বিজ্ঞান প্ৰশ্নকাকত সমাধান 2024
| ক – শাখা |
শুদ্ধ উত্তৰটো বাছি উলিওৱা:
1. বেৰিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱ আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্রৱ যোগ কৰাৰ ফলত অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্রৱ প্রস্তুত হ’ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা-চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ’ব?
(A) BaCl (aq) + NaSO₄ (aq) → BaSO₄ (s) ↓ + NaCl (aq)
(B) BaCl₂ (s) + Na₂SO₄ (s) → BaSO₄ (s) + NaCl(s)
(C) BaCl₂(aq) + Na₂SO₄ (s)→ BaSO₄(aq) + 2NaCl (aq)
(D) BaCl₂(aq) + Na₂SO₄ (aq) → BaSO₄ (s) ↓+2NaCl (aq)
উত্তৰঃ (D) BaCl₂(aq) + Na₂SO₄ (aq) → BaSO₄ (s) ↓+2NaCl (aq)
2. তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই?
(A) খাদ্য হজম হোৱা।
(B) শ্বসন।
(C) মমবাতি জ্বলা।
(D) মমবাতি গলা।
উত্তৰঃ (D) মমবাতি গলা।
3. এটা সন্তুলিত ৰাসায়নিক বিক্রিয়াই তলৰ কোনটো সূত্র মানি চলে?
(A) ভৰবেগৰ ৰক্ষণশীলতা।
(B) ভৰৰ ৰক্ষণশীলতা।
(C) শক্তিৰ ৰক্ষণশীলতা।
(D) ঘনত্বৰ ৰক্ষণশীলতা।
উত্তৰঃ (B) ভৰৰ ৰক্ষণশীলতা।
4. তলৰ কোনটো ঘ্রাণেন্দ্রিক সূচক?
(A) লিটমাছ।
(B) হালধী।
(C) ভেনিলা।
(D) ফিন’ফথেলিন।
উত্তৰঃ (C) ভেনিলা।
5. ধাতৱ অক্সাইডবোৰ হ’ল—
(A) আম্লিক।
(B) ক্ষাৰকীয়।
(C) প্রশম।
(D) ওপৰৰ এটাও নহয়।
উত্তৰঃ (B) ক্ষাৰকীয়।
6. NaHCO₃ আৰু Na₂CO₃.10H₂O ক সাধাৰণতে ক্রমান্বয়ে ____________ আৰু ____________ বোলা যায়।
(A) কাপোৰ ধোৱা ছ’ডা, বেকিং ছ’ডা।
(B) বেকিং ছ’ডা, কাপোৰ ধোৱা ছ’ডা।
(C) ক’ষ্টিক ছ’ডা, বেকিং ছ’ডা।
(D) বেকিং ছ’ডা, ক’ষ্টিক ছ’ডা।
উত্তৰঃ (B) বেকিং ছ’ডা, কাপোৰ ধোৱা ছ’ডা।
7. দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা:
(i) PH ৰ মান 5.5 ৰ তলত হ’লে দন্তক্ষয়ৰ সূচনা হয়।
(ii) ফ’চফ’ৰিক এচিডে pH ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়।
তলৰ কোন বিকল্পটো শুদ্ধ?
(A) (i) সত্য আক (ii) অসত্য।
(B) (i) অসত্য আৰু (ii) সত্য।
(C) (i) আৰু (ii) দুয়োটা সত্য।
(D) (i) আক (ii) দুয়োটা অসত্য।
উত্তৰঃ (A) (i) সত্য আক (ii) অসত্য।
8. তলৰ কোনটো আটাইতকৈ ঘাতসহনশীল ধাতু?
(A) ছ’ডিয়াম।
(B) আইৰন।
(C) সোণ।
(D) ক’পাৰ।
উত্তৰঃ (C) সোণ।
9. যদি A ধাতুৰে B ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেতিয়া
(A) A ধাতু B তকৈ বেছি সক্রিয়।
(B) B ধাতু A তকৈ বেছি সক্রিয়।
(C) A আৰু B ধাতু সক্রিয় নহয়।
(D) A আৰু B ধাতু সমানে সক্ৰিয়।
উত্তৰঃ (A) A ধাতু B তকৈ বেছি সক্রিয়।
10. কোনটো ধাতুৰ ছালফাইড আকৰিক হ’ল চিনাবাৰ?
(A) ক’পাৰ।
(B) মার্কুৰি (পাৰা)।
(C) এলুমিনিয়াম।
(D) আইৰন (লো)।
উত্তৰঃ (B) মার্কুৰি (পাৰা)।
11. একোটা ছালফাৰৰ অনুত সর্বাধিক কেইটা পৰমাণু থাকিব পাৰে?
(A) 2
(B) 4
(C) 8
(D) 10
উত্তৰঃ (C) 8
12. তিনিটা কার্বন আৰু এলডিহাইড কার্যকৰী মূলক থকা যৌগটোৰ নাম হ’ব—
(A) প্র’পিন।
(B) প্র’পানল।
(C) প্র’পেন।
(D) প্র’পানেল।
উত্তৰঃ (D) প্র’পানেল।
13. জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য?
(A) ই হাইড্র’জেন দিয়ে।
(B) ই অক্সিজেন দিয়ে।
(C) ই অক্সিজেন লয়।
(D) ওপৰৰ এটাও নহয়।
উত্তৰঃ (B) ই অক্সিজেন দিয়ে।
14. পর্যাবৃত্ত তালিকাত তলৰ কোনটো ধর্ম বর্গ এটাত ওপৰৰ পৰা তললৈ বাড়ে?
(i) যোজ্যতা।
(ii) ধাতৱীয় গুণ।
(iii) কার্যকৰী নিউক্লীয় আধান।
(iv) পাৰমাণৱিক ব্যাসার্ধ।
(A) (i) আৰু (ii)
(B) (ii) আৰু (iv)
(C) (iii) আৰু (iv)
(D) (i) আৰু (iv)
উত্তৰঃ (B) (ii) আৰু (iv)
15. মৌল X য়ে X C1₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে, যিটো উচ্চ গলনাংকৰ এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে পর্যাবৃত্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(A) Na
(B) Mg
(C) A1
(D) Si
উত্তৰঃ (B) Mg
16. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্রত্যেকৰে ফ’কাছ দৈর্ঘ্য -15 cm. দাপোণ আৰু লেন্ছৰ প্রকৃতি কেনেকুৱা হ’ব পাৰে?
(A) দুয়োখন উত্তল।
(B) দুয়োখন অৱতল।
(C) দাপোণখন অৱতল আৰু লেন্ছখন উত্তল।
(D) দাপোণখন উত্তল আৰু লেন্ছখন অৱতল।
উত্তৰঃ (B) দুয়োখন অৱতল।
17. এজন ল’ৰাই তেওঁৰ চকুৰ পৰা 17 cm দূৰত্বত ৰখা বস্তু দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 cm তকৈ অধিক দূৰত্বত ৰাখিলে বস্তু দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰি—
(A) উত্তল লেন্ছ ব্যৱহাৰ কৰি।
(B) অৱতল লেন্ছ ব্যৱহাৰ কৰি।
(C) দ্বি-ফ’কাছ লেন্ছ ব্যৱহাৰ কৰি।
(D) স্পর্শলেন্ছ ব্যৱহাৰ কৰি।
উত্তৰঃ (B) অৱতল লেন্ছ ব্যৱহাৰ কৰি।
18. অৱতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?
(A) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসার্ধৰ মাজত।
(B) ভাঁজ কেন্দ্রত।
(C) ভাঁজ কেন্দ্ৰৰ বাহিৰত।
(D) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
উত্তৰঃ (D) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
19. পৰিবাহী তাঁৰ এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ’ল:
(i) ভল্টেজৰ সৈতে বিদ্যুৎ ৰৈখিকভাৱে বৃদ্ধি হ’ব।
(ii) V ৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰোধ ভিন্ন হ’ব।
(iii) V আৰু I প্রত্যেক মানৰ ক্ষেত্ৰত গ্ৰাফৰ প্রৱণতা একে।
(A) মাত্র (i)
(B) (i) আৰু (iii)
(C) মাত্র (ii)
(D) (i) আৰু (ii)
উত্তৰঃ (C) মাত্র (ii)
20. বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্রখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব?
(i)
(ii)
(iii)
(iv)
উত্তৰঃ (iii)
21. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহী তাঁৰৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে?
(A) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰলৰেখাৰে গঠিত।
(B) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰলৰেখাৰে গঠিত।
(C) ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত।
(D) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত।
উত্তৰঃ (C) ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত।
22. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ’ল—
(A) চকুৰ পতা।
(B) চকুৰ মণি।
(C) অক্ষিপট।
(D) কৰ্ণিয়া।
উত্তৰঃ (C) অক্ষিপট।
23. মুকলি আকাশৰ ৰং নীলা কিয়?
(A) পোহৰৰ প্ৰতিফলনৰ বাবে।
(B) পোহৰৰ প্ৰতিসৰণৰ বাবে।
(C) পোহৰৰ বিক্ষেপণৰ বাবে।
(D) বায়ুমণ্ডলৰ স্তৰৰ বাবে।
উত্তৰঃ (C) পোহৰৰ বিক্ষেপণৰ বাবে।
24. তলৰ কোনটো শক্তি সৌৰশক্তি আধাৰিত নহয়?
(A) বায়ু শক্তি।
(B) ভূ-তাপীয় শক্তি।
(C) নিউক্লীয় শক্তি।
(D) জীৱভৰ।
উত্তৰঃ (C) নিউক্লীয় শক্তি।
25. 1 kWh = ____________ জুল।
(A) 3.6 × 10⁵
(B) 3.6 × 10⁶
(C) 3.6 × 10⁷
(D) 3.6 × 10⁸
উত্তৰঃ (B) 3.6 × 10⁶
26. লেন্ছৰ ক্ষমতাৰ SI একক হ’ল—
(A) জুল।
(B) ডায়’প্টাৰ।
(C) ওম।
(D) এম্পিয়াৰ।
উত্তৰঃ (B) ডায়’প্টাৰ।
27. 1 eV = ___________
(A) 1.602 × 10⁻¹⁸ J
(B) 1.602 × 10⁻¹⁹ J
(C) 1.601 × 10⁻¹⁷ J
(D) 1.601 × 10⁻¹⁶ J
উত্তৰঃ (B) 1.602 × 10⁻¹⁹ J
28. বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জ’নে বাধা দিয়ে—
(A) অৱলোহিত বিকিৰণ।
(B) দৃশ্য ৰশ্মি।
(C) অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ।
(D) উভয় (A) আৰু (C)
উত্তৰঃ (C) অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ।
29. তলত দিয়া কোনটো শক্তিৰ নবীকৰণযোগ্য উৎস নহয়?
(A) সূৰ্য।
(B) বতাহ।
(C) জীৱাশ্ম ইন্ধন।
(D) পানী।
উত্তৰঃ (C) জীৱাশ্ম ইন্ধন।
30. কয়লা আৰু পেট্র’লিয়াম গঠনৰ উৎস হ’ল—
(A) কলিফর্ম।
(B) জীৱভৰ।
(C) সেউজগৃহ গেছ।
(D) মহাসামুদ্ৰিক পানী।
উত্তৰঃ (B) জীৱভৰ।
31. শক্তি প্রৱাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে, শক্তিৰ প্রৱাহ সদায়—
(A) একমুখী।
(B) বহুমুখী।
(C) বায়ুত ঊর্ধ্বমুখী।
(D) পানীত অধঃমুষী।
উত্তৰঃ (A) একমুখী।
32.
চিত্ৰত দেখুওৱাৰ দৰে, এটা ইলেক্ট্রন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্রনৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ হ’ব—
(A) সোঁফাললৈ।
(B) বাওঁফাললৈ।
(C) পৃষ্ঠাৰ বাহিৰলৈ।
(D) পৃষ্ঠাৰ ভিতৰলৈ।
উত্তৰঃ (D) পৃষ্ঠাৰ ভিতৰলৈ।
33. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 A প্রৱাহ লয়। বর্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ’ব—
(A) 330 C
(B) 310 C
(C) 320 C
(D) 300 C
উত্তৰঃ (D) 300 C
34. এমিবাই তাৰ চৌপাশৰ পৰাই __________ৰ সহায়ত খাদ্যবস্তু সংগ্রহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে।
(A) কূটপদ।
(B) চিলিয়া।
(C) ফ্লেজেলা।
(D) স্পৰ্শক।
উত্তৰঃ (A) কূটপদ।
35. উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ’ল—
(A) পানীৰ পৰিবহণ।
(B) খাদ্যৰ পৰিবহণ।
(C) এমিন’ এছিডৰ পৰিবহণ।
(D) অক্সিজেনৰ পৰিবহণ।
উত্তৰঃ (A) পানীৰ পৰিবহণ।
36. কোষত এণ্ড’থার্মিক বিক্রিয়া সংঘটিত কৰাৰ বাবে কোষে ____________ ব্যৱহাৰ কৰে।
(A) এ.ডি.পি.
(B) এ.টি.পি.
(C) এ.এম.পি.
(D) কার্বন ডাইঅক্সাইড।
উত্তৰঃ (B) এ.টি.পি.
37. দুটা নিউৰণৰ মাজৰ খালী ঠাইখিনিক __________ বোলা হয়।
(A) ডেড্রাইট।
(B) ছাইনেপচ্।
(C) এক্সন।
(D) প্রেৰণা।
উত্তৰঃ (B) ছাইনেপচ্।
38. তলৰ কোনবিধ উদ্ভিদ হৰম’নে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে?
(A) ছাইট’কাইনিন্।
(B) ইষ্ট্র’জেন।
(C) থাইৰ’ক্সিন্।
(D) ইন্চুলিন।
উত্তৰঃ (A) ছাইট’কাইনিন্।
39. কিছুমান ঐচ্ছিক কার্য যেনে, এডাল চিধা ৰেখাত খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্রণ কৰা পশ্চাৎ মস্তিস্কৰ অংশটো হ’ল—
(A) চেৰিবেলাম।
(B) চেৰিব্ৰাম।
(C) পনস্।
(D) মেডুলা।
উত্তৰঃ (A) চেৰিবেলাম।
40. এমিবাৰ দৰে এককোষী প্রাণীয়ে ____________ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে।
(A) দ্বি-বিভাজন।
(B) বহুবিভাজন।
(C) মুকুলোদ্গম।
(D) বিভংগন।
উত্তৰঃ (A) দ্বি-বিভাজন।
41. পৰাগধানীত __________ থাকে।
(A) বেটুপাত।
(B) ডিম্বক।
(C) স্ত্রীকেশৰ।
(D) পৰাগৰেণু।
উত্তৰঃ (D) পৰাগৰেণু।
42. তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্রীজনন তন্ত্রৰ অংশ নহয়?
(A) ডিম্বাশয়।
(B) জৰায়ু।
(C) শুক্রবাহী নলী।
(D) ফেল’পিয়ান নলী।
উত্তৰঃ (C) শুক্রবাহী নলী।
43. তলত দিয়া সমবৃত্তিক অংগ বাছি উলিওৱা।
(A) বাদুলীৰ পাখি আৰু চৰাইৰ পাখি।
(B) বাদুলীৰ পাখি আৰু মানুহৰ আগহাত।
(C) ভেকুলীৰ আগঠেং আৰু জেঠীৰ আগঠেং।
(D) চৰাইৰ পাখি আক ভেকুলীৰ আগঠেং।
উত্তৰঃ (A) বাদুলীৰ পাখি আৰু চৰাইৰ পাখি।
44. ঊনৈশ শতিকাত ‘প্রাকৃতিক নির্বাচন’ৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল?
(A) চার্লচ্ ডাৰউইন।
(B) শ্ৰীগৰ জোহান মেণ্ডেল।
(C) ষ্টেন্লি এল্. মিলাৰ।
(D) হেৰ’ল্ড চি. উৰে।
উত্তৰঃ (A) চার্লচ্ ডাৰউইন।
45. এটা মেণ্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ’ল। কিন্তু প্রায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ’ল। এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুক্তি ওখ পৈত্রিক গছত আছিল বুলি ধৰিব পৰা যাব?
(A) TTWW
(B) ttww
(C) TtWW
(D) TtWw
উত্তৰঃ (D) TtWw
| খ – শাখা |
46. (a) ৰেড’ক্স বিক্রিয়া বুলিলে তুমি কি বুজা? তলৰ বিক্ৰিয়াটোৰ পৰা জাৰণ আৰু বিজাৰণ অংশটো বাচি উলিওৱা:
উত্তৰঃ যিবোৰ বিক্রিয়াত জাৰণ বিজাৰণ সংঘটিত হয় তাক ৰেড’ক্স বিক্রিয়া বোলে।
কপাৰ(II) অক্সাইড বিজাৰিত হৈছে।
হাইড্র’জেন অক্সিজেন লাভ কৰি জাৰিত হৈছে।
(b) পোৰা চূণ আৰু শিথিলিত চূণৰ সংকেত লিখা।
উত্তৰঃ পোৰা চূণৰ সংকেত – CaO(s)
শিথিলিত চূণৰ সংকেত – Ca(OH)₂ (aq)
47. HCl পানীত দ্রৱীভূত কৰিলে হোৱা ৰাসায়নিক বিক্রিয়াটো লিখা। বিক্রিয়াটোত উৎপন্ন হোৱা আয়নকেইটাৰ নাম লিখা।
উত্তৰঃ HCl পানীত দ্রৱীভূত কৰিলে হোৱা ৰাসায়নিক বিক্রিয়াটো হ’ল– HCl(aq) + H₂O(l)→ H₃O⁺(aq) + Cl⁻(aq)
বিক্রিয়াটোত উৎপন্ন হোৱা আয়নকেইটাৰ নাম হ’ল— হাইড্রজেন H⁺(aq) আৰু হাইড্র’নিয়াম আয়ন (H₃O⁺)
48. বহুৰূপ বুলিলে তুমি কি বুজা? কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখা। সিহঁত গঠনৰ ভিত্তিত কেনেদৰে পৃথক?
উত্তৰঃ ভৌতিক ধর্ম পৃথক আৰু বিভিন্ন ৰূপত থাকে। তাকে আমি বহুৰূপ বুজো।
কাৰ্বনৰ দুটা বহুৰূপৰ নাম হ’ল— হীৰা আৰু গ্ৰেফাইট।
হীৰা গঠিত প্রতিটো কার্বনত পৰমানুৱে আন চাৰিটা কার্বন পৰমানুৰ লগত বান্ধনী গঠন কৰি দৃঢ় ত্রিমাত্রিক গঠন কৰে, আনহাতে, গ্ৰেফাইটে প্রতিটো কার্বন পৰমানুৱে আন তিনিটা কার্বন পৰমানুক লগত একেখন সমতলত বান্ধনী গঠণ কৰিও ষড়ভুজী সজ্জা সৃষ্টি কৰে। এনেদৰে সিহঁত গঠনৰ ভিত্তিত পৃথক।
49. এমালগাম কি? ব্র’ঞ্জত থকা ধাতু দুটাৰ নাম লিখা। ব্র’ঞ্জ সংকৰ ধাতু হয়নে?
উত্তৰঃ যিকোনোবস্তুৰ মিশ্রণক এমালগাম বোলে।
ব্র’ঞ্জত থকা ধাতু দুটাৰ নাম হ’ল— কপাৰ আৰু টিন।
ব্র’ঞ্জ সংকৰ ধাতু হয়।
50. থার্মিট বিক্রিয়া কি? ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা। ইয়াৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ আইৰণ (III) অক্সাইডৰ লগত (fe₂O₃) লগত এলুমিনিয়া বিক্রিয়াকে থার্মিট বিক্রিয়া বোলে?
ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল— Fe₃O₃(S) + 2 AI(S) → 2Fe (l) + Al₂O₃(S) + Heat (তাপ)
ৰেল লাইন চিৰি যোৰা দিয়াত থার্মিট বিক্রিয়া ব্যৱহাৰ কৰা হয়।
51. কার্যকৰী নিউক্লীয় আধান কি? পর্যাবৃত্ত তালিকাত কার্যকৰী নিউক্লীয় আধান বর্গ আক পর্যায় এটাত কেনেদৰে সলনি হয়?
উত্তৰঃ ধনাত্মক আধানত পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ইলেকট্রনৰ ওপৰত আকর্ষণীয় ক্রিয়াই হ’ল কার্যকৰী নিউক্লীয় আধান।
বৰ্গ এটাত তললৈ ই কমে আৰু পৰ্যায় এটাত সোঁফালে বাঢ়ে।
52. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা +1.5 D. লেন্ছখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা। এই লেন্ছখন অভিসাৰী নে অপসাৰী?
উত্তৰঃ ইয়াত, লেখনৰ ক্ষমতা (P) = +1.5D
আমি জানাে যে,
যিহেতু ক্ষমতা ধনাত্মক, গতিকে লেখন অভিসাৰী।
53. কুণ্ডলীত প্রৱাহ আৱিষ্ট কৰাৰ দুটা উপায় ব্যাখ্যা কৰা।
উত্তৰঃ কুণ্ডলীত প্রৱাহ আৱিষ্ট কৰাৰ দুটা উপায় হ’ল—
(ক) চুম্বক শলা এডাল তাঁৰৰ ওচৰলৈ আৰু তাঁৰৰ পৰা আতঁৰলৈ নি প্ৰৱাহ আৱিষ্ট কৰিব পাৰি।
(খ) ওচৰৰ কুণ্ডলীৰ লগত সংলগ্ন চুম্বক বলৰ পৰিৱৰ্তনে আন কুণ্ডলীত প্ৰৱাহ আৱিষ্ট কৰে।
54. (a) তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দর্শোৱা।
উত্তৰঃ দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ’ল জীৱাশ্ম ইন্ধন আৰু নিউক্লীয় শক্তি।
ইয়াৰ কাৰণ হ’ল এই উৎস দুটা অনৱীকৰণযোগ্য শক্তিৰ উৎস। ইহঁতক নিৰৱচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থকাৰ ফলত ইহঁত এদিন পৃথিৱীৰ পৰা শেষ হৈ যাব।
(b) পৰিস্থিতি তন্ত্ৰত বিযোজকৰ ভূমিকা কি?
উত্তৰঃ যিবোৰ অণুজীৱই জীৱদেহৰ মৃত অংগৰ পচন ঘটাই মাটিত মিহলাই দিয়ে সেইবোৰক বিয়োজক বোলে। বিয়োজকে জটিল যৌগবোৰ ভাঙি সৰল অণুত পৰিণত কৰে। এইবোৰ মৃতজীৱী। যেনে- ভেকুৰ, কিছুমান বেক্টেৰিয়া বালানীফৰা আদি। বিয়োজকবোৰে পৰিৱেশ বিশুদ্ধ কৰে, মাটিৰ ঊৰ্ধৰা শক্তি বৃদ্ধি কৰে।
55. দূৰ দৃষ্টিগ্রস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m. এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm.
উত্তৰঃ চকুৰ যি বিকাৰৰ বাবে এজন ব্যক্তিয়ে দূৰৱৰ্তী বস্তু স্পষ্টকৈ দেখা পায়, কিন্তু নিকটৱর্তী বস্তু স্পষ্টকৈ দেখা নাপায়, তাক হাইপাৰট্ৰে’পিয়া বা দূৰদৃষ্টিগ্রস্ততা বোলে। এই ৰোগ প্ৰতিকাৰৰ বাবে উত্তল লেন্ছ ব্যৱহাৰ কৰা হয়, কাৰণ এই বিকাৰগ্ৰস্ত ব্যক্তিৰ চকুৰ নিকট বিন্দুৰ স্বাভাৱিক দূৰত্ব (25 ছে.মি.)-তকৈ অধিক দূৰত্বত অৱস্থিত হয়। ইয়াৰ ফলত নিকটৱৰ্তী বস্তুৰ প্ৰতিবিম্ব অক্ষিপটৰ পৰিৱৰ্তে তাৰ পিছফালেহে গঠিত হয়। যদি উপযুক্ত শুমতাৰ উত্তল লেন্ছ চছমা হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়া হলে পোহৰ ৰশ্মি সামান্য পৰিমাণ অভিসাৰী হয় আৰু অক্ষিপটত প্রতিবিম্ব গঠিত হয়।
56. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা 1.6 × 10⁻⁸ Ωm. 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈর্ঘ্য কিমান হ’ব লাগিব?
উত্তৰঃ সুতৰাং, যেতিয়া এটা তাঁৰৰ ব্যাস দ্বিগুণ কৰা হল, তেতিয়া মূলমানৰ 1/4 হয়। এতিয়া, ৰোধ = 10/2 = 2.5 Ω
ৰোধৰ পৰিৱৰ্তন = 10.0 -2.5 = 7.5 Ω
57. (a) মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক’লা দেখে কিয়?
উত্তৰঃ সূৰ্যৰশ্মি বায়ুমণ্ডলত প্ৰৱেশ কৰি বায়ুৰ অণু আৰু ভাসমান ক্ষুদ্র পদার্থকণাৰ দ্বাৰা বিক্ষিপ্ত হয়। বিক্ষিপ্ত আলোকৰ সৰ্বপ্রধান উপাদান নীল বৰ্ণ আৰু বিক্ষিপ্ত এই নীলবৰ্ণৰ আলোক আমাৰ চকুত প্ৰৱেশ কৰে আৰু আমি আকাশৰ বর্ণ নীলা দেখো। মহাকাশৰ পৰা আমি আকাশখন কলা বা অন্ধকাৰ দেখোঁ, ইয়াৰ কাৰণ হ’ল যি উচ্চতাত মহাকাশযান স্থাপন কৰা হয় তাত বায়ুমণ্ডল নাই আৰু ফলত সূৰ্যৰ পোহৰৰ বিক্ষেপণ নহয়। আৰু পোহৰৰ বিক্ষেপণ নোহোৱা কাৰণে মহাকাশচাৰী এজনে আকাশৰ ৰং কলা দেখে।
(b) টিণ্ডেল পৰিঘটনাটো ব্যাখ্যা কৰা।
উত্তৰঃ কিছুমান কলয়ডীয় কণাত পোহৰ ৰশ্মি আপতিত হ’লে এই কণাসমূহে পোহৰৰ বিক্ষেপণ ঘটাই পোহৰৰ গতিপথ দৃশ্যমান কৰি তোলে। এই পৰিঘটনাক টিণ্ডেল পৰিঘটনা বোলে। কলয়ডীয় কণা যেনে ধূলিকণা, ধোঁৱা আৰু পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰে পোহৰৰ বিক্ষেপণৰ দ্বাৰা টিণ্ডেল পৰিঘটনা সংঘটিত কৰে।
58. ধৰা হ’ল তিনিটা ৰোধ R₁ = 5 Ω, R₂ = 10 Ω আৰু R₃ = 30 Ω এটা 12 Vৰ বেটাৰীৰ সৈতে সমান্তৰাল সংযোগ হৈছে। (a) প্রতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰৱাহৰ মান উলিওৱা আৰু (b) বর্তনীটোৰ মুঠ ৰোধ উলিওৱা।
উত্তৰঃ
নাইবা
8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রৱাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱাৰ হাৰ উলিওৱা।
উত্তৰঃ R = 8 Ω, I=15 A, t = 2 hr
আমি জানো,
59. বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰ কম কৰিবলৈ কিছু মতামত ব্যক্ত কৰা।
উত্তৰঃ বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰ কম কৰিবলৈ কিছু মতামতঃ
(i) পুনৰ ব্যৱহাৰ আৰু পুনঃচক্ৰায়ণ: ব্যৱহৃত সামগ্ৰী পুনৰ ব্যৱহাৰ কৰি নতুন সামগ্ৰী বনোৱাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰি সম্পদৰ অপচয় ৰোধ কৰিব পৰা যায়।
(ii) প্ৰতিস্থাপনযোগ্য শক্তিৰ ব্যৱহাৰ: হোৱাৰ শক্তি, সৌৰ শক্তি, আৰু বায়ু শক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰি।
(iii) সম্পদৰ দায়িত্বশীল ব্যৱহাৰ: দৈনন্দিন জীৱনত সম্পদৰ অপচয় বন্ধ কৰি মিতব্যয়ী ব্যৱহাৰ নিশ্চিত কৰা উচিত।
60. পাকগ্রন্থিসমূহ ক’ত থাকে? এই গ্রন্থিবোৰে নিঃসৰণ কৰা পদার্থসমূহে পাচন কার্যত কি ভূমিকা পালন কৰে?
উত্তৰঃ পাকগ্রন্থিসমূহ দেহৰ পাচনতন্ত্ৰত অৱস্থিত থাকে।
পাকগ্রন্থিৰ পাকস্থলীত পাচন ৰস নিঃসৰণ হয়। এই ৰসত HCI থাকে। ই পেপচিনৰ কাৰ্য তীব্ৰ কৰে।
নাইবা
ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰত থকা অসংখ্য আঙুলি-সদৃশ প্ৰবৰ্ধৰ নাম লিখা। এইবোৰ অধিক সংখ্যাত ক্ষুদ্রান্ত্ৰৰ সেই অঞ্চলত থকাৰ গুৰুত্ব কি? প্রতিটো দেহকোষে শোষিত আহাৰৰ পৰা কেনেদৰে শক্তি আহৰণ কৰে?
উত্তৰঃ ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰত থকা অসংখ্য আঙুলি-সদৃশ প্ৰবৰ্ধবোৰক ভিলাই বুলি কোৱা হয়।
ক্ষুদ্রান্ত্ৰত ভিলাইৰ অধিক সংখ্যাৰ উপস্থিতি আহাৰৰ শোষণৰ বাবে পৃষ্ঠৰ এলেকা বৃদ্ধি কৰে, যাৰ ফলত পুষ্টি উপাদানবোৰ সৰলভাৱে ৰক্তধাৰাত শোষিত হয়।
প্রতিটো দেহকোষে শোষিত আহাৰৰ পৰা শক্তি শ্বসন প্ৰক্ৰিয়া (cellular respiration) দ্বাৰা আহৰণ কৰে, য’ত গ্লুক’জ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ATP শক্তি উৎপন্ন কৰে।
61. মানুহৰ হৃদযন্ত্ৰৰ এটা দৈর্ঘ্যচ্ছেদীয় চিত্র আঁকি কাঁড়চিনৰ দ্বাৰা ইয়াৰ মাজেৰে তেজৰ প্ৰবাহৰ ধাৰা চিহ্নিত কৰা।
উত্তৰঃ মানুহৰ হৃদপিণ্ডৰ সোঁ আৰু বাওঁ অলিন্দত অক্সিজেনবিহীন তেজ থাকে। আনহাতে সোঁ আৰু বাওঁ নিলয়ত অক্সিজেনযুক্ত তেজ থাকে। উর্দ্ধ আৰু নিম্ন মহাশিৰাবোৰে শৰীৰৰ উর্দ্ধ অংশ আৰু নিম্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ সোঁ অলিন্দলৈ বহন কৰে।
সোঁ অলিন্দৰ সংকোচনৰ ফলত তেজ সোঁ অলিন্দৰ পৰা ট্রাইকাছপিত কপাটেৰে সোঁ নিলয়লৈ প্রবাহিত হয়। সোঁ নিলয়ৰ সংকোচনৰ ফলত ক্রোম মহাধমনীৰে তেজ হাওঁফাওলৈ প্রৱাহিত হয়। আৰু হাওঁফাওঁৰ পৰা ক্লোমশিবাবে অক্সিজেনযুক্ত তেজ বাওঁ অলিন্দত প্রৱেশ কৰে আৰু বাওঁ অলিন্দৰ পৰা চিষ্টেমিক মহাধমনীৰে শৰীৰৰ বিভিন্ন অংশলৈ প্রৱাহিত হয়। এনেদৰে মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে তেজ প্রবাহিত হয়।
নাইবা
স্থানান্তৰণ কি? এই প্রক্রিয়াৰ সৈতে জড়িত উদ্ভিদকলাৰ নাম লিখা।
উত্তৰঃ স্থানান্তৰণ হৈছে উদ্ভিদৰ পৰা পানী ৱাষ্প ৰূপত বায়ুমণ্ডললৈ নিঃসৃত হোৱাৰ এক প্ৰক্ৰিয়া।
এই প্রক্রিয়াৰ সৈতে জড়িত উদ্ভিদকলাৰ নাম হ’ল— লেন্টিছেল কলা।
62. উপযুক্তভাৱে চিহ্নিত কৰি স্নায়ুকোষ এটাৰ ছবি আঁকা। বৈদ্যুতিক প্রেৰণা কেনেদৰে সৃষ্টি হয় আৰু এই প্রেৰণা কোন দিশত গতি কৰে, লিখা। এই প্ৰেৰণাবোৰে কি কার্য কৰে?
উত্তৰঃ
স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰৱৰ্ধ (nerve process) ৰে গঠিত। স্নায়ু প্ৰৱর্ধ দুই প্ৰকাৰৰ– এক্সন (axon) আৰু ডেনড্রাইট (dendrite) ডেনড্রাইটবোৰে নিকটৱর্তী কোষৰ পৰা স্নায়ু বার্তা বা উদ্দীপনা সংগ্ৰহ কৰে। স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে।
এই বৈদ্যুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ু কোষলৈ প্ৰেৰণ কৰে।
নাইবা
উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবোৰ কি কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদার্থ আৰু বৃদ্ধিত বাধা দিয়া আন এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
উত্তৰঃ উদ্ভিদদেহত উৎপন্ন হোৱা বৃদ্ধি আৰু বিকাশৰ লগত জড়িত ৰাসায়নিক পদার্থসমূহক উদ্ভিদ হৰম’ন বা সঞ্জীবনী পদার্থ বোলে। যেনে—অক্সিন, জিবাৰেলিন, ছাইট’কাইনিন আদি।
উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদার্থ হ’ল— অক্সিন।
উদ্ভিদৰ বৃদ্ধিত বাধা যোগোৱা এবিধ সঞ্জীৱনী পদার্থ হ’ল— এবচাইচিচ্ এচিড।
63. দ্বি-খণ্ডন বা দ্বি-বিভাজন আৰু বহুবিভাজনৰ মাজৰ দুটা প্রভেদ লিখা।
উত্তৰঃ দ্বি-খণ্ডন বা দ্বি-বিভাজন আৰু বহুবিভাজনৰ মাজৰ দুটা প্রভেদ হ’ল—
| দ্বি-খণ্ডন | দ্বি-বিভাজন |
| (i) মাতৃদেহ দুটা খণ্ডত বিভক্ত হয়। | (i) মাতৃদেহৰ পৰা বহু অপত্য খণ্ডৰ সৃষ্টি হয়। |
| (ii) প্রকৃতপক্ষে অঙ্গজ জনন। | (ii) এক প্ৰকাৰ অনুন্নত অযৌন জনন। |
নাইবা
কিয় ডি. এন. এ. প্রতিলিপিকৰণ প্ৰজনন প্ৰক্ৰিয়াৰ এটা আৱশ্যকীয় অংশ?
উত্তৰঃ DNA জীৱদেহত থকা প্রধান জেনিটিক দ্ৰৱ্য। ই বংশগত লক্ষণ বা চৰিত্ৰসমূহৰ বাহক। ইয়াৰ জৰিয়তে বংশগত চৰিত্ৰসমূহ পুৰুষানুক্রমে গতি কৰে। ই জেনিটিক কার্যত ভাগ লয় আৰু প্ৰ’টিন সংশ্লেষণ কার্যকে ধৰি জীৱবোৰ সকলো জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।
64. জীৱাশ্মবোৰ কি? জীৱাশ্মবোৰে কেনেদৰে বিৱৰ্তনৰ গতিপথ নির্ধাৰণ কৰাত সহায় কৰে?
উত্তৰঃ জীৱৰ মৃত্যু হলে ইহঁতৰ দেহ গেলি পচি নাইকিয়া হয়। কিন্তু কেতিয়াবা জীৱৰ কিছুমান অংগ পৰিৱেশত সম্পূর্ণভাৱে গেলি-পচি নাইকিয়া হৈ নাযায়। উদাহৰণস্বৰূপে যদি কেতিয়াবা এটা মৃত পখিলা উত্তপ্ত লাভাত পৰি যায় তেতিয়া ইয়াৰ দেহ সহজে পচি নাযায়, লাভাখিনি কঠিন হৈ যায় আৰু তাত পতংগৰ ছাপ বৈ যায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম (Fossil) বুলি কোৱা হয়।
জীৱই জীয়াই থাকিবৰ বাবে যোগ্যতা আহৰণত ই এটা গুৰুত্বপূৰ্ণ উদাহৰণ। প্ৰকৃততে চকু পাখিৰ দৰেই অভিযোজনৰ উৎকর্ষ উদাহৰণ। অক্টোপাচ অথবা মেৰুদণ্ডী প্রাণীৰ দৰে পতঙ্গৰো চকু থাকে। কিন্তু এই সকলোবোৰ জীৱৰ চকুৰ গঠন বেলেগ বেলেগ কাৰণ ইহঁতৰ প্ৰতিটোৰ বিৱৰ্তনৰ উৎস সুকীয়া সুকীয়া। প্রজননৰ সময়ত জীৱৰ DNA অণুৰ পৰিৱৰ্তনেই হ’ল বিৱর্তনৰ মূল ভেঁটি। জীৱৰ বেলেগ বেলেগ প্রজাতিসমূহৰ DNA সমূহ তুলনা কৰিলে এই প্রজাতিসমূহৰ DNA কেনেকৈ পৰিৱৰ্তিত হৈ আহিছে তাক ঠাৱৰ কৰিব পৰা যায়। বর্তমানে এই পদ্ধতিৰ দ্বাৰাই জীৱৰ প্ৰজাতিসমূহৰ বিৱৰ্তনিক সম্বন্ধ স্থাপন কৰা হয়।
নাইবা
মেণ্ডেলে তেওঁৰ পৰীক্ষাবোৰত চৰিত্ৰবোৰৰ কোনটো প্রভাৱী আৰু কোনটো অপ্রভাৱী সেই কথা কেনেদৰে চিনাক্ত কৰিছিল? উপযুক্ত উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ মেণ্ডেলে তেওঁৰ মটৰমাহ পৰীক্ষাত ওখ আৰু চাপৰ মটৰমাহ গছ লৈছিল। তেওঁৰ পৰীক্ষাত দেখা গৈছিল যে, এটা বিশুদ্ধ ও মটৰমাহ গছৰ (IT) সৈতে এটা বিশুদ্ধ চাপৰ (tl) মটমাহ গহৰ সংকৰণ হ’লে F₁ অপতা জনুত ওখ (Tt) সংকৰ উৎপন্ন হয়। এই ক্ষেত্ৰত T লক্ষনটো প্রভাৱী (dominant) আৰু ৷ লক্ষণটো অপ্রভাৱী (recessive)।
উদাহৰণ: উচ্চতা বিষয়ক পৰীক্ষা:
প্ৰথম প্ৰজন্ম (F₁): খটখটীয়া (TT) আৰু বগা (tt) গছৰ সংকৰণত সমুদায় খটখটীয়া (Tt) গছ পোৱা যায়।
দ্বিতীয় প্ৰজন্ম (F₂): আত্মগমন প্ৰক্রিয়াত 3:1 অনুপাতে খটখটীয়া (TT, Tt) আৰু বগা (tt) গছ পোৱা যায়।