Redirect Image

js

Sunday, August 18, 2024

SEBA Class IX Assamese MIL Chapter 16 Questions and Answers draft

সন্মান

১। অতি চমু উত্তৰ দিয়া
(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?
উত্তৰঃ যি দেশৰ অধিকাৰ আৰু শাসনকর্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ।

(খ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?
উত্তৰঃ নােৱাৰে। পৃথিৱীত এনে বস্তুনাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে।

(গ) তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰাে বিধাতা, ৰজাৰাে ৰজা’ –‘তেওঁ কোন?
উত্তৰঃ তেওঁ হ’ল জগতখন ধাৰণ কৰােতা, ভগৱান ঈশ্বৰ। তেওঁই হ’ল সকলােৰে উৰ্ধত।
(ঘ) হেমচন্দ্ৰ বৰুৱা কোনকন কাকতৰ সম্পাদক আছিল?
উত্তৰঃ তেওঁ ‘আসাম নিউজ’কাকতৰ সম্পাদক আছিল।

(ঙ) হেমকোষ কি?
উত্তৰঃ হেমকোষ হ’ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক ‘হেমচন্দ্ৰ বৰুৱা।

(চ) কানীয়াৰ কীর্তন’ৰ ৰচক কোন?
উত্তৰঃ কানীয়া কীৰ্তনৰ ৰচক হ’ল—‘হেমচন্দ্র বৰুৱা।

২। ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা।
উত্তৰঃ ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয়। তেওঁ বিলাকেই আমাক জন্ম দিছে আৰু তুলি-তালি ডাঙৰ দীঘল কৰিছে। অনেক দুখ-কষ্ট সহি আমাক মানুহ কৰিবলৈ যৎপৰােনাস্তি চেষ্টা কৰিছে। পিতৃ-মাতৃৰ বাবেই আমি এই বিচিত্র সংসাৰখন দেখিবলৈ পাইছো। সেয়ে পিতৃ-মাতৃ আমাৰ বাবে মান্য।

৩। শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে?
উত্তৰঃ শিক্ষক হ’ল ছাত্ৰৰ বাবে ‘বিতচক্ষু। শিক্ষকে ছাত্রক জ্ঞানৰ আলােকৰে সমাজত সুকলমে বিচৰণ কৰিবলৈ শিকায়। ছাত্রৰ ভৱিষ্যত জীৱনটো গঢ় দিয়াত শিক্ষকৰ ভূমিকা অধিক। সেয়ে শিক্ষকক ছাত্রই সন্মান কৰা দৰকাৰ।

৪। সন্মান পাঠটোৰ পৰা কি কি শিকিলা চমুকৈ লিখা।
উত্তৰ : মানুহ সৎ হােৱা উচিত। সৎ মানুহে ডাঙৰক শ্রদ্ধা আৰু সৰুক মৰম কৰাতো নৈতিক কর্তব্য বুলি ভাবে। সম্মান’ পাঠটোৰ পৰা লিখকে সন্মান, বিশেষকৈ কাক- কাক কৰিব লাগে তাৰে এটি সুন্দৰ আলােচনা দাঙি ধৰিছে। নিজতকৈ ডাঙৰ জন, সি লাগিলে যিয়েই নহওঁক সন্মান কৰা দৰকাৰ। ব্যৱহাৰ সদায় মধুৰ হ’ব লাগে। অসমীয়াত এষাৰ কথা আছে কথাতে কটা যায়, কথাতে বঁটা পায়।

ভাষা-বিষয়ক

১। তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখাঃ
নৰিয়া, জগত, লােতক, চকু, হেতু, মান।
উত্তৰঃ
নৰিয়া→শয্যাগত
জগত→ধৰা, ধৰণী।
লােতক →চকুলাে
চকু→নয়ন
মান→শ্রদ্ধা, সন্মান

২। বিপৰীত শব্দ লিখা
শ্রদ্ধা, শলাগ, আদি,দুষ্ট, জ্যেষ্ঠ,ন্যায়

শ্রদ্ধা →অসন্মান
শলাগ→অশলাগ,অকৃতজ্ঞ
দুষ্ট→সাধু
জ্যেষ্ঠ→কনিষ্ঠ
ন্যায় →অন্যায়।

প্ৰঃ কানীয়াৰ কীর্তন’ৰ ৰচক কোন?

উত্তৰঃ কানীয়া কীৰ্তনৰ ৰচক হ’ল—‘হেমচন্দ্র বৰুৱা।

প্ৰঃ হেমকোষ কি?

উত্তৰঃ হেমকোষ হ’ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক ‘হেমচন্দ্ৰ বৰুৱা।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...