Class 10 Social Science
Chapter – 10
আন্তর্জাতিক সংস্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
অতি চমু উত্তৰৰ প্ৰশ্নঃ-
১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰ– ১৯৩৯ চনত সংঘটিত হোৱা দ্বিতীয় বিশ্বযুদ্ধই অনা ভৱাৱহতা আৰু ধ্বংসলীলাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘ গঠন কৰা হয় ǀ মুঠতে আন্ত:ৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰাখাৰ বাবে গঠন কৰা হয় ।
২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰ- ৰাষ্ট্ৰসংঘৰ উল্লেখ কৰা দুটা উদ্দেশ্য হল-
১) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা
২) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰ- ৰাষ্ট্ৰসংঘৰ প্রধান অংগকেইটাৰ নাম হল –
১/ সাধাৰণ পৰিষদ
২/ নিৰাপত্তা পৰিষদ
৩/ অর্থনৈতিক আৰু সামাজিক পৰিষদ
৪/ ন্যাসৰক্ষী পৰিষদ
৫/ আন্তর্জাতিক ন্যায়ালয়
৬/ সচিবালয়
৪) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰ- ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হৈছে-
১) আন্তর্জাতিক শ্রমিক সংঘ ( ILO )
২) বিশ্ব স্বাস্থ্য সংস্থা ( WHO )
৫) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা ǀ
উত্তৰ- নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হল –
১) পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি । (Nuclear Non- Proliferation Treaty)
২) পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধিকৰণ চুক্তি (Comprehensive Test Ban Treaty / CTBT)
৬) মানৱ অধিকাৰ বুলিলে কি বুজা?
উত্তৰ- বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়, এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে ।
চমু উত্তৰৰ প্ৰশ্ন-
১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা।
উত্তৰ- ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিবিষ্ট হৈছে। উদ্দেশ্যকেইটা হ’ল—
১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
২) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা ।
৩) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।
৪) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা ।
ৰাষ্ট্ৰসংঘৰ নীতিকেইটা হ’ল-
১) সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব ।
২) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
৩) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনা আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
৪) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।
৫) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।
৬) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।
২) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।
উত্তৰ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা চমু বিৱৰণ দিয়া হল –
১) ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ’ল নিৰাপত্তা পৰিষদ । আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছয়জন ǀ
২) ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহ জনলৈ বৃদ্ধি কৰা হয় । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে । স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল- আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন ǀ
৩) স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো ‘দিলে সিদ্ধান্ত গ্রহণ নহয় ।
৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা ।
উত্তৰ- ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে । নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰা বা বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লেৱা পদক্ষেপসমূহ গুৰুত্বপূৰ্ণ । তলত ৰাষ্ট্ৰসংঘই সম্পাদনা কৰা কেইটিমান পদক্ষেপ উল্লেখ কৰা হল –
১) ১৯৬৭ চনত ‘বহিঃ মহাকাশ চুক্তি’ ।
২) ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’ ।
৩) ১৯৭১ চনত ‘সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি’ ।
৪) ১৯৭২ চনত চল্ট-১ ।
৫) ১৯৭৯ চনত চল্ট-২ ।
৬) ১৯৯৩ ‘পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি’ ।
৭) ১৯৯৬ চনত ১৫৮ খন দেশৰ মাজত সম্পাদিত হোৱা “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি”
ৰাষ্ট্ৰসংঘৰ এনেধৰণৰ পদক্ষেপ গ্ৰহণৰ পাছত এতিয়ালৈকে আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বাছি আছোঁ ।
৪) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰ- ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিবেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্যৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ǀ
সেই মৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ ইয়াৰ ঠিক কিছুদিনৰ পিছতে মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখনত ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায় ǀ এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩ নামে জনাজাত হয় ǀ এই আইন মতে ৰাজ্যবোৰতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ
আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হব লাগে ǀ সদস্য সকলৰ ভিতৰত –
১) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ ।
২) এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ
৩) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি ।
তদুপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচীত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব ǀ সকলো সদস্যৰে কাৰ্যকাল ৫ বছৰ ǀ
ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ এই দিশত অত্যন্ত প্ৰহৰী ভূমিকা পালন কৰে ।
৫) মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা ।
উত্তৰ- বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰৰ ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে । সেয়েহে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস পালন কৰা হয় । বিশ্বত শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰি ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাই হৈছে এই ঘোষণা পত্ৰৰ প্ৰধান উদ্দেশ্য । এই প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত এই ঘোষণা পত্ৰই মূলত : দুটা উদ্দেশ্য সাধন কৰিছে –
(১) বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত উল্লেখিত অধিকাৰ সমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে ।
(২) এই ঘোষণা পত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে । কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্ৰই এই অধিকাৰসমূহক আওকাণ কৰিব নোৱাৰে । দেশৰ নাগৰিক সকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্ত: ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে । বিশ্বৰ নাগৰিকৰ জীৱন যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক ।
No comments:
Post a Comment