Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - যাউতিযুগীয়া ধনে মোৰ অ' (কাৰেঙৰ লিগিৰী)

 

যাউতিযুগীয়া ধনে মোৰ অ'
 (কাৰেঙৰ লিগিৰী)

যাউতিযুগীয়া ধনে মোৰ অ'
যাউতিযুগীয়া ধন।
প্ৰাণতে দিলা মোৰ মৰম কুমলীয়া
মনত সোঁৱৰণি সুৱদীয়া
বুকুত ভালেপোৱা 
' মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ'
যাউতিযুগীয়া ধন।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ'
যাউতিযুগীয়া ধন।
সুখে বিনন্দিয়া মৰমকে বাকি
সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ'
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধনে মোৰ অ'
বুজা নুবুজাৰে হাঁহি কান্দোনেৰে 
জীৱনত পাতিলা মেলা মোৰ অ'
যাউতিযুগীয়া ধন।

No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...