পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ ![]()
ভাৱ-বিষয়ক:
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :
(ক) কৃষ্ণক টোপনিৰপৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
উত্তৰ :- কৃষ্ণক টোপনিৰপৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।
(খ) কৃষ্ণই কিমান দিন টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰ :- কৃষ্ণই চাবি-পাঁচ দিনলৈ টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি রূপ ধাৰণ কৰিছিল?
উত্তৰ :- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।
‘(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তৰ :- কপিল মুনিৰ মাতৃ আছিল দেৱহুতি।
(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উত্তৰ :- বামনৰ ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।
২। তথাপি তোহোক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।
-এই কথাষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উত্তৰ :- এই কথাষাৰ শ্ৰীকৃষ্ণৰ উক্তি।
কৃষ্ণই মাকক উদ্দেশ্য কৰি কথাষাৰ কৈছে।
শ্রীকৃষ্ণ জগতৰ পতি বিষ্ণুৰ অৱতাৰ। বিষ্ণুবে এই তিনি ভূৱনৰ সৃষ্টি কৰিছে। তেৱেঁই অনন্ত ব্ৰহ্মাৰ অজন কবি প্রতিপালন কৰি আছে আৰু আত্মাৰূপে সকলোকে ধৰি আছে। ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে তেওঁত সেৱা কৰে। অনন্ত শয্যাত নাৰায়ণ ৰূপে থাকি পদ্মনাভত ব্রহ্মাক ওপজাই বেদৰ জ্ঞান দিছে। এইদৰে বিভিন্ন ঐশ্বৰিক মহিমাৰে মহিমামণ্ডিত শ্রীকৃষ্ণই যশোদা আৰু গোপশিশুসকলৰ ওচৰত মানৱীয় লীলা খেলা প্ৰদৰ্শন কৰিছে। জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈয়ো তেওঁ মাকৰ ভয়ত থাকিব লাগে।
এদিনাখন ৰাতিপুৱা ভকতবৎসল শ্রীকৃষ্ণ ওই থাকোতে গোপ শিশুসকলে খেলিবৰ বাবে শ্রীকৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিলে। তাকে শুনি মাকে কৃষ্ণক মাতিবলৈ ল’লে আৰু কিহৰ ভাগৰতনো কৃষ্ণই ইমান দেৰিলৈকে শুই থাকিব লাগে তাকে কৈ খঙো কৰিলে। সেই কথা শুনি কৃষ্ণই আৰু নজগাবলৈ মাকক অনুনয় কৰিলে। তেওঁ চাৰি-পাঁচদিন গৰু চাৰিবলৈ নগৈ নাখাই নলৈ শুই থাকিব বুলি ক’লে। কাৰণ তেওঁ আৰু যশোদাই তেওঁৰ মূৰত জাপি দিয়া কলংকৰ বোজা সহ্য কৰিব নোৱাৰে। তেওঁ নাৰায়ণ আৰু যশোদা সামান্য গোৱালৰ জী। তথাপি যশোদাক দেখিলে তেওঁৰ ভয়তে জীউ উৰি যায়।
৩। “মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।”
-কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা।
উত্তৰ :- ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল।
