মোৰ প্ৰিয় সাহিত্যিক: ড° ভবেন্দ্ৰনাথ শইকীয়া
পাতনি: সাহিত্যক এটা জাতিৰ দাপোণ বুলি কোৱা হয়, য’ত প্ৰতিফলিত হয় জাতিটোৰ সভ্যতা, সংস্কৃতি আৰু আশা-আকাংক্ষা। যুগে যুগে সমাজলৈ এনে বহুতো বৰেণ্য ব্যক্তিৰ আগমন ঘটে, যিসকলে নিজৰ মেধা আৰু একাগ্ৰতাৰে ইতিহাসৰ পাতত সোণোৱালী আখৰেৰে নাম খোদিত কৰি থৈ যায়। যিগৰাকী স্ৰষ্টাই জীৱনৰ দুখ-কষ্ট, হতাশা আৰু প্ৰত্যাহ্বানক নেওচি নিজৰ সৃষ্টিৰাজিৰে মানৱ সমাজক সমৃদ্ধ কৰে, তেৱেঁই প্ৰকৃত অৰ্থত শ্ৰেষ্ঠ সাহিত্যিক। এনে কালজয়ী সৃষ্টিৰ গৰাকীসকল সদায় পাঠকৰ বাবে অনুপ্ৰেৰণাৰ চিৰন্তন উৎস।
প্ৰিয় সাহিত্যিক হিচাপে ড° শইকীয়া: মোৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হোৱা এনে এগৰাকী মহান সাহিত্যিক হৈছে ড° ভবেন্দ্ৰনাথ শইকীয়া। অসমীয়া সাহিত্য জগতক টনকিয়াল কৰা পুৰোধা ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম। তেখেতৰ তীক্ষ্ণ অন্তৰ্দৃষ্টি, স্বকীয় লিখনশৈলী আৰু মানৱতাবাদী জীৱন দৰ্শনে মোক বাৰুকৈয়ে আকৃষ্ট কৰে। সমাজৰ প্ৰতিটো দিশৰ প্ৰতি তেখেতৰ যি সূক্ষ্ম বিশ্লেষণ, সেয়া আজিও সমানেই প্ৰাসংগিক আৰু বাস্তৱসন্মত। সেয়েহে মোৰ প্ৰিয় সাহিত্যিকৰ আসনত তেখেতক বহুৱাই মই অতিকৈ গৌৰৱ অনুভৱ কৰোঁ। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মাজত তেখেতৰ সৃষ্টিৰ সমাদৰেই তেখেতৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ। কেৱল সাহিত্যৰ জগতখনেই নহয়, অসমৰ চলচ্চিত্ৰ, সাংবাদিকতা আৰু সাংস্কৃতিক ক্ষেত্ৰলৈকো তেখেতৰ অৱদান অনস্বীকাৰ্য। মোৰ কৈশোৰ কালত তেখেতৰ চুটিগল্পসমূহে প্ৰথম মোৰ মন স্পৰ্শ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেতৰ গ্ৰন্থ আৰু উপন্যাসসমূহে তেখেতক মোৰ প্ৰিয় সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিলে।
জন্ম, পৰিচয় আৰু শিক্ষা: ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজাদাৰীপট্টীত ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া। ১৯৪৮ চনত তেখেতে তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত ১৯৫০ চনত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে ইণ্টাৰমিডিয়েট আৰু ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ বি.এছ.চি. ডিগ্ৰী লাভ কৰে। ১৯৫৫-৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেচিডেন্সী মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. উপাধি আৰু একে সময়তে ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজীৰ পৰা ডিপ্লমা লাভ কৰে। শিৱসাগৰ মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলা ড° শইকীয়াই পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰিডাৰ হিচাপেও সেৱা আগবঢ়ায়।
সাহিত্য আৰু সাংস্কৃতিক অৱদান: ড° শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিল অতি বিশাল আৰু বৰ্ণময়। নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে 'পথ নিৰূপণ' নামৰ গল্পৰে সাহিত্য জগতত প্ৰৱেশ কৰা শইকীয়াই পৰৱৰ্তী সময়ত এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰে। 'সেন্দূৰ', 'গহ্বৰ', 'শৃংখল', 'এন্দুৰ', 'প্ৰহৰী' আদি গল্পৰ বাস্তৱসন্মত চৰিত্ৰায়ণ আৰু ব্যঞ্জনাময় সমাপ্তি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। 'শৃংখল' নামৰ গল্প সংকলনখনৰ বাবে তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
উপন্যাসৰ ক্ষেত্ৰতো 'অন্তৰীপ' আৰু 'ৰম্যভূমি'ৰ জৰিয়তে তেখেতে এক সুকীয়া স্থান দখল কৰিছে। আনহাতে, অসমীয়া শিশু সাহিত্যলৈ তেখেতৰ অৱদান অতুলনীয়। 'মৰমৰ দেউতা', 'শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট' আদি গ্ৰন্থ আৰু 'সঁফুৰা' আলোচনীৰ সম্পাদনা তেখেতৰ অন্যতম শ্ৰেষ্ঠ কৃতি।
অসমৰ ভ্ৰাম্যমাণ নাট্যজগত আৰু চলচ্চিত্ৰ জগততো তেখেত আছিল এক মহীৰূহস্বৰূপ। 'দীঘলতীপথাৰ', 'ৰামধেনু', 'দীনবন্ধু' আদি নাট আৰু 'সন্ধ্যাৰাগ', 'অগ্নিস্নান', 'কোলাহল', 'সাৰথি' আদি কালজয়ী চলচ্চিত্ৰৰে তেখেতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছিল। অসমীয়া বৌদ্ধিক সমাজৰ দস্তাবেজস্বৰূপ 'প্ৰান্তিক' আলোচনীৰ জন্মদাতা আৰু সম্পাদক হিচাপে তেখেতৰ ভূমিকা চিৰস্মৰণীয়। তদুপৰি, সমাজৰ নিপীড়িত শ্ৰেণী আৰু শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে গুৱাহাটীৰ বেলতলাত স্থাপন কৰা 'আৰোহণ' তেখেতৰ মানৱ দৰ্শনৰ এক জীৱন্ত নিদৰ্শন।
বঁটা আৰু সন্মান: জীৱনকালত ড° শইকীয়াদেৱে বহুতো সন্মানেৰে বিভূষিত হৈছিল। ইয়াৰ ভিতৰত ১৯৮১ চনত 'হৰনাথ ঘোষ বঁটা', ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা', ১৯৯৮ চনত অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান 'শ্ৰীমন্ত শংকৰদেৱ বঁটা' আৰু ২০০১ চনত ভাৰত চৰকাৰৰ 'পদ্মশ্ৰী' সন্মান উল্লেখযোগ্য। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সাহিত্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপ ২০০১ চনত তেখেতক সন্মানীয় 'ডি.লিট' উপাধি প্ৰদান কৰে।
সামৰণি: ড° ভবেন্দ্ৰনাথ শইকীয়া কেৱল এজন ব্যক্তিয়েই নাছিল, তেখেত আছিল এক বিশাল অনুষ্ঠান। বিংশ শতিকাৰ এইগৰাকী শ্ৰেষ্ঠ অসমীয়াক মোৰ প্ৰিয় সাহিত্যিক হিচাপে অভিহিত কৰিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱান্বিত। এগৰাকী প্ৰতিভাশালী, নিৰহংকাৰী, সৎ আৰু কৰ্মনিষ্ঠ জীৱনশিল্পী হিচাপে তেখেতে অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতত যি স্বৰ্ণিল অৱদান আগবঢ়াই গ'ল, সেয়া চিৰকাল জিলিকি থাকিব। তেখেতৰ মহাপ্ৰয়াণৰ পাছতো অনাগত প্ৰতিটো প্ৰজন্মই তেখেতৰ আদৰ্শক সশ্ৰদ্ধে সুঁৱৰিব।
No comments:
Post a Comment