js

Sunday, April 3, 2022

অসমীয়া ব্যাকৰণঃ এটা শব্দত প্ৰকাশ কৰা

এটা শব্দত প্ৰকাশ কৰা:

1. H.S.L.C.-2011

() কাঁহৰ বাচন গঢ়োঁতা।

উত্তৰ:- কঁহাৰ


2. H.S.L.C.-2012

() যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।

উত্তৰ:-কৃতজ্ঞ

() মাটিৰ বাচন সাজোঁতা।

উত্তৰ:- কুমাৰ

() যাক সহজে লংঘন কৰিব নোৱাৰি।

উত্তৰ:- অলংঘ্য

() বাটেদি যোৱা

উত্তৰ:- বাটৰুৱা


3. H.S.L.C.-2013

() ঘৰতে থাকি কৰিব পৰা উদ্যোগ।

উত্তৰ:- কুটীৰ শিল্প

() যাৰ মৰণ নাই।

উত্তৰ:- আমৰণ

() কাঁহৰ বাচন গঢ়োঁতা।

উত্তৰ:- কঁহাৰ


4. H.S.L.C.-2014

() যাক পৰিহাৰ কৰিব নোৱাৰি।

উত্তৰ:- অপৰিহাৰ্য

() যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে ।

উত্তৰ:- জিতেন্দ্ৰয়

() যাৰ কোনো শত্ৰু জন্মা নাই।

উত্তৰ:- অজাতশত্ৰু

() কঁঠালৰ সৰু কলি।

উত্তৰ:- মুচি


5. H.S.L.C.-2015

() পনীয়া গাখীৰ দিয়া গাইগৰু।

উত্তৰ:- জলাহী

() যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই।

উত্তৰ:- নাস্তিক

() যি কথাৰ অৰ্থ নাই।

উত্তৰ:- নিৰৰ্থক

() এবাৰ গুটি লাগি মৰা গছ।

উত্তৰ:- ঔষধি


6.H.S.L.C.-2016

() যি কণীৰ পৰা জন্মে।

উত্তৰ:- অণ্ডজ

() যি আগেয়ে হোৱা নাই।

উত্তৰ:- অভূতপূৰ্ব

() একে গুৰুৰ শিষ্য।

উত্তৰ:- সতীৰ্থ

() যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।

উত্তৰ:- অকৃতজ্ঞ


7. H.S.L.C.-2017

() বিষ্ণুৰ ভকত যি তেওঁ।

উত্তৰ:- বৈষ্ণৱ

() ৰান্ধি খাব পৰা কলৰ পুলি।

উত্তৰ:- পচলা

() একে মাতৃৰ গৰ্ভত জন্ম যাৰ।

উত্তৰ:- সহোদৰ

() একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক।

উত্তৰ:- অঘৰী


8. H.S.L.C.-2018

() যি একেলগে পঢ়ে।

উত্তৰ:- সহপাঠী

() যাক মূল্য দি কিনিব নোৱাৰি।

উত্তৰ:- অমূল্য


9. H.S.L.C.-2019

() ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি।

উত্তৰ:- প্ৰত্যুৎপন্নমতি

() ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত।

উত্তৰ:- প্ৰাতস্মৰণীয়

() নেজ নসৰা বেঙৰ পোৱালি।

উত্তৰ:- লালুকি


10. H.S.L.C.-2020

() কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ।

উত্তৰ:- সঁজাতী

() চুহি খাব লগা বস্তু।

উত্তৰ:- চুষ্য 

- ধান থোৱা ঠাই --- ভঁৰাল ৷

- অ'ত ত'ত ঘুৰি ফুৰা লোক --- অঘৰী ৷

- কাৰো নাম নোলোৱাকৈ দিয়া গালি --- গুৱালগালি ৷

- বাপেকৰ সখিয়েক --- তাৱৈ ৷

- তাৱৈৰ ঘৈণীয়েক --- আমৈ ৷

- যি আনৰ অধীন নহয় --- স্বাধীন ৷

- যি আনৰ অধীন --- পৰাধীন ৷

- গৰু বন্ধা ঠাই --- গোহালি ৷

- যি পথৰ পৰা বিচলিত --- পথভ্ৰষ্ট ৷

- যি কথাৰ অৰ্থ নাই --- নিৰৰ্থক ৷

- যি আনৰ ওপৰত নিৰ্ভৰ কৰে --- পৰনিৰ্ভৰশীল ৷

- যাক কল্পনা কৰিব নোৱাৰি --- কল্পনাতীত ৷

- যাৰ আদি নাই --- অনাদি ৷

- যাৰ সীমা নাই --- অসীম ৷

- যাক বৰ্ণনা কৰিব নোৱাৰি --- অবৰ্ণনীয় ৷

- যাক বাৰণ কৰিব নোৱাৰি --- অনিবাৰ্য ৷

- যাক লংঘন কৰিব নোৱাৰি --- অলংঘ্য ৷

- যাক দেখা নাযায় --- অদৃশ্য ৷

- যাক সহজে লাভ কৰিব নোৱাৰি --- দুৰ্লভ ৷

- যাৰ নাম নাই --- অনামী ৷

- যাৰ সীমা আছে --- সসীম ৷

- যাক পৰিহাৰ কৰিব নোৱাৰি --- অপৰিহাৰ্য ৷

- যাৰ ধাৰ আছে --- ধাৰুৱা ৷

- যি অলপতে শুনে --- শহাকণীয়া ৷

- যি কাৰো পক্ষত নাথাকে --- নিৰপক্ষ ৷

- যি নিশা চৰে --- নিশাচৰ ৷

- যি সহ্য কৰিব পাৰে --- সহনশীল ৷

- যি মাছ-মাংস নাখায় --- নিৰামিষাহাৰী ৷

- যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে --- ভিক্ষাৰী ৷

- যি জনে আনৰ বস্তু বলেৰে নিয়ে --- ডকাইত ৷

- যি কথা জনা নাযায় --- অজ্ঞাত ৷

- যি জনে কাৰো লগত মিলিব নোৱাৰে --- অজীন-পাতকী ৷

- দুটা মাহৰ মাজৰ দিন --- দোমাহী বা সংক্ৰান্তি ৷

- যি জনে নিয়মমতে খৰচ কৰে --- মিতব্যয়ী ৷

- যি সঁচা কথা কয় --- সঁচাকথীয়া, সত্যবাদী ৷

- যি ঘৰত ওপজে --- ঘৰ-ওপজা ৷

- যি নগৰত থাকে --- নগৰীয়া ৷

- যি গাঁৱত থাকে --- গাঁৱলীয়া ৷

- যি বিদেশত থাকে --- প্ৰবাসী ৷

- যি ভয় নকৰে --- নিৰ্ভীক ৷

- আনৰ ভাল দেখিব নোৱাৰা --- চকুচৰহা, পৰশ্ৰীকাতৰ ৷

- একে গুৰুৰ শিষ্য --- হৰিভকত, সতীৰ্থ ৷

- একে শ্ৰেণীতে পঢ়া --- সহপাঠী ৷