তেওঁ দেৱতাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল। এবায় দেৱতা আৰু অসুৰসকলে সাগৰ মন্থন কৰিছিল আৰু সাগৰ মন্থন কৰোতে উৎপন্ন হোৱা অমৃত খাবৰ বাবে দেৱতা আৰু অসুৰবিলাকৰ অমৃত খাবলৈ পায় তেনেহ’লে অসুৰবিলাকো দেৱতাসকলৰ দৰে অজৰ-মাজত টনা-আজোৰা লাগিছিল। দেৱতাসকলৰ দৰে যদি অসুৰবিলাকেও অমৰ হ’ব আৰু সমগ্র পৃথিৱীখন অধর্মীৰে ভৰি পৰিব। সেই বাবে দেৱকার্য সাধন কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। অমৃত খাই শেষ কৰিছিল। এনেদৰে বিষ্ণুৱে মোহিনীৰ ৰূপ ধাৰণ কবি অসুৰবিলাক মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়তে দেৱতাসকলে দেৱতাৰ কাৰ্য সাধন কৰিছিল।
৪। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।
উত্তৰ : – কৃষ্ণ জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ। এওঁ যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ পুত্রৰূপে জন্ম লাভ কৰিছে। কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মত্বৰ ৰূপ ঢাকি ৰাখি যশোদাৰ ওচৰত নিজৰ মানৱীয় ৰূপ প্রদর্শন কৰিছে। বাঁহৰ বাঁহী বজাই তেওঁৰ ওঠ দুটা ফাটি তেজ বৈ গৈছে যদিও ৰাজপটেশ্বৰী যশোদাই সোণৰ বাঁহী গঢ়াই নিদিয়ে। মাটিত পুথি থওঁতে তেওঁৰ ধনত জুই লাগিব। গৰু ৰাখি থাকোঁতে যি খাদ্য মাকে দি পঠায় সেই খাদ্যও তেওঁৰ আধাপেটিহে হয়। তেওঁ অতি সাধাৰণ পোচাক পৰিধান কৰিব লাগে। চুলিত তেল দিবলৈ নোপোৱাৰ ফলত কুটুৰা-কুটুৰ চুলিবোৰ জটা বান্ধিলে। এনেধৰণৰ অপমানৰ কথা ক’বলৈ গৈ তেওঁৰ চকুপানী ওলাই আহে। তেওঁ বর্তমান যি দুখত আছে মাককো তেনে দুখ দিবলৈ বুলি তেওঁ দৈৱকী মাতাৰ গৃহলৈ যাবলৈ ওলাইছে।
৫। চমু টোকা লিখা:
(ক) বামন,
উত্তৰ :– বামন: বিষ্ণুবে পৃথিৱীত পঞ্চমবাৰ অৱতাৰ ধাৰণ কৰোঁতে বামনৰ ৰূপ লৈছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰা ছলেৰে বলিক ছলনা কৰি পাতাললৈ পঠাইছিল। অর্থাৎ বলি অতি দানী আছিল। দান কৰোঁতে কৰোঁতে নিজকে অতি দানী বুলি বলিৰ অহংকাৰ হৈছিল। বলিৰ এই অহংকাৰ নাশ কৰিবলৈ বিষ্ণুৰে বামনৰ ৰূপ ধাৰণ কৰি তিনি পদ ভূমি বিচাৰিছিল। বলিয়ে তিনি পদ ভূমি দান দিয়াত বামনে এক পদেৰে স্বৰ্গ, এক পদেৰে মৰ্ত আৰু এক পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্যুত কৰিছিল। দান কৰাৰ বাবে বলিৰ যি অহংকাৰ হৈছিল বামনে তাক বিনাশ কৰিছিল।
(খ)দেৱহুতি
উত্তৰ:- দেৱহুতি: দেৱহুতি স্বায়ম্ভূৱ মুনিৰ কন্যা আছিল। তেওঁক কদম মুনিয়ে বিবাহ কৰিছিল। তেওঁলোকৰ পুত্ৰ আছিল কপিল মুনি। এওঁক বিষ্ণুৰ অন্য এক অৱতাৰ বুলিও কোৱা হয়। কপিল মুনিয়ে তত্ত্ব বিচাৰ কৰি মাতৃ দেৱহুতিক উদ্ধাৰ কৰিছিল।
(গ) কপিল
উত্তৰ :- কপিল: কপিল এগৰাকী প্রসিদ্ধ মুনি আছিল। এওঁ সাংখ্য দৰ্শনৰ
প্ৰৱৰ্তন কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল কদম মুনি আৰু মাতৃৰ নাম দেৱহুতি। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হাজাৰ পুত্ৰ ভষ্মীভূত হৈছিল। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলি গণ্য কৰা হয়। এই মুনিগৰাকীয়ে তত্ত্ব বিচাৰ কৰি মাতৃ দেৱহুতিক উদ্ধাৰ কৰিছিল।
