অধ্যায়-১১
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ কেটেৰেক্ট বা ছানি পৰা কাক বোলে?
উত্তৰঃ বয়স বাঢ়ি আহিলে কেতিয়াবা মনুহৰ চকুৰ স্ফটিকেৰে গঠিত লেখন দুগ্ধসুশ আৰু অস্পষ্ট হৈ যায়। ইয়াকে কেটেৰেক্ট বা ছানি পৰা বোলে।
প্রশ্নঃ স্বাভাবিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি?
উত্তৰঃ দূৰবিন্দু অসীম আৰু নিক টবিন্দু 25cm দূৰত।
প্রশ্নঃ মায় ‘পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2cm তকৈ বেছিদূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্ ব্যৱহাৰ কৰিব লাগিব?
উত্তৰঃ 1.2cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ ব্যৱহাৰ কৰিব লাগিব।
প্রশ্নঃ ছাত্র এজনে শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?
উত্তৰঃ ল’ৰাজনে ভোগা বিকাৰটো হ’ল মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা। উপযুক্ত ক্ষমতাব অৱতল লেন্ছ ব্যৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি।
প্রশ্নঃ চকুৰ পৰা লক্ষ্যবস্তু দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?
উত্তৰঃ চকুৰ লেন্ছ আৰু ৰেটিনাৰ মাজৰ দূৰত্ব সদায় একে থাকে। ফলত লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই থাকিলেও প্রতিবিম্বৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নহয়।
প্রশ্নঃ চকুৰ সৈতে জড়িত অংশবিলাকৰ কাৰ্য কি?
উত্তৰঃ পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ
প্রশ্নঃ মায়’পিয়াগ্রস্ত ৰোগী এজনে কেনেকুৱা লেন্ছ ব্যৱহাৰ কৰিব লাগে?
উত্তৰঃ উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ।
প্রশ্নঃ হাইপাৰমেট্ৰ’পিয়াগ্রস্ত ৰোগী এজনে কেনেকুৱা লেন্ছ ব্যৱহাৰ কৰিব লাগে?
উত্তৰঃ উপযুক্ত ক্ষমতাৰ উত্তল লেন্ছ।
প্রশ্নঃ চকুৰ উপযোজন ক্ষমতা কি?
উত্তৰঃ চকুৰ লেন্দ্ৰৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি দূৰত অথবা ওচৰত থকা বস্তু ফ’কাছ কৰিব পৰা সামর্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে।
প্রশ্নঃ স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকটবিন্দু কি?
উত্তৰঃ দূৰবিন্দু হ’ল চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ দূৰবিন্দু। স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত দূৰবিন্দু অসীমত।
আনহাতে, নিকটবিন্দু হ’ল চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ ওচৰৰ বিন্দু। স্বাভাবিক দৃষ্টিৰ ক্ষেত্ৰত এই দূৰত্ব 25 cm।
প্রশ্নঃ সাধাৰণ চকুৰে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?
উত্তৰঃ চিলিয়াৰী পেশীয়ে 25 cm তকৈ ওচৰত থকা বস্তু এটা লক্ষ্য কৰিবলৈ চকুৰ লেখনক বেছি বক্ৰ কৰিব নোৱাৰে। ফলত চকুৰ অভিসাৰী ক্ষমতা কমি যায় আৰু প্রতিবিম্ব ৰেটিনাত গঠিত নহয়। সেইবাবে বস্তু এটা স্পষ্টকৈ দেখা নাপায়।
প্রশ্নঃ তৰাই তিৰ্বিৰাই কিয়? HSLC ’20
উত্তৰঃ তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্রতিসৰিত হয়। প্রতিসৰণ ঘটা মাধ্যমটোত প্রতিসৰণাংক ক্রমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে গতিকে তৰাটোৰ আপাত স্থান, প্রকৃত স্থানতকৈ কিছু বেলেগ। পৃথিৱীৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় বাবে তৰাৰ আপাত স্থানও ইফাল-সিফাল হৈ থাকে। ফলত তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত স্থানও পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়। তৰাটো কেতিয়াবা উজ্জ্বল বা ম্লান যেন লাগে। ইয়েই তৰাৰ তিৰ্বিৰণি।
প্রশ্নঃ ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়?
উত্তৰঃ ৰাতিপুৱাত সূর্যই দিগন্ত অতিক্রম কৰে। এনে অৱস্থাত সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেদি বহুদূৰত্ব অতিক্ৰম কৰিবলগা হয়। এই পোহৰ ৰশ্মি আহোঁতে পোহৰৰ বিক্ষেপনৰ ফলত নীলা ৰং নাইকীয়া হৈ পৰে আৰু ৰঙা ৰং আহি পৃথিবীত প্ৰৱেশ কৰেহি। ফলত আমি ৰাতিপুৱা সূৰ্যৰ ৰং ৰঙা দেখি।
প্রশ্নঃ মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিবৰ্তে ক’লা দেখে কিয়?
উত্তৰঃ মহাকাশত বায়ুমণ্ডল নাই বাবে ইয়াত পোহৰৰ বিক্ষেপণ নঘটে। সেইবাবে সূৰ্যৰ পৰা অহা বগা পোহৰত থকা নীলা ৰশ্মি বিক্ষেপণ নহয়। সেয়েহে মহাকাশচাৰী এজনে আকাশৰ নীলা ৰঙৰ পৰিৱৰ্তে ক’লা দেখে।
প্রশ্নঃ টিণ্ডেল পৰিঘটনা কি? HSLC ’17
উত্তৰঃ বায়ুমণ্ডলত ধোৱা, পানীৰ কণিকা আৰু ধূলিকণা থকা বাবে কলয়ডীয় দ্ৰৱৰ ৰূপ লয়। বায়ুমণ্ডলত থকা এই কণিকাবোৰত পোহৰৰ বিক্ষেপণ ঘটাত পোহৰৰ গতিপথ দৃশ্যমান হয়। ইয়াক টিণ্ডেল পৰিঘটনা বোলে।
প্রশ্নঃ বিচ্ছুৰণ আৰু বৰ্ণালীৰ সংজ্ঞা দিয়া।
উত্তৰঃ পোহৰৰ কিৰণ এটাৰ ৰঙীণ উপাংশৰ পটিবোৰক তাৰ বর্ণালী বোলে।
পোহৰৰ কিৰণ এটাৰ ৰঙীণ উপাংশবোৰৰ পৃথকীকৰণক বিচ্ছুৰণ বোলে।
প্রশ্নঃ চকুৰে ক’ত প্রতিবিম্ব গঠন কৰে?
উত্তৰঃ অক্ষিপটত।
প্রশ্নঃ চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্রণ কৰে?
উত্তৰঃ চকুৰ পতা বা আইৰিচে চকুৰ মণিৰ আকাৰ নিয়ন্ত্রণ কৰে।
প্রশ্নঃ ৰামধেনু কিয় আৰু কেতিয়া সৃষ্টি হয়?
উত্তৰঃ বৰষুণৰ পিছত বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্র টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি এবিধ প্রাকৃতিক বর্ণালীৰ সৃষ্টি হয়। তেতিয়া আকাশত ৰামধেনু দেখি। ৰামধেনু সদায় সূর্যৰ বিপৰীত দিশত সৃষ্টি হয়।
প্রশ্নঃ স্বাভাবিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি? HSLC ’15
উত্তৰঃ স্বাভাবিক মানুহ এজনৰ বাবে দূৰ বিন্দু অসীম আৰু নিকট বিন্দু চকুৰ পৰা 25 ছে.মি. দূৰত।
প্রশ্নঃ নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তঃবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল: HSLC ’19
(a) 25 মিটাৰ
(b) 25 ছে.মি.
(c) 2.5 মিটাৰ
(d)2.5 ছে.মি.
উত্তৰঃ (b) 25 ছে.মি.
প্রশ্নঃ চকুৰ উপযোজন ক্ষমতা কি? HSLC ’19
উত্তৰঃ চকুৰ লেনছখনে নিজৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰিব পৰা সামর্থ্যকে চকুৰ লেনছৰ উপযোজন ক্ষমতা বোলে।
প্রশ্নঃ ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয়? কলডীয় দ্রবণত পোহৰৰ বিক্ষিপ্তকৰণ পৰ্যবেক্ষণৰ সঁজুলিৰ ৰশ্মিচিত্র অংকন কৰা। HSLC ’19
উত্তৰঃ ৰাতিপুৱা সূর্যটো দিগন্ত (বহু দূৰত) অতিক্রম কৰে। সূৰ্যৰ পোহৰত থকা ৰঙা কিৰণৰ বাহিৰে বাকীবোৰ কিৰণৰ তৰংগ দৈর্ঘ্য কম আৰু এইবোৰে দিগন্ত অতিক্রম কৰোতে শোষিত হৈ যায়। মাথো ৰঙা ৰঙৰ ৰশ্মিটোৰ তৰংগ দৈর্ঘ্য আটাইতকৈ বেছি হোৱা বাবে ইয়াৰ ৰঙটোহে মাথো দেখা যায়। সেইবাবে ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি।
চিত্রঃ কলয়ডীয় দ্রৱণত পোহৰৰ বিক্ষিপ্তকৰণ পর্যবেক্ষণৰ সঁজুলি।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ তলৰ কোনটো পোহৰৰ তৰংগ দৈর্ঘ্য আটাইতকৈ বেছি?
(a) নীলা
(b) কমলা
(c) বেঙুনীয়া
(d) বঙা
উত্তৰঃ (d) বঙা।
প্রশ্নঃ পোহৰৰ……ৰ বাবে আকাশৰ ৰং নীলা হয়।
(a) বিক্ষে পন
(b) বিচ্ছুৰণ
(c) প্রতিফলন
উত্তৰঃ (a) বিক্ষেপন।
(d) এটাও নহয়
প্রশ্নঃ অগ্রিম সূর্যোদয় আৰু প্রকৃত সূর্যোদয়ৰ মাজৰ পাৰ্থক্য হ’ল-
(a) 3 মিনিট
(c) 4 মিনিট
(b) 2 মিনিট
(d) 1 মিনিট
উত্তৰঃ (b) 2 মিনিট।
প্রশ্নঃ চকুৰ কর্ণিয়াৰ পিছফালে থকা অংশ-
(a) চকুৰ মণি
(b) অক্ষি পট
(c) চিলিয়াৰি পেশী
(d) চকুৰ পতা
উত্তৰঃ (d) চকুৰ পতা।
প্রশ্নঃ চকুত প্রতিবিম্ব গঠন হয়-
(a) কর্ণিয়াত
(b) চকুৰ পতাত
(c) চিলিয়াৰি পেশীত
(d) অক্ষি পটত
উত্তৰঃ (d) অক্ষিপটত।
প্রশ্নঃ চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ছৰ ফ’কাছ দৈর্ঘ্যৰ পৰিৱৰ্তন হয়?
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰি পেশী
(d) চকুৰ পতা
উত্তৰঃ (c) চিলিয়াবি পেশী।
প্রশ্নঃ নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব-
(a) 25 মি.
(c) 25 ছে.মি.
(b) 2.5 ছে.মি.
(d) 2.5 মি.
উত্তৰঃ (c) 25 ছেমি।
প্রশ্নঃ মানুহৰ চকুৰে চকুৰ লেন্ ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অবস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ-
(a) প্রেছবায়’পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্রস্ততা
উত্তৰঃ (b) উপযোজন ক্ষমতা।
প্রশ্নঃ পোহৰৰ কিৰণ এটাৰ ৰঙীন উপাংশবোৰক বোলে-
(a) পটি
(b) বিচ্ছুৰণ
(d) বর্ণালী
(c) বিক্ষে পণ
উত্তৰঃ (d) বর্ণালী।
প্রশ্নঃ কোনজন বিজ্ঞানীয়ে পোহৰৰ বৰ্ণালী পাবলৈ প্রথমে প্রিজম ব্যৱহাৰ কৰিছিল?
(a) নিউটন
(c) আইনষ্টাইন
(b) গেলিলি
(d) ৰাডাৰফ’ৰ্ড
উত্তৰঃ (a) ছাৰ আইজাক নিউটন।
প্রশ্নঃ বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্র টোপালবোৰত সূৰ্যৰ পোহৰৰ সৃষ্টি হয়। ঘটি ৰামধেনুৰ
(d) এটাও নহয়
(a) বিক্ষে পন
(b) বিচ্ছুৰণ
(c) প্রতিফলন
উত্তৰঃ (b) বিচ্ছুৰণ।
প্রশ্নঃ ৰামধেনু-
(৪) সূৰ্যৰ একে দিশত সৃষ্টি হয়
(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়
(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।
No comments:
Post a Comment