Redirect Image

js

Tuesday, August 12, 2025

SEBA Class X Science অধ্যায়-৮ জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Questions and Answers

 

অধ্যায়-৮

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ গৰ্ভধাৰণ প্ৰতিৰোধৰ কাৰণে কি কি পদ্ধতি ব্যৱহাৰ কৰা হয়? HSLC ’15

উত্তৰঃ গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতিবোৰ হ’ল- কনডম, অৰেল কন্ট্রাচ্পেটিভ্, কপাৰ-টি আদি।

প্রশ্নঃ এড্রিনেলিন হ’ৰমনৰ কাম কি?

উত্তৰঃ মানুহ যেতিয়া খণ্ডাল, উত্তেজিত বা ব্যাগ হৈ পৰে তেতিয়া এই হ’বমনে দেহত সমতা স্থাপনত সহায় কৰে।

প্রশ্নঃ মানুহৰ শুক্রাশয়ৰ কাম কি?

উত্তৰঃ শুক্রাণু উৎপাদন কৰা আৰু টেষ্ট’ষ্টেৰণ নামৰ পুৰুষ হৰম’ন ক্ষৰণ কৰা।

প্রশ্নঃ দুবিধ গৰ্ভনিৰোধ পদ্ধতিৰ নাম লিখা।

উত্তৰঃ নিৰোধ পদ্ধতি আৰু শৈল্যকৰণ পদ্ধতি।

প্রশ্নঃ মানৰ দেহৰ কোন অংশত ডিম্বৰ নিষেচন হয়।

উত্তৰঃ ডিম্বনলী বা ফেল’পিয়ান টিউবত।

প্রশ্নঃ খাদ্য সঞ্চয় কৰা বীজৰ অংশটোৰ নাম লিখা।

উত্তৰঃ বীজপত্র।

প্রশ্নঃ ভাইৰাছৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ এইডছ আৰু ওৱার্ট।

প্রশ্নঃ প্লেচেন্টাৰ ভিলাইৰ কাম কি?

উত্তৰঃ মাকৰ তেজৰ পৰা ভ্রূণলৈ গ্লুক’জ আৰু অক্সিজেনৰ স্থানান্তৰণৰ বাবে অধিক পৃষ্ঠকালি প্রদান কৰাত সহায় কৰা।

প্রশ্নঃ শুদ্ধ উত্তৰটি বাছি উলিওৱা:

(ক) মানৰ স্ত্রীত প্রজনননাত্মক দশাৰ আৰম্ভণি তলৰ কোনেটোৱে সুচায়:

(a) শৰীৰৰ বৃদ্ধি

(b) চুলিৰ আকৃতিৰ পৰিৱৰ্তন

(c) কণ্ঠস্বৰ পৰিৱৰ্তন

(d) ঋতুস্রাব

উত্তৰঃ (d) ঋতুস্রার

(খ)) তলৰ কোনটো মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয়?

(a) ডিম্বাশয়

(b) জবায়ু

(c) শুক্রবাহী নলী

(d) ফেলোপিয়ান নলী

উত্তৰঃ(c) শুক্রবাহী নলী

প্রশ্নঃ কলাকৰ্ষণৰ সুবিধা কি?

উত্তৰঃ এজোপা মাতৃ উদ্ভিদৰ পৰা বহুতো বোগমুক্ত উদ্ভিদৰ সৃষ্টিত কলাকর্ষণে সহায় কৰে।

প্রশ্নঃ বেক্টেৰিয়াৰ দ্বাৰা হোৱা দুবিধ যৌন ৰোগৰ নাম লিখা।

উত্তৰঃ গণ’ৰিয়া আৰু চিফিলিচ।

প্রশ্নঃ গৰ্ভধাৰণ প্ৰতিৰোধৰ কাৰণে কি কি পদ্ধতি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কনডম, অ’ৰেল কন্ট্রাচেপ্টিভ, কপাৰ- টি আদি ব্যৱহাৰ।

প্রশ্নঃ এড্রিনেলিন হৰম’নৰ কাম কি?

উত্তৰঃ মানুহ যেতিয়া খঙাল, উত্তেজিত বা ব্যাথ হৈ পৰে তেতিয়া এড্রিনেলিন হৰম’নৈ দেহত সমতা স্থাপনত সহায় কৰে।

প্রশ্নঃ পৰাগযোগ কাক বোলে?

উত্তৰঃ সপুষ্পক উদ্ভিদৰ এটা ফুলৰ পৰাগৰেণু আন এটা ফুলৰ গৰ্ভমুণ্ডত পৰা পৰিঘটনাক পৰাগযোগ বোলে।

প্রশ্নঃ ইতৰ পৰাগযোগ কি?

উত্তৰঃ কোনো ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু সেই গছৰ অন্য ফুলৰ বা একে প্রজাতিৰ কোনো ফুলৰ গর্ভমুণ্ডলৈ স্থানান্তৰ হোৱা পৰিঘটনাক ইতৰ পৰাগযোগ বোলে।

প্রশ্নঃ কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে?

উত্তৰঃ যৌন প্রজননত।

প্রশ্নঃ কোনবিধ হৰম’নে পুৰুষৰ গৌণ চৰিত্ৰ বিকাশত সহায় কবে?

উত্তৰঃ টেষ্ট’ষ্টেৰন হ’বমনে।

প্রশ্নঃ কেনে ধৰণৰ? নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য HSLC ’20

উত্তৰঃ পৰাগযোগ আৰু নিযেচনৰ মাজত পার্থক্য হ’ল:

(ক) পৰাগযোগ গর্ভমুণ্ডৰ পৃষ্ঠভাগত সংঘটিত হয়। কিন্তু নিষেচন ডিম্বাশয়ত সংঘটিত হয়।

(খ) পৰাগযোগত কোষৰ মিলন নঘটে। কিন্তু নিষেচনত কোষৰ মিলন ঘটে।

(গ) পৰাগযোগ নিষেচন প্রক্রিয়াৰ পাছত ঘটে। কিন্তু নিষেচন যোজন কোষ গঠনৰ পাছত ঘটে।

প্রশ্নঃ শুক্রাশয় আৰু প্রষ্টেট গ্রন্থিৰ ভূমিকা কি?

উত্তৰঃ শুক্রাশয় আৰু প্রষ্টেট গ্রন্থিৰ কাম হ’ল- শুক্রাণুৰ গতি পথত সহায় কৰা আৰু শুক্রাণুক পুষ্টিৰ যোগান ধৰা।

প্রশ্নঃ কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়?

উত্তৰঃ কৈশোৰ কালত ছোৱালীৰ দেহত হোৱা পৰিৱৰ্তনসমূহ-

(ক) স্তনযুগলৰ আকাৰ বৃদ্ধি।

(খ) ঋতুচক্র আৰম্ভ হয়।

(গ) কাষলতি আৰু যৌনাংগৰ কাষত চুলি গজা।

(ঘ) মুখৰ ছাল তেলেতিয়া হয় আৰু শালমইনা উঠে।

প্রশ্নঃ যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Cop- per-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে?

উত্তৰঃ যদি মহিলা এগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেন্তে ই যৌন ৰোগ প্ৰতিৰোধী নহ’ব।

প্রশ্নঃ অযৌন প্রজননৰ মুকুলোদ্দগম সংঘটিত হয়-

(ক) এমিবাত

(গ) প্লাজম ‘ডিয়ামত

(খ) ইষ্ট

(ঘ) লেইচ মেনিয়াত

উত্তৰঃ (খ) ইষ্ট।

প্রশ্নঃ পৰাগধানীত পোৱা হয়-

(ক) বেটুপাত

(গ) স্ত্রীকেশৰ

(খ) ডিম্বক

(ঘ) পৰাগ ৰেণু

উত্তৰঃ (ঘ) পৰাগ ৰেণু।

প্রশ্নঃ অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি? HSLC ’18

উত্তৰঃ (ক) অযৌন প্রজননত সন্তান-সন্ততিব ভিন্নতাৰ অভাৱ পৰিলক্ষিত হয়। আনহাতে, যৌন প্রজননত সন্তান-সন্ততিৰ ভিন্নতা প্রকাৰণ নিশ্চিত হয়।

(খ) অযৌন প্রজননৰ সন্তান-সন্ততিৰ বৰ্তি থকাৰ সুযোগ কম। আনহাতে, যৌন প্রজননত সন্তান-সন্ততিৰ বৰ্তি থকা সুযোগ অধিক।

প্রশ্নঃ মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কবে?

উত্তৰঃ মানুহৰ শুক্রাশয়ৰ কাম হ’ল- শুক্রাণু উৎপাদন কৰা আৰু টেষ্ট’ষ্টেৰণ নামৰ পুৰুষ হ’ৰমন ক্ষৰণ কৰা।

প্রশ্নঃ স্নাতুস্রাব কেনেকৈ সংঘটিত হয়? HSLC ’20

উত্তৰঃ ডিম্বাশয়ে প্রত্যেক মাহতে এটাকৈ ডিম্বকোষ উৎপন্ন কৰে। এই ডিম্ব কোষ নিষেচিত নহ’লে ডিম্বকোষটো ভাঙি তেজ আৰু শ্লেষ্মা হিচাপে যোনি পথেদি নির্গত হয়। ইয়াকে স্নাতুস্রাব বোলে। এই প্রক্রিয়াটো চক্রাকাৰে প্রত্যেক মাহতে 2 ৰ পৰা ৪ দিন পর্যন্ত চলে।

প্রশ্নঃ প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি?

উত্তৰঃ প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা হ’ল-

(ক) পিতৃ-মাতৃৰ পৰা সন্তান-সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে।

(খ) পিতৃ-মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰে।

(গ) DNA প্রতিলিপিকৰণৰ ফলত পিছৰ জনুত কিছু ভিন্নতা দেখা দিয়ে।

প্রশ্নঃ দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি?

উত্তৰঃ দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত থকা প্রভেদসমূহ হ’ল:

(ক) দ্বিবিভাজনত এটা জীৱৰ পৰা দুটা নতুন জীৱৰ সৃষ্টি হয়। আনাহতে বহু বিভাজনত একে সময়তে এটা জীৱৰ পৰা বহুতো জীৱৰ সৃষ্টি হয়।

(খ) এমিবাই দ্বিবিভাজন প্রক্রিয়াৰ দ্বাৰা প্রজনন কৰে। আনহাতে, প্লাজম’ডিয়ামে বহু বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে।

প্রশ্নঃ উচ্চ খাপৰ জীৱই কিয় পুনৰজীবন পদ্ধতিৰে নতুন জীবৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে?

উত্তৰঃ ভিন্ন অংগবিশিষ্ট জীৱই দেহৰ বিচ্ছিন্ন অংশৰ পৰা বিশেষ কোষৰ সহায়ত নতুন জীৱৰ উৎপত্তি কৰিব পাৰে। এই পদ্ধতিৰ সহায়ত সৰল জীৱই নতুন জীৱৰ সৃষ্টি কৰিব পাৰে। কাৰণ, ইহঁতৰ দেহ একেধৰণৰ কোষেৰে গঠিত আৰু ভগ্ন অংশই দৈহিক অংশৰ বৃদ্ধি আৰু বিকাশ কৰিব পাৰে।

প্রশ্নঃ দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। HSLC ’15

উত্তৰঃ

প্রশ্নঃ বিভিন্ন পদ্ধতিৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি? HSLC ’15

উত্তৰঃ গৰ্ভনিৰোধ পদ্ধতিসমূহ হ’ল-

(ক) নিৰোধ পদ্ধতি, (খ) ৰাসায়নিক পদ্ধতি,

(গ) শৈল্যকৰণ পদ্ধতি

প্রশ্নঃ প্রজনন প্রক্রিয়াই কোনো প্রজাতিৰ জীৱৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে।

উত্তৰঃ প্ৰজনন প্রক্রিয়াই জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি, এটা প্রজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোধ কৰি, প্ৰজাতিৰ আবাদীত ভিন্নতাৰ উত্তৰণ আদি কৰি কোনো প্রজাতিৰ আৱাদীৰ স্থিতি ৰক্ষা কৰাত সহয় কৰে।

প্রশ্নঃ গৰ্ভনিৰোধ পদ্ধতি অবলম্বন কৰাৰ কাৰণ কি?

উত্তৰঃ জন্ম নিয়ন্ত্ৰণৰ এক প্ৰকাৰৰ কৃত্রিম পদ্ধতি হ’ল বন্ধ্যাকৰণ। যি মহিলা গৰ্ভৱতী বা সন্তান জন্ম দিব নুখোজে সেই সকল তিৰোতাৰ ক্ষেত্ৰত
প্রয়োগ কৰা হয়। পুৰুষৰ ক্ষেত্ৰতো ই প্রযোজ্য। হয়?

প্রশ্নঃ মানব দেহৰ কোন অংশত ডিম্বৰ নিষেচন

উত্তৰঃ ডিম্বনলী বা ফেল’পিয়ান টিউবত।

প্রশ্নঃ খাদ্য সঞ্চয় কৰা বীজৰ অংশটোৰ নাম লিখা।

উত্তৰঃ বীজপত্র।

প্রশ্নঃ দুবিধ স্ত্রী জনন আৰু দুবিধ পুং জনন হ’ৰমনৰ নাম লিখা।

উত্তৰঃ দুবিধ স্ত্রী জনন হ’ৰমনৰ নাম হ’ল- থলী উদ্দীপক হ’ৰমন আৰু লুটিনাইজিং হ’ৰমন।
দুবিধ পুং জনন হ’ৰমনৰ নাম হ’ল- প্র’জেষ্টেৰণ আৰু বিলাক্সিন।

প্রশ্নঃ ভাইৰাছৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ এইডছ আৰু ওৱার্ট।

প্রশ্নঃ প্লেচেণ্টাৰ ভিলাইৰ কাম কি?

উত্তৰঃ মাকৰ তেজৰ পৰা ভ্রূণলৈ গ্লুক’জ আৰু অক্সিজেনৰ স্থানান্তৰণৰ বাবে অধিক পৃষ্ঠকালি প্রদানত প্লেচেন্টাৰ ভিলাইয়ে সহায় কৰে।

প্রশ্নঃ কলাকৰ্ষণৰ সুবিধা কি?

উত্তৰঃ এজোপা মাতৃ উদ্ভিদৰ পৰা বহুতো ৰোগমুক্ত উদ্ভিদৰ সৃষ্টিত কলাকর্ষণে সহায় কৰে।

প্রশ্নঃ বেক্টেৰিয়াৰ দ্বাৰা হোৱা দুটা যৌন ৰোগৰ নাম লিখা?

উত্তৰঃ গণ’বিয়া আৰু চিফিলিচ।

প্রশ্নঃ প্লেচেণ্টা অমৰাৰ কাম কি?

উত্তৰঃ প্লেচেণ্টা অমৰাৰ কাম হ’ল-

(ক) শোষণৰ বাবে বিস্তৃত কালি যোগায়।

(খ) মাতৃদেহৰ পৰা তেজৰ ভ্রূণলৈ পুষ্টি স্থানান্তৰিত কৰে।

(গ) ভ্রূণে উৎপন্ন কৰা বর্জিত পদার্থ মাতৃৰ তেজলৈ অপসাৰিত কৰে।

প্রশ্নঃ পৰাগযোগ কাক বোলে? HSLC ’20

উত্তৰঃ সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত এটা ফুলৰ পৰাগ ৰেণু আন এটা ফুলৰ গৰ্ভমুণ্ডত পৰা পৰিঘটনাক পৰাগযোগ বোলে।

প্রশ্নঃ সপুষ্পক উদ্ভিদৰ যৌন প্রজনন প্রক্রিয়া বর্ণনা কৰা। HSLC ’19

উত্তৰঃ পুংকেশৰ হৈছে উদ্ভিদৰ পুং জনন অংগ। ইয়াত পৰাগৰেণুৰ উৎপত্তি হয়। উদ্ভিদৰ স্ত্রীকেশৰবিলাক ফুলৰ কেন্দ্রীয় স্থানত অবস্থিত। ই হৈছে ফুলৰ স্ত্রী জনন কেন্দ্র। ইয়াৰ তিনিটা অংশ থাকে, যথা: গর্ভাশয়, গর্ভদণ্ড আৰু গর্ভমুণ্ড। গর্ভাশয়ত ডিম্বক থাকে। পুংকেশৰৰ পৰা পৰাগৰেণু আহি যেতিয়া স্ত্রী কেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়, তেতিয়া এই প্রক্রিয়াক ‘পৰাগযোগ’ বুলি কোৱা হয়। বিভিন্ন কাৰণত পৰাগৰেণুৰ ভিতৰত উৎপন্ন হোৱা পুংজনন কোষ ডিম্বকৰ ভিতৰত অৱস্থিত স্ত্রী জনন কোষৰ লগত যোজন বা মিলন হয। এই প্রক্রিয়াক ‘নিষেচন’ বুলি কোৱা হয়। দুই জনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক ‘যোজন কোষ’ বোলা হয়। ইয়াৰ বিকাশৰ ফলত বীজৰ সৃষ্টি হয়।
এনেদৰে সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া সম্পন্ন হয়।

 


প্রশ্নঃ এমিবাৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন সংঘটিত হয়? অযৌন প্রজনন প্রক্রিয়াত যৌন প্রজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি? HSLC ’18

উত্তৰঃ এমিবাৰ ক্ষেত্ৰত অযৌন প্রক্ৰিয়াৰ দ্বাৰা প্রজনন সংঘটিত হয়। অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ হ’ল:

(ক) যৌন প্রজনন প্রক্রিয়াত জিনীয় দ্রব্যৰ সালসলনি ঘটে। ইয়াৰ ফলত প্ৰজাতিৰ সৃষ্টি হ’ব পাৰে।

(খ) যৌন প্রজনন বিবর্তন প্রক্রিয়াৰ এক অন্যতম কাৰক।

প্রশ্নঃ কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে? HSLC ’18

উত্তৰঃ যৌন প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে।

প্রশ্নঃ হাইদ্রাৰ মুকুল দ্গম পদ্ধতি বর্ণনা কৰা। HSLC ’16

উত্তৰঃ হাইদ্রাৰ মুকুল’দ্গম পদ্ধতি এক অযৌন প্রজনন পদ্ধতি। এই পদ্ধতিত মাতৃকোষৰ কোষবোৰৰ কোনো অংশৰ পৰা মুকুল সৃষ্টি হয় আৰু মুকুলটো লাহে লাহে বৃদ্ধি পাবলৈ ধৰে আৰু এটা সময়ত মুকুলটো মাতৃকোষৰ পৰা পৃথক হয় আৰু এই মুকুলৰ পৰাই শেষত নতুন জীৱৰ জন্ম হয়।

প্রশ্নঃ মানুহৰ স্ত্রীজনন তন্ত্ৰৰ এখন চিত্র আঁকা। HSLC ’17

উত্তৰঃ

 


প্রশ্নঃ এককোষী জীৱৰ বিভাজন পদ্ধতি বর্ণনা কৰা। HSLC ’17

উত্তৰঃ এককোষী জীবই কোষৰ বিভাজন বা দ্বিখণ্ডন প্ৰক্ৰিয়াৰ জৰিয়তে বংশ বিস্তাৰ কৰে। বহু  বেক্টেৰিয়া আৰু আদ্যপ্ৰাণীৰ দৰে এককোষী জীবই অতি সবলভাবে কোষটো সমভাবে দ্বিখণ্ডিত কৰি এই প্রক্রিয়া সম্পন্ন কৰে।

প্রশ্নঃ উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলা-কৰ্ষণৰ কৌশল লিখা। HSLC ’17

উত্তৰঃ উদ্ভিদ প্রজননকাৰীসকলে ব্যৱহাৰ কৰা কলা-কর্ষণ হ’ল সিহঁতে প্রথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ ক’লা বা কোষ এৰুৱাই লৈ এটা কৃত্রিম মাধ্যমত ৰাখি থয়। তাত কোষবিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি বহু কোষ একেলগ হৈ ‘কেলাচ’ গঠন কৰে। এই কেলাচখিনি এক মাধ্যম য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে সঞ্জীবনী পদার্থ থাকে। তাতে পূর্ণাংগ উদ্ভিদৰ সৃষ্টি কৰা হয়।

প্রশ্নঃ ইতৰ পৰাগযোগ কি? HSLC ’18

উত্তৰঃ কোনো ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু সেই গছৰ অন্য ফুল বা একে প্রজাতিৰ অন্য কোনো ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰ হোৱা প্ৰক্ৰিয়াক ‘ইতৰ পৰাগযোগ’ বোলে।

প্রশ্নঃ বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতি সমূহ বর্ণনা কৰা। HSLC ’15

উত্তৰঃ গৰ্ভনিৰোধৰ বাবে বিভিন্ন পদ্ধতি আছে, যেনেঃ

(ক) বন্ধ্যাকৰণ পদ্ধতি: বন্ধ্যাকৰণ পদ্ধতি
প্রধানতঃ দুই প্ৰকাৰৰ, যেনে ভেচেক্ট’মি আৰু টিউবেক্ট’মি। ভেচেক্ট’মি পদ্ধতিত পুৰুষৰ শুক্রবাহী নলী কাটি গাঁঠি মাৰি দিয়া হয়। আনহাতে টিউবেক্ট’মি পদ্ধতিত স্ত্রীৰ ফেল’পিয়ান নলীৰ এটা অংশ কাটি গাঁঠিমাৰি দিয়া হয়।

(খ) প্রতিৰোধক পদ্ধতি: এই পদ্ধতিত শুক্রাণুক স্ত্রী জনন তন্ত্রত প্রৱেশ কৰাত বাধা দিয়া হয়। ইয়াৰ বাবে কণ্ডম বহুলভাবে ব্যৱহাৰ কৰা হয়।

(গ) ৰাসায়নিক পদ্ধতি: এই পদ্ধতিত গৰ্ভনিৰোধৰ বাবে স্ত্রীসকলে নানান ধৰণৰ ৰাসায়নিক বস্তু যেনেঃ টেবলেট, জেলী, পেষ্ট আদি ব্যৱহাৰ কৰে।

(ঘ) ইন্ট্রা ইউটেবাইন কন্ট্রাচে পটিভ পদ্ধতি: এই পদ্ধতিত কপাৰ-টি (Copper-T) জৰায়ুত প্রতিস্থাপন কৰি গৰ্ভধাৰণত বাধা দিয়া হয়।

প্রশ্নঃ কোনবিধ হৰম’নৈ পুৰুষৰ গৌণ চৰিত্ৰ বিকাশত সহায় কবে?

উত্তৰঃ টেষ্ট’ষ্টাৰন হৰম’ন।

প্রশ্নঃ কাক জীবৰ ‘ব্লুপ্রিন্ট’ বুলি কোৱা হয়?

উত্তৰঃ ডিএনএ ক।

উত্তৰঃ তলত উল্লেখ কৰা প্রক্রিয়াসমূহৰ জৰিয়তে HIV সংক্রমণ হয়:

(ক) মাতৃৰ দ্বাৰাঃ এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত মাতৃৰ জনন ফুলৰ মাধ্যমত ই সন্তানৰ শৰীৰলৈ সংক্রমিত হয়।

(খ) অসুৰক্ষিত যৌন সংস্পর্শ: পৃথিৱীত ৭০- ৮০ শতাংশ HIV সংক্রমণ অসুৰক্ষিত যৌন ক্ৰিয়াৰ বাবে হয়।

(গ) তেজৰ দ্বাৰা: এইচ আই ভি আক্রান্ত ব্যক্তি এজনৰ তেজ কোনোৱাই গ্রহণ কৰিলে এইচ আই ভিৰ বীজাণু সংক্রমিত হয়।

প্রশ্নঃ DNA ৰ সম্পূৰ্ণ ৰূপ কি? কোষৰ কোনটো স্থানত DNA পোৱা যায়? কোষৰ প্রজননত ইয়াৰ কাম কি?

উত্তৰঃ DNA ৰ সম্পূৰ্ণ ৰূপটো হ’ল: De-oxybonucleic Acid জীৱদেহৰ কোষত DNA পোৱা যায়।
প্রজননৰ সময়ত জনন কোষৰ মাধ্যমত DNA পিতৃ-মাতৃৰ চৰিত্ৰসমূহ সন্তানলৈ সঞ্চাৰিত কৰে।

প্রশ্নঃ মাতৃ দেহত ভ্রূণকোষে কেনেকৈ পুষ্টি লাভ কবে?

