Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - অ' আমাৰ গাঁও (লভিতা)

 

' আমাৰ গাঁও
          (লভিতা)

' আমাৰ গাঁও
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাওঁ আমি
মৰিবলৈ যাওঁ।
ভৰপূৰ তামোলেৰে
সেউজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা
' আমাৰ গাঁও!
দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা ল'ৰা
ডেকেৰী নহয় পাছ পৰা
' আমাৰ গাঁও!
একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
আজি কিয় তাকো নাপাওঁ?
এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
নিজে ৰখাওঁ ।
কালৰ মূৰ্তি ধৰি
শতৰু মূৰত
আকাশৰ চৰগ পেলাওঁ ।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...