- একে মাকৰ সন্তান --- সহোদৰ, সোদৰ ৷

- আঁঠুলৈ বৈ পৰা --- আজানুলম্বিত ৷

- গোটেই জীৱন জুৰি --- আজীৱন ৷

- মাগিলে ভিক্ষা নোপোৱা সময় --- দুৰ্ভিক্ষা ৷

- জন্মৰ পৰা অন্ধ যি --- জন্মান্ধ ৷

- যাৰ মাক মৰিছে --- মাউৰা ৷

- যি পুৰুষৰ তিৰোতা মৰিছে --- বৰলা ৷

- যি তিৰোতাৰ পুৰুষ মৰিছে --- বিধৱা ৷

- বিহুৰ আগৰ দিনটো --- উৰুকা ৷

- যি দিনত নেদেখে --- দিনকণা ৷

- দুই ঘৰৰ মাজৰ ঠাই --- দোঘোৰা ৷

- ঘৰৰ চালৰ পানী পৰা ঠাই --- পানী পচা ৷

- এবাৰ ফল দি মৰা গছ --- ওষধি ৷

- দুই বছৰৰ মূৰত পোৱালি দিয়া গাই --- দোৰাহী ৷

- পনীয়া গাখীৰ দিয়া গাই --- জলাহী ৷

- ভেকুলীৰ পোৱালি --- লালুক ৷

- স্মৰণ কৰিবলগীয়া --- স্মৰণীয় ৷

- যাৰ বিয়া হোৱা নাই --- আবিয়ৈ ৷

- জিভাৰে চেলেকি চাব পৰা বস্তু --- লেহ্য ৷

- জন্তুৰ নিচিনা যি --- জান্তব ৷

- যি গৰমো নহয় ঠাণ্ডাও নহয় --- কুহুমীয়া ৷

- যি বতৰ শীতো নহয় উষ্ণও নহয় --- নাতিশীতোষ্ণ ৷

- যি ফল কাঁচাও নহয় পকাও নহয় --- ডাহেচীয়া ৷

- মাৰ ভনীয়েক --- মাহী ৷

- দেউতাৰ ভনীয়েক --- পেহী ৷

- মাৰ সতিনীয়েক --- বিমাতা, মাহীমা ৷

- কঁঠালৰ সৰু কলি --- মুচি ৷

- গৰৈ মাছৰ সৰু --- গৰৈচিৰিকা ৷

- কাৱৈ মাছৰ সৰু --- কাৱৈচোকোৰা ৷

- বৰালি মাছৰ সৰু --- বৰালিলেটা ৷

- ৰৌ মাছৰ সৰু --- ৰৌমণি ৷

- ভকুৱা মাছৰ সৰু --- ভকুৱাটেপা ৷

- শ’ল মাছৰ সৰু --- শ’লঠাৰি ৷

- মাগুৰ মাছৰ সৰু --- মাগুৰজালি ৷

- মাছৰ পোৱালি --- পোনা ৷

- গৰুৰ পোৱালি --- দামুৰি ৷

- দাঁত ওলোৱা হাতী --- দঁতাল ৷

- পোৱালি দিবৰ বয়স নোহোৱা মাইকী গৰু --- কাঢ়লী ৷

- অত ত’ত ঘূৰি ফুৰা মানুহ --- অঘৰী ৷

- খাবলৈ অনা সৰু কলপুলি --- পচলা ৷

- খাৰণি সনা সৰিহৰ গুৰি --- খাৰলি ৷

- গধুলি চকুৰে নেদেখা মানুহ --- কুকুৰিকণা ৷

- কাৰো লগত মিলিব নোৱাৰা লোক --- অজীনপাতকী ৷

- কথাৰ লাগ-বান্ধ নথকা লোক --- চেলেপু ৷

- যাক কল্পনা কৰিব নোৱাৰি --- কল্পনাতীত ৷

- যি কথাৰ অৰ্থ নাই --- নিৰৰ্থক ৷

- গোচৰ তৰা মানুহ --- গোচৰীয়া ৷

- যি গোন্ধ ভাল --- সুগন্ধ ৷

- গুৰি সৰিয়হেৰে কৰা খাদ্য --- কাঁহুদি ৷

- গৰমো নোহোৱা চেঁচাও নোহোৱা --- কুহুমীয়া ৷

- কবিতা লেখা মানুহ --- কবি ৷

- কাম কৰিবলৈ এলাহ কৰা মানুহ --- এলেহুৱা ৷

- গোটেই জীৱন জুৰি --- অজীৱন ৷

- চোবাই খোৱা বস্তু --- চৰ্ব্য ৷

- চিঠি বিলাই ফুৰা মানুহ --- পিয়ন ৷

- ছবি অঁকা মানুহ --- চিত্ৰকাৰ ৷

- জন্তুৰ নিচিনা --- জান্তৱ ৷

- যি ঠাইত মানুহ নাই --- জনশূন্য ৷

- ধৰ্মলৈ ভয় যাৰ --- ধৰ্মভীৰু ৷

- ধানৰ বাকলি – তুঁহ ৷

- নাটক লিখা মানুহ --- নাট্যকাৰ ৷

- নোহোৱা বস্তুৰ উদ্ভাৱন --- আৱিস্কাৰ ৷

- নিজে নিজে হোৱা --- স্বয়ম্ভূ ৷

- নাৱত উঠি ব্যৱসায় কৰা লোক --- মুদৈ ৷

- পূৰ্ব জন্মৰ কথা যাৰ মনত আছে --- জাতিস্মৰ ৷

- যি পুৰুষ ভয়াতুৰ --- কাপুৰুষ ৷

- পুৱাই নাম ল’বলগীয়া --- প্ৰাত:স্মৰণীয় ৷

- ফুল নুফুলাকৈ গুটি লগা গছ --- বনস্পতি ৷

- ব’ব কাটিব জনা তিৰোতা --- শিপিনী ৷

- বহুত মানুহ একেলগে যোৱা --- সমদল ৷

- বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য --- খৰিচা ৷

- কথা ক’ব নোৱাৰা = বোবা ৷

- কামনা বা উদ্দেশ্য নথকা = অকামী ৷

- যাক ভাগ কৰা হোৱা নাই = অখণ্ডিত ৷

- যি খোৱাৰ অযোগ্য = অখাদ্য ৷

- মানুহে নখন্দাকৈ স্বাভাবিকভাৱে হোৱা জলাশয় = অখাত ৷

- বিখ্যাত নোহোৱা = অখ্যাত ৷

- সন্মুখত ভেটা দি অহা-যোৱা কৰা কাৰ্য = অগা-ডেৱা ৷

- অন্য উপায় নথকাত = অগত্যা ৷

- যাব বা সোমাব নোৱাৰা = অগম্য ৷

- এটাৰ পিছত আন এটাকৈ = অগা-পিচা ৷

- আগচি ধৰা কাৰ্য = আগ-ভেটা ৷

- ইন্দ্ৰিয়ই ঢুকি নোপোৱা বা বোধ কৰিব নোৱাৰা = অগোচৰ ৷

- জুয়ে ঘৰবাৰী পুৰি কৰা দুৰ্ঘটনা = অগ্নিকাণ্ড ৷

- মৃতকৰ মুখত জুই দিওঁতা = অগ্নিদাতা ৷

- বৰ খঙাল মানুহ = অগ্নিশৰ্মা ৷

- প্ৰথমে সম্ভেদ দিওঁতা = অগ্ৰদূত ৷

- আগতিয়াকে দিয়া সুবিধা = অগ্ৰধিকাৰ ৷

- আগতিয়াকে দিয়া = অগ্ৰিম ৷

- সদায় নঘটা ঘটনা = অঘটন ৷

- স্থায়ী ঘৰ-বাৰী নথকা মানুহ = অঘৰী ৷

- অঙ্গ বা দেহৰ পৰা যাৰ জন্ম হয় = অঙ্গজ ৷

- লৰচৰ নকৰা = অচল ৷

- চলন শক্তি নথকা = অচলিত ৷

- যাৰ নাশ বা ক্ষয় নাই = অচ্যুত ৷

- বিন্ধা নথকা = অছিদ্ৰ ৷

- জ্ঞান বা বোধ নথকা = অচৈতন্য ৷

- যাৰ জন্ম নাই = অজ ৷

- যাক কোনেও জয় কৰিব নোৱাৰে = অজয় ৷

- যাৰ মৃত্যু নাই = অমৰ ৷

- একো নজনা = অজলা ৷

- জাতি নথকা বা হীন জাতিৰ মানুহ = অজাতি ৷

- অতি উচ্চ বা বিকট হাঁহি = অট্টহাস্য ৷

- চকুৰে নমনা বস্তু ডাঙৰকৈ দেখুওৱা যন্ত্ৰ = অণুবীক্ষণ ৷

- কণীৰ পৰা উপজা = অণ্ডজ ৷

- সীমাৰ বাহিৰলৈ যোৱা = অতিক্ৰম ৷

- কোনো বস্তুৰ বৰ বেছি মাত্ৰা = অতিচাৰ ৷

- নিয়মিত সীমা বা পৰিমানৰ বাহিৰ হোৱা = অতিপাত ৷

- সন্তুষ্ট নোহোৱা = অতুষ্ট ৷

- সন্তোষ নোপোৱা = অতৃপ্ত ৷

- বঢ়াই কোৱা কথা = অত্যুক্তি ৷

- যাক দমাব নোৱাৰি = অদমনীয়, অদম্য ৷

- যাক পুৰিব নোৱাৰি = অদাহ্য ৷

- যাক দেখা নাযায় = অদৃশ্য ৷

- যাৰ দ্বিতীয় নাই = অদ্বিতীয় ৷

- বস-বাস কৰি থকা লোক = অধিবাসী ৷

- আইনৰ সহায়ত দখল কৰা কাৰ্য = অধিগ্ৰহণ ৷

- তললৈ যোৱা কাৰ্য = অধোগতি ৷

- তলমূৰ কৰি থকা = অধোবদন ৷

- যাৰ অভিজ্ঞতা নাই = অনভিজ্ঞ ৷

- আখৰ চিনি নোপোৱা লোক = অনক্ষৰ ৷

- ঘৰৰ ভিতৰ ভাগ = অন্তপুৰ ৷

- ভিতৰে ভিতৰে বৈ থকা সোঁত = অন্ত:প্ৰৱাহ ৷

- সাগৰৰ মাজলৈ জোঙা হৈ আগবাঢ়ি যোৱা ভূ-ভাগ = অন্তৰীপ ৷

- পোচাকৰ তলত পিন্ধা কাপোৰ = অন্তৰ্বাস ৷

- মনৰ সকলো ভাব বুজি পাওঁতা = অন্তৰ্যামী ৷

- মৃতদেহ সৎকাৰ কৰা কাৰ্য = অন্তোষ্টিক্ৰিয়া ৷

- ফুল নধৰা উদ্ভিদ = অপুস্পক ৷

- সৰগৰ নাচনী = অপেস্বৰা, অপেস্বৰী ৷

- যাৰ কোনো প্ৰতিদ্বন্দ্বী নাই = অপ্ৰতিদ্বন্দ্বী ৷

- যাক বধ কৰিব নোৱাৰি = অবধ্য ৷

- নিজ ইচ্ছামতে চলা লোক = অভং ৷

- প্ৰেমিক-প্ৰেমিকাৰ গুপ্ত স্থানলৈ গমন = অভিসাৰ ৷

- পানীৰ নামি গা ধোৱা কাৰ্য = অৱগাহন ৷

- আগৰ অৱস্থাৰ সৈতে নিমিলা = অসমঞ্জস ৷

- আন ঠাইলৈ নিব পৰা = অস্থাৱৰ ৷

- যাক চুব নোৱাৰি = অস্পৃশ্য ৷

- ভালকৈ দেখা নোপোৱা = অস্পষ্ট ৷

- বৰ বেছি যত্ন বা শ্ৰম কৰা কাৰ্য = অহোপুৰুষাৰ্থ ৷

- উপকাৰ স্বীকাৰ নকৰা কাৰ্য = অশলাগ ৷

- বলিয়াৰ দৰে কথাৰ লাগ-বান্ধ নথকা = অহৌবলীয়া ৷

- সম্ভ্ৰান্ত আহোম মহিলাক কৰা সম্বোধন = আই চু ৷

- বেয়া বাট = আওবাট ৷

- মুখস্থ কৰিবলৈ বাৰে বাৰে আবৃতি কৰা = আওৰা ৷

- নাঙলৰ সীৰলু = আঁওচ ৷

- ব’ব কাটিব নজনা = আকাজী ৷

- কথা বা কামত নিজৰ মতৰপৰা কেতিয়াও লৰচৰ নকৰা = আঁকোৰ-গোজ ৷

- কাপোৰৰ আগ = আঁচল ৷

- কাপোৰত ফুল তুলিবলৈ ৰং দিয়া সূতা = আঁচু ৷

- নখ বা কাঁইট আদিৰ পৰা হোৱা আঘাত = আঁচোৰ ৷

- যি অস্ত্ৰৰ মুখেৰে জুই ওলায় = আগ্নেয়াস্ত্ৰ ৷

- কিবা এটা পাবলৈ কৰা যত্ন বা ইচ্ছা = আগ্ৰহ ৷

- আগেয়ে গম নোপোৱাকৈ = আচম্বিত ৷

- যাৰ বিৰুদ্ধে গোচৰ হয় = আচামী ৷

- ডাঙৰ মাত বা গৰ্জন = আটাহ ৷

- ভৰিৰ কলাফুলৰ ঠিক ওপৰৰ জোৰা = আঠু ৷

- মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ বিচনাৰ ওপৰত তৰি লোৱা কাপোৰৰ আৱৰণ = আঠুৱা ৷

- পেটত ৰখা খং = আক্ৰোশ ৷

- আলতীয়া বা আঠা থকা মাটি = আঠালতীয়া ৷

- বিপুল আয়োজন = আড়ম্বৰ ৷

- বৰ আদৰত ডাঙৰ হোৱা = আতোল-তোল ৷

- ভিতৰুৱা বিবাদ = আন্তকলহ ৷

- নিজকে লৈ কৰা অহংকাৰ = আত্ম গৌৰব, আত্মগৰ্ব ৷

- নিজক নিজে আঘাত কৰা = আত্মঘাত ৷

- নিজৰ সুখ-স্বাৰ্থ এৰি দিয়া = আত্ম-ত্যাগ ৷

- নিজক আনৰ হাতত গতাই দিয়া = আত্ম-সমৰ্পণ ৷

- তেজৰ সম্বন্ধ থকা = আত্মীয় ৷

- সন্তান জন্ম দিয়াৰ ক্ষমতা নথকা তিৰোতা = বাঁজী ৷

- আধা বয়স যোৱা = আদহীয়া ৷

- মানুহ মৰাৰ পিছত প্ৰথম শ্ৰাদ্ধ = আদ্যশ্ৰাদ্ধ ৷

- আধা নষ্ট হোৱা = আধলিকা ৷

- লোকক খেতি কৰিবলৈ দিয়া মাটিৰ শস্যৰ আধা ভাগ = আধি ৷

- উৎপন্ন শস্যৰ আধা ভাগ দিয়াৰ চুক্তিত মাটিত খেতি কৰা মানুহ = আধিয়াৰ ৷

- এটা সন্তান হোৱাৰ পৰা আন এটা সন্তান হোৱা লৈকে সময় = আনজ ৷

- মিচিংসকলে ঘৰত বনোৱা মদ = আপং ৷

- সন্তোষ লগোৱা কাৰ্য = আপ্যায়ন ৷

- আফুগছৰ আঠাৰ পৰা প্ৰস্তুত কৰা ৰাগিয়াল বস্তু = আফিং ৷

- জমা হোৱা ধন = আমানত ৷

- মাকৰ সখীয়েক = আমৈ ৷

- আছুতীয়াকৈ ৰখা কাৰ্য = আৰক্ষণ ৷

- জিভাৰ গুৰিত তালুৰ পৰা ওলমি থকা সৰু জিভা = আলজিভা ৷

- অলপ আঠা যুক্ত = আলতীয়া ৷

- মজিয়া, বেৰ আদিত অঁকা মাংগলিক চিত্ৰ = আলপনা ৷

 

 


No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...