Redirect Image

js

Sunday, August 18, 2024

SEBA Class IX Assamese MIL Chapter 15 Questions and Answers draft

চোৰধৰা

১। অতি চমুকৈ উত্তৰ দিয়া:

(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?
উঃ কানাই বুলি কৃষ্ণৰ কথা কোৱা হৈছে।

(খ) লৱণু চোৰ কৃষ্ণই গােপীৰ মুখত কি সানি দিছিল?
উঃ লৱণু চোৰ কৃষ্ণই গােপীৰ মুখত লৱণু সানি দিছিল।

(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উঃ নামঘােষা’ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ।

(ঘ) ওহি বান্দীসৱক থানে আৱৰ নাহি।
– আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল?
উঃ মাখন চোৰ বুলি কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশােদাই কৃষ্ণক গােপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল।

২। (ক) হে মাই যশােদে, তােহে তাপ তেজহ। – যশােদাৰ মনৰ তাপ গুচাবলৈ গােপীয়ে কিয় ক’ব লগা হৈছিল?
উঃ এদিনাখন ৰাতিপুৱা কৃষ্ণ ঘৰৰ পৰা ওলাই গৈ সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত মাক যশােদাই চাৰিওপিনে বিচাৰি চলাথ কৰি ব্যাকুল হৈ পৰিল। এনেতে এগৰাকী গােপীয়ে যশােদাৰ ওচৰলৈ আহি ক’লে যে তাই কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ তাই কৃষ্ণক গােৱালী পাৰাত দেখি আহিছে। কৃষ্ণই এগৰাকী গােৱালীৰ ঘৰত সােমাই লৱণু চোৰ কৰি ধৰা পৰাত সেই গােৱালীয়ে সাক্ষীস্বৰূপ অন্যান্য গােপীসকলক মাতি অনাত কৃষ্ণই নিজৰ হাতত লাগি থকা লৱণুখিনি গােপীৰ গালে- মুখে সানি দি ওলােটাই তাইকে লৱণু চোৰ সজালে। তেতিয়া সেইজনী গােপীয়ে লাজ পাই কৃষ্ণক অধিক লৱণু দিয়াত গােপীনিক এৰি দিয়ে।

(খ) শ্রীকৃষ্ণই গােপীৰ গাত কিয় লৱণু সানি দিছিল?
উঃ শ্রীকৃষ্ণই লৱণু খাই গােপীৰ হাতত ধৰা পৰাত চতুৰ কৃষ্ণই নিজকে বচাবলৈ আৰু গােপীক ওলােটাই চোৰ সজাবলৈ নিজৰ হাতত লাগি থকা লৱণুখিনি গােপীৰ মুখত সানি দিছিল।

৩। ইহা শুনি চিন্তা-শােক তেজিৰে পৰম হৰষিত ভেল।’ – কোনে, কাৰ কি কথা শুনি হৰষিত হৈছিল?
উ : এদিনাখন ৰাতিপুৱা কৃষ্ণ ঘৰৰ পৰা ওলাই গৈ সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত মাক যশােদাই চাৰিওপিনে বিচাৰি চলাথ কৰি ব্যাকুল হৈ পৰিল। এনেতে এগৰাকী গােপীয়ে যশােদাৰ ওচৰলৈ আহি ক’লে যে তাই কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ তাই কৃষ্ণক গােৱালী পাৰাত দেখি আহিছে। কৃষ্ণই এগৰাকী গােৱালীৰ ঘৰত সােমাই লৱণু চোৰ কৰি ধৰা পৰাত সেই গােৱালনীয়ে সাক্ষী স্বৰূপ অন্যান্য গােপীসকলক মাতি অনাত কৃষ্ণই নিজৰ হাতত লাগি থকা লৱণুখিনি গােপীৰ গালে-মুখে সানি দি ওলােটাই তাইকে লৱণু চোৰ সজালে। তেতিয়া সেইজনী গােপীয়ে লাজ পাই কৃষ্ণক অধিক লৱণু দিয়াত গােপীক এৰি দিয়ে। গােপীৰ কথা শুনি যশােদাই মনৰ দুখ পাহৰি শান্তি লভিলে।

৪। মা যশােদাই কানাইক লগ পাই কি কি কথা কৈছিল। আৰু কেনেদৰে চেনেহ প্রকাশ কৰিছিল?
উঃ মাক যশােদাই কানাইক লগ পাই পৰম শান্তি আৰু আনন্দ পালে। কৃষ্ণক মিছাতে লৱণু চোৰ বুলি অপবাদ দিয়াত মাক যশােদাই গােপীৰ মুখত ছাই পৰক বুলি গালি পাৰি আৰু কৃষ্ণক নিজ বস্ত্ৰৰ আঁচলেৰে গাৰ ধূলি জাৰি দি সাৱটি ধৰি কোলাত লৈ বদন চুম্বন কৰিলে। এনেদৰে মাক যশােদাই কৃষ্ণৰ প্রতি মাতৃ চেনেহ প্রকাশ কৰিছিল।

ভাষাবিষয়ক

৫| তলৰ পুৰণি শব্দবােৰৰ আধুনিক ৰূপ লিখাঃ
তেজ, তােহাৰি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি।

শব্দ আধুনিক ৰূপ
তেজ ত্যাগ কৰা
তােহাৰি তােমাৰ
হামু মই
ধিক আছে
মাখিয়ে, সানি দি
উনিকৰ এওঁৰ
 ফিৰত ঘূৰি ফুৰা
গাৰি গালি

৫। বিপৰীত শব্দ লিখা ?
চোৰ, উত্তৰ, কাতৰ, পুণ্য, শােক, হর্ষ, শীতল।

শব্দ বিপৰীত শব্দ
চোৰ সাধু
উত্তৰ প্রশ্ন
কাতৰ দক্ষিণ
পুণ্য পাপ
শােক আনন্দিত
হর্ষ বিষাদ
শীতল উষ্ণ, উত্তপ্ত

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...