ভাৱ বিষয়ক :-
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উঃ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল- ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি ।
২। ' ফ্ৰম ভলগা টু গংগা ' কাৰ ৰচনা ?
উঃ ' ফ্ৰম ভলগা টু গংগা' পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ' কালিয়দমন'ৰ কি আখ্যা দিছে ?
উঃ সৰ্ৱপল্লী ৰাধাকৃষ্ণণে কালিয়দমন' ৰ আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে ।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।
৫।শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল ?
উঃ প্ৰত্নতাত্বিক পণ্ডিতসকলক শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল ।
২নং) ধ্যানস্থ শিৱৰ কল্পনা মহেজ্ঞোদাৰোৰ সংস্কৃতি সম্পদ।
৬) ইছলাম ভাস্কৰ্যৰ মূল সম্পদ হ'ল-
উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল-
গঠনৰ সৰলতা আৰু সূক্ষ্মতা।
৭) অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?
উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন।
৮) গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে।
উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে।
৯) সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে ?
উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিজ শিল্পক বেছি স্থায়ী বোলা হৈছে।
১০। হেম বৰুৱা সাহিত্য চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰঃ অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা । তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল । মমতাৰ চিঠি , আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য । কালিচন্দা (১৯৫৯ ) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে 'আধুনিক সাহিত্য' ,'সাগৰ দেখিছা', 'মানমিহলি', 'ৰঙা কৰবী ফুল', ' কিউপিড আৰু ছাইকি', 'বালিচন্দা' , ' এই গাওঁ এই গীত', 'মেকং নৈ দেখিলোঁ' ,' ' ইজৰাইল', ' স্মিতিৰ পাপৰি' ইত্যাদি উল্লেখযোগ্য পুথি । বৰুৱা দেৱে ' The Red River and the Blue Hill ' নামৰ ইংৰাজী গ্ৰন্থ খনো ৰচনা কৰিছিল। 'পছোৱা' নামৰ মাহেকীয়া আলোচনীখনৰ তেখেতে সম্পাদনা কৰিছিল।
১১। ' ভাৰতীয় সংস্কৃতি' পাঠটোৰ সাৰাংশ লিখা।
উত্তৰঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি সাগৰ ৰচিত হৈছে। অতিজতে গ্ৰীক, শক, হুন আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ, বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য, ৰাজনৈতিক আদৰ্শ, চিত্ৰকলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান প্ৰদান বিনিময় আদিৰ মাজেৰে পৰিবৰ্তিত ভাৰতীয় সংস্কৃতি স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কোৱা হৈছে। সভ্য সমাজ অবিহনে সৃষ্টিমূলক যি কোনো কাম হাতত লোৱাটো ব্যত্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্থলী সুসং গঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা , সাহিত্য , সুকুমাৰ কলা , দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগ বঢ়াইছে।
ভাৰতত আদিম অধিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্থৰ কৃষ্ঠি সমল গ্ৰহন কৰি স্বকীয় সংস্কৃতিত পৰিবৰ্ধন কৰিছিল। প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক হে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছিল। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্পী, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমণ্বয়ৰ ইংগিত পাই আহিছিলো।
আনহাতে হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা নিদৰ্শন পোৱা গৈছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল।
মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন বীৰাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা লমষ্ঠি জীৱনৰ কোনো সংবাদ নাছিল। আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন ধাৰাত ব্যক্তি মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্চস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদদলিত সাধাৰণ মানুহে অদষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল।
সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অতন্ত্য চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উকৰ্ষ লাভ কৰিছিল। সেইদৰে মাহাৰাষ্টৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীত। অতীজৰ স আৰু সত্য়ৰূপে স্বীকৃত সাংস্কতিক সম্পদৰ সৈতে বৰ্তমান সাংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমণ্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবঢ়া উচিত।
১২ । 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু'।
-এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কৃতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপে সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে পেৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙনি যোগাইছিল। বিভিন্ন দেৱ-দেবীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেই বোৰ প্ৰায়ে দ্ৰাবিড়ী সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজকনীতি শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জিয়াই ৰখা হৈছিল।
ওপৰৰ আলোচনাৰ পৰা ইযাকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি।
১৩ । 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰঃ 'সভ্যতা আৰু সংস্কৃতি' - এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠী হ'ল সমাজ এখন বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ, সভ্যতা হ'ল দক্ষতা, পুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদ্বিক চিন্তা-ধাৰা, আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতি প্ৰধান মাপকাঠী হ'ল - ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থাৎ সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোচাক আদি।
সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উখান-পতনৰ সৈতে জড়িত হৈ থকে, কিন্তু সংস্কৃতি সেই জাতী বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে হে জড়িত থাকে। সভ্যতাৰ কোনো সংমিলশ্ৰন নঘতে। সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকাৰ্য।
সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বা অপৰিহাৰ্য সভ্যতাৰ বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপৰিহাৰ্য। শিক্ষা ব্যবস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশৰ যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱন প্ৰতিনিধিত্ব কৰে সভ্যাগ আৰু সংস্কৃতিক এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা দিয়া সম্ভব নহয়। সভ্যতাই সমাজ এখনৰ সু-শৃংখল কৰি সংস্কৃতি এটা গঢ়াৰ দিয়াত সহায় কৰে।
১৪) উত্তৰ ভাৰতীয়, ভাস্কৰ্যৰ বিষয়ে তোমাৰ প্যাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ উত্তৰ ভাৰতৰ দৰে দক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপতীয়াকৈ পৰা নাছিল। অৰ্থাৎ ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ৰঙীন কৰি তুলিছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰহ আছিল। ই আচলতে সংহতিৰ ভাস্কৰ্যহে আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰলতা দেখিবলৈ পোৱা গৈছিল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে। ইয়াক কোনো প্ৰকাৰেই সম্পুৰ্ণৰূপে ইছলামীয় বুলিব পৰা নাযায়। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিল। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিল। তাজমহল, ফটেহপুৰ চিকৰি, ইচ্মৎদৌল্লাৰ আদি এনে কাৰু-কাৰ্য খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্য্যৰ আৰ্হি। এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।
১৫) অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসৰ যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল- চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলত দুটা ভাৱ বস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকণ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে- জীৱন আনন্দ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাববস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।
১৬) মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰঃ মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু হেংগীজ খাঁৰ ৰাজ দৰবাৰত, গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ অৱণতা নাই। আছে কেৱল বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্থান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপুত ৰস চঞ্চল আৰু আনবিধ ধীৰ, মন্থৰ প্ৰাণ। এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ পৰিছিল।
১৭) উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰঃ উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাবৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি কব পাৰি।
১৮) ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত পাঠটিত কোৱা হৈছে যে - `ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি'। ইয়াৰ অৰ্থ হল ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি।
ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা। ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিক সকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতৰ মঠ- মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখা অংকন কৰা হৈছিল। ইয়াৰ মূলতে আছিল ইছলামীয় সকল। ইছলামীয় সকলে ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছিল। তাজমহল, ফেটেহপুৰ চিকৰি, ইচ্মৎদৌল্লাৰ অসম্পুৰ্ণ ভাস্কৰ্যই ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়ে। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সৰল হৈ পৰিছিল।
ভাৰতীয় চিত্ৰ কলাটো ইছলামিক চিত্ৰ শৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰে এটা নতুন ৰীতিৰ বৈশিষ্ট্য হল- ব্যক্তিবীদ। অজন্তাৰ চিত্ৰশিল্পৰ এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল। এইটো আছিল ইণ্ডোছাৰাচেনিক ৰীতি। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজতো ইছলামিকৰ প্ৰভাৱ পৰা বুলি ক'ব পাৰি। হিন্দু-মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যত ভাৱৰ সৃষ্টি কৰিছে। এই নৈৰাশ্যত ভাৱে হিন্দুসকলৰ মনত উদাসীনতাৰ সৃষ্টি কৰিছে। ফলত বাস্তৱ জগতৰ কহণ পাহৰি হিন্দুৰ মতে আত্মাৰ জগতখনলৈ আগবাঢ়ি গৈছে।
ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ হৈছিল। মুক্ত বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি তুলিছিল। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গল যে- ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এবাভ নোৱাৰা বিধৰ আছিলে।
১৯) প্ৰাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰঃ প্ৰাক্-মুছলমান যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব হৈছিল।
প্ৰাক্-মুছলিম যুগৰ জীৱন প্ৰাৰ্চুযৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাৰ্চুযত যেন শিল্পীক মতলীয়া কৰিছিল। এই জীৱন প্ৰাৰ্চুয একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈ পৰিছিল। ছবিবোৰৰ ভাব-ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন হৈছিল অজন্তাৰ চিত্ৰশিল্পৰ। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। এই শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ প্ৰবণতা নাছিল, আছিল বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে- আমি উৰ্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা ক'ব পাৰো।
ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োবিধৰ মিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট প্ৰধান লক্ষণ আছিল। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল আকৌ আনবিধ আছিল ধীৰ, মন্থৰ প্ৰাণ।
২০) বাখ্যা কৰা।
ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি :- লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে এই কথাষাৰত উল্লেখ কৰিছে।
বাখ্যা:- ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছে। অতিজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰবজন ঘটি আহিছে। ইয়াৰ উপৰিও ক'ব পাৰি যে এঘাৰশ শতিকাৰ আগৰে পৰা এচিয়া, ইউৰোপ, ব্ৰহ্মদেশ, আফগানিস্তা, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছে। এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এসময়ত আৰ্যসকলৰ আগমন ঘটিছিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড়, মংগোলীয় আৰু অনান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য আদিক গ্ৰহণ কৰি নতুন ৰূপ দিছিল। আৰ্যসকলৰ প্ৰচেষ্টাৰ বাবে একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ-পূব এছিয়ালৈকে স্পৰ্শ কৰাইছিল। গ্ৰীক, শক, হুণ প্ৰকৃতিৰ আগমনেও ভাৰতীয় সংস্কৃতিক ক্ৰমান্বয়ে সমৃদ্ধ কৰিছিল। এইদৰে বিভিন্ন সংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছিল। আনকি ভাৰতীয় শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভাইও ভাৰতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছিন্ন প্ৰভাৱ যুগ যুগ ধৰি আহ্বান জনাই আহিছে।
খ) ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
উত্তৰঃ প্ৰসংগ:- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি :- লিখকে বিভিন্ন উত্থান-পতন সত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে।
বাখ্যা :- ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়া বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰ ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়-পৰাজয়, ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। এয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন ভঙা-গঢ়াৰ ঐতিহ্য।
গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
উত্তৰ:- প্ৰসংগ :- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি :- লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই কবলৈ কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যা:- সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচৰ কৰে। এটাৰ উদ্দেশ্য হৈছে- কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে- সংযম আৰু আড়ম্বৰহীনতা। এটাই অভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে। আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সুক্ষ্ম আৰ্টে মানুহৰ অন্তৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে।
ভাষা- বিষয়কঃ
১) সন্ধি ভাঙাঃ
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।
উত্তৰঃ সংস্কৃতি = সম্ + কৃতি
সমন্বয় = সম্ + অন্বয়
সম্বন্ধ = সম্ + বন্ধ
ভাৰাক্ৰান্ত = ভাৰ + আক্ৰান্ত
সন্মত = সম্ + মত
২) বিশেষ্য বা বিশেষণলৈ নিয়াঃ
বৈচিত্ৰ্য, ভৌগোলিক , বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।
উত্তৰঃ বৈচিত্ৰ্য = বিচিত্ৰ
ভৌগোলিক = ভূগোল
বিস্তিতি = বিস্তিত
নৈৰাশ্য = নিৰাশ
বিপ্লৱ = বৈপ্লৱিক
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
১) হেম বৰুৱাদেৱৰ কেতিয়া আৰু কত জন্ম হৈছিল?
উত্তৰঃ ১৯১৫ চনত তেজপুৰত হেম বৰুৱাদেৱৰ জন্ম হৈছিল।
২) হেম বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?
উত্তৰঃ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল হেম বৰুৱাদেৱ।
৩) হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰ:- হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল - “The Red River and Blue Hill ।"
৪) হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৯৭৭ চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল।
৫) `ভাৰতীয় সংস্কৃতি' পাঠটোৰ লিখক কোন?
উত্তৰ:- `ভাৰতীয় সংস্কৃতি' পাঠটোৰ লিখক হেম বৰুৱা।
৬) ইংৰাজ ৰোমাণ্টিক কবি কীটছৰ সম্পুৰ্ণ নাম কি?
উত্তৰ:- ইংৰাজ ৰোমাণ্টিক কবি কীটছৰ সম্পূৰ্ণ নাম হ'ল - জন কীটছ।
৭) ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি?
উত্তৰ:- ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হ'ল - সমন্বয়ৰ সংস্কৃতি।
৮) সংস্কৃতি অৰ্থ কি?
উত্তৰঃ সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।
৯) হিন্দুৰ শ্ৰদ্ধ বিধি কোন যুগৰ অৱদান?
উত্তৰঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনাৰ্য যুগৰ অৱদান।
১০) অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতি কোন যুগৰ কথা সোঁৱৰাই দিয়ে?
উত্তৰঃ বৌদ্ধ যুগৰ ।
১১) কোন গৰাকী মোগল সম্ৰটৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?
উত্তৰঃ বাবৰৰ আমালত।
১২) 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন?
উত্তৰঃ পণ্ডিত ৰাহুল সাংকৃত্যায়ন।
১৩) ভাৰতীয় সংস্কৃতি প্ৰাণ কি?
উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তি।
১৪) শিৱ আৰ্য নে অন্যাৰ্য দেৱতা।
উত্তৰঃ অনাৰ্য।
১৫) কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল?
উত্তৰঃ অনাৰ্য গোষ্ঠীৰ।
১৬) উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ?
উত্তৰঃ বৃত্ত আৰু বক্ৰ।
১৭) নামঘোষা কোনে ৰচনা কৰিছিল?
উত্তৰঃ মাধৱদেৱে।
১৮) কীৰ্তন পুথিখনৰ কবিজনৰ নাম কি?
উত্তৰঃ শংকৰদেৱ।
১৯) সভ্যতা কি?
উত্তৰঃ সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি।
২০) ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে? [HSLC 17]
উত্তৰঃ ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময়। এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতি ধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়েই ভাৰতীয় জীৱন।
২১) আৰ্টত কি কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? অথবা - “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।" ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। [HQ 15]
উত্তৰঃ সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্যে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা।
২২) পণ্ডিত ৰাহুল সংস্কৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? [M.Q 15]
উত্তৰঃ “মধ্য এচিয়া কা ইতিহাস" নামৰ গ্ৰন্থৰ বাবে।
js
Tuesday, March 15, 2022
ভাৰতীয় সংস্কৃতি ( হেম বৰুৱা )
Subscribe to:
Post Comments (Atom)
SEBA HSLC General Science Paper 2023 Solved Assamese Medium
বিজ্ঞান প্ৰশ্নকাকত সমাধান 2023 SECTION – A 1. শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ (ii) তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয়? (a) Si...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment