Redirect Image

js

Saturday, January 17, 2026

SEBA Class X Assamese Chapter 14 – ধৰ ঝাড়ু ধৰ ভাই পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

 

Chapter 14 – ধৰ ঝাড়ু ধৰ ভাই

পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰ :- অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

(খ) সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰ :- সাতামপুৰুষীয়া ‘সোণৰ চোতাল-গৰ’ ‘কত যুগৰ ভূওঁৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।

(গ) জাতিৰ জীবন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰ :- জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে অসমীয়া ভাইসকলক বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

(ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰ :– কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে।

২। “হ’ল এৱে তোৰ সময় হ’বৰ

জাতিৰ ঝাড়ুদাৰ যে ভাই।”

-ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?

উত্তৰ :- ঝাড়ুৰে জাৱৰ-জোঁথৰ সাৰি-পুছি ঘৰ-চোতাল চিকুণাই তোলা হয়। উক্ত কবিতাটোৰদ্বাৰা কবিয়ে দেশৰ ভাইসকলক ঝাড়ু ধৰিবলৈ আহ্বান কৰি তাৰদ্বাৰা পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰাৰ সময় হ’ল বুলি উল্লেখ কৰিছে। ইমান দিনে দেশৰ ভাইসকলে পৰৰ গোলামি কৰি, পৰৰ চৰণত পূজা অৰ্চনা দি স জীৱন অতিবাহিত কৰিছিল। ফলত পৰাধীনতাৰ কালিমাই আমাৰ পুৰণি নি ঐতিহ্য বিনষ্ট কৰি পেলাইছিল। গতিকে এই কালিমা আঁতৰ কৰাৰ এয়ে নি উপযুক্ত সময় হোৱা বুলি কৈ দেশৰ ভাইসকলক ঝাড়ুদাৰ হৈ ওলাই আহি সেই কাজল, ছাইৰূপী পৰাধীনতাৰ কলংক আঁতৰাবলৈ আহ্বান জনাইছে।

(৩) “নহ’লে যে বিশ্বসভাত

নহ’ব তোৰ বহাৰ ঠাই।”

বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

উত্তৰ :- আমাৰ ভাইসকলে ইমানদিনে পৰৰ গোলামি কৰি, পৰৰ চৰণত পূজা, সেৱা কৰি দিন অতিবাহিত কৰিলে। কিন্তু এতিয়া এইবোৰ কৰি থকাৰ সময় অতিবাহিত হৈছে। এতিয়া সকলোৰে ঝাড়ুদাৰ হৈ নিজৰ মাজত থকা হিংসা-দ্বেষ, ঘৃণা-অহংকাৰ, ভেদা-ভেদ আদি মলি মামৰ আঁতৰ কৰি একত্ৰিতভাবে দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনিব লাগে। অসমীয়া ভাইসকলক বীৰৰ বেশেৰে আগবাঢ়ি গৈ দেশৰ হেৰুওৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰি আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ এই কবিতাটোৰদ্বাৰা কবিয়ে নিৰ্দেশ দিছে।

৪। ‘ধৰ ঝাড়ু ধৰ ভাই’-কবিতাটিৰ মূলভাব লিখা।

উত্তৰ :- ঝাড়ুৰে ঘৰ-দুৱাৰ সাৰি-পুছি চাফ-চিকুণ কৰা হয়। এই কবিতাটোৰ দ্বাৰা কবিয়ে দেশৰ ভাইসকলক ঝাড়ু ধৰিবলৈ আহ্বান জনাইছে। পৰাধীনতাৰ কাজল-ছাই বা- কলংকৰে আমাৰ দেশখন ভৰি পৰিছে। আমাৰ সাতামপুৰুষীয়া ঐতিহ্যময় চোতালঘৰ আদি বহু যুগৰ ভূঁহুৰ পৰি পোত যোৱাৰ উপক্ৰম হৈছে। ইমানদিনে পৰৰ গোলামি কৰা, পৰৰ পূজা-সেৱা কৰা দেশৰ ভাইসকলে আজি ঝাড়ুৰে সাৰি-পুছি নিজৰ মাজত থকা ভেদা-ভেদ, হিংসা-দ্বেষ, ঘৃণা-অহংকাৰ আদি আঁতৰ কৰি সকলোৱে একত্ৰিতভাৱে দেশখনৰ হেৰুওৱা স্বাধীনতা পুনৰ ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে নিৰ্দেশ দিছে।

৫। ব্যাখ্যা কৰা:

(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,

ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ

কত যে কি মলি মামন

ভৰি জাতিৰ জীৱন যায়।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিপ্লবী কৰি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ৰচনা কৰা ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

