিমাণে আগতকৈ হ্রাস পাইছে ।
(চ) উদ্যোগ-প্রতিষ্ঠানৰ বাবে পানী জমা হোৱা খাল-পুখুৰী আদিবোৰ পুতি পেলাইছে ।
No comments:
Post a Comment