উত্তৰঃ মাতৃদেহৰ জৰায়ুত ভ্রূণৰ বৰ্ধন আৰু বিকাশ হয়। এনে অৱস্থাত জৰায়ুৰ আন্তঃ আচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে। ইয়াক ‘প্লেচেন্টা’ বোলা হয়। এই প্লেচেন্টাৰ যোগেদি মাতৃদেহৰ তেজৰ পৰা ভ্রূণটোরে পুষ্টি লাভ কৰে।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ পুংকেশৰৰ পৰা একে ফুলৰ গৰ্ভমুণ্ডত পৰাগৰেণু পৰাকে- নহয়

(a) সালোক সংশ্লেষণ (c) ইতৰ পৰাগযোগ

(b) স্ব-পৰাগযোগ

(d) ওপৰৰ এটাও

উত্তৰঃ (b) স্ব-পৰাগযোগ।

প্রশ্নঃ পৰাগধানীত পোৱা হয়-

(a) বেটু পাত

(b) ডিম্বক

(c) স্ত্রীকেশৰ

(d) পৰাগ বেণু

উত্তৰঃ (d) পৰাগ ৰেণু।

প্রশ্নঃ শুক্রাণু আৰু ডিম্বাণুৰ মিলনক বোলে।

(a) বিভাজন

(b) মুকুলোদ্গম

(c) বিভংগন

(d) নিষেচন

উত্তৰঃ (d) নিষেচন।

প্রশ্নঃ তলত দিয়া কোনটো প্ৰাণীৰ প্ৰজননত মুকুলোদ্গম হোৱা দেখা যায়?

(a) বন্ধী প্রাণী

(c) শামুক

(b) কেঁচু

(d) তেজপিয়া

উত্তৰঃ (a) বন্ধী প্রাণী।

প্রশ্নঃ এমিবাৰ দ্বি-বিভাজনৰ প্ৰক্ৰিয়া হ’ল-

(a) দ্বিখণ্ডন বা বিভাজন

(b) বিভংগন

(c) আংগিক বিস্তাৰণ

(d) পুনৰজীবন

উত্তৰঃ (a) দ্বিখণ্ডন বা বিভাজন।

প্রশ্নঃ তলৰ কোনবিধ জীৱই পুনৰ জীৱন প্ৰক্ৰিয়াৰ দ্বাৰা বংশবিস্তাৰ কৰে?

(a) লেইমেনিয়া

(c) প্লেনেৰিয়া

(b) এমিবা

(d) প্লাজম’ডিয়াম

উত্তৰঃ (c) প্লেনেৰিয়া।

প্রশ্নঃ অযৌন প্রজননৰ মুকুলোদ্গম সংঘটিত হয়-

(a) ইষ্টত

(b) প্লাজম ‘ডিয়ামত

(c) লেইচমেনিয়াত

(d) এমিবাত

উত্তৰঃ (a) ইষ্টত।

প্রশ্নঃ পাউৰুটিত উৎপত্তি হোৱা ভেঁকুৰৰ প্ৰজাতিৰ নাম হ’ল-

(a) থেল’ফাইটা

(b) বাইব’জ’ম

(c) ৰাইজ’পাচ্

(d) এটাও নহয়।

উত্তৰঃ (c) বাইজ’পাচ্।

প্রশ্নঃ তলৰ কোনটো মানুহৰ দেহৰ পুং জনন অংগ?

(a) ডিম্বাশয়

(b) জৰায়ু

(c) শুক্রবাহী নলী

(d) ফেল’পিয়ান নলী

উত্তৰঃ (c) শুক্রবাহী নলী।

প্রশ্নঃ দুগ্ধ নিঃসৰণ কৰা হৰম’ন বিধ হ’ল-

(a) প্রলেক্টিন

(b) টেষ্ট’ষ্টেৰণ

(c) ইষ্ট্র’জেন

(d) বিলেক্সিন

উত্তৰঃ (a) প্রলেক্ট্রিন।

প্রশ্নঃ এবিধ স্ত্রী যৌন হৰম’ন হ’ল-

(a) ইষ্ট্র’জেন

(b) টেষ্ট’ষ্টেৰণ

(c) জিবাবেলিন

(d) পিটুইটেবি

উত্তৰঃ (a) ইষ্ট্র’জেন।

প্রশ্নঃ শুক্রকোষে নিঃসৰণ কৰা হৰম’ন-

(a) ইষ্ট্র’জেন

(c) অক্সিন

(b) টেষ্ট’ষ্টেৰণ

(d) বিলেক্সিন

উত্তৰঃ (b) টেষ্ট’ষ্টেৰণ।

 



No comments:

Post a Comment

ASSEB Class IX English Textbook:Moments, Chapter 2: The Adventures of Toto Additional Questions and Answers

Chapter: The Adventures of Toto Addtional Questions and Answers Multiple Choice Questions (MCQs) 1. Who is the author of "The...