js

Saturday, January 17, 2026

SEBA Class X Assamese Chapter 15 – বিষাদযোগ পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 15 – বিষাদযোগ

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) মহাৰথী কাক বোলে?

উত্তৰ :- যিজনে অকলে দহ হাজাৰ ধনুর্দ্ধাৰীৰ সৈতে যুঁজ কৰে, তেওঁকে মহাৰথী বোলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।

উত্তৰ :- কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ’ল-গুৰু দ্রোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ, সোমদত্তৰ পুত্র ভূৰিশ্ৰৱা।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উত্তৰ :- সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, সোনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।

(ঘ) আততায়ী কাক বোলে?

উত্তৰ :- যিয়ে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুদ্ধ দিয়ে-এই ছয় দোষৰ দোষীকে আততায়ী বলে।

(ঙ) কুলক্ষয় দোষ কি?

উত্তৰ :- যি দোষত কুলধর্ম নষ্ট হয়, সেয়াই কুলক্ষয় দোষ । ধর্ম নষ্ট হ’লে অৱশিষ্ট কূলক অধর্মে চুবে। অধর্মই চুলে কুলস্ত্রীসকল দুষ্ট হয়। স্ত্রী দুষ্ট হ’লে বর্ণসংকৰ হয়, সেই কুলটো নৰকগামী হয়, পিতৃসকল পিণ্ডহীন, জলতর্পণবিহীন হৈ পৰে।

২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।

উত্তৰ :- পাঠটিত পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বৰ্ণনা পোৱা যায় এইদৰে-

শুকুলা বাঙৰ চাৰিটা ঘোঁৰাই টনা মহাৰৰ্থত উঠি কৃষ্ণার্জুনে দিবাশংখ বজাই ৰণক্ষেত্ৰলৈ অগ্ৰসৰ হ’ল। কৃষ্ণই পাঞ্চজন্য শংখ ফুকালে। অর্জুনে দেৱদত্ত নামৰ শংখনাদ কৰিলে। ভীমে পৌণ্ড্রক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেবে মণিপুষ্পক ধ্বনিৰে ৰণাঙ্গনত প্ৰৱেশ কৰিলে। আনহাতে কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্রুপদ, দ্রৌপদীৰ পঞ্চপুত্র, সুভদ্রাব পুত্র অভিমন্যু আদি পৃথকে পৃথকে শংখ বজালে। সেই শংখৰ মহানাদে আকাশ, পৃথিবী সমন্বিতে দশোদিশ কঁপাই কৌৰৱ সৈন্যৰ মাজত মহা আতংকৰ সৃষ্টি কৰিলে।

৩। অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত বথ ৰাখিবলৈ কিয় কৈছিল?

উত্তৰ :- অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত বথ ৰাখিবলৈ কৈছিল যাতে তেওঁ যুঁজাৰু বীৰসকলক এবাৰ দৰ্শন কৰি ল’ব পাৰে। যুঁজাক বীৰসকল দুর্যোধনক সন্তুষ্ট কৰাৰ অৰ্থে ৰণলৈ আহিছে।

৪। অর্জনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আক তেওঁলোকক দেখা পাই শ্রীকৃষ্ণ কি ক’লে তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ :- অর্জুনৰ ইচ্ছানুসৰি শ্রীকৃষ্ণই কুৰুবীৰসকলৰ সম্মুখত ৰথখন ৰাখিলে আৰু ক’লে-‘হে পার্থ, কুৰুব্বীৰসৱক চক্ষু মেলি দেখা।’ অর্থাৎ কুৰুবীৰসকললৈ চকু মেলি চোৱা। অতে অর্জুনে পিতৃব্য পিতামহ, আচার্য, মাতুল, ভ্রাতৃ, পুত্র, পৌত্র, সখি, শশুৰ, সুহৃদ আদিসকলক দেখা পালে। তাকে দেখি অর্জুন দুখত অস্থিৰ হৈ পৰিল আৰু মহাদুখেৰে শ্রীকৃষ্ণক ক’লে যে জ্ঞাতি-কুটুম্বসকল যুদ্ধত যুদ্ধ দিয়াৰ অৰ্থে তেনেদবে উপস্থিত হোৱা দেখি’ অর্জুনৰ হাত-ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাইছে, নোম শিয়ৰি উঠিছে। আনকি হাতৰ গাণ্ডীৱখনো খহি পৰাৰ উপক্ৰম হৈছে। চাবিওফালে যেন ধিমঙ্গলীয়া চিনেহে দেখা দিছে-শগুণ উৰিছে, শিয়ালে হুৰা দিছে। সেই ঠাইত থিয় হৈ থকাৰ ইচ্ছা তেওঁৰ একেবাৰেই যোৱা নাই। তেওঁৰ মনত যেন মহাভ্ৰমৰ উদয় হৈছে। যুদ্ধত স্বজন বধৰপৰা দৰাচলতে অর্জুনে কোনো, আনন্দ, নাপায়। সকলো সম্পর্কীয় লোক, বন্ধু-বান্ধর যিহেতু খুঁজত উপস্থিত হৈছে তেন্তে কাৰ বাবে অর্জুনে অথবা পাশুৰেশ দ্বাজাজয় কৰিব। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰাৰপৰা অর্জুনে কোনোধৰণৰ আনন্দ লাভ নকৰে। বৰঞ্চ পাপ হোৱাৰহে আশংকা। আততায়ীক বধ কৰাটো অর্থশাস্ত্রই পাপ বলি নক’লেও ধর্মশাস্ত্রব মতে ই দোষ। বান্ধৱসকলক বধ কৰাটোওটো অপৰাধ। এই অপৰাধৰপৰা ইহজন্মত মুক্তি পোৱা সম্ভব নহয়। কৌৰৱসকলে লোভৰ বশৱৰ্তী হোৱা হেতুকে কুলক্ষয় দোষ, মিত্রদোহ আদিক পাপ যেন দেখা নাই; কিন্তু অর্জুনে জানি-শুনিনো তেনে পাপ কিদৰে কৰিব? ৰাজ্যসুখৰ লোভত স্বজন বধৰ অৰ্থে অর্জুন উদ্যত হৈছিল। সেই মহাপাপৰ প্রায়শ্চিত্তৰ বাবে অর্জুনে অস্ত্র নধবি মৌন হৈ ৰোৱাৰ কথা ঘোষণা কৰিলে। দুর্যোধন আদিয়ে যদি অস্ত্র ধৰি তেওঁক বধো কৰে, তেওঁৰ কোনো আক্ষেপ নাই। এই বুলি কৈ অর্জুনে ধনুশৰ এৰি কম্পিত হৈ ৰথৰ ওপৰত বহি পৰিল ।

৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।

উত্তৰ :- কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হয়। কাৰণ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়। ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলক অধর্মই আৱৰি ধৰে। অধৰ্ম বিয়পিলে কুলস্ত্রীসকল দুশ্চবিত্রা হয়। স্ত্রী দুশ্চৰিত্ৰা হ’লে বর্ণসংকৰ জন্ম হয়, কুল নৰকগামী হয়। ইয়াৰোপৰি পিতৃপুৰুষসকল পিণ্ডহীন, জলতর্পণহীন হৈ পৰে। এই দোষত সকলো জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰে।

৬। “জানা বাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা…।”

-এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।

উত্তৰ :- ‘জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা…।’

-সঞ্জয়ে ধৃতৰাষ্ট্ৰক এনেদৰে ক’লে।

অর্জুনে নিম্নলিখিত বাক্যশাৰী কৈ বথৰ ওপৰত বহি পৰিল-

‘মঞি অস্ত্র নধৰি মৌনে বহো। তবে দুর্যোধনাদি যদি অস্ত্ৰ ধৰি মোক বধে তেবে মোৰ মহা প্রিয় হয়, যাতো পাপ নিসিজিব।’

অর্থাৎ, মই অস্ত্র নধৰি মৌন হৈ ৰওঁ। তেতিয়া দুর্যোধনে যদি অস্ত্র ধৰি মোক বধ কৰে তাতেই মই মহা আনন্দ পাম, মোৰ কোনো পাপো নহয়।

ভাষা-বিষয়ক:

১। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা:

নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্রুতি, বিমঙ্গল, বান্ধব।

উত্তৰ :-

শব্দ

সমার্থক শব্দ

নিপুণ

সমীপ

বিস্তৰ

সহস্র

সদৃশ

বাদ্য

কৰ-চৰণ

চৰ্ম

শ্রুতি

বিমঙ্গল

বান্ধব

পাকৈত

নিকট

বৃহৎ

হাজাৰ

সম

বাজনা

হাত-ভৰি

ছাল

বেদ

অমঙ্গল

মিত্র

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাসি, ফুস্কিলা, বাইলা, ৰহিবে, ৰহো।

উত্তৰ :-

 

প্ৰাচীন শব্দ

আধুনিক ৰূপ

হুয়া

কহা

চক্ষু

কৰিলা

চাঞো

মঞি

বুলিলা

খাসি

ফুস্কিলা

বাইলা

ৰহিবে

ৰহো

হৈ

কোৱা

চকু

কৰিলে

চাওঁ

মই

ক’লে

খহি

ফুকালে

বজালে

ৰ’বলৈ; থিয় দিবলৈ

থাকোঁ

৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ :- ভট্টদেৱ অর্থাৎ কবিৰত্ন ভাগৱত ভট্টাচার্য হৈছে অসমীয়া গদ্য সাহিত্যব জনক।

ভট্টদেৱ যে কেবল কথাসাহিত্যৰ জনকেই তেনে নহয়। সাহিত্যত তেখেতৰ সম্পূর্ণ সাহিত্যিক প্রতিভা পৰিস্ফুট হৈছে। তেওঁ অসমীয়া গদ্যত তত্ত্বগধুৰ কথা ৰচনাৰ আর্হি দেখুৱাই থৈ গৈছে। তেওঁৰ গদ্যপুথি বুৰঞ্জী সাহিত্যৰ দৰে কথিত গদ্য নহয়। তেওঁৰ সমসাময়িক পদ্যৰ ভাষাৰদ্বাৰা প্রভাবিত ঝহৈছিল। ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান। তেওঁব ভাষাৰ মাজত সংস্কৃত শব্দব প্রয়োগো কম-বেছি পৰিমাণে দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে ভট্টদেৰ আছিল গীতা-ভাগবত আদি সংস্কৃত শাস্ত্রৰ অগাধ পণ্ডিত।

No comments:

Post a Comment

SEBA Class X Assamese Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ ভাৱ-বিষয়ক: ১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া : (ক) তক্ষশীলা বিশ্ববিদ্য...