js

Friday, September 13, 2024

SEBA Class IX Social Science [POLITICAL SCIENCE] Chapter ২ MCQ [Assamese medium]

 তৃতীয় খণ্ড : ৰাজনীতি বিজ্ঞান
অধ্যায় ২ঃ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
Multiple Choice Questions & Answers
বহুবিকল্প বাছনি প্রশ্ন:


1. চৰকাৰৰ শ্ৰেণীবিভাগ কৰা প্ৰথমজন দার্শনিক—
(ক) এৰিষ্ট ‘টল।
(খ) ৰুছো।
(গ) প্লেটো।
(ঘ) কার্লমার্ক্স।
উত্তৰঃ (গ) প্লেটো।

2. বর্তমান যুগত জনপ্ৰিয় চৰকাৰ হৈছে—
(ক) প্রজাতন্ত্র।
(খ) গণতন্ত্র।
(গ) ৰাজতন্ত্র।
(ঘ) শ্বৈৰতন্ত্ৰ।
উত্তৰঃ (খ) গণতন্ত্র।

3. ভাৰতৰ সংসদ ভৱন ক’ত অৱস্থিত?
(ক) নতুন দিল্লী।
(খ) মুম্বাই।
(গ) কলকাতা।
(ঘ) গুৱাহাটী।
উত্তৰঃ (ক) নতুন দিল্লী।

4. সংসদীয় পদ্ধতিৰ চৰকাৰৰ মুৰব্বী হ’ল—
(ক) শ্বিলং।
(খ) তিনিজন।
(গ) আমিনগাঁও।
(ঘ) দুজন।
উত্তৰঃ (খ) দিশপুৰ ৷

5. অসমৰ ৰাজধানী ক’ত অৱস্থিত?
(ক) এজন।
(খ) দিছপুৰ।
(গ) বহুতো।
(ঘ) তেজপুৰ।
উত্তৰঃ (ঘ) দুজন।

6. ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?
(ক) কামৰূপ।
(খ) নগাওঁ।
(গ) দৰং।
(ঘ) বৰপেটা।
উত্তৰঃ (গ) দৰং।

7. অসমৰ বৰ্তমান মূখ্যমন্ত্ৰীজনৰ নাম কি?
(ক) শ্ৰীতৰুণ গগৈ।
(খ) বদৰুদ্দিন আজমল।
(গ) ড° ৰণোজ পেগু।
(ঘ) ড° হিমন্ত বিশ্ব শৰ্মা।
উত্তৰঃ (ঘ) ড° হিমন্ত বিশ্ব শৰ্মা।

8. গণতান্ত্ৰিক চৰকাৰ কেইপ্ৰকাৰৰ?
(ক) চাৰি প্ৰকাৰৰ।
(খ) তিনি প্ৰকাৰৰ।
(গ) দুই প্ৰকাৰৰ।
(ঘ) এক প্ৰকাৰৰ।
উত্তৰঃ (ক) চাৰি প্ৰকাৰৰ ৷

9. লীককে আধুনিক যুগৰ চৰকাৰক ভাগ কৰিছে?
(ক) তিনি ভাগত।
(খ) চাৰি ভাগত।
(গ) দুই ভাগত।
(ঘ) ভাগ কৰা নাছিল।
উত্তৰঃ (গ) দুই ভাগত।

10. তলৰ কোনখন দেশত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে?
(ক) ভাৰত।
(খ) ইৰাক।
(গ) নেপাল।
(ঘ) আমেৰিকা।
উত্তৰঃ (গ) নেপাল।

11. নিম্ন সদন বুলিলে কি বুজায়?
(ক) লোক সভা।
(খ) ৰাজ্য সভা।
(গ) প্রাতঃসভা।
(ঘ) ধর্মীয় সভা।
উত্তৰঃ (ক) লোকসভা।

12. জনকল্যাণৰ হকে কেইজনমানৰ শাসনক এৰিষ্টটল আৰু প্লেটোৱে কি নাম দিছিল?
(ক) ৰাজ ব্যৱস্থা।
(খ) অভিজাত তন্ত্র।
(গ) ৰাজতন্ত্র।
(ঘ) গণতন্ত্র।
উত্তৰঃ (খ) অভিজাত তন্ত্র।

13. চৰকাৰৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত কোনজন পণ্ডিতৰ শ্ৰেণীবিভাগ আটাইতকৈ গ্রহণযোগ্য আছিল?
(ক) ব্রাইচ।
(খ) মেৰিয়ত।
(গ) লীকক।
(ঘ) প্লে’টো।
উত্তৰঃ (গ) লীকক।

14. এডলফ হিটলাৰ কোন দেশৰ নাগৰিক আছিল?
(ক) ভুটান।
(খ) ভাৰত।
(গ) হটালী।
(ঘ) অষ্ট্রিয়া।
উত্তৰঃ (ঘ) অষ্ট্ৰিয়া।

15. ‘বেষ্ট মিনিষ্টাৰ মডেল’ চৰকাৰৰ জন্মস্থান কোন দেশত?
(ক) ইৰাক।
(খ) চুইজাৰলেণ্ড।
(গ) অষ্ট্রেলিয়া।
(ঘ) ইংলেণ্ড।
উত্তৰঃ (ঘ) ইংলেণ্ডত।

16. ৰাষ্ট্ৰপতীয় চৰকাৰ থকা দেশ কোনখন?
(ক) আমেৰিকা।
(খ) জাপান।
(গ) বাংলাদেশ।
(ঘ) আফগানিস্তান।
উত্তৰঃ (ক) আমেৰিকা।

17. তলৰ কোন কোন দেশত এককেন্দ্ৰিক চৰকাৰ আছে?
(ক) বৃটেইন, নেপাল।
(খ) ভাৰত, বাংলাদেশ।
(গ) জাপান, ইটালী।
(ঘ) তুৰস্ক, জর্দান।
উত্তৰঃ (গ) জাপান, ইটালী।

অতি চমু প্রশ্নোত্তৰ:

1. ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কেনেকৈ হয়?
উত্তৰঃ চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি।

2. ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন মানে কি?
উত্তৰঃ চৰকাৰৰ শ্ৰেণীবিভাজন।

3. চৰকাৰৰ শ্রেণী বিভাজনৰ পাতনি কোনে মেলিছিল?
উত্তৰঃ প্লেটোৱে।

4. প্লেটো কি বুলি পৰিচিত?
উত্তৰঃ দার্শনিক।

5. প্লেটো কোন দেশৰ দার্শনিক আছিল?
উত্তৰঃ গ্ৰীক দেশৰ দাৰ্শনিক।

6. ৰাজতন্ত্ৰত কেইজনে শাসন কৰে?
উত্তৰঃ এজনে।

7. কেইজনমান শাসক থাকিলে কি বুলি কোৱা হয়?
উত্তৰঃ অভিজাতন্ত্র।

8. বহুজনৰ শাসনক প্লেটোৱে কি বুলি কৈছিল?
উত্তৰঃ গণতন্ত্ৰ (Democracy)।

9. গণতন্ত্রত সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী কোন?
উত্তৰঃ জনসাধাৰণ ৷

10. শাসকৰ স্বাৰ্থৰ বাবে চলা আৰু জনস্বাৰ্থৰ বিপৰীতে চলা চৰকাৰক এৰিষ্ট’টলে কি বুলি কৈছিল?
উত্তৰঃ স্বৈৰতন্ত্ৰ (Tyranny)।

11. একনায়কতন্ত্র কাক বোলে?
উত্তৰঃ একোজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একচ্ছত্রী শাসনক।

12. লীককে আধুনিক গণতন্ত্রক কেইটা ভাগত ভাগ কৰিছে?
উত্তৰঃ দুটা ভাগত ৷

13. সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ ইংলেণ্ডত।

14. ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

15. ফান্সত কেনে ধৰণৰ চৰকাৰ আছে?
উত্তৰঃ এককেন্দ্ৰিক চৰকাৰ৷

16. যুক্তৰাষ্ট্ৰৰ গৃহভূমি কি?
উত্তৰঃ আমেৰিকা (Homeland of Freedom)।

17. ভাৰতবৰ্ষৰ ৰাজধানী ক’ত?
উত্তৰঃ নতুন দিল্লী।

18. আমেৰিকা ৰাষ্ট্ৰপতিভৱনক কি বুলি জনা যায়?
উত্তৰঃ দি হোৱাইট হাউচ।

19. হিটলাৰৰ জন্ম কোন দেশত হৈছিল?
উত্তৰঃ অষ্ট্রিয়া।

20. সীমিত ৰাজতন্ত্র প্রচলিত থকা তিনিখন দেশৰ নাম লিখা?
উত্তৰঃ ইংলেণ্ড, নেপাল আৰু ভুটান।

21. আধুনিক যুগত চৰকাৰৰ শ্ৰেণীবিভাজন কৰা তিনিজন পণ্ডিতৰ নাম উল্লেখ কৰা।
উত্তৰঃ মেৰিয়ত, ব্ৰাইচ আৰু লীকক।

22. লীককে ভাগ কৰা চৰকাৰৰ মূল ভাষা দুটা লিখা।
উত্তৰঃ একনায়কতন্ত্র বা স্বৈৰতন্ত্ৰ (Dictatorship) আৰু গণতন্ত্ৰ (Democracy)।

23. লীককে আধুনিক গণতন্ত্রক কি কি দুটা ভাগত ভাগ কৰিছে?
উত্তৰঃ ভাগ দুটা হ’ল:
(ক) সীমিত ৰাজতন্ত্র (Limited Monarchy)। আৰু
(খ) গণতন্ত্র বা প্রজাতন্ত্র (Republic)।

24. গণতান্ত্রিক পদ্ধতিৰ শাসন ব্যৱস্থাক ভাগ কৰা শ্ৰেণী চাৰিটা কি কি?
উত্তৰঃ শ্ৰেণী চাৰিটা হ’ল:
(ক) এককেন্দ্ৰীয়।
(খ) যুক্তৰাষ্ট্ৰীয়।
(গ) সংসদীয়। আৰু
(ঘ) ৰাষ্ট্ৰপতীয় ৷

25. সংসদীয় পদ্ধতিৰ চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল:
(ক) দুজন মূৰব্বী। আৰু
(খ) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ।

26. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ উল্লেখ কৰা।
উত্তৰঃ দুটা গুণ হৈছে— এনে চৰকাৰ নমনীয় চৰিত্ৰৰ আৰু এনে চৰকাৰে জনমতক গুৰুত্ব দি কার্য সম্পাদিত কৰে।

27. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ লিখা।
উত্তৰঃ দুটা দোষ হৈছে:
(ক) এনে চৰকাৰৰ অস্থায়ী আৰু যিকোনো সময়ত ৰাজনৈতিক সংকট সৃষ্টি কৰিব পাৰে আৰু
(খ) মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে৷

28. ৰাষ্ট্ৰপতীয় চৰকাৰৰ তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ তিনিটা বৈশিষ্ট্য হল:
(ক) ক্ষমতাৰ পৃথকীকৰণ নীতি।
(খ) বিধানমণ্ডলৰ নিৰ্দিষ্ট কার্যকাল। আৰু
(গ) অনমনীয় সংবিধান।

29. এককেন্দ্ৰীয় চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল:
(ক) শক্তিশালী কেন্দ্ৰীয় চৰকাৰ। আৰু
(খ) নমনীয় সংবিধান।

30. এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ লিখা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ হ’ল:
(ক) এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰৰ উপযুক্ত নহয়।
(খ) এককেন্দ্ৰিক চৰকাৰ অধিক আমোলাতান্ত্রিক।

31. যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ তিনিটা বৈশিষ্ট্য হ’ল:
(ক) ক্ষমতাৰ বিবেন্দ্ৰীকৰণ।
(খ) দ্বৈত নাগৰিকত্ব। আৰু
(গ) লিখিত আৰু দৃঢ় সংবিধান।

32. যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ যিকোনো দুটা গুণ উল্লেখ কৰা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা গুণ হৈছে:
(ক) যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক। আৰু
(খ) ভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে বেছি ফলপ্ৰসূ হয়।

33. যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ যিকোনো তিনিটা দোষ লিখা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ তিনিটা দোষ হ’ল:
(ক) যুক্তৰাষ্ট্ৰীয় চৰকাৰত অৰ্থ ব্যয় অধিক হয়।
(খ) এনে চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয়। আৰু
(গ) এই ধৰণৰ চৰকাৰত আঞ্চলিকতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

34. প্লেটোৰ পিছত চৰকাৰৰ শ্রেণী বিভাজন কোনে কৰিছিল?
উত্তৰঃ এৰিষ্ট’টেলে চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিল।

35. চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি ভাগ কৰা ব্যক্তি দুজনৰ নাম লিখা।
উত্তৰঃ (১) প্লেটো।
(২) এৰিষ্ট’টেল।

36. ৰাজতন্ত্র কি?
উত্তৰঃ জনকল্যানৰ হকে হোৱা এজনৰ শাসনেই হ’ল ৰাজতন্ত্র।

37. বহুজনৰ বা ৰাইজৰ শাসনক কি বুলি নামাকৰণ কৰিছিল?
উত্তৰঃ ৰাজ্য ব্যৱস্থা বুলি নামাকৰণ কৰিছিল।

38. স্বৈতন্ত্র কি?
উত্তৰঃ জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবেহে চলা এজনৰ শাসনেই হ’ল স্বৈতন্ত্র।

39. কোনবিধ চৰকাৰক চিন্তাবিধসকলে ভাল চৰকাৰ বুলি কয়?
উত্তৰঃ গণতন্ত্ৰক ভাল চৰকাৰ বুলি কয়।

40. বর্তমানেও ৰজা/ৰাণীৰ শাসন চলা এখন দেশৰ নাম লিখা।
উত্তৰঃ ইংলেণ্ড।

41. পৰম্পৰা ৰক্ষাৰ এটা প্ৰতীকৰ উদাহৰণ দিয়া।
উত্তৰঃ ৰাজমুকুট পৰম্পৰা ৰক্ষাৰ এটা প্রতীক।

42. সংসদীয় পদ্ধতিৰ চৰকাৰত কোনে মৰ্চা চৰকাৰ গঠন কৰে?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া তেওঁলোকে মিলিত হৈ মৰ্চা চৰকাৰ গঠন কৰে ৷

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...