js

Tuesday, February 24, 2026

SEBA HSLC Assamese Question Paper Solved 2025




SEBA HSLC Assamese Question Paper Solved 2025

The figures in the margin indicate full marks for the questions

পৰীক্ষার্থীয়ে একেখন বহীত বিভাগ-ক আৰু বিভাগ-খ ৰ উত্তৰ কৰিব লাগিব।

নাইবা

বিভাগ-ক আৰু বিভাগ-গ ৰ উত্তৰ একেখন বহীত কৰিব লাগিব।

বিভাগ ক

(মূল্যাংক: ৭৫)

১। অতি চমু উত্তৰ লিখাঃ ১০২-২

(ক) ইনফ চিচ কোম্পানীৰ প্রতিষ্ঠাতা কোন?

উঃ ইনফ ‘চিচ কোম্পানীৰ প্রতিষ্ঠাতা এন আৰ নাৰায়ণ মূর্তি।

(খ) কিহে অসমীয়া জাতিক কটকটীয়া কৰিলে?

উঃ বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্রণে অসমীয়া জাতিক কটকটীয়া কৰিলে।

২। চমু উত্তৰ লিখা (যিকোনো দুটা)ঃ ২×২=৪

(ক) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

উঃ বিজিতে ছাৰে কৈছিল যে, উদ্যোগী হ’বলৈ সপোন দেখা, সাহস আৰু নিত্য নতুন চিন্তাধাৰাৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিব লাগে।

(খ) “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়’-পাঠটিৰ সহায়ত বুজাই লিখা।

উঃ উক্ত কথাষাৰৰ অৰ্থ হৈছে যে, প্রতিটো কার্যত দুটা বিপৰীত দিশ থাকে। এইদবে, যেতিয়া দুটা ভিন্ন মতামত বা পন্থাৰ সমন্বয় ঘটাই কাম কৰা হয়, তেতিয়া সঠিক আৰু সফল ফলাফল আহে।

(গ) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰৰ ভিতৰত বৈদিক সাহিত্য, চর্যাপদ, মহাভাৰত আৰু ৰামায়ণৰ অসমীয়া অনুবাদ, মধ্যযুগীয় বৈষ্ণৱ সাহিত্য, লোকসাহিত্য, বুৰঞ্জী সাহিত্য আদি অন্তর্ভুক্ত।

৩। উত্তৰ লিখাঃ ৪

(ক) ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাবে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?

উঃ ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভারে প্রস্তুত কৰি ৰাখিবলৈ নিম্নলিখিত পদক্ষেপ গ্রহণ কৰিব পাৰি-

আত্মবিশ্বাস আৰু সৃষ্টিশীল চিন্তাধাৰা বৃদ্ধি কৰাঃ ছাত্র-ছাত্রীসকলে নতুন নতুন আইডিয়া বিকাশ কৰাৰ সুযোগ পাব লাগিব। সফল উদ্যোগীৰ জীৱনী পঢ়ি অনুপ্ৰেৰণা লাভ কৰিব লাগে।

অভ্যাস আৰু শৃংখলাবদ্ধ জীৱনধাৰা গঢ়ি তোলাঃ ধৈর্য আৰু কঠোৰ পৰিশ্ৰমৰ মানসিকতা সৃষ্টি কৰিব লাগিব। সময়-নিয়ন্ত্ৰণৰ কৌশল শিকিব লাগে।

সামূহিক কাম আৰু নেতৃত্বৰ গুণ বিকাশ কৰাঃ দলীয় কামত অংশগ্রহণ কৰি নেতৃত্বৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। স্কুল বা মহাবিদ্যালয়ৰ ব্যৱসায়িক আৰু সৃষ্টিমূলক প্রকল্পত ভাগ ল’ব লাগিব।

প্রযুক্তিগত জ্ঞান আৰু ব্যবসায়িক চিন্তাধাৰা গঢ়ি তোলাঃ ডিজিটেল মাধ্যম আৰু অনলাইন উদ্যোগৰ বিষয়ে জ্ঞান লাভ কৰিব লাগিব। একাডেমিক শিক্ষাৰ বাহিৰেও নতুন নতুন দক্ষতা আৰ্জন কৰিব লাগিব।

এইসকল পদক্ষেপেৰে ছাত্র-ছাত্রীসকল উদ্যোগী চিন্তাধাৰাৰে আগবাঢ়িব পাৰে।

নাইবা

(খ) ‘সভ্যতা’ আৰু ‘সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উঃ ‘সভ্যতা’ বুলিলে সমাজৰ বাহ্যিক উন্নতিক বুজায়। ইয়াত পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৃংখলা, বিজ্ঞান, প্রযুক্তি আৰু উন্নত ব্যবস্থাপনা অন্তর্ভুক্ত।
‘সংস্কৃতি’ বুলিলে সমাজৰ অন্তৰংগ চিন্তাধাৰা আৰু পৰম্পৰাক বুজায়। ই কলা, সাহিত্য, ধর্ম, চিন্তা-ভাবনা আৰু সৃষ্টিশীলতাৰ সমষ্টি বুজোৱা হয়।
অর্থাৎ, সভ্যতা হৈছে বাহ্যিক উন্নতিৰ প্ৰতিফলন, আৰু সংস্কৃতি হৈছে সমাজৰ মানসিক আৰু সৃষ্টিশীল রূপ।

৪। অতি চমু উত্তৰ লিখাঃ ১০২-২

(ক) ইন্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ লিখক কোন?

উঃ ‘ইন্টাৰনেটৰ তিতা-মিঠা পাঠটিৰ লিখক হ’ল ড° প্রণয়ী দত্ত।

(খ) অকণিমা সিংহাৰ ঘৰ ক’ত আছিল?

উঃ অৰুণিমা সিংহাৰ ঘৰ উত্তৰ প্ৰদেশত।

৫। চমু উত্তৰ লিখাঃ ২

অৰুণিমা সিংহাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?

উঃ লাডাখৰ কঠিন পৰিৱেশ, উচ্চ পৰ্বতৰ ঠাণ্ডা আৰু প্রাকৃতিক অসুবিধাজনক অৱস্থাৰ বাবে অৰুণিমা সিংহাই মাউন্ট চামছেৰ অভিযান সম্পূর্ণ কৰিব নোৱাৰিলে।

৬। উত্তৰ লিখাঃ ৪

(ক) ইটাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উঃ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বিশ্বৰ বিভিন্ন তথ্য, শিক্ষা, আৰু চিন্তাধাৰা জানিবলৈ পাইছিল। তাই বৈজ্ঞানিক, সাংস্কৃতিক আৰু সামাজিক দিশৰ নতুন অভিজ্ঞতা লাভ কৰিলে যাৰ ফলত তাইৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি পায় আৰু চিন্তাধাৰাত নবীনতা আহে।

নাইবা

(খ) অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?

উঃ বাচেন্দ্রি পালে পর্বত আৰোহণৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে অৰুণিমাক সঠিক শাৰীৰিক প্রস্তুতি, মানসিক দৃঢ়তা আৰু পৰিকল্পনাত সহায় আগবঢ়াইছিল। তেওঁ তেওঁৰ অভিজ্ঞতাৰ পৰা দৰ্শন আৰু পথনির্দেশনা প্রদান কৰি অৰুণিমাক বিপদৰ সময়ত সঠিক সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰিছিল, যাৰ ফলত অৰুণিমা সিংহাৰ মাউন্ট এভাৰেষ্ট শৃঙ্গ বিজয়ৰ সপোন পূৰণ হয়।

৭। অতি চমু উত্তৰ লিখাঃ ১০২-২

(ক) পল কোন শ্রেণীত পড়ে?

উঃ পল নবম শ্রেণীত পড়ে।

(খ) লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?

উঃ তেল অন্বেষণৰ দায়িত্বত গৈছিল।

৮। জাগ্রজ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ২

উঃ ইৰাণৰ ভূতত্বৰ বিষয়ে ক’বলৈ হ’লে পোনতেই মনলৈ আহে জাগ্রছ পর্বতমালাৰ কথা। এই পর্বতমালা হৈছে ইৰাণ চহৰৰ মুখ্য আকর্ষণ। আৰব প্লেট আৰু ইউৰেচীয়া প্লেটৰ মাজত সংঘাত হৈ সাগৰৰ বুকুৰ পৰা এই পর্বতমালাৰ সৃষ্টি হৈছিল। জাগ্ৰছ আৰু হিমালয় পর্বতমালাৰ জন্ম কাহিনী একেই। জাগ্ৰছ পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূৱলৈকে বিস্তৃত হৈ আছে। ইয়াৰ সৰ্ব্বেচ্চ শৃংগৰ উচ্চতা প্রায় ৪,৫০০ মিটাৰ।
জাগ্ৰছ পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু প্রাকৃতিক গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। বিশ্বৰ বহুতো দেশ ইৰাণৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে।

৯। (ক) কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? ৩

উঃ পাহি আৰু পলক কাজিৰঙালৈ যোৱাৰ সময়ত মাক আৰু দেউতাকে তেওঁলোকক পর্যটনৰ সময়ত সাৱধানতা অবলম্বন কৰিবলৈ উপদেশ দিছিল। বিশেষকৈ, বনৰীয়া জন্তুৰ পৰা দূৰত থাকিবলৈ, পৰিবেশ পৰিষ্কাৰ ৰাখিবলৈ আৰু স্থানীয় নিয়ম-কানুন আৰু শিক্ষকৰ কথা মানি চলিবলৈ তেওঁলোকক পৰামৰ্শ দিছিল।

নাইবা

(খ) বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবসীৰ সম্পৰ্কৰ বিষয়ে লিখা।

উঃ বেহেষ্ট-ই-জাহাৰা টেহৰাণৰ মুখ্য সমাধিস্থল। ই কেইবা কিলোমিটাৰ দীঘল। ই এনেকুৱা এখন সমাধিস্থল য’ত খোৱা-বোৱাৰ দোকানৰ পৰা খেল পথাৰলৈকে আছে।

১০। অতি চমু উত্তৰ লিখাঃ ১০২-২

(ক) তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা?

উঃ শ্রী মাধবদের।

(খ) আজান ফকিৰৰ আচল নাম কি আছিল?

উঃ হজৰত ছাহ মীৰান বা ছাহ মিলন।

১১। চমু উত্তৰ লিখাঃ ২×২=৪

(ক) ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা।

উঃ ব্ৰজাৱলী ভাষা হিন্দী, অসমীয়া, বঙলা আৰু সংস্কৃত ভাষাৰ মিশ্রণত গঠিত এক সাহিত্যিক ভাষা। শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এই ভাষাত বহু ধর্মীয় আৰু সাহিত্য ৰচনা কৰিছিল।

(খ) ‘ৰহমত গিৰিহঁহত’ শব্দ দুটাই কি বুজাইছে?

উঃ ‘ৰহমত’ শব্দৰ অৰ্থ দয়া বা কৃপা, আৰু ‘গিৰিহঁহত’ অর্থ গৃহস্থ বা গৃহস্বামী।

১২। “তোমাৰ চৰণ দুই মোৰ মহা ধন। ভকত জনেৰ নিজ তুমিসে জীবন।।”

– কবিতাফাকিৰ অন্তর্নিহিত ভাবটি লিখা। ৩

উঃ এই শ্লোকত ভক্তজনে ঈশ্বৰ বা গুৰুৰ চৰণক নিজৰ সৰ্বশ্রেষ্ঠ সম্পদ বুলি গণ্য কৰিছে। তেওঁ বিশ্বাস কৰে যে ঈশ্বৰ বা গুৰুৰ আশ্রয়ত থাকিলে জীবন সার্থক হয় আৰু সেয়াই ভক্তৰ জীৱনৰ মূল উদ্দেশ্য।

১৩। অতি চমু উত্তৰ লিখাঃ ১০৩-৩

(ক) ‘প্রশস্তি’ৰ অৰ্থ কি?

উঃ ‘প্রশস্তি’ শব্দৰ অর্থ প্রশংসা বা গুণ-কীর্তন।

(খ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

উঃ হাঁহ-কণী আৰু চাউলেৰে অসমৰ স্বৰ্গদেরে দেউল সজাইছিল।

(গ) কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল?

উঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

১৪। ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে, বুজাই লিখা। ২

উঃ কবিয়ে ‘মই অসমীয়া’ কবিতাটিত বর্ণনা কৰিছে যে অসমখন সৌন্দৰ্যৰ আধাৰ। অসম ইয়াৰ চৌদিশে ধূসৰ পাহাৰে আৱৰি আছে। ইয়াৰ প্ৰটিটো বনৰ পাতে জাংফাই, মিনা কৰা ৰূপ ধাৰণ কৰে। দুৱৰি পাতত নিয়ৰৰ টোপাল পৰি মুকুতাৰ দৰে জিলিকে। ইয়াৰ হাতী দাঁতৰ দ্বাৰা পাদুকা বনোৱা হয়। অসমত পোৱাল মণিৰ দ্বাৰা দলং নিৰ্মাণ কৰা হয় আৰু ইয়াৰ ওপৰত বহি ভৰি ধোৱা হয়। অসমৰ নদীৰ বালিত সোণৰ ঢেঁকুৰা পোৱা যায়। বাঘ নখেৰে ইয়াত অলংকাৰ তৈয়াৰ কৰা হয়। অসমৰ মানুহে হাঁহ কণী, বৰা চাউল আদিৰে দেউল সজায়। এনেদৰে কবিতাটিত কবিয়ে অসমৰ প্ৰাকৃতিক বিনন্দীয়া সৌন্দৰ্যৰ কাব্যিক বর্ণনা দাঙি ধৰিছে। অসমৰ এনে অপরূপ সৌন্দর্য চাই মোগলসকল অতিকৈ মোহিত হৈছিল।

১৫। চমু উত্তৰ লিখাঃ ৪

(ক) ‘মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা।

উঃ ‘মই অসমীয়া’ শিৰোনামৰ কবিতাটি প্রশস্তিমূলক এক স্বদেশ-প্রেম মূলক কবিতা। কবিতাটিত অতীত অসমৰ গৌৰৱৰ চানেকি ফুটি উঠিছে।

মোগল সম্রাট ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। সিহঁতে অসমীয়াসকলক ধোদৰ পচলা, এলেহুৱা জাতি বুলি ধাৰণা কৰিছিল আৰু সিহঁতে অতি সহজে অসমীয়া সৈন্যক পৰাজিত কৰি অসমখন দখল কৰিব পাৰিব বুলি ভাবিছিল। কিন্তু মোগলসকলে শৰাইঘাট পোৱাত অসমীয়া সেনাই হাতত হেংদাং লৈ বল-বিক্ৰমেৰে যুদ্ধক্ষেত্রলৈ ওলাই আহি মোগলসকলকক থকাসৰকা কৰিছিল। অসমীয়া সেনাৰ প্রবল প্রতিআক্রমণত মোগলসকল বিঘ্নিত হৈছিল আৰু শুকান সান্দহ আৰু পানী জলি খাই অসমীয়া সেনাইনো ইমান বিক্রম বিন্দবে দেখুৱাব পাৰিছিল সেয়া ভাবি মোগল সেনাসকল আচৰিত হৈছিল। কবিয়ে কৈছেঃ

মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।

এনেদৰে কবিতাটিত অতীত অসমৰ গৌৰৱ প্ৰকাশ পাইছে।

নাইবা

(খ) ‘দৃশান্তৰ’ কবিতাটোৰ মূলভাব লিখা।

উঃ সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ স্বভাব, আচাৰ-আচৰণ, কচি আদিৰ পৰিবৰ্তন হোৱাৰ লগতে মানুহসকল কৃত্রিম আৰু বিষয়- ভৈববী হৈ পৰিছে। মানুহৰ অন্তৰৰ পৰা মানৱতাও ক্রমে নিঃশেষ হৈ আছে। এই ভাৱটিয়েই কবিয়ে ‘দৃশ্যান্তৰ’ শিৰোনামৰ কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে।

কবিয়ে পঁছিশ বছৰ আগতে মানুহ এজনক যি পৰিৱেশত লগ পাইছিল সেয়া আছিল অকৃত্রিম আৰু মানবীয়। তাৰ আলি-কেঁকুৰিটো কেঁচা আছিল আৰু মনুহবোৰ দুখীয়া আছিল যদিও কোনো কৃত্রিমতা নাছিল। কিন্তু মাত্র পঁচিশ বছৰৰ ভিতৰতে সেই ঠাইডোখৰৰ অকল্পনীয় পৰিবৰ্তন হ’ল। কেঁচা আলি পকী হ’ল, পঁজা ঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ’ল। কিন্তু মানুহবোৰৰ মনৰ কোনো বিকাশ নহৈ মানৱতা অবনমিত হ’ল। মানুহৰ প্ৰতি মানুহৰ দয়া, মৰম, পৰোপকাৰ আদি গুণবোৰ নাইকীয়া হ’ল। অর্থাৎ মানুহৰ বিষয়-সম্পত্তি বৃদ্ধি পালেও শান্তি বৃদ্ধি নাপাই অশান্তিয়ে চাৰিওদিশ ছানি ধৰিছে।

১৬। অতি চমু উত্তৰ লিখাঃ ১০১০-১০

(ক) তলৰ যিকোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ

ৰামলক্ষণ, নৱৰত্ন, হাঁহিমুখ

উঃ ৰামলক্ষণঃ ৰাম আৰু লক্ষণ (দ্বন্দ্ব সমাস)

নৱৰত্নঃ নটা ৰত্নৰ সমাহাৰ (দ্বিগু সমাস)

হাঁহিমুখঃ হাঁহি বিৰিঙি থকা মুখ (কর্মধাৰয় সমাস)

(খ) তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙাঃ উচ্চাৰণ, নাবিক, মহোদয়

উঃ উচ্চাৰণঃ উৎ+ চাৰণ = উচ্চাৰণ

নাৱিকঃ নৌ+ ইক নাবিক

মহোদয়: মহা উদয় মহোদয়

(গ) তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা।

পৃথিবী যে ঘূৰণীয়া হয়, সেইটো সকলোবে জানে।

উঃ সকলোরে জানে যে পৃথিৱী ঘূৰণীয়া।

(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ ‘ণ’ বা ‘য’ হোৱাৰ কাৰণ লিখাঃ

ৰাৱণ, কাৰণ, দুষ্ট

উঃ ৰাৱণ, কাৰণঃ কোনো পদত থকা ঋ, ব, য আৰু দন্ত্য ‘ন’ৰ মাজত স্বৰবৰ্ণ ‘ক’ বর্গ, ‘প’ বর্গ, য, ব, হ নাইবা অনুস্বাৰ (ং) থাকিলে দন্ত্য ‘ন’ মূর্ছণ্য ‘ণ’ হয়।

দুষ্টঃ ‘ট’, ‘ঠ’ৰ সৈতে যুক্ত দন্ত্য ‘স’ মূর্ছণ্য ‘ষ’ হয়।

(ঙ) যথাস্থানত যতি চিহ্ন বহুওৱাঃ

শিক্ষকে ক’লে অংক কেইটা ঘৰত কৰি আনিবা

উঃ শিক্ষকে ক’লে, “অংক কেইটা ঘৰত কৰি আনিবা।”

(চ) তলৰ যিকোনো এটাৰ অৰ্থ প্রকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰাঃ

ডলাৰ বগৰী, ভাত ঘৰ, মূৰে কপালে হাত দিয়া।

উঃ ডলাৰ বগৰীঃ ৰাম এজন ডলাৰ বগৰী।

ভাত ঘৰু: ৰাজেনৰ ঘৰখন দুখীয়াসকলৰ ভাত ঘৰ বুলি জনাজাত।

মূৰে কপালে হাত দিয়াঃ চাকৰিটো হেৰুৱাত ৰমেনে মুৰে কপালে হাত দি বহি আছে।

(ছ) তলৰ যিকোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখাঃ

আদৰ, উচিত, চিনাকি

উঃ

শব্দ বিপৰীত শব্দ
আদৰ অনাদৰ
উচিত অচিত
চিনাকি অচিনাকি

 

(জ) এটা শব্দত প্ৰকাশ কৰা (যিকোনো এটা)ঃ

যাৰ সৰুতে মাক বাপেক মৰিছে, যি সদায় ঘূৰি ফুৰে, যি কথাৰ অৰ্থ নাই।

উঃ যাৰ সৰুতে মাক বাপেক মৰিছেঃ অনাথ

যি সদায় ঘূৰি ফুৰেঃ পৰিভ্ৰমী

যি কথাৰ অৰ্থ নাই: নিৰৰ্থক।

(ঝ) তলত দিয়া যিকোনো এটঅ শব্দৰ প্রত্যয় ভাঙি দেখুওৱাঃ

নাৱৰীয়া, ফুলনি, ৰান্ধনি

উঃ

নাৱৰীয়া: নাও+ অৰীয়া = নাৱৰীয়া

ফুলনি: ফুল+ অনি = ফুলনি

ৰান্ধনিঃ ৰন্ধন+ অনি ৰান্ধনি

(ঞ) তলৰ যিকোনো এটা শব্দৰ সমার্থক শব্দ লিখাঃ এন্ধাৰ, তনয়, স্বামী।

উঃ

শব্দ সমার্থক শব্দ
এন্ধাৰ নিষ্প্রদীপ, অন্ধকাৰ
তনয় পুত্ৰ
স্বামী গিৰীয়েক

 

১৭। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ ৪

(ক) ভাৱ সম্প্ৰসাৰণ কৰাঃ

কথাত বঁটা পায়, কথাত কটা যায়।

উঃ এই প্রবচনটোরে কয় যে মানুহে ভাল কথা ক’লে সন্মান পায় আৰু বেয়া কথা ক’লে অপমান পায়। কথাই মানুহৰ মনত প্রভাৱ পেলায়। যদি আমি ভাল কথা কওঁ, তেন্তে সকলোয়ে আমাক ভাল পাব।

উদাহৰণস্বৰূপে, আমাৰ দৈনন্দিন জীৱত কথা পাতোতে ভদ্রতা বজাই ৰখাৰ লগতে “ধন্যবাদ”, “অনুগ্রহ কৰি”, “দয়া কৰি” আদি শব্দ ব্যৱহাৰ কৰিব পাৰোঁ।

আনহাতে, যদি আমি বেয়া কথা কওঁ বা কাকো আঘাত কৰা কথা কওঁ, তেন্তে মানুহ দুখী হয় বা বেয়া পায় আৰু আমাৰ পৰা আঁতৰি যায়। কথাই বন্ধুত্ব শক্তিশালী কৰিব পাৰে, কিন্তু বেয়া কথাই বন্ধুত্ব ভাঙিব পাৰে।

সেয়ে, সদায় ভাল কথা ক’ব লাগে যাতে সকলোয়ে আমাক ভালপায় আৰু সন্মান কৰে। কথাই মানুহক সর্বশ্রেষ্ঠ বা সর্বনিম্ন কৰিব পাৰে।

(খ) তুমি শ্রেণী কোঠাত থাকোঁতে হঠাৎ মূৰৰ বিষত ভুগিব লগা হোৱাৰ বাবে বিদ্যালয়ৰ পৰা অৰ্ধ-ছুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্র লিখা।

উঃ

প্রতি, প্রধান শিক্ষক

গ্রহিলচ একাডেমী, গুৱাহটী-৭

তাৰিখঃ ২৪ ফেব্ৰুৱাৰী, ২০২৫

শ্রেণী শিক্ষকৰ জৰিয়তে

বিষয়ঃ অর্ধ-ছুটিৰ বাবে বিনীত আবেদন।

মহাশয়,

বিনীতভাৱে জনাব বিচাৰিছোঁ যে মই আপোনাৰ বিদ্যালয়ৰ দশম শ্ৰেীৰ এজন নিয়মীয়া ছাত্র। কিন্তু দূর্ভাগ্যবশতঃ আজি বিদ্যালয়লৈ অহাৰ কিছু পিছৰে পৰা হঠাৎ মূৰত তীব্র বিষ অনুভৱ কৰি আছোঁ, যাৰ ফলত পাঠ কার্যত মনোনিৱেশ কৰাটো দুর্বিষহ হৈ পৰিছে।

এই পৰিস্থিতিত, আপোনাৰ ওচৰত বিনীত অনুৰোধ জনাওঁ যে মোক আজি বিদ্যালয়ৰ পৰা অৰ্ধ-ছুটি দিয়াৰ অনুমতি দিয়া হয়। মই আশ্বাস দিছোঁ যে অনুপস্থিতিৰ সময়ছোৱাৰ পাঠ যথাশীঘ্রে পূর্ণ কৰিবলৈ সচেষ্ট হম।

আপোনাৰ সহানুভূতিৰ বাবে আগতীয়াকৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

বিনীত,

নামঃ

শ্রেণীঃ

বোল নম্বৰঃ

(গ) তোমাৰ অঞ্চলৰ বাট-পথ, দলং নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখনপ্রতিবেদন লিখা।

উঃ

প্রতি,

সম্পাদক আমাৰ অসম, গুৱাহাটী-০৭

তাৰিখঃ

বিষয়ঃ আমাৰ অঞ্চলৰ বাট-পথ আৰু দলং মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকর্ষণ।

মহোদয়,

আমি আপোনাৰ জনপ্রিয় বাতৰি কাকতৰ জৰিয়তে আমাৰ অঞ্চলৰ এক গুৰুত্বপূর্ণ সমস্যা সম্পর্কে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ।

আমাৰ বৃহত্বৰ নগৰঝাৰ অঞ্চলৰ বাট-পথ আৰু দলংসমূহ বর্তমান অতি জৰুৰীভাৱে মেৰামতিৰ প্ৰয়োজন হৈছে। বহু বছৰ ধৰি ৰক্ষণাবেক্ষণ নোহোৱাৰ ফলত পথবোৰত গভীৰ গাত-খাঁজৰ সৃষ্টি হৈছে, আৰু দলংবোৰ দুর্বল হৈ পৰিছে। বিশেষকৈ বৰষুণৰ সময়ত পৰিস্থিতি আৰু বিয়াগোম হৈ উঠে। ফলত সাধাৰণ ৰাইজৰ যাতায়ত অতি কষ্টসাধ্য হৈ পৰিছে। স্কুলীয়া শিশু, বৃদ্ধ লোক আৰু ৰোগীসকল দৈনন্দিন জীবনত সীমাহীন অসুবিধাৰ সম্মুখীন হৈছে।

উক্ত সমস্যা সমাধানৰ বাবে আমি স্থানীয় প্রশাসন তথা চৰকাৰৰ দ্রুত দৃষ্টি আকর্ষণ কৰিছোঁ। যাতায়তৰ এই দীনদশা আমাৰ অঞ্চলৰ উন্নয়ন আৰু জনজীবনৰ মান অবনমিত কৰি তুলিছে। গতিকে, অতি সোনকালে এই বাট-পথ আৰু দলংসমূহ মেৰামতিৰ ব্যৱস্থা গ্রহণ কৰা অতি প্রয়োজনীয়।

আপোনাৰ প্রভাৱশালী বাতৰি কাকতৰ জৰিয়তে যদি আমি এই সমস্যাটোৰ ব্যাপক প্ৰচাৰ ঘটাব পাৰোঁ, তেন্তে হয়তো চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহ তৎপৰ হ’ব। আমি আপোনাৰ সহায়ত চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টি আকর্ষণ কৰিবলৈ দৃঢ় আশাবাদী।

শুভেচ্ছান্তে,

এবি বৰুৱা

১৮। তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখাঃ ৮

(ক) ছাত্র-ছাত্রী আৰু সমাজ সেৱা

(আৰম্ভণি-সমাজ সেৱাৰ আৱশ্যকতা-ছাত্র-ছাত্ৰীৰ দায়িত্ব-সামৰণি)

উঃ ভূমিকাঃ মানুহ সামাজিক জীব। সমাজক বাদ দি কোনো মানুহেই সভ্য আৰু সুস্থ জীৱন যাপন কৰিব নোৱাৰে। সেয়ে সামাজিক প্রাণী হিচাপে সকলো ব্যক্তিৰ সমাজৰ প্ৰতি কিছু দায়িত্ব আৰু কৰ্তব্য আছে। ঠিক তেনেদৰেই, ছাত্র-ছাত্রীসকলৰ সমাজৰ প্ৰতি বিশেষ দায়িত্ব আছে, কিয়নো সমাজৰ পৰা তেওঁলোকে শিক্ষা, সংস্কৃতি, আৰু বিকাশৰ সুবিধা লাভ কৰে।

ছাত্র-ছাত্রী আৰু সমাজঃ ছাত্র-ছাত্রীসকলৰ মূল কর্তব্য হৈছে অধ্যয়ন। তেওঁলোক হৈছে সমাজৰ এক গুরুত্বপূর্ণ অংশ। বর্তমান যুগ বিজ্ঞান আৰু শিক্ষাৰ যুগ হলেও বহুতো লোক এতিয়াও অশিক্ষিত আৰু কুসংস্কাৰাচ্ছন্ন। এই পৰিস্থিতিত, ছাত্র-ছাত্রীসকলে সমাজৰ বিকাশ আৰু অশিক্ষিত মানুহক সচেতন কৰাৰ বাবে বিভিন্ন দিশত ভূমিকা গ্রহণ কৰিব পাৰে।

ছাত্র-ছাত্রীসকলৰ সমাজ সেৱাৰ বহুতো ক্ষেত্র আছে, যেনে-

সাক্ষৰতা অভিযানঃ অশিক্ষা সমাজৰ এক অন্যতম সমস্যা। ছাত্র-ছাত্রীয়ে নিজৰ অৱসৰ সময়ত অশিক্ষিত ব্যক্তিসকলক সাক্ষৰ কৰি তুলিবলৈ সহায় কৰিব পাৰে। বিশেষকৈ, গ্রাম্য অঞ্চলত এই ক্ষেত্রত অধিক গুৰুত্ব দিয়া উচিত।

প্রাকৃতিক দুৰ্যোগৰ সময়ত সহায়ঃ বানপানী, ভূমিকম্প, খৰাং বতৰ আদি প্রাকৃতিক দুর্যোগৰ সময়ত ছাত্র-ছাত্রীসকলে জনসাধাৰণক সহায় কৰিব পাৰে। ঔষধ বিতৰণ, আশ্রয় প্রদান আৰু পৰামৰ্শ প্রদান ইত্যাদি কামত তেওঁলোকে সক্রিয়ভাবে অংশ গ্রহণ কৰিব পাৰে।

কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰাঃ বহুতো অঞ্চলত এতিয়াও কুসংস্কাৰ, বাল্য বিবাহ, আৰু অন্ধবিশ্বাস বিদ্যমান। ছাত্র-ছাত্রীসকলে যুক্তিপূর্ণ চিন্তাধাৰাৰ বিকাশ ঘটাই সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিব পাৰে।

পৰিবেশ সংৰক্ষণ: আজিৰ বিশ্বত পৰিৱেশ দূষণ এক গুৰুত্বপূর্ণ সমস্যা। ছাত্র-ছাত্রীসকলে বৃক্ষ ৰোপণ, প্লাষ্টিক ব্যৱহাৰৰ প্রতি সতর্কতা, আৰু পৰিৱেশ সংৰক্ষণৰ বিভিন্ন কাৰ্যসূচীত হাতে-কামে অংশ গ্রহণ কৰিব পাবে।

জনস্বাস্থ্য আৰু চাফাই অভিযানঃ জনস্বাস্থ্য উন্নয়ন আৰু চাফাই অভিযান সমাজৰ বিকাশৰ বাবে অত্যন্ত প্রয়োজনীয়। ছাত্র-ছাত্রীসকলে নিজৰ বিদ্যালয় আৰু সমাজৰ চাফাই অভিযানত অংশ গ্রহণ কৰি জনসাধাৰণক পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সচেতন কৰিব পাৰে।

খেল-ধূলাৰ প্ৰসাৰঃ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে খেল-ধূলা এক অতি প্রয়োজনীয় দিশ। ছাত্র-ছাত্রীসকলে খেল-ধূলাৰ উপকাৰিতা জনসাধাৰণক বুজাই উপযুক্ত পৰিবেশ গঢ়িবলৈ সহায় কৰিব পাবে।

সমাজৰ উন্নয়নমূলক কামত অংশগ্রহণঃ ছাত্র-ছাত্রীসকলে বিভিন্ন উন্নয়নমূলক কাম যেনে পথ, দলং নির্মাণ, পানী যোগান ব্যবস্থা উন্নয়ন, আৰু বিদ্যুতীকৰণ প্রকল্পসমূহত সহযোগিতা আগবঢ়াব পাৰে।

উপসংহাৰঃ ছাত্ৰ-ছাত্ৰীসকলে সমাজত জন্ম গ্রহণ কৰি ইয়াৰ পৰা জ্ঞান, শিক্ষা আৰু জীৱনৰ বিভিন্ন দিশ শিকিব লাগে। সেইবাবে তেওঁলোকৰ দায়িত্ব হৈছে সমাজৰ কল্যাণৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা। মহান ব্যক্তিসকলৰ জীৱনচৰিত্ৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰি, ছাত্ৰ-ছাত্ৰীসকলে সমাজ সেবাত আগবাঢ়ি যাব লাগে।

(খ) পৰিৱেশ প্রদূষণ

(আৰম্ভণি–পৰিৱেশ প্ৰদূষণৰ কাৰণ-প্ৰতিকাৰ সামৰণি)

উঃ

পৰিৱেশ প্ৰদূষণ

আৰম্ভণিঃ আমাৰ চাৰিওফালে থকা গছ-গছনি, জীৱ-জন্তু, নদ-নদী, বায়ু, মাটি, পানী আদিৰ সমন্বিত অৱস্থাই পৰিবেশ। যেতিয়া এই পৰিৱেশৰ প্ৰাকৃতিক বা স্বাভাবিক অবস্থা অবনমিত হয় বা কলুষিত হয়, তেতিয়া তাক পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। বর্তমান পৃথিৱীত মানুহৰ অসচেতনতা আৰু অত্যধিক কৃত্রিম বস্তুৰ ব্যৱহাৰৰ ফলত পৰিবেশ দিনক দিনে প্রদুষিত হৈ আছে। সাম্প্রতিক সময়ত পৰিবেশ প্রদূষণ মানর সভ্যতাৰ অস্তিত্বৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে।

পৰিৱেশ প্ৰদূষণ মূলত চাৰি প্ৰকাৰ, যথা বায়ু প্ৰদূষণ, জল প্ৰদূষণ, ভূমি প্ৰদূষণ আৰু শব্দ প্রদূষণ।

বায়ু প্রদূষণঃ বায়ুমণ্ডল প্রাকৃতিকভারে অক্সিজেন, নাইট্র ‘জেন, কার্বন-ডাইঅক্সাইড আদি গেছৰে গঠিত। কিন্তু গছ-গছনি কাটি পেলোৱা, কল-কাৰখানাৰ ধোঁৱা, বাহনৰ ধোঁৱা আৰু পাৰমাণবিক বিস্ফোৰণৰ ফলত বায়ু প্রদূষণ বৃদ্ধি পাইছে। ই মানুহৰ স্বাস্থ্যৰ ওপৰত বেয়া প্রভাৱ পেলাই আছে।

ভূমি প্ৰদূষণঃ ভূমি আমাৰ খাদ্য উৎপাদনৰ মূল উৎস। কিন্তু অধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ আৰু প্লাষ্টিক আৰু ৰবৰ জাতীয় সামগ্ৰীৰ অপব্যৱহাৰৰ ফলত ভূমিৰ উৰ্বৰতা নষ্ট হৈ আছে।

জল প্রদূষণঃ বিশুদ্ধ পানী জীৱনৰ বাবে অত্যাৱশ্যক। কিন্তু কল-কাৰখানাৰ আৱৰ্জনা, কৃষি উপকৰণ, জীৱ-জন্তুৰ মল-মূত্র আদি নদ-নদীত মিহলি হৈ জল প্ৰদূষণ ঘটাইছে। ইয়াৰ ফলত মানুহে বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ লগতে মাছ আৰু জলজ উদ্ভিদৰ জীৱন সংকটজনক হৈ পৰিছে।

শব্দ প্ৰদূষণঃ উচ্চ শব্দই শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। বাহন, কল-কাৰখানা, উচ্চশব্দত সংগীত বজোৱা, বিমান উৰণ, বিস্ফোৰণ আদি শব্দ প্ৰদূষণৰ মূল কাৰণ। ই মানৱ মগজুৰ স্বাভাৱিক কার্যক্ষমতা হ্রাস কৰে।

পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰঃ পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ আমি সচেতন হ’ব লাগিব। গছ ৰোপণ বৃদ্ধি কৰিব লাগিব, প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগিব, কল-কাৰখানাৰ আৱৰ্জনা নিয়ন্ত্ৰণ কৰিব লাগিব, প্রাকৃতিক কৃষি পদ্ধতি অৱলম্বন কৰিব লাগিব আৰু বাহনৰ ধোঁৱা নিয়ন্ত্ৰণ কৰিব লাগিব।

উপসংহাৰঃ পৰিৱেশ সুৰক্ষিত ৰাখিবলৈ আমি সকলোরে একেলগে কাম কৰিব লাগিব। যদি আমি পৰিৱেশ ৰক্ষা ৰক্ষাৰ প্ৰতি ইতিয়াৰ পৰাই যথাযথ ব্যৱস্থা গ্রহণ নকৰো তেন্তে মানৱ সভ্যতা এক ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব।

(গ) ক্ষুদ্র সঞ্চয়

(আৰম্ভণি-ক্ষুদ্র সঞ্চয়ৰ উপকাৰিতা-ক্ষুদ্র সঞ্চয় ব্যবস্থা-সামৰণি)

ক্ষুদ্র সঞ্চয়

আৰম্ভণিঃ আমাৰ দৈনন্দিন জীবনত টকা-পইচা-সা-সম্পদৰ অতি গুৰুত্ব আছে। খাদ্য, কাপোৰ আৰু অন্যান্য প্রয়োজনীয় বস্তু কিনিবলৈ আমাক টকা-পইচাৰ প্রয়োজন হয়। কিন্তু কেতিয়াৱা আমি অপ্রত্যাশিত ভাবে, জৰুৰীকালীন বা অভাৱনীয় খৰচৰ সন্মুখীন হওঁ। তেনে অৱস্থাত যদি আমাৰ হাতত ধন নাথাকে, তেন্তে এই সময়বোৰত আমি অসুবিধাৰ সন্মুখীন হ’ব পাৰো। সৰু সৰু সঞ্চয় কৰাটো এটা ভাল অভ্যাস যিয়ে আমাক ভৱিষ্যতৰ বাবে প্রস্তুতি চলোৱাত সহায় কৰে। নিয়মিতভাবে সামান্য পৰিমাণ সঞ্চয় কৰিলেও পিছলৈ ই অতি উপযোগী হ’ব পাৰে।

ক্ষুদ্র সঞ্চয়ৰ সুবিধাঃ ক্ষুদ্র সঞ্চয়ৰ বহুতো সুবিধা আছে

প্রথমতে, আৱশ্যকতাৰ সময়ত ই আমাক সহায় কৰে। চিকিৎসা বা শিক্ষাৰ বাবে হঠাৎ টকাৰ প্ৰয়োজন হ’লে আমাৰ সঞ্চিত ধনে আমাক তৎকালীনভাবে সহায় কৰিব পাৰে।

দ্বিতীয়তে, সৰু সৰু সঞ্চয়ে আমাক অনুশাসন আৰু দায়িত্ব শিকায়। ই আমাক ধন কেনেকৈ পৰিচালনা কৰিব লাগে সেই বিষয়ে শিকিবলৈ সহায় কৰে।

তৃতীয়তে, আমি যেতিয়া ধন সঞ্চয় কৰো তেতিয়া আমি ভৱিষ্যতৰ প্ৰতি নিৰাপত্তা অনুভৱ কৰো। ইয়াৰ উপৰিও ই আমাৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰে, যেনে ভৱিষ্যতে চাইকেল, মোবাইল ফোন, আনকি ঘৰ এটাও ক্ৰয় কৰিব পাৰি।

ক্ষুদ্ৰ সঞ্চয়ৰ ব্যৱস্থাঃ টকা-পইচা সঞ্চয়ৰ বাবে বহু সহজ-সৰল উপায় আছে। ইয়াৰে এটা উত্তম উপায় হ’ল ঘৰতে শাক-পাচলিৰ বাগিছা কৰা, গাই গৰু, হাঁহ-কুকুৰা আদি পালন কৰা। এইবোৰ কৰি আমি অলপীয়াকৈ হ’লেও নিয়মিত ধন পাব পাৰোঁ।

আন এটা উপায় হ’ল বেংক বা ডাকঘৰত চেভিংছ একাউন্ট খোলা। বহু বেংকে বিশেষ সঞ্চয় আঁচনি আগবঢ়ায় যিয়ে আমাৰ সঞ্চয়ৰ ওপৰত সুত দিয়ে। অপ্রয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিও আমি টকা ৰাহি কৰিব পাৰো। উদাহৰণস্বৰূপে, দামী জলপান খোৱাৰ পৰিৱৰ্তে আমি সেই ধনখিনি কিবা এটা উপযোগী কামৰ বাবে জমা ৰাখিব পাৰো।

উপসংহাৰঃ ক্ষুদ্র সঞ্চয় কৰাটো এটা ডাঙৰ অভ্যাস যিয়ে আমাক বহু দিশত সহায় কৰে। ই আমাক দায়িত্বশীল হ’বলৈ শিকাই আৰু ভৱিষ্যতৰ বাবে আমাক প্রস্তুত কৰে। আমি যিমানেই কম সঞ্চয় নকৰোঁ কিয়, এদিন ই বৃহৎ আকাৰ ধাৰণ কৰিব আৰু সময়ত ই আমাৰ বহু সহায়ক হ’ব। সকলোৱে সৰুৰে পৰা ধন সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। ইংৰাজী প্রবাদ এটিত কোৱা হয় “এক পইচা ৰাহি কৰা মানে এক পইচা উপাৰ্জন কৰাৰ লেখীয়া।”

১৯। ‘বৈত্রিময় অসম’ নামৰ দ্রুত পাঠত সন্নিবিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। ২০২-৪

উঃ আমাৰ দ্রুত পাঠ ‘বৈচিত্ৰম অসম’ত অসমৰ প্ৰধান প্রধান জনগোষ্ঠীসমূহৰ বিষয়ে আলোচনা থকাৰ লগতে জনগোষ্ঠীসমূহলৈ আগবঢ়োৱা কিছুমান ব্যক্তিৰ বিষয়েও চমু আলোচনা আছে। ইয়াত তেনে দুজন ব্যক্তিব বিষয়ে চমু আলোচনা আগবঢ়ো হ’ল-

(ক) যাদৱ পায়েংঃ যাদৱ পায়েঙ হৈছে অসমৰ মিচিং সম্প্রদায়ৰৰ এজন প্রকৃতিপ্রেমী আৰু পৰিৱেশকর্মী।
১৯৫৯ চনৰ ৩০ অক্টেবৰত বৰ্তমানৰ যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত যাদৱ পায়েঙৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং। সৰু কালতে প্রকৃতিৰ প্ৰেমত পৰা যাদব পায়েঙে ১৯৭৯ চনৰ পৰা গছ কবলৈ আৰম্ভ কৰি বৰ্তামনলৈ ১৩৬০ একৰ ভূমিত গছ ৰোপন কৰি ৰক্ষণাবেক্ষণ দি আছে। তেওঁ ৰোপন কৰা কাঠনিক বিশ্বই ‘মোলাই কাঠনি’ বুলি চিনি পায়। এই মোলাই কাঠনি বর্তমান নবগঠিত মাজুলী জিলাৰ ঔনা বা অৰুণা চাপৰিৰ দাঁতিত অৱস্থিত। মোলাই কাঠনিৰ বিশাল পৰিসৰৰ ভিতৰত ৰঙা চন্দন, বগা চন্দন, চিচুগছ, হলখ, গমাৰী, তিতাচপা, পমা আদি মূল্যবান গছ-গছনি থকাৰ উপৰিও বিভিন্ন ধৰণৰ ঔষধি বন-লতাৰে আবৰা। চাৰিটা ঢেঁকীয়াপতীয়া বাঘ মোলাই কাঠনিৰ প্ৰধান আকর্ষণ।

পৰিৱেশ ৰক্ষাৰ বাবে যাদব পায়েঙে ৰূপায়ণ কৰা মহান কৰ্মৰ স্বীকৃতি স্বরূপে ২০১২ চনত নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (Forest Man of India) উপাধি প্রদান কৰে।

(খ) শোভা ব্রহ্ম: শোভা ব্রহ্মা অসমৰ বড়ো সম্প্রদায়ৰ এজন প্রখ্যাত চিত্রশিল্পী, ভাস্কর্যবিদ, অসমৰ কলা জগতৰ পথ-প্রদর্শক আৰু এজন সাহিত্যিক আছিল।

এই মহান শিল্পীগৰাকী ১৯২৯ চনৰ ১৮ অক্টেক্টবৰত বৰ্তমান কোকৰাঝাৰ জিলাৰ গোসাই গাঁৱৰ ভূমকা নামৰ এখন পিছপৰা গাঁৱত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্ৰহ্মা আৰু মাতৃৰ নাম আছিল দেৱশ্রী ব্রহ্মা।

ড° ব্রহ্মাই নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্রহণ কৰিছিল। ব্রহ্মদেৱ সৰুৰে পৰাই এজন চিত্রশিল্পী আৰু ভাস্কর্যশিল্পী হোৱাৰ সপোন দেখিছিল। ললিত কলাৰত্ন ড° শোভা ব্রহ্মহ্মদেরে ১৯৫০ চনত কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে স্থাপন কৰা কলিকতাস্থিত শান্তি নিকেতনত নাম ভর্তি কৰে আৰু ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্রী লৈ অসমলৈ উভতি আহে।

তেওঁ চিত্র-ভাস্কৰ্যৰ জৰিয়তে জাতি-ভাষা-বর্ণ নির্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে।

২০। তোমাৰ দ্রুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বর্বণ সম্পর্কে চমুকৈ লিখা। ২

উঃ আমাৰ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ এক লেখতলবলগীয়া জনগোষ্ঠী হৈছে আদিবাসীসকল।
আদিবাসীসকলৰ এক প্রধান উৎসৱ হৈছে ‘কৰম উৎসর’। এই উৎসৱ ভাদ মাহৰ একদাশী দিনা উদ্যাপন কৰা হয়। “কৰম” প্ৰধানকৈ কৃষিভিত্তিক উৎসর। ‘কৰম’ এবিধ গছৰ নাম। গাঁৱৰ মহিলাসকলে বিশেষকৈ যুৱতীসকলে জংঘলৰ পৰা কৰম গছৰ ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাঁৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে। আদিবাসীসকলৰ পাহানে (পুৰোহিতে) পূজাৰ পাচত কৰম কাহিনী কয়, য’ত আদিবাসীসকলৰ পৰম্পৰাৰ নীতি-কথা নিহিত হৈ থাকে।

কৰম উৎসৱটি বন্ধুত্ব, সম্প্রীতি-একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ’বলৈ প্রস্তুত হোৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। ইয়াৰ উপৰিও আদিবাসীসকলৰ মাজত টুকু, বাহা পৰব (চাৰহুল), চহৰাই, মাগে, ফাগুরা ইত্যাদি উৎসব প্রচলিত। কৰম, ঝমৰ, ডমকচ, জাদুব, লাহচুৱা আদি নাচ-গানেৰে আদিবাসীসকলে উৎসৱসমূহ উদ্যাপন কৰে।

২১। তলত দিয়া গদ্যাংশৰ মূলভাৱ লিখাঃ ৪

চৰিত্ৰৱান মানুহ পৱিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পরিত্র আৰু আনকো পৱিত্ৰ কৰে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সংকোচ বোধ কৰে। ধন আৰু বিদ্যালয়ৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মহত্বপ্রাপ্ত হয়। কু-চৰিত্ৰই মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই দেৱত্বলৈ তোলে। সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা।

উঃ চৰিত্ৰই হৈছে মানুহৰ প্রধান পৰিচয়। চৰিত্ৰৱান মানুহে সমাজত ইতিবাচক প্রভাব পেলায়। আনহাতে কুচৰিত্ৰৱান মানুহে জীৱনত নানান দুখঃকষ্টৰ সন্মুখীন হোৱাৰ লগতে আনকো যন্ত্রণা ভূগায়। সুচৰিত্ৰই মানুহক মহৎ কৰে।

বিভাগ-খ (মূল্যাংক: ২৫)

২২। অতি চমু উত্তৰ লিখাঃ ১

নালন্দা বিশ্ববিদ্যালয়ৰ ন তলীয়া পুথিভঁৰালটোৰ নাম কি আছিল?

উঃ নালন্দা বিশ্ববিদ্যালয়ৰ ন তলীয়া পুথিভঁৰালটোৰ তাৰ নাম আছিল ‘বত্নোদধি’।

২৩। চমু উত্তৰ লিখাঃ ২

(ক) শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা।

উঃ শ্রীধান্যকটক বিশ্ববিদ্যালয় প্রাচীন অম্ৰাৱতী নগৰৰ ওচৰত অৱস্থিত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শাস্ত্র পঢ়োৱা হৈছিল। এই বিশ্ববিদ্যালয়খন খ্রীষ্টপূর্ব এক শতিকালৈ বর্তি আছিল। এই বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল নাগার্জুন।

(খ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলো ঠাইতে শঙ্খ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।

২৪। উত্তৰ লিখাঃ ৪

প্রাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষাকেন্দ্ৰ তক্ষশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ আলমত লিখা।

উঃ তক্ষশীলা বিশ্ববিদ্যালয় প্রাচীন উত্তৰ-পূৱ ভাৰতৰ (বর্তমান পাকিস্থানব) তক্ষশীলাত অৱস্থিত আছিল। এই বিশ্ববিদ্যালয়খন খ্রীষ্টপূর্ব এক শতিকালৈকে বর্তি আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ বিষয় শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা দিয়া হৈছিল। এইখন বিশ্ববিদ্যালয়তে অত্রেয় ঋষিয়ে আয়ুর্বেদ শাস্ত্র শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক ‘জীরক’ এই অত্রেয় ঋষিৰ ছাত্র আছিল। এই বিদ্যালয়তে জীৱকে সাত বছৰ বিদ্যাচর্চা কৰিছিল। প্রখ্যাত ব্যাকৰণবিদ পাণিনি আৰু পণ্ডিত চাণক্যও এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়খনলৈ পশ্চিমৰ পাৰস্য দেশ, বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহি পঢ়িছিল। আদিতে ই হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বৌদ্ধ বিশ্ববিদ্যালয়লৈ পৰিণত হয় আৰু তেতিয়াৰ পৰা ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্র পঢ়িবলৈ আহিছিল।

নাইবা

অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রীকৃষ্ণক কি ক’লে তোমাৰ নিজৰ ভাষাৰে লিখা।

উঃ অর্জুনে যুদ্ধক্ষেত্ৰত পিতৃৰ সমতুল্য যোদ্ধাসকল, পিতামহ ভীষ্ম, আচার্য, মাতুল, ভাতৃপুত্র, ভাতৃ, সখি, শহুৰ, সুহৃদসকল আদি আপোনজনক দেখা পাইছিল। যুদ্ধক্ষেত্রত সমবেত হোৱা উক্ত আপোন লোকসকলক দেখা পাই অর্জুনে শ্রীকৃষ্ণক ক’লে যে তেওঁৰ হাত-ভৰি ভাঙি যায়, মুখ শুকাই যায়, শৰীৰ কঁপি উঠে, নোম শিয়বি উঠে, হাতৰ পৰা গাণ্ডীব খহি পৰে। তেওঁৰ মতিভ্রম হয়, বিমঙ্গল দেখে। আকাশত শগুন উৰে, শিয়ালেও চিঞৰে। যুদ্ধত আপোনজনক মাৰি তেওঁৰনো কি লাভ হ’ব। তেওঁৰ বিষয় নালাগে, ৰাজ্য নালাগে আৰু সুখো নালাগে।

এই আত্মীয়সকলে যদিও পাণ্ডৱসকলক মাৰে, তথাপি সিহঁতে এই আপোন লোকসকলক হত্যা কৰা উচিত নহ’ব। যদিওবা অর্থশাস্ত্রমতে আততায়ীক হত্যা কৰাটো দোষণীয় নহয় তথাপি তেওঁলোকক মাৰিলে দোষে চুব। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল পাণ্ডৱসকলৰ বন্ধু। বন্ধুৰ দোষ থাকিলে হত্যা কৰা উচিত নহয়। সিহঁতক হত্যা কৰিলে কুলদোষে পাব। নিজৰ জাতি, ধর্ম, আদি নষ্ট হ’ব। দুর্যোধনে যদি তেওঁক বধো কৰে তথাপি তেওঁৰ কোনো আক্ষেপ নাই। এই বুলি কৈ অর্জুনে অস্ত্র এৰি কম্পিত হৈ ৰথৰ ওপৰত বহি পৰিল। গতিকে তেওঁ কৌৰৱসকলৰ বিৰুদ্ধে যুদ্ধ নকৰে।

২৫। অতি চমু উত্তৰ লিখাঃ ১

অসমীয়া কোনজন সাহিত্যিকক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছে?

উঃ অম্বিকাগিৰি ৰায় চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছে।

২৬। “ধৰ ঝাড়ু ধৰ ভাই আৰু চাবৰ সময় নাই”

-তাৎপর্য বুজাই লিখা। ২

উঃ উদ্ধৃত কবিতাফাকিৰ জৰিয়তে কবিয়ে পৰাধীন ভাৰতবৰ্ষত ভোগ কৰা দুখ-যন্ত্ৰণাৰ বিষয়ে কৈছে। ভাৰতবৰ্ষখন বৃটিছৰ অধীন হোৱাৰে পৰা দেশখনত পৰস্পৰ ভেদা-ভেদ, হিংসা-বিদ্বেষ, ঘৃণা-অসূয়া আদি বৃদ্ধি পায়। জাতীয় জীবন বিপর্যস্ত হৈপৰে। বিশ্বৰ দৰবাৰত ভাৰতৰ গৰিমা ম্লান পৰি যায়। সেয়ে কবিয়ে দেশৰ মানুহক আহ্বান কৰিছে যেন সিহঁতে বীৰবেশে ওলাই আহি ঝাড়ধাৰে যিদৰে ঝাড়ুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলে ঠিক সেইদৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিব পাৰে।

নাইবা

কপিল মুনিৰ চমু পৰিচয় দিয়া।

উঃ কপিল মুনিৰ জন্ম কপিলাবাস্তু নামৰ নগৰত হৈছিল। তেওঁৰ পিতৃ আছিল কদম মুনি আৰু মাতৃ আছিল দেৱহুতি। কপিল মুনিৰ জন্ম এক ধর্মীয় পৰিয়ালত হৈছিল, যি তেওঁৰ আধ্যাত্মিক জীৱনৰ আৰম্ভণিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

তেওঁ সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক হিচাপে পৰিচিত। সংখ্যা দর্শন হৈছে এক নাস্তিক্যবাদী দর্শন, যি বস্তু আৰু আত্মাৰ পৃথকত্বৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। এই দর্শন আত্মাৰ মুক্তি আৰু জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই দর্শনৰ মাধ্যমত জীৱনৰ মূল উদ্দেশ্য আৰু মুক্তিৰ পথ খুজিছিল।

২৭। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কৰি ৰায় চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা। ৪

উঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি এটি স্বদেশপ্রেমমূলক কবিতা। কবিতাটিৰ জৰিয়তে কবিয়ে দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ সকলোকে

আহ্বান জনাইছে।
ভাৰতবৰ্ষখন বৃটিছৰ অধীন হোৱাৰে পৰা দেশখনত পৰস্পৰ ভেদা-ভেদ, হিংসা-বিদ্বেষ, ঘৃণা-অসূয়া আদি বৃদ্ধি পায়। জাতীয় জীবন বিপর্যস্ত হৈপবে। বিশ্বৰ দব্বাৰত ভাৰতৰ গৰিমা ম্লান পৰি যায়। ভাৰতীয়সকলে বিদেশী শাসনৰ গোলামী কৰি নিজৰ অস্তিত্ব নিঃশেষ কৰিলে।

সেয়ে কবিয়ে দেশৰ মানুহক আহ্বান কৰিছে যেন সিহঁতে বীৰবেশে ওলাই আহি ঝাড়ুধাৰে যিদৰে ঝাড়ুৰে সাবি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলে ঠিক সেইদৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিব পাৰে। কবিৰ ভাষাতঃ

‘ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবৰ সময় নাই

……………………………….

নহ’লে যে বিশ্ব-সভাত

নহ’ব তোৰ বহাৰ ঠাই।’

এইদৰে কবিতাটিত কবিৰ স্বতঃস্ফূর্ত স্বদেশপ্রেম প্রকাশ পাইছে।

নাইবা

“মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম”-কোনে মোহিনী ৰূপধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা।

উঃ শ্রীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।

শ্রীকৃষ্ণই দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। এবাৰ দেৱতা আৰু অসুৰ বিলাকে সাগৰ মন্থন কৰি যি অমৃত পাইছিল সেহখিনি খাবলৈ দেৱতা আৰু অসুৰ বিলাকৰ মাজত টনা-আঁজোৰা লাগিছিল। দেৱতাসকলৰ দৰে যদি অসুৰ বিলাকেও অমৃত খাবলৈ পায়, তেন্তে সিহঁতেও দেৱতাবিলাকৰ দৰে অজৰ-অমৰ হ’ব। তেতিয়া অসুৰ বিলাকৰ পাপাচাৰত গোটেই পৃথিবী অধৰ্মৰে ভৰি পৰিব। সেই বাবে দেৱতাৰ কাৰ্য সাধন কৰিবলৈ ভগবান বিষ্ণুয়ে মোহিনী ৰূপ ধাৰণ কৰিছিল। বিফুল মোহিনী ৰূপত অসুৰ বিলাক ভোল গৈ থকাৰ সময়তে দেৱতাসকলে অমৃত খাই শেষ কৰিছিল।

এনেদৰে বিষ্ণুয়ে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ কাৰ্য সাধন কৰিছিল।

২৮। (ক) তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ ১০৭-৭তোমাৰ দেউতা ঘৰত আছেনে?

উঃ তোমাৰ দেউতাৰা ঘৰত আছেনে?

(খ) ‘পৰা’ উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা।

উঃ মোগলসকল আহোমসকলৰ হাতত শৰাইঘাটৰ ৰণত পৰাভূত হৈছিল।

(গ) খালী ঠাইত উপযুক্ত অনুসর্গ বহুওৱাঃ

তুমি ………………স্কুললৈ নগ’লা।

উঃ তুমিতো স্কুললৈ নগ’লা।

(ঘ) তলত দিয়া যিকোনো এটাৰ সমার্থক শব্দ লিখাঃ

মিত্র, কন্যা।

উঃ

শব্দ সমার্থক শব্দ
মিত্র বন্ধু
কন্যা জীয়ৰী

 

(ঙ) তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখাঃ

তাসম্বাক, ৰজনী।

উঃ

শব্দ আধুনিক ৰূপ
তাসম্বাক তেওঁলোক
ৰজনী ৰাতি

 

(চ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখাঃ

স্বদেশ, সুবিধা।

উঃ

শব্দ বিপৰীত শব্দ
স্বদেশ বিদেশ
সুবিধা অসুবিধা

 

(ছ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখাঃ

ল’ৰা, দেউতা।

উঃ

শব্দ বিপৰীত লিংগ
ল’ৰা ছোৱালী
দেউতা মা (আই)

 

২৯। তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্র লিখি উদাহৰণ দিয়াঃ ২০২-৪

কুসুম মালা, লেচাৰি, পয়াৰ।

উঃ

কুসুম মালাঃ যি ছন্দৰ প্রতিটো স্তৱকত ছয়টাকৈ আখৰ থাকে, তেনে ছন্দক ‘কুসুম মালা’ বোলে। উদাৰহণঃ শংকৰদেৱৰ ‘গুণমালা’। সাধাৰণতে এনে ছন্দত দুটা শাৰীৰ শেষ শব্দৰ ধ্বনিৰ মিল থাকে, যেনেঃ

“শ্যামল শৰীৰঃ জলদ কচিৰ

গহীন গম্ভীৰঃ গুণৰ মন্দিৰ।”

লেচাৰিঃ লেচাৰি ছন্দৰ প্ৰত্যেক স্তৱকত দুটাকৈ চৰণ থাকে। প্রত্যেক চৰণৰ অন্ত্য আখৰৰ মিল থাকে। স্তৱকৰ প্রথম, দ্বিতীয়, চতুর্থ আৰু পঞ্চম পৰ্বত মাত্ৰাৰ সংখ্যা দহ। তৃতীয় আৰু ষষ্ঠ পর্বত চৈধ্যটা মাত্রা থাকে। সর্বমুঠ চৌত্রিশটা মাত্ৰাৰ ই আটাইতকৈ দীঘলীয়া ত্রিপদী হৃন্দ। উদাহৰণ:
“কৃষ্ণ এক দেব, দুঃখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণবিনে শ্রেষ্ঠদের নাহি আৰ, সৃষ্টিস্থিতি অন্তকাৰী দের, তাঙ্কবিনে আন নাহি কের, জানিবা বিষ্ণুয়ে সমস্ত জগতে সাৰ।” – নামঘোষা

পয়াৰঃ পদ বা পয়াৰ এক প্ৰকাৰৰ ছন্দ সজ্জা। এইবিধ ছন্দ সজ্জাত একোটা স্তৱকত দুটাকৈ শাৰী বা চৰণ থাকে আৰু প্রত্যেক শাৰীতে চৈধ্যটাকৈ অক্ষৰ থাকে। শাৰীৰ প্ৰথম আঠটা অক্ষৰত এক পর্ব আৰু দ্বিতীয় ছয়টা আখৰত এক পর্ব। মুঠতে এই হৃদত চাৰিটা পর্ব থাকে। যেনেঃ

“লেখকৰ তুলাপাত। দোৱাত কলম।

অতি আদৰৰ বস্তু। বান্ধৱ পৰম।”

No comments:

Post a Comment

temp

প্ৰশ্ন : 1. এদল ছাত্রই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশহি...