প্ৰথম খণ্ড 3 ৰাজনীতি বিজ্ঞান
বিষয়
ভাৰতীয় গণতন্ত্ৰ
১.০ পাতনি
১.১ সংবিধানৰ আদৰ্শ
১.২ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য
১.৩ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ
আন্তৰ্জাতিক সংস্থা-- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
5 ৰাষ্ট্সংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ
২.১.১ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য
২.১.২ ৰাষ্ট্ৰসংঘৰ নীতি
২.১৩ ৰাষ্ট্সংঘৰ অংগ
a8 ৰাষ্টসংঘ আৰু বিশ্ব শান্তি
২.৩ ৰাষ্টসংঘ আৰু মানৱ অধিকাৰ
২৩.১ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ
২.৩.২ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ
২.৪ অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানসমূহ
বিষয়
মুদ্ৰা আৰু বেংক ব্যৱস্থা
১.০১ বিনিময় প্রথা
১.০২ বিনিময় প্ৰথাৰ অসুবিধাসমূহ
১.০৩ মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণি
১.০৪ মুদ্ৰা
১.০৫ মুদ্ৰাৰ বৈশিষ্ট্যসমূহ
১.০৬ মুদ্ৰাৰ কাৰ্যাৱলী
১.০৭ মুদ্ৰাৰ শ্ৰেণীবিভাজন
১.০৮ মুদ্ৰাৰ ভূমিকা
১.০৯ মুদ্ৰাৰ অসুবিধাসমূহ
১.১০ বেংক
১.১১ বেংকৰ উৎপত্তি
১.১২ বেংকৰ শ্ৰেণীবিভাজন fai
১.১৩ বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা-বেংক (বত্ত।২ প্রতিষ্ঠানসমূহ
অথনৈতিক উন্নয়ন
২.০১ অর্থনৈতিক বিকাশ বা প্রসাৰতা
২.০২ অর্থনৈতিক উন্নয়ন
২.০৩ মানৱ উন্নয়ন
২.০৪ অর্থনৈতিক পৰিকল্পনা
২.০৫ নিটি আয়োগ
২.০৬ _ গণতান্ত্রিক পৰিকল্পনা
২.০৭ ভাৰতবৰ্ষৰ অর্থনৈতিক পৰিকল্পন৷
২.০৮ উদাৰীকৰণ
২.০৯ ব্যক্তিগতকৰণ
২.১০ গোলকীকৰণ বা বিশ্বায়ন
২.১১ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা
e আমাৰ অধিকাৰ আমাৰ দায়িত্ব
(আভ্যন্তৰীণ মূল্যায়নৰ বাবে)
--- Page 8 ---
ডিজিটেল বিষয়বস্তু উপলব্ধ কৰিবলৈ কেনেদৰে QR CODE ব্যবহাৰ কৰিব;
আপোনাৰ মোবাইলৰ ব্ৰাউজাৰত diksha.gov.in/app type কৰক আৰু install button স্পৰ্শ PIS |
OR
Google Play Store ত DIKSHA search কৰক আৰু App টো ডাউনলড কৰিবলৈ
Install Button টো স্পৰ্শ কৰক।
মোবাইলত QR Code ব্যবহাৰ কৰি কেনেকৈ ডিজিটেল বিষয়বস্তু উপলব্ধ কৰিব পাৰি--
1) অগ্ৰাধিকাৰ দিয়া ভাষাটোক নিৰ্বাচন কৰক।
2) আপোনাৰ ভূমিকা বাছনি কৰক-ছাত্ৰ/শিক্ষক/অন্য
3) QR Code Scan কৰিবলৈ QR PUI আইকনটোত স্পৰ্শ কৰক।
4) প্ৰবেশ অনুমোদন কৰক আৰু এপ ব্যৱহাৰৰ অনুমতি দিয়ক।
5) পাঠ্যপুথিৰ QR 0০0০ত Camera কেন্দ্ৰীভূত/ দৃষ্টিপাত (Focus) কৰক।
6) QR Code সম্পৰ্কিত হৈ থকা বিষয়বস্তু প্ৰদৰ্শন কৰিবলৈ ক্লিক কৰক।
Desktop অত QR Code ব্যবহাৰ কৰি ডিজিটেল বিষয়বস্তু কেনেদৰে উপলব্ধ কৰিব পাৰি
1) QR Coded তলত আপুনি ছটা অংকবিশিষ্ট সংখ্যাটো (ডায়েল কোড) দেখিব।
2) আপোনাৰ ব্ৰাউজাৰত Diksha.Gov.in/as/get টাইপ কৰক।
3) ৬ অংকৰ ডায়েল ক'ডটো আপোনাৰ 06০০ৰ চাৰ্চবাৰডালত লিখক।
4) উপলব্ধ বিষয়বস্তুৰ তালিকা নিৰীক্ষণ কৰক আৰু নিজৰ পছন্দৰ বিষয়বস্তুত ক্লিক কৰক।
--- Page 9 ---
ভাৰতীয় গণতন্ত্ৰ
মূল আলোচ্য বিষয়
৬৩ _ সংবিধানৰ আদৰ্শ
৬ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ
১.০ পাতনি
প্রায় দুটা শতিকা (১৭৫৭-১৯৪৭) ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষই ১৯৪৭
চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক
ae হিচাপে আত্মপ্রকাশ কৰিলে। এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন
সংবিধান অতিকৈ প্রয়োজন। সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক।
এখন সংবিধান নহ’লে যেনেকৈ এখন প্রকৃত গণতান্ত্রিক ৰাষ্ট হ’ব নোৱাৰে, ঠিক
তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন। স্বাধীনতা লাভ
কৰাৰ আগতেই আমাৰ দেশত সংবিধান প্রণয়নৰ প্রস্তুত আৰম্ভ হৈছিল। ১৯৪৫ চনৰ
জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্রমিক দল ক্ষমতালৈ অহাৰ
পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল’লে। সেই অনুসৰি নতুন
গণতান্ত্রিক NEA বাবে প্রয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ
শ্রমিক দলৰ চৰকাৰে চিন্তা কৰিলে। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে
প্রয়োজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত
‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠালে। ‘কেবিনেট মিছন’ আছিল ইংলেণ্ডৰ তিনিজন
কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা
--- Page 10 ---
(Constituent Assembly) গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন বৈঠক বহিছিল ১৯৪৬
চনৰ ৯ ডিচেম্বৰ তাৰিখে। সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ
জ্যেষ্ঠ সদস্য ড সচ্ছিদানন্দ PARIS! এই সভাত w ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ
স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। সংবিধানখন প্রস্তুত কৰা সম্পৰ্কত এই সভাৰ
মুঠ ১১খন বৈঠক বহিছিল। সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত এখন খচৰা
কমিটি (Drafting Committee) গঠন কৰে। বিভিন্ন ক্ষেত্ৰৰ সাতজন বিশেষজ্ঞক লৈ
গঠিত হোৱা খচৰা কমিটিক সংবিধানৰ খচৰা প্রস্তুতৰ দায়িত্ব দিয়া aa w বি আৰ
আম্বেদকাৰ আছিল খচৰা কমিটিখনৰ অধ্যক্ষ। প্রায় তিনি বছৰ কাল পৰিশ্ৰমৰ অন্তত
খচৰা কমিটীয়ে সংবিধানৰ খচৰা প্রস্তুত কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান
সভাৰ সভাপতি ড‘ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে। সেইদিনাই ৰাজেন্দ্ৰ প্ৰসাদে
সংবিধানৰ খচৰা প্রতিলিপিত স্বাক্ষৰ প্রদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণই
নিজাকৈ এখন সংবিধান লাভ কৰিলে। কিন্তু নানান প্ৰশাসনিক আৰু আনুসংগিক
অসুবিধাৰ বাবে নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখেহে বলৱৎ কৰা
হয়। উল্লেখনীয় যে ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী
তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন
অনুসৰি।
১.১ সংবিধানৰ আদৰ্শ ঃ
ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শ আৰু লক্ষ্য জানিবলৈ হ’লে সংবিধানৰ প্রস্তাৱনাৰ
বিষয়ে আমি আগতেই জানিব লাগিব।
প্রস্তাবনা হ’ল সংবিধানৰ পাতনি। কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ
বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে, ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ
প্রস্তাৱবনাতো সংবিধানৰ মূল বিষয়বস্তু (আদৰ্শ আৰু লক্ষ্য) সম্পৰ্কে বিৱৰণ আছে। সেই
বাবেই বহুতে প্রস্তাবনাক ভাৰতৰ সংবিধানৰ আত্মা (soul), বিবেক (conscience),
দুৱাৰদলি (threshold) আৰু চাবি-কাঠি (keys) বুলি অভিহিত কৰে। প্রকৃতাৰ্থত
প্রস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ। কাৰণ ABN
প্রতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। ‘আমি ভাৰতীয়
জনসাধাৰণে’ (we the people of India) বুলি আৰম্ভ হোৱা প্রস্তাৱনাত থকা প্রতিটো
শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। উল্লেখযোগ্য যে সংবিধান প্রণেতাসকলে
প্রস্তুতকালত প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্রতিও গুৰুত্ব দিছিল আৰু
তেনে আদৰ্শ সংবিধানৰ পাতত প্ৰস্ফুটিত হোৱাটো বিচাৰিছিল।
প্রস্তাবনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে
স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ
আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 11 ---
সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য হিচাপে
প্রতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ
সকলো লোককে সামাজিক, অৰ্থনৈতিক-আৰু ৰাজনৈতিক
ন্যায়, চিন্তা, প্রকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা,
ব্যক্তিৰ মৰ্যাদা, জাতীয় এক্য আৰু,সংহতি নিশ্চিতকাৰী
ভাতৃত্বভাব বৃদ্ধি কৰিবলৈ-- আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
তাৰিখে আমাৰ সংবিধান সভাই গ্রহণ কৰা আৰু লিপিবদ্ধ
কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ।”
১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত
১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ ৪২তম সংবিধান
সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্রস্তাৰনাত সংযোগ কৰা হয়।
--- Page 12 ---
সংবিধান খচৰ৷ কমিটাৰ সদস্যসকল
ড‘’বি আৰ আম্বেদকাৰ (সভাপতি)
এন গোপালস্বামী আয়েংগাৰ
আলাদি কৃষ্ণস্বামী আয়াৰ
কে এম মুন্সি
চৈয়দ মহম্মদ চাদুল্লা
এন মাধৱ ৰাও
ডি পি খৈটান
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 13 ---
প্ৰসজ্তাবনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ’ল-- ‘সাৰ্বভৌম’ (Sovereign),
‘সমাজবাদী’ (Socialist), ‘ধৰ্মনিৰপেক্ষ’ (Secular), ‘গণতান্ত্ৰিক’ (Democratic) আৰু
প্রজাতন্ত্ৰ’ (Republic) | এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্রতিফলিত
হৈছে।
সাৰ্বভৌম (Sovereign) 3 ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট। সাৰ্বভৌমত্ব হৈছে
ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া
সমাজবাদী (Socialist) ঃ ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ ৪২ নং
সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্রস্তাবনাত সংযোজন কৰা হৈছে।
ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা
অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ’ব। জাতীয় আয়ৰ সমবিতৰণৰ
ব্যৱস্থাৰে আৰু মিশ্র অর্থনীতিৰ জৰিয়তে সমাজবাদ প্রতিষ্ঠা eal দেশৰ অর্থনীতি
জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহ’ব।
ধৰ্মনিৰপেক্ষ (Secular) 3 ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট হ’ব। ইয়াত চৰকাৰী
ধৰ্ম (Official religion or state religion) বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ
দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে
কোনো ধৰ্মৰ প্রতি বিশেষ অনুগ্ৰহ প্রদৰ্শন নকৰিব। উল্লেখ্য যে এই ধৰ্মনিৰপেক্ষ শব্দটো
প্রস্তাবনাত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট হৈছে।
গণতান্ত্ৰিক (Democratic) ঃ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট। দেশৰ শাসন ব্যৱস্থা
জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে
নিজেই চলাব আৰু SIP জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।
গণৰাজ্য (Republic) ঃ ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ Relators
(ৰাষ্টপতি) জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক
নহ’ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব।
ইয়াৰ উপৰি প্রস্তাবনাত উল্লেখ আছে যে ভাৰতৰ জনগণই দেশখনত ন্যায়
(justice), স্বাধীনতা (liberty), সমতা (equality) আৰু ভাতৃত্ববোধ (fraternity)
প্রতিষ্ঠা কৰিব। ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ উল্লেখেৰে সংবিধান
প্রণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্রতিফলিত কৰিছে।
প্রকৃততে সংবিধান সভাৰ বৈঠকতে ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত নেহৰুৱে
কেইটামান উদ্দেশ্য সম্পৰ্কিত প্রস্তাৱ (objective resolution) উত্থাপন কৰিছিল।
সংবিধান সভাই সেই উদ্দেশ্য সম্পৰ্কিত প্রস্তাৱখিনি ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে
গ্ৰহণ কৰে। সংবিধানখন প্ৰণয়নৰ ক্ষেত্ৰত সেই প্রস্তাৱসমূহক ভিত্তি হিচাপে লৈ সমতা,
স্বাধীনতা, গণতন্ত, সাৰ্বভৌমত্ব আৰু বিশ্ব ভাতৃত্বৰ ধাৰণাৰ প্রতিশ্ৰুতিক সংবিধান
ভাৰতীয় গণতন্ত্ৰ
--- Page 14 ---
সভাই আনুষ্ঠানিক স্বীকৃতি প্রদান কৰে।
>|
3
9 |
8 |
@ |
v |
৭|
৮।
নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্রস্তাৱৰ মূল বিষয়সমূহ এনেধৰণৰ---
সংবিধান সভাই ভাৰতবৰ্ষক ‘স্বাধীন, সাৰ্বভৌম, গণৰাজ্য (Independent Sov-
ereign Republic) হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ (পিছলৈ স্বাধীন শব্দটো
বাদ দিয়া হয়)।
বিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তর্ভুক্ত হ’ব বিচৰা দেশীয়
ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ (Union of states) গঠিত হ’ব।
ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা,
ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্রকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা
a4
অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ
ব্যৱস্থা থাকিব।
দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা
a4
আন্তৰ্জাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই
সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।
জনসাধাৰণেই VI সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু
সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।
সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে
স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব।
নেহৰুৰ উপৰোক্ত উদ্দেশ্য সম্পৰ্কিত প্রস্তাবসমূহক মূল আধাৰ কৰি লৈ আৰু
দেশৰ হেজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিক গুৰুত্ব দি সংবিধান প্রণেতাসকলে
সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল।
১.২ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ঃ
ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে জনা দৰকাৰ-_
যুক্তৰাষ্টনো কি? প্রকৃততে যুক্তৰাষ্টৰ ইংৰাজী প্ৰতিশব্দ ]["60০18000}টো লেটিন শব্দ
‘Foedus’ 271 আহিছে। যাৰ অৰ্থ হৈছে ‘চুক্তি’ অথবা AR’! সেয়ে যুক্তৰাষ্ট হ’ল
পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি।
স্বতন্তুতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে। অৱশ্যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে ভিন্ন ৰাষ্ট্ৰত কিছু
ভিন্ন ৰূপ গ্ৰহণ কৰিছে। আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কেন্দ্রীয় চৰকাৰৰ
ওচৰত অৰ্পণ কৰিছে।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 15 ---
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা ১৯৩৫ চনৰ ভাৰত
চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্টীয় পদ্ধতিৰ প্রৱৰ্তন কৰিছিল। দুখলপীয়া
চৰকাৰ (কেন্দ্ৰ আৰু ৰাজ্য), ক্ষমতাৰ ভাগ-বিতৰণ আদি নীতিৰ আলমত এই আইনে
নতুন সংবিধানে আৰম্ভ কৰা যুক্তৰাষ্টীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূৰ্ণ
অচিনাকি পদ্ধতি নাছিল।
পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্রথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ত।
সেইবাবেই আমেৰিকাক যুক্তৰাষ্ট্ৰ গৃহভূমি’ (Homeland of Federation) বুলি কোৱা
হয়। আমাৰ সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্রৱৰ্তনৰ ক্ষেত্ৰত
কানাডা যুক্তৰাষ্ট্ৰ সংবিধানখন অনুসৰণ কৰিছিল। এইখিনিতে প্রশ্ন আহে-- কি কাৰণে
আমেৰিকাৰ সংবিধানখন অনুকৰণ নকৰি সংবিধানৰ ৰচকসকলে কানাডাৰ সংবিধানখন
অনুকৰণ কৰিছিল। আচলতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয়
পদ্ধতি। য’ত অংগৰাজ্যবিলাকক অধিক স্বতন্ত্রতা দিয়াৰ লগতে সুকীয়া সংবিধান আৰু
দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। আমাৰ সংবিধান প্রণেতাসকলে এটা কথা বুজি
পাইছিল যে নতুনকৈ জন্ম পোৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্রতা
দিয়া হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা
হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ’ব। সেইবাবেই
তেওঁলোকে আমেৰিকাৰ সংবিধানৰ পৰিৱৰ্তে কানাডাৰ সংবিধানত থকা ‘ঢিলা যুক্তৰাষ্ট’
(Loose federation) ব্যৱস্থাৰ অনুকৰণত ভাৰতবৰ্ষত KS SOFIA যুক্তৰাষ্ট প্ৰৱৰ্তন
কৰিছিল। আচলতে আমেৰিকাৰ TS TI দেশত প্রকৃত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন নকৰাৰ
বাবেই সংবিধানৰ কোনো ঠাইতে যুক্তৰাষ্ট শব্দটোৰ উল্লেখ নাই। তাৰ পৰিৱৰ্তে সংবিধানৰ
১ নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ’ (Union of States) বুলি ঘোষণা
কৰা হৈছে।
ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ প্ৰকৃত চৰিত্র অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায়
যে এখন যুক্তৰাষ্টত থাকিব লগা কেইবাটাও বৈশিষ্ট থকা সত্বেও আমাৰ ব্যৱস্থাটো
প্রকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম
হৈ আছে। সেইবাবেই সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক ‘অর্ধ-
যুক্তৰাষ্ট” (Quasi federal), ‘ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট’ (Peculiar federation),
‘কেন্দ্ৰীভূত যুক্তৰাষ্ট’ (Centralised federation), ‘গঠনত Tay কিন্তু আদৰ্শত
এককেন্দ্ৰিক’ (Federal in form but unitary in spirit) বুলি অভিহিত কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ দৰে আমাৰ যুক্তৰাষ্টত অংগৰাজ্যসমূহৰ Rad হোৱা অথবা
আঁতৰি যোৱাৰ অধিকাৰ নাই। অন্য যুক্তৰাষ্টত থকাৰ দৰে আমাৰ অংগৰাজ্যসমূহৰ
সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ বাবে এখন সংবিধান আৰু
সেইখন হ’ল ‘ভাৰতীয় সংবিধান’ (Constitution of India)| অন্য যুক্তৰাষ্টৰ
ভাৰতীয় গণতন্ত্ৰ
--- Page 16 ---
বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। যদিও সংবিধানে তিনিখন
সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে তথাপি সকলো
গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে। অংগৰাজ্যবিলাকত থকা
ৰাজ্যপালসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই।
ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে। আমেৰিকাত
থকাৰ দৰে ভাৰতবৰ্ষ ত ‘দ্বৈত নাগৰিকত্ব’ (Dual গে026008]]}]))ৰ ব্যৱস্থা নাই। এজন
নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ’ব নোৱাৰে।
এনে বহুতো কাৰণৰ বাবে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট ব্যতিক্ৰমধৰ্মী। আগতে উল্লেখ কৰা
হৈছে যে এনে ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতবৰ্ষত প্রৱৰ্তন কৰাৰ মূল কাৰণটো
আছিল--- দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষিত কৰা। অৱশ্যে ভাৰতবৰ্ষৰ
যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যসমূহক স্বতন্তুতা প্রদানৰ দাবী সময়ে
সময়ে উত্থাপিত হৈ আহিছে। এনে দাবীৰ বাবেই ১৯৮৩ চনত ‘ছাৰকাৰিয়া আয়োগ’
(Sarkaria Commission) গঠন কৰা হৈছিল। ভাৰতবৰ্ষত AAAS হ’বলৈ ধৰা কেন্দ্ৰ-
ৰাজ্য সংঘাত নিৰাময়ৰ বাবে কেন্দ্ৰীভূত যুক্তৰাষ্ট্ত কিছু পৰিৱৰ্তন অনাটো সময়ৰ
আহ্বান হিচাপে বৰ্তমান পৰিগণিত হৈছে।
ভাৰতবৰ্ষৰ দৰে TEMES বৰ্তমান সময়ত এক নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ
পণ্ডিতসকলে নামকৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থা
কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ MEP সেইবাবে এনে যুক্তৰাষ্ট হ’ল
‘সহযোগিতামূলক যুক্তৰাষ্ট’ (Cooperative federation) |
১.৩ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ ঃ
ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জনা
প্রয়োজন--- সংসদীয় গণতন্ত্ৰনো কি? সংসদীয় গণতন্ত্ৰ হ’ল এবিধ শাসন ব্যৱস্থা য’ত
জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়।
জনপ্রতিনিধিৰে গঠিত এনে Ae আমেৰিকা যুক্তৰাষ্ট্ত কংগ্ৰেছ (congress) আৰু
ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ (parliament) বোলা হয়। ভাৰতবৰ্ষৰ সংসদ
দুখন সদনেৰে গঠিত। লোকসভা আৰু ৰাজ্যসভা নামৰ এই দুখন সদনৰ লগতে ভাৰতৰ
ৰাষ্ট্পতিজনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত
হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সহজ অর্থত সংসদীয় গণতন্ত্ৰ বুলিব পাৰি।
স্বাধীনতাৰ পৰৱৰ্তী কালত সংবিধান অনুসৰি ভাৰতবৰ্ষত প্রচলিত হোৱা সংসদীয়
গণতন্ত্ৰই জনসাধাৰণৰ ওচৰত বিশেষভাৱে দায়বদ্ধ এখন চৰকাৰ গঠন কৰিছে। সংবিধান
প্রণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত
ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল। অৱশ্যে ১৯৩৫ চনৰ ভাৰত চৰকাৰ
আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 17 ---
যদিও ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ প্রভাৱ আমাৰ সংবিধানত পৰিছে তথাপি সংবিধান
প্রণেতাসকলে অন্ধভাৱে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ নকৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক
আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ প্রতি চকু দি সকলো কথাকে ভাৰতীয়কৰণ
(Indianisation) কৰি সংবিধানৰ পাতত ঠাই দিছিল। ফলস্বৰূপে ভাৰতৰ সংসদীয়
পদ্ধতি কিছু ব্যতিক্ৰমধৰ্মী হৈছে।
ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ মূল
পাৰ্থক্যকেইটা মন কৰিবলগীয়া। প্রথম, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন
গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ
সংসদীয় গণতন্ত্ৰৰ ৰাষ্টপ্রৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা
ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধান (ৰাষ্টপতি)জন জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি।
দ্বিতীয়, ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ
সদন হাউছ অব লৰ্ডছতকৈ বহু পৃথক। তৃতীয়, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন
অত্যন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়। মুঠতে ভাৰতবৰ্ষৰ
পৰিৱেশ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সংবিধানখনে প্রৱৰ্তন কৰা সংসদীয় গণতন্ত্ৰই
আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট হিচাপে প্রতিষ্ঠা
কৰাত সফল হৈছে।
ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে বলৱৎ কৰা হয়। ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা
১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰ
আইন অনুসৰি।
ভ- AeA থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ’ল-_ ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’ আৰু
প্রজাতন্ত্ৰ’।
ভ- আমেৰিকাৰ TES আমাৰ দেশত প্রকৃত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন নকৰাৰ বাবেই সংবিধানৰ কোনো ঠাইতে
যুক্তৰাষ্ট শব্দটোৰ উল্লেখ নাই। তাৰ পৰিৱৰ্তে সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ
সংঘ’ বুলি ঘোষণা কৰা হৈছে।
Ff ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি
আৰম্ভ কৰিছিল।
ভ- সংসদীয় গণতন্ত্ই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট হিচাপে প্রতিষ্ঠা
কৰাত সফল হৈছে।
--- Page 18 ---
অতি চমু উত্তৰৰ প্রশ্ন ¢
>|
Q|
9 |
8 |
« |
ঙ।
|
৮।
শ্
১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল?
খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?
‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্রস্তাৱনাত সন্নিৱিষ্ট হৈছিল?
ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰপৰা আহিছে?
‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়।
ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰপৰা অনুকৰণ কৰা হৈছে?
চমু উত্তৰৰ প্রশ্ন ঃ
১।
২।
ঙ৬।
QI
ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল?
১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত
চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল?
aka ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে?
‘সাৰ্বভৌম’ মানে কি বুজা?
কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিদানৰ প্রস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’
শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে।
‘অৰ্ধ যুক্তৰাষ্ট’ কাক বোলে?
কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?
দীঘল উত্তৰৰ প্ৰশ্ন ১
>I
২।
৩ত।
ভাৰতবৰ্ষৰ সংবিধানৰ awa সংবিধানৰ আদৰ্শ কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা।
নেহৰুৰ উপ্দেশ্য সম্পৰ্কিত প্রস্তাৱকেইটা আলোচনা কৰা।
ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
--- Page 19 ---
ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ
৩ eA আৰু বিশ্ব শান্তি
e ৰাষ্ট্ৰংঘ আৰু মানৱ অধিকাৰ, ভাৰতত মানৱ অধিকাৰ আয়োগ
অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠান
২.১ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ ঃ
প্রথম বিশ্বযুদ্ধ (১৯১৪)ৰ পিছত বিশ্বত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে
বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তৰ্জাতিক সংগঠন ‘জাতি সংঘ’ (League of
Nations)% বিফলতাৰ পিছত soos চনত সংঘটিত হ’ল দ্বিতীয় বিশ্বযুদ্ধ। এই যুদ্ধই
অনা ভয়াৱহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাই আকৌ এবাৰ বিশ্ববাসীক AMS কৰি তোলাৰ
বাবেই পুনৰ চিন্তা কৰা হ’ল আন এক বিশ্ব সংস্থা গঠনৰ কথা। সেই মৰ্মে ১৯৪৫ চনৰ
২৪ অক্টোবৰ তাৰিখে SBA’ (United Nations Organisation) শীৰ্ষক অনুষ্ঠানটোৰ
জন্ম হ’ল। ছানফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ ৫১খন VES ৰাষ্টসংঘৰ চনদত স্বাক্ষৰ প্রদান
কৰি জন্ম দিয়া এই সংগঠনেই আজি পৰ্যন্ত বিশ্বক আন এক বিশ্বযুদ্ধৰ ভয়াৱহতাৰপৰা
নিলগত ৰাখিবলৈ সক্ষম হৈছে। সেইবাবেই ২৪ অক্টোবৰ দিনটো বিশ্ববাসীয়ে ‘ৰাষ্ট্ৰসংঘ
দিৱস’ হিচাপে পালন কৰি আহিছে।
বৰ্তমান ১৯৩খন সদস্য ৰাষ্ট্ৰে গঠিত ৰাষ্ট্সংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা
প্রতিষ্ঠা কৰি বিবদমান বিষয়সমূহৰ শান্তিপূৰ্ণ সমাধানৰ বাট মুকলি কৰাৰ পথ সুগম কৰাৰ
আভউজাৰ্তিক সংস্থা-- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
--- Page 20 ---
যি অহৰহ প্ৰচেষ্টা চলাই
আহিছে, তাৰ বাবেই বিশ্বৰ
জনগণে এই বিশ্ব সংস্থাটোৰ
প্রতি আস্থা প্রকাশ কৰি
আহিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ
নিউয়ৰ্ক চহৰত থকা মুখ্য
কাৰ্যালয়ৰপৰা কাম-কাজ
চলাই অহা ৰাষ্টসংঘৰ মূল
উপ্দেশ্যসমূহ হ’ল নিম্নোক্ত
ধৰণৰ।
ৰাষ্ট্সংঘৰ চনদত মুঠ ১১১টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ
চাৰিটা উদ্দেশ্য সন্নিৱিষ্ট হৈছে। উদ্দেশ্যকেইটা হ’ল-_
১।
2
9 |
8 |
আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
সমান অধিকাৰ আৰু CAE ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক
প্রতিষ্ঠা কৰা।
আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক
সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু
মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।
উল্লিখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্র
হিচাপে কার্য সম্পাদন কৰা।
২.১.২ ৰাষ্ট্ৰসংঘৰ নীতি ঃ
১।
2
© |
8 |
ৰাষ্টসংঘৰ প্রধান নীতিসমূহ এনেধৰণৰ--
সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা aa)
ৰাষ্ট্সংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্টাই নিজা
দায়িত্ব পালন কৰিব লাগিব।
সদস্য TS সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব।
আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য MSS শক্তি প্রয়োগ কৰিব
নোৱাৰিব।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 21 ---
৫৷। চনদত উল্লেখ কৰা মতে ৰাষ্টিসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য HAA
ৰাষ্ট্সংঘক সহায় কৰিব লাগিব আৰু ৰাষ্টসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক
সহায় কৰিব নোৱাৰিব।
৬৷ TARE সদস্য ৰাষ্ট্সমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।
২.১.৩ ৰাষ্ট্ৰসংঘৰ অংগ ;ঃ
ৰাষ্টসংঘৰ ছটা প্ৰধান অংগ হ’ল-- (>) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ,
(৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্যাসৰক্ষী পৰিষদ, (৫) আন্তৰ্জাতিক
ন্যায়ালয় আৰু ষ্টাষ্টী পৰিষদ (৬) সচিবালয়।
(>) সাধাৰণ সভা (General Assembly) 3 সাধাৰণ সভা ৰাষ্ট্সংঘৰ বৃহত্তম
অংগ। সকলোবোৰ সদস্য ৰাষ্ট্ৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্টই
পাঁচজনকৈ প্রতিনিধি পঠাব পাৰে। কিন্তু প্ৰত্যেকখন সদস্য TSS এটাকৈ ভোট প্রদান
কৰিব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰেকত এবাৰকৈ বহে। আকাৰত বৃহৎ হোৱা
বাবে কেইবাখনো কমিটীৰ জৰিয়তে সাধাৰণ সভাই কাৰ্যসমূহ পৰিচালন৷ কৰে।
(২) নিৰাপত্ত৷ পৰিষদ (Security Council) ঃ WHR অতি গুৰত্বপূৰ্ণ
অংগটোৱেই হ’ল নিৰাপত্তা পৰিষদ। ৰাষ্টসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য
আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছজন। ১৯৬৩ চনত ৰাষ্ট্সংঘৰ চনদৰ ২৩ নং
অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা
পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন
হ’ল-_ আমেৰিকা, গ্ৰেট বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। কোনো গুৰুত্বপূৰ্ণ বিষয়ত
সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী
‘ভেটো’ দিলে সিদ্ধান্ত গ্ৰহণ নহয়।
(৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ (Economic and Social Council)
ঃ THA গঠিত হোৱা সময়ত এই পৰিষদৰ সদস্য সংখ্যা আছিল ওঠৰজন। ১৯৬৫
চনত ইয়াৰ সদস্য সংখ্যা ২৭জনলৈ বৃদ্ধি কৰা হয় আৰু ১৯৭৩ চনত এই সংখ্যা ৫৪জনলৈ
বৃদ্ধি কৰা হয়। তিনি বছৰীয়া কাৰ্যকালৰ বাবে ইয়াৰ সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত
কৰে। ৰাষ্টসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদ মতে গঠিত হোৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয়
অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ
বাবে কাৰ্যনিৰ্বাহ কৰে। ওপৰোক্ত বিষয়বিলাক চোৱা-চিতা কৰি পৰিষদে সাধাৰণ সভালৈ
প্রতিবেদন আৰু পৰামৰ্শ পঠাব পাৰে।
(8) ন্যাসৰক্ষী পৰিষদ (Trusteeship Council) 3 ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং
অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত
দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্রত
আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন হৈছিল।
আজউজাৰ্তিক সংস্থা-- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
--- Page 22 ---
ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত। (ক) ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ,
(খ) ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু (গ) সাধাৰণ
সভাই তিনি বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল।
(৫) আন্তৰ্জাতিক ন্যায়ালয় (International Court of Justice) ঃ ৰাষ্ট্ৰসংঘৰ
ন্যায়িক অংগটো হ’ল--- আন্তৰ্জাতিক ন্যায়ালয়। মুঠ ১৫জন ন্যায়াধীশৰ দ্বাৰা গঠিত এই
ন্যায়ালয় ৰাষ্টসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। ৰাষ্টসংঘৰ সকলো সদস্য ৰাষ্টই এই আদালতৰ
সদস্য। এই ন্যায়ালয়ৰ প্রধান কাম হৈছে ৰাষ্টসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি
কৰা। এই আদালতে দিয়া ৰায় বিবদমান ABS মানিবলৈ বাধ্য।
(৬) সচিবালয় (Secretariat) ঃ সচিবালয় হ’ল ৰাষ্ট্ৰসংঘৰ
প্রাণকেন্দ্ৰ স্বৰূপ। ই সচিবপ্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত। এই
সচিবালয়েই ৰাষ্টসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ
চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন SCA
সাধাৰণ সভাই সচিবপ্রধানক নিয়োগ কৰে। সচিবপ্ৰধানজন নিয়োগৰ
ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ
সচিবপ্ৰধানৰ কাৰ্যকাল ৫ বছৰ। তেওঁ পুনৰ নিৰ্বাচিত হ'ব পাৰে।
; ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্রৰধানজন আছিল নৰ'ৱেৰ ট্ৰাইভহাল্ডান লী।
সংঘৰ বৰ্তমান সচিবপ্ৰধান এনটনিও গুৱেটেৰেছ বৰ্তমানৰ সচিবপ্রধানগৰাকী হ’ল পৰ্টুগালৰ এনটনিও গুৱেটেৰেছ।
উপৰিউক্ত ৬টা অংগৰ উপৰি ৰাষ্টসংঘৰ অন্যান্য অভিকৰণসমূহ হ’ল — (১)
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ (International Labour Organisation চমুকৈ ILO), (২)
বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation চমুকৈ WHO), (©) ARS
উন্নয়ন আঁচনি (United Nations Development Programme চমুকৈ UNDP),
(8) ৰাষ্টসংঘৰ মানৱ অধিকাৰ আয়োগ (United Nations Human Rights Com-
mission চমুকৈ UNHRC), (৫) ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (United Nations Inter-
national Children's Emergency Fund চমুকৈ UNICEF), (৬) ৰাষ্ট্ৰসংঘৰ শিক্ষা,
বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন (United Nations Educational, Scientific and
Cultural Organization চমুকৈ UNESCO), (৭) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (Inter-
national Monetary Fund চমুকৈ IMF), (৮) খাদ্য আৰু কৃষি সংগঠন (Food and
Agriculture Organisation চমুকৈ FAO) আদি।
২.২ ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি ¢
বিশ্বৰ জনগণৰ মনৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন
পৃথিৱী গঢ়াৰ লক্ষ্যৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্সংঘই
সত্তৰ বছৰত ভৰি দিলে। এই সুদীৰ্ঘ কালছোৱাত সমস্যাজৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ
আনি সকলো ধৰণৰ সমস্যাকে বুজাবুজি আৰু আলোচনাৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই
লৈ অহা ভূমিকা নিশ্চয়কৈ আশাপ্ৰদ আৰু ইতিবাচক। অৱশ্যে বহু ক্ষেত্ৰত আমেৰিকা
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 23 ---
যুক্তৰাষ্ট্ৰ শক্তিশালী স্থিতি আৰু কোনো কোনো ক্ষেত্রত ৰাষ্ট্সংঘৰ অনুমোদন অবিহনে
আমেৰিকাই লোৱা সামৰিক কাৰ্যপন্থাই ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণি আনিছে যদিও
যোৱা সুদীৰ্ঘ কাল ধৰি বিশ্বযুদ্ধৰ লেখীয়া বৃহৎ যুদ্ধৰ পৰিৱেশক পৰাহত কৰি ৰাখিব
পৰা কাৰ্যই ৰাষ্টসংঘৰ সফলতাক সূচাইছে।
অৰ্থে ৰাষ্টসংঘই যোৱা দিনবিলাকত লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ৷ ১৯৫২ চনৰ জানুৱাৰী
মাহত ৰাষ্টসংঘই নিৰস্ত্ৰীকৰণ আয়োগ (Disarmament Commission) গঠন কৰে।
ৰাষ্টসংঘৰ তৎপৰতাত ১৯৬৩ চনৰ ‘আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’
(Partial Nuclear Test Ban Treaty), ১৯৬৭ চনত ‘বহিঃ মহাকাশ চুক্তি’ (Outer
Space Treaty), ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’ (Nuclear Non-
proliferation Treaty), ১৯৭১ চনত ‘সমুদ্ৰতলি নিয়ন্তুণ চুক্তি’ (Seabed Control
Treaty), ১৯৭২ চনত ‘ছল্ট-১’ Efe (SALT-I, Strategic Arms Limitation
Treaty), ১৯৭৯ চনত ‘ছল্ট-২’ চুক্তি (SALT-ID), ১৯৯৩ চনত পাৰমাণৱিক ory frag
চুক্তি (Nuclear Arms Control Treaty), ১৯৯১ আৰু ১৯৯৩ চনত START-1
আৰু START-2 (Strategic Arms Reduction Treaty), ১৯৯৬ চনত ১৫৮খন ৰাষ্ট্ৰৰ
সমৰ্থনত সম্পাদিত হোৱা ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’
(Comprahensive Test Ban Treaty, ("][])'][')কৈ ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি
স্বাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ বিশ্বলৈ শান্তিৰ বাতাবৰণ অনাত বিশেষ বৰঙণি যোগাইছে।
২০০৭ চনৰ জুন মাহত ৰাষ্ট্সংঘই গ্ৰহণ কৰা প্রতিৰোধমূলক কুটনীতি’ (Preventive
Diplomacy)® সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটোও
এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
মুঠতে ৰাষ্ট্ৰসংঘক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাৰ দায়িত্ব সদস্য ৰাষ্টসমূহৰ। এই
ৰাষ্ট্সমূহৰ সদিচ্ছা, সহযোগিতা আৰু আনুগত্যইহে ৰাষ্ট্সংঘক বলিষ্ঠ কৰিব পাৰিব আৰু
বিশ্ব শান্তিৰ দিশটোও আশাব্যঞ্জক হ’ব।
২.৩ ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ ঃ
ৰাষ্ট্সংঘৰ মানৱ অধিকাৰ আয়োগ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে প্রতিষ্ঠা
হৈছিল। বিশ্বৰ মানৰ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈকে এই স্থায়ী সংগঠনটোৰ
জন্ম হৈছিল। সংগঠনটোৰ জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা আছিল ১৮জন। ১৯৬২ চনত
আয়োগৰ সদস্য সংখ্যা ২১জনলৈ বৃদ্ধি কৰা হয়। পুনৰ ১৯৯০ চনত ইয়াৰ সদস্য সংখ্যা
৫৩জন কৰা হয়। মানৱ অধিকাৰ আয়োগৰ সদস্যসকল তিনি বছৰৰ বাবে নিৰ্বাচিত হয়।
সংখ্যাগৰিষ্ঠৰ মতৰ ওপৰত ভিত্তি কৰি আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে।
আয়োগে মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু তেনে
অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰপৰা প্রতিবেদন বিচাৰে।
আজউজাৰ্তিক সংস্থা-- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
--- Page 24 ---
২.৩.১ মানৱ অধিকাৰ ঘোষণাপত্ৰ 3
বিশ্বত শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্যে আৰু ৰাষ্টসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ
বাবে গঠিত হোৱা ৰাষ্টসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটোত বিশেষ
গুৰুত্ব প্ৰদান কৰি আহিছে। বিশ্বৰ প্রত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে
প্রয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্টসংঘৰ সাধাৰণ সভাই ১৯৪৮
চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ
কৰে। সেইবাবেই আজিও ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন
কৰা হয়। এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্ৰই মূলতঃ দুটা
উদ্দেশ্য সাধন কৰিছে।
প্রথম, বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট
হৈছে। দ্বিতীয়, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে।
উল্লেখযোগ্য যে এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্টসংঘৰ সদস্য
ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে। কাৰণ নীতিগতভাৱে
কোনো ARS এই অধিকাৰসমূহক আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিকসকলক এই
অধিকাৰৰপৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰ৷পত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয়
তাক ৰাষ্টসংঘই এই ঘোষণ৷পত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে। বিশ্বৰ নাগৰিকৰ জীৱনযাত্ৰাৰ
মানদণ্ড উন্নত কৰা আৰু এটা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্সংঘই
মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক।
যদিও মানৱ অধিকাৰৰ ঘোষণাপত্ৰ এনে কোনো চুক্তি নহয় যে ইয়াৰ দ্বাৰা
সদস্যৰাষ্টসমূহক UMASS মাজলৈ অনা হৈছে, তথাপি সদস্য ৰাষ্ট্ৰসমূহৰ সদিচ্ছাৰ
ওপৰত ভিত্তি কৰিয়েই এই ঘোষণাপত্ৰই বিশ্বৰ মানৰ সমাজক সৰ্বদিশৰ ব্যক্তিত্ব বিকাশৰ
সুবিধা দিছে।
২.৩.২ ৰাষ্ট্ৰীয় মানৰ অধিকাৰ আয়োগ (ভাৰতবৰ্ষ) ঃ
১৯৬৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্রস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্বিলাকত
মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে ৰাষ্ট্সমূহৰপৰা পৰামৰ্শ বিচাৰিছিল। ১৯৭০ চনত
ৰাষ্ট্সংঘৰ মানৱ অধিকাৰ আয়োগে সদস্য ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ আয়োগ গঠনৰ
বিষয়টোত গুৰুত্ব দি বিষয়টো সদস্য ৰাষ্ট্সমূহলৈ আগবঢ়াই দিলে। ১৯৯৩ চনৰ জুন মাহত
ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা VI! সেই
মৰ্মে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰমূহত এনে আয়োগ গঠন হ'ল।
ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি
কৰে আৰু সেইমৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৰ অধিকাৰ আয়োগ
গঠন কৰা হয়। এই বছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 25 ---
উত্থাপিত Bll ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্পতিৰ অনুমোদন লাভ
কৰি আইনত পৰিণত হয়। এই আইনখনক ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ নামে
জনা যায়। এই আইনমতে ৰাজ্য বিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়।
ৰাষ্ট্ৰীয় মানৰ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য
ন্যায়াধীশ হ’ব লাগিব। সদস্যসকলৰৰ ভিতৰত--- (১) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ
ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ, (২) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য
ন্যায়াধীশ অথবা প্রাক্তন মুখ্য ন্যায়াধীশ আৰু (©) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয়
জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু
জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ
সদস্য পদত থাকিব। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে।
ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত
ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ
আয়োগে এই দিশত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা ল’ব লাগে।
২.৪ অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানসমূহ ঃ
জাতিসমূহৰ সংঘ (Commonwealth of Nations)
২। এমনেষ্টি ইণ্টাৰনেছনেল (Amnesty International, Al)
৩। উত্তৰ আটলাণ্টিক চুক্তি সংগঠন
(North Atlantic Treaty Organisation, NATO)
৪। আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি অভিকৰণ
(International Renewable Energy Agency)
¢| এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম (APEC)
vl দক্ষিণ-পূব এছীয় জাতিসমূহৰ সংস্থা (ASEAN)
৭। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)
৮। আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (FIFA)
>| বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum, WEF)
১০। SBT হকী ফেডাৰেচন
(International Hockey Federation)
দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা (South Asian
Association for Regional Cooperation, SAARC)
v
vv
ৰাষ্ট্সংঘৰ উপৰি বৰ্তমান বিশ্বত থকা কেইটামান গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠান হ’ল--
সংযুক্ত আৰব এমিৰেটছ (UAE)
--- Page 26 ---
১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ’ অনুষ্ঠানটোৰ জন্ম হয়।
২৪ অক্টোবৰ দিনটো ৰাষ্টসংঘ দিৱস’ হিচাপে পালন কৰা হয়।
ৰাষ্টসংঘৰ চনদত মুঠ ১১১টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদত THAR উদ্দেশ্য সন্নিবিষ্ট হৈছে।
ৰাষ্টসংঘৰ ছটা প্রধান অংগ হ’ল-- (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অর্থনৈতিক আৰু
সামাজিক পৰিষদ, (৪) ন্যাসৰক্ষী পৰিষদ, (৫) আন্তৰ্জাতিক ন্যায়ালয় আৰু (৬) সচিবালয়।
নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্টসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই লোৱা
পদক্ষেপ গুৰুত্বপূৰ্ণ
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ
ঘোষণাপৰ গ্রহণ কৰে।
ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ
অধিকাৰ আয়োগ গঠন কৰে।
অতি চমু উত্তৰৰ প্রশ্ন $
১৷ eas কিয় গঠন হৈছিল?
২৷ ৰাষ্ট্সংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
Ol TRA অংগকেইটাৰ নাম লিখা।
৪। ৰাষ্ট্সংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
«| নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
vl! মানৱ অধিকাৰ মানে কি বুজা?
দীঘল উত্তৰৰ প্রশ্ন ঃ
১৷ ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।
২। ৰাষ্টসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা ঢোকা লিখা।
৩। MS বাবে ৰাষ্টসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্সংঘই লোৱা পদক্ষেপ আলোচনা কৰা।
--- Page 27 ---
মুদ্ৰা ধাৰণা বৈশিষ্ট্য, কাৰ্যাৱলী, শ্রেণী ৰিভাজন, ভূমিকা আৰু অসুবিধাসমূহ
বেংক — ইয়াৰ ধাৰণা, উৎপত্তি, শ্ৰেণী বিভাজন আৰু কাৰ্যাৱলী
অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ
‘Every time you spend money, you're casting a vote for
the kind of world you want’ -Anna Lappe
১.০১ বিনিময় প্রথা কি?
সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ বিনিময়েই হ’ল বিনিময় প্রথা। কোনো ব্যক্তি
বা কোনো দেশেই আত্মনিৰ্ভৰশীল নহয়। আটাইবোৰ লাগতিয়াল সামগ্ৰী কোনেও নিজে
উৎপাদন কৰি ল’ব নোৱাৰে। আত্মনিৰ্ভৰশীলতাৰ অভাৱেই পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ।
ব্যক্তি SS ধান উৎপাদন কৰিছে। এক নিৰ্দিষ্ট অভাৱ পূৰণ কৰিবলৈ তেওঁৰ কুঁহিয়াৰৰ
প্রয়োজন হৈছে। তেওঁ নিজে কুঁহিয়াৰ উৎপাদন কৰা নাই। এতিয়া তেওঁৰ অভাৱ কিদৰে
আঁতৰ হ’ব? বিনিময় প্রথাৰ জৰিয়তে তেওঁৰ অভাৱ দূৰ হ’ব। আন এজন ব্যক্তি WS
কুঁহিয়াৰ উৎপাদন কৰিছে। তেওঁক ধানৰ প্রয়োজন হৈছে। তেওঁ ধান উৎপাদন নকৰে।
‘ক’ আৰু ‘খ’ৰ মাজত বিনিময় হ’ব। PS ধানখিনিৰ এক অংশ ‘খ’ক দিব আৰু তাৰ
বিনিময়ত SS ‘খ’ৰপৰা কুঁহিয়াৰখিনিৰ এক অংশ সংগ্ৰহ কৰি ল’ব। ঠিক সেইদৰে “AS
--- Page 28 ---
কুঁহিয়াৰৰ বিনিময়ত ‘ক’ৰপৰা ধানৰ এক অংশ সংগ্ৰহ কৰিব। ‘ক’ আৰু ‘খ’ কোনোৱেই
আত্মনিৰ্ভৰশীল নহয়; তেওঁলোক দুয়ো পৰস্পৰ নির্ভৰশীল। সামগ্ৰীৰ সলনি সামগ্ৰীৰ
পোনপটীয়া বিনিময় কৰি দুয়ো দুয়োৰে অভাৱ পূৰণ কৰিছে।
১.০২ বিনিময় প্ৰথাৰ অসুবিধাসমূহ ঃ
সভ্যতাৰ দোকমোকালিতে আৰম্ভ হোৱা বিনিময় প্রথাৰ কালক্ৰমত বিলুপ্তি ঘটিল।
আদিম যুগত জনসংখ্যা সীমিত আছিল। সমাজখন ক্ষুদ্ৰ আছিল। মানুহৰ প্রয়োজনসমূহ
সীমিত আছিল। উৎপাদিত সা-সামন্জৰীৰ সংখ্যা আৰু পৰিমাণো কম আছিল। তেনে এটা
পটভূমিত বিনিময় প্রথা কাৰ্যকৰী হৈছিল। সময় বাগৰি যোৱাৰ লগে লগে বিনিময় প্ৰথাত
কেতবোৰ অসুবিধাই দেখা দিলে। বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা মন কৰিবলগীয়া।
(>) সংগতিবিহীন অভাৱ ঃ ওপৰত উল্লেখ কৰা উদাহৰণটোত ‘ক’ আৰু ‘eq
মাজত অভাৱৰ সংগতি বা মিল আছে। এই মিল দুই ধৰণে প্রকাশ পাইছে। প্রথম, SS
ধান উৎপাদন কৰিছে আৰু ‘ক’ৰ কুঁহিয়াৰৰ প্রয়োজন হৈছে। দ্বিতীয়তে, ‘খ'ই কুঁহিয়াৰ
উৎপাদন কৰিছে আৰু ‘খ’ৰ ধানৰ প্রয়োজন হৈছে। দুয়োৰে অভাৱৰ সংগতি থকা বাবে
দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে। ধৰি লোৱা ‘খ'ৰ ধানৰ প্রয়োজন হোৱা নাই; “LB
মাছহে বিচাৰিছে। তেনে অৱস্থাত ‘ক’ আৰু ‘খ’ৰ মাজত বিনিময় হ’ব RIS! ‘খ’ই
২০ ৰাজনীতি আৰু অতনীতি বিজ্ঞান
--- Page 29 ---
মাছ উৎপাদনকাৰীজনক বিচাৰি পাব লাগিব। ধৰি লোৱা হ’ল যে সেইজন ‘গ’৷ যদি
“oS ‘খ’ৰপৰা কুঁহিয়াৰ নিবিচাৰি সৰিয়হ বিচাৰে তেতিয়া আকৌ ‘খ’ আৰু ‘গ’ৰ মাজত
বিনিময় হ’ব নোৱাৰে। এইদৰেই অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় প্ৰথাটো ক্ৰমশঃ
নোহোৱা হ’ল। মুদ্ৰাৰ আগমনে এই অসুবিধা আঁতৰ কৰিলে। কুঁহিয়াৰ উৎপাদন কৰি
‘AS বিক্ৰী কৰিছে আৰু সেই ধনেৰে মাছ কিনিছে।
(২) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ ঃ বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা
বহুত। প্রতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্রকাশ কৰিব লাগিব। যেনে এটা
আপেলৰ বিপৰীতে তিনিটা মধুৰিআমৰ বিনিময় হৈছে। গতিকে ১টা আপেলৰ সমান
৩টা মধুৰিআম। কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ’ব জানোঁ? বজাৰত যিমান
সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ থাকিব লাগিব। বজাৰলৈ ওলাই
যাওঁতে এগৰাকী ব্যক্তিয়ে ইমানবোৰ বিনিময় হাৰ মনত ৰাখি যাব লাগিব। এইটো অসম্ভৱ
কথা হ’ব। মুদ্ৰা ব্যৱস্থাত মুদ্ৰা হ'ল উমৈতীয়া একক। বজাৰৰ প্রতিটো সামগ্ৰীৰ মূল্য
মুদ্ৰাৰ মাধ্যমেৰে প্রকাশ কৰা হয়। একেটা সামগ্ৰীৰ বিনিময় হাৰ বেলেগ বেলেগ সামগ্ৰীৰ
বিনিময় হাৰত প্রকাশ নকৰি সকলোবোৰ Aa বিনিময় হাৰ কেৱল মুদ্ৰাৰ মাধ্যমত
প্রকাশ কৰা বাবে বিনিময় প্রথাৰ এই অসুবিধাটো দূৰ হ’ল।
(৩) বিভাজনীয়তাৰ অসুবিধা ঃ কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ
ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এনেবোৰ সামপ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে। যেনে
হাতীটোৰ গৰাকীক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। এক কিলোগ্ৰাম চাউল আৰু
হাতী এটাৰ মূল্য একে নহয়। কিন্তু হাতীটো অবিভাজনীয়, অৰ্থাত হাতীটো সৰু সৰু অংশলৈ
ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্তৱ নহ’ব। মুদ্ৰা ব্যৱস্থাত এই অসুবিধা দূৰ
হ’ল। মুদ্ৰা বিভাজনীয়। অধিক মূল্যৰ লেনদেনৰ বাবে যিদৰে মুদ্ৰা আছে, একেবাৰে কম
মূল্যৰ লেনদেনৰ বাবেও সেইদৰে মুদ্ৰা আছে। ১০০০ টকাৰ কাগজী নোটখন ৫০০,
১০০, ৫০, ২০, ১০ আৰু ৫ টকাৰ নোটলৈ আৰু ৫ টকীয়া নোটখন ২ টকা, ১ টকা
আৰু পঞ্চাশ পইচালৈ খুচুৰা কৰি ল’ব পাৰি। ৫০ পইচাৰ লেনদেনেই হওক বা ১ কোটি
টকাৰ লেনদেনেই হওক মুদ্ৰা ব্যৱস্থাত অবিভাজনীয়তাই সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে।
(৪) মূল্যৰ ভাণ্ডাৰৰ অভাৱ ঃ মূল্য বুলিলে সা-সামগ্ৰীৰ মূল্য বুজিব লাগিব।
AAAS বেছি দিন নিটিকে। মাছ, গাখীৰ, কণী ইত্যাদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি।
বেছি দিন সাঁচি থ’লে সেইবোৰ নষ্ট হৈ যাব। বিনিময় প্রথাত মূল্যৰ ৰূপত সামঞ্গীৰ
ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। আনহাতে, AWA ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক
নহয়। মুদ্ৰাই এই অসুবিধাটো আঁতৰ কৰিলে। মুদ্ৰা ব্যৱস্থাত সামগ্ৰী সঞ্চয় কৰি থ’ব
নালাগে। মুদ্ৰাৰ ৰূপত সঞ্চয় হয়। ফল-মূল, শাক-পাচলিৰ দৰে এই সঞ্চয় নষ্ট হৈ নাযায়।
ব্যক্তি এগৰাকীয়ে এই সঞ্চয় নিজৰ লগত নাৰাখি বেংকতো জমা থ’ব পাৰে। যেতিয়াই
প্রয়োজন হয় তেতিয়াই সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ
কৰি ল’ব পাৰি। মুদ্ৰা হ’ল AAAS মূল্যৰ ভাণ্ডাৰ।
মুদ্ৰা আৰু বেংক ব্যৱস্থা
--- Page 30 ---
১.০৩ মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণি ঃ
নাই। কেইবাটাও পৰ্যায় বা অৱস্থা অতিক্ৰম কৰিহে মুদ্ৰাই আজিৰ ৰূপটো পৰিগ্রহণ
কৰিছে।
বিনিময় প্রথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ প্রথম পৰ্যায় বুলি ক’ব পাৰি। এই ব্যৱস্থাত
সামগ্ৰীয়েই সীমিত অৰ্থত মুদ্ৰাৰ কাম কৰিছিল। মুঠতে, মুদ্ৰাৰ ক্ৰমবিকাশৰ পাঁচটা পৰ্যায়
আছে। সেইকেইটা হ’ল-_ (১) বিনিময় প্রথা (২) TSAR (©) অমুদ্ৰিত ধাতুমান (৪)
ধাতু মুদ্ৰা আৰু (৫) কাগজী মুদ্ৰা।
বিনিময় প্রথাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ। ইয়াত সামগ্ৰীয়েই মুদ্ৰা
আছিল। জন্তুমান স্তৰত জন্তু বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা৷ হৈছিল (বিশেষকৈ
ছাগলী)। এই ব্যৱস্থা আঁতৰি গ’ল দুটা প্রধান অসুবিধাৰ বাবে। প্রথম, ছাগলীবোৰ পূৰ্ণ
সাদৃশ্যযুক্ত নহয়, ৰং আৰু আকাৰ বেলেগ বেলেগ হোৱা বাবে। পছন্দ-অপছন্দৰ প্রশ্ন
উঠিছিল। কোনোবাই যদি পখৰাটো অপছন্দ কৰিছিল আন এজনে হয়তো ক’লাটো পছন্দ
কৰিছিল। দ্বিতীয়তে, মহামাৰীত ছাগলীৰ সংখ্যা হাস হোৱাৰ লগে লগে মুদ্ৰাৰ পৰিমাণো
কমি যাব। অৰ্থনীতিত মুদ্ৰা সংকটে দেখা দিব। তৃতীয়তে, ছাগলী বা GE adi ভাগ
কৰি বিনিময় কৰিব নোৱাৰি।
অমৌদিক ধাতুমান ব্যৱস্থাত সোণ বা ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে
ব্যৱহাৰ কৰা হৈছিল। ইয়াতো বহুতো অসুবিধাই দেখা দিছিল। প্রথম, সোণ বা ৰূপ
দ্বিতীয়তে, এনেবোৰ মূল্যৱান ধাতু এঠাইৰপৰা আন এঠাইলৈ নিৰাপদে কঢ়িয়াই
নিয়াটো সহজ নাছিল।
Bones ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাত ধাতু মুদ্ৰাৰ সৃষ্টি হ’ল। কিন্তু এই
ব্যৱস্থাতো অসুবিধাই দেখা দিলে। সোণ বা ৰূপৰ যোগান সীমাবদ্ধ বা অস্থিতিস্থাপক,
প্রয়োজন হ’লেই বৃদ্ধি কৰিব নোৱাৰি। তদুপৰি বেপাৰ-বাণিজ্যৰ পৰিসৰ বৃদ্ধি হোৱাৰ
লগে লগে মুদ্ৰাবোৰ দূৰৈৰ ঠাইলৈ কঢ়িয়াই নিয়াত অসুবিধাৰ সৃষ্টি হৈছিল।
মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়ত কাগজী মুদ্ৰাৰ প্ৰচলন হ’ল। এই মুদ্ৰা কঢ়িয়াই
নিয়াটো সহজ। প্রথম অৱস্থাত কাগজী মুদ্ৰা সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল।
কালক্ৰমত কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্রহণ কৰা হ’ল আৰু ৰূপান্তৰকৰণ অপ্ৰয়োজনীয়
হৈ পৰিল। এইদৰেই কাগজী মুদ্ৰাই বৰ্তমানৰ ৰূপ লয়।
বৰ্তমান উন্নত আৰু উন্নয়নশীল সকলো দেশতে চেক মুদ্ৰাৰ প্ৰচলন বৃদ্ধি হৈ আহিব
ধৰিছে। যদিও বেংকসমূহে গ্ৰাহকক দিয়া চেক আইনী মুদ্ৰা নহয়, তথাপিও চেকৰ
বুলি অৰ্থনীতিবিদসকলে মত পোষণ কৰিছে।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 31 ---
১.০৪ মুদ্ৰা কি?
ইংৰাজ অৰ্থনীতিবিদ feat ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ
গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে
কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ’ল yal) দেশবাসীয়ে যদি বেল গছৰ পাত
বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰে তেনেহ’লে বেল পাতৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব
আৰু বেলপাত মুদ্ৰা VI) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আইনৰ দ্বাৰাও সমৰ্থিত হয়।
১.০৫ মুদ্ৰাৰ বৈশিষ্ট্যসমূহ ঃ
মুদ্ৰাৰ অন্ততঃ আঠটা বৈশিষ্ট্য মম কৰিবলগীয়া। এই বৈশিষ্ট্যকেইটা তলত ব্যাখ্যা
কৰা VAI
> |
Q |
© |
8 |
৫।
মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব
নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ Aes ই বেলেগ
হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্ৰী বেচা-কিনাৰ সময়ত
জটিলতাই দেখা দিব।
মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ
কোনোটোৱেই মুদ্ৰা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে।
মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব।
মুদ্ৰী সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ’ব লাগিব। উদাহৰণস্বৰূপে, যদি এখন ১০০
টকীয়া নোটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু আন এখন ১০০
টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ হয়, তেনেহ’লৈ সামগ্ৰীৰ
লেনদেনৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব। গতিকে সকলোবোৰ ১০০ টকীয়া
নোট সকলো পিনৰপৰ৷ একে হ’ব লাগিব। বাকীবোৰ মুদ্ৰাৰ ক্ষেত্ৰতো এই একেটা
কথাই খাটিব।
মুদ্ৰাৰ তাৰল্য (liquidity) গুণ থাকিব লাগিব। তাৰল্য গুণ কি? যিকোনো মুদ্ৰা
সমমূল্যৰ AAA তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ’লেই মুদ্ৰাৰ
তাৰল্য গুণ আছে বুলি ক’ব লাগিব। বিনিময় প্ৰথাত সামগ্ৰীৰ তাৰল্য গুণ নাথাকে
কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্রত্যক্ষভাৱে আন সামপ্ৰীলৈ ৰূপান্তৰ হ’লেও
ARAN বেছিদিন নিটিকে। সোণ, ৰূপ, মাটি-বাৰী ইত্যাদিও মুদ্ৰাৰ দৰেই
পৰিসম্পদ। কিন্তু সিবোৰৰ তাৰল্য গুণ মুদ্ৰাতকৈ কম হ’ব। মুদ্ৰা সামন্ৰীলৈ
তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়। কিন্তু সোণ, ৰূপ আদি
পৰিসম্পদৰ ক্ষেত্ৰত ৰূপান্তৰ সহজ নহয়। সোণ, ৰূপ ইত্যাদি সামগ্ৰীলৈ ৰূপান্তৰ
কৰিবলগীয়া হ’লে পোনতে সোণ বা ৰূপ বা ভূমি বিক্ৰম কৰিব লাগিব আৰু
বিক্ৰীৰ দ্বাৰা উপলব্ধ ধনখিনিৰে সামগ্ৰী কিনিব পৰা যাব। অৰ্থাৎ এই পৰিসম্পদসমূহ
মুদ্ৰা আৰু বেংক ব্যৱস্থা
--- Page 32 ---
v |
৭|
৮
তাৎক্ষণিক আৰু প্রত্যক্ষভাৱে সামগ্ৰীলৈ ৰূপান্তৰিত নহয়। কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত এনে
অসুবিধা নাথাকে।
মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। বেপাৰ-বাণিজ্যৰ পৰিসৰ দিনে দিনে বৃদ্ধি হৈ
আহিছে। মুদ্ৰা হস্তান্তৰযোগ্য নহ’লে ইমান বৃহৎ পৰিসৰৰ বেপাৰ-বাণিজ্য সম্পাদন
কৰাটো অসম্ভৱ হ’ব। বৰ্তমান মুদ্ৰা আৰু বেংকিং ব্যৱস্থাই এনে এটা পৰ্যায়ত
উপনীত হৈছে য’ত মুদ্ৰাৰ প্রকৃত হস্তান্তৰ নোহোৱাকৈয়ে লেনদেন সম্পাদিত
হৈছে। বেংকৰ হিচাপৰ বহীত যোগ-বিয়োগ হৈছে। ক্ৰেতাৰ হিচাপৰ ঘৰত
লেনদেনটোৰ মূল্য বিয়োগ কৰ৷ হৈছে আৰু বিক্ৰেতাৰ হিচাপৰ ঘৰত সেই মূল্য
যোগ দিয়া হৈছে। ইয়াকে আভ্যন্তৰীণ বেংকীকৰণ (Core banking) বুলি কোৱা
হয়।
মুদ্ৰা বিভাজনীয়। অধিক মূল্যৰ মুদ্ৰা কম মূল্যৰ মুদ্ৰাৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব
পাৰি। বিনিময় প্ৰথাত aac বিভাজনীয় নোহোৱাত বিনিময়ৰ ক্ষেত্ৰত
অসুবিধাই দেখা দিছিল। মুদ্ৰা ব্যৱস্থাত এই অসুবিধাটো আঁতৰি গৈছে। co পইচাৰ
লেনদেন নাইবা ৫ কোটিৰ লেনদেনৰ বাবেও প্রয়োজনীয় মুদ্ৰা উভৈনদী।
মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ মূল্য দ্ৰুতগতিত হাস পালে মুদ্ৰাৰ
গ্ৰহণযোগ্যতা লোপ পাব। সেইদৰে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব নোৱাৰিব।
মন কৰিবলগীয়া যে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ এটা আনটোৰ বিকল্প নহয়। মুদ্ৰাৰ
আটাইকেইটা বৈশিষ্ট্য একে সময়তে থাকিব লাগিব।
১.০৬ মুদ্ৰাৰ কাৰ্যাৱলী ঃ
মুদ্ৰাই প্রধানকৈ চাৰিটা কাৰ্য সম্পাদন কৰে। এই চাৰিটা কাৰ্য ইংৰাজীত এইদৰে
উল্লেখ কৰা হৈছে 3 ‘Money is a matter of functions four — a medium,
a measure, a standard and a store.’
>|
2
মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। বিনিময় প্রথাত সামপ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ
বিনিময় হৈছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়।
চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে
আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ SA কৰিব। বিনিময় প্রথাৰ এটা লেনদেন
মুদ্ৰা ব্যৱস্থাত দুটা লেনদেনলৈ পৰিৱৰ্তিত হ’ল। মুদ্ৰা হৈ পৰিল বিনিময়ৰ মাধ্যম।
যি মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে, সি মুদ্ৰা হ’ব
নোৱাৰে।
মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। সকলো আৰ্থিক
সামগ্ৰীৰ মূল্য আছে। মুক্ত সামগ্ৰীৰহে মূল্য নাথাকে। আমি সেৱন কৰা বতাহ,
সূৰ্যৰ ৰশ্মি, নৈৰ পানী ইত্যাদিৰ বাবে মূল্য দিব নালাগে। যিবোৰ সামগ্জীৰ বজাৰত
বেচা-কিনা হয়, সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্রকাশ কৰা সামঞ্জীৰ
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 33 ---
বিনিময় মূল্যই হ’ল সামপ্ৰীটোৰ দাম। মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি,
কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্রকাশ কৰা হয়।
(৩) মুদ্ৰাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। কিছুমান সামঞ্জী
আৰু পৰিসম্পদ (assets) বেচা-কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা
নহয়। AIS ক্ষেত্ৰতো AF লওঁতাই খণদাতাক ar পৰিশোধ কৰোতে সময় লয়।
এনেবোৰ ক্ষেত্ৰত ধন আদায় প্রক্ৰিয়াটো তৎকালীন নহয়, প্রক্ৰিয়াটো স্থগিত কৰি
ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্রকাশ কৰা হয়।
(৪) মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। ANT সঞ্চয় কৰি
ৰাখিব নোৱাৰি। সামগ্রীবোৰ সোনকালে নষ্ট হৈ যায়। বিনিময় প্ৰথাত সেয়ে সঞ্চয়ৰ
ভাণ্ডাৰ নাছিল। মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্রা
প্রয়োজন অনুসৰি Aa ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি। এই অর্থত মুদ্ৰা
সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক’ব পাৰি। অৱশ্যে বিশেষ একোটা পৰিস্থিতিত
মুদ্ৰাৰ মূল্যৰ স্থিৰতা সম্পূৰ্ণকৈ হেৰাই গ’লে (উদাহৰণস্বৰূপে অভাৱনীয়ভাৱে
অবিৰাম AAS মূল্য বৃদ্ধি হ’লে) মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন
কৰিব নোৱাৰিব। তেনে পৰিস্থিতিত সাধাৰণতে সোণ বা ভূমি বা অন্যান্য
পৰিসম্পদহে সঞ্চয়ৰ ভাণ্ডাৰ হৈ পৰিব।
মুদ্ৰাৰ প্রথম দুটা কাৰ্যক মুখ্য (primary) আৰু বাকী দুটা কাৰ্যক গৌণ
(secondary) কাৰ্য বুলি কোৱা হয়। এই চাৰিটা কাৰ্যৰ উপৰি মুদ্ৰাৰ কেতবোৰ উপ-
নিমিত্ত (০০৷.0101862100) কাৰ্যও আছে। যেনে দেশ একোখনৰ জাতীয় আয় মুদ্ৰাৰ ৰূপত
প্রকাশ কৰা ST ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা অর্থনৈতিক বৈষম্য মুদ্ৰাৰ সহায়ত
হাস কৰিব পাৰি; চহকী শ্ৰেণীৰপৰা অধিক কৰ-কাতল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে
আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কল্যাণৰ হকে ব্যৱহাৰ কৰিব পাৰে।
১.০৭ মুদ্ৰাৰ শ্ৰেণীবিভাজন ঃ
বহল অৰ্থত মুদ্ৰা দুই প্রকাৰৰ-- হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্রকৃত মুদ্ৰা। হিচাপ-
নিকাচৰ মুদ্ৰা এটা ধাৰণাহে,; প্রকৃত মুদ্ৰাও হিচাপ-নিকাচৰ মুদ্ৰা৷ হিচাপ-নিকাচৰ মুদ্ৰাৰ
ধাৰণাটোৰ পৰিৱৰ্তন নহয়; প্রকৃত মুদ্ৰাৰ ৰূপান্তৰ হয়। আজি যি প্রকৃত মুদ্ৰা ভৱিষ্যতেও
সি প্রকৃত মুদ্ৰা হৈ নাথাকে। কিন্তু প্ৰকৃত মুদ্ৰা যিয়েই নহওক কিয় সেই মুদ্ৰা হিচাপ-
নিকাচৰ মুদ্ৰা হৈয়ে থাকিব। আন এটা উদাহৰণৰ সহায়ত হিচাপ-নিকাচৰ মুদ্ৰা আৰু
প্রকৃত মুদ্ৰাৰ পাৰ্থক্য ব্যাখ্যা কৰিব পাৰি। ভাৰতবৰ্ষৰ সংবিধানত প্ৰধানমন্ত্ৰীৰ পদবীটো
আছে। কিন্তু সদায় একেজন ব্যক্তিয়েই প্রধানমন্ত্ৰী হৈ নাথাকে। কিন্তু প্রধানমন্ত্ৰীৰ পদত
অধিষ্ঠিত ব্যক্তিগৰাকীয়ে সদায় প্রধানমন্ত্ৰীৰ ভূমিকা পালন কৰিব লাগিব আৰু সেই মৰ্মে
নিৰ্ধাৰিত কাৰ্য সম্পাদন কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ বাবটো যদি হিচাপ-নিকাচৰ মুদ্ৰা হয়
তেনেহ’লে প্রধানমন্ত্ৰীগৰাকী হ’ব প্রকৃত মুদ্ৰা।
মুদ্ৰা আৰু বেংক ব্যৱস্থা
--- Page 34 ---
লগে লগে সেই সামগ্ৰীয়ে হিচাপ-নিকাচৰ মুদ্ৰাৰ দায়িত্বও পালন কৰি আহিছে। মুদ্ৰাৰ
ক্ৰম বিকাশ সম্পৰ্কে আলোচনা কৰোতে এই বিষয়ে আলোচনা কৰা হৈছে।
প্রকৃত মুদ্ৰা কেইবাপ্ৰকাৰৰ হ’ব পাৰে। সেইবোৰ হ’ল--
(>) ail মুদ্ৰা (Commodity Money)
(২) জন্তু মুদ্ৰা (Animal Money)
(©) ধাতুগত মুদ্ৰা (Metallic Money)
(8) কাগজী মুদ্ৰা (Paper Money)
(৫) বিহিত মুদ্ৰা (Legal Tender Money)
(৬) অবিহিত মুদ্ৰা (Non Legal Tender Money)
(৭) আদেশী মুদ্ৰা (Fiat Money)
(৮) প্রতীক মুদ্ৰা (Token Money)
(>) চেক মুদ্ৰা (Cheque Money)
(১০) মান মুদ্ৰা (Standard Money)
(১১) তপত মুদ্ৰা (Hot Money)
(১২) সংকুচিত মুদ্ৰা (Dear Money)
(১৩) সুলভ মুদ্ৰা (Easy Money)
(১৪) ক’লা মুদ্ৰা (Black Money) আৰু
(১৫) উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা (High Power Money)
(১) সামগ্ৰী মুদ্ৰা ঃ বিনিময় প্রথাত সামগ্ৰীয়েই আছিল বিনিময়ৰ মাধ্যম। সামগ্ৰীয়েই
আছিল হিচাপ-নিকাচৰ মুদ্ৰা আৰু লগতে প্রকৃত মুদ্ৰাও।
(২) জন্তু মুদ্ৰা ঃ SS একোটা (বিশেষকৈ ছাগলী) বিনিময়ৰ মাধ্যম হ’লে জন্তু
মুদ্ৰাৰ সৃষ্টি হয়।
(©) ধাতুগত মুদ্ৰা ঃ সোণ বা ৰূপৰ গ্ৰহণযোগ্যতা আছে। এই দুয়োবিধ ধাতু
বেলেগে বেলেগে বা একেলগে বিনিময়ৰ মাধ্যম হ’লে ধাতুগত মুদ্ৰাৰ প্ৰচলন হয়।
(৪) কাগজী মুদ্ৰা ঃ কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে। বিনিময়ৰ
মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ ব্যৱহাৰ হৈছে। পূৰ্বৰ কাগজী মুদ্ৰা সম মূল্যৰ সোণ বা ৰূপলৈ
পৰিৱৰ্তিত হৈছিল। উদাহৰণস্বৰূপে ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা৷ মূল্যৰ সোণ বা
ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি)
বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা বোলা হৈছিল। বৰ্তমানৰ কাগজী মুদ্ৰা হ’ল অ-সপ্রতিনিধিত্বমূলক
বা অপৰিৱৰ্তনীয় কাগজী yall এই মুদ্ৰা পূৰ্বৰ দৰে সোণ বা ৰূপলৈ ৰূপান্তৰ নহয়।
(৫) বিহিত মুদ্ৰা ঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা। এনে
মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোবাজন আইনমতে দণ্ডনীয় VI | ভাৰতবৰ্ষত বৰ্তমান প্রচলিত
কাগজী মুদ্ৰা আৰু ধাতুমুদ্ৰা বিহিত yar! বিহিত মুদ্ৰা দুই প্রকাৰৰ-- সসীম বিহিত মুদ্ৰা
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 35 ---
আৰু অসীম বিহিত মুদ্ৰা। যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব
পাৰি সেই yal সসীম বিহিত মুদ্ৰা হ'ব। এই মুদ্ৰা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত
আছুকালে দেখা দিব। ধৰি লোৱা যে তুমি এডৰা ভূমি বিক্ৰী Sea! ভূমিডৰাৰ মূল্য ১০
লাখ টকা। ভূমি ক্ৰয় কৰোতাজনে ১০ লাখ টকা কম মূল্যৰ মুদ্ৰাৰ ৰূপত আদায় দিলে
তোমাৰ অসুবিধা নহ'ব জানো? গতিকে কম মূল্যৰ কাগজী বা ধাতু মুদ্ৰা এই ক্ষেত্ৰত সীমিত
বা অসীম বিহিত মুদ্ৰা হ'ব। অধিক মূল্যৰ মুদ্ৰা হ'ব অসীম বিহিত মুদ্ৰা৷ মুদ্ৰা এই ক্ষেত্ৰত
অসীম বিহিত মুদ্ৰা হ'ব পাৰে। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব
পাৰি। উদাহৰণটোত উল্লেখ কৰা৷ so লাখ টকা এই মুদ্ৰাৰ ৰূপতেই আদায় দিব পাৰি।
(৬) অবিহিত মুদ্ৰা ঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, অৰ্থাৎ যি মুদ্ৰা
গ্রহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰাই হ'ব অবিহিত FAN (যেনে চেক
মুদ্ৰা)।
(a) আদেশী মুদ্ৰা ঃ চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে
গ্রহণ কৰা হয় সেই মুদ্ৰাই হ'ব আদেশী YA! কাগজী বা ধাতু মুদ্ৰা আদেশী মুদ্ৰাৰে
উদাহৰণ। চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা এই মুদ্ৰা সমৰ্থিত।
(৮) প্রতীক মুদ্ৰা £ যি মুদ্ৰাৰ প্রদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য
ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্ৰাই হ’ব প্রতীক মুদ্ৰা।
মুদ্ৰাৰ ওপৰত যিটো সংখ্যা লিখা থাকে সেইটো হ’ল প্ৰদৰ্শিত মূল্য। যেনে ১০০ টকাৰ
নোট এখনৰ ওপৰত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাত
১০০ শব্দটো লিখা থাকে। কিন্তু ১০০ টকীয়া নোটখন যি কাগজেৰে তৈয়াৰী সেই
কাগজ টুকুৰাৰ মূল্য ১০০ টকাতকৈ বহুত কম Aq ঠিক সেইদৰে ৫ টকীয়া ধাতু
মুদ্ৰা এটাৰ ওপৰত খোদিত কৰা থাকে ৫ সংখ্যাটো। কিন্তু সেই মুদ্ৰাটো যি ধাতুৰে
তৈয়াৰ কৰা হৈছে সেই ধাতুৰ মূল্য ৫ টকাতকৈ কম হ’ব। বৰ্তমান আমি দেখা প্রায়
সকলোবোৰ ধাতু মুদ্ৰা প্রতীক মুদ্ৰা।
(৯) চেক মুদ্ৰা ঃ প্ৰকৃততে চেক মুদ্ৰা নহয়; মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাথোন।
চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। উদাহৰণস্বৰূপে তুমি কিতাপ এখন ভ্ৰয়
মুদ্ৰা আৰু বেংক ব্যৱস্থা
--- Page 36 ---
কৰিছা। কিতাপখনৰ দাম ২০০ টকা।
দুশ টকাৰ চেক এখন লিখি তুমি
দোকানীক দিলে দোকানীয়ে সেয়া
গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে।
যদিহে নকৰে দোকানীজনক তুমি
কাঠগড়ালৈ নিব নোৱাৰিবা। কাৰণ
চেকখন বিহিত মুদ্ৰা নহয়। ইয়াক
‘ধনাদেশ’ বা নিকট মুদ্ৰা (Near
Money) বুলিও কোৱা হয়।
(১০) মান মুদ্ৰা মান মুদ্ৰা হ’ল দেশখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে
বাকীবোৰ এককৰ মূল্য সম্পৰ্কিত। ভাৰতবৰ্ষৰ মান মুদ্ৰা হ’ল টকাটো। এক পইচা হ’ব
টকাটোৰ ১০০ ভাগৰ এভাগ।
(১১) তপত মুদ্ৰা ঃ গভীৰ অর্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ
মূল্যলৈ যেতিয়া জল্পনা-কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰপৰা মূলধনৰ বৰ্হিগমন
হয়। মূলধনৰ বৰ্হিগমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে।
(১২) সংকুচিত মুদ্ৰা ঃ কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰাৰ সৃষ্টি
হয়। উদাহৰণস্বৰূপে ভাৰতীয় ৰিজাৰ্ভ বেংকে সুদৰ হাৰ বৃদ্ধি কৰিলে সদস্য বেংকসমূহে
কম পৰিমাণ al ল’ব। ফলস্বৰূপে সদস্য বেংকসমূহেও সুদৰ হাৰ বৃদ্ধি কৰিব। যাৰ
ফলস্বৰূপে Wl লওঁতাই কম পৰিমাণে সদস্য বেংক সমূহৰ পৰা A ল’ব। ইয়াৰ
ফলস্বৰূপে মুদ্ৰাৰ যোগান কমি যাব। এইদৰেই সংকুচিত মুদ্ৰাৰ সৃষ্টি হ’ব।
(১৩) সুলভ মুদ্ৰা কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হাস কৰিলে ae লওতাই অধিক
asl ল’ব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি VI এইদৰেই সুলভ মুদ্ৰাৰ সৃষ্টি হ’ব।
(১৪) ক’লা মুদ্ৰা $ ক’লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ’ল অৰ্থনৈতিক অপৰাধ। যেনে
আয়কৰ VHS দিয়াটো অর্থনৈতিক অপৰাধ। এই অপৰাধে ক’লা মুদ্ৰাৰ সৃষ্টি কৰিব। ধৰি
লোৱা হ’ল যে সকলোবোৰ ৰেহাই পোৱাৰ পিছত (বিভিন্ন ধৰণৰ বিনিয়োগৰ ক্ষেত্রত
কৰ ৰেহাই) এজন ব্যক্তিয়ে চৰকাৰক ৫ লাখ টকা আয়কৰ দিব লাগে। কিন্তু আয়কৰৰ
বিবৃতি ব্যক্তিগৰাকীয়ে এইদৰে তৈয়াৰ কৰিলে যে ব্যক্তিজনে ১ লাখ টকা দিলেই হ’ল।
এতিয়া (৫--১ লাখ টকা৷) ৪ লাখ টকা চৰকাৰৰ ঘৰলৈ যাব লাগিছিল যদিও নগ’ল।
এই ৪ লাখ টকা হ’ব ক’লা টকা বা হিচাপবিহীন টকা।
(১৫) উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা ঃ দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ
কেন্দ্ৰীয় বেংকে প্রত্যক্ষভাৱে MAE কৰে সেই অংশটোৱেই হ’ল উচ্চ ক্ষমতাসম্পন্ন
মুদ্ৰী। এই মুদ্রা নিয়ন্তুণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম-বেচি কৰিব পাৰে।
৮০500608% 695002037
চেক মুদ্ৰা
O108Siw ১০
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 37 ---
১.০৮ মুদ্ৰাৰ ভূমিকা ঃ
(১)
(২)
(৩)
মুদ্ৰাই বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে। মুদ্ৰা ব্যৱস্থাত বিনিময় প্রথাৰ
অসুবিধাবোৰ আঁতৰ Val মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে।
যি ব্যৱস্থাত বজাৰৰ চাহিদা আৰু যোগানে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্তুণ কৰে,
চৰকাৰী নীতি-নিৰ্দেশনাই নকৰে সেই ব্যৱস্থাটোৱেই হ’ল বজাৰকেন্দ্ৰিক অৰ্থনীতি।
বজাৰকেন্দ্ৰিক অর্থনীতিৰ দৰ ব্যৱস্থা হ’ল এক প্রধান বৈশিষ্ট্য। দৰ ব্যৱস্থা মুদ্ৰাৰ
ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্রকাশ কৰা এটা
বিনিময় মূল্য।
যি ব্যৱস্থাত চৰকাৰী সিদ্ধান্তইহে উৎপাদন প্রক্ৰিয়া নিৰ্ধাৰণ কৰে, বজাৰে নকৰে
সেই ব্যৱস্থাতো সম্পদৰাজিৰ মূল্য মুদ্ৰাৰ মাধ্যমতহে প্রকাশ কৰা হয়।
মুদ্ৰা অবিহনে যিকোনো আৰ্থিক ব্যৱস্থাই অচল হৈ পৰিব।
১.০৯ মুদ্ৰাৰ অসুবিধাসমূহ ঃ
(১)
(২)
(৩)
(৪)
মুদ্ৰাই কেতবোৰ অসুবিধাৰো সৃষ্টি নকৰাকৈ থকা নাই।
মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য
অবিৰামভাৱে হাস হ’লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ
ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। বিশেষকৈ সীমিত আয়ৰ লোকসকল
আৰ্থিকভাৱে জুৰুলা হয়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ’লে অৰ্থাৎ
মুদ্ৰাৰ মূল্য বৃদ্ধি হ’লে উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন
হাস হ’লে নিবনুৱাৰ সৃষ্টি হয়।
মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্ৰা
সৰ্বস্ব অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক
বৈষম্য সৃষ্টি কৰে।
মুদ্ৰাৰ প্রতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুৰ্নীতি,
অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্যুক্তি কৰা নহ’ব।
মুদ্ৰাৰপৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্ৰা অৰ্থনৈতিক অপৰাধ (যেনে আয়কৰ
ফীকি)ৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা
হয়।
১.১০ বেংক কি?
বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ales ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰপৰা
সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ae লওতাসকললৈ আগবঢ়ায়। খেতিয়ক,
উদ্যোগপতি, সাধাৰণ গ্ৰাহক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে এনে At
বেংকৰপৰা লাভ PA এনে লেনদেনত বেংকৰ লাভ হয়। যিসকলে বেংকৰপৰা et
মুদ্ৰা আৰু বেংক ব্যৱস্থা
--- Page 38 ---
লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে বেংকক সুদৰ হাৰো দিব লাগে।
এই সুদৰ হাৰ সঞ্চয়কাৰীলৈ বেংকে আগবঢ়োৱা সুদৰ হাৰতকৈ অধিক হোৱাৰ ফলত
বেংক ব্যৱসায় লাভজনক হৈ পৰে।
১.১১ বেংকৰ উৎপত্তি ঃ
অৰ্থনীতিবিদ Bway মতে বেপাৰী, সোণাৰী আৰু খ৷ণ দিওতা মহাজনসকলেই
হ’ল বেংকৰ পূৰ্বপুৰুষ। মধ্যযুগত ইটালীত বেংক অব ভেনিচ স্থাপন হোৱাৰ লগে লগে
বেংক শব্দটোৱে বহুল প্রচাৰ লাভ কৰে বুলি কোনো কোনোৱে ক’ব খোজে। ইটালীৰ
ক্ষুদ্ৰ PA WET (city state TAI মাজত যুদ্ধ-বিগ্ৰহ চলি থকাত কৰ্তৃপক্ষৰ ধনৰাশিৰ
প্রয়োজন হৈছিল। তেনে ধনৰাশি সংগ্ৰহ কৰিবলৈ কেতবোৰ আয়ুক্ত নিয়োগ কৰা হৈছিল।
এই আয়ুক্তসকলক মন্তে (Monte) বুলি কোৱা হৈছিল। সেই সময়ত ইটালীৰ বৃহৎ
অঞ্চল জাৰ্মানসকলৰ দখলত আছিল। মন্তে শব্দটোৰ ঠাইত জাৰ্মানসকলে banck শব্দটো
ব্যৱহাৰ কৰিছিল। ইটালীত এই শব্দ banco, ফৰাচী ভাষাত banke আৰু ইংলেণ্ডত
bank হৈ পৰিল।
ভাৰতবৰ্ষত ১৭৭০ চনত প্ৰথমটো বেংক স্থাপন Sal হৈছিল। এই বেংকটোৰ নাম
আছিল বেংক অব্ হিন্দুস্তান। থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো
বেংক হ’ল গুৱাহাটী বেংক। এই বেংক ১৯২৬ চনত স্থাপিত হৈছিল।
১.১২ বেংকৰ শ্ৰেণীবিভাজন ঃ
বেংক কেইবা প্রকাৰৰ আছে। তাৰে ভিতৰত আমি জানিবলগীয়া বেংককেইটা
হ’ল--- (১) কেন্দ্ৰীয় বেংক (২) বাণিজ্যিক বেংক (©) আঞ্চলিক গ্রাম্য বেংক, (8)
ভাৰতীয় Seas বিকাশ বেংক (৫) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু (৬)
কৃষি আৰু গ্রাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (ANAS) | ইয়াৰ বাহিৰেও আৰু কেতবোৰ বেংক
আছে (যেনে-- এছীয় উন্নয়ন বেংক, বিশ্ব বেংক ইত্যাদি)। তোমালোকে এইবোৰ বেংকৰ
বিষয়ে ওপৰ মহলাত পঢ়িবলৈ পাবা।
(>) কেন্দ্ৰীয় বেংক ঃ
কেন্দ্ৰীয় বেংক হ’ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰৰী বেংক। এই বেংকৰ নীতি-
নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে। ছুইডেনৰ ৰিক্স বেংক
(Riksbank) সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। এই বেংক স্থাপিত হৈছিল ১৬৫৬ চনত।
ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India) |
এই বেংক স্থাপিত হয় ১৯৩৫ চনত।
কেন্দ্ৰীয় বেংকে কেইবাটাও কাৰ্য সম্পাদন কৰিব লাগে। তাৰে প্রধান কাৰ্যকেইটা
তলত ব্যাখ্যা কৰা Va
১। কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। কেন্দ্রীয় বেংকৰ এইটো একচেটীয়া
অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 39 ---
ae
= জৰ
Ani] © |]]]
sane tun Oren
২। কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা খ৷ণ মুদ্ৰাৰ পৰিমাণ নিয়ন্তুণ কৰে। এই মুদ্ৰা
দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ খ৷ণদান ক্ষমতাৰ
ওপৰত আমানত মুদ্ৰা বা al মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্রীয় বেংকে খণ
নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ Ae প্রদান ক্ষমতা নিয়ন্ত্ৰণ
কৰিব পাৰে।
Ol কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে।
গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। কেন্দ্ৰীয় বেংক
অন্যান্য বেংকৰ বিপদৰ বন্ধু। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ
বাবে শেষ ONT |
৪। কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। বাজেটত দেখুওৱা চৰকাৰী
ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হ’লে বাজেট ঘাটিয়ে দেখা
দিয়ে। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে (ৰাজ্য
চৰকাৰসমূহে নহয়) কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল’ব পাৰে। কেন্দ্ৰীয় বেংকে
নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়। কেন্দ্ৰীয় বেংক চৰকাৰৰ
পৰামৰ্শদাতাও। চৰকাৰৰ আয় নীতি, ৰাজহ নীতি, বাণিজ্য নীতি আদিৰ বিষয়ে
কেন্দ্ৰীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় বেংকে চৰকাৰৰ প্রতিনিধি
(Agent) হিচাপে সকলো চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ ৰাখে।
মুদ্ৰা আৰু বেংক ব্যৱস্থা ৩১
--- Page 40 ---
৫।
v |
4 |
৮
কেন্দ্ৰীয় বেংক হ’ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক | উদাহৰণস্বৰূপে
ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি। বিভিন্ন দেশৰ মুদ্ৰাৰ
বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয়। এই বিনিময় হাৰ
মূলতঃ ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়ে। অৱশ্যে মুক্ত অৰ্থনীতিত
এই বিনিময় হাৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাই নিৰ্ণয়
কৰে।
কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। মন কৰিবলগীয়া
যে বেংকসমূহ পৰস্পৰ নিৰ্ভৰশীল। কোনো নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হ’লে
আন এটা বেংকৰপৰা A AT | এইদৰে আন্তঃবেংক লেনদেন চলি থাকে। কেন্দ্ৰীয়
বেংকত সকলো বেংকৰ হিচাপ থাকে। যেতিয়া ৰণ লওতা বেংকে Aled দিওতা
বেংকক খ৷৭ পৰিশোধ কৰে তেতিয়া Vet লওতা বেংকৰ হিচাপৰপৰা খ৷ণৰ পৰিমাণ
বিয়োগ কৰা হয় আৰু ঠিক সেই পৰিমাণটো at দিওতা বেংকৰ হিচাপত যোগ
দিয়া হয়। কেন্দ্ৰীয় বেংকৰ জৰিয়তে এই লেনদেন প্ৰক্ৰিয়া সম্পাদন কৰা হয়।
কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। আৰ্থ-সামাজিক উন্নয়নৰ বাবে
অগ্ৰাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিব
লাগে। উদাহৰণস্বৰূপে অগ্ৰাধিকাৰ লাভ কৰা কৃষি খণ্ড যাতে প্রয়োজনীয় সম্পদৰ
অভাৱত নপৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেন্দ্রীয় বেংকে।
ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগবঢ়োৱা বেংক ats পৰিমাণ বেংকৰ
মুঠ আমানত (০00910)ৰ ৪০ শতাংশ হ’ব লাগে।
কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৰলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক
পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ
খনণৰ যোগান ধৰা, ছাত্র-ছাত্ৰীসকললৈ খনণৰ যোগান ধৰা, কল্যাণমূলক আঁচনিৰ
বাবে বৰঙণি আগবঢ়োৱা ইত্যাদি।
(২) বাণিজ্যিক বেংক ঃ
যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্রত্যেক্ষ আৰু
পৰোক্ষভাৱে সঞ্চয়, ae, বেপাৰ-বাণিজ্য আদিত জড়িত কাৰ্য সম্পন্ন কৰে, তেনেবিলাক
বেংকক সাধাৰণতে বাণিজ্যিক বেংক বোলা হয়। বৰ্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্যৰ
পৰিসৰ দিনক-দিনে বৃদ্ধি পাই আহিছে। তলত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা
কৰা হ’ল।
>|
বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। এই সঞ্চয় তিনি প্রকাৰৰ s (ক) চলিত
আমানত (Current deposit) (2) স্থিৰ আমানত বা কাল আমানত (Fixed
deposit) আৰু (গ) সঞ্চয় আমানত (Savings deposit) | চলিত আমানতত
সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয়
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 41 ---
হ।
ঙ৩।
যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই
আনিব পাৰে। স্থিৰ বা কাল আমানতৰ
বেংকক আগতীয়াকৈ জনাব লাগিব। সঞ্চয় | |B
আমানতৰ CHAS জমাৰ এটা অংশ
আনিব পাৰিব কিন্তু আনটো অংশ
উলিয়াবলৈ হ’লে বেংকৰ আগতীয়া
অনুমতিৰ প্রয়োজন হ’ব।
বাণিজ্যিক বেংকসমূহে ANS যোগান ধৰে।
ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বাণিজ্যিক বেংকৰপৰা AI লাভ
কৰে। AK উচিত ব্যৱহাৰৰ ফলত a লওতাৰ আৰ্থিক স্থিতি কিছু সবল হয়।
২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ov শতাংশইহে
বেংকত হিচাপ খুলিছিল। ২০১১ চনত ই বৃদ্ধি পালে ৫৯ শতাংশলৈ। ২০১৪
চনৰ আগষ্ট মাহলৈ মুঠ ২১০.৫ নিযুত লোকে বেংকৰ হিচাপ খুলিছে।
সাধাৰণতে বাণিজ্যিক বেংকে দীৰ্ঘকালীন খণ আগ নবঢ়ায়। ইয়াৰ কাৰণ
হ’ল এয়ে যে দীৰ্ঘকালৰ বাবে (ধৰি লোৱা ৫, ১০, ১৫ বছৰৰ বাবে) বেংকে
At আগবঢ়ালে Ae পৰিশোধ নকৰা পৰ্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপাব। তেনে
পৰিস্থিতিত আমানতকাৰীসকলে নিজৰ সঞ্চয় উলিয়াই আনিব বিচাৰিলে বেংকে
সেই সঞ্চয় মোকলাই দিয়াত বিফল হয়। এনে হ’লে বেংকৰ ওপৰত ৰাইজৰ
আস্থা হেৰাই যাব আৰু আনকি সময়ৰ মূৰকত বেংকটো বন্ধ হৈয়ো যাব পাৰে।
বাণিজ্যিক বেংকসমূহে eet মুদ্ৰা সৃষ্টি কৰে। প্ৰাথমিক বা নিস্ক্ৰিয় আমানতৰ ভিত্তিত
বেংকসমূহে উদ্ভুত বা সক্ৰিয় আমানত সৃষ্টি কৰে। সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণ
সঞ্চয় জমা থয় সেই পৰিমাণটোৱেই হ’ল প্রাথমিক বা নিস্ক্ৰিয় আমানত। উদ্ভূত
বা সক্ৰিয় আমানত বেংকসমূহে সৃষ্টি কৰে। প্ৰাথমিক আমানত এটা অংশ জমা
ৰাখি বাকীখিনি বেংকসমূহে al হিচাপে আগবঢ়ায়। ৭ আগবঢ়োৱাৰ লগে লগে
মুদ্ৰা সৃষ্টিৰ প্রক্ৰিয়া আৰম্ভ হয়। এটা সাধাৰণ উদাহৰণ লোৱা যাওক। সঞ্চয়কাৰী
‘ক'ই বেংকত ১০০০ টকা জমা দিলে। এই টকাৰ পৰিমাণ হ'ব প্রাথমিক বা নিষ্ক্ৰিয়
আমানত। ধৰি লোৱা হ’ল যে ইয়াৰ ২০ শতাংশ বেংকটোৱে নিজৰ লগত ৰাখি
বাকীখিনি অৰ্থাৎ ৮০০ টকা at হিচাপে আগবঢ়ালে। প্রশ্ন হ’ব বেংকে ২০ শতাংশ
কিয় ৰাখিবলগীয়া হ’ল। সময়ে সময়ে আমানতকাৰী বা সঞ্চয়কাৰীয়ে বেংকৰপৰা
টকা উলিয়াই ল’বলৈ আহিব। সেই চাহিদা পূৰণ কৰিবলৈ হ’লে বেংকটোৱে ১০০০
মুদ্ৰা আৰু বেংক ব্যৱস্থা
--- Page 42 ---
8 |
(৩)
>|
২।
© |
8 |
(8)
টকাৰ Ae আগবঢ়াব নোৱাৰে। ৮০০ টকা ale লাভ কৰা ব্যক্তিজনে ৮০০ টকা
যিগৰাকী ব্যক্তিক দিলে সেইগৰাকীয়ে ৮০০ টকা নিজৰ বেংকত জমা দিলে। সেই
বেংকটোৱেও ২০ শতাংশ নিজৰ লগত ৰাখি বাকী ৬৪০ টকা at হিচাপে
আগবঢ়ালে। দ্বিতীয়টো বেংকৰ ক্ষেত্ৰত ৮০০ টকা হ'ব প্রাথমিক বা নিষ্কিয় আমানত
আৰু ৬৪০ টকা হ’ব GOS বা সক্ৰিয় আমানত। ৬৪০ টকা যিগৰাকী ব্যক্তিৰ হাতলৈ
গ’ল সেইগৰাকীয়ে টকাখিনি তৃতীয়টো বেংকত জমা দিলে। বেংকটোৱে তাৰে ২০
শতাংশ কাটি ৰাখি বাকীখিনি aie হিচাপে আগবঢ়ালে। এই প্ৰক্ৰিয়াটো অব্যাহত
থাকিলে মুঠ আমানতৰ পৰিমাণ কিমান হ’বগৈ। মুঠ আমানতৰ পৰিমাণ হ’ব ১০০০
+ ৮০০ + ৬৪০ + ৫১২ + ....... + ০ = ৫০০০ টকা। অৰ্থাৎ প্রথমটো বেংকে
লাভ কৰা ১০০০ টকাৰ প্রাথমিক আমানতৰ ফলত বেংক ব্যৱস্থাটোৱে শেষত গৈ
৫০০০ টকা সৃষ্টি কৰিলে অৰ্থাৎ মুদ্ৰাৰ পৰিমাণ ৫ গুণ বৃদ্ধি Lar | এইদৰেই বাণিজ্যিক
বেংকসমূহে al মুদ্ৰা সৃষ্টি কৰে।
বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে আমানতকাৰীৰ মূল্যৱান
অলংকাৰ-পাতি, গুৰুত্বপূৰ্ণ নথি-পত্ৰ ইত্যাদিৰ সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰা,
আমানতকাৰীৰ সা-সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কাৰ্য পালন কৰা ইত্যাদি।
ভাৰতীয় ওঁদ্যোগিক উন্নয়ন বেংক (Industrial Development Bank of
India বা IDBI) 3
১৯৬৪ চনত এই বেংক স্থাপন কৰা হয়। ইয়াৰ মূল কাৰ্যসমূহ হ’ল-_
ওদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা।
এই বেংকটোৱে উদ্যোগসমূহলৈ al আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহায্য
আগবঢ়ায়। বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায়। যেনে
বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ওদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক
বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্যৰ ওঁ্দ্যোগিক
অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে
বণ আগবঢ়ায়।
বেংকটোৱে প্রশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ওঁদ্যোগিক উদ্যম বৃদ্ধিৰ
বাবে আগভাগ লয়।
আঞ্চলিক গ্ৰাম্য বেংক (Regional Rural Bank) 2
১৯৭৫ চনত প্রথমতে ৫টা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকে
সম্পাদন কৰা মূল কাম দুটা হ'’ল-- (১) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি
ae লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত at প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ
দিয়া আৰু (২) গ্রাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয়
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 43 ---
কৰা। ভাৰতবৰ্ষত বৰ্তমান (২০১৪ চন) ৫৭টা আঞ্চলিক গ্রাম্য বেংক কাৰ্যকৰী হৈ আছে।
(৫) কৃষি আৰু, গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (National Bank for Agriculture
and Rural Development বা NABARD) ঃ
১৯৮২ চনত নাবাৰ্ড (NABARD) স্থাপন কৰা হয়। গ্ৰাম্য খ৭ৰ ক্ষেত্ৰত ৰিজাৰ্ভ
বেংকে যিবোৰ কাৰ্য সম্পাদন কৰি আহিছিল সেই আটাইবোৰ কাৰ্য নাবার্ডলৈ হস্তান্তৰ
কৰা হ’ল। MAG সম্পাদন কৰা মূল PAI হ’ল ঃ
S| গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ
আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্রতিষ্ঠান হ’ল ANG |
২। ae প্রদান প্রক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্রশিক্ষণ আদিৰ
সুদৃঢ়কৰণকল্পে AICS ব্যৱস্থা গ্ৰহণ কৰে।
Ol সকলোবোৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ
সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে।
(৬) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (Small Industries Development
Bank of India বা SIDBI) 3
NABARD
atthe NABARD 4 7a কাৰ্যালয়
১৯৮৯ চনত সংসদত fas আইন গৃহীত হয় আৰু ১৯৯০ চনৰপৰা ছিদ্বি
কাৰ্যকৰী হৈ উঠে। ছিদ্বিৰ মুখ্য কাৰ্যালয় লক্ষৌত অৱস্থিত। ছিদ্বিৰ মুখ্য কাৰ্যাৱলী
হ'ল ঃ
>| ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা;
মুদ্ৰা আৰু বেংক ব্যৱস্থা
--- Page 44 ---
ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত AA বাবে বজাৰৰ
সুবিধা কৰি দিয়া;
অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ
ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধ নগৰ এলেকাৰপৰ৷ চহৰলৈ
জনসংখ্যাৰ বহিৰ্গমণ ৰোধ কৰা আৰু
ৰাজ্যিক বিত্ত নিগম, Scare নিগম, ব্যৱসায়িক বেংক,
সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ
সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ
মন্ত তোক উদ্যোগলৈ ২৭ আগবঢ়োৱা।
১.১৩ বেংক ব্যবস্থা বহিৰ্ভূত বা অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ
বেংকৰ দৰে অনা-বেংক বিত্তীয় প্রতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰপৰা সঞ্চয় বা
আমানত সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্নলনলৈ wet হিচাপে আগবঢ়ায়। কিন্তু বেংকৰ
ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে,
অনা-বেংক প্রতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে OFS জৰিয়তে এনেবোৰ
প্রতিষ্ঠানৰপৰা সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে। তদুপৰি
বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা-বেংক প্ৰতিষ্ঠানসমূহত
এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে।
ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পঞ্জীকৰণ হয়।
পঞ্জীকৰণ নকৰা বহুতো ভুৱা অনা-বেংক প্ৰতিষ্ঠানে সঞ্চয়কাৰীৰ ধন লৈ উধাও হোৱাৰ
উদাহৰণ দেধাৰ আছে।
মুদ্ৰাৰ ক্ৰমবিকাশৰ এক আমোদজনক ইতিহাস আছে। যিকোনো সামঙ্জী মুদ্ৰা হ’ব নোৱাৰে। মুদ্ৰাৰ কেতবোৰ
বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰৰ বাবেই মুদ্ৰাই কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিব পাৰে। মুদ্ৰা
কেইবা প্রকাৰৰ আছে। আৰ্থিক ব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব মন কৰিবলগীয়া মুদ্ৰাই বিনিময় প্রথাৰ আসৌৱাহসমূহ
দূৰ কৰিছে। মুদ্ৰাই কেতবোৰ অসুবিধাও সৃষ্টি নকৰাকৈ থকা নাই। বেংকে মুদ্ৰা সৃষ্টি কৰে। বেংকসমূহৰ
WT হ’ল কেন্দ্ৰীয় বেংক। ভাৰতবৰ্ষত ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই হ’ল এই কেন্দ্ৰীয় বেংক। বেংকৰ
শ্ৰেণীবিভাজন আছে। প্রতিবিধ বেংকৰ নিজৰ নিজৰ কাৰ্যাৱলী আছে। বেংক ব্যৱস্থাৰ বাহিৰতো কেতবোৰ
বিত্তীয় প্রতিষ্ঠান আছে। কিছুমান ক্ষেত্ৰত বেংকৰ সৈতে এই প্রতিষ্ঠানবোৰৰ মিল আছে যদিও আন কেতবোৰ
ক্ষেত্ৰত অমিলো আছে।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 45 ---
অতি চমু উত্তৰৰ প্রশ্ন ঃ
>|
R |
9 |
8 |
«|
vl
৭
৮।
বিনিময় প্রথা কি?
মুদ্ৰা কি?
মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা।
অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
প্রতিনিধিত্বমূলক কাগজী মুদ্ৰা কি?
বেংক কি?
ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?
চলিত আমানত কি?
চমু উত্তৰৰ প্রশ্ন ঃ
>|
২।
৩।
৪।
«|
vl
৭
৮।
সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?
মুদ্ৰাৰ তাৰন্য গুণ কি?
‘মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’-- ব্যাখ্যা কৰা।
সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?
আঞ্চলিক গ্রাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?
অনা-বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ?
দীঘল উত্তৰৰ প্রশ্ন ঃ
১।
হব|
৩।
8 |
«|
vl
9
w |
বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।
মুদ্ৰাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা।
মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্রধান কাৰ্য ব্যাখ্যা কৰা।
চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।
মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা।
কেন্দ্ৰীয় বেংকৰ চাৰিটা প্রধান কাৰ্য ব্যাখ্যা কৰা।
বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কাৰ্য ব্যাখ্যা কৰা।
তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা ঃ
(ক) আই ডি বি আই
(A) আঞ্চলিক গ্রাম্য বেংক
(গ) কৃষি আৰু গ্রাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক
(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক।
--- Page 46 ---
ভাৰতবৰ্ষৰ অর্থনৈতিক পৰিকল্পনাসমূহ আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ
উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন
অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা
‘Countries may have a high HDI and be undemocratic,
unequitable and unsustainable-— just as they may have a
low HDI and be relatively democratic, equitable and sus-
tainable.' -Human Development Report, 2010
HDI : Human
Development
Index
২.০১ অর্থনৈতিক বিকাশ বা প্রসাৰতা ঃ
অর্থনৈতিক বিকাশ বা প্রসাৰতা, অর্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়ন এই
ধাৰণাকেইটাৰ অৰ্থ একেটাই নহয়। ধাৰণাকেইটাৰ মাজত পাৰ্থক্য আছে। অর্থনৈতিক
বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। এটা বিত্তীয় বছৰত
(অৰ্থাৎ ১ এপ্ৰিলৰপৰা ৩১ মাৰ্চলৈ) দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্রীৰ
মুদ্ৰাগত মূল্যই হ’ল জাতীয় আয়। এই জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ
--- Page 47 ---
কৰিলে জনমূৰি আয় পোৱা যায়। উন্নত দেশসমূহত জনমূৰি আয় বেছি অনুন্নত
দেশসমূহত কম। আনহাতে, মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ
মানদণ্ড, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজায়।
২.০২ অর্থনৈতিক উন্নয়ন ঃ
অথনৈতিক বিকাশ হ’লেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি। যেতিয়া
বৰ্ধিত জনমূৰি আয়ৰ বৃহৎ অংশটো মুঠ জনসংখ্যাৰ নগণ্য অংশ এটাৰ হাতত কেন্দ্ৰীভূত
হয় আৰু সৰু অংশ এটা জনসংখ্যাৰ বৃহৎ অংশটোলৈ যায় তেতিয়া অর্থনৈতিক বিকাশ
হৈছে বুলি ক’লেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি। অৰ্থাৎ জাতীয় আয়
বৃদ্ধিৰ ফলত চহকী আৰু দুখীয়া শ্ৰেণীৰ মাজত ব্যৱধান বৃদ্ধি হ’লে অর্থনৈতিক বিকাশৰ
ফলত এচাম লোকহে উপকৃত হ’ব আৰু অধিকাংশ লোকেই বিকাশৰ সুফলৰপৰা বঞ্চিত
হ’ব লাগিব। যি অৰ্থনৈতিক বিকাশৰ প্রক্ৰিয়াত জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া
হয় আৰু আয় বিতৰণৰ প্রসংগটোৱে গুৰুত্ব নাপায় সেই বিকাশে প্রকৃততে অর্থনৈতিক
GAINS নুবুজায়। অর্থনৈতিক বিকাশৰ অৰ্থ সীমিত; অর্থনৈতিক উন্নয়নৰ অর্থ বহল।
অৰ্থনৈতিক বিকাশ হ’লেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি কিন্তু অৰ্থনৈতিক
উন্নয়ন হ’ব লাগিলে অর্থনৈতিক বিকাশ হ’ব লাগিব। অর্থনৈতিক বিকাশ অর্থনৈতিক
উন্নয়নৰ অংশ মাত্র।
আয় বিতৰণৰ প্রসংগটোৰ উপৰি আন কাৰণতো জনমূৰি আয় দেশ এখনৰ
অৰ্থনৈতিক উন্নয়নৰ নিৰ্ভৰযোগ্য সূচক হ’ব নোৱাৰে। জাতীয় উৎপাদন বৃদ্ধি যদি বিলাসৰ
সামগ্ৰী, নিচাযুক্ত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে হৈছে অথচ নিত্য ব্যৱহাৰ্য সামগ্ৰী
বৃদ্ধি হোৱা বাবে নহয়, তেনেহ’লে সেই বৃদ্ধি অর্থনৈতিক উন্নয়ন হ'ব নোৱাৰে। ঠিক
সেইদৰে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদৰাজি যদি জধেমধে ব্যৱহাৰ
কৰা হৈছে আৰু তাৰ ফলস্বৰূপে পৰিৱেশ দূষিত হৈছে আৰু দূষিত পৰিৱেশে জনস্বাস্থ্যৰ
প্রতি ভাবুকি কঢ়িয়াই আনিছে তেনেহ’লে তেনে অর্থনৈতিক বিকাশ অর্থনৈতিক উন্নয়ন
হ’ব নোৱাৰে। তদুপৰি সা-সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈয়ো জাতীয় আয়
বৃদ্ধি হ’ব পাৰে। যেতিয়া ae মূল্যবৃদ্ধি হয় তেতিয়া একেখিনি aes মুদ্ৰাগত
মূল্য অধিক হ’ব আৰু জাতীয় আয় বৃদ্ধি হোৱাটো সূচাব। কিন্তু ই অৰ্থনৈতিক উন্নয়নৰ
কথা নুসূচায়।
২.০৩ মানৱ উন্নয়ন 3
অৰ্থনৈতিক উন্নয়নৰ মাপকাঠী হিচাপে কেৱল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্ৰহণযোগ্য নহয়।
ইয়াৰ বিকল্প হিচাপে মানৱ উন্নয়ন সূচাংক নিৰ্ধাৰণ কৰা হৈছে। ১৯৯০ চনত প্রথমখন
মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়। ৰাষ্ট্সংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations
Development Programme বা UNDP) অন্তৰ্গত এই প্রতিবেদন প্রতি বছৰেই প্রকাশ
অথৰনৈতিক উন্নয়ন
--- Page 48 ---
HDI : Human
Development
Index
(statistic) হ’ল
মানৱ উন্নয়ন AOR |
কৰা হয়। এই প্ৰতিবেদনত মানৱ উন্নয়নৰ তিনিটা সূচক উল্লেখ কৰা হৈছে। সংক্ষেপতে
এই সূচককেইটা হ’ল ঃ (১) প্রত্যাশিত আয়ুস, (২) শিক্ষা আৰু (৩) জীৱন-যাত্ৰাৰ মান।
জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই
হ’ব প্রত্যাশিত আয়ুস। এই আয়ুসৰ গড় হিচাপ উলিওৱা হয়। উন্নত দেশত এই আয়ুস
বেছি আৰু অনুন্নত দেশত কম হ’ব। উন্নত দেশত স্বাস্থ্য সেৱা অধিক উন্নত; অনুন্নত
দেশত প্রয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱ হয়। শিক্ষাৰ ক্ষেত্রত প্রাপ্তবয়স্কৰ সাক্ষৰতা আৰু
প্রাথমিক, মাধ্যমিক আৰু অন্যান্য প্ৰশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি
সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয়। অনুন্নত দেশৰ তুলনাত
উন্নত দেশত শিক্ষা ব্যৱস্থা অধিক উন্নত। তৃতীয়টো সূচক জীৱন-যাত্ৰাৰ মান। দৰিদ্ৰতা,
উন্নীতকৰণত বাধাৰ সৃষ্টি কৰে।
বাস্তৱিকততে মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো
বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ
সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। ওপৰত উল্লিখিত তিনিটা সূচক হ’ল এই পছন্দৰ মূল
কথা। মানৱ উন্নয়নৰ মধ্যবিন্দু হ’ল জনসাধাৰণ, কাৰিকৰী সূত্ৰ বা ধাৰণাসমূহ নহয়।
অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য হ’ল এয়ে যে অর্থনৈতিক বিকাশে
কেৱল মাত্ৰ এটা পছন্দৰ উল্লেখ কৰিছে আৰু সেইটো হৈছে আয় কিন্তু মানৱ উন্নয়নৰ
ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই সমষ্টিগত
পছন্দই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে। দেশ
এখনৰ প্রকৃত সম্পদ হ’ল দেশখনৰ জনসাধাৰণ আৰু সেয়ে পণ্য উৎপাদনৰ ওপৰতেই
অধিক গুৰুত্ব প্রদান কৰিলে জনসাধাৰণৰ জীৱন সমৃদ্ধ কৰাৰ লক্ষ্যটো বৈশিষ্ট্যহীন হৈ
পৰিব-_ মানৱ উন্নয়নৰ ধাৰণাটোৱে মানুহৰ সামূহিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক
আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।
উল্লেখযোগ্য যে ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা
নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হ’ল-- (১) বৈষম্য সাপেক্ষ মানৱ উন্নয়ন
সূচকাংক, (২) লিংগ বৈষম্য সূচকাংক আৰু (©) বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক (multi-
dimensional poverty index)| প্ৰথমটো সূচকাংকত মানৱ উন্নয়নৰ প্রভাৱ বিভিন্ন
শ্ৰেণীৰ লোকৰ ওপৰত কিদৰে পৰিছে সেইটো নিৰ্ণয় কৰে। দ্বিতীয়টোৱে মানৱ উন্নয়নৰ
ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্রতিফলিত কৰে। তৃতীয়টো সূচকাংকই
দৰিদ্ৰতাৰ বহুৰূপী চৰিত্র দাঙি ধৰে। এই সূচকাংকই ব্যক্তি, পৰিয়াল আৰু তাতোকৈ
বৃহৎ গোষ্ঠীৰ লোকসকল কিদৰে আৰ্থ-সামাজিক সুবিধাসমূহৰপৰা বঞ্চিত হ’বলগীয়া হয়
তাৰ ইংগিত বহন কৰে। মানৱ দৰিদ্ৰতা সূচকাংক (Human Poverty Index)2 দৰিদ্ৰতাৰ
এনেবোৰ আয়তন বা মাত্ৰা প্ৰতিফলিত নকৰে আৰু গড় ভিত্তিত দৰিদ্ৰতাৰ ছবি এখনহে
সামগ্ৰিকভাৱে দাঙি ধৰে।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 49 ---
২.০৪ অর্থনৈতিক পৰিকল্পনা ঃ
উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অর্থনীতিৰ নিয়ন্তণ আৰু দিগদৰ্শনেই হ’ল
অর্থনৈতিক পৰিকল্পনা। প্রতি পাঁচ বছৰৰ মূৰে মূৰে যুগুত কৰা বাবে আমাৰ দেশৰ
পৰিকল্পনা হ’ল পঞ্চবাৰ্ষিক পৰিকল্পনা। সামগ্ৰিকভাৱে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল
লক্ষ্যসমূহ হৈছে অর্থনৈতিক উন্নয়নৰ হাৰ Peeler কৰা, আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা,
দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা, আঞ্চলিক বৈষম্য আঁতৰ কৰা,
বহনক্ষম উন্নয়ন সুনিশ্চিত কৰা, পৰিৱেশ দূষিতকৰণ ৰোধ কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন
কৰা ইত্যাদি। প্ৰথম পৰিকল্পনাৰ আৰম্ভণিৰেপৰা দ্বাদশ পৰিকল্পনালৈ পৰিকল্পনাৰ লক্ষ্যসমূহ
নিৰ্ধাৰণ কৰা, সেইমতে বিনিয়োগৰ কৌশল উদ্ভাৱন কৰা, বিনিয়োগৰ বাবে সম্পদ
আহৰণৰ উপায়সমূহ নিৰ্ধাৰণ কৰা আৰু কাৰ্যকৰী হোৱা আঁচনিসমূহৰ নিয়মীয়া পুনৰীক্ষণ
আৰু মূল্যায়ন কৰা -- এই আটাইবোৰ কাৰ্য সম্পাদনৰ দায়িত্বত আছিল ভাৰতবৰ্ষৰ
পৰিকল্পনা আয়োগ। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ এখন তালিকা তলত দাঙি
ধৰা হ’ল।
তালিকা ২.১ ঃ ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ (১৯৫১-২০১৭)
KAKAKRAAAR AAA AAA GA
--- Page 50 ---
NITI আয়োগৰ
সমিতিখনৰ গাঁথনি--
অধ্যক্ষ ঃ প্ৰধানমন্ত্ৰী
উপাধ্যক্ষ £ প্ৰধানমন্ত্ৰীৰ
দ্বাৰা Fae
পূৰ্ণকালীন সদস্য ঃ
তিনিজন বিশেষজ্ঞ।
২.০৫ নিটি (NITI) আয়োগ 3
২০১৪ চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI
আয়োগ গঠন কৰিছে। NITI আয়োগ হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান
(National Institution for Transforming India Aayog or NITI) | প্ৰধানমন্ত্ৰীয়ে
২০১৪ চনত দেশবাসীক Cony দিয়া স্বাধীনতা দিৱসৰ ভাষণত এই সিদ্ধান্ত ঘোষণা
কৰিছিল। ২০১৫ চনৰ ১ জানুৱাৰীৰ দিনা পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ
গঠন কৰা হ’ল বুলি ঘোষণা কৰা হয়। ৮ ফেব্ৰুৱাৰী ২০১৫ চনৰ দিনা NITI আয়োগৰ
প্রথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। NITI আয়োগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্ৰী। আয়োগৰ
অন্যান্য সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসল আৰু কেন্দ্রীয় শাসিত
অঞ্চলৰ উপ-ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু
বিশেষজ্ঞসকল।
২.০৬ গণতান্ত্ৰিক পৰিকল্পনা ঃ
যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়
সেই পৰিকল্পনাই হ’ল গণতান্ত্ৰিক পৰিকল্পনা। এই পৰিকল্পনাত সিদ্ধান্তসমূহ ওপৰৰপৰা
জাপি দিয়া নহয়। এই পৰিকল্পনা ক্ষমতাৰ বিকেন্দ্ৰ'কৰণৰ সৈতে জড়িত। ভাৰতীয় প্ৰশাসন
(যেনে পঞ্চায়ত আৰু নগৰ পালিকা)-- এই তিনিওটা স্তৰতেই আলাপ-আলোচনাৰ
মাজেৰে পৰিকল্পিত উন্নয়নৰ লক্ষ্যসমূহ নিৰ্ধাৰণ আৰু আঁচনিসমূহ চিনাক্ত কৰা হয়। এই
তিনিওটা পৰ্যায়ত ৰাইজৰ প্ৰতিনিধিসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া হয়।
প্রশাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পৰ্যায়তো ৰাইজৰ প্ৰতিনিধিসকল স্থানীয় অভাৱ-
অভিযোগৰ ভিত্তিত পৰিকল্পনা যুগুতকৰণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ পৰে বাবে এই
পৰিকল্পনাৰ তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বুলি অভিহিত কৰিব পাৰি।
২.০৭ ভাৰতবৰ্ষৰ অর্থনৈতিক পৰিকল্পনা ঃ
ছয় দশকতকৈ অধিক সময় সামৰি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক
উন্নয়নৰ ব্যাখ্যা দুটা ভাগত আগবঢ়াব পাৰি ঃ প্রথমে ১৯৫০-৫১ চনৰপৰা ১৯৯০-৯১
চনলৈ আৰু দ্বিতীয়তে ১৯৯১-৯২ চনৰপৰা বৰর্তমানলৈ।
১৯৫০-৫১ চনৰপৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ
গুৰিবঠা ধৰিছিল ৰাজহুৱা খণ্ডই; ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। উল্লেখযোগ্য যে
গুৰিৰেপৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে fifties আৰ্থিক ব্যৱস্থা। যি আৰ্থিক ব্যৱস্থাত
ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্যৱস্থাই
হ’ল মিশ্ৰিত আৰ্থিক ব্যৱস্থা। ভাৰতীয় পৰিকল্পনাৰ প্রথমছোৱা সময়ত ৰাজহুৱা খণ্ডৰ
তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতবৰ্ষৰ ওদ্যোগিক নীতিয়ে সমাজবাদী
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 51 ---
সমাজ (Socialistic pattern of society) প্রতিষ্ঠা কৰাটো এক প্রধান লক্ষ্য হিচাপে
গ্ৰহণ কৰিছিল। স্বাভাৱিকতেই অর্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্রাধান্য লাভ কৰিছিল।
এই সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্যসমূহ আছিল ঃ (>) অর্থনৈতিক
উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা, (২) আধুনিক প্রযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰত্ব প্ৰদান
কৰা, (৩) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু (৪) সামাজিক ন্যায় প্রতিষ্ঠা কৰা। দুবাৰকৈ
সীমান্তত সংঘটিত হোৱা যুদ্ধ (১৯৬১-৬২ চনত চীন দেশৰ সৈতে আৰু ১৯৬৫ চনত
পৰিৱৰ্তনৰ ফলত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হাৰ আশানুৰূপ নহ’ল। এই সময়ছোৱাত
ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত ৩.৫ শতাংশহে আছিল। অৱশ্যে জাতীয়
উৎপাদনলৈ সেৱা খণ্ড (বেংক, বীমা, পৰিবহন, ব্যৱসায় ইত্যাদি)ৰ বৰঙণি বৃদ্ধি হ’ল।
এই বৰঙণিৰ পৰিমাণ ১৯৫০-৫১ চনৰ ২৮ শতাংশৰপৰা ১৯৯০-৯১ চনত ৪০.৫ শতাংশ
হ’লগৈ। অৰ্থাৎ কৃষিৰ ওপৰত নিৰ্ভৰশীলতা কিছু পৰিমাণে হাস হ’ল। এই সময়ছোৱাত
কৃষিৰ বৰঙণি ৫৯ শতাংশৰপৰা ৩৪.৯ শতাংশলৈ কমি আহিল। ষাঠি দশকৰ মাজভাগত
ভাৰতবৰ্ষত সেউজ বিপ্লৱ (Green ]২০%010001})ৰ সূচনা কৰা হয়। আধুনিক প্রযুক্তিবিদ্যা
প্রয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লৱ। অৱশ্যে এই
বিপ্লৱৰ প্রভাৱ কেইখনমান ৰাজ্য (পঞ্জাব, হাৰিয়ানা) আৰু কেইবিধমান শস্য (ধান আৰু
ঘেঁহু:তেই সীমাবদ্ধ আছিল।
ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছোৱাই ১৯৯১-৯২ চনৰপৰা
বৰ্তমানলৈ সামৰি লৈছে। মন কৰিবলগীয়া যে এই সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ এক
গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হ’ল। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা
বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ$স পালে। এই তাৎপৰ্যপূৰ্ণ
পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ আছে। প্রথম, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয়
বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত
চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান
ভৰিবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪টা ৰাজহুৱা খণ্ডৰ লোকচান ভৰা
উদ্যোগৰ ভিতৰত ৫৮ টাই ৰুগ্ন হৈ পৰিছিল। দ্বিতীয়তে, প্রধানকৈ সীমিত উৎপাদনৰ
ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা AAAS নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ
দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিছিল। তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ
বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ
মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰপৰা মূলধনৰ বহিৰ্গমণ
হৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ
পৰিছিল। এনে এক দূুৰ্যোগপূৰ্ণ সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয়
অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ'ব লাগে। এনে এক পটভূমিতেই সেই সময়ত পি
ভি নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন
অথৰনৈতিক উন্নয়ন
--- Page 52 ---
কৰিলে। এই SAI উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ
কাৰ্যসূচীক উদ্গনি যোগাইছিল।
অর্থনৈতিক সংস্কাৰৰ অংশ হিচাপে যিবোৰ কাৰ্যসূচী এতিয়ালৈ চৰকাৰে গ্রহণ
কৰিছে সেইবোৰৰপৰা কিছু সুফল নাই পোৱা বুলি ক’লে ভুল কৰা হ’ব। প্রথম, অৰ্থনৈতিক
উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। প্রকৃততে ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত বাৰ্ষিক
উন্নয়নৰ হাৰ আছিল যথাক্ৰমে ৯.৫ শতাংশ, ৯.৭ শতাংশ আৰু ৯.২ শতাংশ। ১৯৫১
চনৰেপৰা এতিয়ালৈকে ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ হাৰে পূৰ্বে এই উচ্চতা স্পৰ্শ কৰিব
পৰা নাছিল। ২০০৯-১০ চনৰপৰা ২০১২-১৩ চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়নৰ হাৰ
আছিল ৬.৭ শতাংশ। শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি ২০১৩-১৪ চনত বাৰ্ষিক
উন্নয়নৰ হাৰ আছিল ৭.২ শতাংশ।
দ্বিতীয়তে, পাইকাৰি মূল্যসূচী পূৰ্বৰ তুলনাত হাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী
সেই একে হাৰত কমি অহা নাই।
তৃতীয়তে, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক
বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পৰিমাণ বৰ্তমান (জুলাই, ২০১৫) ৩২৮.৭
বিলিয়ন (১ বিলিয়ন = ১০০ কোটি বা ১০০০ নিযুত) ডলাৰ হৈছে। এই জমাৰ পৰিমাণে
ভাৰতবৰ্ষৰ অহা ৭ মাহৰ আমদানিৰ মূল্য সামৰি ল’ব। উল্লেখযোগ্য যে ১৯৯০-৯১ চনৰ
ৰিজাৰ্ভ APS জমা থকা এনে মুদ্ৰা মাত্ৰ ১৫ দিনৰ আমদানিৰ বাবেহে যথেষ্ট আছিল।
অৰ্থনৈতিক সংস্কাৰ SAA কেতবোৰ সমস্যাৰে সৃষ্টি নকৰাকৈ থকা নাই।
প্রথম, এই সংস্কাৰ নীতিয়ে প্রতিযোগিতাৰ প্রসাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে।
বিভিন্ন ধৰণৰ সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে। এই প্রতিযোগিতা সুস্থ হ’ব লাগিলে
জনসাধাৰণৰ FI ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ’ব লাগিব। দ্বিতীয়তে, পণ্যৰ প্রতি অত্যধিক
UPPER ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্রতি এক ভাবুকি হ’ব
পাৰে। তৃতীয়তে, গোলকীকৰণৰ ফলত দেশখনে বা সমূহ জনসাধাৰণে নিজৰ পৰিচয়
হেৰুৱাব নালাগিব। চতুৰ্থতে, বজাৰকেন্দ্ৰিক অৰ্থনীতিয়ে যাতে দৰিদ্ৰসকলক বঞ্চিত কৰিব
নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ হ’লে সুপ্ৰশাসন ব্যৱস্থা এটা বাহাল থকাটো
প্রয়োজনীয় ইতিমধ্যে বেংকত হিচাপ খোলাৰ যি সহজ ব্যৱস্থা প্রৱৰ্তন কৰা হৈছে তাৰ
ফলত বহুসংখ্যক ভাৰতীয় নাগৰিক বেংকৰ আওতাৰ ভিতৰলৈ আহিব পাৰিছে। এনে
ব্যৱস্থাই বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব পাৰিব। অন্তৰ্ভুক্তিকৰণ হ’ল
এটা প্রক্ৰিয়া য’ত অর্থনৈতিক উন্নয়নৰ সুফলবোৰৰপৰা সমাজৰ কোনো শ্রেণীৰ লোক
যাতে বাহিৰত নাথাকে সেইটো সুনিশ্চিত কৰা।
২.০৮ উদাৰীকৰণ ঃ
দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্তৰ শিথিলকৰণ হ’ল উদাৰীকৰণ।
১৯৯১ চনৰ পূৰ্বে ওদ্যোগিক খণ্ড, বিত্তীয় খণ্ড, বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ,
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 53 ---
বাণিজ্য আৰু বিনিয়োগ খণ্ডত TES এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অনুজ্ঞাপত্ৰ
নীতিয়ে উদ্যোগ জগতখনত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সুনিশ্চিত কৰিছিল। অর্থনৈতিক সংস্কাৰ
কাৰ্যসূচী ৰূপায়ণ কৰাৰেপৰা সুৰা, চিগাৰেট, বিপদযুক্ত ৰাসায়নিক দ্রব্য, Scaife
বিস্ফোৰক, বৈদ্যুতিক সা-সৰঞ্জাম, ওষধ আদি কেইবিধমান দ্রব্যৰ বাহিৰে বাকীবোৰৰ
ক্ষেত্ৰত নিয়ন্ত্ৰণ তুলি দিয়া হ’ল। প্রতিৰক্ষা, আণৱিক শক্তি উৎপাদন আৰু ৰেল পৰিবহণ
ব্যৱস্থা ৰাজহুৱা খণ্ডৰ বাবে এতিয়াও সংৰক্ষিত হৈ আছে।
ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য
মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ’ল বিত্তীয় খণ্ড। উদাৰীকৰণ নীতি এই খণ্ডলৈকো সম্প্ৰসাৰিত
হৈছে। ইয়াৰ ফল স্বৰূপেই ভাৰতীয় বেংক খণ্ডলৈ বৈদেশিক বেংকৰ আগমনত অনুমতি
দিয়া হৈছে।
২.০৯ ব্যক্তিগতকৰণ ঃ
চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ
মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ। ১৯৯১ চনৰ নতুন ওদ্যোগিক নীতিয়ে
ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই
ব্যক্তিগতকৰণ নীতি প্রৱৰ্তন কৰা Val শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্ৰী, বেংক ব্যৱস্থা
আদিৰ ক্ষেত্রত ব্যক্তিগতকৰণৰ প্রভাৱ লক্ষণীয়। ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ হ’ল
নিৰ্বিনিয়োজন নীতি। চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্ৰ (share) যেতিয়া কোনো ব্যক্তিক
কিনিবলৈ অনুমতি দিয়া হয় তেতিয়া নিৰ্বিনিয়োজন কাৰ্যকৰী হয়। অৰ্থাৎ প্রতিষ্ঠানটোৰ
সমগ্ৰ মূলধন চৰকাৰৰপৰা সংগ্ৰহ নকৰি কিছু ব্যক্তিগত খণ্ডৰপৰাও সংগ্ৰহ কৰা হয়।
২.১০ গোলকীকৰণ বা বিশ্বায়ন ঃ
দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অর্থনীতিৰ সংযোগ স্থাপন
বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন। গোলকীকৰণক উদাৰীকৰণ
আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিও ক’ব পাৰি। যিখন দেশ বা ৰাষ্ট্ৰই পৃথিৱীৰ অন্যান্য
দেশৰ সৈতে সংযোগ স্থাপনৰ প্রতি আগ্ৰহী নহয়, সেইখন ৰাষ্ট্ৰই অন্তৰ্মুখী নীতি অৱলম্বন
কৰা বুলি ক’ব লাগিব। এই নীতিটোক অর্থনৈতিক বহিৰ্বাণিজ্যহীনতা (Economic
isolationism বা autarky) বুলিও কোৱা হয়। গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত
থকা দূৰত্ব হাস হয় আৰু এক সীমান্তৰহিত fe (borderless স্0110)ৰ দিশে ৰাষ্টিসমূহ
ধাৱমান হয়। প্রযুক্তিবিদ্যাৰ (বিশেষকৈ ইণ্টাৰনেট) ক্ৰমবৰ্ধমান ব্যৱহাৰে গোলকীকৰণৰ
প্রক্রিয়া অধিক খৰতকীয়া কৰি তুলিছে। বহিৰ্মুখিতাই প্রতিযোগিতাৰ বাতাবৰণ সৃষ্টি কৰে।
এই বাতাবৰণত গ্ৰাহক আৰু উৎপাদক এই দুয়োটা শ্ৰেণী লাভৱান হয়।
গোলীকৰণৰপৰা ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্রতি ভাবুকি আহিব নালাগিব। গোলকীকৰণৰ
প্রক্ৰিয়াত সোমাই পৰি কোনো দেশেই নিজৰ অৰ্থনৈতিক ক্ষমতাৰ লগতে ভাষা-সাহিত্য,
অথৰনৈতিক উন্নয়ন
--- Page 54 ---
সংস্কৃতি বিসৰ্জন দিয়াটো বাঞ্ছনীয় হ’ব নোৱাৰে। ৰাষ্ট্ৰীয় স্বাৰ্থ অক্ষুণ্ণ ৰখি গোলকীকৰণৰ
সুফলবোৰ লাভ কৰিব পৰা যায়।
২.১১ 3 অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা (২০১২-২০১৭)
আমি ইতিমধ্যে পাই আহিছে যে নতুন কেন্দ্ৰীয় চৰকাৰ শাসনলৈ অহাৰ পিছত
পৰিকল্পনাৰ সমগ্র ধাৰণাটোৱেই এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। চলিত
পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্রায় মাজভাগতেই এই পৰিৱৰ্তন আহি পৰিল। পৰিকল্পনা
আয়োগৰ বিলুপ্তি ঘটিল। NITI আয়োগে পৰিকল্পনা আয়োগৰ স্থান ল’লে।
এই পৰিৱৰ্তনৰ পটভূমিতেই অসমৰ চলিত অৰ্থাৎ দ্বাদশ পৰিকল্পনাৰ লক্ষ্যসমূহ
আৰু অগ্রাধিকাৰৰ ব্যাখ্যা কৰিব লাগিব। অসমৰ চলিত পৰিকল্পনাৰ লক্ষ্যসমূহ হ’ল ঃ
S| দেশৰ উন্নতি উন্নত ৰাজ্যসমূহৰ সম-পৰ্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ
ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা;
২৷ দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ;
ol শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু
গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা;
৪। কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ৰপৰা ৮ শতাংশলৈ বৃদ্ধি;
৫৷। শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহণ আৰু
বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্রয়োগ কৰা;
৬। অসমৰ মানৱ উন্নয়ন সূচকাংকৰ (HDI) মান উৰ্ধ্বগামী কৰা আৰু সেই উদ্দেশ্যে
স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা যাতে শিক্ষাৰ গুণগত মান
বৃদ্ধি কৰাত আৰু শিক্ষক প্ৰশিক্ষণৰ বাবে পুঁজিৰ অভাৱ নহয়;
৭। দক্ষতা বৃদ্ধিৰ আঁচনিৰ জৰিয়তে স্ব-নিয়োগৰ বাট মুকলি কৰা আৰু সেই মৰ্মে
অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু গাঁও অঞ্চলৰ পৰম্পৰাগত কুটিৰ
শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা;
vl জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা আৰু
>| ৰাজ্য চৰকাৰ, পঞ্চায়ত, নগৰীয়া নিকায়, জিলা পৰিষদ আৰু জনজাতি উন্নয়ন
পৰিষদসমূহত সুপ্রশাসন ব্যৱস্থা নিশ্চিত কৰিবলৈ কেতবোৰ আঁচনি গ্রহণ কৰা।
চলিত পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হৈছে গ্রাম্য অর্থনীতিৰ উন্নয়ন।
এই উন্নয়নে কৃষি আৰু আনুষংগিক খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, হস্ততাত আৰু
কুটিৰ শিল্পক সামৰি ল’ব আৰু নগৰ আৰু গাঁৱৰ মাজত থকা বৈষম্য দূৰীকৰণত সহায়
কৰিব পাৰিব।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 55 ---
ভব
অর্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়নৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। ১৯৯০ চনত
প্রথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্রকাশ হয়। ভাৰতবৰ্ষই অর্থনৈতিক উন্নয়নৰ পথ সুগম কৰি তুলিবলৈ
অৰ্থনৈতিক পৰিকল্পনাৰ আশ্রয় লৈছে। ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত ৰাজহুৱা খণ্ডই অগ্ৰণী ভূমিকা লৈছিল।
১৯৯১ চনৰপৰা বৰ্তমানলৈকে অর্থনৈতিক সংস্কাৰে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা
বিশ্বায়মৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছে। ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ বিলুপ্ডি ঘটিছে। NITI
আয়োগে পৰিকল্পনা আয়োগৰ স্থান লৈছে। এই পৰিৱৰ্তিত পৰিস্থিতিৰ পটভূমিতেই অসমৰ চলিত পৰিকল্পনা
অৰ্থাৎ দ্বাদশ পৰিকল্পনাৰ প্রায় মাজভাগতেই পৰিকল্পনাৰ লক্ষ্যসমূহ বিবেচনা কৰি চাব লাগিব।
অতি চমু উত্তৰৰ প্ৰশ্ন ঃ
>|
ব্যাখ্যা কৰা (এটা বাক্যত)
(ক) অৰ্থনৈতিক বিকাশ (খ) অৰ্থনৈতিক উন্নয়ন
(গ) মানৱ উন্নয়ন (ঘ) অর্থনৈতিক পৰিকল্পনা
(৬) গণতান্ত্ৰিক পৰিকল্পনা (চ) উদাৰীকৰণ
(ছ) ব্যক্তিগতকৰণ (জ) গোলকীকৰণ বা বিশ্বায়ন
চমু উত্তৰৰ প্রশ্ন ঃ
হ।
৩।
8 |
«|
ঙ৬।
অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পাৰ্থক্য উল্লেখ কৰা।
সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?
ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
NITI আয়োগৰ সদস্যসকল কোন কোন?
দীঘল উত্তৰৰ প্রশ্ন 3
QI
|
|
30 |
১১।
ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্রথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰপৰা
বৰ্তমানলৈ)ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা।
ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্রৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
অৰ্থনৈতিক সংস্কাৰ প্রৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।
--- Page 56 ---
আমাৰ অধিকাৰ আমাৰ দায়িত্ব
জয়ন্ত মাধৱ বৰা
আমাৰ অধিকাৰ
“জীৱনত যদি সফল হ’ব খুজিছা, সময়ৰ অপব্যয় নকৰিবা। কাৰণ সময়েই জীৱন গঢ়ে।
উন্নতি কৰিবলৈ এগৰাকী শিশু হিচাপে তোমালোকৰনো কি কি অধিকাৰ আছে, সেই অনুসৰি
সমাজৰ প্রতি, দেশৰ প্রতি তোমালোকৰ দায়িত্বনো কি কি আছে সেইবোৰো জানিব লাগে।”--
প্লাৰ্থণা সভা শেষ হোৱাৰ পিছতেই শৰ্মা চাৰে সদায় ছাত্ৰ-ছাত্ৰীসকলে জানিবলগীয়া কিছুমান
কথা কয়। আজি যেতিয়া ছাত্র-ছাত্বীসকলৰ অধিকাৰৰ কথা ক’লে, সকলো ছাত্ৰ-ছাত্ৰী উৎসুক
হৈ পৰিল জানিবলৈ |
‘প্রথমতে মই তোমালোকৰ কি কি অধিকাৰ আছে সেই বিষয়ে কৈ লওঁ। তলশ্ৰেণীৰ
ছাত্ৰ-ছাত্ৰীসকলে বুজি নেপালে ওপৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে কথাবোৰ বুজাই দিবা ৷” এইবুলি
কৈয়েই শৰ্মা চাৰে কৈ গ’ল — “ৰাষ্টসংঘই ১৯৫৯ চনত “শিশুৰ অধিকাৰ” আঁচনি গ্রহণ
কৰে। ভাৰতবৰ্ষই ১৯৭৪ চনত “শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি” প্রৱৰ্তন কৰে আৰু ১৯৯২ চনৰ
১১ ডিচেম্বৰত “শিশুৰ অধিকাৰ আইন” গ্ৰহণ কৰে। ১৮বছৰ বয়সৰ সকলো শিশুৰে শাৰীৰিক,
বৌদ্ধিক আৰু মানসিক পৰিপুষ্টি আৰু বিকাশৰ বাবে চেষ্টা কৰাটো সকলো অভিভাৱক আৰু
নাগৰিকৰ প্ৰাথমিক দায়িত্ব ৷ ৰাজ্য চৰকাৰসমূহে শিশুৰ অধিকাৰসমূহ সুৰক্ষিত হোৱাটো নিশ্চিত
কৰিব। সেই অনুসৰি তোমালোকৰ প্ৰথম অধিকাৰটোৱেই হৈছে সন্মান আৰু প্রকাশৰ অধিকাৰ।
প্রতিজন নাগৰিকেই ইজনে সিজনক সন্মান কৰাৰ দৰে শিশুসকলৰো তেনেকুৱা সন্মান পোৱাৰ
অধিকাৰ আছে। আমাৰ সংবিধানে যে কিছুমান অধিকাৰ শিশুসকলকো দি থৈছে সেই সম্পৰ্কেও
শিশুসকলে জনাৰ অধিকাৰ আছে। সেইকাৰণেই আজি মই তোমালোকক তোমালোকৰ অধিকাৰ
সম্পৰ্কে জ্ঞাত কৰিছোঁ। এগৰাকী শিশু কোন আৰু ক’ত থাকে, তেওঁৰ মাক-দেউতাকে কি
কাম কৰে, কথা কওঁতে কি ভাষা ব্যৱহাৰ কৰে, কি ধৰ্মক বিশ্বাস কৰে, শিশুগৰাকী ল’ৰা নে
ছোৱালী, কি সংস্কাৰ আৰু সংস্কৃতি প্ৰদৰ্শন কৰে, শিশুগৰাকী বিশেষভাৱে সক্ষম নে ধনী ঘৰৰ
নে দুখীয়া ঘৰৰ, সেইবোৰ সামান্যতমেো বিচাৰ্য নকৰি সকলো শিশুৱে সমব্যৱহাৰ পোৱাৰ
অধিকাৰ আছে। এগৰাকী শিশুৱে তেওঁৰ মনৰ ভাব মুক্তভাৱে প্রকাশ কৰাৰ অধিকাৰ আছে
আৰু শিশুসকলৰ সেই মতামত গুৰুত্বসহকাৰে বিবেচনা কৰাটো ডাঙৰসকলৰ দায়িত্ব ।
শ্ৰেণীকোঠাত যিকোনো প্রশ্ন সোধাৰ অধিকাৰ প্রতিজন ছাত্ৰ-ছাত্ৰীৰে আছে। প্রতিগৰাকী শিশুৰে
উপযুক্ত শিক্ষা লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু শিশুসকলক বিদ্যালয়লৈ যাবলৈ উদগনি
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 57 ---
যোগোৱাটো প্রতিজন নাগৰিকৰে দায়িত্ব আৰু কৰ্তব্য। প্ৰতিগৰাকী শিশুৰে সু-স্বাস্থ্যৰ বাবে
সকলো সুবিধা পোৱাৰ অধিকাৰ আছে আৰু সেইটো নিশ্চিত কৰাটো ডাঙৰসকলৰ দায়িত্ব।
প্রতিগৰাকী শিশুৱে পুষ্টিকৰ খাদ্য খাবলৈ পাব লাগিব, খেলা-ধূলা কৰিবলৈ পাব লাগিব আৰু
সেই পৰিমাণে জিৰণি ল’বলৈও পাব লাগিব। এয়া শিশুৰ অধিকাৰ তদুপৰি প্ৰতিগৰাকী শিশুৰে
বিশুদ্ধ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ আছে আৰু সেই পৰিৱেশ প্ৰদূষিত কৰাৰ অধিকাৰ
ডাঙৰসকলৰ NS | কোনো শিশুৱেই যৌন-আতিশয্যৰ বলি হ’ব নোৱাৰিব, বিদ্যালয়ত শিক্ষকৰ
দ্বাৰাও আৰু ঘৰুৱা পৰিৱেশত সম্পৰ্কীয় লোকৰ দ্বাৰাও। সকলোৰে পৰা যত্ন আৰু আদৰ
পোৱাটো তেওঁলোকৰ অধিকাৰ। সেইদৰে বয়সিয়াল কোনো লোকে কোনো শিশুক অসৎ
মনোভাবেৰে স্পৰ্শ কৰিব নোৱাৰিব। মাক-দেউতাক, ভাই-ভনী সহিতে এটা সুৰক্ষিত আৰু
স্বাচ্ছন্দ্যময় ঘৰুৱা পৰিৱেশ পোৱাটো সকলো শিশুৰে অধিকাৰ। সেইদৰে এক হিংসামুক্ত
সামাজিকপৰিৱেশ পোৱাটোও সকলো শিশুৰে অধিকাৰ | কোনো শিশুকে আৰ্থিকভাৱে শোষণ
জুলুম কৰি শিশুৰ ইচ্ছাৰ বিৰুদ্ধে কামত নিয়োগ কৰিব নোৱাৰিব। বাল্যকালতে অৰ্থাৎ ১৮
বছৰ নৌহওঁতেই কোনো ছোৱালীকে বিয়া দিব নোৱাৰিব। বিয়া দিয়াজনো অপৰাধী, বিয়া
কৰিবলৈ অহাজনো অপৰাধী।”
সকলো ছাত্ৰ-ছাত্ৰী অভিভূত হৈ পৰিল। সমাজত মানে তেওঁলোকৰো এক গুৰুত্বপূৰ্ণ স্থান
আছে? সেইকাৰণেই সভাই সমিতিয়ে কোৱা শুনে — আজিৰ শিশু, কাইলৈ দেশৰ WHATS |
শৰ্মা চাৰে আকৌ ক’লে -- “এইবিলাক আমাৰ সংবিধানে শিশুসকলক মানে তোমালোকক
দিয়া৷ অধিকাৰ আৰু এই অধিকাৰ তোমালোকে যাতে লাভ কৰা সেইটো চোৱা-চিতা কৰা
দায়িত্ব তোমালোকৰো আছে, বয়সস্থসকলৰো আছে। নাগৰিকৰ অধিকাৰসমূহ সুৰক্ষিত কৰি
ৰাখি আমাৰ ৰাজ্যখন, আমাৰ দেশখন উন্নতিৰ পথত নিয়াৰিকৈ শাসন কৰিবলৈ যেনেদৰে
আমি নিৰ্বাচিত কৰি পঠিওৱা প্রতিনিধিৰে বিধান সভা গঠন কৰা হয়, লোক সভা, ৰাজ্য সভা
গঠন কৰা হয়, একেদৰে তোমালোকৰ অধিকাৰসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ বিদ্যালয়তো
আমাৰ বিধান সভাৰ আৰ্হিত এখন ছাত্ৰ একতা সভা গঠন হোৱাটো তোমালোকে বিচৰা নেকি?”
কথাখিনি কৈয়েই শৰ্মা চাৰে সকলো ছাত্ৰ-ছাত্ৰীৰ মুখলৈ চালে | ছাত্ৰ-ছাত্ৰীসকলে ইজনে
সিজনৰ মুখলৈ চাইছে। কিছুমানে তলমূৰ কৰিছে। তাকে দেখি শৰ্মা চাৰে মিচিকিয়াই হাঁহিলে
— “অলপ আগতে ক’লো এগৰাকী শিশুৱে তেওঁৰ মনৰ ভাব মুক্তভাৱে প্রকাশ কৰাৰ অধিকাৰ
আছে আৰু ডাঙৰসকলৰ দায়িত্ব শিশুসকলৰ সেই মতামত গুৰন্্বসহকাৰে বিবেচনা কৰাৰ।
শ্ৰেণীকোঠাত যিকোনো প্রশ্ন সোধাৰ অধিকাৰ প্রতিজন ছাত্ৰ-ছাত্ৰীৰে আছে। অথচ এতিয়া
তোমালোকেই তোমালোকৰ মতামত জনাবলৈ দ্বিধাবোধ কৰিছা। তোমালোকৰ অধিকাৰ
তোমালোকে নিজেই সাব্যস্ত কৰা নাই।” লগে লগে প্রেৰণা নামৰ দশম শ্ৰেণীত পঢ়ি থকা
ছাত্ৰীগৰাকী থিয় হৈ ক’লে --- “চাৰ, আমিও বিচাৰে আমাৰ বিদ্যালয়তো বিধান সভাৰ আৰ্হিত
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন ছাত্ৰ একতা সভা গঠন হওঁক আৰু সেই প্রতিনিধিসকলক আমাৰ
বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলেই নিৰ্বাচিত কৰক। ডাঙৰসকলে যেনেদৰে ভোটদান সাব্যস্ত কৰে,
আমিও তেনেদৰেই আমাৰ প্রতিনিধি নিৰ্বাচিত কৰিব বিচাৰোঁ। আমিও সেই প্ৰক্ৰিয়াটো শিকিব
ঃ বৰ ভাল কথা | “আমি বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষৰ নাগৰিক। গণতান্ত্রিক
অথৰনৈতিক উন্নয়ন
--- Page 58 ---
ব্যৱস্থাবোৰৰ বিষয়ে আমি সৰুৰে পৰাই জানিব লাগে। তোমালোকৰ মতামতসমূহ মই প্রধান
শিক্ষক মহোদয়ক অৱগত কৰাম আৰু সেইমতে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ অনুৰোধ জনাম। —
শৰ্মা চাৰে ক’লে শৰ্মা চাৰৰ কথা শুনি ছাত্র-ছাত্ৰীসকল বৰ আনন্দিত হ’ল।
আমাৰ দায়িত্ব
বিদ্যালয়খনত আজি উখল-মাখল পৰিৱেশ ৷ বহু বছৰৰ মূৰত শৰ্মা চাৰৰ উদ্যোগত বিদ্যালয়ত
ৰাজ্যৰ বিধান সভাৰ TAS ছাত্ৰ একতা সভাখন গঠন হৈছে। ভাৰতবৰ্ষৰ নিচিনা বিশ্বৰ বৃহত্তম
গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচন প্রক্ৰিয়া কেনেকৈ অনুষ্ঠিত হয় সেই বিষয়ে ছাত্ৰ-ছাত্ৰীক জনাবৰ
বাবেই, বুজাবৰ বাবেই শৰ্মা চাৰে এটা ই ভি এম (ইলেক্ট্ৰনিক ভোটিং মেশ্বিন) প্রস্তুত কৰি
উলিয়াইছিল। নিৰ্বাচনটো সুকলমে পৰিচালনা কৰিবৰ নিমিত্তে এখন নিয়মাৱলীও প্রস্তুত কৰি
উলিয়াইছিল। নিয়মাৱলী অনুসৰিয়েই বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ মুখ্যমন্ত্ৰী, সাংস্কৃতিক
নিৰ্বাচিত কৰিলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ নিৰ্বাচনত জয়লাভ কৰা ছাত্ৰর-ছাত্ৰীকেইজনে
আজি সকলোৰে সন্মুখত শপতগ্ৰহণ কৰিব। এনেদৰে নিৰ্বাচনী প্রক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ
পাই ছাত্ৰর-ছাত্ৰীবোৰৰ মনত অপাৰ আনন্দ৷
যথাসময়ত বিদ্যালয়ৰ বাৰান্দাত নিৰ্বাচনত জয়লাভ কৰা ছাত্ৰ-ছাত্ৰীকেইজন থিয় হ’ল
আৰু সকলোৰে সন্মুখত আটাইকেইজনে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে শৰ্মা চাৰে
শিকাই দিয়া মতেই শপতগ্ৰহণ কৰিলে। তাৰপিছত শৰ্মা চাৰে সকলোকে উদ্দেশ্য কৰি ক’লে
— “বিদ্যালয়ৰ ছাত্ৰ একতা সভাখন গঠন কৰিলা। কেইজনমান ছাত্ৰ-ছাত্ৰী TANS হ’ল।
এইখিনিতেই আমাৰ দায়িত্ব শেষ নে বাৰু? ছাত্ৰ একতা সভাৰ মুখ্যমন্ত্ৰী, সাংস্কৃতিক বিভাগৰ
মন্ত্ৰী, আইনমন্ত্ৰী, বনমন্ত্ৰী, পৰিবহণমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, এইসকলৰ দায়িত্ব কি জানানে?”
ছাত্ৰ-ছাত্ৰীৰ লগতে নতুনকৈ মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীকেইজনেও ইজনে
সিজনৰ মুখলৈ চালে--- অৰ্থাৎ তেওঁলোকে নাজানে। শৰ্মা চাৰে ক’লে --“বিদ্যালয়লৈ আহি
তোমালোকে কেৱল পাঠ্যপুথিৰ জ্ঞান আহৰণ কৰিলেই নহ’ব। শিক্ষাৰ যোগেদি তোমালোকে
বিজ্ঞানসন্মত দৃষ্টিভংগীৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণ, পৰিৱেশ চেতনা, গণতান্ত্ৰিক
চেতনা, বিশ্বভাতৃত্ববোধ, আদি বৌদ্ধিক প্রমূল্যসমূহো আহৰণ কৰিব লাগিব৷ ছাত্ৰ একতা সভাখন
গঠন কৰিবলৈ তোমালোকে যেনেকৈ ভোটদান সাব্যস্ত কৰিলা, তেনেকৈ আমাৰ দেশখন
সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবেও ভোটদানৰ জৰিয়তে আমাৰ প্রতিনিধি নিৰ্বাচন কৰি
পঠিয়াওঁ। ভোটদান AAC দৰাচলতে আমাৰ মত প্রকাশৰ এটা গণতান্ত্ৰিক ব্যৱস্থা। এই
গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে আমি নিৰ্বাচিত কৰি পঠিওৱা জনপ্ৰতিনিধিয়ে ভাৰতবৰ্ষৰ সংবিধান
অনুসৰি আমাৰ দেশখনক শাসন কৰে। বাৰু, তোমালোকে আমাৰ সংবিধানৰ প্রস্তাৱনাসমূহৰ
বিষয়ে অধ্যয়ন কৰিছানে?”
ছাত্ৰ-ছাত্ৰীসকলে আকৌ ইজনে সিজনৰ মুখলৈ চালে। তেওঁলোকে যে নেজানে, সেই
কথা মুখমণ্ডলত প্রকাশ পাইছে। শৰ্মা চাৰে ক’লে--- “‘নজনাটো একো ডাঙৰ কথা নহয় কিন্তু
আমাৰ সংবিধানখনৰ বিষয়ে সম্যক ধাৰণা থকাটো খুব প্রয়োজনীয়। আমাৰ দেশখন সৰ্বোচ্চ
সমাজতন্ত্রবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰিবলৈ আমি সকলোৱে
একত্ৰভাৱে সিদ্ধান্ত লও আৰু এইবোৰেই আমাৰ সংবিধানৰ প্ৰস্তাৱনা বা ভূমিকা। আমাৰ দেশৰ
আৰু দেশৰ মানুহৰ মংগলৰ বাবে যিকোনো সিদ্ধান্ত আমি নিজেই ল’ম। কিন্তু পৃথিৱীৰ আন
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 59 ---
দেশসমূহৰ লগত ব্যৱসায়, শিক্ষা, সাংস্কৃতিক বিনিময় আদি বিষয়ত মধুৰ সম্পৰ্ক ৰক্ষা কৰি
চলিম। আমাৰ প্রতিটো কামৰ উদ্দেশ্য এনেকুৱা হোৱা উচিত যাতে তাৰ দ্বাৰা দহজনৰ উপকাৰ
সাধন হয়। আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰে সু-স্বাস্থ্য, সু-খাদ্য, সু-শিক্ষা আৰু কোনো ধৰণৰ
বিভেদ নথকাকৈ সকলো সুবিধা পোৱাৰ অধিকাৰ আছে। আমাৰ দেশত সকলো ধৰ্মকে,সকলো
ধৰ্মৰ আদৰ্শ আৰু দৰ্শনকে সন্মান প্ৰদৰ্শন কৰা হয়। সেইকাৰণেই আমাৰ দেশখনক ধৰ্মনিৰপেক্ষ
ৰাষ্ট বুলি কোৱা হয়। আমাৰ সংবিধানে যেনেকৈ আমাৰ দেশৰ প্রতিজন নাগৰিককে কিছুমান
অধিকাৰ দিছে, তেনেকৈ দেশখনৰ প্রতি আমাৰ দায়িত্ব আৰু কৰ্তব্য কিছুমানো নিৰূপণ কৰি
দিছে। বি আৰ আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা কমিটিখনে প্রণয়ন কৰা আমাৰ সংবিধানখনৰ
খচৰা ভাৰতৰ MOM পৰিষদে গ্রহণ কৰিছিল ১৯৪৯ চনৰ ২৬ নৱেম্বৰত। খচৰাখন চালি-
জাৰি চাই সংসদৰ সকলো সদস্যই সেইখন গৃহীত হ’ল বুলি অনুমোদন জনাই ১৯৫০ চনৰ ২৪
জানুৱাৰীৰ দিনা স্বাক্ষৰ প্রদান কৰিছিল আৰু সেই অনুসৰিয়েই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ
পৰা আমাৰ দেশখন সমাজতন্ত্ৰবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে পৰিচালিত
হ’বলৈ আৰম্ভ কৰে। সেইকাৰণেই আমি প্রতিবছৰেই ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস
হিচাপে পালন কৰোঁ। ”
ছাত্ৰ-ছাত্ৰীসকলৰ মুখবোৰ উজ্জ্বল হৈ উঠিল। ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে
চৰকাৰৰ ফালৰ পৰা ধূমধামেৰে পালন কৰা হয়। চৰকাৰী ফিল্ডখনত অনুষ্ঠান অনুষ্ঠিত হয়।
বিদ্যালয়ৰ এন চি চি ক্ৰেডেটসকলেও পেৰেডত অংশ গ্রহণ কৰে। কিন্তু কি কাৰণে কৰে বহুতে
গমেই পোৱা নাছিল। শৰ্মা চাৰে আকৌ ক’বলৈ আৰম্ভ কৰিলে -=
“আমাৰ সংবিধানৰ “নিৰ্দেশক নীতি”ৰ অধ্যায়ত নাগৰিকৰ কৰ্তব্য সম্পৰ্কীয় কথাখিনি
সন্নিৱিষ্ট কৰা হৈছে। সৰ্বপ্ৰথম দায়িত্ব আৰু কৰ্তব্য হ’ল আমি আমাৰ সংবিধানক, আমাৰ ৰাষ্ট্ৰীয়
পতাকাক আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰিব লাগিব। দ্বিতীয়তে, আমাৰ দেশৰ স্বাধীনতা
সংগ্ৰামৰ যি পৱিত্ৰ আদৰ্শ, স্বাধীনতা সংগ্ৰামীসকলৰ যি অমূল্য আৰু অপৰিমেয় ত্যাগ, সেয়া
আমাৰ অন্তৰত চিৰস্মৰণীয় হৈ থাকিব লাগিব। দেশৰ Gay, সংহতি, অখণ্ডতা আৰু সন্মান
ৰক্ষাৰ বাবেই আমি সদা প্রস্তুত থাকিব লাগিব। ধৰ্ম, বৰ্ণ, জাতি নিৰ্বিশেষে ভাৰতৰ প্রতিগৰাকী
লোকৰ মাজত সমন্বয়ৰ আৰু ভাতৃত্বৰ ভাব বৰ্তাই ৰাখিব লাগিব আৰু যিকোনো পৰিস্থিতিতেই
নাৰী জাতি অপমানিত হোৱা সকলো কাৰ্যৰ পৰা বিৰত থাকিব লাগিব। আমাৰ সকলো সাংস্কৃতিক
ASR, প্রাকৃতিক সম্পদ, হাবি-বননি, নদ-নদী, জীৱ-কূল, সকলোৰে সংৰক্ষণৰ হেতু আমি
কাম কৰিব লাগিব। বৈজ্ঞানিক মানসিকতাৰে মানৱীয় পৰিৱেশ গঢ় দিব লাগিব। দেশৰ সম্পত্তিক
সুৰক্ষা দিয়াৰ লগতে সকলো হিংসাত্মক কাৰ্যৰ পৰা আঁতৰত থাকিব লাগিব আৰু আনকো
হিংসাত্মক কাৰ্যত জড়িত হোৱাত বাধা দিব লাগিব। দেশৰ উন্নতিৰ বাবেই নিজৰ লগতে আনৰো
প্রতিভা বিকাশৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব।”
এইখিনিলৈকে কৈ শৰ্মা চাৰে অলপ সময় সকলো ছাত্ৰ-ছাত্ৰীৰ মুখলৈ চাই থাকিল। তাৰপিছত
ক’লে — “এয়া আমাৰ দায়িত্ব । অধিকাৰ আৰু দায়িত্ব, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। অধিকাৰৰ
দাবী তুলিলেই নহ’ব, সেই অনুসৰি দেশৰ প্রতি দায়িত্বও পালন কৰিব লাগিব। বিদ্যালয়ৰ ছাত্ৰ
একতা সভাৰ মন্ত্ৰীসকলৰ দায়িত্ব কি, তোমালোকৰ দায়িত্ব কি, এই বিষয়ে আমি এইকেইদিন
আলোচনা কৰিম। এজন ভাল নাগৰিক হিচাপে নিজকে চিনাকি দিবলৈ দেশ আৰু সমাজৰ
প্রতি তোমালোকৰ দায়িত্ব কি, সেইবিষয়ে এতিয়াৰ পৰাই তোমালোকে জনাটো দৰকাৰ |
অথৰ্নৈতিক উন্নয়ন
--- Page 60 ---
ড্ৰাগছ, ধঁপাত সেৱন আৰু ইয়াৰ অপকাৰিতা
পিছদিনা সপ্তম পিৰিয়ডত শৰ্মা চাৰে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ খেলপথাৰখনত
গোট খুৱালে। ছাত্ৰ-ছাত্ৰীসকলে দেখিলে শৰ্মা চাৰৰ লগত স্থানীয় চিকিৎসালয়খনৰ
চিকিৎসকজনো খেলপথাৰখনলৈ আহিছে। বিদ্যালয়ৰ বাহিৰৰ ব্যক্তি এজনক দেখি ছাত্ৰ-
ছাত্ৰীসকল উৎসাহিত হৈ উঠিল। সকলোৰে সন্মুখত থিয় হৈ শৰ্মা চাৰে ক’লে — “সপ্তম
পিৰিয়ডটো সহ-বিদ্যায়তনিক কথাবোৰ আলোচনা কৰিবলৈ দিয়৷ হৈছে। কিন্তু এই পিৰিয়ডটোৰ
ডাঃ অম্লান বৰুৱা। বৰুৱা চাৰে তোমালোকক আজি তোমালোকে জানিবলগীয়া বহুত কথা
P44
ডাঃ SN বৰুৱা থিয় হ’ল। শৰ্মা চাৰে ছাত্ৰী এগৰাকীৰ হতুৱাই গামোচা এখনেৰে তেওঁক
সম্ভাষণ জনালে। তাৰপিছত ডাঃ অম্লান বৰুৱাই ক’বলৈ আৰম্ভ কৰিলে — “এজন সচেতন
নাগৰিক হিচাপে এই বিদ্যালয়খনৰ প্রতি, তোমালোকৰ দৰে ছাত্ৰ-ছাত্ৰীৰ প্রতি আমাৰো দায়িত্ব
আছে। কাৰণ তোমালোকেই আমাৰ দেশৰ WHATS | তোমালোকক শুদ্ধ পথেৰে আগুৱাই
নিয়াটো আমাৰ সকলোৰে দায়িত্ব ৷ প্ৰথম কথা, তোমালোকৰ এতিয়া যিটো বয়স, সেইটো
কৈশোৰ কাল, AAS কাল। এইটো বয়সত জীৱনৰ সম্পৰ্কত, জীৱনৰ বিচিত্ৰ অভিজ্ঞতা
সম্পৰ্কত তোমালোকৰ কৌতূহল SICA | তাতে কিছুমান বেয়া স্বভাৱৰ বন্ধুৱে যদি উদ্গনি
দিয়ে তেনেহ’লে সেই অভিজ্ঞতাটো পৰীক্ষা কৰি চাবলৈ তোমালোকৰ মন যায়। জীৱনটো
ধ্বংস কৰাৰ সেইটোৱেই প্রথম খোজ। এইটো বয়সত তোমালোকৰ কেৱল শৰীৰৰে পৰিবৰ্তন
নহয়, মনটোৰো পৰিবৰ্তন হয়। হৰম’নৰ পৰিবৰ্তনৰ কাৰণেই দেহৰ এই পৰিবৰ্তন হয়, এইটো
এটা স্বাভাৱিক প্রক্ৰিয়া। লগে লগে তোমালোকৰ বৌদ্ধিক আৰু আবেগিক বিকাশ ঘটে।
তোমালোকে নিজকে ডাঙৰ হৈছা বুলি ভাবা আৰু ডাঙৰ মানুহে কৰাৰ দৰে কামবোৰ কৰিবলৈ
ইচ্ছা কৰা। বিপৰীত লিংগৰ প্রতি আকৰ্ষিত হোৱা। মানে ল’ৰাই ছোৱালীৰ প্রতি আকৰ্ষিত হয়,
ৰূপত কল্পনা কৰা আৰু নিজকে সেইদৰে ধুনীয়া কৰি সজাব বিচাৰা ৷ আইনাৰ সন্মুখত থিয় হৈ
নিজকে বাৰে বাৰে চোৱা। মনৰ অস্থিৰতা বাঢ়ে আৰু মনটো খুব কৌতুহলী হৈ পৰে। এইটো
কৰিলেনে৷ কি হয়, সেইটো কৰিলেনো কি হয়, জানিব বিচাৰা। এই যে কৌতুহল বাঢ়ে, এই
কৌতূহল নিবাৰণৰ কাৰণেই তোমালোকৰ মাজৰে কোনোবাই নিজৰ ক্ষতি কৰিব পৰা কাম
কিছুমান নিজে নজনাকৈয়ে কৰি দিয়া। উদাহৰণ এটা দিছো। তোমালোকে শুনিয়েই থাকা,
খবৰ কাগজত পোৱা, টিভিৰ পৰ্দাত বিজ্ঞাপনৰ ৰূপতো দেখিছা যে চিগাৰেট সেৱন কৰাটো
বেয়া,চাদা খোৱাটো বেয়া ৷ চিগাৰেট খালে, চাদা খালে কেন্সাৰ হয়। তাৰপিছতো তোমালোকৰ
মাজৰে কিছুমান ল’ৰাই লুকাই-চুৰকৈ চিগাৰেট খায়, চাদা খায়। কিছুমান ছোৱালীয়ে পেকেটত
পোৱা গুট্খাজাতীয় কিছুমান পাণমছলা খায়। কিয় খায়? তাৰ কাৰণটোৱেই হ’ল কৌতূহল।
খালে সঁচাকৈয়ে কিনো হয়, সেইটো জানিবলৈকে প্রথমতে কিছুমানে এই ৰাগীয়াল বস্তুবোৰ
মুখত দিয়ে। তাৰপিছত লাহে লাহে ল’ৰাটোৰ বা ছোৱালীজনীৰ ৰাগীয়াল বস্তু খোৱাটো
অভ্যাসত পৰিণত হয়। চিগাৰেট এৰিব নোৱাৰা হয়, চাদা খাবলৈ এৰিব নোৱাৰা হয় আৰু
এদিন চিগাৰেট, চাদাৰ লগতে মদ খাবলৈ আৰম্ভ কৰে। ড্ৰাগ্চ্ খাবলৈ আৰম্ভ কৰে আৰু সেইটো
নিচাত পৰিণত হয়। এটা কথা মনত ৰাখিবা, আজি যিটো অভ্যাস কৰিবা সেইটো কাইলৈ
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 61 ---
স্বভাৱত পৰিণত হ’ব আৰু সেই স্বভাৱেই এদিন সেই ল’ৰাটোৰ বা ছোৱালীজনীৰ চৰিত্ৰ হৈ
AC ৰ’বা, সুবিধাটো পাইছে৷ যেতিয়া আজি কথাবোৰ ভালকৈ বুজাই fre | তোমালেকেও
ভালদৰে বুজি লোৱা আৰু লগৰবোৰকো বুজাবা।
ৰাস্তাই ঘাটে এই বিষয়বোৰৰ বিষয়ে, এই সমস্যাবোৰৰ বিষয়ে প'ষ্টাৰ হৰ্ডিং cafe |
অৰ্থাৎ এই সমস্যাবোৰৰ সম্পৰ্কত তোমালোক একেবাৰে অজ্ঞ নহয়। কিন্তু সমস্যাটো হৈছে
তোমালোকে এই বিষয়বোৰৰ বিষয়ে ভালদৰে নেজানা। কিয় এই সমস্যাবোৰৰ সৃষ্টি হয়?
কেনেকৈ হয়? এই কথাবোৰ তোমালোকৰ লগত মুকলিকৈ কোনেও আলোচনা নকৰে।
বিদ্যালয়তো আলোচনা কৰা নহয়, ঘৰতো মা দেউতাহঁতে আলোচনা নকৰে। তোমালোকে
এই কথাবোৰ কাৰ লগত আলোচনা কৰা ? তোমালোকৰ বন্ধু-বান্ধবীৰ লগত, যি তোমালোকৰ
দৰেই আধা জানে, আধা নেজানে। তাৰ ফলত কিছুমান ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হয় আৰু এই ভ্ৰান্ত
ধাৰণাসমূহে তোমালোকক বেছি ক্ষতি কৰে।”
হঠাৎ শৰ্মা চাৰ থিয় হ’ল আৰু সন্মুখত বহি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ফালে চাই ক’লে —
“তোমালোকে যদি নুবুজা বা মনত যদি কিবা খু-দুৱনি থাকে লগে লগে ডাক্তৰ চাৰক সুধিবা।
তেখেততো সদায় আহিব নোৱাৰে। আজি কাষত পাইছা সকলো কথা খৰচী মাৰি জানি লোৱা |”
শৰ্মা চাৰ বহাৰ লগে লগে ডাঃ অম্লান বৰুৱাই আকৌ আৰম্ভ কৰিলে-_
“যদি কোনো এটা বিশেষ দ্রব্য সেৱন নকৰিলে মানুহ এজনে অস্বস্তি অনুভৱ কৰে, অস্থিৰ
হৈ পৰে, তেনেহ’লে বুজিব লাগিব মানুহজন নিচাৰ গ্ৰাসত পৰিছে। নিচাই মানুহৰ জীৱনলৈ
সৰ্বনাশ মাতি আনে। আত্মবিশ্বাস আৰু ইচ্ছাশক্তি নোহোৱা কৰি পেলায়। ক’বলৈ গ’লে নিচা
একপ্ৰকাৰ মানসিক বেমাৰ। তোমালোকে মন কৰিবাচোন মদ খোৱা মানুহ এজনে কেতিয়াবা
অভদ্ৰ আচৰণ কৰে। চিগাৰেট খোৱা মানুহ এজনে অলপ সময় চিগাৰেট খাবলৈ নেপালে
অস্থিৰ হৈ পৰে। এইবোৰো একপ্রকাৰ ড্ৰাগছ্। ড্ৰাগছ্ হ’ল আমাৰ দৈহিক প্ৰক্ৰিয়াৰ পৰিবৰ্তন
ঘটাব পৰা এবিধ ৰাসায়নিক দ্রব্য |”
কথাবোৰ শুনি প্রতিজন ছাত্ৰ-ছাত্ৰীৰ বুকুবোৰ US দুঁৰু কঁপিছে। কিমান চিগাৰেট খোৱা,
চাদা খোৱা, মদ খোৱা মানুহ দেখিছে, চিগাৰেট, চাদা, মদে যে মানুহৰ জীৱন এনেদৰে ধ্বংস
কৰি পেলায় তেওঁলোকেতো সপোনতো ভবা নাছিল। ডাঃ অম্লান বৰুৱাই এইবাৰ সকলোৰে
ফালে চাই ক’লে — “আজিকালি তোমালোকৰ দৰে ল’ৰা-ছোৱালীবোৰেও SEI খোৱাৰ
কথা শুনা যায়। সৰু সৰু ল’ৰা-ছোৱালীয়ে চিগাৰেট ড্ৰেন্ডাইট আদি সেৱন কৰাৰ কথা শুনা
যায়। এই নিচাৰ কৰাল গ্ৰাসত পৰি সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ জীৱনটোৱেই নষ্ট হৈ যায়
আৰু তেওঁলোক এটা সামাজিক সমস্যালৈ ৰূপান্তৰিত হয়। চিগাৰেট, চাদা আদি ধঁপাতজাতীয়
দ্রব্য সেৱন কৰিলে কি কি বেমাৰ হয় তোমালোকে জানানে? বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বছৰি
ধঁপাত সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা আটাইতকৈ বেছি। ভাৰতত প্রতি বছৰে ৮ৰ পৰা
৯ লাখ মানুহ ধঁপাত সেৱনৰ ফলত মৃত্যু হয়। ধঁপাতত প্রায় চাৰি হেজাৰ ৰাসায়নিক পদাৰ্থ
থাকে। ই ৰক্তচাপ বৃদ্ধি কৰে আৰু শৰীৰৰ বিভিন্ন অংগলৈ তেজ চলাচলত বাধা দিয়ে। ভাৰতত
বিভিন্ন ৰূপত ধঁপাত সেৱন কৰা হয়। ধঁপাত, গুট্খা, জৰ্দা, পাণ-মছলা আৰু খৈনী হিচাপেও
খোৱা হয়। ভাৰতত ১৮ৰ পৰা ২০ শতাংশ মুখৰ কেন্সাৰৰ কাৰণ হৈছে ধঁপাত সেৱন। ধঁপাত
এক মৃত্যুদূত। চিগাৰেট সেৱনে যে কেৱল সেৱনকাৰীজনকেই অনিষ্ট কৰে এনে নহয়। চিগাৰেট
খাই থকা মানুহ এজনৰ ওচৰত চিগাৰেট নোখোৱা মানুহ এজন ৰৈ থাকিলে তেওঁৰো সমানে
অথৰ্নৈতিক উন্নয়ন
--- Page 62 ---
অনিষ্ট হয়। এজন মানুহে চিগাৰেট আৰু বিড়ি খোৱাৰ পিছত যিখিনি ধোঁৱা বতাহত এৰি দিয়ে,
সেই ধোঁৱাত এক উচ্চ পৰিমানৰ বিপদজনক ৰাসায়নিক পদাৰ্থ যেনে টাৰ, নিক’টিন আৰু
কাৰ্বন মন'ক্সাইড থাকে। চিগাৰেট নোখোৱা মানুহ এজনে যেতিয়া উশাহ লয়, এই বিষাক্ত
পদাৰ্থবোৰ তেওঁৰ হাঁওফীওত সোমায় আৰু হৃদযন্ত্ৰ অতি কোমল কোষবোৰ নষ্ট কৰি পেলায়।
চিগাৰেট খাই থকা মানুহৰ ওচৰত সৰু সৰু ল’ৰা-ছোৱালী থাকিলে তেওঁলোকৰ বেছি ক্ষতি
হয়। তেওঁলোকৰ ব্ৰংকাইটিছ আৰু নিম’নিয়া হ’ব পাৰে। কাণৰ ভিতৰত ঘাঁ হ’ব পাৰে। হাঁওফীওৰ
বৃদ্ধিৰ হাৰ হাস হ'ব পাৰে, কীহ হ’ব পাৰে আৰু উশাহ লোৱাত কষ্ট পাব পাৰে।
গৱেষণাৰ পৰা পোৱা গৈছে যে যিবিলাক ল’ৰা-ছোৱালীয়ে চিগাৰেট বা ধঁপাতৰ পৰা
প্রস্তুত কৰা দ্রব্য সৰুতেই নেখাওঁ বুলি প্রতিজ্ঞা কৰে, তেওঁ ডাঙৰ হ’লেও এইবোৰ বস্তু মুখত
নিদিয়ে। আজিকালি সৰু সৰু ল’ৰাই ড্ৰাগছ খোৱাৰ কথা প্রায়েই শুনিবলৈ পাওঁ৷ মানৱ সমাজৰ
বাবেই ই এক ভয়াৱহ সমস্যা হিচাপে দেখা দিছে। ড্ৰাগছ খালে এজন মানুহৰ মানসিক স্বাস্থ্য
একেবাৰে ভাগি যায়। শিকাৰ ক্ষমতা লোপ পায় আৰু কাম কৰিবলৈ মন নোযোৱা হয়। নিজৰ
আবেগক নিয়ন্ত্ন কৰিব নোৱাৰি ড্ৰাগছ খোৱা মানুহে বহুত অপকৰ্ম কৰা দেখা যায়। তেনেকুৱা
মানুহে একো সিদ্ধান্ত ল'ব নোৱাৰা হয় আৰু যাৰে-তাৰে লগত কাজিয়া কৰি ফুৰে। ড্ৰাগছ
ভাত-পানী খাবলৈ মন নকৰা হয়। শৰীৰৰ ৰোগ প্রতিৰোধ কৰা ক্ষমতাও নাইকিয়া হৈ যায়।
ড্ৰাগছ খালে লিভাৰ, হৃদযন্ত্ৰ আদিত ৰোগৰ সৃষ্টি হয়। মুখ, খাদ্যনলী আৰু শ্বাসনলীত কেন্সাৰ
হোৱাৰ সম্ভাৱনা থাকে। বৃক্ক (কিড্নি) নষ্ট হ’ব পাৰে। ড্ৰাগছ খাবলৈ টকাৰ দৰকাৰ হয়। ফলত
মানুহজনে ঘৰুৱা সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰি ঘৰখন ধ্বংস কৰে আৰু খুব ফীকি কথা
ক’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মানুহজনৰ স্বভাৱ চৰিত্ৰ দুয়োটাই নষ্ট হয়।”
এইখিনিলৈকে কৈ ডাঃ অম্লান বৰুৱা অলপ সময় মনে মনে থাকিল। প্রতিজন ছাত্ৰ-
ছাত্ৰীয়েই তেওঁৰ মুখলৈ ৰ লাগি চাই আছে। ইমানবোৰ নজনা কথা আজি সিহঁতে জানিব
পাৰিলে৷ এইবাৰ শৰ্মা চাৰ থিয় হ’ল। সকলোৰে ফালে চাই ক’বলৈ আৰম্ভ কৰিলে — “আমি
নিজৰ ইচ্ছাশক্তি লাগিব। ইচ্ছাশক্তি আৰু আত্মবিশ্বাসেই হ’ল জীৱনত কৃতকাৰ্য হোৱাৰ প্রধান
চাবি-কাঠি। তোমাৰ যদি ইচ্ছাশক্তি আৰু আত্মবিশ্বাস থাকে, বেয়া সংগই তোমাক কেতিয়াও
বেয়া কৰিব নোৱাৰে। গতিকে বিদ্যালয়ৰ কোনোবা ছাত্ৰ-ছাত্ৰীয়ে বেয়া সংগৰ লগত পৰি বেয়া
অভ্যাস গঢ়ি তুলিছে নেকি সেইটো লক্ষ্য কৰি থকাটো আমাৰ সকলোৰে কৰ্তব্য আৰু দায়িত্ব।
এইক্ষেত্ৰত স্বাস্থযমন্ত্ৰীগৰাকীৰ দায়িত্ব অধিক। তদুপৰি প্রতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত সময়ত
টিকাকৰণ সম্পূৰ্ণ কৰিছেনে নাই সেই বিষয়ে খবৰ ৰখাটোও তেওঁৰ দায়িত্ব। তেওঁ প্রতিটো
শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যজনিত সমস্যাবোৰ বিদ্যালয়ৰ কৰ্তৃপক্ষক নিয়ম অনুসৰি অৱগত কৰি
থাকিব লাগিব। শিক্ষকসকলৰ সহযোগত মাজে মাজে বিদ্যালয়ত স্বাস্থ্যপৰীক্ষা শিবিৰ পাতিব
লাগিব। এই ক্ষেত্ৰত আইন মন্ত্ৰীগৰাকীৰো বহুত দায়িত্ব আছে। ড্ৰাগছ বা ধঁপাতজাত সামঙ্ৰী
খালে বা বিক্ৰী কৰিলে আইনে কি কি শাস্তি বিহিছে সেইবিষয়ে তেওঁ জানিব লাগিব আৰু ছাত্ৰ-
ছাত্ৰী লগতে অঞ্চলটোৰ লোকসকলৰ লগতো আলোচনা কৰিব লাগিব। আইনৰ কিছু কথা
বাৰু ময়েই আজি তোমালোকক কৈ দিছোঁ-_ ধঁপাত নিয়ন্ত্ন আইন, ২০০৩ ৰ ধাৰা ৬ ধাৰা
অনুসৰি ১৮ বছৰৰ তলৰ শিশু, কিশোৰ-কিশোৰীক ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰা
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 63 ---
হৈছে। এই আইনৰ দ্বাৰা শিশুৱেও ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা
হৈছে। RAS এশ গজ পৰিসীমাৰ ভিতৰত ধঁপাতৰ পৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী
নিষিদ্ধ কৰা হৈছে। বিক্ৰী কেন্দ্ৰত বাহিৰৰ পৰা দেখা পোৱাকৈ ধঁপাতৰ পৰা উৎপাদিত সামগ্ৰী
ৰাখিব নোৱাৰিব। কোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত ধূমপান কৰিব নোৱাৰিব। ৰাজহুৱা স্থান
মানে প্ৰেক্ষাগৃহ, চিকিৎসালয়, ৰেলওৱে প্লেটফৰ্মত থকা জিৰণি কোঠা, বিনোদন কেন্দ্ৰ, ৰেষ্টুৰেণ্ট,
সভাগৃহ, ৰাজহুৱা কাৰ্যালয়, আদালত কক্ষ, শিক্ষা প্রতিষ্ঠান, শ্বপিংমল, চিনেমা গৃহ, গ্ৰন্থাগাৰ,
ৰাজহুৱা মুকলি ঠাই মানে মুকলি প্ৰেক্ষাগৃহ, ৰেলওৱে ষ্টেচন, বাছনষ্টেণ্ড আদি স্থানত কোনেও
ধূমপান কৰিব নোৱাৰিব। ধঁপাত নিয়ন্ত্ৰন আইন, ২০০৩ ৰ ৫ ধাৰা অনুসৰি কোনো ব্যক্তিয়ে
এনে বিজ্ঞাপন দিব নোৱাৰিব বা বিজ্ঞাপনত অংশগ্ৰহণ কৰিব নোৱাৰিব যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে
ধঁপাত সেৱন অথবা ব্যৱহাৰৰ প্রতি উৎসাহ যোগাব পাৰে।”
সকলোৱে মন দি শৰ্মা চাৰৰ কথা শুনি আছে। ইমানবোৰ আইন আছে, অথচ আমাৰ
অঞ্চলটো, ৰাজ্যখন, দেশখন ধঁপাতমুক্ত হোৱা নাই কিয়? শৰ্মা চাৰে ক’লে-- “আমাৰ
আইনমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ সহযোগত এইবোৰ কথা অঞ্চলটোৰ ৰাইজক অবগত কৰাই সজাগতা
আনিব লাগিব আৰু আমাৰ বিদ্যালয়খন, অঞ্চলটো ধঁপাতমুক্ত অঞ্চল হিচাপে স্বীকৃত কৰাব
লাগিব।” তাৰপিছত শৰ্মা চাৰে ডাঃ অম্লান বৰুৱাক দেখুৱাই ক’লে — “আজি ডাক্তৰ চাৰে
বহুত নজনা কথা আমাক জনালে। তাৰবাবে চাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ”। লগে লগে ডাঃ
wall বৰুৱাই থিয় হৈ ক’লৈ -= “মোৰ কিন্তু আৰু এটা বিষয় সম্পৰ্কে ক’বলৈ থাকিয়েই
Var” |
3 ভালেই হ’ল। সেই বিষয় সম্পৰ্কে ক’বলৈ চাৰ কাইলৈ আমাৰ মাজলৈ আকৌ আহিব।
- শৰ্মা চাৰে হীহি হীঁহি ক’লে। লগে লগে ছাত্ৰ-ছাত্ৰীসকলেও হাতচাপৰি বজালে | ডাঃ অম্লান
বৰুৱাই হাঁহি হীঁহি ক’লে — “ঠিক আছে, মই কাইলৈ আকৌ আহিম”। ছাত্ৰী-ছাত্ৰীসকলৰ
কৌতূহল বাঢ়ি গ’ল। কাইলৈ বা ডাক্তৰ চাৰে কি বিষয় সম্পৰ্কে ক’বলৈ আহিব?
এইচ আই ভি আৰু এইডছ্
পিছদিনা সপ্তম পিৰিয়ড শেষ হোৱাৰ আগে আগেই ডাঃ অম্লান বৰুৱা আহি বিদ্যালয়ত
উপস্থিত হ’ল। আগদিনাৰ দৰে আজিও শৰ্মা চাৰে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ খেল-
পথাৰখনত গোট খুৱালে। তাৰপিছত সকলোৰে ফালে চাই ডাঙৰকৈ ক’লে --- “কালি আমাক
কথা দিয়া মতেই চাৰ আহি সময়মতেই আমাৰ মাজত উপস্থিত হ’ল। ইয়াকে কয় নিয়মানুৱৰ্তিতা
আৰু সময়ৰ উচিত মূল্য Frat | সেইদিনা তোমালোকক কৈছিলে৷ — সময়ৰ যথোচিত ব্যৱহাৰৰ
অভ্যাস কৰিব পাৰিলেহে জীৱনত উন্নতি কৰিব পাৰিবা। চাৰৰ দৰে তোমালোকেও
তোমালোকক ক’বলৈ অহা কথাখিনি ক’বলৈ অনুৰোধ জনালো”।
প্রতিজন ছাত্ৰ-ছাত্ৰীৰ মুখবোৰ উজ্জ্বল হৈ উঠিল। তেওঁলোকে যেন মনতে এজন এজন
ভাল নাগৰিক হোৱাৰ প্রতিজ্ঞাহে কৰিলে। এইবাৰ ডাঃ অম্লান বৰুৱাই ক’বলৈ আৰম্ভ কৰিলে
— “কৈশোৰ কালত সহজে আকৰ্ষিত হোৱা বেয়া অভ্যাসবোৰৰ সম্পৰ্কত কালি বহুত কথাই
পাতিলোঁ। আৰু এটা বিষয়ৰ সম্পৰ্কত কিছু কথা পাতি আজিলৈ সামৰিম। এইটোও বেয়া
অভ্যাসবোৰৰ লগত সম্পৰ্ক থকা। তোমালোকে কিতাপে as আনকি বাতৰি কাকততো
এইডছ্ আৰু এইচ আই ভি সম্পৰ্কত কিছুমান কথা পাইছা। আজি সেই বিষয়ে অলপ ক’ম।
অথৰ্নৈতিক উন্নয়ন
--- Page 64 ---
এইডছৰ সম্পূৰ্ণ অৰ্থ হৈছে TAG এমিন’ ডেফিচিয়েন্সি চিনড্ৰম (AIDS - Acquired
Immune Deficiency Syndrome) ৷ DIAG মানে আহৰণ কৰা, A’ ডেফিচিয়েন্সি
মানে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা হাস পোৱা আৰু চিন্ড্ৰম মানে লক্ষণ। অৰ্থাৎ এইডছ
ভাইৰাছ সৃষ্ট এক অৱস্থা। এইচ আই ভি ভাইৰাছ যেতিয়া কোনো এজন মানুহৰ দেহত প্ৰৱেশ
কৰে তেতিয়া মানুহজনক এইচ আই ভি পজিটিভ বুলি কোৱা হয়। এইচ আই ভি ভাইৰাছ
মানুহজনৰ দেহত প্রৱেশ কৰাৰ ফলত মানুহজনৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা হাস পায়। আৰু
এটা সময়ত একেবাৰে নাইকিয়া হৈ পৰে। সেই সময়ত মানুহজনক বেলেগ বেলেগ বেমাৰে
আক্ৰমণ কৰে আৰু মানুহজন মৃত্যুৰ মুখলৈ গতি কৰে। এই অৱস্থাত মানুহজনৰ এইডছ হোৱা
বুলি কোৱা হয়। গতিকে বুজিলা নহয়, কেন্সাৰ, যক্ম্ম আদি ৰোগৰ দৰে এইডছ্ এটা বেমাৰ
নহয়। ই মানুহৰ ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা নাইকিয়া কৰি মানুহজনক বিভিন্ন বেমাৰৰ
বীজাণুৱে আক্ৰমণ কৰিব পৰা অৱস্থা এটালৈ লৈ যায়। আকৌ কাৰোবাৰ দেহত এইচ আই ভি
কোৱা হয় এইচ আই ভি পজিটিভ | এইচ আই ভি পজিটিভ ব্যক্তিজনৰ যেতিয়া ৰোগ প্রতিৰোধ
ক্ষমতা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব তেতিয়াহে তেওঁৰ এইডছ্ হোৱা বুলি কোৱা হয়। গতিকে
এইচ আই ভি পজিটিভ আৰু এইডছ্ ৰোগীৰ মাজত পাৰ্থক্য আছে।
কেইবাটাও উপায়েৰে এজন মানুহৰ দেহৰ পৰা আন এজন মানুহৰ দেহলৈ এইচ আইভি
ভাইৰাছ যাব পাৰে। সেইকেইটা হ’ল — অসুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে, এইচ আই ভি
পজিটিভ ব্যক্তিৰ পৰ৷ তেজ গ্ৰহণ কৰিলে, এইচ আই ভি পজিটিভ ব্যক্তিয়ে ব্যৱহাৰ কৰা চিৰিঞ্জ,
বেজী আদি ব্যৱহাৰ কৰিলে আৰু এইচ আই ভি পজিটিভ মাতৃ এগৰাকীৰ পৰা তেওঁৰ গৰ্ভস্থ
ABA | এইকেইটাৰ বাহিৰে অন্য কোনো উপায়েৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ
দেহলৈ এইচ আই ভি ভাইৰাছটো যাব নোৱাৰে।”
চাৰ ম’হে কামুৰিলে যেনেকৈ মেলেৰিয়া বেমাৰ হয়, এজন এইডছ হোৱা মানুহক ম’হ
এটাই কামুৰি সেই ম’হটোৱে যদি সুস্থ মানুহক কামোৰে তেওঁৰ এইডছ হ’বনে নাই? — এজন
ছাত্ৰ থিয় হৈ সুধিলে।
নহয় ৷ ম’হ, উৰহ আদিয়ে কামুৰিলে এই ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ
যাব নোৱাৰে।
ঃ আৰু একেলগে শুলে ? — অন্য এটা ল’ৰাই প্রশ্ন কৰিলে৷ ডাঃ অল্লান বৰুৱাই হাঁহি হাঁহি
উত্তৰ দিলে —
ঃ এজন এইচ আই ভি পজিটিভ ব্যক্তিৰ লগত কৰমৰ্দন কৰিলে, একে শৌচাগাৰ বা
স্নানাগাৰ ব্যৱহাৰ কৰিলে, একেলগে সাঁতুৰিলে, একেলগে শুলে এই ভাইৰাছ এজনৰ দেহৰ
পৰা আন এজনৰ দেহলৈ যাব নোৱাৰে। সাৱধানে থকাজনৰ মৰণ নাই বুলি কয়যে, গতিকে
এইডছৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় হৈছে সাৱধানে থকা। বুজিলানে?”
3 বুজিলো চাৰ। — সকলো ছাত্ৰ-ছাত্ৰীয়ে একেলগে ক’লে।
ডাঃ অম্লান বৰুৱাই আকৌ ক’লে — “আৰু এটা বিষয় আলোচনা কৰাটো খুব প্রয়োজনীয়
এই সময়ত। বিশেষকৈ ছোৱালীসকলৰ কাৰণে। সেইটো হৈছে ছোৱালীৰ মাহেকীয়া SAN |
মাহেকীয়া খতুঙ্ৰাৱৰ বিষয়ে আলোচনা কৰাটো GA, কাৰণ বেছিভাগ ছোৱালীয়েই খাতুশ্ৰাৱক
লৈ দুঃচিন্তাত ভোগে | সমাজৰ প্রচলিত কেতবোৰ জনশ্ৰুতি বা ভুল ধাৰণাৰ বাবে এই AAS
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 65 ---
প্রক্ৰিয়াক অপৰিষ্কাৰ আৰু কলুষিত বুলি আমাৰ সমাজত ধাৰণা কৰে। এই ভুল ধাৰণা খুব
ক্ষতিকাৰক। APS CATES এটা স্বাভাৱিক শাৰীৰিক ঘটনা | গৰ্ভাশয়ে ডিম্ব উৎপন্ন কৰে।
পিছত গৰ্ভাশয়ে ইয়াক পৰিত্যাগ কৰে আৰু ফেলোপিয়ান নলীৰে ই জৰায়ুলৈ আহে। ডিস্বানুৰ
নিষেচন নঘটাৰ ফলত ৰক্ত প্রবাহিত হ’বলৈ ধৰে। প্রতিমাহে ২৮ দিনৰ অন্তৰে অন্তৰে এই
ঘটনাটো ঘটি থাকে৷ ইয়াত ভয় কৰিবলগীয়া একো VS | মাথো চাফ-চিকুণ হৈ থাকিব লাগে।
চ্যেনিটাৰী ন্যেপকিন্ মানে বীজাণুমুক্ত ন্যেপকিন্ ব্যৱহাৰ কৰিব লাগে। এনে অৱস্থাত অপৰিষ্কাৰ
কাপোৰ ব্যৱহাৰ কৰিলে বিভিন্ন যৌনৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে তোমালোকে
নিজকে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো খুব জৰুৰী ৷”
কথাখিনি কৈ ডাঃ VAT বৰুৱা বহিল। এইবাৰ শৰ্মা চাৰ থিয় হৈ ক’লে — “ডাঃ
অম্লান বৰুৱাদেৱে এই দুদিন আমাৰ কাষলৈ আহি বহু জানিবলগীয়া কথা ক’লে৷ আগলৈও
আমাৰ বিদ্যালয়লৈ আহি আমাক উপকৃত কৰিব বুলি আশ৷ কৰিলোঁ চাৰে এই দুদিন যিখিনি
কথা ক’লে আমাৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলে টুকি ৰাখিছে নিশ্চয়। বিশেষকৈ স্বাস্থ্য মন্ত্ৰী আৰু
আইন মন্ত্ৰী গৰাকীয়ে এই বিষয়ত সজাগতা আনিবলৈ নেতৃত্ব ল’ব লাগিব। এতিয়া তোমালোকে
চাৰক ধন্যবাদ জ্ঞাপন কৰা”।
সকলো ছাত্ৰ-ছাত্ৰীয়ে ডাঃ অম্লান বৰুৱাক থিয় হৈ নমস্কাৰ জনালে।
স্বাস্থ্যৰক্ষণ'ৰ বাবে যোগাভ্যাস আৰু পৰিৱেশ প্ৰদূষণ
পিছদিনা সপ্তম পিৰিয়ডৰ সহ-বিদ্যায়তনিক পিৰিয়ডত শৰ্মা চাৰে বিদ্যালয়ৰ ছাত্ৰ একতা
সভাখনৰ সকলো প্রতিনিধি মানে সকলো MACH মাতি আনি ক’লে — “আমি আজি আমাৰ
অঞ্চলটো এবাৰ চাই আহো ব’লা। তেতিয়া আমি অঞ্চলটোৰ সমস্যাবোৰ অনুধাৱন কৰিব
পাৰিম”। চাৰৰ কথা শুনি সকলোৱে আনন্দ পালে আৰু ৰং মনেৰে অঞ্চলটোৰ বাট-পথেৰে
খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। গৈ থাকোঁতেই শৰ্মা চাৰে কৈ গ’ল — “খোজ কঢ়াটো এটা
ভালব্যায়াম। স্বাস্থামন্ত্ৰীগৰাকীৰ এইটো দায়িত্ব । তেওঁ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোত
এক জাগৰণ অনাৰ প্রয়াস কৰিব লাগিব যে যোগাসনে শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি
ৰাখে আৰু শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰে। বহুতে আকৌ ব্যায়াম কৰা মানেই “জিম”
আদিলৈ গৈ সঁজুলি লৈ ব্যায়াম কৰাটোহে বুজে। কিন্তু মনত ৰাখিবা খালি হাতেৰে যি ব্যায়াম
কৰিবা, যোগাসন কৰিবা, সেয়াহে স্বাস্থ্যৰক্ষাৰ বাবে উত্তম। এই ভাল অভ্যাসবোৰ সৰুৰে পৰাই
অনুশীলন কৰিব লাগে। প্ৰতি বছৰে ২১ জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে
উদ্যাপন কৰা VI স্বাস্থ্যমন্ত্ৰীগৰাকীৰ আটাইতকৈ ডাঙৰ দায়িত্বটো হ’ল বিদ্যালয়ত ২১ জুনৰ
দিনটো আন্তৰ্জাতিক যোগ দিৱস পালন কৰা ৷”
2 “চাৰ, অহাবাৰ বিদ্যালয়ত ২১ জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস পালন
কৰিমেই ৷” ছাত্ৰ একতা সভাৰ প্রতিনিধিকেইজনে যেন প্ৰতিজ্ঞাহে কৰিলে। কিছুদূৰ আগবঢ়াৰ
পিছতেই তেওঁলোক আটাইবোৰে নাকত সোপা দিব লগা অৱস্থা Var | ইমান দুৰ্গন্ধ!
2 ক’ৰবাত কিবা মৰিছে চাগৈ। চৌপাশ ইমান হাবি জংঘলেৰে ভৰা। ইমান লেতেৰা
fee | — নাকে মুখে সোপা দি খোজকাঢ়ি গৈ থাকোতেই প্রণীতা নামৰ ছাত্ৰীগৰাকীয়ে ক’লে।
£ আমাৰ বিদ্যালয়ৰ কাষতো মাজে মাজে এনেকুৱা গোন্ধ পাওঁ। — নাকত সোপা
দিয়েই ছাত্ৰ এজনে ক’লে।
8 ইচ্ এইখিনিৰ মানুহবোৰনো কেনেকৈ আছে পায়! বেমাৰ ACA |
অথৰ্নৈতিক উন্নয়ন
--- Page 66 ---
ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাজতে কথা পাতি খোজকাঢ়ি গৈ থাকোঁতেই এইবাৰ শৰ্মা চাৰে
মাত লগালে--- বনমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী নগতে তোমালোক সকলোৰে এইক্ষেত্ৰত দায়িত্ব
আছে। আমাৰ চৌপাশ চাফ-চিকুণ কৰি ৰাখিব লাগে। পৰিষ্কাৰ পৰিৱেশে মনলৈ শান্তি আনে।
কাম কৰাৰ উৎসাহ যোগায়। আমাৰ আটাইতকৈ বেয়া স্বভাৱ হ’ল জাবৰ-জোঁথৰবোৰ আমি
য’তে-ত’তে CANE | তাৰফলত কি হয়? গোটেই পৰিৱেশটোৱেই লেতেৰ৷ আৱৰ্জনাৰ দ’ম
হৈ বেমাৰৰ বীজাণু সংক্ৰমণিত কৰে। পৰিৱেশ প্ৰদূষিত কৰে। সেই প্রদূষিত পৰিৱেশে নাকত
সোপা দিবলগীয়া অৱস্থা এটাৰ সৃষ্টি কৰে। আমাৰ চাৰিওফালে থকা গছ-গছনি, জীৱ-জন্তু,
পৰ্বত-পাহাৰৰ, নৈ, জান-জুৰি, বতাহ এই সকলোকে আমাৰ পৰিৱেশ বুলি কওঁ। আমি উশাহত
বায়ু গ্ৰহণ কৰোঁ আৰু নিশাহত বায়ু এৰি দিওঁ। বায়ুত অক্সিজেন থাকে, নাইট্ৰ’জেন থাকে,
কাৰ্বণ-ডাই-অক্সাইড্ থাকে, জলীয়া ভাপ থাকে আৰু বহুতো গেছ থাকে। আমি কিন্তু বায়ুত
থকা কেৱল অক্সিজেনহে গ্ৰহণ কৰোঁ। অক্সিজেন নহ’লৈ আমি জীয়াই থাকিব নোৱাৰৌ। এক
বায়ুৰ কাৰ্বন-ডাই-অক্সাইড, ধূলিকণা আৰু কিছুমান গেছ আমাৰ শৰীৰৰ কাৰণে খুব অপকাৰী।
বায়ুত আমাৰ শৰীৰৰ উপকাৰী আৰু অপকাৰী APC গেছ জীৱৰ শৰীৰৰ উপযোগীকৈ এটা
নিৰ্দিষ্ট পৰিমাণত মিহলি হৈ থাকে। বায়ুত যিকেইবিধ গেছ যিমান পৰিমাণত মিহলি হৈ থাকিব
লাগে সেইকেইবিধ গেছ সিমান পৰিম৷ণতেই যদি মিহলি হৈ থাকে সেই বায়ুকেই বিশুদ্ধ বায়ু
বুলি ক’ব পাৰো। ডাঙৰ ডাঙৰ চহৰবোৰত কল-কাৰখানাৰ ধোঁৱা, গাড়ী-মটৰৰ ধোঁৱা, ধূলি
আদিয়ে বায়ুখিনিত আমাৰ শৰীৰৰ অপকাৰী গেছৰ পৰিমাণ বঢ়াই তোলে। তেনেকুৱা বায়ুয়েই
দুষিত বায়ু। গীওবিলাকত চাৰিওফালে মুকলি ঠাই আছে, গাড়ী-মটৰ কম, কল-কাৰখানা কম।
গতিকে গাঁও অঞ্চলৰ বায়ু প্রায় বিশুদ্ধ। কেৱল কল-কাৰখানা, গাড়ী-মটৰৰ ধোঁৱাইযে বায়ু
দুষিত কৰে এনে নহয়। দ’মাই থোৱা আৱৰ্জনাৰ পৰা নিৰ্গত দুৰ্গন্ধ, কল-কাৰখানা, গাড়ীৰ পৰা
ওলোৱা ধোঁৱা,এইবোৰেও বায়ুক দূষিত Bes | ইয়াকে বায়ু প্রদূষণ বুলি কোৱা হয়। প্ৰদূষিত
বায়ুয়ে জীৱ-জন্তুৰ শৰীৰত বেমাৰৰ বীজাণু বিয়পাই দিয়ে। অথচ আমি পৰিৱেশ প্ৰদূষিত হোৱা
কামবোৰেই কৰি থাকো। প্লাষ্টিক আৱৰ্জনাই মাটি আৰু পানী প্রদূষিত কৰে। অথচ আমি
ব্যৱহাৰ কৰা প্লাষ্টিক আৰু আৱৰ্জনাবোৰ নলা-নৰ্দমাতে পেলাই দিওঁ। আমাৰ এই বেয়া
অভ্যাসটোৰ বাবেই আজিকালি নগৰ-চহৰবোৰত নলা-নৰ্দমাইদি পানী যাব নোৱাৰি কৃত্রিম
বানপানীৰ সৃষ্টি হয়। প্লাষ্টিক আৱৰ্জনা পুৰিলে ওলোৱা ধোঁৱাই বায়ু প্রদূষণ কৰে। এটা সমীক্ষাৰ
পৰা জনা গৈছে প্রতি বছৰে সমুদ্ৰত প্রায় ১৩ নিযুত টন প্লাষ্টিক আৱৰ্জনা জমা হয়। সাগৰসমূহত
জমা হোৱা আৱৰ্জনাৰ Co শতাংশই প্লাষ্টিক আৱৰ্জনা। এইবোৰে সাগৰৰ পানী প্ৰদূষিত কৰি
তুলিছে। প্রতি বছৰে প্রায় ১ নিযুত সামুদ্ৰিক চৰাই আৰু এক লাখ অন্য জীৱ-জন্তু প্লাষ্টিক
আৱৰ্জনা ভক্ষণ কৰাৰ ফলত বা ইয়াৰ প্রদূষণৰ ফলত মৃত্যুবৰণ কৰে।
তোমালোকৰ সন্মুখত এইটো এটা ডাঙৰ প্রত্যাহবান। সকলোকে সজাগ কৰিব লাগিব যে
প্লাষ্টিক বেগ পৰিহাৰ কৰিব লাগে। বস্তু কঢ়িয়াবলৈ কপোৰ বা কাগজৰ বেগ ব্যৱহাৰ কৰিব
ACA | পেকেটিং কৰিবলৈও BBP ব্যৱহাৰ বন্ধ হ’ব লাগিব প্লষ্টিক বেগ বা প্লাষ্টিক পেকেজিং
সামগ্ৰী এবাৰ ব্যৱহাৰ কৰি পেলাই নিদি পুনৰ ব্যৱহাৰ কৰিবলৈ থৈ দিব লাগে। প্লাষ্টিক
আৱৰ্জনাবোৰ পুনৰাৱৰ্তনকাৰীক দি দিব লাগে যাতে নতুন প্লাষ্টিক উৎপন্ন নকৰি সেইবোৰকেই
পুনৰ ব্যৱহাৰ কৰিব পাৰে। প্লাষ্টিক আৱৰ্জনা কেতিয়াও জ্বলাই দিব নালাগে। জাবৰ পেলাবলৈ
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 67 ---
আমি সদায় “ডাষ্টবিন” ব্যৱহাৰ কৰিব লাগে। “ডাষ্টবিনো” আকৌ দুই ধৰণৰ হ’ব লাগে। এটা
“ডাষ্টবিন”ত শুকান জাৱৰ আৰু আনটো “ডাষ্টবিন”ত কেঁচা জাবৰ পেলাব লাগে, যাতে তাৰ
পৰা পচন সাৰ তৈয়াৰ কৰিব AAS | “স্বচ্ ভাৰত অভিযান”ৰ অন্তৰ্গত এইবোৰ বিষয়ত আমি
সজাগতা আনিব লাগিব। লগে লগে গছ-গছনিৰ প্ৰয়োজনীয়তা সম্পৰ্কে সকলোকে সজাগ
কৰিব লাগিব। গছ থাকিলেহে মানুহ থাকিব। যধে-মধে গছ কটাৰ ফলত যে আমি আমাৰ
সৰ্বনাশ নিজেই মাতি আনিছোঁ সেইটো এতিয়াও বহুতে বুজি উঠা নাই। বিদ্যালয়ত আৰু
অঞ্চলটোত বিশ্ব পৰিৱেশ দিৱস পালন কৰি গছ ৰোপণ কাৰ্যসূচী লোৱাটো বনমন্ত্ৰীগৰাকীৰ
দায়িত্ব |”
এইখিনিলৈকে কৈ শৰ্মা চাৰ অলপ ৰ’ল। চাৰে কথাবোৰ এনেকৈ কয়, শুনি ভাল লাগে।
চাৰৰ কথা কোৱাৰ ভংগিমাটো আকৰ্ষণীয়। বোধহয় এনেধৰণৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই প্ৰতিজন
ছাত্ৰ-ছাত্ৰীয়েই মন দি শুনি আছে। চাৰে গহীন হৈ ক’লে — “আজি ঘৰত তোমালোকৰ মা
দেউতাৰ লগত বা ওচৰ চুবুৰীয়াৰ লগত এইবিলাক কথা আলোচনা PACA | কেৱল আলোচনা
কৰিলেই নহ’ব, অঞ্চলটো চাফ-চিকুণ কৰি ৰাখি, প্রদূষণমুক্ত কৰি ৰাখি আমাৰ অঞ্চলটো
দেশখনৰ এক আদৰ্শ অঞ্চল হিচাপে গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।
আমাৰ অঞ্চলটো যাতে ভাৰতৰ আটাইতকৈ পৰিস্কাৰ অঞ্চল হিচাপে স্বীকৃত হয়, তাৰ বাবে
এই যে শৰ্মা চাৰে ক’লে এই অঞ্চলটো যাতে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ অঞ্চল হিচাপে
স্বীকৃত হয় তাৰ বাবে চেষ্টা কৰিব লাগে, সেই কথা শুনি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কল্পনা
কৰিলেই -- তেওঁলোকৰ অঞ্চলটো ভাৰতৰ আটাইতকৈ পৰিস্কাৰ অঞ্চল হিচাপে, ধঁপাতমুক্ত
অঞ্চল হিচাপে স্বীকৃত হৈছে। জিলাৰ উপায়ুক্ত আহিছে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ।
সকলোৱে তেওঁলোকক প্রশংসা কৰিছে। আঃ কি আনন্দৰ দিন!
পথ সুৰক্ষাৰ বাবে পালন কৰিবলগীয়া নিয়ম
ৰাস্তাটোৱেদি খোজকাঢ়ি গৈ থাকোতেই হঠাৎ কঁপাল সংকুচিত কৰি শৰ্মা চাৰে ক’লে
-_ “মই অথনিৰে পৰা মন কৰিছোঁ তোমালোকে খোজকাঢ়ি আহি থাকোঁতে গোটেই পথটোৱেই
আগুৰি আহি আছা। ৰাস্তাটোৱেদি বেলেগ পথচাৰী, যান-বাহন আদি যোৱাত বাধাৰ সৃষ্টি
কৰিছা। এইটো কিন্তু একেবাৰে বেয়া কথা। পথ-সুৰক্ষাৰ সকলো নিয়ম আমি মানি চলিব
FUCA | খোজকাঢ়ি আহোঁতে ৰাস্তাৰ কাষে কাষে বাঁওফালে আহিব লাগে৷ POLAT বাহন চলালে
হেলমেট পৰিধান কৰিব লাগে, গাড়ী চলাওঁতে “চিট্ বেল্ট” বান্ধি ল’ব লাগে, ট্ৰেফিক্ চিগ্নেলৰ
সংকেতসমূহ মানি চলিব লাগে, Coal ক্ৰুছিং্তহে ৰাস্তা পাৰ হ'ব লাগে। আজিকালি প্রায়ে
দেখা যায় বাইক আৰোহীসকলে পথত বাঁওদিশত বেলেগ গাড়ীক অতিক্ৰম কৰি আগুৱাই
যায়। বহুতে আকৌ ইউ (U) টাৰ্ণ ঘূৰোতে বিপৰীত দিশৰ পৰা৷ ভুল পথেৰে প্ৰৱেশ কৰে।
তেনেকৈয়েতো দুৰ্ঘটনাবোৰ হয়। আকৌ তোমালোকৰ বয়সৰ ল’ৰাবোৰে ৰাস্তাত বাইক ষ্টান্ট
(Stunt) কৰে। এইটো খুব বেয়া কথা। পথ দুৰ্ঘটনাবোৰ এইবোৰ কাৰণতে হয়। পথ-সুৰক্ষাৰ
নিয়মসমূহ আমি সকলোৱে আখৰে আখৰে মানি চলিব লাগে আৰু বিদ্যালয়ৰ সকলো ছাত্ৰ-
ছাত্ৰীয়ে যাতে মানি চলে তাৰ বাবে সজাগতা আনিব লাগে। এইটো পৰিবহণমন্ত্ৰীগৰাকীৰ
দায়িত্ব। পথ-সুৰক্ষাৰ নিয়মসমূহ মানি নচলাৰ বাবেই আজিকালি সঘনে দুৰ্ঘটনা হোৱা দেখা
যায়।”
অথৰ্নৈতিক উন্নয়ন
--- Page 68 ---
ছাত্র-ছাত্ৰীকেইজনে লাজ পোৱাদি পালে। বিদ্যালয়লৈ আহৌতে কোনোবাই খোজকাঢ়ি,
কোনোবাই চাইকেল চলাই সদায় পথটো আগুৰি আহে। দুই এবাৰতো দুৰ্ঘটনা হোৱাৰে
উপক্ৰম হৈছিল। এনেকুৱা যে নীতি-নিয়ম মানি ৰাস্তাত খোজকাঢ়িব লাগে, কথাটো কাৰো
মনলৈ নাহেই। “মই কাইলৈ প্ৰাৰ্থণা সভাতে পথ-সুৰক্ষাৰ এই কথাবোৰ ছাত্ৰ-ছাত্ৰীক অবগত
কৰাম” — পৰিবহণমন্ত্ৰীগৰাকীয়ে শৰ্মা চাৰক ক’লে।
£ কেৱল ছাত্ৰ-ছাত্ৰীকেই নহয়, অঞ্চলটোৰ সকলো লোককে এই নীতি-নিয়মবোৰ
জনোৱাটো, এই নীতি-নিয়ম পালন কৰিবলৈ আহ্বান জনোৱাটো আমাৰ সকলোৰে দায়িত্ব”
— শৰ্মা চাৰে ক’লে | সকলো ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ শাৰীপাতি পথৰ বাঁওদিশে খোজকাঢ়ি গৈ
থাকিল।
শিশু শ্রমিক ঃ মানৱতাৰ শত্ৰু, এক অপৰাধ
খোজকাঢ়ি গৈ থাকোঁতেই তেওঁলোক আটায়ে কিছু হাই-উৰুমি শুনা পালে। এটা সৰু
ল’ৰাই যেন গগন ফালি চিঞৰিছে, কোনোবাই যেন কাৰোবাক গালি পাৰিছে। শৰ্মা চাৰে
অলপ সময় কাণ উনাই শুনিলে। তাৰপিছত সেই শব্দৰ উৎসৰ ফালে খৰখোজে আগবাঢ়ি
গ’ল। পিছে পিছে ছাত্ৰ-ছাত্ৰীকেইজনো দৌৰি যোৱাদি গ’ল। কিছুদূৰ গৈয়ে দেখিলে হোটেল
এখনৰ সন্মুখত এটা সৰু ল’ৰাক এজন বয়সস্থ লোকে মৰিয়াই আছে আৰু ল’ৰাটোৱে “নেমাৰিব
অ’ নেমাৰিব” বুলি চিঞৰিছে। দৌৰ মাৰি গৈ শৰ্মা চাৰে ল’ৰাটোক সাৱটি ধৰিলে আৰু
মানুহজনক খঙত সুধিলে — “কিয় মাৰিছে ল’ৰাটোক?”
8 কাম নকৰিলে নেমাৰি মৰম কৰিম নেকি? — মানুহজনে দান্ভিকতাৰে ক’লে৷ তেতিয়াহে
শৰ্মা চাৰ আৰু ছাত্ৰ-ছাত্ৰীকেইজনে গম পালে মানুহজন হোটেলখনৰ মালিক আৰু ল’ৰাটোৱে
হোটেলত কাম কৰে। প্রচণ্ড খঙত শৰ্মা চাৰে ক’লে — “আপুনি এই সৰু ল’ৰাটোক হোটেলত
$ মই নিজে অনা নাই। ইয়াৰ বাপেকে ইয়াক ইয়াত ৰাখি মোৰ পৰা টকা লৈ গৈছে। -=
হোটেলৰ মালিকৰ আগৰ দৰেই MS সুৰ।
£ আপুনি জানেনে শিশুক aig হিচাপে ৰখাটো এটা ডাঙৰ অপৰাধ? এই অপৰাধৰ
বাবে আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে।
জেলৰ কথা কোৱাৰ লগে লগে হোটেলৰ মালিকজনৰ আগৰ দাম্ভিকতা নাইকিয়া হ’ল।
তেওঁ সেমেনা-সেমেনি কৰি ইফালে সিফালে চালে। শৰ্মা চাৰে দৃঢ়ভাৱে ক’লে-- ‘শিশু
শ্রমিক নিৰোধক আৰু নিয়ন্ত্ন আইন, ১৯৮৬” অনুসৰি ১৪ বছৰৰ তলৰ কোনো শিশুকে
উদ্যোগ, খনি নাইবা আন কোনো ধৰণৰ বিপদ সংকুল কামত নিয়োগ কৰিব নোৱাৰিব। ১৯৮৬
চনৰ শিশু শ্রমিক নিৰোধক আৰু নিয়ন্তুন আইন অনুসৰি ভাৰত চৰকাৰৰ শ্রম মন্ত্ৰণালয়ে ২০০৬
চনৰ ১০ জুলাই তাৰিখে এখন অধিসূচনা জাৰি কৰি শিশুসকলক ঘৰুৱা কামত নিয়োগ কৰা,
হোটেল, CBR, চাহৰ দোকান, ধাবা, বিনোদন ক্ষেত্ৰ আদিত কাম কৰা কাৰ্যক বিপদসংকুল
কাম হিচাপে গণ্য কৰিছে আৰু শিশুক নিয়োগ কৰাত নিষেধাজ্ঞাও জাৰি কৰিছে। ২০০৬ চনৰ
১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা অমান্য কৰা জনৰ ওপৰত বিশ হেজাৰ টকা
জৰিমনা বা এবছৰৰ কাৰাদণ্ড নাইবা দুয়োটা শাস্তিয়েই প্ৰযোজ্য হ’ব। সংবিধানৰ ২১ (ক) দফা
অনুসৰি ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো Macs বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক
শিক্ষা লাভ কৰাৰ অধিকাৰ আছে। সংবিধানৰ ৩৯ (চ) দফা অনুসৰি সকলো শিশুৱে স্বাধীনভাৱে
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 69 ---
আৰু এক সুস্থ পৰিৱেশত জীয়াই থকাৰ সকলো সুযোগ সুবিধা পাব লাগিব। সন্মান সহকাৰে
এই শিশু সকলৰ শৈশৱ সুৰক্ষিত হ’ব লাগিব। এখন সুন্দৰ সমাজ গঢ়িবৰ বাবেই, শিশুসকলক
এটা সুন্দৰ ভৱিষ্যৎ দিবৰ বাবেই ১৪ বছৰ বয়সৰ কোনো শিশুকে ঘৰত কাম কৰা ল’ৰা বা
ছোৱালী হিচাপে ৰাখিব নোৱাৰিব। এয়া অপৰাধ। এয়া অন্যায়। ভাৰতীয় দণ্ডবিধি আইনৰ
৩৬৩ (ক) ধাৰা মতে ভিক্ষা খুজিবলৈ শিশুক অপহৰণ কৰা বা vice কৰি পেলোৱাজনৰ
উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা আছে।
নিচাযুক্ত সামগ্ৰী আৰু উত্তেজক পদাৰ্থৰ বে-আইনী বেপাৰ নিষিদ্ধকৰণ আইন ১৯৮৮
অনুসৰি যিবোৰ লোকে শিশুক নিচাযুক্ত সামগ্ৰীৰ বে-আইনী বেপাৰত লিপ্ত কৰায়, তেওঁলোক
আইনৰ দৃষ্টিত জগৰীয়া আৰু ষড়যন্তুকাৰী৷”
শৰ্মা চাৰে ইমান বলিষ্ঠ আৰু দৃঢ়ভাৱে কথাখিনি ক’লে যে কাষত ৰৈ থকা কোনেও কথা
ক’বলৈকে সাহস নকৰিলে। হোটেলৰ মালিকজনে হাতযোৰ কৰি ক’লে — “আইনৰ কথাবোৰ
নেজানো বাবেই এই অপৰাধ কৰিলোঁ৷ দেউতাকক মতাই আনি ল’ৰাটোক মই আজিয়েই ঘৰলৈ
3 কেৱল পঠিয়াই দিলেই নহ’ব, সি যাতে নিয়মিত স্কুললৈ যোৱাৰ সুবিধা পায় সেইটোও
নিশ্চিত কৰিব লাগিব। হোটেলত, ইটাভাতাত শিশুক শ্রমিক হিচাপে নিয়োগ কৰি আমি
পোৱালি” — শৰ্মা চাৰে খঙত ক’লে। তাৰপিছত ভোৰভোৰাবলৈ আৰম্ভ কৰিলে -- “এই
অভিভাৱকসকলৰ কামবোৰ দেখিলেও আচৰিত হওঁ। ১৮বছৰ নহওঁতেই ছোৱালীজনীক বিয়া
দিলে ছোৱালীজনীৰ শাৰীৰিক, মানসিক দুয়োটাৰে ক্ষতি হয় বুলি জনাৰ পিছতে৷ বিয়া পাতি
দিয়ে! শিশু শ্রমিকৰ দৰে এই বাল্যবিবাহো এটা ডাঙৰ অপৰাধ।”
তাৰপিছত ছাত্ৰ-ছাত্ৰীসকলৰ ফালে চাই ক’লে -= “আইনমন্ত্ৰীগৰাকীৰ সন্মুখত এইটো
এটা ডাঙৰ প্ৰত্যাহবান | সাধাৰণ মানুহখিনিয়ে আইনৰ ধাৰাবোৰ নাজানে বাবেই শিশুক শ্রমিক
হিচাপে নিয়োগ কৰে। বাল্যবিবাহ সম্পাদন কৰে। অঞ্চলটোত সজাগতা সভা অনুষ্ঠিত কৰি
এইবোৰ কথা অবগত কৰাব লাগে।”
শৰ্মা চাৰৰ খং উঠা দেখি ছাত্ৰ-ছাত্ৰীসকলৰ ভয় লাগিল। শৰ্মা চাৰৰ সাধাৰণতে খং নুঠে।
শিশুসকল বঞ্চিত হোৱা কাম কোনোবাই কৰিলেই চাৰৰ খং উঠে। এতিয়াও চাৰৰ খং উঠা
দেখি ছাত্ৰ-ছাত্ৰীসকলে নিয়মানুবৰ্তিতাৰে চাৰৰ পিছে পিছে খোজকাঢ়ি গৈ থাকিল।
ইন্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ অপপ্রয়োগ
হোটেলত শিশু শ্রমিকজনক দেখাৰ পিছৰে পৰা শৰ্মা চাৰৰ মনটো বেয়া হৈ আছিল।
কৰা নাছিল। কেইবাদিনৰ পিছত আজি তেওঁ প্ৰাৰ্থনা সভালৈ আহিল।৷ প্ৰাৰ্থনা সভা শেষ হোৱাৰ
পিছতেই শৰ্মা চাৰে সকলোৱে শুনাকৈ ডাঙৰকৈ ক’লে — “ এইকেইদিন আমি মন্ত্ৰীসভাৰ
সদস্যসকলৰ কেইবাজনৰো দায়িত্ব সম্পৰ্কে আলোচনা কৰিলোঁ। কেৱল শিক্ষামন্ত্ৰীগৰাকীৰ
দায়িত্বৰ কথা আলোচনা কৰা নাছিলোঁ। আজি এনেকুৱা এটা বিষয় সম্পৰ্কে দুটামান কথা
ক’বলৈ লৈছে৷ সেইটো কেৱল শিক্ষামন্ত্ৰীগৰাকীৰে দায়িত্ব নহয়, আমি সকলোৱে চিন্তা
কৰিবলগীয়া বিষয়। যিটোৰ ভাল দিশ যিমান আছে, বেয়া দিশো সিমান আছে। আমি যাতে
বেয়া দিশটো নলৈ ভাল দিশটো গ্ৰহণ কৰি জীৱনত উন্নতি লাভ কৰিব পাৰো সেইবাবেই
অথৰ্নৈতিক উন্নয়ন
--- Page 70 ---
সকলোৰে সন্মুখত কথাটো উলিয়াইছোঁ।” ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হ’ল, এনেকুৱা কি বিষয়
সময় চিন্তা কৰি থাকিব লগা নহ’ল, চাৰে মাত লগালে — “বিষয়টো হ’ল ছ’চিয়েল মিডিয়াৰ
ব্যৱহাৰ। তোমালোকে ঘৰত প্ৰায়ে ম'বাইলটো লৈয়ে ব্যস্ত থাকা বুলি অভিযোগ পাওঁ ৷ বিদ্যালয়ত
অন্ততঃ আমি ব্যৱহাৰ কৰিবলৈ এতিয়াও দিয়া নাই। ঘৰত তোমালোকে ম’বাইলটো লৈ কি
লাজ আৰু অলপ অপ্ৰস্তুত হৈ ছাত্ৰ-ছাত্ৰীসকলে তলমূৰ কৰিলে। শৰ্মা চাৰে হাঁহি বিৰিঙাই
ক’লে — “গেম খেলা। ম’বাইলটোত গে’ম খেলিবলৈ নাপালেই কন্দা-কটা কৰা। হয়নে?
আচলতে এইটোও এটা নিচা। তোমালোকৰ দাদা,বাইদেউহঁত অনবৰত ম'বাইলটো লৈ ফেচবুক,
ৱাটচ্আপত ব্যস্ত থাকে। এইবোৰৰ পৰা কিমান অসামাজিক ঘটনা ঘটিছে আমি নিতৌ বাতৰি
কাকত আৰু টি ভিৰ বাতৰিত দেখি আহিছোঁ৷ তথ্য আহৰণৰ কাৰণে, কাৰোবাৰ সৈতে গঠনমূলক
চিন্তা বিনিময়ৰ কাৰণে যদি এই ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা হয় তেনেহ’লৈ খুব ভাল কথা৷
কিন্তু ভুৱা বাতৰি প্রচাৰ কৰি, প্ৰৰোচনামূলক কথা প্ৰচাৰ কৰি মানুহক উত্তেজিত কৰি সমাজত
অমানৱীয়, অশৃংখল পৰিৱেশ সৃষ্টি কৰা সততে দেখা গৈছে। আজিকালি দেখা গৈছে, ৱাটচ্আপ,
ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়াত কিছুমানে ইচ্ছাকৃতভাৱে এটা উৰা বাতৰি প্রচাৰ কৰে আৰু
সেই উৰা বাতৰিৰ সত্য-সত্যতা বিচাৰ নকৰি আমাৰ মাজৰে কিছুমানে তেওঁলোকৰ বন্ধু বৰ্গলৈ
“শ্বেয়াৰ” কৰি fre | এয়া ছ’চিয়েল মিডিয়াৰ অপপ্রয়োগ। এনেকুৱা কামে সমাজত বহুতো
অমানৱীয় ঘটনাৰ সূত্ৰপাত ঘটাইছে। ইন্টাৰনেটৰ অপপ্রয়োগ কৰি অপৰাধ কৰা কাৰ্যক চাইবাৰ
অপৰাধ বুলি কোৱা হয়। অনুমতি নোলোৱাকৈ আনৰ কম্পিউটাৰৰ তথ্য চুৰি কৰা আৰু আনৰ
ই-মেইল ঠিকনা চুৰি কৰি অসৎ কামত ব্যৱহাৰ কৰা, কৌশলগতভাৱে এজনৰ বেংকৰ কাৰ্ডৰ
নম্বৰ চুৰি কৰি তেওঁৰ একাউন্টৰ পৰা টকা-পইচা উলিয়াই নিয়া, ম’বাইল ফোনৰ দ্বাৰা গোপনে
কোনো ল’ৰা বা ছোৱালীৰ অক্লীল ছবি তুলি বা ভিডিঅ’ ছবি তুলি বা কোনো ছোৱালীৰ ফটো
চুৰি কৰি SNA মনোবৃত্তিৰে সেই ফটো বিকৃত কৰি সেইবোৰ ফেচবুক বা তেনেধৰণৰ ৱেবচাইটত
বিয়পাই দিয়া, গোপনে তেনেধৰণৰ অক্লীল ফটো তুলি ব্লেকমেইলিং কৰা, এইবোৰকে চাইবাৰ
অপৰাধ বুলি কোৱা হয়। চাইবাৰ অপৰাধ প্রতিৰোধ কৰাৰ অৰ্থে এনে অপৰাধীক শাস্তি প্রদানৰ
বাবে আইন প্রণয়নো কৰা হৈছে। সেই আইন অনুসৰি জৰিমনা আৰু কাৰাবাস দুয়োটা শাস্তিৰে
যদি BAS, ছাত্ৰ একতা সভাই বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰোৱাটো তেওঁলোকৰ দায়িত্ব।
ইন্টাৰনেটৰ জৰিয়তে কোনোবাই ভুৱা বাতৰি, প্রৰোচনামূলক বাতৰি বা অশ্লীল ছবি প্রচাৰ কৰি
আইন বহিৰ্ভূত কাৰ্য কৰিলে তথ্য প্রযুক্তি আইন ২০০০ ৰ ধাৰা ৬৯ (ক) আৰু ৭৯ অনুসৰি
সংশ্লিষ্ট কৰ্তৃপক্ষক জনাই সেইবোৰৰ প্ৰচাৰ বন্ধ কৰিব পাৰি। মুঠতে ছ’চিয়েল মিডিয়াৰ যাতে
অপপ্রয়োগ নহয় তাৰ বাবে তোমালোক সৰুৰে পৰা সচেতন হ’ব লাগিব।
আৰু এটা কথা, তোমালোকে বিভিন্ন মাধ্যমত যিবোৰ বিজ্ঞাপন দেখা সকলো বিজ্ঞাপনত
ভোল যাব নালাগে৷ বিজ্ঞাপনবোৰৰ কাৰণেই তোমালোকে পেকেটত অহা চিপ্ছ্জাতীয় খাদ্যবোৰ
খোৱাৰ বাবে আকৰ্ষিত হৈ পৰা। এইবোৰ খাবলৈ ভাল লাগে কিন্তু বেছিকৈ খালে স্বাস্থ্যৰ বাবে
সমতা ৰাখিব পৰা খাদ্য খাব লাগে। বুজিলানে? এতিয়া তোমালোক নিজৰ নিজৰ শ্ৰেণীলৈ
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 71 ---
যোৱা। সপ্তম পিৰিয়ডত ওপৰ শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকল গোট খাবা | আমাৰ বিদ্যালয়সৈ আজি
বিদ্যালয়সমূহৰ পৰিদৰ্শকজন আহিব। তেখেতে তোমালোকক শিক্ষা সম্পৰ্কীয় কেইটামান
গুৰুত্বপূৰ্ণ কথা ক’ব।”
সকলো ছাত্ৰ-ছাত্ৰীয়ে নিয়মানুৱৰ্তিতাৰে নিজৰ নিজৰ শ্ৰেণীলৈ বুলি খোজ ল’লে।
বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আমাৰ দায়িত্ব
সপ্তম পিৰিয়ডত সিদিনাৰ দৰেই ছাত্ৰ-ছাত্ৰীসকল খেল-পথাৰত গোট খালে | বিদ্যালয়সমূহৰ
পৰিদৰ্শকজনৰ লগত আজি সকলো শিক্ষক-শিক্ষয়িত্ৰী খেলপথাৰলৈ আহিল। শৰ্মা চাৰে
তেখেতক আদৰণি জনালে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত চিনাকি কৰাই দিলে।
পৰিদৰ্শকগৰাকীয়ে ক’লে — “সময় নষ্ট নকৰি আজি মই তোমালোকক ক’বলৈ অহা বিষটোকে
নহয়, সমাজৰ সকলোৰে বহুত দায়িত্ব আছে। সেই বিষয়টো হ’ল বিশেষভাৱে সক্ষম ছাত্ৰ-
ছাত্ৰীৰ প্রতি আমাৰ দায়িত্ব ৷ সংবিধানৰ ৮৬ তম সংশোধনীৰ লগে লগে WA পৰা ১৪ বছৰৰ
সকলোৱে শিশুৱে প্রাথমিক শিক্ষা লাভৰ সুবিধা পোৱাটো মৌলিক অধিকাৰ হিচাপে স্বীকৃত
হৈছে। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আন শিশুৰ দৰে বিশেষভাৱে সক্ষম শিশুসকলকো সমানেই WAG
দিয়াটো নিতান্তই আমাৰ প্রাথমিক দায়িত্ব । আমি কোনেও এনেকুৱা কথা ক’ব নেলাগে,এনেকুৱা
আচৰণ কৰিব নেলাগে যাৰ কাৰণে বিশেষভাৱে সক্ষম ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে মনত আঘাত
পাব পাৰে। দ্বিতীয়তে তোমালোকৰ লগত বিশেষভাৱে সক্ষম কোনো ছাত্ৰ বা ছাত্ৰী যদি অধ্যয়ন
কৰি আছে তেওঁলোকক বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত বা শ্ৰেণীকোঠাত পাঠ গ্ৰহণৰ সময়ত
তেওঁ নোৱাৰাখিনিত তোমালোকে সহায় কৰি দিব লাগে। কেতিয়াও অৱহেলা কৰিব নেলাগে৷
ধৰি লোৱা কোনোবা এজন ছাত্ৰৰ বা এগৰাকী ছাত্ৰীৰ চকুৰ সমস্যা আছে। তেওঁক তোমালোকে
সদায় আগৰ বেঞ্চত বহাৰ সুবিধা দিব লাগে। তেওঁৰ যদি হঠাৎ কিবা শাৰীৰিক সমস্যা হয়
তুৰন্তে শিক্ষকক জনোৱাটো তোমালোকৰ প্ৰাৰম্ভিক দায়িত্ব । এই ক্ষেত্ৰত শিক্ষকসকলৰ লগতে
মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ দায়িত্ব অধিক। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ১২১
কোটি জনসাধাৰণৰ ২.২১ শতাংশ অৰ্থাৎ ২.৬৮ কোটি ব্যক্তি বিশেষভাৱে সক্ষম | এই সকলক
বাদ দি আমি দেশখনৰ সামগ্ৰিক উন্নয়নৰ কথা চিন্তাই কৰিব নোৱাৰো। বিশেষভাৱে সক্ষম
ব্যক্তিৰ অধিকাৰ আইন ২০১৬ অনুসৰিও তেওঁলোকক সেই অধিকাৰ প্রদান কৰিছে।
আৰু এটা সমস্যাই ভয়াৱহ ৰূপ লৈছে আমাৰ ছাত্ৰ সমাজত। অৱশ্যে এই সমস্যা মহাবিদ্যালয়
পৰ্যায়তহে আৰু ছাত্ৰাৱাসবিলাকতহে দেখা দিছে। সেইটো হৈছে ৰেগিং। ৰেগিঙৰ নামত জ্যেষ্ঠ
ছাত্ৰই কনিষ্ঠ ছাত্ৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা দেখা গৈছে। যদিও এই
আমি হাইস্কুলৰ পৰ্যায়তে এনেকুৱা মূল্যবোধ আয়ত্ত কৰিব লাগে যাতে ডাঙৰ হৈ সকলোকে
সন্মান কৰিবলৈ শিকৌ। উদ্বিগ্নতা আৰু খং, ছাত্ৰ-ছাত্ৰীসকলৰ সহজাত স্বভাৱ। খুব সোনকালে
খং উঠে এই অৱস্থাত। এই খং আৰু উদ্বিগ্নতাই কিন্তু জীৱন গঢ়াত সহায় নকৰে। এনেধৰণৰ
স্বভাৱক সংযত কৰা দৰকাৰ৷ যোগাসন আৰু প্রাণায়মৰ দ্বাৰাহে এনে সংযম আহে। সেই কাৰণে
ছাত্ৰাৱস্থাৰ পৰাই যোগা৷সন আৰু প্রাণায়াম কৰা খুব দৰকাৰ |” তাৰপিছত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ
ফালে চাই ক’লে — “এই কথাবোৰ বহলভাৱে এইকাৰণেই ব্যাখ্যা কৰিছোঁ যাতে এই বয়সতে
ছাত্ৰ-ছাত্ৰীসকল মানৱ অধিকাৰৰ বিষয়বোৰৰ সম্পৰ্কত অৱগত হয় আৰু তেওঁলোকৰ অঞ্চলতো
অথৰ্নৈতিক উন্নয়ন
--- Page 72 ---
এই বিষয়ে ব্যাখ্যা আগবঢ়াব পাৰে। ইয়াৰ দ্বাৰ৷ মানৱ অধিকাৰ ভংগৰ ঘটনাসমূহ ঘটাৰ পৰিমাণ
হাস হ’ব আৰু এটা সময়ত সমূলঞ্চে অসামাজিক কাৰ্যবোৰ বন্ধ হৈ পৰিব। মানৱ অধিকাৰৰ
বিষয়বোৰৰ প্রতি যাতে সকলো ছাত্ৰ-ছাত্ৰীয়েই সজাগ হয় তাৰ বাবে মাহেকত এবাৰ নাটক,
কুইজ বা বক্তৃতা প্রতিযোগিতা পাতিব পাৰে আৰু এইবোৰত আগ-ভাগ ল’ব লাগিব বিদ্যালয়ৰ
সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীয়ে। এনেকুৱা অনুষ্ঠানবোৰত চৰকাৰৰ যিবোৰ উন্নয়নমূলক আঁচনি,
সেইবোৰৰ বিষয়েও আলোচনা হ’ব লাগে। উদাহৰণস্বৰূপে সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত
বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হৈছে, বিনামূলীয়া নামভৰ্তি আনকি ইউনিফৰ্মে দিয়া হৈছে।
জগতত গতিশীলতা আনিবলৈকে লোৱা হৈছে। এই আঁচনিবোৰৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলে
জনাটো দৰকাৰ৷ সেইদৰে স্বচ্চ ভাৰত অভিযান আৰু অন্যান্য আঁচনিসমূহৰ বিষয়েও ছাত্ৰ একতা
সভাই শিক্ষকসকলৰ সহযোগত আলোচনাৰ আয়োজন কৰিব লাগে।”
কথাখিনি কৈ সকলোকে ধন্যবাদ জনাই পৰিদৰ্শকগৰাকী বহিল৷ লগে লগে শৰ্মা চাৰ থিয়
হ’ল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ফালে চাই ক’লে — “চাৰে আজি আমাৰ দায়িত্ব সম্পৰ্কত
কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক’লে। আমি নিশ্চয় সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম।
মুঠতে শিক্ষাৰ যি সৰ্বাংগীণ বিকাশৰ উদ্দেশ্য সেইটো তেতিয়াহে সাৰ্থক হ’ব, দেশ আৰু জাতিৰ
ভবিষ্যতৰ কল্যাণ তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া তোমালোকে ছাত্ৰ অৱস্থাৰ পৰাই সুস্থ আদৰ্শৰে
পৰিচালিত হৈ তোমালোকৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবা। বিজ্ঞান আৰু
নোৱাৰিলে শিক্ষা গ্ৰহণৰ প্রকৃত উদ্দেশ্য আৰু লক্ষ্যত উপনীত হ’ব নোৱাৰিবা৷ শিক্ষিত হ’বা,
কিন্তু মানৱীয় গুণেৰে সমৃদ্ধ মানুহ হ’ব নোৱাৰিবা। ছাত্ৰ অৱস্থাতেই দেশক, জাতিক নেতৃত্ব
দিবলৈ সমৰ্থ হ’ব লাগিব। সততা, ন্যায়নিষ্ঠা, ধৈৰ্য আদি গুণসমূহ আয়ত্ত কৰিবলৈ অভ্যাস
কৰিব লাগিব। সিদিনা কৈছিলো নহয়, আজি যিটো অভ্যাস কৰিবা সেইটো কাইলৈ স্বভাৱ হ’ব
আৰু সেই স্বভাৱেই এদিন তোমালোকৰ চৰিত্ৰ হ’ব । তোমালোকৰ চৰিত্ৰ ছাত্ৰাৱস্থাতেই গঢ় দি
তাৰপিছতেই সভা ভংগ বুলি কোৱাত সকলো থিয় হ’ল আৰু খেলপথাৰৰ পৰা৷ বিদ্যালয়গৃহৰ
ফালে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে পৰিদৰ্শকগৰাকীও গ’ল। সকলো ছাত্ৰ-ছাত্ৰীয়ে সেই
আজি সকলোৱে দেখুৱাই থৈ গ’ল!
খোৱাবস্তুৰ অপব্যয় আৰু আমাৰ বোধশ্ন্য ব্যৱহাৰ
এইকেইদিনৰ ভিতৰতে বিদ্যালয়খনৰ পৰিৱেশেই সলনি হৈ পৰিছে। সকলো ছাত্ৰ-ছাত্ৰীয়েই
নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে। ৰাস্তাইদি আহৌতে পথ সুৰক্ষাৰ সকলো নীতি-
নিয়ম পালন কৰি আহিছে। ৰাস্তাইদি কোনোবা ডাঙৰ ল’ৰাই হেলমেট নিপিন্ধাকৈ বাইক চলাই
গ’লেও চিঞৰি দিয়ে — “দাদা, হেলমেট পিন্ধক, হেলমেট পিন্ধক”। বিদ্যালয়লৈ আহোঁতে
কোনোবা বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালী দেখিলে তেওঁক সহায় কৰিছে। বিদ্যালয়ৰ চৌহদ
সুন্দৰকৈ পৰিষ্কাৰ কৰিছে। কোনেও ক’বলগীয়া হোৱা নাই। নিজে নিজে দায়িত্ববোৰ পালন
কৰি গৈছে। কোনোবা ল’ৰা-ছোৱালীয়ে ৰাগীয়াল দ্রব্য সেৱন কৰিছে নেকি, তালৈও চকু
ৰাখিছে। আনকি প্রায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই ঘৰত যোগাসন আৰু প্রৰাণায়ামো কৰিবলৈ লৈছে।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 73 ---
ছাত্ৰ-ছাত্ৰীৰ আচাৰ-ব্যৱহাৰৰ এই পৰিৱৰ্তনবোৰ দেখি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীকলো
অভিভূত হৈ পৰিছে। তাৰবাবে সকলোৱে শৰ্মা চাৰক ধন্যবাদ জ্ঞাপন কৰিলে। শৰ্মা চাৰে কিন্তু
কৃতজ্ঞতাৰে মুখত হাঁহি বিৰিঙাই ক’লে-- “মই অকলে একো কৰা নাই। আপোনালোক
সকলোৰে সহযোগিতাতহে এইবোৰ সম্ভৱ হৈছে”।
দুদিনমানৰ পিছতে সকলোৱে দেখিলে শৰ্মা চাৰে প্র৷ৰ্থণা সভালৈ কিছু নিলগৰ মহাবিদ্যালয়
এখনৰ প্ৰৱক্তা এজনক, যিজন এসময়ত এই বিদ্যালয়খনৰে প্রাক্তন ছাত্ৰ আছিল, তেওঁক লগত
লৈ আহিছে। ইতিমধ্যে বাতৰি কাকত আলোচনীত বহু চিন্তাউদ্ৰেককাৰী নিৱন্ধ লিখি প্ৰৱক্তা
গৰাকী সকলোৰে পৰিচিত হৈ পৰিছে। প্রাক্তন ছাত্ৰজনক দেখি শিক্ষক-শিক্ষয়িত্ৰীকল আৱেগত
অভিভূত হৈ পৰিল। প্রাৰ্থণা শেষ হোৱাৰ পিছতে শৰ্মা চাৰে প্রবক্তাগৰাকীক সকলো ছাত্ৰ-
ছাত্ৰীৰ লগত চিনাকি কৰাই দি ক’লে-- “এখেত আমাৰ বিদ্যালয়ৰ প্রাক্তন ছাত্ৰ। এতিয়া
অসমৰে এগৰাকী সন্মানীয় ব্যক্তি। বাতৰি কাকত, আলোচনীত তোমালোকেও চাগে এখেতৰ
নামটো দেখিছা। সেইফালৰ পৰা এখেত আমাৰ বিদ্যালয়ৰ গৌৰৱ। আমি এখেতক আজি
নিমন্তুন কৰি আনিছো তোমালোকক খুব দৰকাৰী বিষয় এটাৰ সম্পৰ্কত দুআষাৰ PACA” |
লগে লগে প্রৱক্তাগৰাকীয়ে সকলোকে নমস্কাৰ জনালে--- “আচলতে বিদ্যালয়খনৰ
প্রতি মোৰো দায়িত্ব আছে। মই নিজেই আহিব লাগে৷ আজি শৰ্মা চাৰে নিমন্ত্ৰণ দিয়াত ভালেই
পালো। আজি তোমালোকৰ লগত আমি সঘনাই কৰি থকা এটা বেয়া কামৰ কথা আলোচনা
কৰিম, যিটো আমি সকলোৱেই কৰি থাকো, কিন্তু আজিলৈকে কোনেও গুৰত্ব দিয়া নাই”।
ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলো আচৰিত হ’ল--- এনেকুৱা কি বেয়া কাম সকলোৱে
কৰি থাকে, অথচ কোনেও গুৰুত্বই নিদিয়ে? মুখত হাঁহি বিৰিঙাই সকলোৰে ফালে এবাৰ চাই
প্রৱক্তাগৰাকীয়ে কৈ গ’ল — “তোমালোকে বাৰু এটা কথা লক্ষ্য কৰিছানে, বিয়া, জন্মদিন বা
কাৰোবাৰ বিবাহ-বাৰ্ষিকী অনুস্থানত বা ৰাজহুৱা সভা-সমিতিত যেতিয়া খোৱাৰ আয়োজন
চলে, তেতিয়া খোৱা বস্তুৰ যথেষ্ট SAGA কৰা হয়। নষ্ট কৰা৷ VA | ভালকৈ লক্ষ্য কৰিবাচোন,
বিয়া,জন্মদিন বা কাৰোবাৰ বিবাহ-বাৰ্ষিকী অনুষ্ঠানত বা ৰাজহুৱা সভা-সমিতিত বহুতে থালখনত
এগালমান খোৱাবস্তু লয়। কিন্তু তাৰ আধাও খাব নোৱাৰে। নষ্ট কৰি ডাষ্টবিনত পেলাই দিয়ে।
2 দেখিছোঁ দেখিছৌ। — সকলোৱে একেলগে ক’লে।
2 তোমালোকৰ ক্ষেত্ৰতো চাগৈ এনেকুৱা হয়। মাংস দেখি খাব পাৰিম বুলি এগালমান
লোৱা। কিন্তু পিছত খাব নোৱাৰি আধাখিনিয়েই পেলাই দিয়া।
সকলো ল’ৰা-ছোৱালীয়েই কথাটো অনুভৱ কৰি লাজতে তলমূৰ কৰিলে। শিক্ষক-
শিক্ষয়িত্ৰীসকলো কিছু TAS হ’ল। তেওঁলোকেও দেখোন মাজে মাজে এনেকৈ খোৱাবস্তৰ
অপব্যয় কৰে! প্রৱক্তাগৰাকীয়ে বিনয়ীভাৱে ক’লে — “এইটো খুব বেয়া অভ্যাস আমাৰ।
আমাৰ দেশত বহুত এনে মানুহ আছে যি ভালকৈ এসাঁজ খাবলৈ পোৱা নাই। তদুপৰি এই
খাদ্যবস্তুবোৰৰ উৎপাদনত খেতিয়কৰ যথেষ্ট কষ্ট নিহিত হৈ আছে। অথচ আমি যথেষ্ট পৰিমাণৰ
CARRY এটা মুহূৰ্ততে অকণো চিন্তা নকৰাকৈ নষ্ট কৰি পেলাওঁ ? আমি এটা সমীক্ষা চলাইছিলোঁ।
সেই সমীক্ষা অনুসৰি প্রায় ৯০ শতাংশ লোকে মত ব্যক্ত কৰিছে যে বিবাহৰ অভ্যৰ্থনা
অনুষ্ঠানসমূহত আটাইতকৈ বেছি খোৱাবস্ত নষ্ট হয়। প্রায় ৩২ শতাংশ লোকে মত ব্যক্ত কৰিছে
যে জন্মদিন বা কাৰোবাৰ বিবাহ-বাৰ্ষিকীৰ অভ্যৰ্থনা অনুস্থানত খোৱাবস্তুৰ যথেষ্ট অপব্যয় হয়।
অথৰ্নৈতিক উন্নয়ন
--- Page 74 ---
আৰু প্রায় ৫০ শতাংশ লোকে মত ব্যক্ত কৰিছে যে আলোচক্ৰ, কৰ্মশালা আৰু ৰাজহুৱা অনুষ্ঠান
আদিত যি আহাৰৰ ব্যৱস্থা কৰা হয় তাতো খোৱাবস্তুৰ যথেষ্ট অপব্যয় SAT | কি কাৰণে CHITA
এনেদৰে অপব্যয় কৰা হয়, কাৰণটো ভাবি চাইছানে?”
সকলো চিন্তিত হৈ পৰিল। ইমান খোৱাবস্ত নষ্ট কৰা হয়, কোনেওতো কথাটো চিন্তাই
কৰা নাই। কোনেও মত ব্যক্ত নকৰা দেখি প্ৰবক্তাগৰাকীয়ে ক’লে — “আমাৰ সমীক্ষাত প্রায়
৭২ শতাংশ লোকে মত ব্যক্ত কৰিছে যে বিবাহ, জন্মদিন বা কাৰোবাৰ বিবাহ-বাৰ্ষিকীৰ অভ্যৰ্থনা
অনুষ্ঠানত বিধে বিধে, প্রায় বিশ পচিশ বিধ বিবিধ খোৱাবস্তুৰ আয়োজন কৰা হয়। কিছুমান
মানুহে সকলো ব্যঞ্জনৰে জুতি লোৱাৰ লোভত প্রয়োজনতকৈ অধিক খাদ্যবস্তু থালখনত লয়।
পিছত খাব নোৱাৰি আধা পেলায় দিয়ে। প্ৰায় ৭২ শতাংশ লোকে মত প্রকাশ কৰিছে যে বিবাহ
বা আহাৰৰ ব্যৱস্থা থকা অন্যান্য জনসমাগম স্থলীত লোভৰ বশৱৰ্তী হৈ প্ৰয়োজনতকৈ অধিক
খাদ্য লোৱাটো কিছুমান লোকৰ এটা স্বভাৱলৈ পৰিণত হৈছে। প্রয়োজনতকৈ বেছি খাদ্যবস্তু
লৈ আধাখিনি নোখোৱাকৈ পেলাই দি দেশৰ অৰ্থনীতিৰ যে সাংঘাতিক ক্ষতি কৰিছে, সেই
বিষয়ে তেওঁলোক লক্ষণীয়ভাৱে বোধশূন্য। আনকি এই অপব্যয়ৰ প্রতি তেওঁলোক সামান্যতমো
চিন্তিত নহয়। কিছুমানে আকৌ ৰেষ্টুৰেন্ট বা হোটেলত আভিজাত্যৰ স্বৰূপ প্ৰদৰ্শন কৰিবলৈকে
আধা খাই আধা খাদ্যবস্তু এৰি অপব্যয় Fes | এইবোৰ আমাৰ সমীক্ষাত ওলাইছে। খাদ্যবস্তুৰ
এনেধৰণৰ অপব্যয়ে আমাৰ অৰ্থনীতিত আমি গম নোপোৱাকৈয়ে খ৷ণাত্মক প্রভাৱ পেলাইছে।
ঘৰতেই হওঁক বা জনসমাগম স্থলীতেই হওঁক, আমি অপৰব্যয় কৰা খাদ্যবস্তুৰ জৰিয়তে এমুঠি
অন্নৰ বাবে হাঁহাকাৰ কৰি থকা বহু দৰিদ্ৰ লোক যে উপকৃত হোৱাৰ সুবিধা থাকে, সেই বিষয়ে
UP Hal নকৰি আমি দায়িত্বহীনতাৰ পৰিচয় দি আছোঁ৷”
এইখিনি কৈ প্রবক্তাগৰাকীয়ে সকলোৰে মুখৰ ফালে এবাৰ চালে। সকলোৰে মুখবোৰ
গম্ভীৰ, চিন্তিত। অবিবেচকৰ দৰে আমি দেখোন সকলোৱে এনেদৰে খাদ্যবস্তুৰ অপব্যয় কৰি
আছোঁ! প্রবক্তাগৰাকীয়ে আকৌ হাঁহি বিৰিঙাই ক’লে — “বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি
এতিয়াৰ পৰা আমি নিশ্চয় খাদ্যবস্তুৰ অপব্যয় নকৰে৷ বুলি সিদ্ধান্ত ল’ব পাৰো 2” প্রবক্তাগৰাকীৰ
কথাত সকলোৱে হয়ভৰ দিলে। তেখেতে আকৌ আৰম্ভ কৰিলে --“খোৱাৰ কথা ওলাল
যেতিয়া আৰু দুটামান দৰকাৰী কথা কৈ থওঁ। স্বাস্থ্য ৰক্ষাৰ বাবে চাফ-চিকুণতা খুব জৰুৰী।
খোৱাৰ আগত বা এনেও সময়ে সময়ে আমাৰ হাত দুখন চাবোনেৰে প্রায় বিশ চেকেণ্ড সময়
ভালদৰে ধুব লাগে। বাহিৰলৈ ওলাই আহোতে বিভিন্ন ৰোগৰ বীজাণু যাতে আমাৰ দেহত
প্রৱেশ কৰিব নোৱাৰে তাৰবাবে মুখত “মাস্ক”খন পিন্ধাটো খুব জৰুৰী। আমাৰ দেহত ৰোগ
প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে সঘনাই কুহুমীয়া পানী সেৱন কৰিব লাগে। প্রতিদিনে
কমেও ত্ৰিশ মিনিট সময় প্রাণায়াম, যোগাসন আৰু ধ্যানৰ অভ্যাস কৰিব লাগে। এইখিনি
কৰিলে আমাৰ দেহ সুস্থ হৈ থাকিব”।
আনন্দতে শৰ্মা চাৰে হাত-চাপৰি বজালে। লগে লগে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলেও
বজালে, ছাত্ৰর-ছাত্ৰীসকলেও বজালে ৷ শৰ্মা চাৰে প্রবক্তাগৰাকীক ধন্যবাদ জনাই ছাত্ৰ-ছাত্ৰীসকলক
ক’লে — “কিমান দৰকাৰী কথা আজি আমি আলোচনা কৰিলো, নহয়নে? মনত ৰাখিবা,দেহ
সুস্থ হ’লেই মন সুস্থ হ’ব আৰু সুস্থ মনে আমাক সদায় উন্নতিৰ জখলা ডালত ওপৰলৈ উঠাই নি
থাকিব”।
সকলোৱে হাতচাপৰি বজাই নিয়মানুৱৰ্তিতাৰে নিজৰ নিজৰ শ্ৰেণীলৈ বুলি খোজ ল’লে।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 75 ---
আমি যি কথা শিকিলোঁ, যি কথা বুজিলোঁ
পিছদিনা প্ৰাৰ্থনা সভা শেষ হোৱাৰ পিছতেই ছাত্ৰ একতা সভাৰ সদস্যকেইজন বাৰান্দালৈ
উঠি আহিল। গোটেইকেইজন ছাত্ৰ-ছাত্ৰী তেনেকৈ উঠি অহা শিক্ষকসকলৰ লগতে ছাত্ৰ
ছাত্ৰীসকলো আচৰিত হ’ল। বাৰান্দাত থিয় হৈ বিদ্যালয়ৰ একতা সভাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে
— “আমি বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী এই অঞ্চলৰ এটা ডাঙৰ শক্তি । এই শক্তি আমি নিজৰ
লগতে সমাজৰ মংগলৰ বাবে কামত লগাম।”
শিক্ষামন্ত্ৰীগৰাকীয়ে ক’লে --“আমাৰ এই শক্তিগোটটোৱে আমাৰ অঞ্চলৰ সকলো ল’ৰা-
ছোৱালী বিদ্যালয়লৈ আহিছেনে নাই সেইটো লক্ষ্য ৰাখিম ৷ কোনোবা ল’ৰা-ছোৱালীয়ে আধাতে
পঢ়া শেষ কৰি বিদ্যালয় এৰি গুচি গৈছে নেকি সেই বিষয়েও লক্ষ্য ৰাখিম | সাধাৰণতে গাঁও
অঞ্চলত বা অনগ্ৰসৰ অঞ্চলত ছোৱালীক অভিভাৱকসকলে বিদ্যালয়লৈ পঠোৱাৰ পৰিৱৰ্তে
ঘৰুৱা কামত লগায়। বহু ঠাইত সৰুতে বিয়া দি দিয়ে। বাল্য বিবাহ এক সামাজিক অপৰাধ৷
এইবোৰৰ বিৰুদ্ধে আমি সকলোৱে সজাগতা আনিম। শিক্ষা জগতত গতিশীলতা আনিবৰ
বাবে চৰকাৰে লোৱা আঁচনিসমূহৰ বিষয়ে আমাৰ অঞ্চলৰ সকলোকে অবগত কৰাম।
বনমন্ত্ৰীগৰাকীয়ে ক’লে — আমি সকলোৱে বিদ্যালয়খনৰ লগতে আমাৰ অঞ্চলটোও
পৰিষ্কাৰ কৰি ৰাখিম। অঞ্চলটোৰ সকলো আৱৰ্জনা এঠাইত দ’ম কৰি সেইবোৰ নিষ্কাশনৰ
ব্যৱস্থা কৰিম। অঞ্চলটোত যথেষ্ট পৰিমাণে ফলমূলৰ লগতে অন্যান্য গছ ৰোপণ কৰিম। আমাৰ
অঞ্চলটো দেশৰ ভিতৰতে পৰিষ্কাৰ অঞ্চল হিচাপে গঢ়ি তুলিম।
RATA ক’লে — বিদ্যালয়ৰ সকলে৷ ছাত্ৰ-ছাত্ৰীয়ে যথাসময়ত বিভিন্ন ৰোগ
নিৰাময়ৰ বাবে টিকাসমূহ লৈছেনে নাই সেইবোৰৰ খবৰ ৰাখিম। কোনেও যাতে ৰাগিয়াল দ্রব্য
সেৱন নকৰে সেই বিষয়েও দৃষ্টি ৰাখিম আৰু সকলে৷ ছাত্ৰ-ছাত্ৰীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতো
চকু ৰাখিম। সময় মতে চুলি, নখ আদি কাটিছে নে নাই, কিবা অসুখ-বিসুখ হৈছে নেকি সেই
বিষয়তো দৃষ্টি ৰাখিম। সময়ে সময়ে হাত দুখন চাবোনেৰে প্রায় বিশ চেকেণ্ড সময় ভালদৰে যে
ধুব লাগে, বাহিৰলৈ ওলাই আহোতে বিভিন্ন ৰোগৰ বীজাণু যাতে আমাৰ দেহত প্রৱেশ কৰিব
নোৱাৰে তাৰবাবে মুখত “মাস্ক”খন পিন্ধিব লাগে সেই বিষয়ে সজাগতা আনিম।
আইন মন্ত্ৰীগৰাকীয়ে ক’লে --- শিশু শ্রমিক, বাল্য বিবাহ, মাদক-দ্রব্য, ড্ৰাগছ, খোৱাবস্তুৰ
অপব্যয় আদি নিৰ্মূলৰ বাবে, পথ-সুৰক্ষাৰ বাবে আইনৰ যিবোৰ ধাৰা আছে সেইবোৰৰ বিষয়ে
মাজে মাজে অভিজ্ঞ লোকৰ সহায়ত সজাগতা সভা অনুষ্ঠিত কৰি আমাৰ বিদ্যালয়খন, অঞ্চলটো
ধঁপাত মুক্ত কৰি আদৰ্শ অঞ্চল হিচাপে স্বীকৃত কৰাম।
সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীয়ে ক’লে — আমাৰ বিদ্যালয়ৰ প্রতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ
নিজস্ব কিছুমান প্রতিভা আছে। প্ৰত্যেকৰে প্রতিভা বিকশিত কৰা আৰু প্রকাশিত কৰাৰ বাবে
মই কাম কৰিম।
মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ ক’লে -= আমি এটা শক্তি হৈ সকলোৰে সহযোগিতাৰে এই
দায়িত্বসমূহ পালন কৰিম। আজি আমি সকলোৰে সহযোগিতা বিচাৰিলোঁ।
ছাত্ৰ পৰিষদৰ সদস্যকেইজনৰ এই আহবানত সকলো অভিভূত হ’ল। শৰ্মা চাৰ বাৰান্দাখনলৈ
আগবাঢ়ি আহিল। প্ৰথমতে শৰ্মা চাৰেই হাতচাপৰি বজালে। লগে লগে সকলোৱে হাতচাপৰি
বজাই তেওঁলোকক অভিবাদন জনালে৷
অথৰ্নৈতিক উন্নয়ন
--- Page 76 ---
গল্পকাৰ, ওপন্যাসিক জয়ন্ত মাধৱ বৰা শিক্ষা বিভাগৰ এগৰাকী বিষয়া। বৰ্তমান অসম
সচিবালয়, দিছপুৰত কৰ্মৰত। পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জয়ন্ত মাধৱ বৰাৰ
এতিয়ালৈকে ৮খন গল্প সংকলন, ১৫খন উপন্যাস, ২ংখন গৱেষণামূলক গ্ৰন্থ, খন অনুবাদ
গ্ৰন্থ, খন Peles গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ উপৰিও তখন গ্ৰন্থ সম্পাদনা কৰিছে, তখন আলোচনী
আৰু ৭খন স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে। অঁনাতাৰ কেন্দ্ৰ যোগে VAT নাটক আৰু বহু কথিকা,
গুৱাহাটী দূৰদৰ্শন আৰু ব্যক্তিগত চেনেলযোগে জয়ন্ত মাধৱ বৰাৰ কাহিনী আৰু চিত্ৰনাট্যৰে
৬৪খন ধাৰাবাহিক আৰু ১২খন তথ্যচিত্ৰ প্ৰচাৰিত হৈছে। ১খন চলচিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰিছে।
বাতৰি কাকত, আলোচনীত বহু প্ৰৱন্ধ, গল্প, উপন্যাস প্রকাশিত হৈ থাকে। জিলা প্ৰাথমিক
আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত গৱেষণা পত্ৰ পাঠ কৰিছে। নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিৰ
বাবে দুটাকৈ পাঠ ৰচনা কৰিছে।
সন্মান ঃ (১) “অমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা
বঁটা লাভ, (২) “জাকৈয়া ছোৱালী ” গল্প সংকলনৰ বাবে ২০১৩ চনত অসম সাহিত্য সভাৰ
অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ,(৩)“মৰিয়াহোলা ” উপন্যাসৰ বাবে ২০১৪ চনত গোলাঘাট
জিলা৷ সাহিত্য সভাৰ চৈয়দ আব্দুল মালিক বঁটা লাভ, (৪) “মৰিয়াহোলা ” উপন্যাসৰ
বাবে ২০১৭ চনত সাহিত্য অকাডেমী বঁটা লাভ, (৫) ২০১৯ চনত ডঃ বি আৰ আম্বেদকাৰ
ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ।
(১) পাঠটো শিক্ষক-শিক্ষয়িত্ৰীসকলে প্রথমে পঠনৰ দ্বাৰা পাঠটোৰ বিষয়বস্তু ছাত্ৰ-ছাত্ৰীক
বোধগম্য কৰাব। প্রতিটো বিষয় ভালদৰে বিশদভাৱে বুজাই দিব। উদাহৰণস্বৰূপে ভাৰতৰ
সংবিধানৰ বিষয়ে বিশদভাৱে বুজাব পাৰে।
(২) শিশুৰ অধিকাৰৰ বিষয়ে প্ৰথমে ছাত্র ছাত্ৰীক ক’বলৈ দিব। তাৰপিছত শিক্ষক-
শিক্ষয়িত্ৰীসকলে বিশদভাৱে বুজাই দিব প্রতিটো কথা উদাহৰণৰ সৈতে।
(৩) শিশুৰ অধিকাৰ খৰ্ব হোৱা (পৃথিৱীৰ বিভিন্ন ঠাইৰ) ঘটনাবোৰৰ প্রকল্প কৰিবলৈ দিব।
ছাত্ৰ-ছাত্ৰীৰ মাজত কেইটামান দল কৰিব আৰু প্রতিটো দলে বেলেগ বেলেগ প্রকল্প কৰিব।
(৪) বিভিন্ন দিৱসৰ লগত সংগতি ৰাখিও শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠটিত উল্লেখ কৰা
ত্ৰিয়া-কলাপ সমূহ কৰাব পাৰে। উদাহৰণস্বৰূপে ১ ডিচেম্বৰত বিশ্ব এইডছ দিৱস। সেইদিনা
স্থানীয় চিকিৎসকজনক নিমন্ত্ৰন কৰি এইডছ আৰু: ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে কিছু কথা ক’বলৈ
দিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত এইডছ আৰু ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে কুইজ প্ৰতিযোগিতা
পাতিব পাৰে বা শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজে লিখি বা ছাত্ৰ-ছাত্ৰীৰ হতুৱাই লিখাই নাটক
এখন মঞ্চস্থ কৰাব।
(৫) ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস বিদ্যালয়ত উদযাপন FAS স্থানীয় যুৱক-যুৱতীৰ
হতুৱাই এই কাৰ্যসূচী কৰাব পাৰে।
(৬) ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰীক একোটা একোটা দলত ভাগ কৰাই
একোটা অঞ্চল পৰিষ্কাৰ কৰাব। শিক্ষক-শিক্ষয়িত্ৰীসকলেও তাত ভাগ ল’ব। ক্ৰিয়া-কলাপ
কৰি থাকৌতেই বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, শব্দ প্রদূষণ, মাটি প্ৰদূষণ আদিৰ বিষয়ে শিক্ষক-
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
--- Page 77 ---
শিক্ষয়িত্ৰীসকলে বিশদভাৱে বুজাই দিব প্ৰতিটো কথা উদাহৰণৰ সৈতে।
(৭) পাঠটোত উল্লেখ কৰা ধৰণে শিশু শ্রমিকৰ বিষয়ে বুজাবলৈ নাটকখন মঞ্চস্থও কৰাব
পাৰে। বা শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজে লিখি বা ছাত্ৰ-ছাত্ৰীৰ হতুৱাই লিখাই বেলেগ নাটক
এখন মঞ্চস্থ কৰাব পাৰে।
(৮) পথ-সুৰক্ষাৰ বিভিন্ন দিশৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা পাতিব পাৰে। বা ভাল
ছবি অঁকা ছাত্ৰ-ছাত্ৰীৰ হতুৱাই ছবিসমূহ অংকন কৰোৱাই সেইবোৰ বুজাই দিব পাৰে।
(৯) কৈশোৰ শিক্ষাৰ বিষয়ে কিতাপ-পত্ৰ পোৱা যায়। শিক্ষক-শিক্ষয়িত্ৰীসকলে বিশদভাৱে
সেই বিষয়ে বুজাই দিব।
(১০) বিদ্যালয় চৌহদত, সম্ভৱ হ’লে অঞ্চলটোৰ বেলেগ ঠাইতো বৃক্ষৰোপণৰ কাৰ্যসূচী
ল’ব লাগে। গছ ৰোপণৰ উপকাৰিতাৰ বিষয়ে তাতে বুজাব লাগে।
(১১) সমগ্র ক্ৰিয়া-কলাপ কৰোৱাৰ পিছত শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠটো আকৌ এবাৰ
বুজাব আৰু বিভিন্ন প্ৰশ্ন কৰি ছাত্ৰ-ছাত্ৰীসকলে বুজিছেনে নাই তাৰ মূল্যায়ন কৰিব।
প্ৰকল্প ?
ছাত্ৰ-ছাত্ৰীক তলৰ প্রকল্পকেইটা প্ৰত্যেককে কৰিবলৈ দিব।
(১) ভাৰতৰ ৰাজনৈতিক মানচিত্ৰ এখনত প্রতিখন ৰাজ্যৰ লোকসভাৰ আসনৰ সংখ্যা,
ৰাজ্যসভাৰ আসনৰ সংখ্যা আৰু সেই ৰাজ্যৰ বিধান সভাৰ আসনৰ সংখ্যা লিপিবদ্ধ কৰিব।
(২) নিজৰ অঞ্চলটো, বিদ্যালয়খনক আদৰ্শ অঞ্চল, আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ
কি কি কাৰ্যব্যৱস্থা হাতত ল’ব লাগিব তাৰ এখন তালিকা যুগুত কৰিবলৈ দিব। (এই প্ৰকল্পটো
দলগতভাৱেও কৰিবলৈ দিব পাৰে, গাইগুটিয়াকৈও কৰিবলৈ দিব পাৰে।)
(©) দলগত ভাৱে অঞ্চলটোত ক’ত ক’ত বায়ু প্রদূষণ আৰু পানী প্রদূষণ হৈছে, ক’ৰবাত
শিশু শ্রমিক আছে নেকি সেইবোৰ তথ্যৰ বাবে জৰীপ কৰিবলৈ দিব।
(৪) স্থানীয় চিকিৎসালয়খনলৈ গৈ চিকিৎসকক লগ ধৰি অঞ্চলটোত কি কি ৰোগৰ
প্ৰাদুৰ্ভাৱ বেছি, সেই ৰোগবোৰ কিয় হয়, তাৰ এখন তালিকা কৰিবলৈ fr |
(৫) শিক্ষকৰ সহযোগত বিদ্যালয়ৰ এশ মিটাৰ দূৰত্বৰ ভিতৰত ধঁপাতজাতীয় দ্ৰব্যৰ বিক্ৰী
হৈ আছে নেকি সেইটো জৰীপ কৰিব আৰু প্ৰশাসনক অৱগত কৰাব।
(৬) স্বাস্থ্যৰক্ষাৰ বিধিসমূহৰ (ল’ৰা আৰু ছোৱালীৰ পৃথকে পৃথকে) এখন তালিকা প্রস্তুত
কৰিব।
(৭) পথ সুৰক্ষাৰ বিষয়ে নিজৰ গাঁও / ৱাৰ্ডত সজাগতা শিবিৰ আয়োজন কৰা।
(ক) নিজৰ জীৱন ৰক্ষা কৰিবলৈকে হেলমেট পৰিধান কৰিব লাগে।
(খ) চিটবেল্ট পৰিধান কৰি গাড়ী চলাব লাগে।
(গ) অনুজ্ঞাপত্ৰৰ অবিহনে গাড়ী চলোৱাৰ পৰা বিৰত থাকিব লাগে।
(ঘ) পথ অতিক্ৰম কৰোঁতে কি কি সাৱধানতা ল’ব লাগে সেইবিষয়ে সকলোকে
অৱগত কৰিব লাগে।
(৬) দ্ৰুতগতিত বাইক বা গাড়ী চলোৱাৰ পৰা বিৰত থাকিব লাগে।
(৮) চাইবাৰ অপৰাধৰ বিষয়ে এটা প্ৰকল্প প্রস্তুত কৰিব।
(৯) যান-বাহন দুৰ্ঘটনা হোৱাৰ সাম্তব্য কাৰণসমূহৰ বিষয়ে নিজৰ অঞ্চলত সজাগতা
সভা পাতিব--
অথৰ্নৈতিক উন্নয়ন
--- Page 78 ---
(ক) নিচাযুক্ত দ্রব্য সেৱন কৰি গাড়ী চলালে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা।
(খ) সংযোগী পথৰ পৰা মূল পথত প্ৰৱেশ কৰোতে অসাৱধান হ’লে দুৰ্ঘটনা হোৱাৰ
সম্ভাৱনা |
(গ) ইউ (U) টাৰ্ ঘূৰোঁতে বিপৰীত দিশৰ পৰা ভুল পথেৰে প্রৱেশ কৰিলে দুৰ্ঘটনা
হোৱাৰ সম্ভাৱনা।
(ঘ) অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলাব নালাগে।
(৬) যান-বাহনৰ চলোৱাৰ নীতি-নিয়ম নামানিলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা।
(চ) অভিভাৱকসকলে কম বয়সতে নিজৰ সন্তানক গাড়ী চলোৱাৰ অনুমতি দিলে
দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা।
ছে) ৰাস্তাত বাইক চলাওতে Br (Stunt) কৰিবৰ চেষ্টা কৰিলে দুৰ্ঘটনা হোৱাৰ
সম্ভাৱনা।
(১০) তোমাৰ অঞ্চলত বিবাহ, জন্মদিন বা কাৰোবাৰ বিবাহ-বাৰ্ষিকী অনুষ্ঠানত বা ৰাজহুৱা
অনুষ্ঠানত খোৱাৰ আয়োজন কৰা থলীত খোৱাবস্তুৰ কেনেদৰে অপব্যয় কৰা হৈছে তাৰ এটা
টোকা লিখা।
(১১) খোৱাবস্তৰ অপব্যয় হৈ থাকিলে আমাৰ দেশৰ অৰ্থনীতিত কেনে প্রভাৱ পৰে,
সেই বিষয়ে তোমাৰ ধ্যান-ধাৰণাৰে এটা টোকা লিখা।
ৰাজনীতি আৰু অথনীতি বিজ্ঞান
js
Friday, August 1, 2025
SEBA Class X ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান Textbook
Subscribe to:
Post Comments (Atom)
SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook
SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook জাতি/জনগোষ্ঠী আদিপাঠ কাছাৰৰ জনগোষ্ঠীসকল কোচ ৰাজবংশীসকল চাওতালসকল চাহ জন...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
-
ভাৰতৰ ৰাজনৈতিক দল অনুশীলনীৰ প্রশ্নোত্তৰ অতি চমু প্রশ্নোত্তৰ প্রশ্ন ১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰঃ চীন। প...
-
fetch() is a modern API in JavaScript used to make network requests, typically to fetch resources from a server. It returns a Promise that...
No comments:
Post a Comment