Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - অ’ সখী আজি

 অ’ সখী আজি

অ’ সখী আজি
যৌৱন বন জুৰি
বন-বসন্ত মুঞ্জৰি
পাতে বৰণৰে মেলা,
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা৷
তোৰ ৰূপৰ ফুলনিতে
শেৱালি নেৱালি কতনো ফুল
দশোদিশ আমোলাই
কৰিছে আকুল
ফুলৰ বাটিৰে মৌৰে
নিজৰা বাকি দিয়া
বিয়াকুল ৰূপ মৌ পিয়া৷
আজি অভিনৱ তৰালি পোহৰৰ
চঞ্চল গীতি শুনা
তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা৷
তাতে বাসনা-উৰ্ব্বশী
বিবসনা
নৃত্যতে আকুল
অ’ সখী ! যায় যে বেলা
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা৷৷

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...