(ঘ) শ্রীধৰ কন্দলী
উত্তৰ :- শ্রীধৰ কন্দলী : শ্রীধৰ কন্দলী শংকৰোত্তৰকালৰ এগৰাকী উল্লেখযোগ্য কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট ৰূপত থকা দেখা যায়। কন্দলিয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পৃথিখন নিচুকনি গীতৰ আর্হিত ৰচনা কৰা ইয়াত বিষ্ণুৰ লীলা-খেলাসমূহ সহজ-সৰলভাৰে প্রাঞ্জল ভাষাত বর্ণনা কৰা হৈছে। দুয়োখন পুথিৰ ভিতৰত কাণখোৱা পুথিখন অব্দি জনপ্রিয়।
(ঙ) দৈবকী
উত্তৰ :- দৈৱকী: দৈৱকী উগ্রসেনৰ কন্যা আৰু কংসৰ ভগ্নী আছিল বসুদেৱৰ সৈতে দৈৱকীয়ে বিবাহপাশত আৱদ্ধ হৈছিল আৰু শ্রীকৃষ্ণ তেওঁলোকৰ অষ্টম সন্তান আছিল। দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসক মৃত্যু নিশ্চিত বলি জানিব পাৰি কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল। কংসক বধ কৰি কৃষ্ণই এওঁলোকক কাৰাগাৰৰ পৰা মুক্তি দিছিল।
৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ :- এদিনাখন ভকতবৎসল শ্রীকৃষ্ণই শুই থাকোঁতে গোপীৰ শিশুসকলে খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাক যশোদাক অনুৰোধ কৰে। মাকে কৃষ্ণক শুই উঠিবলৈ কৈ কিহৰ ভাগৰতনো ইমান দেৰীলৈকে শুই থাকিব লাগে বুলি কৃষ্ণক খঙো কৰে। তাকে শুনি কৃষ্ণই তেওঁক আৰু নজগাবলৈ মাকক অনুনয় কৰে। তেওঁ আৰু গৰু চাৰিবলৈ নধৈ চাৰি-পাঁচদিনলৈ একো নাখাই নলৈ কেৱল শুয়েই থাকিব। তেওঁৰ মূৰত জাপি দিয়া কলংকৰ কথা তেওঁ আৰু সহ্য কৰিব নোৱাৰে। জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈয়ো তেওঁ কেৱল মাকৰ ভয়তে থাকিব লাগে তেৱেঁই এই অনন্ত ব্রহ্মাণ্ড সৃষ্টি কৰিছে আৰু প্ৰতিপালন কৰি আছে। তেওঁ আত্মাৰূপে সকলোকে ধৰি আছে। ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে যাব সেৱা কৰে, তেওঁ যশোদাৰ ঘৰত কৰ্কৰা ভাত খাই গৰু চৰাই ফুৰে। তেওঁ অনন্ত শয্যাত নাৰায়ণৰূপে শয়ন কৰি থাকি পদ্মনাভত ব্রহ্মাক ওপজাই বেদৰ জ্ঞান দিছে। যি সময়ত অসুৰৰ ভয়ত দেৱতাসকলে কৃষ্ণক স্মৰণ কৰা মাত্রকে তেওঁ অসুৰক বধ কৰি দেৱতাসকলক উদ্ধাৰ কৰিছিল, যিজনৰ চতুর্ভুজ ৰূপ দেখি ত্ৰিদশৰ চমক লাগিছিল, সেইজনক মাকে কলীয়া বুলি ইতিকিং কৰে। দেৱকাৰ্য সাধন কৰিবলৈ তেৰেই মোহিনীৰূপ ধৰি দেৱতাসকলক অমৃত পান কৰায়, কিন্তু যশোদাৰ ঘৰত তেওঁ “দধিচোব” নাম পায়। কপিল ৰূপ ধৰি তেওঁ তত্ত্ব বিচাৰ কৰে। বামনৰ ৰূপ ধৰি বলিৰ অহংকাৰ নাশ কৰে। সেই ৰূপতে তেওঁ নখেৰে গংগাক মর্তলৈ বোৱাই আনে। গংগাক বাটত পাই শিৱই জটাত ধাৰণ কৰে। ইমানবোৰ মহিমা থকা কৃষ্ণক পুত্ৰ হিচাপে লাভ কৰাৰ পিছতো যশোদাই তেওঁক ইতিকিং কৰে। কৃষ্ণই পুত্ৰ হিচাপে জন্ম লাভ কৰি যশোদাৰ “কাঠবাজী” বুলি থকা বদনাম নোহোৱা কৰে। তথাপি তেওঁৰ প্ৰতি মাকৰ স্মৰম-চেনেহ নাই। বাঁহৰ বাঁহী বজাই ওঁঠ ফাটি তেজ ওলাই যোৱাৰ পিছতো ৰাজপটেশ্বৰী যশোদাই কৃষ্ণক সোণৰ বাঁহী গঢ়াই নিদিয়ে। মাটিত অপুতি যাওঁতে তেওঁৰ ধনত জুই লাগিব। গৰু চৰাই থাকোঁতে মাকে যি খাদ্য নদি পঠায় সেই খাদ্যও তেওঁৰ আধাপেটীহে হয়। গৰু চৰাই থাকোতে কাঁইটীয়া বনে গোটেই দেহাটো বিন্ধি পেলায়। কিন্তু তেওঁ অতি সাধাৰণ বস্ত্রহে পিন্ধিবলৈ পায়। চুলিত তেল নাই। কুটুৰা-কুটুৰ চুলিবোৰ জটা বান্ধিলে। ইমান অপমান পোৱাৰ পিছত কৃষ্ণই যি দুখত আছে মাককো তেনে দুখ দিবলৈ থিৰাং কৰি দৈৱকী আইৰ ঘৰলৈ গুচি যাব খুজিলে। কৃষ্ণৰ এই কথা শুনি যশোদাই ওচৰ চাপি আহি দোষ মৰিষণ কৰিবলৈ কান্দি ক’লে। তেতিয়া কৃষ্ণই আনন্দিত মনেৰে একে জাপে মাকৰ কোলাত উঠি পৰম আনন্দিত মনেৰে স্তন পান কৰিবলৈ ধৰিলে।
এইদৰে জগত ঈশ্বৰ শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ পাঠটিত সুন্দৰকৈ প্ৰকাশ কৰা হৈছে।
৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।
উত্তৰ :- কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু তাৰদ্বাৰা বিবিধ কার্য সমাধা কৰিছিল।
তেওঁ নিজৰূপ ধাৰণ কৰি এই অনন্ত ব্রহ্মাণ্ডখন সৃষ্টি কৰিছে আৰু জগতখন আত্মাৰূপে প্রতিপালন কৰি আছে। নাৰায়ণৰূপে অনন্ত শয্যাত জলত শয়ন কৰি পদ্মনাভত ব্রহ্মাক ওপজাই বেদৰ জ্ঞান দিলে।
চতুর্ভুজ ৰূপ ধাৰণ কৰি অসুৰৰ ভয়ত সম্ভ্রস্ত দেৱতাসকলক উদ্ধাৰ কৰে। কৃষ্ণৰ সেইৰূপ দেখি ত্রিদিশ চমকি উঠে।
মোহিনীৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰায়।
কপিলৰ ৰূপ ধৰি কদম ঋষিৰ ঘৰত অৱতাৰ গ্ৰহণ কৰে আৰু তত্ব বিচাৰ কৰি দেৱহুতি মাতৃক উদ্ধাৰ কৰে।
বামনৰ ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰে। বলি ৰজাই নিজকে অতি দানী বুলি অহংকাৰ কৰিছিল। গতিকে এই দর্প চূর্ণ কৰিবলৈ বামনে বলিক বিনাশ কৰে।
৮। কবিতাটোত ‘কাঠবাজী’ বুলি কাক হৈছে? ইয়াৰ অৰ্থ কি এই অপবাদৰপৰা তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তৰ :- কবিতাটোত কাঠবাজী বুলি যশোদাক কৈছে।
কাঠবাজী শব্দৰ অৰ্থ হৈছে যি তিৰোতাৰ মাত্র এটি সন্তান জন্ম পায় সেই তিৰোতাক কাঠবাজী বুলি কোৱা হয়।
যশোদাক কাঠবাজী বুলি জগতে হাঁহিছিল। কিন্তু কৃষ্ণই তেওঁৰ ঘৰত জন্ম লৈ তেওঁক এই অপবাদৰপৰা ৰক্ষা কৰিলে।
৯। তাৎপর্য ব্যাখ্যা কৰাঃ
(ক) কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি।
মই আসি তোৰ ঘৰে পুত্র ভৈলো
সিটো দুখ দূৰ কৰি।।
উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্রীধৰ কন্দলীয়ে ৰচনা কৰা ‘কানাইৰ চাতুৰী’ নামৰ কবিতাটিৰপৰা উদ্ধৃত কৰা হৈছে।
উক্ত কবিতাটোৰদ্বাৰা কবিয়ে জগতপতি শ্রীকৃষ্ণৰ মানৱীয় ৰূপটো সুন্দৰকৈ ফুটাই তুলিছে। সাধাৰণ শিশু এটিৰ দৰে তেওঁ মাকৰ ওপৰত খং অভিমান কৰিছে।
এদিনাখন বাতিপুৱা গোপ শিশুসকলে খেল খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিলে। তাকে শুনি মাকে কৃষ্ণক সোনকালে উঠিবলৈ ক’লে। কিহৰ ভাগৰতনো তেওঁ ইমান দেৰিলৈকে শুই থাকিব লাগে তাকে কৈ খঙো কৰিলে। তেতিয়া কৃষ্ণৰ মাকৰ ওপৰত অভিমান হ’ল। তেওঁ মাকক আৰু তেওঁক নজগাবলৈ কৈ চাৰি-পাঁচ দিনলৈ একো নাখাই কেৱল শুইয়ে থাকিব বুলি ক’লে। মাকে তেওঁৰ মূৰত জাঁপি দিয়া কলংকৰ বোজা তেওঁ আৰু সহ্য কৰিব নোৱাৰে। জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈয়ো তেওঁ মাকৰ ভয়তে থাকিব লাগে। তেওঁ এই ব্ৰহ্মাণ্ডৰ স্ৰজন কৰোঁতা আৰু পালন কৰোঁতা, তেৱেঁই সকলোৰে আত্মা। ব্রহ্মা আদি দেৱতাই যাক সেৱা কৰে তেওঁ যশোদাৰ ঘৰত কৰকৰা ভাত খাই গৰু চৰাই ফুৰে। যিজনে ত্রিদিশত চমক লগোৱা চতুর্ভুজ ৰূপ ধৰি অসুৰৰ ভয়ত স্ত্ৰস্তমান দেৱতাসকলক উদ্ধাৰ কৰিছিল সেইজনক মাকে কলীয়া বুলি ঠাট্টা কৰে। যিজনে দেৱৰ কার্য সাধনৰ অর্থে মোহিনীৰ ৰূপ ধাবণ কৰি দেৱতাসকলক অমৃত পান কৰোৱাই তেওঁ যশোদাৰ ঘৰত দধিচোৰ নাম পায়। কপিল বৰূপ ধাৰণ কৰি তেওঁ তত্ত্ব বিচাৰ কৰে। বামনধ ৰূপ ধাৰণ কৰি বলি বজাৰ অহংকাৰ নাশ কৰে। সেই ৰূপতে তেওঁ নখেবে গংগাক মর্ত্যলৈ বোৱাই আনে। গতিকে ইমানবোৰ মহিমা থকা পুত্র কৃষ্ণক যশোদাই ইতিকিং কৰে। যশোদাক জগতে কাঠবাজী বুলি হাঁহিছিল। কিন্তু কৃষ্ণই জন্ম লাভ কৰি যশোদাৰ সেই দুখ নোহোৱা কৰে। তথাপি তেওঁৰ প্রতি যশোদাৰ অকণো মৰম চেনেহ নাই। ভগৱান ভক্তৰ অধীন। যশোদাই একান্ত ভক্তিৰ বলত জগতৰ পতি কৃষ্ণক পুত্র হিচাপে লাভ কৰিবলৈ পাৰিছে। কৃষ্ণই বিভিন্ন ধৰণে চাতুৰী কৰি নিজৰ পৰম ব্রহ্মাত্বৰ ৰূপ ঢাকি ৰাখি সাধাৰণ মানর শিশুৰ দবে যশোদাৰ ওচৰত মান, অভিমান, খং, বোষ আদি কৰিছে।
(খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।
উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্রীধৰ কন্দলীয়ে ৰচনা কৰা ‘কানাইৰ চাতুৰী’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে।
এবাৰ দেৱতা আৰু অসুৰবিলাকে সাগৰ মন্থন কৰিছিল। সাগৰ মন্থন কৰোঁতে উৎপন্ন হোৱা অমৃত খাবৰ বাবে দেৱতা আৰু অসুৰৰ মাজত হেতা-ওপৰা লাগিছিল। দেৱতাসকলৰ সৈতে যদি অসুৰবিলাকেও অমৃতৰ ভাগ খাবলৈ পায়, তেতিয়া অসুৰবিলাকো দেৱতাসকলৰ দৰে অজৰ অমৰ ‘ব আৰু পৃথিৱীত অধর্মীৰে ভৰি পৰিব। সেইবাবে দেৱকার্য সাধন কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনীৰূপ ধাৰণ কৰিছিল। অসুৰৰিলাক মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়ত দেৱতাসকলে অমৃতৰ ভাণ্ড পান কৰি শেষ কৰি পেলাইছিল।
সেইজন বিষ্ণুৰে যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ নন্দ গৃহত পুত্র হিচাপে জন্ম লাভ কৰিছে। মানৱীয় ৰূপ প্ৰদৰ্শন কৰি তেওঁ মাকৰ লগত ঠেহ-পেচ, মান-অভিমান আদি কৰিছে। দেৱতাসকলক অমৃত পান কৰোৱা বিষ্ণুৱে নন্দৰ গৃহত দধিচোৰ নাম লৈছে। এইদৰে কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মত্বৰ ৰূপ ঢাকি ৰাখি নিজৰ মানবীয় ৰূপ প্রদর্শন কৰিছে।
(গ) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।
উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্রীধৰ কন্দলীদের বিৰচিত “কানাইৰ চাতুৰী” কবিতাটোৰপৰা উদ্ধৃত কৰা হৈছে।
উক্ত কবিতাফাকি দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে কৃষ্ণই জগতৰ কাৰণ স্বৰূপ নাৰায়ণ হৈয়ো মাকৰ ভয়তে থাকিব লাগে। তেৱেঁই এই অনন্ত ব্রহ্মাণ্ডখন স্রজন কৰি প্ৰতিপালন কৰি আছে আৰু সকলোকে আত্মৰূপে ধৰি আছে। ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে তেওঁক সেরা কৰে। অনন্ত শয্যাত নাৰায়ণ ৰূপে থাকি পদ্মনাভত ব্রহ্মাক ওপজাই তেওঁ বেদৰ জ্ঞান দিছে। যি সময়ত অসুৰৰ ভয়ত দেৱতাসকলে কৃষ্ণক স্মৰণ কৰা মাত্রকে তেওঁ অসুৰক বধ কৰি দেৱতাসকলক উদ্ধাৰ কৰিছিল। যাৰ চতুর্ভুজ ৰূপ দেখি ত্রিদিশ চমক লাগি পৰিছিল, সেইজন জগতপতিয়ে মাকৰ ভয়ত থাকিব লাগে। তেওঁ জগতৰ পতি আৰু মাক যশোদা সামান্য গোৱালৰ জীয়েক: কিন্তু তেওঁক দেখা মাত্রকে কৃষ্ণৰ ভয়তে জীউ উবি যোৱাৰ উপক্রম হয়।
ভগৱান ভক্তৰ অধীন। তেরেই পৰমাত্মা। জীৱৰ হৃদয়ত আত্মাৰূপে বিবাজমান হয়। একান্ত মনেৰে ভক্তি কৰিলে জীৱই তেওঁক পাবলৈ সমর্থ হয়। উক্ত কবিতাংশৰদ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে শ্রীকৃষ্ণ হৈছে। পৰম ব্ৰহ্ম, এই জগতৰ স্ৰজন, পালন আৰু বিনাশ কৰোঁতা। তেওঁক যশোদাই একমাত্র ভক্তিৰ বলেৰেহে পুত্ৰ ৰূপে পাবলৈ সমর্থ হৈছে। কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মৰ ৰূপ ঢাকি ৰাখি যশোদাৰ আগত মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে। সেয়েহে কৃষ্ণ স্বয়ং জগতৰ কাৰণস্বৰূপ নাৰায়ণ হ’লেও সামান্য শিশু এটিৰ দৰে মাকৰ ভয়ত কাতৰ হৈ পৰে।
ভাষা-বিষয়ক:
১। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা:
(ক) আসি
(খ) খেড়ি
(গ) পুহাইল
(ঘ) নুজুৰাই
(ঙ) বিগুটিয়া
(চ) কিসৰ
উত্তৰ:- শব্দ আধুনিক ৰূপ
(ক) আসি —– আহি
(খ) খেড়ি —– খেলা
(গ) পুহাইল —– পুৱালে
(ঘ) নুজুৰাই —— জুৰ নপৰে
(ঙ) বিগুটিয়া —- ঠাট্টাকৰা
(চ) কিসৰ —- কিহৰ
২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা :
(ক) সুন্দৰী
(খ) মাতৃ
(গ) মামা
উত্তৰ :- (ক) সুন্দৰী —- সুন্দৰ
(খ) মাতৃ ——পিতৃ
(গ) মামা —– মামী
৩। বিপৰীত শব্দ লিখাঃ
(ক) বিশ্বাস
(খ) দোষ
(গ) আনন্দ
(ঘ) অপমা
(ঙ) অমৃত
উত্তৰ :- শব্দ বিপৰীত শব্দ
(ক) বিশ্বাস —- অবিশ্বাস
(খ) দোষ —- গুণ
(গ) আনন্দ —- নিৰানন্দ
(ঘ) অপমান —- মান
(ঙ) অমৃত —– গৰল
No comments:
Post a Comment