js

Tuesday, March 15, 2022

SEBA Class IX বৈচিত্রময় অসমঃ চাহ জনগোষ্ঠীসকল




১। অসমৰ প্রথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল ?

উত্তৰঃ অসমৰ প্ৰথম চাহ বাগিচা খন চাৱুৱাত আৰু ১৮৩৫চনত স্থাপন হৈছিল ।

২। অসমৰ প্রথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল ?

উত্তৰঃ অসমৰ প্রথম চাহ কোম্পানীৰ নাম The Assam Tea Company । ১৮৩৯ চনত স্থাপিত হৈছিল ।

৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি জানা লিখা ?

উত্তৰঃ অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে প্ৰসাৰিত হৈছিল । কিন্তু প্রয়ােজন অনুসৰি থলুৱা শ্ৰমিকৰ অভাৱ আছিল । সেয়ে চীন দেশ আৰু ভাৰতবৰ্ষৰ । বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্রহ কৰাৰ কথা চিন্তা কৰে । তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভােগী নিয়ােগ কৰিছিল । এইসকল মধ্যভােগীয়ে পশ্চিমবংগ , বিহাৰ , ঝাড়খণ্ড , ছত্তিশগড় , মধ্যপ্রদেশ , উত্তৰপ্ৰদেশ , অন্ধ্রপ্রদেশ , মাদ্রাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্রহ কৰি আনিছিল । এনেদৰে অসমলৈ শ্রমিক সংগ্রহ কৰি অনা কার্যক মজদুৰ চালান বুলি কোৱা হৈছিল । মজদুৰ চালান দুই ধৰণৰ আছিল । এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ'ল আড়কাঠিয়া চালান । লিখিত চুক্তি ( Agreement ) অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনাে চুক্তি নকৰাকৈ চলে বলে কৌশলে সংগ্রহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল ।

৪। চাহজনগােষ্ঠী সমাজৰ দহটা জাতি - উপজাতিৰ নাম লিখা ।

উত্তৰঃ চাহজনগােষ্ঠী সমাজৰ দহটা জাতি - উপজাতিৰ নাম  হ'লঃ ওৰাওঁ  মুণ্ডা, চাওতাল, কুৰ্মী, ঘাটোৱাৰ, গোৱাল, কমাৰ, কঁহাৰ, কালিন্দী, কিষান, কৈৰী আদি ।

৫। চাহ জনগােষ্ঠীৰ মাজত কি কি ধৰ্মৰ লােক আছে ।

উত্তৰঃ চাহ জনগােষ্ঠীৰ মাজত হিন্দু ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্ম লোক । আৰু কিছুমান অনুকুল ঠাকুৰৰ অনুগীমীৰ লোক আছিল ।

 ৬। স্বাধীনতা সংগ্রামৰ প্রথম মহিলা ছহিদ কোন ?

উত্তৰঃ স্বাধীনতা সংগ্রামৰ প্রথম মহিলা ছহিদ এণ্ড ঘগৰা টি ইষ্টেটৰ মাংৰি ওৰাওঁ ।

৭ । অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম ছহিদ কোন ?

উত্তৰঃ সাধনা ওৰাওঁ অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম ছহিদ ।

৮। চমুকৈ লিখা ( ক ) মেঘৰাজ কর্মকাৰ ( খ ) সন্তোষ কুমাৰ তপ্ন ( গ ) চাইমন সিং হৰ

উত্তৰঃ ( ক ) মেঘৰাজ কৰ্মকাৰঃ  চাহ জনগােষ্ঠীসকলৰ যিসকল লােকে অসমীয়া ভাষা – সাহিত্য চর্চা কৰি সুনাম অর্জন কৰিছে তাৰে ভিতৰত উজনি অসমৰ জামিতা চাহবাগিচাৰ মেঘৰাজ কর্মকাৰ হ’ল প্রথম সাহিত্যিক পেঞ্চনাৰ । । চালুক বচন'কে আদি কৰি ভালেমান গ্রন্থ প্রকাশ কৰিছে । অসম প্রকাশন পৰিষদে ‘ মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী ’ প্রকাশ কৰিছে । তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল ।

(খ) সন্তোষ কুমাৰ তপ্নঃ মৰাণৰ সন্তোষ কুমাৰ তপ্নই লিখা মুণ্ডা জাতিৰ চমু পৰিচয়’খন হ’ল চাহ জনগােষ্ঠীৰ প্ৰথম প্রকাশিত গ্রন্থ । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল । ১৯২৪ চনত জন্ম লাভ কৰা তপুৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাৰঠা তপ্ন আছিল । যােৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য - চর্চাও কৰিছিল । অসমৰ বিভিন্ন কাকত - আলােচনীত তেওঁৰ তথ্যগধুৰ লিখণি প্রকাশ পাইছে । সহজ - সৰল জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয় ।

(ঘ) চাইমন সিং হ'ৰঃ ১৯২৯ চনত চাইমন সিং হ'ৰৰ জম্ম হৈছিল । তেখেতৰ পিতৃৰ নান মাছিৰাম হ'ৰ আৰু মাতৃৰ নাম ছাৰা হ'ৰ । তেখেতে শিৱসাগৰ পৰা স্কুলৰ শিক্ষা আৰম্ভ কৰি যোৰহাট জে.বি. স্কুলৰ কলেজৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰিছিল । চাইমন সিং হ'ৰ আছিল উদাৰ মনৰ ব্যক্তি । চাইমন সিং হ'ৰ আছিল খ্ৰীষ্টান ধৰ্ম লোক । তেখেত যদিও খ্ৰীষ্টান ধৰ্ম লোক হিন্দুৰ নামঘৰ পাতিবলৈ মাটি দান কৰিছিল । শিক্ষাৰ কথা চিন্তা কৰি পিছ পৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষা পোহৰ বিলাইছিল । চাইমন সিং হ'ৰ ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰে ।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...