সোণৰ পালেঙতে অ' মনে তৰা (কাৰেঙৰ লিগিৰী) সোণৰ পালেঙতে অ' মনে তৰা সোণৰ পালেঙতে অ' মনে তৰা ধুনীয়া কোঁৱৰৰ ঘুমতি নাহিলে কপাহৰে তলিচা পৰা মনে তৰা।। পদুমৰ পাহিৰে গুথি দিম বিচনী বা দিম সুৰভি ভৰা মনে তৰা কাষতে লিগিৰী বহি নামে গাম কোনোবা বিতোপন দেশৰে সাধু ক'ম নিশাটো কাষতে বহি মনে তৰা। কপাহৰে তলিচা পৰা মনে তৰা সোণৰ পালেঙতে অ' মনে তৰা।।
No comments:
Post a Comment