js
Monday, September 1, 2025
SEBA Class X General Science Chater 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ MCQ
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
1. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে一
(a) ছিলভাৰ
(b) জিংক
(c) গ’ল্ড
(d) মার্কিউৰি
Ans : (b) জিংক
2. Fe2O3+2Al→Al2O3+2Fe
ওপৰৰ বিক্ৰিয়াটো হ’ল一
(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ
(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ
(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
(d) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
Ans : (c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
3. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়?
(a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়
(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়
(c) বিক্রিয়া নঘটে
(d) আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়
Ans : (a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়
4. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে—
(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে
(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে
(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়
(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ’ল—
(a) (i), (iii)
(b) (ii), (iii)
(c) (i), (iii), (iv)
(d) কেৱল (iv)
Ans : (a) (i), (iii)
5. NaOH দ্ৰৱ এটাৰ 10 mL এ HCl দ্ৰৱ এটাৰ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্রব) পৰিমান হব一
(a) 4 mL
(b) 8 mL
(c) 16 mL
(d) 12 mL
Ans : (c) 16 mL
6. তলৰ কোনটো বিক্রিয়া ক’লা-বগা ফটোগ্রাফীত ব্যবহৃত হয় ?
(a) NaOH+HCl→NaCl+H2O
(b) BaCl2+Na2SO4→BaSO4+2NaCl
(c) 2AgBr→2Ag+Br2
(d) Fe+CuSO4→FeSO4+Cu
Ans : (c) 2AgBr→2Ag+Br2
7. বগা ছিলভাৰ ক্ল’ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ’ব –
(a) বগা
(b) ৰঙা
(c) মটীয়া
(d) হালধীয়া
Ans : (c) মটীয়া
8. এটা জঁকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হ’ল 一
(a) শক্তিৰ সংৰক্ষণৰ সূত্ৰ
(b) স্থিৰানুপাত বিধি
(c) ভৰৰ নিত্যতা বিধি
(d) ওপৰৰ এটাও নহয়
Ans : (c) ভৰৰ নিত্যতা বিধি
9. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কাৰণ—
(a) মলি আঁতৰাবলৈ
(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ
(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
(d) ইয়াৰ পৃষ্ঠৰ হাইড্ৰ’ক্সাইডৰ তৰপটো আঁতৰাবলৈ
Ans : (c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
10. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে ?
(a) ক’লা
(b) সেউজীয়া
(c) মুগা
(d) মটীয়া
Ans : (a) ক’লা
11. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?
(a) ক’লা
(b) মুগা
(c) সেউজীয়া
(d) ৰঙা
Ans : (c) সেউজীয়া
12. কপাৰ ছালফেট দ্ৰৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ一
(a) অপসৰণ
(b) অধঃক্ষেপণ
(c) দ্বিঅপসৰণ
(d) সংযোজন
Ans : (a) অপসৰণ
13. তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে一
(a) অপসাৰণ
(b) বিযোজন
(c) দ্বিঅপসৰণ
(d) সংযোজন
Ans : (c) দ্বিঅপসৰণ
14. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) তাপগ্রাহী
(b) তাপবর্জী
(c) সংযোজন
(d) অধঃক্ষেপণ
Ans : (b) তাপবর্জী
15. ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা—
(a) ZnO, C
(b) Zn, CO
(c) ZnO, CO
(d) C, ZnO
Ans : (d) C, ZnO
16. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল —
(a) মেগনেছিয়াম কার্বনেট
(b) মেগনেছিয়াম নাইট্রেট
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম হাইড্রক্সাইড
Ans : (c) মেগনেছিয়াম অক্সাইড
17. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-
(a) সংযোজন
(b) বিয়োজন
(c) অপসৰণ
(d) দ্বিঅপসৰণ
Ans : (b) বিয়োজন
18. লেড নাইট্ৰেটৰ তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন নহয়—
(a) PbO
(b) NO2
(c) N2
(d) O2
Ans : (c) N2
19. ছিলভাৰ ব্ৰ’মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ—
(a) বিযোজন
(b) সংযোজন
(c) তাপগ্রাহী
(d) (a) আৰু (c)
Ans : (d) (a) আৰু (c)
20. NaSO4+BaCl2→BaSO4+2NaCl এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –
(a) অপসৰণ
(b) দ্বিঅপসৰণ
(c) অধঃক্ষেপণ
(d) (b) আৰু (c)
Ans : (d) (b) আৰু (c)
21. ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ মিহলি কৰিলে –
(i) ছ’ডিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন হয়
(ii) এটা অপসৰণ বিক্রিয়া সংঘটিত হয়
(iii) এটা দ্বি অপসৰণ বিক্রিয়া সংঘটিত হয়
(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ’ল
(a) (i), (ii), (iii)
(b) (i), (ii)
(c) (i), (iii)
(d) (i), (iii), (iv)
Ans : (d) (i), (iii), (iv)
22. তলৰ কোনটো সংযোজন বিক্রিয়া নহয় ?
(a) H2+Cl2→2HCl
(b) 2AgBr→2Ag+Br2
(c) CaO+H2O→Ca(OH)2
(d) 4Na+O2→2Na2O
Ans : (b) 2AgBr→2Ag+Br2
23. লেড নাইট্রেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ’ল—
(a) NO2
(b) PbO
(c) O2
(d) Pb
Ans : (a) NO2
24. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়-
(a) SO2
(b) SO3
(c) Fe2O3
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
Comming Soon
Signal acquired · launching soon Something new is on its way W...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...