Redirect Image

js

Tuesday, August 12, 2025

SEBA Class X Science অধ্যায়-১: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Questions and Answers

অধ্যায়-১

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ সংযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাকে সংযোজন বিক্রিয়া বোলে।

প্রশ্নঃ কপাৰ ছালফেট দ্রবত লোৰ গজাল ডুবাই ৰাখিলে কি দেখিবা?

উত্তৰঃ লোৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব আৰু গজালটোৰ ৰং মুগা আৰু দ্রৱৰ ৰং পাতল নীলা হৈ পৰিব।

প্রশ্নঃ বেডক্স বিক্রিয়া কাক বোলে?

উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত জাৰণ আৰু বিজাৰণ দুয়োটাই সংঘটিত হয়, সেই বিক্রিয়াক বেডক্স বিক্রিয়া বোলে।

প্রশ্নঃ ক্ষয়ীভবন কাক বোলে? HSLC ’23

উত্তৰঃ ধাতু ক্ষয় হোবাকে ক্ষয়ীভবন বোলে।

প্রশ্নঃ তাপবর্জী বিক্রিয়া কাক বোলে?

উত্তৰঃ যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ সৈতে তাপৰো উদ্ভব হয় সেইবোৰ বিক্রিয়া তাপবর্জী বিক্রিয়া বোলে।

প্রশ্নঃ তাপবর্জী বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ CH₄ + 20₂ → CO₂ + 2H₂O

প্রশ্নঃ বিযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ এটা বিক্রিয়ক পদাৰ্থৰ পৰা দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাকে বিযোাজন বিক্রিয়া বোলে।

প্রশ্নঃ সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? HSLC ’22

উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত বিক্রিয় পদার্থ আৰু বিক্রিয়াজত পদাৰ্থৰ পৰমাণুৰ সংখ্যা একে হোৱাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

প্রশ্নঃ ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলন কৰিব লাগে? HSLC ’22

উত্তৰঃ ভৰৰ নিত্যতা বিধি অনুসৰি বিক্রিয়া এটা ভৰৰ সৃষ্টি বা বিনাশ নহয়। সেইবাবে ৰাসায়নিক সমীকৰণ সন্তুলণ কৰিব লাগে।

প্রশ্নঃ বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ CaCO₃→ CaO + CO₂

প্রশ্নঃ বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত থৈ দিলে কিয় মটীয়া বৰণৰ হৈ পৰে?

উত্তৰঃ সূৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিণলৈ বিযোজিত কৰে। সেইবাবে মটীয়া বৰণৰ হৈ পৰে।

প্রশ্নঃ কেলছিয়াম অক্সাইডে পানীৰ সৈতে কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ CaO + H₂O → Ca(OH)₂

প্রশ্নঃ অধঃক্ষেপন বিক্রিয়া কাক বোলে?

উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত বিক্রিয়াজাত পদার্থ অধঃক্ষেপ হিচাপে পোৱা যায়। সেইবোৰ বিক্ৰিয়াক অধঃক্ষেপন বোলে।

প্রশ্নঃ দ্বি-অপসৰণ বিক্রিয়া কাক বোলে?

উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত আয়নৰ বিনিময় ঘটে, তেনেবোৰ বিক্রিয়াক দ্বি-অপসৰণ বিক্রিয়া বোলে।
হয়?

প্রশ্নঃ তেল বা চর্বী জাতীয় খাদ্যবস্তু কিয় দুর্গন্ধী

উত্তৰঃ তেল বা চর্বী জাতীয় খাদ্যবস্তু জাবিত হ’লে দুর্গন্ধী হয়।

প্রশ্নঃ ক্ষয়ীভৱন ৰোধ কৰাৰ দুটা উপায় লিখা।

উত্তৰঃ গ্রীজ সনা আৰু ৰং কৰা।

প্রশ্নঃ খাদ্যবস্তু দুর্গন্ধী ৰোধ কৰাৰ দুটা উপায় লিখা।

উত্তৰঃ শীতল ঠাইত খাদ্য বস্তু ৰখা আৰু নাইট্ৰ’জেনৰ পৰিবেশত খাদ্য বস্তু পেকেট কৰা।

প্রশ্নঃ শ্বসনক কিয় তাপবর্জী বিক্রিয়া বুলি কোৱা হয়?

উত্তৰঃ শ্বসনত কার্বন-ডাই-অক্সাইডৰ সৈতে তাপো নির্গত হয়। সেইবাবে শ্বসনক তাপবর্জী বিক্রিয়া বোলে।

তাপো নির্গত হয়। সেইবাবে শ্বসনক তাপবর্জী বিক্রিয়া বোলে।

প্রশ্ন: বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয়?

উত্তৰঃ দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডালৰ পৰা অশুদ্ধিবোৰ আঁতৰ কৰি ল’ব লাগে। কাৰণ বিশুদ্ধ মেগনেছিয়ামহে দহন ঘটাব পাৰি।

প্রশ্ন: তলৰ বিক্ৰিয়াবোৰৰ অবস্থা চিহ্নসহ একোটা সস্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রব্যৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম
ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্রব্য প্রস্তুত হয়।

(ii) ছডিয়াম হাইড্রক্সাইডৰ দ্রব্য (পানীত) হাইড্রক্ৰৰিক এচিডৰ দ্রব্য (পানীত) ৰ সৈতে বিক্রিয়া কৰি ছডিয়াম ক্লৰাইডৰ দ্ৰব্য আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ

(i) BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(4) + 2NaCl(aq)

(ii) NaOH() + HCl(aq) → NaCl() + H₂O

প্রশ্ন: এটা পদার্থ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ব্যৱহাৰ কৰা হয়। HSLC ’20

(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।

(ii) পানীৰ সৈতে পদার্থ ‘X’ এ কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ

(i) ‘X’ কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত হ’ল: CaO.

(ii) পানীৰ সৈতে পদার্থ ‘X’ এ কৰা বিক্রিয়াটো হ’ল: CaO + H₂O → Ca(OH)₂.

প্রশ্ন: কাৰ্য-কলাপৰ 1.7 ত এটা পৰীক্ষানলত সংগ্রহক বা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।

উত্তৰঃ কার্যকলাপ 1.7 ত পানীৰ বিদ্যুত বিশ্লেষণ ঘটি H₂ গেছ আৰু O, গেছৰ সৃষ্টি হয়। গেছটোৰ নাম হাইড্র’জেন। 2H₂O→ 2H₂ + 0₂ পানীৰ দুটা অণুৰ বিদ্যুৎ বিশ্লেষণ ঘটি দুটা H₂ অণু আৰু এটা O₂ অণুৰ সৃষ্টি হয়। সেইবাবে H₂ ব পৰিমাণ O₂ ৰ পৰিমাণতকৈ দুগুণ হয়।

প্রশ্ন: লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্রব্য এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়?

উত্তৰঃ কপাৰ ছালফেটৰ জলীয় দ্রব্যত লোৰ গজাল এটা ডুবাই দিলে ইয়াৰ ৰংটো নাইকীয়া হয়। ইয়াৰ কাৰণ হ’ল কপাৰতকৈ লো অধিক সক্রিয় সেইবাবে কপাৰ ছালফেটৰ পৰা কপাৰ অপসাৰিত কৰে আৰু আইৰণ ছালফেট উৎপন্ন হয়। CuSO₄(aq) +Fe(s) → FeSO₄(aq) + Cu(s)

প্রশ্ন: এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ উদাহৰণ হ’ল: Pb(NO₃)₂(aq) + 2HCl(aq) → PbCl₂(s) + 2HNO₃(aq) হাইড্রক্লৰিক এছিডৰ দ্ৰব্যৰ লগত লেড নাইট্রেটৰ দ্রব্য মিহলালে এটা বগা অধঃক্ষেপন লেড ক্লৰাইড পোৱা যায়।

প্রশ্ন: তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱাঃ

(i) 4Na(s) + O₂(g) → 2Na₂O(s)

(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(1)

উত্তৰঃ (i) প্রথম বিক্রিয়াটোত Na জাৰিত হৈছে অর্থাৎ ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।

(ii) দ্বিতীয় বিক্রিয়াটোত H₂ জাৰিত হৈছে আৰু পানী উৎপন্ন হৈছে। আনহাতে কপাৰ অক্সাইড বিজাৰিত হৈছে।

প্রশ্ন: তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ: 2PbO(s) + C (s) → 2Pb(s) + CO₂(g)

(a) লেড বিজাৰিত হৈছে।

(b) কার্বন-ডাই অক্সাইড জাৰিত হৈছে।

(c) কার্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii) (a), (b) আৰু (b)

(iv) সকলো

উত্তৰঃ (i) (a) আৰু (b)

প্রশ্ন : Fe₂O₃ + 2A1 A1₂O₃ + 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ:

(a) এটা সংযোজন বিক্ৰিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ

(c) এটা বিয়োজন বিক্ৰিয়াৰ

(d) এটা অপসাৰণ বিক্ৰিয়াৰ।

উত্তৰঃ (d) এটা অপসাৰণ বিক্ৰিয়াৰ।

প্রশ্নঃ কি ঘটে যেতিয়া লঘু হাইড্র ‘ক্লবিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিকচ চিন দিয়া।

(a) হাইড্র’জেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়।

(b) ক্লৰিণ গেছ আৰু আইৰণ হাইড্র’ক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰণ লবণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ (a) হাইড্র’জেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়।

প্রশ্ন: তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলিত কৰাঃ HSLC ’16

(a) হাইড্র’জেন গেছে নাইট্রজেনৰ সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।

(b) হাইড্র’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

(d) পটেছিয়াম ধাতুবে পানীৰ সৈতে বিক্রিয়া কৰি পটেছিয়াম হাইড্রক্সাইড আৰু হাইড্র’জেন গেছ উৎপন্ন কৰে।

উত্তৰঃ

(a) 3H₂(g) + N₂(g)→2NH₃(g)

(b) 2H₂S(g) + 30₂(g)→2H₂O + (l) 2SO₂(g)

(c) 3BaC1₂(aq) + 2(aq) A1₂(SO₄)₃(aq) 2A1C1₃(aq) + 3BaSO₄↓(s)

(d) 2K(s) + 2H₂O(l)→2KOH + (aq) H₂(g)

প্রশ্ন: তলৰ সমীকৰণসমূহ সন্তুলন কৰা:

(a) HNO₃ + Ca(OH)₂→Ca(NO₃)₂ + H₂O

(b) NaOH + H₂SO₄→Na₂SO₄ + H₂O

(c) NaCl + AgNO₃→AgCl + NaNO₃

(d) BaCl₂ + H₂SO₄ → BaSO₄ + HCI

উত্তৰঃ

(a) 2HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + 2H₂O

(b) 2NaOH + H₂SO₄ → Na₂SO₄ + 2H₂O

(c) NaC1+ AgNO₃AgC1 + NaNO₃

(d) BaC1₂ H₂SO₄ → BaSO₄ + 2HC1

প্রশ্ন: তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্রক্সাইড + কার্বনডাই অক্সাইড → কেলছিয়াম কার্বনেট + পানী।

(b) যিংক + ছিলভাৰ নাইট্রেট → ছিলভাৰ। যিংক নাইট্রেট

(c) এলুমিনিয়াম + ক’পাৰ কুৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেবিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড।

উত্তৰঃ

(a) Ca(OH)₂ + CO₂→ CaCO₃ + H₂O

(b) Zn + 2AgNO₃ → Zn(NO₃)₂ + 2Ag

(c) 2Al + 3CuC1₂ →2A1C1₃ + 3Cu

(d) BaC1₂ K₂SO₄ → BaSO₄ + 2KC1

প্রশ্ন: তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

(a) পটেছিয়াম ব্র’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পেটেছিয়াম আয় ‘ডাইড (aq) + বেৰিয়াম ব্র’মাইড (s)।

(b) যিংক কার্বনেট (s) →  কার্বন ডাই অক্সাইড (s) + বেৰিয়াম ব্ৰ’মাইড (g)। HSLC ’16

(c) হাইড্র’জেন (g)+ ক্ল’বিন (g) → হাইড্র’জেন ক্ল’ৰাইড (g)।

(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্ল ৰিক এছিড (aq) →  মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন (g)।

উত্তৰঃ

(a) 2KBr(aq) + Bal₂(aq) → 2KI(aq) + BaBr₂(aq) প্ৰকাৰঃ দ্বিঅপসাৰণ বিক্রিয়া।

(b) ZnCO₃(6)→ZnO(s) + CO₂(g)  প্রকাৰঃ বিয়োজন বিক্রিয়া।

(c) H₂(g) + C1₂(g) → 2HC1₂(g) প্ৰকাৰঃ সংযোজন বিক্রিয়া।

(d) Mg(s) + 2HC1(aq) → MgC1₂(aq) + H₂(g) প্ৰকাৰ: দ্বিঅপসাৰণ বিক্রিয়া।

প্রশ্ন: সন্তুলিত ৰাসায়নিক সমীকৰণত সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰঃ ৰাসায়নিক সমীকৰণ এটাৰ দুয়োফালে থকা মৌলসমূহৰ পৰমাণুৰ সমান সংখ্যক বুজায়। ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে
কাৰণ:

(i) ৰাসায়নিক বিক্রিয়াত ভৰৰ বিনাশ নহয় বা নতুনকৈ সৃষ্টি নহয়।

(ii) ৰাসায়নিক বিক্রিয়াত এটা মৌলৰ পৰমাণুয়ে এৰি দিয়া মাত্র ইলেক্ট্রনেহে আন এটা মৌলৰ পৰমাণুয়ে গ্রহণ কৰে। গতিকে আধানৰ পৰিমাণ একে থাকে।

প্রশ্ন: তাপবজী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। HSLC ’16

উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয়, তেনেবোৰ বিক্ৰিয়াক ‘তাপবর্জী বিক্রিয়া’ বোলে। যেনেঃ

C+O₂→ CO₂ + 393.5 KJ যিবোৰ ৰাসায়নিক বিক্রিয়াত তাপ শোষিত হয়, তেনেবোৰ বিক্রিয়াক ‘তাপগ্রাহী বিক্রিয়া’ বোলে।

যেনেঃ H₂g)+I₂(g)→2HI(g) + 52.2 KJ

প্রশ্নঃ শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে। ব্যাখ্যা কৰা।

উত্তৰঃ শ্বসন প্রক্রিয়াত অক্সিজেনৰ উপস্থিতিত কোষত খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণে তাপ শক্তিৰ উৎপন্ন হয়। সেইবাবে শ্বসনক ‘তাপবর্জী বিক্রিয়া’ বুলি কোৱা হয়। C₆H₁₂O₆ + 6O₂→6CO₂(g) 6H₂O+ 62.34 KJ

প্রশ্ন: বিয়োজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। HSLC ’15

উত্তৰঃ এটা বিয়োজন বিক্রিয়াত এটা পদার্থ বিয়োজিত হৈ দুটা বা ততোধিক পদার্থ উৎপন্ন কবে।

উদাহৰণ: 2HgO →2Hg+O₂ আনহাতে সংযোজন বিক্রিয়াত দুটা বা ততোধিক পদার্থ লগ হৈ এটা মাত্র নতুন পদার্থ উৎপন্ন কৰে।

উদাহৰণ: 2H₂+ O₂→2H₂O সেইবাবে বিয়োজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

প্রশ্নঃ তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰঃ তাপ শোষণ হোৱা বিয়োজন বিক্রিয়া এটা হ’ল → 2KCO₃⟶2KCI+ 3O₂

পোহৰ শোষিত বিয়োজন বিক্রিয়া: 2AgCl⟶2Ag+CI₂

বিদ্যুৎ শক্তিৰ ফলত সংঘটিত হোৱা বিয়োজন বিক্রিয়া: 2H₂O+⟶ বিদ্যুৎ 2H₂+O₂

প্রশ্নঃ অপসাৰণ আৰু দ্বিঅপসাৰণ বিক্ৰিয়াৰ মাজত পার্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰঃ অপসাৰণ বিক্রিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কবে। আনহাতে দ্বিঅপসাৰণ বিক্রিয়াত দুটা বিক্ৰিয়াৰ দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণু থুপৰ পৰস্পৰৰ লগত স্থান বিনিময় কৰে। সমীকৰণ:

অপসাৰণ বিক্রিয়া: Fe(s)+ CuSO₄→ Cu(s) FeSO₄(aq) দ্বিঅপসাৰণ বিক্রিয়াঃ AgNO₃(aq) + NaC1(aq) → AgC1(s) + NaNO₃

প্রশ্নঃ ছিলভাৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।

উত্তৰঃ AgNO(aq) + Cu(s) CuNO(aq) + Ag(s)

প্রশ্ন: শুদ্ধ উত্তৰটো লিখা: HSLC ’15

(ক) তলৰ কোনটো ধাতুবে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে?

(a) ছিলভাৰ

(b) গ’ল্ড

(c) জিংক

(d) মাৰকিউৰি

উত্তৰঃ (c) জিংক

(খ) তলৰ

Fe₂O3 + 2A1 → A1₂O₃ + 2Fe বিক্রিয়াটো হ’ল: HSLC ’16, 18

(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ

(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ

(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

(d) এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

উত্তৰঃ (c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

(ক) কি ঘটে যেতিয়া লঘু হাইড্র’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? HSLC ’17

(a) হাইড্র’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্র ‘ক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ(a) হাইড্র’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

প্রশ্ন: অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

(a) জাৰণ

(b) বিজাৰণ

উত্তৰঃ (a) জাৰণ: যি বিক্ৰিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰে তাক জাৰণ বোলে।

উদাহৰণ: 2Cu+0₂🠒 2CuO. Cu, CuO লৈজাৰিত হৈছে 2Mg + O₂→2MgO Mg,MgO লৈ জাৰিত হৈছে।
তাপ

(b) বিজাৰণ: যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন হেৰুৱায় তাক বিজাৰণ বোলে।

উদাহৰণ: ZnO + C 🠒 Zn + CO Z n O, Z n লৈ বিজাৰিত হৈছে। CuO + H₂ 🠒Cu + H₂O C u O , C u লৈ বিজাৰিত হৈছে।
ZnO, Zn

প্রশ্ন: অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ অদ্রাব্য পদার্থ বা অধঃক্ষেপ উৎপন্ন হোৱা বিক্রিয়াক অধঃক্ষেপন বিক্রিয়া বোলা হয়। উদাহৰণস্বৰূপে ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজৰ বিক্ৰিয়াত বেৰিয়াম ছালফেট অধঃক্ষেপৰ সৃষ্টি হয়। AgNO₂ + NaC1 → AgC1 + NaNO₃ BaC1₂+ Na₂SO₄ → BaSO₄↓+ 2NaC1

প্রশ্ন: এটা উজ্জ্বল মুগা বঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম কি? HSLC ’20

উত্তৰঃ X মৌলটোৰ নাম হ’ল কপাৰ (Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল কপাৰ অক্সাইড (CuO) তাপ 2Cu + O₂ 2CuO (X) ক’লা

প্রশ্ন: লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়? HSLC ’20

উত্তৰঃ ক্ষয়ীভৱন ৰোধ কৰিবলৈ লোৰ সঁজুলি বিলাকত ৰং দিয়া হয়। বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্রিয়া কৰি মামৰ উৎপন্ন কৰে। কিন্তু লোৰ বস্তুত ৰং সানিলে ই অক্সিজেন বা জলীয় বাষ্পৰ সংস্পর্শলৈ আহিব নোৱাৰে। ফলত ই মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।

প্রশ্ন: তেল আৰু চর্বি থকা খাদ্য বস্তু নাইট্রে’জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰঃ জাৰণ নঘটিবলৈ চর্বি আৰু তেলযুক্ত খাদ্যবস্তু নাইট্ৰজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয়। যেতিয়া চর্বি আৰু তেল জাৰিত হয় তেতিয়া এইবোৰ দুৰ্গন্ধযুক্ত হয় আৰু স্বাদ সলনি হয়।

প্রশ্ন: এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা:

(a) ক্ষয়ীভবন

(b) চৰ্বিৰ দুৰ্গন্ধিতা।

উত্তৰঃ

(a) ক্ষয়ীভবন: যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্রান্ত হয়, তেতিয়া ইয়াৰ ক্ষয়ীভৱন আৰম্ভ হয়। ছিলভাৰৰ ওপৰত পৰা কলা চামনি আৰু কপাৰৰ ওপৰত সেউজীয়া চামনি ক্ষয়ীভৱনৰ উদাহৰণ।

(b) চৰ্বিৰ দুৰ্গন্ধিতা: যেতিয়া তেল আৰু
চর্বিজাতীয় খাদ্য বস্তুবোৰ অধিক দিনৰ বাবে ৰখা হয় তেতিয়া তেল বা চৰ্বিৰ লগত অক্সিজেনযুক্ত হয় ফলত খাদ্যবস্তুত আচল সোৱাদ আৰু গোন্ধৰ পৰবিৰ্তন হয়। ইয়েই হ’ল চৰ্বিৰ দুৰ্গন্ধিতা। ইয়াৰ ফলত তেল বা চর্বি ব্যবহৃত খাদ্য বস্তুবোৰ খোৱাৰ অনুপযোগী হৈ উঠে।
হয়?

প্রশ্ন: ৰাসায়নিক বিক্রিয়াত কি কি পৰিৱৰ্তন

উত্তৰঃ ৰাসায়নিক বিক্রিয়াত তলত দিয়া পৰিৱৰ্তনবোৰ সংঘটিত হয়:

(ক) বৰণৰ পৰিৱৰ্তন

(খ) তাপৰ পৰিবৰ্তন

(গ) গেছৰ পৰিৱৰ্তন

(ঘ) আকাৰৰ পৰিৱৰ্তন।

প্রশ্ন: জঁকা ৰাসায়নিক সমীকৰণ আৰু সমতুল সমীকৰণ বুলিলে কি বুজা?

উত্তৰঃ বাসায়নিক সমীকৰণ এটাক বিক্রিয়াটোত থকা পদার্থসমূহৰ চিহ্ন আৰু সংকেতেৰে মাথোন প্রকাশ কৰিলে তাক জঁকা সমীকৰণ বোলে। যেনে Mg + HC1 → MgC1₂ + H₂

সমীকৰণ এটাৰ কাঁড়চিন বা সমান চিনডালৰ দুয়োফালে প্রত্যেকবিধ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক সমতুল সমীকৰণ বুলি কোৱা হয়।
যেনে: Mg + 2HC1 → MgC1₂+ H₂

প্রশ্ন: মামৰ কি? মামৰে ধৰিবলৈ কি কি প্রাথমিক চৰ্তৰ প্ৰয়োজন হয়?

উত্তৰঃ লোৰ বস্তু বাহিৰত থলে কিছুদিন পিছত ইয়াৰ ওপৰত ৰঙচুৱা চামনি এটাৰ সৃষ্টি হয়। এই ৰঙচুৱা চামনিৰ পদার্থখিনিক মামৰ বোলে।
মামৰে ধৰিবলৈ জলীয় বাষ্প আৰু অক্সিজেনৰ প্রয়োজন হয়।

প্রশ্ন: বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত ভাগ লোৱা পদার্থসমূহক বিক্রিয়ক আৰু বিক্ৰিয়াটোৰ ফলত নতুনকৈ সৃষ্টি হোৱা পদার্থসমূহক বিক্রিয়াজাত পদার্থ বোলে। উদাহৰণস্বৰূপে: বিক্রিয়ক পদার্থসমূহ বিক্রিয়াজাত পদার্থ মেগনেছিয়াম + অক্সিজেন → অক্সাইড। মেগনেছিয়াম

প্রশ্ন: ভৰৰ নিত্যতা সূত্র কি?

উত্তৰঃ বাসায়নিক বিক্রিয়া এটাত বিক্রিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্রিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয়। এয়ে ভৰৰ নিত্যতা সূত্র। এই সূত্র মতে ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে।

প্রশ্ন: দ্বিঅপসাৰণ বিক্রিয়া কি?

উত্তৰঃ যি বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপসাৰণ বিক্রিয়া বোলে।

প্রশ্ন: বেডক্স বিক্রিয়া কি? এটা উদাহৰণ দিয়া।

উত্তৰঃযি বিক্রিয়াত এটা বিক্রিয়ক পদার্থ জাৰিত হওঁতে আনটো বিজাৰিত হয়, তেনে বিক্রিয়াক বেডক্স বিক্রিয়া বোলে।

প্রশ্ন: চীনা মাটিৰে তৈয়াৰী এখন থালত- ক’পাৰ পাউডাৰ লৈ গৰম কৰিলে:

(a) ক’পাৰ পাউডাৰখিনিৰ বৰণ কেনেকুৱা হ’ব? HSLC ’16

(b) ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ (a) ক’পাৰ পাউডাৰখিনিৰ বৰণ কলা হ’ব। (b) 2Cu+O₂🠒 তাপ 2CuO

প্রশ্ন: এটা পৰীক্ষা নলত 3mL মান ছ’ডিয়াম ছালফেট দ্রব লোৱা। আন এটা পৰীক্ষানলত 3mL মান বেৰিয়াম ক্ল’ৰাইডৰ দ্রব লোৱা। দুয়োটা মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখা।

(a) ওপৰৰ পৰ্যবেক্ষণটো লিখা। HSLC ’19

উত্তৰঃ ওপৰোক্ত বিক্রিয়াত BaSO₄ ৰ বগা অধঃক্ষেপ পৰিলক্ষিত হোৱা দেখা যাব।

(a) ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। ’19 HSLC

উত্তৰঃ বিক্ৰিয়াটোৰ ৰাসায়নিক সমীৰকণ হ’ল: BaC1₂(aq) + Na₂SO₄(aq) → BaSO₄(s) + 2NaC1(aq) বিক্রিয়াটো দ্বি-অপসৰণ বিক্রিয়া।

প্রশ্ন: অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা: HSLC ’19

(a) জাৰণ

(b) বিজাৰণ

উত্তৰঃ (a) যি বিক্রিয়াত কোনো পদার্থই অক্সিজেন লাভ কৰে, তেনে বিক্রিয়াকে জাৰণ বোলে। উদাহৰণঃ তাপ 2Cu + O₂ →2CuO

(b) যি বিক্রিয়াত কোনো পদার্থই অক্সিজেন হেৰুৱায়, তেনে বিক্রিয়াকে বিজাৰণ বোলে। উদাহৰণ: তাপ CuO + H₂ → Cu+H₂O

প্রশ্ন: প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্রিয়াটো দেখুওৱাবলৈ এটা ৰাসায়নিক সমীকৰণ লিখা। HSLC ’17

উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ হ’ল: CaSO4₂+1— H₂O →CaSO4.2H₂O

প্রশ্ন: মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? ৰাসয়নিক সমীকৰণ লিখা। HSLC ’17

উত্তৰঃ মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে মাৰকিউৰি (Hg) লৈ বিজাৰিতহয়। 2Hg(s) →2Hg(i) + O₂(g)

প্রশ্ন: এটা বিকাৰত 2g কেলছিয়াম অক্সাইড লোৱা। বিকাৰটোত লাহে লাহে পানী যোগ কৰা। তলত দিয়াবোৰৰ উত্তৰ কৰা। HSLC ’17

(a) উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব?

(b) ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

উত্তৰঃ (a) মিশ্ৰণটোৰ উত্তাপ বৃদ্ধি পাব।

(b) ৰাসায়নিক সমীকৰণটো হ’ল: CaO(s) + H₂O(l) → Ca(OH) (aq) + CaO

প্রশ্ন: তলৰ উক্তিটো ৰাসায়নিক সমীকৰণত লিখা। HSLC ’18

হাইড্র’জেন গেছে নাইট্ৰ’জেনৰ সৈতে লগ হৈ এম’নিয়া প্রস্তুত কৰে।

উত্তৰঃ হাইড্র’জেন গেছে নাইট্ৰ’জেনৰ সৈতে লগ হৈ এম’নিয়া প্রস্তুত কৰে। 3H₂ + N₂ 2NH₃

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ?

(a) বায়ুত কার্বন দাহ কৰা।

(b) জিংক আৰু কপাৰ ছালফেটৰ বিক্রিয়া।

(c) পানীৰ বিদ্যুৎ বিশ্লেষণ।

(d) কেলছিয়াম আৰু কার্বন-ডাই-অক্সাইডৰ মাজৰ বিক্রিয়া।

উত্তৰঃ (৪) বায়ুত কার্বন দাহ কৰা।

প্রশ্নঃ যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয়, সেই বিক্রিয়াক কোৱা হয়-

(a) জাৰণ

(c) তাপগ্রাহী

(b) বিজাৰণ

(d) তাপবর্জী

উত্তৰঃ (c) তাপগ্রাহী।

প্রশ্নঃ যিবোৰ বিক্ৰিয়াত অক্সিজেন যুক্ত হয় সেইবোৰ বিক্ৰিয়াক কোৱা হয়-

(a) জাৰণ

(c) তাপগ্রাহী

(b) বিজাৰণ

(d) তাপবর্জী

উত্তৰঃ (৪) জাৰণ।

প্রশ্নঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, সেই বিক্রিয়াক বিক্রিয়া বোলে।

(a) অপসৰণ

(b) বিযোজন

(c) বেডক্স

(d) সংযোজন

উত্তৰঃ (d) সংযোজন।

প্রশ্নঃ অধঃক্ষেপন বিক্রিয়াত উৎপন্ন হয়।

(a) দ্রবীভূত হোৱা লবণ।

(b) দ্রাবক।

(c) অদ্রাব্য লবণ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) অদ্রাব্য লবণ।

প্রশ্নঃ ৰাসায়নিক বিক্রিয়াত অংশগ্রহণ কৰা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰাক বোলে।

(a) ৰাসায়নিক বিক্রিয়া।

(b) ৰাসায়নিক সমীকৰণ।

(c) বিক্রিয়ক পদার্থ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) ৰাসায়নিক সমীকৰণ।

প্রশ্নঃ ৰাসায়নিক বিক্রিয়া এটাত অংশগ্ৰহণ কৰা পদার্থক বোলে-

(a) জাৰক পদার্থ

(b) বিজাৰক পদার্থ

(c) বিক্রিয়াজাত পদার্থ

(d) বিক্রিয়ক পদার্থ

উত্তৰঃ (d) বিক্রিয়ক পদার্থ

প্রশ্নঃ তলৰ কোনটো তাপবর্জী বিক্ৰিয়াৰ উদাহৰণ নহয়?

(a) প্রাকৃতিক গেছৰ দহণ।

(b) শ্বসন।

(c) চূণশিলৰ পৰা পোৰা চূণ পোৱা।

(d) বনস্পতি দ্রব্যৰ পচন সাৰলৈ ৰূপান্তৰ।

উত্তৰঃ (c) চূণশিলৰ পৰা পোৰা চুণ পোৱা।

প্রশ্নঃ তলৰ কোনটো বেডক্স বিক্রিয়া নহয়?

(a) 2Cu+O₂→2CuO

(b) ZnO+C→Zn+CO

(c) 2PbO+C→2Pb+CO₂

(d) CuO+H₂→ Cu+H₂O

উত্তৰঃ (a) 2Cu+O₂→2CuO

প্রশ্নঃ কি ঘটে যেতিয়া লঘু হাইড্র’ক্ল’ৰিক এছিডৰ সৈতে লোৰ গুড়ি যোগ কৰা হয়?

(a) হাইড্র’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্র’ক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰণ লবণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ (a) হাইড্র’জেন গেছ আৰু আইবণ ক্ল’ৰাইড উৎপন্ন হয়।

প্রশ্নঃ লেড নাইট্রেট পাউদাৰ গৰম কৰিলে সাধাৰণতে তলৰ কোনটো গেছ নির্গত হয়?

(a) ক’লা বৰণৰ ধোঁৱা।

(b) মুগা বৰণৰ ধোঁৱা।

(c) নীলা বৰণৰ ধোঁৱা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) মুগা বৰণৰ ধোঁৱা।

প্রশ্নঃ এটা যৌগৰ পৰা দুটা ততোধিক উপাদান উৎপন্ন হোৱা বিক্রিয়াক ……… বোলে।

(a) দ্বি-অপসৰণ বিক্রিয়া

(b) সংযোজন বিক্রিয়া

(c) অপসৰণ বিক্রিয়া

(d) বিযোজন বিক্রিয়া

উত্তৰঃ (d) বিযোজন বিক্রিয়া।

প্রশ্নঃ Fe₂O₃+2Al → Al₂O₃ + 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ 

(a) এটা সংযোজন বিক্ৰিয়াৰ।

(b) এটা বিযোজন বিক্ৰিয়াৰ।

(c) এটা অপসৰণ বিক্ৰিয়াৰ।

(d) এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ।

উত্তৰঃ (c) এটা অপসৰণ বিক্ৰিয়াৰ।

প্রশ্নঃ কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ আৰু হাইড্র’জেন যুক্ত হোৱা বিক্রিয়াক …….. বিক্রিয়া বোলে।

(a) জাৰণ

(c) তাপগ্রাহী

(b) বিজাৰণ

(d) তাপবর্জী

উত্তৰঃ (b) বিজাৰণ।

প্রশ্নঃ কি উৎপন্ন হ’ব যদি হাইড্র’জেন আৰু অক্সিজেনৰ মাজত বিক্রিয়া সংঘটিত হয়?

(a) পানী

(b) কার্বন-ডাই-অক্সাইড

(c) এম ‘নিয়া (d) নাইট্রিক এছিড

উত্তৰঃ (c) এম ‘নিয়া।

প্রশ্নঃ তলৰ কোনটো সমতুল্য সমীকৰণ নহয়?

(a) CaO+H₂O→ Ca(OH)₂

(b) C+O₂→CO₂

(c) 2Mg+O₂→2MgO

(d) CH₄+O₂→CO₂+H₂O

উত্তৰঃ (d) CH₄+O₂ → CO₂+H₂O

 

 

No comments:

Post a Comment

How to Make Students Fear of Mathematics Disappear

* Welcome to Gyaan Kunja Tuition Centre podcast. I'm your host, Rohan, and today we are tackling a topic that haunts the nightmares of s...