js

Friday, September 13, 2024

SEBA Class IX Social Science [ECONOMICS] Chapter 1 MCQ [Assamese medium]

চতুৰ্থ খণ্ড : অৰ্থনীতি বিজ্ঞান
অধ্যায় ১ঃ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
Multiple Choice Questions & Answers
বহুবিকল্প বাছনি প্রশ্ন:


1. তলৰ কোনজন অর্থনীতিবিদ—
(ক) ৰাহুল দ্রাবিড়।
(খ) আডাম স্মিথ।
(গ) হিৰ’ডটাছ।
(ঘ) চক্ৰেটিছ।
উত্তৰঃ (খ) এডাম স্মিথ।

2. অর্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ—
(ক) আডাম স্মিথ।
(খ) মার্ছেল।
(গ) ৰবিন্স।
(ঘ) নদহাছ।
উত্তৰঃ (ক) এডাম স্মিথ।

3. উৎপাদন বুলিলে কি বুজো?
(ক) সেৱাৰ নিৰাময়।
(খ) সামগ্ৰীৰ মূল্যায়ণ।
(গ) নতুন যোগান।
(ঘ) সেৱাৰ সৃষ্টি।
উত্তৰঃ (ঘ) সেৱাৰ সৃষ্টি।

4. জোনবিল মেলা কোনখন জিলাত বহে?
(ক) দৰং।
(খ) শোণিতপুৰ
(গ) মৰিগাঁও।
(ঘ) ধেমাজী।
উত্তৰঃ (গ) মৰিগাঁও।

5. তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ—
(ক) বৰষুণৰ পানী।
(খ) বস্ত্ৰ।
(গ) আৰক্ষী।
(ঘ) আচবাব।
উত্তৰঃ (ক) বৰষুণৰ পানী।

6. কল্যাণ কেইপ্ৰকাৰৰ—
(ক) এক।
(খ) দুই প্ৰকাৰৰ।
(গ) চাৰি।
(ঘ) দুই।
উত্তৰঃ (খ) দুই প্ৰকাৰৰ ৷

7. অনা-অর্থনৈতিক কল্যাণৰ উদাহৰণ হৈছে—
(ক) হোটেলত ভাত, চাহ খোৱা।
(খ) হাজিৰা কাম কৰা।
(গ) বিদ্যুৎ যোগান।
(ঘ) বিনামূলীয়া ঔষধ।
উত্তৰঃ (ঘ) বিনামূলীয়া ঔষধ।

8. অমর্ত্য সেনে কি বিষয়ত ন’বেল পুৰস্কাৰ লাভ কৰিছিল?
(ক) ৰাজনীতি বিজ্ঞানৰ।
(খ) অর্থনীতি বিজ্ঞান।
(গ) পদার্থ বিজ্ঞান।
(ঘ) কোনোটোৱে নহয়।
উত্তৰঃ (খ) অর্থনীতি বিজ্ঞান৷

9. পৃথিৱীৰ বৃহত্তম মহাদেশ—
(ক) এছিয়া।
(খ) আফ্রিকা।
(গ) ইউৰোপ।
(ঘ) উত্তৰ আমেৰিকা।
উত্তৰঃ (ক) এছিয়া।

10. ১ নিযুত = কিমান?
(ক) ১১ লাখ।
(খ) ১০০ লাখ।
(গ) ১০ কোটি।
(ঘ) ১০ লাখ।
উত্তৰঃ (ঘ) ১০ লাখ।

11. সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগ কোনটো?
(ক) সমাজ ব্যৱস্থা।
(খ) দার্শনিক।
(গ) অর্থবিজ্ঞান।
(ঘ) এজনো নহয়।
উত্তৰঃ (গ) অর্থবিজ্ঞান।

12. অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান (Economics is the Science of Wealth)— কথাষাৰৰ বক্তা কোন?
(ক) মাৰ্ছেল।
(খ) আডাম স্মিথ।
(গ) ৰবিন্স।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) আডাম স্মিথ।

13. “Principles of Economics” নামৰ গ্ৰন্থখনৰ লিখক কোন?
(ক) এডাম স্মিথ।
(খ) মার্ছেল।
(গ) কার্লাইল।
(ঘ) ৰবিন্স।
উত্তৰঃ (খ) মাৰ্ছেল।

14. দুষ্প্রাপ্যতাৰ ধাৰণাৰ লগত দক্ষতাৰ ধাৰণাটো তলৰ কোন কোন ব্যক্তিয়ে আগবঢ়াইছে?
(ক) ছেমুৱেলছন, আডাম স্মিথ।
(খ) নদহাছ, ৰবিন্স।
(গ) নৰ্দহাছ, ছেমুৱেলছন।
(ঘ) স্মিথ, ৰবিন্স।
উত্তৰঃ (গ) নদহাছ, ছেমুৱেলছন।

15. প্রত্যক্ষ বিনিময়ৰ এটা উদাহৰণ হ’ল—
(ক) মংগলদৈ মেলা।
(খ) শুৱালকুছিৰ ৰজাৰ।
(গ) জোনবিল মেলা।
(ঘ) ৰাস মহোৎসৱ।
উত্তৰঃ (গ) জোনবিল মেলা।

16. কল্যাণকামী অর্থনীতিক জনপ্ৰিয় কৰি তুলিলে—
(ক) এৰিষ্ট’টল, ছক্ৰেটিছ।
(খ) হিক্স, অমর্ত্যসেন।
(গ) অটল বিহাৰী ভাজপেয়ী, প্লেটো।
(ঘ) নদহাছ, ৰবিন্স।
উত্তৰঃ (খ) হিক্স, অমর্ত্য সেন।

17. মূলধন সৃষ্টিৰ এটা ভাল উপায় কি?
(ক) খৰচ।
(খ) উপার্জন।
(গ) সঞ্চয়।
(ঘ) ভোগ।
উত্তৰঃ (গ) সঞ্চয়।

18. সমষ্টিবাদী শব্দটো গ্রীক শব্দ কিহৰ পৰা আহিছে?
(ক) Makros
(খ) Micro
(গ) Mikros
(ঘ) Measure
উত্তৰঃ (ক) Makros শব্দৰ পৰা।

অতি চমু প্রশ্নোত্তৰ:

1. সমাজ বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হৈছে—
উত্তৰঃ স্বৈতন্ত্র।

2. অর্থ বিজ্ঞান শব্দটো গ্ৰীক শব্দ কিহৰ পৰা অনা হৈছে—
উত্তৰঃ গ্ৰীক শব্দ ‘Oikonomina’ ৰ পৰা ৷

3. ‘Oikos’ শব্দৰ অৰ্থ কি?
উত্তৰঃ পৰিয়াল ৷

4. ‘Nomos’ শব্দৰ অৰ্থ কি?
উত্তৰঃ সমাজ পৰিচালনাৰ নিয়ম ৷

5. অর্থনীতি বিজ্ঞানৰ পিতৃ কোন?
উত্তৰঃ এডাম স্মিথ (Adam Smith)।

6. স্মিথৰ ‘An enquiry into the Nature and Causes of the Wealth of Nations’ নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল?
উত্তৰঃ ১৭৭৬

7. ‘Principles of Economics’ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ মাৰ্ছেল।

8. উৎপাদনৰ উপাদান কেইটা?
উত্তৰঃ চাৰিটা।

9. আয়তনৰ ক্ষেত্ৰৰ ভাৰতৰ স্থান কিমানতম?
উত্তৰঃ সপ্তম।

10. ১ বিলিয়ন = কিমান?
উত্তৰঃ ১০০ কোটি।

11. পৃথিৱীৰ বৃহত্তম গণতন্ত্র কোন দেশৰ?
উত্তৰঃ ভাৰতবৰ্ষৰ।

12. অর্থবিজ্ঞানক আন কি নামেৰে জনা যায়?
উত্তৰঃ সম্পদ বিজ্ঞান।

13. অর্থনীতিত মূলতে কিহৰ অধ্যয়ন কৰা হয়?
উত্তৰঃ সম্পদৰ অধ্যয়ন।

14. মানৱ অধ্যয়নৰ এটা অংশ হ’ল—
উত্তৰঃ অর্থনীতি বিজ্ঞান।

15. ৰবিন্সে লিখা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ‘An Essay on the Nature and significance of Economic Science’.

16. দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় কিহৰ দ্বাৰা কৰিব পাৰি?
উত্তৰঃ মুদ্ৰাৰ দ্বাৰা ৷

17. প্রস্তুত সামগ্রী কাক বোলে?
উত্তৰঃ ভোগ্য বস্তুক প্রস্তুত সামগ্রী বোলে।

18. কল্যাণ কেইপ্ৰকাৰৰ?
উত্তৰঃ দুই প্ৰকাৰৰ ৷

19. দৰ কাক বোলে?
উত্তৰঃ কোনো বস্তুৰ মুদ্ৰা মূল্যক দৰ বা দাম বোলে।

20. জনসংখ্যাৰ দিশত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি?
উত্তৰঃ দ্বিতীয়।

21. পি পি পি কি?
উত্তৰঃ Purchasing Power Parity (PPP)।

22. জনমুৰি আয়?
উত্তৰঃ জনমুৰি আয়, ৰাষ্ট্ৰীয় আয়, দেশৰ মুঠ জনসংখ্যা।

23. ‘Mikros’ শব্দৰ অৰ্থ কি?
উত্তৰঃ সৰু।

প্ৰতিটো প্ৰশ্নৰ মুঠ নম্বৰ ২/৩ কৈ:

1. কেইজনমান বিখ্যাত অর্থনীতিবিদৰ নাম লিখা।
উত্তৰঃ এডাম স্মিথ, মাৰ্ছেল, লায়নেল ৰবিন্স, ছেমুৱেলছন আৰু নদহাছ।

2. মাৰ্ছেলৰ মতে অর্থনীতি কাক বোলে?
উত্তৰঃ মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অর্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

3. অর্থনীতি বিজ্ঞানত ৰবিন্সৰ সংজ্ঞাটো লিখা।
উত্তৰঃ ৰবিন্সৰ মতে, যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।

4. ৰবিন্সৰ সংজ্ঞাত থকা মৌলিক ধাৰণা তিনিটা লিখা।
উত্তৰঃ মৌলিক ধাৰণা তিনিটা হ’ল:
(ক) মানুহৰ অভাৱ অসীম।
(খ) অভাৱ পুৰুষৰ আহিলা বা উপায়সমূহ সীমিত। আৰু
(গ) সীমিত সম্পদ সমূহৰ বিকল্প ব্যৱহাৰযোগ্য।

5. অৰ্থবিজ্ঞানৰ পৰিসৰে কি কি বিষয় সামৰি লয়?
উত্তৰঃ ভোগ কাৰ্য, উৎপাদন, বিতৰণ আৰু বিনিময়, মুদ্রা, আয়, বিত্ত বিজ্ঞান আৰু কল্যাণকামী অর্থনীতি।

6. বস্তু বা সামগ্রী কাক বোলে? ইয়াৰ ভাগ দুটা কি, উদাহৰণ দিয়া।
উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱাকার্যক অর্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। বস্তুবোৰক ভৌতিক আৰু অভৌতিক এই দুই ধৰণে ভাগ কৰা হয়। ভৌতিক বস্তু উদাহৰণ ) চকী-মেজ, খাদ-বস্ত্ৰ আৰু অভৌতিক বস্তু উদাহৰণ: শিক্ষক, চিকিৎসক।

7. কল্যাণ কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ কল্যাণ দুই প্ৰকাৰৰ, যেনে—অর্থনৈতিক কল্যাণ আৰু অনা-অর্থনৈতিক কল্যাণ।

8. জনমূৰি আয় কাক বোলে, উদাহৰণ দিয়া।
উত্তৰঃ মুঠ ৰাষ্ট্ৰীয় আয়ক সেই দেশৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বোলে।
যেনে-
জনমূৰি আয় = ৰাষ্ট্ৰীয় আয়/ দেশৰ মুঠ জনসংখ্যা।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...