js

Thursday, July 24, 2025

SEBA Class 10 Science Chapter 12 MCQ (বিদ্যুৎ)

SEBA Class 10 Science Chapter 12 MCQ (বিদ্যুৎ)

1. তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক (বাণিজ্যিক) একক-
(a) জুল
(b) কিলোৱাট
(c) কিলোৱাট/ঘণ্টা
(d) বাট
Ans : (c) কিলোৱাট/ঘণ্টা

2. দুডাল তাঁৰৰ দৈর্ঘ্য, ৰোধ, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2, তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব?
(a) 1:2
(b) 1:4
(c) 4:1
(d) 1: v2
Ans: (a) 1:2

3. বৈদ্যুতিক আধানৰ । একক হ'ল কি?
(a) এম্পিয়াৰ
(b) ভল্ট
(c) কুলম্ব
(d) ব্রাট
Ans : (c) কুলম্ব

4. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ'ল কি?
(a) ভল্টমিটাৰ
(b) এমিটাৰ
(c) গেলভেন'মিটাৰ
(d) পৰিৱৰ্তনশীল ৰোধ
Ans : (b) এমিটাৰ

5. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল'লে, বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ'ব-
(a) 5 C
(b) 50C
(c) 600C
(d) 300C
Ans: (c) 600C


6. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়-
(a) 1c/1v
(b) 1v/1c
(c) 1c/1s
(d) 1J/1c
Ans : (c) 1c/1s

7. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায়-
(a) 1c/1v
(b) 1v/1c
(c) 1c/1s
(d) 1J/1c
Ans: (d) 1J/1c

৪. বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ'ল–
(a) এমিটাৰ
(b) ভল্টমিটাৰ
(c) গেলভেন'মিটাৰ
(d) পৰিৱৰ্তনশীল ৰোধ
Ans: (b) ভল্টমিটাৰ

9. বৰ্তনীত বিভৱভেদ জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্টমিটাৰ এটা সংযোগ কৰা হয়-
(a) সমান্তৰালভাৱে
(b) শ্রেণীবদ্ধভাৱে
(c) শ্রেণীৱদ্ধ বা সমান্তৰালভাৱে
(d) ইয়াৰ এটাও নহয়
Ans : (a) সমান্তৰালভাৱে

10. বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বর্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয়-
(a) সমান্তৰালভাৱে
(b) শ্রেণীবদ্ধভাৱে
(c) শ্রেণীৱদ্ধ বা সমান্তৰাল ভাৱে
(d) ইয়াৰ এটাও নহয়
Ans : (b) শ্রেণীবদ্ধভাৱে

11. 6V বিভৱভেদৰ দুটা বিন্দুৰ মাজত 4C আধান চালিত কৰোঁতে কৰিবলগীয়া কার্য-
(a) 1.5J
(b) 12 J
(c) 2/3 J
(d) 24 J
Ans : (d) 24 J

12. 15 Ω ৰোধৰ বৈদ্যুতিক হিটাৰ এটাই 3KV বিভবভেদত কাম কৰিলে, ই কঢ়িওৱা প্ৰবাহ হ'ব-
(a) 200A
(b) 45A
(c) 45000A
(d) 5A
Ans : (a) 200A

13. বৈদ্যুতিক ৰোধৰ SI একক কি?
(a) Ω
(b) Ω m
(c) কুলম্ব
(d) এম্পিয়াৰ
Ans : (a) Ω

14. তলৰ কোনটোই 1 ওমক সূচায়-
(a) 1V/1S
(b) 1V/1A
(c) 1J/1C
(d) 1C/1S
Ans: (b) 1V/1A

15. বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ হ'ল-
(a) গেলভেন 'মিটাৰ
(b) এমিটাৰ
(c) ভল্টমিটাৰ
(d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ'ষ্টেট)
Ans : (d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ'ষ্টেট)


No comments:

Post a Comment

SEBA Class X Mathematics Chapter 2 Exercise 2.3 Solutions

পাঠ ২ বহুপদ Polynomials Exercise 2.3 1. \(P(x) \) বহুপদটোক \(g(x) \) বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ...