js

Saturday, July 20, 2024

SEBA Science Chapter 13: আমি অসুস্থ হওঁ কিয়? প্ৰশ্ন আৰু উত্তৰ

 

আমি অসুস্থ হওঁ কিয়?

Class 9 Science NCERT Textbook – 178                

1.              সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা

উত্তৰঃ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা হলঃ

(i) পুষ্টিকৰ আহাৰ সুস্বাস্থ্যৰ বাবে অতিশয় প্ৰসোজনীয় । সেয়ে পুষ্টিকৰ আহাৰৰ বাবে টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু সংস্থাপন অত্যন্ত গুৰুত্বপূৰ্ণ ।

(ii)                   সুখী হৈ থাকিবৰ বাবে সামাজিক সমতা আৰু ঐক্যতা অতি প্ৰয়োজনীয় ।

 


2.              ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হলঃ

(i)                       পৰিস্কাৰ-পৰিচ্ছন্ন পৰিৱেশত বসবাস কৰা ।

(ii)                   পৰ্যাপ্ত পৰিমাণে সম্তুলিত আহাৰ গ্ৰহণ কৰা উচিত ।


3.    ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰৰ একেধৰণৰ নে বেলেগ ? কিয় ?

উত্তৰঃ নহয়, ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ নহয় । কাৰণ, নিৰোগী অৱস্থাই সদায় সুস্বাস্থ্য উপলদ্ধ নকৰে । কোনো এজন ব্যক্তি নিৰোগী হলেও তেওঁৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে ।

অৱ্শ্যে যেতিয়া আমি স্বাস্থ্য সন্দৰ্ভত চিন্তা কৰো তেতিয়া আমি সমাজৰ লোকসকলে ভালদৰে কাম-বন , চলা-ফিৰা কৰা কথাটোক বুজো । কিন্তু যেতিয়া আমি ৰোগৰ বিষয়ে কথা পাতো তেতিয়া আমি কোনো এজন ব্যক্তিৰ ৰোগ বা বিসংগতিপূৰ্ণ অৱস্থাৰ বিষয়ে চিন্তা কৰোঁ । লগতে কোনো এজন ব্যক্তি নিৰোগী হব পাৰে কিন্তু মানসিক সুস্বাস্থ্য বা সামাজিক স্বাস্থ্যৰ অধিকাৰী নহবও পাৰে ।


Class 9 Science NCERT Textbook – 180

1.    তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে ? যদি পাৰে কিয় ?

·     যদি তুমি জন্দিচত ভোগা,

·     ঝদি তোমাৰ ওকণি হয়,

·     যদি তোমাৰ শাইমইনা হয় ।

উত্তৰঃ জণ্ডিছ, কাৰণ ই হৈছে এবিধ ক্ৰণিক ৰোগ আৰু ইয়াৰ পৰা আৰোগ্য হবলৈ অধিক সময়ৰ প্ৰয়োজন হয় । জণ্ডিছ ৰোগে আমাৰ দেহৰ যকৃতত প্ৰভাৱ পেলায় আৰু পাচনতন্ত্ৰ দুৰ্বল কৰে । অৱশ্যে ই দ্ৰুত গতিত সংচাৰণ নকৰে । এই ৰোগৰ পৰা আৰোগ্য হবলৈ অধিক সময়ৰ প্ৰয়োজন হয় ।



Class 9 Science NCERT Textbook – 187

1.              আমি অসুস্থ হলে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় ?

উত্তৰঃ এজন অসুস্থ ব্যক্তিৰ বাবে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য অতিশয় প্ৰয়োজনীয় । ই বহিৰাগত মৌলৰ বাবে হোৱা ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিদ্ৰব্য আৰু শক্তি যোগন ধৰে । ইয়াৰ ফলত দেহত থকা অসংক্ৰাম্যতন্ত্ৰই কম সময়ৰ ভিতৰত উপযুক্তভাৱে কাৰ্য সম্পাদন কৰে ।



2.              কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় ?

উত্তৰঃ সংক্ৰামক ৰোগসমূহ বিভিন্ন মাধ্যমেৰে সঞ্চাৰিত হয় । ইয়াৰ কিছুমান মাধ্যম হলঃ

(i)                       বায়ুঃ ওজন ৰোগাক্ৰান্ত ব্যক্তিয়ে পেলুৱা থু বা কাহৰ লগত অহা বীজাণুযুক্ত কিছুমান বিন্দু বা কণিকাই এজন সুস্থ মানুহক সংক্ৰমিত কৰে । অণুজীবোৰে নতুনকৈ সংক্ৰমণ কৰিবলৈ সুযোগ পায় । উদাহৰণস্বৰুপেঃ সাধা৩ৰণ পানী লগা, নিমনিয়া আৰু যক্ষ্মা ।

(ii)      পানীঃ দূষিত পানীত ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহ থাকে । এনে পানী খোৱাৰ ফলত মানৱ দেহত বীজাণুৱে আক্ৰমণ কৰে । উদাহৰণঃ কলেৰা ।

(iii)       প্ৰাণীঃ প্ৰাণীৱে ওজন অসুস্থ ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ ৰোগ সংক্ৰমণৰ অভিকৰ্তাসমূহ কঢ়িয়াই নিব পাৰে । এই প্ৰাণীসমূহ মধ্যৱৰ্তী কাৰক আৰু ইহঁতক বাহক বোলা হয়। উদাহৰণস্বৰুপেঃ মহ (মাইকী এনফিলিছ মহে মেলেৰিয়া ৰোগৰ সঞ্চাৰণ কৰে ।

(iv)      যৌন সম্পৰ্কঃ দুজন ব্যক্তিৰ মাজত হোৱা যৌন সম্পৰ্কই বিভিন্ন অণুজীৱীয় ৰোগৰ সৃষ্টি কৰে, যেনেঃ চিফিলিছ, এইডছ ইত্যাদি ।   



3.  তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ?

উত্তৰঃ আমাৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ বাবে বহুচো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় । যেনেঃ

(a)         স্কুল চৌহদ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখা ।

(b)         আটাইৰে বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আছে ।

(c)         পৰিস্কাৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে ।

(d)    কোনোৱে হাঁচিয়ালে বা কাহিলে  ৰুমাল ব্যৱহাৰ কৰে ।

(e)         জিৰণিৰ সময় ভাল খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয় ।



4. অসংক্ৰাম্যকৰণ কি ?

উত্তৰঃ সাধাৰণতে কোনো অণুজীৱ বা ছিটাৰ দ্বাৰা প্ৰাণীদেহ আক্ৰান্ত হলে দেহত অসংক্ৰাম্যতাৰ সৃষ্টি হয় । প্ৰাণীদেহত থকা ৰোগী প্ৰতিৰোধী কোষবোৰে ৰোগৰ বীজাণুসমূহ ধ্বংস কৰি দেহক প্ৰতিৰক্ষা দিয়ে আৰু ভৱিষ্যতে যাতে এই বীজাণুবোৰে ৰোগ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কিছুমান কোষ সঞ্চিত হৈ ৰয় । পৰৱৰ্তী আক্ৰমণৰ সময়ত এই সঞ্চিত কোষসমূহে আক্ৰমণকাৰী বীজাণুসমূহ ধ্বংস কৰে ।

 

অনুশীলনী

   1.  যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল ?

(a)বেমাহৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিৱৰ্তন হৈছিল ?

(b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা?

উত্তৰঃ

(a)বেমাৰৰ পৰা পৰিহাৰ পাবলৈ পৰিবৰ্তন হোৱা অভ্যাসসমূহ হলঃ

(i) দৈনন্দিন কাৰ্যকলাপত ব্যক্তিগত পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখা ।

(ii)   পুষ্টিকৰ আহাৰ গ্ৰহণ, গৰম আৰু ফিল্টাৰ কৰা পানী ব্যৱহাৰ ।

(iii)  মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু মহৰ বৃদ্ধি ৰোধ কৰিবলৈ ঘৰৰ চৌহদত যাতে পানী জমা হৈ থাকিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ ।

(iv)      চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা ।

(b)         বেমাৰৰ পৰিহাৰৰ বাবে বাঞ্চিত পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনঃ

পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্জ্য পদাৰ্থ বা জাবৰ-জোঁথৰ আৰু আবদ্ধ পানীৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হোৱা উচিত ।



   2.  এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে । নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে ?


উত্তৰঃ এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে নিজকে ৰোগৰ পৰা ৰক্ষা কৰাৰ উপায়সমূহ হল-

(i)                       ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা ।

(ii)           কোনো এজন ৰোগীৰ সংস্পৰ্শলৈ আহিলে ৰোগ বিয়পোৱা অণুজৈৱিক অভিকৰ্তাসমূহ যাতে বায়ু মাধ্যমৰ যোগেদি সংচাৰণ হব নোৱাৰে তাৰ বাবে মুখা পৰিধান কৰিব লাগে।

(iii)               ৰোগীৰ সৈতে প্ৰত্যক্ষ দৈহিক সংযোগ নহবৰ বাবে হাতমোজা পৰিধান কৰিব লাগে ।

(iv)                দেহৰ অসংক্ৰাম্যতন্ত্ৰ শক্তিশালি কৰি ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ আহাৰ খাব লাগে ।

(v)         ৰোগ পৰীক্ষা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে প্ৰতিষেধক লব লাগে ।



   3.  এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো কব নোৱাৰে । এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-

(i)                       শিশুটো অসুস্থ হৈছ ।

(ii)                   কতি কাৰণে অসুস্থ হৈছে ।

   উত্তৰঃ

(i)   ৰোগৰ কিছুমান লক্ষণৰ আৱিৰ্ভাৱ হৈছে অসুস্থতাৰ ইংগিত ।  লক্ষণসমূহ সাধাৰণতে কাহ, জ্বৰ, বমি, সংজ্ঞাহীনতা ইত্যাদি হব পাৰে ।

(ii)                   ৰোগৰ লক্ষণসমূহ পৰ্যবেক্ষণ কৰি আমি ৰোগৰ বিষয়ে এটা ধাৰণা কৰিব পাৰোঁ, যেনেঃ জ্বৰৰ সৈতে বা জ্বৰ নোহোৱাকৈ চকু আৰু প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱাটোৱে জণ্ডিছ ৰোগৰ আৰম্ভণি সূচায় । ইয়াৰ উপযুক্ত চিকিৎসাৰ বাবে নিদানিক পৰূক্ষা সম্পন্ন কৰা উচিত ।


    4.  তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-

(i)    যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে ।

(ii) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই (Chicken Pox)ত ভোগা ৰোগীক পৰিচৰ্য্যা কৰে ।

(iii) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিতৰ্য্যা কৰে ।

উত্তৰঃ (iii)মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিতৰ্য্যা কৰে ।



    5.  তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-

(i)     যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা ।

(ii)           যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাতেৰা কৰা।

(iii)               যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয় । কিয়?  

    উত্তৰঃ (iii)যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত   হয়।  কাৰণঃ সৰু আই হৈছে এবিধ সংচাৰী ৰোগ । এই ৰোগ সাধাৰণতে আক্ৰান্তচ ব্যক্তিৰ কাহ, হাঁচি, নাকৰ শেঙুন ইত্যাদিৰ লগত অহা বীজাণুযুক্ত বিন্দু বা কণিকাৰ দ্বাৰা সংচাৰণ ঘটে । বীজাণুবোৰ শ্বাসনলী বা চকুৰ কনজাংটিভাৰ জৰিয়তে প্ৰৱেশ কৰে ।



No comments:

Post a Comment