এই কবিতাটোৰদ্বাৰা কবিৰ দেশৰ প্ৰতি থকা প্ৰেম, ভালপোৱাৰ সুন্দ প্ৰতিফলন ঘটিছে। সেই সময়ত আমাৰ দেশখন পৰাধীনতাৰ কলিয়া ডাবদে আৱৰি ধৰিছিল। লোকসকলৰ মাজত হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা অহংকাৰ আদিয়ে প্ৰাধান্য পাইছিল। ফলত দেশখনৰ চৌপাশ কাজল-ছাই বহু যুগৰ ভূত্বৰ আদিৰে ভৰি পৰিছিল। কবিয়ে দেশখনৰ এই সকলোবোৰ আৱৰ্জনা আঁতৰ কৰি জাতিটোৰ জীৱন ৰক্ষা কৰিবলৈ অৰ্থাৎ পবাধীনতাৰ কলংক আঁতৰাই দেশখনক পুনৰ স্বাধীন কৰিবলৈ দেশৰ ভাতৃসকলক ঝাড়ুদাৰ হ’বলৈ আহ্বান জনাইছে। এওঁলোকে ঝাড়ুদাৰৰ ৰূপ ধাৰণ কৰি লোকসকলৰ মাজত থকা হিংসা-দ্বেষ, ভেম-অহংকাৰ আদি আঁতৰাই সকলোৱে একত্ৰিতভাবে দেশৰ হেৰুওৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিব লাগে। নহ’লে ভৱিষ্যতে বিশ্বৰ দৰবাৰত এই জাতিটোৱে স্বকীয় বৈশিষ্ট্যকে নিজক প্ৰতিস্থিত কৰিব নোৱাৰিব। গতিকে কবিয়ে দেশৰ সকলো ভাইকে ঝাড়ুদাৰ হৈ আগবাঢ়ি আহি দেশ পুৰণি কলংক-কালিমা আঁতৰাই দেশখনৰ স ৰূপত গঢ়িবলৈ আহ্বান জনাইছে।

( খ )ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবৰ সময় নাই

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল ছাই।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰী ৰায়চৌধুৰীদেবে ৰচনা কৰা ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰপৰা উদ্ধৃত কৰা হৈছে।

এই কবিতাটোৰদ্বাৰা কবিৰ দেশৰ প্ৰতি থকা প্ৰেম, ভালপোৱা আদিৰ সুন্দৰ প্ৰকাশ ঘটিছে। সেই সময়ত আমাৰ দেশখন পৰাধীনতাৰ কলীয়া ভাৱৰে আৱৰি ধৰিছিল। সাতামপুৰুষীয়া চোতালঘৰ আদিৰ পুৰণি ঐতিহ্য-গৰিমা বহু যুগৰ ভূইৰ পৰি পোত যোৱাৰ উপক্ৰম হৈছিল। গতিকে কবিয়ে -এই জাৱৰ-জোঁথৰবোৰ আঁতৰ কৰি অৰ্থাৎ পৰাধীনতাৰ পৰা দেশখনক উদ্ধাৰ কৰি দেশৰ পুৰণি গৰিমা-কীৰ্তি পুনৰ ওভতাই আনিবলৈ দেশৰ লোকসকলক ঝাড়ুদাৰ হ’বলৈ আহ্বান জনাইছে। দেশৰ ভাইসকল পৰাধীন হৈ থকাৰ সময় শেষ হ’বলৈ উপক্ৰম হৈছে। ইতিমধ্যেই এওঁলোকৰ মুখ বিকাজল ছাইৰে ভৰি পৰিছে। গতিকে সকলোৱে একত্ৰিতভাৱেৰে এই কাজল ছাই আঁতৰাই কলংক মোচন কৰাৰ সময় আহি পৰিছে বুলি কবিয়ে উল্লেখ কৰিছে।

৬। ‘ধৰ ঝাড়ু ধৰ ভাই’- কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰ : – ‘ধৰ ঝাড়ু ধৰ ভাই’ বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেবে বিচনা কৰা এটা দেশপ্ৰেমমূলক কবিতা। স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল কাৰাগাৰত তেওঁক পায়খানা সাৰি চাফাই কৰা কাম দিয়া হৈছিল। এই কা কৰোঁতে তেওঁ বাঢ়নী চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰি গৈছিল। কবি ৰায়চৌধুৰীদেৱে ঝাড়ুৰে পায়খানাৰ ময়লা পৰিষ্কাৰ কৰোঁতে দেশখনক আৱৰি ধৰা কাজল-ছাইৰূপী, পৰাধীনতাৰ কলংক-কালি এইবোৰৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ ভাইসকলক ঝাড়ুদাৰ হৈ আগব আহিবলৈ আহ্বান জনাইছে। আমাৰ সাতামপুৰুষীয়া ঐতিহ্যময় চোতাল ঘৰ বহু যুগৰ পৰাই ভূইব পৰি পৰি পোেত খাই যোৱাৰ উপক্ৰম হৈছে । গতিকে দেশৰ ভাইসকলে হাতত ঝাড়ুলৈ সেই ভূঁহৰবেৰ সাৰি-পছি- আঁতৰ কৰি চোতাল ঘৰ পৰিষ্কাৰ কৰি সেই পুৰণি ঐতিহ্য কীৰ্তি পুনৰ ফিৰাই আনিব লাগে। ইমানদিনে এই দেশৰ লোকসকলে আনৰ গোলামি কৰিলে আনৰ চৰণত পুজা অৰ্চনা দিলে। কিন্তু এতিয়া এওঁলোকে জাতিৰ হেৰুবা স্বাধীনতা পুনব উদ্ভাবৰ বাবে হাতত ঝাড়ু লোৱাৰ সময় আহি গৈছে এওঁলোকে এতিয়া নিজৰ ভিতৰত থকা হিংসা-দ্বেষ, ভেদা-ভেদ, ভেম – অহংকাৰ আদি ৰূপী মলি-মামৰবোৰ ঝাড়ু দি আঁতৰ কৰি বীৰৰ বেশেদে একত্ৰিত হৈ দেশব হেকৰা স্বাধীনতা পুনৰ ঘুৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চস্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে উক্ত কবিতাটিত দেশপ্ৰেমৰ সুন্দৰ নিদৰ্শন ফুটি উঠা দেখা গৈছে।

ভাষা-বিষয়ক:

১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা

কৰা:

(ক) হীনে-ঘিণে,

(খ) ধাৰে-ঋণে,

(গ) ঘৃণা-ঘৃণি,

(ঘ) জাহি-জাবদ

(ঙ) সাৰি-পুছি,

(চ) মলি-মামৰ।

উত্তৰ :-

(ক)হীনে-ঘিণে: দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশ লোকসকলে হীনে-ঘিণে হ’লেও

পৰৰ গোলামি কৰিবলৈ বাধ্য হৈছিল

(খ) ধাৰে-ঋণেঃ হৰেণে ধাৰে-ঋণে পোত গৈ হ’লেও ছোৱালীজনী

উচ্চ শিক্ষা দিবলৈ চেষ্টা কৰিছে।

(গ) ঘৃণা-ঘৃণি : পৰাধীনতাৰপৰা উদ্ধাৰ হ’বলৈ দেশৰ লোকসকলেৰ নিজৰ মাজত থকা

ঘৃণা-ঘৃণি ত্যাগ কৰি মাৰবান্ধি থিয় দিছিল।

(ঘ) জাহি-জাবৰ: মীৰাই পলকতে চোতালৰ জাহি-জাবৰবো আঁতৰাই চোতালখন পৰিষ্কাৰ

কৰি পেলালে।

ঙ) সাৰি-পুছিঃ আমি সদায় ঘৰ-চোতাল সাৰি-পুছি নিকা কৈ ৰাখিব লাগে।

(চ) মলি-মামৰ: আমি সকলোৱে আমাৰ মাজত থকা হিংসা-দ্বেষ, ভেম-অহংকাৰ, উচ্চ-নীচ

আদিৰূপী মলি-মামৰবোৰ আঁতৰ কৰিব লাগে।

। তলৰ শব্দবোৰত মূৰ্ছণ্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শেবো:

(ক) সোণ, (খ) ঘৃণা, (গ) ঋণ।

উত্তৰ :-

(ক) সোণ: কিছুমান শব্দত স্বাভাৱিকতেই মূৰ্ছণ্য ‘ণ’ হয়।

(খ) ঘৃণা : ঋ-ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্ছণ্য ‘ণ’ হয়।

(গ) ঋণঃ ঋ-ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্ছণ্য ‘ণ’ হয়।

৩। বিপৰীত শব্দ লিখা:

(ক) ঘৃণা, (খ) স্বাৰ্থ, (গ) জীৱন, (ঘ) বীৰ।

উত্তৰ :- শব্দ বিপৰীত শব্দ

(ক) ঘৃণা —– প্ৰেম

(খ) স্বাৰ্থ —— নিঃস্বাৰ্থ

(গ) জীৱন —— মৰণ

(ঘ) বীৰ —— ভয়াতুৰ

No comments:

Post a Comment

ASSEB Class IX English Textbook:Moments, Chapter 2: The Adventures of Toto Additional Questions and Answers

Chapter: The Adventures of Toto Addtional Questions and Answers Multiple Choice Questions (MCQs) 1. Who is the author of "The...