জোনাকী কাৰেঙত কোনে বীণ বায়
(নিমাতী কইনা)
জোনাকী কাৰেঙত কোনে বীণ বায়?
জোনাকী কাৰেঙত কোনে বীণ বায়?
পোহৰে পোহৰে হাঁহি বিলায় !
আমাৰে নিমাতীৰ কোনে মাত ফুটাব
ওঁঠতে হাঁহিটি দিব বুলাই।
আমাৰ নিমাতীজনী
নীল সাগৰৰ হীৰা মণি
অৰুণৰ হাঁহিৰে মুখনি বোলোৱা
আলাসৰ প্ৰতিমাখনি।
হাঁহো-হাঁহোকৈ
চকু দুপাহিয়ে
হঁহা নাই অতদিনে।
মাতো মাতোকৈ
ওঁঠ দুখনিয়ে
অমাতেৰে মন জিনে।
ধিয়ানে-গিয়ানে সচিতে-সপোনে
কাকনো বিচাৰে কাকনো চায়?
বীণখনি বায়
কোনেনো দিবহি হাঁহি ফুলাই?
নিমাতী কইনাৰ মাত ফুটা নাই
অ' মাত ফুটা নাই
জোনাকী কাৰেঙত কোনে বীণ বায়?
js
Thursday, March 24, 2022
জ্যোতি সংগীত - জোনাকী কাৰেঙত কোনে বীণ বায় (নিমাতী কইনা)
Subscribe to:
Post Comments (Atom)
NCERT Class X Mathematics Chapter 1: Real Numbers
Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment