js

Friday, September 13, 2024

SEBA Class IX Social Science [ECONOMICS] Chapter 2 MCQ [Assamese medium]

চতুৰ্থ খণ্ড : অৰ্থনীতি বিজ্ঞান
অধ্যায় ২ঃ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
Multiple Choice Questions & Answers
বহুবিকল্প বাছনি প্রশ্ন:

1. দৰিদ্ৰতাৰ প্ৰধান কাৰণ কেইপ্ৰকাৰৰ—
(ক) দুই প্ৰকাৰৰ।
(খ) চাৰি প্ৰকাৰৰ।
(গ) পাঁচ প্ৰকাৰৰ।
(ঘ) তিনি প্ৰকাৰৰ।
উত্তৰঃ (ঘ) তিনি প্ৰকাৰৰ।

2. ভাৰতৰ জনসংখ্যা হৈছে বিশ্বৰ জনসংখ্যাৰ—
(ক) ১৭.৫ শতাংশ।
(খ) ১৮.৫ শতাংশ।
(গ) ১৯.৫ শতাংশ।
(ঘ) ১৬.৫ শতাংশ।
উত্তৰঃ (ক) ১৭.৫ শতাংশ।

3. ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য—
(ক) অসম।
(খ) জম্মু-কাশ্মীৰ।
(গ) উত্তৰ প্ৰদেশ।
(ঘ) কর্ণাটক।
উত্তৰঃ (গ) উত্তৰ প্ৰদেশ।

4. ২০১১ চনৰ লোকপিয়লমতে অসমৰ জনসংখ্যা হ’ল—
(ক) ২ কোটি ১২ লাখ।
(খ) ৩ কোটি ১২ লাখ।
(গ) ৪ কোটি ১২ লাখ।
(ঘ) ২ কোটি ১২ লাখ।
উত্তৰঃ (খ) ৩ কোটি ১২ লাখ।

5. অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সর্বনিম্ন?
(ক) কোকৰাঝাৰ।
(খ) নলবাৰী।
(গ) গোলাঘাট।
(ঘ) মৰিগাঁও।
উত্তৰঃ (ক) কোকৰাঝাৰ।

6. চহৰীয়া নিৱনুৱা কেইপ্ৰকাৰৰ—
(ক) তিনি প্ৰকাৰৰ।
(খ) চাৰি প্ৰকাৰৰ।
(গ) পাঁচ প্ৰকাৰৰ।
(ঘ) দুই প্ৰকাৰৰ।
উত্তৰঃ (ঘ) দুইপ্ৰকাৰৰ।

7. নিৱনুৱাৰ সংখ্যা গণনা কৰে—
(ক) PSSO
(খ) NSSO
(গ) NCCO
(ঘ) PSCO
উত্তৰঃ (খ) NSSO

8. অৰ্থনীতিৰ লক্ষ্য হ’ব লাগিব—
(ক) সেউজীয়া পৃথিৱীৰ প্ৰতিপালন।
(খ) সেউজীয়া ঘাঁহনিৰ প্ৰতিপালন।
(গ) সেউজীয়া পথাৰৰ প্ৰতিপালন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) সেউজীয়া পৃথিৱীৰ প্ৰতিপালন।

9. সংগঠিত খণ্ডত নিয়োগ কৰা শ্ৰমিকৰ সংখ্যা হ’ল—
(ক) ৯ জন।
(খ) ১২ জন।
(গ) ১০ জন।
(ঘ) ১০০ জন।
উত্তৰঃ (গ) ১০ জন।

10. ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা—
(ক) ১২১ কোটি।
(খ) ১২০ কোটি।
(গ) ১৩০ কোটি।
(ঘ) ৯৯ কোটি।
উত্তৰঃ (ক) ১২১ কোটি।

11. মানুহৰ মৌলিক প্রয়োজন সমূহ কেইপ্ৰকাৰৰ?
(ক) তিনি প্ৰকাৰৰ।
(খ) দুই প্ৰকাৰৰ।
(গ) চাৰি প্ৰকাৰৰ।
(ঘ) পাঁচ প্ৰকাৰৰ।
উত্তৰঃ (ক) তিনি প্ৰকাৰৰ৷

12. এখন দেশৰ জনসংখ্যাক কেইভাগত ভাগ কৰে?
(ক) তিনিটা।
(খ) দুটা।
(গ) চাৰিটা।
(ঘ) ভাগ নকৰে।
উত্তৰঃ (খ) দুটা ভাগত।

13. জনসংখ্যাৰ এটা ভাগ হ’ল— অদৰিদ্ৰ, আনটো হ’ল-
(ক) চহকী।
(খ) সম্পত্তিশালী।
(গ) নিৱনুৱা।
(ঘ) দৰিদ্ৰ।
উত্তৰঃ (ঘ) দৰিদ্ৰ।

14. বর্তমান ভাৰতৰ জনসংখ্যা কিমান?
(ক) ১২১ কোটি।
(খ) ১২০ কোটি।
(গ) ১৩০ কোটি প্রায়।
(ঘ) ১৫০ কোটি।
উত্তৰঃ (গ) ১৩০ কোটি প্রায়।

15. অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সর্বাধিক?
(ক) দৰং।
(খ) ধুবুৰী।
(গ) শোণিতপুৰ।
(ঘ) মৰিগাওঁ।
উত্তৰঃ (খ) ধুবুৰী।

16. অসমৰ কোনখন জিলাত লিংগ অনুপাত আটাইতকৈ বেছি?
(ক) গোৱালপাৰা।
(খ) নগাওঁ।
(গ) মৰিগাওঁ।
(ঘ) বৰপেটা।
উত্তৰঃ (গ) মৰিগাওঁ।

17. মুদ্রাস্ফীতিৰ কাৰণ কেইটা?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) কাৰণ নাই।
উত্তৰঃ (ক) দুটা।

অতি চমু প্রশ্নোত্তৰ:

1. পৃথিৱীৰ বিভিন্ন দেশৰ অন্যতম জ্বলন্ত সমস্যা কি?
উত্তৰঃ দৰিদ্ৰতা।

2. এখন দেশৰ জনগণক কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ দুটা ভাগত।

3. জনগণক ভাগ কৰিব পৰা ভাগ দুটা কি কি?
উত্তৰঃ দৰিদ্ৰ আৰু অনা-দৰিদ্ৰ৷

4. পঞ্চম পৰিকল্পনা কেতিয়া হৈছিল?
উত্তৰঃ ১৯৭৪-১৯৭৯ চনলৈ।

5. পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?
উত্তৰঃ প্রধান মন্ত্ৰী।

6. অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ দৰিদ্ৰ?
উত্তৰঃ ৩৪.৪ শতাংশ।

7. দৰিদ্ৰতাৰ এটা কাৰণ লিখা।
উত্তৰঃ ঐতিহাসিক।

8. ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান?
উত্তৰঃ ১২১ কোটি।

9. ভাৰত বৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ?
উত্তৰঃ ২.৪ শতাংশ।

10. অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা কোনখন?
উত্তৰঃ ডিমা হাচাও।

11. ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ প্রতিবৰ্গ কিলোমিটাৰত ৩৮২ জন।

12. ভাৰতৰ বেছি ঘনত্ব থকা ৰাজ্য, জনসংখ্যাৰ দিশত।
উত্তৰঃ পশ্চিমবংগ।

13. ভাৰতৰ জনসংখ্যাৰ আটাইতকৈ কম ঘনত্ব থকা ৰাজ্য।
উত্তৰঃ অৰুণাচল প্রদেশ।

14. অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ ৩৯৭ জন, প্রতিবৰ্গ কিলোমিটাৰত।

15. অসমৰ লিংগ অনুপাত কিমান?
উত্তৰঃ ৯৫৪ জন।

16. নিবনুৱা মানে কি?
উত্তৰঃ কর্মহীনতা।

17. নিবনুৱা কেইপ্ৰকাৰৰ?
উত্তৰঃ দুই প্ৰকাৰৰ৷

18. নিবনুৱাৰ প্ৰকাৰ দুটা কি কি?
উত্তৰঃ গ্ৰাম্য আৰু চহৰীয়া নিবনুৱা।

19. নিবনুৱাৰ যিকোনো এটা কাৰণ কি?
উত্তৰঃ দ্ৰুত জনসংখ্যা বৃদ্ধি।

20. মুদ্রাস্ফিতিৰ মূল কাৰণ কেইটা?
উত্তৰঃ দুটা।

21. মুদ্রাস্ফিতিৰ মূল কাৰণ দুটা কি কি?
উত্তৰঃ চাহিদা আৰু ব্যয়জনিত।

22. মুদ্রাস্ফিতি নীতিৰ যিকোনো এটা নিয়ন্ত্ৰণৰ উপায় কি?
উত্তৰঃ মৌদ্রিক নীতি।

23. অসমৰ বৰ্তমান মুঠ জিলা কিমান?
উত্তৰঃ ৩৫ খন।

24. অসমৰ গাতে লাগি থকা এখন বিদেশী ৰাষ্ট্ৰ কি?
উত্তৰঃ ভূটান।

25. অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ প্রতি বর্গকিলোমিটাৰত ১৭ জন।

প্ৰতিটো প্ৰশ্নৰ মুঠ নম্বৰ ২/৩ কৈ:

1. দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়োজনসমূহ যেনে— খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যর্থ হয়।

2. দৰিদ্ৰতাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ দৰিদ্ৰতাৰ তিনিটা কাৰণ হৈছে— ঐতিহাসিক, অর্থনৈতিক আৰু সামাজিক।

3. অসম বা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি কি?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ হৈছে— উচ্চ জন্ম হাৰ, নিৰক্ষৰতা, দৰিদ্ৰতা, সামজিকতা আৰু জনসংখ্যা শিক্ষাৰ অভাৱ৷

4. নিবনুৱাৰ সংখ্যা গণনা কৰিবলৈ কি কি তিনিটা ধাৰণাৰ উদ্ভাৱন কৰিছে?
উত্তৰঃ নিৱনুৱাৰ সংখ্যা গণনা কৰিবলৈ উদ্ভাৱন কৰা ধাৰণা তিনিটা হ’ল:
(ক) সচৰাচৰ ভিত্তিত বা চলিত বছৰৰ ভিত্তিত।
(খ) চলিত দৈনিক ভিত্তিত।
(গ) চলিত সাপ্তাহিক ভিত্তিত।

5. নিৱনুৱা সমস্যাৰ পাঁচটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ নিৱনুৱা সমস্যাৰ পাঁচটা কাৰণ হৈছে:
(ক) দ্রুত জনসংখ্যা বৃদ্ধি।
(খ) নিয়োগ বিহীন উন্নয়ন।
(গ) স্থবিৰ কৃষি উন্নয়ন।
(ঘ) ঔদ্যোগীকৰণৰ মন্থৰ গতি। আৰু
(ঙ) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা।

6. মুদ্রাস্ফীতিৰ তিনিটা কাৰণ লিখা।
উত্তৰঃ মুদ্রাস্ফীতিৰ তিনিটা কাৰণ হ’ল: চাহিদাজনিত, ব্যয়জনিত আৰু উৎপাদন ব্যয় বৃদ্ধি।

7. মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ তিনিটা উপায় কি কি?
উত্তৰঃ মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ তিনিটা উপায় হল: মৌদ্রিক নীতি, ৰাজকোষীয় নীতি আৰু উৎপাদন বৃদ্ধি নীতি।

8. সেউজ অর্থনীতি কাক বোলে?
উত্তৰঃ পৰিবেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰাই যি অৰ্থনীতিৰ মূল লক্ষ্য, তেনে অর্থনীতিকে সেউজ অর্থনীতি বোলে।

9. বহনক্ষম উন্নয়ন কাক বোলে?
উত্তৰঃ যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্রজন্মৰ অভাৱসমূহৰ দূৰীকৰণ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়, সেই অর্থনৈতিক উন্নয়নেই হ’ল অবিৰত বা বহনক্ষম উন্নয়ন।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...