js

Friday, August 1, 2025

SEBA Class X ইতিহাস Textbook


সূচীপত্ৰ

অধ্যায় বিষয়

প্ৰথম অধ্যায় ংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
১.০১ বংগ ভংগৰ পটভূমি
১.০২ বংগ বিভাজন

১.০৩ স্বদেশী আন্দোলন

১.০৪ স্বদেশী আন্দোলনৰ ফলাফল

১.০৫ স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ
১.০৬ চৰকাৰৰ আন্দোলনবিৰোধী কৰ্মপন্থা
১.০৭ স্বদেশী আন্দোলনৰ অৱদান

দ্বিতীয় অধ্যায় মহাত্মা গান্ধীৰ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
২.০১ মহাত্মা গান্ধীৰ উত্থান
২.০২ ৰাওলাট আইন
২.০৩ সত্যাগ্ৰহ বা অহিংস আন্দোলন
২.০৪ জালিৱানৱালাবাগৰ হত্যাকাণ্ড
২.০৫ খিলাফৎ আন্দোলন
২.০৬ অসহযোগ আন্দোলন
২.০৭ অসহযোগ আন্দোলনৰ সামৰণি
২.০৮ ছাইমন কমিছন
২.০৯ আইন অমান্য আন্দোলন
২.১০ গান্ধী-আৰউইন চুক্তি
২.১১ দ্বিতীয় ঘূৰণীয়া মেজমেল
২.১২ আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ
২.১৩ সাম্প্ৰদায়িক বাঁটোৱাৰা
২.১৪ কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন
২.১৫ কংগ্ৰেছ চৰকাৰৰ পদত্যাগ

২.১৬ পাকিস্তানৰ দাবী
২.১৭ ব্যক্তিগত সত্যাগ্ৰহ
২.১৮ ক্ৰিপ্‌ছমিছন

২.১৯ ভাৰত ত্যাগ আন্দোলন

২.২০ ভাৰতীয় জাতীয় সেনা বাহিনী
২.২১ ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণা-পত্ৰ
২.২২ ভাৰত স্বাধীন আইন ১৯৪৭
২.২৩ স্বাধীন ভাৰতৰ জন্ম


--- Page 8 ---
তৃতীয় অধ্যায়

চতুৰ্থ অধ্যায়

পঞ্চম অধ্যায়

বিষয়
অসমত বিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
৩.০ অসমত বিটিছ বিৰোধী জাগৰণ
৩.১ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্রভাৱ
৩.২ -অসমত কৃষক বিদ্ৰোহৰ উত্থান
৩.৩ নামনি অসমৰ কৃষক বিদ্ৰোহ
৩.৪ জনজাতীয় বিদ্ৰোহ
৩.৫ মণিপুৰৰ বিদ্ৰোহ

স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

৪.০০ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান
৪.০১ অসমীয়া ভাষা উন্নতি সাধিনী সভা
৪.০২ জোনাকী যুগ

৪.০৩ অসম ছাত্ৰ সন্মিলন

৪.০৪ ৰায়ত সভা

৪.০৫ আহোম সভা

৪.০৬ যোৰহাট সাৰ্বজনিক সভা

৪.০৭ আছাম এছ’চিয়েছন

৪.০৮ অসম প্রদেশ কংগ্ৰেছ কমিটি

৪.০৯ স্বদেশী আন্দোলন আৰু অসম
৪.১০ অসহযোগ আন্দোলন আৰু অসম
৪.১১ আইন অমান্য আন্দোলন আৰু অসম
৪.১২ ভাৰত ত্যাগ আন্দোলন আৰু অসম
৪.১৩ বৰদলৈৰ মন্ত্ৰীসভা

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক এরঁতিহ্য
৫.০১ ভাৰতৰ সাংস্কৃতিক এঁতিহ্যৰ উৎস
৫.০২ সাহিত্য

৫.০৩ স্থাপত্য

৫.০৪ ভাস্কৰ্য

৫.০৫ চিত্ৰকলা

৫.০৬ সংগীত তথা নৃত্য

৫.০৭  যোগবিদ্যা

Gor উত্তৰ-পূৰ্বাঞ্চল

৫.০৯ অসম

৫.১০ সাহিত্য

৫.১১ ধৰ্ম

৫.১২ চিত্ৰকলা

৫.১৩ ভাস্কৰ্য

৫.১৪ স্থাপত্য-শিল্পকলা

৫.১৫ লোক-সংস্কৃতি

৪১
85
88
৫০
৫্‌ে
৫৭
৫৮

৬২
৬২
wo
vs
৬৫
৬৫
৬৬
৬৬
৬৭
৬৮
৬৯
৭১
৭২
৭৪
৭৫

৮১
৮১
৮৫
৮৬
৮৬
ra
৮৮
vo
৮১৯
৯৩
৯৩
৯৫
৯৬
৯৬
৯৭
৯৮

--- Page 9 ---
মূল আলোচ্য বিষয়

€৬_ বংগ ভংগৰ পটভূমি e@ বংগ বিভাজন

৩_ স্বদেশী আন্দোলন ৩_ স্বদেশী আন্দোলনৰ ফলাফল

e _ জাতীয় সাহিত্য e জাতীয় শিক্ষা

e স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা ৬ _ স্বদেশী শিল্প উদ্যোগ

e মুছলিম লীগৰ প্রতিষ্ঠা ৬৩ চৰকাৰৰ আন্দোলনবিৰোধী কৰ্মপন্থা

e স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ
স্বদেশী আন্দোলনৰ অৱদান

বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। ভাইচৰয়
লৰ্ড নেথানিয়েল কাৰ্জনৰ (Lord Nathaniel Curzon) শাসনকালত (১৮৯৯-১৯০৫)
সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। বিশাল
বংগ প্রদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত
বিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। চিপাহী বিদ্ৰোহৰ (১৮৫৭ খ্ৰীষ্টাব্দ)

--- Page 10 ---
পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি
ক’ব লাগিব।

উনবিংশ শতিকাৰ শেষৰ পিনে আৰু কুৰি শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয়
জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ
চৰকাৰক চিন্তিত কৰি তুলিছিল আৰু এই জাগৰণ মষিমূৰ কৰিবলৈকে ভাইচৰয় লৰ্ড
কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি ‘পূৰ্ব বংগ আৰু অসম’ নামৰ এখন প্রদেশ
গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক
আগৰ দৰে ৰাখি, পশ্চিমবংগ নামেৰে আনখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। বংগ বিভাজনক
কেন্দ্ৰ কৰি সমগ্র দেশ এঁক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্রত
এটা নতুন যুগৰ সূচনা হৈছিল। প্রকৃতপক্ষে বিটিছ শাসনৰ বিপক্ষে বংগ ভংগ বিৰোধী
আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। আমি এই
অধ্যায়ত বংগ বিভাজনৰ এতিহাসিক পটভূমি আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা
কৰিম।

১.০১ 3 বংগ ভংগৰ পটভূমি

১৭৭৩ GSTS ইংলেণ্ডৰ চৰকাৰে নিয়ন্তসণকাৰী আইন (Regulating Act.
1773) প্রৱৰ্তন কৰি বংগ প্রেছিডেন্সিৰ গৱৰ্ণৰ পদটো ‘গৱৰ্ণৰ জেনেৰেল’ (Governor
General) পদলৈ উন্নীত কৰিছিল। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ
দুগৰাকীক VE উইলিয়াম (Fort দ্ব়্11]180]})ৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল।
BE উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত
বংগ প্রদেশ শাসনৰ দ্বায়িত্ব এগৰাকী লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ (Lieutenant Governor)

) [) |) D @® |) D |) » | |) ।ষ্ট) |) @® | L) L) |) @® ৰ) @® ») @® |) ® |) @ @® ৷) @ D

মোগল সম্ৰাট শ্বাহ আলম (১৭৫৯-১৮০৬) Ole ৰবাৰ্ট ক্লাইবৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ (১৭৬৫)
যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ
কৰাৰ পিছত এই তিনিওটা অঞ্চল (বংগ, বিহাৰ, উৰিষ্যা) বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল।

হাতত অৰ্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ
প্রদেশৰ সু-শাসন এজন লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল।
চিপাহী বিদ্ৰোহৰ (১৮৫৭ খ্ৰীষ্টাব্দ) পিছত ভাৰতীয় প্রশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই
তোলাৰ প্রক্ৰিয়া হাতত লোৱাৰ সময়ত বিটিছ বিষয়াসকলৰ ভাব-চিন্তাত বংগ বিভাজনৰ
বিষয়টোৱে ঠাই পাইছিল। ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত
আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ
সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই উদ্দেশ্য আগত ৰাখিয়েই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলাৰ

ইতিহাস


--- Page 11 ---
(গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ) সৈতে খাছীয়া-জয়ন্তীয়া
পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰাহটক সংলগ্ন কৰি (সৰ্বমুঠ এলেকা
৫৪,১০০ বৰ্গমাইল, জনসংখ্যা ৪১,৫০,০০০) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে
‘অসম’ নামৰ প্রদেশখন গঠন কৰা হয়। নৱগঠিত প্রদেশখনৰ কাৰণে মুখ্য SYS (Chief
Commissioner) পদ এটা সৃষ্টি কৰি কৰ্ণেল আৰ এইচ কীটিঞ্জক (Colonel R H
Keatings) অসম প্রদেশ প্রশাসনৰ দায়িত্বভাৰ (১৮৭৪-১৮৭৮) অৰ্পণ কৰা হৈছিল।
কোনো কোনো এতিহাসিকৰ মতে, এয়া আছিল বংগ বিভাজনৰ প্রথমটো পদক্ষেপ।

গৱৰ্ণৰ ৰবাৰ্ট ক্লাইৰৰ (Robert Clive, ভাৰতবৰ্ষত ক্লাইৰৰ দ্বিতীয় কাৰ্যকাল ১৭৬৫ খ্ৰীষ্টাব্দ) পৰা লৰ্ড ডেলহাউইীৰ
(Lord Delhousie, ১৮৪৮-৫৬ খ্ৰীষ্টাব্দ) সময়লৈকে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষত iba সাম্ৰাজ্যবাদৰ উপনিৱেশ
স্থাপন হোৱাৰ পিছত কলিকতা, বোম্বাই আৰু মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত
হৈছিল। প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক প্ৰেছিডেণ্ট (President) বিষয়বাব দিয়া হৈছিল আৰু প্ৰেছিডেণ্টৰ
তলতীয়া শাসনযন্ত্ৰটো ‘প্ৰেছিডেন্সি’ হিচাপে জনাজাত হৈছিল।

বংগ বিভাজনৰ (১৯০৫) ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে
সহায় কৰিছিল। এজন আছিল মধ্য প্ৰদেশৰ মুখ্য আযুক্ত (Chief Commissioner)

AVAVAVAVTAVAVAVATAVAVAVAVAV (| AV / | (1 AVTAVTAVAT /_। AV AVAVATAVAVAYAYAYSa
q q q q q q q q q q q ৷] q এ @ i @ ® @ @® 4 @ ও ® @® ৮ ® @ ও @ @® @

D ») 5) ») [) D ») D D ») D [) [)

১৮৬৬ খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দূৰ্ভিক্ষত প্রায় দহ হেজাৰ মানুহে মৃত্যুক
সাবটি ল’ব লগ৷ হৈছিল। ভাইচৰয় লৰ্ড নরৰ্থৱুকে (Lord Northbrook, ১৮৭২-৭৬) বংগ প্ৰশাসনৰ দক্ষতাৰ
অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্রস্তাৰ দিছিল।

ay ফেজাৰ (Andrew Fraser) আৰু আনজন অসমৰ মুখ্য আযুক্ত জন ব্যামফিল্ড
ফুলাৰ (১৯০২-১৯০৫, J. Bamfylde Fuller) | ১৯০১ খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্য প্রদেশ

য়াণ্ডাবু সন্ধিৰ (১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী) যোগেদি অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা, ১৮৩২ খ্ৰীষ্টাব্দত
কাছাৰ, ১৮৩৩ খ্ৰীষ্টাব্দত খাছীয়া পাহাৰ, ১৮৩৫ খ্ৰীষ্টাব্দত জয়ন্তীয়া পাহাৰ, ১৮৩৯ খ্ৰীষ্টাব্দত মটক আৰু
শদিয়া ৰাজ্য, ১৮৪৩ খ্ৰীষ্টাব্দত খামতি ৰাজ্য, ১৮৪৩ খ্ৰীষ্টাব্দত চিংফৌ ৰাজ্য, ১৮৫৪ খ্ৰীষ্টাব্দত আঙ্গামীসকলৰ
নগা পাহাৰ এলেকা ভাৰত-ৰ্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। এই এলেকাসমূহৰ শাসন ১৮৭৪ খ্ৰীষ্টাব্দলৈকে
বংগ প্ৰদেশৰ লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল। তেতিয়া বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি
আছিল ২,৫৩,০০০ বৰ্গমাইল। মুঠ জনসংখ্যা আছিল ৪ কোটি vo লাখ।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

--- Page 12 ---
আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্রস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল।
ফ্ৰেজাৰে বংগৰ ৭ কোটি ৮০ লাখ বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ
আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্য প্ৰদেশৰ লগত চামিল কৰাৰ প্রস্তাৱ
দিছিল। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যবসায় সম্প্ৰসাৰণৰ স্বাৰ্থত
তেওঁ অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্রস্তাৱ দিছিল। লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু
ফুলাৰৰ দুয়োটা প্রস্তাৱ মনোযোগেৰে অধ্যয়ন কৰিছিল। প্রস্তাৱ দুটা তেওঁৰ মনঃপুত হৈছিল
আৰু তাক কাৰ্যকৰী কৰাৰ ইচ্ছা প্রকাশ কৰিছিল।

১.০২ 3 বংগ বিভাজন

১৯০৩ খ্ৰীষ্টাব্দত MY ফ্ৰেজাৰ বংগ প্রদেশৰ লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ পদত অধিষ্ঠিত
হোৱাৰ পিছত ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁক প্রাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে
এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। ay ceed তেতিয়া পূৰ্বতে উইলিয়াম
ই Ace (William E. Ward) আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদ-বদল কৰি বংগ
বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগ প্রদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু
ৰাজশাহী সংমণ্ডলক কাটি আনি (সৰ্বমুঠ ১৫খন জিলাৰ ভূ-খণ্ড) চুবুৰীয়া অসমৰ লগত
সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰি ২৮ মাৰ্চ, ১৯০৩ খ্ৰীষ্টাব্দ তাৰিখে

কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। ১ জুন, ১৯০৩ খ্ৰীষ্টাব্দ তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে
ভাৰত চৰকাৰৰ স্বৰাষ্ট সচিব (Secretary of state) হাবাৰ্ট ৰিজলীৰ (Hebert Risley)
লগত আলোচনা কৰি বংগ বিভাজন প্রক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ (প্রস্তাৱ) তৈয়াৰ
কৰিছিল। যথা ৰীতি লণ্ডনৰ চৰকাৰে AIBC গ্রহণ কৰাৰ পিছত ই ‘আঞ্চলিক পুনৰ্গঠন
সংক্ৰান্ত টোকা’ (Minute on Territorial Re-distribution in India) নামেৰে
বিবেচিত হৈছিল। প্রস্তাৱটো ভাৰত সচিব ৰিজলীয়ে ৬ ডিচেম্বৰত (১৯০৩ খ্ৰীষ্টাব্দ) প্রকাশ
কৰাৰ পিছত ৰিজলী পেপাৰ (Risley papers) নামেৰে জনাজাত হৈছিল। বংগদেশক
দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্রক্ৰিয়াটোকে এঁতিহাসিক
‘বংগ ভংগ’ বুলি জনা যায়।

ইতিহাস

--- Page 13 ---
ঢাকা, DEST আৰু ৰাজশা৷হী--- এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ১,০৬,৫৪০ বৰ্গমাইল। জনসংখ্যা
আছিল ৩১ নিযুত। ইয়াৰ ১৮ নিযুত মুছলমান আৰু ১২ নিযুত হিন্দু।

বিশাল বংগ প্রদেশক এজন লেফ্‌টেনেণ্ট গৱৰ্ণৰে সুচাৰুৰূপে শাসন কৰিব নোৱৰাৰ
অজুহাত দেখুৱাই প্রদেশখনৰ উত্তৰ আৰু পূব বংগৰ ১৫খন জিলা অসমৰ সৈতে সংলগ্ন
কৰি পূৰ্ব বংগ আৰু অসম’ (Eastern Bengal and Assam) নামৰ প্রদেশখন গঠন
কৰাৰ আঁচনি গ্রহণ কৰা হয়। আনহাতেদি বংগ প্রদেশৰ অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম
খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰক আগৰ দৰে সংযোগ ঘটাই আনখন বংগ
প্রদেশ বৰ্তাই ৰখাৰ পৰিকল্পনা লোৱা হয়। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত ‘পূৰ্ব
বংগ আৰু অসম’ নামৰ প্রদেশখনৰ জনসংখ্যা আছিল © কোটি ১০ লাখ। ইয়াৰে >
কোটি ৮০ লাখ মুছলমান আৰু ১ কোটি ২০ লাখ হিন্দু। আনহাতে কলিকতাক ৰাজধানী
হিচাপে লৈ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ ‘বংগ’ প্রদেশখনৰ জনসংখ্যা
আছিল ৫ কোটি ৪০ লাখ। ইয়াৰে ৪ কোটি ২ লাখ হিন্দু আৰু ৯০ হাজাৰ মুছলমান।
উল্লেখ্য যে বিহাৰী আৰু উৰিয়া লোকৰ তুলনাত বংগ প্রদেশখনত বঙালী লোক
সংখ্যালঘুত পৰিণত হৈছিল।

লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্রদেশৰ আয়তন সৰু আৰু প্রয়োজনৰ খাতিৰত
অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰিছিল যদিও এই আঁচনিৰ অন্তৰালত
দূৰভিসন্ধিহে অতি ফটফটীয়াকৈ প্রকাশ পাইছিল। কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-
মুছলমান কৃষক আৰু শ্রমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ
কাৰণ হৈ পৰিছিল। ভাৰত সচিব হাবাৰ্ট ৰিজলীয়ে কাৰ্জনলৈ লিখা চিঠিত প্রকাশ
পাইছিল--- “এঁক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি-
ছিঙি চূৰমাৰ কৰিব।” গতিকে বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ
মাজত একতা ভাঙি দিয়া। উদ্দেশ্য সিদ্ধিৰ বাবে প্রয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাবৰ
বিস্তাৰ ঘটোৱা।

বংগ ভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্ৰ বংগ প্রদেশক
দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্রদেশতে সংখ্যালঘুত পৰিণত
কৰিব বিচাৰিছিল। কাৰ্জনৰ উদ্দেশ্য আছিল বিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি
তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন
হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল।
প্রতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ
feet সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁ ইংৰাজবিদ্বেষী
চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ ভংগক এপাট অস্ত্ৰ হিচাপে বাছি লৈছিল।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

--- Page 14 ---
লৰ্ড কাৰ্জনৰ বংগ ভংগ আঁচনি মতে বিভক্ত বংগৰ সীমা

04 '_,
Oren |
৩ NU ৰ PR
Satter { {ৰ SoD

wares if
4
0

১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্রজক্তাৱটো অনুমোদনৰ
কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। ৯ জুন তাৰিখে ভাৰত সচিব জন ব্ৰডৰিকে
(John Brodric) তাঁৰ বাৰ্তাৰ যোগেদি বংগ ভংগৰ প্রস্তাৱত অনুমোদন জনোৱাৰ পিছত
Sd জুলাইত (১৯০৫) ভাৰত-ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ পৰিকল্পনাটো প্রকাশ কৰিছিল।
১ ছেপ্টেম্বৰত (১৯০৫) পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ কৰি ১৬ অক্টোবৰত বংগ
ভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰিছিল। লৰ্ড কাৰ্জনে ঘোষণা কৰা (১ ছেপ্টেম্বৰ) বংগ
ভংগৰ চাৰিদফীয়া আঁচনিখন আছিল এনেধৰণৰ--
ংগ ভংগ আঁচনিৰ প্রথম দফা--
(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্রদেশখনৰ নাম
‘পূৰ্ব বংগ আৰু অসম’ হ’ব।
(খ) ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ ৰাজধানী হ’ব ঢাকা।
(গ) ‘পূৰ্ব বংগ আৰু অসম’ প্রদেশৰ শাসনৰ দায়িত্ব এজন লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ হাতত
অৰ্পণ কৰা হ’ব।

ইতিহাস

--- Page 15 ---
(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ’ব।
দ্বিতীয় দফা--

(ক) পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় (High Court) স্থাপন
হ’ব।

(খ) সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱাপৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ
এক্তিয়াৰভুক্ত হ’ব।
তৃতীয় দফা--

(ক) পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ ‘বংগ প্রদেশ’ৰ ৰাজধানী
কলিকতা হ’ব।
চতুৰ্থ দফা--

(কে) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কার্যকৰী হ’ব।

১.০৩ 3 স্বদেশী আন্দোলন (১৯০৫-১১)

বংগবাসীৰ ইচ্ছাৰ বিপৰীতে বিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত
লৈছিল। বংগদেশৰ কৃতী ABT সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় (১৮৪৮-১৯২৫), বিপিনচন্ত্ৰ
পাল (১৮৫৮-১৯৩২), অৰবিন্দ ঘোষ (১৮৭২-১৯৫০), ৰবীন্দ্ৰনাথ ঠাকুৰ (১৮৬১-
১৯৪১), ৰাসবিহাৰী বসু (১৮৪৫-১৯২১), ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী (১৮৬৪-১৯১৯) আদি
বিখ্যাত চিন্তানায়কসকলে fate চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাইছিল
আৰু তেওঁলোকে জনতাৰ মাজত এই vals প্রচাৰ কৰি বংগ বিভাজনৰ বিৰূদ্ধে
জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। বংগচ্ছেদ কার্যকৰী কৰিলে বঙালী জাতিৰ
এতিহ্যত আঘাত হোৱাৰ লগতে হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা
কৰি তেওঁলোকে লিখনি আৰু সভা-সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ
বিৰুদ্ধে প্রচাৰ চলাইছিল। বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠনৰ হেতু তেওঁলোকে
পোনপ্ৰথমে জনতাৰ পৰা স্বাক্ষৰ সংগ্ৰহৰ অভিযান হাতত লৈছিল। প্রায় সত্তৰ হাজাৰ
স্বাক্ষৰ সম্বলিত প্রতিবাদশত্রৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু ইমানৰ
পিছতো বিটিছ চৰকাৰে আত্মপক্ষ সমর্থন কৰি ভাল প্রশাসনৰ কথা কৈ Gy ফেজাৰৰ
বংগ ভংগৰ আঁচনিৰ যুক্তিযুক্ততা প্রচাৰ কৰাত বংগদেশৰ জনতা ক্ষুব্ধ হৈছিল।

চৰকাৰৰ ফালৰ পৰা বংগচ্ছেদ কাৰ্যত পৰিণত কৰাৰ মনোভাব স্পষ্টকৈ প্রকাশ
পোৱাৰ পিছত বংগদেশত চৰকাৰবিৰোধী জনজাগৰণ ক্ৰমান্বয়ে বৃদ্ধি হ’বলৈ আৰম্ভ
কৰিছিল। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি
হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈকে চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ
বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। লৰ্ড
কাৰ্জনে ভাৰতীয়সকলক শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত
হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয়ৰ মনত অসম্তুষ্টিৰ ভাব জগাই তুলিছিল। তেওঁৰ

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


--- Page 16 ---
বংগ বিভাজনৰ পৰিকল্পনাও আছিল প্রতিক্ৰিয়াশীল। গতিকে বংগ ভংগৰ অসমন্তুষ্টিৰ
উত্তাপে প্রবল বিক্ষোভৰ সৃষ্টি কৰিছিল। ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত
কৰাৰ প্রস্তাৱ উত্থাপিত হোৱাৰ পৰা ১৯০৫ খ্ৰীষ্টাব্দৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ
পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ কৰালৈকে পূৰ্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ
বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যোগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল।
জাতি-বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগচ্ছেদৰ
পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু (বিদেশত প্রস্তুত কৰা পণ্য) বৰ্জন আৰু স্বদেশী
বস্তু (নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্রস্তুত কৰা) গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত
হোৱাৰ পিছত এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামে জনাজাত হয়।

সঞ্জীৱনী পত্ৰিকাত (সম্পাদক--- কৃষ্ণকুমাৰ মিত্ৰ, ১৮৫২-১৯৩৬) প্রকাশিত (৬
জুলাই, ১৯০৪ খ্ৰীষ্টাব্দ) ‘বংগৰ সৰ্বনাশ’ নামৰ নিবন্ধটোৱে বংগ দেশৰ জনতাৰ মাজত
তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। wits বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে
প্রথমখন প্রতিবাদী সভা ১৪ জুলাই, ১৯০৫ খ্ৰীষ্টাব্দত খুলনাত (বাগেৰবাৰী) অনুষ্ঠিত
হৈছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ্যে নেতাসকলে
জন্মভূমিক খণ্ড-বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কুটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ’বলৈ
সকলোকে আহান জনাইছিল। ১৬ আৰু ১৭ জুলাই তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) অনুৰূপ
সভা ক্ৰমে কিশোৰগঞ্জ আৰু পাবনাত অনুষ্ঠিত হৈছিল। বংগ ভংগৰ পৰিকল্পনাটো
চৰকাৰীভাৱে প্রকাশ হোৱাৰ পিছদিনা (২০ জুলাই, ১৯০৫) দিনাজপুৰত দ্বিতীয়খন বিশাল
সভা অনুষ্ঠিত হৈছিল। দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নতুন
কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্রস্তাৱ গ্ৰহণ কৰা হৈছিল।

আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক আকৰ্ষণ কৰিছিল। ৰিপন কলেজৰ (বৰ্তমান
সুৰেন্দ্ৰনাথ কলেজ) ছাত্ৰসকলে পোনপ্রথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত (১৮
জুলাই, ১৯০৫) ভাগ লৈছিল। ৩১ জুলাই তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) ৰিপন কলেজৰ
ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল-কলেজৰ ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহ আয়োজন
কৰি বংগ বিভাজনৰ প্রতিবাদ সাব্যত্ত কৰিছিল। ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন
কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল। ৭ আগষ্ট তাৰিখে (১৯০৫
খ্ৰীষ্টাব্দ) মহাৰাজা মণীন্ৰ্ৰচন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত
এখন বিশাল জনসভা অনুষ্ঠিত হয়। বিভিন্ন ঠাইৰ পৰা৷ উপস্থিত হোৱা প্রতিনিধিৰ আহ্বান
মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্রক্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। ছাত্ৰসকলে
সেইদিনা মুকুন্দ দাসৰ ‘হে বংগ জননী, স্বৰ্ণ প্রসবিনী.. শিখেছি সবাই কৰিতে ভাবনা,
বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব...’
গীতটি পৰিৱেশন কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ‘ছাত্ৰ সংসদ’ গঠন হৈছিল।

ইতিহাস

--- Page 17 ---
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্ৰদায়িক Gay বজাই ৰাখিবলৈ
আহ্বান জনাইছিল। বিদেশী সামগ্ৰীৰ বেচা-কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যৱসায়িক
প্রতিষ্ঠানত পিকেটিং কৰাৰ সিদ্ধান্ত লৈছিল। সভাস্থলীত বিদেশী বস্ত্ৰ আৰু বিদেশী সা-
সামগ্ৰী দাহ কৰা হৈছিল।

২৩ ছেপ্টেম্বৰ তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) উত্তৰ কলিকতাৰ ৰাজাবজাৰত আয়োজিত
বিশাল জনসভাই বংগ ভংগ আঁচনিৰ তীব্র বিৰোধিতা কৰিছিল। আব্দুল ৰছুলৰ
পৌৰোহিত্যত অনুষ্ঠিত এইখন সভাত হালিম গজনবী, লিয়াকৎ হুছেইন, মহন্মদ ইছমাইল
চৌধুৰী প্রমুখ্যে ভালেকেইজন মুছলমান নেতা উপস্থিত আছিল। বংগ ভংগবিৰোধী
আন্দোলনটো AAS আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখনে গুৰত্বপূৰ্ণ ভূমিকা পালন
কৰিছিল। সাম্প্ৰদায়িক একতাৰ চিনস্বৰূপে সেইদিনা কলিকতাৰ বিশাল এতিহাসিক
পদযাত্ৰাত জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল।

বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা (১৬ অক্টোবৰ, ১৯০৫) বংগবাসীয়ে ‘জাতীয়
শোক দিৱস’ পালন কৰিছিল। ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ প্রত্তাৱমৰ্মে বংগদেশৰ প্রত্যেক ঘৰ
মানুহে সেইদিনা ৰান্ধনি ঘৰত পাক বন্ধ ৰাখিছিল। কবিগুৰুৰ আহ্বান ক্ৰমে কলিকতাৰ
জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্রতীক হিচাপে সেইদিন৷ ৰাখীবন্ধন পালন কৰিছিল।
ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত ৰাখী সংগীত ‘বাঙালিৰ প্রাণ, বাঙালিৰ মন, এক হওক হে
ভগৱান...’ গীতটি গাই গাই হিন্দু-মুছলমানৰ মাজত যুগমীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ
এনাজৰী সুদৃঢ় কৰাৰ হেতু পথচাৰীৰ হাতত ৰাখী পিন্ধাইছিল। Seas নেতৃত্বত হাজাৰ
হাজাৰ জনতাই কালুতোলা আৰু চীৎপুৰ বৰ মছজিদত উপস্থিত হৈ মৌলবী আৰু অন্যান্য
মুছলমান লোকসকলক ৰাখীবন্ধন কৰিছিল। বংগদেশৰ জিলাই জিলাই প্রতিবাদী সভা
অনুষ্ঠিত কৰি সেইদিনাৰ পৰা স্বদেশী বস্তু ব্যৱহাৰৰ প্রস্তাৱ আখৰে আখৰে পালন কৰাৰ
সিদ্ধান্ত লৈছিল। ছাত্র সংগ্ৰাম সমিতিৰ নিৰ্দেশমৰ্মে ছাত্ৰসকলে বংগ ভংগ উঠাই
নোলোৱাপৰ্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সংকল্প লৈছিল।

১৬ অক্টোবৰৰ (১৯০৫) আবেলি সমগ্ৰ কলিকতাত বংগ ভংগৰ বিৰুদ্ধে হৰতাল
পালন কৰা হয়। দোকান-পোহাৰ, অনুষ্ঠান-প্রতিষ্ঠান, বাছট্ৰাম আদি বন্ধ হৈ পৰে।
আনন্দমোহন বসুৱে (কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাছ অধিৱেশন, ১৮৯৮ৰ সভাপতি) বংগ ভূমিৰ
একতা আৰু এঁতিহ্যৰ প্রতীক হিচাপে ‘ফেডাৰেল হল’ৰ আধাৰশিলা স্থাপন কৰি বিশাল
জনতাক উদ্দেশ্যি সকলোকে বংগ ভংগবিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান
জনাইছিল। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘বন্দে মাতৰম’ গীতেৰে মুখৰিত কলিকতাৰ জনতাই
দেশপ্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ-বতাহ কঁপাই তোলে। বংগদেশৰ জনতাই
সেইদিনাৰ পৰা শোক দিৱস বছৰজোৰাকৈ পালন কৰে।

আৰম্ভণিতে স্বদেশী আন্দোলনটো বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ
মাজতে সীমাবদ্ধ আছিল। VATS নেতিবাচক আৰু দ্বিতীয়টোক ইতিবাচক পন্থা হিচাপে
গণ্য কৰি ব্ৰিটিছ শক্তিক অর্থনৈতিক দিশত হেঁচা দিয়াৰ এই কৰ্মপস্থা ৰচনা কৰিছিল।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


--- Page 18 ---
কিন্তু আন্দোলনৰ পৰিধি ক্ৰমান্বয়ে ব্যাপক হোৱাৰ লগে লগে বৰ্জনৰ পৰিসৰো ব্যাপকতৰ
হৈ পৰিছিল। অৰবিন্দ ঘোষে কৈছিল-_ ‘বৰ্জনৰ অর্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ
মৰ্মাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্রকাৰে অসহযোগিতা Fat! APS অৰবিন্দৰ এই বৰ্জনৰ
মানসিকতাই আন্দোলনকাৰীৰ মনত স্বদেশ-স্বজাতি আৰু দেশপ্ৰেমৰ ভাব বেছি সতেজ
আৰু সক্ৰিয় কৰি তুলিছিল। কেৱল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকি বিটিছ প্ৰশাসন,
লৈছিল। স্বদেশী সামগ্ৰীৰ আদৰ বাঢ়িছিল। স্বদেশীয়ে স্বদেশী কাৰিকৰৰ দ্বাৰা প্রস্তুত কৰা
সামগ্ৰী SI কৰি জাতীয় স্বাৱলম্বিতা অনুভৱ কৰাৰ লগতে স্বদেশী বজাৰ অর্থনীতিৰ
বুনিয়াদ গঢ়ি তোলাত বিশেষ সহায়ৰ হাত আগবঢ়াইছিল। আনহাতেদি ভাৰতীয় বজাৰ
দখল কৰি থকা বিদেশী সামগ্ৰী পৰিহাৰ কৰাৰ প্রৱণতা স্বদেশীৰ মনত গঢ়ি উঠিছিল।
আনকি চৰকাৰক বিদেশী বুলি গণ্য কৰি খাজনা, চৰকাৰী al আদি পৰিশোধ নকৰাৰ
মানসিকতাও আন্দোলনকাৰীৰ মনত গঢ় লৈ উঠিছিল।

স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি অবিভক্ত বংগদেশ আছিল যদিও বংগদেশক কেন্দ্ৰ
কৰি গঢ়ি উঠা এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা
সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। দক্ষিণ ভাৰত, মহাৰাষ্ট, উত্তৰ-পূব ভাৰতৰ জনগণেও
শাসকবিৰোধী এই আন্দোলনটো সমৰ্থন কৰাত স্বদেশী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত
উপনীত হৈছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বাল গংগাধৰ তিলক, গোপালকৃষ্ণ গোখলে,
আনন্দমোহন বসু, লালা লাজপত ৰায়, দাদাভাই নৌৰজী আদি সৰ্বভাৰতীয় নেতাসকলৰ
যোগেদি স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি অতিক্ৰম কৰি ভাৰতবৰ্ষৰ বিভিন্ন
প্রদেশলৈও প্রসাৰিত হৈছিল।

স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়।
এই আন্দোলনৰ প্রতিটো ক্ষণে বংগবাসীক আলোড়িত কৰিছিল আৰু ইয়াৰ প্রত্যক্ষ প্রভাৱ
সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল। স্বৰূপতে ই এটা ৰাজনৈতিক আন্দোলন আছিল
যদিও সাত বছৰীয়া (১৯০৫-১১) এই আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা,
অৰ্থনীতি আদি সকলো দিশতে সুদূৰপ্ৰসাৰী প্রভাৱ পেলাইছিল।

১.০৪ ঃ স্বদেশী আন্দোলনৰ ফলাফল
(ক) জাতায় সাহিত্য 8

স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী
আন্দোলনৰ পটভূমিত প্রকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত,
নাটক, প্রবন্ধ ইত্যাদি।

সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত ‘বেংগলী’ (১৯০৪), কৃষ্ণকুমাৰ মিত্ৰৰ ‘সঞ্জীৱনী’
(১৯০৪), কালীপ্রসন্ন কাব্যবিশাৰ্দ আৰু Rivet বিদ্যাভূষণৰ ‘হিতবাদী’ (১৯০৫),
ভূপেন্দ্ৰনাথ দত্তৰ ‘যুগান্তৰ’ (সাপ্তাহিক, ১৯০৬), ব্ৰহ্মবান্ধব উপাধ্যায়ৰ ‘সন্ধ্যা’ (১৯০৬),

ইতিহাস

--- Page 19 ---
সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ ‘দি ডন’ (১৯০৬), কুমুদিনী মিত্ৰৰ মহিলা আলোচনী ‘সু-প্রভাত’
(১৯০৬), অৰবিন্দ ঘোষৰ ‘বন্দে মাতৰম’ (১৯০৫) আদি সংবাদপত্ৰ আৰু আলোচনীত
প্রকাশিত জাতীয়তাবাদী লেখাসমূহে বংগভংগ বিৰোধী আন্দোলনৰ গতি তীব্র কৰি
তুলিছিল।

স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ
অমৃতলাল বসুৰ ‘চাব্বাস বাঙালী’, Tacx ale দত্তৰ ‘বংগৰ অংগচ্ছেদ’ ইত্যাদি।
একেদৰে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থকেইখনমান হ’ল--- স্বৰ্ণকুমাৰী
দেবীৰ ‘জাপানী বীৰ’, প্রমথনাথ ৰায়চৌধুৰীৰ ‘জয় সংগীত’, কাৰ্তিকচন্দ্ৰ mess ‘নব্য
ভাৰত’, ৰামেন্দ্রসুন্দৰ ত্ৰিবেদীৰ ‘বংগলক্ষীৰ ব্রতকথা”।

স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ২৩টি গীত
ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। ‘আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি’
শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা
লাভ কৰিছিল। ‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলে৷ ৰে..’ৰ দৰে
তীব্ৰ জাতীয় আৱেদনময়ী গীতে চিৰকালে জনপ্ৰিয়তা লাভ কৰি থাকিব। আন্দোলনৰ
সময়ছোৱাত ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয় আদিৰ গীতেও বঙালী জাতিক
উদ্বুদ্ধ কৰিছিল। স্বদেশী আন্দেলনৰ পটভূমিত ৰবীন্দ্ৰনাথে ৰচনা কৰা এটা বিখ্যাত প্রবন্ধ
আছিল ‘ভাই ভাই এক ঠাই’৷

অবনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত ‘বংগীয় কলা সংসদ’ (১৯০৭) নামৰ জাতীয়
অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠিছিল। এই অনুষ্ঠানটোৱে পাশ্চাত্য
প্রভাৱমুক্ত নিভীজ ভাৰতীয় চিত্ৰকলাৰ voi এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলাত
মনোযোগ দিছিল। অবনীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ সু-বিখ্যাত ‘বংগ মাতা’ ছবিখন অংকন
কৰি পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলাক প্ৰতিষ্ঠা কৰিছিল। ভগিনী
নিবেদিতাই ‘বংগ মাতা’ক ‘ভাৰত মাতা’ৰ ৰূপ প্রদান কৰিছিল।

(খ) জাতীয় শিক্ষা ঃ

স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল।
বংগদেশৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো ইয়াৰ প্রভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত
দেখা দিয়া আন্দোলনৰ প্রৱণতাৰ প্রতি লক্ষ্য ৰাখি বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰ
ডব্লিউ Heise (R W Carlyle) এখন জাননী জাৰি কৰি (১০ অক্টোবৰ, ১৯০৫)
ছাত্ৰসকলক আন্দোলনত ভাগ নল’বলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে সমগ্ৰ
বংগদেশত প্রতিবাদৰ জোৱাৰ উঠিছিল। ছাত্ৰসকলে কাৰ্লাইলৰ জাননীৰ বিৰূদ্ধে প্রতিবাদ
কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা
মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত (৪ নৱেম্বৰ, ১৯০৫) ‘এণ্টি-চাৰ্কুলাৰ ছ'চাইটী’

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অবনীন্দ্ৰনাথ ঠাকুৰৰ
বিখ্যাত ‘বংগ মাতা’ ছৰিখন

--- Page 20 ---
(Anti-Circular Society) গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ
কৰিছিল। এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্রথমটো ঘটনা।

বিপিনচন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্রমুখ্যে নেতাসকলে ছাত্ৰ সমাজক
চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্লান জনাইছিল। একে সময়তে ASE
মুখোপাধ্যায় (১৮৬৫-১৯৪৮) সম্পাদিত 'দি ডন’ (The Dawn) পত্ৰিকাই কলিকতা
বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক সেই গোলামখানা ত্যাগ
কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্লান জনাইছিল। সতীশচন্দ্ৰ মুখোপাধ্যায়ে ৰবীন্দ্ৰনাথ
ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ (১৮৪৪-১৯১৮) সহযোগত ‘ডন ছ’চাইটি’ (Dawn
Society) নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্র মহলৰ মাজত দেশাত্মবোধ জাগ্ৰত
কৰাত ব্ৰতী হৈছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কাৰ্লাইল
জাননীৰ (১৯০৫) সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাৰ
আন্দোলন আৰম্ভ কৰিছিল। ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ
এখন জনসভাত জাতীয় শিক্ষাৰ প্রয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিছিল। পিছদিনা
(৬ আগষ্ট) বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয়
শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয়
স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত বংগদেশৰ
কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ (১৮৪৫-১৯২১)
অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মাৰ্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয়
শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট তাৰিখে
(১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ
পদ অলংকৃত কৰিছিল। একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক

স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্রাথমিক
জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ (অসমৰ প্রথমগৰাকী
আই চি এছ আনন্দৰাম বৰুৱাৰ অন্তৰংগ বন্ধু) SLATS বেংগল টেকনিকেল ইন্‌ষ্টিটিউট
(Bengal Technical Institute) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত
বিদ্যালয়’ প্রতিষ্ঠা কৰা হৈছিল।
(গ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা ঃ

সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী
সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। বংগ
বিভাজনবিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক
সুসংগঠিত পৰ্যায়লৈ আগুৱাই নিছিল। স্বদেশী আন্দোলনৰ TAT নাৰীসকলৰ ভিতৰত

ইতিহাস

--- Page 21 ---
এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী (১৮৭৪-১৯৩৩)। বিপ্লৱী ভাবাদৰ্শেৰে স্বদেশী
আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰ শিৱাজী উৎসৱৰ অনুকৰণত SBT ব্ৰত,
প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ-অনুষ্ঠান বংগদেশৰ
দিয়াইছিল। ‘ভাৰতী’ নামৰ পত্ৰিকা এখন (১৯০৭) সম্পাদনা কৰি বংগ দেশৰ যুৱশক্তিক
তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্রস্তুত কৰি তুলিছিল।

নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন
এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহীয়সী
নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল (Margaret Elizabeth Noble,
১৮৬৪-১৯১১)৷ কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্‌ছ হিন্দু ইউনিয়ন, বিবেকানন্দ
ছ’চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী
আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্লান জনাইছিল।

বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল। বংগৰ নাৰীৰ
সাহসিকতা সম্পৰ্কে লণ্ডনৰ ‘ডেইলী টেলিগ্ৰাফ’ (Daily Telegraph) কাকতত প্রকাশ
পাইছিল (১১ অক্টোবৰ, ১৯০৭) এনেদৰে--- ‘বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ
qual আৰু বিপজ্জনক’ (The most obstinate and most dangerous antagonist
of the English) |
(ঘ) স্বদেশী শিল্প উদ্যোগ ঃ

স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয়
শিল্প-কাৰখান৷ গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি
হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি
বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্ৰনাথ ঠাকুৰে প্রতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ
(১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত
হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ
প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰ্ছ’ (১৯০৫) নামৰ প্ৰতিষ্ঠানটো গঢ়ি
উঠিছিল। সকলো প্রকাৰৰ স্বদেশী সামগ্ৰী এই প্রতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ
পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণবালিছ ষ্টীটত (বৰ্তমান বিধান সৰণী) ‘লক্ষী ভাণ্ডাৰ’
(১৯০৩) প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল
‘ইউনাইটেড বেংগল ষ্টোৰ্ছ’ (১৯০৬)।

বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভশীলতাৰ বাতাৱৰণ গঢ়ি তোলাৰ অৰ্থে
জগদীশচন্দ্ৰ বসু, প্রফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত
বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষী কটন

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


--- Page 22 ---
মিল’ (> আগষ্ট, ১৯০৬) আৰু আচাৰ্য প্রফুল্ল ৰায়ে ‘বেংগল কেমিকেল্‌ছ’ নামৰ উদ্যোগ
প্রতিষ্ঠানটো মুকলি (২৫ জুলাই, ১৯০৬) কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ
শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল। বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ
ভাৰতবৰ্ষত উল্লেখনীয়ভাৱে হাস পাইছিল।

বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক
শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰ তাৰিখে আৰ চি
দত্তৰ পৌৰোহিত্যত বাৰাণসীত অনুষ্ঠিত প্রথম ‘ভাৰতীয় উদ্যোগ সন্মিলন'ত স্বদেশী
উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পৰ্কে দেশবাসীক সজাগ কৰি তুলিছিল৷ এই সন্মিলনৰ
যোগেদি বহুতো দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল। এক কথাত ভাৰতবৰ্ষৰ
ব্যৱসায় আৰু শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে এটা নতুন যুগৰ সূচনা কৰিছিল।
(৬) মুছলিম লীগৰ প্রতিষ্ঠা ঃ

বিটিছ শাসকে ভাৰতবৰ্ষত একত্ৰিত বিশাল ভাৰতীয় জাতি গঠন হোৱাটো বিচৰা
নাছিল। সাম্ৰাজ্যবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে ধৰ্ম, জাতি, ভাষা, অঞ্চল আদিৰ
ভিত্তিত ভাৰতবাসীৰ মাজত বিভেদ অনাৰ প্রয়াস চলাইছিল। বংগ বিভাজনো আছিল
এপাট চোকা অস্ত

কাৰ্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে ১৯০৪ খ্ৰীষ্টাব্দৰ
ফেব্ৰুৱাৰি মাহত পূৰ্ব বংগ ভ্ৰমণৰ দীঘলীয়া কাৰ্যসূচী লৈছিল। ঢাকা, মৈমনসিং, চট্টগ্ৰাম
আদি ঠাইত আয়োজিত জনসভাত তেওঁ বংগ ভংগৰ সপক্ষে প্রচাৰ চলাইছিল। মুছলমান
জনগণক বংগ ভংগৰ যোগেদি প্রচুৰ লাভৱান হ’ব বুলি বুজাইছিল। ১৮ ফেব্ৰুৱাৰি তাৰিখে
(১৯০৪) ঢাকাত অনুষ্ঠিত বিশাল জনসভাত পূৰ্ব বংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ
বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনাইছিল। ঢাকাৰ নবাব ছলিমউল্লা খানৰ যোগেদি
পূৰ্ব বংগৰ মুছলমান জনতাক ওচৰ চপাই অনাৰ প্ৰচেষ্টা হাতত লৈছিল। এই উদ্দেশ্য
আগত ৰাখি তেওঁ নবাবগৰাকীক ১৪ লাখ টকা অতি নগণ্য সুতৰ বিনিময়ত ধাৰলৈ
দিছিল। ইছলাম ধৰ্মীয় ভূ-স্বামীসকলকো বিশেষ সা-সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান
কৰিছিল। ভালেসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ ভংগ পৰিকল্পনাক আদৰণি
জনাইছিল। কাৰ্জনৰ নীতিত বিশ্বাস ৰখা পূৰ্ব বংগৰ একাংশ নেতাই প্রস্তাৱিত ‘পূৰ্ব বংগ
আৰু অসম’ নামৰ প্রদেশখনৰ যোগেদি মুছলমান ৰাইজৰ সকলো আশা পূৰ্ণ হ’ব বুলি
ভাবিছিল। তেওঁলোকৰ মনত আত্মপ্রতিষ্ঠা লাভৰ বাসনা জাগ্ৰত হৈছিল। চৰকাৰে এইদৰে
তেওঁলোকৰ মনত বিভেদকামী ৰাজনৈতিক চেতনা গঢ়ি তুলিছিল।

লৰ্ড কাৰ্জনৰ পিছত ভাইচৰয় পদত অধিষ্ঠিত হোৱা লৰ্ড মিণ্টোৰ (১৯০৫-১০,
Lord Minto) ঘোষণাই (১৩ এপ্ৰিল, ১৯০৬) মুছলমান জনগণক সুকীয়া ৰাজনৈতিক
সা-সুবিধা প্রদান কৰাৰ ইংগিত বহন কৰিছিল। তেওঁ শাসন প্রক্ৰিয়াত প্ৰতিনিধিত্বমূলক
ব্যৱস্থা প্ৰয়োগ কৰি ভাৰতীয়ৰ বাবে এখন শাসন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ ঘোষণা

ইতিহাস

--- Page 23 ---
জাৰি কৰিছিল। উক্ত ঘোষণাৰ পিছত একাংশ মুছলমান নেতাই প্রস্তাৱিত শাসন সংস্কাৰ
আঁচনিত তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থ কিদৰে সুৰক্ষিত হ’ব সেই বিষয়ে গভীৰ চিত্তা-
চৰ্চাত ব্যস্ত হৈছিল। তেওঁলোকে আলীগড় কলেজৰ অধ্যক্ষ উইলিয়াম আৰ্কবল্ডৰ
(William Archbold) লগত আলোচনা কৰি এখন আৱেদন প্রস্তুত কৰিছিল।
মুছলমানসকলৰ বাবে সংবিধানিক (প্রস্তাৱিত শাসন সংস্কাৰ বিধিত) সুকীয়া নিৰ্বাচনী মণ্ডল
গঠনৰ অপৰিহাৰ্যতা এই আৱেদনৰ মাজেৰে উত্থাপন কৰিছিল। ১ অক্টোবৰ তাৰিখে
(১৯০৬) আগা খাঁৰ (খান) নেতৃত্বত ৩৫জনীয়া এটা সঁজাতী দলে চিমলাত উপস্থিত
হৈ লৰ্ড মিণ্টোৰ হাতত এই আৱেদন প্রদান কৰিছিল। ভাইচৰয়ে তেওঁলোকৰ দাবীসমূহ
সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস দিছিল। ৰাজ-অনুগ্রহৰ এই অনুকূল পৰিৱেশত
তেওঁলোকে তেওঁলোকৰ উদ্দেশ্যক সাৰ্থক ৰূপ দিয়াত নিমগ্ন হৈছিল।

১৯০৬ খ্ৰীষ্টাব্দৰ ৩০ ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমউল্লাৰ আহবান Ge
বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকৰউল মূলকৰ পৌৰোহিত্যত
ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। এই এতিহাসিক সভাতে
‘সৰ্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। মুছলিম লীগ
স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তি নবাব ছলিমউল্লাই সেইদিনা ঘোষণা কৰিছিল যে নৱগঠিত
ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য হ’ব--

(ক) বিটিছ চৰকাৰৰ প্রতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্রসাৰ ঘটোৱা।

(2) বিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্রতি
সদা-সচেতন কৰি ৰখা।

(a) মুছলমান ৰাইজৰ মনৰ পৰা ভয়, ABP, বিদ্বেষ ভাবৰ অন্ত পেলাই সকলোৰে
মাজত একতা গঢ়ি তোলা।

ভাইচৰয় লৰ্ড মিণ্টো আৰু ভাৰত সচিব জন Aes (John Morley) মুছলিম
লীগৰ কামত সন্তুষ্টি প্ৰকাশ কৰিছিল। প্রকৃতাৰ্থত ক’বলৈ গ’লে দুয়োগৰাকী ইংৰাজ শাসকে
হিন্দু আৰু মুছলমানৰ মাজত ধৰ্মগত পাৰ্থক্য তথা মতবিৰোধক এটা ৰাজনৈতিক সুবিধা
হিচাপে গ্ৰহণ কৰিছিল। অতি কম সময়ৰ ভিতৰতে মিণ্টোৱে জাতীয় কংগ্ৰেছৰ
নৰমপন্থীসকলকো ওচৰ চপাই অনাৰ পৰিকল্পনা কৰিছিল। লৰ্ড মিণ্টোৰ প্রতিশ্রুতি অনুসৰি
১৯০৯ খ্ৰীষ্টাব্দৰ শাসন সংস্কাৰ বিধিৰ যোগেদি (মৰ্লে-মিণ্টো শাসন সংস্কাৰ আইন,
১৯০৯) মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল।

জাতীয় কংগ্ৰেছৰ প্রতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে ভাৰতীয় মুছলমান
জনগণক প্রতিনিধিত্ব কৰিব পৰা এটা সক্ৰিয় অনুষ্ঠান হিচাপে আত্মপ্রকাশ কৰিছিল। ব্ৰিটিছ
শাসকৰ প্রতি আনুগত্যৰ পূৰ্ণ ব্যৱহাৰৰ যোগেদি এই অনুষ্ঠানটোৱে অতি সহজে ৰাজনৈতিক
অধিকাৰ আদায় কৰাত সফল হৈছিল। জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত অনুষ্ঠানটোৱে বিশেষ
গুৰত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯১০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয়
AGH স্থানান্তৰিত কৰা হয়।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


--- Page 24 ---
মুছলিম লীগে সমাজৰ সকলো শ্ৰেণীৰ মানুহক আকৰ্ষণ কৰিব পৰা নাছিল। সমাজৰ
উচ্চ শ্ৰেণীৰ ৰক্ষণশীল এচামৰ মাজত আবদ্ধ থকা এই অনুষ্ঠানটোৰ গুৰুত্ব বংগ বিভাজন
ৰদ কৰাৰ পিছত (১৯১১) কিছু বছৰলৈ কমি গৈছিল। ১৯১৫ খ্ৰীষ্টাব্দত ছলিমউল্লাৰ মৃত্যুৰ
পিছত লীগৰ ৰক্ষণশীল চৰিত্ৰৰ ভালেখিনি পৰিৱৰ্তন ঘটিছিল।

দু
,

স্বদেশী বস্তুৰ বুনিয়াদ প্ৰতিষ্ঠাতা বাপুজী

১.০৫ 3 স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ

সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিনচন্দ্ৰ পাল, অৰবিন্দ ঘোষ, অশ্বিনীকুমাৰ দত্ত
(১৮৫৬-১৯৫৩) প্রমুখ্যে কেইবাজনো বংগদেশৰ ৰাজহুৱা জীৱনৰ গুৰিয়াল তথা অসাধাৰণ
বুদ্ধিমত্তাসম্পন্ন ৰাজনৈতিক নেতাই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ
বিভাজনৰ বিৰুদ্ধে জনমত সুসংগঠিত কৰিব পাৰিছিল। ১৮৮৫ খ্ৰীষ্টাব্দৰ পৰা ১৯০৫
খ্ৰীষ্টাববলৈকে ভাৰতবাসীৰ কেৱল আৰ্থিক আৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ
দি অহা জাতীয় কংগ্ৰেছে বংগ ভংগক কেন্দ্ৰ কৰি ভাৰতৰ জাতীয় জীৱনত এটা বৃহত্তম
অনুষ্ঠান হিচাপে আত্মপ্রকাশ কৰাৰ সুযোগ লাভ কৰিছিল।

১৯০৩ খ্ৰীষ্টাব্দত লালমোহন ঘোষৰ (১৮৪৯-১৯০৯) পৌৰোহিত্যত মাদ্ৰাজত
অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ উনবিংশতিতম অধিৱেশনে চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা
ত্যাগ কৰিবলৈ সকীয়াই দিছিল। বংগ ভংগ কাৰ্যকৰী (১৬ অক্টোবৰ, ১৯০৫) কৰাৰ আগে
আগে জাতীয় কংগ্ৰেছৰ প্রতিনিধি হিচাপে লালা লাজপত ৰায় (১৮৬৫-১৯২৮) আৰু
গোপালকৃষ্ণ গোখলে (১৮৬৬-১৯১৫) লণ্ডনত উপস্থিত হৈ (৬ জুলাই, ১৯০৫) প্ৰস্তাৱিত

ইতিহাস

--- Page 25 ---
বংগ ভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত |
আৱেদন জনাইছিল। বংগবাসীৰ স্বাক্ষৰসহ যুণ্ডতোৱা
অৰ্পণ কৰিছিল। কিন্তু ভাৰতবাসীৰ আপত্তিক মুঠেও
গুৰুত্ব নিদি চৰকাৰে বংগ বিভাজন কাৰ্যকৰী কৰাত
জাতীয় কংগ্ৰেছে বংগ ভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্রহণ
কৰিবলৈ সাজু হৈছিল।

বংগ বিভাজনৰ ফলস্বৰূপ সাত বছৰীয়া স্বদেশী
আন্দোলনৰ শেষত ১৯১১ চনত ইংৰাজ চৰকাৰ বংগ
একত্ৰিকৰণ কৰিবলৈ বাধ্য হয়। কিন্তু জাতীয় কংগ্ৰেছৰ

লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল।

যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত সমগ্ৰ ভাৰতবাসী ৪ ৷
একত্ৰিত হোৱাৰ সুযোগ বংগভংগই আনি দিছিল। এই তিনিওজনক চমুকৈ ‘লাল-বাল-পাল’ বুলি কোৱা হয়।

১.০৬ 3 চৰকাৰৰ আন্দোলনবিৰোধী কৰ্মপন্থা

বিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা
সহযোগিতা আশা কৰিছিল। লৰ্ড BSA এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উপ্দেশ্যে
উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্রিটিছ সংসদত সদস্য পদ,
ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ
ভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। কিন্তু তথাপি কাৰ্জনে বংগ
ভংগবিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ
গোখলে আদি কণগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগ ভংগবিৰোধী অটল স্থিতিয়ে চৰকাৰক
শ’লঠেকত পেলাইছিল। বিপিনচন্দ্ৰ পালে সকলো নেতাক বিটিছপ্রদত্ত উপাধি, পদ, পদবী
আদি বৰ্জন কৰাৰ আহ্বান জনায়। এই SMS প্রতি সঁহাৰি জনাই গোপালকৃষ্ণ গোখলেই
পোনপ্রথমে ‘নাইটহুড’ উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল।

১.০৭ ঃ স্বদেশী আন্দোলনৰ অৰদান

১৷ স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা
দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হ’লে
যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী
আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল।

২। ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল
চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল।
বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল।
‘একমাত্ৰ গণ-সংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ-- এই ভাবনা স্বদেশী

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

--- Page 26 ---
9 |

8 |

q |

v |

আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল।

লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল--- ‘শাসন আৰু শোষণ
একেলগে চলাই যোৱা হ’ব’ (Administration and exploitation will go
hand in hand) | বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দভ্তোক্তিৰ উপযুক্ত উত্তৰ
দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ
বাবে গ্রহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্রতাৰ যোগেদি। সেই কাৰণেই ভাৰতৰ
অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল
জিলিকি থাকিব।

স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ
সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক
দাদাভাই নৌৰজীৰ পোৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত (১৯০৬)
পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্রস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।
দুটা ঘটনাই বংগদেশৰ নাৰী সমাজক আন্দোলনমুখী কৰি তুলিছিল। প্ৰথমটো
আছিল--- প্রফুল্ল চাকীৰ ফাঁচিৰ দিনটোত বংগদেশৰ প্রতিটো পৰিয়ালে উপবাসে
কটাইছিল। মাতৃসকলে পাকঘৰৰ ৰন্ধন কাৰ্য বন্ধ কৰি গোটেই দিনটো শোকত
ভিয়মাণ হৈ দেশসেৱাৰ প্রতি উৎসাহিত হৈছিল। দ্বিতীয়টো আছিল-_ বংগ ভংগক
কেন্দ্ৰ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ অপৰাধত ‘যুগান্তৰ’ পত্ৰিকাৰ
মাতৃ ভুবনেশ্বৰী দেৱীয়ে (স্বামী বিবেকানন্দৰো মাতৃ) দুখ নকৰি সকলো নাৰীক
আন্দোলনৰ কাৰণে সাজু হ’বলৈ আহ্বান জনাইছিল। হাজাৰ হাজাৰ নাৰীয়ে পুৰুষৰ
লগত সমানে আন্দোলনত ভাগ ল’বলৈ সাজু হৈছিল।

স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নৈয়াস্ত্ৰৰে
বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্রৱণতা এচাম আন্দোলনকাৰীৰ
মাজত গঢ়ি উঠিছিল।

বংগ ভংগ বাতিলৰ সিদ্ধান্তই বিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যৰ্থতা সুস্পষ্ট ৰূপত

প্রকাশ কৰি গ’ল। স্বদেশী আন্দোলনৰ সাফল্যই ভাৰতবাসীক উৎসাহিত কৰিছিল আৰু
এই উৎসাহে পৰৱৰ্তী পৰ্যায়ত মহাত্মা গান্ধীৰ (১৮৬৯-১৯৪৮) নেতৃত্বত গঢ়ি উঠা জাতীয়
সংগ্ৰামক শক্তিশালী আৰু ব্যাপক কৰি তুলিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বংগ
ভংগবিৰোধী আন্দোলনৰ সাফল্য এটা উল্লেখযোগ্য ঘটন৷ হিচাপে চিহ্নিত হৈ ৰ'ব।

--- Page 27 ---
ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ প্রদেশৰ বিভাজন ভাৰতবৰ্ষৰ ৰাজনৈতিক
ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা।

PF বংগ প্রদেশক এজন লেফটেনেণ্ট গৱৰ্ণৰে শাসন কৰিব নোৱৰাৰ অজুহাত দেখুৱাই ঢাকা, চট্টগ্ৰাম আৰু
ৰাজশাহী-_ এই তিনিটা সংমণ্ডল প্ৰদেশখনৰপৰা বিচ্ছিন্ন কৰিছিল। তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ১,০৬,৫৪০
বৰ্গ মাইল এলেকা অসমৰ লগত সংলগ্ন কৰি ‘পূৰ্ব বংগ আৰু অসম’ নামৰ প্রদেশখন গঠন কৰা হৈছিল।

ভজ" পূৰ্ব বংগ আৰু অসম’ নামৰ প্রদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল।

ত" লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত
উদ্দেশ্য আছিল এঁক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা।

SF বংগ ভংগৰ যোগেদি লৰ্ড কাৰ্জনে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু-
বঙালীসকলক দুয়োখন প্রদেশত (বংগ প্রদেশ” ‘পূৰ্ব বংগ আৰু অসম’) সংখ্যালঘুত পৰিণত কৰিছিল।

SF ১৯০৫ খ্ৰীষ্টাব্দত বংগ ভংগ পৰিকল্পনা চৰকাৰীভাৱে প্রকাশ কৰি ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে
বংগ ভংগ কাৰ্যকৰী কৰিছিল।

SF বংগ ভংগৰ অসম্তুষ্টিৰ উত্তাপে প্রবল বিক্ষোভৰ সৃষ্টি কৰিছিল।

SF পূৰ্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যোগেদি প্রবল জনসংগ্ৰামৰ
জোৱাৰ তুলিছিল।

"= জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো জনতাই এই সংগ্ৰামত জঁপিয়াই পৰিছিল।

ভ"- বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত
হোৱাৰ পিছত এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হয়।

rT স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি অবিভক্ত বংগদেশ আছিল যদিও বংগদেশক কেন্দ্ৰ কৰি গঢ়ি উঠা এই
আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল।

ভ"- স্বদেশী আন্দোলনক এটা সফল আৰু সক্ৰিয় আন্দোলন হিচাপে গণ্য কৰা হয়। প্রায় সাত বছৰীয়া ৰাজনৈতিক
আন্দোলনটোৱে সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰপ্রসাৰী প্রভাৱ পেলাইছিল।

SF সাম্ৰাজ্যবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে জাতি, ধৰ্ম, ভাষা আৰু অঞ্চল আদিৰ ভিত্তিত ভাৰতীয়ৰ
মাজত বিভেদ অনাৰ প্রয়াস চলাইছিল। ইংৰাজ শাসকৰ উচটনিত একাংশ মুছলমান নেতাই প্রতিষ্ঠা কৰা
‘সৰ্বভাৰতীয় মুছলিম লীগ’ স্বদেশী আন্দোলনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল।

SF স্বদেশী আন্দোলনৰ মাজেদি ভাৰতবৰ্ষত সশস্ত্ৰ বৈপ্লৱিক আন্দোলনৰ সূচনা হৈছিল। স্বদেশী আন্দোলনত
ভাগ লোৱা এচাম নেতাই শান্তিপূৰ্ণ আন্দোলনৰ পথ পৰিহাৰ কৰি সশস্ত্ৰ বৈপ্লৱিক আন্দোলনৰ পথ বাছি

লৈছিল।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

--- Page 28 ---
বংগ ভংগক কেন্দ্ৰ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। ‘একমাত্র
গণসংগ্ৰামৰ মাজেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’ এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্রদান
কৰিছিল।

বংগ ভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী শ্বিলঙৰপৰা ঢাকালৈ স্থানান্তৰিত হৈছিল।

স্বদেশী আন্দোলনৰ প্রতিক্রিয়া অসমলৈকো বিস্তাৰিত হৈছিল।

(১) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে
বংগদেশ পুনৰ একত্ৰীকৰণ হয়। (২) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰপৰা দিল্লীলৈ স্থানান্তৰ হয়। (৩)
অসম মুখ্য আয়ুক্তৰ তলতীয়া প্রদেশত পৰিণত হয়। (৪) অসম প্রদেশৰ ৰাজধানী শ্বিলঙলৈ পুনৰ
স্থানান্তৰিত হয়।

অতি চমু উত্তৰৰ প্রশ্ন $

>|
২।
৩।
8 |
«|
vl

Al

বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?

১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

বিদেশী পণ্য বৰ্জনৰ প্রস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?

স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?

কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্রস্তাৱ গ্ৰহণ
কৰিছিল?
বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

চমু উত্তৰৰ প্রশ্ন ঃ



বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান
তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।

বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।


--- Page 29 ---
৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

Cl স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?

৬৷ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।

চমু টোকা লিখা ঃ

(১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)।

(©) নবাব ছলিমউল্লা।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

--- Page 30 ---
২.০১ 3 মহাত্ম৷ গান্ধীৰ Gets

১৯১৪ চনত প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত
মহাত্মা গান্ধীৰ (মোহন দাস কৰমচাঁদ গান্ধী) উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত
হৈছে। ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰ শক্তিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি ভাৰতীয়
জাতীয়তাবাদীসকলে বিশ্বযুদ্ধত মিত্ৰশক্তিক সমৰ্থন জনায়, যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা
আৰু জাতীয় স্ব-নিয়ন্ত্ৰণ প্ৰদান কৰা হ’ব। জাতীয়তাবাদীসকলে এনে এটা বহু আকাংক্ষিত
ৰাজনৈতিক সুফল লাভ কৰাৰ আশাত বিশ্বযুদ্ধত মিত্ৰশক্তিলৈ নৈতিক সমৰ্থন আগবঢ়ালে।
কিন্তু ১৯১৮ চনত যেতিয়া মিত্ৰশক্তি জয়যুক্ত হ’ল, তেওঁলোকে ওপনিৱেশিক শাসন

ইতিহাস

--- Page 31 ---
ওৰ পেলোৱাৰ অলপো আগ্ৰহ নেদেখুৱালে। বিটিছৰ এনে
মনোবৃত্তিয়ে জাতীয়তাবাদীসকলক বাৰুকৈয়ে মোহভংগ
ঘটালে। এনে পৰিস্থিতিত পৰাধীন জাতিবোৰৰ মাজত
নিৰাশাৰ সৃষ্টি হৈছিল। সেই সময়ত আন্তৰাষ্টীয় পৰিস্থিতিও
স্বাধীনতাকামী জাতিবোৰৰ মাজত জাতীয়তাবাদী চেতনাৰ
উথখানৰ বাবে অনুকূল হৈ পৰিছিল। এই ক্ষেত্ৰত ১৯১৭
চনত সংঘটিত ৰুছ বিপ্লৱৰ প্রভাৱ উল্লেখনীয় আছিল। ৰুছ
বিপ্লৱে প্রমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম
বল আৰু শক্তি লুকাই থাকে। ৰুছ বিপ্লৱৰ প্রৰেৰণাই ভাৰতৰ
স্বাধীনতাকামী জনসাধাৰণক উজ্জীৱিত কৰি তুলিছিল। এনে
সময়তে ভাৰতৰ জাতীয় সংগ্ৰামত মহাত্মা গান্ধীৰ প্রৱেশ
ঘটিছিল। গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে
ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেড়াত জনসাধাৰণক
নেতৃত্ব দি নিজকে প্রতিষ্ঠিত কৰিছিল। তেওঁ জাতীয়
আন্দোলনক কেৱল সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শৰেই
প্রেৰণা দিয়া নাছিল, তাৰ লগে লগে বিটিছসকলকো দেশখন ত
এৰি যাবলৈ বাধ্য কৰিছিল। ভাৰতৰ জাতীয় আন্দোলনত নেতৃত্ব গ্ৰহণ কৰাৰ আগতেই
গান্ধীয়ে ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ
কৰিছিল। তেতিয়া তেওঁ মাত্র ২৪ বছৰ বয়সীয়া এজন ব্যাৰিষ্টাৰ আছিল।

১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছল
পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল। ১৮৮৮ চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ
লণ্ডনলৈ গৈছিল আৰু ১৮৯১ চনত ব্যাৰিষ্টাৰ (Barrister-at-law) উপাধি লৈ ভাৰতলৈ
উভতি আহিছিল। তেওঁ কিছুদিনলৈ ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি তাৰ পিছত
ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়।
তালৈ গৈ ভাৰতীয় লোকসকলৰ ওপৰত ইউৰোপীয়সকলে জাপি দিয়া ৰাজনৈতিক আৰু
সামাজিক অবিচাৰ দেখি তেওঁ হতচকিত হৈ পৰে। বহুক্ষেত্ৰতেই তেনে অবিচাৰ দেখিবলৈ
পাই তেওঁ তাৰ প্রতিবাদ কৰিবলৈ মনতে সংকল্প গ্ৰহণ কৰে আৰু ভাৰতীয়সকলক নেতৃত্ব
দি এক বৰ্ণবৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰে। তেওঁ নাটালত নাটাল ইণ্ডিয়ান কংগ্ৰেছ’
নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে আৰু তাৰ লগে লগে ‘ইণ্ডিয়ান অপিনিয়ন’
নামৰ এখন বাতৰি কাকত উলিয়াই ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে
শিক্ষিত আৰু সচেতন কৰি তুলিবলৈ চেষ্টা কৰে। গান্ধীজীয়ে এই সময়ছোৱাতেই অন্যায়
অবিচাৰৰ বিপক্ষে কৰা সংগ্ৰামত প্রতিবাদী কাৰ্যসূচী হিচাপে অহিংসাকে অস্ত্ৰ হিচাপে
গ্ৰহণ কৰিছিল। পিছলৈ সন্মান লাঘৱকাৰী আইনৰ বিৰুদ্ধে ইয়েই সত্যাগ্ৰহ আন্দোলন
হিচাপে জনপ্ৰিয় হৈছিল। ভাৰতীয়সকলক GCS প্ৰদেশত প্রৱেশ কৰাৰ ক্ষেত্ৰত বাধা

মহাত্মা Neat আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম


--- Page 32 ---
আৰোপ কৰা আইনৰ বিৰুদ্ধেও একেই কৌশল অৱলম্বন কৰা৷ হৈছিল। তদুপৰি এনে
এটা আইনী সিদ্ধান্ত তাত প্ৰচলিত আছিল যে যিটো মতে ভাৰতীয়সকলে বিয়া কৰাবলৈ
পঞ্জীয়ন কৰোৱাতো বাধ্যতামূলক আছিল আৰু খৃষ্টধৰ্মীয় বিধান মতেহে বিয়া কৰাব
পাৰিছিল। এই প্রথাৰ প্রতিবাদ কৰিবলৈও গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল।
ইয়াৰ বাবে গান্ধীজীয়ে নমাহৰ বাবে কাৰাবাসবৰণ কৰিবলগীয়া হৈছিল। কিন্তু পিছত
চৰকাৰে ‘ইণ্ডিয়ান ৰিলিফ এক্ট’ নামৰ আইন প্ৰণয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ বাধ্য
হৈছিল আৰু গান্ধীক মুকলি কৰি দিয়া হৈছিল।

‘সত্যাগ্ৰহ’ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্রথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ
কৰিছিল। এই সন্ধিযুক্ত শব্দটো ‘সত্য’ আৰু ‘আগ্ৰহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ
অৰ্থ ‘সত্যৰ প্রতি আগ্ৰহ’, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে, সত্যাগ্ৰহ কেৱল
এক একপক্ষীয় প্রতিৰোধ নহয়। ইয়াৰ তাৎপৰ্য হ’ল-- জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ
ৰাজনৈতিক কাৰ্যকল৷পত আত্মনিয়োগ কৰা। সত্যগ্ৰহৰ ভিত্তি হ’ল অহিংসা। গান্ধীজীয়ে
সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোতে লিও টলষ্টয় আৰু থৰোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।

দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজীয়ে তেওঁক এজন BID আৰু
আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। এই ভাবমূৰ্তি লৈ ১৯১৫ চনত তেওঁ
ভাৰতলৈ উভতি আহে। ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু
আহমেদাবাদত সংঘটিত হোৱা তিনিটা বিবাদ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে
আৰু তাত দেখুওৱা দক্ষতাৰ বাবে গোটেই ভাৰততে তেওঁ এজন প্রভাৱশালী ৰাজনৈতিক
নেতা হিচাপে স্বীকৃতি লাভ কৰে।

চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান
কৰিছিল, খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যধিক
ৰাজহৰ বিপক্ষে মাত মাতিছিল আৰু আহমেদাবাদত বঞ্চিত মিল শ্রমিকসকলৰ হৈ মিল
মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্রতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্ৰহ’ক কৌশল
হিচাপে ব্যৱহাৰ কৰিছিল আৰু য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা। এই
আন্দোলনবোৰত জনগণৰ বৃহৎ অংশগ্ৰহণে গান্ধীক প্রকৃত শক্তি প্রদান কৰিছিল।

১৯১৪ চনত প্রথম মহাযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতীয়সকলে বিটিছ শক্তিক
সহায়ৰ হাত আগবঢ়াইছিল। কংগ্ৰেছ দলেও এইক্ষেত্ৰত নৈতিক সমৰ্থন আগবঢ়াইছিল।
গান্ধীজীয়ে গুজৰাটৰ কৃষকসকলক স্বৰাজ আৰু স্ব-শাসন লাভৰ চৰ্তত সৈন্য বাহিনীত
যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। এইক্ষেত্ৰত ১৯১৮ চনলৈ তেওঁ ব্ৰিটিছ চৰকাৰৰ
সহযোগী আছিল।

১৯১৪-১৮ চনৰ যুদ্ধৰ পিছত ভাৰতীয় জাতীয়তাবাদীসকলে ৰাজনৈতিক লাভৰ
যি আশা কৰিছিল সেইখিনি পূৰ্ণ নহ’ল। যুদ্ধোত্তৰ বছৰবোৰত আৰ্থিক দুৰৱস্থাই দেখা
দিলে। উদ্যোগবোৰে লোকচান ভৰিলে আৰু বহুতো উদ্যোগ বন্ধ হৈ গ’ল। শ্রমিকসকল
কৰ্মহীন হৈ পৰাৰ উপৰি মূল্যবৃদ্ধি আৰু দৰিদ্ৰতাৰ দ্বাৰা জুৰুলা হৈ পৰিল। কৃষকসকল

ইতিহাস

--- Page 33 ---
দৰিদ্ৰ হৈ পৰিল আৰু অধিক কৰৰ বোজা বহন কৰিবলগীয়া হ’ল। যুদ্ধোত্তৰ সময়ছোৱাত
ভাৰতীয় সমাজৰ সৰ্বস্তৰত বিৰূপ প্ৰতিক্ৰিয়া দেখা গ’ল। সেইদৰে নগৰীয়া শিক্ষিত
ভাৰতীয়সকলো কৰ্ম-সংস্থাপনৰ অভাৱত পৰিল। ১৯১৯ চনৰ ঘটনাপ্রৱাহে বিটিছসকলৰ
প্রতি গান্ধীজীৰো মোহভংগ ঘটাইছিল আৰু তেওঁ বিটিছসকলৰ সহযোগীৰ পৰিৱৰ্তে
অসহযোগী হৈ উঠিছিল।

২.০২ ঃ ৰাওলাট আইন, ১৯১৯

১৯১৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ছেমছফোৰ্ডে ন্যায়াধীশ চিডনি
ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান
কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। প্রয়োজন সাপেক্ষে বিধান পালিকাক এই ক্ষেত্ৰত
যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিবলৈও আয়োগক নিৰ্দেশ দিয়া হৈছিল। এই আয়োগৰ
পৰামৰ্শ মতে, চৰকাৰে ১৯১৯ চনত ৰাওলাট আইন প্রণয়ন কৰিছিল। উক্ত আইনখনে
যিকোনো এজন মানুহকে বিনাবিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ
প্রদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

২.০৩ ঃ সত্যাগ্ৰহ বা অহিংস আন্দোলন, soso

ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন
আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্ৰহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক
বিশুদ্ধীকৰণ আৰু, প্রায়শ্চিত্তকৰণৰ প্রক্ৰিয়া’ ১৯১৯ চনৰ ৬ এপ্রিলত হৰতাল কাৰ্যসূচীৰে
এই আন্দোলন আৰম্ভ হৈছিল। সকলোৱে ব্যৱসায়-বাণিজ্য পৰিহাৰ কৰি অনশন আৰু
প্লাৰ্থনাত বহিছিল। লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ-আন্দোলনত পৰিণত হৈছিল।
এই আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্রতিষ্ঠা
কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হয়, যদিও লগে লগে মুক্তিও দিয়া হয়। চৰকাৰে এই
গণ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিল।

২.০৪ ঃ জালিৱানৱালাবাগৰ হত্যাকাণ্ড, ১৩ এপ্রিল, ১৯১৯

৬ এপ্ৰিলৰ হৰতালৰ এসপ্তাহমানৰ ভিতৰতে পঞ্জাৱৰ বেছি ভাগ অঞ্চলতে
আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ১০ এপ্ৰিলত ড০ সত্যপাল আৰু w? কিট্‌চলিউ
নামৰ ৰাজ্যখনৰ দুজন জনপ্ৰিয় নেতাক গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নিৰ্বাসিত কৰা হয়।
১৩ এপ্ৰিলত অমৃতসৰৰ জালিৱানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তদানিন্তন
নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত হোৱাত কোনো
বাধা প্রদান কৰা নাছিল। সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালেই ওখ দেৱাল
আছিল আৰু প্রৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল। সভাখন অনুষ্ঠিত হৈ থাকোতেই
হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায়, নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত
নিৰ্দয়ভাবে গুলি চলাবলৈ আৰম্ভ কৰিচিল। সেই নিৰ্দয় গুলিচালনাত শ শ লোকৰ মৃত্যু

মহাত্মা Wat আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম


--- Page 34 ---
হৈছিল। পঞ্জাৱত সামৰিক শাসন জাৰি
| কৰা হৈছিল। যধেমধে Cala কৰা,
Wee সম্পত্তি বাজেয়াপ্ত কৰা, লাঠি চালনা
ত কৰী| ইত্যাদিৰ দৰে অগণতান্ত্রিক দমন-
OA নীতিৰে Be সময়ছোৱাত জনসাধাৰণক

fe AE হাণ্টাৰৰ নেতৃত্বত পঞ্জাৱৰ ঘটনা-প্রৱাহৰ
বিষয়ে অনুসন্ধান কৰিবলৈ এখন
আয়োগ গঠন কৰি দিছিল। লণ্ডনত
ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক
চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু
তেওঁক দোষ মুক্ত বুলিও ঘোষণা কৰা হৈছিল। গোটেই দেশখনতেই অসম্তুষ্টিৰ বতাহ
বলিছিল। জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্রতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে বিটিছ চৰকাৰে
তেওঁক প্রদান কৰা ‘নাইট’ উপাধি পৰিত্যাগ কৰিছিল।

২.০৫ ঃ খিলাফৎ আন্দোলন

প্রথম বিশ্বযুদ্ধত তুকীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কমি
গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল।
কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰে পৰিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল
উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল
আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন
কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ
ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক এঁক্যবদ্ধ কৰিবলৈ
ইয়াক এটা সুযোগ হিচাপে গ্রহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনোৱাৰ
সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ খিলাফৎ সমিতিক অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে
নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল’বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন
নিয়াইছিল।
২.০৬ ঃ অসহযোগ আন্দোলন, ১৯২০-২২

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায়।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰপৰা ১৯২২ চনলৈ
চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা
ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল। আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামঞ্জী
কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল।

ইতিহাস

--- Page 35 ---
তেওঁলোকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল--

ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ

এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱে
প্রথম সৰ্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল। অসহযোগ আন্দোলনত বিভিন্ন

কাৰকে বিভিন্ন সময়ত অৰিহণ৷ যোগাইছিল। ইয়াৰ কিছুমান উল্লেখযোগ্য কাৰক হ’ল-_

(>) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি
আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্রভাৱ পৰিছিল।

(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে বিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্রহণ। এই
আইনে সন্তাসবাদৰ সন্দেহত যিকোনে৷ লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত
নিক্ষেপ কৰাৰ কৰ্তৃত্ব বিটিছ চৰকাৰক প্রদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ
বিপক্ষে এক সৰ্বব্যাপী প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল।

(©) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড |

(৪) বিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ।

(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা
খিলাফৎ আন্দোলন।
জাতীয় নেতাসকলে এইটো বুজি উঠিছিল যে সাংবিধানিক সংশোধনৰ দ্বাৰা

ভাৰতীয়সকলক ন্যায্য প্রদান কৰাটো পৰ্যাপ্ত নাছিল। সেই কাৰণে তেওঁলোকে ১ আগষ্ট,

১৯২০ চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত গান্ধীৰ

নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। এই আন্দোলনে সাংঘাটিক

ধৰণে বিটিছৰ অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত eos সৃষ্টি কৰিছিল।
অসহযোগ আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। হিন্দু-মুছলমানৰ
একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। নানান ঠাইত বিদেশী
বস্ত্ৰ জ্বলাই দিয়া হৈছিল। বিদেশী বয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা
হৈছিল। বৃহৎ সংখ্যক ছাত্ৰস্থাত্ৰীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰিছিল।
বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্রচাৰ কাৰ্যসূচী ৰূপায়ণ
কৰিছিল। কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয়
শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। শেঠ যমনালাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলসকলৰ
পৰিয়ালৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ কথা ঘোষণ৷ কৰিছিল।
কংগ্ৰেছে প্রায় চল্লিশ লাখ স্বেচ্ছসেৱকক সদস্যভুক্ত কৰিছিল। বিশ হাজাৰ চৰখা (যঁতৰ)
নিৰ্মাণ কৰা হৈছিল। নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদবোৰৰ সমাধান ৰাইজৰ
আদালতত কৰা হৈছিল। অসহযোগ আন্দোলনৰ খৰচ-পাতিৰ বাবে গঢ়ি তোলা তিলক
স্বৰাজ পুঁজিয়ে খুব কম সময়ৰ ভিতৰতে এক কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিবলৈ
সক্ষম হৈছিল। মহিলাসকলেও সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰিছিল। জনসাধাৰণৰ
মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল।

মহাত্মা Wat আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম


--- Page 36 ---
অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছিল। অসহযোগ
এটা গঢ়ি উঠিছিল। হিন্দুসকলৰ মাজত প্রচলিত অস্পৃশ্য দূৰীকৰণৰ প্রচেষ্টা, হিন্দু-মুছলমানৰ
এঁক্য সাধন, মাদকদ্ৰব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকৰ্ষ সাধন অসহযোগ আন্দোলনৰ
অৱদান। স্বৰাজ্য পুঁজি হিচাপে তিলক স্মাৰকৰ বাবে কোটি কোটি টকাৰ দান-বৰঙনি সংগ্ৰহো
ইয়াৰ ফলত সম্ভৱ হৈছিল।

বিধান মণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান--- এই তিনি বৰ্জন কাৰ্যক অসহযোগ
আন্দোলনৰ নেতিবাচক দিশ হিচাপে আঙুলিওৱা হয়। সেইদৰে ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা
নানান বঁটা-বাহন আৰু উপাধি পৰিত্যাগ কৰাৰ দৰে কাৰ্যসূচীসমূহো অসহযোগ আন্দোলনৰ
অংশ স্বৰূপ আছিল। সেইদৰে নেতিবাচক দিশবোৰে কিছুমান ইতিবাচক সংস্কাৰ সাধনো কৰিছিল।
ৰাজহুৱা বিচাৰ সভাৰ ব্যৱস্থা, জাতীয়তাবাদী ভাবধাৰাৰ বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰি চৰকাৰী
স্কুল ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ সুবিধা প্রদান কৰা ইত্যাদি তেনেধৰণৰ সংস্কাৰ কাৰ্যসূচী
আছিল। অসহযোগকাৰীসকলে যাতে অহিংসা নীতি সকলো ক্ষেত্ৰতে কঠোৰভাৱে মানি চলে
আৰু যিকোনো পৰিস্থিতিতে যাতে তেওঁলোকে সত্যক বিসৰ্জন নিদিয়ে, সেই কথা৷ স্পষ্ট কৰি
দিয়া হৈছিল।

১৯২০ চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা এই
আন্দোলনক আনুষ্ঠানিক মান্যতা প্রদান কৰিছিল। অধিৱেশনে ঘোষণ৷ কৰিছিল যে ‘ভাৰতীয় জাতীয়
কংগ্ৰেছৰ উদ্দেশ্য হৈছে সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে ভাৰতীয় জনতাৰ দ্বাৰা স্বৰাজ লাভ
PI | ভাৰতৰ স্বাধীনতা সংগ্ৰামে এক নতুন পৰিক্ৰমালৈ আগবাঢ়িছিল। কংগ্ৰেছে পোন প্ৰথমবাৰৰ
বাবে স্বাধীনতাৰ বাবে এক প্ৰত্যক্ষ SAS হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এনেদৰে
কংগ্ৰেছ এটা গণভিত্তিক সংগঠনত পৰিণত হৈছিল।

২.০৭ ঃ অসহযোগ আন্দোলনৰ সামৰণি

এই আন্দোলনে সমগ্ৰ ভাৰত ব্যাপি অতি প্রবল প্রভাৱ পেলাইছিল আৰু সফলতা অৰ্জন
কৰিছিল। ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত
স্থানীয় পুলিচ আৰু প্রতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত
তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ
কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মৰ্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস
নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ
কৰি তিনি সপ্তাহৰ অনশনত বহিছিল। তেতিয়া বহুতো কংগ্ৰেছ নেতাই গান্ধীৰ সিদ্ধান্তক আদৰণি
জনাইছিল, আন এচাম জাতীয় নেতাই আকৌ এটা সাধাৰণ হিংসাত্মক ঘটনাৰ বাবে আন্দোলন
বন্ধ কৰি দিয়াটো ভাল পোৱা নাছিল। সি যি কি নহওঁক, কংগ্ৰেছ কাৰ্যবাহী কমিটিয়ে গান্ধীৰ
সিদ্ধান্তত সন্মতি জনাই আৰু ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ অন্ত
পৰে। ১৯২২ চনৰ ১০ মাৰ্চত গান্ধীক আটক কৰা হয় আৰু বিদ্ৰোহত উদগনি জনোৱাৰ অপৰাধত
৬ বছৰ কাৰাদণ্ড বিহা হয়। কিন্তু গান্ধী নিজৰ অহিংস নীতিত অটল আছিল। গান্ধীৰ কাৰাদণ্ডই
আন এক প্রবল আন্দোলনৰ পথ প্ৰশস্ত কৰি তুলিছিল।

ইতিহাস

--- Page 37 ---
২.০৮ $ ছাইমন কমিছন

১৯১৯ চনত ভাৰত চৰকাৰ আইন [7
প্ৰণয়ন হোৱাৰ দহ বছৰ পিছত আইনখনৰ
কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ বিটিছ
চৰকাৰে এখন আয়োগ গঠন কৰিছিল। সেই
মৰ্মে ১৯২৮ চনত ছাৰ জন ছাইমনৰ নেতৃত্বত
এখন সাতজনীয়া আয়োগে ভাৰতত পদাৰ্পণ
কৰে। কিন্তু উক্ত আয়োগত এজনো ভাৰতীয়
সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে BD
আয়োগখনক বৰ্জন কৰে। ‘ছাইমন ঘূৰি যোৱা’
ধ্বনিৰে কংগ্ৰেছে প্রতিবাদ সাব্যস্ত কৰে। চু
লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোবা "৷ পীন ৷
নিৰ্দয়ভাবে লাঠি চালনা কৰে, য’ত লাজপত eT vy ea ভু
ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে।

পূৰ্ণ স্বৰাজৰ দাবী $ ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত
বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন
কৰা হয়। সেইমৰ্মে ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস
পালন কৰা হয়।

২.০৯ ঃ আইন অমান্য আন্দোলন, ১৯৩০-৩৪

আইন অমান্য আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল--- ব্ৰিটিছ চৰকাৰৰ দ্বাৰা
চাইমন কমিছন গঠন। এই কমিছনত অকল বিটিছ সংসদৰ সদস্যকহে অন্তৰ্ভুক্ত কৰা
হৈছিল। মণ্টেগে৷ চেমচফৰ্ড সংস্কাৰ (১৯১৯) কিমানদূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান
কৰাটোৱেই ১৯২৭ চনত গঠিত হোৱা এই কমিছনৰ প্রধান উদ্দেশ্য আছিল। ৰাজনৈতিক
দল আৰু সামাজিক সংগঠনবোৰে ভাৰতীয় প্রতিনিধি নথকা বাবে ইয়াক গ্ৰহণ কৰা নাছিল
আৰু ‘শ্বেতকায়সকলৰ কমিছন’ বুলি অভিহিত কৰিছিল। এই কমিছনৰ প্রতিবাদস্বৰূপে
১৯২৮ চনৰ ৩ ENR বংগদেশত এক হৰতাল আৰম্ভ হৈছিল। ছাইমন কলিকতাত
গৈ উপস্থিত হোৱাত বিভিন্ন প্রতিবাদৰ সন্মুখীন হৈছিল। তেনে পৰিস্থিতিত মতিলাল
নেহৰুক ভাৰতৰ বাবে এখন সংবিধানৰ খচৰা প্রস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা৷ হৈছিল।
ভাৰতীয় জাতীয় কংগ্ৰেছে নেহৰু প্রতিবেদন গ্রহণ কৰিছিল আৰু চৰকাৰক এই
প্রতিবেদনখন গ্রহণ কৰিবলৈ হেঁচা প্রয়োগ কৰিছিল। ১৯২৮ চনত কলিকতাত বহা
কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক
ডমিনিয়ন ব্যৱস্থা প্রদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব।

মহাত্মা aR Se ভাৰতৰ স্বাধীনতা সংগ্রাম

--- Page 38 ---
১৯২৯ চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশনত ‘পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতা’
কংগ্ৰেছৰ মূল THA বিবেচিত হয়। ইয়াৰ সমান্তৰালভাৱে ১৯৩০ চনৰ ২৬ জানুৱাৰীত
সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয়। ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে
গান্ধীয়ে bes অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী
সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে। এই দাবীসমূহ আছিল---
মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ;
টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি;
মাটিৰ খাজনাৰ পৰিমাণ কম কৰা;
লোণ কৰ THR কৰা;
সৈন্য বাহিনীৰ ব্যয় কমোৱা;
প্রশাসনীয় ব্যয় সংকোচন কৰা;
বিদেশী কাপোৰত সীমা শুদ্ধ আৰোপ;
ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা;
অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি
সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া
আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা।
গান্ধীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে যদি এই ১১টা দাবী মানি লোৱা নহয়
তেতিয়া দেশে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। সমান্তৰালভাৱে আইন অমান্য
আন্দোলন ১৯৩০ চনত গান্ধীৰ ‘লোণ সত্যাগ্ৰহ’ৰ জৰিয়তে আৰম্ভ হৈছিল যাক দাণ্ডি যাত্রা
বুলি জনা যায়। ১৯৩০ চনৰ ১২ মাৰ্চত এই যাত্ৰাৰ আৰম্ভণি
হৈছিল। সেইদিনা গান্ধী আৰু তেওঁৰ অনুগামীসকলে
তেওঁলোক ১৯৩০ চনৰ ৬ এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত
হৈছিল। ইয়াতেই লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে
| লোণ প্রস্তুত কৰি চৰকাৰৰ প্ৰতি প্রত্যাহ্থানৰ সৃষ্টি কৰিছিল। ক্ৰমে

=== এই আন্দোলন সৰ্বত্ৰে বিয়পি পৰিছিল আৰু দেশৰ অন্যান্য
প্রান্ততো লোন আইনক প্ৰত্যাহথান জনোৱা হৈছিল।
উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খান (সীমান্ত গান্ধী নামেৰে
পৰিচিত)ৰ নেতৃত্বত ‘ৰেড চা্টছ’ হিচাপে জনপ্ৰিয় ‘খুদাই খিটমদগাৰহু (ইশ্বৰৰ সেৱক)"সকলে
আন্দোলনটো চলাই নিছিল। এই আন্দোলনত গান্ধীজীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতা
প্ৰেমী পুৰুষ, মহিলা আৰু ল’ৰা-ছোৱালীয়ে গ্ৰেপ্তাৰ বৰণ কৰিছিল। আইন অমান্য আন্দোলন
চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল।





+

ৰা

+

*




"+

*

G

>,
°

>

+

*

>, ১ >,
ক্ৰ ৮ ক্ৰ




গান্ধীৰ দাণ্ডি যাত্ৰা

Ia ৷


--- Page 39 ---
২.১০ ঃ গান্ধী-আৰ্উইন চুক্তি, ১৯৩১

১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে, ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ
মাজত এখন বুজা-বুজিৰ চুক্তি সম্পন্ন হয়। সেই চুক্তিৰ চৰ্ত অনুসৰি চৰকাৰে হিংসাত্মক
ঘটনাৰ বাবে দোষী সাব্যত্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ
লগতে CPA জৰিমনা মাফ কৰা আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰহীৰ
পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰোপৰি চৰকাৰে সাগৰ
পাৰৰ গাঁওবাসীক প্রয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্রদান কৰাৰ লগতে
শান্তিপূৰ্ণ আৰু অহিংস ধৰ্মঘট কৰাৰ অনুমতি দিয়ে। কংগ্ৰেছেও EPIC আইন অমান্য
আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। কংগ্ৰেছে পৰৱৰ্তী ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ
কৰাৰ ইংগিতো প্রদান কৰে।

প্রতিনিধি হিচাপে যোগদান কৰিছিল। সংযুক্ত অথবা পৃথক
নিৰ্বাচনমণ্ডলী (Electorate) তৈয়াৰ কৰা অথবা বিভিন্ন
সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত

ভাৰতলৈ ঘূৰি আহিছিল।
২.১২ ঃ আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ, ১৯৩২

১৯৩১ চনত আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ হয়, কিন্তু আন্দোলন
প্রকৃতপক্ষে আৰম্ভ হোৱাৰ আগতেই মহাত্মা গান্ধীৰ লগতে তদানীন্তন কংগ্ৰেছ সভাপতি
বল্লভ ভাই পেটেলক CAVA কৰা হয়। চৰকাৰে বলপূৰ্বকভাবে কংগ্ৰেছৰ কাৰ্যালয়ো
অধিগ্ৰহণ কৰিছিল। গণসমাৱেশবোৰক চেদেলি-ভেদেলি কৰিবলৈ ঠায়ে ঠায়ে লাঠি চালনা
কৰা হৈছিল। আনকি শিশু আৰু তিৰোতাও অত্যাচাৰৰ হাত সাৰিব পৰা নাছিল। বেত্ৰাঘাত
সৰ্বসাধাৰণৰ বাবে এটা সাধাৰণ শাস্তিত পৰিণত হৈছিল। সংবাদ মাধ্যমৰ ক্ষমতা সম্পূৰ্ণকৈ
কৰ্তন কৰা হৈছিল। জাতীয়তাবাদী সাহিত্য-কবিতা, গল্প, উপন্যাস ইত্যাদিৰ ওপৰত
নিষেধাজ্ঞা জাৰি কৰা হৈছিল। তথাপিও কিন্তু আন্দোলন থমকি ৰোৱা নাছিল। কিন্তু লাহে
লাহে দীঘলীয়া আন্দোলনে মানুহবোৰৰ মনৰ ৰাজনৈতিক উদ্যম কমাই আনিছিল আৰু
হতাশাৰ সৃষ্টি হৈছিল। ১৯৩৩ চনৰ মে’ মাহত আন্দোলন সম্পূৰ্ণৰূপে স্তিমিত হৈ পৰিছিল
আৰু ১৯৩৪ চনৰ মে’ মাহত তাক প্ৰত্যাহাৰ কৰা হৈছিল।

আইন অমান্য আন্দোলনে ভাৰতীয় জনমানসত ৰাজনৈতিক সচেতনতা জগাই তুলিছিল
আৰু একে সময়তে আন্দোলনৰ সময়ছোৱাত বিটিছ চৰকাৰে কৰা৷ নিষ্ঠুৰ আচৰণৰ দ্বাৰা গোটেই
বিশ্ববাসীৰ সন্মুখতে তেওঁলোকৰ নগ্ন ৰূপটো দাঙি ধৰি বিটিছ জাতিৰ সন্মান লাঘৱ কৰিছিল।

মহাত্মা গাৱী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম


--- Page 40 ---
২.১৩ ঃ সাম্প্ৰদায়িক বাঁটোৱাৰা, ১৯৩২

আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছোৱাত যেতিয়া বিটিছ প্রধানমন্ত্ৰী ৰামছে
মেকডোনাল্ডে ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰাৰ কথা ঘোষণ৷ কৰিলে, ব্ৰিটিছসকলৰ
‘বিভাজন আৰু শাসন নীতি’য়ে এক নতুন ৰূপ লাভ কৰিলে। শিখ, খ্ৰীষ্টান আৰু মুছলমানৰ
দৰে সংখ্যালঘু সম্প্ৰদায়ক পৃথক নিৰ্বাচনমণ্ডল প্রদান কৰাৰ উপৰিও, অন্যান্য পিছপৰা
শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল। সেইসকলকো পৃথক নিৰ্বাচনমণ্ডল প্রদান
কৰি অন্য হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল। সেই ঘোষণাৰ বিৰোধিতা কৰি সেই
সময়ত কাৰাগাৰত থকা গান্ধীজীয়ে আমৰণ অনশন আৰম্ভ কৰিছিল। এনেদৰে তেওঁ পুনে
চুক্তি (১৯৩২)ৰ জৰিয়তে অন্য হিন্দুৰ লগত দলিতসকলকো যুটীয়া নিৰ্বাচনমণ্ডলত
অন্তৰ্ভুক্ত কৰাত সফল হৈছিল। পুনে চুক্তিৰ দ্বাৰা বিটিছসকলে বাঁটোৱাৰা নীতিক সংশোধন
কৰিবলৈ সন্মত হৈছিল। গান্ধীজীয়ে অস্পৃশ্যতা বিৰোধী আন্দোলনৰ লগত সম্পূৰ্ণৰূপে
যুক্ত হৈ পৰিছিল আৰু ইয়াৰ দ্বাৰা হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা হৈছিল।

২.১৪ ঃ কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন, ১৯৩৭-৩৯

১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্রণয়ন কৰি ব্ৰিটিছ চৰকাৰে ভাৰতত প্রাদেশিক
স্বায়ত্ত শাসন প্রদান কৰে। নিৰ্বাচনৰ ফল অনুসৰি পাঞ্জাৱ, সিন্ধু প্ৰদেশ আৰু বংগদেশৰ
বাহিৰে মুঠ এঘাৰখন প্রদেশৰ আঠখনতে কংগ্ৰেছে চৰকাৰ গঠন কৰে। ওপনিৱেশিক ৰাষ্ট্ৰ
বিকল্প হিচাপে ভাৰতত কংগ্ৰেছ দলৰ সন্মান অধিক বৃদ্ধি হৈ পৰে।

২.১৫ 8 কংগ্ৰেছ চৰকাৰৰ পদত্যাগ, ১৯৩৯

দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ
নিৰ্বাচিত সদস্যসকলৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে জামনিৰ বিপক্ষে
ভাৰতকো যুদ্ধত অংশ গ্ৰহণ কৰা বুলি ঘোষণা কৰে। কংগ্ৰেছে দাবী কৰিলে যে যিহেতু
ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘোষণা কৰা হৈছে, ‘ভাৰত এখন স্বাধীন ৰাষ্টি
হিচাপে স্বীকৃত নোহোৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ’ব নোৱাৰিব। সেই মৰ্মে কংগ্ৰেছৰ
সকলো মন্ত্ৰী সভাই ১৯৩৯ চনৰ ১ নৱেম্বৰত পদত্যাগ কৰে।

২.১৬ ঃ পাকিস্তানৰ দাবী, ১৯৪০

কংগ্ৰেছ মন্ত্ৰী সভাবোৰৰ পদত্যাগক মুছলিম লিগে ১৯৩৯ চনৰ ২২ ডিচেম্বৰত
‘মুক্তি দিৱস’ হিচাপে পালন কৰে। মুছলিম লিগৰ লাহোৰ অধিৱেশন (মাৰ্চ, ১৯৪০)ত
জিন্নাই তেওঁৰ সভাপতিৰ ভাষণত দ্বিজাতি তত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি
পাকিস্তান বুলি অভিহিত কৰে। জাতীয় আন্দোলনক দুৰ্বল কৰাৰ বাবে ইংৰাজসকলেও
এনে পৃথকতাবাদী প্রৱণতাক উৎসাহিত কৰিছিল।

ইতিহাস

--- Page 41 ---
২.১৭ ঃ ব্যক্তিগত সত্যাগ্ৰহ, অক্টোবৰ, ১৯৪০

১৯৪০ চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত ‘আগষ্ট প্রস্তাৱ’ (August offer)
ঘোষণ৷ কৰে। ইয়াৰ দ্বাৰা ভাইচৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাই, ইয়াক এখন
যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশ dais কাৰ্যকৰী
কৰিবলৈ চেষ্টা কৰে। কিন্তু এই ঘোষণাত ভাৰতক স্বাধীনতা প্রদানক লৈ একো উল্লেখ
নথকাত, কংগ্ৰেছ আৰু মুছলিম লিগ উভয়ে ইয়াক প্ৰত্যাখ্যান কৰে। ভাৰতৰ প্রতি
বিটিছসকলে গ্রহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪০ চনৰ অক্টোবৰ
মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰে। ব্যক্তিগত সত্যাগ্ৰহক দিল্লীলৈ
ব’লক (দিল্লী চলো) সত্যাগ্ৰহ’ বুলিও জনা যায়। এই আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ
কৰা সত্যাগ্ৰহীজন আছিল আচাৰ্য বিনোৱা wie |

২.১৮ 3 ক্ৰিপ্‌ছ মিছন, ১৯৪২

দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ উল্লেখযোগ্য সাফল্যই
ভাৰতৰ প্ৰরতিৰক্ষালৈ বিপদ মাতি আনিছিল। ই ভাৰতৰ প্রতি ইংলেণ্ডৰ মনোভাব কিছু
কোমল কৰি তুলিছিল। ১৯৪২ চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পৰ্যালোচনা সমিতিয়ে ছাৰ
ষ্টেনফোৰ্ড ক্ৰিপ্‌ছক নতুন সাংবিধানিক প্রস্তাবসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল। তেওঁ ঠিক
যুদ্ধৰ পিছতেই স্ব-শাসিত এখন ভাৰতীয় যুক্তৰাষ্ট গঠনৰ প্রস্তাৱ দিছিল। তেওঁ ভাৰতৰ
বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰিছিল, কিন্তু তৎকালে ক্ষমতা হস্তান্তৰৰ বিষয়ে
তেওঁ কোনো প্রস্তাৱ নিদিয়াৰ বাবে কংগ্ৰেছ আৰু মুছলিম লিগ দুয়ো পক্ষই তেওঁৰ প্রস্তাৱ
গ্ৰহণ কৰা নাছিল। উক্ত পৰিস্থিতিটোক সাধাৰণভাবে অলপ তীর্যকভাবে কোৱা হৈছিল
যে তেওঁলোক আছিল ‘এটা দেৱলীয়া বেংকৰ এখন দিন ওকলা (post-dated) COs’ |

২.১৯ ঃ ভাৰত ত্যাগ আন্দোলন, আগষ্ট, ১৯৪২

১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহৰু
দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধিতা কৰিছিল। কিন্তু তেওঁলোকে ‘সম্পূৰ্ণ
স্বাধীনতাৰ প্রস্তাৱ গ্ৰহণ কৰিলে বিটিছক যুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিটিছে
তেওঁলোকৰ প্রস্তাৱ অগ্রাহ্য কৰে। প্ৰতিবাদ স্বৰূপে ১৯৩৯ চনত RAB মন্ত্ৰীসকলে
মন্ত্রিত্বৰপৰ৷ পদত্যাগ BS | চৰকাৰৰ ওচৰত হেঁচা দিবলৈ ১৯৪০ আৰু ১৯৪১ চনত কংগ্ৰেছে
এলানি সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই সময়ত বিটেইনত সকলো দলৰে সন্মিলিত
চৰকাৰ আছিল, যাৰ শ্রমিক দলৰ সদস্যসকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্ৰতি সহানুভূতি
প্রদৰ্শন কৰিছিল। কিন্তু প্রধানমন্ত্ৰী উইনষ্টন চাৰ্চিল অত্যন্ত ৰক্ষণশীল আছিল আৰু তেওঁ বিটিছ
সাম্ৰাজ্যৰ পৰিসৰ সংকুচিত কৰাৰ পৰিপন্থী আছিল। ১৯৪২ চনত চাচিলে তেওঁৰ মন্ত্ৰীসভাৰ
ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত বিটিছৰ

মহাত্মা Wat আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম


--- Page 42 ---
পক্ষত ভাৰতীয়সকলৰপৰা সহায় আৰু সমৰ্থন লাভ কৰা। বিটিছ চৰকাৰে ক্ৰিপছ মিছন
লগতে এখন সাংবিধানিক পৰিষদ আৰু প্রদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ প্ৰণয়নৰ
অধিকাৰ প্রদান কৰা হ'ব বুলি ঘোষণা কৰা৷ হৈছিল। অৱশেষত ক্ৰিপছ মিছন ব্যৰ্থ হৈছিল
আৰু গান্ধীয়ে বিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত
লৈছিল। ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণবোৰ আছিল--- জাপানৰ ভাৰত আক্ৰমণৰ
ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস আৰু বিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ
মনত ঠাই লোৱা নিৰাপভ্তাহীনতাৰ ভাব।

Ce Te ৯৫২ DAT SPIE মাহুত RPP আৰত aE
= ত Pat ime '_' at
eg aah ian 91 as fl কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল।

Ss ad aa
Pike = আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। ১৯৪২ চনৰ ৮
স দ্‌ ৷ আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত ace
| প্রস্তাৱ গৃহীত কৰিছিল। গান্ধীজীয়ে এঁতিহাসিক আগষ্ট
৷ সভাত বোম্বাইৰ গোৱালিয়া টেংকত উদ্দাত্ত ভাষণ
দিছিল, যিখন ঠাইক বৰ্তমান ‘আগষ্ট ক্ৰান্তি মৈদান’
নামেৰে জনা যায়। গান্ধীৰ ‘কৰিম কিম্বা মৰিম’ (Do
or Die) ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ দেশে এই
আন্দোলনত জঁপিয়াই পৰিছিল।
এইবাৰ foe চৰকাৰে তাংৎপর্যপূৰ্ণভাৱে
কংগ্ৰেছক নিষিদ্ধ কৰাৰ লগতে গান্ধী আৰু বহুতো কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰে। বহুতেই
দ্বিতীয় বিশ্বযুদ্ধ শেষ নোহোৱালৈকে তিনি বছৰ জেলতেই কটাবলগীয়া হৈছিল। কিন্তু
জনসাধাৰণক বাধা দি ৰাখিবলৈ চৰকাৰ সক্ষম নাছিল। সমগ্ৰ দেশতে হৰতালৰ লগতে বিদেশী
সামগ্ৰীপূৰ্ণ দোকান ঘৰ ভাঙি চূৰমাৰ কৰা হৈছিল। বিটিছ চৰকাৰৰ প্ৰতিষ্ঠান হিচাপে গণ্য
কৰা ৰেল ষ্টেচন, আদালত, পুলিচ থানা আদিত জনসাধাৰণে আক্ৰমণ কৰিছিল। ৰেল লাইন
ধ্বংস কৰাৰ লগতে টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল। কিছুমান ঠাইত আনকি স্বাধীন
চৰকাৰো প্রতিষ্ঠা কৰা হৈছিল। উত্তৰ প্রদেশ, বিহাৰ, বংগদেশ, বোম্বাই, উৰিষ্যা আৰু
অন্বপ্ৰদেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। বালিয়া, চাতাৰা, দৰৱাৰ, বালাচোৰ,
তালচেৰ আদি ঠাই বিটিছ শাসনৰপৰা মুক্ত বুলি ঘোষণা কৰ৷ হৈছিল আৰু তাত নিজাকৈ
চৰকাৰ গঠন কৰা হৈছিল।
যদিও এই আন্দোলন দীৰ্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ
গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ
জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফুৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক

_ ১৯৪২ চন ৮ আগষ্ট, ভাৰত আগ আন্দোলনত গান্ধীৰ বক্তৃতা

ইতিহাস

--- Page 43 ---
নতুন মাত্রা প্ৰদান কৰিছিল। ছাত্ৰ, | =
এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা |
গ্রহণ কৰিছিল। এই এতিহাসিক aR ieee
আন্দোলনটোৱে স্বাধীনতাৰ |e

দাবীক জাতীয়তাবাদী আন্দোলনৰ "কি
তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত
কৰিছিল। ভাৰত ত্যাগ |
আন্দোলন’ৰ পিছত স্বাধীনতা
দৰদামৰ বিষয় হৈ থকা নাছিল।

ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত |

কৰিবলগীয়া এটাই বুজাপৰা বাকী “ae CP wy

আছিল সেয়া হ’ল কেৱল ক্ষমতাৰ টী Se aoe amr i al

হস্তান্তৰ। ভাৰত ত্যাগ আন্দোলনৰ বিশাল প্ৰতিবাদী শোভাযাত্ৰা

২.২০ ঃ ভাৰতীয় জাতীয় সেনা বাহিনী

১৯৪২ চনৰ বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰাৰ পিছত, ১৯৪৫ চনত যুদ্ধৰ
সামৰণি পৰাৰ সময়লৈকে দেশৰ ভিতৰত কোনো ৰাজনৈতিক কাৰ্যকলাপ প্রায় নথকাৰ

দৰেই হৈছিল। কিন্তু সেই সময়ত জাতীয় আন্দোলনে দেশৰ
বাহিৰত নতুন ৰূপত প্রকট হৈছিল। জাতীয় কংগ্ৰেছৰ দুবাৰো
সভাপতি নিৰ্বাচিত হোৱা সুভাষ চন্দ্ৰ বসু বিটিছ বিৰোধীতাৰ
বাবে ১৯৪১ চনত কলিকতাৰ নিজৰ ঘৰতে গৃহবন্দী কৰা
হয়। fee পুলিচ-চোৰাংচোৱাৰ বেহু ভাঙি তৈওঁ
আৰু মালয়ত উপস্থিত হয়। ১৯৪৩ চনত তেওঁ বিদেশবাসী
জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয়
জাতীয় সেনা বাহিনী (indian National Army) নাইবা
আজাদ হিন্দ ফৌজ পুনৰ্গঠন কৰে।

ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্রথমে পোষণ কৰিছিল মালয়ত বিটিছ
সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা
ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে।

১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ’ত বহা এখন সভাত
ভাৰতীয় স্বতন্ত্ৰ লীগ (Indian Independence League) গঠন কৰা হৈছিল। ইয়াৰ পিছত
১৯৪২ চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী
বসুক নিৰ্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ

মহাত্মা Wa Me ভাৰতৰ স্বাধীনতা সংগ্ৰাম ৩৫


--- Page 44 ---
পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বেংকক অধিৱেশনে সুভাষ চন্দ্ৰ বসুকো জাপানলৈ
TET জনায়। তেওঁৰ জাপানত উপস্থিত হোৱাৰ পিছতে ৰাসবিহাৰী বসুই ভাৰতীয় FoR
লীগৰ সভাপতিৰ আসনখন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়। লগতে
আই এন এৰ সৰ্বোচ্চ মুৰৰী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়।

১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ
(যাক আজাদ হিন্দ চৰকাৰ বুলি জন৷ যায়) গঠন কৰি বিটিছৰ-মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ
কৰে। ভাৰতীয় জাতীয় সেনা বাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ
মানুহকো সৈন্য বাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয়
আৰু ‘জান্সি ৰাণী ৰেজিমেণ্ট’ নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়।
সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি
ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু
মই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল।
সমৰ্পণ কৰিবলৈ বাধ্য কৰে।

সুভাষ চন্দ্ৰ বসুই ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুৰ্ঘটনাত প্রাণ হেৰুৱায়
বুলি কোৱা হয়। ফেচীবাদী শক্তিৰ সহায়ত স্বাধীনতা অৰ্জনৰ চেষ্টা কৰা বুলি তেওঁক
ভাৰতীয় জাতীয়তাবাদী নেতাসকলৰ একাংশই সমালোচনাও কৰিছিল। একে সময়তে
তেওঁক ভাৰতীয় জাতীয় সেনা বাহিনীৰ প্রতিষ্ঠাৰ জৰিয়তে ভাৰতীয় জনতা আৰু ভাৰতীয়
সৈন্যৰ সন্মুখত এটা স্বদেশপ্ৰেমৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে ভাৰতীয়সকলে বন্দনা কৰে।
তেওঁক গোটেই দেশবাসীয়ে নেতাজী হিচাপে সন্মানিত কৰিছে।

স্বাধীনতাৰ প্রাৰম্ভ £ ১৯৪৫ চনত বিটিছসকলে দ্বিতীয় মহাযুদ্ধত জয়লাভ কৰে।
সেইবাবে ভাৰতীয়সকলক কিছু ক্ষমতা অৰ্পণ কৰাৰ বাবে, ভাৰতৰ ভাইচৰয় লৰ্ড বাভেলে
ছিমলাত ৰাজনৈতিক নেতাসকলৰ এখন সন্মিলন অনুষ্ঠিত কৰে। কিন্তু উক্ত সন্মিলনখন
অসফল হয় আৰু ৰাজনৈতিক বিবাদৰ কোনো সমাধান নহ’ল।

১৯৪৬ চনত শ্রমিক দলৰ পৰা নিৰ্বাচিত আৰু ভাৰতীয়সকলৰ প্রতি সহানুভূতিশীল
বিটিছ প্রধান মন্ত্ৰী মিঃ ক্লিমেণ্ট এটলিয়ে ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল। ইয়াৰ
উদ্দেশ্য আছিল ভাৰতত সৃষ্টি হোৱা অচলাবস্থা আঁতৰ কৰি ভাৰতক স্বাধীনতা প্রদান
কৰা। এটলিৰ মন্ত্ৰীসভাৰ তিনিজন সদস্য ক্ৰমে ছবাৰ ষ্টেফোৰ্ড Sig, লৰ্ড পেথিক লৰেন্স
আৰু এ. ভি. আলেকজেণ্ডাৰ আছিল উক্ত ‘কেবিনেট মিছন’ৰ সদস্য। অন্যবোৰৰ লগতে
মিছনে অনুমোদন জনাইছিল ক্ৰমে-- (>) বিটিছ অধিকৃত ভাৰতৰ লগতে দেশীয়
ৰাজ্যবোৰক সামৰি বৈদেশিক পৰিক্ৰমা, প্রতিৰক্ষা আৰু যোগাযোগক নিয়ন্ত্ৰণত ৰাখি এখন
যুক্তৰাষ্ট গঠন কৰা। ভাৰতখন তিনিটা প্রাদেশিক গোটত ভাগ কৰা হ’ব- ‘ক’ গোটত

ইতিহাস

--- Page 45 ---
গোটত থাকিব ক্ৰমে উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, পাঞ্জাব, সিন্ধু প্ৰদেশ আৰু বেলুচিস্তান
আৰু *গ’ গ্ৰুপত থাকিব ক্ৰমে--- বংগদেশ আৰু অসম। (২) দেশখনৰ ভবিষ্যত সংবিধান
প্রস্তুত কৰিবৰ বাবে এখন সংবিধান সভা (Constituent Assembly) গঠন কৰা হ’ব।
৩। সংবিধানখন প্ৰস্তুত নোহোৱা পৰ্যন্ত কেন্দ্ৰত এখন অস্থায়ী চৰকাৰ গঠন কৰা হ’ব।

সংবিধান সভাখনৰ বাবে হোৱা নিৰ্বাচনত কংগ্ৰেছ দলে অধিক আসন পাইছিল। মুছলিম
লীগে সমিতিখন বৰ্জন কৰি sv আগষ্ট ১৯৪৬ চনত পাকিস্তানক সাকাৰ ৰূপত পাবলৈ
প্রত্যক্ষ দাবী দিৱস (Direct action day)’ পালন কৰে। দেশখনৰ বিভিন্ন অঞ্চলত,
বিশেষকৈ বংগদেশত সাম্প্ৰদায়িক সংঘৰ্ষই ব্যাপক ৰূপ ধাৰণ কৰে। তৎসত্বেও কেন্দ্ৰত
জৱাহৰলাল নেহৰুৰ নেতৃত্বত এখন অন্তৰ্বতীকালীন চৰকাৰ গঠন হয়। মুছলিম লিগে উক্ত
চৰকাৰত অংশ গ্রহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে, কিন্তু পিছলৈ নিজৰ মত সাপেক্ষে
যোগদান কৰে। তথাপিও কিন্তু মুছলিম লিগ আৰু কংগ্ৰেছৰ মাজত সংঘাত আঁতৰ হোৱা
নাছিল। ১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে, বিটিছ প্রধানমন্ত্ৰী এটলিয়ে সন্মানীয় বিটিছ
চৰকাৰৰ সিদ্ধান্ত আনুষ্ঠানিকভাবে ঘোষণা কৰি যিকোনো কাৰণতেই ভাৰতৰ জনগণক ক্ষমতা
প্রদানৰ দিন ১৯৪৮ চনৰ জুন মাহৰ পিছলৈ নিয়া নহ'ব বুলি FA] ১৯৪৭ চনৰ মাৰ্চ মাহত

২.২১ ঃ ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণা-পত্ৰ

১৯৪৭ চনৰ ৩ জুনত দেশখন বিভাজন কৰাত বাহিৰে সমস্যা সমাধানৰ অন্য উপায়
নাই বুলি লৰ্ড মাউণ্টবেটেনে ঘোষণা কৰে আৰু কংগ্ৰেছ নেতাসকলকো পতিয়ন নিয়াবলৈ
সক্ষম হয়। তেওঁৰ ঘোষণাৰ প্ৰধান বৈশিষ্ট্যসমূহ আছিল এনেধৰণৰ-_ (>) ভাৰতবৰ্ষক
বিভাজন কৰা হ’ব, (২) উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত
অথবা পাকিস্তানত যোগদান কৰিব পাৰিব, (৩) পাঞ্জাব আৰু বংগদেশৰ প্ৰাদেশিক
বিধানমণ্ডলে প্ৰদেশ দুখন বিভাজিত হ'ব নে নহয় নিজে সিদ্ধান্ত গ্ৰহণ কৰিব, (৪) দেশীয়
ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব।

২.২২ 3 ভাৰত স্বাধীন আইন ১৯৪৭
১৯৪৭ চনৰ জুলাই মাহত বিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে।

ইয়াৰ মূল দফা আছিল--

(১) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে
স্বাধীনতা লাভ কৰিব।

(২) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন
কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই Kiva
কমনৱৰেল্থত (British Commonwealth of
Nations)© দেশ দুখনে যোগ দিব নে নিদিয়ে
নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।

মহাত্মা Wat আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম


--- Page 46 ---
(©) প্রতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি
দিব।

(৪) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ
কৰিব।

২.২৩ 8 ১৫ আগষ্ট, ১৯৪৭, স্বাধীন ভাৰতৰ জন্ম

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰপৰা বিটিছ ৰাজত্বৰ অৱসান হয়। তদানীন্তন
দেশখন কিন্তু ভাৰত আৰু পাকিস্তান নামেৰে দুভাগত বিভক্ত হয়। মহন্মদ আলী জিন্না
পাকিস্তানৰ প্রথম গৱৰ্ণৰ জেনেৰেল হয় আৰু ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় লৰ্ড
মাউণ্টবেটেন। জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে।

১৯৪৭ চনৰ ১৭ আগষ্টত ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি
গ্ৰহণ কৰা হয়। ১৯৭১ চনৰ মাৰ্চ মাহত যেতিয়া বাংলাদেশ স্বাধীন হয় (পূৰ্বৰ পূব
পাকিস্তান), ৰেডক্লিফ AS ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্রহণ কৰা হয়।

মহাত্মা গান্ধীৰ জীৱন-পঞ্জী
১৮৬৯ গুজৰাটৰ পোৰবন্দৰত ২ অক্টোবৰ তাৰিখে জন্ম। পিতৃৰ নাম কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম
পুতলীবাই গান্ধী।

PVR লগত বিবাহ।
আইন অধ্যায়নৰ বাবে ইংলেণ্ডলৈ AT |

১৮৯৩ নাটালত থকা পোৰবন্দৰ মুছলমানসকলৰ এটা প্রতিষ্ঠানক এজন আইনজ্ঞ হিচাপে প্ৰতিনিধিত্ব কৰি
দক্ষিণ আফ্ৰিকালৈ যাত্ৰা।

১৮৯৩-১৯১৪ দক্ষিণ আফ্ৰিকাত বাস কৰা ভাৰতীয়সকলৰ অধিকাৰ সুৰক্ষাৰ বাবে প্রচাৰ।

১৯১৪ দ্বিতীয় বুৱা (30০))ৰ যুদ্ধত তেওঁৰ অবদানৰ বাবে তেওঁলৈ ‘কাইজাৰ ই হিন্দ’ স্বৰ্ণ পদক প্রদান।

১৯১৫ ভাৰতলৈ প্ৰত্যাবৰ্তন কৰি সৱৰমতী আশ্ৰম প্রতিষ্ঠা।

১৯১৯ ৰাওলাট আইন বিৰোধী আন্দোলনৰ সূচনা। ১৩ এপ্ৰিলত জালিৱানাৱালাবাগ হত্যাকাণ্ড।
গান্ধীজীয়ে ‘কাইজাৰ ই হিন্দ’ বঁটা ঘূৰাই দিয়ে।

১৯২০ অসহযোগ আন্দোলনৰ আৰম্ভণী।

চৌৰী চৌৰা হত্যাকাণ্ডৰ পিছত অসহযোগ আন্দোলন প্রত্যাহাৰ।

--- Page 47 ---
১৯২২-১৯২৭ সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি, কিন্তু অস্পৃশ্যতা দূৰীকৰণ, হিন্দু-মুছলমানৰ Gey আৰু খাদি
জনপ্ৰিয়কৰণৰ বাবে একনিষ্ঠতাৰে কৰ্মত TST |

বৰদলি সত্যাগ্ৰহ।

১৯২৯ জাতীয় কংগ্ৰেছৰ গান্ধীক আইন অমান্য আন্দোলন সূচনা কৰিবলৈ অনুমোদন

১৯৩০ ডাণ্ডি যাত্ৰা (১২ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ)

১৯৩১ গান্ধী-আৰউইন চুক্তি। দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ |

১৯৩২ সাম্প্ৰদায়িক বাঁটোৱাৰাৰ বিৰুদ্ধে গান্ধীৰ আমৰণ অনশন (২০ চেপ্তেম্বৰ)। পুনা চুক্তি (২৫ ছেপ্তেম্বৰ)

১৯৩৩ হৰিজন নামৰ সাপ্তাহিক প্রকাশ।
১৯৩৪-১৯৩৮ সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি। ৱার্ধা সেৱাগ্ৰামত থিতাপি লোৱা।

১৯৩৭ FSR ৰাজনীতিলৈ প্ৰত্যাগমন।

১৯৪০ কিছুদিনৰ বাবে কংগ্ৰেছৰ নেতৃত্ব গ্ৰহণ৷

১৯৪২ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণী আৰু ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে জনসাধাৰণক উদ্বুদ্ধকৰণ।
১৯৪৪ আগা খান পেলেচত বন্দী হৈ থকা সময়ত পত্নী কস্তৰৱাৰ মৃত্যু।

নাথুৰাম গডচেৰ দ্বাৰা হত্যা (৩০ জানুৱাৰী)।

অতি চমু উত্তৰৰ প্রশ্ন ঃ
>| মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?

২। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্রথমতে প্রয়োগ কৰিছিল?
৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?

৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?

৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?

৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ
স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

--- Page 48 ---
গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী
আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?

সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্ৰতিনিধিত্ব কৰিছিল?
১৯৩২ চনত APM বাঁটোৱাৰা ঘোষণা কৰা বিটিছ প্রধানমন্ত্ৰীজনৰ নাম কি আছিল?

আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?

‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?

দীঘল উত্তৰৰ প্রশ্ন 3

>|

সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্রত গান্ধীয়ে সত্যাগ্ৰহক প্রথমতে প্রয়োগ কৰিছিল
সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।

ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?

১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল?
গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?

কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ
কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।

ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।


--- Page 49 ---
মূল আলোচ্য বিষয়
e অসমত ব্ৰিটিছ বিৰোধী জাগৰণ

e ভাৰতবৰ্ষৰ ১৮৫৭ চনৰ বিদ্ৰোহ আৰু অসমত ইয়াৰ প্রভাৱ
e _ মণিৰাম দেৱানৰ বিদ্ৰোহ

e বিদ্ৰোহৰ বিফলতাৰ কাৰণ

e অসমত ব্ৰিটিছৰ ৰাজহ বন্দবস্তিৰ প্রভাৱ

e _ ৰাইজমেল আৰু বিভিন্ন স্থানত কৃষক বিদ্ৰোহ

জনজাতীয় বিদ্ৰোহ

৩.০ 3 অসমত faite বিৰোধী জাগৰণ

উনবিংশ শতিকাৰ fag আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে
এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। অসমতো তেওঁলোকে এক শক্তিশালী
প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰি স্থানীয় লোকৰ Bel হ’বপৰা যিকোনো বিটিছ বিৰোধী
GATS বাধা প্রদান কৰিবলৈ সক্ষম হৈছিল। গোমধৰ কৌৱৰ, পিয়লি ফুকনৰ বিদ্ৰোহৰ
ব্যৰ্থতাই তাকেই প্রমাণ কৰিছিল। এক সম্পূৰ্ণ নতুন ৰাজহ ব্যৱস্থাৰে অর্থনীতিও
তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে
কৰ-কাটল সংগ্ৰহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। দৰিদ্ৰ প্ৰজা তথা কৃষকৰ


--- Page 50 ---
দুখ-দুৰ্দশা মোচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অসমত ব্ৰিটিছ
শাসনৰ পূৰ্ববতী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ইংৰাজে asa
কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া
প্রজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল আৰু ব্ৰিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি
পাই আহিছিল। তলত দিয়া পৰিসংখ্যাই ১৮৫৭ চনৰ বিদ্ৰোহৰ আগে আগে অসমত
বৃদ্ধি হোৱা ৰাজহৰ এক আভাস দিব পাৰিব। (টকাৰ হিচাপত)

১৮৩২-৩৩ ১৮৪২-৪৩ ১৮৫২-৫৩

১,১০,১৮১ টকা ২,৫২,৯৯১ টকা ২,৯৫,৯৯৬ টকা
৪১,৫০৬ টকা ১,৩৫,৪৫৪ টকা ১,৫৭,৭৯৫ টকা
৩১,৫০৯ টকা ১,১০,৩১৪ টকা ১,২৮,৮৭৩ টকা

৮০,৮৪৩ টকা ১,১৪,৪৬৩ টকা
৩৪,৭৮০ টকা ৪৬,৫৫৩ =

বিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া
সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্ৰা অৰ্থনীতিয়ে অসমত
সুদখোৰ মহাজন শ্রেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্রজাই এই সুদখোৰ মহাজন
শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। এই
মহাজন শ্ৰেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী (কেঞা) আৰু বাঙালী মহাজন।
ৰ । সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি
TK vs BZ ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল। তদুপৰি বজাৰ-সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক
আনন্দৰাম ঢেকিয়াল ফুকন জুৰুলা কৰি তুলিছিল।

De [0/৮৫০%%৫০%9৫2০৪%৫%ত৫৯ত%৫৯১%%০ত০ত৫০ত০৫ত ০৪৬ এত এত৫১ত এত ০ত ০৪ত&েত৪ে,ত&েিেততেত&েত&েত ৪ ত ৪ তে া,ত ৪ ততে ত ০৪ ত ৪ ,ত ত &
।॥ om @D ® @® @ @ @® @ @® @ @ ৰ) @® দৰ) @ @® @ @® ড্ৰ) @® ® ® @® @ @® @® @ @® @® @® @ ®

ভূমিৰ খাজনাই যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল তাক আনন্দৰাম ঢেকীয়াল ফুকনেও ১৮৫৩ চনত
মফট মিলছ চাহাবক দিয়া আৰ্জিত লিখিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ
বহু বেছি আছিল।

আনহাতে, ব্ৰিটিছ চৰকাৰে কৃষি কাৰ্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ
ফলত অসমত বতৰ প্রতিকূল হ’লেই খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল আৰু
অৱধাৰিতভাৱেই অসমীয়া প্রজাগণ দুৰ্ভিক্ষৰ কবলত পৰিছিল। আনন্দৰাম ঢেকীয়াল
ফুকনে মফট মিলছক দিয়া আৰ্জিত উল্লেখ কৰিছিল যে ১৮৫১ চনত কামৰূপ আৰু
দৰঙৰ কোনো অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিল যে মাক-দেউতাকে পৰিয়ালৰ

ইতিহাস

--- Page 51 ---
মূল্যৱান গহনা-গাঠৰিৰ উপৰি নিজৰ ল’ৰা-ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে
বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ইফালে কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰীৰ
ৰূপ ধাৰণ কৰিছিল। ১৮৩৯, ১৮৪৭ আৰু ১৮৫২ চনত এই মহামাৰীয়ে অসমৰ
ভালেমান গাঁও উছন কৰিছিল।

তদুপৰি ইংৰাজে উনবিংশ শতিকাৰ আগভাগতে উজনি অসমত চাহ বাগিচা
স্থাপন কৰিছিল। চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ
ৰাজহ ৰেহাই দিছিল। ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন
কৰিবলগীয়া হৈছিল।

ইংৰাজৰ ৰাজহ ব্যৱস্থাত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনৰ উপৰি আন আন কিছুমান কাৰকে
অসমীয়া প্রজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ অন্যান্য
ৰাজ্যৰ দৰেই অসমতো ব্ৰিটিছ শাসনে কুটীৰ শিল্পৰ অৱনতিত অৰিহণা যোগাইছিল।
আহোম ৰাজত্বৰ দিনৰপৰাই অসমৰ পাট-মুগাৰ ভাৰতবৰ্ষত এক বিশেষ বজাৰ আছিল।
কিন্তু বিটিছ শাসনে বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্টপোষকতা কৰাত অসমীয়া এই কুটীৰ

সাধাৰণ শ্ৰেণীৰ মানুহৰ এই অৱস্থাৰ বিপৰীতে অভিজাত শ্ৰেণীৰ লোকসকলৰো
যে ব্ৰিটিছছ অধীনত অৱস্থা ভাল আছিল সেইটো ক’ব নোৱাৰি। আহোম সামন্তীয়
শ্ৰেণীটোৰ কিছুসংখ্যক লোকে আৰম্ভণিৰেপৰা বিটিছ শাসনৰ লগত জড়িত হ’বলৈ চেষ্টা
কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱা বাবে গৰিষ্ঠসংখ্যকেই নতুন প্রশাসনত
অংশ ল’বলৈ সক্ষম হোৱা নাছিল। আনহাতে, ইংৰাজ শাসকেও প্ৰশাসন চলাবলৈ
বংগদেশৰপৰা বাঙালী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিল। ফলস্বৰূপে
অসমৰ আহোম শাসনৰ দিনৰ ডা-ডাঙৰীয়াসকলে BO হাৰত কৰ্মসংস্থান হেৰুৱাবলৈ
আৰম্ভ কৰিছিল। ইফালে প্রশাসনত নতুনকৈ নিয়োজিত বাঙালী বাবুসকলে ক্ৰমান্বয়ে
অসমৰ প্রশাসনিক জীৱনত প্রভুত্ব বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

অসমীয়া অভিজাত শ্ৰেণীৰ যিসকল লোকে আহোম ৰাজত্বত ফুকন, বৰা,
ৰাজখোৱা আদি বিষয়বাব পাইছিল, তেওঁলোকক ইংৰাজৰ দিনত কিছুসংখ্যকক মৌজাদাৰৰ
বাব দি ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল যদিও বহুতো অঞ্চলত অসমৰ বাহিৰৰপৰা
বিশেষকৈ বংগদেশৰ SAG আৰু পশ্চিম ভাৰতৰ মাৰোৱাৰ আদি অঞ্চলৰপৰা বাঙালী
আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক আনি দায়িত্ব অৰ্পণ কৰিছিল। ইংৰাজৰ এই কাৰ্যই
অসমীয়া অভিজাত শ্ৰেণীটোক বঞ্চিত কৰাৰ লগতে বিদেশীৰ অধীনত ৰায়ত হ’বলগীয়া
অৱস্থাৰ সৃষ্টি হৈছিল বুলি অভিযোগ উঠিছিল।

তদুপৰি আহোম ৰাজত্ব কালত অসমৰ অভিজাত শ্ৰেণীটোৱে লণগুৱা-লিকছো,
বান্দী-বেটী আদিৰ সেৱা-শুশ্ৰূষাৰে এক বিলাসী তথা আৰামৰ জীৱন যাপন কৰিছিল।
কিন্তু ১৮৪৩ চনত অসমত ইংৰাজে দাস প্রথাৰ বিলুপ্ডি ঘটোৱাত ব্ৰাহ্মণ, পুৰোহিত বা
অন্যান্য অভিজাত শ্রেণীৰ ব্যক্তিসকলে তেওঁলোকৰ খাট-পাম তথা কৃষিকৰ্মত শাৰীৰিক

অসমত fie বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ


--- Page 52 ---
শ্রম কৰা মানুহৰ অভাৱ অনুভৱ কৰিবলৈ লৈছিল। এই শ্ৰেণীটোৱে স্বাভাৱিকতেই
সামাজিক মৰ্যাদা আৰু প্রতিপত্তি হেৰুৱাই নতুন শাসন ব্যৱস্থাৰ প্রতি অসন্তুষ্ট হৈ পৰিছিল।
তেওঁলোকে নিজৰ কৃষিকৰ্ম বা অন্যান্য কাৰ্যত পূৰ্বৰ লগুৱা লিকছৌৰ দৰেই কায়িক শ্রম
কৰিবলগীয়া হোৱাত অপমানিত অনুভৱ কৰিছিল।

আনহাতে, ইংৰাজ চৰকাৰৰ দাসত্ব প্রথা নিষিদ্ধকৰণে যে আহোম ৰাজত্বৰ লগুৱা-
লিকচৌৰ অৱস্থা উন্নত কৰিছিল, তাকো ক’ব পৰা নাযায়। বিটিছে অসমত নতুনকৈ
খোলা চাহ বাগিচাসমূহত বনুৱাৰ যোগান ধৰিবলৈহে অভিজাত শ্ৰেণীৰ কবলৰপৰা
এই শ্ৰেণীটোক মুক্ত কৰিছিল। তেওঁলোকৰ উন্নয়নৰ বাবে কোনো তাৎক্ষণিক ব্যৱস্থা
গ্ৰহণ কৰা নাছিল। গতিকে এই শ্ৰেণীটোও ইংৰাজ শাসনৰ প্রতি সন্তুষ্ট আছিল বুলি
ক’ব নোৱাৰি।

ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীয়ে উল্লেখ কৰিছে যে উজনি অসমৰ ভালেমান
ব্ৰাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল, যিহেতু
তেওঁলোকৰ হাতৰপৰা বিটিছ চৰকাৰে পূৰ্বৰেপৰা ভোগ-দখল কৰি অহা লাখেৰাজ
তথা নিস্কৰ ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল আৰু বাকীখিনিৰ ওপৰত খাজনা
বহুৱাইছিল। স্বাভাৱিকতে এই শ্রেণীৰ লোকসকলো ইংৰাজ শাসনৰ বিৰোধী হৈ
পৰিছিল।

উপৰিউক্ত আলোচনাৰপৰা ক’ব পৰা যায় যে ১৮৫৭ খ্ৰীষ্টাব্দৰ পূৰ্বৰ প্রায় তিনি
দশকজোৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনে জনসাধাৰণৰ কোনো শ্ৰেণীকে সন্তুষ্ট কৰিব
পৰা নাছিল। ইংৰাজ শাসনৰ আৰম্ভণিৰ গোমধৰ কৌৱৰ, পিয়লি ফুকন বা গদাধৰৰ বিদ্ৰোহ
আছিল কেৱল আহোম অভিজাত ডা-ডাঙৰীয়াসকলৰ বিদেশী শাসনৰ বিৰুদ্ধে প্রকাশ
কৰা অসম্তুষ্টি। এই বিদ্ৰোহসমূহ তেওঁলোকৰ মাজতেই সীমাবদ্ধ আছিল। সাধাৰণ শ্ৰেণীৰ
লোকৰ অংশগ্ৰহণ নাছিলেই। কিন্তু এই বিদ্ৰোহসমূহ দমন হোৱাৰ পিছৰ কালছোৱাত
ইংৰাজ শাসনৰ বিৰূদ্ধে পুঞ্জীভূত অসন্তুষ্টি সৰ্বসাধাৰণলৈও বিয়পি পৰিছিল। ব্ৰিটিছ শাসন-
শোষণৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণ জাগ্ৰত হৈছিল।

৩.১ 3 অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্রভাৱ

আধুনিক ভাৰত বুৰঞ্জীত ১৮৫৭ চন এক বিশেষভাৱে উল্লেখনীয় বছৰ। ব্ৰিটিছ
সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই এই বছৰতেই বিদ্ৰোহ ঘোষণা কৰি ভাৰতবৰ্ষত
বিটিছ শাসনৰ ভেঁটি কঁপাই তুলিছিল। বিটিছৰ সাম্ৰাজ্যবাদী নীতি যেনে-- লৰ্ড
ওৱেলেচ্‌লিৰ বশ্যতামূলক মিত্ৰতা নীতি, লৰ্ড ডেলহাউচীৰ স্বত্বৰিলোপ নীতি আদিয়ে
বিভিন্ন ভাৰতীয় ৰাজ্যক ব্ৰিটিছৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। এই ৰাজ্যসমূহৰ বঞ্চিত
বিভিন্ন দুৰ্দশাৰ প্ৰতিবাদত ১৮৫৭ চনৰ ১০ মে’ তাৰিখে মিৰাটত বিদ্ৰোহ ঘোষণা কৰিছিল,
তেতিয়া এই বিদ্ৰোহী সৈন্য বাহিনীক সম্পূৰ্ণ সমৰ্থন আগবঢ়াই বিদ্ৰোহ আৰু শক্তিশালী
কৰি তুলিছিল। মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহ, কাণপুৰৰ নানা চাহেব, মাৰাঠা নেতা

ইতিহাস

--- Page 53 ---
তীতিয়া টোপে, বাঞ্চীৰ ৰাণী লক্ষ্মী বাই আদিয়ে এই বিদ্ৰোহৰ নেতৃত্ব প্রদান কৰিছিল।
বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শ্বাহক পুনৰ মোগল সম্ৰাট পাতি ব্ৰিটিছৰ শাসন চিৰদিনলৈ
ভাৰতবৰ্ষত অৱসান ঘটাব বিচাৰিছিল।

ইতিমধ্যে আলোচনা কৰা হৈছে যে বিটিছ শাসন-শোষণৰ বিৰুদ্ধে অসমীয়া
জনসাধাৰণ জাগ্ৰত হৈ উঠিছিল। ১৮৫৭ চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক
ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্ৰদান
কৰিছিল। সেয়েহে ১৮৫৭ চনৰ বিদ্ৰোহে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ব্ৰহ্মপুত্ৰ
উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা
ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উথ্থান ঘটাই
তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম ৰাজপৰিয়ালৰ এজন কৌৱৰক অসমৰ
ৰজা হিচাপে প্রতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। বৰাক উপত্যকাতো চিতাগঞ্জৰপৰা অহা
চিপাহীসকলে বিদ্ৰোহৰ সূচনা কৰিছিল।

উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ
দুটা ৰেজিমেণ্ট আছিল-- ডিব্ৰুগড়ৰৰ প্ৰথম আসাম লাইট ইনফেণ্ট্ৰী আৰু গুৱাহাটীৰ
দ্বিতীয় আসাম লাইট ইনফেণ্ট্ৰী। যদিও প্ৰথম অৱস্থাত এই দুয়োটা ৰেজিমেণ্টৰ সৈন্যসকল
ৰেজিমেণ্টৰ লগতে শিৱসাগৰ আৰু চৈখোৱাত থকা ছাউনিৰ সৈন্যৰ মাজতো কিছু অসন্তুষ্টি
বিয়পি পৰা দেখা গৈছিল।

যিসকলে সৈন্য বাহিনীৰ মাজত বিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা
পৰা বিটিছ শাসন ওফৰোৱাৰ লগতে প্রাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ
সিংহক সিংহাসনত প্রতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্রতিষ্ঠা কৰাৰ সপোন দেখিছিল।
এই সমগ্ৰ পৰিকল্পনাৰ মূলতে আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা, যি মণিৰাম দেৱান নামেৰে
জনপ্ৰিয় আছিল। যেতিয়া মিৰাটত প্রথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল,
মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল। এজন আহোম ৰাজকৌৱৰৰ হাতত
শাসনভাৰ প্রদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে
তেওঁ কলিকতালৈ বিটিছ চৰকাৰক এখন আৰ্জি পেচ কৰিবলৈ গৈছিল।

কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি
অসমৰপৰা ইংৰাজক খেদোৱাৰ WAG ৰচনা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী,
লোকে মণিৰাম দেৱানৰ SII প্রতি সঁহাৰি জনাইছিল। এইটো ঠিক হৈছিল যে আহোম
কৌৱৰ কন্দৰ্পেশ্বৰ সিংংৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু

অসমত Bie বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

” 24
ৰাঞ্চীৰ ৰাণী লক্ষ্মী বাট

--- Page 54 ---
মণিৰাম দেৱানে CEE কলিকতাৰপৰা আহি সহায়ৰ হাত আগবঢ়াব।

ইংৰাজ চৰকাৰে এই ষড়যন্ত্ৰ উমান ১৮৫৭ চনৰ আগষ্ট মাহৰ মাজভাগতে
পাইছিল। সেই অনুযায়ী বিদ্ৰোহীসকলক দমন কৰিবলৈ প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছিল।
চীফ কমিছনাৰ জেন্‌কিনচে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰপৰা প্রশিক্ষিত ইউৰোপীয়ান
সৈন্যৰ এক ফৌজ পঠিয়াবলৈ চৰকাৰলৈ অনুৰোধ কৰিছিল।

১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰৰ প্ৰিন্সিপাল এছিছটেণ্ট
কেপ্টেইন হলৰইডে (Holroyd) মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ
সক্ষম হয়, য’ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ উল্লেখ আছিল। কেপ্টেইন হলৰইডৰ
MAS কেপ্টেইন লউডাৰ (Louther) এটি ব্ৰিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত
হয় আৰু ছেপ্টেম্বৰৰ ৭ তাৰিখে কন্দৰ্পেশ্বৰ সিংংক আটক কৰে। আহোম ৰাজকৌৱৰক
কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰখা হয়।

কন্দৰ্পেশ্বৰ সিংহৰ গ্ৰেপ্ডাৰৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা
হয়। মণিৰাম দেৱান ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ মূল নায়ক আছিল। তেওঁক আলিপুৰ
জেইলত প্রায় আঢ়ৈ মাহ ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয়।

কেপ্টেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু
পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা AWA বাবে দোষী সাব্যস্ত কৰে আৰু ফীচীৰ
হুকুম জাৰি কৰে। সেই অনুযায়ী ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত দুয়োজনকে ফীচী দিয়া
Bal | মধু মল্লিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদিক যড়যন্তুত অংশগ্ৰহণ
কৰাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। বাহাদুৰ গাীওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলীক
আন্দামানলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰা হয়।

যিসকল চিপাহীয়ে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল, তেওঁলোককো শাস্তি প্রদান
কৰা হৈছিল। উদাহৰণস্বৰূপে ডিব্ৰুগড় ৰেজিমেণ্টৰ কিছু চিপাহীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ
লগতে গোলাঘাটৰ কিছুসংখ্যক চিপাহীক তেওঁলোকৰ দায়িত্বৰপৰা অব্যাহতি দিয়া হয়।

আহোম কৌৱৰ কন্দৰ্পেশ্বৰ সিংহ যিহেতু নাবালক আছিল, তেওঁক বৰ্ধমানত বিশেষ
জেইলত ১৮৬০ চনৰ ডিচেম্বৰ মাহলৈকে ৰখা হয়, পিছত তেওঁক গুৱাহাটীলৈ আহিবলৈ
অনুমতি দিয়া হয়। তেওঁ গুৱাহাটীতে বসতি কৰিবলৈ লয়। যোৰহাটলৈ ঘূৰি যোৱাৰ
অনুমতি তেওঁক বিটিছ চৰকাৰে নিদিলে। ১৮৬৩ চনৰপৰা কাৰ্যকৰী হোৱাকৈ তেওঁ Coo
টকাৰ পেঞ্চন লাভ কৰে।

মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰৰ পিছত (১৮৫৮ চনৰ) দুতিৰাম বৰুৱা, শ্বেখ
আহিবলৈ অনুমতি দিয়া হয়।

এইদৰেই বিটিছক ওফৰাই আহোম ৰাজতন্ত্ৰক পুনৰ প্রতিষ্ঠা কৰাৰ বাবে ১৮৫৭
চনত মণিৰাম দেৱানে কৰা চেষ্টাৰ বিফল পৰিণতি ঘটে।


--- Page 55 ---
মণিৰাম দেৱানৰ ব্যক্তিত্ব আৰু জীৱন gale

মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম
দেৱান নামেৰে পৰিচিত হৈছিল। তেখেতে
মানসকলৰ দ্বাৰা হোৱা আক্ৰমণত অসমীয়া
জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে অসম
দেশ ১৮২৬ চনত কেনেকৈ ব্ৰিটিছৰ অধীনলৈ
গৈছিল, এই সকলোবোৰ ঘটনাৰে প্ৰত্যক্ষদৰ্শী
আছিল। আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ
বিৰোধী নাছিল। বৰং ১৮২৮ চনত বিটিছে
তেখেতক চিৰস্তাদাৰ (ৰাজহৰ হিচাপ ৰক্ষক)
হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত
থাকৌতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ
সাধন কৰি নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিবলৈ
সক্ষম হৈছিল। পুৰন্দৰ সিংহক যেতিয়া উজনি
অসমত বিটিছ চৰকাৰে পুনৰ প্রতিষ্ঠা কৰিছিল,
মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান
হিচাপে যোগদান কৰিছিল। অজ্ঞাত কাৰণত মণিৰাম দেৱানে এই পদবীৰপৰা ইস্তফা দি অসম টি
কোম্পানীত (ব্ৰিটিছ মালিকানাধীন, ১৮৩৯ চনত প্রতিষ্ঠিত) যোগদান কৰে। ১৮৪৪ চনত তেওঁ এই
পদবীৰপৰাও ইস্তাফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ
কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে বিটিছ চৰকাৰৰপৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট
হৈ পৰে। তদুপৰি শিৱসাগৰ জিলাৰ মুখ্য বিষয়া হিচাপে ১৮৫১ চনত যোগদান কৰা কেপ্টেইন হলৰইডে
মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰপৰা বঞ্চিত কৰিছিল। যদিও
মণিৰাম দেৱানৰ কৰ্মজীৱন বিটিছ চৰকাৰৰ অধীনত কৰ্তৃত্বশীল বিষয়া হিচাপে আৰম্ভ হৈছিল, কিন্তু
পিছলৈ একে চৰকাৰৰ অধীনতে পদবীবিহীন, ধন, মান-সন্মানবিহীন এক সাধাৰণ প্রজালৈ অৱনতি
ঘটিছিল।

মণিৰাম দেৱান এটা ক্ষেত্রত সিদ্ধান্তলৈ আহিছিল যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ
উন্নতি কোনোমতেই সম্ভৱ নহয়। গতিকে আহোম ৰাজতন্ত্ৰ পুনৰ প্রতিষ্ঠা কৰিলেহে যে নিজৰ অৱস্থাৰ
উন্নতি হ’ব সেইটো পতিয়ন গৈছিল। আহোম ৰাজকৌৱৰ কামেশ্বৰ সিংহৰ লগতে মণিৰাম দেৱানেও
ব্ৰিটিছ চৰকাৰৰপৰ৷ ১০০০ টকাৰ পেঞ্চন ল’বলৈ অমান্তি হৈছিল। ১৮৫১ চনত কামেশ্বৰ সিংহৰ মৃত্যু
হয় আৰু তেওঁৰ পুত্ৰ কন্দৰ্পেশ্বৰ সিংহক ৰাজসিংহাসনত প্রতিষ্ঠা কৰিবলৈ মণিৰাম দেৱানে উৎসাহিত
কৰাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।

১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট্‌ মিলচে অসমৰ প্রশাসন ব্যৱস্থাৰ
বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে দুখন আৰ্জি পেচ কৰিছিল।

অসমত fie বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

--- Page 56 ---
এখনত তেখেতে বিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্রতিবেদন দি চৰকাৰে যাতে
সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। আনখন আৰ্জিত আহোম ৰাজকৌৱৰ কন্দৰ্পেশ্বৰ
সিংহক পুনৰ আহোম ৰাজ সিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুৰ্দশাৰ বিষয়ে অৱগত কৰিছিল।
এই আবেদনত তেওঁ ইংৰাজ শাসনৰ অধীনত অসমৰ ৰাইজে ভোগ কৰা৷ কিছুমান ভাল ফল যেনে-- আহোম
শাসনত প্রচলিত নাক-কাণ কটা আদি শাস্তিৰ অৱসানৰ কথা উল্লেখ কৰিছিল যদিও কিছুমান ইংৰাজ শাসনৰ
ফলত হোৱা বেয়া কাম যেনে অনুপযুক্ত ব্যক্তিক পেন্সন প্রদান, উচ্চ-অভিজাত বিষয়াক সা-সুবিধাৰপৰা
বঞ্চিত কৰি সাধাৰণ প্রজাৰ শাৰীলৈ অৱনমিতকৰণ আদি উল্লেখ কৰিছিল।

মিলে তেখেতৰ প্রতিবেদনৰ পৰিপ্ৰেক্ষিতত ইংৰাজ চৰকাৰৰ বিভিন্ন দিশ সমালোচনা কৰিছিল যদিও
মণিৰাম দেৱানৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল। বৰঞ্চ মণিৰাম দেৱানক এজন DIBA হিচাপেহে
অভিহিত কৰিছিল।

মিলৰ প্ৰতিবেদনে মণিৰাম দেৱানৰ আশা ধূলিসাৎ কৰিছিল আৰু তেওঁ ইংৰাজৰ সম্পূৰ্ণ বিৰোধী
হৈ পৰিছিল। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে বিিটিছৰ বিৰুদ্ধে সন্মুখ-সমৰলৈ নগৈ ১৮৫৭
চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু ব্ৰিটিছ চৰকাৰক কন্দৰ্পেশ্বৰ সিংহক অসমৰ সিংহাসনত প্রতিষ্ঠা
কৰিবলৈ আবেদন কৰিবলৈ স্থিৰ কৰিছিল। কিন্তু তেওঁ বংগদেশৰ লেফটেনেণ্ট গৱৰ্ণৰক সাক্ষাৎ কৰাৰ কোনো
সুযোগেই লাভ নকৰিলে।
জানিব পাৰি লগে লগে অসমতো বিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি
বিটিছ শাসন ওফৰোৱাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰপৰা কিছু গোপন পত্র যোৰহাটত থকা কন্দৰ্পেশ্বৰ
সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰসমূহত তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত
অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুৰ্গা
পূজাৰ সময়ত মণিৰাম দেৱানে অস্ত্ৰ -শস্ত সহিতে উজনি অসমলৈ আহি বিদ্ৰোহত যোগ দিয়াৰ পৰিকল্পনা
কৰিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে এই সকলো গোপন যড়যন্ত উল্লেখ থকা পত্ৰ কেইবাখনো শিৱসাগৰ জিলাৰ
বিষয়া কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় আৰু মণিৰাম দেৱানক লগে লগে কলিকতাত গ্ৰেপ্তাৰ
কৰা হয়। যোৰহাট আৰু শিৱসাগৰত তেওঁক সহযোগ কৰা পিয়লি বৰুৱা, কন্দৰ্পেশ্বৰ সিংহকে আদি কৰি
অন্যান্যক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট কাৰাগাৰত ৰখা হয়। মণিৰাম
দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফীচীকাঠত ওলমায়।

৩.১.০১ 3 অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ
উপৰিউক্ত আলোচনাৰপৰা ক’ব পাৰি যে ৰাজনৈতিক আৰু সাংগঠনিক প্রচেষ্টাৰ
পিছতো মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে উত্তৰ ভাৰতৰ দৰে অসমত চিপাহী
বিদ্ৰোহৰ জুই জ্বলাবলৈ সক্ষম নহ’ল।
প্ৰথমতেই অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ
সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাও, কামৰূপ আৰু

ইতিহাস

--- Page 57 ---
গুৱাহাটীত বিশেষ সমৰ্থন লাভ কৰা নাছিল।
সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ
প্রস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল।

তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰপৰা বহু যোজন
দূৰৈত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰপৰা বহু দূৰৈত
আছিল আৰু তাৰপৰা চিঠি-পত্ৰৰ যোগেদি বা আদেশ পঠিয়াই বিদ্ৰোহ পৰিচালিত কৰাটো
বাস্তৱসন্মত নাছিল। মণিৰাম দেৱান যিমান সোনকালে পাৰে কলিকতাৰপৰা উভতি আহিব
লাগিছিল। প্ৰশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্রয়োজনীয় দক্ষতা
দেৱানৰ নাছিল। বিদ্ৰোহৰ নেতৃত্ব দিয়াজনে প্ৰতিপক্ষক দুৰ্বল বুলি অৱজ্ঞা কৰা বা ক্ষমতা
তথা বুদ্ধিমত্তাক হেয়জ্ঞান কৰিলে কি পৰিণাম হয় মণিৰাম দেৱান তাৰ এটি উৎকৃষ্ট
নিদৰ্শন আছিল।

চতুৰ্থতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম
দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্রচেষ্ট৷ হাতত লোৱা নাছিল। নগাঁও আৰু
গুৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল বিদ্ৰোহৰ প্রতি অলপো
সহানুভূতিশীল নাছিল। সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া
বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলে বাঙালী মধ্যবিত্ত শ্রেণীৰ জীৱনধাৰাৰ প্রতিহে বেছি
আকৰ্ষিত হৈছিল। পুৰণি আহোম ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ অধীনলৈ পুনৰাই উভতি
যোৱাৰ কোনো ইচ্ছা তেওঁলোকৰ নাছিল। গতিকে ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ এই
শ্ৰেণীৰ লোকে কোনো সমৰ্থন বা সহানুভূতি প্রদৰ্শন কৰা নাছিল। ফলত অসমত বিদ্ৰোহৰ
বুৰবুৰণিহে হৈছিল, বিস্ফোৰণ ঘটিবলৈ পোৱা নাছিল।

ARIS, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত
ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা বিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ
নিৰ্মূল কৰাত চৰকাৰ সফল হৈছিল।

ষষ্ঠতে, অসমৰ বিদ্ৰোহীসকলে প্রয়োজন অনুযায়ী অস্ত্ৰ-শস্ত্ৰ যোগান পোৱা নাছিল।
মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্তু তাৰ আগতেই তেওঁ
ধৰ৷ পৰিছিল।

শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো faba সৈন্য বাহিনীত থকা
ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল। অসমৰ
বিদ্ৰোহীসকলে মিৰাট, দিল্লী, লক্ষৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব
পৰা নাছিল।

এই সকলোবিলাক কাৰণতে অসমত ১৮৫৭ চনৰ বিদ্ৰোহে বিশেষ প্রভাৱ পেলাব
পৰা নাছিল। যি অলপমান হৈছিল বিটিছ চৰকাৰে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম
হৈছিল।

অসমত ibe বিৰোধী জাগৰণ আৰ কৃষক বিদ্রোহ


--- Page 58 ---
৩.১.০২ 3 অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ Vag 2

১৮৫৭ চনৰ বিদ্ৰোহ যদিও বিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম
হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সৰ্বভাৰতীয় এতিহাসিক ঘটনাৰ লগত
অসম জড়িত হৈছিল।

দ্বিতীয়তে, ১৮৬১ চনৰ পৰা৷ অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭
চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।

তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্ৰদায়ে একগোট হৈ
বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।

১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে
অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত
হৈছিল।

৩.২ 8 অসমত কৃষক বিদ্ৰোহৰ Gets

১৮৫৭ চনৰ বিদ্ৰোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰপৰা ক্ষমতা মহাৰাণীৰ
ঘোষণা-পত্ৰৰ (১৮৫৮) যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত কৰা হয়। ১৮৫৭ চনৰ
বিদ্ৰোহে বিটিছ চৰকাৰৰ অর্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল। বিদ্ৰোহ দমনৰ নামত
যিহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল, ১৮৫৭-৫৮ চনত ঘাটি বাজেট ১৪ মিলিয়ন
পাউণ্ডলৈ বৃদ্ধি পাইছিল। গতিকে চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী বছৰকেইটাত ইংৰাজ চৰকাৰৰ
প্রধান কাম আছিল ভাৰতবৰ্ষত অর্থনৈতিক অৱস্থা সুস্থিৰ কৰি তোলা আৰু বিদ্ৰোহৰ ঘাটি
পূৰণ কৰা। ফলস্বৰূপে ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰ-কাটলৰ বোজা পৰিছিল। অসমৰ
ক্ষেত্ৰতো যিহেতু একেই নীতি পালন কৰ৷ হৈছিল, প্ৰচলিত অন্যান্য কৰ-কাটল বাহাল ৰখাৰ
উপৰি নতুনকৈ আৰু ভালেমান কৰ-কাটল আৰু খাজনা বহুওৱাৰ ব্যৱস্থা কৰা হৈছিল। কৰ
বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ ভিতৰত ১০০ শতাংশ হৈছিল। ১৮৫৮ চনত
টিকট কৰ (Stamp duties), ১৮৬০ চনত আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ
আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ (Licence Tax) আৰু চৰ-চাপৰি বা চৰণীয়া পথাৰত
গৰু-ম’হ চৰোৱাৰ বাবদ cafe কৰ (Grazing Tax) বহুৱা হৈছিল। কামৰূপ, দৰং আৰু
ন্গাৱত আবকাৰী কৰ (Excise duties) লগোৱা LA! সোণ কমোৱা নৈ, মাছ ধৰা নৈ
ডাকত দিয়া হ’ল। ব্ৰিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এই সকলোবোৰ ব্যৱস্থাই আটাইতকৈ
বেছি ক্ষতিগ্ৰস্ত কৰিছিল সাধাৰণ প্রজা তথা৷ কৃষকসকলক। আগতেই উল্লেখ কৰা হৈছে যে
কৃষকৰপৰা কৰ-কাটল সংগ্ৰহ কৰিলেও, কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো
ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বিদেশী চৰকাৰখনে, প্রাকৃতিক দুৰ্যোগ, মহামাৰী আনকি
দুৰ্ভিক্ষৰ সময়তো কৃষক ৰাইজক কৰ-কাটলৰপৰা ৰেহাই দিয়া নাছিল। এই সকলোবোৰ
কাৰণত সৰ্বসাধাৰণ ৰাইজ বিটিছ চৰকাৰৰ প্রতি বিতুষ্ট হৈছিল আৰু তাৰে ফল স্বৰূপে
উনবিংশ শতিকাৰ মাজভাগৰপৰা শেষলৈ অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।

ইতিহাস

--- Page 59 ---
৩.২.০১ 3 ৰাইজ মেল ঃ

অসমত উনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্রদান
কৰিছিল ৰাইজ মেল (People's Assembly AY | ৰাইজ মেলসমূহ আধুনিক ধৰণৰ
কোনো ৰাজনৈতিক সংগঠন নাছিল। তথাপিও অসমত এই ৰাইজমেলসমূহৰ গুৰত্ব
অপৰিসীম আছিল। কৃষক তথা সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ
এই ৰাইজমেলসমূহে অহোপুৰুষাৰ্থ কৰিছিল। ৰাইজমেলসমূহ গাঁওবুঢ়া, দলৈ, গোসাঁই
আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই
পৰিচালিত হৈছিল। এই মেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্ৰ একোখন গাঁৱত সীমাবদ্ধ
নাছিল; ই কেইবাখনো গাও সামৰি গঠন হৈছিল। জাত-পাত আৰু সম্প্ৰদায় নিৰ্বিশেষে
সকলোৱেই ৰাইজমেলসমূহত অংশগ্ৰহণ কৰিব পাৰিছিল, যি ৰাইজমেলসমূহক এক অনন্য
বৈশিষ্ট্য প্ৰদান কৰিছিল। অসমীয়াত এষাৰ কথা আছে-- ৰাইজেই ৰজা, জ্ঞাতিয়েই গংগা।
ৰাইজমেলসমূহে এই বাক্যশাৰীক সঠিক ৰূপত প্রতিফলিত কৰিছিল। ৰাইজ একত্ৰ হৈ
সমূহীয়া সিদ্ধান্ত লোৱা আৰু সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত
দাবী জনোৱাৰ গণতান্ত্রিক প্রশিক্ষণ এই ৰাইজমেলসমূহত পোৱা গৈছিল।

৩.২.০২ ঃ ফুলগুৰি ধাৰা (১৮৬১)
ব্ৰিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম
বিদ্ৰোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা
জনবসতিপূৰ্ণ এখন গাঁও য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু
বিক্ৰী কৰিবলৈ লোৱাত (আফুণ্ডটিৰপৰা কানি, মাদক দ্ৰব্য প্রস্তুত কৰা হয়) আফু খেতি
কৰি পেট প্রৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। ১৮৬১ চনত ব্ৰিটিছ
চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জনজাতিৰ লোকসকল
এই সিদ্ধান্তই এই লোকসকলৰ অৰ্থনীতিত প্রভাৱ পেলাইছিল। তদুপৰি তামোল-পাণৰ
ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্রকাশ পালে।
চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে

অসমত wie বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ


--- Page 60 ---
প্রায় ১৫০০ কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰপৰা আহি ফুলগুৰিত
ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নিৰ্দেশ বাতিল
কৰিবলৈ আৰু পাণ-তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক
জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৰ্বাট স্কন্স (Lt. Herbert
Sconce) | তেওঁ ৰাইজৰ আবেদনৰ প্রতি সঁহাৰি GAN বাদেই, তেওঁলোকক বেয়া
ব্যৱহাৰহে কৰিলে। ক্ষোভিত ৰাইজে এই অপমানৰ প্রতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা
পাঁচদিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। প্ৰথমদিনা সমৱেত হোৱা প্রায় এহেজাৰ
কৃষকৰ প্রায় আধাখিনিয়েই লাঠিৰে সজ্জিত আছিল। ইয়াৰ পৰৱৰ্তী দিনসমূহতো মেলুৱৈৰ
সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ১৮ অক্টোবৰ তাৰিখে মেলত প্রায় চাৰি হেজাৰ ৰাইজ সমৱেত
হৈছিল। উপায়ুক্ত হাৰ্বাৰ্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক সভাস্থলীলৈ
পঠিয়ালে। ছিংগাৰে সভাৰ উদ্দেশ্য জানিবলৈ বিচৰাত ৰাইজৰ ফালৰপৰা জাতি কলিতা
নামৰ এজনে চাহাবক জনালে যে কৰ্তৃপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ প্রতি (আফু খেতি
বন্ধ AAA, তামোল-পাণৰ ওপৰত কৰ প্রত্যাহাৰ আদি) সঁহাৰি নজনোৱাৰ বাবে
তেওঁলোকে উৰ্ধ্বতন কৰ্তৃপক্ষৰ কাষ চপাৰ গুণা্গথ৷ কৰিছে। এই কথাত ছিংগাৰ যথেষ্ট
উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁৰ লগত
অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়ে। লাঠীৰ
বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠীৰে
কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাৰক আক্ৰমণ কৰাত থিতাতে
তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগাৰৰ
লগত যোৱা পুলিচ বাহিনী ভয়তে পলাই পত্ৰং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতত
ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়।

এই ঘটনাৰ পিছত বহুতো কৃষকক কৰ্তৃপক্ষই লেফটেনেণ্ট ছিংগাৰৰ হত্যাৰ
অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহ
আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলত
মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীৰ্ঘ সময়ৰ বাবে কলিয়াপানী
(আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত)লৈ প্ৰেৰণ কৰা হয়।

ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰত্ব যদিও বিটিছ কৰ্তৃপক্ষই ফুলগুৰি ধাৱাক কানি
খোৱা খেতিয়কৰ চৰকাৰৰ আফু খেতি বন্ধকৰণৰ প্রতিবাদত কৰা এক সামান্য বিদ্ৰোহ
বুলিহে অভিহিত কৰিছিল। কিন্তু অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰপ্রসাৰী প্রভাৱ
দেখা যায়। প্ৰথমতেই ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং (তিৱা) জনজাতি আৰু
মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্রদান কৰে। কৃষকসকলে
অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিয়নো মাটিৰ
খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিক্ষিত আৰু আঢ্যৱন্ত অসমীয়া মধ্যবিত্ত শ্ৰেণী,

ইতিহাস

--- Page 61 ---
কৰিছিল। তদানীন্তন অসমৰ কমিছনাৰ হপ্‌কিনছনে (Major Henry Hopkinson)
স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেণ্ট্ৰিৰ ৫০জন সৈন্য আৰু গুৱাহাটীৰ
৮০জন সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হ’লে বিদ্ৰোহটো সম্প্ৰসাৰিত হৈ গৈ
থাকিলহোেঁতেন। সেই অৱস্থাত ইয়াক দমন কৰাটো কঠিন হ’লহেঁতেন। সামগ্জিকভাৱে এই
বিদ্ৰোহ সফল হৈছিল বুলি ক’ব পাৰি, কিয়নো বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কেতিয়াও
তামোল-পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।

দ্বিতীয়তে, ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলৰপৰা মুক্ত হোৱা সাধাৰণ
জনগণৰ প্রয়াসৰ এক নিদৰ্শন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমৰ আহোমৰ
ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ কিছু লোক যিসকলে ব্ৰিটিছ শাসনৰ অধীনত আগৰ
সা-সুবিধাৰপৰা বঞ্চিত হৈছিল তেওঁলোকে বিদ্ৰোহত যোগ দিছিল।

তৃতীয়তে, ফুলগুৰিৰ কৃষক বিদ্ৰোহে অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলকো
তেওঁলোকৰ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল। ইয়াৰ কিছু
বছৰৰ পিছতে সেয়েহে দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকে বিটিছ চৰকাৰৰ
শোষণ তথা বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল।

৩.৩ 3 নামনি অসমৰ কৃষক বিদ্ৰোহ

ফুলগুৰিৰ বিদ্ৰোহৰ পিছতো ইংৰাজ চৰকাৰে কৃষক ৰাইজৰ দুখ মোচনৰ বাবে
একো ব্যৱস্থাই গ্ৰহণ নকৰিলে আৰু কোনো শিক্ষাও গ্রহণ নকৰিলে। ১৮৬৮-৬৯ চনত
মাটিৰ খাজনা শতকৰা ২৫ৰপৰা ৫০ ভাগ বৃদ্ধি কৰিছিল। অসমৰ চীফ কমিছনাৰ ৱাৰ্ডে
(Sir William Ward) ১৮৯২ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰি কঠোৰ হাতেৰে
খাজনা সংগ্ৰহৰ ব্যৱস্থা কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। অসমত ১৮৯৩ চনৰ ডিচেম্বৰ
মাহৰপৰা আৰম্ভ হোৱা উনবিংশ শতিকাৰ শেষ দশকৰ এই কৃষক বিদ্ৰোহলানী আসাম
ৰায়ত (Assam Riot) নামে খ্যাত হৈছিল। কামৰূপ জিলাৰ ৰঙিয়া, লাছিমা আৰু দৰং
জিলাৰ পথৰুঘাটৰ কৃষক ৰাইজে চৰকাৰক খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত (No tax
campaign) গ্ৰহণ কৰিছিল। ৰাইজমেলৰ যোগেদি সংগঠিত হোৱা কৃষকে এই সিদ্ধান্তৰ
বিৰুদ্ধে যোৱা কৃষকক সমাজচ্যুত কৰা হ’ব বুলিও ঘোষণা কৰিছিল। এইখিনিতে উল্লেখ
কৰিব পাৰি যে এই বিদ্ৰোহ অকল ইংৰাজ শাসনৰ বিৰুদ্ধেই নাছিল, কৃষকক ধাৰ দি
মাটি বন্ধকত লোৱা মাৰোৱাৰী (EG) মহাজন শ্ৰেণীৰ বিৰুদ্ধেও আছিল।

অসমত wie বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ


--- Page 62 ---
৩.৩.০১ 3 ৰঙিয়াৰ কৃষক বিদ্ৰোহ ঃ

১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্ৰোহৰ
আৰম্ভণি হয়। ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ-পাজৰৰ কেইবাশ কৃষকে
ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰো লঘু-লাঞ্ছনা কৰাৰ
উপৰি ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধ্বস্ত কৰি লণ্ডভণ্ড কৰাৰ লগতে মাৰোৱাৰী সুদখোৰ
মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্ৰ লুট কৰিছিল। কৃষকসকলে মাৰোৱাৰীৰ
উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিত অৰিহণা যোগাইছিল বুলি ভাবিছিল। চৰকাৰে WTA
সেনা মোতায়েম কৰাত ৩০ ডিচেম্বৰৰ পৰিস্থিতি Fae হয়। কিন্তু পুলিচ অধীক্ষক
ৰেইলীয়ে কোনো কৃষক নেতাকে গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাছিল; কিয়নো
বিক্ষোভকাৰীসকল সুসংগঠিত আছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীৰ দিনা পুলিচে ১৫জন
কৃষকক এখন ৰাইজমেলৰপৰা গ্ৰেপ্তাৰ কৰে। এই মেলখনত তেওঁলোকে উপায়ুক্তক
তেওঁলোকৰ দুখ-দুৰ্দশাৰ বিষয়ে কিদৰে অৱগত কৰিব সেই বিষয়ে আলোচনা কৰিবলৈ
লগ হৈছিল। ডিচেম্বৰৰ ১০ তাৰিখে ৰঙিয়া থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন
মৌজাৰপৰা আহি গোট খাইছিল। উপায়ুক্ত (Deputy Commissioner Mc Cabe)
স্থানৰপৰা আঁতৰা নাছিল। আবেলিলৈ কৃষকসকল ৰঙিয়া থানাৰ আৰু কাষ চাপি
আহিছিল এই আশাত যে উপায়ুক্তই কিজানি খাজনাৰ হাৰ কমোৱাৰ কিবা জাননী
দিয়ে। কৃষকসকলে ইতিমধ্যে আৰক্ষীয়ে প্রেপ্তাৰ কৰা তেওঁলোকৰ সহক্মীসকলক
কৰিবলৈ কৃষকসকলৰ মাজৰপৰা প্রতিনিধি বিচাৰিলে, সকলো কৃষকে সমস্বৰে চিঞৰি
উঠিছিল যে আমি বৰ্ধিত হাৰত খাজনা নিদিওঁ। যেতিয়া কৃষকৰ দলটোৱে থানাৰ
ভিতৰলৈ জোৰ কৰি প্রৱেশৰ চেষ্টা চলালে, উপায়ুক্ত মেক কেবে (Mc 08662)
আৰক্ষীক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত কৃষকসকল প্ৰস্থান কৰিবলৈ বাধ্য
হয়। মেক কেবেই ১০ জানুৱাৰী তাৰিখে এখন জাননীযোগে উপায়ুক্তৰ আগতীয়া
অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰে।
কনিষ্টবল হিচাপে নিযুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ
খাজনা জমা দিয়াবলৈ মান্তি কৰোৱাৰ বাবেও তেওঁলোকক ব্যৱহাৰ কৰে। উপায়ুক্তৰ
এই ব্যৱস্থাসমূহ ফলপ্রসূ আছিল বুলি এই কাৰণেই ক’ব পাৰি যে ৰঙিয়াৰ কৃষকে
চৰকাৰক জমা দিবলগীয়া ৯০,০০০ টকাৰ প্রথম কিস্তিৰ প্রায় ৬০,০০০ টকা জমা
দিয়ে। কিন্তু ব্রিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত
কৰাৰপৰা বিৰত ৰাখিব পৰা নাছিল। নলবাৰী, বৰমা, বজালী আদিৰ কৃষক ৰাইজ
আগৰ দৰেই সক্ৰিয় হৈ আছিল আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহত পূৰ্ণ বাধা প্রয়োগ
কৰিছিল।

ইতিহাস

--- Page 63 ---
৩.৩.০২ ঃ লচিমাৰ কৃষক বিদ্ৰোহ ঃ

বিটিছ প্ৰশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্ৰোহ অন্যান্য
অঞ্চললৈ বিয়পি পৰিছিল। বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল আৰু তাত এই
ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগৰ সুবিধাৰ অৰ্থে
ডাক-পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। বজালী অঞ্চলত
লচিমা, ciel, পানাগীও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে
ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন বহিছিল
পানাৰ্গাৱৰ চাপৰিত (পানাৰ্গাও টুপত)। এই ৰাইজমেলত আনকি ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ,
বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষকে যোগ দিছিল। ১৮৯৪ চনৰ ২১
জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ Beh গাৱত মৌজাদাৰ দাসোৰাম
চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ
মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ
মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে IES লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি
শিবিৰলৈ (Rest camp) লৈ যায়। প্রায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও
কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক কৰা৷ বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য
হয়। পিছদিনা উপায়ুক্ত মেক কেবে ৩০জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক
লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯জন বিদ্ৰোহী Fass গ্ৰেপ্তাৰ কৰিছিল আৰু
তেওঁলোকৰ অস্থায়ী জেলত ভৰাই থয়। ২৫ তাৰিখৰ আবেলিলৈ প্রায় ৬০০০ লোকে
বন্দীসকলৰ মুক্তি বিচাৰি ৬০০০ লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্তৰ শিবিৰলৈ
গৈ দাখিল কৰে। মেক কেবে কোনো সঁহাৰি নজনায় আৰু শক্তি প্রয়োগ কৰি ৰাইজক
খেদি পঠিয়ায়। পুলিচে আটক কৰাসকলৰ ভিতৰত গোসাঁই দলৈ আৰু কেইবাজনো
মুখীয়াল লোক আছিল। বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক
দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্ৰোহ কৰিবলৈ সাহস কৰিব নোৱাৰে।
লচিমাত কৃষক বিদ্ৰোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত
১৬জনক বিভিন্ন শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইক'র্টৰ নিৰ্দেশত এইসকল
লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। বিদ্ৰোহত নেতৃত্ব দিয়া আৰু অংশগ্ৰহণ কৰাৰ
অপৰাধত পুষ্পৰাম কলিতা, দেবী দত্ত শৰ্মা, জয়ন্তী বেজ, Hert কলিতা, নাউচাকু
কলিতা আৰু মংগলু কলিতাই দুবছৰকৈ সশস্ত্ৰ কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল।
৩.৩.০৩ 3 পথৰুঘাটৰ কৃষক বিদ্ৰোহ ঃ

উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰোঁতেই দৰং জিলাৰ অন্তর্গত
মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্ৰোহে দেখা দিয়ে। ইয়াৰ ৰাইজে ১৮৯৪ চনৰ
জানুৱাৰীৰ মাজভাগৰপৰাই ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয়,
খাজনা সংগ্ৰহতো বাধা প্রদান কৰি আহিছিল, বৰ্ধিত হাৰত ভূমিৰ খাজনা নিৰ্ধাৰণৰ

অসমত fie বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ


--- Page 64 ---
পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁ৷ও, মঙলদৈ, ছিপাবাৰ আৰু পথৰুঘাট তহচিলৰ
কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল
অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ
তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট
খোৱাৰ কথা| আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰ৷ পথৰুঘাটৰ এই প্ৰস্তাৱিত
ৰাইজমেলৰ প্রস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এণ্ডাৰ্ছনক সেই
সম্পৰ্কে অৱগত কৰিছিল। গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ
পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে
২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।
পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা
কাৰ্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লোকে সম্পত্তি
Ge কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ
হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ
জনায়। কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান
হয়। এই কৃষকসকলৰ প্রায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বীহৰ কামি।
কৃষকসকলে এইদৰে দলে-বলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্ত
এণ্ডাৰছনে তেওঁলোকক তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নিৰ্দেশ দিয়ে যদিও তেওঁলোকে
তাতেই অৱস্থান কৰি থকাত উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্রয়োগ কৰি হ’লেও
কৃষকসকলক তাৰপৰা আঁতৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশনা অনুযায়ী পুলিচ
অধীক্ষকে কৃষকসকলক শক্তি প্রয়োগ কৰি খেদিবলৈ চেষ্টা কৰোঁতে কৃষকসকল উত্তেজিত
হৈ লাঠি জোকাৰি, দলি-ফৰ্মুটি মাৰি ওচৰ চাপিহে আহিল। দলি-চপৰাৰ খুন্দাত পুলিচ-
মিলিটাৰী, প্রশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত উপায়ুক্তই
পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ
অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপ
মতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়।
পথৰুঘাটৰ কৃষক বিদ্ৰোহ বিটিছ সাম্ৰাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন
কৰিছিল। এই বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে, মুঠতে ৩৭জন
কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। মঙলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবে বিচাৰ
কাৰ্য সমাধা কৰিছিল। এই বিদ্ৰোহত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকনলু শ্বেখ
আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা৷ হয়। বাকী সকলোকে মুকলি কৰি দিয়ে।
যদিও অসমত ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনে উনবিংশ শতিকাত সংঘটিত হোৱা কৃষক
বিদ্ৰোহসমূহ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু ১৮৬১ চনৰপৰা চলি অহা এইলানি
কৃষক বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা
যোগাইছিল।

ইতিহাস

--- Page 65 ---
৩.৪ 3 জনজাতীয় বিদ্ৰোহ

বিটিছ শাসনৰ আৰম্ভণিৰেপৰা অসমত এটাৰ পিছত আনটো বিদ্ৰোহ সংঘটিত
হৈছিল। ভৈয়াম অঞ্চলত হোৱা কৃষক বিদ্ৰোহৰ সমান্তৰালকৈ অসমৰ পাহাৰীয়া জনজাতি
লোকসকলৰ মাজতো বিটিছ ওপনিৱেশিক শাসনৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম হৈছিল।
৩.৪.০১ 3 জয়ন্তীয়া বিদ্ৰোহ

জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰপৰা ইংৰাজৰ হাতলৈ যায়।
জয়ন্তীয়া পাহাৰ কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত স্বাভাৱিকতে স্বাধীনচেতীয়া
জয়ন্তীয়া জনজাতিসকল বিক্ষুব্ধ হৈ আছিল। ভূমি দখলতকৈও বিটিছ প্ৰশাসকৰ উদ্ভণ্ডালিৰ
কাৰণে চিণ্টেং বা জয়ন্তীয়াসকল অসন্তুষ্ট হৈ পৰিছিল। ইংৰাজ ৰাজনৈতিক প্ৰতিনিধিৰ
(Political Agent) তলত দেৱানী আৰু ফৌজদাৰী বিচাৰৰ ভাৰ দিয়া হৈছিল
দলৈসকলক। বিদেশী প্ৰশাসনে তাতো দোষ উলিয়াইছিল। বিটিছ প্রশাসনে জনজাতিসকলে
মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত
নিষেধাজ্ঞা আৰোপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াইছিল। তদুপৰি জয়ন্তীয়াসকলৰ ধৰ্মীয়
আৰু পৰম্পৰাগত অনুষ্ঠান পৰ্ব wel সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বৰেপৰা ব্যৱহাৰ
কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীনচেতীয়া পাহাৰীয়া
জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তুলিছিল। এই পৰিস্থিতিত তেওঁলোকে চৰ্দাৰ আৰু
দলৈসকলৰ সৈতে গাঁৱৰ সভাত মিলিত হৈছিল আৰু ইংৰাজৰ flaca বিদ্ৰোহৰ প্রস্তুতি
পৰ্ব চলাইছিল। আনহাতে, কোনোদিনে নগদ ধন হিচাপে কৰ-কাটল দি নোপোৱা
জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছে কৰ্তৃত্ব জাহিৰ কৰিবলৈ ঘৰ কৰ, আয়কৰ আদি বহুৱাইছিল।

প্রথমতে বিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই
থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ,
মূলাগোল, জাফলং, ছেৰা আদি অঞ্চলতো বিদ্ৰোহৰ আৰম্ভণি হয়। বিটিছ প্ৰশাসনে কঠোৰ
নীতি গ্রহণ কৰাত ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়াসকলে বিটিছৰ বিৰুদ্ধে
সজোৰে বিদ্ৰোহ ঘোষণা কৰে। তেওঁলোক জোৱাইৰ ওচৰত এক সভাত মিলিত হৈ জয়ন্তীয়া
পাহাৰৰপৰা বিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব ওফৰাই তাত জয়ন্তীয়াসকলৰ স্বাধিকাৰ প্রতিষ্ঠা কৰাৰ
বাবে প্ৰতিজ্ঞাবদ্ধ হৈছিল। জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত
থকা বিটিছ ছাউনীত অতৰ্কিতে আক্ৰমণ কৰে। বিদ্ৰোহীসকলে জোৱাই-চেৰাপুঞ্জী আৰু
চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথেই আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল।
জয়ন্তীয়াসকলৰ ওপৰত বিটিছ চৰকাৰে নিয়োগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩
নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল।
বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল। দুয়োপক্ষৰ মাজত Vlg সংঘৰ্ষ
অব্যাহত থকাৰ সময়তে ইংৰাজ প্ৰশাসনে ইষ্টাৰ্ণ কামাণ্ডাৰ বিগেডিয়াৰ জেনেৰেল জি ডি
শ্বাৱাৰব্ছক সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কৰ্তৃত্ব প্ৰদান কৰাৰ

অসমত Bie বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ


--- Page 66 ---
লগতে বি ডব্লিউ মর্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটী কমিছনাৰ নিয়োগ কৰিছিল।
আনহাতে, নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত জয়ন্তীয়া বিদ্ৰোহীসকলৰো শক্তি ক্ৰমান্বয়ে
হাস পাই আহিব ধৰিছিল। ibe চৰকাৰেও বিদ্রোহীসকলে স্বেচ্ছাই আত্মসমৰ্পণ কৰিলে
সাধাৰণ ক্ষমা প্রদানৰ প্রতিশ্রুতি দিছিল আৰু তেওঁলোকৰ নেতা উকিয়াং নবাক কোনো
লোকে জীৱন্তে ধৰি বিটিছক গতাই দিলে তেওঁক ১০০০ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা
কৰিছিল। অৱশেষত উকিয়াং নবা বিটিছৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত
বিটিছে জোৱাইত ফীচীকাঠত ওলমায়। এই ঘটনাই জয়ন্তীয়া বিদ্ৰোহীসকলৰ উৎসাহ
ভালেখিনি হাস কৰিছিল আৰু বহুতেই স্বেচ্ছাই আত্মসমৰ্পণৰ বাট বাছি লৈছিল। এনেদৰেই
১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে।

৩.৪.০২ 3 উত্তৰ কাছাৰৰ বিদ্ৰোহ ঃ
বিটিছৰ শাসনকালত পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ ভিতৰত উনবিংশ শতিকাৰ
শেষৰফালে ABA ফংলোছাৰ নেতৃত্বত উত্তৰ কাছাৰত সংঘটিত হোৱা বিদ্ৰোহ আছিল
উল্লেখনীয়। এই বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল মাইবং। ১৮৮১-৮২ৰ এবছৰ কাল ধৰি এই
বিদ্ৰোহ চলিছিল। ১৮৮০ চনত বিটিছ চৰকাৰে উত্তৰ কাছাৰৰ ওপৰত আংগামী নগাসকলৰ
আক্ৰমণ প্রতিহত কৰিবলৈ ১০০জন কুকী লোকেৰে কুকী বাহিনী এটা গঠন কৰিছিল। লগতে
এই অঞ্চলৰ জনজাতিসকলক বশীভূত কৰি ৰাখিবলৈ ইংৰাজ বিষয়া এজনক মকৰল কৰিছিল।
এই সকলোবোৰ কাৰণতে AEM ফংলোছাৰ নেতৃত্বত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

এই বিদ্ৰোহত বিদ্ৰোহীসকলে ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা ঘৰ-দুৱাৰসমূহ
অগ্নিসংযোগ কৰি ধ্বংস কৰিছিল। গুণজুঙত বিদ্ৰোহীসকলে দুজন বিটিছ বিষয়াৰ ভৃত্য
আৰু এজন পুলিচক হত্যা কৰে। ইয়াৰ পিছত বিদ্ৰোহীসকলে মাইবঙতো চৰকাৰীপক্ষক
অতৰ্কিতে আক্ৰমণ BS | দুয়োপক্ষৰ মাজৰ তীব্ৰ সংঘৰ্ষৰ ফলত বিদ্ৰোহীসকলৰ ভালেমান
মৃত্যুমুখত পৰে। চৰকাৰী মেজৰ বয়দো গুৰুতৰভাৱে আহত হয় আৰু কিছুদিন পিছত
মৃত্যুবৰণ কৰে। এই বিদ্ৰোহৰ নেতা শম্ভুধন ফংলোছাৰ পিছত কি হ’ল একো জনা নাযায়।
৩.৪.০৩ ঃ নগা জনগোষ্ঠীৰ বিদ্ৰোহ ঃ

ব্ৰিটিছৰ ৰাজনৈতিক Maal ao জনজাতিসকলেও পছন্দ কৰা নাছিল। ফলস্বৰূপে
বিটিছ অধিকৃত নগা ৰাজ্যসমূহত আৰম্ভণিৰেপৰা অসম্ভোষৰ বা বলি আছিল। নগাসকলে
১৮৭৮ চনত এজন বিটিছ বিষয়া ডাম৷ণ্টক তেওঁৰ নিৰাপত্তাৰক্ষীসহ হত্যা কৰি স্বাধীনতাৰ
প্রতি থকা হেপাহৰ পৰিচয় দিছিল। ক’হিমাও বিদ্ৰোহীসকলে ভালেমান দিন অৱৰোধ কৰি
ৰাখিছিল। অংগামী নগাসকলৰ এই বিদ্ৰোহ কৰ্ণেল জনষ্টোনে কঠোৰভাৱে দমন কৰিছিল।

৩.৫ 3 মণিপুৰৰ বিদ্ৰোহ

মণিপুৰ ৰাজ্য অসম প্রশাসনৰ বাহিৰত আছিল। ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ
ব্ৰিটিছৰ দ্বাৰা আত্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। মণিপুৰত সিংহাসন
লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা

ইতিহাস


--- Page 67 ---
হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল।
ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত
কৰি নিজেই ৰজা হয় (২১ ছেপ্টেম্বৰ, ১৮৯০)। সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল
যদিও তেওঁলোকে কুলচন্দ্ৰকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে
চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰিত
কৰিবলৈ বিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ
হকে কাম কৰা জনপ্রিয় নেতাজনক বিটিছৰ কথা মতে দেশান্তৰিত কৰাটো Poa
কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে HE কুইণ্টন আৰু চাৰিজন
ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে
আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী
মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়।
ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিত৷ কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক
চুড়চন্দ্ৰক ৰজা ঘোষণা কৰা হয় (ছেপ্টেম্বৰ, ১৮৯১)। বিটিছ চৰকাৰৰ প্রতিনিধিজনক
ৰজা নাবালক হোৱা বাবে মণিপুৰৰ প্রশাসনিক দায়িত্ব অৰ্পণ কৰা হয়। মণিপুৰে আঢ়ৈ
লাখ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ বিটিছ চৰকাৰক দিয়াৰ উপৰি বছৰি ৫০,০০০ টকা পৰিশোধ
কৰিব লগা হৈছিল। এইদৰেই মণিপুৰ ৰাজ্যত ইংৰাজৰ আধিপত্য স্থাপিত হৈছিল।

অসমত ১৮২৬ খ্ৰীষ্টাব্দত ইংৰাজ শাসন প্রৱৰ্তিত হোৱাৰ পিছৰেপৰা বিদেশী শাসনৰ অৱসান ঘটাবলৈ

বিভিন্ন ৰাজনৈতিক বিদ্ৰোহ সংঘটিত হৈছিল। ১৮২৮-৩০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা গোমধৰ কৌৱৰ

আৰু গদাধৰৰ বিদ্ৰোহৰ পিছত ১৮৫৭ চনত অসমতো সৰ্বভাৰতীয় বিদ্ৰোহৰ প্রভাৱ পৰিছিল। অসমত

মণিৰাম দেৱানৰ নেতৃত্বত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সুযোগ লৈ বিটিছক অসমৰ শাসনৰপৰা ওফৰাই

আহোম ৰাজকৌৱৰক সিংহাসনত বহুওৱাৰ চেষ্টা ব্যৰ্থ হৈছিল। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ

"+ উনবিংশ শতিকাৰ শেষৰফালে অসমত কেইবালানিও কৃষক বিদ্ৰোহ হৈছিল। ফুলগুৰিত ১৮৬১ চনত
প্রথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহত লেফটেনেণ্ট ছিংগাৰ নামৰ এজন চৰকাৰী বিষয়াৰ
বিদ্ৰোহীৰ হাতত মৃত্যু হৈছিল। ব্ৰিটিছ প্ৰশাসনে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে।

ew ফুলগুৰি ধাৱাৰ পিছতো ১৮৯৩-৯৪ চনত কৃষকে বিটিছৰ ৰাজহ বৃদ্ধিৰ প্ৰতিবাদত বিদ্ৰোহ কৰিছিল।
এইলানি বিদ্ৰোহ দৰং জিলাৰ পথৰুঘাট, কামৰূপ জিলাৰ ৰঙিয়া, লচিমা, সৰ্থেবাৰী আদি নামনি অসমৰ
বিভিন্ন অঞ্চলত সংঘটিত হৈছিল।

& ব্ৰিটিছ শাসনৰপৰা মুক্তি বিচাৰি পাহাৰীয়া জনজাতিসকলেও উত্তৰ কাছাৰ, নগাভূমি আৰু মণিপুৰ আদিত

বিদ্ৰোহ ঘোষণা কৰিছিল। জনজাতিসমূহৰ এই বিদ্ৰোহো বিটিছ প্ৰশাসনে দমন কৰিবলৈ সক্ষম হৈছিল। ৷

অসমত Bie বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

--- Page 68 ---
অতি চমু উত্তৰৰ প্রশ্ন ঃ

ষট্‌]
হ।
৩।
8 |
«|

R0 |
২১।

বিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
কোন চনত মফট মিলচ অসমলৈ আহিছিল?
কেঞাসকল কোন আছিল?

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকৌৱৰক পুনৰাই আহোম সিংহাসনত
বহুৱাব খুজিছিল?

মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?

মণিৰাম দেৱানৰ লগত আৰু কোন ফীচীকাঠত ওলমিব লগা হৈছিল?
কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
বিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
লেফটেনেণ্ট ছিংগাৰ কোন আছিল?

ফুলগুৰিৰ ail কেতিয়া সংঘটিত হৈছিল?

ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
লচিমা ক’ত অৱস্থিত?

লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?

জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল?

দীঘল উত্তৰৰ প্রশ্ন ১

>|
হ।

৩।

8 |

১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।
অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।


--- Page 69 ---
৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।

৬৷ ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পৰ্কে আলোচনা কৰা।
৭।৷ ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।

vl ১৮৫০ চনত faites বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা fret

d| ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
চমু টোকা লিখা ঃ

১৷ অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা।
২। মণিৰাম দেৱান

ol ফুলগুৰি ধাৱা

৪। লচিমাৰ কৃষক বিদ্ৰোহ

৫। পথৰুঘাটৰ ৰণ

vl অসমত কৃষক বিদ্ৰোহৰ way

৭। টিকেন্দ্ৰজিৎ

অসমত ee বিৰোধী জাগৰণ আৰু কৃষক বিক্রোহ

--- Page 70 ---
মূল আলোচ্য বিষয়
e _ সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক সংগঠনসমূহ
৬৩ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা
e গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভা
ate স্বাধীনতা কালৰ কিছু অনুষ্ঠান

8.00 3 অসমীয়া জাতীয়তাবাদী চেতনাৰ Gata

১৮২৫ চনতে প্রথম ইংগো-ব্ৰহ্মী যুদ্ধৰ অসম-পৰ্বৰ সূচনা আৰু সমাপ্তি ঘটে।
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখৰ য়াণ্ডাবু সন্ধি মতে অসম ব্ৰহ্মদেশৰ ৰজাৰ হাতৰপৰা
গৈ ইংৰাজৰ অধীন হয়। তেতিয়াৰপৰাই অসমত ইংৰাজ SS ইণ্ডিয়া কোম্পানিৰ শাসন
আৰম্ভ হৈছিল। চিপাহী বিদ্ৰোহৰ পাছত, ১৮৫৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণীৰ ঘোষণা
অনুসৰি ভাৰতৰ শাসন ব্ৰিটিছ ৰাজমুকুটৰ অধীন হৈছিল। ১৮২৬ চনৰপৰা ১৮৫৮ চনলৈ
সময়ছোৱাক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয়। ইংৰাজসকলৰ
আগমনে অসমত ক্ৰমান্বয়ে এক নতুন ৰাজনৈতিক তথা অর্থনৈতিক পৰিৱৰ্তনৰ সূচনা
কৰিছিল। ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই ভাৰতীয় সমাজত দুই ধৰণে
প্রভাৱ পেলোৱা দেখা যায়। এফালে আধুনিক পাশ্চাত্য শিক্ষাৰে প্রভাৱিত ভাৰতীয়
শিক্ষিত শ্ৰেণীটোক তেওঁলোকৰ পুৰুষানুত্ৰমে চলি অহা পৰম্পৰাসমূহক এক
সমালোচনাত্মক দৃষ্টিভংগীৰে চালি-জাৰি চাবলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু আনফালে

ইতিহাস

--- Page 71 ---
এই শিক্ষাই ১৯ শতিকাৰ শেষৰফালে ভাৰতবৰ্ষত এক জাতীয় চেতনা জাগ্ৰত হোৱাত
অৰিহণা যোগাইছিল। বহু বিশিষ্ট ব্যক্তিয়ে জাতীয়তাবাদী ভাবধাৰাৰে অনুপ্রাণিত হৈ
সমাজত দেশপ্ৰেম আৰু জাতীয়তাবাদী চেতনাৰ প্রসাৰ ঘটাইছিল। তেনে লেখকসকলে
অসমতো এক নতুন সজাগতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ১৯
শতিকাৰ CRAG ভাৰতৰ আন আন ঠাইৰ দৰে অসমতো সৰ্বসাধাৰণে ওঁপনিৱেশিক
শাসন-শোষণৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ কৰিছিল। এই সময়ছোৱাতে জনসাধাৰণৰ
সমস্যাবোৰৰ চৰ্চা আৰু সমাধান কৰিবলৈ কেইবাটাও সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ
জন্ম হৈছিল।

৪8.০১ 3 অসমীয়া ভাষা উন্নতি সাধিনী সভা

পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে উনবিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত
শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। স্বদেশপ্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্রাণিত
এই শ্ৰেণীটোৱে নিজকে সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। এই প্ৰচেষ্টাৰ ফলস্বৰূপে
আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত ১৮৫৭ চনত জ্ঞান প্রদায়িনী
সভাৰ প্রতিষ্ঠা হৈছিল। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ
কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। অসমৰ বিদ্যালয়, কাৰ্যালয় আৰু আদালতত ১৮৩৬
DASA বাংলা ভাষা৷ প্ৰচলন কৰা চৰকাৰী সিদ্ধান্তৰ তেওঁ বিৰোধিতা কৰিছিল। অসমীয়া
ভাষাৰ স্বকীয়তা ৰক্ষা আৰু বিদ্যালয়, কাছাৰী তথা কাৰ্যালয়ত অসমীয়া ভাষা মাধ্যম
হিচাপে পুনৰ প্রতিষ্ঠা কৰিবলৈ যি আন্দোলন আৰম্ভ হৈছিল, সি পিছলৈ সাংস্কৃতিক
জাগৰণৰ ৰূপ লৈছিল। ১৮৭৩ চনত অসমীয়া ভাষাক স্কুল, অফিচ-কাছাৰীত মাধ্যম
হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই আন্দোলনে অসমত ভাষা ভিত্তিক জাতীয় চেতনা
গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছিল।
অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। ফলত দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ
নেতৃত্বত ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ (Assamese Literary Society)
নামৰ প্রথমটি সংগঠন কলিকতাত গঠন হৈছিল। এই অনুষ্ঠানৰ প্রধান উদ্দেশ্য আছিল
সাহিত্যচৰ্চা। কিন্তু ৰাজনৈতিক চিন্তাৰে৷ প্রকাশ ঘটিছিল। ১৮৭২ চনত এই সংগঠনৰ প্ৰসিদ্ধ
সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত WS তৰফৰপৰ৷ সেই সময়ৰ
ভাইচৰয় লৰ্ড নৰ্থৰ্ুকক এখন স্মাৰক-পত্ৰ দাখিল কৰিছিল। সেই স্মাৰক-পত্ৰত তেওঁলোকে
অসমৰ প্রাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ
বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে
সক্ৰিয় হৈ আছিল।

Sel ছপাশালত অসমীয়া ভাষাৰ VAS ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য
কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ


--- Page 72 ---
উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মৰ্মে মৰ্মে অনুভৱ কৰিছিল। সেই
উদ্দেশ্যেৰে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা গঠিত
হৈছিল। ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ প্রসিদ্ধ ছাত্র হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ
বেজবৰুৱা, কনকলাল বৰা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী। এই সভাই
অমসীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো
পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্রয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।
তদুপৰি, সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য
ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে
হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৰাৰ অত্যুৎকৃষ্ট কৃতি
‘হেমকোষ’ প্রকাশৰ কাম হাতত লৈছিল।

অঃ ভাঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে
বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্ৰমান্বয়ে অসমৰ ভিন্ন chee ইয়াৰ শাখা
প্রতিষ্ঠাৰ বাবে প্রচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি
অসমলৈ ঘূৰি আহি Sen, তেজপুৰ, ডিব্ৰগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা,
গোৱালপাৰা আৰু গুৱাহাটীত অঃ ভাঃ উঃ সাঃ সভাৰ শাখা গঠনৰ বাবে অগ্রণী ভূমিকা
লৈছিল। উল্লেখযোগ্য যে এই সভাৰ দ্বাৰা Asie আলোচনী ‘জোনাকী’য়ে অসমত
কি নতুন যুগৰ সূচনা কৰিছিল।
8.02 3 জোনাকী যুগ

অঃ ভাঃ উঃ সাঃ সভাই প্রকাশ কৰা জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন
আলোড়নৰ সৃষ্টি কৰিছিল। অৰুণোদইৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে
পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। জোনাকীৰ প্রথম সম্পাদক আছিল DH
কুমাৰ আগৰৱালা। জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক প্রতিভাৱান লোকক
উলিয়াই আনিবলৈ সক্ষম হৈছিল। জোনাকীৰ প্রথম সংখ্যাত এটা বিষয় স্পষ্ট কৰা হৈছিল
নে = বাজনীতিবপৰ সম্পূৰ্ণ যুগ (ই খিল wane wen ae
জোনাকীত প্রকাশিত কবিতা, প্রবন্ধ-
নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী
চিন্তাৰ প্রতিফলন ঘটিছিল।

বিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা
উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্রভাৱ
পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা
সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্রত
কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই
নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু

ইতিহাস


--- Page 73 ---
প্রগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্রকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, ‘অসম
সংগীত’, ‘বীণ ব’ৰাগী’ আদি আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান
গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল।

৪.০৩ 3 অসম ছাত্ৰ সন্মিলন

১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা।
এই সন্মিলনৰ প্রথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত
হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্র
সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-
প্রদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্ৰথম অৱস্থাত
ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ
দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ
আৰু ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা,
পদ্মনাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য। ছাত্ৰ
সন্মিলনৰ মুখপত্ৰ আছিল মিলন। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি
চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান
আগবঢ়াইছিল।

8.08 3 ৰায়ত সভা

১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত
সভা আৰু The ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু
তাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ
বৰা, ভৱানীচৰণ ভট্টাচাৰ্য আৰু অন্যান্য ভালেমান মধ্যবিত্ত শ্ৰেণীৰ লোকে মুখ্য ভূমিকা
লৈছিল।

ৰায়ত সভাই অসমত বিটিছ চৰকাৰৰ দ্বাৰ৷ প্রৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ
ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ
খাজনা হাস কৰা আৰু পূৰ্ববংগৰপৰা হোৱা প্রৱজন ৰোধ কৰা। অৱশ্যে ১৮৬১-১৮৯৩
চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্রতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমা,
সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহত ৰায়ত সভাই
উদ্যোগ লোৱা নাছিল।

১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰাদেশিক কংগ্ৰেছ
সমিতিৰ USS অসমত পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল। এই সময়ছোৱাতে
কংগ্ৰেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা
কৰিছিল। নদুৱাৰ আৰু ছয়দুৱাৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল। পিছলৈ

ভাৰতৰ স্বাধীনতা আন্দোলন আৰ অসমত জাতীয় জাগৰণ


--- Page 74 ---
শিৱসাগৰ আৰু দৰঙতো ৰায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল। আইন অমান্য আন্দোলনৰ
কাৰ্যসূচীৰ TRS অসমত ৰায়ত সভাই co শতাংশ ভূমি ৰাজহ হাস কৰাৰ দাবী উত্থাপন
কৰিছিল।

ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া
কেন্দ্ৰীয় সমিতি-- সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন কৰা হয়। ইয়াৰ প্রথম
অধিৱেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্রিল তাৰিখে কংগ্ৰেছ নেতা নবীন
চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। ১৯৩৪ চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা
দ্বিতীয়খন অধিৱেশনত কমেও ৩০০০ কৃষকে অংশগ্ৰহণ কৰিছিল। এই অধিৱেশনৰ
সভাপতি আছিল ডাঃ হৰেকৃষ্ণ দাস। ১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্রায় ৩০০খন
ৰায়ত সভা আছিল। কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ১৯৩৯ চনৰপৰা ৰায়ত সভাসমূহৰ
কাম-কাজ নোহোৱা হৈ আহিছিল আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত
সভাসমূহ সামৰি লৈছিল।

৪.০৫ ঃ আহোম সভা

পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্রতিষ্ঠা হৈছিল।
এই সভাৰ প্রথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। সংগঠিত
হোৱাৰপৰা প্রায় 80 বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা।
আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্রতি লক্ষ্য
ৰাখি এই সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম
কাৰ্য আছিল। আহোম জনগোষ্ঠীৰ মাজৰপৰা কানিৰ প্রচলন আঁতৰাবলৈ সভাই
অহোপুৰুষাৰ্থ কৰিছিল।

১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ’চিয়েছন নামেৰে নামকৰণ
কৰা হৈছিল। এই এছ’চিয়েছনৰে এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল-_
‘আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্রদান কৰি তেওঁলোকৰ
বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি (seperate electorate)
গঠন কৰা। এই উদ্দেশ্যেৰে ১৯৩০ আৰু ৪০ৰ দশক দুটাত আহোম এছ’চিয়েছনে
সক্ৰিয়ভাৱে দাবী উত্থাপন কৰিছিল। ১৯৪১ চনত আহোম এছ’চিয়েছনৰ ভিতৰচ’ৰাত
বিভাজনে দেখা দিছিল। ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্ৰাণিত হৈ
এছ’চিয়েছনৰপৰা ওলাই গৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল। ১৯৫০
চনৰ পিছৰপৰা এই এছ’চিয়েছন ক্ৰমাৎ দুৰ্বল হৈ পৰে।

8.0% 3 যোৰহাট সাৰ্বজনিক সভা

১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজানিক সভা স্থাপিত হয়।
এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু
প্রতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। কলিকতাত পঢ়ি থকা সময়তে বংগৰ

ইতিহাস

--- Page 75 ---
কেইবাটাও সংস্থা যেনে--- আত্মীয় সভা, ভাৰতীয় সংস্থা আদিৰপৰা অনুপ্রাণিত হৈ বৰুৱাই
অসমতো অসমীয়া সমাজৰ উন্নতিৰ হকে এক সংগঠন স্থাপন কৰিবলৈ প্রচেষ্টা চলাইছিল।
জগন্নাথ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্রথম
ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল ঃ

(১) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা

(২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু

(৩) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।

যদিও এই সভাই প্রত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী

কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল। এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা৷ কেইটামান
উল্লেখযোগ্য কাৰ্যাবলী তলত উল্লেখ কৰা হ’ল ঃ

(১) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ (Assam Land and Revenue
Regulation Act, 1886) বিৰুদ্ধে প্রতিবাদ সাব্যত্ত কৰিছিল।

(২) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ
কৰিছিল।

(৩) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল
কৰি অসমৰ পৰা কানিৰ প্রচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ
কৰিছিল।

এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁলোকে

পূৰ্ব বংগৰ সৈতে অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যৎ বিপদাপন্ন হ'ব বুলি
মতামত আগবঢ়াইছিল। কিন্তু ১৯০৫ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্য
SIPS (Chief Commissioner) ব্যামফিল্ড ফুলাৰে (Bamfylde Fuller) গুৱাহাটীত
উপস্থিত হৈ (মিউনিচিপালিটী কাৰ্যালয়ত) বংগ ভংগই অসমৰ উপকাৰ কৰিব বুলি
সভাপতি জগন্নাথ বৰুৱাই বংগ ভংগবিৰোধী মনোভাব ত্যাগ কৰিছিল। সভাই এই নতুন
প্রদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল। জগন্নাথ
বৰুৱাৰ মৃত্যুৰ পিছত সাৰ্বজনিক সভা দুৰ্বল হৈ পৰিছিল যদিও ১৯২১ চনলৈকে ই
কোনোমতে জীয়াই আছিল।

8.09 3 আছাম এছ’চিয়েছন

অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা-
আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ
নেতৃত্বত আছাম এছ’চিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯০৫ চনত ডিব্ৰুগড় চহৰত
অনুষ্ঠিত হোৱা এই এছ’চিয়েছনৰ প্রথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্রভাতচন্ত্ৰ
বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপ-সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক
হিচাপে নিৰ্বাচন কৰা হৈছিল। আছাম GV TARA অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ


--- Page 76 ---
আগবঢ়াইছিল। অৱশ্যে ই প্রত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা
নাছিল। ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ
সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এছ’চিয়েছনৰ কেইবাজনো সদস্য আইন
সভাৰো সদস্য হোৱা বাবে সভাৰ AWE oles সভাত কাৰ্যকৰী কৰোৱাৰ সুবিধা
পাইছিল। আছাম এছ’চিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হ’ল ঃ

(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল VES চাহ খেতিয়কৰ

আধিপত্যৰ বিৰোধিতা কৰিছিল।

(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(©) বৰ্ধিত কৰ, চৰকাৰৰ CS ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে

এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত
কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পুব বংগৰপৰা পৃথক কৰিবলৈ ১৯০৭
চনত এছ’চিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক-পত্র দাখিল কৰিছিল। কিন্তু পিছত
এছ’চিয়েছনেও বংগ বিভাজনৰ ক্ষেত্ৰত সাৰ্বজনিক সভাৰ দৰে একে ভূমিকা গ্ৰহণ কৰিছিল।
এছ’চিয়েছনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। ১৯১৮ চনৰ মণ্টেগ’-
ছেমছফ'ৰ্ড faite আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী
তুলিছিল। সেই উদ্দেশ্যেৰে ১৯১৭ চনত কলিকতালৈ এটি সাতজনীয়া সঁজাতী দল
পঠিওৱা হৈছিল। আনকি এছ’চিয়েছনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নকুমাৰ বৰুৱাক
সঁজাতী হিচাপে লণ্ডনলৈ পঠিয়াইছিল। এছ’চিয়েছনৰ হেঁচাত অসম মণ্টেগ’ সংস্কাৰ
আঁচনিৰ অন্তর্ভুক্ত হৈছিল। ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী
জনাইছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনত এছ’চিয়েছনে সক্ৰিয়ভাৱে যোগদান কৰিছিল।
ভাৰতীয় জাতীয় আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯১৬
চনত এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰপৰা প্রতিনিধি পঠিয়াই এক
যোগসূত্ৰ স্থাপন কৰিছিল। নাগপুৰ অধিৱেশনতো এছচিয়েছনৰ প্রতিনিধিয়ে অংশগ্ৰহণ
কৰিছিল। এইদৰে জাতীয় কংগ্ৰেছৰ প্রভাৱ বাঢ়িবলৈ ধৰাত ১৯২১ চনত এছচিয়েছনে
নিজস্ব স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটীৰ
লগত চামিল হ’ল।

৪.০৮ 3 অসম প্ৰদেশ কংগ্ৰেছ কমিটি

১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত
এক নতুন অধ্যায়ৰ পাতনি মেলে। ভাৰতৰ বিভিন্ন গ্রান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰপৰা
প্ৰতিনিধিসকলে প্রথমৰেপৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰি আহিছিল।

ইতিমধ্যে ওপৰত আলোচনা কৰা হৈছে যে আছাম এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ

ইতিহাস

--- Page 77 ---
নেতৃত্বত হোৱা ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি লাহে লাহে
সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল। তাৰ আপাহতে সংগঠনটোৰ একাংশ নেতা-
কৰ্মীয়ে এছ’চিয়েছনক কংগ্ৰেছৰ প্রাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল,
কিন্তু আন একাংশই তাৰ বিৰোধিতা কৰিছিল। কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কাম-
কাজ তথা আহিআঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ একাংশক বাৰুকৈয়ে আকৰ্ষিত
কৰিছিল। আছাম এছ’চিয়েছনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰা উদ্দেশ্যৰে ছবিলাল
উপাধ্যায়ৰ পৌৰোহিত্যত sv এপ্রিল ১৯২১ চনত যোৰহাটত এখন বিশেষ অধিৱেশন
অনুষ্ঠিত কৰা হৈছিল। সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়,
কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে
অসমত BAB ৰাজনীতিৰ পাতনি মেলে। উল্লেখযোগ্য যে ১৯২০ চনত নাগপুৰত
অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ্গঠনৰ
প্রস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈয়ে
উৎসাহিত কৰি কংগ্ৰেছৰ প্রতি আকৰ্ষিত কৰি তুলিছিল।

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু
সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত ১৯২১ চনত
মহাত্মা গান্ধীক অসমত অহসযোগ আন্দোলন প্রচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল।
সেই বছৰৰ আগষ্ট মাহত গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছৰ ক্মীসকলৰ মাজত
আলোড়নৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে অসহযোগ আন্দোলন অসমত অতি সক্ৰিয় হৈ
পৰিছিল। অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয়
কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল।
আন আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ
কৰিছিল। অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্রথমজন
সভাপতি আছিল বিষ্ণুৰাম মেধি। তেওঁ ১৯৩০ চনৰপৰা ১৯৩৯ চনলৈ সভাপতিৰ কাৰ্যভাৰ
চলাইছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ
কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্রদেশৰ প্রথমজন প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত
হৈছিল। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ-পূবক পূৰ্ববংগৰ লগত সাঙুৰি গোট
এ’ (Group C)S সন্নিৱিষ্ট কৰাৰ বাবে আগবাঢ়িছিল তেতিয়া বৰদলৈৰ মন্ত্ৰীসভাই তাৰ
তীব্ৰ প্ৰতিবাদ কৰিছিল। গান্ধীৰ সমৰ্থন আৰু বৰদলৈৰ নেতৃত্বত হোৱা আন্দোলনৰ ফলত
অসম *গ’ গোটত অন্তর্ভুক্ত নহ’ল।

৪8.০৯ ঃ স্বদেশী আন্দোলন আৰু অসম

অসমৰ সৈতে পূৰ্ববংগক সংলগ্ন কৰি নতুনকৈ গঠন কৰিব বিচৰা প্রদেশখনক প্রথম
অৱস্থাত ‘পূৰ্ব বংগ’ (Eastern Bengal) নামেৰেহে নামকৰণ কৰা হৈছিল। ‘অসম’ নামেৰে
জনাজাত বিশাল ভূ-খণ্ডক প্ৰস্তাৱিত প্ৰদেশখনৰ ভৌগোলিক সীমাৰ ভিতৰত ৰাখিও ‘অসম’

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ


--- Page 78 ---

অম্বিকাগিৰী ৰায়চৌধুৰী

(১৮৮৫-১৯৬৭)

নামটো প্ৰদেশখনৰ শিৰোনামৰ পৰা Reyes কৰিছিল। এক কথাত ক’বলৈ হ’লে অসমে নিজস্ব
শব্দটো যোগ নোহোৱাত অসমস্থিত ইউৰোপীয় চাহ খেতিয়ক সংস্থাই আপত্তি দৰ্শাইছিল।
আন্তৰ্জাতিক বজাৰত অসম চাহৰ বাবে বিখ্যাত হৈ পৰা হেতুকে ব্যৱসায়িক লাভৰ প্রতি
লক্ষ্য ৰাখি পূৰ্ব বংগৰ লগতে অসম নামটোও সংলগ্ন কৰিবলৈ চাহ খেতিয়ক সংস্থাই জোৰ
দি কোৱাৰ পিছতহে নৱগঠিত প্রদেশখনে পূৰ্ব বংগ আৰু অসম’ নামটো পাইছিল।
১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে
‘পূৰ্ব বংগ আৰু অসম’ এখন লেফ্‌টেনেন্ট গৱৰ্ণৰ শাসিত প্রদেশ হয়। অসমৰ তদানীন্তন
মুখ্য আয়ুক্ত ফুলাৰেই ‘পূৰ্ব বংগ আৰু অসম’ প্রদেশৰ লেফ্‌টেনেণ্ট গৱৰ্ণৰ পদত অধিষ্ঠিত
হয় আৰু একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হয়।
অসমৰ দুটা ৰাজনৈতিক অনুষ্ঠান ‘যোৰহাট সাৰ্বজনিক সভা’ আৰু ‘অসম
এছোচিয়েচন’ৰ বংগ বিভাজন বিষয়ত মনোভাব আৰু ভূমিকা সম্পৰ্কে আগতে উল্লেখ
কৰা হৈছে।
কিন্তু একে সময়তে পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, ত্ৰিগুণা
বৰুৱা, ৰক্তিম বৰা প্রমুখ্যে এচাম মুখিয়াল ব্যক্তিৰ বংগ ভংগ বিৰোধী স্থিতি আছিল বিশেষ
মন কৰিবলগীয়া। তেওঁলোকে অসমবাসীৰ মাজত বংগ ভংগৰ বিৰুদ্ধে প্রচাৰ চলাইছিল।
স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকো বিস্তাৰিত হৈছিল। বিশেষকৈ ব্ৰহ্মপুত্ৰ
উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ
অঞ্চলত এই আন্দোলনৰ প্রভাৱ পৰিছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু
গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল।
বস্তুৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্তু ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ
এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী
আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক
নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় (৩১ জুলাই,
১৯০৬) চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল।
ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা
সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। ১৯০৬ খ্ৰীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে
ব্যামফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল।
পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰীক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ ১৯১৪
খ্ৰীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দী ৰূপে থাকিব লগা হৈছিল। বিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ
উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্রভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। এই
উদ্দেশ্য আগত ৰাখি চৰকাৰে হাতত লোৱা কেইটামান প্রধান জনহিতকৰ কাম আছিল

ইতিহাস

--- Page 79 ---
এনেধৰণৰ--
S| অসমীয়া ভাষা-সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ পাঠ্যক্ৰমত
অন্তর্ভুক্ত কৰা।
২। কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে
স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা।
Ol ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্রয়োগ কৰা।
৪। মাটিত কুৰিদফীয়া বন্দোৱস্তিৰ প্রৱৰ্তন কৰা ইত্যাদি।
এয়া স্বদেশী আন্দোলনৰ পৰোক্ষ প্রভাৱ বুলি ক’ব পাৰি।
সুৰমা ভেলী এছ’চিয়েছনৰ নেতৃত্বত সুৰমা উপত্যকাত এই আন্দোলন যথেষ্ট
জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে শ্ৰীহট্ট, হবিগঞ্জ, শ্ৰীমংগাল, লখাই, বনিয়াচংগ,
কৰিমগঞ্জ, শিলচৰ আদি ঠাইত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।

৪.১০ 8 অসহযোগ আন্দোলন আৰু অসম

ভাৰতৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ SAT |
ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰপৰা ১৯২২ চনলৈ
চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা
ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। মহাত্মা গান্ধীৰ আহ্থানত সমগ্ৰ দেশ যেতিয়া
অসহযোগ আন্দোলনত নামি পৰিছিল তেতিয়া আছাম saa এই আন্দোলনত
অংশগ্ৰহণ কৰিব নে নকৰে সেই সম্পৰ্কে নিশ্চিত নাছিল। গংগাগোবিন্দ বৰুৱা, তাৰাপ্রসাদ
চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাৰ নেতৃত্বত একাংশই আছাম এছ’চিয়েছনে নিজৰ
সুকীয়া অস্তিত্ব বৰ্তাই ৰাখি অসমৰ থলুৱা সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিছিল।
যি কি নহওক অধিকাংশই কিন্তু সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাটো বিচাৰিছিল। ১৯২০
চনৰ ডিচেম্বৰত তেজপুৰত বহা ১৭ সংখ্যক অধিৱেশনত তীব্র বাক-বিতণ্ডাৰ অন্তত
অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্রস্তাৱ গ্ৰহণ হৈছিল আৰু আন্দোলনৰ সমৰ্থনত
কংগ্ৰেছৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ সিদ্ধান্ত লোৱা হৈছিল। ১৯২১ চনৰ জুন মাহত
অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন হোৱাত এই আন্দোলনে সোনকালেই ৰাষ্ট্ৰীয় আন্দোলনৰ
সৈতে একত্ৰিত হৈ পৰিছিল। কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ, দুয়োজন যথাক্ৰমে
প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক নিৰ্বাচিত হৈছিল।

১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্ৰিয় কৰি
তুলিছিল। গান্ধীয়ে ভাষণ প্রদান আৰু অংশগ্ৰহণ কৰা সভাসমূহত বৃহৎ সংখ্যক জনসাধাৰণে
অংশগ্ৰহণ কৰিছিল। গান্ধীৰ আহ্থানত্ৰমে জনসাধাৰণে বিদেশী বস্ত্র বৰ্জন আন্দোলনত
অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসৰ্জন দিছিল। চন্দ্ৰনাথ
শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ
যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল।
সেইসকলৰ অগ্ৰগণ্য কেইজনমান হ’ল--- লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ


--- Page 80 ---
বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদি। ছাত্ৰসকলক অনুসৰণ কৰি নবীন
চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি
উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু
শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল। আন্দোলনৰ বৰ্ধিত প্রভাৱৰ ফলতেই গুৱাহাটী,
নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাও, কৰিমগঞ্জ, মৌলবী বজাৰ আদি ঠাইত জাতীয়
শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয়
শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্রতিষ্ঠা কৰা হৈছিল।
এই শিক্ষানুষ্ঠান প্ৰথমে ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদত আৰম্ভ কৰা
হৈছিল। পিছত উজান বজাৰৰ অসম ক্লাবতে স্কুলখন স্থাপন কৰা হ’ল। এই আন্দোলনৰ
নেতৃবৃন্দই গঠনমূলক কাৰ্যপন্থাও গ্ৰহণ কৰিছিল।

অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্রভাৱ আছিল--- কানিৰ প্রচলন বন্ধ।
কংগ্ৰেছ কমীসকলে সবলৰূপে কানিৰ প্রচলন বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থা
পৰিপ্ৰেক্ষিততে প্ৰচলিত কানিৰ SE ১৯২০-২১ বিত্তীয় বৰ্ষত ১৬১৫ মোণৰপৰা ১৯২২-
২৩ বিত্তীয় বৰ্ষত ৯৯৩ মোণ হৈছিল। কানি বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহৰ পৰিমাণ
১৯ লাখ টকা পৰ্যন্ত কমি গৈছিল। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক
কাম আছিল--- খাদীৰ প্রচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।

বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্ৰচুৰ সমৰ্থন লাভ কৰিছিল। বৃহৎ
সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ওপনিৱেশিক
শোষণৰ বিৰুদ্ধে প্রতিবাদ ae কৰিছিল। চেগাচোৰোগাকৈ তেওঁলোকে কেইবাটাও
হৰতাল পালনৰ লগতে কাম বন্ধ কৰি অসুবিধাৰ সৃষ্টি কৰিছিল। ১৯২১ চনৰ মে মাহত
কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগোলা আৰু লংগাই উপত্যকাৰ ১৩খন চাহ বাগিচাৰ
প্রায় ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একলগ হৈ তেওঁলোকৰ ওপনিৱেশিক শাসকৰ
ধ্বনি দি তেওঁলোক বাগিচাৰপৰ৷ ওলাই আহিছিল। মালিকসকলে বনুৱাসকলক বল প্রয়োগ
কৰি ওভতাই আনিবলৈ জিলা প্ৰশাসনক হেঁচা দিছিল। এনে বল প্রয়োগৰ ফলত বহুতো
বনুৱাৰ মৃত্যু হৈছিল আৰু বাকীসকল বাগিচালৈ উভতি আহিবলৈ বাধ্য হৈছিল।

৪.১১ 3 আইন অমান্য আন্দোলন আৰু অসম (১৯৩০-৩৪)

১৯২৮ চনত পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে ১৯৩০ চনত
আইন অমান্য আন্দোলনৰ SNS জনায়। প্রশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট
আইনসমূহ অমান্য কৰাটোৱে ইয়াৰ উদ্দেশ্য আছিল। ১৯৩০ চনৰ ১২ মাৰ্চত সৰোজিনী
নাইদু প্রমুখ্যে YS ৭৮গৰাকী সতীৰ্থ সহ গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা wifes
সাগৰ পাৰলৈ প্রায় ২৪০ মাইল দূৰত্ব যাত্ৰ৷ কৰে। ডাণ্ডিত গান্ধীজী আৰু সতীৰ্থসকলে
নিজে নিমখ তৈয়াৰ কৰি চৰকাৰী লোন আইন ভংগ কৰে। দ্ৰুতগতিত এই আন্দোলন
গোটেই দেশতে বিয়পি পৰে।

ইতিহাস

--- Page 81 ---
অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী
আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্ৰহৰ
প্রতি নিজৰ আনুগত্য প্রদৰ্শন কৰিছিল। সেই সময়ত কলিকতাৰ চি টি কলেজত পঢ়ি
থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কিন্তু লাহোৰ কংগ্ৰেছৰ
সিদ্ধান্ত মতে আইন অমনন্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিয়ে।
অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে
প্রস্তুত নহয়। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ
আইন অমান্য আন্দোলনলৈ কোনো উৎসাহ নাছিল। আনহাতে, বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ
অৰ্থনৈতিক পৰিসৰৰ মাজত সক্ৰিয়ভাৱে সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছিল।
তেনেকুৱা পৰিস্থিতিত অসমত কংগ্ৰেছক সুসংগঠিত কৰাৰ প্রয়োজন হৈছিল। বিষুণ্ৰাম
মেধি, মহম্মদ তৈয়বুল্লা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কাৰ্যত
নেতৃত্ব দিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপ-সমিতি
গঠন কৰা হৈছিল। নতুনকৈ গঠিত এই সমিতিসমূহৰ উদ্দেশ্য আছিল--- পুঁজি বৃদ্ধি কৰা,
শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বৰ্জন কৰা৷ আৰু
কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা।

অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ
আহ্বান জনাইছিল। কিন্তু ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশাজনক। সি যি কি নহওক ১৯৩০
চনৰ ১৪ এপ্ৰিল তাৰিখে নেহৰুক আৰু ৫ মে’ তাৰিখে গান্ধীক গ্ৰেপ্তাৰ কৰাৰ প্রতিবাদত
বৃহৎসংখ্যক ছাত্ৰই হৰতাল কার্যত অংশগ্ৰহণ কৰিছিল। ১৯৩০ চনৰ ৬ আৰু ১৪ মে’
তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্রতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ
বৰ্জন কৰিছিল। সেই সময়তে জে আৰ কানিংহামে ১৯৩০ চনত প্রকাশ কৰা কানিংহাম
চাৰ্কুলাৰৰ বাবে পৰিস্থিতি অধিক স্পৰ্শকাতৰ হৈ পৰিছিল। এই চাৰ্কুলাৰ মতে, ছাত্ৰ আৰু
তেওঁলোকৰ অভিভাৱকসকলে কোনে৷ ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ
লিখিত প্রতিশ্ৰুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে
ছাত্ৰ বৃত্তিৰপৰা বঞ্চিত কৰা হ’ব বুলি এই জাননীত প্রকাশ কৰা হৈছিল। ছাত্ৰসকলে এই
অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্রতিক্রিয়া প্রকাশ কৰিছিল যিয়ে পিছলৈ অসমত
আইন অমান্য আন্দোলনৰ প্রসাৰত অৰিহণা যোগাইছিল।
গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰিছিল। তেওঁলোকে চৰকাৰী শিক্ষানুষ্ঠানসমূহ
বৰ্জনৰ সিদ্ধান্ত লৈছিল। ১৯৩০ চনত জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬জন মুঠ ছাত্ৰৰ
প্রায় ৩১১৭জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ
বন্ধ কৰা হৈছিল। co শতাংশ মাটিৰ খাজনা হাসৰ দাবীৰে খেতিয়কসকলো আন্দোলনত
জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল। ছাত্ৰসকলৰ
এই আন্দোলন সুৰমা উপত্যকালৈও প্রসাৰিত হৈছিল।
ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ


--- Page 82 ---
৪.১২ ঃ ভাৰত ত্যাগ আন্দোলন আৰু অসম

জাপানে ১৯৪২ চনত ছিংগাপুৰ আৰু ৰেংগুন দখল কৰাৰ পিছত, ভাৰতলৈ দ্ৰুত
গতিত অগ্ৰসৰ হৈছিল। গান্ধীজী আৰু কংগ্ৰেছ দলৰ অন্য নেতাসকলে ভাবিছিল যে
ভাৰতত Pos অস্তিত্বই জাপানীসকলক ভাৰত আক্ৰমণ কৰিবলৈ প্ৰৰোচিত কৰিব।
ঘটনাক্ৰমে, বহু আলোচনা-বিলোচনাৰ পিছত ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ
কমিটিয়ে বোম্বাইত বিখ্যাত ‘ভাৰত ত্যাগ’ আন্দোলনৰ ঘোষণা কৰিছিল। গান্ধীজীয়ে
এঁতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়া টেংকত নিজৰ ভাষণ দিছিল, যিখন ঠাইক
পৰবতী সময়ত ‘আগষ্ট SE মৈদান’ নামেৰে নামকৰণ কৰা হৈছে। তৎক্ষণাত বিটিছ
শাসনৰ অন্ত পেলাই অনতিপলমে ভাৰতক স্বাধীনতা প্রদানৰ দাবীত এক মহান সংগ্রাম
আৰম্ভ হৈছিল। এই আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে তেওঁৰ শক্তিশালী ‘কৰিম কিন্বা
মৰিম (Do or die) শ্লোগ৷নেৰে জনতাক আন্দোলনলৈ Seley জনাইছিল। সকলো স্তৰৰ
জনসাধাৰণে সেই আহ্বানত উদ্বুদ্ধ হৈ আন্দোলনত মৰণপণ দি যোগদান কৰিছিল।

চৰকাৰে কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। কংগ্রেছ
দলক অবৈধ ঘোষণা কৰা হৈছিল আৰু এই দলৰ নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা
হৈছিল। হাজাৰ হাজাৰ লোকক CAV কৰি কাৰবাস দিয়া হৈছিল। বহুতো লোকৰ মৃত্যু
হৈছিল আৰু বহুতো লোক আহত হৈছিল।

ভাৰতৰ অন্যান্য প্লান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্রধান নেতাসকলক CABS কৰাৰ
লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য এঁক্যমঞ্চসমূহক
অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ
কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ
আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ
অত্যাচাৰে সীমা৷ চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল।
জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ
CEA" সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত
চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল।
হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু
শিৱসাগৰৰ চাফাইত ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল।

সমগ্ৰ দেশজুৰি প্ৰসাৰিত এই আন্দোলনক ব্ৰিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন
কৰিবলৈ চেষ্টা কৰিছিল। শ শ নিৰপৰাধী মানুহ পুলিচৰ লাঠিচালনলাত আহত হৈছিল
আৰু যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছ নেতাসকলৰ Sale সৈতে সকলো সম্পৰ্ক
বন্ধ কৰি ৰখা হৈছিল। অসমতো এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছসকলে কঠোৰ
পদক্ষেপ গ্ৰহণ কৰিছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কৌৱৰক ফীচি

ইতিহাস

--- Page 83 ---
দিয়া হৈছিল। চৰকাৰে অতি কঠোৰ হাতেৰে ১৯৪২ চনৰ
আন্দোলন দমন কৰিছিল। নগাঁৱৰ বেবেজীয়া, বাৰপুজীয়া,
বঢ়মপুৰ, জোঙালবলহু গড়, দৰঙৰ গহপুৰ, ঢেকিয়াজুলি,
বৰপেটাৰ পাটাছাৰকুছি আৰু গোৱালপাৰাৰ ফকিৰাগ্রাম আদি
ঠাইত পুলিচৰ গুলিচালনাত ন্যুনাধিক ২৭গৰাকী লোক ছহিদ
হৈছিল। শ শ লোকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰাসকলৰ
ভিতৰত গহপুৰৰ ১৪ বছৰীয়া কনকলতা বৰুৱাও আছিল।
ভাৰত ত্যাগ আন্দোলন প্রকৃতাৰ্থত এক গণ আন্দোলন
আছিল। বহু হেজাৰ সাধাৰণ জনতাই অংশগ্ৰহণ কৰা এই
আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিংসাত্মক ৰূপ লৈছিল।

হেজাৰ মানুহ AS কৰি ১৯৪৫ চনলৈকে জেলত আটক কৰি
ৰাখিছিল। তদুপৰি চৰকাৰে ৰাইজৰ অসামৰিক অধিকাৰ, বাক্‌
স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছিল।
এনেধৰণৰ কঠোৰ নীতিৰ দ্বাৰা চৰকাৰে এই আন্দোলন দমন
কৰিবলৈ সক্ষম হৈছিল। কিন্তু জেলৰ বাহিৰত থকা কিছুসংখ্যক
নেতাই আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা
কৰিছিল। আত্মগোপনকাৰী নেতাসকলৰ অন্যতম আছিল জয়প্ৰকাশ নাৰায়ণ, এছ এম
আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা,
জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, ব্ৰজনাথ শৰ্মা আৰু গহনচন্দ্ৰ গোস্বামীয়ে।
অকল বজালীতে ১৯৪৩ চনত কমেও ৩২টা গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠন হৈছিল।
এনেধৰণৰ সংগঠন অসমৰ আন আন ঠাইত ঘাইকৈ কামৰূপ, নগাঁও, দৰং আৰু
শিৱসাগৰতো গঠিত হৈছিল।

ব্ৰিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ
আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল।
কংগ্ৰেছৰ নেতাসকল জেল খাটি থকাৰ সময়তে ১৯৪৪ত ওপনিৱেশিক চৰকাৰে সৰ্বশক্তি
প্রয়োগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী
নেতা হতাশাগ্ৰস্ত হৈছিল।

৪.১৩ ঃ বৰদলৈৰ মন্ত্ৰীসভা

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে
অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ভিতৰত ৫৮ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ
দল হিচাপে পৰিগণিত হৈছিল। সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে গোপীনাথ বৰদলৈয়ে ১১

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ


--- Page 84 ---
ফেব্ৰুৱাৰীত (১৯৪৬) চৰকাৰ গঠন কৰিছিল। প্রধানমন্ত্ৰী (পিছলৈ মুখ্যমন্ত্ৰী) বৰদলৈৰ
মন্ত্ৰীসভাৰ আন আন সদস্যসকল আছিল--- বসন্তকুমাৰ দাস, বিষ্ণুৰাম মেধি, জে নিকলছৰয়,
ৰামনাথ দাস, বৈদ্যনাথ মুখাৰ্জী আৰু আব্দুল মতলিব মজুমদাৰ। ভাৰতৰ স্বাধীনতাৰ
প্রাকমুহূৰ্তত অসমৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বন আছিল। স্বাধীনতাৰ ঠিক পিছতেই Gee
পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ’বলগা হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ
আন আন অঞ্চলৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্র ১২
কিলোমিটাৰ বহল এক সংকীৰ্ণ GAGA উত্তৰ-পূবক ভাৰতৰ অন্যান্য অংশৰ লগত সংযোগ
কৰিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ
হঠাতে পূব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল। বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চলৰ
মাজত থকা জটিল অর্থনৈতিক সম্পৰ্ক বিঘ্নিত কৰিছিল। বিভাজনৰ পূৰ্বে এই অঞ্চলটোৱে
(বংগ-অসম-আৰাকান) কৃষি শিল্পজাত সামগ্ৰী চাহ, নীল মৰাপাট, ৰেচম আদিৰ আন্তৰ্জাতিক
ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু বিভাজনৰ পিছত এই আন্তৰ্জাতিক পৰ্যায়ৰ অর্থনীতিৰ বিসৰ্জন
দি প্রত্যেকেই নিজ নিজ জাতীয় অর্থনীতি গঠনত মনোনিৱেশ কৰিছিল। অর্থনৈতিক
বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰি উত্তৰ-পূব ভাৰতে অনুপ্রৱেশকাৰীৰ সমস্যা আৰু
ভৌগোলিক পুনৰগঠনৰ সমস্যাৰো সন্মুখীন হৈছিল। ১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণে
উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল। এইদৰে, বিভাজনৰ পিছত
উত্তৰ-পূব অঞ্চলটো ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ পৰিছিল আৰু একে সময়তে নিৰাপত্তাৰ
ক্ষেত্ৰত এক স্পৰ্শকাতৰ অঞ্চললৈ ৰূপান্তৰিত হৈছিল।

এনে এক ৰাজনৈতিক, ভৌগোলিক আৰু: অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা অসম
তথা উত্তৰ-পূব ভাৰতৰ সামগ্রিক আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতেই
বিকাশ আছিল বৰদলৈ মন্ত্ৰীসভাৰ আন এক লক্ষ্য। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা
কিছু অনুষ্ঠানৰ বিষয়ে তলত সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ’ল।
Pp 8.00.9 2 অসম কৃষি বিশ্ববিদ্যালয়

১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক
পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি

গৱেষণা কেন্দ্ৰৰ প্রতিষ্ঠাই অসম কৃষি
বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি। যদিও

সুকীয়া ক্ষ আৰু পশু মহাবিদ্যালয়
্ট SIE হৈ পৰিছিল। OUST ৯৯৪৮
অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল তোৰণ * যোৰহাটত অসম কৃষি মহাবিদ্যালয় গতিষ্ঠা কৰা

ইতিহাস

--- Page 85 ---
হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত
হয় আৰু পশু চিকিৎসা মহাবিধ্যালয়খন নগাঁৱৰপৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ
স্থানান্তৰিত কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্রথম বৃত্তিমুখী
বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ চমুকৈ তলত দিয়া হ’ল ঃ
* কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ।
4 উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা।
* প্ৰযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্রচাৰ কৰা।
2 Bier লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু

খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা।
8.59.2 3 গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্রথমখন
ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে এই বিশ্ববিদ্যালয় স্থাপন কৰা
হৈছিল। গুৱাহাটী অৰ্থাৎ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে এই অভিমত
পোনতে প্রকাশ কৰিছিল ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয়
আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰত
অনুষ্ঠিত হোৱা আছাম এছ’চিয়েছনৰ বাৰ্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা
দাবী উত্থাপিত হৈছিল। ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্য-পাতি সংগ্ৰহ আৰু এক
উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে ১৯৪০ চনত সূৰ্য্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে
নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত
১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে
অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্রথমখন আদৰণি সভা (ক'ৰ্ট সভা)ৰ দিনটোকে
বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত
১৭খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰপৰা
কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ
স্থানান্তৰিত হয়। বৰ্তমান বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে
জনাজাত।

৪.১৩.৩ 3 অসম চিকিৎসা মহাবিদ্যালয়

উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০
চনতে ডিব্ৰুগড়ত ড’ জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী-হোৱাইট
মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড" জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ
চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰ৷ দুটা এক্স-ৰে মেচিন

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ


--- Page 86 ---
আমদানি কৰি আনিছিল আৰু ৰেডিঅ’ল’জী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত
এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ
সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭

খং
¥. :
_ এ -ল a
VS ৰ

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ
চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয়
নামেৰে নামকৰণ কৰা হৈছিল।

চিকিৎসা আৰু চিকিৎসা শিক্ষা সন্দৰ্ভত বৰ্ধিত চাহিদাৰ প্রতি লক্ষ্য ৰাখি নতুনকৈ
চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা প্রয়োজনীয়তা তীব্র হৈ পৰিছিল। ১৯৫৯ চনত ৰাজ্য
চৰকাৰে তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহা, বিত্তমন্ত্ৰী ফখৰুদ্দিন আলী আহমেদ আৰু
তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বত অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়
স্থাপনৰ যো-জা কৰিছিল। সেই উদ্দেশ্যৰে ১৯৫৯ চনৰ ৭ নৱেম্বৰ তাৰিখে এখন বিশেষজ্ঞ
কমিটি গঠন কৰা হৈছিল। ১৯৬০ চনৰ ২৬ এপ্ৰিল তাৰিখে সেই কমিটিখনে ইয়াৰ
প্ৰতিবেদন দাখিল কৰিছিল। ১৯৬০ চনৰ ২৬ জুন তাৰিখে ৰাজ্য চৰকাৰৰ এক নিৰ্দেশ
মৰ্মে অসম চিকিৎসা মহাবিদ্যালয় (ডিব্ৰুগড়)ৰ তেতিয়াৰ অধ্যক্ষ এছ এন শৰ্মাক
জালুকবাৰীত অৱস্থিত পৰিত্যক্ত আয়ুৰ্বেদিক মহাবিদ্যালয়ত সেই বছৰৰে আগষ্ট মাহৰপৰা
পাঠদান আৰম্ভ কৰিবলৈ সকলো যাৱতীয় সা-সুবিধাৰ ব্যৱস্থা কৰিবলৈ দায়িত্ব অৰ্পণ
কৰিছিল। লগতে চৰকাৰে গুৱাহাটী আৰু শিলচৰত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ
সিদ্ধান্ত লৈছিল। ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন
আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল। অসম চিকিৎসা মহাবিদ্যালয়ৰ তত্বাৱধানত ১০০জন
ছাত্ৰ নিৰ্বাচন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্রথমচাম ছাত্ৰৰ নামভৰ্তি কৰোৱা
হৈছিল। ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপিত হৈছিল।


--- Page 87 ---
"+ ১৯ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতৰ বাকী অংশৰ দৰেই অসমতো ইংৰাজী শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ শক্তি
বৃদ্ধি পাইছিল। এই শ্ৰেণীটোৱে এহাতে তেওঁলোকৰ সমাজখন সংস্কাৰৰ বাবে আগুৱাই আহিছিল;
আনহাতে, তেওঁলোকে ওপনিৱেশিক শোষণৰ বিৰুদ্ধে সংগঠিত হৈ মাত মাতিছিল। ফলস্বৰূপে বহুতো
সংস্থা-অনুষ্ঠান গঢ়ি উঠিছিল। সংগঠনসমূহৰ নেতাসকলৰ আঞ্চলিক আকাংক্ষা আছিল যদিও ১৯২০ চনত
জাতীয় কংগ্ৰেছৰ সৈতে প্রতিষ্ঠা হোৱা বলিষ্ঠ সংযোগে অসমক ৰাষ্ট্ৰীয় ৰাজনীতিৰ সৈতে সংযুক্ত কৰিছিল।
এনেদৰেই অসমে স্বাধীনকামী জাতীয় আন্দোলনত অৰিহণা যোগাইছিল।

PF স্বাধীনতাৰ AM] অসমে অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ উপৰি অর্থনৈতিক আৰু বুনিয়াদী অনগ্ৰসৰতাৰ

সমস্যাৰো সন্মুখীন হৈছিল। গোপীন৷থ বৰদলৈ আৰু তেওঁৰ মন্ত্ৰীসভাই এনেকুৱা একাধিক জটিল সমস্যাৰ

সমাধান কৰিছিল। তেওঁলোকে এই অঞ্চলৰ সুষম উন্নয়নৰ অৰ্থেও আন্তৰিক প্ৰচেষ্টা চলাইছিল।

অতি চমু উত্তৰৰ প্রশ্ন ঃ

>| Mek সন্ধি কেতিয়া হৈছিল?
২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?

Ol অসমত বাংলা ভাষাৰ প্রচলন কেতিয়া হৈছিল?

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্রচলন কেতিয়া হৈছিল?

৫৷ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?

৬৷ ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

wl আহোম সভাৰ সম্পাদক কোন আছিল?

৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

১০। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি আৰু সম্পাদক কোন আছিল?

১১৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
S21 অসমৰ প্রথম প্রধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?

১৩। কুশল কৌৱৰক কি অপৰাধত ফীচী দিয়া হৈছিল?

গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

--- Page 88 ---
৷ ১৫।৷ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
৷ ১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
চমু উত্তৰৰ প্রশ্ন ঃ

Da
QI
9]
8 |
«|
vl
91
৮।


3
Q|
9 |
8 |
«|
vl
৭|
vw |
® |

১১

‘অসমীয়া লিটাৰেৰী ছ'চাইটী’ৰ বিষয়ে চমুকৈ লিখা।

জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।

আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।

আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উখাপন কৰা বিষয়সমূহ কি আছিল?

অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।

গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।
অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।

| দীঘল উত্তৰৰ প্রশ্ন ঃ

অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।

ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।

আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।

স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।

অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।

বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।


--- Page 89 ---
মূল আলোচ্য বিষয়
৬ ভাৰতৰ সাংস্কৃতিক এতিহ্যৰ উৎস

e _ ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য

৬৩ ভাৰতীয় সংস্কৃতিৰ এঁতিহ্য-- সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত আৰু নৃত্য, যোগবিদ্যা
e উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ সাংস্কৃতিক এঁতিহ্যৰ উৎস

উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক এঁতিহ্য-- সাহিত্য, ধৰ্ম, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য, লোক-সংস্কৃতি

৫.০১ 3 ভাৰতৰ সাংস্কৃতিক এতিহ্যৰ উৎস

ভাৰতৰ সাংস্কৃতিক এঁতিহ্যৰ উৎস বিচাৰিবলৈ হ’লে ভাৰতবৰ্ষত বিকশিত হোৱা
প্রাচীনতম সভ্যতাৰ নিদৰ্শন সিন্ধু সভ্যতাত ভূমুকি মাৰিবলগীয়া হয়। খ্ৰীষ্টপূৰ্ব চতুৰ্থ
সহস্রাব্দতে সিন্ধু উপত্যকাত এক উন্নত নাগৰিক সভ্যতাৰ বিকাশ হৈছিল। Bei আৰু
মহেঞ্জোদাৰো নগৰ দুখনকে সামৰি সিন্ধু উপত্যকাৰ পৰা গাংগেয় উপত্যকাৰ মীৰাট
পৰ্যন্ত এই সভ্যতা বিস্তৃত আছিল। বহুসংখ্যক পণ্ডিতৰ মতে সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা
আছিল দ্ৰাবিড়সকল। সিন্ধু সভ্যতাৰ বিভিন্ন স্থানত পশুপতি সদৃশ মূৰ্তি, শিৱলিংগ আহিৰ
পোৰা মাটিৰ সামগ্ৰী, স্বস্তিকাৰ চিন থকা মোহৰ, মাতৃদেৱীৰ মূৰ্তি আদিৰ আৱিষ্কাৰ হৈছে।
আকৌ যাড়গৰু, ইউনিকৰ্ণ আদিৰ ছবি থকা মোহৰৰ আৱিষ্কাৰৰ পৰা এইটো অনুমান
কৰিব পাৰি যে তেওঁলোক জীৱ-জন্তুৰ পূজা বা টোটেম বিশ্বাসী আছিল। এনে কেতবোৰ
দিশৰ ওপৰত ভিত্তি কৰি বুৰঞ্জীবিদ আৰ. চি. মজুমদাৰে পৰৱৰ্তী সময়ৰ ভাৰতীয়

ভাৰত আৰু উভৰ পুবাৰ্থ্খলৰ সাংস্কৃতিক এঁতিহা

--- Page 90 ---
সংস্কৃতিৰ কিছুমান ক্ষেত্ৰত সিন্ধু সভ্যতাই প্রভাৱ এৰি থৈ গৈছিল বুলি মতপোষণ
কৰিছে।

খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত সিন্ধু সভ্যতাৰ পতন হোৱাৰ পিছত বৈদিক যুগৰ সূচনা
হয়। পৃথিৱীৰ প্রাচীনতম লিখিত ধৰ্মগ্ৰন্থ থকবেদৰ আনুমানিক ৰচনাকালৰ ওপৰত ভিত্তি
কৰি খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰপৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পৰ্যন্ত সময়ছোৱাক খকবৈদিক যুগ
বা আদি বৈদিক যুগ আৰু খ্ৰীষ্টপূৰ্ব ১০০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০ লৈ সময় ছোৱাক
পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয়। পৰৱৰ্তী বৈদিক যুগত অন্য তিনিখন বেদ (সংহিতা)-
যজুঃ, সাম আৰু অথৰ্ব বেদৰ উপৰিও আৰণ্যক আৰু উপনিষদ সমূহ ৰচিত হৈছিল।
পৰৱৰ্তী বৈদিক যুগৰ শেষৰ ফালে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যদ্বয় ৰচিত হৈছিল
বুলি অনুমান কৰা হয়। এই সময়ছোৱাৰ ভিতৰত আৰ্য সংস্কৃতি ভাৰতৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ
দিশে আৰু দক্ষিণে সুদূৰ কন্যাকুমাৰী পৰ্যন্ত সম্প্ৰসাৰণ ঘটিছিল। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ
ভিতৰত সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটিছিল।

এক জনপ্ৰিয় তত্ব অনুসৰি বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা আছিল URS aes
গোষ্ঠীৰ অন্তর্ভুক্ত লোকৰ এটা দল। দ্ৰাবিড়সকল (অথবা মেডিটেৰেনিয়ান) আৰু এই
HSS আৰ্যসকল ভাৰতত প্রৱেশ কৰাৰ আগতেই নিগ্ৰো গোষ্ঠী আৰু প্রট’ অষ্ট্ৰলয়ড
অথবা অষ্টিকসকল আৰু তাৰ পিছত ক্ৰমে মংগোলীয় গোষ্ঠী আৰু মধ্য এচিয়াৰ পৰা
পশ্চিমৰ প্ৰশস্ত মস্তিস্কী (ৱেষ্টাৰ্ণ ব্ৰেচচেফালিক) গোষ্ঠীৰ লোক ভাৰতত প্রৱেশ কৰি বসতি
কৰিবলৈ লৈছিল। উল্লিখিত নৃ-গোষ্ঠীসমূহে কালক্ৰমত সংমিশ্ৰণৰ জৰিয়তে বহু জাতি,
উপজাতিৰ সৃষ্টি কৰিছিল। একেদৰে সামাজিক ৰীতি-নীতি, লোক বিশ্বাস, ধৰ্মীয় ৰীতি-
নীতি আৰু ভাষাগত সংমিশ্ৰণ ঘটি অজস্ৰ পৃথক পৃথক সাংস্কৃতিক গোটৰ উদ্ভৱ হৈছিল।
আৰ্যসকলৰ পূৰ্বৰ নৃ-গোষ্ঠী কেইটাই ভাৰতীয় সভ্যতা-সংস্কৃতিলে আগবঢ়োৱা বহু
গুৰুত্বপূৰ্ণ অৱদান পণ্ডিতসকলে চিনাক্ত কৰিছে। উদাহৰণস্বৰূপে ধান খেতি, কুঁহিয়াৰৰ
পৰা গুৰ তৈয়াৰ কৰা কৌশল, কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল
অষ্টিকসকলে সূচনা কৰিছিল। সেইদৰে ধৰ্মীয় পৰম্পৰাত সেন্দুৰৰ ব্যৱহাৰ, হালধিৰ
ব্যৱহাৰ আৰু হাতী পোহ মনোৱা কাৰ্যৰ উদ্ভাৱন অষ্টিকসকলেই কৰিছিল।

TWAVAVAVAVAVAVAVAVAVAVAVAVAVAVAVAVAVAVAVAYAVAYAVAYAVAVAVAVAVAVAVA
® ®©@ ® ®© © © ষঘে।) ঘটে) ৰে) © ® @QDdqQqgoqogoqgogqgdgogd®gdqgodqgodqoqodq®oqoq®o ৰে ৰে ৰে) ষঘে

--- Page 91 ---
আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটি থকাৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ স্থানীয় ধৰ্মীয়
আৰু সামাজিক ৰীতি-নীতিবোৰৰ সংমিশ্ৰণ ঘটিছিল। ইয়াৰ ফলত আৰ্য কৃষ্টি-সংস্কৃতিৰ
মূল ৰূপটোৰ পৰিবৰ্তন ঘটিছিল। অনুৰূপ ধৰণে পূৰ্বৰ জনগোষ্ঠীসমূহেও SST
সংস্কৃতিৰপৰা উপাদান গ্রহণ কৰিছিল। সংহিতা, ব্ৰাহ্মণ, আৰণ্যক, উপনিষদৰাজি,
মহাকাব্যদ্বয়, পৰৱৰ্তী সময়ত ৰচিত হোৱা পুৰাণ, স্মৃতি, বেদাংগ সমূহত এই ৰূপান্তৰণৰ
আভাস পোৱা যায়।

সিন্ধু সভ্যতাৰ ধৰ্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ধৰ্ম
ব্যৱস্থাতো বহু দেৱ-দেৱীৰ লগতে একেশ্বৰৰ ধাৰণ৷ বিদ্যমান আছিল। এইদৰে ভাৰতৰ
প্রাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা,
সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্রহণ কৰিছিল। ইয়াৰ লগতে
স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্রতিও শ্ৰদ্ধাৰ ভাৱ
ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেবাটাও তত্্বগতভাৱে পৰস্পৰ বিৰোধী
দৰ্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা
সত্বেও খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে
বৈদিক হিন্দুধৰ্মৰ সংঘৰ্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক
পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো
অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। এই ক্ষেত্রত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই
সম্ৰাট অশোকৰ গিৰ্ণাৰত থকা ১২নং বৃহৎ শিলালেখখনত থকা কিছু কথা বিশেষ
মনকৰিবলগীয়া। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ
প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্রহণ কৰি
সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে- সম্ৰাট অশোকৰ এই ঘোষণাটোৱে ভাৰতীয়
শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্রাচীনতম সাক্ষ্য বহন কৰে। পৰৱৰ্তী সময়ত বিশ্বৰ
বিভিন্ন প্রান্তত উদ্ভৱ হোৱা খ্ৰীষ্টিয়ান, ইছলাম, জোৰনষ্টাৰ, ইহুদী আদি ধৰ্মৰো ভাৰতলৈ
আগমন ঘটিছিল। শাস্ত্ৰ নির্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস
তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধৰ্মপন্থা দেখা যায়।

ধৰ্মীয় বিবিধতা আৰু সহবৰ্তিতাৰ লগতে ধৰ্ম আৰু আধ্যাত্মিকতাই ভাৰতীয়
লোকৰ ব্যক্তিগত আৰু সামাজিক জীৱন তথা সভ্যতা সংস্কৃতিৰ সকলো ক্ষেত্ৰকে
সংগীত, নৃত্য, চিত্ৰকলা, নৈতিকতা, জীৱন আৰু জগত সম্পৰ্কে দৃষ্টিভংগী, সামাজিক
ৰীতি-নীতি, উৎসৱ পাৰ্বন আদিত এই প্রভাৱ স্পষ্টভাৱে দেখা যায়। গ্রাগৈতিহাসিক
যুগত ঘটা জন-প্রৱজন সমূহৰ উপৰি ভাৰতৰ এঁতিহাসিক কালছোৱাত খ্ৰীষ্টপূৰ্ব ষষ্ঠ
শতিকাত হোৱা পাছী আক্ৰমণৰ পিছত গ্ৰীক, শক, হুন, তুকী-আফগান, মোগল,
পৰ্টুগীজ, ওলন্দাজ, ফৰাছী, ব্ৰিটিছ আদি লোকৰ আগমন হৈছিল। এওঁলোকৰ বহুতে
ভাৰতত স্থায়ীভাৱে থাকি গৈছিল। এওঁলোকেও ভাৰতীয় সংস্কৃতিৰ সংমিশ্রণ তথা

ভাৰত আৰু উভৰ পুবাৰ্থ্খলৰ সাংস্কৃতিক এঁতিহা


--- Page 92 ---
সংযোজনৰ প্রবাহটোত অংশগ্ৰহণ কৰি ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰিছিল আৰু
সাংস্কৃতিক বৈচিত্ৰ্য বৃদ্ধি কৰিছিল।

বৰ্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা
আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষি উপযোগী AI
অঞ্চল হয়তো আৰ্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পৰ্শ সঘনাই
হৈছে আকৌ অন্য কোনোবাটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন, কষ্টসাধ্য
জীৱন-যাপন কৰিবলগীয়া হৈছে।

ভাৰতীয় সংস্কৃতিৰ অন্য দুটা বিশেষ বৈশিষ্ট্য হ’ল- সাংস্কৃতিক বহুত্ববাদ (Multi-
culturalism) আৰু ‘বৈচিত্ৰ্যৰ মাজত awl’! সাংস্কৃতিক বহুত্ববাদে কোনো এখন
সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্রতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ
বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি
সংস্কৃতিৰ সংৰক্ষণ তথা সংবদৰ্দ্ধদন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে
সহবৰ্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়। ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ
মাজত একতা’ (Unity in Diversity) বাক্যাংশ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা
কৰি তুলিছিল। জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ (Discovery of India) গ্রন্থখনিৰ
জৰিয়তে ই স্থায়িত্ব লাভ কৰিলে। ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক, আৰ্থিক আদি
অনেক ক্ষেত্ৰত অনেক বিবিধতা থকা সত্বেও ভাৰতীয় সকলে এক Gaia অনুভূতিৰে
সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া
কৰি আহিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা
সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস; বিভিন্ন যুগৰ শাসকসকলৰ
ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু
মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্রান্তক মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি
কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ
কৰি আহিছে। এইবোৰৰ উপৰি এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ
প্রতিটো গোট পৰস্পৰ বন্ধন যুক্ত হৈ থকা দেখা যায়। যিবোৰ বিষয়ত বিবিধতাৰ
সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে এঁক্যবদ্ধ কৰাও দেখা যায়। দুটা গোট
যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোক হয়তো ভাষিক ভাৱে অথবা ধৰ্মীয়ভাৱে
পএঁক্যবদ্ধ; কোনোবা যদি ধৰ্মীয়ভাৱে পৃথক তেওঁলোক হয়তো ভাষিকভাৱে অথবা
ভৌগোলিকভাৱে বন্ধনযুক্ত হৈছে।

ভাৰতবৰ্ষৰ বিশাল ভূখণ্ডত বিদ্যমান বিবিধ বৰ্ণাঢ্য সংস্কৃতিৰ কেইটামান উল্লেখযোগ্য
ক্ষেত্ৰৰ বিষয়ে পৰিচয়সূুচক কিছু কথা তলত চমুকৈ উল্লেখ কৰা হ’ল।

ইতিহাস

--- Page 93 ---
৫.০২ 3 সাহিত্য

ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ
আত্মা নিহিত হৈ আছে বুলি ক’ব পাৰি। বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি
উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰত মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, বেদাংগসমূহ
(জ্যোতিষ, ব্যাকৰণ, ছন্দ, নিৰুক্ত, কল্প আৰু শিক্ষা); ৰাজনীতি বিষয়ক গ্ৰন্থ কৌটিল্যৰ
অৰ্থশাস্ত্ৰ, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা; কালিদাস, as, বাণভট্ট
আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদৰ্শন। কপিল, পটঞ্জলি,
গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মধবাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শনৰ গ্ৰন্থসমূহ;
বুৰঞ্জীমূলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিণী; আর্যভট্ট, বৰাহ মিহিৰ, ব্ৰহ্মগুপ্ত, প্রথম আৰু
দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ; দক্ষিণ ভাৰতৰ
সংগম সাহিত্য আদি গ্ৰস্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ
পৰিচয় দিয়ে। এইসমূহে জীৱন আৰু জগত সম্পৰ্কে দৃষ্টিভংগী, ধৰ্মবিশ্বাস, বিজ্ঞান
মানসতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্রাচীন কালত
ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্রতিফলিত কৰে। এই গ্ৰন্থসমূহ সৃষ্টিকৰ্তা
মনীষীসকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তৰ্দৃষ্টি আৰু অক্লান্ত
বৌদ্ধিক সাধনাৰ ফচল। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা, মনত্তত্ব, সাহিত্য
চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক এক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্রভাৱ
পেলাইছিল। হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ-মাতৃ, গুৰু, অতিথি, বিদ্যা আৰু
fears প্রতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থ ৰাজিয়ে প্রসাৰ কৰিছিল।
সেইদৰে জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বৰ্গ, নৰক, পাপ-পুণ্য আদিৰ ধাৰণাও এই
গ্ৰন্থৰজিয়ে জনপ্রিয় কৰি তুলিছে। এই গ্ৰন্থৰজিত থকা ‘সত্যমেৱ জয়তে’ (মুণ্ডক
উপনিষদ), ‘অহিংসা পৰম ধৰ্ম’ (মহাভাৰত), ‘জননী জন্মভূমিশ্চ স্বৰ্গাদপিগৰিয়সী’
(ৰামায়ণ), ‘বসুধৈৱ SHAE’ (মহোপনিষদ); আদি বিশ্বজনীন অমোঘ বাণীসমূহে
ভাৰতীয় মূল্যবোধৰ ভেটিটো গঢ় দিছে। অসত্যৰ বিপৰীতে সত্যৰ প্রতি, অজ্ঞান
আন্ধাৰৰ বিপৰীতে জ্ঞানালোকৰ প্রতি আৰু মৃত্যুৰ জড়তাৰ) বিপৰীতে অমৃতময়ীতালৈ
(চেতনা) নিয়াৰ প্রার্থনা ‘অসতো মা সদ্্‌গময়, তমসোমা জ্যোতিৰ্গময়, মৃত্যুৰ্মাঅমৃতম
গময়’ আদি আমোঘবাণী সমূহেও সামপ্রিকভাৱে ভাৰতীয় মনস্তত্বক প্রেৰণা যোগাই
আহিছে। সংস্কৃত ভাষাত ৰচিত এই বৌদ্ধিক সৃষ্টিকৰ্মসমূহৰ কিছুমান পৰৱৰ্তী সময়ত
ভাৰতৰ বিভিন্ন প্রান্তীয় ভাষালৈ অনূদিত হৈছিল। ইয়াৰে বহু কথা পৰিয়ালসমূহত
বংশানুক্ৰমিকভাৱে, মৌখিকভাৱে, সমূহীয়া নাম-কীৰ্তনৰ ৰূপত আৰু সামাজিক ৰীতি-
নীতিৰ ৰূপত প্রবাহমান হৈ আছে। এই গ্রন্থৰাজিৰ বহু সাৰমৰ্ম উত্তৰ পুৰুষসকলে
মূল্যবোধ হিচাপে জীৱনত প্রয়োগ কৰি আহিছে।

ভাৰত আৰু উভৰ পুবাৰ্থ্খলৰ সাংস্কৃতিক এঁতিহা


--- Page 94 ---
৫.০৩ ঃ স্থাপত্য

ভাৰতৰ স্থাপত্য শিল্পৰ প্রাচীন নিদৰ্শন ঘাইকৈ মঠ-মন্দিৰ, Geol আদি ধৰ্মীয় উপাসনা
গৃহসমূহ। চুলতানী আৰু বাদছাহী যুগত মুখ্যত চাৰি প্রকাৰৰ স্থাপত্য দেখা যায়-- মছজিদ,
মহল (ৰাজপ্রাসাদ), মাকোৱাৰা (মৃতকৰ সৌধ) আৰু মিনাৰ (গম্বুজ অথবা কীৰ্তিস্তম্ভ)। উভয়
যুগৰ এই স্থাপত্য এঁতিহ্াযসমূহ লক্ষ্য কৰিলে দেখা যায়
যে এইবোৰৰ নিৰ্মাণ ৰাজকীয় পৃষ্ঠপোষকতাত সম্ভৱ
হৈছিল। প্রাচীন কালৰ শিলেৰে নিৰ্মিত মঠ-মন্দিৰসমূহৰ
ৰি a নিৰ্মাণ শৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ
io ai FE PRE) কৰিব পাৰি৷ উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰ অংশ

৷ Raa (শিখৰ) অৰ্ধবৃত্তাকাৰ আৰু দক্ষিণ ভাৰতীয় মন্দিৰ সমূহৰ
ৰ ৭| ওপৰ অংশ (বিমান) আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু
হৈ যোৱা ধৰণৰ। ৱেচৰ শৈলীৰ মন্দিৰ সমূহত নাগৰ
আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ ঘটা দেখা যায়। প্ৰতিটো
শৈলীতে আৰু অনেক স্থূল আৰু সূক্ষ্ম কলা কৌশল বিদ্যমান। কিছুমানত মন্দিৰৰ প্রধান শিখৰ
(বিমান) সমূহৰ লগতে কিছুমান ক্ৰমে চাপৰ হৈ অহা সহযোগী শিখৰ পৰ্বতৰ শৃংগৰ দৰে
নিৰ্মাণ কৰ৷ হৈছিল। কিছুমানত আকৌ অজস্ৰ দেৱ-দেৱীৰ মূৰ্ত্তি শাৰী শাৰীকৈ খাজ কাটি নিৰ্মাণ
কৰি দিয়া হৈছিল। এই মন্দিৰসমূহৰ কাৰিকৰী তথা শিল্প নৈপুণ্য চমকপ্রদ। এই মন্দিৰ সমূহ
হিন্দু বাস্তশাস্ত্ৰ অনুযায়ী নিৰ্মাণ কৰা হৈছিল।

ভাৰতৰ অনেক স্তূপৰ ভিতৰত সাঁচীৰ স্থৃপটোৰ ৰূপ আদৰ্শ ৰূপ বুলি কোৱা হয়।
অজন্তাৰ পাহাৰৰ শিল কাটি নিৰ্মাণ কৰা গুহা মন্দিৰবোৰৰ সন্মুখ অংশৰ সৌন্দৰ্য আৰু
নিৰ্মাণত প্রয়োগ হোৱা কাৰিকৰী দক্ষতা মনকৰিবলগীয়া।

PF! আফগান তথা মোগলযুগত স্থাপত্য সমূহত weal শৈলীৰ প্রয়োগ কৰা
হৈছিল। উল্লিখিত সমগ্ৰ স্থাপত্য ৰাজিৰ ভিতৰত বিশ্ববন্দিত তাজমহল মধ্যমণি বুলি ক’ব
পাৰি। সাঁচীৰ স্তূপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল ৰাষ্টসংঘৰ শিক্ষা, বিজ্ঞান আৰু
সাংস্কৃতিক সংস্থা (UNESCO দ্বাৰা বিশ্ব এঁতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হৈছে।

৫.০৪ ঃ ভাস্কৰ্য

ভাৰতৰ ভাস্কৰ্য শিল্পৰ উৎকৰ্ষৰ এক পৰিপক্ন পৰ্যায় প্রাচীন যুগতেই সৃষ্টি হৈছিল।
সিন্ধু সভ্যতাৰ সময়ৰপৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী
সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে মূৰ্তি নিৰ্মাণ কৰা শৈলীত
বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। এই মূৰ্তিসমূহৰ মাজত একেবাৰে সহজ সৰল, পোন,

ইতিহাস


--- Page 95 ---
অসমানুপাতিক মূৰ্তিৰপৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ, চতু্ভংগ
আৰ্হিৰ, সমানুপাতিক; পোছাক-অলংকাৰেৰে, Fels অলংকৰণেৰে
সু-সজ্জিত মূৰ্তি দেখা যায়। মনৰ শান্তি, সুখ, ক্ৰোধ আদি অনুভূতি
প্রকাশিত কৰিব পৰাকৈ মুখাবয়ৰত তথা অংগ-প্রত্যংগত সূক্ষ্ম কলা-
কৌশলৰ প্ৰয়োগ আদিৰে নিৰ্মিত অজস্ৰ মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত
দেখিবলৈ পোৱা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-
যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-
জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায়। অশোকৰ
স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন
ঘটনাৰ লগত জড়িত আৰু সামগ্ৰিক ভাৱে ভাৰতীয় সংস্কৃতিতো এই MB
জন্তু কেইটাৰ বিশেষ গুৰুত্ব আছে। দেশী-বিদেশী বিভিন্ন ৰাজবংশই _
এই মূৰ্তি নিৰ্মাণ কৰা কলাটোক পৃষ্ঠপোষকতা কৰিছিল। বিভিন্ন
পাথৰ্ক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কৰ্য শিল্পকলাক গান্ধাৰ (উত্তৰ-
পশ্চিম পাকিস্তান তথা পূব আফগানিস্তান অঞ্চলত বিকশিত) শিল্পকলা, মথুৰা শিল্পকলা,
অমৰাৱতী শিল্পকলা নামেৰে তিনিটা প্রধান ভাগত ভাগ কৰিব পাৰি। খ্ৰীষ্টপূৰ্ব প্ৰথম
শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকা পৰ্যন্ত জীৱন্ত হৈ থকা গান্ধাৰ শিল্পকলাত গ্ৰীক-ৰোমান
ভাস্কৰ্য শিল্প কৌশলৰ প্রয়োগ কৰি বহু বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। মথুৰা শিল্পকলা
হৈছিল। এই শিল্পকলাই গুপ্তযুগত চৰম উৎকৰ্ষ লাভ কৰিছিল। অমৰাৱতী শিল্পকলা
খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্রায় ছশ বছৰ জুৰি প্রচলিত হৈ আছিল। ঘাইকৈ সাতবাহন
সকলে এই শিল্পকলাক পৃষ্ঠপোষকতা কৰিছিল। মধ্যযুগত ভাৰতীয় ভাস্কৰ্য শিল্পৰ অৱনতি
ঘটে।

৫.০৫ ঃ চিত্ৰকলা

প্রাচীন ভাৰতীয় চিত্ৰকলাৰ এতিহ্যসমূহক দুটা প্রধান ভাগত বিভক্ত কৰিব পাৰি-_
বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ fa | ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰিবলৈ
আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। দুয়োটা fare ভাৰতৰ বিভিন্ন স্থানত
বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্ত৷ (মহাৰাষ্ট), বাঘ (মধ্যপ্ৰদেশ),
Perineal (তামিলনাডু), আৰমামলাই (তামিলনাডু) আদিৰ গুহাৰ দেৱাল সমূহত অঁকা
হৈছিল। এইবোৰৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত। দশম শতিকা
মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত,
পাট কাপোৰ আদিত ক্ষুদাকৃতিৰ চিত্র অঁকা হৈছিল, মূলতঃ সংশ্লিষ্ট গ্ৰন্থসমূহৰ বিষয়বস্তুৰ
সচিত্ৰ বিৱৰণ দিয়াৰ Cones | খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্রয়োজনীয়
(১) আকৃতি, (২) জোখ-মাখ, (৩) আবেগ অনুভূতি প্রকাশক কৌশল, (৪) কলাত্মক

ভাৰত আৰু উভৰ পুবাৰ্থ্খলৰ সাংস্কৃতিক এঁতিহা

-ন্ছ

--- Page 96 ---
PO] Soren, (৫) সাদৃশ্য জ্ঞান আৰু (৬) তুলিকা ব্যৱহাৰৰ নিয়ম
| এই ষড়াংগৰ চৰ্চা হৈছিল। দেৱাল চিত্ৰত এইবোৰৰ প্রয়োগ হৈছিল
ee এলানঙ্কু, হালধি, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্রাকৃতিক

on

* ‘= সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু ৰং বিৰঙীয়া চিত্র অংকন
হৈছে। মোগল সকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ
পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হয়। বিশেষকৈ
মোগল বাদছাহসকলৰ জীৱনী ভিত্তিক গ্ৰন্থসমূহত এনে চিত্ৰ অংকিত
কৰা হৈছিল। পাদছাহনামা, তুতিনামা, জাহাংগীৰনামা, দাস্তান-ই-আমিৰ, খাম্‌ছা আদি গ্ৰন্থ
সচিত্ৰকৈ অঁকা হৈছিল। ফাছী ৰীতিৰ এই চিত্ৰশৈলীৰে ৰামায়ণ, মহাভাৰত আদি হিন্দুধৰ্ম
গ্ৰন্থত চিত্র আঁকিবলৈ লোৱা হয়। মোগল যুগৰ চিত্ৰসমূহত সম্ৰাটসকলৰ ছবি, দৰবাৰ,
চিত্ৰসমূহত পৰিপক্কতা দেখিবলৈ পোৱা গৈছিল।

৫.০৬ ঃ সংগীত আৰু নৃত্য

সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী এতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত
দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্‌গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱৰ্তী
সময়ত উদ্‌গাতাসকলৰ সুৰ, তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্রৰশাখাত বিভক্ত হৈ পৰে।

606৫৮৪৫,৮৩৪৫ত৫,ত৩৪৫ত৪৫ত৪৫ত৫ত৫৪০ত৪৫ত৪৫ত৪ত৪ত৪ত৪ত৪৪ &ট&
® ® 0 @® ৫ ®odeodogboeognh od © OO OD OO OD Qq 7 Dp

D D } ® D } |)

ৰু ৰু -_, ব 7 ড় ; ন
fi q D ) @® ® @®GOQOodgodqgod ৰে) qd q

ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য অনুক্ৰমে বৰ্তমান সময়লৈ সবল ৰূপত
বৰ্তি আছে। মোগল সকলৰ দিনত ইয়াৰ বিশেষ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে
বিভিন্ন প্রকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা মৃদংগ, খোল,
চাৰংগী, DRA, জলতৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতাৰা, বিভিন্ন প্রকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ
ধ্ৰুপদী সংগীত আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানো
সেই বাদ্যযন্ত্ৰসমূহৰ বহুলভাৱে প্ৰচলন হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ
সমৃদ্ধিশালী পৰম্পৰা আছে৷ দেশৰ চুকে-কোণে থকা অজস্র লোকনৃত্যৰ উপৰি চৰকাৰী
স্বীকৃতিপ্লাপ্ত আঠবিধ ধ্ৰুপদী নৃত্য আছে। সেই আঠবিধ নৃত্য হ'ল--- কথাকলি (মালায়ালম,
কেৰালা), মোহিনী আউম (কেৰালা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী (ERIC),
BCR (ওড়িশা), কথক (উত্তৰ ভাৰত), সত্ৰীয়া অসম) আৰু মণিপুৰী (মণিপুৰ)।

ইতিহাস

--- Page 97 ---
৫.০৭ 3 যোগবিদ্যা

যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক এতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ
ই এক অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তো ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী
আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক
খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলিয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক
এক FAAS ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ
সাধনৰ এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে
এক দৰ্শনৰ ৰূপত গঢ় দিছিল।

[000ল/]/ 44-79



তিন,



(|

|



তত্বক ]|
pas

\$
“ Bt

৫.০৮ 3 উত্তৰ-পূৰ্বাঞ্চল

উত্তৰ-পূৰ্বাঞ্চল শব্দটো-- ওপনিৱেশিক বিিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই
আৰু অসম প্ৰত্যেকৰে নিজা নিজা কৃষ্টি-সংস্কৃতি, ৰাজনৈতিক ইতিহাস আছে। তদুপৰি

ভাৰত আৰ Ger Beare সাংস্কৃতিক Sez =


--- Page 98 ---
এই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া
বৈশিষ্ট্যৰ বাবেই অঞ্চলটোৱে এক উমৈহতীয়া
পৰিচয় লাভ কৰিছে। বৰ্তমান সময়তো ভাৰত
চৰকাৰে নৰ্থ-ইষ্ট কাউঞ্চিল’ নামেৰে এখন
পৰিষদ গঠন কৰি অঞ্চলটোৰ উন্নয়নৰ বাবে
সুকীয়া নীতি গ্রহণ কৰিছে। এই পৰিষদখনৰ
অধীনত ছিকিম ৰাজ্যখনকো অন্তৰ্ভুক্ত কৰা
হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া
অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ
ভূমিকা গ্ৰহণ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু
বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক
মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত
অন্য ৰাজ্য কেইখনে আগুৰি আছে। এই
বাংলাদেশ এই বিদেশী ৰাষ্টকেইখনৰ দ্বাৰা আবৃত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই
পাহাৰীয়া। এনে পৰিস্থিতিত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে বাবে
সুবিধাজনক, সুচল কেন্দ্রীয় স্থল হিচাপে ব্যৱহৃত হৈ আহিছে। ইতিহাসে ঢুকি নোপোৱা
সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাত এক উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি অনুমান কৰিব পাৰি।
অৱশ্যে খ্ৰীষ্টীয় চতুৰ্থ শতিকাত বৰ্মন বংশৰ প্ৰতিষ্ঠা হোৱাৰ পৰাহে প্রাচীন অসমৰ
ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে। বিভিন্ন যুগত অসমৰ শক্তিশালী ৰাজবংশসমূহৰ শাসন
কালত দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্থানীয় শাসকসকলে অসমৰ প্রতি আনুগত্য প্রকাশ
কৰিছিল আৰু কেতিয়াবা কেতিয়াবা আধিপত্য মানি লৈছিল। আহোম ৰাজবংশৰ শাসন
কালছোৱাত (১২২৮-১৮২৬ খ্ৰীষ্টাব্দ) অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ মাজত
স্থাপিত হোৱা ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে এই যুগত ৰচিত হোৱা বুৰঞ্জীসমূহত বহু তথ্য
পোৱা যায়। ৰাজপৰিয়ালসমূহৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল, বিপদৰ সময়ত
সামৰিক সাহায্য আদান-প্রদান হৈছিল আৰু দূত প্রেৰণ কৰা হৈছিল। পাহাৰ আৰু ভৈয়ামত
উৎপন্ন হোৱা সামগ্ৰীৰ আদান প্রদান হৈছিল। এইদৰে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত
ABA উৎপত্তি হৈছিল। অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ
মংগোলীয় গোষ্ঠীৰ বিভিন্ন শাখা-প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক। নগাসকলৰ একাংশৰ
মাজত নিগ্ৰো নৃ-গোষ্ঠীৰ উপাদান পোৱা গৈছে। মেঘালয়ৰ খাছীয়া লোকসকল অষ্টিক
গোষ্ঠীৰ লোক।

ওপনিৱেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া

ইতিহাস

--- Page 99 ---
লোকসকলৰ মাজত মিছনেৰিসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্রসাৰ ঘটায়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য
কেইখনৰ ভিতৰত অসমত uteri আৰু হিন্দুধৰ্মৰ প্রসাৰ অতি প্রাচীন কালতেই
ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধৰ্মৰ প্রসাৰ
ঘটিছিল। অৱশ্যে মনকৰিবলগীয়া যে পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্ৰকৃতি-
প্রাণবাদী (Animist) বিশ্বাস তথা ৰীতি-নীতি সমাত্তৰালভাৱে চলি থকা দেখা যায়।
উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী, একে
সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অৰ্থাৎ চন্দ্ৰ-সূৰ্য তেওঁলোকৰ জনপ্ৰিয়
দেৱতা। নাগালেণ্ডৰ বিভিন্ন জনজাতীয় গোটৰ নৃত্য গীত, বাদ্য শিল্পকলা আদি প্ৰদৰ্শন
কৰিব পৰাকৈ সম্প্ৰতি নাগালেণ্ড চৰকাৰে ডিচেম্বৰ মাহৰ প্রথম দহটা দিনত উদ্‌যাপিত
কৰিবলৈ লোৱা ‘হৰ্ণবিল’ উৎসৱত প্রায় সকলো নগা
গোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। নগাসকলে ধনেশ
পক্ষীক এক ত্ৰাণকৰ্তা পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে
বাবেই এই পক্ষীৰ নামত এই উৎসৱটো উদ্‌যাপন কৰিব
লোৱা হৈছে। উল্লেখযোগ্য যে স্বাধীনতা সংগ্রামী ৰাণী
গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা
সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্রৱৰ্তন কৰাৰ উদ্দেশ্যে AL,
‘হেৰাকা’ নামৰ এক আন্দোলন গঢ়ি তুলিছিল। মণিপুৰৰ | '" ';/
বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্রভাৱিত গীত বাদ্য,

নৃত্য এওঁলোকৰ মাজত দেখা যায়। চৈতন্য মহাপ্ৰভুৰ

নৃত্য ভাৰতৰ সংগীত নাটক অকাদেমিৰ দ্বাৰা স্বীকৃতি প্রাপ্ত
এটা ধ্ৰুপদী নৃত্য। মণিপুৰী সকলৰ একাংশৰ মাজত
এতিয়াও প্ৰকৃতি প্রাণবাদী ধৰ্মপন্থৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ
অধিকাংশ লোকেই হিন্দু ধৰ্মালম্বী আৰু বংগীয় সংস্কৃতিৰ
দ্বাৰা প্রভাৱিত। বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত
এক সংমিশ্ৰিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্রকৃতি
উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০
চনৰ পৰা ক্ৰমে খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ'ব ধৰে আৰু
বৰ্তমান সত্তৰ শতাংশতকৈ অধিক লোক খ্ৰীষ্টিয়ান
ধৰ্মাৱলম্বী। প্ৰায় আণী শতাংশ কৃষিজীৱি লোকৰ একাংশ }
এতিয়াও অন্য পাহাৰীয়া ৰাজ্য কেইখনৰ বাসিন্দা সকলৰ ৷} J
গে বুম শেতিত Bae নেখালয়ৰ সমাজ ea হল ত ৰে

ভাৰত আৰু Ger পূবাৰ্থলৰ সাংস্কৃতিক Hog

--- Page 100 ---
তেওঁলোকৰ পৰম্পৰাগত
নৃত্যগীত আদি কিছু হ’লেও
সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম
হৈছে। মিজোৰামৰ জন
গাঁথনিও বিভিন্ন জনগোষ্ঠীৰে
গঠিত। আটাইকে একেলগে
মিজো বুলি কোৱা হয়।
মিজো শব্দৰ অর্থ হ’ল
‘পাহাৰৰ বাসিন্দা’।
এওঁলোকৰ গৰিষ্ঠ সংখ্যক
খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ লগতে
কিছু সংখ্যক বৌদ্ধ আৰু
হিন্দুধৰ্মাৱলম্বী লোকো
আছে। খ্ৰীষ্টিয়ান ধৰ্ম গ্রহণ
কৰাৰ পিছত তেওঁলোকৰ
পৰম্পৰাগত উৎসৱ, গীত
মাতবোৰ হাস পাবলৈ
লৈছিল। ১৯৭৩ চনৰপৰা
মিজোসকলে তেওঁলোকৰ
মিজোসকলৰ চেৰাও (Cheraw) নৃত্য পৰম্পৰাগত ‘চপচৰ কূট’
পুনৰ উদ্যাপন কৰিবলৈ লৈছে। ইয়াৰ লগতে অন্য বহু পৰম্পৰাগত নৃত্য, সংগীত আদিৰো
পুনৰুদ্ধাৰ কৰিবলৈ মিজোসকল যত্নপৰ হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা প্রশাখাৰে
সৈতে বহু সংখ্যক জনগোষ্ঠীয় লোকে বসবাস কৰে। পৰম্পৰাগত পোছাক, নৃত্য, গীত,
é Waa, উৎসৱ, ORIN, লোকবিশ্বাস, ৰীতি নীতি আদিৰে
বৰ্ণিল সংস্কৃতি প্রতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায়।
। . প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে বুমখেতিৰ
চট প্ৰচলন, পৰম্পৰাগত ভাৱে প্রস্তুত মদিৰাপান, আমিষ
ৰচা খাদ্য; পৰম্পৰাগত গ্রাম্য প্ৰশাসন, খেৰ বাঁহ আদিৰে

দেখিবলৈ পোৱা যায়। পাহাৰীয়া অঞ্চলৰ কষ্টসাধ্য

ইতিহাস


--- Page 101 ---
৫.০৯ 3 অসম

উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা,
সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু
প্রাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰপৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী
পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্রাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা
আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্রৱজনকাৰী হিচাপে,
আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি
বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ী ভাৱে বসবাস কৰিবলৈ লৈছিল।
ইতিমধ্যে উল্লেখ কৰা ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা
নৃ-গোষ্টী অসমতো দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক
তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্রক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আৰ্য-অনাৰ্য
সকলোৰে সমন্বিত অৱদানেৰে এক ahi সংস্কৃতিৰ উৎপত্তি হৈছিল।

অসমৰ প্রাচীন নাম প্রাগজ্যোতিষ আৰু কামৰূপ আছিল। ৰামায়ণ, মহাভাৰত,
বিষ্ণুপুৰাণ,কালিকা পুৰাণ, যোগিনী তন্তু, হিউৱেন চাঙৰ ঢোকা, অসমৰ প্রাচীন
ৰাজবংশসমূহৰ দিনৰ লিপিসমূহত এই নাম দুটা পোৱা যায়। এই শব্দ দুটা সংস্কৃত ভাষাৰ
অন্ত্গত আৰু শব্দদুটাই হিন্দু জ্যোতিষ শাস্ত্ৰ তথ৷ হিন্দু পৌৰাণিক কাহিনীৰ (Mythol-
ogy) সৈতে ৰাজ্যখনক সম্পৰ্কিত কৰিছে। অৱশ্যে বাণীকান্ত কাকতিদেৱে এই শব্দদুটাৰ
সংস্কৃত ৰূপটো সৃষ্টি হোৱাৰ আগতে অষ্টিক ভাষাৰ অনুৰূপ ধৰণৰ শব্দৰ পৰা উৎপত্তি
হৈছিল বুলি মতপোষণ কৰিছে। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰপৰা শাসন কৰিবলৈ লোৱা
আহোমসকলৰ ‘আ-চাম’ অথবা তেওঁলোকৰ শাসনাধীন অঞ্চলটোক তেওঁলোকৰ পূৰ্বৰ
বাসিন্দা বড়োসকলে নামাংকিত কৰা ‘হা-চোম’ শব্দৰ সংস্কৃত কৰণৰ জৰিয়তে অসম
নামটোৰ উৎপত্তি হোৱা বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে।

৫.১০ ঃ সাহিত্য

খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা বৰ্মন বংশ আৰু পৰৱৰ্তী
ৰাজবংশসমূহে প্রথমতে সংস্কৃত ভাষা আৰু পিছলৈ সংস্কৃত ভাষাৰপৰা উদ্ভূত অসমীয়া
ভাষাকেই চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল। অৱশ্যে সংস্কৃত ভাষাৰপৰা আধুনিক
সময়ৰ অসমীয়া ভাষাৰ ৰূপটো বিভিন্ন পৰ্যায় অতিক্ৰম কৰি সুদীৰ্ঘ সময়ৰ পিছত সৃষ্টি
হৈছিল। বৰ্মন বংশ, শালস্তম্ভ বংশ, পালবংশ, কমতাৰাজ্য, কৌচ ৰাজবংশ আৰু আহোম
সকলৰ দিনৰ লিপি অথবা ৰাজাজ্ঞা সমূহৰপৰা এই কথাটো জানিব পাৰি। আহোম সকলে
অৱশ্যে প্রথম অৱস্থাত তেওঁলোকৰ স্বকীয় টাই ভাষাই ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাৰ
আধুনিক ৰূপটো ‘অৰুণোদই’ আলোচনীৰ জৰিয়তে বিকশিত হ’বলৈ লয়।

খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত অসমৰ লিখিত

ভাৰত আৰু উভৰ পুবাৰ্থ্খলৰ সাংস্কৃতিক এঁতিহা


--- Page 102 ---
| সাহিত্য বুলি ক’লে ‘চৰ্যাপদ’ নামৰ কেইটামান সহজযান পন্থীয় গীতৰ কথাই
9 | ক’ব লাগিব। চতুৰ্দশ শতিকাত হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিপ্ৰ, কবিৰত্ন
Pe] সৰস্বতী আৰু মাধৱ কন্দলিয়ে হিন্দু মহাকাব্য, পুৰাণ আদিৰ কাহিনীক আলম
=i | কৰি অসমীয়া ভাষাত পদ্যছন্দত সাহিত্য চৰ্চা কৰিছিল। এওঁলোকৰ ভিতৰত
=| মাধৱ কন্দলিক পৃষ্ঠপোষকতা কৰিছিল বৰাহী ৰজা মহামাণিক্যই আৰু
> | আনকেইজনে কমতা ৰাজ্যৰ ৰজাসকলৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল।
উল্লেখযোগ্য যে উত্তৰ ভাৰতৰ ভাষাসমূহৰ ভিতৰত সবাতোকৈ আগত
অসমীয়া ভাষাত মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল।

শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা
নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো GAC গভীৰভাৱে
প্রভাৱিত কৰিছিল। এই ধৰ্মীয় আন্দোলনৰ প্রভাৱত অসমীয়া সাহিত্যতো এক
জোৱাৰৰ সৃষ্টি হয় আৰু বহু সংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য
| পুৰাণ, হিন্দু ধৰ্মৰ তত্বকথা আদি। শঙ্কৰদেৱ আৰু মাধৱদেৱে নিজেই বহু
_ সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকৰদেৱৰ ‘কীৰ্তন’ আৰু

মাধৱদেৱৰ ‘নামঘোষা’ আৰু গুৰুদুজনাৰ বৰগীতসমূহ সৰ্বাধিক জনপ্ৰিয়।

শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্ৰসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ,
পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ দধি মথন, তেওঁৰ BIRT ‘চোৰধৰা’ আৰু ‘পিম্পৰা
গুচোৱা’ আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্ৰ আদি ঠাইত প্রদর্শন কৰা
হয়। শংকৰদেৱৰ প্রথম নাট চিহ্নযাত্ৰা শ্বেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল।
এই নাটত ব্যৱহৃত বৃন্দাৱনী বস্তু অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল। এই বস্ত্ৰভাগি
বৰ্তমান ব্ৰিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্ৰহালয়ত সংৰক্ষিত হৈ
আছে।

শংকৰদেৱ মাধৱদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে
এই সাহিত্য চৰ্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে SAA’, ‘ভাগৱত কথা’
আৰু ‘ৰত্নাৱলী কথা’ ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে।

শংকৰী সাহিত্যৰ প্রভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুৰ্গাবৰ কায়স্থ, সুকবি
নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি
কাব্য ৰচনা কৰিছিল। ষোড়শ শতিকাত জন্ম গ্ৰহণ কৰা গোবিন্দ মিশ্ৰৰ পদ্য গীতাখন
আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্ৰিয় ধৰ্মগ্ৰন্থ।

মধ্যযুগৰ আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী
সাহিত্যসমূহো অসমৰ সাহিত্য ভাণ্ডাৰলৈ এক গুৰুত্বপূৰ্ণ সংযোজন আছিল। ৰাজকীয়
ঘটনাৱলী সন্নিৱিষ্ট এই ৰচনাসমূহ প্রথম অৱস্থাত আহোম সকলৰ নিজা ভাষাতে ৰচিত
হৈছিল। ষোড়শ শতিকাৰপৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয়। বিটিছ শাসন

2 4 এ,
Se


অৰুনোদই আলোচনী

ইতিহাস

--- Page 103 ---
কালত এনে বহুত বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্রকাশ কৰিবলৈ লোৱা হয়।
এনে কেতবোৰ বুৰঞ্জী হ’ল দেওধাই বুৰঞ্জী, তুংখুঙ্গীয়া বুৰঞ্জী; কছাৰী বুৰঞ্জী, জয়ন্তীয়া
বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী, পাদশ্যাহ বুৰঞ্জী আদি। আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰি
সকলে ১৮৪৬ খ্ৰীষ্টাব্দত প্ৰকাশ কৰা অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুণোদই’ৰ জৰিয়তে
অসমীয়া ভাষাৰ আধুনিক ৰূপটোৰ সৃষ্টি হয় আৰু ক্ৰমে ইউৰোপীয় সাহিত্যৰ বিভিন্ন
ৰূপ আৰু সাহিত্যিক বৈশিষ্ট্যৰ অসমীয়া সাহিত্যত প্রৱেশ ঘটে।



৫.১১ ঃ ধম

অসমত অধিকাংশ লোক হিন্দু
ধৰ্মপন্থাবলন্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত |.
লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল EE _;, বজ
প্রভাৱী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত
কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ ৷
আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক ৷- ৷
ত্ৰয়োদশ শতিকাৰ প্রথমভাগত অসমত ইছলাম [ই —
লোকসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী
সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত
প্রচলিত এবিধ জনপ্রিয় ধৰ্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক
সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰমে / ডু:
অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ
বংশধৰ সকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া
ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত |,
হৈ পৰিছে। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে,
তুৰুং, আইতন, খামটি, খাময়াং, নৰা শ্যোম) সকল
বৌদ্ধ ধৰ্মাৱলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউ সকলে ৷

দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল। হাজোৰ গাৰামনধ।

ভাৰত আৰু উভৰ Waleed সাংস্কৃতিক ez

--- Page 104 ---
অসমত Aer শতিকা মানৰপৰা উত্তৰ ভাৰতীয়
ক্ষুদ্ৰাকৃতিৰ পুথি-চিত্র সমূহৰ অনুৰূপ ৰজাঘৰীয়া
পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা
আৰম্ভ হয়। এনে কেইখন মান সচিত্ৰ পুথি হ’ল আনন্দলহৰী,
হস্তীবিদ্যাৰ্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচুড়
বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাৱে
আহৰণ কৰা সামগ্ৰীৰ পৰা প্রাকৃতিক ৰঙেৰে বহুৰঙীয়া এই
চিত্ৰসমূহ অঁকা হৈছিল। প্রথমতে চিত্ৰৰ পটভূমিত একোটা
নিৰ্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ অঁকা
হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি
দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু
ক’লা ৰঙৰ পয়োভৰ দেখা যায়। APN আৰু পাৰ্শ্বাংশ
দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ-
জন্তুৰ ছবিবোৰত মুখাৱয়ৱৰ নিখুত প্রকাশ, শৰীৰৰ অনুপাত,
মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্রয়োগ কৰাৰ দক্ষতা
দেখা নাযায়, চিত্ববোৰ সহজ-সৰল যদিও দৃষ্টি নন্দন বুলি
ক’ব লাগিব। সুকুমাৰ বৰকাইথে ৰচনা কৰা হক্তীবিদ্যাৰ্ণৱ
পুথিখনত বিভিন্ন আকাৰ আৰু: বৰণৰ হাতীৰ ছবি আছে।
দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে এই চিত্ৰসমূহ
অংকন কৰিছিল। এই গ্ৰন্থসমূহৰ কেবাখনো গ্ৰন্থ ছপা আকাৰে
ইতিমধ্যে প্রকাশ পাইছে।
৫.১৩ ঃ ভাস্কৰ্য

অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি
দ্বি-মাত্ৰিক অথবা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি
আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি
নিৰ্মাণ কৰা হৈছিল। এই মূৰ্তিসমূহৰ ভিতৰত দেৱী মূৰ্তি, শিৱ, fae, গণেশ, সূৰ্য,
মগৰ, ঘোঁৰা, হাতী, সিংহ আদি। ভাস্কৰ্য শিল্পৰ নিদৰ্শন আবিষ্কৃত হোৱা ঠাই কিছুমান
হ’ল-- তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী, ডবকা,
গোৱালপাৰাৰ পাগলাটেক, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই,
ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মঙ্গলদৈ আদি। কলা নিপুণতাৰ দিশৰপৰা দ-পৰ্বতীয়া শিলৰ

৯৬ ইতিহাস


--- Page 105 ---
তোৰণৰ AMS থকা গংগা যমুনাৰ মূৰ্তি দুটা [ _
আকাৰত সৰু যদিও দেহাৱয়ৰ আনুপাতিক, দ্বিভংগ ৷.
ভংগিমাত লয়-লাস পূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে।
তোৰণখনত অন্য মূৰ্তি কিছুমানো খোদিত কৰা হৈছে। &
এই ভাস্কৰ্য গুপ্ত যুগৰ প্রভাৱত খ্ৰীষ্টীয় ষষ্ঠ শতিকাত BW
নিৰ্মিত হৈছিল বুলি ঠাৱৰ কৰা হৈছে। মদন কামদেৱ F

মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো
তান্ত্রিক উদ্দেশ্যত নিৰ্মিত হৈছিল বুলি কিছুমান পণ্ডিতে
মত পোষণ কৰিছে। নৃত্যৰতা আৰু প্ৰেম প্রকাশক
ভংগিমাৰে পুৰুষ-নাৰী, বিভিন্ন জীৱ-জন্তু আৰু ভৈৰৱ, (_
সূৰ্য, aes মূৰ্তি আদি ইয়াত দেখিবলৈ পোৱা যায়।

৫.১৪ ঃ স্থাপত্য-শিল্পকলা

অসমত বৰ্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন
দেখিবলৈ পোৱা যায় সেইবোৰৰ প্রায় আটাইবোৰেই
মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ
পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম
ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্ৰমে ৰংপুৰৰ
ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু |}
ভালেমান মন্দিৰ এতিয়াও বৰ্তি আছে। এই সময়ত নিৰ্মিত
প্রাচীন মন্দিৰবোৰ হ’ল কামাখ্যা মন্দিৰ, উগ্রতাৰা মন্দিৰ,
ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজোৰ Sate
মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও
সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ
বৈশিষ্ট্য যুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ
দেখা যায়-- গৰ্ভগৃহ আৰু Der | মন্দিৰৰ শিখৰবোৰ
কিছুমান অৰ্ধবৃত্তাকাৰ কিছুমান কৰ্দেশিৰিয়াকৈ
দীঘলীয়া। শিৱসাগৰৰ শিৱদ’ল, বিষ্ণুদ’লত এনে
শিখৰ দেখিবলৈ পোৱা যায়। এই সময়ত স্থাপত্যবোৰ
ইটাৰে সজা অথবা শিলেৰে নিৰ্মাণ কৰা।

তলাতল ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল
স্বৰ্গদেৱ ৰুদ্ৰসিংহই। কেবা মহলীয়া এই প্রসাদটোৰ

ভাৰত আৰ Ger Wierd সাংস্কৃতিক এঁতিহা


--- Page 106 ---
ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰী
সকলে নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিল। ৰংঘৰটো নিৰ্মাণ
কৰা হৈছিল দুমহলীয়াকৈ- সমুখৰ বাকৰিত বিহু
উৎসৱ চাবলৈ। ৰংঘৰটোৰ ছালখন এখন খেলনাৱৰ
NS নিৰ্মাণ কৰা হৈছিল। আহোম ৰাজত্ব কালত
ভালেমান শিলৰ দলং নিৰ্মাণ কৰা হৈছিল। এইবোৰৰ
pag ভিতৰত নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ

7; বৰালি মাছ, কণী, বৰা চাউল আদিৰে ‘কৰাল’ তৈয়াৰ

কৰা হৈছিল। আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ,

ৰাস্তা-ঘাট, epi, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য

জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ এগৰাকী বিষয়া আছিল। চাংৰুং

ফুকনৰ কাৰ্যাৱলী লিপিবদ্ধ থকা বুৰঞ্জীসমূহক চাংৰুং ফুকনৰ বুৰঞ্জী বুলি কোৱা হয়।
৫.১৫ ঃ লোক-সংস্কৃতি

অসমৰ লোক-সংস্কৃতিৰ ভঁৰালটি মেটমৰা সম্ভাৰেৰে ভৰপূৰ। লোক-সংস্কৃতিৰ

উমৈহতীয়া দিশসমূহৰ উপৰিও অসমৰ ভিন্‌ ভিন্‌ অঞ্চল, সম্প্ৰদায়, জাতি-জনজাতিৰ

মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক-পৰিচ্ছদ, আ-

অলংকাৰ, খোৱা-বোৱা, গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসৱ, বাঁহ-

ক্ষেত্ৰত মনকৰিবলগীয়া অনেক দিশ সিঁচৰতি হৈ আছে। এটা জাতি অথবা সমাজ এখনৰ

স্বাভাৱিক ৰূপ-ৰং, সুখ-দুখ, শ্রম-বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্রতিফলিত

হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সাংস্কৃতিক কথাবোৰ কোনো প্ৰশিক্ষণ

সৈতে অপৰিচিত লোক এজনে লোক-সংস্কৃতি বিষয়ক প্রতিটো কথাৰেই সৃূঙ্ম্মাতিসূক্ষ্

কাৰ্বি নৃত্য ৰাভা লোক নৃত্য -ফাৰকান্তি

ইতিহাস


--- Page 107 ---
দিশবোৰ বিশেষ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব পাৰে। সম্প্ৰতি সমগ্র
বিশ্বতে সমাজ বিজ্ঞানীসকলৰ মাজত লোক সংস্কৃতিৰ বিষয়ে বিশেষ আগ্ৰহ দেখা গৈছে।
অসমৰ লোক-সংস্কৃতিৰ কেইটামান বিষয় তলত চমুকৈ উল্লেখ কৰা হ’ল।

বিহু 3

বিহু অসমৰ এক অতি আদৰৰ উৎসৱ। ব’হাগ মাহ, কাতিমাহ আৰু মাঘমাহত
ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ তিনিটা সময়ত পৃথক
নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা৷ হয়। ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা
আৰম্ভ কৰি ব’হাগৰ প্রথম ছদিনলৈ পালন কৰা হয়। চ’ত মাহৰ শেষৰ দিনটোক সংক্ৰান্তি
বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা৷ হয়। কৃষিজীৱী
ধৰ্মাৱলম্বী সকলৰ বাবে গৰুৰ ধৰ্মীয় মহত্বও আছে। সেই দিশৰ পৰা গৰুৰ নামত এটা
দিন উৎসৱ পালন কৰাটো এটা তাৎপৰ্যপূৰ্ণ fee
কথা। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ ষট|
গৰু-গাইৰ প্রতি মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা
প্রকাশ কৰা হয়। উদাহৰণস্বৰূপে সেইদিনা
নতুন পথা দিয়া হয়; গোহালিঘৰ পৰিষ্কাৰ-
পৰিচ্ছন্ন কৰি ধূপ-ধূনা, জাগ আদি দিয়া হয়।
ব’হাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা
হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান |
al পিতৃ-মাতৃৰ আৰু পৰিয়ালৰ বয়সস্থ [ 4
লোকসকলৰ চৰণ চুই কনিষ্ঠ সকলে wa _ গৰু বিহু
নিবেদন কৰে। ৰাজহুৱা স্থানত খেল-ধেমালি,

ভাৰত আৰু উভৰ পূবাৰ্্চলৰ সাংস্কৃতিক He


--- Page 108 ---
এই কেইদিনৰ ভিতৰতে বয়সস্থ
ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য-গীত কৰি
4 পুৰুষ মানুহে নেদেখাকৈ জেং বিহু
ACS | পথাৰৰ মাজৰ গছৰ তলত
ডেকা-গাভৰুৱে প্রেম আৰু যৌৱনৰ
| অনুভূতি প্রকাশক গীত আৰু
নৃত্যৰে মুকলি বিহুত ভাগ লয়।
অসমৰ বিভিন্ন জনজাতিৰ
লোকসকলে নিজা ৰীতি-নীতি,
গীত-মাত, বেশ-ভূষাৰে ভিন ভিন নামেৰে বিহু উৎসৱৰ আয়োজন কৰে। বড়ো, ৰাভা,
পৰম্পৰাৰে বিহু উৎসৱ পালন কৰে। এই সকলো বাৰেৰহণীয়া কৃষ্টিৰে বিশাল অসমীয়া
সংস্কৃতি গঢ় লৈছে।
বিহুৰ বৈশিষ্ট্যবোৰ ক্ৰমে লোপ পাই আহিছে। আজিকালি বিপুল জনসমাগমৰ আগত
প্রদৰ্শনীমূলক ভাৱে অথবা প্রতিযোগিতাৰ আয়োজন কৰি বিহুনাম, নৃত্য আদি গাঁও, নগৰ-
চহৰ সকলোতে আয়োজন কৰিবলৈ লোৱা হৈছে। সম্ভৱতঃ স্বৰ্গদেৱ ৰুদ্ৰসিংহদেৱে ৰংঘৰৰ
বাকৰিত Reps তথা খেল-ধেমালি আদি প্রদৰ্শনীমূলক ভাৱে আৰম্ভ কৰিছিল। ব্ৰিটিছ
শাসন কালছোৱাত এচাম সম্ভ্ৰান্ত ৰক্ষণশীল অসমীয়া লোকে মুকলি প্রেম-যৌৱনৰ গীত
নৃত্যবোৰৰ প্রতি বিৰূপ মন্তব্য কৰিছিল, একে সময়তে কিছুসংখ্যক প্ৰগতিশীল লোকে
মুকলি মঞ্চত বিহু নৃত্যগীতৰ আয়োজন কৰি বিহুক পৰিৱৰ্তিত পৰিস্থিতিত খাপ খুৱাই
গতিশীলতা প্রদান কৰিব বিচাৰিছিল।

বিহু নৃত্য গীতৰ সময়ত ঢোল, তাল, বাঁহী, বাঁহৰ টকা, ম’হৰ শিঙৰ পেঁপা, গগণা
আৰু সুতুলী আদি বাদ্য বজোৱা হয়। ৰঙালী বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু, মানুহ
ঠাই ভেদে এই নামবোৰৰ তাৰতম্য হোৱা দেখা যায়। ব’হাগ বিহুৰ সমধমী হিচাপে
উদযাপন কৰা দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভঠেলি, স’ৰি বা AS, দহৰ ফুৰোৱা,
বাৰ গোপাল উলিওৱা আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা আদি উল্লেখনীয়। আহিন
মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্ৰতাৰে বিভিন্ন
ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্ৰত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী

ইতিহাস

--- Page 109 ---
তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে
পৱিত্ৰ ভাবেৰে সিজু গছৰ তলত চাকি জ্বলায়৷ কোনো
কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায়। এই ৰীতি
নীতিবোৰৰ সৈতে কিছুমান ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে।

মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদ্যাপন
কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়।
গ্ৰামাঞ্চলৰ ডেকাল’ৰাহঁতে অথবা ৰাইজে দল বান্ধি পথাৰত
খেৰ, নৰা আদিৰে ইতিমধ্যে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ
কাষতে ওখকৈ কেঁচাৰ্বাহ, খৰি, নৰা, খেৰ আদিৰে ‘মেজি’
সাজে। ৰাজহুৱা ভোজত অংশগ্ৰহণ নকৰা সকলে ASIC
ভোজৰ আয়োজন কৰে। সেই দিনাখন ৰাতি চুঙাপিঠা,
ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা লাৰু
আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয়। তাৰ পিছত আলহী অভ্যাগতসকলক
সামগ্ৰী উভৈনদী হয় আৰু খোৱা-বোৱাৰ প্রাধান্য থকা বাবে মাঘ বিহুক ভোগালী বিহু
বুলি কোৱা হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অসমৰ ব’হাগ বিহু, কাতি বিহু আৰু মাঘ
বিহুৰ লেখীয়াকৈ ভিন ভিন নামেৰে ভিন ভিন ৰীতি নীতিৰে উৎসৱ পালন কৰা দেখা
যায়। অসমৰ বিহু উৎসৱৰ ৰীতি নীতি সমূহৰ মাজত অসমৰ আৰ্য, অনাৰ্য বিভিন্ন জাতি-
উপজাতি লোক-সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণ দেখা যায়।

লোক সংগীত ঃ

অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক
সংগীতৰ প্রচলন আছে। কিছুমান লোক সংগীত প্রায় বিলুপ্তিৰ দিশে আগবাঢ়িছে, আন
কিছুমান এতিয়াও প্রবলভাৱে প্রচলিত হৈ আছে। কেঁচুৱা টোপনি Feat নিচুকণি গীত,
গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত
প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত
আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা
হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমূহ ঘাইকৈ
জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ode চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি
আদি প্রকাশমূলক গীত। এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা

ভাৰত আৰু উভৰ Waleed সাংস্কৃতিক ez


--- Page 110 ---
হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ে৷ ৰচিত হয়। লোকগীতৰ বিভিন্ন শাখাত
আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সংগীত নাটক অকাদেমিৰ দ্বাৰা বঁটা প্রদানেৰে সন্মানিত
হোৱা কেইগৰাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে-- প্ৰয়াত খগেন মহন্ত, ৰামেশ্বৰ
পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা। এওঁলোকৰ ভিতৰত প্রতিমা পাণ্ডে বৰুৱা পদ্ম্ৰী
উপাধিৰে সন্মানিত হৈছিল।

লোকগীতৰ দৰে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ লোক নৃত্যও প্ৰচলিত আছে।
এইবোৰৰ ভিতৰত দৃশ্য-শরব্য অনুষ্ঠান ওজাপালিৰ বিশেষ জনপ্ৰিয়তা আছে। ওজাপালি,
ব্যাসৰ ওজা আৰু সুকনান্নী ওজা নামেৰে দুটা ভাগত বিভক্ত। ব্যাসৰ ওজাত মূলতঃ
ৰামায়ণ, মহাভাৰতৰ কাহিনীক লৈ বৈষ্ণৱী গীত গোৱা হয় আৰু মনসা দেৱীৰ তুষ্টি
বাবে গোৱা গীতেৰে সুকনান্নী ওজাপালি গোৱা হয়। ওজাপালি কামৰূপ, নলবাৰী,
বৰপেটা, দৰং আদি জিলাত বিশেষভাৱে জনপ্ৰিয়। ওজ৷পালিত বিশেষ খ্যাতি অৰ্জন কৰা
দৰঙৰ ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ সংগীত নাটক অকাদেমীৰ বঁটাৰে সন্মানিত
হৈছিল। দৰঙ জিলাত প্রচলিত থকা আন কেইবিধমান লোকনৃত্য হ’ল-_ ঢেপাঢুলীয়া,
বৰঢুলীয়া আৰু দেওধনী নৃত্য। নামনি অসমৰ ভোৰতাল নৃত্য, থিয়নাম আৰু উজনি
অসমৰ ঢুলীয়া ওজাপালি অতি
জনপ্রিয় আৰু আপুৰুণীয়া।

লোক-সংস্কৃতি অধ্যয়নৰ
বাবে দৰাচলতে সমগ্র

দৰে। দৈনন্দিন জীৱনত
a, q সৰ্বসাধাৰণ লোকে প্রতিটো

পৰ্যবেক্ষণ কৰিলেই সমাজখনৰ
| লোক-সংস্কৃতিৰ বিষয়ে বহু
| মূল্যবান কথা জানিব পৰা যায়।


--- Page 111 ---
ভাৰতীয় সংস্কৃতিৰ এতিহ্য আৰু হিন্দু ধৰ্মৰ উৎস হিচাপে সিন্ধু সভ্যতাৰ বৰঙণি উল্লেখযোগ্য। ইয়াৰ
পিছত বৈদিক, আৰ্যসংস্কৃতি, বৌদ্ধধৰ্ম, জৈন ধৰ্ম, খ্ৰীষ্টিয়ান, ইছলাম আদি ধৰ্মৰ সামন্বয়িক সংস্কৃতি ভাৰতীয়
সংস্কৃতিৰ বৈশিষ্ট্য।

fF ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হ’ল-- ‘সাংস্কৃতিক বহত্ববাদ" আৰু ‘বৈচিত্ৰ্যৰ মাজত একতা’।
ও" বৈদিক যুগৰ চাৰি বেদ-_ Al, যজুঃ, সাম আৰু অথৰ্ব। পৰৱৰ্তী বৈদিক যুগৰ ৰামায়ণ, মহাভাৰত ভাৰতীয়

সংস্কৃতিৰ মহৎ উপাদান।

FT অসমৰ স্থাপত্য শিল্ম-কলাৰ এতিহ্যত আহোম যুগৰ শিল্পকলাই বিশেষ স্থান অধিকাৰ কৰে।
অসমৰ লোক-সংস্কৃতি বুলিলে অসমৰ বাৰেৰহণীয়া জাতি-জনগোষ্ঠীৰ কৃষ্টিসমূহক বুজায়।

অতি চমু উত্তৰৰ প্রশ্ন ঃ

>| সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

Ol খকবেদৰ আনুমানিক ৰচনা কাল কি?

৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

৫। প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?

৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ
কৰিলে?

৭। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ হৈছিল?

৮। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?

৯ ৷ ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?

১০। হেৰাকা আন্দোলন কি?

১১। নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?

১২। ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?

১৩। মিজো শব্দৰ অৰ্থ কি?

১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্রচলিত?

মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?

ভাৰত আৰু Ger পূবাৰ্থ্খলৰ সাংস্কৃতিক এঁতিহা

--- Page 112 ---
অসমৰ প্রাচীন নাম কি আছিল?

চৰ্যাপদ মানে কি?

চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?

মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?

জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?

আজানপীৰ কোন?

আজানপীৰ কেতিয়া অসমলৈ আহিছিল?

দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল?

চাংৰুং ফুকন কি দায়িত্বত ন্যত্ত আছিল?

লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মত্ৰী সন্মান প্রদান কৰা হৈছিল?
অসমৰ প্রথম বারৰ্তালোচনীখনৰ নাম কি?

উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টিক নৃ-গোষ্ঠীৰ অন্তৰ্ভূক্ত জনজাতিটো কি?

(ক) অৰ্থশাস্ত্ৰ। (খ) হস্ডিবিদ্যাৰ্ণৰ।

(a) কীৰ্ত্তন। (ঘ) নামঘোষা।

(৬) চোৰধৰা পিম্পৰা গুচোৱা। (চ) কালিয় দমন।

(ছ) ৰামবিজয়। (জ) কথাগীতা।

(at) ৰাজতৰঙ্গিনী। (ঞ) ভাৰত ACM |

>| খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?

২। সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা?

Ol অষ্টিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।

৪। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ craw ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্রহণ কৰিছে?
৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।

vl অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?

al সাংস্কৃতিক বহুত্বৰাদ মানে কি?

৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।


--- Page 113 ---
প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰ নাম লিখা।
১০। ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?

১১৷ চিত্ৰকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।

১৩। হস্তিবিদ্যাৰ্ণৰ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।

ar খেতি মানে কি বুজা?

জেং বিহু মানে কি?
ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।

১৮৷ আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।

১৯। বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্‌যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।

২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।

ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?

২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।

২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে।

UNESCO ৰ দ্বাৰা বিশ্ব fea ক্ষেত্র হিচাপে তালিকাভূক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
২৫। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল?

২৬ ৷ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি?

২৭। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।

aol মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।

২৯। চিত্ৰকলাৰ যষড়াংগ মানে কি বুজা?

৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।

>| ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

Or! ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?

ool কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?

অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।

Vv
2০০

Vv
Do

7.0
v

72
2০

ভাৰত আৰু উভৰ পুবাৰ্থ্খলৰ সাংস্কৃতিক এঁতিহা

--- Page 114 ---
দীঘল উত্তৰৰ প্রশ্ন 3

১৷ ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ fret

২। ‘ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্ম৷ নিহিত হৈ আছে
বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’__ বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।

৩৷। ভাৰতৰ ধৰ্মীয় এতিহ্যৰ বিষয়ে লিখা।

8| উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?

৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।

vl ‘অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে--_ এই
প্রসংগটো চমুকৈ আলোচনা কৰা।

৭। অসমৰ চিত্ৰ কলাৰ এতিহ্যৰ বিষয়ে চমুকৈ লিখা।

vl অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।

৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয়
অধিকতৰ হৈছে?

SO] ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’-__ এই প্ৰসংগত তোমাৰ

ভাৰতীয় চিত্ৰকলা।

৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ এঁতিহ্য। ৪। অসমৰ ভাস্কৰ্য শিল্প।
«| অসমৰ স্থাপত্য শিল্প৷ vl অসমৰ বৈষ্ণৱী সাহিত্য।
৭। অসমৰ লোক সংগীত। bl অসমৰ ধৰ্মীয় সংহতি।

৯। অসমৰ বুৰঞ্জী সাহিত্য। ১০। বিহু উৎসৱ।

No comments:

Post a Comment

SEBA Class X ইতিহাস Textbook

সূচীপত্ৰ অধ্যায় বিষয় প্ৰথম অধ্যায় ংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন ১.০১ বংগ ভংগৰ পটভূমি ১.০২ বংগ বিভাজন ১.০৩ স্বদেশী আন্দোলন ...