Redirect Image

js

Thursday, March 24, 2022

অষ্টম শ্ৰেণী - বিজ্ঞান - অধ্যায় ১ - শস্য উৎপাদন আৰু ব্যৱস্থাপনা

 

) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰ্ণ কৰা।
ওপঙিপানী, শস্য, পোষক দ্ৰব্যচহোৱা


(
)  একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।


(
) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয়। 


(
) নষ্ট হোৱা বীজৱোৰ পানীত ওপঙি থাকে। 


(
শস্যৰ  বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ  পৰা পোষকদ্ৰব্য   আৰু পানী   প্ৰয়োজন হয়। 


) '' স্তম্ভৰ '' স্তম্ভ  মিলোৱা

উত্তৰ ঃ 

            ()                               ()


(i) খাৰিফ শস্য    ----   ) ধান আৰু যৱ


(ii) ৰবি শস্য    ---  ) ঘেঁহু, বুট, মটৰ মাহ


(iii) ৰাসায়নিক সাৰ    --- ) ইউৰিয়া আৰু ছুপাৰ 

                                                      ফছফেট

(iv) জৈৱিক সাৰ   ---- ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ 

                                                      গোবৰ , গো-মূত্ৰ আৰু 

                                                       উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য
     
প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া -


) খাৰিফ শস্যঃ ধান আৰু যৱ। 


) ৰবি শস্যঃ ঘেঁহু আৰু বুটমাহ। 


) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।


) মাটি চহোবাঃ


মাটি চহোৱা হৈছে শস্য উৎপাদনৰ প্ৰথম কাম । মাটি চহোৱাৰ ফলত মাটি  ডৰা  ঢিলা হয় আৰু উদ্ভিদৰ শিপা সহজে মাটিৰ তললৈ যাব পাৰে । তদুপৰি ঢিলা মাটিয়ে কেচুঁ আৰু বিভিন্ন উপকাৰী অনুজীৱৰ বৃদ্ধিত সহায় কৰে যাৰ ফলত মাটিডৰাত হিউমাছৰ পৰিমান বাঢ়ে । ইয়াৰোপৰি, মাটি চহ কৰাৰ ফলত মাটিখিনি তল ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ যেনে সাৰ , হিউমাছ আদি মাটিডৰাত সকলো অংশতে মিহলি হৈ যায় আৰু তেতিয়া উদ্ভিদে  অতি সহজে পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে । 


) বীজ সিঁচা ঃ 


বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে , অধিক উৎপাদন পাবলৈ উন্নত জাতৰ বীজ বাচি ল'ব লাগে । উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয় । সাধাৰণতে আমাৰ পথাৰত এবিধ পৰম্পৰাগত চুপি আকৃতিৰ সঁজুলি অথবা হাতেৰেই বীজ সিঁচা হয় । 


) বনবাত নিৰোৱা ঃ 


খেতিত গজা অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে। এই অপতৃণবোৰ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে। 

         

                এই অপতৃণবোৰ মাটিৰ পৰা পানী , পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি -চহাওতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে। তদুপৰি ,বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণ-নাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয় ।


) মৰণা মৰা ঃ 


শস্য চপোৱাৰ পিছত শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে । গৰু, ', ট্ৰে'ক্টৰৰ দ্বাৰা মৰণা মৰা হয়। ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা সৰু চোতালসদৃশ ঠাইত বা-দিয়া যন্ত্ৰৰ সহায়ত শীহ্ ,পতানৰ পৰা বীজ পৃথক কৰে। আধুনিক পদ্ধতিত শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম 'কমবাইন' মেচিনৰ দ্বাৰা কৰা হয় ।



)জৈৱিক সাৰৰ লগত ৰাসায়ণিক সাৰৰ প্ৰভেদ কি বৰ্ণণা কৰা। 

উত্তৰঃ 




)জলসি়ঞণ কি  পানী সংৰক্ষণ  কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বণণা কৰা ।


উত্তৰ ঃ সময়ত বিভন্নি ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। 

            পানী সংৰক্ষন কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'-

) পানী ছটিওৱা পদ্ধতি ঃ এই পদ্ধতি পানীৰ পৰিমাণ কম থকা অসমান ভূমিৰ বাবে অধিক উপযোগী। পানী অহা মূল নলী-ডালৰ আগমূৰত এক নিৰ্দ্দিষ্ট দূৰত্বত এডাল ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা থাকে। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেৰে প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে  ওলাই আহে আৰু বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে। 


) পানী নিগৰোৱা ব্যৱস্থা ঃ এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়ে , পানীৰ মুঠেই অপচয় নহয়। ফলৰ গছ , বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা ঠাইত এই ব্য়ৱস্থা আশীৰ্বাদ স্বৰূপ। 



বৰ্ষা  ঋতুত  যদি ঘেহুঁ সিঁচা হয়, তেতিয়া কি  হ'ব আলোচনা কৰা ।

 উত্তৰ ঃ বৰ্ষা বা খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয়, তেন্তে ইয়াৰ বীজবোৰ ধ্বংস হ'ব । ঘেঁহুৰ বাবে প্ৰয়োজনীয় সময় হৈছে শীতকাল।শীতকালৰ তুলনাত বৰ্ষা তথা গ্ৰীষ্ম কালৰ উষ্ণতা , আদ্ৰতা , বৰষুণ আৰু মাটিৰ পোষক দ্ৰব্যৰ তাৰতম্য অধিক। সেয়েহে , বৰ্ষা ঋতুত ঘেঁহু সিঁচাটো উচিত নহয়। 


) একে লেথাৰিয়ে শস্য় উৎপাদন কৰিলে মাটিৰডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা।


উত্তৰ ঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত পোষক দ্ৰব্য যেনে পটেছিয়াম, ফছফছৰাছ, নাইট্ৰ'জেন  আদিৰ পৰিমাণ কমি যায়। এইবোৰ পদাৰ্থ উদ্ভিদ তথা শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। একে লেথাৰিয়ে খেতি কৰি থকাৰ ফলত হোৱা পোষক দ্ৰব্যৰ নাটনিৰ বাবে শস্যৰ বৃদ্ধি বাধাপ্ৰাপ্ত হ'ব আৰু উৎপাদন হ্ৰাস পাব।

  
) অপতৃণ কি ? সিহতঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?


উত্তৰ ঃ খেতিত গজা অলাগতিয়াল উদ্ভিদসমূহক অপতৃন বোলে। 

এই অপতৃনবোৰ মাটিৰ পৰা পানী , পোষক দ্ৰব্য আদি আহৰন কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি -চহাওতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃনসমূহ নাশ কৰে। তদুপৰি,বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণ-নাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয়।


১০) তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় -


উত্তৰ ঃ 

মাটি চহোৱা  

↓ 

পথাৰত হাল বোৱা

বীজ সিঁচা/ ৰোৱা

সাৰ প্ৰয়োগ

জলসিঞ্চন

খেতি চপোৱা

চেনিৰ কাৰখানালৈ শস্য পঠোৱা



১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা।


উত্তৰ ঃ


 পথালিকৈ ঃ

) গুটি = বীজ

) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া = ৰাইজ'বিয়াম


তললৈ ঃ

) পথাৰত পানী যোগান ধৰা ব্যবস্থা = জলসিঞ্চন


) শীতকালত খেতি কৰা শস্য = ৰবিশস্য


) এবিধ ৰাসায়নিক সাৰ = ইউৰিয়া 


) চপোৱা শস্যৰ পৰা ধান পৃথক কৰা কাম =মৰণা


No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...