js

Saturday, August 2, 2025

SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook

 SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook

জাতি/জনগোষ্ঠী
আদিপাঠ

কাছাৰৰ জনগোষ্ঠীসকল

কোচ ৰাজবংশীসকল

চাওতালসকল
চাহ জনগোষ্ঠীসকল

ঠেঙ্গাল কছাৰীসকল
ডিমাছাসকল

তিৰাসকল
নেপালীভাষী গৌৰ্খাসকল

মটকসকল

মৰাণসকল

মিচিৎ

মণিপুৰীসকল
ৰাভাসকল

সোনোৱাল কছাৰীসকল
হৃজং৷

নাথযোগীসকল

সূচীপত্ৰ

নৱম শ্ৰেণীৰ বাবে
সংগ্ৰাহক
নৱকুমাৰ COB
পূৰ্বাঞ্চল টাই সাহিত্য সভা
WONG ভট্টাচাৰ্য্য
কাৰ্বি সাহিত্য সভা
কোচ ৰাজবংশী সাহিত্য সভা

Neal সাহিত্য AS

চাওতালী ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰ

সুশীল কুৰ্মী, অসম সাহিত্য সভা

ডণ মানিক শইকীয়া, নিজস্ব প্ৰস্তুতি গোট

জগন্নাথ বৰুৱা কলেজ, যোৰহাট

সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠন

অসমীয়াৰ সংজ্ঞা বিচাৰি,নৱ কুমাৰ ডেকা বৰুৱা

কলিতা জনগোষ্ঠী সন্মিলন
দশম শ্ৰেণীৰ বাবে
তিৱা সাহিত্য AS
দেউৰী সাহিত্য সভা
অসম নেপালী সাহিত্য সভা
বড়ো সাহিত্য AW
সদৌ অসম মটক সন্মিলন
মৰাণ সাহিত্য AS
মিচিং সাহিত্য
অসম মণিপুৰী সাহিত্য পৰিষদ
নিখিল ৰাভা সাহিত্য সভা
সোনোৱাল কছাৰী সাহিত্য সভা
হাজং সাহিত্য Aw
নাথযোগী সন্মিলনী, অসম
আদিবাসী সাহিত্য সভা

q

পৃষ্ঠা

Si 9

+ — 3®
20 — 9
28 — 24
26+ — 08
৩৫-৩৮
oa — 88
৪৫-৪৯
৫০ — ৫৩
৫৪ — ৫৮
৫৯ — ৬৫
৬৬-৬৭
ve — V9
48 — 4b
৭৯--৮৪
৮৫-৮৯
৯০--৯৬
৯৭--১০২
১০৩ঙ--১১১
১১২-- ১২০
১২১০-১২৪৭
১২৮-১৩৪
১৩৫-১৪৩
১৪৪-১৪৮
১৪৯০-১১৫১
১৫১-১৫৩

--- Page 9 ---

--- Page 10 ---
আদিপাঠ

ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ Rel দুয়োপাৰৰ বিভিন্ন ভৌগোলিক অঞ্চলসমূহত অৱস্থিত পাহাৰ-ভৈয়াম,
জান-জুৰি, উপনদী, হাবি-বননিৰে অসম এক বৈচিত্ৰ্যময় দেশ। এই বৈচিত্ৰ্যময় ভৌগোলিক অৱস্থানসমূহত
ভিন্নভাষী, ভিন্ন সংস্কৃতিৰ, বিভিন্ন জাতি-জনজাতিৰ বাসস্থান। এই জনগোষ্ঠীসমূহ ভিন্ন ভাষা আৰু ভিন্ন
পৰিচয়ৰে অনৈক্যৰ মাজত অসমীয়া হিচাপে এক Gays সৃষ্টি কৰি অনাদিকালৰ পৰা বসবাস কৰি আহিছে
আৰু প্রৱজিত নতুনকো আদৰি লৈছে। এনে অসমবাসীৰ কিছু জনগোষ্ঠীৰ চমু পৰিচয় ছাত্ৰ-ছাত্ৰীসকলৰ
বাবে আগবঢ়োৱা BA |

কৈৱৰ্ত 3 কৈৱৰ্তসকল অতি বিনয়ী আৰু অতিথিপৰায়ণ সম্প্ৰদায়। নামনি অসমৰ কৈৱৰ্তসকলে
নিজকে নমশূদ্ৰ বুলি পৰিচয় দিয়া দেখা যায়। কৈৱৰ্তসকলক জালিয়া বা শালৈ বুলিও জনা যায়।

বণিয়া 3 বণিয়া সম্প্ৰদায় ভাৰতৰ সকলো ৰাজ্যতে বিস্তাৰিত। এই বণিয়াসকলৰ ইতিহাসৰ কোনোবা
এটা সময়ত অসমলৈ আগমন ঘটিল আৰু হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। বণিয়া সম্প্ৰদায় মূলতঃ
বৈশ্যসকলৰেই এটা ভাগ সোণাৰি বৈশ্যৰ অংশবিশেষ আৰু বহুতে বণিক্য, দাস আদি উপাধিও লিখা দেখা
যায়।

হীৰা ঃ হীৰাসকল মাটিৰ কলহ, চাকি, ধূনাদানি ইত্যাদি প্রস্তুত কৰা সম্প্ৰদায়। হীৰাসকল অসমৰ
অসমীয়াভাষী অনুসূচিত SHS | হীৰাসকলে মাটিৰ পাত্ৰ গঢ়াৰ বাবে কুমাৰ চাক বা চকৰীৰ সহায় লয়। উজনি
অসমৰ হীৰা সম্প্ৰদায়ৰ এচাম লোকে সোণাৰিৰ কাম কৰে।

সুত ঃ জনশ্ৰুতি অনুসৰি সুতসকল ক্ষত্ৰিয় পুৰুষ আৰু ব্ৰাহ্মণ কন্যাৰ বিবাহৰ ফলত সৃষ্টি হোৱা
জাতি। প্রথম মনু AGS জ্যেষ্ঠ পুত্ৰ AAS শাস্ত্ৰমতে প্ৰথমজন ক্ষত্ৰিয়। তেওঁৰ বংশৰ উত্তৰ পুৰুষ
যযাতিয়ে শুক্ৰাচাৰ্যৰ ব্ৰাহ্মণ কন্যা দেৱযানীক বিবাহ কৰাইছিল। সেই সময়ৰ সামাজিক নীতি-নিয়ম মতে এই
অসবৰ্ণ বিবাহৰ ফলস্বৰূপে জন্ম হোৱা যযাতি আৰু দেৱযানীৰ সম্তানসকল সুত জাতিৰ বুলি পৰিচিত হৈছিল।
সাৰথ্য কৰ্ম বা সুতসকলৰ একাংশৰ বিভিন্ন দিখ্বিজয়ী বীৰৰ ৰথৰ পৰিচালক হিচাপে অতি প্রাচীন কালতেই

হালৈ ঃ অসম চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সন্প্ৰদায়সমূহৰ নথিভুক্তি তালিকাত হালৈ নামৰ


--- Page 11 ---
২ বৈচিত্ৰ্যময় অসম
এটা সম্প্ৰদায় আছে। হালৈসকল কেওটসকলৰে অংশ বিশেষ আৰু হালৈ, মালী আৰু জালৈ নামৰ তিনিটা
পৰিচয়েৰে পৰিচিত বুলি জনা যায়। হালৈ শব্দই হালোৱা বা খেতিয়ক বুজায়। হালৈ সকলে পূজা-পাৰ্বণ,
শ্ৰাদ্ধ আদি বৈষ্ণৱ পৰম্পৰাৰে সমাপন কৰে। মৃতকৰ সৎকাৰ চিতাৰ অগ্নিত দাহ কৰি কৰা হয়। হালৈসকল
অসমীয়া মূলসুঁতিৰ অসমীয়া ভাষী খাচ অসমীয়া। মালী হালৈসকল ঘাইকৈ মালী বা ফুল বাগিচাৰ খেতিয়ক।

বকলিয়াল ঃ কছাৰী পৰিচয়ৰ এটা অতি ক্ষুদ্ৰ জনজাতি হৈছে বকলিয়ালসকল। বকলিয়ালসকলৰ
বহুতে নিজকে সোণোৱালৰ এক অংশ ৰূপে পৰিচয় দিলেও বকলিয়ালসকল বৰ্তমান কালত এটা সুকীয়া
ক্ষুদ্ৰ আৰু প্রায় আঢ়ৈ হাজাৰ মান পৰিয়ালৰ এক অসমীয়াভাষী জনজাতি।

মেচ কছাৰী £ মেচ জনজাতি অসমৰ বৃহত্তৰ কছাৰীসকলৰ এক ক্ষুদ্ৰ অংশ। বৰ্তমানৰ নাগালেণ্ড
ৰাজ্যৰ ডিমাপুৰ আৰু কাষৰীয়া অঞ্চলসমূহ মেচ কছাৰীসকলৰ অধ্যুষিত অঞ্চল আছিল। বৰ্তমান মেচসকল
অসমীয়া ঘাই সুঁতিৰ লগত প্রায় মিলি যোৱা এটা জনজাতি।

শৰণীয়া কছাৰী £ শৰণীয়া কছাৰী অসমৰ এক উল্লেখযোগ্য নৃগোষ্ঠী আৰু ঘাইকৈ ওদালগুৰি,
বাক্সা, কামৰূপ আদি জিলাৰ বাসিন্দা ‘শণ্যা কছাৰী’ক অসমীয়া সাধু ভাষাত শৰণীয়া কছাৰী বুলি কোৱা৷ হয়
আৰু এই নামেৰেই শৰণীয়া কছাৰীসকল পৰিচিত। শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱবাদ
আৰু আন্দোলনৰ ফলত কিছু সংখ্যক শৰণীয়া কছাৰী লোকে ধৰ্মান্তৰত হৈ বৈষ্ণৱ ধৰ্ম তথা সনাতন ধৰ্ম গ্ৰহণ
কৰিছিল যদিও তেওঁলোক স্বকীয় কৃষ্টি-সংস্কৃতিৰে বৰ্তমান এক পৃথক জনগোষ্ঠী।

মদাহী সম্প্ৰদায় ১ জনশ্ৰুতি অনুসৰি নেপালৰ মদাই নদীৰ পাৰৰ কিৰাট কছাৰী মূলৰ বংশোদ্ভৱ এটা
জনগোষ্ঠী হৈছে মদাহীসকল। | মদাহীসকলে মদাহী, ৰয়, ডেকা, ইত্যাদি উপাধি লিখা দেখা যায় আৰু নিজকে
মদাহী কছাৰীৰূপে পৰিচয় দিয়ে। অসমৰ্থিত তথ্য অনুসৰি মদাহীসকলৰ জনসংখ্যা প্রায় পাঁচ লাখ আৰু
বি.টি.এ.ডি. এলেকাৰ দ্বিতীয় বৃহৎ জনজাতি।

বৰাহী আৰু চাওদাং $ আহোমসকলৰ আগমনৰ পূৰ্বৰে পৰা অসমত থকা এটি জনগোষ্ঠী হ'ল
বৰাহী। কিন্তু বৰ্তমান বৰাহী পৰিচয়ৰ জনগোষ্ঠী সাধাৰণতে দেখা ARI | আহোমৰ ৰাজত্বকালত দোষীক
শাস্তি দিবৰ বাবে চাওদাং নামৰ এটি পদবীৰ সৃষ্টি কৰা হৈছিল। এওঁলোক চাওদাং নামে পৰিচিত।

ৰিয়াং 3 অসমৰ স্বায়ত্ব শাসিত কাৰ্বি আংলং, বৰাক উপত্যকা আৰু ডিমা হাচাও জিলাত বসবাস
কৰা ৰিয়াংসকল জনশ্ৰুতি অনুসৰি ডিমাচাসকলৰ সৈতে একে বংশোদ্ভৱ।

ৰেংমা ঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত জিলাৰ পাহাৰীয়া অনুসূচিত জনজাতিসকলৰ ভিতৰত
ৰেংমাসকলো অন্যতম। ৰেংমাসকল বৃহত্তৰ নগা টিয়েনিয়েমা বংশোদ্ভৱ আংগামি, চাকাচাং, জেলিয়াৰং, মাও,
টিউমাই আদি জনজাতীয় জনগোষ্ঠীৰ ভাতৃ জনজাতি। প্রচলিত নগা শব্দই কোনো এটা বিশেষ জনগোষ্ঠীক


--- Page 12 ---
বৈচিত্ৰ্যময় অসম ৩

নুবুজায়। অৰ্থাৎ নগা নামৰ কোনো জনগোষ্ঠী নাই। কিন্তু নগা শব্দই CHM, লুঠা, আও, জেমি, eat ইত্যাদি
প্রায় ১৬ -টা ভিন্ন ভাষী ভিন্ন জনজাতীয় জনগোষ্ঠী সমষ্টিক প্রতিনিধিত্ব কৰে।

জেমি নগা 3 নগা ৰাণী গাইডালু পাহাৰীয়া জনজাতিৰ জেমি সম্প্ৰদায়ৰ এগৰাকী মহীয়সী নাৰী।
জেমি শব্দই, জেমি, লিয়াংমাই আৰু ৰংমাই নামৰ তিনিটা ভিন্ন ভাতৃ সম্পৰ্কীয় জনগোষ্ঠীক বুজায়। বৰ্তমানৰ
ডিমা হাচাও জিলাৰ অতি থিয় পাহাৰ বৰাইলৰ বাসিন্দাসকলেই হ’ল জেমি নগা |

ৰংমাই ঃ পূৰ্বৰ অবিভক্ত কাছাৰ জিলা আৰু বৰ্তমানৰ ডিমা হাচাও জিলাৰ বাসিন্দা নগা পৰিচয়ৰ
এক জনজাতি হ’ল ৰংমাইসকল। ৰংমাইসকল কৃষিজীৱী আৰু দুই এক বিভিন্ন চৰকাৰী পদবীত নিয়োজিত
যদিও কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাচাও জিলাৰ মূলতঃ চাফাই কৰ্মী ৰূপে জনাজাত।

মিজু বা লোচাই ঃ মিজোৰাম ৰাজ্য গঠন হোৱাৰ পিছত অসমত এমুঠিমানহে মিজো পৰিয়াল স্বায়ত্ব
শাসিত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত দেখা যায়।

AT $ প’য়সকল মূলতঃ বৰ্তমানৰ মিজোৰামৰ এটা ক্ষুদ্ৰ জনজাতীয় জনগোষ্ঠী আৰু তেওঁলোকৰ
ভাষা AA | মিজোৰাম চৰকাৰে প’য়সকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে পয় স্বায়ত্ব শাসিত পৰিষদ গঠন
কৰি দিছে।

লাখেৰ ঃ লাখেৰসকল মূলতঃ মিজোৰামৰ বাংলাদেশ সীমান্তৰ চিম্‌ পুই টুই নামৰ হদৰ পাৰৰ বাসিন্দা
এক ক্ষুদ্ৰ জনজাতি। তেওঁলোকে নিজকে মিজু বুলি পৰিচয় দিয়ে; কিন্তু তেওঁলোক মাতৃভাষা মিজু বা লুচাই
নহয়, লাখেৰ ৷ মিজোৰাম চৰকাৰে লাখেৰসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে লাখেৰ স্বায়ত্ব শাসিত পৰিষদ
গঠন কৰি দিছে।
কৰি মেঘালয় ৰাজ্যৰ সৃষ্টি হোৱাৰ পিছতো বৰাইল পৰ্বতৰ বিভিন্ন অংশত অৱস্থিত বৰ্তমানৰ কাৰ্বি আংলাং,
ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত কিছুসংখ্যক খাচিয়া, জয়ন্তীয়া গাঁও অসমৰ সীমাৰ
ভিতৰতে থাকি গ’ল। জয়ন্তীয়া আৰু খাচিয়াসকলে নিজকে দুটা পৃথক জাতি ৰূপে পৰিচয় দিলেও দুয়োটা
জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ মিল আছে।

খামতি, ফাকিয়াল (বা টাই ফাকে), মান (টাই ভাষী), তুৰুং আৰু দোৱনীয়াসকলঃ খামতি জনজাতি
অসমৰ স্বায়ত্বশাসিত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বাহিৰে অন্য জিলাসমূহৰ তালিকাভুক্ত
অনুসূচিত জনজাতি। মান (টাই ভাষী) সকল অসমৰ স্বায়ত্বশাসিত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য
জিলাৰ অনুসূচিত জনজাতি।


--- Page 13 ---
৪ বৈচিত্ৰ্যময় অসম

খাম্তি, ফাকিয়াল মান (টাই ভাষী)-সকল ব্ৰহ্মদেশীয় মূলৰ। মান (টাই ভাষী) আৰু অসমৰ
স্বায়ত্বশাসিত জিলা কাৰ্বি আলং আৰু ডিমা হাচাওক বাদ দি বাকী অঞ্চলত বসবাস কৰা খাম্তিসকল মূলতঃ
টাই WAT | মান বা খাম্তি টাই ভাষী লোকসকলক মূলতঃ আইতনীয়া খামিয়া বা নৰা ৰজাৰ বংশোদ্ভৱ আৰু
শ্যাম বা বাইলুং ৰূপে পৰিচিত।

তুৰুং আৰু দোৱনীয়া নামৰ তেওঁলোকৰ দুটা ঠাল আছে। তুৰুং আৰু দোৱনীয়াসকলে চিংফৌ
ভাষা কয় আৰু আইতনীয়া, খামিয়া আৰু শ্যাম বা বাইলুংসকলে টাই ভাষা কয়। মান বা খাম্ৃতিসকলৰ
সমগোত্ৰীয় আন এক সম্প্ৰদায় হ’ল ফাকিয়ালসকল। খামতি, ফাকিয়াল, মান (টাই ভাষী)-সকল হীনযান
বৌদ্ধ ধৰ্মাৱলম্বী।

চিংফৌ ঃচিংফৌসকল ব্ৰহ্মদেশীয় মূলৰ এটা ক্ষুদ্ৰ জনগোষ্ঠী। চিংফৌসকলৰ ভাষা চিংফৌ।
চিংফৌসকল হীনজান বৌদ্ধ ধৰ্মাৱলম্বী।

কুকী ঃ কুকী নামৰ কোনোধৰণৰ জনজাতীয় জনগোষ্ঠী নাই। শুনা যায়, স্বৰাজোত্তৰ ইংৰাজসকলৰ
আমোলত বৰ্তমানৰ বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ চাকমাসকলৰ কপাহখেতি কৰা অঞ্চলত থাদ’”
মাৰ, বেইতে, ৰাংখল, পাইতে, গাংটে, খেলমা, ভাইফুই ইত্যাদি জনগোষ্ঠীয় লোকসকলে এওঁলোকৰ চিকাৰথলী
কপাহখেতি কৰি হাবি ভাঙি ধ্বংস কৰা বুলি সময়ে সময়ে লুট-পাত চলাইছিল। এই লোকসকলক ভুলক্ৰমে
তেতিয়াৰ ইংৰাজসকলে কুকী বুলি সম্বোধন কৰিছিল।
চাক্মা সম্প্ৰদায় £ চাক্‌ৃমাসকল অসমৰ স্বায়ত্ব শাসিত জিলা কাৰ্বি আলং আৰু ডিমা হাচাওৰ পাৰ্বত্য
জিলাৰ অনুসূচিত জনজাতি | চাক্‌মাসকল হীনযান বৌদ্ধধৰ্মৰ অনুগামী। চাক্‌মাসকল বৰ্তমানৰ বাংলাদেশীয়
মূলৰ জনজাতি। বৰ্তমান বাংলাদেশৰ চিতাগং অঞ্চলত চাক্‌্মাসকলৰ ৰাজত্ব আছিল আৰু ইংৰাজসকলে
চাক্‌মাসকলৰ হতুৱাই অতি উত্তম মানদণ্ডৰ কপাহ উৎপাদন কৰাইছিল।

কেওট ঃ কেওটসকল মূলতঃ হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুসৰি নাৱৰীয়া আৰু মৎস্যজীৱি মানুহ। ৰামায়ণত
কেওটে শ্ৰীৰামচন্দ্ৰক নদী পাৰ কৰি দিয়া কাহিনী বৰ্ণনা কৰা আছে আৰু তেতিয়াৰ পৰাই শূদ্ৰ ৰূপে পৰিচিত
কেওটসকলক FAAP মাজত সন্মানীয় স্থান দিয়া হয়।

বৈশ্য ঃ ভাৰতীয় হিন্দু পৰম্পৰা অনুসৰি হিন্দু সমাজ চাৰিটা বৰ্ণ ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য
ৰূপে বিভাজিত। বৈশ্যসকল মূলতঃ পাৰম্পৰিক খেতিয়ক সম্প্ৰদায় যদিও অসমীয়া বৈশ্যসকল বিভিন্ন
ব্যৱসায়ৰ লগত জড়িত। অসমীয়া বৈশ্যসকল সাউদ বৈশ্য, সোণাৰি বৈশ্য আৰু আৰ্য বৈশ্য ৰূপে তিনিভাগত
বিভক্ত বুলি জনা যায়। Gaels অনুসৰি সাউদ বৈশ্যসকল চান্দ সদাগৰৰ বংশধৰ, সোণাৰি বৈশ্যসকল
সোণাৰি, বণিয়া বা ব্যৱসায়ী আৰু আৰ্য বৈশ্যসকল আৰ্য বংশোদ্ভৱ।


--- Page 14 ---
বৈচিত্ৰ্যময় অসম ৫

অসমীয়া শিখ £ ১৮২০ চনত মানৰ তৃতীয় আক্ৰমণৰ সময়ত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ অনুৰোধত
পঞ্জীৱ কেশৰী ৰঞ্জিৎ সিঙে ৫০০ মান শিখ সৈন্য অসমলৈ প্ৰেৰণ কৰিছিল। এই সৈন্যসকলৰ অধিকাংশই
বৰ্তমান গোৱালপাৰা জিলাৰ হাদিৰাচকী নামৰ ঠাইত বীৰত্বৰে যুদ্ধ কৰি মৃত্যুবৰণ কৰে আৰু অৱশিষ্ট
প্ৰায়ভাগেই যুদ্ধত আঘাতপগ্ৰাণ্ড হৈ ঘুণীয়া হৈ পৰে। যুদ্ধত সেনাপতি চৈতন্য সিঙৰো মৃত্যু হয়।

এই ঘুণীয়া সৈন্যসকলে সেনাপতি চৈতন্য সিঙৰ পত্নীসহ চুবেদাৰ ৰাম সিঙৰ নেতৃত্বত আহোম
ৰজাৰ নিৰ্দেশত বৰ লুইতেৰে উজাই কপিলী হৈ ভেটাইমৰা সুঁতিৰ পাৰত থিতাপি লয় আৰু অসমৰ দ্বিতীয়টো
গুৰুদ্বাৰ স্থাপন কৰি এই ঘণীয়া সৈন্যসকলে স্থানীয় মহিলাৰে বিবাহ পাশত আৱদ্ধ হৈ স্থায়ী বসতি আৰম্ভ
কৰে।

নাপিত ঃ ভাৰতৰ প্রায় সকলো অংগ ৰাজ্যতে বৃত্তিগতভাৱে চুলি কটা আৰু গা মালিচ কৰা
সম্প্ৰদায়ৰ লোক দেখা যায়। হিন্দু পৰম্পৰা অনুসৰি নাপিত সম্প্ৰদায়ক বহুতো শুদ্ৰ সম্প্ৰদায়তকৈ উচ্চ স্থানৰ
ৰূপে গণ্য কৰা হয়। উজনি অসমত নাপিতে চুলি কটা ব্যৱস্থা নতুন। পূৰ্বতে প্রায় ইজনে সিজনে চুলিকটা
পৰম্পৰা আছিল। নামনি অসমত অসমীয়াভাষী নাপিত সম্প্ৰদায়ৰূপে পৰিচিত শীল ইত্যাদি উপাধিধাৰী এটা
ক্ষুদ্ৰ জনগোষ্ঠী আছে।
সম্প্ৰদায় হ’ল কুমাৰসকল। জনশ্ৰুতি অনুসৰি উৰিষ্যাৰ এক ব্ৰাহ্মণ পৰিয়াল কামাখ্যা দৰ্শনাৰ্থে অসমলৈ
আহিছিল। পৰিয়ালটোত বামুণ-বামুণী আৰু তেওঁলোকৰ দুটি He আছিল। অজ্ঞাত অসুখত ভুগি ব্ৰাহ্মণৰ
হঠাৎ মৃত্যু হোৱাত বিধৱা বামুণীগৰাকীয়ে লুইতৰ পাৰৰ আঠালেতীয়া আলতীয়া মাটিৰে পুৰা মাটিৰ পাত্ৰ
গঢ়ি বিক্ৰী কৰি পৰিয়ালটো পোহ-পাল দিবলৈ ধৰিলে। কালক্ৰমত এই ব্ৰাহ্মণ পৰিয়ালটোৰ সতি-
সম্ততিসকলেই কুমাৰ সম্প্ৰদায়ৰূপে পৰিচিত হৈ পৰিল। কুমাৰসকলে মাটিৰ পাত্ৰ কুমাৰ চাকৰ সলনি
হাতেৰে তৈয়াৰ কৰে।

ডোলী $ ভাৰতৰ বিভিন্ন ৰাজ্যত, ঘাইকৈ পশ্চিম বংগ আৰু বৰ্তমানৰ বাংলাদেশৰ লগতে অসমতো
পৰম্পৰাগতভাৱে ৰজা-মহাৰজা বা বিবাহ আদি সামাজিক অনুষ্ঠানত পৰম্পৰাগতভাৱে ডোলাভাৰী হৈ
জীৱিকা নিৰ্বাহ কৰা এটা জাতি আছে। তেওঁলোকক ডোলী সম্প্ৰদায় ৰূপে জনা যায়।

ঢুলী $ ভাৰতৰ বিভিন্ন ৰাজ্যত, ঘাইকৈ পশ্চিম বংগ আৰু বৰ্তমানৰ বাংলাদেশৰ লগতে অসমতো
পৰম্পৰাগতভাৱে ঢাক বা ঢোল বজাই জীৱিকা নিৰ্বাহ কৰা এটা জাতি আছে। তেওঁলোকক ঢুলী বা ঢাকী
সম্প্ৰদায় ৰূপে জনা যায়।

ত্ৰিপুৰ৷ $ ত্ৰিপুৰা পৰিচয়ৰ জনজাতিসকল ডিমাচামূলৰ।


--- Page 15 ---
৬ বৈচিত্ৰ্যময় অসম

বৰিয়া ঃ অসম চৰকাৰৰ অন্য পিছপৰা জাতিৰ তালিকাত বৰিয়া নামৰ এটা জাতি দেখা যায়।

শালাম ঃ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত শালাম নামৰ এটা জনজাতি দেখা AT | তেওঁলোক
কুকীসকলৰে অংশ বিশেষ।

বানাই ঃ বানাইসকল কোচসকলৰ অংশ বিশেষ বুলি জনা যায়।

বাংলাভাষী হিন্দুসকল ঃ ইংৰাজ শাসন কালত ৰে’ল কোম্পানী, চাহ বাগিচা আদিৰ কেৰাণী, মহৰি,
বাবু, পিয়ন, চকিদাৰ ইত্যাদি চাকৰি সূত্ৰে বাংলাভাষী হিন্দুসকলৰ অসম আগমন ঘটিছিল। পৰৱৰ্তী সময়ত
এই বাংলাভাষী হিন্দুসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে। কালক্ৰমত দেশ বিভাজনৰ সময়ত
বিভিন্ন ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় কাৰণত বৃহৎসংখ্যক বাংলাভাষী হিন্দুৰ আগমন ঘটিল। উল্লেখযোগ্য
যে ১৯৭১ চনৰ বাংলাদেশৰ যুদ্ধৰ সময়ত আটাইতকৈ বেছিসংখ্যক বাংলাভাষী হিন্দুৰ শৰণাৰ্থী ৰূপে আগমন
ঘটিল আৰু বাংলাভাষী হিন্দু আধুনিক বিতৰণ ব্যৱস্থাৰ বিভিন্ন পেছীৰ লগতে খেতি-বাতি আদিত নিয়োজিত
হৈ পৰিল।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ বংশোদ্ভৱ অসমবাসীসকল ঃ ভাৰতৰ বিভিন্ন ৰাজ্যৰ বংশোদ্ভৱসকলৰ কথা
ক’লে প্রথমে আহিব অসমত বসবাস কৰা KAA See মেইতাই মণিপুৰী, লগতে মণিপুৰী মুছলমানসকল
অসম চৰকাৰে অসমত বসবাস কৰা মণিপুৰীসকলক অন্যান্য পিছপৰ৷ শ্ৰেণীৰ তালিকাভুক্ত কৰি বিভিন্ন সা-
সুবিধা আগবঢ়াই আহিছে। ইয়াৰ পিছতে নাম ল’ব লাগিব বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা
আহি অসমত ব্যৱসায়-বাণিজ্য কৰা আমাৰ সকলোৰে দেচোৱালী দোকানী আৰু কৃষক ৰূপে পৰিচিত
দেচোৱালী দোকানী আৰু কৃষকসকলৰ | নাম ল’ব লাগিব অসমীয়া জনমানসত মাৰোৱাৰ মূলৰ অতিকৈ
পৰিচিত আৰু আপোন হৈ পৰা মাৰৱাড়ী বা কেঞা দোকানীসকলৰ নাম।

ভাৰতৰ অন্য ৰাজ্যৰ বংশোদ্ভৱ আৰু সততে চকুত পৰা আন এক সমাজ হ’ল পঞ্জাৱী শিখসকল।
ৰে’ল লাইন, তেল শোধনাগাৰ, ডাঙৰ ডাঙৰ অফিচ-কাচাৰী, ডাক-বাংলা আদিৰ নিৰ্মাণৰ বাবে প্রথমাৱস্থাত
পঞ্জাৱীসকলৰ আগমন ঘটিছিল। অৱশ্যে পৰৱৰ্তী কালত এই পঞ্জাৱীসকল দৰ্জীৰ দোকান, গাড়ীৰ গেৰেজ,
জোতাৰ দোকান, কাপোৰৰ দোকান আৰু অন্যান্য ব্যৱসায়ৰ লগত জড়িত হৈ পৰিল। এই জনগোষ্ঠীসমূহৰ
উপস্থিতি অসমৰ সকলো স্থানতে স্পষ্টভাৱে পৰিলক্ষিত হোৱাৰ লগতে বিভিন্ন ব্যৱসায়-বাণিজ্যত যথেষ্ট
সংখ্যক হিন্দী ভাষী মুছলমান, গাখীৰৰ ব্যৱসায়ী গোৱালা আৰু প্রায় সকলো ব্যৱসায়ৰ ক্ষেত্ৰতেই ভাৰতৰ
সকলো ৰাজ্যৰ বংশোদ্ভৱসকলৰ উপস্থিতি কম বেছি পৰিমাণে পৰিলক্ষিত হয় আৰু এই লোকসকলেও
তেওঁলোকৰ নিজস্ব ৰাজ্যিক পৰিচয়, ভাষা, সংস্কৃতি অক্ষুণ্ণ ৰাখিছে আৰু কিছু সংখ্যকে অসমীয়া সংস্কৃতিত
নিজকে বিলীন কৰি দিছে। অনস্বীকাৰ্য যে চাকৰি সূত্ৰেও অসমলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ভিন্ন জনৰ
আগমন ঘটিছে আৰু বহুতেইস্থায়ীভাৱে অসমতেই বসবাস আৰম্ভ কৰি অসমবাসী হৈ পৰিছে আৰু তেওঁলোকেও


--- Page 16 ---
বৈচিত্ৰ্যময় অসম ৭

তেওঁলোকৰ পূৰ্বৰ পৰিচয় ভাষা, সংস্কৃতি অক্ষুণ্ণ ৰাখিছে। তদুপৰি অসম-অৰুণাচল সীমাৱতী অঞ্চলসমূহত
কিছু সংখ্যক আদি পৰিয়াল, তাংচা পৰিয়াল, চেমা নগা আদি পৰিয়ালেও তেওঁলোকৰ নিজস্ব ভাষা-সংস্কৃতিৰে
অসমীয়া হৈ অসমীয়া সংস্কৃতিৰ সোণত সুৱগা চৰাইছে।

বাংলাভাষী মুছলমান ঃ কাছাৰৰ ৰজা আৰু ত্ৰিপুৰাৰ ৰজাৰ অধীনত কৃষি-কৰ্ম আৰু ৰাজকীয় পদবীত
নিয়োজিত লকস্কৰ, বৰভূএঞাকে আদি কৰি অন্যান্য বাংলাভাষী ইছলামধৰ্মী কৃষকসকল অসমৰ বাংলাভাষী
মুছলমান বাসিন্দা। ইংৰাজ ৰাজত্বকালতো বহুসংখ্যক বাংলাভাষী মুছলমানৰ বাংলাদেশৰ পৰ৷ অসমলৈ
আগমন হৈছিল। বৰ্তমানৰ কৰিমগঞ্জ জিলা, বৰ্তমান বাংলাদেশৰ পূৰ্বৰ চিলেট জিলাৰ অংশ বিশেষ আছিল
আৰু পূৰ্বৰ কৰিমগঞ্জ মহকুমাত যথেষ্টসংখ্যক বাংলাভাষী মুছলমানৰ বসতি আছিল। সেয়েহে কৰিমগঞ্জ
মহকুমাৰ অসমৰ লগত সংযোজনৰ ফলত উক্ত বাংলাভাষী মুছলমানসকলো অসমৰ সীমাত সোমাই অসমবাসী
হৈ পৰিল।

স্বাধীনতাৰ পিছত বিভিন্ন আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণত বৰ্তমানৰ বাংলাদেশ আৰু পূৰ্বৰ
পূৰ্ব বংগৰ পৰা দলে দলে বাংলাভাষী মুছলমান বৰ্তমান বাংলাদেশৰ ঢাকা, মইমনসিং, চিলেট, পাবনায়া,
বগৰীয়া, ৰংপুৰ আদি বিভিন্ন জিলাৰ পৰা দ্ৰুত প্রৱজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ পলসুৱা আৰু অস্থায়ী
ঢাকীয়া, চিলেটৰ পৰা৷ অহাসকল চিলেটীয়া, পাবনায়া জিলাৰ পৰা অহাসকল পাবনীয়া, মইমনসিঙৰ পৰা
অহাসকল মইমনসিঙীয়া, ৰংপুৰ বা ভাটি অঞ্চলৰ লোকসকল ভাটীয়া ইত্যাদি আৰু সৰ্বসাধাৰণ অসমীয়া
সমাজত পমুৱা মুছলমান ৰূপে পৰিচিত হৈ পৰে।

এয়াই বৈচিত্ৰ্যময় অসম।আমি প্ৰত্যেকেই অসমীয়া হিচাপে গৌৰৱান্বিত। বৈচিত্ৰ্যময় অসম অনৈক্যৰ
মাজত Gay তীৰ্থস্থান। O


--- Page 17 ---
আহোমসকল

আহোমসকল মূলতঃ টাই জাতিৰ মানুহ। অসমলৈ অহাৰ পাছৰ পৰাহে এওঁলোক আহোম নামে
অভিহিত VA] এওঁলোকৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান
প্ৰদেশৰ মুংমাও ৰাজ্যত। এওঁলোক টাইসকলৰ মাজৰ ডাঙৰ ফৈদ বুলি জনা যায়। এওঁলোকৰ
পূৰ্বপুৰুষসকলে ১২২৮ GS ছ্যুকাফা ৰজাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ পূব অসম বা তেতিয়াৰ
সৌমাৰত ৰাজ্য স্থাপন কৰে। পিচলৈ লাহে লাহে পশ্চিমে মানাহলৈকে ৰাজ্য বিস্তাৰ কৰি ৬০০ বছৰৰ
অধিক কাল ৰাজ্য শাসন কৰে। স্বৰ্গদেউ চাওলুঙ ছ্যুকাফা আছিল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা
আৰু বৰ অসমৰ ভেটি গঢ়োতা। বৰ্তমান চীন দেশৰ মুংমাওলুঙত ১১৯২ চনত ছ্যুকাফাৰ জন্ম হয়
আৰু ৭৭ বছৰ বয়সত ১২৬৮ চনত তেতিয়াৰ ৰাজধানী চৰাইদেউত ইহলীলা সম্বৰণ কৰে। তেখেতৰ
পৱিত্ৰ স্মৃতিত অসমীয়া জাতিয়ে আজিও প্রতি বছৰৰ ২ ডিচেম্বৰৰ দিনটো Wr দিৱস’ তথা ‘অসম
দিৱস’ ৰূপে উদ্‌যাপন কৰে। আহোমসকলৰ আদিভাষা টাই বা শ্যান আছিল; কিন্তু কালক্ৰমত নানা
কাৰণত বিশেষকৈ ৰাজ্য বিস্তাৰৰ লগে লগে দেশৰ জনসংখ্যাও বৃদ্ধি পোৱাত প্রজাৰ সুবিধাৰ কথালৈ
চিন্তা কৰি নিজ ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা গ্ৰহণ কৰে। কিন্তু পুৰণা পূজা-সেৱা, ৰীতি-নীতি
সম্বন্ধীয় সকলো কাম তেওঁলোকৰ পুৰোহিতসকলে টাই ভাষাতে চলাই থাকে আৰু আজিলৈকে
চলাই আহিছে। সেইদৰে, ৰাজকীয় কাম-কাজবিলাকো অষ্টাদশ শতিকালৈকে আহোম ভাষাতেই চলাই
আছিল। বৰ্তমান টাই ভাষা কোৱা মানুহ উত্তৰ পূব ভাৰতৰ অসমৰ পৰা আৰম্ভ কৰি ম্যানমাৰ, দক্ষিণ
চীন, থাইলেণ্ড, লাওচ, কম্বোদিয়া, ভিয়েটনামলৈকে বিয়পিছে। আহোমৰ উপৰিও অসমত খাম্‌তি,
ফাকে, খাময়াং, আইতন আৰু তুৰুং নামেৰে আৰু পাঁচটা টাই জনগোষ্ঠীয় লোক আছে।
জনসংখ্যা ঃ

টাই আহোম উন্নয়ন পৰিষদে ২০১২-১৪ চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ বৰ্তমানৰ
জনসংখ্যা প্রায় ২৫ লাখ।
বসতিস্থান ঃ

তেওঁলোকৰ বসতিপ্ৰধান অঞ্চল হ’ল বৰ্তমানৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট,
লক্ষীমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা। তদুপৰি, গুৱাহাটী মহানগৰকে ধৰি অন্য নগৰবিলাকতো
বহুতো আহোম লোকে বসবাস কৰি আছে।


--- Page 18 ---
বৈচিত্ৰ্যময় অসম ৯

যোৱা শতিকাৰ শেষ ভাগলৈকে শালি ধানৰ খেতিয়েই তেওঁলোকৰ মুখ্য জীৱিকা আছিল।
সমান্তৰালভাৱে গৰু-ম’হ, গাহৰি-ছাগলী, হাঁহ-কুকুৰা পুহিছিল। আজিকালি অৱশ্যে বহুতে জীৱ-জন্তু
পুহিবলৈ এৰি দিছে। আজৰি সময়ত পুৰুষসকলে গছ মুগাও পুহিছিল। তিৰোতাসকলে এৰী-মুগা,
পাট-পলু পুহিছিল। এই পলুৰ পৰা সূতা কাটি তাঁত বৈ ঘৰখনৰ বাবে প্রয়োজনীয় কাপোৰ যোগাৰ
কৰি লৈছিল। শাক-পাচলিৰ বাৰী এখন, কল-তামোলৰ বাৰী এখন, কাঠনিবাৰী এখন আহোমসকলৰ
বসতিস্থলত এটা স্বাভাৱিক দৃশ্য আছিল। মাটি থকাসকলে ঘৰতে চোমনি এখনো পাতি লৈছিল।
বৰ্তমান সেইবোৰ ভাঙি চাহ খেতি কৰিবলৈ লৈছে।
ঘৰসদুৱাৰ ঃ

আগতে তেওঁলোকে চাংঘৰত বাস কৰিছিল যদিও পিচলৈ মাটিৰ ভেটিত টুপ দিয়া দুচলীয়া
ঘৰ সাজি লৈছিল। সাধাৰণতে ঘৰৰ খুঁটাবোৰ কাঠৰ, বেৰবোৰ বাঁহৰ আৰু চাউনি খেৰেৰে কৰি লৈছিল।
আজিকালি সকলোৰে পকী ঘৰ হৈছে। থকা ঘৰ দুটা - বৰঘৰ আৰু চ’ৰাঘৰ। বৰঘৰৰ মুধৰ কোঠাত
ৰান্ধনিশাল থাকে। পিচৰ কোঠাটো খোৱা কোঠা হিচাপে ব্যৱহাৰ কৰে। বাকী থকা কোঠাবোৰ
সাধাৰণতে জীয়ৰীসকলে শোৱা কোঠা হিচাবে ব্যৱহাৰ কৰে। চ’ৰাঘৰ আলহী-অতিথি বহা কোঠা
আৰু শোৱা কোঠা হিচাপে ব্যৱহাৰ কৰে।

আন ঘৰৰ ভিতৰত প্ৰতিঘৰ মানুহৰ একোটাকৈ বা একাধিক ভঁৰালঘৰ, এটা গৰু-গোহালি, এটা
কুকুৰা-গঁৰাল, এটা হাঁহ-ছাগলীৰ গঁৰাল আৰু এটা গাহৰি-গঁৰাল থাকে।
খাদ্যাভ্যাস ঃ

ভাত হ'ল তেওঁলোকৰ মুখ্য আহাৰ। ভাতৰ লগত খোৱা ব্যঞ্জনবোৰ জুতি লগাই ৰম্ধাটো
তেওঁলোকৰ এটা সংস্কৃতি। সাধাৰণতে এখন টেঙা শাক বা এখন মাহৰ আঞ্জা নাইবা খাৰৰ আঞ্জা,
বিভিন্ন পাচলিৰ তৰকাৰী, মাছ বা মাংস আদি ভাজি বাপুৰি খাই ভাল পায়।

আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এবিধ উপাদেয় পানীয় হ'ল লাও বা সাজ।
সাধাৰণতে, লাহি আৰু বৰা চাউল মিহলি কৰি সিজাই তাৰ লগত হুৰপিঠা মিহলাই লাও-পানী তৈয়াৰ
কৰা হয়। চাহ তেওঁলোকৰ আন এবিধ উপাদেয় পানীয়।
ধৰ্মবিশ্বাস ঃ

আহোমসকলে উপৰিপুৰুষৰ অৱস্থিতিত বিশ্বাস কৰে আৰু উপৰিপুৰুষক পূজা-পাতল কৰাটোৱেই
তেওঁলোকৰ প্রধান ধৰ্ম আছিল। মৃত মাক-বাপেককে ধৰি চৈধ্য পুৰুষলৈকে ‘ডাম’ হিচাবে স্তৰে
স্তৰে নিয়মিতভাৱে পূজা কৰে। চৈধ্য পুৰুষৰ ওপৰৰ উপৰিপুৰুষক ‘ফী’ দেৱতা হিচাপে ‘মে-ডাম
মে-ফী’, ‘ওম্‌ফা’, DIV? আদি পূজা দি আহিছে। তদুপৰি, ‘ৰিক্‌খন’, ‘জাচিংফা”, ‘প-ফী-ছু’ আদি
পূজাও পাতি আহিছে। এই সকলো পূজাতে জীৱ উছৰ্গা কৰা হয় আৰু টাই ভাষাতে স্তুতি-বন্দনা
কৰা হয়। অৱশ্যে, বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাৰ পিচৰ পৰা তেওঁলোকৰ তিনি পণ্ডিত ফৈদ মহন-দেওধাই-


--- Page 19 ---
১০ বৈচিত্ৰ্যময় অসম
বাইলুংসকলৰ বাহিৰে বাকীসকলে এইবোৰ পূজা-পাতল পাতিবলৈ এৰিলে।
বিবাহ ঃ

আহোমসকলৰ বাবে বিবাহ হ’ল বংশ ৰক্ষাৰ কাৰণে পতা এটা অতি গুৰুত্বপূৰ্ণ মাঙ্গলিক অনুষ্ঠান।
তেওঁলোকে ‘চকলং’ আৰু ‘দেওবান’ এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে।
সাহিত্য ঃ

এওঁলোকৰ অভিধান, বুৰঞ্জী, আখ্যান, নীতি-শাস্তু, জ্যোতিষ-শাস্ত, পূজাবিধি আদি আহোম ভাষাত
লিখা অলেখ সাঁচিপতীয়া পুথি আছে।
সংস্কৃতি ঃ

বুৰঞ্জী চৰ্চা আহোমসকলৰ একক সংস্কৃতি। তদুপৰি কৃষি, স্থাপত্য, শিল্প-কলা, ৰেচম আৰু বয়ন
শিল্প, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, খাদ্য প্ৰকৰণ, বিশ্বাস-অবিশ্বাস আদি অসমীয়া সংস্কৃতিৰ সকলোতে
আহোমসকলৰ সাংস্কৃতিক প্রভাৱ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে শালি খেতিৰ প্রচলন, কঠিয়া
পাৰি ধান ৰোৱা, গুটীয়া ম’হেৰে হাল বোৱা, দৰা-দৰাকৈ আলি দি খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা
কৰা, টোমত ভৰাই Sale সঁচ ৰখা আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি। স্থাপত্য কলাৰ ক্ষেত্রত
টুপ দিয়া আৰু ফুল চতি দিয়া ঘৰ, চাং পতা ভঁৰাল, ঢাপ মৰা আৰু নঙলা দিয়া বাৰী, ইত্যাদি
আহোমসকলৰ সংস্কৃতি। মুগা আৰু পাটপলু পুহি তাৰ পৰা সূতা উলিয়াই কাপোৰ বৈ তাৰে সাজ-
পোচাক তৈয়াৰ কৰা, বিভিন্ন শাক-পাচলি আৰু মাছ-মাংসৰে উপাদেয় খাদ্য প্রস্তুত কৰাকে ধৰি অনেক
দিশত তেওঁলোকৰ সংস্কৃতিৰ প্রভাৱ অসমীয়া সংস্কৃতিত বিদ্যমান।
উপসংহাৰ ঃ

ধনে-জনে অসমক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলা আৰু ইয়াত বসবাস কৰা সকলো
লোককে এক শাসনৰ অধীনলৈ আনি এটা অসমীয়া জাতি হিচাপে গঢ় দিয়াৰ লগতে, অসমত বসবাস
কৰা বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মাজত সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ ভেটি স্থাপন
কৰাত আহোমসকলৰ অৱদান সবাতোকৈ বেছি।

আহোমসকলৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।

লাচিত বৰফুকন

অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক’লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। এঁতিহাসিক
আহোম-মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব ল’ব লগা হৈছিল লাচিত বৰফুকনে। মোগলৰ বিৰুদ্ধে লাচিত
বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয় দায়বদ্ধতা, নিয়মানুৱৰ্তিতা আৰু একমুখী কাৰ্যপন্থাৰ উদাহৰণ
পোৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পোৱা নাযায়। এইগৰাকী লাচিত বৰফুকনৰ জন্ম
হয় ১৬২২ খ্ৰীষ্টাব্দত। দিন-বাৰ আৰু স্থান সম্পৰ্কে সঠিকভাৱে জনা নহ’লেও NVA ওচৰে-পাজৰে বুলি


--- Page 20 ---
বৈচিত্ৰ্যময় অসম ১১

অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা কনিষ্ঠ সম্ভান লাচিতৰ তিনিজন
ককায়েক আছিল। তেওঁলোক হ’ল--লালুকসোলা, মৰংগী আৰু ভাৰধৰা। সৰুৰে পৰা লাচিত আছিল বৰ
সাহসী। সততা আৰু স্পষ্টবাদিতা তেওঁৰ আন এক বৈশিষ্ট্য। দেউতাক মোমাই তামুলীয়ে নিজৰ সম্ভানক
উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈ সদায়েই চেষ্টা কৰিছিল। সৰুৰে পৰা দেউতাকৰ কাম-কাজ লাচিতে প্রত্যক্ষ
কৰাৰ সুবিধা পাইছিল। বৰবৰুৱা হিচাপে স্বৰ্গদেউৰ বৰচ’ৰা, ন্যায়ালয় আদিত দেউতাকৰ কাম-কাজ, বিভিন্ন
ডা-ডাঙৰীয়া আৰু বিষয়াৰ সৈতে হোৱা আলোচনাবোৰো লাচিতে প্রত্যক্ষ কৰিব পাৰিছিল। মুঠ কথাত
দেউতাকৰ ৰাজ-কাৰ্যাৱলীক নিৰীক্ষণ কৰি লাচিতে বহু কথাই শিকাৰ সুবিধা পাইছিল।

খুব সোনকালেই নিজৰ দক্ষতাৰ বলত ৰজাঘৰত লাচিতে নিযুক্তি লাভ কৰিছিল। প্রথম অৱস্থাত ৰাজমন্ত্ৰী
ডাঙৰীয়াই ‘হীচতিধৰা তামুলী’ হিচাপে লাচিতক নিযুক্তি দিয়ে। ইয়াৰ পিছতে কিছুদিনৰ বাবে ‘ঘোঁৰা বৰুৱা’
পদবী তেওঁ লাভ কৰে। এই পদবীত থকাৰ সময়ত ৰজাৰ ঘোঁৰাশালৰ ভালেমান ঘোঁৰাক তত্ত্বাৱধান কৰি
সেইবোৰক প্ৰশিক্ষণ দিছিল। ইয়াৰ পিছতে ‘দোলীয়া বৰুৱা’ আৰু ‘শিমলুগুৰীয়া Fes পদত নিযুক্তি লাভ
কৰে। সেই সময়তে মিৰজুমলাই অসম আক্ৰমণ কৰাত লাচিতে দিখৌমুখত শত্ৰুসৈন্যৰ লগত যুদ্ধ কৰিছিল
আৰু: নিজৰ দক্ষতা দেখুৱাব পাৰিছিল। লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহোম
ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্ত কৰিলে।

ইয়াৰ কিছুদিন পিছতে ১৬৬৭ চনৰ ২০ আগষ্টত আহোম-মোগলৰ যুদ্ধ আৰম্ভ হয়। অসমীয়া সেনা
দুভাগত বিভক্ত হৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা আৰম্ভ কৰিলে। মোগলৰ লগত প্ৰথমখন যুদ্ধ আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ
উভত্তৰফালে থকা বাঁহবাৰীত | তাতে বাহৰ পতা মোগলক আক্ৰমণ কৰি আহোম সেনাই যুদ্ধৰ পাতনি মেলিলে।
তাৰ পিছত দক্ষিণ পাৰৰ কাজলীত থকা মোগলৰ দুৰ্গও আহোমে নিজৰ অধীনলৈ আনে৷ ইটাখুলিত চাউনি
পাতি মোগলে নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল যদিও সেয়াও আহোম সেনাই বিধ্বস্ত কৰিলে আৰু
মোগলক মানাহ নদী পাৰ কৰি খেদি পথালে। মোগলৰ লগত হোৱা এই যুদ্ধৰ বিজয়ে অসমীয়া সেনাক
আত্মবিশ্বাসী কৰি তুলিলে। সেন৷পতি হিচাপে লাচিত বৰফুকনো প্ৰশংসিত হ’ল।

অসমীয়া সেনাৰ হাতত হোৱা মোগলৰ পৰাজয়ৰ কথা মোগল সম্ৰাট ওুৰৰংজেৱৰ কাণত পৰিল। খবৰ
পায়েই তেওঁ লাজ আৰু অপমানত তাৰ প্রতিশোধ ল’বলৈ মন কৰিলে৷ ওঁৰংগজেৱৰ নিৰ্দেশ মতেই ৰামসিংহৰ
নেতৃত্বত এক বিশাল সেনাই পুনৰ অসম আক্ৰমণ কৰিবলৈ আহিল। লাচিত বৰফুকনে ভালদৰে উপলব্ধি
কৰিছিল যে শত্ৰু যিমানেই শক্তিশালী নহওক, প্রতিজন অসমীয়া সেনা আৰু সেনাপতিয়ে যদি নিজৰ দায়িত্ব
সুচাৰুৰূপে পালন কৰে, তেওঁলোকে মোগলক পৰাভূত কৰিব পাৰিবই। তেওঁ এইবুলিও নিৰ্দেশ জাৰি কৰিলে
যে কোনোৱে যদি নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰে বা নিজৰ কৰ্তব্যত অৱহেলা কৰে, তেন্তে সেই
কথা গম পোৱাৰ লগে লগে সেইজনক শিৰচ্ছেদ কৰা হ’ব।

লাচিতে সেনাসকলৰ কোন ক’ত থাকিব, তাৰ অৱস্থানো নিৰ্ণয় কৰি দিছিল। যুদ্ধৰ সম্ভাৱ্য দিন চমু চাপি
অহাৰ লগে লগে লাচিতে সঘনাই সেনানায়কসকলৰ লগত আলোচনা কৰিবলৈ ল’লে, যাতে ৰণসজ্জা আৰু
অন্যান্য ব্যৱস্থাসমূহ তেওঁৰ নখদৰ্পণত থাকে আৰু লগতে সেই সেনানায়কসকলকো উদ্বত কৰি ৰাখিব


--- Page 21 ---
১২ বৈচিত্ৰ্যময় অসম

পৰা যায়। আমিনগাঁৱৰ ওচৰৰ গড় এটা বন্ধাৰ মূল দায়িত্ব পৰিছিল লাচিতৰ এজন মোমায়েকৰ ওপৰত।
মোমায়েকৰ দায়িত্বহীনতাৰ বাবেই গড়টোৰ কাম বহুত পিছ পৰি থকাত লাচিত খঙত জ্বলি-পকি উঠিল
আৰু হেংদাং উলিয়াই একে ঘাপতে মোমায়েকক কাটি দুছোৱা কৰি ক’লে--‘দেশতকৈ মোমাই ডাঙৰ
নহয় |’ লাচিতৰ এনে GATS দেখি গড়ৰ কাম কৰা লোকসকলে বৰ ভয় খালে আৰু অপৰিসীম পৰিশ্ৰম
কৰি ৰাতিটোৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰি তুলিলে। সেই গড়টোক এতিয়া ‘মোমাই কটা গড়’
নামেৰে জনা যায়। তদুপৰি ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ কথাষাৰ এতিয়াও শ্রেষ্ঠ দেশপ্ৰেমমূলক বাক্য
বুলি গণ্য কৰা হয়।

আহোম আৰু মোগলৰ মাজত ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত সংঘটিত হোৱা যুদ্ধখনেই হ’ল শৰাইঘাটৰ
যুদ্ধ। সেই সময়ত লাচিত টান নৰিয়াত পৰিছিল। ইফালে মোগলৰ আক্ৰমণৰ কথা শুনি লাচিত বৰফুকনৰ
তত্‌ নোহোৱা হ’ল। ইফালে ৰামসিংহই জলপথেৰে আন্ধাৰনবালিৰ গড়লৈ গৈ সেই গড় অধিকাৰ কৰি গুৱাহাটীত
সোমোৱাৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি মোগলৰ নাৱৰ পৰা সেনাই কীড়ৰ আগত হিলৈ লগাই
অসমীয়া নাওবোৰলৈ ধাৰাসাৰ গতিত মাৰিবলৈ ধৰিলে। সেই আক্ৰমণত তিষ্ঠিব নোৱাৰি অসমীয়া সেনাৰ
নাওবোৰ ভটীয়াই আহিল। অসমীয়া সেনাপতিৰ নেতৃত্বত কেইখনমান অসমীয়া নাৱে মোগলৰ নাও খেদি
আহি অশ্বক্লান্ত পালেগৈ। তাৰ পাছতে মোগলে উভতি ধৰিলে আৰু মোগলৰ বহুত যুদ্ধ নাও আগবাঢ়ি
আহিবলৈ ধৰিলে। আহোম সেনাপতি লাচিত বৰফুকনৰ গা বৰ বেয়া বুলি অসমীয়া সৈন্যসকলৰ মনোবল
কিছু হাস হৈছিল। মোগলে প্ৰবল বিক্ৰমেৰে আক্ৰমণ কৰি আগুৱাই অহা দেখি অসমীয়াই যুদ্ধ জয়ৰ আশা
এৰিয়েই দিলে। অসমীয়া সেনাই যুদ্ধ এৰি উজনিলৈ যাবলৈ বিচাৰিলে ৷ বৰফুকনে নৰিয়া গাৰেই যুদ্ধৰ গতিবিধি
চাই আছিল। তেওঁ দেখিলে মোগলৰ নাও উত্তৰ পাৰৰ GRAS পৰা আহি অক্বক্লান্ত পালেহি। বৰফুকন অস্থিৰ
হৈ পৰিল৷ ইফালে তীৰকঁপে জ্বৰ। নিজে ভালকৈ থিয় হ’বই নোৱাৰে৷ তেনেকৈয়ে লাচিতে লক্ষ্য কৰিলে যে
মোগলৰ নাৱৰ সংখ্যা বাঢ়ি আহিছে আৰু সেই নাওবোৰ ক্ৰমে আগবাঢ়ি আহিছে। লগতে অসমীয়া সেনাৰ
নাওবোৰ একেলগে পিছ হুহকি আহিছে। লাচিতে বুজিলে যে এক ESE দেৰি কৰিব নোৱাৰি। তেওঁ আগবাঢ়ি
গ’ল। পিছ হুহকি উজাই অহা অসমীয়া সেনাৰ নাওবোৰ দেখি নাৱৰীয়াহঁতে ভাবিলে যে বৰফুকনো নিশ্চয়
উজাই যাবগৈ | সিহঁতে সেইমতে উজনিলৈ বুলি নাও মেলিলে৷ লাচিত বৰফুকনে চিঞৰি উঠিল--“অ’ই,কি
কৰিছ তহঁতে? স্বৰ্গদেৱে মোক গুৱাহাটী ৰক্ষা কৰি শত্ৰুৰ লগত যুঁজিবলৈ দায়িত্ব দি থৈছে। মই এতিয়া ৰণ
এৰি পত্নী-পুত্ৰৰ ওচৰলৈ যাম নেকি? আৰু তহঁতে মোক নুসুধি নাও সেইফালে নিছ fA খঙৰ কোবতে
লাচিত বৰফুকনে নৰিয়া দেহাৰেই যেন শক্তিশালী হৈ উঠিল। তেওঁ হেংদাঙৰ গাদীৰে কোবাই চাৰিটা নাৱৰীয়াক
নাৱৰ পৰা পানীলৈ পেলাই দিলে। সিহঁতে কোনোমতে সাঁতুৰি জীৱন বচালে। পাছত অৱশ্যে লগৰীয়াবোৰে
সিহঁতক আকৌ তুলি ল’লে। নহ’লে নাও বাব কোনে? ইটোৱে সিটোক চিঞৰি কওঁকে কথাটো এনেদৰে
প্রচাৰিত হৈ গ’ল যে বৰফুকনে যুদ্ধ এৰি যাবলৈ বিচৰাসকলক কাটিছে, ধৰি-বান্ধি নদীত পেলাই দিছে। লগে
লগে কিছুমানে ভয়তে আৰু কিছুমানে উৎসাহত নাও আকৌ ভটীয়াই নিবলৈ ধৰিলে। মোগলৰ নাৱৰ ফালে
আগবাঢ়ি যোৱা বৰফুকনৰ সাতখন নাৱৰ লগ ল’বলৈ কেউফালৰ পৰা অসমীয়া নাওবোৰ দ্ৰুত গতিৰে


--- Page 22 ---
বৈচিত্ৰ্যময় অসম ১৩

আগবাঢ়ি আহিল। নাৱৰ পৰাতো অসমীয়া সেনাই হিলৈৰে আক্ৰমণ কৰিলেই, পাৰত থকা অসমীয়া
সেনা৷সকলেও মোগলৰ নাৱক লক্ষ্য কৰি হিলৈ ফুটাবলৈ ধৰিলে৷ আগবাঢ়ি অহা মোগলৰ নাওবোৰো আচৰিত
হৈ গ’ল। পৰিস্থিতি যে এনেকৈ হঠাতে সলনি হৈ যাব পাৰে বা এজন বীৰ সেনাপতিয়ে যে এনেকৈ যুদ্ধৰ
গতি ঘূৰাই দিব পাৰে, সেয়া মোগলে ভাবিবই পৰা নাছিল।

অসীম সাহসেৰে অসমীয়া নাওবোৰ আহি মোগলৰ নাওৰ মাজত সোমাল আৰু দুয়োপক্ষৰ মাজত প্ৰচণ্ড
যুদ্ধ হ’ল। যুদ্ধ হ’ল মূলতঃ তিনি ঠাইত--অশ্বক্লান্ত, ইটাখুলি আৰু কামাখ্যা পাহাৰৰ নামনিত । যুদ্ধৰ সুবিধাৰ
বাবে আহোমসকলে ইখনৰ পিছত সিখন নাও জোৰাদি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙেই তৈয়াৰ কৰি পেলালে৷
তাৰ ফলত ডাঙৰ সুবিধা হ’ল যে দ্ৰুতভাৱে সৈন্য আৰু হিলৈ, বৰতোপ আদি যুদ্ধাস্ত্ৰৰ সঞ্চাৰণ কৰিব পৰা
গ’ল। লাচিতে সৈন্যসকল আৰু সেনাপতিসকলৰ মাজত এনে এটা ভাৱ জগাই দিছিল যে এই যুদ্ধত জয়লাভ
কৰিলেহে অসমীয়াসকলৰ ভূমি, স্বাধীনতা আৰু প্রাণ ৰক্ষা পৰিব। ইফালে প্রথম অৱস্থাত লাচিত বৰ অসুস্থ,
লাচিতে যুদ্ধ কৰিব নোৱাৰিব-_-সেইবোৰ কথাই মোগলসকলক অনুপ্ৰাণিত কৰিছিল আৰু অসমীয়াসকলৰ
মনত উৎসাহ আৰু আত্মবিশ্বাস SH কৰিছিল। কিন্তু যুদ্ধত লাচিতৰ প্ৰত্যক্ষ অংশ গ্ৰহণ আৰু প্রৱল প্রতাপী
প্ৰদৰ্শনৰ বাবে চকৰি ঘূৰি গ’ল। দেখা গ’ল তিনিও ঠাইতে মোগল সেনাৰ পৰাজয় হৈছে আৰু মোগলৰ
নাওবোৰ SCT পিছুৱাই যাবলৈ ধৰিছে। অসমীয়া সেনাই মোগলক পাণ্ডুলৈকে খেদি দিলে। আৰু যুদ্ধত
অসমীয়া সৈনাৰ নিৰংকুশ বিজয় সাব্যস্ত হ’ল। এইখন যুদ্ধ শৰাইঘাটৰ যুদ্ধ হিচাপে প্ৰখ্যাত।

খ্ৰীষ্টীয় ১৬৭১ চনৰ ৫ এপ্ৰিলত ৰামসিংহই ভাটীমুৱা যাত্ৰা আৰম্ভ কৰিলে। হাজো এৰাৰ আগতে তেওঁ
তাৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰত পূজা কৰিলে। বিদায় লোৱাৰ সময়ত তাৰ ব্ৰাহ্মণসকলক কৈ গ’ল--“লাচিত
সামান্য বীৰ নহয়। মই একো ঠাইতে ছিদ্ৰ নাপালো ৷”

শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই জয়লাভ কৰাৰ এটা ডাঙৰ কাৰণ আছিল এই যে একোজন অসমীয়া
সেনাই বিভিন্ন ধৰণৰ কাম কৰিব পাৰিছিল। একোজন অসমীয়া সেনাই প্রয়োজন হ’লে নাও বাইছিল, আকৌ
সেই একেজন সেনায়েই হিলৈও মাৰিছিল, কীড়ো মাৰিছিল, গড়ো বান্ধিছিল। গতিকে একেজনেই দহজন হৈ
পৰিছিল। শত্ৰু পক্ষৰ হ’লেও ৰামসিংহই অসমীয়া সেনাৰ এনে কৰ্মপটুতা, সাহস আৰু ৰণকৌশলৰ প্রশংসা
কৰি কৈছিল---"প্রতিজন অসমীয়া সেনা নাও চলোৱা, কীড় মৰা, খাৱৈ খন্দা, হিলৈ-কামান মৰা -- সকলো
কামতে পাৰ্গত। এনেদৰে সকলো কামতে পটু সেনা মই ভাৰতৰ ক’তো দেখা AA’ ৰামসিংহই আৰু কৈছিল
যে অসম দেশক জয় কৰা যিকোনো ৰজাৰ বাবেই অসম্ভৱ কথা।

শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছত গুৱাহাটীতে লাচিত বৰফুকনৰ মৃত্যু হ’ল। বোধকৰো কঠিন নৰিয়াক
নেওচা দি যুদ্ধ কৰাৰ বাবেই এনে হ’ল। তেওঁৰ মৃত্যুৱে যুদ্ধ জয়ৰ আনন্দত শোকৰ ছাঁ পেলাইছিল। এইগৰাকী
দেশপ্ৰেমিক বীৰ তুলনাবিহীন। নিঃস্বাৰ্থ দেশপ্ৰেম আৰু সবল নেতৃত্বৰ বিষয়ে জানিবলৈ আহোম-মোগলৰ
যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বৰ কাহিনী মনত পেলাবই লাগিব।


--- Page 23 ---
১৪ বৈচিত্য্যময় অসম
সতী জয়মতী

সতী জয়মতী কুঁৱৰীৰ সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল আছিল। মন্ত্ৰী লালুক
সোলা তেতিয়া অসমৰ উঠি-ৰজা বহি-ৰজা হৈছিল। অন্যান্য প্ৰাপ্তবয়স্ক উপযুক্ত কৌৱৰ থকা সত্ত্বেও লালুক
সোলাই চৌধ্যবছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গোহাঞিক আনি ১৬৭৯ চনৰ কাতি মাহত অসমৰ ৰজা পাতিলে।
আহোম মতে ছ্যু-লিক্‌-ফা আৰু হিন্দু মতে নাম দিলে ৰত্নধ্বজ সিংহ। বয়সত ল’ৰা দেখি প্ৰজাৰ মাজত ল’ৰা-
ৰজা নামটোহে খ্যাত হ’ল।

লালুকসোলাই ছু-লিক্‌-ফাক ৰজা পাতিয়েই ছ্যু-দৈয়-ফা স্বৰ্গদেৱক বিহ খুৱাই মৰালে ৷ আতন বুঢ়াগোহীইকো
সবংশে ১৬৭৯ চনৰ আঘোণ মাহত বধ কৰোৱালে। আতন বুঢ়াগোহীইৰ ঠাইত দিলিহিয়ালৰ দীঘল৷ লাঙ্গিক
বুঢ়াগোহাঁই পাতিলে৷ জবঙ্গক ভাঙি মাদুৰীৰ লাই থেপেনাক বৰগোহাঁই পাতিলে।

লালুকে নিজ স্বাৰ্থ পূৰণৰ হেতু ল’ৰা ৰজাক সম্বন্ধৰেও বান্ধিলে । তেওঁৰ পাঁচ বছৰীয়া জীয়েকক চৌধ্যবছৰীয়া
ল’ৰা ৰজালৈ বিয়া দি ঘাই ৰাণী পাতিলে। বংগৰ নবাৱৰ আশ্বাস পাই লালুকৰ আহোম ৰাজ্যৰ ৰজা হোৱা
লালসা প্রবল হৈ উঠিল।

ৰাজপৰিয়ালৰ চাৰিটা ফৈদত ৰজা হ’ব পৰা কৌৱৰ ভালেকেইজন আছিল। তেনে স্থলত লালুক সোলাৰ
বাসনা কেনেকৈ পূৰণ হ’ব! তেওঁৰ সেইদেখি ভয় হ’ল বিশেষকৈ এই কোঁৱৰ কেইগৰাকীলৈ | কোনগৰাকীয়ে
কেতিয়া বিদ্ৰোহ কৰি সিংহাসন কাঢ়ি লয় তাৰ ঠিক নাই!

লালুকে ল’ৰা ৰজাক PCH ‘উপযুক্ত আৰু প্ৰাপ্তবয়স্ক ভালেকেইজন ৰাজকোঁৱৰ থাকৌতেও তেওঁক
ৰজা পতা VA | এই কথা কৌৱৰসকলে সহ্য কৰিব পৰা নাই। কোনজন কৌৱৰে কেতিয়া স্বৰ্গদেৱৰ প্ৰাণ লয়
ঠিক নাই। গতিকে নিষ্কণ্টক হ’বলৈ হ’লে কৌঁৱৰকেইগৰাকীক অঙ্গক্ষত কৰি ৰজা হোৱাৰ যোগ্যতা নাইকিয়া
কৰিব লাগিব আৰু তাকে কৰিবলৈ হ’লে প্ৰথমতে ভয় থকা ডাঙৰীয়া-বিষয়াসকলক অঁতৰাই পঠাব লাগিব।
ল’ৰা ৰজাৰ মগজত লালুকৰ যুক্তি সোমাই গ’ল। লগে লগে লালুকে কৌৱৰ নিধন পৰ্ব আৰম্ভ কৰিলে।

তুং-খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণিৰ বাহিৰে বাকী আটাইকেইটা ফৈদৰ কৌৱৰকে লালুক বৰফুকনে হয়
অঙ্গক্ষত নহয় হত্যা কৰিলে। গোবৰ ৰজাৰ কোঁৱৰ লাঙ্গি গদাপাণিক ধৰিব নোৱৰাত লালুক-সোলাৰ শোৱন-
খাৱন নাইকিয়া হ’ল। মন্ত্ৰী লাই থেপেনা বৰগোহাঁই গদাপাণিৰ শহুৰেক আৰু নামনি অসমৰ বন্দৰ বৰফুকন
তেওঁৰ ভিনীহিয়েক আছিল। ইফালে গদাপাণি কৌৱৰক ধৰাহে নালাগে, তেওঁনো ক’ত আছে তাৰ কোনো
সম্ভেদ উলিয়াব নোৱাৰিলে। গদাপাণিৰ পত্নী আছিল জয়মতী কুঁৱৰী।

গদাপাণি আৰু কুঁৱৰী জয়মতী দুয়ো লাই-লেচাই ল’ৰা দুটিৰে সৈতে তেওঁলোকৰ বাসস্থান তুংখুঙ্গত
আছিল। লালুক ছ্যুলিক্‌ফাৰ কোঁৱৰ নিধন বাৰ্তা শুনি ল’ৰা দুটিক ইতিমধ্যে নগা ৰাজ্যৰ কোনো এক নিভৃত
স্থানত অঁতৰাই ৰাখি থৈছিল। কৌৱৰকো ল’ৰা দুটিৰ লগত লুকাই থাকিবলৈ জয়মতী কুঁৱৰীয়ে খাটনি ধৰিছিল;
কিন্তু গদাপাণি কৌৱৰে তেনে কাপুৰুষালি কৰিবলৈ মান্তি নহ’ল। জয়মতী কুঁৱৰীয়ে কৌৱৰক তেওঁৰ ৰাজ্য


--- Page 24 ---
বৈচিত্ৰ্যময় অসম ১৫

আৰু প্রজাৰ দোহাই দি বুজালে যে তেওঁ নাথাকিলে ৰাজ্যও নাথাকে। এইদৰে জয়মতী কুঁৱৰীয়ে অনুনয়-
বিনয় কৰি শেষত গদাপাণি কৌৱৰক পলাবলৈ মান্তি কৰালে। গদাপাণি পলাল। নগাৰ বেশ ধৰি নগাপাহাৰৰ
মাজলৈ সোমাই গ’ল।

ৰাজসভালৈ আনি স্বৰ্গদেৱৰ আদেশ শুনাই লালুক সোলাই জয়মতী কুঁৱৰীক গদাপাণিৰ বাতৰি সুধিলে,
গদাপাণি ক’ত? কুঁৱৰীয়ে কোনো উত্তৰ নিদি, নীৰৱে থাকিল। লালুক সোলাই চাওদাঙক আদেশ দিলে,
জয়মতীক জেৰেঙাৰ চাপৰিলৈ নি নিৰ্জ'ন স্থানত ৰাখি যিকোনো উপায়েৰে জয়মতীৰ মুখৰ পৰা গদাপাণিৰ
বাতৰি আনি অতি “Teg দিব লাগিব।

চাওদাঙে জয়মতীক জেৰেঙা পথাৰৰ নিৰ্জন স্থানলৈ লৈ গ’ল। চাওদাঙে অনেক ৰকমে বুজাই-বঢ়াই,
ফুচুলাই, উচতাই, ভয় দেখুৱাই তেওঁৰ মুখৰ পৰা গদাপাণি কৌৱৰৰ বাতৰি উলিয়াব নোৱাৰি চাওদাঙে কুঁৱৰীক
দুই-এটাকৈ শাস্তি দি যাবলৈ ধৰিলে। জয়মতী কুঁৱৰীয়ে সকলো শাস্তি সহনশীলা বসুমতীৰ দৰে নীৰৱে সহি
থাকিল। এইদৰে চৈধ্য দিন নিৰ্জন জেৰেঙাত শাস্তি ভুগি ইংৰাজী ১৬৭৯ চনৰ (১৬০১ শক) অসমীয়া মাহৰ
১৩ চ’তৰ দিনা গুৰুবাৰে দশমীৰ জোন পৰোঁ পৰোঁ হওঁতে সতী জয়মতী কুঁৱৰীয়ে নশ্বৰদেহ ত্যাগ কৰি নৰ-
পিশাচৰ সান্নিধ্যৰ পৰা অন্তৰ্ধান হ’ল। কাললৈ থৈ গ’ল নাৰীৰ সীমাহীন মনোবলৰ মাহাত্ম্য, স্বামীৰ হিতাৰ্থে
তিৰোতাৰ মহান ত্যাগৰ আদৰ্শ আৰু অসমীয়া নাৰীৰ পবিত্ৰ চানেকি। পৃথিৱীত এনে দৃষ্টান্ত বিৰল।

সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা
পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী এটা খন্দালে আৰু নাম দিলে জয়সাগৰ। ইয়াৰ পাঁচ বছৰৰ
পাছতে ৰম্দ্ৰসিংহ স্বৰ্গদেৱে মাতৃ জয়মতীৰ তেজেৰে পবিত্ৰ কৰি থৈ যোৱা জেৰেঙা পথাৰলৈকে ৰাজধানী
গড়গাঁৱৰ পৰা তুলি আনিলে। নাম দিলে ৰংপুৰ ৷ তদুপৰি স্বৰ্গদেৱে পুৰণি আলি আৰু বৰ আলিৰ মাজত মাতৃৰ
মৈদাম নিৰ্মাণ কৰিলে। এই পবিত্ৰ মৈদামে এতিয়াও সতী জয়মতীৰ স্মৃতি সজীৱ কৰি ৰাখিছে।

অসমৰ প্ৰথম অভিধান প্ৰণেতা টেঙাই মহন

পণ্ডিত টেঙাই মহন ইংৰাজী ১৭১৫ চনত চৰাইদেউত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত
জন্ম গ্রহণ কৰিছিল। তিনিজন ককায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু।

আহোম ৰাজত্বৰ শেষৰ ফালে সচেতন আৰু বুদ্ধিজীৱী আহোমসকল এক মহা সংকটত পৰিছিল।
কাৰণটো হ’ল- আহোম দৰবাৰত বিভিন্ন কাৰণত আহোম ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাই লাহে
লাহে প্রসাৰ লাভ কৰিছিল। আনহাতে আহোম ভাষাই ক্ৰমান্বয়ে অৱহেলিত হোৱাৰ লগতে দৈনন্দিন
কথা-বতৰাৰ পৰা৷ আঁতৰি যাবলৈ ধৰিলে। এনে স্থলত সচেতন-বুদ্ধিজীৱী আহোমসকলে চিন্তিত হৈ
পৰিল এইবুলি যে এসময়ত আহোম ভাষাটো একেবাৰে BS হৈ যায়, তেতিয়া অসমৰ এটা জীয়া
সভ্যতা অসমৰ ইতিহাসৰ পৰা নিঃশেষ হৈ যাব। কাৰণ আহোমসকল অসমলৈ আহোঁতেই সাহিত্য,


--- Page 25 ---
১৬ বৈচিত্ৰ্যময় অসম

বুৰঞ্জী, ধৰ্ম, নৈতিকতা, জ্যোতিষ, দৰ্শন আদি বিষয়ৰ অনেক পুথি-পাজি লগত লৈ আহিছিল। তদুপৰি
পাছৰ আহোম ৰাজত্ব কালতো বিভিন্ন বিষয়ৰ অনেক গ্ৰন্থ ৰচনা হৈছিল। যিবিলাক এটা সময়লৈকে
কেৱল আহোম ভাষাতে ৰচনা কৰা হৈছিল। আহোম সভ্যতা-সংস্কৃতিৰ সকলো কথা এই পুথি-
পাঁজিবোৰতেই লিপিবদ্ধ হৈ পৰিছিল। ভৱিষ্যত প্রজন্মই যাতে আহোম ভাষাটো শিকিব পাৰে তাৰ
বাবে তেওঁ এখন আহোম অভিধান প্রণয়নৰ কাম হাতত লয়। কাৰণ ভাষাটো জীয়াই ৰাখিবলৈ
প্রথমে ধৰি ৰাখিব লাগিব ভাষাটোৰ শব্দবোৰ। আনহাতে wrx নিৰ্বিশেষে সকলোৱে যাতে
ভাষাটো শিকিব পাৰে সেই উদ্দেশ্যে তেওঁ এই কাম হাতত লয়। ১৭৯৫ চনত, গৌৰীনাথ সিংহৰ
ৰাজত্বৰ শেষৰ ফালে তেওঁ ‘বৰ কাকত হু মুং পুথি’ নামৰ এখন অভিধান পুথি ৰচনা কৰে। সাঁচি
পাতত লিখা এই পুথিখনত ৪২-খিলা পাত আছিল। ইয়াৰ জোখ আছিল ৪০১১০ ছেমি.। প্রতি
পৃষ্ঠাত ৮-৯ টাকৈ শাৰী আছে। ইয়াত প্রতিটো আহোম শব্দৰ বিপৰীতে সম্ভাব্য সকলো অসমীয়া
অৰ্থ সন্নিবিষ্ট আছে৷ প্রতিটো শব্দৰ বিপৰীতে ‘চাম বা’ শব্দটো দিয়া হৈছে। ইয়াৰ অৰ্থ হ'ল ‘বোলে’।
উদাহৰণ স্বৰূপে ‘কা চাম বা কাউৰীক’ (কাউৰীক কা বোলে)। ‘কা চাম বা যাবৰ’ (যোৱাক কা
বোলে), ‘খা চাম বা খেৰক’ (খেৰক খা বোলে) আদি। এনেকৈ শব্দবোৰ সন্নিবিষ্ট কৰিছে। অসমীয়া
শব্দবোৰৰ শেষত ক আৰু ৰ বৰ্ণ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ কাৰণ Sa ‘ক’ বৰ্ণ দিয়াবিলাক
বিশেষ্য আৰু ৰ’ বৰ্ণ দিয়া বিলাক fart

১৯১২ চনত কোঁচ বিহাৰৰ কৈলাশ চন্দ্ৰ সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্ৰ গোস্বামীদেৱে
টেঙাই মহনে লিখা ‘বৰ কাকত হু-মুং’ পুথিখন উদ্ধাৰ কৰি ‘বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত জমা
দিয়ে। প্রকাশৰ উদ্দেশ্যে ১৯৩২ চনত নন্দনাথ ফুকনদেৱে এই পুথিখনৰ সম্পাদনাৰ কাম হাতত
লয়। টেঙাই মহনে লিখি থৈ যোৱা ‘বৰ কাকত হু-মুং’ পুথিখনৰ সম্পাদিত ৰূপটোৱেই হ’ল অসম
বুৰঞ্জী আৰু পুৰাতত্ব্ব বিভাগৰ দ্বাৰা ১৯৬৪ চনত প্রকাশ কৰা ‘আহোম লেকচিকন’ বৰ TSF খণ্ডটো

‘বৰ কাকত হু-মুং-অৰ উপৰিও লিপিবদ্ধ কৰা দুকুৰিৰো অধিক পুথি পোৱা গৈছে। টেঙাই মহনেই
হ’ল অসমৰ প্রথম অভিধান প্রণেতা। তেখেতক আহোম ভাষাৰ পুথিৰ ভাঙনিৰ বাবে ইংৰাজ চাহাবে
বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। এই মহান অভিধানিকজনৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ
খোৱাঙত মৃত্যু হয়।

পদ্মনাথ গোহাঞি বৰুৱা

অসমৰ এজন স্বনামধন্য সাহিত্যিক পদ্মনাথ গোহাঞি বৰুাদেৱৰ জন্ম হয় ১৮৭১ চনৰ ২৪
অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ


--- Page 26 ---
বৈচিত্ৰ্যময় অসম ১৭

নাম লক্ষ্মীদেৱী তেওঁ উত্তৰ লক্ষীমপুৰৰ পৰা ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ হাইস্কুলত
নাম লগায় যদিও পাছত কহিমা হাইস্কুলৰ পৰা ১৮৯০ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ
শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায় আৰু এফ. এ. আৰু আইন পঢ়ে। তেওঁ প্রথমে কহিমা মধ্য
ইংৰাজী বিদ্যালয়ত প্রধান শিক্ষক হিচাপে যোগদান কৰে আৰু পাছত যোৰহাটত কিছুকাল শিক্ষকতা
কৰি ১৮৯৩ চনত তেজপুৰ নৰ্মাল স্কুললৈ আহে আৰু তাতে স্থায়ীভাৱে বাস কৰে।

পদ্মনাথ গোহাঞি TIM কবিতা, নাটক, উপন্যাস আদি সাহিত্যৰ প্রায় সকলো বিভাগত
হাত আছিল। তেওঁৰ বিখ্যাত কবিতা পুথিসমূহ হ'ল — ‘জুৰণি’, ‘লীলা’, ‘ফুলৰ চানেকী’। বুৰঞ্জীমূলক
নাটকসমূহ হ'ল — ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনা’, ‘লাচিত বৰফুকন’, ‘বাণৰজা’। প্রহসন নাটসমূহ
হ’ল-_ ‘গাওঁবুঢ়া’, ‘টেটোন তামুলী’, ‘ভূত নে ভ্ৰম’। উপন্যাসসমূহ হ'ল — ‘ভানুমতী’, ‘লাহৰী’।
আত্মজীৱনী--- ’মোৰ সোঁৱৰণী’, সংগ্ৰহ — ‘সাহিত্য mae’, ‘জীৱনী সংগ্ৰহ’। ধৰ্মমূলক ag —
‘ভ্ৰাকৃষ্ণ', ‘গীতাসাৰ’। ইয়াৰ উপৰিও তেওঁ ভূগোল wen, নীতিশিক্ষা, শিক্ষাবিধান আদি অনেক
পাঠ্যপুথি ৰচনা কৰিছিল। তেওঁ সম্পাদনা কৰা আলোচনীসমূহ হ'ল — ‘বিজুলী’, ‘আসাম বন্তি’
আৰু “Gay |

তেওঁ শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্রথম অধিৱেশনৰ (১৯১৭) সভাপতি আছিল। তেওঁ
তেজপুৰৰ বাণ ৰংগমঞ্চৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল। কেইবাবছৰো ধৰি তেজপুৰ পৌৰসভাৰ
সভাপতি আছিল। অসম ব্যৱস্থাপক সভাৰ সভ্যও নিৰ্বাচিত হৈছিল। তেওঁ বিভিন্ন সাহিত্যিক আৰু
সামাজিক অনুষ্ঠানৰ অধিবেশনত সভাপতিত্ব কৰিছিল। এইজনা সাহিত্যকৰ ১৯৪৬ চনৰ ৭ এপ্ৰিল
তাৰিখে পৰলোক atte হয়।

কৃষ্ণকান্ত সন্দিকৈ

১৮৯৮ চনত যোৰহাটত জন্ম হয়। তেওঁ পিতৃ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈৰ
প্রথম পুত্র আছিল। ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এণ্ট্ৰেন্স পৰীক্ষা
পাছ কৰি কটন কলেজত পঢ়ে। তাৰ পৰা প্ৰথম বিভাগত আই, এ. পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ
যায় আৰু তাৰ সংস্কৃত কলেজৰ পৰা ১৯১৭ চনত সংস্কৃতত প্রথম শ্ৰেণীৰ সন্মানসহ বি. এ. উপাধি
লয়। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই সংস্কৃতৰ বেদ গ্ৰুপত প্রথম শ্ৰেণীৰ প্রথম হৈ এম.
এ. পাছ কৰে। ইয়াৰ পিছত বিলাতলৈ গৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী বিভাগত
সন্মানসহ ১৯২৩ চনত এম. এ. উপাধি লাভ কৰে। ১৯২৩-২৭ কালছে৷ৱাত পেৰিচ আৰু বাৰ্লিন
বিশ্ববিদ্যালয়ত গ্ৰীক, লেটিন, ইটালিয়ান আদি ভাষা আয়ত্ত কৰে। ১৯৩০ চনত যোৰহাট জে.বি.
কলেজ প্ৰতিষ্ঠাৰ লগে লগে তাৰ প্রথম অবৈতনিক অধ্যক্ষ হয়। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়
স্থাপন হোৱাত তাৰ প্রথম উপাচাৰ্য নিযুক্ত হয় আৰু ১৯৫৭ চন পৰ্যন্ত এই পদত থাকে।


--- Page 27 ---
১৮ বৈচিত্ৰ্যময় অসম

কৃষ্ণকান্ত সন্দিকৈ পণ্ডিত লোক আছিল। বিশেষকৈ সংস্কৃতত অগাধ পাণ্ডিত্য আছিল। তেওঁৰ
প্রকাশিত ইংৰাজী গ্ৰন্থ তিনিখন — alee নৈষধ চৰিতৰ ইংৰাজী অনুবাদ আৰু টীকা সম্বলিত
পুথি ‘নৈষধ চৰিত’ (১৯৩৪), সোমদেৱৰ যশক্তিলকৰ ভিত্তিত ৰচিত পুথি wifes এণ্ড ইণ্ডিয়ান
কালচাৰ’ (১৯৪৯) আৰু মাৰাঠী লেখক প্রবৰসেনৰ প্রকৃত পুথি সেতুবন্ধনৰ ভাষ্য ‘সেতুবন্ধন’। ইয়াৰ
উপৰিও বিভিন্ন গৱেষণা আলোচনীত ভাৰততত্ত্ব সম্পৰ্কে ভালেমান প্রবন্ধ লিখিছিল। ১৯৫১ চনত
বহা অখিল ভাৰতীয় গ্ৰাচ্যবিদ্যা সন্মিলনৰ AP অধিবেশনৰ সভাপতিত্ব কৰিছিল। ১৯৫৩ চনত
ৱালটেয়াৰত বহা আনশ্তঃবিশ্ববিদ্যালয় সমিতিৰো সভাপতি আছিল। অসমীয়া সাহিত্যতো ৰাপ আছিল।
স্কুলীয়া কালতে নকুল চন্দ্ৰ ভূঞা আদিৰ লগ হৈ হাতে-লিখা আলোচনী উলিয়াইছিল। বাঁহী, মিলন,
আৱাহন, চেতনা, আলোচনী আদি কাকতত প্ৰৱন্ধ-পাতি লিখিছিল। ‘কৃষ্ণ কান্ত সন্দিকৈৰ ৰচনা
ABTS এইবোৰ সংগৃহীত হৈছে। আগবয়সত কেইটিমান গীতো ৰচনা কৰিছিল। ১৯২৯ চনত তেওঁ
অসম ছাত্র সন্মিলনৰ পৌৰোহিত্য কৰিছিল। অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি
আছিল (১৯৩৭)। ভাৰত চৰকাৰে ১৯৫৫ চনত Aaa Tie ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে
বিভূষিত কৰিছিল। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানিত ডি.লিট. উপাধি প্রদান কৰিছিল।

তেওঁ জে. বি. কলেজৰ বিজ্ঞান শাখালৈ এঘাৰ হাজাৰ আৰু চন্দ্ৰকান্ত অভিধানৰ বাবে পঞ্চাশ
হাজাৰ টকা দান কৰিছিল। মৃত্যুৰ আগে আগে নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ
দান কৰি যায়।

পণ্ডিত প্রৱৰ CASA দেওধাই ফুকন

১৯১২ চনৰ অক্টোবৰ মাহৰ এটি শুভক্ষণত তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালৈখোণ্ুডৰা
মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত ডম্বৰুধৰ দেওধাই ফুকনদেৱৰ জন্ম
হয়। পিতা গংগাৰাম ফুকন আৰু মাতৃ চাদৈ ফুকন। পিতা গংগাৰাম ফুকন এজন শিক্ষানুৰাগী ব্যক্তি
আছিল। তেওঁ প্রথমতে লাকুৱা নাহৰ হাবি চাহ বাগানৰ কেৰাণী হিচাপে চাকৰি কৰি শেষত গাঁৱৰ
গাঁওবুঢ়া হৈছিল। ডম্বৰুধৰ ফুকনদেৱে এম. ভি. স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সংস্কৃতিকে
খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিবলৈ লয়। তেওঁ দদায়েক সৰুনাথ দেওধাই ফুকন আৰু নন্দনাথ
দেওধাই ফুকনৰ পৰা ঘৰতে টাই ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল। কম সময়ৰ ভিতৰতে টাই ভাষাত
বুৎপত্তি লাভ কৰিবলৈ সক্ষম হোৱা ফুকনদেৱে এজন টাই পণ্ডিত হিচাপে খিয়াতি লাভ কৰিছিল।
ঘৰতে থাকি খেতি-বাতিৰ লগতে টাই ভাষা চৰ্চ কৰি থকাৰ সময়তে অসম বুৰঞ্জী আৰু পুৰাতত্ব
বিভাগৰ মুৰব্বী w সূৰ্যবুমাৰ ভূঞাদেৱে soos চনত টাই ভাষাৰ বিশেষজ্ঞ হিচাপে টাই আহোম
বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি নিয়ে। অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত চাৰি বছৰ
কাম কৰাৰ পাছত ১৯৩৫ চনত স্ব-ইচ্ছাই চাকৰি এৰি ঘৰলৈ ঘূৰি আহে। ফুকনদেৱৰ নেতৃত্বত ১৯৩৬


--- Page 28 ---
বৈচিত্ৰ্যময় অসম ১৯

চনত পাটসাঁকোৰ ভেচেলী বিলৰ পাৰত অসম ভিত্তিত ফুৰালং সবাহ কৰা হয়। ১৯৬৩ চনত থানুৰাম
গগৈৰ নেতৃত্বত ‘বৌদ্ধ সংস্কৃতিত ফ্ৰালুং সংস্কৃতিৰ অন্যতম অৱদান’ শীৰ্ষক আলোচনা চক্ৰৰ বাবে
বুদ্ধ গয়াত বিশ্ব বৌদ্ধ সংস্কৃতিৰ আলোচনা চক্ৰত যোগদান দিয়ে। টাই ভাষা-সংস্কৃতিৰ উদ্ধাৰৰ হকে
১৯৬৪ চনত তেওঁ কাঠ-বাঁহেৰে এটি বিদ্যালয় গৃহ নিৰ্মাণ কৰি দিয়ে। এইখনেই হ’ল কেন্দ্রীয় টাই
একাডেমী, পাটসাঁকো। ১৯৭৫ চনত সদৌ অসম বৌদ্ধ ফ্ৰালুং সংঘ প্ৰতিষ্ঠা আৰু একে বছৰতে
ইয়াৰ কাৰ্যালয়ৰ নামত এবিঘা মাটি দান কৰে। ১৯৮১ চনত দিল্লীত বহা প্রথম আন্তর্জাতিক টাই
শিক্ষা সন্মিলন"ত অংশ গ্ৰহণ কৰি ১৯-খন দেশৰ টাই পণ্ডিতসকলৰ লগত আহোম ভাষা সম্পৰ্কত
আলোচনাত মিলিত হৈছিল। এই অধিবেশনৰ পৰা ঘূৰি আহি ধেমাজীৰ প্রমোদ ভৱনত ১৯৮১ চনৰ
৮ এপ্ৰিলত পূৰ্বাঞ্চল টাই সাহিত্য সভা গঠন আৰু প্রতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৮৪
চনত বেংককত অনুষ্ঠিত দ্বিতীয় আন্তৰ্জাতিক টাই শিক্ষা সন্মিলনলৈ আমন্ত্ৰিত হৈ এমাহ কাল থাইলেণ্ডৰ
চিয়াংমাই মহানগৰত থাকি টাই ভাষা-সংস্কৃতিৰ সাধনা কৰে। তেওঁৰ ওচৰলৈ আহি থাইলেণ্ড, ফ্ৰান্স,
অষ্ট্ৰেলিয়া, জাৰ্মানী আদি বহু দেশৰ গৱেষকে তেওঁৰ ঘৰত আতিথ্য গ্ৰহণেৰে গৱেষণা কাৰ্য চলাইছিল।
টাই আহোম ভাষা-সংস্কৃতি অধ্যয়ন কৰা এই গৱেষকসকল হ’ল- G বাঞ্চপ বন্ধুমেধা, খুন কাই শ্ৰী
নিম্নান হেমিন্দা, ড” প্ৰমাহা মালিন্য, ড" বেন. জন তাৰুৱেল, ড Gl বাৰ্লি, অধ্যাপিকা ৰাণু বিছাচিন,
আচিফা পুণ্য মেধা আৰু অনেক নামী অনামী ভিক্ষু, মহাথেৰসকল।

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা-সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই ফুৰা মলুং ডম্বৰু দেওধাই
ফুকনদেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দশম অধিৱেশনৰ পাছদিনা
১৫-০২-৯৩ তাৰিখে আবেলি হৃদৰোগত Sits হৈ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক-
প্ৰাপ্তি ঘটে।
প্ৰশ্নাৱলী
১ | আহোমসকল আদিতে কোন জাতিৰ লোক আছিল?
২। আহোমসকলৰ আদি বাসস্থান ক’ত আছিল?
© | আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?
8



আহোমসকলৰ আদিভাষা কি আছিল?
আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা |
চমুটোকা লিখা ঃ
(ক) লাচিত বৰফুকন (খ) সতী জয়মতী
(গে) টেঙাই মহন (ঘ) পণ্ডিত প্রৱৰ ডম্বৰুধৰ দেওধাই ফুকন
(৬) কৃষ্ণকান্ত সন্দিকৈ (চ) পদ্মনাথ গোহাঞি বৰুৱা।
Co Om )


--- Page 29 ---
কাছাৰৰ জনগোষ্ঠীসকল

অসমৰ দক্ষিণ প্ৰান্তৰ তিনিখন জিলাৰ নাম--কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ৷ এই জিলা তিনিখনৰ
মাজেদি প্রবাহিত নৈখনৰ নাম বৰাক। এই নৈখনৰ নামৰ লগত সঙ্গতি ৰাখি জিলা তিনিখনক একেলগে বৰাক
উপত্যকা বুলি কোৱা হয়।

বৰাক উপত্যকাত বিভিন্ন জাতি আৰু উপজাতি বা নানা গোষ্ঠীৰ মানুহ বসবাস কৰি আছে। সামাজিক-
অর্থনৈতিক-ৰাজনৈতিক ক্ষেত্ৰত নানা সময়ত সংঘটিত ঘটনাপ্ৰৱাহৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা
মানুহ বৰাক উপত্যকাত আহি বসতি স্থাপন কৰিছে। প্রতিটো গোষ্ঠীৰ মানুহে নিজা ভাষা-সংস্কৃতিৰ চৰ্চা
অব্যাহত WA বেলেগ বেলেগ ভাষা আৰু সংস্কৃতিৰ মানুহৰ সহাবস্থানৰ কাৰণে নৃতত্ববিদসকলে বৰাক
উপত্যকাক Anthropological garden অৰ্থাৎ নৃতত্ত্বৰ বাগিছা’ বুলি অভিহিত কৰিছে।

বৰাক উপত্যকাত বসবাসকাৰী জনগোষ্ঠীসমূহৰ নাম, গোষ্ঠীসমূহৰ প্রধান উৎসৱৰ নাম আৰু উৎসৱ
অনুষ্ঠিত হোৱাৰ সময় তলত উল্লেখ কৰা হৈছে।

জনগোষ্ঠীৰ নাম প্ৰধান উৎসৱৰ নাম উৎসৱ অনুষ্ঠিত হোৱাৰ সময়

বয় শাৰদীয় দুৰ্গাপূজা (হিন্দু)

য় সমাজ 5 (মুছলমান)
মণিপুৰী লাই হৰাউবা
মণিপুৰী বিষ্ণুপ্রিয়া ৰাসযাত্ৰা নৱেম্বৰ
ভোজপুৰী ছটপূজা নৱেম্বৰ
অসমীয়া বিহু এপ্ৰিল
ৰাজবংশী বিহু এপ্রিল
ৰাজস্থানী মহাবীৰ জয়ন্তী মাৰ্চ
বৰ্মন (ডিমাছা) বুসু জানুৱাৰী

ৰংমাই নাগা athe নাট ৱস্বৰ/ডিচেম্বৰ

--- Page 30 ---
বৈচিত্য্যময় অসম

হন

মাৰ চিকপুই Ta ৫ ডিচেম্বৰ
কাৰ্বি কাৰ্বি ৰেসো নিমচো ফেব্ৰুৱাৰী
আৰং গাজে
খাচিয়া চেনখাচি চেনগ্ৰিতে ফেব্ৰুৱাৰী
ভেইকেই চাওয়াং কূট অক্টোবৰ
কুকি, পৈতে মিমকূট জানুৱাৰী
মিজো চাপচাৰ কুট মাৰ্চ
চাকমা বুদ্ধপূৰ্ণিমা এপ্রিল
চিৰু চাকথাৰকম অক্টোবৰ
চৰৈ, ৰাংখল, শাকচেপ  খোদয় ফেব্ৰুৱাৰী
নেপালি দশেই তিহাৰ চেপ্টেম্বৰ/অক্টোবৰ

চান্দ্ৰমাহ অনুসৰি ইছলাম ধৰ্মৰ বৰ্ষগণনা কৰা হয়। এই কাৰণে ই্ট্দ-উল-ফিতৰ উৎসৱৰ সময় প্রতি বছৰে
সলনি হয়। খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ প্রধান উৎসৱ বৰদিন পালিত হয় ২৫ ডিচেম্বৰ তাৰিখে |

বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীৱিকা নিৰ্বাহ কৰে---খেতি-বাতি, ব্যৱসায় আৰু
চাকৰি।

অসম ফুটবল সংস্থা গঠিত হৈছিল ১৯৪৬ চনত। বৰাক উপত্যকাৰ বঙ্গীয় সমাজৰ সুনীল মোহন আছিল
সংস্থাটোৰ প্রতিষ্ঠাপক কৌষাধ্যক্ষ। তেওঁ অসম হকী সংস্থাৰো সভাপতি মনোনীত হৈছিল। ১৯৫১ চনত
মুম্বাইত আৰু ১৯৫৭ চনত হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্রফি ফুটবল প্ৰতিযোগিতাত তেওঁ অসম ৰাজ্যিক
ফুটবল দলৰ মেনেজাৰ আছিল।

মহিলা সমাজৰ উন্নয়নৰ কাৰণে আজীৱন গঠনমূলক কামত ব্ৰতী আছিল মালতী শ্যাম। তেওঁৰ নেতৃত্বত
১৯৩৮ চনত প্রতিষ্ঠিত হৈছিল ‘নাৰী কল্যাণ সমিতি’। মহিলাসকলৰ প্রতিভা বিকাশৰ উদ্দেশ্যেৰে উক্ত সমিতিয়ে
বিভিন্ন প্রকল্প গ্ৰহণ কৰিছিল। মালতী শ্যামৰ একান্তিক প্ৰচেষ্টাৰ ফলতে বৰাক উপত্যকাৰ মহিলা সমাজে
সামাজিক অৱৰোধ উপেক্ষা কৰ ১৯৩৫ চনত প্রথম ৰঙ্গমঞ্চত অৱতীৰ্ণ হৈছিল।

উত্তৰ-পূৱ ভাৰতৰ প্রতিটো জনগোষ্ঠীৰ নিজা লোকনৃত্যৰ শৈলীটো তেওঁলোকৰ সাতামপুৰুষীয়া এতিহ্য।
উৎসৱ-পাৰ্বণ আদিৰ অত্যাৱশ্যকীয় অঙ্গ নৃত্য-গীত। মুকুন্দ দাস ভট্টাচাৰ্য্যই লোকনৃত্যৰ সংৰক্ষণ, প্রচাৰ আৰু
প্রসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে তেওঁক ১৯৯৭
চনত ‘বিষ্ণুৰাভা বঁটা’ প্রদান কৰা হৈছিল।


--- Page 31 ---
Qe বৈচিত্ৰ্যময় অসম

অসমৰ বুৰঞ্জী আৰু পুৰাতত্ব গৱেষণাৰ চৌহদত ৰাজমোহন নাথৰ অৱদান অসামান্য। তেওঁ আছিল
অভিযন্তা। কিন্তু তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা | এই সন্দৰ্ভত তেওঁৰ উল্লেখযোগ্য গ্ৰন্থখনৰ
নাম 'The Background of Assamese Culture’. | গ্ৰন্থখন প্ৰথম প্রকাশিত হৈছিল ১৯৪৮ DAS | ATS
শঙ্কৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমোহন নাথে চৰ্চা কৰিছিল। তিনিচুকীয়া চহৰত ১৯৫৮ চনত
অনুষ্ঠিত ‘অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল।

বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। পৰৱৰ্তী
সময়ত তেওঁ অধ্যক্ষ হৈছিল। কামালুদ্দীন আহমদে সাহিত্য চৰ্চাও কৰিছিল। তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ
নাম hac’ | অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম 'The Art and Architecture
of Assam (1994) | শতাধিক গৱেষণা-নিৱন্ধৰ লগতে তেওঁ উপন্যাস আদি সৃজনশীল সাহিত্যও ৰচনা
কৰিছিল।

বৰাক উপত্যকাৰ বৰ্মণ সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তি যেনে--নন্দন বৰ্মণ, মণিচৰণ বৰ্মণ, নলিনীন্দ্ৰ
কুমাৰ বৰ্মণ আৰু অনিল কুমাৰ বৰ্মণৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি।

ৰাজমন্ত্ৰী বংশৰ নন্দলাল বৰ্মণ আছিল সমাজসেৱক | এজন প্ৰতিপত্তিশালী ব্যৱসায়ী হিচাপে তেওঁ সমাজত
মান পাইছিল। বৰ্মণ সমাজৰ মানুহে তেওঁক সন্মানসূচক ‘মিলাউ’ আৰু আন সমাজৰ মানুহে ‘মহাজন’ বুলি
সম্বোধন কৰিছিল। শিক্ষানুৰাগী নন্দলাল বৰ্মণে গঞা ল’ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে কাছাৰ জিলাৰ বৰখলাত
১৯০১ চনত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম ‘ৰাজা গোবিন্দচন্দ্ৰ মেমোৰিয়েল স্কুল’

ডিমাচা ভাষাতত্ত্ব সন্দৰ্ভত প্রথম গ্ৰন্থ ৰচনা কৰিছিল মণিচৰণ বৰ্মণে | কুৰি শতিকাৰ প্রথম ভাগত প্রকাশিত

নলিনীন্ৰ্ৰ কুমাৰ বৰ্মণ আছিল শিক্ষক | ১৯৩০ চনৰ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ
মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যোগ দিছিল৷ ডিমাছা জাতিৰ এতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক
অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম "The Queen of Cachar or Herambo and the
History of the Cacharis'. ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অঙ্গ হ’ল কীৰ্তন। নলিনীন্দ্ৰ কুমাৰ
বৰ্মণে শৰাধৰ কীৰ্তন পদাৱলীৰ এখন সংকলন প্রকাশ কৰিছিল। উক্ত গ্ৰন্থখনৰ নাম “হৈড়িস্বৰাজ গোবিন্দচন্দ্ৰকৃত
হিন্দু শাস্ত্ৰীয় শ্ৰাদ্ধাদিৰ কীৰ্তন গীতিকা’।

ছাত্ৰাবস্থাৰ পৰাই অনিল কুমাৰ বৰ্মণে সমাজসেৱামূলক কামত আগবাঢ়ি আহিছিল। ১৯৪২ চনত তেওঁ
‘ডিমাছা ছাত্ৰ সমিতি’ নামেৰে এটা সংস্থা গঠন কৰিছিল। কৰ্মজীৱনত আইন ব্যৱসায়ত ব্যক্ত থাকিলেও তেওঁ
বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ লগত যুক্ত আছিল। বহুদিন তেওঁ ‘নিখিল কাছাৰ Caos
বৰ্মণ সমিতি’ৰ সভাপতি আছিল।


--- Page 32 ---
বৈচিত্ৰ্যময় অসম ২৩

ৰঙমাই নগা জনগোষ্ঠীৰ গাইনগ৷মলঙ কামেই অসম ৰাজ্যিক ফুটবল দলৰ খেলুৱৈ আছিল৷ নিজা সমাজত
তেওঁ ক্ৰীড়া সংস্কৃতিৰ প্রসাৰ ঘটাইছিল।
সমাজসেৱক ৰিয়াঙ AMG ৰিপো|ও ৰঙমাই নগা সমাজৰ কলা-কৃষ্টিৰ বিকাশৰ বাবে আজীৱন কাম কৰিছিল।
ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজত প্রথম অৰ্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল। গঞা ল’ৰা-
ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদৰ্থক প্রয়াস চলাইছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা
তহবিল গঢ়ি তোলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম ‘খেলম হাইস্কুল’।
সৌগাইজমে বসন্ত কুমাৰ সিংহ সন্তোষ ট্রফি ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক দলৰ খেলুৱৈ আছিল।
পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰিও হৈছিল।
মণিপুৰী বিষ্ণুপ্রিয়া সমাজৰ ৰাজকুমাৰ চেনাৰিক সিংহ আৰু গুৰু বিপিন সিংহ নৃত্যকলাৰ ক্ষেত্ৰত দুজন
অবিস্মৰণীয় GE | ছাত্ৰ-ছাত্ৰীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাৰিক সিংহক ৰবীন্দ্ৰনাথ
ঠাকুৰে শান্তিনকেতনলৈ মাতি নিছিল। নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে গুৰু বিপিন সিংহক ১৯৬৬
চনত ‘সঙ্গীত নাটক অকাডেমী বঁটা’ প্রদান কৰা হৈছিল। পৰৱৰ্তী কালছোৱাত তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ পৰা
‘কালিদাস সন্মান’ লাভ কৰিছিল। কলকাতাত ‘মণিপুৰী নৰ্তনালয়’ নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান
তেওঁ স্থাপন কৰিছিল।
জগত মোহন সিংহ আছিল এগৰাকী শিক্ষক আৰু সু-সাহিত্যিক। বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত তেওঁ
কাব্য, নাটক, প্রবন্ধ আদি ৰচনা কৰিছিল। তেওঁ ‘নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ"ৰ প্রতিষ্ঠাপক
সভাপতি আছিল।
প্ৰশ্নাৱলী
নৃতত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে?
বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি?
বৰাক উপত্যকাৰ মানুহৰ প্রধান জীৱিকা কি?
‘The background of Assamese Culture’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ
কোন আছিল?
চমুটোকা লিখা ঃ
(ক) ৰাজমোহন নাথ (খ) কামালুদ্দীন আহমদ
(গ) নন্দলাল বৰ্মণ (ঘ) নলিনীন্ৰ্ৰ কুমাৰ বৰ্মণ।
(৬) ইৰুংবম চন্দ্ৰ সিংহ (চ) বিপিন সিংহ

R 0 2০ে১ /% ৮

ৰলে

--- Page 33 ---
কাৰ্বিসকল

কাৰ্বিসকল অসমৰ এটি প্ৰধান জনজাতি। বিষ্ণুপ্ৰসাদ ৰাভাই আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে
তুলনা কৰি কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি আখ্যা দিছিল। এই উক্তি যুক্তিসহকাৰে সমৰ্থন কৰিছিল
কলিকতাৰ বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে৷

বসতি অঞ্চল $ঃ অসমৰ সৌমাজতে থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙেই হ’ল কাৰ্বিসকলৰ
প্রধান বসতি অঞ্চল।

দুয়োখন ঠাই সামৰি কাৰ্বি আংলং স্বায়ত্ব পৰিষদ গঠন হৈছে। ইয়াত ২৬-জন নিৰ্বাচিত সদস্য আৰু
চাৰিজনকৈ মনোনীত সদস্য আছে। সৰ্ব্বমুঠ আসন ৩০-খন। ইয়াৰ মাটি কালি ১০,৩৪৩ বৰ্গ কিলোমিটাৰ৷

ইয়াৰ বাহিৰেও শোণিতপুৰ, বিশ্বনাথ, লক্ষিমপুৰ, কামৰূপ সোণাপুৰ আদি ঠাইতো কাৰ্বিসকল বসতি
কৰা দেখা যায়। মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল আদি ৰাজ্যতো কম বেছি পৰিমাণে কাৰ্বিংসকলৰ
বসতি আছে।

সাঁজ-পাৰ - পুৰুষ আৰু নাৰীৰ পোচাক পৃথক। পুৰুষৰ আঁঠুমূৰীয়া পে ছেলেং, BS হংথৰ, DS SS , DS
লক্‌ (কাৰ্বি জেকেট) পহ’ আদিয়েই প্ৰধান। চই হংথৰ আজিকালি কাৰ্বি জেকেট বুলি পৰিচিত। পহ’
(কাৰ্বি মায়াৰ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্রায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল।৷ ইয়াৰ দুয়োমূৰে বিভিন্ন ৰঙৰ
ফুল তুলি দিয়া হয়।

চেপান আবু- প্রায় ৩ ইঞ্চি বহল আৰু দীঘলে প্ৰায় ৬ ফুট। দুয়োমূৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া
ক’লা কাপোৰ। ইয়াক ডেকাল’ৰাসকলে ব্যৱহাৰ কৰা দেখা যায়।

নাৰীৰ সাজপাৰ হ’ল পিনি, পেকক আৰু ৱানকক --- তদুপৰি পে ছেলেং, পে খনজাৰি, পে ছাৰপি
আদিয়ে প্রধান।

পিবা ঃ ১*/, ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘল। দুয়ো মূৰে বিভিন্ন ৰঙৰ ফুল তুলি কড়িৰে
সম্বলিত বিশেষ চকচকীয়া ক’লা কাপোৰ। ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বোকোচাত ল’বৰ বাবে
ব্যৱহাৰ কৰে।
আ-অলংকাৰ ঃ লেক হিকি, নথেংপী, ন’লাংপং, ন’জাংছাই, লেক ৰূৱে, লেক পাংখাৰ৷, লাং আৱ’, ৰই

Fatal, ৰই পাহু আদিয়েই প্রধান।


--- Page 34 ---
বৈচিত্ৰ্যময় অসম ২৫

উৎসৱ-পাৰ্বণ £ পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। cole হেমফু হ’ল ঘৰুৱা উৎসৱ। এই
উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং | এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে
কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।

চজুন উৎসৱ (Family festival) ঃ এই উৎসৱ প্ৰতিবছৰে উদ্য৷পন নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে
মূৰে কৰা হয়।

ৰংকেৰ উৎসৱ (Community Festival) 3 ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱ বছৰৰ
আৰম্ভণিতে উদ্যাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উছৰ্গা কৰি উপাস্য দেৱতাৰ
সন্তুষ্টিৰ বাবে পূজা কৰা হয়।

ফৈদ ঃ কাৰ্বিসকলৰ পাঁচটাকৈ ফৈদ আছে। এয়া হ’ল -=

১) টিমুং, ২) টেৰন ৩) তেৰাং ৪) ইংহি ৫) ইংতি
এই প্রতিটো ফৈদত একাধিক উপফৈদ থাকে।

কাৰ্বি যুৱ মহোৎসৱ ঃ প্রতিটো বছৰত ১৫-১৯ ফেব্ৰুৱাৰীত, এই মহোৎসৱ তাৰালাংছ’, ডিফু চহৰত

অনুষ্ঠিত কৰা হয়।
কাৰ্বিসকলৰ মাজৰ অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আজিও স্মৰণীয়

হৈ ৰোৱা কেইগৰাকীমান ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা VA—

তেওঁ হ'ল কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি
আংলঙৰ টিকা পাহাৰত জন্ম গ্ৰহণ কৰিছিল। পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী
(কাজিৰ তিমুংপী)। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাট
বেজবৰুৱা হাইস্কুলৰ পৰা প্রথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন
কলেজত অধ্যয়ন কৰে যদিও সেই সময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয়। পিছত
১৯৩৩ চনত চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাৰ্বি জাতিৰ প্রথম
স্নাতক ৰূপে সুখ্যাতি অৰ্জন কৰে। তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলত
শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ GS গঠন হোৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আনি
১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনো
কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায়।
তেওঁ লিখা পুথিকেইখন হ’ল oR আকিতাপ’, ‘কালাখা আকিতাপ’, ‘তেমপুৰু আৰু ৱপী’।


--- Page 35 ---
২৬ বৈচিত্ৰ্যময় অসম

ছামছিং হাঞ্চে

ছামছিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ওপন্যাসিক, কথাছবি প্রযোজক, ৰাজনীতিক, সাহিত্যপ্ৰেমী
ব্যক্তি। নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্ৰিল মাহৰ
১৮ তাৰিখে তেওঁৰ জন্ম হয়। পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাএৎ ঢেৰণপী। বাল্যকালতে
পৰিয়ালটোৱে পুৰণি স্থান পৰিত্যাগ কৰি হংক্ৰাম নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতে স্থায়ীভাৱে বসতি
কৰে। হংক্ৰাম প্রাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ হয়। পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু
কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। ডিফু চৰকাৰী বালক বিদ্যালয়ত ভৰ্তি হয় যদিও প্রৱেশিকা
পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱৰাত সেনাবাহিনীৰ চাকৰি কৰে। তিনি বছৰৰ পিছত চাকৰি ইস্তফা দি ১৯৬৭ চনত
বৈঠালাংছ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়। ১৯৭৩ চনত
স্নাতক ডিগ্ৰী লাভ কৰে।

ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনো পুথি কাৰ্বি আৰু অসমীয়া ভাষাত প্ৰণয়ন
কৰি প্রকাশ কৰিছিল। সেইবোৰৰ ‘ভিতৰত নাম তাই হামু’, ‘কাৰ্বি প্রণয়ী গীত’, ‘ছাবিন আলুন’ (কাৰ্বি
ৰামায়ণ) ‘কুমলীন’, ‘ৰোমীৰ এমুঠি কাৰ্বি কবিতা’ (অনুবাদ) আৰু ‘ছেৰ্‌ হনজেং’ নামৰ গ্ৰন্থ উল্লেখযোগ্য।
১৯৮৩-৮৪ চনত কাৰ্বি লামেত আমেইৰ (কাৰ্বি সাহিত্য সভা) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত
সভাপতিৰ আসন অলংকৃত কৰে।

১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট
Wag ae কৰিবলৈ সম্ষম হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলোকে aa কৰি ইহ
সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ল’লে। কাৰ্বি ভাষা-সাহিত্যৰ সাধক আৰু এজন পথপ্ৰদৰ্শক হিচাপে
তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব।

বংলং তেৰাং

কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই
নদীৰ কাষৰ নিহাংলাংছ নামৰ TSS | তেৱেঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্রদান কৰে। দেউতাকৰ নাম
ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী। তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ
লিখা বিভিন্ন কিতাপসমূহ হ’ল-_ ‘Word Book ” ‘আদাম আছাৰ’ (বিবাহ নিয়ম) ‘ৰূকাছেন’, ‘হামু’, ‘ছেৰ
হংথম’, ‘কাৰ্বি SAB’, ‘কাৰ্বি চ ৰংজে’, ‘আৰণ ewe’, ‘ৰংলিন’, “DS আলুন’ আৰু ‘ছাৰ লামছাম’।

১৯৭৩ চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়।
অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্রদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্রদান কৰে। এইজনা
পুৰোধা ব্যক্তিয়ে সকলোকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে।


--- Page 36 ---
বৈচিত্ৰ্যময় অসম ২৭

লংকাম তেৰণ

সু-সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিগ্লু তেৰণ আৰু মাকৰ
নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত বিবাহ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা
পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত মনোনীত Bl তেওঁ কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু
সভাপতি পদকো অলংকৃত হৈছিল। কাৰ্বি সাহিত্য সভাৰ প্রতিষ্টাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ
অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু
অনুদিত গ্ৰন্থ মুঠ ৪১-খন। তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ’ল ‘ৰং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’, ‘কাৰ্বি
লামকুৰু’, ‘কাৰ্বি জনগোষ্ঠী’, ‘কাৰ্বি লামকুৰু-লামছেং’, ‘কাৰ্বি ভাষা পৰিচয়’, ‘কাৰ্বি লামতাছাম’ আদি।

প্ৰশ্নাৱলী

> | কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল?
২। কাৰ্বিসকলৰ পৰম্পৰাগত সাজ পাৰৰ বিষয়ে লিখা।
© | কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণ সম্পৰ্কে লিখা।
8



কাৰ্বিসকলৰ মূল ফৈদকেইটা কি কি?

কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা।
চমুটোকা লিখা ঃ

(ক) ছেমছনছিং ইংতি (খ) ছামছিং হাঞ্চে

(গ) বংলং তেৰাং (ঘ) লংকাম তেৰণ


--- Page 37 ---
কোচ-ৰাজবংশীসকল

উনৈশ শতিকাৰ প্ৰথম দশকৰপৰা কুৰি শতিকাৰ শেষৰ দশকলৈ যিসকল নৃবিজ্ঞানী, গৱেষক, চৰকাৰী
পিয়লৰ কাম কৰোঁতা আয়ুক্ত, ডাক্তৰ বা চিকিৎসক, সমাজবিজ্ঞানী আদিয়ে কোচৰাজবংশীসকলৰ বিষয়ে
গৱেষণা কৰিছিল, সেইসকলৰ বেছিভাগেই একমত আছিল যে অসম, উত্তৰবংগ, নেপাল, ভুটান, বিহাৰ,
মেঘালয় আৰু বাংলাদেশত যিসকল ৰাজবংশী লোক আছে তেওঁলোকৰ মূল হ'ল কোচ। অসমত সেই
কাৰণে তেওঁলোকক কোৱা হয় কোচ-ৰাজবংশী। এওঁলোক হিন্দু ধৰ্মীয় লোক। বহুতে কোচ আৰু
ৰাজবংশীসকলক পৃথক পৃথকভাৱে প্রতিষ্ঠা কৰিব বিচাৰে। এটা সময়ত এনে প্ৰচেষ্টা কৰা হৈছিল যদিও
সেইটো সঠিক আছিল বুলি ক’ব নোৱাৰি৷ বহুত ঠাইত অকল কোচ আৰু অকল ৰাজবংশী বুলি লিখে যদিও
ৰাজবংশীৰ মূল যে কোচ সেইটো অস্বীকাৰ কৰা নাযায়। মেঘালয় আৰু মেঘালয়ৰ অসম সীমান্ত অঞ্চলত
কিছুমান কোচ লোকে সুপ্ৰাচীন কোচ-ভাষা আৰু সংস্কৃতি প্ৰতিপালন কৰি আছে-- তেওঁলোকৰ ধাৰাটো হ'ল
CCAS ধাৰা। আনফালে পশ্চিম অসম, উত্তৰবংগ, নেপাল, বিহাৰ ইত্যাদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ
ভাষা-সংস্কৃতি হ'ল আৰ্য ভাষা সংস্কৃতি। তেওঁলোকক অকল ৰাজবংশী বুলি কোৱা হয়। তেওঁলোকে হিন্দু
ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী বুলি পৰিচয় দিয়ে। বহুতে অকল কোচ হিচাপে আৰ্য ভাষা-সংস্কৃতি প্রতিপালন
কৰে। দুটা পৃথক ধৰণৰ ভাষা-সংস্কৃতি প্ৰতিপালন কৰিলেও নৃতাত্ব্বিকভাৱে সকলো কোচ-ৰাজবংশী লোকৰ
মূল একেটাই, সেয়া হ’ল কোচ। ঠাই বিশেষে এওঁলোক কোচ, কোচ-ৰাজবংশী, ক্ষত্ৰিয় ৰাজবংশী বা
ৰাজবংশী, কোনো ঠাইত অকল ক্ষত্ৰিয় বুলিও জনা যায়। এওঁলোক ক্ষত্ৰিয় বুলি পৰিচিত হ'লেও আৰ্য
ক্ষত্ৰিয় নহয়। সকলোৰে সংস্কৃতিত জনজাতীয় ছাপ স্পষ্ট। অসম, বংগ, বিহাৰ, নেপাল আৰু বাংলাদেশ
আদি ঠাইত এওঁলোক ৰাজবংশী বুলি পৰিচিত। পৰৱৰ্তী সময়ত মদাহী £ মদাহী জনগোষ্ঠী ‘মদক’ নামৰ
জনগোষ্ঠী এটাৰ পৰা অহা বুলি তেওঁলোকে কব খোজে। তেওঁলোকে ‘কোচ’ৰ পৰা অহা বুলি নাভাবে।
তেওঁলোক এটা সুকীয়া জনগোষ্ঠী হিচাপে পৰিচয় দি আহিছে। হাজং, জলধা, ধিমাল, বালো, মালো,
বৰুৱা মগ, আদি অনেক সৰু সৰু জনগোষ্ঠীৰ লোকসকলে ৰাজবংশী বুলি পৰিচয় দি ধন্য হ’লেও এওঁলোকৰ
বহুতৰে মূল হ’ল কোচ। এই বিষয়ে কেইগৰাকীমান বিশিষ্ট পণ্ডিতৰ উক্তি উল্লেখ কৰিব পাৰি। বুকানন
হেমিলটনে কয় — ‘মোৰ কোনো সন্দেহ নাই যে কোচ-জনজাতিৰ সকলোলোকৰ উৎপত্তি হৈছে এক


--- Page 38 ---
বৈচিত্ৰ্যময় অসম ২৯

উৎসৰ পৰা আৰু অধিকাংশ ৰাজবংশীয়ে হ’ল কোচ ৷” (B. Hamilton : 1809)।

১৮৮৯ চনৰ আদম সুমাৰি প্রতিবেদনত হাণ্টাৰে উল্লেখ কৰিছে যে অৰ্ধ হিন্দু জনজাতি হিচাপে উল্লিখিত
কোচ, পালিয়া আৰু ৰাজবংশী জনগোষ্ঠীৰ লোকসকল, যিসকল কোচবিহাৰ ৰাজ্য আৰু সংলগ্ন জনজাতি
তেওঁলোক মূলতঃ একে বংশজাত উপজাতি। (W. W. Hunter : 1877)। প্ৰিয়াৰছনৰ মতেও যিসকল
কোচ বৰ্তমানেও হিন্দু ধৰ্মাৱলম্বী তেওঁলোকে প্রধানভাৱে ৰাজবংশী হিচাপে পৰিচয় দিয়ে (Grierson :
1903)।

ৰিজলীয়েও কোচ, পালিয়া আৰু ৰাজবংশীসকলক নৃতাত্বিকভাবে একে বংশোদ্ভৱ বুলি উল্লেখ কৰে
(Risely : 1981)। এনেকৈ জে. এ. ভাসৰ তথ্যইও সমৰ্থন কৰে যে ৰংপুৰৰ (বৰ্তমান বাংলাদেশ)
ৰাজবংশীসকল কোচ জাতিৰ পৰা GES আৰু মংগোলীয় গোষ্ঠীভুক্ত। তেওঁলোকৰ লগত UG) তেজৰ
মিহলি হৈছে বুলি তেওঁ ধাৰণা কৰে। কিন্তু আৰ্য তেজ তেওঁলোকৰ শিৰাত প্রায় নাই বুলি ক’ব পাৰি (]. A.
Vass : 1911)। উল্লিখিত পণ্ডিতসকলৰ নৃতাত্বিক মতামত সাপেক্ষে কোচৰ পৰা৷ যে ৰাজবংশীসকলৰ
উৎপত্তি হৈছে তাত কোনো সন্দেহ নাই। আনফালে তেওঁলোক যে মংগোলীয় গোষ্ঠীৰ লোক এই কথা
সৰ্বজন স্বীকৃত।

CASTES অনুসন্ধানকাৰী দেশী-বিদেশী প্রাচীন পণ্ডিতসকলৰ WAS ASI আধুনিক কালৰ পণ্ডিতসকলে
সিদ্ধান্ত কৰিছে যে কোচসকল আছিল বৃহত্তৰ তিব্বতব্মী ভাষাগোষ্ঠীৰ লোক। পৰৱৰ্তী সময়ত এওঁলোক
নিজৰ সুপ্ৰাচীন ভাষা-সংস্কৃতি এৰি আৰ্যভাষা সংস্কৃতি গ্ৰহণ কৰে। এতিহাসিক পণ্ডিতসকলৰ লিখিত ইতিহাসৰ
পৰাও জানিব পৰা যায় যে ষোল্ল শতিকাৰ মধ্যভাগত কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে সম্পূৰ্ণভাৱে
তেওঁলোকৰ আওপুৰণি ভাষা আৰু ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী হয় আৰু পুৰামাত্ৰাই বৰ্ণ হিন্দুৰ
নিচিনা ভাষা ব্যৱহাৰ কৰিবলৈ ধৰে। (A. Biswas : 2005)।

এই পৰিঘটনা ঘটিছিল বিশেষকৈ পশ্চিম অসম আৰু উত্তৰ বংগ অঞ্চলত। সেইবাবে বৰ্তমান সময়ৰ
পশ্চিম অসমত অৰ্থাৎ ধুবুৰী, বঙাই্গ।৷ও, গোৱালপাৰা, কোকৰাবাৰ, চিৰাং আদি জিলাত উত্তৰবংগ, বিহাৰৰ
উত্তৰাঞ্চলত, নেপালৰ বাপা, মোৰং, আদি জিলাত আৰু বাংলাদেশৰ প্রাচীন ৰংপুৰ জিলাত ৰাজবংশী বুলি
পৰিচয় দিয়া কোচসকলৰ সংখ্যাই বেছি। এওঁলোকৰ ভাষা-সংস্কৃতি জাতিতত্ব্ব আদি ৰাজবংশী বুলি পৰিচিত।
ভাষা আৰু সংস্কৃতি

কোচ ৰাজবংশীসকলৰ ভাষাৰ বিষয়ে দেশী-বিদেশী অনেক পণ্ডিতে আলোচনা কৰিছে। তাৰ ভিতৰত

বিখ্যাত হ'ল জৰ্জ এব্ৰাহাম AAT | তেওঁক ভাৰতীয় ভাষাসমূহৰ জনক বুলি কোৱা হয়। ভাৰতৰ ভাষা
পিয়ল গ্ৰন্থ (Linguistic Survey of India)-9 তেওঁ ৰাজবংশী ভাষাৰ কথা উল্লেখ BRA কোচ


--- Page 39 ---
৩০ বৈচিত্্যময় অসম
ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ, সৰ্বনাম, নিজস্ব ক্ৰিয়াৰূপ, শব্দৰূপ, মৌখিক
আৰু লিখিত সাহিত্য, উচ্চাৰণ ভঙ্গী, নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে। সেয়ে এই ভাষা অন্যান্য
আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্ৰ বৈশিষ্ট্যসম্পন্ন এটি ভাষা।

কোচ ৰাজবংশীসকলৰ সুপ্ৰাচীন এটি ভিন্নধৰ্মী উজ্জ্বল চমকপ্রদ সংস্কৃতি পাওঁ। ভাৰতবৰ্ষত আৰ্যসকলে
সৃষ্টি কৰা বৰ্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূৰ্ণ পৃথক। সময়ৰ সোঁতত তেওঁলোকে
এই ব্যৱস্থাৰ আওতালৈ আহিলেও আৰৰ্যক্ষত্ৰিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত এওঁলোকৰ কোনো মিল নাই। বৰ্ণ
হিন্দুৰ আচাৰ-নীতি গ্ৰহণ কৰিলেও কোচ-ৰাজবংশীসকলৰ নিজস্ব আচাৰ-সংস্কাৰ, পূজা-পাৰ্বণ, ধৰ্মীয় বিশ্বাস,
খাদ্য-সম্ভাৰ, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, গীত-মাত আদি বিদ্যমান। এই সকলোবোৰ স্বকীয় মহিমাৰে
সমুজ্জ্বল।

কোচ ৰাজবংশীসকলৰ জন্ম-মৃত্যু, বিয়াৰ নিজস্ব আচাৰ-নীতি, মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস,
মৃতকৰ প্ৰতি শ্ৰদ্ধা, নানা এন্দ্ৰজালিক ক্ৰিয়া, তন্ত্ৰ-মন্ত্ৰাদি বিশ্বাস, প্রকৃতিৰ সৃষ্টি কৰোৌঁতাক মাতৃ হিচাপে পূজা,
বট গছক পূজা, টোটেমৰ প্ৰতি শ্ৰদ্ধা, জীৱ-জন্তুৰ পূজা, মানুহৰ ৰোগ-ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা
ভূত-প্ৰেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস। নানা ধৰণৰ বাধা-নিষেধ বা অনুশাসন, খোৱা, বেষমা বা বিষুৱা,
পুষুণা, কাতিগজ৷, হোলি, চড়ক পূজা, গাজন, মনসা, বিষহৰি, শীতলা, মাসান, কালী আদি পূজাবোৰত
অৰ্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান। ৰাজহুৱা কামত চাউল, কল, কলৰ গছ, নাৰিকল, তামোল-পাণ,
পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয়। ধম পালনৰ বেলিকা বৰ্ণ হিন্দুৰ দেৱ-দেৱীক পূজা-অৰ্চনা, ভক্তি শ্ৰদ্ধা
কৰাৰ লগতে তেওঁলোকৰ নিজস্ব বিধিৰে, বুঢ়াবুঢ়ী, তিস্তাবুঢ়ী, হুদুম পূজা, গ্রাম পূজা, ধামপূজা, মাশান,
যখা, সোণাৰায়, কাতি, ষাইটল আদি পূজা কৰে। ধৰ্মীয় সংস্কাৰৰ ভিতৰত আমাতি, যাত্ৰাপূজা, চড়ক পূজা,
সত্য নাৰায়ণ, ত্ৰিনাথ পূজা আদি আছে।

খাদ্য-সম্তাৰৰ ভিতৰত-_তেওঁলোকৰ ছেকা, CAB, COR, সিদল, সুট্কা, টোপলাভাতৰ স্বকীয় বৈশিষ্ট্য
সম্পন্ন । পোছাক-পৰিচ্ছদৰ ভিতৰত--মহিলা৷সকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা; আ-অলংকাৰৰ ভিতৰত
হাতৰ মুঠাখাৰু, চুৰি, শাখা, বাজু; গলৰ সূৰ্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ; কাণত মাকিৰি, অন্তি, নাকত নোলোক,
ফুল; ভৰিত তোলা খাৰু, ফেলা খাৰু আদি বিখ্যাত।

গীত-মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ SERS গান, বিভিন্ন পূজাৰ গান, ৰাবাণ গান, কুশান গান,
দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুক্খা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান,
ডাকনাম, জাগ গান আদি স্বতন্ত্ৰ বৈশিষ্ট্যসম্পন্ন। এইদৰে সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় এওঁলোকৰ


--- Page 40 ---
বৈচিত্ৰ্যময় অসম ৩১

সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌদ্ধ, শৈৱ, শাক্ত, প্ৰভাৱৰ উপৰি বৰ্ণ

হিন্দুৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলত পৌৰাণিক প্রভাৱ, শঙ্কৰী বৈষ্ণৱ আৰু গৌড়ীয় প্রভাৱেো৷ পৰিছে। তথাপি

এওঁলোকৰ সংস্কৃতিত প্রাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায়।
কোচ-ৰাজবংশীৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল--

জননেতা শৰৎচন্দ্ৰ সিংহ --এক ব্যতিক্ৰমী ব্যক্তিত্ব

শৰৎচন্দ্ৰ সিংহৰ জন্ম হৈছিল ১৯১৪ চনৰ ১ জানুৱাৰীত। পিতৃৰ নাম লালসিং সিংহ আৰু মাতৃৰ নাম
আছিল আয়াচিনি সিংহ। শৰৎচন্দ্ৰ সিংহদেৱ স্বাধীনতাৰ উত্তৰকালৰ অসমৰ ৰাজনীতিত এজন শ্ৰেষ্ঠ ব্যক্তি
আছিল। তেওঁ আছিল প্ৰকৃত জনতাৰ নেতা। সেয়ে তেওঁক জননেতা বিশেষণেৰে বিভূষিত কৰা হয়। তেওঁ
হাড়ে-হিমজুৱে গান্ধীৰ আদৰ্শত চলা এগৰাকী ব্যক্তি আছিল। তেওঁ বহুমুখী প্রতিভাসম্পন্ন এগৰাকী ব্যক্তি
আছিল। জনসাধাৰণক সেৱা কৰাটোৱে তেওঁৰ জীৱনৰ সংকল্প আছিল। দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে অসম গঢ়াৰ
যি সপোন দেখিছিল তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁ চেষ্টা কৰিছিল। তেওঁ ১৯৭২
চনৰ OS জানুৱাৰীৰ পৰা ১৯৭৮ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। তেওঁ ১৯৪৬ চনৰ
পৰা ১৯৫২ চনলৈ, ১৯৬২ চনৰ ১২ পৰা ১৯৬৭ চনৰ মাৰ্চলৈ, ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ আৰু
১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈ অসম বিধান সভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ অসমৰ
মুখ্যমন্ত্ৰী থকা কালত বহুতো উন্নয়নমূলক কাম কৰিছিল। তেওঁ কৃষি উৎপাদন বৃদ্ধি, কৃষক উন্নয়ন, দৰিদ্ৰতা
আৰু দুৰ্নীতি দূৰীকৰণ, গ্ৰাম্য অৰ্থনীতিৰ উন্নতি আৰু সম্প্ৰসাৰণৰ আদৰ্শ আগত ৰাখি কিছুমান উল্লেখযোগ্য
আঁচনি হাতত লৈছিল। তেওঁৰ উল্লেখযোগ্য আঁচনিসমূহ আছিল এনে ধৰণৰ-_ (১) জৰুৰীকালীন ৰবিশস্য
আঁচনি, (২) গাঁও পঞ্চায়ত সমবায় সমিতি (©) কৃষি নিগম (8) আকলন পত্ৰ আঁচনি (৫) তদাৰক কোষ
আঁচনি (৬) পঞ্চায়তীৰাজ (৭) চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ (৮) খাদ্যশস্যৰ
চৰকাৰী ব্যৱসায় আৰু (৯) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি।

জননেতাগৰাকীয়ে ২০০৫ চনৰ ২৪ ডিচেম্বৰৰ মাজ নিশা ৯৩ বছৰ বয়সত স্বৰ্গগামী হয়।

অম্বিকাচৰণ চৌধুৰী

১৯৩০ চনৰ ১৬ আগষ্টৰ দিনা বঙাইগাঁও জিলাৰ অন্তৰ্গত, বৰপাৰা নামৰ গাঁৱত অম্বিকাচৰণ
চৌধুৰীদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতাকৰ নাম আছিল নৰেশ্বৰ চৌধুৰী আৰু মাকৰ নাম আছিল কাশীশ্বৰী
চৌধুৰী। মেধাবী চৌধুৰীদেৱে সৰু কালৰ পৰাই আৰ্থিক অনাটনৰ মাজেদি বঙাইগাঁৱৰ পৰা প্রাথমিক আৰু
উচ্চ বিদ্যালয়ৰ শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯৫৫ চনত দৰ্শন বিভাগত অনাৰ্চসহ স্নাতক
ডিগ্ৰী লয়। পৰৱৰ্তী কালত চিলঙত চাকৰি কৰি থকা অৱস্থাত তেওঁ বি. টি. পাছ কৰে । এম. এ. আৰু বি. এল.
(বৰ্তমান এল. এল. বি) পঢ়াৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগালেও আৰ্থিক অনাটনৰ কাৰণে চাকৰি


--- Page 41 ---
৩২ বৈচিত্ৰ্যময় অসম
কৰিবলগীয়া হোৱাত উক্ত ডিগ্ৰী পাঠ্যক্ৰম তেওঁ সম্পূৰ্ণ কৰিব পৰা নাছিল।

ছাত্ৰ অৱস্থাৰ পৰাই অম্বিকাচৰণ চৌধুৰীদেৱ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল। ১৯৫৩-
৫৪ চনত কটন কলেজৰ সমাজসেৱা বিভাগৰ সক্ৰিয় সদস্য হৈ থাকৌতে পলাশবাৰী, মিৰ্জা অঞ্চলৰ বানপানী
আৰু গঢ়াখহনীয়াত ক্ষতিগ্রস্তসকলক সহায়ৰ হাত আগবঢ়োৱাত সেই সময়ৰ ভাৰতৰ প্রধানমন্ত্ৰী জৱাহৰলাল
নেহৰুৰ পৰা প্রশংসা লাভ কৰিছিল।

অম্বিকাচৰণ চৌধুৰীদেৱে মৃত্যুৰ আগলৈকে সৰু-ডাঙৰ প্রায় ৩২-খন ইতিহাস, সংস্কৃতি, সমালোচনা আদি
বিষয়ক গ্ৰন্থ লিখিছিল। ইংৰাজী, অসমীয়া আৰু ৰাজবংশী-_- তিনিওটা ভাষাতেই তেওঁৰ সমান দখল আছিল।
ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ প্রায় শতাধিক প্ৰবন্ধও লিখিছিল।

১৯৬১ চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱ ‘ৰত্নপীঠৰ ৰত্ন’
উপাধিৰে বিভূষিত হৈছিল। ১৯৯২ চনত উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা ‘কামতাৰত্ন’ উপাধি
লাভ কৰে। ১৯৯৪ চনৰ পৰা তেওঁ সাহিত্যিক পেন্সন পাইছিল। ২০০৩ চনত তেওঁ নতুন দিল্লীৰ প্রেণ্তি
সংঘৰ তৰফৰপৰা মহেন্দ্ৰ নাথ বৰা পুৰস্কাৰ লাভ কৰে। প্ৰাথমিক শিক্ষক সংস্থাৰ তৰফৰ পৰা তেওঁ ‘শিক্ষাবান্ধৱ’
উপাধিও পাইছিল। তদুপৰি তেওঁ জীৱনকালত বঙাইগাঁও জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা,
বিভিন্ন শাখা সাহিত্য সভা, অসম প্রকাশন পৰিষদ, ভাৰত বিকাশ পৰিষদ, বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও
নৰ্মালস্কুল কৰ্তৃপক্ষ আদি অনুষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বৰ্ধনা লাভ কৰিছিল।

অৰুণ কুমাৰ ৰায়

অৰুণ কুমাৰ ৰায়ৰ জন্ম হয় ১৯২৫ চনৰ ৮ GLASS | তেওঁৰ বাসস্থান আছিল বঙাইগাঁৱৰ ছিপন ছিলা
HAS | তেওঁৰ পিতৃৰ নাম আছিল প্রকাশ চন্দ্ৰ ৰায় আৰু মাকৰ নাম আছিল অভয়েশ্বৰী ৰায়। চিৰাং জিলাৰ
বেংতল প্ৰাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা লাভ কৰি বহলপুৰৰ উচ্চ মাধ্যমিক স্কুলত নাম লগায়। তাৰ
পৰা আকৌ বঙাইগাঁও বীৰব৷ৰা উচ্চ মাধ্যমিক স্কুলত এণ্ট্ৰেসলৈকে পঢ়ি তাৰ পিছত কলাগুৰু বিষ্ণুপ্ৰসাদ
ৰাভাৰ সান্নিধ্যলৈ আহি আৰ চি পি আইত যোগদান কৰে। বামপন্থী মতাদৰ্শ প্রচাৰৰ বাবে তেওঁ কাৰাবৰণ
খাতিবলগীয়া হয়। ১৯৬৪ চনত তেওঁ কৃষক আন্দোলনৰ লগত সক্ৰিয়ভাবে জড়িত হৈ পৰে। গৃহৰক্ষী
বিভাগত কিছুদিন কাম কৰি পিছত তেওঁ কিছুদিন বেংতল এম. ভি. স্কুলত শিক্ষকতা কৰিছিল। ১৯৭৪-৭৫
চনত তেওঁ কোকৰাবাৰ মহকুমা পৰিষদৰ সভাপতিৰ দায়িত্ব লয়। ১৯৮৩ চনত তেওঁ উত্তৰ শালমাৰা মহকুমা
পৰিষদৰ সভা৷পতিও আছিল। কিছুদিন প্ৰতিৰক্ষা সংস্থাৰ নামনি অসমৰ সমন্বয়কৰ দায়িত্ব বহন কৰি ১৯৯৩
চনত কোচ-ৰাজবংশী সাহিত্য সভা গঠনত TAT ভূমিকা পালন কৰে। ১৯৯৯ চনৰ পৰা ২০১৫
চনলৈকে কোচ-ৰাজবংশীসকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ


--- Page 42 ---
বৈচিত্ৰ্যময় অসম ৩৩

ৰাজবংশী ভাষাত কোচ-ৰাজবংশীসকলৰ সংস্কৃতিমূলক কেবাখনো গ্ৰন্থ লিখাৰ উপৰিও নাটক, কবিতা
আৰু শব্দকোষ প্রণয়ন BA | তেওঁ সৰ্বমুঠ ১০-খন গ্ৰন্থ ৰচনা কৰিছিল। ২০০৪ চনত তেওঁ অসম চৰকাৰৰ
পৰা এককালীন সাহিত্যিক অনুদান লাভ কৰে। ২০১৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ
দ্বাৰা পৰিচালিত গুৰুশিষ্য পৰম্পৰা আঁচনিৰ অধীনত ‘লোক-সংস্কৃতিৰ গুৰু’ ৰূপে স্বীকৃতি আৰু সন্মান
লাভ কৰে। ২০১৩ চনত তেও বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ‘কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰী
স্মাৰক বঁটা’ লাভ কৰে। কোচ-ৰাজবংশী জনগোষ্ঠী তথা তেওঁলোকৰ ভাষা-সাহিত্যৰ বাবে আগবঢ়োৱা
অৱদানৰ স্বীকৃতি হিচাপে কোচ-ৰাজংবশী সাহিত্য সভাই মৰণোত্তৰভাৱে ২০১৬ চনত তেওঁক ‘সাহিত্য
ৰত্ন’ সন্মান প্রদান কৰে।

ৰুক্মিণী কান্ত ৰায়

সমাজসেৱী আৰু হাস্যৰসিক ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায়ৰ নাম প্ৰসিদ্ধ৷ তেওঁ সাধাৰণ নিম্নবিত্ত পৰিয়ালত
জন্ম গ্ৰহণ কৰি, বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা লাভ কৰি জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ
শৈক্ষিক, সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক, ধৰ্মীয় আদি জীৱনৰ কেওটা ভাগেই সমাজৰ বাবে আদৰ্শ স্বৰূপ৷

সাধাৰণ ছাত্ৰৰ দৰে গাঁৱৰ এখনি স্কুলত জীৱন আৰম্ভ কৰি নিজৰ মেধাৰ বলত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ
পৰা স্নাতকোত্তৰ শ্ৰেণীত অর্থনীতি বিভাগত প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি অসমৰ এজন মেধাবী ছাত্ৰ
বুলি সকলোৰে চকুত পৰিছিল। নিজ সম্প্ৰদায়ৰ আৰু পশ্চিম অসমৰ এজন মেধাবী বুদ্ধিমান ব্যক্তি হিচাপে
ৰুক্মিণী কান্ত ৰায় বিখ্যাত আছিল। সামাজিক আৰু সাংস্কৃতিক জীৱনত তেখেতে তেওঁৰ মাতৃভাষা ৰাজবংশী
ভাষাক ব্যৱহাৰ কৰি ভাল পাইছিল। তেওঁ বেছিভাগ বক্তৃতাই মাতৃভাষাত দি সকলোৰে মন জয় কৰিছিল।

তেওঁ সমাজৰ উন্নতিৰ কাৰণে অসংখ্য স্কুল, কলেজ, মঠ-মন্দিৰ আদি প্রতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল।
ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত তেওঁ জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ উন্নতি লাভ কৰি কেন্দ্ৰীয় পৰ্যায়ৰ
নেতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সাধাৰণ কেৰাণীৰ চাকৰিৰপৰা কলেজৰ অধ্যাপক, অধ্যক্ষ, তথা
বিধায়ক পৰ্যায়লৈকে উন্নীত হৈছিল। ভাল এজন ফুটবল খেলুৱৈ হিচাপে প্রশংসা লাভ কৰাৰ উপৰিও জীৱনৰ
শেষ বয়সত এজন সুদক্ষ ধৰ্মীয় বক্তা হিচাপে প্রতিষ্ঠা লাভ কৰিছিল। কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ লগত দীৰ্ঘদিন
অতিবাহিত কৰি তেওঁ কিছুমান ধৰ্ম বিষয়ক তত্ত্বগধুৰ নিৱন্ধ লিখিছিল।

পানীৰাম দাস
আজীৱন শুভ্ৰ WH ধুতী কুৰ্তা পৰিধান কৰা, সময়ৰ বালিত হেৰাই নোযোৱা খোজবোৰৰ অধিকাৰী,


--- Page 43 ---
৩৪ বৈচিত্ৰ্যময় অসম

ত্যাগ, দেশ প্রেমৰ আদৰ্শৰে আপোচহীন অবিৰত সংগ্ৰাম চলাই যোৱা, সমাজকৰ্মী, মুক্তিযুজাৰু পানীৰাম
দাসৰ জন্ম হয় ১৯১৭ চনৰ ৭ এপ্ৰিল তাৰিখে মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলী গাঁৱৰ এটি সাধাৰণ
কৃষক পৰিয়ালত। ১৯৩৪ চনত পাথৰিঘাট এম. ই. স্কুলৰ পৰা সুখ্যাতিৰে সপ্তম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ
মঙ্গলদৈ হাইস্কুলত নাম লগায়। পৰৱৰ্তা সময়ত ১৯৩৭ চনত কলিকতাৰ পৰা কৃতিত্বৰে প্রথম বিভাগত
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত যোগ দিয়ে। ১৯৩৮
চনত কংগ্ৰেছত যোগদান কৰি ১৯৪১ চনত মহাত্ম৷ গান্ধীৰ সত্যাগ্ৰহত জড়িত হৈ কাৰাবাস খাটে | তেওঁ নিজৰ
দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্টপতি ড’ এ. পি. জে. আব্দুল
কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্ৰামীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছিল। উক্ত চনতে ভাৰতীয়
সেনাবাহিনীত এতিহাসিক পথৰুঘাটত আয়োজন কৰা ‘কৃষক শ্বহীদ MPS তেওঁক ‘খাদী পৰিহিত সেনাধ্যক্ষ’
(The General in Khadi) উপাধিৰে বিভূষিত কৰিছিল।

২০১০ চনৰ ৩০ নবেম্বৰত এইজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্ৰামীজনৰ মৃত্যু হয়। দেশলৈ
আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতীয় সেনাৰ ৬৫ নং ফিল্ড ৰেজিমেণ্টে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে
তেওঁলৈ শেষ সন্মান যচাৰ লগতে অসম আৰক্ষীয়েও টোপধ্বনিসহ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ সন্মান যাচিছিল।
কোচ-ৰাজবংশীসকল কোন ধৰ্মৰ লোক?
কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা।
কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোচাকৰ বিষয়ে লিখা |
কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ কি কি?
চমুটোকা লিখা ঃ
(ক) জননেতা শৰৎচন্দ্ৰ সিংহ
(খ) অম্বিকাচৰণ চৌধুৰী
(at) অৰু কুমাৰ ৰায়
(ঘ) ৰুক্মিণী কান্ত ৰায়
(৬) ‘দুৰন্ত তৰুণ’ পানীৰাম দাস

+ ০০ 2০ /% ৮


--- Page 44 ---
অসম বিভিন্ন জাতি-উপজাতিৰে vce | বিভিন্ন জাতি-উপজাতিক লৈয়ে বৃহত্তৰ অসমীয়া জাতি
গঠিত হৈছে। আন আন খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে অসমীয়া জাতি গঠন প্রক্ৰিয়াত অংশগ্ৰহণ কৰা
গৰিয়া, মৰিয়া, দেশী বুলি বুৰঞ্জীখ্যাত ইছলামধৰ্মী খিলঞ্জীয়াসকল অসমৰ প্রাচীন জনগোষ্ঠীসমূহৰ
অংশবিশেষ। অসমত এই জনগোষ্ঠীটোৰ উদ্ভৱ এটা উল্লেখযোগ্য পৰিঘটনা। ১২০৫-০৬ খ্ৰীষ্টাব্দত
তিব্বত-চীন জয় কৰাৰ মানসেৰে বংগৰ OS সেনাপতি বখতিয়াৰ খিলিজিৰ নেতৃত্বত কামৰূপত প্ৰৱেশ
কৰা মুছলমান সৈন্যসকল কামৰূপৰ ৰজা পৃথুৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈ তাৰে কিছু সৈন্য
অসমতে ৰৈ যোৱা বুলি কোৱা হয়। উল্লেখযোগ্য যে বখতিয়াৰ খিলিজিক বাট দেখুৱাই লৈ আহিছিল
‘আলি মেচ’ নামৰ এজন ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত জনজাতীয় ৰজাই। বুৰঞ্জীত তেওঁকেই প্ৰথম ইছলাম
ধৰ্মলৈ ধৰ্মান্তৰত জনজাতীয় ৰজা বুলি জনা যায়। গতিকে ৰজাৰ লগত প্রজাৰো বহুতে ইছলাম ধৰ্ম
গ্ৰহণ কৰাটো স্বাভাৱিক কথা। কোনো কোনো ইতিহাসবিদৰ মতে আকৌ সপ্তদশ শতিকাতে হেনো
অসমত ইছলাম ধৰ্মৰ সূচনা তুৰস্কৰ ৰজা OSA হাছানে চীন জয় কৰি ওভতাৰ পথত ৰৈ যোৱা
কিছু সৈনিকৰ পৰা হয়। (প্রসংগ ঃ ‘ইছলামীয় এতিহ্য আৰু অসম’-_ৰফিউল হুছেইন বৰুৱা)। সি
যি কি নহওক, সপ্তম শতিকাতে হওক বা ত্ৰয়োদশ শতিকাতেই হওক, অসমত এনেদৰে বিভিন্ন সময়ত
আহি ৰৈ যোৱা যুদ্ধবন্দীৰ সৈতে বৈবাহিক সম্পৰ্ককে ধৰি হোৱা সান্নিধ্য তথা বিভিন্ন সময়ত অহা
ধৰ্মপ্ৰচাৰক পীৰ-সাধকসকলৰ মহান বাণীৰ প্রভাৱত বিভিন্ন ধৰ্মাৱলম্বী তথা হিন্দু ধৰ্মাবলম্বী খিলঞ্জীয়া
লোকসকলৰ মনত ইছলাম ধৰ্মৰ প্রভাৱ wets শিপাবলৈ আৰম্ভ কৰিলে। গতিকে স্বেচ্ছাই হওক বা
বিশেষ পৰিস্থিতিত পৰিয়েই হওক খিলঞ্জীয়া লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে।
কিন্তু ইছলাম ধৰ্ম গ্ৰহণ কৰিলেও এইসকল লোকে নিজৰ খিলঞ্জীয়া লোক-সংস্কৃতি পৰিত্যাগ নকৰিলে।
ফলস্বৰূপে কালক্ৰমত এই ধৰ্মান্তৰিত খিলঞ্জীয়া লোকৰ মাজত যুদ্ধবন্দী বুলি খ্যাত মুষ্টিমেয় লোকসকলে
নিজৰ সম্পূৰ্ণ স্বকীয়তা পৰিত্যাগ কৰি অসমৰ খিলঞ্জীয়া ভাষা, পৰম্পৰা, সংস্কৃতিৰ সৈতে চিৰদিনৰ
বাবে জাহ যাবলৈ বাধ্য হ'ল। আনকি ধৰ্ম প্রচাৰৰ বাবে অহা মুছলমান পীৰ-সাধকসকলেও খিলঞ্জীয়া


--- Page 45 ---
৩৬ বৈচিত্ৰ্যময় অসম

লোকৰ মানসিকতা বুজি উঠি ধৰ্মীয় বাণীসমূহ খিলঞ্জীয়া ভাষা-সংস্কৃতি তথা হিন্দু ধৰ্মীয় শব্দৰ সৈতে
সংগতি ৰাখি প্রচাৰ কৰিবলৈ বাধ্য হ'’ল। অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা মহান পীৰ হজৰত
আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰসমূহ তাৰেই জীৱন্ত উদাহৰণ। উল্লেখ্য যে এনেদৰে ধৰ্মান্তৰিত হোৱা
খিলঞ্জীয়া লোকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰ বাদ পৰি ৰোৱা সমাজখনৰ অন্তৰ্ভুক্ত হৈ ইছলাম
ধৰ্ম গ্ৰহণ কৰিলে। এই লোকসকলেই গৰিয়া বুলি পৰিচিত হ'ল। অৱশ্যে গৰিয়া শব্দৰ উৎপত্তি সম্পৰ্কে
আৰু কেইবাটাও মতবাদ আছে যদিও গৰিয়াসকলৰ দৈহিক গঠন, লোক-সংস্কৃতি, পৰম্পৰা আৰু
জনগাঁথনি আদি দিশসমূহৰ ফালৰ পৰা ওপৰত উল্লেখিত মতবাদটোতেই aio! থকা বুলি অনুমান
কৰা হয়। আনহাতে, আহোম ৰাজত্বকালত কাঁহ-পিতলৰ স’তে জড়িত ইছলাম ধৰ্মাৱলম্বী লোকসকলক
মৰিয়া বুলি জনা যায়। মৰিয়া লোকসকলৰ অৱস্থিতি উজনি অসমৰ কিছু অঞ্চল, নগাঁও জিলা, নামনিৰ
গুৱাহাটীৰ উজান বজাৰ আৰু হাজোত পোৱা যায়। দেশীসকল মূলতঃ অবিভক্ত গোৱালপাৰ৷ জিলাৰ
বাসিন্দা। অবিভক্ত গোৱালপাৰাৰ কোচ-ৰাজবংশী ভাষা-সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া
লোকসকলক দেশী বা দেশী মুছলমান বুলি জনা যায়। দেশীসকল মূলতঃ কোচ-ৰাজবংশী, মেচ-
কছাৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰত হোৱা লোক।

অসমৰ জাতীয় স্বাৰ্থতগৰিয়া-মৰিয়া-দেশীৰ অৱদান ঃ

অসমত ইছলাম ধৰ্মৰ সূচনা হৈছিল ১২০৬ খ্ৰীষ্টাব্দত আৰু আহোম ৰাজত্বকালৰ সূচনা হৈছিল
১২২৮ খ্ৰীষ্টাব্দত। এই আহোম ৰাজত্বকালতেই মোমাই তামুলী বৰবৰুৱাদেৱে কৌচ ২ ঘৰ, ব্ৰাহ্মণ
২ ঘৰ, কলিতা ২ ঘৰ আদিৰ স’তে ২ ঘৰ গৰিয়া, ২ ঘৰ মৰিয়াকো সন্নিৱিষ্ট কৰি মহান অসমীয়া
সমাজ গঠনৰ চানেকি ৰচনা কৰিছিল (প্রসংগ ঃ ড’ সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত ‘দেওধাই অসম
বুৰঞ্জী, As ৯৫)। গতিকে এই কথা সহজে অনুমেয় যে সাতামপুৰুষীয়া ধৰ্মনিৰপেক্ষ সমাজ-সংস্কৃতিৰে
পৰিপুষ্ট অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত গৰিয়া, মৰিয়া, দেশীসকল স্বদেশৰ স্বাৰ্থত আত্মবলিদান
দিয়াৰ উপৰি অসমৰ শিল্প, কলা, সাহিত্য, সংস্কৃতি আদি সকলে দিশতে আহোম যুগৰে পৰা আজিলৈ
অনৱদ্য অৱদান যোগাই আহিছে। তেওঁলোকৰ মাজৰ মাথোঁ কেইজনমানৰ চানেকি আমি তলত দাঙি
ধৰিবলৈ চেষ্টা কৰিছোঁ।

বাঘ হাজৰিকা ঃ প্রকৃত নাম ইছমাইল ছিদ্দিকী। বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে
বাঘ নাম অৰ্জন কৰিছিল। অদম্য সাহস আৰু কৰ্মদক্ষতাৰ বাবে আহোম ৰাজত্বকালত হাজৰিকা পদবী
লাভ কৰিছিল। শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযোগী পালি সেনাপতিৰূপে প্রৱল পৰাক্ৰমেৰে
মোগলৰ বিৰুদ্ধে যুঁজিছিল।

আজান ফকিৰে চাহাৰ ঃ যিসকল মুছলমান ধৰ্মগুৰুৱে cia ইছলাম ধৰ্মৰ বাণীসমূহ সহজ-সৰল
ভাষাত জনসাধাৰণৰ মাজত প্রচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান ফকিৰৰ


--- Page 46 ---
বৈচিত্ৰ্যময় অসম ৩৭

অন্য নাম শ্বাহ মিলান। আজান ফকিৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধৰ্ম প্রচাৰ কৰিবলৈ ভ্ৰমি
অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয়। কিন্তু তেওঁৰে ৰচিত দুই-এটা জিকিৰত থকা ‘ভিখাৰী
ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ, গোৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে। আজান
পীৰ বা শ্বাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ৷ জিকিৰসমূহৰ
ৰচনা কাল কোনো কোনোৰ মতে ১৬৩৪ খ্ৰীষ্টাব্দ আৰু কোনো কোনোৰ মতে ১৭৩৪ খ্ৰীষ্টাব্দ। ৰজা
গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দা-ধৰা নামৰ এজন (ইছলামধৰ্মী) বিষয়াৰ DHS পৰি ৰজাই
তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত
মাটি-বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ নিতৌ পুৱা-গধূলি মছজিদত
আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকিৰ বুলি কৈছিল।

বাহাদুৰ গাঁওবুঢ়া 3 বাহাদুৰ গীঁওবুঢ়াক এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপে জনা যায়। তেওঁ বকতাৰ
পৰা উঠি গৈ যোৰহাটত বসতি স্থাপন কৰিছিল।

১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ জৰিয়তে আৰম্ভ হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত মণিৰাম দেৱান,
পিয়লি বৰুৱা আদিৰ লগতে বাহাদুৰ (বাহদিল)- ৰ ভূমিকা আছিল উল্লেখযোগ্য। ইংৰাজৰ বিৰুদ্ধে
বিদ্ৰোহৰ অপৰাধত কমিছনাৰ চি হলৰইডৰ বিচাৰ অনুযায়ী বাহাদুৰ গাঁওবুঢ়াক কলীয়াপানীলৈ
যাৱজ্জীৱন দ্বীপান্তৰ কৰা হয়।

চৈয়দ আব্দুল মালিক £ গোলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ পৰিয়ালত ১৯১৯ চনৰ ১৬ মে’
তাৰিখে আব্দুল মালিকৰ জন্ম হয়। পিতৃৰ নাম চৈয়দ ৰহন্মত আলী। তেওঁ এগৰাকী স্বনামধন্য সাহিত্যিক
আছিল। ১৯৩৫ চনত “TH কোঠা’ নামৰ গল্প এটা প্রথম প্রকাশ পোৱাৰ পিছৰে পৰা তেওঁ মৃত্যুৰ
আগমুহূৰ্তলৈকে লিখি যোৱা গল্প, উপন্যাস, নাটক, কবিতা-পুথিৰে অসমীয়া সাহিত্য চহকী কৰি থৈ
গৈছে। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ গৱেষণা
আঁচনিৰ অধীনত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ক গৱেষণা কৰে।

১৯৫৬-৫৭ চনত এছিয়ান ৰাইটাৰ্ছ কনফাৰেন্সত তেওঁ ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিছিল। ১৯৭৭
চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতি পদত অধিষ্ঠিত হৈছিল। ১৯৫২-৫৫
চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। ‘অঘৰী আত্মাৰ কাহিনী’
নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল। ১৯৯৭ চনত অসম সাহিত্য
সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্রদান কৰে। ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৩ চনত
আজান ফকিৰ বঁটা, ১৯৮৮ চনত হাৰ্মনী বঁটা, ১৯৯৫ চনত মহাপুৰুষ শংকৰদেৱৰ জীৱনকৰ্মৰ আধাৰত
লিখা “ধন্য নৰ তনু ভাল’ নামৰ উপন্যাসখনৰ বাবে শংকৰদেৱ বঁটা লাভ কৰে। ১৯৯৯ চনত লাভ
কৰে সাহিত্য অকাডেমীৰ ফেল’শ্বিপ। ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মজ্জী আৰু ১৯৯২ চনত
পদ্মভূষণ উপাধিৰে বিভূষিত কৰে। বহু প্রতিভাৰ গৰাকী এইগৰাকী সাহিত্যিকে ২০০২ চনৰ ১৯
ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে।


--- Page 47 ---
৩৮ বৈচিত্ৰ্যময় অসম

নবাব ছেহিদুৰ ৰহমান ঃ সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা ‘আজাদ হিন্দ ফৌজ'ৰ এগৰাকী
অন্যতম নেতা আছিল। ভাৰতৰ স্বাধীনতা যুদ্ধত ‘আজাদ হিন্দ ফৌজ'ৰ এইগৰাকী অসমীয়াই আছিল
আজাদ হিন্দ ফৌজৰ প্রথম অসমীয়া শ্বহীদ। দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্ৰ বাহিনীৰ বোমা বৰ্ষণত
তেওঁৰ ১৯৪৫ চনৰ ৩১ মাৰ্চত মৃত্যু হয়।

ফখৰুদ্দিন আলী আহমেদ ঃ ফখৰুদ্দিন আলী আহমেদে soe চনৰ মে’ মাহৰ ১৩ তাৰিখে দিল্লীত
জন্ম গ্ৰহণ কৰে। তেওঁ ১৯২৭ চনত কেমবিজৰ ছেণ্ট কেথোৰিন কলেজৰ পৰা বুৰঞ্জীৰ স্নাতক আৰু
লণ্ডনৰ ইনাৰ টেম্পলৰ পৰা বাৰ-এট্‌ূল উপাধি লাভ কৰি ১৯৩১ চনত অসমলৈ আহি ওকালতি
কৰাৰ লগতে ভাৰতীয় কংগ্ৰেছত যোগদানেৰে ৰাজনীতিতো অংশ গ্ৰহণ কৰে। ১৯৫২ চনত ৰাজ্যসভালৈ
নিৰ্বাচিত হয়। ১৯৬৬ চনত লোকসভাৰ সদস্য নিৰ্বাচিত হৈ কেন্দ্রীয় মন্ত্ৰী পদ লাভ কৰে। ১৯৭৪
চনৰ ২৪ আগষ্টত তেওঁ ভাৰতৰ ৰাষ্ট্পতি নিৰ্বাচিত হয়। ৰাষ্টপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে
১৯৭৭ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে হৃদৰোগত আক্রান্ত হৈ তেওঁ স্বৰ্গগামী হয়।

প্ৰশ্নাৱলী

১ | বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্রৱেশ কৰিছিল?

২ । বখতিয়াৰ খিলিজি কিহৰ বাবে অসম প্রৱেশ কৰিছিল?

© | বখতিয়াৰ খিলিজিয়ে কাৰ হাতত পৰাস্ত হৈছিল?

8 | ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্রথম জনজাতীয় ৰজাজনৰ নাম কি?
৫ ৷ অসমত কাক গৰিয়া বুলি কোৱা হয়?

৬। আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণ দুটা বৰ্ণনা
কৰা।

৭ | মৰিয়া আৰু দেশী জনগোষ্ঠীৰ বিষয়ে বৰ্ণনা কৰা।

৮ । চমুটোকা লিখা ঃ
(ক) বাঘ হাজৰিকা (খ) আজান ফকীৰ চাহাব
(al) ছৈয়দ আব্দুল মালিক (ঘ) নবাব ছেহিদুৰ ৰহমান।

--- Page 48 ---
গাৰোসকল

গাৰোসকল প্রাচীন কালৰে পৰা অসমত বসবাস কৰি অহা এটা জনগোষ্ঠী। এওঁলোকৰ কিছুমানে
বৃহত্তৰ মঙ্গোলীয় ঠালৰ বুলি দাবী কৰে। গাৰোসকল ভাষিক দিশৰ পৰা ইন্দো-চীনৰ অন্তৰ্গত তিব্বত
বৰ্মীয় বড়ো ঠালৰ লোক।

বৰ্তমান এই জনগোষ্ঠীৰ লোকসকলে পশ্চিম বঙ্গৰ পৰা আদিকৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্রায় প্রতিখন
ৰাজ্যত সিচ'ৰতি হৈ থকাৰ উপৰিও বাংলাদেশতো বহু ঠাইত এই জনগোষ্ঠীৰ লোক সিচঁৰতি হৈ আছে।
বসতিস্থান আৰু ভাষাৰ ফালৰ পৰা গাৰোসকলক আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা
আৰু মেগাম উপজনগোষ্ঠীত ভাগ কৰা হয়।

কিংবদন্তী অনুসৰি গাৰোসকলৰ পূৰ্বপুৰুষ তিব্বতৰ থৰুৱা নামৰ ঠাইত আছিল। এসময়ত দুৰ্ভিক্ষই
দেখা দিয়াত জাপফা, জালিমফা, চুকফা, বঙ্গিফা আৰু বিঞ্জিফা এওঁলোকৰ নেতৃত্বত এইখন ঠাই এৰি
হিমালয় পৰ্বত অতিক্ৰম কৰি পোনতে কোচবিহাৰ পায়হি আৰু তাতে ভালেকেইবছৰ বসবাস কৰিছিল।
কিন্তু তাৰে পৰা অসমলৈ আহোঁতে সৰু সৰু ৰাজ্যৰ ৰজাবোৰ, যেনে--- ধুবুৰী আৰু বিজনীৰ ৰজাসকলৰ
লগত যুঁজ কৰি অৱশেষত ৰজা আবৱ্ৰাচেনে হাৱাঘাটত নিজৰ ঘাটি স্থাপন কৰিছিল আৰু চুবুৰীয়া ঠাই
বিলাক নিজৰ নামত অন্তৰ্ভুক্ত কৰিছিল। কিছুমানে পৰস্পৰে অসন্তুষ্ট হৈ বেলেগ ফালে ফালৰি কাটি
গাৰোপাহাৰত আৰু আন এটা গোটে বাংলাদেশত বাস কৰিবলৈ লয়।

ধাৰ্মিক দিশৰ পৰা গাৰোসকলৰ পূৰ্বপুৰুষে পূজা-অৰ্চনা কৰিছিল। এইদৰে পূজা কৰা লোকসমূহক
গাৰোসকলে সংসাৰেক বুলি কয়। এওঁলোকৰ দেৱ-দেৱী আছিল চালজং, গৱেৰা, খালখামে, আসিমা,
ডিংসিমা, সুসিমে আদি। দেৱ-দেৱী পূজা কৰোঁতে ঘৰচীয়া জীৱ-জন্তুক বলি দিয়া হৈছিল। কিন্তু উনৈশ
শতিকাৰ আৰম্ভণিৰ পৰা গাৰোসকল খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰত হ'বলৈ ধৰে আৰু পূজা-অৰ্চনা লুপ্ত হ’বলৈ
ধৰে। গাৰোসকলৰ জাতীয় উৎসৱ ওৱানগালাও।

গাৰোসকলৰ ব্যৱহৃত বাদ্য AACA হৈছে ঢামা থাম (ঢোল), গগনা, মহৰ শিঙেৰে নিৰ্মিত বাঁহৰ
পাইপ লগোৱা বাংসী-বাঁহী আদি। তদুপৰি ৰংবিৰঙৰ কানি-কাপোৰ ব্যৱহাৰ কৰিছিল আৰু আঁঠুৰ
ওপৰলৈকে কাপোৰ পিন্ধিছিল।


--- Page 49 ---
৪০ বৈচিত্ৰ্যময় অসম

বৰ্তমান গাৰোতিৰোতা সকলৰ ব্যৱহৃত কানি-কাপোৰবোৰ দাগাবান্দা, দাগশাৰী, চুনী আদি।

সামাজিক ফালৰ পৰা গাৰোসকলৰ পৰিয়ালৰ গাঠনি মাতৃসূত্ৰৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল
বা ব্যক্তিৰ মাজত লগ লাগি এটা মাহাৰী গঠন কৰা হয়। পৰম্পৰাগতভাৱে গাৰোসকলৰ জন্মগত
মাহাৰী অৰ্থাৎ উপাধি থকাৰ উপৰিও ওপৰঞ্চি উপাধি থাকে। উদাহৰণ স্বৰূপে আগিতক মাহাৰীৰ
এজন ব্যক্তিয়ে লগত ছাংমা লিখিব লাগে বা কিছুমানে নিলিখাকৈ কেৱল ছবাংমাকেই ব্যৱহাৰ কৰে।
গাৰো সমাজত মাহাৰীক ইমানেই গুৰুত্ব দিয়া হয় যে বেলেগ বেলেগ দুখন ঠাই বা দুখন ৰাষ্ট্ৰ হ’লেও
একে মাহাৰী বা উপাধিধাৰীৰ মাজত বৈবাহিক সম্বন্ধ কৰা নিষিদ্ধ, কাৰণ একে গোত্ৰৰ বুলি ধৰা হয়।

আগৰ দিনত পাহাৰীয়া গাৰোসকলৰ ডেকা কালত শিক্ষাৰ গ্রাণকেন্দ্ৰ আছিল নকপান্থে বা ডেকাচাং।
ইয়াতে গাঁৱৰ সমূহ ডেকা গোট খাই বাঁহ-বেত আদি বিভিন্ন হাতৰ কাম কৰা, বাদ্যযন্ত্ৰ বজোৱা, খেল-
ধেমালি কৰা আদি কাৰ্য কৰিছিল। এইবোৰ এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা পৰিচালিত হৈছিল।

স্বভাৱতে গাৰোসকল খঙাল আৰু উগ্ৰধৰণৰ আছিল। যাৰ ফলত চুবুৰীয়া ৰজাই শাসনাধীন কৰিব
পৰা নাছিল। এনেকি উপায়ন্তৰ হৈ বিটিছসকলেও দমন নীতিৰ পৰিৱৰ্তে মিছনাৰীসকলৰ দ্বাৰা ধৰ্ম
প্রচাৰ কৰিবলৈ ধৰিলে। উপাসনালয়, বিদ্যালয় আদি স্থাপন কৰি ঠায়ে ঠায়ে মিছনাৰীসকলৰ দ্বাৰা
মিছন পৰিচালনা কৰিবলৈ দিয়া হ’ল। এইদৰে উনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা গাৰোসকলৰ
সামাজিক পৰিৱৰ্তন হোৱা বুলি ক’ব পাৰি।

খাদ্যাভাসত আমিষ ভোজীসকলে কুকুৰা, গাহৰি আৰু গোমাংস গ্ৰহণ BA গাৰোসকলৰ অতি
faa খাদ্য শুকান মাছ আৰু খাৰ। বিভিন্ন ধৰণৰ সোৱাদ-যুক্ত আঞ্জা থকা ACHES গাৰোসকলৰ খাদ্য-
তালিকাত শুকান মাছ আৰু খাৰৰ আঞ্জা অতি আৱশ্যক।

গাৰোসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল--

ৰামখে ওৱাথে মোমিন

মেঘালয়ৰ বৰ্তমান উত্তৰ গাৰো পাহাৰত অৱস্থিত মাটছক গ্ৰে নামৰ সৰু এখন পাহাৰীয়া গাঁৱত ১৮৩৪
চনত ৰামখে Sata মোমিনে জন্ম গ্ৰহণ কৰিছিল।

১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত ৰামখেই ৰেভাৰেণ্ট G মাইলচ ব্ৰনচনৰ দ্বাৰাই গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত
খ্ৰীষ্টান ধৰ্মত বাপ্তিষ্ট লৈছিল। তাৰ কিছুদিনৰ পিছতে দামৰালৈ আহি ৰামখেই এখন স্কুল স্থাপন কৰিছিল
আৰু অধ্যক্ষ হিচাপে কাম কৰিছিল। ৰামখে ওৱাথে মোমিনে খ্ৰীষ্টান মিচনসমূহৰ ভাৰপ্ৰাপ্ত মিচনাৰী হিচাবেও
কাম কৰিছিল। মিচনসমূহৰ ভিতৰত বৰ্তমান উত্তৰ গাৰো পাহাৰত অৱস্থিত ৰাজা শিমলা গাৰে বসতি
গাঁৱত চল্লিশজনীয়া সদস্যৰে পোন প্রথমে এখন খ্ৰীষ্টান মিচন হিচাবে এটি গীৰ্জা ঘৰ স্থাপন কৰিছিল। ইয়াৰ


--- Page 50 ---
বৈচিত্ৰ্যময় অসম ৪১

পিছত ডামৰাত মিচন সংস্থাপন কৰিছিল আৰু এখন স্কুল স্থাপন কৰিছিল। পিছত ডামৰাৰ স্কুলখন শিক্ষক
প্রশিক্ষণ কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হৈছিল। অৱশ্যে সকলো দিশৰ পৰা সুবিধাজনক নোহোৱাৰ বাবে
গোৱালপাৰালৈ উঠাই নিয়া হৈছিল। ৰামখে Sa GR কেবল মিচন আৰু স্কুল প্ৰতিষ্ঠাতাই নহয়, তেওঁ
গোৱালপাৰা আৰু তুৰা নৰ্মাল স্কুলৰ প্রধান শিক্ষক হিচাবেও কাম কৰিছিল। ৰামখে এজন শিক্ষাবিদ, লেখক,
গীতিকাৰ হিচাবে গাৰো সমাজৰ প্ৰথমজন ব্যক্তি আছিল। সেয়ে তেওঁ গাৰো সমাজৰ পথ-প্ৰদৰ্শক বুলি পৰিগণিত
হৈছিল। তেওঁৰ হাতে লিখা ‘কলা আৰু সংস্কৃতি’ বিষয়ক কিতাপখন মেঘালয় চৰকাৰে ১৯৯০ চনত প্রকাশ
কৰিছিল। তেওঁৰ লিখিত ৪৫০০০ শব্দৰে বঙালী-গাৰো অভিধানখন চিৰস্মৰণীয় হৈ থাকিব। ৰামখে ওৱাথে
মোমিনে লিখা কবিতাসমূহ হ’ল-_- (১) ১৮৮১ চনত ‘বিচিক fA!’ (২) ১৮৮২ চনত ‘চিমানো আটছিয়ানি’
(©) ১৮৮৩ চনত ‘ৰিপেংতাংখো ABI’ (৪) ১৮৮৪ চনত ‘আ. আকৌ দাকানি’ আৰু (৫) ‘ড’ অৰাং’।

ৰামখে Sz মোমিনে ২১- টা গীত লিখি থৈ গৈছিল। যিবোৰ গীত খ্ৰীষ্টান সম্প্ৰদায়ৰ মানুহে গীৰ্জাত
উপসনাৰ সময়ত গায়। গীতৰ নাম ‘আছিক্‌নি ৰিঙানিৰাং’ বুলি নামকৰণ কৰা হৈছিল।

গোৱালপাৰা জিলাৰ অন্তৰ্গত দুধনৈৰ দক্ষিণ প্ৰান্তত অৱস্থিত নিচানগ্ৰাম গাঁওখন গাৰো বসতি প্রধান গাও
আছিল আৰু ৰামখে মমিনে এই গাঁওখন আদৰ্শ গাঁও বুলি পৰিচিত কৰিছিল।

ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ জনজাতীয় লেখকসকলৰ ভিতৰত ৰামখেও এজন আছিল। তদুপৰি ৰামখে
এজন সমাজ কৰ্মী আৰু অৰ্থনৈতিক সংস্কাৰক আছিল। সেয়ে কিছুমান মিছনাৰীয়ে তেওঁক 'Father of Modern
Garo Community' বুলি আখ্যা দিছিল।

ৰেভা. গিলবাৰ্থ কে মাৰাক

১৯২৫ চনত গিলবাৰ্থ কে মাৰাক পশ্চিম খাচিয়া পাহাৰ আৰু দক্ষিণ কামৰূপ জিলাৰ সীমান্তত অৱস্থিত
ৰাংসাপাৰা গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেওঁ AS. ৰামখে আৰু ছাংমাৰ একমাত্ৰ পুতেক আছিল। তেওঁ
১৯৩৩ চনত প্ৰাথমিক শিক্ষা সাং কৰিছিল। ১৯৪১ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মাত্ৰে ড*
ভিক্টৰ হিউগ'স্বৰ্ড ৰ সহযোগত চেৰাপুঞ্জি থিয়লজিকেল কলেজত পঢ়িবলৈ সুবিধা লাভ কৰিছিল আৰু
১৯৪৯ চনত এল. টি. এইচ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ গিলবাৰ্থ কে মাৰাক ১৯৬০ চনত লিনাৰ্ড থিওলজিকেল
কলেজৰ পৰা ‘ডিগ্ৰী অব বেচালৰ অৱ ৰেলিজিয়াচ ইডুকেশন’ লাভ কৰিছিল।

গিলৱাৰ্থ কে মাৰাক কামৰূপ জিলাৰ গোহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ
শিক্ষকতা কৰি থকা সময়ছোৱাত যোৰহাট চেমিনাৰিৰ অধ্যক্ষ ড’ ডুফিচাই তেওঁক চিৰস্তাদাৰ (Registrar)
পদত নিযুক্তি দিছিল। গিলবাৰ্থ কে মাৰাক আৰু w? ডুফিচা দুয়ো একমত হৈ ‘লিউ অব দা চেমিনাৰি স্কুল’
নামৰ পৰিৱৰ্তে ‘ইষ্টাৰ্ণ থিওলজিকেল কলেজ’ নামেৰে নতুন নাম দিছিল।


--- Page 51 ---
৪২ বৈচিত্ৰ্যময় অসম

গিলবাৰ্থ কে মাৰাক চুইজাৰলেণ্ডৰ জেনেভাৰ FU কাউন্সিল অব খ্ৰীষ্টিয়ান ইডুকেশ্বনৰ মুখ্য কাৰ্যালয়ত
ভাৰতৰ এজন পৰামৰ্শদাতা পদত নিযুক্ত হৈছিল।

কিছুদিন পিছত Te কাউন্সিল অব চাৰ্জৰ এজন সদস্য হিচাবেও তেওঁক নিয়োগ কৰিছিল। তাৰে এজন
সদস্য হিচাপে তেওঁ পৃথিৱীৰ বহু দেশ ভ্ৰমণ কৰিছিল। সেয়েহে তেওঁ থাইলেণ্ডৰ গীৰ্জাসমূহ, বৰ্তমানৰ ম্যানমাৰ,
হংকং, জাপান, পাকিস্তান, AKA, লেবানন, এডেন, থিওপিয়া, কেনিয়া, তাঞ্জানিয়া, কঙ্গো, ইটালি, চুইজাৰলেণ্ড,
ফ্ৰান্স আৰু জাৰ্মানি আদি ঠাইও ভ্ৰমণ কৰিছিল।

গিলবাৰ্থ কে মাৰাকৰ কৰ্মদক্ষতাৰ বাবে খ্ৰীষ্টিয়ান সংগঠনে তেওঁলৈ সসন্মানে ‘ৰেভাৰেণ্ড’ উপাধি প্রদান
কৰে আৰু তেতিয়াৰ পৰা COS CUI. গিলবাৰ্থ কে মাৰাক বুলি পৰিচিত হৈছিল। ১৯৭২ চনত খ্ৰীষ্টিয়ান
লিটাৰেচাৰ ছোচাইটি অব ইণ্ডিয়ানৰ অনুৰোধমৰ্মে ইংৰাজী ভাষাৰ পবিত্ৰ বাইবেলখন আকৌ গাৰো ভাষালৈ
অনুবাদ কৰিছিল।

ৰেভা. গিলবাৰ্থ কে মাৰাক কেৱল ইশ্বৰ পৰায়ণ ব্যক্তিয়ে নহয়, তেওঁ সমূহীয়া শিক্ষাৰ প্রতি আগ্ৰহী হোৱাৰ
লগতে সাহিত্য, কাব্য আদি চিন্তা-চচাৰ ক্ষেত্ৰত বৰঙণি যোগাইছিল। তেওঁ লিখা কবিতাসমূহ এইদৰে নামকৰণ
কৰা হৈছিল--‘আং গিসিক খু আনিং বিদল-১ আৰু বিদল-২’ আৰু তেওঁৰ লিখা প্রবন্ধসমূহৰ ভিতৰত
এাৰোহিলচ দ্যা আদাৰ ডেজাৰ্ট’ এইখনেই অন্যতম আছিল। ২০০৭ চনত মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ
জিলাৰ প্রধান নগৰ তুৰাত CSI. গিলবাৰ্থ কে মাৰাকে ইহলীলা সম্বৰণ কৰে।

সোনাৰাম ৰংৰকগ্ৰে সাং

সোনাৰাম ৰংৰকগ্রৰে সাংমা উত্তৰ-পূৱ গাৰো পাহাৰ আৰু গোৱালপাৰা জিলাৰ সীমান্তত অৱস্থিত নাছিৰংদিক
নামৰ গাঁৱত ১৮৬৭ চনত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম খ্নাং গাবিল মোমিন আৰু মাতৃৰ নাম BAA
ৰংৰকগ্রে সাংমা আছিল। নিশানগ্রামত প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁ তুৰা মিচন স্কুলত ষষ্ঠ শ্ৰেণীলৈ পঢ়িছিল।
সেই সময়ত গাৰো পাহাৰত ষষ্ঠ শ্ৰেণীৰ ওপৰত শ্রেণী থকা বিদ্যালয় অৰ্থাৎ উচ্চ মাধ্যমিক বিদ্যালয় ক’তো
নাছিল। গতিকে সোনাৰামৰ শিক্ষা ষষ্ঠ শ্ৰেণীতে সমাণ্ড হৈছিল। তেওঁ আছিল সাহসী, আত্মবিশ্বাসী, আনক
সেৱা কৰি ভাল পোৱা আৰু মৰম-চেনেহ থকা৷ তদুপৰি তেওঁৰ আটাইতকৈ ভাল গুণ আছিল পৰৰ নিন্দনীয়
বাক্যবোৰ হেয়জ্ঞান কৰা, বিভিন্ন ধৰণৰ অন্যায়-অত্যাচাৰবোৰ সহ্য কৰিব পৰা বিধৰ গুণবোৰো সোনাৰামৰ
আছিল। সোনাৰামে সদায় অত্যাচাৰ-ডউৎপীৰণৰ বিৰোধিতা কৰিছিল আৰু সেইবোৰ সমুলঞ্চে নিৰ্মূল কৰিবলৈ
আপ্রাণ চেষ্টা চলাইছিল।

সেই সময়ত বৃটিছ চৰকাৰে জনসাধাৰণৰ হতুৱাই বিনা মজুৰিৰে কাম কৰাইছিল। তদুপৰি পাহাৰৰ গছ-
গছনি সংৰক্ষণৰ উদ্দেশ্যে গাৰে৷ পাহাৰত থকা গাৰোসকলৰ IH খেতি বন্ধ কৰিছিল। ব্ৰিটিছ চৰকাৰৰ এই


--- Page 52 ---
বৈচিত্ৰ্যময় অসম ৪৩

কঠোৰ নীতিবোৰ তেওঁ সহ্য কৰিব নোৱাৰিছিল আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ ব্ৰিটিছ
চৰকাৰৰ ওচৰত শ্ৰমৰ বিনিময়ত গাঁৱৰ মানুহৰ পাৰিশ্ৰমিক দিবলৈ আৰু সংৰক্ষিত বনাঞ্চলসমূহ উঠাই ল’বলৈ
দাবী জনাইছিল। ১৯১৬ চনৰ ২৭ আগষ্টত তেওঁ ইহলীলা সম্বৰণ কৰিছিল।

হাৱাৰ্ড ডেনিচন মোমিন

হাৱাৰ্ড ডেনিচন মোমনিক ‘আধুনিক গাৰো সাহিত্যৰ জনক’ বুলি আখ্যা দিয়া হৈছিল। তেৱেঁই পোন
প্রথমে 'Achik ku-rang' অৰ্থাৎ ‘গাৰো মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ এখন আলোচনী প্রকাশ কৰিছিল।

প্রথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল। কিন্তু পিছৰ কালছোৱাত সামাজিক কামত
ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল।

১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ৰ সৰু চহৰ তুৰাত হাৱাৰ্ড ডেনিচনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ
জবাং ডি মাৰাক আমেৰিকালৈ পঢ়িবলৈ যোৱা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল। জবাং
ডি মাৰাক ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ‘ডেনিচন স্কুলত’ শিক্ষা লাভ
কৰিছিল। তাৰে স্মৃতিস্বৰূপে তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰৰ নাম ‘হাৰৱাৰ্ড ডেনিচন ডব্লিউ carey’ বুলি ৰাখিছিল।
ইয়াৰ অৰ্থ শিক্ষা আৰু ধৰ্মৰ উৎপত্তি। হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিনে কলিকতাত পঢ়ি থকা অৱস্থাত
তেওঁৰ নাম ‘হাৱাৰ্ড ডেনিচন মোমিন’ নামেৰে সলনি কৰিছিল।

তেওঁৰ ন বছৰ বয়সত কলকাতাৰ CHD জেমচ ইংলিচ স্কুলত নাম ভৰ্তি কৰা VA | এইখন স্কুলত পঢ়ি থকা
সময়ছোৱাত হাৱাৰ্ড ডেনিচনৰ হাতে অঁকা ছবিখন লণ্ডনত অনুষ্ঠিত হোৱা একাদশ কমনৱেলথ একজিভিচনলৈ
পঠিওৱা হৈছিল আৰু হাৱাৰ্ড ডেনিচনে সন্মানজনক পুৰস্কাৰ লাভ কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ
হোৱাৰ পিছত তেওঁ কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ১৯৩৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে, ১৯৩৬ চনত
ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাৰো
সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল হাৱাৰ্ড ডেনিচন মোমিন।

হাৱাৰ্ড ডেনিচন মোমিনক তুৰাৰ শাসকীয় বিভাগত বিচাৰকৰ্তা নিযুক্তি দিয়া হৈছিল। ১৯৪০ চনত
গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্রবক্তা হিচাপে যোগদান কৰিছিল। কটন কলেজত কৰ্মৰত অৱস্থাত
কিছুসংখ্যক গাৰো ছাত্ৰ-ছাত্ৰীৰ সহযোগত তেওঁ ‘আছিক খুৰাং’ নামৰ আলোচনীখন প্রকাশ কৰিছিল।

তেওঁ লিখা কবিতাসমূহৰ ভিতৰত ১৯৪১ চনত ‘গাৰো মাত-বোল”, “NANGKO GISIK RAGEN’
(তোমালৈ মনত পৰিব), 120.1//$ SKINI GIT’ (চাতকী চৰাইৰ গীত), “SENGWAT?’ (জোনাকী
পৰুৱা), ‘ME.CHIK ARO TA-MAKU? (মাইকী আৰু তবাকু) আৰু ১৯৪২ চনত ‘BILSI GITAL’
(নতুন বছৰ) এইবোৰেই প্রধান আছিল।


--- Page 53 ---
৪৪ বৈচিত্ৰ্যময় অসম

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শৰণাৰ্থীসকলৰ সহায়ৰ বাবে তেওঁ মণিপুৰলৈ গৈছিল।
১৯৯০ চনৰ ২২ ফেব্ৰুৱাৰীত তুৰা চহৰত ৭৭ তম মৃত্যু বাৰ্ষিকীত হাৱাৰ্ড ডেনিচন মোমিনলৈ স-
সন্মানে 'KA (:]/%][./%])খফ0' (খা ছালাং) প্ৰদান কৰা হয়।

প্ৰশ্নাৱলী

গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ কি কি?

গাৰো বসতিপ্লধান অঞ্চলবোৰ কি কি?

গাৰোসকলৰ পূজা৷ কৰা লোকক কি বুলি কোৱা হয়?

গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল?

গাৰোসকলৰ প্রধান বাদ্য-যন্তসমূহ কি কি?

চমুটোকা লিখা ঃ

(ক) ৰামখে ওৱাথে মোমিন (খ) ৰেভা. গিলবাৰ্থ কে মাৰাক

(গ) সোনাৰাম ৰংৰকগ্রে সাংমা (ঘ) হাৱাৰ্ড ডেনিচন মোমিন।
গু৪গঙত৬

লে + ০ ০ / ৮


--- Page 54 ---
চাওতালসকল

চাওতালসকলক নিজা মাতৃভাষা চানস্থালীত ‘হোড় হপন’ বুলি সম্বোধন কৰা হয়। সুনীতি কুমাৰ
চট্টোপাধ্যায়ৰ মতে ‘চাওতাল’ শব্দটো সংস্কৃত ‘সামন্তৰাল’ শব্দৰ পৰা উৎপত্তি হৈছে।

অসমত চাহশিল্প আৰম্ভ হোৱাৰ বহু আগৰে পৰাই বৰ্তমান অসমত বাস কৰা চাওতালসকল কামৰূপত
বসবাস কৰিছিল বুলি ডগ বাণীকান্ত কাকতীদেৱৰ ‘The Mother Goddess Kamakhya’ আৰু প্ৰতাপ চন্দ্ৰ
চৌধুৰীয়ে সম্পাদনা কৰা ‘The History of Civilisation of the People of Assam’ নামৰ পুথিখনত
পোৱা যায়।

চাওতালসকলৰ সামাজিক জীৱন-প্রক্ৰিয়া অতি সুকীয়া। তেওঁলোকে গাঁও পাতি বাস কৰে। গাঁৱৰ
জনসাধাৰণক প্রণালীৱদ্ধভাৱে শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰাৰ
দায়িত্ব অৰ্পণ কৰা হয়। সেই পাঁচজনক ‘মোড়ে হোড়’ কোৱা হয়। মোড়ে হোড়ৰ প্ৰধানজনক গাঁওবুঢ়া বা
‘মাব৷হি’ বুলি কোৱা হয়। গাঁৱত কিবা বিশৃংখলতা হলে গাঁৱৰ ‘মাবাহি’ৰ ওচৰত অভিযোগ দাখিল কৰা হয়।
সেই অভিযোগৰ ভিত্তিত wale পাঁচজনৰ এজন ‘গডেত’ক গাঁৱৰ ৰাইজক সমবেত কৰাবলৈ দায়িত্ব
দিয়ে। তেনে প্রক্ৰিয়াৰে সমাজৰ যিকোনো সমস্যাৰ সমাধান কৰা হয়।

চাওতালসকলৰ সমাজ পিতৃ-প্রধান। তেওঁলোকৰ প্রধান জীৱিকা কৃষি। সাৰুৱা কৃষিভূমিৰ সন্ধানত
তেওঁলোকক বাসস্থান সলাই ফুৰা দৃষ্টি গোচৰ হয়। চাওতালসকলৰ বাৰটা গোত্ৰ আছে, যেনে--- FH, CAH,
কিস্কু, বেছৰা, PY, চৰেন, বান্ধে, হাসদাঃ, মাৰ্ডি, চৌড়ে, পাউৰীয়া আৰু erat | প্ৰতিটো গোত্ৰৰে উপগোত্ৰ
আছে, যেনে--- মূৰ্মুৰ উপগোত্ৰ ঠাকুৰ, কিস্কুৰ উপগোত্ৰ ৰাপাজ আদি।

চাওতাল মহিলাসকলৰ প্রধান সাজ-পাৰ হ’ল লুংগী পাঞ্চি (পাঞ্চি-পাড়হীড)। চাওতালি ভাষাত
সাজ-পাৰক ‘হোৰঃ ACH? বোলে। মহিলাসকলে ওপৰ অংশত পৰিধান কৰা বস্তুখন পাঞ্চি আৰু তলফালে
পিন্ধা বস্তুখনক পাঁড়হাণ্ড (লুংগী) বোলে। পুৰুষসকলে পৰিধান কৰা প্রধান সাজ হ’ল পাঞ্চি।


--- Page 55 ---
৪৬ বৈচিত্ৰ্যময় অসম

বিবাহ উৎসৱত চাওতাল পুৰুষসকলে YS) পৰিধান কৰে আৰু কইনাই পৰিধান কৰা হালধি সনা
কাপোৰখনক সিন্দুৰ খাণ্ডি বোলা হয়। বিয়াত দৰাই হালধি সনা চাদৰ আৰু বগা কাপোৰৰ টটড়বাঃ (টুপী)
পিন্ধে৷ প্ৰধান উৎসৱ হ’ল বাহা আৰু চহৰাই। গীত-নৃত্যসমূহৰ ভিতৰত হ’ল--- দং নৃত্য-দং গীত, লাংগঁড়ে
নৃত্য-লাগঁড়ে গীত, চহৰাই, বাহাগীত আদি।
গীত-নৃত্যত ব্যৱহাৰ কৰা বাদ্যসমূহ হ’ল-- টামাক, তুমদাঃ, কৰতাল, ঢোল আদি। বিবাহ-উৎসৱত
কীহৰ পাত্ৰ --থাল, বাটি, লোটা ব্যৱহাৰ কৰে। তিৰোতাসকলে ৰূপৰ আ-অলংকাৰ ব্যৱহাৰ কৰে।
চাওতালসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা Sa

বেনেডিক্ট CRT

কালৰ গতিত বেনেডিক্ট AMA কায়িক মৃত্যু হ'লেও, চাওতালি ভাষা সাহিত্যলৈ আগবঢ়োৱা অতুলনীয়
অৱদানে তেওঁক সমাজত অমৰ কৰি ৰাখিছে। তেওঁৰ পিতৃৰ নাম GIP লক্ষণ AI আৰু মাতৃৰ নাম ৰাণী
চৰেন। তেওঁলোকৰ একমাত্ৰ লৰ৷ AB বেনেডিক্ট AAS জন্ম ১৯৬৭ চনৰ ১৮ অক্টোবৰত, কোকৰাবাৰ
জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত পলাশগুৰি (জিয়াডাঙ্গা) গাঁৱত হৈছিল।

তেওঁ প্রাথমিক শিক্ষা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰি ১৯৯৩ চনত কটন কলেজৰ পৰা সুখ্যাতিৰে
উদ্ভিদবিজ্ঞানত এম. এছ. ছি ডিগ্ৰী লাভ কৰে। নামনি অসমত চাওতাল জনগোষ্ঠীৰ পৰা এম. এছ. ছি. অৰ্জন
কৰা প্রথম ব্যক্তি তেৱেই আছিল।

তেওঁ গোসাইগাঁ৷ও বি. এড. কলেজৰ পৰা বি. এড. ডিগ্ৰী লাভ কৰি গ্রাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
শিক্ষক হিচাপে যোগদান কৰে। তেওঁৰ চাকৰি-জীৱনকালতে চাওতালি ভাষা আৰু সাহিত্য গৱযষেণা কেন্দ্ৰৰ
সভাপতিৰ দায়িত্ব লাভ কৰে। তেওঁৰ নেতৃত্বত স্বৰ্গীয় লুবীন্দ্ৰনাথ চৰেন আৰু শ্ৰীসুবোধ ACR কঠোৰ পৰিশ্ৰমৰ
ফলত চাওতালি পাঠ্যপুথি অসম চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা আৰম্ভ কৰে। চাওতালি সাহিত্যত
কেইবাটাও কবিতা, প্রবন্ধ আদি লিখাৰ উপৰিও অসমত তেৱেঁই প্রথমে চাওতালি ব্যাকৰণ প্রস্তুত কৰি
উলিয়াই চাওতালি ভাষা-সাহিত্যক সমৃদ্ধ কৰে।

তেওঁ এজন সফল বক্তা আৰু পাকৈত খেলুৱৈ আছিল। ইয়াৰ উপৰিও শিক্ষা-দীক্ষাত চাওতালি জনগোষ্ঠীক
সজাগ কৰি তুলিবলৈ সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰিছিল।

বেনেডিক্ট QI ASA সহজ-সৰল আৰু দৃঢ় মনৰ ব্যক্তি আছিল। তেওঁ নিজৰ কৰ্তব্যত কেতিয়াও
অৱহেলা কৰা৷ নাছিল৷ যিকোনে৷ কামত সময়ৰ আগত কৰ্মস্থানত উপস্থিত হোৱাটো তেওঁৰ ডাঙৰ গুণ আছিল।
মৃত্যুৰ আগদিনাও নিজৰ কৰ্মত উপস্থিত আছিল তেওঁ |


--- Page 56 ---
বৈচিত্ৰ্যময় অসম ৪৭

কেবাবছৰ মধুমেহ ৰোগত আক্ৰান্ত হৈ অৱশেষত তেওঁ ০৫-১০-২০১৩ ইং তাৰিখে শেষ নিশ্বাস ত্যাগ
কৰে।
বদন হাসদা

কোকৰাবাৰ জিলাৰ খাপৰগাঁৱত ১৯৫৭ চনত বদন হাসদাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম মাৰি৷ হাসদা
আৰু মাতৃৰ নাম চলম৷ বেছৰ৷ আছিল।

বদন হাসদা PPS কলেজত আই.এ. লৈকে পঢ়ি স্বজনগোষ্ঠীটোক শিক্ষা-দীক্ষা, সামাজিক, অৰ্থনৈতিক
দিশত স্বাৱলম্বী কৰি তুলিবলৈ উঠিপৰি লাগে আৰু তেওঁৰ নেতৃত্বত ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্ৰ
সন্থা গঠিত হয়। সেই একে উদ্দেশ্য লৈ তেওঁৰ নেতৃত্বত ১৯৮৬ চনত আদিবাসী সেৱা সমিতিও গঠিত হয়
আৰু তেওঁ সুদীৰ্ঘ পোন্ধৰ বছৰ কাল আদিবাসী সেৱ৷ সমিতিৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পদত অধিষ্ঠিত হৈ
থাকে। তেওঁ অসম DZ সাহিত্য সভাৰো উপদেষ্টা আছিল।

১৯৯৬ চনত হোৱা গোষ্ঠীগত সংঘৰ্ষত অশান্ত জৰ্জৰ অঞ্চলত শান্তি স্থাপনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।
সেই কৰ্মৰ বাবে কোকৰাবাাৰ জিলাৰ উপায়ুক্তই তেওঁক শান্তি আৰু Gays পুৰস্কাৰৰে পুৰস্কৃত কৰিছিল।
২০০৩ চনত বি.টি:চি. চুক্তি স্বাক্ষৰ হোৱাৰ পাছত কোকৰাবাৰ জিলা৷ DIET জনগোষ্ঠীৰ পৰা তেওঁ পৰিষদত
কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হয়।

তেওঁ ০১-০৫-২০০৭ তাৰিখে দুৰ্বৃত্তৰ আক্ৰমণত প্রাণ হেৰুৱায়।তেওঁৰ অৱদান বি.টি.চি.-ৰ ইতিহাসত
সোণালী আখৰেৰে লিপিৱদ্ধ হৈ থাকিব।

মিথিয়াছ টুডু

অসমত চাওতাল জনগোষ্ঠীৰ পৰা ওলাই অহা ভোটাতৰা আছিল মিথিয়াছ pu | তেওঁৰ জন্ম ১৯৩০ চনৰ
১৫ তাৰিখে কোকৰাব৷াৰ জিলাৰ গোসাইগাঁও মহকুমাৰ DIST কলনীৰ গাৱত মাটিয়াজুৰীত হৈছিল। তেওঁৰ
পিতৃৰ নাম ৰেভাৰেণ্ড কানহু FYE আৰু মাতৃৰ নাম মাৰথা মূুৰ্মু আছিল। তেওঁ প্রাথমিক শিক্ষা মাটিয়াজুৰী
প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি কটন কলেজৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰে। পশ্চিমবঙ্গৰ বেৰহামপুৰৰ পৰা
বি.টি. ডিগ্ৰী অৰ্জন কৰিছিল।

টুডুৱে ১৯৫৪ চনত AAAS হাইস্কুলৰ প্ৰধান শিক্ষক হিচাবে চাকৰি জীৱন আৰম্ভ কৰে। ইয়াৰ পাছত
ৰাহেল চৰেনৰ লগত বিবাহ হয়। স্বৰ্গীয় মিথিয়াছ টুডু ১৯৫৭ চনত প্রথমবাৰৰ বাবে গোসাইগাঁও বিধান সভা
সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাবে নিৰ্বাচিত হয়। তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে
একেৰাহে সাতবাৰ বিধায়কৰ আসন অলংকৃত কৰে। তেওঁ ১৯৭২-১৯৭৮ চন কালছোৱাত অসম চৰকাৰৰ
শ্রমিক-কল্যাণ বিভাগৰ মন্ত্ৰী আছিল। COS অষ্টমবাৰ ২০০১ পৰা ২০০৫ চনলৈকে বিধায়ক হৈ অসম চৰকাৰৰ
ৰাজহ মন্ত্ৰী হৈছিল। ইয়াৰ পাছত তেওঁ ২০০৫ চনৰ পৰা ২০১০ চন লৈকে চৰকাৰৰ কুৰি দফীয়া আঁচনিৰ
উপ-সভাপতি আছিল।


--- Page 57 ---
৪৮ বৈচিত্ৰ্যময় অসম

অসমত চাওতাল জনগোষ্ঠীৰ পৰা চল্লিছ বছৰ অসম বিধান সভাত প্রতিনিধিত্ব কৰা তেৱেঁই একমাত্র
ব্যক্তি আছিল। অসম চান্থালী সাহিত্য সভাৰ সভাপতি, চান্থালী ভাষা আৰু সাহিত্য গৱেষণ৷ কেন্দ্ৰৰ প্রতিষ্ঠাপক
সভাপতি, ge কল’নী পাৰগানা বাইছিৰ সভাপতি, গ্ৰাহামপুৰ সমবায় সমিতিৰ প্রতিষ্ঠাতা, মৰনাই চাহ
বাগিছা মেনেজমেন্ট কমিটিৰ সভাপতি, সেৱাপুৰ মিচন হস্পিতালৰ চুপাৰিনটেনডেণ্ড আদি পদত অধিষ্ঠিত
হৈছিল।

তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আছিল। কিতাপ পঢ়া, বাগিছাত কাম কৰা, কৃষিৰ কাম চোৱা-চিতা কৰা
আৰু চিকাৰ কৰা তেওঁৰ অভ্যাস আছিল।

তেওঁ এজন ধৰ্মপৰায়ণ ব্যক্তি আছিল। তেওঁ কেতিয়াও কটু কথা কোৱা নাছিল। প্রতি দেওবাৰে গীৰ্জাত
উপস্থিত হৈছিল।

এইজনা সৎ চৰিত্ৰৰ অধিকাৰী ব্যক্তি যোৱা ১০/০৭/২০১৭ তাৰিখে পৰলোকগামী হয়।

ৰাহেল FR

ৰাহেল কিঙস্কুৰ কোকৰাবাৰ জিলাৰ গোসাইগাঁও থানাৰ অৰ্ন্তগত বৰচনপুৰ গাঁৱত ১৯২৫ চনত জন্ম হৈছিল।
তেওঁৰ দেউতাৰ নাম জহন কিস্কু আৰু মাকৰ নাম লুক্ষী মূৰ্মু আছিল।

ৰাহেল RRS সৰু কালৰে পৰা পঢ়া-শুনাৰ প্রতি ধাউতি আছিল। স্কুলীয়৷ জীৱন হাৰাফুটা মিশন স্কুলত
আৰম্ভ কৰিছিল আৰু AHS এখন মহাবিদ্যালয়ৰ পৰা ১৯৫১ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ৰাহেল
কিস্কুৱে আছিল প্রথম চান্থাল মহিলা স্নাতক।

ৰাহেল কিস্কু চাকৰিত থকা কালত সমাজৰ দুখীয়া শ্ৰেণীৰ মহিলাসকলৰ আৰ্থিক উন্নয়নৰ বাবে নিজৰ
পুঁজি খটুৱাই চিলাই প্রশিক্ষণ কেন্দ্ৰ খবুলি মহিলাসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছিল।
প্রসাৰৰ বাবে সজাগতা সৃষ্টি কৰিছিল।

সহশিক্ষয়িত্ৰী হিচাপে ১৯৫২ চনত ARIAT হাই স্কুলত তেওঁ চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৮০
চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্রহণ কৰে।

অৱসৰ লোৱাৰ পিছতে তেওঁ সামাজিক, ধৰ্মীয় আৰু শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰি গৈছিল। তেওঁ
নিজেই চান্থালি ভাষাৰ কবি আৰু দক্ষ লিখক আছিল। তেওঁৰ ৰচনাৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ নিৰন্তৰ
মহিলা আৰু শিশুসকলৰ মঙ্গলৰ কাৰণে কাম কৰি গৈছিল। সহজ-সৰল তথা জ্ঞানগৰ্ভ আৰু উপদেশমূলক
লেখাসমূহে সকলোকে চিন্তাৰ খোৰাক যোগায়৷ ৰাহেল FRA চাস্থালি সাহিত্য জগতলৈ যি অৱদান দি গ’ল
সেয়া এক অমূল্য সম্পদ স্বৰূপ। তেওঁ ২০০১ চনৰ ৬ এপ্ৰিল তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।


--- Page 58 ---
বৈচিত্ৰ্যময় অসম ৪৯

প্রশ্নাৱলী
১। সুনীতি কুমাৰ চট্টোপ্যাধায়ৰ মতে ‘চাওতাল’ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে?
২। চাওতালসকলৰ প্ৰধান জীৱিকা কি?
৩ । ‘মোড়ে হোড়ৰ’ (পাঁচজনৰ) প্ৰধানজনক কি বুলি কোৱা হয়?
8 | চাওতালসকলৰ উপাধি কেইটা আৰু কি কি?
৫। চাওতালসকলৰ কলা-কৃষ্টিৰ বিষয়ে চমুকৈ লিখা |
৬। চাওতাল সকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা?
৭ | শব্দাৰ্থ লিখা ঃ
সিন্দুৰ খাণ্ডি হালধি সনা সাজ-পাৰ
টটড়বা টুপী
হোৰঃ বান্দে সাজ-পাৰ
মাবাহি গীওবুঢ়া
পাড়হাণ্ড লুংগী।
৮। চমুটোকা লিখা ঃ
(ক) বেনেডিক্ট হেন্ত্ৰম (খ) বদন হাসদা
(গ) মিথিয়াছ টুডু (ঘ) ৰাহেল RS |

--- Page 59 ---
চাহ জনগোষ্ঠীসকল

অসমলৈ বিভিন্ন সময়ত বিভিন্ন awe পৰা অনেক নৃ-গোষ্ঠীৰ প্রৱজন ঘটিছিল। ভাৰতবৰ্ষৰ
কেইবাখনো ৰাজ্যৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ আহিছিল। কিন্তু এই জনগোষ্ঠীৰ লোকৰ
প্ৰব্ৰজন স্বাভাৱিক নাছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহ শ্রমিকৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতবৰ্ষৰ
বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি আনিছিল। কোম্পানীয়ে ১৮৩৫ চনৰ পৰা উজনি অসমৰ চাবুৱাত
প্রথমে চাহৰ পদ্ধতিগত ৰোপণ কাৰ্য আৰম্ভ কৰে। ইয়াৰ চাৰি বছৰৰ পাছত অসম চাহ কোম্পানী
(The Assam Tea Company) গঠন হয়। অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে
প্রসাৰিত হৈছিল। কিন্তু প্ৰয়োজন অনুসৰি থলুৱা শ্রমিকৰ অভাৱ আছিল। সেয়ে চীন দেশ আৰু ভাৰতবৰ্ষৰ
বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্ৰহ কৰাৰ কথা চিন্তা কৰে। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভোগী
নিয়োগ কৰিছিল। এইসকল মধ্যভোগীয়ে পশ্চিমবংগ, বিহাৰ, ব্বাড়খণ্ড, ছত্তিশগড়, মধ্যপ্রদেশ,
উত্তৰপ্ৰদেশ, See, মাদ্ৰাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্ৰহ কৰি আনিছিল। এনেদৰে অসমলৈ
শ্রমিক সংগ্ৰহ কৰি অনা কাৰ্যক মজদুৰ চালান বুলি কোৱা হৈছিল। মজদুৰ চালান দুই ধৰণৰ আছিল।
এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ’ল আড়কাঠিয়া চালান। লিখিত চুক্তি (Agreement)
অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনো চুক্তি নকৰাকৈ চলে-
বলে কৌশলে সংগ্ৰহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল।

অসম চাহ কোম্পানীয়ে উনৈশ শতিকাৰ মাজভাগত হাজাৰিবাগ জিলাৰ পৰা পোন প্রথমে ৬৫২-
জন শ্রমিক সংগ্ৰহ কৰি আনিছিল, যদিও সেইসকল শ্রমিক অসম আহি নাপালেই। Kies হৈ
আধাখিনি শ্রমিকৰ আধাবাটতে মৃত্যু হ'ল আৰু বাকীসকল উভতি গ’ল। ইয়াৰ পাছত ছোটনাগপুৰ
অঞ্চলৰ পৰা কোম্পোনীয়ে মধ্যভোগীৰ দ্বাৰা শ্রমিক সংগ্ৰহ কৰে। এইসকল শ্রমিকৰো কিছু অংশহে
অসমৰ মাটিত ভৰি দিবলৈ সক্ষম হয়। আন একাংশৰ বাটতে মৃত্যু ঘটে। কিন্তু লাহে লাহে শ্রমিকৰ
সংখ্যা বৃদ্ধি পায়। ১৮৭৭ চনত চুক্তিবদ্ধ শ্রমিকৰ সংখ্যা হয়গৈ ৪৬,৭৬৫- জন। যিহেতু ভাৰতবৰ্ষৰ
বিভিন্ন প্রান্তৰ পৰা শ্রমিকসকল আহিছিল, সেয়ে তেওঁলোকৰ জাতি, বৰ্ণ, ধৰ্ম, ভাষা, কৃষ্টি-সংস্কৃতি
আছিল বেলেগ বেলেগ। কিন্তু অসমলৈ আহি চাহ বাগিচাৰ একে পৰিৱেশত থাকি কাম কৰিব লগা


--- Page 60 ---
বৈচিত্ৰ্যময় অসম ৫১

হয়। প্রথমাৱস্থাত কিছু অসুবিধাৰ সৃষ্টি হ’লেও সময় বাগৰাৰ লগে লগে পাৰস্পৰিক সংযোগ আৰু
সৌহাৰ্দ্যৰভাৱ গঢ়ি উঠিল। চুক্তিবদ্ধ এচাম কৰ্মী নিজ ঠাইলৈ উভতিল যদিও বাকীসকল এই অসমকে
নিজ ভূমি বুলি ভাবি ৰৈ গ’ল। অসমতে স্থায়ীভাৱে থাকি যোৱা শ্রমিকসকলৰ মাজত উমৈহতীয়া
এটা সংযোগী ভাষা গঢ় লৈ উঠিল যাক বাগানীয়া ভাষা বুলি অভিহিত কৰা হয়। দৰাচলতে বাগানীয়া
ভাষা এটি দোৱানহে, ই এতিয়াও ভাষাৰ পৰ্যায়লৈ উন্নীত হোৱা নাই।

চাহ জনগোষ্ঠী এতিয়া অসমৰ সমাজ জীৱনৰ এক অন্যতম বৃহৎ অংশ। চাহ শ্রমিক আৰু প্রাক্তন
চাহ শ্রমিকসকলকে ধৰি চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা প্রায় ষাঠি লাখ। এওঁলোকৰ ভিতৰত হিন্দু
আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক।
দুৰ্গা, কালি, মনসা আদি অনেক দেৱ-দেৱীৰ পূজা কৰে। অনুকুল ঠাকুৰৰ অনুগামীৰ সংখ্যাও একেবাৰে
তাকৰ নহয়।
LA— Ce, মুণ্ডা, চাওতাল, Fil, তাঁতী, ঘাটোৱাৰ, গোৱালা, কমাৰ, কঁহাৰ, কালিন্দী, কিষান,
কৈৰী, খাড়িয়া, খণ্ডাইত, খদাল, গঁড়, গৰাইত, গঞ্জ, গাজলু, ঘাঁছি, গন্দ, চাওঁৰা, বৰাইক, HIG, চবৰ,
তাছা, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, নাগবংশী, পাতৰ, ধানোৱাৰ, পাণিকা, পৰজা, বাউৰী, বাকতি,
বাঢ়ৈ, বেদিয়া, ভূমিজ, ভক্তা, wats, মাহলি, মোদী, fei, ৰবিদাস, ৰাজোৱাৰ, ৰোহিদাস, লোহাৰ,
হাড়ী ইত্যাদি৷

অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চাহ বাগিচাত দীৰ্ঘকাল ধৰি বসবাস কৰি অহা চাহ জনগোষ্ঠী
লোকসকল অসমীয়া সমাজৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি ল’লেও
চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজস্ব পৰিচয় আছে। তেওঁলোকৰ নিজা কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ
একেবাৰে লোপ পোৱা নাই। কৰম, টুচু আৰু সহৰাই চাহ জনগোষ্ঠী সমাজৰ অতি জনপ্ৰিয় উৎসৱ।
কৰম পৰৱৰ WIS নৃত্য-সীতে চাহ জনগোষ্ঠী সমাজৰ নিজস্ব পৰিচয় দাঙি ধৰে।

অসমৰ সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অঙ্গ হৈয়ো চাহ জনগোষ্ঠী সমাজখন বহু দিশত পিছ পৰি
আছে। ৰাজ্যৰ অৰ্থনীতিত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰা চাহ শ্রমিকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল
নহয়। জীৱন ধাৰণৰ মান অতি FRAN | চাহ শ্রমিকৰ দৈনিক মজুৰী তুলনামূলকভাৱে কম। নিৰক্ষৰতাৰ
হাৰ ৰাজ্যৰ গড় হাৰতকৈ বহু বেছি। ভালদৰে শিক্ষাৰ পোহৰ নপৰা চাহ জনগোষ্ঠী সমাজখনক
অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি ৰাখিছে। ভূত-প্রেত, ডাইনী, বেজ-মন্তু, পুজা-পাতল আদিয়ে
প্রভাৱিত কৰি ৰাখিছে। দৰাচলতে যুগ-যুগ ধৰি বাগিচা কৰ্তৃপক্ষৰ কঠোৰ অনুশাসন আৰু আৰ্থিক
সংকটৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হোৱা কাৰণে বহিৰ্জগতৰ প্রভাৱৰ পৰা চাহ শ্রমিকসকল
বহু দূৰতে ৰৈ গৈছিল। কিন্তু লাহে লাহে অৱস্থাৰ পৰিৱৰ্তন হ’বলৈ ধৰিছে। বাগিচাৰ কৰ্তৃ পক্ষৰ লগতে


--- Page 61 ---
৫২ বৈচিত্ৰ্যময় অসম

চৰকাৰে কল্যাণমূলক আঁচনি গ্ৰহণ কৰিলে চাহ জনগোষ্ঠী সমাজখন সময়ৰ লগত খোজ মিলাই
আগবাঢ়িব পাৰিব।

চাহজনগোষ্ঠীৰ বহুতো বিশিষ্ট ব্যক্তিৰ ভিতৰত কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ চমু পৰিচয়
তলত দাঙি ধৰা হ’ল-_

মেঘৰাজ কৰ্মকাৰ
চাহ জনগোষ্ঠীসকলৰ যিসকল লোকে অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰি সুনাম অৰ্জন কৰিছে তাৰে
ভিতৰত উজনি অসমৰ জামিতা চাহবাগিচাৰ মেঘৰাজ কৰ্মকাৰ হ’ল প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ

‘চালুক বচন’কে আদি কৰি ভালেমান গ্ৰন্থ প্ৰকাশ কৰিছে। অসম প্রকাশন পৰিষদে ‘মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী’
প্রকাশ কৰিছে। তেওঁ বৰবৰা হাইস্কুলত শিক্ষকতা কৰিছিল।

সন্তোষ কুমাৰ wr

মৰাণৰ সন্তোষ কুমাৰ Os লিখা ‘মুণ্ডা জাতিৰ চমু পৰিচয়’খন হ’ল চাহ জনগোষ্ঠীৰ প্রথম
প্রকাশিত গ্ৰন্থ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। ১৯২৪
চনত জন্ম লাভ কৰা তপ্নৰ পিতৃৰ নাম দয়াল তগ্ন আৰু মাতৃৰ নাম মাৰঠা তগ্ন আছিল। যোৰহাট
জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা OAS সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য-চৰ্চাও
কৰিছিল। অসমৰ বিভিন্ন কাকত-আলোচনীত তেওঁৰ তথ্যগধুৰ লিখণি প্রকাশ পাইছে। সহজ-সৰল
জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয়।

চাঁইমন সিং হ’ৰ

চাইমন সিং হ’ৰৰ ১৯২৯ চনত জন্ম হয়। পিতৃ মাছিৰাম হ'ৰ আৰু মাতৃ ছাৰা হ'ৰ। শিৱসাগৰৰ
মিছন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা VAS যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি সমাজৰ কামত ব্ৰতী থকা হ’ৰ বৰ উদাৰ মনৰ আছিল। খ্ৰীষ্টান ধৰ্মীয়
লোক হৈয়ো হিন্দু ধৰ্মৰ নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰি আগভাগ লৈছিল। শিক্ষাৰ কথা
চিন্তা কৰি পিছ পৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পোহৰ বিলাইছিল। এইগৰাকী নমস্য
ব্যক্তিয়ে ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰে।

কলেজীয়া শিক্ষাৰে শিক্ষিত এই দুগৰাকী ব্যক্তিয়ে চাহ জনগোষ্ঠীৰ সমাজখনক সংগঠিত কৰাত
TAA ভূমিকা গ্ৰহণ কৰিছিল। সেয়ে তেওঁলোকক চাহ জনগোষ্ঠীৰ সমাজ নিৰ্মাণৰ খনিকৰ বুলি অভিহিত
কৰা হয়।

দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠী সমাজৰ অৰিহণা যথেষ্ট আছে। সংগ্ৰামৰ বিভিন্ন


--- Page 62 ---
কাৰ্যসূচীত অংশগ্ৰহণ কৰি বহুলোক চৰকাৰী নিৰ্যাতনৰ বলী হ’ব লগা হৈছিল। আনকি বহুতে মৃত্যুক
আঁকোৱালি লৈছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনত যোগদান কৰি বৰ্তমানৰ শোণিতপুৰ জিলাৰ
তেজপুৰ এণ্ড ঘগৰা টি ইষ্টেটৰ wc ওৰাওঁয়ে প্রাণ আহুতি দিয়ে। তেওঁ হ’ল স্বাধীনতা সংগ্ৰামত

বৈচিত্য্যময় অসম

জীৱন Gell কৰা অসমৰ প্রথম মহিলা শ্বহীদ। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো চাহ জনগোষ্ঠীৰ
লোকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। চৰকাৰী দমন-নিৰ্যাতনৰ বলী হৈ কিছুলোকে প্রাণ
হেৰুৱাইছিল। ১৯৮০ চনত মৃত্যু বৰণ কৰা দৰং জিলাৰ কৌপাতি চাহবাগিচাৰ বাধনা ওৰাওঁ হ’ল

অসম আন্দোলনত মৃত্যু বৰণ কৰ৷ চাহ জনগোষ্ঠীৰ প্রথম শ্বহীদ।
প্রশ্নাৱলী

GFmEeR ০)ে /%%প ৮

অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল?
অসমৰ প্রথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল?
গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি জানা লিখা?
চাহজনগোষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম লিখা।

চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে।

স্বাধীনতা সংগ্ৰামৰ প্রথম মহিলা ছহিদ কোন?

অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্রথম ছহিদ কোন?
চমুকৈ লিখা

(ক) মেঘৰাজ কৰ্মকাৰ (খ) সন্তোষ কুমাৰ তপ্ন

(at) চাইমন সিং হ'ৰ


--- Page 63 ---
চুতীয়াসকল

চুতীয়াসকল অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত অন্যতম জনসমষ্টি। আনুমানিক ষষ্ঠ শতিকাৰ
পৰা প্রাচীন চুতীয়া ৰাজ্যৰ এতিহাসিক তথ্য পাতি পোৱা যায়। তেতিয়াৰে পৰা আহোম স্বৰ্গদেউ
চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালত (১৫২৩ BLS) আহোম ৰাজ্যৰ অন্তৰ্গত হোৱালৈকে সুদীৰ্ঘ সময়
এওঁলোকে ঘাইকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল। উল্লেখযোগ্য যে, আহোমৰ লগত হোৱা
যুদ্ধত চুতীয়াসকলৰ ৰাণী বীৰাঙ্গনা সতী সাধনীয়ে পৰাক্ৰমেৰে যুদ্ধ কৰিছিল আৰু আহোমৰ অধীনতা
স্বীকাৰ কৰাতকৈ মৃত্যুকে শ্রেয় জ্ঞান কৰি কুবেৰদত্ত সম্পত্তি বুকুত সাৱটি চন্দনগিৰি পৰ্বতৰ পৰা
তলৰ কুণ্ডলৈ জঁপিয়াই প্রাণত্যাগ কৰিছিল।

হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান
আছিল। তাৰ পৰা তেওঁলোকে সোৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্রব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ
অঞ্চল পায়হি। স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে এওঁলোকক স্বাতীয়া বোলা হৈছিল।
কালক্ৰমত এই স্বাতীয়াৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হ'ল।

আনহাতে এই মতো পোৱা যায় যে ‘জি বা ডি বা টি মানে পানী বা নৈ, ছু মানে নৈ, ছুটি
মানে পৱিত্ৰ নৈ ; সেই নৈৰ পাৰৰ মানুহসকলেই চুতীয়া। (বিষুণপ্ৰসাদ ৰাভা ৰচনাৱলী, প্রথম খণ্ড,
১৯৮২, পৃ. ৩৩৬, ৩৩৭।)

চুতীয়াসকলে ৰাজত্ব কৰা শদিয়া ৰাজ্যৰ পুৰণি নাম আছিল বিদৰ্ভ আৰু ইয়াৰ ৰাজধানী আছিল
কুণ্ডিল নগৰ। চুতীয়াসকলে নিজকে বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মকৰ বংশধৰ বুলি পৰিচয় দিয়ে। এওঁলোক
দেৱী উপাসক আছিল আৰু শদিয়াৰ কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোৌসানীক নৰবলিৰে পূজা৷ কৰিছিল।
চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হোৱাৰ পিছত আহোমসকলেও কেঁচাইখাতী গোসানীৰ পূজা-
সেৱা কৰিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ পৰাহে নৰবলি প্রথা উঠাই দিয়া হয়।

চুতীয়াসকলৰ এক চহকী সাংস্কৃতিক পৰম্পৰা আছিল। এওঁলোক মঙ্গোলীয় নৃগোষ্ঠীৰ বৃহৎ বড়ো
জনগোষ্ঠীৰ অন্ত্গত।


--- Page 64 ---
বৈচিত্ৰ্যময় অসম ৫৫

এওঁলোকে নগৰ পাতি বাস কৰিছিল বুলি অনুমান কৰিব পাৰি। কুণ্ডিল নগৰ, ভীষ্মক নগৰ, লখিমী
নগৰ, ৰত্নপুৰ বা ৰতনপুৰ আদি নাম আৰু তাৰে কেইখনমান নগৰৰ ধ্বংসাৱশেষে এই লোকসকলৰ
উন্নত সভ্যতা-সংস্কৃতিৰ পৰিচয় বহন কৰে। ‘সাতসৰী অসম বুৰঞ্জী’-ত আহোম ৰজাই চুতীয়া ৰাজ্য
জয় কৰি পোৱা বিভিন্ন সামগ্ৰী আৰু বৃত্তিয়াল লোকৰ উল্লেখ আছে। তাৰ ভিতৰত ‘হাতী wo, ঘোঁৰা
vo, হিলৈ ৭৯, বাৰু-বঁটা, MRT কেঁকোৰাদোলা, তৰোৱাল, পিকদান, গৰু-মহ বিস্তৰ পালে। গণক,
ব্ৰাহ্মণ, তাতী, সোণাৰী, কমাৰ, তেলী, মালী, ধোবা, চমাৰ অন্য বহু বিৰতিয়াল, বহু আনো জাতি
পালে চুতীয়া AS...” এই উদ্ধৃতিত থকা Hea, কেঁকোৰাদোলা, তৰোৱাল, পিকদান আদি আৰু
তাঁতী, সোণাৰী, কমাৰ বৃত্তিগত শ্ৰেণীয়ে চুতীয়া ৰাজ্যৰ উন্নত সভ্যতা আৰু শ্ৰমৰ বিশেষীকৃত বিভাজন
থকা এখন সমাজৰ প্রমাণ দাঙি ধৰে।

এওঁলোক ভাস্কৰ্য শিল্পতো চহকী আছিল। ম’ৰা চৰাইৰ সৈতে বিষ্ণুমূৰ্তি, শিৱ-পাৰ্বতীৰ মূৰ্তি, সূৰ্যৰ
মূৰ্তি, তাম্ৰেশ্বৰী মন্দিৰ, কেঁচাইখাতী থান, মালিনী থান আদিয়ে এওঁলোকৰ স্থাপত্য-ভাস্কৰ্যৰ পৰিচয়
দাঙি ধৰে। এইসমূহৰ উপৰিও সোণেৰে নিৰ্মিত দুগদুগি, সোণোৱালী গলপতা, সোণৰ কেৰু, সোণ
আৰু ৰূপৰ গামখাৰু, জোনবিৰি, সোণৰ মেকুৰী, তিনিখলপীয়া সিংহাসন, দবা, কালি, চ’ৰা নাও আদি
ব্যৱহাৰ কৰাৰ প্রমাণ পোৱা যায়; এইবোৰে তেওঁলোকৰ উন্নত সংস্কৃতি-চেতনাৰ পৰিচয় বহন কৰে।

বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই উল্লেখ কৰিছিল--- POS পৰা যি হেজাৰ বন্দুক আনিছিল তাৰ ভিতৰত
মিঠাহোলোং নামৰ বৰটোপেই উৎকৃষ্ট আছিল। টোপটোৰ ওপৰখন পিতলৰ পানীচৰোৱা, তাতে মিনা
কৰাই সোণৰ বাখৰ খাজি থোৱা আছিল। এজন চুতীয়া মানুহে বাঁহৰ শলিৰে আটোমটোকাৰিকৈ সজা
দুটু পীয়া পাত্ৰ এটাত ভৰাই ভৰাই নিছিল। সেই কাললৈকে লুইতৰ দক্ষিণ পাৰে কাৰো দুটুপীয়া ঘৰ
নাছিল। স্বৰ্গদেৱে সজাটোৰ ঠগটো দেখি বৰ সন্তোষ পালে আৰু সেই চানেকিৰেই ৰজাৰ ঘৰ দুটু পীয়া
কৰিবলৈ আদেশ দিলে।’

পুনৰ বিদ্ৰোহ কৰাৰ আশংকাত আহোম ৰজাই সৰু সৰু গোটত ভাগ কৰি অসমৰ বিভিন্ন ঠাইত
সংস্থাপিত কৰাত চুতীয়াসকলে পূৰ্বৰ কৃষ্টি-সংস্কৃতি, সভ্যতা যথাযথ ৰূপত সংৰক্ষণ কৰিব নোৱাৰিলে।

চুতীয়া জনগোষ্ঠীৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই
আজিও স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল-_-

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া

বৰ্তমান যোৰহাট জিলাৰ কাকজান অঞ্চলৰ বাম কুকুৰাচোৱা গাঁৱত ১৯১৫ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা
সোণাৰাম চুতীয়াদেৱে ঘাইকৈ অসমৰ ধৰ্মীয় ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই গৈছে। তেওঁ
১৯৩৫ খ্ৰীষ্টাব্দত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ GILS পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা
বিজ্ঞান শাখাত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰি খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


--- Page 65 ---
৫৬ বৈচিত্ৰ্যময় অসম

ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি এইগৰাকী ব্যক্তিয়ে প্রায় দুবছৰ কাৰাবাস খাটিবলগীয়া
হৈছিল। পৰৱৰ্তী কালত তেওঁ সংস্কাৰকামী মনোভাৱেৰে ATT শংকৰদেৱ সংঘত যোগদান কৰে আৰু
৯-টা কাৰ্যকাল পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল--"‘অসমৰ বৈষ্ণৱ
দৰ্শনৰ ৰূপৰেখা’, ‘নামধৰ্ম প্রকাশ’, ‘মহাপুৰুষ শ্ৰীনীহৰিদেৱ চৰিত’, ‘ভাগৱত মাহাত্ম্য", ‘মহাপুৰুষীয়া
ধৰ্ম জিজ্ঞাস”, ‘বেদ আৰু মহাপুৰুষীয়া ধৰ্ম ইত্যাদি। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে এইগৰাকী ধৰ্মপ্রাণ
ব্যক্তিক স্বাধীনতা সংগ্ৰামী হিচাপে স্বীকৃতি প্রদান কৰিছিল। অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ
বঁটা আৰু কেবিনেট পদমৰ্যদাৰে সন্মানিত কৰিছিল। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই ‘জ্ীমন্ত
শংকৰদেৱ-মাধৱদেৱ বঁটা’ আৰু ‘বৈষ্ণৱ পণ্ডিত’ উপাধি প্রদান কৰি তেওঁৰ জীৱনজোৰা অৱদানৰ প্রতি
যথাযোগ্য স্বীকৃতি আগবঢ়াইছিল।

বুৰঞ্জীবিদ w° স্বৰ্ণলতা বৰুৱা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী তথা শ্ৰীজ্ৰীঅনিৰ্ধদেৱ আসনৰ অধ্যাপিকা হিচাপে
কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্রহণ কৰা ড‘* স্বৰ্ণলতা বৰুৱাই উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বুৰঞ্জীবিদ
হিচাপে স্বীকৃতি লাভ কৰিছিল। ‘চুতীয়া জাতিৰ বুৰঞ্জী’ৰ মুখ্য সম্পাদিকা এইগৰাকী মহিলাই ‘A
Comprehensive History of Assam’, ‘Last Day of Ahom Monarchy : A History of
Assam From 1769-1826’ আদি অত্যন্ত গুৰুত্বপূৰ্ণ এতিহাসিক তথ্যসমৃদ্ধ গ্ৰন্থৰ উপৰিও বহুসংখ্যক
বুৰঞ্জীমূলক প্ৰবন্ধৰে অসমৰ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। উল্লেখযোগ্য যে, এইগৰাকী
বুৰঞ্জীবিদৰ ‘Status of Women in Non-Tribal Societies of Assam’ নামৰ গৱেষণা পত্ৰখনে
ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

ara হৰিপ্ৰসাদ নেওগ

যোৰহাট নগৰৰ পৰা প্রায় পাঁচ কিঃ মিঃ পূবৰ কেন্দুগুৰিৰ ২নং বামুণ গাঁৱত জন্ম গ্ৰহণ কৰা হৰিপ্ৰসাদ
নেওগে (১৯২৯-১৯৭৩) মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্রণয়ন সমিতিৰ প্ৰথমগৰাকী সচিব হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।
কৰ্মদক্ষতাৰ বাবেই তেওঁ অসম সাহিত্য সভাৰ ৬ বছৰ সহকাৰী সম্পাদক আৰু চাৰিবছৰ প্রধান সম্পাদক
হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ এই সমূহ কাৰ্যই সাংগঠনিক দক্ষতা তথা কৰ্তব্যনিষ্ঠাৰ প্রমাণ দাঙি
ধৰে। সাহিত্য সভাৰ প্রধান সম্পাদক হিচাপে মহাসমাৰোহেৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম
শতবাৰ্ষিকী উদ্যাপন তেওঁৰ সাংগঠনিক দক্ষতাৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন বুলিব পাৰি। তেওঁ ৰাধাকান্ত
সন্দিকৈ’, “বিশ্বনাথ ৰাজবংশী’, ‘চন্দ্ৰকুমাৰ আগৰৱালা’ আদি গ্ৰন্থ প্ৰণয়ন কৰাৰ উপৰিও ‘অসমীয়া সংস্কৃতি’
(লীলা গগৈৰ লগত যুটীয়াভাৱে) ‘ডিম্বেশ্বৰ নেওগ’, ‘ৰঘুনাথ চৌধাৰী’, ‘অম্বিকাগিৰি ৰায়চৌধুৰী’, ‘নকুল


--- Page 66 ---
বৈচিত্্যময় অসম ৫৭
চন্দ্ৰ ভূঞা’ আদি গ্ৰন্থ আৰু ‘জোৱাৰ’, ‘সাহিত্যদূত’, ‘গতিপথ’ আদি আলোচনী সম্পাদনা কৰি
অসমীয়া জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে৷

চিদানন্দ শইকীয়া

বৰ্তমান গোলাঘাট জিলাৰ বোকাখাট দ গাঁৱত ১৯২৪ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা আজীৱন
শিক্ষাব্ৰতী, স্বাধীনতা সংগ্ৰামী চিদানন্দ শইকীয়া ঘাইকৈ সাম্যবাদী দৰ্শনৰ সমৰ্থক আছিল। তেওঁ ২৭
খনকৈ গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে৷ তাৰে উল্লেখযোগ্য কেইখন
হ’ল--ছোভিয়েট নাৰী’, ‘সীমান্ত গান্ধী’, ‘মহৰ্ষি কাৰ্লমাৰ্ক্‌চ, ‘জুয়ে পোৰা সোণ‘, ‘ৰঙচুৱা পৃথিৱীৰ
সেউজীয়া বোল’, ‘জীয়া ঢল বাগৰি যায়’, প্রবীণ শ্রমিক নেতা চানু খেৰীয়া’, ‘ৰাছিয়ান সাহিত্যৰ
আভাস’, ‘স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান’, ‘শংকৰ বৰুৱা ঃ কৰ্ম আৰু জীৱন’, ‘ধীৰেন দত্তৰ
কবিতা’, ‘আধুনিক ৰচনা শিক্ষা’ (১ম, ২য় আৰু ৩য় খণ্ড), ‘নতুন আদিপাঠ’, ‘সত্যাগ্ৰহী’ আদি।
ইয়াৰ উপৰিও তেওঁ বহুকেইখন গ্রন্থ সম্পাদনা কৰিছিল আৰু বাতৰি কাকত, আলোচনী আদিত
ভালেমান প্রবন্ধ ৰচনা কৰিছিল। সাহিত্য চৰ্চাৰ বাবেই মস্কো, টাচখণ্ড, ৰিগা আদি ভ্ৰমণ কৰিবলৈ
সুবিধা লাভ কৰা এইগৰাকী ব্যক্তিয়ে ছোভিয়েট দেশ নেহৰু বঁটা, সাহিত্যিক পেন্সন আৰু শিক্ষক
বঁটা লাভ কৰিছিল। অসমৰ সাংবাদসেৱাৰ জগতখনলৈও তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
বোকাখাট চহৰৰ নিকটবৰ্তা কাজিৰঙা মৌজাৰ ক’লাখোৱা গাঁৱৰ ভূমিহীন লোকসকলক দহ বিঘা
পৰিমাণৰ মাটি (দাগ নম্বৰ ১১২, AT নম্বৰ Od) দান কৰিব পৰাটো দুখীয়া-দৰিদ্ৰৰ প্রতি সহানুভূতিৰ
লগতে তেওঁৰ নিৰ্মোহ ব্যক্তিত্বৰ উল্লেখযোগ্য দিশ।

দুবৰি বনৰ কবি কৌোষেশ্বৰ বৰুৱা

ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ, বুৰঞ্জীবিদ্‌, কোষেশ্বৰ বৰুৱাদেৱৰ ১৯৩৬ খ্ৰীষ্টাব্দত
তেতিয়াৰ লখিমপুৰ জিলাৰ ঢলপুৰ মৌজাৰ বৰথেকেৰাবাৰী গাঁৱত জন্ম হৈছিল। অসম চৰকাৰৰ
সাহিত্যিক পেন্সন প্ৰাপক এইগৰাকী ব্যক্তিয়ে বিভিন্ন বিষয়ৰ ভালেমান গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ
জগতখন চহকী কৰি গৈছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হ’'ল--‘কলেজৰ দুবৰি বন’,
‘অনুভৱ’, ‘প্রজন্মৰ উমানত’, ‘লগন’, ‘আগন্তুক’ আদি কবিতা-সংকলন,; ‘ধন্য জন্ম ভাৰত বৰিষে’,
‘জননেতা ভীমবৰ দেউৰী’, ‘লুইতৰ আগাৰিৰ অসমীয়া সভ্যতা’, ‘ছোট কৌৱৰৰ বুৰঞ্জী’, ‘এঁতিহাসিক
বিবৰ্তনত অসমৰ চুতীয়া জনগোষ্ঠী’, চুতীয়া ৰজা WARE পাল’, “Sati Sadhini’, ‘Deuri Chutia
Language’ আৰু ‘An outline Grammar of the Deuri Chutia Language Spoken in
Upper Assam by W.B Brown’ আদিয়েই প্রধান। এইসমূহৰ উপৰিও দুখন গীতৰ পুথি আৰু
বিভিন্ন বাতৰি কাকত আলোচনী আদিত ৫০০-তকৈও অধিক প্ৰৱন্ধ প্রকাশ পাইছিল উল্লেখযোগ্য


--- Page 67 ---
৫৮ বৈচিত্ৰ্যময় অসম
যে-- ১৯৯২ খ্ৰীষ্টাব্দত গহপুৰ বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হোৱা

বৰুৱাদেৱে ডণ আম্বেদকাৰ ফেল’শ্বিপ আৰু অসম চৰকাৰৰ চুতীয়া জাতি উন্নয়ন পৰিষদে প্রদান
কৰা সতী সাধনী বঁটাও লাভ কৰিছিল।

1. Nath Rajmohan, "The Background of Assamese Culture, p.68.
2. Devi Lakshi, "Ahom Tribal Relation, 1968, p59.

epet eit

> | চুতীয়াসকলৰ আদি বাসস্থান ক’ত আছিল?

২ | চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল?
©

8

চুতীয়াসকলৰ এগৰাকী বীৰাঙ্গনাৰ নাম লিখা।

তলত দিয়া যিকোনো এগৰাকীৰ বিষয়ে চমুকৈ লিখা।

(ক) সোণাৰাম চুতীয়া (খ) G? স্বৰ্ণলতা বৰুৱা (at) চিদানন্দ শইকীয়া (ঘ) কোষেশ্বৰ বৰুৱা৷
চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা।

R

--- Page 68 ---
ঠেঙ্গাল কছাৰীসকল

অসমত বসবাস কৰি অহা এটি প্রাচীন জাতি হ’ল কছাৰী জাতি। প্রাচীন কালত কছাৰীসকলক
কিৰাত বুলি অভিহিত কৰিছিল। নৃতত্ববিদসকলে এই কিৰাতসকলক মঙ্গোলীয় বা মঙ্গোলয়ড বুলিছিল।
এসময়ত অসমত আনকি সমগ্ৰ উত্তৰ ভাৰততে কিৰাতসকলৰ অখণ্ড আধিপত্য আছিল।

মঙ্গোলীয় (কিৰাত) গোষ্ঠীৰ আবয়বিক বৈশিষ্ট্য হ’ল--“গাৰ বৰণ পীত বা পীত পিংগল, কেশ
ক’লা, ডাঢ়ি-গোফ তাকৰ, শৰীৰৰ নোম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা। কপালস্থি বা হনু বৰ
স্পষ্ট, নেত্ৰ ঠেক বা নেত্ৰ IS, নেত্ৰচ্ছেদৰ ভাঁজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ।’ এই কিৰাতসকলক
সাধাৰণতে ডাঙৰ নদী বা পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত বসবাস কৰাৰ কাৰণে সংস্কৃত ভাষাত তেওঁলোকক
PHANG বোলে। কক্ষৱাটৰ পৰা কক্ষত > কচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ + অৰি- কছাৰী নামৰ উৎপত্তি
হয়। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা মঙ্গোলীয় গোষ্ঠীৰ এই কিৰাত বা কছাৰী লোকে নিজকে
বড়ো বুলি অভিহিত কৰিব বিচাৰে। মঙ্গোলীয় গোষ্ঠীৰ এই বড়োসকলক ভাৰতীয় আন আন হিন্দুসকলে
বিভিন্ন সময়ত কিৰাত, caw, কছাৰী নামেৰে অভিহিত কৰি আহিছে যদিও কছাৰীহে তেওঁলোকৰ প্ৰচলিত
নাম।

GW? ভূৱন মোহন দাসে উত্তৰ পূৱ ভাৰতৰ মঙ্গোলীয়সকলক এনেদৰে ভাগ কৰিছে। ১) খাছী ২)
বড়ো ©) লুচাই কুকী ৪) নগা ©) অৰুণাচলৰ জনজাতি wv) অন্যান্য | অন্যান্য জাতিসকলৰ ভিতৰত মিছিং,
দেউৰী, হাজং আদিক অন্তৰ্ভুক্ত কৰিছে। বড়োগোষ্ঠীৰ ভিতৰত গাৰো, ৰাভা, মেচ, তিৱা, ডিমাছা, ঠেঙ্গাল,
সোণোৱাল, বাৰুৱা আদিক অন্তৰ্ভুক্ত কৰা হৈছে।

এতেকে ঠেঙ্গাল কছাৰীসকলক মঙ্গোলীয় প্ৰজাতিৰ বড়ো গোষ্ঠীৰ পূৱ শাখাত ধৰিব পাৰি।

ঠেঙ্গালসকল, বিশেষকৈ পাণ্ডৱ বীৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশোদ্ভৱ বুলি পৰিচয় আছে। হিড়িম্বা
নামৰ ৰাক্ষসী এগৰাকী কন্যাৰ লগত ভীমৰ বৈবাহিক সম্পৰ্ক ঘটাৰ বাবেই ঘটোৎকচৰ জন্ম হয়। হিড়িস্বাৰ নাম
অনুসৰি কছাৰীসকলৰ ৰাজ্যখনক ‘হিড়িম্বা’ ৰাজ্য বা ‘হেড়েম্বা”ৰাজ্য আৰু ৰাজধানীক ‘হিড়িম্বাপুৰ’ বুলিছিল আৰু
ৰজাসকলেও নিজকে হিড়িম্বাপতি বুলি পৰিচয় দিছিল।
ঠেঙ্গাল কছাৰীৰ উৎপত্তি ঃ সমৰ, সংঘাট আৰু জয় পৰাজয়ৰ মাজেৰে হেড়েম্বিয়ান কছাৰী ফৈদৰ দুৰ্দান্ত
LMHS পাৰ্গত জঙ বাহাদুৰ আৰু চক্ৰধ্বজ নামৰ দুজন যুৱকে কিছুমান কছাৰী পৰিয়াল লগত লৈ দৈয়াং
উপত্যকাৰ কাছমাৰী পথাৰত এখন ৰাজ্য প্রতিষ্ঠা কৰি জঙ বাহাদুৰ তাৰ ৰজা হয়। তেওঁৰ সৈন্যবিলাকক


--- Page 69 ---
৬০ বৈচিত্ৰ্যময় অসম

ঠেঙা (Patloons) পিন্ধি যুদ্ধ কৰিবলৈ দিছিল। যুদ্ধত পিন্ধা ঠেঙা শান্তিৰ পৰিবেশতো পিন্ধি ফুৰাচকা
কৰাৰ কাৰণে তেওঁলোকৰ প্রজাক আৰু জঙ বাহাদুৰক ঠেঙাল কছাৰী বুলিছিল।

ঠেঙ্গাল কছাৰীৰ অৱস্থান  এঁতিহাসিক বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ উজনি
অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং, ধনশিৰি উপত্যকা আৰু নগাঁও পৰ্যন্ত ঠেঙ্গাল কছাৰীৰ বংশসমূহৰ অৱস্থান
আছিল। কালক্ৰমত এতিহাসিক পাকচক্ৰত আৰু অৰ্থনৈতিক কাৰণত তেওঁলোক অসমৰ বিভিন্ন প্রান্তত
ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত বিভক্ত হৈ পৰে। দক্ষিণ পাৰে বৰ্তমান যোৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয়
ঘাইপথৰ পৰা নগাপাহাৰ পৰ্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙাল কছাৰী লোকেৰে ভৰপূৰ।
গোলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাল গাঁও পঙ্কা, মৰঙি, বুঢ়াগোঁহাই খাট, সৰুপথাৰ, বৰ পথাৰ, চাউদাং
পথাৰ, গমাৰি, চিচু পানী, মেৰাপানী, কাছমাৰী, দৈয়াং, কাৰ্বি আংলং জিলাৰ কালিয়নী, শিৱসাগৰ জিলাৰ
সোনাৰি অঞ্চল, নাজিৰা, ডিব্ৰুগড় জিলাৰ নাহৰণী ঠেঙ্গাল গাঁও, চাচনী, উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ
বিহপুৰীয়া, কাৱৈমাৰী AAD, বঙালমৰা, নাহৰণী, পকাদৌল, খোলাণ্ুৰি, বৰাইখনা, নাওবৈছাৰ সোনাপুৰ,
লোকামপুৰ, ঢেকীয়াজুলি, দলপাপথাৰ, বালিগাঁও, দক্ষিণ লালুক, হাৰমোতী, বান্দৰদেৱা, উত্তৰলালুক,
ফুলবাৰী, কদম, ধেমাজি, গোগামুখ, কৃষ্ণপুৰ, গঢ়পাৰা, নাহৰবাৰী, পানীগাঁও, দঙ্গীবিল, জকাই পেলোৱা,
জোনাই আদি ঠাইত ঘন বসতিপূৰ্ণ ঠেঙ্গাল কছাৰীৰ গাঁও আছে।

ঠেঙ্গাল PYAR ঠেঙ্গাল নামেৰে জনাজাত হোৱাৰ পিছৰে পৰা ‘ঠেঙ্গাল’ উপাধি লিখি আহিছে যদিও
তেওঁলোকৰ কোনো কোনোৱে ‘কছাৰী’উপাধিও সমানে ব্যৱহাৰ কৰি আহিছে। ঠেঙ্গাল কছাৰী মানুহখিনিয়ে ৰজাঘৰীয়া
বিষয়বাব খাইছিল, তাৰ প্ৰমাণ তেওঁলোকে লিখা উপাধিসমূহৰ পৰাইবুজিব পাৰি। এই উপাধিসমূহ শইকীয়া, হাজৰিকা,
বৰা, নেওগ, বৰা, ৰাজখোৱা, দাস, বৰ শইকীয়া, বৰুৱা, বৰবৰুৱা, হাতীবৰুৱা, ঘোঁৰা বৰুৱা, ভঁৰালী, চাংমাই ইত্যাদি৷
ঠেঙ্গাল কছাৰীৰ সমাজ-সংস্কৃতিৰ চমু পৰিচয় ঃ ঠেঙ্গাল কছাৰীসকলে অতীতৰ পৰাই সমাজ পাতি বসবাস কৰি
আহিছে আৰু বৰ্তমান অসমীয়া সামাজিক জীৱনৰ লগত সাঙোৰ খাই আছে। ঠেঙ্গাল কছাৰী সমাজ পুৰুষ-প্রধান
হিচাপে যৌথ পৰিয়ালভূক্ত। পিতৃয়েই পৰিয়ালৰ মুখ্য লোক।

সমাজ-গাীথনিঃ প্রাচীন কালত ঠেঙ্গালসকলৰ সমাজ ‘কৈৰাতজ’” ধৰ্মীয় গাঁঠনিৰে পৰিচালিত আছিল।
কিন্তু পঞ্চদশ শতিকাত মহাপুৰুষ শঙ্কৰদেৱে নৱ-বৈষ্ণৱ একশৰণ নামধৰ্ম প্ৰচাৰ কৰি অসমৰ চুকে-কোণে যি
সামাজিক আদৰ্শ দাঙি ধৰিছিল সেই আদৰ্শত ঠেঙ্গাল কছাৰীসকলো অনুপ্ৰাণিত হয়। তাৰ ফলস্বৰূপে সমাজত
একোখন গাৱৰ সমাজ গঠনৰ আহিলা হিচাপে নামঘৰ প্রতিষ্ঠা Set | ধৰ্মীয় সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত
নামঘৰে তেওঁলোকৰ সমাজতো এক অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিলে। সত্ৰৰ পদ্ধতি অনুসৰি ঠেঙ্গাল কছাৰীৰ
মাজত এটা বৃহৎ এলেকাৰ ভিতৰত বৰমেধি, কুৰিয়া মেধি, চুক মেধি, বৰ ঢেকেলা, টেকেলা আদি বিষয়া আৰু
একোখন গাঁৱত বা একোটা খেলত নামঘৰ থকাৰ লগতে নামঘৰীয়া, ভড়ালী, পাঠক, বায়ন, দেউৰী, ঢুলীয়া-ওজা
আদি বিষয়বাবৰ লোক থাকে আৰু সত্ৰৰ সত্ৰাধিকাৰে ৰাজমেধি, পাচনি আৰু বৰমেধিৰ যোগেদি ঠেঙ্গাল কছাৰী
সমাজৰ লগত যোগসূত্ৰ ৰাখি সমাজখনৰ ধৰ্ম ৰীতি পৰিচালনা কৰি থকা দেখা যায়। অন্যহাতে ঠেঙ্গাল কছাৰীৰ
সমাজ-ব্যৱস্থা বা সামাজিক জীৱনত নাৰীৰ স্থানো পুৰুষৰ সমানেই।


--- Page 70 ---
বৈচিত্ৰ্যময় অসম vs

অর্থনৈতিক জীৱন ঃ ঠেঙ্গাল কছাৰী অধিকাংশ লোক গাঁৱত বসবাস কৰি কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল
হৈ জীৱন নিৰ্বাহ কৰে। ধান তেওঁলোকৰ প্ৰধান CAS | গৰু, ম’হ, হাঁহ-পাৰ, কুকুৰা, ছাগলী আদি পুহি সেইবোৰ
বিক্ৰী কৰিও জীৱিকা উলিয়ায়। বাৰীত তামোল-পাণ, জাতিগত বৈশিষ্ট্য বাঁই খেতি, আলু-কচু, অন্যান্য ৰবি শস্যৰ
খেতি কৰি আৰ্থিক সমস্যা সমাধান কৰে।

সামূহিক জীৱন-পদ্ধতি ঃ মঙ্গোলীয় জনগোষ্ঠীৰ সবাতোকৈ ডাঙৰ বৈশিষ্ট্য হ'ল সামূহিক জীৱন পদ্ধতি৷
কছাৰীসকলে একোখন গাঁৱত দ’ল বান্ধি বাস কৰে। খেতি-বাতি, ঘৰ সজা, মাছমৰা, উৎসৱ-পাৰ্বণ,
বিপদ-আপদ, ৰং-আনন্দ সকলোতে মাৰ বান্ধি একগোট হৈ থিয় দিয়ে। ঠেঙ্গাল কছাৰীৰ মাজত ‘হাৰিয়া
মতা’ অৰ্থাৎ ‘হাউৰি’ প্রথা আজিও প্রচলিত বিয়া-সবাহত ৰভা-পৰলা দিয়া, ঘৰ সজা, পথাৰৰ ধান চপোৱা,
মাছ ধৰা কাৰ্যত দল বান্ধি ওলাই যায়।

উৎসৱ-পাৰ্বণ ঃ ঠেঙ্গাল কছাৰীসকলে তেওঁলোকৰ নিজা সামাজিক উৎসৱ, পূজা-পাতলসমূহ যথা
নিয়মে পালন কৰাৰ দৰে অসমৰ জাতীয় উৎসৱ বিহুকো পৰম্পৰাগতভাৱে পালন কৰে। ঠেঙ্গাল কছাৰী
গাভৰুসকলে চ’ত মাহ সোমোৱাৰ দিনৰ পৰাই ‘ৰাতি বিহু’ মাৰিছিল। আঁহত গছ বা বৰ গছৰ তলত বিহুৰ
খোলাবোৰ পতা হয়। ৰাতি বিহু চ’তৰ সংক্ৰান্তিলৈকে অৰ্থাৎ ব’হাগ বিহুৰ উৰুকাৰ দিনালৈকে মাৰিছিল।
ঠেঙ্গাল কছাৰীসকলৰ মাজত ‘তৰাছিৰা’ বিহু বা ‘বালি-হুচৰি’, ‘বোকা বিহু’ আৰু ‘নৰাছিঙা বিহু’ প্ৰচলিত৷
অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত প্রথা অনুসৰি কাতি বিহু আৰু মাঘৰ বিহু যথা ৰীতিমতে পালন কৰি আহিছে।

খাদ্যসম্ভাৰ 8 ঠেঙ্গাল কছাৰীসকলৰ প্রধান খাদ্য হ’ল ভাত। শাক-পাচলি খোৱাৰ লগতে মাছ-মাংস
ঠেঙ্গালসকলৰ প্রিয় খাদ্য। কাছ, কুচিয়া, কেঁকোৰা, জিপাঙ্কৰী, আমৰলি, নিংকৰি, এৰী, লেতা, মুগা পলু,
চাকচন, কঁদো-বৰল আদি ঠেঙ্গালসকলৰ প্ৰিয় খাদ্য। শুকান মাছ, শুকান মাংস জনজাতিসকলৰ সুষম খাদ্য।
ঠেঙ্গীলসকলে এটা বিশেষ পদ্ধতিৰে শুকান মাছ খুন্দি গুৰি কৰি চুঙা বা মাটিৰ টেকেলীত ৰাখি থয়। ইয়াকে
শুকতি মাছ বোলে। শুকান মাছ, শুকতি মাছ, শুকান মাংস, খৰিচা, কাহুদি, খাৰলি, পানীটেঙা, শোকোতা আদি
ঠেঙ্গালৰ সঞ্চিত খাদ্য।

সাজ-পোচাকঃ ঠেঙ্গাল কছাৰী পুৰুষসকলে অসমীয়া মানুহৰ স্বাভাৱিক সাজ-পাৰ পৰিধান কৰে।
তিৰোতাসকলে অসমৰ জনজাতীয় সমাজত প্রচলিত বুকুত মেখেলা আৰু মেঠনি মাৰিছিল। মহিলাই ব্লাউজ
ব্যৱহাৰ নকৰে। তিৰোতাসকল হস্তশিল্পত অতি নিপুণ। বোৱাৰীসকলে ৰিহা-মেখেলা আৰু চাদৰ পৰিধান
কৰে।

ঠেঙ্গাল কছাৰীসকলৰ মাজত সোণ-ৰূপৰ অলংকাৰ অতীজৰ পৰাই ব্যৱহাৰ হৈ আহিছে। তেওঁলোকে
ব্যৱহাৰ কৰা অলংকাৰ বিলাকৰ ভিতৰত জোন-বিৰি, WET, মাদলি, বিৰি, বেনা, পোৱালমণি, থুৰীয়া,
কেৰু, কাণফুল, খাৰু, উকা আৰু বাখৰুৱা আঙঠি, নাকফুলি আদিয়েই প্রধান। অতীজতে কছাৰী সমাজত
পুৰুষেও বিভিন্ন অলংকাৰ হাত, কাণ আৰু ডিঙিত পিন্ধিছিল আধুনিক সভ্যতাৰ বিকাশৰ ফলত ঠেঙ্গালসকলৰ
সামাজিক জীৱনধাৰালৈ বহুত পৰিৰ্বতন আহিছে।


--- Page 71 ---
ve বৈচিত্ৰ্যময় অসম

ভাষা আৰু সাহিত্য 3 অসমৰ উজনি খণ্ডত বসবাস কৰা ঠেঙ্গাল কছাৰীসকলৰ ভাষা অসমীয়া।
ঠেঙ্গালসকল লোক সাহিত্যত চহকী। তেওঁলোকৰ অনেক লোক-বিশ্বাস আৰু আখ্যানে ভাষা-সাহিত্য সমৃদ্ধ
কৰি ৰাখিছে। তেজীমলা, পানচৈ, কাঞ্চনমতী, ফুলৰা-চতলা, লিতিকাই, লখাই তৰা আদি কৰি বহু সাধুকথা
তেওঁলোকৰ মাজত প্রচলিত হৈ আহিছে। তদুপৰি ফকৰা-যোজনা, প্ৰবচন, খণ্ড বাক্য, লোকবাক্য, লোককথা,
বিহুগীত, হুঁচৰি গীত, নিচুকনি গীত, ধাইনাম, আইনাম, লখিমী সবাহৰ গীত, অপেশ্বৰী সবাহৰ গীত, পানীতোলা
সবাহৰ গীত, বিয়ানাম, তোলনি বিয়াৰ নাম, ভেকুলী বিয়াৰ নাম, দৈয়ন দিয়াত গোৱা গীত, আয়ুসতোলা
গীত, গোপিনী সবাহৰ গীত, ধাননি ৰখা গীত, চোমনি ৰখা গীত, ঢুলীয়া ওজা হাত চলনা গীত তেওঁলোকৰ
মাজত আজিও বহুলভাৱে প্রচলিত হৈ আছে। ঠেঙ্গাল কছাৰীসকলৰ মাজত প্রচলিত মৌখিক বা লোক-
সাহিত্যই অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে।
ধৰ্ম- বিশ্বাস আৰু পূজা-পাতল ঃ ঠেঙ্গাল কছাৰীসকলৰ ধৰ্ম মূলতঃ কৈৰাতজ। এই ধৰ্মৰ মূল উপাস্য
দেৱতা শিৱ। ঠেঙ্গাল কছাৰীসকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা, বাসুদেৱ গোসাঁইৰ দিনৰে পৰা বৈষ্ণৱ ভক্ত হিচাপে
প্রাণহৰি গোসাঁইলৈ আউনীআটী সত্ৰৰ শিষ্য। সেই মতে তেওঁলোক ST AST লোক। তেওঁলোকে বৈদিক
আচাৰ-নীতি পালন কৰে। ইয়াৰ লগতে ঠেঙ্গালসকলে দুৰ্গ পূজা, নিৰ্দিষ্ট ঠাইত বাইথ পূজা বা দেও পূজা, নদীত
চুৱা CHS পূজ৷,চাপৰিত গৰখীয়া ভোজ, নৈৰ ওচৰত চাউলখোৱা আদি পূজা-পাতল কৰে। সেইব্লাৰৰ উপৰিও
SA অপায়-অমঙ্গল দূৰ কৰিবলৈ বিহুৱে সংক্ৰান্তিয়ে মৃতকক দিয়া আৰু পিৰ দিয়া পূজা পাতে, শনি, ৰাহু-
কেতুৰ চাউল খুওৱা, গুৰু পৰমাণ খুওৱা, আই চাউল খোৱা, অপেশ্বৰী সবাহ, গোপিনী সবাহ, লখিমী সবাহ,
সকাম-নিকাম ঠেঙ্গাল কছাৰীসকলে পালন কৰে। দেৱ-দেৱী, ভূত-প্ৰেতলৈ যথা ৰীতিৰে পূজা SND |
বিবাহ কাৰ্য বিবাহ মানৱ সমাজৰ এক প্ৰাণময় Gerd | ঠেঙ্গাল কছাৰীসকলৰ মাজত বিশেষকৈ চাৰি
প্রকাৰৰ বিয়াৰ প্রচলন, যেনে -
> | পলাই যোৱা বা পলুৱাই নিয়া বিয়া
২। আবিয়ৈ বিয়া
৩। বৰ বিয়া
8 | তোলনি বিয়া
ঠেঙ্গাল কছাৰীসকলৰ মাজত প্রচলিত বৰ বিয়া আৰু আবিয়ৈ বিয়াৰ বৈশিষ্ট্য ASIA | ব্ৰাহ্ম অনুসাৰে
বৈদিক প্ৰথাৰে হোমাগ্নি কৰি পতা বিয়াক বৰ বিয়া আখ্যা দিয়ে আৰু সাধাৰণভাৱে ৰাইজৰ আশীৰ্বাদ গ্ৰহণ
কৰি, তেল-শলিতা জ্বলাই পতা বিয়া আবিয়ৈ বিয়া বা জোৰোণ বিয়া বুলি কয়। দৰা-কন্যা উভয় পক্ষৰ বিয়া
বন্দৱস্তকাৰীক বাওৰা বোলে। ছোৱালী খুজিবলৈ গৈ কন্যাৰ ঘৰত প্ৰথম তামোল-পাণ পেলোৱাক বাট চন্দা
ভোজা দিয়া বোলে।


--- Page 72 ---
বৈচিত্ৰ্যময় অসম ve

শিল্প-সংস্কৃতি ঠেঙ্গাল কছাৰীসকল সোণ, ৰূপ, তাম, লো, তীখা আদি ধাতুশিল্পৰ লগত বিশেষভাৱে
জড়িত। ৰূপ সংগ্ৰহৰ বাবেই ৰূপোৱাল কছাৰী হিচাপে জনাজাত। তেওঁলোক কুটীৰ শিল্পত যথেষ্ট নিপুণ।
COMPARE ঘৰুৱা জীৱনত লাগতীয়াল সকলো সামগ্ৰী কাঠ, বাঁহ, পাৰটীদৈ আদিৰে তৈয়াৰ কৰি লয়।
বয়ন শিল্পৰ সঁজুলিসমূহ আৰু খেতিৰ সঁজুলি--- নাঙল, যুঁৱলি, মৈ, শ’লমাৰি, ডিলামাৰি, ওখোন, ৰইনা
আদি তৈয়াৰ কৰাত পাকৈত। নাহৰ কাঠৰ ঢেঁকী, শিলিখা-গমাৰী কাঠৰ হেতা, কৰচলি, ঠগা, শৰাই, আসন, পীৰা-
ধৰা, চকী-মেজ, ঢাৰি-পাটী, বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ -_- পেঁপা, গগনা, বাঁহী, টকা, টোকাৰী, বীণ, সুতুলি আদি
ঠেঙ্গাল কছাৰীসকলে প্রস্তুত কৰিব জানে।
কছাৰীসকলৰ পূৰ্বপুৰুষৰ পৰা ৰেচম শিল্প চলি আহিছে। মঙ্গোলীয় কিৰাতসকলেই অসমত পাট, মুগ৷,
ৰেচম শিল্পৰ জন্ম দিছিল৷ কছাৰীসকলেই হাবিৰ মুগা ঘৰচীয়া কৰিছিল। এৰী পোহা ঠেঙ্গাল কছাৰীসকলৰ জাতীয়
পৰম্পৰা। এৰি, মুগা পুহি তাৰ পৰা সূতা কাটি বিভিন্ন পোচাক তৈয়াৰ কৰি লয়।
মৃতকৰ সৎকাৰ ঃ ঠেঙ্গাল কছাৰীসকলৰ মাজত মৰা শ দাহ কৰা বা পুতি থোৱা দুয়োটা প্ৰথাই আছে।
ব্যক্তি এজনৰ মৃত্যুৰ পিছত বহুতো নিয়ম-নীতি পালন কৰা হয়। গুৰুৰ ওচৰত শৰণ লোৱাটো ঠেঙ্গাল কছাৰী
সমাজত বাধ্যতামূলক। মৃতকৰ প্ৰেতকাৰ্য ব্ৰাহ্ম হিন্দু ৰীতিমতে সমাপন কৰে।
ঠেঙ্গাল কছাৰীসকল অসমৰ এটা FASTA খিলঞ্জীয়া জনগোষ্ঠী স্বকীয় ৰীতি-নীতি, ধৰ্মীয় পৰম্পৰা,
সামাজিক লোকাচাৰ আৰু আধুনিক ধ্যান-ধাৰণাৰে এটা পৃথক জনগোষ্ঠী হ’লেও ঠেঙ্গাল কছাৰীসকলে
বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ঠেঙ্গাল কছাৰীসকলৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান
আগবঢ়াই স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল-_

create গিৰিধৰ ঠেঙ্গাল

অসমৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত খিলঞ্জীয়া জনগোষ্ঠীৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে
উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত গিৰিধৰ ঠেঙ্গাল অন্যতম।

যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেঙ্গাল মৌজাৰ উলুতলী গাঁৱৰ
এটা অতি দুখীয়া কৃষক পৰিয়ালত ১৯২১ চনৰ ১২ জানুৱাৰীত গিৰিধৰ ঠেঙ্গালৰ জন্ম হয়। তেওঁৰ পিতাকৰ
নাম আছিল জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম আছিল কান্দুৰী ঠেঙ্গাল। কেঁচুৱা অৱস্থাতে মাকৰ বিয়োগ
ঘটাত বৰমাকে তুলি-তালি গিৰিধৰক ডাঙৰ-দীঘল কৰে। ১৯২৯ চনত গিৰিধৰক দেউতাকে বজালবাৰী
প্রাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। এই বিদ্যালয়ৰ পৰা ১৯৩৪ চনত প্রাথমিক বৃত্তি পৰীক্ষাত যোৰহাট
মহকুমাৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈ তিতাবৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰে।
দুৰ্ভাগ্যজনক যে মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থকা কালতে ১৯৩৬ চনত দেউতাকৰ অকাল মৃত্যু হয়। মধ্য
ইংৰাজী বিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৩৮ চনত যোৰহাট চৰকাৰী হাইস্কুলত
নাম ভৰ্তি কৰে। তাৰ পৰা ১৯৪২ চনত CALS পৰীক্ষাত উত্তীৰ্ণ হয়। যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ


--- Page 73 ---
৬৪ বৈচিত্ৰ্যময় অসম
পৰা ১৯৪৪ চনত আই. এ. পৰীক্ষা আৰু ১৯৪৬ চনত বি.এ. পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৫২ চনত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি:এল. ডিগ্ৰী লাভ কৰে।

গিৰিধৰ ঠেঙ্গালে শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। ১৯৫২ চনৰ পৰা ১৯৫৩ চনলৈ যোৰহাট
জিলাৰ ন-আলি তিতাৰাম বৰদলৈ হাইস্কুলত শিক্ষকতা কৰে। ১৯৫৩ চনত শিক্ষা জগতৰ পৰা আঁতৰি
তেওঁ ৰাজনৈতিক জগতত প্ৰবেশ কৰে আৰু বিভিন্ন সামাজিক উন্নয়নমূলক কামত জড়িত Bl তেওঁ
যোৰহাট ক’ৰ্টতো ওকালতি আৰম্ভ কৰে। লাহে লাহে তেওঁৰ ওকালতিত কৈ ৰাজনৈতিক জীৱনৰ APTS!
বৃদ্ধি পাবলৈ ধৰিলে। তাৰ মাজতে বিভিন্ন অঞ্চলৰ শিক্ষা, সামাজিক উন্নয়ন, সামাজিক ন্যায় আদি বিষয়ত
নিজকে জড়িত কৰিবলৈ ধৰিলে। জালুকনিবাৰী হাইস্কুল, তিতাবৰ নন্দনাথ শইকীয়া কলেজ প্ৰতিষ্ঠাৰ
ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য আছিল।

তেওঁৰ নেতৃত্বত কমিউনিষ্ট পাটিৰ আন্দোলনৰ হেঁচাত কেইবাখনো শ্রমিক-কৃষকৰ সপক্ষে লোৱা
আইন প্ৰৱৰ্তন কৰা আৰু কিছু সংখ্যক ভূমিহীন কৃষকৰ মাজত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল। ১৯৭৮
চনত তেওঁ তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক নিৰ্বাচিত হয়। যোৰহাটৰ পৰা বৰহোলালৈ প্রথম
সৰ্ববৃহৎ দাঘন-আলি পকীকৰণৰ কাম তেখেতৰ উদ্যোগতে সম্পন্ন হয়। ১৯৮৪ চনত সেই সময়ৰ চোভিয়েট
ৰাছিয়াত হোৱা মা্কীয় অৰ্থনীতিৰ তিনিমহীয়া চেমিনাৰত অংশ গ্রহণ কৰিছিল।
কবি, গীতিকাৰ, ভাস্কৰ্য-চিত্ৰশিল্পী কমল কছাৰী

ইস্তাহাৰ কবি’ নামেৰে জনাজাত কবি-শিলক্পী কমল কছাৰী ১৯৩৯ চনত যোৰহাট জিলাৰ তিতাবৰ
মহকুমাৰ ঠেঙ্গাল মৌজাৰ মৰধলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। দেউতাকৰ নাম উনিৰাম
কছাৰী আৰু মাকৰ নাম সৰু আইতী কছাৰী ৷ জীৱিকাৰ কৰ্মসূত্ৰে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰা স্থিত মাদুৰীত
বসবাস কৰি চিকিৎসা ক্ষেত্রত ফাৰ্মাচিষ্ট হিচাপে স্বাস্থ্যসেৱাত ব্ৰতী হয়। ভাস্কৰ্য শিল্পী, চিত্ৰশিল্পী, অনাতীৰ
গীতিকাৰ, কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত-আলোচনী ‘প্রতিধ্বনি’ ‘অসমবাণী’, নীলাচল’,
অগ্রদূত’, ‘সাদিন-প্রতিদিন’ৰ উপৰিও বিভিন্ন মাধ্যমত প্রকাশ পাইছিল। শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ
সভাপতি আছিল।

কমল কছাৰীয়ে গীত, কবিতা, নাটক লিখাৰ উপৰিও বেনাৰ, ফেষ্ট্ন, কিতাপ-আলোচনীৰ বেটুপাত
অংকন, স্থাপত্য ভাস্কৰ্য নিজ হাতেৰে খোদিত কৰাত সিদ্ধহত্ত আছিল। কমল কছাৰীক সাহিত্য সভাই ‘বিষ্ণু
প্রসাদ ৰাভা বঁটা’ প্রদান কৰিছিল আৰু শিৱসাগৰ সাহিত্য সভাই কবিগৰাকীৰ নামেৰেও ‘কবি শিল্পী কমল


--- Page 74 ---
বৈচিত্য্যময় অসম

কছাৰী সাহিত্য বঁটা’ প্ৰদান কৰি আহিছে। অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়।
দৰদী কবি কমল কছাৰীৰ তিনিকুৰি পোন্ধৰ বছৰত ২০১৩ চনত জীৱনৰ অৱসান ঘটে।

প্ৰশ্নাৱলী

মঙ্গোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য কি?

মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল?
কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল?

GT? ভূৱন মোহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে?
ঠেঙ্গাল কছাৰীসকল পৌৰাণিক কোন গোষ্ঠীৰ পৰা অহা?

ঠেঙ্গাল কছাৰীসকলক বৰ্তমানৰ অৱস্থান সম্পৰ্কে উল্লেখ কৰা।
চমুটোকা লিখা ঃ

(ক) Teen গিৰিধৰ ঠেঙ্গাল

(খ) কমল কছাৰী।

4০ € RO 9 ০ে /% ৮


--- Page 75 ---
ডিমাছাসকল

ডিমাছাসকল মূলতঃ বৰ্তমানৰ ডিমা হাচাও জিলাৰ বাসিন্দা যদিও নগাৱৰ হোজাই অঞ্চল, কাৰ্বি আংলঙৰ
বিভিন্ন অঞ্চলৰ লগতে বৰ্তমানৰ নগালেণ্ডৰ ডিমাপুৰ অঞ্চলৰ আদিম বাসিন্দাৰূপে পৰিচিত।

ডিমাছাসকলো সোনোৱালসকলৰ দৰে ৪০-জন পিতৃপুৰুষৰ বশোদ্ভৱৰূপে ৪০-টা বংশ বা Paw বিভক্ত।
প্রতিটো গোত্ৰ ‘চা’ আখৰেৰে শেষ হয়। যেনে--লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা, মাইবংচা ইত্যাদি।
ডিমাছাসকলৰ বিশ্বাস অনুসৰি ডিমাছা মহিলা বা গাভৰু এই ৪ ২-গৰাকী মূল মাতৃৰ বংশোদ্ভৱ আৰু প্ৰতিগৰাকী
ডিমাছা মহিলা বা গাভৰু এই ৪২ গৰাকী মূল মাতৃৰ বংশ বা ক্লেনেৰে পৰিচিত হয়।

ডিমাছাসকলে পিতৃৰ বংশক পিতৃবংশ আৰু মাতৃৰ বংশক মাতৃবংশ বোলে। ডিমাছাসকলৰ ভাষা ডিমাছা।
ডিমাছা ভাষা বড়ো ভাষাৰ লগত প্রায় একেই। ডিমাছাসকলৰ কোনো পৰিয়াল (উপ-গোত্ৰ) প্ৰথা নাই। কিন্তু
নিজৰ গোত্ৰৰ ভিতৰত বিয়া-বাৰু সম্বন্ধ নিষিদ্ধ। তেওঁলোকে মাকৰ বংশ অৰ্থাৎ মামাকৰ পৰিয়ালৰ ল’ৰা-
ছোৱালীৰে বিবাহ সম্পৰ্ক গঢ়াত বিশেষ বাধা নাই; কিন্তু দৰা আৰু কইনা উভয়ৰে মাতৃবংশ (মাতৃ গোত্ৰ) একে
হ’লৈ বিবাহ নিষিদ্ধ।

ডিমাছাসকল ব্ৰায়-চিব্ৰায় আৰু আমাং-গামাংডি বা শিৱ-পাৰ্বতী পৰম্পৰাত বিশ্বাসী যদিও গোড়া বৈষ্ণৱী
হিন্দু আৰু বলি-বিধানতো বিশ্বাসী, অতি সংৰক্ষণশীল।

ইতিহাস অনুসৰি বৰ্তমানৰ সমগ্ৰ অসম, ত্ৰিপুৰা আৰু বাংলাদেশৰ কিছু অংশলৈকে এসময়ত ডিমাছাসকলৰ
ৰাজত্ব আছিল। ডিমাছাসকলে জানুৱাৰী মাহৰ শেষভাগত খেতিৰ শেষত বিছু ডিমা নামেৰে এটি উৎসৱ
পালন কৰে। বিছু ডিমা অনুষ্ঠানত কুকুৰা কাটি পূজা দিয়াৰ লগতে মদ, গাহৰি আদিৰে সমজুৱাভাৱে ভোজ,
ভাত খায়। বিছু ডিমা অনুষ্ঠানত ডেকা-গাভৰু, পুৰুষ-মহিলাসকলে হাতেৰে বজোৱা প্রায় ৪ ফুট মান দীঘল
এবিধ বিশেষ ধৰণৰ ঢোল আৰু অতি দীঘল এক প্রকাৰৰ পেঁপাৰ নিৰ্দিষ্ট এক তালত ঘূৰি ঘূৰি নৃত্য কৰি পালন
কৰে।

ডিমাছা মহিলাসকল পাকৈত শিপিনী আৰু তেওঁলোকৰ জনজাতীয় সাজ-পাৰসমূহ উজ্জ্বল ৰংচঙীয়া।
ডিমাছাসকলৰ বিবাহৰ ক্ষেত্ৰত বিশেষ প্ৰতিষ্ঠিত আনুষ্ঠানিকতা নাই যদিও মদ আৰু কুকুৰা কাটি পূজা দি
লগতে গাহৰি বা ম’হৰ মাংসৰ ভোজ দি বিবাহ উৎসৱ পালন কৰা হয়। চিতাৰ অগ্নিত মদ-গাহৰিৰে মৃতকৰ
শ্ৰাদ্ধ পালন কৰা হয়।


--- Page 76 ---
বৈচিত্ৰ্যময় অসম ৬৭

8
প্ৰশ্নাৱলী ০

R ০ ৩তে এ ৬

ডিমাছাসকল প্রধানতঃ কেইটা বংশত বিভক্ত?
ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায়?
ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি?

ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়?
ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা।


--- Page 77 ---
৬৮ বৈচিত্য্যময় অসম

কলিতা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ প্রাচীনতম অধিবাসী আৰু বৰ্তমানৰ অসম
ৰাজ্যৰ সংখ্যাগতভাৱে বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী । পূৱে তিনিচুকীয়া জিলাৰ পৰা পশ্চিমে ধুবুৰী জিলালৈকে
ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্রতিখন জিলাতে কলিতা জনগোষ্ঠীয় লোকৰ বসতি আছে। স্বাধীন ভাৰতৰ লোকপিয়লত
অনা-অনুসূচিত জনগোষ্ঠীসমূহৰ জনগোষ্ঠীভিত্তিক লোকপিয়ল বাদ দিয়া বাবে বৰ্তমান কলিতা জনগোষ্ঠীয়
লোকৰ জনসংখ্যাৰ শুদ্ধ তথ্য লাভ কৰা সম্ভৱ নহয়। ১৮৭১-৭২ চনত বৃটিছ ভাৰতত হোৱা প্ৰথমটো
লোকপিয়লৰ তথ্যমতে পিয়লত সুকীয়াকৈ দেখুওৱা বৃত্তিয়ান গোটসমূহকে ধৰি মুঠ কলিতা জনসংখ্যা
আছিল ৩,৩৯,৯৭১। সেইসময়ৰ বৰ অসমৰ ভৌগোলিক স্থিতি, জনগাঁথনি, পৰৱৰ্তী কালৰ জনসংখ্যা বৃদ্ধিৰ
হাৰ আদি কাৰক বিশ্লেষণ কৰি বৰ্তমান অসমত কলিতা জনগোষ্ঠীয় লোকৰ মুঠ সংখ্যা ৫০,০০,০০০ (পঞ্চাশ
লাখ)-ৰ কম হ’ব নালাগে বুলি থাৱৰ কৰিব পাৰি।
অসম তথা উত্ত-পূৰ্বাঞ্চলত কোনো আদিম মানৱৰ অৱশেষ পোৱা হোৱা নাই হেতুকে নৃতাত্বিকভাৱে
এই অঞ্চলত আদিম মানৱৰ বসতি নাছিল বুলি সিদ্ধাস্তলৈ আহিছে। গতিকে এই অঞ্চলৰ বৰ্তমান অধিবাসী
প্রতিটো জনগোষ্ঠীয়েই ক’ৰবাৰ পৰা নহয় কৰবাৰ পৰা প্রবজন কৰি আহিছে। পশ্চিম দিশৰ হিমালয়ৰ পাদদেশৰ
সমতল অঞ্চলেৰে কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ আলপাইনসকল বিভিন্ন কাৰণত প্রৱজন কৰি আহি ব্ৰহ্মপুত্ৰ
উপত্যকা অঞ্চলত প্রৱেশ কৰে। পূৱলৈ আগবাঢ়ি গৈ গৈ পাটকাই পৰ্বতলানি পোৱাৰ পিছত আলপাইনসকলৰ
BAAS SF হয়, কিয়নো সমতলৰ জনগোষ্ঠী হিচাপে সদলবলে পৰ্বত বগাই পাটকাই অতিক্ৰম কৰাটো
এওঁলোকৰ বাবে সম্ভৱ নাছিল। এই কাৰণতে পাটকাইৰ পূৱত কলিতা বা অইন কোনো আলপাইন মূলৰ
জনগোষ্ঠী অৱস্থিতি শূন্য। আলপাইনসকলৰ প্ৰথমটো দল যিসময়ত ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত প্রৱেশ
কৰে, সেইসময়ত এই অঞ্চল আছিল জলবসতি শূন্য। গতিকে কলিতা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল
অঞ্চলৰ প্রথম অধিবাসী।
আজিৰ পৰা সাত হাজাৰ বছৰ পূৰ্বে খ্ৰীষ্টপূৰ্ব ৫,০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪,৫০০-ৰ ভিতৰত কলিতা-
পূৰ্বপুৰুষসকলৰ প্রথমটো দল ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়েহি বুলি আৰু খ্ৰীষ্টপূৰ্ব ৪,০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব


--- Page 78 ---
বৈচিত্ৰ্যময় অসম ৬৯

৩,৫০০-ৰ ভিতৰত ব্যাপক মাত্ৰাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলত থিতাপি লয়হি বুলি অনুমান কৰিব
পাৰি। পশ্চিম দিশৰ পৰা এই প্ৰব্ৰজন চতুৰ্দশ শতিকা মানলৈ চেগা-চোৰোকাকৈ হৈ আছিল। কলিতা জনগোষ্ঠীৰ
পূৰ্বপুৰুষসকল যি সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত প্রৱেশ কৰিছিল (প্রায় সাত হাজাৰৰ পৰা চাৰে পাঁচ হাজাৰ
বছৰ পূৰ্বে), সেই সময়ত ইয়াৰ সমতলভূমিৰ আশে-পাশে থকা পাহাৰ-পৰ্বতসমূহত কিছুমান মংগোলীয় মূলৰ
জনগোষ্ঠী আছিল যদিও সমতল ভূমিক লৈ তেওঁলোক আগ্রহী নাছিল বাবে কলিতাসকলে কোনো মানৱ
সৃষ্ট বাধা, প্রতিযোগিতা বা আক্ৰমণৰ সন্মুখীন নোহোৱাকৈ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত প্রথম উপনিৱেশ
স্থাপন কৰিছিল। নদীৰ পাৰে পাৰে উৰ্বৰা ভূমিত সৰু সৰু উপনিৱেশ পাতি ক্ৰমশঃ পূৱলৈ আগবাঢ়ি গৈ
একেবাৰে পূৱ প্ৰান্তত পাটকাই পৰ্বত অতিক্ৰম কৰিব নোৱাৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৱ প্ৰান্তত তেওঁলোকে
দ্বিতীয়খন উপনিৱেশ পাতে৷ এই দুই উপনিৱেশৰ অভিকেন্দ্ৰৰ আনুমানিক দূৰত্ব প্রায় ছয় শ কিলোমিটাৰ।
বৰ্তমান অসমৰ জনসংখ্যাগতভাৱে বৃহত্তম থলুৱা জনগোষ্ঠী কলিতাসকলৰ প্রায় কুৰিটামান ভাগ,
উপভাগ বা সম্প্ৰদায় আছে। ইয়াৰে গৰিষ্ঠসংখ্যকেই ভাৰতীয় সাংবিধানিকভাৱে সাধাৰণ শ্ৰেণীভুক্ত (বৰকলিতা,
সৰুকলিতা, কায়স্থ, হালৈ কেওট, সাউদ, আৰ্য্যবৈশ্য আদি) যদিও কেইটামান সম্প্ৰদায় বা ভাগ অন্যান্য
পিছপৰা শ্ৰেণীভুক্ত (শালৈ, নাপিত, নট, মালী, কুমাৰ, কমাৰ, কঁহাৰ আদি) তথা অইন কেইটিমান অনুসূচিত
জাতিভুক্ত (ধুবী, হীৰা, জালৈ আদি)। এতিয়া ‘সম্প্ৰদায়’লৈ পৰ্য্যবসিত হোৱা এই গোটবোৰ আদিতে একোটা
‘বৃত্তিয়াল গোট’হে আছিল। সাংবিধানিকভাৱে বহুকালজুৰি বিভক্ত কৰি থোৱা বাবে বহুতেই এতিয়া জনগোষ্ঠীয়
(Ethnic) পৰিচয় পাহৰি বা পৰিহাৰ কৰি সম্প্ৰদায়গত পৰিচয়কে মনত ৰাখিছে। নাথ-যোগী, গণক আৰু
বহুসংখ্যক থলুৱা ইছলামধৰ্মীও মূলগতভাৱে কলিতা জনগোষ্ঠীয়। জিনীয়-বিশ্লেষণ (Genetic Analysis)
পদ্ধতিৰে সন্দেহাতীতভাৱে ইয়াৰ সত্যাসত্য গম লোৱাটো সম্ভৱ। কলিতাসকলে প্রায় বিৰান্নব্বৈ (৯২)-টা
বিভিন্ন উপাধি ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে - কলিতা, বৰ্মন, বৰ্মা, কাকতি, বৰুৱা, বৰা, চৌধুৰী,
চৌধাৰী, তালুকদাৰ, ডেকা, হালৈ, দাস, তহবিলদাৰ, খাটনিয়াৰ, দত্ত, সেনাপতি, পাগবন্ধা, ডিহিদাৰ, সৰকাৰ,
শালৈ, হুজুৰী, দেউৰী, উজীৰ, পাল দাস, সাধনিকাৰ, নেওগ, মৰল, ভৰালী, মেধী, শইকীয়া, হাজৰিকা,
দুৱৰা ইত্যাদি। কলিতাৰ বাদেও অইন জনগোষ্ঠী কিছুমানেও ইয়াৰে বেছিভাগ উপাধি ব্যৱহাৰ কৰি আহিছে।
আৰু মংগোলীয় অইন কেবাটিও থলুৱা জনগোষ্ঠীৰ উপাদান লৈহে এতিয়াৰ আধুনিক, পৰিপক্ক ‘অসমীয়া’
ৰূপটি হৈছে।
কলিতাসকলে পৰম্পৰাগতভাৱে কপাহ, এৰি পলু, পাত পলু আৰু মুগা পলুৰ আঁহৰ পৰা তৈৰী সূতাৰে
প্রস্তুত কপাহী, এৰি, পাত আৰু মুগা কাপোৰ ব্যৱহাৰ কৰে। ইয়াৰে প্রথম দুবিধেৰে নিত্য ব্যৱহাৰ্য কাপোৰ
আৰু পিছৰ দুবিধ আনুষ্ঠানিক (Ceremonial) পোচাক প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। এৰি সৃতাৰ ৰং ধূসৰ বগা


--- Page 79 ---
৭০ বৈচিত্য্যময় অসম

আৰু ইয়াৰে শীতকালত উৰাৰ বাবে এৰি-চাদৰ (এণ্ডি) বৈ লোৱা হয়। পাত সূতাৰ ৰং ৰূপালী আৰু মুগা
সূতাৰ বৰণ সোণালী, ইয়াৰে বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত ব্যৱহাৰৰ কাৰণে চাদৰ, মেখেলা, ধৃতি, চোলা
আদি প্রস্তুত কৰা হয়। কলিতা সমাজত এই দুবিধ কাপোৰ আভিজাত্যৰ প্রতীক ৰূপে পৰিগণিত হৈ আহিছে।
নিজৰ প্ৰয়োজনীয় সাজ-পোচাক কলিতাসকলে তাত শাল ব্যৱহাৰ কৰি নিজেই উৎপাদন কৰি লয়। যুৱতী-
মহিলাসকলে তাঁতৰ কাম জনাটো বাধ্যতামূলক আৰু কিছু বছৰ আগলৈকে কাপোৰ ব’ব নজনা কলিতা
যুৱতীৰ বিয়াই নহৈছিল। বিবাহিতা মহিলাই (বিশেষকৈ জ্যেষ্ঠসকলৰ সমুখত) মূৰত ওৰণি লয়। কলিতা
জনগোষ্ঠীয় সাজ-পোচাকত বগা আৰু ৰঙা ৰঙৰ প্রাধান্য দেখা৷ যায়।
সমাজৰ বাবে অতিৰিক্তভাৱে প্ৰয়োজন হোৱা TAR অতীতত শালৈ (যাৰ নিজাকৈ শাল আছিল) আৰু
তাঁতী (কাপোৰ বব জনা মানুহ, নিজাকৈ শাল থাকিবও পাৰে, নাথাকিবও পাৰে) নামৰ বৃত্তিয়াল গোট দুটিয়ে
উৎপাদন কৰিছিল। মেখেলা-চাদৰ কলিতা মহিলাৰ জাতীয় সাজ, লগতে আগুৰণ, টেলচ, ৰিহা আদি পৰিধান
কৰে। পুৰুষসকলে গামোচা, শালত বৈ লোৱা চুৰিয়া, চোলা পৰিধান কৰে। ৰঙা পাৰিৰ ফুলাম গামোচাৰে
ডাঙৰক সন্মান আৰু সৰুক মৰম যাঁচে।
সোণ, ৰূপ আৰু পিতলেৰে তৈৰী বিভিন্ন অলংকাৰ কলিতাসকলে (মূলতঃ মহিলাসকলে) ব্যৱহাৰ
কৰে। মহিলাসকলে কপাল উকা কৰি নাৰাখে আৰু কপালত ফোঁট লয়। বিয়াৰ পিছত সেন্দুৰৰ ফোঁট লয়
আৰু স্বামী জীৱিত অৱস্থাত সেন্দুৰৰ ফোঁট নোলোৱাকৈ বাজ ওলালে দেৱতাৰ IGA ঘৰ-সংসাৰত
পৰে বুলি জনবিশ্বাস আছে। কাণত অলংকাৰ পৰিধান কৰাৰ বাবে ছোৱালী কালত কান-ফুটোৱা Gras
কাণত ফুটা কৰি লোৱা হয়। এই কাণ-ফুটোৱা৷ পৰ্ব সচৰাচৰ কাতি মাহৰ পূৰ্ণিমাৰ দিনাখন (লক্ষ্মী পূৰ্ণিমা) বা
কিছুমানে বহাগ মাহৰ পূৰ্ণিমা (বুদ্ধ পূৰ্ণিমা) অথবা আহিন মাহৰ শুক্লা দশমী (বিজয়া দশমী)-ৰ দিনাখনো
কৰে।
কলিতাসকল মূলতঃ কৃষিজীৱী। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন বৃত্তি অৱলম্বন কৰিবলৈ লৈছে
যদিও এতিয়াও প্রায় ৯০% কলিতাই প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষি আৰু পশুপালনৰ জৰিয়তে জীৱন নিৰ্বাহ
কৰে। কলিতাসকলে দুটা (এহাল) গৰু বা ম’হেৰে ‘নাঙল’ নামৰ বিশেষ সঁজুলিৰে মাটি চহাই খেতি কৰে। গৰু
আৰু নাঙল ‘হাল’ৰ গৰাকীক ‘হালৈ’ বোলা হৈছিল।
কলিতা জনগোষ্ঠী মূলতঃ অন্তঃ-প্ৰজননী (Endogamous), ই এক জনজাতি RG (Tribal
Character) | পৃথিৱীৰ বিভিন্ন জনজাতিৰ দৰে স্বগোষ্ঠীয় জিনীয় পুখুৰী (Gene Pool)4 ৰক্ষাৰ্থে তথা
কৃষ্টি, আচাৰ, পৰম্পৰা ৰক্ষাৰ্থে কলিতাসকলে বিয়া-বাৰু আদি নতুন সম্পৰ্ক স্বগোষ্ঠীৰ ভিতৰতে হোৱাটোত
অগ্ৰাধিকাৰ দিয়ে। অন্তঃ-প্ৰজননী যদিও কলিতা সমাজত ওচৰ ৰক্ত-সম্পৰ্কিত (Consanguinous) পুৰুষ-
নাৰীৰ মাজত বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ। সম্বন্ধীয় ভাই-ভনী, মামা-ভাগিনী, খুৰা-ভতিজী আদি ৰক্ত-
সম্পৰ্কিতৰ মাজৰ বিবাহ বাৰণ কৰা হয় কিন্তু ৰক্ত-সম্পৰ্কহীন বৈবাহিক সম্পৰ্কযুক্তৰ মাজৰ বিবাহক আদৰি
লোৱা হয় (যেনে দেওৰৰ সৈতে ভনীয়েকৰ বা ভায়েকৰ সৈতে খুলশালীৰ বিবাহ)। কলিতা সমাজ কিছুপৰিমাণে
ৰক্ষণশীল। সামাজিকভাৱে বিয়া নোহোৱাকৈ এহাল পুৰুষ-মহিলাক একেলগে থকাটো সমাজে অনুমোদন


--- Page 80 ---
বৈচিত্ৰ্যময় অসম ৭১

নজনায়। পলুৱাই আনি বিবাহ কৰাটো আদৰণীয় নহয়। এনেবোৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিসকল ‘মেলৰ সন্মুখীন
হ’ব লাগে আৰু ‘মেল’ত হোৱা সিদ্ধান্ত অনুসৰি দণ্ড (জৰিমনা) ভৰি, নামঘৰত আঁঠু লৈ ৰাইজৰ অনুমোদন
লৈহে সংসাৰ আৰম্ভ কৰিব পাৰে।
চাউল সিজাই প্রস্তুত কৰা ‘ভাত’ কলিতাসকলৰ মূল আহাৰ। ভাতৰ সৈতে বিভিন্ন শাক, পাচলি
আদিৰে প্রস্তুত কৰা ব্যঞ্জন থাকে। নিমখ অহাৰ পূৰ্বে কলাখাৰেৰে (কেল-গছৰ গা অংশ শুকুৱাই পুৰি তাৰ
ছাইখিনি) ব্যঞ্জন প্রস্তুত কৰা হৈছিল। কিছুমান পৰম্পৰাগত কলিতা জনগোষ্ঠীয় খাদ্য বা ব্যঞ্জন এনেধৰণৰ-
আলু পোৰা, আলু পিটিকা, বেঙেনা পিটিকা, কঁঠাল গুটি পোৰা, মাছ পোৰা, ও-টেঙাৰে মাছ ৰন্ধা, পচলা,
কচু সিজোৱা, কোমোৰাৰে ৰন্ধা হাঁহৰ মাংস, অমিতাৰে ৰন্ধা পাৰৰ মাংস, বিভিন্ন ‘বতা’ যেনে পদিনা বতা,
দালি বতা আদি, শাকৰ বিভিন্ন ব্যঞ্জন ইত্যাদি। কুঁহিয়াৰৰ ৰস উলিয়াই তাক পগাই গুৰ মিঠৈ প্রস্তুত কৰে।
ৰাতিপুৱা জলপানত কোমল চাউল (ব’কা চাউল), চিৰা বা সান্দহ-গুৰি কল, গুৰ মিঠৈ আৰু গাখীৰেৰে গ্ৰহণ
কৰে। ধান উহাই একেটা ৰ’দতে শুকুৱাই এক বিশেষ প্রক্ৰিয়াৰে কোমল (ব’কা) চাউল প্রস্তুত কৰা হায়।
আনহাতে তিয়াই থোৱা চাউল উৰাল বা ঢেঁকীত খুন্দি চিৰা প্রস্তুত কৰা হ’য়। তেল নিদিয়াকৈ ভঁজা চাউল
উৰাল বা ঢেঁকীত খুন্দি সান্দহ-গুৰি প্রস্তুত কৰা হয়। ভাতত পানী দি এদিন বা এৰাতি থৈ পঁইতা (পন্তা) ভাত
প্রস্তুত কৰে আৰু সচৰাচৰ খেতিৰ বতৰত দুপৰীয়া খেতিপথাৰৰ পৰা অহাৰ পিছত আলু পোৰা, মাছ পোৰা
আদিৰে HSI ভাত খায়। আলহী-অতিথিক বিভিন্ন লাৰু (তিলৰ লাৰু, নাৰিকলৰ লাৰু আদি), পিঠা (তিল
পিঠা, ঘিলা পিঠা, চুঙা পিঠা, কল পিঠা, খোলা-চাপ্রি পিঠা আদি) আদিৰে আপ্যায়ন কৰা হয়। সৰিয়হ পেৰি
উলিওৱা তেল বিভিন্ন ব্যঞ্জন প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। গাখীৰ আৰু গাখীৰেৰে তৈৰী দৈ আদি খাদ্য কলিতা
জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। কোনো ধৰণৰ সুৰা কলিতাসকলে প্রস্তুত নকৰে আৰু সেয়ে কলিতা
জনজীৱনত সুৰাৰ কোনো স্থান নাই। আহাৰ গ্ৰহণৰ পিছত তামোল-পাণ মুখত লোৱা নিয়ম। কলিতা জনজীৱনত
তামোল-পাণৰ এক সুকীয়া আসন আছে।
কলিতা জনগোষ্ঠীয় লোকে পালন কৰা পৰ্ব বা উৎসৱসমূহৰ ভিতৰত গৰু বিহু, শাকতি বা শাকেতি,
বাঁহ পূজা, ভথেলি, বহাগৰ সাত বিহু, মহোহো বা ম’হ খেদা, ঢুলীয়া, ভূঁই ৰোৱা বা গজ দিয়া উৎসৱ, ধানৰ
আগ অনা লেখিমী আদৰা) উৎসৱ, পাচতি, কাতি বিহু বা কঙালী বিহু, ধান তোলা উৎসৱ, ন'-খোৱা,
ভোগালী বিহু, ছোৱালী ডাঙৰ হোৱা পৰ্ব (পুষ্পিতা বা ধুৱেনী) ওজা পালি, নাগাৰা নাম আদি। ‘অসমীয়া’
বুলি যিটো সাংস্কৃতিক ধাৰণাৰ সৃষ্টি হৈছে, তাৰ মূল বা মেৰন্দণ্ডডাল হ’ল কলিতা জনগোষ্ঠীয় লোকসংস্কৃতি।
‘অসমীয়া’ নামৰ সাংস্কৃতিক ধাৰণাটোৰ সৃষ্টিত কলিতা জনগোষ্ঠীৰ ইমানেই বেছি অৱদান আছে যে “অসমীয়া
লোকসংস্কৃতি”-ৰ সতে “কলিতা লোকসংস্কৃতি” যেন অভিন্ন ৰূপত একাকাৰ হৈ গৈছে। সেইবাবে অসমৰ
সভ্যতা মূলতঃ কলিতা সভ্যতা বুলি কোৱা হৈছে (“Assam is the Homeland of the Kalitas and it’s
civilization is predominantly Kalita civilization. The other sub-castes follow the Kalita social
laws and customs in their entirety.”- Dr Kaliram Medhi) | এক বৃহত্তৰ ‘অসমীয়া জাতি’ গঠনৰ


--- Page 81 ---
৭২ বৈচিত্ৰ্যময় অসম

প্রক্ৰিয়াত একাসন্তভাৱে বহুকাল ব্যস্ত হৈ থাকি কলিতাসকলে নিজৰ জনগোষ্ঠীয় লোকাচাৰ আৰু লোকসংস্কৃতি
সমূহক নিজৰ জনগোষ্ঠীয় বুলি চিহ্নিত নকৰি সামূহিক পৰিচয়েৰে চিহ্নিত কৰি আহিছিল।

কলিতাসকল ভৈয়ামৰ এটা কৃষিভিত্তিক আৰু নদীমাতৃক জনগোষ্ঠী। সেইবাবে কলিতাসকলৰ
লোকসংস্কৃতিৰ বেছিভাগেই খেতি আৰু নদীৰ সতে জড়িত।

কলিতাসকলৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি ঃ

কুমাৰ ভাস্কৰ বৰ্মা ঃ প্রাচীন কামৰূপ ৰাজ্যৰ শ্রেষ্ঠ ৰজা। ৰজা সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যৰ পিছত ৫৯৩
চনত কামৰূপৰ ৰজা হয়। কুমাৰ ভাস্কৰ বৰ্মা সিংহাসনত আৰোহণ কৰা দিনৰ পৰাই অসমীয়া জাতীয় Gar
(ভাস্কৰাব্দ) গণনা কৰা BT | উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনৰ সতে বন্ধুত্ব আছিল। ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনেৰে লগ
হৈ গৌঢ়ৰ ৰজা শশাংকক পৰাস্ত কৰিছিল আৰু গৌড় আৰু কৰ্ণসুৱৰ্ণ কামৰূপৰ অধীন কৰিছিল আৰু কামৰূপৰ
সীমাই পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যা ৰাজ্য পাইছিল গৈ ৷ ই আছিল ভৌগোলিকভাৱে বিশালতম কামৰুপ
ৰাজ্য। চীনা পৰিৱাজক হিউ ৱেন চাঙৰ টোকা মতে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা ১৬৭৫
মাইল আৰু ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ সীমা৷ ৬ মাইল আছিল। ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰলিপি, নিধানপুৰ
তাম্ৰলিপি, নালন্দাৰ মোহৰ আদি কলিতা জনগোষ্ঠী তথা অসমৰ অমূল্য এতিহাসিক সমল। আনুমানিক
৬৫০ চনত কুমাৰ ভাস্কৰ বৰ্মাৰ মৃত্যু হয়।

আনন্দৰাম বৰুৱা ঃ প্রথম অসমীয়া স্নাতক তথা প্রথম অসমীয়া (পঞ্চম ভাৰতীয়) অসামৰিক সেৱাৰ
বিষয়া (আই চি এছ)। জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উত্তৰ গুৱাহাটীত পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ
দুৰ্লভেশ্বৰী বৰুৱা। জিলা দণ্ডাধীশৰ পদত অধিষ্ঠিত প্রথম অসমীয়া তথা দ্বিতীয় GAS | সংস্কৃত ভাষাৰ
এজন বিদগ্ধ পণ্ডিত৷ মৃত্যু ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে | অসম চৰকাৰে ২০০৫ চনৰ পৰা উচ্চ মাধ্যমিক
শিক্ষান্ত পৰীক্ষণত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে ‘আনন্দৰাম বৰুৱা বঁটাৰ প্ৰৱৰ্তন কৰিছে।

ছহিদ মণিৰাম দেৱান ঃ প্রকৃত নাম মণিৰাম দত্তবৰুৱা, ‘কলিতা ৰজা’ বুলি অভিহিত কৰা হৈছিল। জন্ম

১৭ এপ্রিল, ১৮৫৬ চনত শিৱসাগৰ জিলাৰ চাৰিঙত | শিক্ষাগ্ৰহণৰ পিছত তেতিয়াৰ ইংৰাজ শাসকৰ কৰতলীয়া
ৰজা পুৰন্দৰ সিংহৰ ‘বৰভাণ্ডাৰ বৰুৱা’ বাব | পুৰন্দৰ সিংহ কৰতলীয়া ৰজাৰ পৰ৷ অপসাৰিত হোৱাৰ পিছত
১৮৩৭-১৮৩৯ কালছোৱাত ইংৰাজ শাসকৰ প্ৰত্যক্ষ অধীনত ঢেৰেকাপাৰ, কোঁৱৰগুৰ আৰু মেটেকা মৌজাৰ
মৌজাদাৰ হিচাবে দায়িত্ব চলোৱাৰ পিছত ১৮৩৯ চনত ইংৰাজৰ ‘আচাম টী কোম্পানী’ৰ দেৱান পদত
যোগদান কৰে। ১৮৪৫ চনত চেনীমৰা (যোৰহাট) আৰু চিংলৌ (শিৱসাগৰ)-ত নিজাকৈ দুখন চাহ-বাগিচা
খুলি প্রথম অসমীয়া তথা প্রথম ভাৰতীয় চাহ-খেতিয়ক হিচাপে পৰিগণিত হয়। অসমত ইংৰাজৰ বিৰূদ্ধে
স্বাধীনতা আন্দোলনৰ বাটকটীয়া মণিৰাম দেৱান। ৰাজনৈতিক স্বাধীনতাৰ লগে লগে অৰ্থনৈতিক স্বাধীনতা
প্রতিষ্ঠাৰ বাবে লো গলোৱা উদ্যোগ, সোণ উদ্যোগ, লোন ব্যৱসায়, নাও বনোৱা উদ্যোগ, ইটা উদ্যোগ আদি
স্থাপন আৰু মূদ্ৰাৰ প্ৰচলনেৰে আধুনিক অৰ্থনীতিৰ ভেটি স্থাপন কৰিছিল। উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে


--- Page 82 ---
বৈচিত্ৰ্যময় অসম ৭৩

ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাঁচখন ঠাইত পাঁচখন ‘হাট’ প্রতিষ্ঠা কৰিছিল, - ডিব্ৰুগড় জিলাত বৰহাট, শিৱসাগৰ
জিলাত নগাহাট, কামৰূপ জিলাত গাৰোহাট, লখীমপুৰ জিলাত চিচিহাট আৰু দৰং জিলাত দৰঙীয়া হাট।
‘বুৰঞ্জী বিবেক ৰত্ন’ নামেৰে গ্ৰন্থ ৰচনা কৰিছিল। অসমত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সূচনা কৰা বাবে
দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ শাসকে মণিৰামক যোৰহাটত ৰাজহুৱাকৈ
ফাঁচী দিয়ে।

ডঃ বাণীকান্ত কাকতি $ জন্ম ১৫ নৱেম্বৰ, ১৮৯৪ চনত এতিয়াৰ বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত।
পিতৃ ললিতৰাম কাকতি আৰু মাতৃ লহোবালা কাকতি। ১৯১১ চনত অসম উপত্যকাৰ ভিতৰত প্রথম স্থানেৰে
বৰপেটা হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু ১৯১৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থানেৰে আই,
এ পৰীক্ষাত উত্তীৰ্ণ৷ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি, এ আৰু এম, এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯১৮
চনত কটন কলেজ, গুৱাহাটীত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৪৭ চনত অধ্যক্ষ হয়। পৰৱৰ্ত্তী
সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯১৬ চনত বৰপেটাৰ কনকলতা (দাস)
কাকতিৰ সতে বিবাহপাশত আৱদ্ধ। ‘কলিতা জাতিৰ ইতিবৃত্ত’ আদি কেবাখনো গ্ৰন্থ ৰচনা কৰে। মূলতঃ
এটা স্বতস্তৰীয়া আধুনিক ভাষা বুলি ডঃ কাকতিদেৱে প্ৰতিষ্ঠা কৰিছিল। Assamese- It’s Formation and
Developement গ্রন্থখনিৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে তেখেতক ‘ডক্তৰেট’ উপাধি প্রদান কৰিছিল। ১৫
নৱেম্বৰ, ১৯৫২ চনত তেখেতে ইহলীলা সম্বৰণ কৰে |

প্ৰশ্নাৱলী

১ । কলিতা জনগোষ্ঠীৰ খাদ্য-পৰম্পৰাৰ বিষয়ে চমুকৈ লিখা।

২। কলিতা জনগোষ্ঠীৰ আ-অলংকাৰ আৰু সাজ-পাৰৰ বিষয়ে চমুকৈ লিখা।

৩। কলিতা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বনৰ বিষয়ে চমুকৈ লিখা।

8 | চমুটোকা লিখা ঃ
(ক) আনন্দৰাম TR (খ) কুমাৰ ভাস্কৰ বৰ্মা (গ) মণিৰাম দেৱান
(ঘ) G বাণীকান্ত কাকতি


--- Page 83 ---
তিৰাসকল

তিৱাসকল প্রাচীন কালৰে পৰা অসমত বাস কৰি অহা এটা নৃগোষ্ঠী। ভাষিক দিশৰ পৰা এওঁলোক
ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ থালৰ লোক। বৰ্তমান এই
গোষ্ঠীৰ লোকসকল অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজী, লক্ষীমপুৰ,
শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিঁচৰতি হৈ আছে। তিৱাসকলক সূক্ষ্মভাৱে যদিওবা
দাঁতিঅলীয়া, পাহাৰীয়া আৰু থলোৱালী বুলি তিনিটা ভাগত বিভক্ত কৰা হয়, বৰ্তমান পাহাৰীয়া আৰু
ভৈয়ামীয়া হিচাপে দুটা ভাগতহে ভগোৱা হয়।

ইতিহাসৰ পাতত তিৱাসকলৰ স্থান মন কৰিবলগীয়া। তিৱা বীৰ জোঙাল বলহু প্লাকএঁতিহাসিক
যুগৰ এজন কিংবদন্তিমূলক ৰজা। মধ্যযুগতো গোভা, নেলী, খলা, চহৰীকে ধৰি কেইবাখনো সৰু-
বৰ ৰাজ্য তেওঁলোকৰ নেতৃত্বত কপিলী উপত্যকাত স্থিতি লাভ কৰিছিল। তদুপৰি আহোমৰ ৰহা আৰু
জাগী চকীৰ অধীনত ‘পাঁচো ৰাজ্য’ আৰু ‘সীতো ৰাজ্য’ বুলি বাৰখন সৰু ৰাজ্যকে ধৰি দমাল-
wy আদি ৰাজ্যৰ জন্ম হৈছিল। ১৮৩৫ খ্ৰীষ্টাব্দত গোভা ৰজাই তিনিজন ব্ৰিটিছক ধৰি আনি কালী
গোসাঁনীৰ আগত বলি দি ইংৰাজৰ ৰোষত পৰি ৰাজ্য হেৰুৱাব লগা হৈছিল। ভাৰতৰ স্বাধীনতা
সংগ্ৰামত তিৱাসকলৰ বিশেষ অৱদান আছে। অসমৰ প্রথমটো কৃষক বিদ্ৰোহ ‘ফুলগুৰি ধেঁৱা’ৰ জন্ম
আৰু নেতৃত্ব দিছিল তিৱাসকলে। বিদ্ৰোহৰ অপৰাধত চোৱাবৰ লালুঙকে ধৰি বহু লোকৰ প্রাণ যোৱাৰ
উপৰি এঘাৰজন লোক যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল। বিয়াল্লিছৰ গণ আন্দোলনতো তিৱা জনজাতিৰ
ব্যক্তি হেমৰাম পাটৰ শ্বহীদ হৈছিল।

মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়।
দুই-ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুটা, এক
বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি


--- Page 84 ---
বৈচিত্ৰ্যময় অসম ৭৫

কৰে। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয় আৰু পাহাৰত
এখন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰব্বীক ‘লৰ’ বুলি কোৱা হয়। হাৰী কুঁৱৰী সমাজৰ এক সন্মানীয়
আৰু মযদোপূৰ্ণ পদবী। ভৈয়াম অঞ্চলৰ প্রতিটো কুলৰে নিজা উপাসনা গৃহ ‘বৰঘৰ’ বা ‘ন’বাৰ"ৰ
উপস্থিতি মন কৰিবলগীয়া। আনহাতে পাহাৰ অঞ্চলৰ প্রতিটো পৰিয়ালৰ মুৰব্বীকে ‘জেলা’ বুলি কোৱাৰ
উপৰিও বাসগৃহটোক ‘ন’বাৰ’ হিচাপে অভিহিত কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে পৰিয়াল কেন্দ্ৰিক পূজা-
অৰ্চনাবোৰো তাতেই সমাপন কৰা হয়। ‘চামাদি’ বা ডেকাচাং পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্রাণকেন্দ্ৰ।
ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক। প্রকৃতিৰ
বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ-পাৰ্বণত তেওঁলোকে পূৰ্বপুৰুষকো দেৱতা বুলি
পূজা কৰে। পৰৱৰ্তা সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা, যেনে — শাক্তবাদ, বৈষ্ণৱবাদ,
শৈৱবাদ, নৱবৈষ্ণৱবাদৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। ইয়াৰ বিপৰীতে পাহাৰ অঞ্চলবোৰত
বিংশ শতিকাৰ আৰম্ভণিৰে পৰা খ্ৰীষ্টধৰ্মই গজালি মেলে।

তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখন বিশেষভাৱে সমৃদ্ধ। মৰম-চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকি
‘জোনবিল’ মেলাখন প্ৰাচীন অর্থনীতিৰ জীয়া দলিল। ইয়াৰ বাহিৰেও পাহাৰ অঞ্চলৰ বিভিন্ন পূজা,
উৎসৱ-পাৰ্বণবোৰ হৈছে — ABA, Val, য়াংলী, মুইনাৰী কান্ঠি, লাংখন্‌, মাই পথালা, মাই ৰাৱা,
VHT ৰাৱানে ফুজা, ASIN ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱ-পাৰ্বণবোৰ হৈছে ==
জোনবিল মেলা, বৰত্‌, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি।
তিৱাসকলৰ কৰ্ম আৰু উৎসৱ-পাৰ্বণবোৰত বিভিন্ন গীত-মাত, নৃত্য, বাদ্য জড়িত হৈ আছে। বিভিন্ন
কৰ্ম, উৎসৱ-পাৰ্বণ অনুযায়ী থ্রাম্‌ (ঢোল) বাৰ, AY খুজুৰা, VY পাস্থাই, দুম্‌দিং, দগৰ্‌, পাতিঢোল
আদি চাম্ৰাৰ বাদ্য; বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং থাম, থক্‌থৰৰক; মুখেৰে ফু দি আঙুলি ব্যৱহাৰ
কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম’হৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি বাদ্যযন্তৰ
পয়োভৰ তিৱাসকলৰ মাজত দেখা যায়।

স্বকীয় বৈশিষ্ট্যপূৰ্ণ আকৰ্ষণীয় বিভিন্ন ফুল-চানেযুক্ত বস্তু তিৱাসকলে পৰিধান কৰে। পুৰুষে থানা,
তদুপৰি কেইবাবিধৰ মণি, যেনে-- চাপ্‌ল, চিংলি a, কল্‌ পান্থা তিৱাসকলে পৰিধান কৰে। খাইদং,
ছন্যানে খাইদং আৰু ৰূফানে খাইদং নামৰ অলংকাৰকেইবিধ কাণত পৰিধান কৰে।

আমিষভোজী তিৱাসকলৰ টু CA (কুকুৰাৰ মঙহ) আৰু ৱা মেছাম্‌ (গাহৰিৰ মঙহ) প্রিয় খাদ্য।
পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্রস্তুত কৰি লৈ পান কৰা পানীবিধক তেওঁলোকে জ্য’ বোলে।


--- Page 85 ---
৭৬ বৈচিত্ৰ্যময় অসম
তিৱাসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল--

Seuss দেউৰী

তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম
ব্যক্তি হ’ল ইন্দ্ৰচিং দেউৰী। তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ
গাঁৱত ১৯৩২ চনত। মালচিং পোমা আৰু মামা আম্‌চিৰ তেওঁ আছিল তৃতীয় AW! ১৯৩৯ চনত
কাৰ্বি আংলং জিলাৰ বাউলাগোগ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ
হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়িয়েই অৰ্থৰ অভাৱত শিক্ষা-জীৱন সামৰিব লগা হয়। ১৯৪৯ চনত
ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহি পিছলৈ পা্টাত যোগদান কৰি সক্ৰিয়ভাৱে কাম
কৰিছিল। পাৰ্টীত থকা অৱস্থাত তেওঁ অনুভৱ কৰিছিল তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক
আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা। কিন্তু ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ তাগিদাত পৰি তেওঁ ১৯৫১ চনত
পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে যদিও জাতিটোৰ প্রতি থকা দায়িত্ববোধৰ বাবে ১৯৫৩
চনত গাৰো পাহাৰ জিলাৰ তুৰাৰ পৰা চাকৰি ইস্তফা দি পুনৰ তিৱা জাতিক জাগ্ৰত কৰাৰ কামত
ব্ৰতী হয়।

কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা Capers আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ
লগতে তিৱা সমাজক আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে অতি কষ্টেৰে Buide
দেউৰীয়ে বিন্‌ মাছলাই, ৰবটচিং আম্‌চি আৰু পদ্মকান্ত কাকতিকে আদি কৰি সচেতন ব্যক্তিসকলৰ
সহযোগত ১৯৬০ চনত খথাৰাখুঞ্জী গাঁৱত “তিৱাচা মিচন’ নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে।
এই অনুষ্ঠানে তিৱা গাঁওসমূহত প্রাথমিক বিদ্যালয়ৰ লগতে প্রাপ্তবয়স্কসকলৰ বিদ্যালয় গঢ়ি পাঠদান
কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। তিৱা সমাজৰ কুটীৰ শিল্পক আগবঢ়াই নিয়াৰ বাবে মিচনে বিশেষ ভূমিকা
গ্ৰহণ কৰিছিল। তেতিয়াই ইন্দ্ৰচিং দেউৰীয়ে ‘অ’ তিৱা, অ’ তিৱা ছেৰাণ চাৱা’ নামে এটি জনপ্রিয়
গীত ৰচনা কৰিছিল।

“তিৱাচা মিচন’ৰ কাম চলি থকাৰ সময়ত ‘অল পাটা হিল্‌চ লিডাৰ কন্ফাৰেন্স'৭ একাংশ তিৱা
এলেকাক সামৰি মেঘালয় ৰাজ্য গঠনৰ দাবী উত্থাপন কৰাত ইন্দ্ৰচিং দেউৰীয়ে প্রতিবাদ কৰাৰ সিদ্ধান্ত
লয়। কাৰণ ইতিপূৰ্বে সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলা গঠনৰ সময়ত তিৱা
বসতি প্রধান এলেকা বিভাজিত হৈছিল। তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন
‘লালুং দৰবাৰ’ ১৯৬৭ চনত ইন্দ্রচিং দেউৰীৰ নেতৃত্বতেই জন্ম হৈছিল।

ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া পোন প্রথম বাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত ১৯৭৬
চনত সাধাৰণ সদস্য হিচাবে মনোনীত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ উপাধ্যক্ষ হিচাবেও নিযুক্ত
হৈছিল। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ১৯৮১ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত আম্‌ৰি


--- Page 86 ---
বৈচিত্ৰ্যময় অসম ৭৭

সমষ্টিৰ পৰা লালুং দৰবাৰৰ হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্রতিদ্বন্দ্ধতা কৰি নিৰ্বাচিত হয় আৰু পৰৱৰ্তী
পৰ্যায়ত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল।

ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াই তিৱা সাহিত্য সংস্কৃতিৰ-ভৰালকো চহকী কৰি থৈ গৈছে৷ তেওঁৰ বহু
তিৱা কবিতা, গীত বিভিন্ন আলোচনী আদিত প্রকাশ পাইছে। তাৰে ভিতৰতে ‘তিৱা তচিম৷’ গীতটো
ইতিমধ্যে তিৱা জাতীয় সংগীত হিচাবে তিৱাসকলে গ্ৰহণ কৰিছে। এই জাতীয় সংগীতৰ সুৰ তেওঁ
নিজে দিছিল।

ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া তিৱা জাতীয় জীৱনৰ এজন কাণ্ডাৰী আছিল। তেওঁ একেধাৰে সংগঠক,
সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল।
সেইবাবে পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক ‘ফা পৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল।
তিৱা জাতি জীয়াই থকালৈকে Sass দেউৰী ডাঙৰীয়াও তিৱা জাতিৰ মাজত সদায় জীয়াই থাকিব।
তেওঁ ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে।

বলাইৰাম সেনাপতি

অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক হ’ল বলাইৰাম
সেনাপতি। তেওঁৰ জন্ম ১৯৩১ চনৰ ৩ মাৰ্চত, নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত। তেওঁৰ
পিতাক আছিল বগাৰাম সেনাপতি আৰু মাক পদ্রেশ্বৰী বৰদলৈ। বাৰপূজীয়া এল. পি. আৰু এম.
ভি. স্কুলত প্রাথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতিয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁও গবৰ্ণমেন্ট
হাইস্কুলত। ঘৰুৱা জঞ্জালৰ হেতু হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে ডেকা বয়সত তেওঁ ১৯৫৩
চনৰ পৰা ১৯৬৩ চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত
শিক্ষকতা কৰিছিল। ‘মিকিৰ পাহাৰত কি ঘটিছে’ নামৰ ‘ৰামধেনু’ত প্রকাশিত প্রৱন্ধটো লিখাৰ বাবে
চৰকাৰী বিষয়াৰ ৰোষত পৰি মাথোন ১০ বছৰ কাল শিক্ষকতা কৰি বৰথল এম. ই, স্কুলৰ প্রধান
শিক্ষকৰ চাকৰিটো এৰি ঘূৰি আহিবলগীয়া হৈছিল আৰু কৃষিকৰ্মত মনোনিবেশ কৰিছিল। বলাইৰাম
সেনাপতি ছাত্ৰাৱস্থাৰে পৰাই সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ প্রতি আগ্ৰহী আছিল। তিৱাসকলৰ গীত-মাত, নৃত্য-
বাদ্য এইবোৰৰ চৰ্চা আৰু প্রসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্রয়োজনীয় ব্যৱস্থা গ্রহণ
কৰিছিল। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। তেওঁ তিৱা জনগোষ্ঠীৰ
স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে ‘তিৱা কৃষ্টি সন্থা’ গঠনত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। তিৱা ভাষাটো
প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। সেনাপতিৰ সৰহসংখ্যক সাহিত্য ৰচনা অসমীয়া
ভাষাতে সৃষ্টি হৈছে৷ ইয়াৰ দ্বাৰা তেওঁ কেৱল তিৱা সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰাই নহয়, অসমীয়া
সাহিত্যৰ ভঁড়ালো চহকী কৰি থৈ গৈছে৷ তেওঁ ‘ৰামধেনু’ আলোচনীত সেই সময়ত বিভিন্ন লেখা-
মেলাৰ জৰিয়তে অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনৰ লগত পৰিচিত হৈ পৰে। গীতিকাৰ, সুৰকাৰ,
গায়ক সেনাপতিয়ে ১৯৫৪ চনত ‘মুকুল’ নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্রকাশ কৰে। তেওঁ


--- Page 87 ---
৭৮ বৈচিত্ৰ্যময় অসম

ৰামধেনুত লিখা তিৱাসকলৰ ‘ৰাতিসেৱা৷’ বিষয়ক প্রৱন্ধই সেইসময়ত সমকালীন অসমৰ বিদ্বৎ সমাজৰ
দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সেনাপতি বহুদিন ধৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য
আছিল। তেওঁ বাৰপূজীয়াত অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পদতো অধিষ্ঠিত
হৈছিল। তদুপৰি তেওঁ ২০০০ চনত ‘তিৱা মাথনলাই তথা’ অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতিৰ
SAC অলংকৃত কৰিছিল। সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হ’ল ‘অতীতৰ সন্ধানত’ (১৯৯৭),
‘পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত’ (১৯৯৭), আৰু ‘তিৱা
জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তিৱা সমাজ আৰু সংস্কৃতি’ (২০১০), এই তিনিখন গ্ৰন্থ৷ পুস্তিকা
আকাৰত প্রকাশ পোৱা তেওঁ প্রদান কৰা ‘তিৱা জনজাতি আৰু বৈষ্ণৱ সমাজ’ শীৰ্ষক ‘অনন্তদেৱ স্মাৰক
বক্তৃতা’ৰ ভাষণটোত সেনাপতিৰ চিন্তাৰ গভীৰতা আৰু সমাজ বিশ্লেষণৰ বিচক্ষণতা সুন্দৰ ৰূপত প্রকাশ
পাইছে। সেনাপতিৰ মৃত্যুৰ পিছত ‘বলাইৰাম সেনাপতিৰ ৰচনাসমগ্ত’ প্রকাশ হয় ২০১৭ চনত। বিভিন্ন
কাকত, আলোচনী, স্মৃতিগ্ৰন্থ, Figs তেওঁ নিয়মিতভাৱে লেখা-মেলা কৰিছিল। তাৰ ভিতৰত
ৰামধেনু, আমাৰ প্রতিনিধি, সাদিনীয়া অসমীয়া, নৱযুগ, ৰিংছাং, আজিৰ অসম আৰু গৰীয়সী আদিৰ
নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি।

সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাবে ১৯৯১ চনত অসম
চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। ইয়াৰ উপৰিও তিৱাসমাজ-সংস্কৃতিৰ একান্ত সাধক,
গৱেষক পণ্ডিত হিচাপে নগাঁও জিলা সাহিত্য সভাই ২০১১ চনত তিলক চন্দ্ৰ দেৱশৰ্মা স্মাৰক ‘ড’
সূৰ্য্য কুমাৰ Weel বঁটা’ আৰু অসমৰ লোক-সংস্কৃতিৰ সাধক হিচাপে বকুল বন AM, অসমে ২০১১
চনত ‘কুল বন বঁটা’ প্রদান কৰিছিল।

বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীতি-আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতীাৰ কেন্দ্ৰই প্রচাৰ
কৰিছে। আকাশবাণীৰ জৰিয়তে প্রচাৰিত বলাইৰাম সেনাপতি ৰচিত গীতি-আলেখ্য কেইখন হৈছে-=
‘নগাৰ নৰোত্তম গোসাঁই শ্ৰীৰাম’, ‘ফুলগুৰিৰ ধেঁৱা’, ‘তিৱা সমাজ-সংস্কৃতি’, ‘হেৰুৱা দিনৰ সুৰ’ আৰু
স্বাধীনতা সংগ্ৰামৰ বিপ্লবী গীত’

বিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল জীৱন যাপন কৰা অল্পভাষী এইগৰাকী মহান ব্যক্তিয়ে
২০১৪ চনৰ ১১ মে'ত ইহলীলা সম্বৰণ কৰে।

ভাষিক দিশৰ পৰা৷ তিৱাসকল কোনটো থালৰ লোক?

তিৱাসকলে তেওঁলোকৰ উৎসৱসাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্বোৰ কি কি?
তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?

তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।

ফুলগুৰিৰৰ ধোঁৱা কি?

চমুটোকা লিখা ঃ

(ক) ইন্দ্ৰচিং দেউৰী (খ) বলাইৰাম সেনাপতি।

লে ৯৯ ০ ০2০তে /%


--- Page 88 ---
দেউৰীসকল

অসম তথা পূৰ্বাঞ্চলৰ মঙ্গোলয়ডসকলৰ ভিতৰত দেউৰীসকল অন্যতম জনগোষ্ঠী | মঙ্গোলয়ড নৃ-গোষ্ঠীৰ
অন্তৰ্গত দেউৰীসকল উত্তৰ পূৱ-দিশৰ পৰা অসমলৈ Veal ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৰ্তমান
অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশে-পাশে বাস কৰিবলৈ লয়।

দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত-_- ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।
ডিবাং নদীৰ পাৰত বসবাস কৰাসকল VFM, টেঙাপানী নদীৰ পাৰত বাস কৰাসকলক টেঙাপনীয়া,
বৰনদীৰ পাৰত থকাসকলক বৰগএা আৰু পাত-শদিয়াত থকাসকলক পাতৰগএঞা হিচাপে জনা যায়।

শদিয়া অঞ্চলতেই দেউৰী সকল বহু বছৰ ধৰি বসবাস কৰি আছিল। কালক্ৰমত সম্ভৱত প্রাকৃতিক দুৰ্যোগ,
আন্তঃগোষ্ঠীগত যুদ্ধ-বিগ্ৰহ অথবা উৰ্বৰা কৃষি ভূমিৰ সন্ধানত এই ঠাই এৰি লুইতৰ বুকুৱেদি ভটীয়াই আহি
তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিব্ৰুং নদীৰ পাৰত প্ৰথমে বাস কৰিবলৈ
লয় আৰু তাৰ পৰা পিছত বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটে৷ দেউৰীসকল বৰ্তমান উজনি অসমৰ ৮-খন জিল|---
তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ আৰু বিশ্বনাথ জিলাত আছে। দেউৰী
সকলে নিজকে ‘জিম’চঁণায়া’ বুলি চিনাকি দিয়ে। দেউৰীসকল এটা স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ খিলঞ্জীয়া
জনগোষ্ঠী | ভাৰতীয় সংবিধানে তেওঁলোকক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছে।
ভাষাঃ

দেউৰী ভাষা মূলতঃ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বমমীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত৷
এই ভাষাটোৰ স্বকীয় কিছুমান বৈশিষ্ট্য আছে। ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী
ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে আৰু প্ৰাথমিক পৰ্যায়ত এই ভাষা বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত
লয়।
ধৰ্ম 2

দেউৰীসকল বৰ ধৰ্মবিশ্বাসী লোক। তেওঁলোকে, ‘কুন্দি’ ধৰ্মক বিশ্বাস কৰে। ‘কুন্দিমামা’ হ'ল তেওঁলোকৰ
উপাস্য দেৱতা। ‘কুন্দি’ মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু ‘মামা’ মানে প্ৰকৃতিক বুজাইছে। এই কুন্দিমামাই বিশ্ব
ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে।


--- Page 89 ---
৮০ বৈচিত্ৰ্যময় অসম

দেউৰীসকল সাধাৰণতে কৃষিজীৱী লোক। তেওঁলোকৰ জীৱন আৰু জীৱিকা খেতিৰ ওপৰতেই বহু
পৰিমাণে নিৰ্ভৰশীল। ধান, মাহ, সৰিয়হ, মৰাপাট আৰু বিভিন্ন প্রকাৰৰ শাক-পাচলি তেওঁলোকৰ প্রধান
খেতি। বাসস্থানৰ বাবে সাধাৰণতে দেউৰীসকলে নৈপৰীয়া অঞ্চলৰ ঠাই নিৰ্দ্ধাৰণ কৰে। দেউৰীসকলে তাহানিৰে
পৰা কাঠ, বাঁহ, বেত আৰু খেৰেৰে চাংঘৰ সাজি বাস কৰি আহিছে।
উৎসৱ ঃ

সমগ্ৰ অসমত সকলোৱে পালন কৰা ৰঙালী বিহু, মাঘ বিহু, আৰু কাতি বিহু দেউৰীসকলেও পালন
কৰে। তদুপৰি তেওঁলোকৰ সুকীয়া কৃষিভিত্তিক উৎসৱ-বিবা ap গিবা মেচ্চু (বসন্ত আদৰণি উৎসৱ), বিহু
উৎসৱ-চিগাদাগাৰেবা বিচু, “বিচু দাবেবা মেচ্চু’, মিদি দেৰুবা মেচ্চু’ (ৰোজ কেবাং) ধৰ্মৰ লগত জড়িত আৰু
শাওণিয়া পূজা ইত্যাদি।

দেউৰীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল--

জননেতা ভীমবৰ দেউৰী

বৃহত্তৰ অসমৰ ক্ষুদ্ৰ পৰিসৰত এক প্ৰচেষ্টাৰ আবৰ্তত থাকি অসমৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে যুঁজ দি জীৱন
পাত কৰা বিৰল ব্যক্তিত্বৰ চানেকি জননেতা ভীমবৰ দেউৰী | উজনি অসমৰ এচুকত জন্ম গ্ৰহণ কৰি অবিভক্ত
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো জনগোষ্ঠীৰ মাজত নিজকে বিলীন কৰি অসমৰ জাতীয় সত্ত্বাক প্রতিষ্ঠা
কৰিবলৈ ভীমবৰ দেউৰী উঠি পৰি লাগিছিল। জনগোষ্ঠীৰ মাজৰে এজন হৈ সকলো জনগোষ্ঠীৰ ৰাজনৈতিক
আৰু সামাজিক প্ৰতিষ্ঠাৰ বাবে অহৰহ কাম কৰি যোৱা ভীমবৰ দেউৰীক অসমৰ প্ৰথমজনা প্রধান মন্ত্ৰী লোকপ্ৰিয়
গোপীনাথ বৰদলৈয়ে ‘জননেতা’ আখ্যাৰে বিভূষিত কৰিছিল।

১৯০৩ চনৰ মে’ মাহৰ ১৬ তাৰিখ আৰু অসমীয়া জেঠ মাহৰ ৩ তাৰিখে ভীমবৰ দেউৰীৰ জন্ম হয়।
পিতৃৰ নাম গদৰাম (গদৰা) দেউৰী মাতৃৰ নাম বাজতী (বাজং) দেউৰী আছিল।

শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলৰ বৰগঞা দেউৰী গাঁৱত (বৰ্তমান উক্ত গাঁওখন ব্ৰহ্মপুত্ৰৰ বুকুত)
পিছত বাম ৰজাবাৰী গাঁৱত স্থায়ী বাসস্থান লয়। পিতৃৰ পূৰ্বৰ বাসস্থান শদিয়াত আছিল বুলি শুনা যায়।

১৯০৮ চনত ৫৭ নং বৰগীও প্রাথমিক বিদ্যালয়ত শিক্ষা-জীৱন আৰম্ভ হয়। ১৯১৩ চনত প্রাথমিক
বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰতেই প্রথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়। ১৯১৮
চনত শিৱসাগৰ চৰকাৰী এম. ভি. স্কুলৰ পৰা এম. ভি. পাছ কৰি মাহে চাৰিটকীয়া বৃত্তি অৰ্জন কৰে। ১৯২৫
চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হয়।
১৯২৫ চনৰ ১৪ জুলাইত কটন কলেজত নাম ভৰ্তি কৰে। কটন কলেজৰ পৰা ১৯২৭ চনত প্রথম বিভাগত
আই.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৯ চনত একে কলেজৰ পৰাই অৰ্থনীতি বিষয়ক প্রধান বিষয় হিচাপে লৈ
দ্বিতীয় শ্ৰেণীৰ সন্মানসহ বি. এ. পাছ কৰে। ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বি.
এল. হয়। একে সময়তে প্ৰেচিডেন্সি কলেজত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰে। অৰ্থৰ অসুবিধাৰ কাৰণে
পৰীক্ষা নিদিয়াকৈ চাকৰি কৰাৰ ইচ্ছাৰে অসমলৈ ঘূৰি আহে। ১৯৩২ চনত অসম অসামৰিক সেৱা পৰীক্ষাত


--- Page 90 ---
বৈচিত্ৰ্যময় অসম ৮১

কৃতকাৰ্য হয় যদিও স্বতন্ত্ৰভাৱে ওকালতি কৰিবলৈ লয়। ওকালতি ব্যৱসায়ে ভীমবৰৰ ৰাজহুৱা জীৱন উন্মুক্ত
কৰে।

১৯৩২ চনত ডিব্ৰুগড় আদালতত ওকালতি আৰম্ভ কৰে। ১৯৩৩ চনত ভীমবৰ দেউৰীয়ে উদ্যোগ লৈ
দেউৰী, সোনোৱাল কছাৰী, মটক, মিছিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক এবক্যৱদ্ধ
কৰাৰ উদ্দেশ্যে ১৭/০৪/১১৯৩৩ তাৰিখে নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ AAT অধিবেশন
অনুষ্ঠিত কৰি Assam Backward Plains Tribal League চমুকৈ ট্ৰাইবেল লীগৰ জন্ম দিয়ে। এই
অধিৱেশনত ভীমবৰ দেউৰীয়ে সভাত এটি উদাত্ত ভাষণ দিয়ে। ভীমবৰ দেউৰীৰ যুক্তিপূৰ্ণ এই সভাতে
ভীমবৰ দেউৰী সৰ্বসন্মতিক্ৰমে সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত
Baal লীগৰ দাবীৰ ভিত্তিত অসম বিধান সভাৰ মুঠ ১০৮-খন আসনৰ মাজত ৪ খন আসন অনগ্ৰসৰ
ভৈয়াম-জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হয়। ১৯৩৮ চনত ভীমবৰ দেউৰীক ডিব্ৰগড় স্থানীয় মণ্ডলৰ
এজন মনোনীত সদস্য হিচাপে নিযুক্তি দিয়ে। ১৯৩৯ চনত ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থাৎ অসম
বিধান পৰিষদৰ সদস্য পদত মনোনীত সদস্য হিচাপে মনোনীত কৰে।

ভীমবৰ দেউৰীৰ বিবাহ Zs ১৯৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত মন্ত্ৰী ৰূপ নাথ ব্ৰহ্মৰ কন্যা কমালৱতী ব্ৰহ্মৰ
লগত ভীমবৰ দেউৰীৰ ব্ৰহ্মধৰ্ম মতে কোকৰাবাৰ বীশবাৰী গাঁৱত বিবাহ সম্পন্ন হয়। ১৯৪৫ চনত নবেম্বৰ
মাহত শ্বিলঙত এই জনগোষ্ঠীসমূহৰ প্রতিনিধিৰে বহা অধিবেশনত ‘আচাম FAR এণ্ড ৰেছেচ ফেডাৰেচন"ৰ
জন্ম হয়। ইয়াৰ প্রধান গুৰি ধৰোঁতা আছিল ভীমবৰ দেউৰী। ১৯৪৬ চনত উচ্চ পৰিষদৰ সদস্য পদৰ ম্যাদ
শেষ হোৱাত পুনৰ তেওঁক সদস্য হিচাপে দ্বিতীয়বাৰৰ বাবে মনোনীত কৰে। ১৯৪৬ চনত চৰ্দাৰ পেটেলৰ
উপদেশ ক্ৰমে ভীমবৰ দেউৰীক বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভাৰ
সদস্য কৰা হয়। ১৯৪৭ চনত ভীমবৰ দেউৰীয়ে ভাইচৰয় লৰ্ড ওৱাডেলক লগ ধৰি সমষ্টি গঠন, পাকিস্তানত
অসমক চামিলকৰণ, সুকীয়া যুটীয়া নিৰ্বাচন আদি বিষয়ত ট্ৰাইবেল লীগৰ সুস্পষ্ট মতামত জানিবলৈ দিছিল
আৰু অসমক যে কোনো কাৰণতেই পাকিস্তানৰ লগত চামিল কৰিবলৈ দিয়া নহ’ব সেইটো তেওঁ স্পষ্ট কৰি
দিছিল।

১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীৰেই নহয়, অসম আৰু
অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্রক্ৰিয়াত আত্মনিয়োগ কৰিছিল।

দেশখনত বহিৰাগত প্রৱজন ৰোধ, প্রাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ
ব্যৱস্থা, কেন্দ্ৰৰ পৰা ৰাজ্যসমূহলৈ অধিক ক্ষমতা বিকেন্দ্ৰীকৰণ, স্বায়ত্ত শাসন, বিধান পৰিষদ গঠন, সকলো
জনগোষ্ঠীৰ মাজত অৰ্থনৈতিক সমতা স্থাপন আদি নীতি উদ্ভাৱনেৰে নিজৰ বিচক্ষণতা প্ৰদৰ্শনৰ যোগেদি
ৰাজনৈতিক-সামাজিক জীৱন পৰিচালিত কৰিছিল।


--- Page 91 ---
৮২ বৈচিত্ৰ্যময় অসম

তেওঁ ১৯৪৭ চনৰ ৩০ নবেম্বৰত ৪৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ পত্নী
কমলাৱতী দেউৰীৰ পুত্ৰ ক্ৰমে পীতাম্বৰ দেউৰী, AMA দেউৰী, ইন্দিবৰ দেউৰী আৰু কন্যা ভাৰতী দেউৰীক
এৰি যায়।

ৰাধাকান্ত দেউৰী

স্বৰ্গীয় ৰাধাকান্ত দেউৰীৰ জন্ম হৈছিল ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে লক্ষীমপুৰ জিলাৰ বীহগড়া
দেউৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল আদিচন দেউৰী আৰু মাতৃৰ নাম তাইবা দেউৰী। পিতৃ-মাতৃৰ
একমাত্ৰ পুত্ৰ ৰাধাকান্ত দেউৰীৰ তিনিগৰাকী বায়েক-ভনীয়েক আছিল। সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত থাকি
ডাঙৰ-দীঘল হোৱা দেউৰীদেৱৰ ঘৰৰ অৱস্থা বিশেষ ভাল নাছিল। দেউতাকৰ অৱস্থাৰ কথা জানি শুনি
নামভৰ্তি নকৰোৱাকৈ নিজে লোকৰ পৰা কিতাপ, ফলি খুজি আনি গাঁৱৰ ১১ নং মৰনৈ প্রাথমিক বিদ্যালয়ত
১৯৪২ চনত শিক্ষা জীৱন আৰম্ভ কৰিছিল। কষ্টৰ মাজেৰে পঢ়াত মনোযোগ দি সুখ্যাতিৰে মেট্ৰিক পাছ
কৰি যোৰহাটৰ জে. বি. কলেজত কলেজীয়া জীৱন আৰম্ভ কৰে আৰু ১৯৫৮ চনত বি. এ. ডিগ্ৰী লাভ
কৰে। ১৯৫৯ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে মকৰল হয়।
যোৰহাটলৈ আহি বি. টি. পাছ কৰে। ১৯৮৫ চনত তেওঁ শদিয়াৰ চপাখোৱা চৰকাৰী উচ্চতৰ মাধ্যমিক
বিদ্যালয়ত সহ-শিক্ষক হিচাবে যোগদান কৰে। তাতো বেছি দিন শিক্ষকতা নকৰি ১৯৮৬ চনত একে পদতে
লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি সলনি কৰি শিক্ষকতা জীৱন স্থিৰভাৱে চম্ভালিবলৈ
লয়।

জনগোষ্ঠীয় তথা৷ অসমীয়া ভাষা-সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম। তেওঁ এজন স্বক্পভাষী
তথা দেউৰী ভাষা-সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল। বিভিন্ন কাগজ-পত্ৰ, আলোচনী আদিত তেওঁৰ লেখা
সিঁচৰতি হৈ আছে। দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষ- সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা
দেউৰীদেৱৰ অমূল্য গ্ৰন্থসমূহ ‘দেউৰী চচুৰ্বিব’ (দেউৰী অভিধান), ‘চ্চি্বী জিমচীয়া চ্চুৰ্বিব’ (আধুনিক দেউৰী
শব্দকোষ) দুখন প্রধান, ইয়াৰে দ্বিতীয়খন গ্ৰন্থ ত্ৰি-ভাষিক (দেউৰী, অসমীয়া, Sate) | এইখন দেউৰী ভাষাৰ
পূৰ্ণাঙ্গ অভিধান। ‘দেউৰী শব্দ সম্ভাৰ’ তেখেতৰ অন্যতম সংযোজিত পুথি।

সমাজসেৱক আৰু ৰাজনীতিক বৰ্গৰাম দেউৰী

লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহনড়া দেউৰী গাঁৱৰ নিবাসী বৰ্গৰাম দেউৰীয়ে ১৯৩৮ চনৰ ১
আগষ্ট তাৰিখে জন্ম গ্ৰহণ কৰে। ১৯৪৪ চনত HLA! দেউৰী এল. পি. স্কুলত নাম ভৰ্তি কৰে। ১৯৪৯ চনত
খ’ৰা এম. ই. স্কুলত শিক্ষা গ্ৰহণ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রকত প্রথম
বিভাগত উত্তীৰ্ণ হয়। মেট্রক পাছ কৰি বৰ্গৰাম দেউৰীয়ে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি. এচ.
চি. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদবিজ্ঞান বিষয়ত নাম ভৰ্তি কৰে আৰু একে সময়তে গুৱাহাটী


--- Page 92 ---
বৈচিত্ৰ্যময় অসম ৮৩

বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তো অধ্যয়ন কৰে। তেওঁ এম. এচ. চি. আৰু এল. এল. বি. একে সময়তে
সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওপেথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেওঁ
সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে।

বৰ্গৰাম দেউৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে কামৰূপ একাডেমী বিদ্যালয়ত শিক্ষকতা
কৰিছিল। ১৯৭১ চনত লক্ষীমপুৰ বাৰত যোগদান কৰি ওকালতি জীৱন আৰম্ভ কৰে। এই সময়ছোৱাতে
তেওঁ মণিপুৰ কলেজত প্রবক্তা হিচাবে যোগদান কৰিছিল যদিও তাত ভাল নলগাত উভতি আহি পুনৰ
লক্ষীমপুৰত ওকালতি আৰম্ভ কৰে। অবিভক্ত লক্ষীমপুৰ জিলাৰ ধেমাজি চিৰিপানী দেউৰী গাঁৱত ১৯৭১
চনত অনুষ্ঠিত হোৱা দেউৰী সন্মিলনৰ সভাত তেওঁক পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত কৰে।

১৯৭৮ চনত বঙ্গালমৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলাৰ হিচাবে নিৰ্বাচিত হয়। ১৯৮৩ চনত অসম
বিধান সভালৈ বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ প্রথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। ১৯৯১ চনত পুনৰ
তেওঁ বিহপুৰীয়া সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু
অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ উপৰিও ৰেচম আৰু হস্ততাত আৰু বয়ন বিভাগৰ কেবিনেট মন্ত্ৰী
হিচাবে কাৰ্যনিৰ্বাহ কৰে।

বৰ্গৰাম দেউৰী মন্ত্ৰী হৈ থাকৌতেই অসমৰ জনজাতিসকলৰ জনজাতি জিৰণি চ’ৰা আৰু আকাশী হোষ্টেল
আদি নিৰ্মাণ কৰাৰ উপৰিও বাঁহগড়া দেউৰী গাঁৱৰ মিনি হস্পিতাল আৰু ভেটেনেৰী হস্পিতাল দুখন নিৰ্মাণ
কৰা হয়। দেউৰী ভাষাক দেউৰী ভাষা হিচাবে স্বীকৃতি প্রদান আৰু দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আৰু
আৰ্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্রদান কৰাত বৰ্গৰাম দেউৰীৰ অৱদান আছিল
উল্লেখনীয়। তেওঁ ২০০৪ চনত হৃদ ৰোগত VAY (A গুৱাহাটীত মৃত্যু বৰণ কৰে। ভীমবৰ দেউৰীৰ
পিচত বৰ্গৰাম দেউৰী আছিল জনগোষ্ঠীৰ দ্বিতীয়জন ৰাজনীতিক তথা অসম চৰকাৰৰ TET |

সমাজসেৱক Boy Pie দেউৰী

চন্দ্ৰ সিং দেউৰী খেলুৱৈ, লোক-শিল্পী আৰু দেউৰী লেখক হিচাপে জীয়াই আছে। দেউৰী জনগোষ্ঠীৰ
মাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে। ১৯২৭ চনৰ ২৮ এপ্ৰিলত গোপাল দেউৰীৰ ওঁৰষত আৰু আতবা
দেউৰীৰ গৰ্ভত উপৰ দেউৰী গাঁও, যোৰহাটত তেওঁৰ জন্ম হৈছিল। দেউৰী এল. পি. স্কুলৰ পৰা প্রাথমিক
শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ যোৰহাট পলিটেক্‌নিক হাইস্কুলৰ
পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হয়। পিচত তেওঁ ১৯৬২ চনত কলা শাখাত
নাম লগাই কৰ্মজীৱনৰ মাজতে শ্বিলং কলেজৰ পৰা আই. এ. পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৫৫ চনৰ এক অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ
তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মাৰ্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি
জীৱনৰ পৰা অৱসৰ লয়। ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক-গীত আৰু


--- Page 93 ---
vs

বৈচিত্য্যময় অসম

লোকনৃত্য প্রদৰ্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী

লোক-গীত পৰিবেশন কৰে।

লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা একে লেঠাৰিয়ে-- TANG’ (১৯০৩ চন), ‘আৰ্চিয় BA’ (২০১৪
চন), ‘আমিৰিয়া ইবা” (২০১৩ চন), ‘বিচু’ (২০১৫[}ন) OR’ (২০১৬ চন), ‘দেউৰী জনজীৱন’ (২০১৬
চন) পুথি নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ায়।

প্ৰশ্নাৱলী

>
>
©

R ০৫০

o তে

দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?

দেউৰীসকলে সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।

শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ
লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?

দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?
দেউৰী ভাষা SRST ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তৰ্ভুক্ত? কোন চনত দেউৰী ভাষাক
অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে?

দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ FSI |
দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?

৮। চমুটোকা লিখা 2
(ক) ভীমবৰ দেউৰী (খ) ৰাধাকান্ত দেউৰী
(st) বৰ্গৰাম দেউৰী (ঘ) Slow Pie দেউৰী

--- Page 94 ---
নেপা৷লীভাষী গোৰ্খাসকল

নেপালীভাষী লোক বুলি ক’লে আৰ্য-মঙ্গোল-কিৰাত সংমিশ্ৰিত জনসমুদায়ক বুজা যায় | সাম্প্ৰতিক
সময়ত ভাৰতৰ ‘নেপালীভাষী’ লোকক ‘গোখাঁ’ নামেৰেও জনা যায়। কোনো কোনো পণ্ডিতৰ মতে
নেপালীসকলৰ অধিকাংশই হৈছে ‘খচ’ ৰ পৰা সৃষ্ট। ‘খচ’ জাতি সম্পৰ্কে পণ্ডিত কলহনৰ ‘ৰাজতৰংগিনী’
আৰু জয়চন্দ্ৰ বিদ্যালংকাৰৰ ‘ভাৰতীয় ইতিহাস কী মিমাংশা’ গ্ৰন্থত বহু তথ্য পোৱা যায়। ২০১১ চনৰ
লোকপিয়লৰ তথ্যমতে অসমৰ নেপালীভাষী লোকৰ সংখ্যা ৫,৯৬,২১০ গৰাকী। কিন্তু এই তথ্যত পৃথককৈ
দেখুওৱা তামাং (২০৬৩ গৰাকী), লিম্বু (৭৮০ গৰাকী) আৰু ৰাই (১১১০ গৰাকী) গোৰ্খা সম্প্ৰদায়ৰ লোক।
সেইমতে এই জনগোষ্ঠীৰ মুঠ জনসংখ্যা ৬,০০,১৬৩ গৰাকী। প্রণিধানযোগ্য যে লোকপিয়লৰ সময়ত এই
জনগোষ্ঠীৰ বহুলোকে অসমীয়া ভাষাকে মাতৃভাষা বুলি লিপিবদ্ধ কৰায়।
অসমত বসতিৰ ইতিহাস ঃ

প্রাচীন গ্ৰন্থ, ইতিহাস আৰু জনগোষ্ঠীটোৰ পূজা-পাৰ্ৱণ তথা সাংস্কৃতিক কৰ্ম-কাণ্ডৰ পৰা গোৰ্থাসকল যে
অসমৰ প্রাচীন বাসিন্দা তাৰ বহু প্ৰমাণ পোৱা যায়।

প্রায় পাঁচ হেজাৰ বছৰ আগৰ পৰাই (খ্ৰী.পু.৬১৩৯) TAS মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ
মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰবজন আছিল। তেতিয়া এই সমগ্র অঞ্চলটো ‘জনম্বুদ্বীপ’ বা ‘আৰ্যাৱৰ্ত’
নামেৰে জনাজাত আছিল। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃআ্ৰাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্ৰৰ
লগতে নিজৰ ঠিকনা উল্লেখ কৰি ‘জন্বুদ্বীপে, SACS, ভাৰতবৰ্ষে, অসম প্ৰান্তে বুলি কয়।

প্রাচীন sales মতে কামাখ্যা মন্দিৰৰ নিমতা আৰু প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকে বৰ্তমান নেপালৰ
চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ কামখ্যা মন্দিৰত পূজা কৰাবলৈ নেপালৰ পৰা
পূজাৰী আনিছিল। পিছলৈ তেওঁলোক কামাখ্যা মন্দিৰত ‘লালমোহৰীয়া পাণ্ডা’ হিচাপে খ্যাত হৈ পৰিল।

অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি তীৰ্থনাথ শমৰি মতে পোন্ধৰ শতিকাত শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য


--- Page 95 ---
৮৬ বৈচিত্ৰ্যময় অসম

নেপালী ব্ৰাহ্মণ ৰতিকান্ত উপাধ্যায়ে বৰ্তমান টিয়ক আৰু নগাঁৱত ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল। সময়ৰ
CSS উপাধ্যায়ৰ সতি-সন্ততি অসমীয়া সমাজত মিলি গৈ পূৰ্ব-পৰিচয় হেৰুৱাই পেলোৱা বাবে নৃতত্ব্ববিদে
আজি তেওঁলোকক বিচাৰি নাপায়।

তৎকালীন ব্ৰিটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত হোৱা সুগৌলী সন্ধিৰ মতে, নেপালৰ নাগৰিকৰ
সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ ভাৰতত বিলীন হয় | সুগৌলী সন্ধিৰ পিছত বিটিছে গোৰ্খ
ৰেজিমেন্ট (তেতিয়া গোৰ্খ ৰাইফল্চ) গঠন কৰিছিল আৰু কিছু ৰেজিমেন্টক মান সেনাক খেদিবলৈ অসমলৈ
লৈ আনিছিল। অসমৰ পৰা মান সেনাক খেদি পঠোৱাৰ পিছত ইয়াণ্ডাবু সন্ধি (১৮২৬) হয়।
অসমৰ সমাজ জীৱনত গোখপিকল ঃ

গোৰ্খা সেনাসকল অৱসৰৰ পিছত অসমতে থাকিবলৈ লয়। হাবি জংঘলেৰে ভৰা অসমত উনৈশ শতিকাতে
তেল উদ্যোগ, কয়লা খনি, ৰেল লাইনত কাম কৰাবলৈ বিটিছে উত্তৰ ভাৰত আৰু নেপালৰ পৰা চুক্তি কৰি
বহু ‘গিৰমিটে’ নেপালীলোকক আনিছিল আৰু তেওঁলোক ঘূৰি নগৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশীদাৰ
হৈ পৰিছিল। ছবিলাল উপাধ্যায়, দলবীৰ সিং লোহাৰ, বিষ্ণুলাল উপাধ্যায়, ভক্ত বাহাদুৰ প্রধান, প্ৰসাদ সিং
চুব্বা আদিৰ নেতৃত্বত নেপালীভাষী লোকসকলো স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, কাৰাবাস খাটিছিল।
বিংশ শতিকাৰ চতুৰ্থ দশকলৈকে অসমত নেপালীভাষীসকলে নিজৰ জাতীয় সংগঠন গঠন কৰা নাছিল,
ইয়াৰে স্থানীয় সামাজিক তথা ৰাজনৈতিক সংগঠনৰ লগত তেওঁলোক জড়িত আছিল। অম্বিকাগিৰী ৰায় চৌধুৰীৰ
NZIS স্বৰাজোত্তৰ লোকপিয়লত অধিকাংশ নেপালীভাষীয়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি লিখিছিল।

গোপীনাথ বৰদলৈদেৱৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত গঠন হোৱা ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ত
নেপালীভাষীসকলেও অন্যান্য জাতিৰ দৰে ‘সংৰক্ষিত’ শ্ৰেণীৰ মৰ্যাদা পাইছিল।

অসমীয়া ভাষা আন্দোলন, মাধ্যম আন্দোলন আৰু অসম আন্দোলন সকলোতে নেপালীভাষী লোকসকলে
সহযোগিতা আগবঢ়াই আহিছে। অসম আন্দোলন কালত জনগোষ্ঠীটোৰ ছগৰাকী লোক শ্বহীদ হয়।

অসমৰ ভাষা শিক্ষাৰ ক্ষেত্ৰতো গোখা জনগোষ্ঠীৰ লোকৰ অৱদান উল্লেখযোগ্য। বৰ্তমান তেওঁলোকে
নিজ মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে অসমীয়া মাধ্যমক আঁকোৱালি লৈছে আৰু নিজৰ ভাষাটোক এটা বিষয়
হিচাপে পঢ়াৰ সিদ্ধান্ত লৈছে।

অসমৰ সাহিত্য; সংস্কৃতি আৰু ক্ৰীড়াৰ জগততো এই জনগোষ্ঠীটোৰ যথেষ্ট অৱদান আছে।

ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰতো গোখসিকল পিচ পৰি থকা নাই। অসমৰ পৰা কেইবাগৰাকীও
গোৰ্খলোক সংসদলৈ নিৰ্বাচিত হৈছে ,অসমৰ কেইবাখনো মন্ত্ৰীসভাত নেপালীভাষী জনপ্ৰতিনিধিয়ে স্থান
পাইছে, অসম বিধান সভাৰ অধ্যক্ষ আৰু কেবিনেট মন্ত্ৰী পৰ্যন্ত হৈছে । প্ৰশাসনিক সেৱাতো সকলো স্তৰৰ


--- Page 96 ---
বৈচিত্ৰ্যময় অসম ৮৭,

চাকৰিত এই জনগোষ্ঠীৰ লোক কাৰ্যৰত হোৱা দেখা যায়।
উৎসৱ-পাৰ্বণ ঃ

গোৰ্খা জনগোষ্ঠীৰ লোকসকলে গোটেই বছৰজুৰি বিভিন্ন উৎসৱ-পাৰ্বণ পালন কৰে। মহিলাসকলে
পালন কৰা Wier’, পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ ‘বড়া দশৈ’ আৰু ভাতৃ-ভগ্নীৰ প্রেমৰ
উৎসৱ ‘তিহাৰ’ এই উৎসৱবোৰৰ অন্যতম। এই সম্প্ৰদায়ৰ দ্বাৰা প্রস্তুত Fal ‘চেলৰুটি’ আৰু ‘পক্লু’ লগোৱা
মাংসই আজি যথেষ্ট সমাদৰ লাভ কৰা দেখা যায়।

অসমৰ গোখাঁ জনগোষ্ঠীৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি হ'ল---
ছবিলাল উপাধ্যায়

১৮৮২ চনৰ ১২ মে’ৰ দিনা বৰ্তমানৰ বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত কাশীনাথ উপাধ্যায়ৰ SaaS জন্ম গ্ৰহণ
কৰা ছবিলাল উপাধ্যায়ৰ আনুষ্ঠানিক শিক্ষা মাধ্যমিক পৰ্যায়তে সীমিত আছিল। কিন্তু তেওঁ অনানুষ্ঠানিক
অধ্যয়নৰ বলত আৰু চন্দ্ৰনাথ “aL, ঘনশ্যাম বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ
স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। তৎকালীন ব্ৰিটিছ চৰকাৰে কাজিৰঙাৰ আশেপাশে থকা গোৰা আৰু
মিচিং লোকৰ গৰু-ম'হৰ খুঁটি উচ্ছেদৰ প্ৰস্তুতি চলায়। ছবিলাল উপাধ্যায়ে ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত
‘অসম এছোচিয়েচন’ৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্রস্তাৱ উত্থাপন কৰে আৰু প্রস্তাৱটো গৃহীত হয়। ‘অসম
এছোচিয়েচন’ৰ লগত যুক্ত ‘ছবিলাল A’ SJ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্ৰিলৰ দিনা যোৰহাটত অনুষ্ঠিত
হোৱা সভাত ‘অসম এছোচিয়েচন’ক অসম প্রদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয়। ছবিলাল বাবু
অসম ACH কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি নিৰ্বাচিত VI | কংগ্ৰেছত যোগদান কৰা বাবে উপাধ্যায়ক ব্ৰিটিছে
গ্ৰেপ্তাৰ কৰে। সেয়ে তেওঁ ১৯২১ চনত বোম্বেত (বৰ্তমান মুম্বাই) অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছ অধিৱেশনলৈ
যাব নোৱাৰিলে। মহাত্মা গান্ধী অসমলৈ আহিছিল ১৯২১ চনত। গান্ধীৰ আগমনৰ আগে আগে বিটিছে
অসমৰ কংগ্ৰেছৰ নেতাসকলক স্বাধীনতা আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ নানা প্রলোভন দিছিল।
কৰি গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে জঁপিয়াই পৰিল আৰু ছমাহ কাৰাবাস
খাটিলে | জেলৰ পৰা ওলাই আহি তেওঁ বিদেশী বস্তু বৰ্জন কাৰ্যসূচীত সহযোগ কৰে আৰু প্ৰথমে নিজৰ ঘৰত
থকা বিদেশী বস্তু জ্বলায়। তেওঁ স্থানীয়ভাবে স্বদেশী বিদ্যালয় স্থাপনত আগভাগ লয়। ১৯৪২ চনত মহাত্মা
গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ পৰা তেওঁক আঁতৰাই ৰাখিবলৈ বিটিছে আকৌ প্রলোভন
দিয়ে কিন্তু উপাধ্যায়ে এই সকলে৷ নস্যাৎ কৰে আৰু অসমক ‘চি’ গ্ৰুপৰ অন্তৰ্ভুক্ত কৰ৷ DSS তীব বিৰোধিতা
কৰে আৰু তেওঁৰ নেতৃত্বত ‘অখিল ভাৰতীয় গোৰ্খা লিগ’ৰ TSW তেজপুৰত ৩০ হাজাৰ নেপালীভাষী


--- Page 97 ---
be বৈচিত্ৰ্যময় অসম

লোকক সমবেত কৰি জিন্নাৰ এই প্রস্তাৱৰ বিৰুদ্ধে শক্তি প্রদৰ্শন কৰে।
দলবীৰ সিং লোহাৰ

দলবীৰ সিং লোহাৰৰ জন্ম ১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ খলিহামাৰীত। তেওঁৰ পিতৃৰ নাম
অনতৰাম লোহাৰ। ১৫ বছৰ বয়সতে লোহাৰে জাতীয় আন্দোলনত স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰে
আৰু ১৯৩০ চনত কৰাচীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্রতিনিধিত্ব কৰে।
লোহাৰে ১৯৩০ চনত কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা কৰি তিনি মাহ কাৰাবাস খাটে। rele আৰু
স্বাধীনতা প্রিয় লোহাৰে বিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰি পুনৰ ১৯৩১-৩২ চনত ছমাহ কাৰাবাস
খাটিব লগা হয়৷ অস্পৃশ্যতা দূৰীকৰণত তেওঁ সক্ৰিয় ভূমিকা লৈছিল আৰু সেৱাদল গঠনত আগভাগ লৈছিল।
তেওঁ শ্রমিক আন্দোলনৰ নেতা আছিল আৰু ট্ৰেড ইউনিয়ন গঠনত নিজকে মনোনিৱেশ কৰাইছিল। তেওঁ
দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰা কাৰ্যৰ বিৰোধিতা কৰা বাবে ঘৰৰ পৰা বিতাড়িত হ’বলগীয়া হৈছিল
আৰু তেওঁক কেৱল গোৱালপাৰা জিলাতহে থাকিবলৈ অনুমতি দিয়া হৈছিল। এসময়ত লোহাৰ গোৱালপাৰাৰ
পৰা সংগোপনে কলগছৰ ভূৰেৰে ব্ৰহ্মপুত্ৰয়েদি উজাই আহি ঘৰ পাইছিল। ১৯৪৬ চনত দলবীৰ সিং লোহাৰ
শ্রমিক আৰু পিছ পৰা শ্রেণীৰ প্রতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধান সভালৈ নিবাচিত হয়।
দলবীৰ সিং লোহাৰেই হৈছে অসমৰ নেপালীভাষী প্রথম বিধায়ক। ২৯ জুলাই ১৯৬৯ চনত তেওঁ মৃত্যুবৰণ
কৰে।

হৰিপ্ৰসাদ গোখাঁ ৰাই

নগালেণ্ডৰ ৰাজধানী PMS ধনৰাজ ৰাই আৰু যশোদা ৰাইৰ সম্ভান ৰূপে ১৯১৫ চনৰ ১৫ মাৰ্চত
জন্মগ্ৰহণ কৰা হৰিপ্ৰসাদ ৰাইয়ে পিছত নিজকে হৰিপ্ৰসাদ গোখাঁ ৰাই হিচাপে চিনাকি দিছিল। আৱাহন যুগৰ
বিশিষ্ট লিখক হিচাপে পৰিচিত coef ৰাইয়ে ধনবাহাদুৰ সোনাৰ আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি সাহিত্য
চৰ্চাত আত্মনিয়োগ কৰে। এই ত্ৰিমূৰ্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিছিল আৰু অসমীয়া ভাষা-সাহিত্যৰ
চৰ্চাত ব্ৰতী হৈছিল। অসম সাহিত্য সভাৰ প্রথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত
খোজ পেলোৱা ‘গোৰ্খা’ SC ধনবাহাদুৰ সোনাৰ তথা গোবিন্দ চন্দ্ৰ পৈৰাৰ সহযোগত অসম সাহিত্য সভাৰ
কোহিমা শাখা গঠন কৰে। পৰাধীন ভাৰতত জাতীয় চেতনা আৰু জাগৰণৰ বাবে সাহিত্য চৰ্চাক মাধ্যম
হিচাপে লোৱা ব্যক্তিসকলৰ ভিতৰত গোৰা ৰাইয়ো অন্যতম। সমালোচক গোবিন্দ প্ৰসাদ অধিকাৰীৰ মতে
গোখাঁ ৰাইয়ে ১৯৩৫ চনত অসমীয়া ভাষাত ৰাজনৈতিক প্রৱন্ধ লিখিছিল। অসমীয়া আৰু নেপালী উভয়
ভাষাতে সাহিত্য ৰচনা কৰা CNA ANS সঁচা অৰ্থতে সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক আছিল। তেওঁৰ গল্পবোৰত
পাহাৰৰ জনজাতীয় আৰু অজনজাতীয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্ৰ ফুটি উঠা দেখা যায়। দৰাচলতে হৰিপ্ৰসাদ
ৰাইৰ নামৰ লগত Cael শব্দ সংযোজনৰ আঁৰৰ মানুহগৰাকী আছিল প্রখ্যাত সাহিত্যিক মিত্ৰদেৱ মহন্ত।


--- Page 98 ---
বৈচিত্ৰ্যময় অসম ৮৯

শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰা গোৰ্খা ৰাইয়ে পিছলৈ আকাশবাণীত সেৱা আগবঢ়াই নেপালী আৰু অসমীয়া
সাহিত্যৰ সেৱা কৰি গৈছিল।
ৰাইয়ে কেইবাখনো অভিধান ৰচনা কৰিছিল, যেনে -
(ক) মিকিৰ শব্দকোষ (১৯৭৪-৭৬)
(খ) পুমেইতাঙখুল শব্দকোষ (১৯৭৪-৭৬)
(গ) মাৰাম শব্দকোষ (১৯৭৪-৭৬)
(ঘ) মেইৰিঙ শব্দকোষ (১৯৭৪-৭৬)
(৬) অসমীয়া শব্দকোষ (১৯৭৪-৭৬)
(চ) নেপালী শব্দকোষ (১৯৭৪-৭৬)
তদুপৰি,তেওঁ নেপালী ভাষাত সৃষ্টি কৰা পুথিসমূহ হ’ল--
১) বাবৰী (কবিতা-সংকলন,১৯৭৪)
২) মনচৰিকোবোলী ( কবিতা-সংকলন,১৯৭৭)
©) য়হা বদনাম হুঞ্চ (গল্প-সংকলন ১৯৭৪) ইত্যাদি।
নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ?
‘লাল মোহৰীয়া পাণ্ডা’ বুলি ক’লে কি বুজা যায়?
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা।
Dea বেল্ট এণ্ড Ae নেপালীভাষী লোকসকলে কেতিয়া ‘সংৰক্ষিত শ্ৰেণী'ৰ মৰ্যাদা
পাইছিল?

০ ০2০ে /প ২

৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল?

৬। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?

৭ | ‘জম্বুদ্বীপে, SAAS, ভাৰতবৰ্ষে, অসম প্ৰান্তে’ বোলা কথাষাৰৰ তাৎপৰ্য কি?

৮ | সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ
অন্তৰ্ভুক্ত হৈছিল?

৯ ৷ চমুটোকা লিখা ঃ
(ক) ছবিলাল উপাধ্যায় (খ) হৰিপ্রসাদ গোৰ্খা ৰাই
(গ) দলবীৰ সিং লোহাৰ

--- Page 99 ---
বড়োসকল

বড়োসকল হৈছে নিজৰ সুস্থ সমাজ-ব্যৱস্থা, ভাষা-সাহিত্য, ধৰ্ম আৰু সমৃদ্ধিশালী সংস্কৃতি থকা এটা
জাতি। বড়োসকল উত্তৰ-পূৱ ভাৰতৰ আদিম জনগোষ্ঠী | ছাৰ এডৱাৰ্ড গেইটৰ মতে অসম তথা উত্তৰ-পশ্চিম
বঙ্গত বড়োসকলৰ বৃহৎ ৰাজ্য আছিল।

ক’বলৈ গ’লে বড়ো (বড়ো) শব্দটো বহল অৰ্থত সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। তেওলোকক
উত্তৰ-পূৱ বঙ্গ, গোৱালপাৰা জিলাত মেচ আৰু নেপালত মেচে হিচাবে জনা যায়। বড়োসকলক অসমৰ
বিভিন্ন স্থানত সিঁচৰতি হৈ থকা দেখা যায়। একেদৰে বডোমূলীয় -- সোনোৱাল কছাৰী, ঠেংঙাল কছাৰী,
চুতীয়া, দেউৰী, লালুং, ৰাভা, গাৰ’, হাজং আৰু ত্ৰিপুৰী লোকসকল লক্ষীমপুৰ, তিনিচুকীয়া, ডিব্ৰগড়,
শিৱসাগৰ আদি বিভিন্ন ঠাইত বসবাস কৰা দেখিবলৈ পোৱা যায়। কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত
থকা ডিমাচা-কছাৰীসকল বৃহৎ বড়ো গোষ্ঠীৰে এটি শাখা।
বড়োসকলৰ ভাষা আৰু সাহিত্য

বড়োসকলৰ নিজা সমৃদ্ধিশালী ভাষা আছে। ই বড়োসকলৰ মাতৃ ভাষা। বড়োসকলৰ উচ্চ মানৰ
আৰু বিজ্ঞানসন্মত শব্দভাণ্ডাৰ আছে। বড়ো ভাষা শদিয়াৰ পৰা পূৱ বংগলৈ আৰু উত্তৰে নেপালৰ পৰা
বাংলাদেশলৈ প্রসাৰিত আৰু প্ৰচলিত হোৱা এটি বহুল ভাষা। ভাষাবিদ প্ৰমোদ চন্দ্ৰ ভাট্টাচাৰ্য্যৰ মতে কিৰাত
ৰাজ্য শাসনৰ সময়ত বড়ো ভাষাই চৰকাৰী আৰু আদালতৰ ভাষা হিচাপে প্রচলন আছিল।

বড়ো ভাষা হৈছে চীন৷ (OSA ales ভাষা। পণ্ডিতসকলৰ মতে তিবৃতীয় ভাষাৰ দুটা প্রধান
ঠাল হৈছে -=

১. তিবৃত বমীয় আৰু

২. টাই- চীনা ভাষা।

তিবৃত বম্মীয় বৃহৎ ভাষাটো হৈছে বড়ো-নাগা ভাষা। প্রথম অৱস্থাত বড়ো-নগা একেটা পৰিয়ালৰ
অন্তৰ্ভুক্ত আছিল। পাছলৈ নগাসকলে ভাগ হৈ যায়। বড়ো মূলৰ পৰা সৃষ্টি হোৱা ভাষাবোৰ হৈছে ---ডিমাছা,
গাৰো, ৰাভা, চুতীয়া, লালুং, হাজং আৰু তিৱা।

১৯৬৩ চনত বড়ো ভাষাই প্ৰাথমিক স্তৰত মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে আৰু ১৯৬৮ চনত
উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা৷ হয়। ইয়াৰ উপৰিও ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতীয়


--- Page 100 ---
বৈচিত্ৰ্যময় অসম ৯১

আধুনিক ভাষা হিচাপে স্বীকৃতি প্রদান কৰে। ১৯৮৪ চনৰ পৰা বড়ো ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে
ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰিববলৈ সক্ষম হয়। ইং ২০০৫ চনৰ ১৭ অক্টোৱৰ তাৰিখে বড়ো ভাষাই
ভাৰতৰ উচ্চতম স্বতন্ত্ৰ সাহিত্য প্রতিষ্ঠান সাহিত্য অকাডেমীৰ পৰা স্বীকৃতি লাভ কৰে আৰু ২০০৫ চনৰ
ডিচেম্বৰ মাহৰ ৩ তাৰিখে কেন্দ্ৰীয় লোকসেৱা আয়োগে বড়ো ভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত
কৰে। ইং ২০০৩ চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্বন টাইগ'ৰৰ সৈতে হোৱা বি.টি.চি.
(বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল) চুক্তি মৰ্মে বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হ’বলৈ
সমৰ্থ হয়। সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পাছত বড়ো ভাষাই অগ্ৰগতি লাভ কৰাৰ কাৰণে
সুবিধা পায়।

বৰ্তমান বড়ো ভাষাই গুৱাহাটী, বড়োলেণ্ড, ডিব্ৰুগড় আৰু কটন বিশ্ববিদ্যালয়ৰ এটা পূৰ্ণাংগ বিভাগ
হিচাবে স্থান লাভ কৰিছে। বড়ো সাহিত্য সভাই যোৱা ১৯৫২ চনৰ ১৬ নবেম্বৰত প্রতিষ্ঠা হোৱা দিনৰ পৰাই
বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে আগভাগ লৈ আহিছে। বড়ো ভাষাৰ প্ৰথমখন
গ্ৰন্থ হৈছে গংগাচৰণ কছাৰীৰ ‘বড়ো ফিছা ও আইন’ (১৯১৫)। চিত্তৰঞ্জন মোছাহাৰী দেৱৰ ‘ফৈমাল মিজিংক’
(১৯৭০), বড়ো সাহিত্যৰ প্রথম চুটিগল্প সংকলন আৰু ‘জুজাইনি অৰ’ (১৯৭২) প্ৰথমখন উপন্যাস। বড়ো
ভাষাত ‘বডোছা’, ‘বড়োলেণ্ড ইংখং’, ‘বডোলেণ্ড DAP আৰু ‘হায়েননি ৰাদাব’ আদি বিভিন্ন বাতৰি কাকত
প্রকাশ হৈ আহিছে।

বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ বৌৰাই বড়োসকলৰ শ্রেষ্ঠ দেৱতা।
বড়োসকলে মাটি (হা), বায়ু (বাৰ), পানী (দৈ), আকাশ (SIR) আৰু সূৰ্য্য (সান) এই পঞ্চতত্ববৰ সৃষ্টিকৰ্তাজনক
ইশ্বৰ হিচাপে মানি লয়। ইয়াকে বাথৌ বুলি কোৱা হয়। খেৰাই বড়োসকলৰ ধৰ্মীয় উৎসৱ। সমাজৰ সকলোৰে
মংগলৰ কাৰণে দৌদিনি আৰু দৌৰিৰ সহযোগত খেৰাই উৎসৱ উদ্যাপন কৰা হয়। বড়োসকলক বাথৌ ধৰ্মৰ
উপৰিও অন্যান্য ধৰ্ম যেনে--- খ্ৰীষ্টান ধৰ্ম, অনুকুল ধৰ্ম, বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা৷ দেখা যায়। ইয়াৰ বাহিৰেও ব্ৰহ্ম
ধৰ্মকো বড়োসকলৰ কিছুমান লোকে নিজৰ ধৰ্ম হিচাপে আঁকোৱালি লৈছে।
বড়োসকলৰ সংস্কৃতি ঃ

বড়ো মহিলা নাইবা জীয়ৰীসকলে কাপোৰ বোৱা-কটা কৰাত যথেষ্ট পাকৈত বুলি জনা যায়।
বড়োসকলৰ সমাজত প্রতি ঘৰে কমেও এযোৰ তাতশাল দেখিবলৈ পোৱা যায়। বড়ো মহিলাসকলে দখনা,
SNS, ফালি, চাদ্ৰি ইত্যাদি বয়। বড়ো মহিলাসকলে কাপোৰত তোলা ফুলবোৰ হৈছে — দাওথু আগান,
ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই CTA, থাইগিৰ বিবাৰ হাজৌ আগৰ ইত্যাদি । আৰনাইখন বড়োসকলে
শ্ৰদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে ব্যৱহাৰ কৰে।


--- Page 101 ---
৯২ বৈচিত্য্যময় অসম
গীত-মাত আৰু বাদ্যযন্ত্ৰ $

বড়োসকলৰ নিজস্ব নৃত্য, গীত-মাত আৰু বাদ্যযন্ত্ৰ আছে। বড়োসকলৰ প্রধান গীতসমুহ তলত
উল্লেখ কৰ৷ ধৰণে তিনিটা ভাগত ভাগ কৰিব পাৰি। (১) প্রাৰ্থণা গীত (আৰজ মেথায়), (২) লোক গীত
(খুগা মেথায়) আৰু (৩) আধুনিক গীত (গৌদান মেথায়)। প্রাৰ্থণা গীতসমূহ হৈছে — খেৰাই প্ৰাৰ্থনা,
মন্ত্ৰগীত, চেৰজা গীত আৰু দহাৰ গীত। লোকগীতসমূহ হৈছে-- বৈশাগু গীত, বিয়া গীত, খেলা গীত,
শিশুৰ ওমলা গীত, প্ৰেমৰ গীত ইত্যাদি। আধুনিক গীতসমূহ হৈছে বৰ্তমান কালৰ গীত।

বড়ো নৃত্য দুবিধঃ (১) পুৰণি বড়ো নৃত্য আৰু (২) আধুনিক বড়ো নৃত্য৷ বাগুৰুন্বা আৰু বাৰদৈছিখ্‌লা
নৃত্য অকল ভাৰতবৰ্ষতেই নহয় এচিয়া মহাদেশৰ ভিতৰতে খ্যাত | বড়োসকলৰ প্রধান বাদ্য-যন্তবোৰ হৈছে--
খাম (মাদল), চিফুং (বাঁহী), জথা (তাল), চেৰজা আৰু গংগনা।

বড়ো চুক্তি ঃ

প্রধান মন্ত্ৰী পিভি. নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শাৰদ পাৱাৰদেৱৰ
সহযোগত কেইবালানি আলোচনা হোৱাৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু), বড়ো গণ সংগ্ৰাম সমিতি
(বি.পি.এ.চি.) আৰু অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ মাজত হোৱা আলোচনা মৰ্মে ১৯৯৩ চনৰ ২০
ফেব্ৰুৱাৰি তাৰিখে বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদখন গঠন কৰা হয়।
ইয়াৰ পাছত বড়োসকলৰ সংস্কৃতি, ভাষা, শিক্ষা আৰু অর্থনৈতিক দিশত উন্নতিৰ বাবে ভাৰত চৰকাৰ,
অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্বন টাইগাৰৰ মাজত ইং ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰি তাৰিখে বডোলেণ্ড
টেৰিটৰিয়েল এৰিয়াচ ডিষ্টিক নামকৰণেৰে এখন নতুন চুক্তি সম্পাদন কৰা৷ হয়। এই চুক্তি অনুসৰি বি.টি.চি.
(বডোলেণ্ড) এলেকাত মুঠ ৩০৭৯ খন গাঁও সামৰি লৈ CHAIN, চিৰাং, বাক্‌সা আৰু ওদালগুৰি এই
চাৰিখন জিলা গঠন কৰা হয়।
বড়োসকল বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আজিও
স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল--
ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী
নৃত্য শিল্পী ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ নিস্বাৰ্থ আৰু অশেষ প্ৰচেষ্টাত বড়ো নৃত্য ৰাজ্যিক পৰ্য্যায়ৰ
পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হয়। তেওঁ ১৯২৬ চনত বৰ্তমান গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখাটা
অঞ্চলৰ বামুণকুৰা গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল বজাৰাম নাৰ্জাৰী আৰু মাতৃৰ
নাম আছিল থাংগালী নাৰ্জাৰী।
১৯৫৫ চনত দিল্লীত হোৱা অল ইণ্ডিয়া ৰেডিঅ'ৰ মুকলি প্ৰদৰ্শনী অনুষ্ঠানত তেওঁ অংশ গ্রহণ
কৰি বিবাহ গীত পৰিবেশন কৰিছিল। এই অনুষ্ঠানৰ পৰা উভতি আহিয়েই ওক্তাদ কামিনীয়ে বড়ো
সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিশত কাম কৰিবলৈ লয়।


--- Page 102 ---
বৈচিত্ৰ্যময় অসম ৯৩

১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত গণতন্ত দিৱসত ওস্তাদ কামিনী কুমাৰ
নাৰ্জাৰীয়ে এটি ‘সাংস্কৃতিক দল’ লৈ অংশ গ্ৰহণ কৰে। ২৭ জানুৱাৰীত অনুষ্ঠিত হোৱা বড়ো কৃষ্টি
দলে VV নৃত্য পৰিবেশন কৰি ভাৰতৰ ভিতৰত প্রথম স্থান দখল কৰে।

১৯৯২ চনত এছিয়া মেলা ১৩-ত অংশ গ্রহণ কৰি বড়ো নাছিনা নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা
ভূয়সী প্রংশসা লাভ কৰিছিল। ১৯৭৬ চনত গুৱাহাটীত হোৱা ভাৰত-ছভিয়েট মন্ত্ৰী সন্মিলনত বড়ো
কৃষ্টি প্রদর্শন কৰে। ইয়াৰ উপৰিও নাৰ্জাৰীৰ দলে ১৯৮২ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ
ভৱনত অনুষ্ঠিত হোৱা ‘জনজাতি লোকনৃত্য প্রদৰ্শনী’ অনুষ্ঠানত অংশ গ্রহণ কৰে।

ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে ১৯৮২ চনত ‘সংগীত নাটক একাডেমী’ বঁটা লাভ কৰিছিল।

তেওঁৰ প্ৰচেষ্টাতেই বড়ো সংস্কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ল। এই মহান
শিকল্পীজনাই ১৯৯৮ চনৰ ১৬ মে তাৰিখে ইহলীলা সম্বৰণ কৰে।

কলা জগতৰ প্ৰখ্যাত শিল্পী শোভা ব্ৰহ্ম

GU শোভা TH ভাৰতৰ এজন প্রখ্যাত ভাস্কৰ্যবিদ আৰু অসমৰ কলা জগতৰ পথ-প্রদৰ্শক। তেওঁৰ
সৃষ্টিৰাজিয়ে বড়ো আৰু অসমীয়া সমাজৰ প্রকৃত প্রতিচ্ছবি দাঙি ধৰিছে। এই মহান শিল্পীগৰাকী ১৯২৯
চনৰ ১৮ অক্টোবৰ তাৰিখে বৰ্তমান কোকৰাব্বাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা নামৰ এখন পিছ পৰা
গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্ৰহ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্ৰী
ব্ৰহ্ম

w ব্ৰহ্মই নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ধুবুৰীৰ ছাপটগ্রাম
হাইস্কুলৰ পৰা ১৯৫০ চনত বুৰঞ্জী বিষয়ত লেটাৰসহ প্রথম বিভাগত উত্তীৰ্ণ হৈ গুৱাহাটী মহাবিদ্যালয়ত
নাম ভৰ্তি কৰে। SAMS সৰুৰে পৰাই এজন চিত্ৰশিল্পী আৰু ভাস্কৰ্যশিল্পী হোৱাৰ সপোন দেখিছিল।
ললিত কলাৰত্ন GW শোভা TAME ১৯৫০ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্থাপন কৰা শান্তি
নিকেতনত নাম ভৰ্তি কৰে আৰু ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্ৰী লৈ অসমলৈ
উভতি আহে আৰু তাৰিণী চৰণ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে। তেওঁৰ সৃষ্টিশীল জীৱনৰ দুটা
লক্ষ্য আছিল। প্ৰথমটো হৈছে অসমত চাৰুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰা, দ্বিতীয়টো হৈছে উত্তৰ
পূৰ্ব্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-কলা, জন জীৱন অধ্যয়ন কৰি এক সুকীয়া শিল্পধাৰাৰ
সৃষ্টি কৰা। তেওঁ হাইস্কুলত শিক্ষকতাৰ কাম কৰিলেও শিল্পকলাক ন-ৰূপে সুসজ্জিত কৰি গঢ়ি তোলাৰ
মন সদায় পুহি ৰাখিছিল। দৰিদ্ৰতা আৰু চৰম অৰ্থ অভাৱ-সত্ববেও তেওঁৰ শিল্পধাৰাৰ সৃষ্টিৰ যি নিৰলস
প্রচেষ্টা ই কেতিয়াও থমকি ৰোৱা নাছিল। ১৯৬৪ চনৰ ৩১ জানুৱাৰী তাৰিখে বৰ্তমানৰ চৰকাৰী
চাৰুকলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে তেওঁ নিযুক্তি লাভ কৰে। এই মহাবিদ্যালয়খনৰ চৰকাৰীকৰণ
কৰাৰ পৰা কলেজ পৰ্যায়লৈ নিবৰ বাবে অশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল। আনকি তেওঁ ইয়াৰ বাবে


--- Page 103 ---
৯৪ বৈচিত্ৰ্যময় অসম

নিজৰ জীৱনত বহুতো সংঘাটপূৰ্ণ সময় অতিবাহিত কৰিবলগীয়া হৈছিল। মাজে সময়ে বহু মন্ত্ৰী-
বিধায়ক, বিষয়া-কৰ্মচাৰীৰ ওচৰলৈ গৈ নিজৰ তিক্ত অভিজ্ঞতাৰে বিষগ্ন মনেৰে ঘৰমুৱা হ’বলগীয়া
হৈছিল। তথাপি তেওঁৰ মন বিচলিত হোৱা নাছিল। কোনো ক্ষোভ নাছিল। © শোভা ব্ৰহ্মাদেৱে
সদায় কিবা নহয় কিবা এটা কাম কৰি ভাল পাইছিল। তেওঁ নিজৰ প্রাত্যহিক জীৱনৰ আনন্দক
জলাঞ্জলি দি নৱ-প্ৰজন্মৰ কাৰণে অক্লান্তভভাৱে কাম কৰিছিল। নিজৰ চিত্ৰ-ভাস্কৰ্যৰ জৰিয়তে জাতি-
ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্রেৰণা যোগাইছিল।
তেওঁৰ প্রতিখন ছবিয়ে একোখন কিতাপৰ দৰে আছিল। ১৯৬৫ চনত তেওঁৰ চিত্র আৰু ভাস্কৰ্যসমূহ
প্রথমবাৰৰ বাবে গুৱাহাটী জিলা পুথি ভঁৰালত প্রদৰ্শন কৰা হৈছিল। তাৰ পাছত তেওঁৰ সৃষ্টিবোৰ
শ্বিলং, দিল্লী, কলকাতা, মুম্বাই, বুলগেৰিয়া, চেকোশ্ল’ভাকিয়া আদি দেশ-বিদেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন
কৰা হৈছিল। তেওঁৰ সৃষ্টিৰাজিয়ে স্বদেশৰ লগতে বিদেশৰ বিভিন্ন প্রান্তত Parcels মন জয় কৰিব
পাৰিছিল। দেশৰ বিভিন্ন সংগ্ৰহালয়ত তেওঁৰ চিত্ৰই স্থান পাইছে৷

চিত্ৰ-ভাস্কৰ্ষযৰ উপৰিও তেওঁৰ সাহিত্য সৃষ্টিতো যথেষ্ট হাত আছিল। ১৯৮৯ চনত চাৰু-কলা আৰু
কলা-মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত সাহিত্য ৰচনা কৰাত নিজকে নিমজ্জিত
কৰি ৰাখিছিল। তেওঁৰ প্রকাশিত গ্ৰন্থসমূহ হৈছে--"শিল্পকলাৰ নৱপ্ৰজন্ম’, ‘ভাৰতীয় চিত্ৰ কলা’ (SAI)
‘গীদান উজি’ (বড়ো), ‘লিউ-নাৰ্ডো-দ্যা-ভিন্সি’, ‘ৰোজেছ ৰেজ এণ্ড গল্ড’ (ইংৰাজী) আৰু খন্থায়াঞ্জলী’
(বড়ো ভাষাত অনুবাদ)।

ড‘ শোভা ব্ৰন্মদেৱে নিজৰ কৰ্মৰাজিৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিভিন্ন বঁটা
পাবলৈ সক্ষম হৈছিল। তেওঁ লাভ কৰা বঁটাসমূহ হৈছে অসম শিল্পী পেঞ্চন বঁটা (১৯৭৭), অসম
চৰকাৰৰ সাংস্কৃতিক পেঞ্চন বঁটা (১৯৯০), কমল কুমাৰী বৰুৱা ফাউণ্ডেচন বঁটা (১৯৯১), অসম
ৰাজ্যিক faye ৰাভা বঁটা (১৯৯৬), ae বৰুৱা শিল্পী বঁটা (১৯৯৬), সদ্ভাৱনা বঁটা (২০০২), ইংখাং
ট্ৰাষ্ট কমিটি বঁটা (২০০৬), বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এৱাৰ্ড ফৰ আৰ্ট এণ্ড কালচাৰ (২০০৬),
ললিত কলা ৰত্ন এৱাৰ্ড (২০০৭)। ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী
বিশ্ব বিদ্যালয়ৰ পৰা ব্ৰহ্মদেৱে দি-লিট-উপাধি লাভ কৰিছিল।

GB শোভা ব্ৰহ্মদেৱে নাৰীৰ ওপৰত চলা নিষ্ঠুৰতা আৰু মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে প্রকৃতিৰ
ওপৰত লোৱা ধ্বংসলীলা সহ্য কৰিব পৰা নাছিল। মাতৃ জাতিৰ বেদনাক চিত্ৰৰ যোগেদি বিমোচনৰ
কথা৷ চিন্তা কৰিছিল। ভুমকাত বড়ো নাৰীৰ ওপৰত হোৱা পাশৱিকতাৰ কাৰুণ্য তেওঁৰ চিত্ৰত প্রকাশ
পাইছিল। অসমৰ প্রকৃতিৰ সৌন্দৰ্য, নদ-নদী, শিল আৰু সেউজীয়া পাহাৰৰ মনোৰম দৃশ্যই তেওঁৰ


--- Page 104 ---
বৈচিত্ৰ্যময় অসম ৯৫

মনত উদ্ৰেক সৃষ্টি কৰিছিল আৰু এয়েই তেওঁক শিল্প আৰু ভাস্কৰ্য জগতলৈ লৈ গৈছিল।
চিত্ৰশিল্প আৰু ভাস্কৰ্যৰ লগতে সাহিত্য চৰ্চাত নিজকে মনে প্রাণে ঢালি দি এই মহান শিল্পীজনে
২০১২ চনৰ মাৰ্চ মাহৰ ৫ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।

শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম

শ্বহীদ বিনেশ্বৰ ব্ৰহ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান কোকৰাবাাৰ জিলাৰ
ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাৰামণি ব্ৰহ্ম আৰু সোনটি
ব্ৰহ্ম

ব্ৰহ্মদেৱৰ প্রাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ ove নম্বৰ প্রাথমিক বিদ্যালয়ত ১৯৫৪ চনত।
প্রাথমিক শিক্ষা সাং কৰি কোকৰাবাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভৰ্তি
কৰে। এই বিদ্যালয়ৰ পৰাই এম.ই, খণ্ডৰ বৃত্তি লাভ কৰাৰ লগতে ১৯৬৭ চনত পি.ইউ.এচছি, পৰীক্ষাত
অংকত লেটাৰ নম্বৰসহ প্রথম বিভাগত উত্তীৰ্ণ হয়। একেটা বৰ্ষতেই যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত
স্নাতক ডিগ্ৰীত নামভৰ্তি কৰে আৰু ১৯৭২ চনত উক্ত কৃষি মহাবিদ্যালয়ৰ পৰা কৃষিৰ স্নাতক ডিগ্জী
লাভ কৰে।

তেওঁ ১৯৭৩ চনৰ ফেব্ৰুৱাৰী মাহত প্রথমবাৰৰ বাবে ‘হিন্দুস্তান সাৰ নিগম’ আৰু ‘কৃষি সম্প্ৰসাৰণ
বিভাগত’ চাকৰি জীৱন আৰম্ভ কৰে। সেই বিভাগতেই তেওঁ বিভিন্ন পদবী বহন কৰি ধুবুৰী,
কোকৰাবাৰ আৰু মঙ্গলদৈ ইত্যাদি ঠাইবোৰত থাকি সফল কৰ্ম জীৱনৰ চানেকি দাঙি ধৰে। তেওঁ
১৯৮০ চনৰ আগষ্ট মাহলৈ এই বিভাগটোত থকাৰ পিছত ভাৰতীয় খাদ্য নিগম (FCI বিভাগত
Quality Control-4 Deputy Manager ৰূপে গুৱাহাটীত নিযুক্ত হয়। ১৯৮১ চনৰ পৰা ১৯৮৩
চনলৈ কৰ্মসূত্ৰে বিহাৰৰ ৰাজধানী পাটনাত কৰ্ম সম্পাদনা কৰিবলগীয়া হয়। পুনৰ ১৯৮৩ চনত
গুৱাহাটীলৈ Regional Officer ৰূপে পদোন্নতি লাভ কৰি ঘূৰি আহে। পিছলৈ ১৯৯৮ চনত সেই
বিভাগৰেই Jonal 01806-অত Manager (Movement) হিচাপে পদোন্নতি লাভ কৰে।

শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম এজন CF মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা
সু-সংগঠক আছিল। তেওঁ মুঠ ৮-টা ভাষা সলসলীয়াকৈ ক'ব পাৰিছিল। সেইবোৰ হ’ল--- বড়ো,
ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী।

বিনেশ্বৰ ব্ৰহ্মই ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত
নিৰ্বাচিত হয়। দুটা কাৰ্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ২০০০
চনৰ ১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্থিত নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ
হৈ তেওঁ অকাল মৃত্যুক আঁকোৱালি লয়।

তেওঁৰ প্রকাশিত গ্ৰন্থ হ’ল-- ‘আই নি মাদৈ’ (কবিতা পুথি-১৯৮৫), ‘বৰদৈসিখ্‌লা’ (কবিতা পুথি-


--- Page 105 ---
৯৯৬

বৈচিত্য্যময় অসম

১৯৯৭) আৰু ‘আংনি গামি ভাতাৰমাৰি’ (প্রৱন্ধ সংকলন)
ইয়াৰ উপৰিও বড়োসকলৰ পুৰোধা ব্যক্তিসকলৰ ভিতৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আৰু বদৌফা
উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম লেখত ল’বলগীয়া। কালিচৰণ ব্ৰহ্মদেৱে বড়োসকলৰ মাজত ব্ৰহ্মধৰ্ম প্রচাৰ

কৰিছিল আৰু বড়োসকলৰ সমাজ সংস্কাৰৰ গুৰি ধৰোঁতা আছিল। বদৌফা উপেন্দ্ৰ নাথ ব্ৰন্ময়ো
বড়োসকলৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল।


N ০

ঠি
=





বড়োভাষা কি ভাষাগোষ্ঠীৰ TAGS |

বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?
বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।

বড়োভাষাৰ প্ৰথম গ্ৰন্থখন কি?

বড়োসকল পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা৷ কেইটিমান চানেকিৰ নাম উল্লেখ কৰা।
চমুটোকা লিখা ঃ

(ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী (Xl) শোভা ব্ৰহ্ম (গ) THe ব্ৰহ্ম

সংকৰ OR OK KK

--- Page 106 ---
মটকসকল

মটক অসমৰ এটি অতি পুৰণি টাই-মংগোলীয় জনগোষ্ঠী। ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ। টাই
ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু ‘টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত।
অৰ্থাৎ উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লোক। ১২২৮ খ্ৰীষ্টাব্দত চুকাফাই অসম নামৰ এই ভূখণ্ডলৈ
গিৰিপথ অতিক্ৰম কৰি অহাৰ সময়ত প্রাচীন অসমৰ সৌমাৰপীঠত মটকসকলে সৰু সৰু ৰাজ্য গঠন
কৰি একো একোজন FRA অধীনত বসবাস কৰিছিল। কৃষি-কৰ্ম আছিল তেওঁলোকৰ মূল জীৱিকা।
চাউলুং চুকাফাই সোনোৱালী শস্যৰ দেশ অসমত প্রৱেশ কৰি টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলতে
মটকসকলক প্রথম লগ পাইছিল। তিপামত লগ পোৱা মটকৰ মুৰক্বীজনৰ সহায়ত চুকাফাই নগাসকলক
পৰাস্ত কৰিছিল। এইজনা মটক মুৰব্বীয়েই ৰজাক প্রচূৰ পৰিমাণে স্ব-উৎপাদিত বেঙেনা যোগান ধৰিছিল।
বেঙেনা যোগান ধৰাৰ বাবেই স্বৰ্গদেউৰ লগত অহা কাঙ্গণ (Kang-Gang) বৰগোহাঁইয়ে মটকৰ
মুৰব্বীজনক Sle’ নাম দিছিল। লানমাযু এটি টাই ভাষাৰ শব্দ। ‘লান’ মানে নাতি আৰু ‘মাথু’
মানে বেঙেনা। অৰ্থাৎ মটক Fats ‘বেঙেনাৰ নাতি’ আখ্যা দিছিল।

মটকৰ উৎপত্তিৰ ইতিহাস ঃ

মটক শব্দৰ উৎপত্তিৰ ইতিহাস বিচাৰি চালে ‘ফুখাও’ (Phukhao) শব্দৰ ইতিহাস চাব লাগিব।
ফুখাও হ’ল টাইৰ এটি অন্যতম শাখা। এই শাখাটো টাই-মংগোলীয় ফুথাই থালৰ অন্তৰ্গত। ‘ফু’ মানে
টাই ভাষাত ‘গৰাকী’ বা সন্মানীয় মানবিশিষ্ট মানুহ আৰু ‘খাও’ মানে ‘বগা’। ফুথাইসকলক চীন দেশৰ
লাও ৰাজ্যত বসবাস কৰাৰ বাবে লাও বুলিও কোৱা হয়। ফুথাইসকলক তিনি ভাগত ভাগ কৰিছে।
এই ভাগসমূহ হৈছে--(ক) ফুখাও (বগা পিন্ধা টাই) (খ) ফুডাম বা টাই ডাম (কৈলা পিন্ধা DS)
(গ) টাই ডেং (ৰঙা পিন্ধ৷ টাই)। দক্ষিণ চীন থাইলেণ্ড, ভিয়েটনামৰ পৰা অসমলৈকে লাওসকল বিয়পি
আছে। আহোম বুৰঞ্জী অনুসৰি ফুখাওসকল গুটি সিঁচা বা শস্য সিঁচা মূলৰ পৰা উৎপত্তি হৈছে। শস্য
সিঁচা মূলৰ ফুখাওসকলৰ পৰাই মটকৰ উৎপত্তি হৈছে৷ আন এটি নিৰ্ভৰযোগ্য তথ্যৰ পৰা জনা


--- Page 107 ---
৯৮ বৈচিত্ৰ্যময় অসম

যায় যে স্বৰ্গৰাজ ইন্দ্ৰই খুনলুং খুনলাইক ৰাজ্য স্থাপনৰ বাবে পঠোৱাৰ সময়তে কৃষি পিতৃ চ্যাওফুৰা
আলঙৰ SSR হৈছিল। চ্যাওফুৰা আলঙৰ পূৰ্বৰ নাম আছিল খেনখাম লাংকুৰি আৰু কৃষি পিতৃ
ৰূপে কেখাও-চাওথাওলুং নাম লৈছে। এইজন খেনখামৰ বংশ পৰম্পৰা আৰম্ভ হয় অতি প্রাচীন
য়ুনান আৰু হুনান সভ্যতাৰ পৰা। এই সভ্যতা খ্ৰীষ্টপূৰ্ব চাৰিহেজাৰৰ পৰ৷ তিনি হেজাৰ বছৰৰ পুৰণি।
কৃষি পিতৃ-পুৰুষ চ্যাওফুৰা আলঙৰ সপ্ত বংশতেই মটকসকলৰ উৎপত্তি হৈছে। টাই মংগোলীয় মূলৰ
মটকসকলে আদিতে চীন দেশৰ ম্যুঙফী বৰ্তমান সম্ভৱতঃ য়ুনান প্রদেশত বসবাস কৰিছিল। সময়
বাগৰাৰ লগে লগে মটকসকলে জনসংখ্যা বৃদ্ধিৰ বাবেই হওক বা অন্য কাৰণতেই হওক কৃষিভূমিৰ
সন্ধান কৰি অসম অভিমুখে যাত্ৰা কৰে। চীন দেশৰ য়ুনান প্রদেশৰ ফালৰ পৰা থাইলেণ্ড, ম্যানমাৰ
হৈ প্রাচীন অসমত প্ৰৱেশ কৰি তেওঁলোকে তিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত প্রাচীন পৰম্পৰা
ৰক্ষা কৰি আদি ধৰ্মকেই পালন কৰি গাঁৱলীয়া কৃষিভিত্তিক এখন সমাজ প্রতিষ্ঠা কৰি ত্ৰয়োদশ
শতিকালৈ বসবাস কৰিছিল। এই মটককে চ্যুকাফাই তিপামত লগ পাইছিল আৰু ‘ফুখাও’ পৰিয়ালৰ
বুলি চিনি পাইছিল।

মটকৰ পৰম্পৰাগত ধৰ্ম ঃ

টাই মংগোলীয় জনগোষ্ঠী হিচাপে মটকৰ পৰম্পৰাগত ধৰ্ম হৈছে তাও। তেওঁলোকে প্রকৃতি
জগতৰ গাঁঠিয়াল দেৱতাৰ পূজা কৰে। জীৱ-জন্তুৰ গৰাকী ভিন্ন দেৱতা, উপৰি পুৰুষ--মিতুক দেৱতা,
জগত মাতৃ আই, লক্ষ্মী আই আদি ভিন্ন দেৱতাৰ বিশ্বাস কৰে। পাছলৈ মটকসকলে সপ্তদশ শতিকাত
কাল সংহতিৰ প্রৱৰ্তক গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱে প্রচাৰ কৰা মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্রহণ
কৰিছিল। মায়ামৰা ধৰ্ম গ্ৰহণ কৰাৰ পাছতো তেওঁলোকে মিশ্রিত ৰূপত নিজা পৰম্পৰাগত ধৰ্মীয়

বিশ্বাসসমূহ ধৰি ৰাখিছে।
মটকসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন সম্পৰ্কে তলত চমুকৈ উল্লেখ কৰা হ'ল--

মটক ৰজা৷ সৰ্বানন্দ সিংহ

সৰ্বানন্দ সিংহৰ পিতৃৰ নাম আছিল মৰুৎ্নন্দন আৰু মাতৃৰ নাম আছিল পাতয়। পিতৃ-মাতৃৰ একমাত্ৰ
সন্তান সৰ্বানন্দই কেঁচুৱা কালতে মাতৃক হেৰুৱাবলগীয়া হৈছিল। অতি সাধাৰণ খাটিখোৱা মৰুৎত্নন্দন
আছিল মটকৰ বুৰুক চুতীয়া খেলৰ লোক। সৰ্বানন্দৰ পিতৃ প্ৰদত্ত নাম আছিল ‘মেজেৰ৷”। মাতৃহাৰা
মেজেৰাক সকলো সময়তে মৰুৎনন্দনে লগত লৈ ফুৰিবলগীয়া হৈছিল আৰু অতি যতনেৰে তুলি-
তালি ডাঙৰ-দীঘল কৰিছিল। WTC এবাৰ মেজেৰাক বোকোচাত লৈ পুখুৰী খান্দি থাকৌতে
ৰজাই দেখি তেওঁক কামৰ পৰা অব্যাহতি দিছিল। পিতৃৰ লালন-পালনত লাহে লাহে মেজেৰা ডাঙৰ
হৈ ডেকা হৈছিল।


--- Page 108 ---
বৈচিত্ৰ্যময় অসম ৯৯

মেজেৰা আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি। তেওঁ মায়ামৰা ধৰ্মগুৰু অষ্টভুজ গোসাঁইৰ ওচৰত শৰণ
লৈছিল। শৰণ লোৱাৰ সময়ত গোসাঁইজনে শৰণাৰ্থীক একো একোটি নাম দিয়াটো মায়ামৰা বৈষ্ণৱ
ধৰ্মৰ এটি পৰম্পৰা। সেয়েহে মেজেৰাক অষ্টভুজ গোসাঁইয়ে নাম দিছিল সৰ্বানন্দ। মোৱামৰীয়া বিদ্ৰোহৰ
প্রধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই
সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল। এইখিনি সময়তে সৰ্বানন্দই মোৱামৰীয়া
বিদ্ৰোহৰ নেতৃত্ব লৈছিল। সৰ্বানন্দৰ আছিল প্রচুৰ সাংগঠনিক দক্ষতা। কাৰাগাৰৰ ভিতৰে-বাহিৰে সকলো
মটকলোকৰ তেওঁ মনোবল বঢ়াইছিল। সৰ্বানন্দই বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা
কৰিছিল। সৰ্বানন্দ সিংহই ৰজা হৈ প্রথমে বৰ্তমানৰ তিনিচুকীয়াৰ পৰা প্রায় দহ কিলোমিটাৰ উত্তৰে
ৰঙাগড়াত ১৭৮৮ খ্ৰীষ্টাব্দত ৰাজধানী স্থাপন কৰিছিল আৰু ১৭৯১ খ্ৰীষ্টাব্দত বেংমৰা অৰ্থাৎ বৰ্তমানৰ
তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। ৰজা হৈ সৰ্বানন্দ সিংহই টাই পৰম্পৰা ৰক্ষা কৰি স্বৰ্গদেউ
উপাধি গ্ৰহণ কৰিছিল। নিজৰ নামত সোণ আৰু ৰূপৰ মুদ্ৰা প্ৰচলত কৰিছিল। এই মোহৰবোৰ এটকীয়া,
আধাটকীয়া আৰু আধামহীয়া অৰ্থাৎ এটকাৰ আঠভাগৰ একাংশ হিচাপত আছিল বুলি জানিব পৰা
যায়।

মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল। আলি-
পদূলি নিৰ্মাণ কৰি যাতায়াত-ব্যৱস্থাৰ উন্নতি কৰিছিল। ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি,
হাতীআলি আদি আলি বন্ধোৱাইছিল। প্রজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে-ভিতৰে মুঠ চৌবক্রিশটা
পুখুৰী খন্দাইছিল। ইয়াৰ ভিতৰত বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, শেলুকীয়া পুখুৰী,
বৰ পুখুৰী, চাউলধোৱা পুখুৰী, গোধা পুখুৰী আদিয়েই প্রধান। সৰ্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ
নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল।

সৰ্বানন্দ সিংহৰ ৰাজশাসনত প্রজাবৰ্গ শান্তিত বসবাস কৰিছিল বুলি জনা যায়। ৰাজ্য খাদ্য শস্যৰে
নদন-বদন আছিল। প্রয়োজনীয় অস্ত্ৰ-শস্ত্ৰ নিজ ৰাজ্যতে নিৰ্মাণ কৰি লৈছিল। সৰ্বানন্দ সিংহ আছিল
অতি দূৰদৰ্শী আৰু বিচক্ষণ বুদ্ধিৰ ৰজা। প্ৰজাসকলৰ মাজত সৰ্বানন্দ অতি জনপ্রিয় আছিল। প্রজাৰঞ্জক
এই ৰজাজন অসুস্থ হৈ কিছু বছৰ শয্যাশায়ী হৈ ১৮০৫ চনত ইহলীলা সম্বৰণ কৰে। সৰ্বানন্দৰ মৃত্যুৰ
পিছত তেওঁৰ বৰ পুত্ৰ মাতিবৰ বৰ সেনাপতি মটক ৰাজ্যৰ ৰজা হৈছিল।

শিক্ষাবিদ পৱন নেওগ

পৱন নেওগৰ জন্ম হয় ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত। পিতৃ আসাম্বৰ
নেওগ আৰু মাতৃ গোলাপী নেওগ। মাতৃ ঢুকোৱাৰ পিছত মাহী মাক মুহীলা নেওগৰ দ্বাৰা লালিত-
পালিত হৈ পাঁচ বছৰৰ দেওনা পাৰ হওঁতেই প্রাথমিক শিক্ষা আৰম্ভ কৰে তিনিচুকীয়া আদৰ্শ প্রাথমিক
বিদ্যালয়ত। শিক্ষা সম্পূৰ্ণ কৰি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে। নিজৰ দৃঢ়তাৰে
অধ্যয়ন কৰি সেই বিদ্যালয়ৰ পৰা ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।


--- Page 109 ---
১০০ বৈচিত্ৰ্যময় অসম

খেলা-ধূলাত যথেষ্ট ৰাপ থকা নেওগে বিশেষকৈ ফুটবল আৰু ভলীবল খেলত বিদ্যালয়খনৰ
এজন ভাল খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰিছিল। সঙ্গীত তেওঁৰ প্রিয় আছিল আৰু যৎপৰোনাস্তি
vole কৰিছিল। তেওঁৰ বহুমুখী প্ৰতিভাৰ বাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অতি প্ৰিয়
ছাত্র আছিল।

প্রবেশিকা পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে যোৰহাটৰ জে. বি. কলেজৰ কলা
বিভাগত নাম ভৰ্তি কৰে। পঢ়া-শুনাৰ উপৰিও তেওঁ শৰীৰ চৰ্চা কৰি প্রতিযোগিতাত সুনাম অৰ্জন
কৰিছিল। পেশী সঞ্চালন বিভাগত তেওঁ কৃতিত্ব দেখুৱাৰ বাবে ১৯৫৫ চনত Mr. J. ৪. উপাধি
প্রদান কৰা হৈছিল। N.C.C. ত যোগ দি নিজ দক্ষতাৰ বাবে এজন ভাল নেতা হিচাপেও পৰিচিত
হৈছিল। ১৯৫৬ চনত তেওঁ দ্বিতীয় বিভাগত আই. এ. পাছ কৰে।

তাৰ পাছত গুৱাহাটীৰ কটন কলেজত স্নাতক শ্ৰেণীত অধ্যয়ন আৰম্ভ কৰে। কলেজত থাকৌতেই
আন্তঃ মহাবিদ্যালয় প্রতিযোগিতাৰ শৰীৰ চৰ্চা বিভাগৰ প্রতিযোগিতাত তেওঁক Mr. Cottonian
উপাধি প্রদান কৰা হৈছিল। সেই একে বছৰতে অৰ্থাৎ ১৯৫৭ চনত Gymnasium প্রতিযোগিতাত
Mr Guwahati University উপাধিৰে প্রদান কৰি পুৰস্কৃত হয়। ১৯৫৮ চনত দেউতাক ৰোগশয্যাত
থকাৰ বাবে স্নাতক মহলা সম্পূৰ্ণ কৰিব নোৱাৰিলে। ১৯৫৯ চনত তেওঁ চেনাইৰাম উচ্চতৰ মাধ্যমিক
বিদ্যালয়ত অস্থায়ী শিক্ষক হিচাপে শিক্ষকতা কৰে। ১৯৬০ চনত তেওঁ পুনৰ স্নাতক পৰীক্ষা দিয়ে
আৰু ডিগ্ৰী লাভ কৰে। তেওঁ কিছু অৰ্থ উপাৰ্জনৰ কথা চিন্তা কৰ ১৯৬২ চনত D.SP. পদত নিযুক্তি
পাইছিল যদিও তেওঁ শিক্ষকতা বাদ দিব পৰা নাছিল।

তেওঁৰ মনোবল আৰু সাহস অপৰিসীম আছিল। ল’ৰা-ছোৱালীক তেওঁ খুউব মৰম কৰিছিল। বিপদ-
আপদত পৰা লোকক তেওঁ সৎ পৰামৰ্শ দি সহানুভূতি জনাইছিল।

১৯৯২ চনৰ ৩০ চেপ্তেম্বৰত তেওঁ চাকৰিৰ পৰ৷ অৱসৰ লয়। সেই সময়ত তেওঁৰ শৰীৰ কিছু
দুৰ্বল হোৱাত সকলো কাম পুনৰ উদ্যমেৰে কৰিব পৰা নাছিল যদিও আংশিক হিচাপে কৰি আছিল।
২০০১ চনত WBS স্থাপিত হোৱা Art ৪০000]-ত তেওঁ আগভাগ লৈছিল। অঞ্চলটোত এখন
মণ্টেচৰি আৰ্হিৰ স্কুল খোলাৰ বাবে তেওঁ শিক্ষাবিদসকলৰ লগত আলোচনা কৰি আছিল। কিন্তু মনৰ
আশা মনতে Vet] ২০০২ চনৰ ১১ আগষ্ট তাৰিখে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই

ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই তেতিয়াৰ বেংমৰা ৰাজ্যৰ (১৭৮৮) প্রতিষ্ঠাপক ৰজা স্বৰ্গদেউ সৰ্বানন্দ
সিংহৰ সুযোগ্য পৰিনাতি আছিল। ৰজা সৰ্বানন্দ সিংহৰ তিনিজন পুত্ৰ আছিল। মাটিবৰ, কলিবৰ আৰু
কমলেশ্বৰ। মাটিবৰৰ ভোগবৰ, ভগীৰথ, দুখীৰথ, AP আদিকে ধৰি দহজন পুত্ৰ আছিল। ভগীৰথৰ


--- Page 110 ---
বৈচিত্য্যময় অসম ১০১

তৃতীয় পুত্ৰ বিশবৰৰ নুমলীয়া তথা ষষ্ঠ পুত্ৰ আছিল ৰাজকুমাৰ লংকেশ্বৰ গোহীঁই। লংকেশ্বৰ গোহাঁইয়ে
০১-০৫-১৯৫৪ তাৰিখে তেতিয়াৰ লখিমপুৰ জিলাৰ উপায়ুক্তৰ আগত এতিহাসিক বেংমৰা ৰাজ্যৰ
পুনৰ উদ্ধাৰৰ বাবে তৰা গোচৰৰ সাক্ষীত তেওঁৰ জন্ম ১৮৮৭ চনত তিনিচুকীয়াত হোৱা বুলি উল্লেখ
আছে। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যুৰ পিছত ৰাজ পৰিয়ালটোৰ লগতে বেংমৰা ৰাজ্যৰ অন্যান্য
বিষয়ববীয়াসকল ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰতি হৈ বসবাস কৰিছিল। ৰাজকুমাৰ লংকেশ্বৰ গোহাঁইৰ
১০/১২ বছৰ বয়সত পৰিয়ালৰ সৈতে চাবুৱালৈ উঠি যায়। ৰাজপৰিয়াল বাস কৰাৰ বাবে অঞ্চলটোৰ
নাম পৰৱৰ্তা সময়ত ৰজাবাৰী নামেৰে নামকৰণ হয়। সেই সময়ত খেতি-বাতিৰ ওপৰত নির্ভৰশীল
হোৱাৰ বাবে ৰাজকুমাৰৰ পৰিয়ালটিকে ধৰি ৰাজপৰিয়ালৰ কিছু লোকে খেতিমাটিৰ সন্ধানত বৰ্তমানৰ
তিনিচুকীয়া জিলাৰ ডিৰাকলৈ উঠি যায়। পৰিয়ালটিয়ে সৰুডিৰাকত নিগাজীকৈ থাকিবলৈ লয়।
ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই আনুষ্ঠানিক উচ্চ শিক্ষাৰে শিক্ষিত নাছিল যদিও সাহসী, উচ্চাকাংক্ষী
আৰু চিন্তাশীল ব্যক্তি আছিল। তেওঁ সমাজক নেতৃত্ব দিব পৰা৷ উপযুক্ত গুণৰ অধিকাৰী আছিল। ৰজাৰ
উপযুক্ত প্রতিনিধি হিচাপে দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বেংমৰা ৰাজ্যৰ পুনৰুদ্ধাৰ আৰু সুকীয়া
স্বীকৃতি বাহাল ৰাখিবৰ বাবে চৰকাৰৰ ওচৰত প্রবল দাবী উত্থাপন কৰিছিল। তেওঁ থলুৱা জাতি-
জনগোষ্ঠীৰ ভূমি অধিকাৰ, সম্পত্তিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বেংমৰা
ৰাজ্যৰ সুকীয়া স্বীকৃতি দাবী কৰি আহিছিল। তেওঁ বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত কাঠৰ
মিল খুলি কাঠৰ যোগান ধৰিছিল। কাঠৰ উপৰিও সোণ আৰু হাতীৰ ব্যৱসায়তো সুনাম অৰ্জন কৰিছিল।
ৰাজবংশৰ প্রতিনিধি হিচাপে ইংৰাজ বিষয়াসকলৰ সৈতে সুসম্পৰ্ক আছিল। হাতী ধৰা আৰু প্রশিক্ষণ
দিয়াত তেওঁৰ বিশেষ দখল আছিল। তেওঁ ব্ৰহ্মদেশৰ ৰজাৰ লগত মিতিৰালি কৰি হাতী ধৰিছিল।
মণিপুৰৰ ৰজাক বন্ধুত্বৰ চিন হিচাপে তেওঁ দুটা হাতী উপহাৰ দিছিল। তেওঁৰ চিকিমৰ লগতো ভাল
সম্পৰ্ক আছিল। ৰাজকুমাৰদেৱে বাৰ্মিজ, মণিপুৰী, চিংফৌ, খামতি, মিচিং, দেউৰী, নক্টে আদিকে ধৰি
বহুকেইটা ভাষা জানিছিল। তেওঁ ব্যৱসায়ৰ কামত বিভিন্ন ঠাই ভ্ৰমি ফুৰিছিল যদিও নিজৰ মূল লক্ষ্যৰ
পৰা বিচলিত হোৱা নাছিল। তেওঁ এই বৃহৎ অঞ্চলটোৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ ৰাইজ আৰু মুখিয়াল
তথা ৰজাসকলৰ সৈতে অতি মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। সেয়েহে তেওঁলোকে ৰাজকুমাৰদেৱৰ
সংগ্ৰামখিনিত সহযোগিতা আগবঢ়াইছিল। সেইসকলৰ ভিতৰত বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ টংকেশ্বৰ
দেউৰী, খামতি ৰাজকুমাৰ চৌখামুন গোহাঁই, বিচা ৰাজ্যৰ চিংফৌ ৰাজকুমাৰ জখং আৰু গাঁওবুঢ়া পিন
লংলংদেৱে তেওঁৰ সংগ্রামী কাৰ্যসূচীত ব্যক্তিগতভাৱে উপস্থিত থকাৰ উপৰিও আৰ্থিক সহযোগিতা
আগবঢ়াইছিল। তেওঁ নিজ ৰাজ্যৰ উপৰিও অৰুণাচল, মণিপুৰ, চিকিম, নগালেণ্ড, মেঘালয় আদি অঞ্চলৰ
WMP সৈতে জনহিতকৰ তথা উন্নয়নমূলক কামত নিজকে জড়িত কৰিছিল। শেষ অৱস্থাত
ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই শয্যাশায়ী হৈ ১৯৭৩ চনৰ ৭ মাৰ্চৰ দিনা সৰু ডিৰাকৰ নিজ বাসগৃহত


--- Page 111 ---
১০২ বৈচিত্ৰ্যময় অসম
শেষ নিশ্বাস ত্যাগ কৰে।

মটক শব্দৰ অৰ্থ লিখা।
মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা।
মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক?
মটকসকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা।
মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহৰ বিষয়ে চমুকৈ
বৰ্ণনা কৰা।
wl চমুটোকা লিখা ঃ
(ক) শিক্ষাবিদ পৱন নেওগ (খ) ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই
(at) সৰ্বানন্দ সিংহ

RF ০ে owe”


--- Page 112 ---
মৰাণসকল

মৰাণসকল অসমৰ এক অতি প্রাচীন কিৰাত-মঙ্গোলীয় মূলৰ জনগোষ্ঠী। এওঁলোক অসম তথা
উত্তৰ-পূৰ্বাঞ্চলৰ আদিম অধিবাসী। বিশাল হিমালয় পৰ্বতমালাৰ দক্ষিণ পাদদেশৰ অসম তথা উত্তৰ-
পূৰ্বাঞ্চলৰ এই জীপাল ৰম্যভূমিত মৰাণসকলে আবহমান কালৰে পৰ৷ বসতি কৰি আহিছে। কোনোবা
অজান কালৰে পৰা এই CPSs অঞ্চলত বসবাস কৰি অহা মৰাণসকলক সেয়ে এই ভূ-খণ্ডৰ
প্রাকএঁতিহাসিক মানৱ প্রজাতিৰ এক নিৰ্দিষ্ট গোট ৰূপে চিহ্নিত কৰা হৈছে। অসমৰ সৰ্বকালৰ অন্যতম
শ্রেষ্ঠ মানৱ বিষুঃ ৰাভাদেৱে তেওঁৰ ‘অসমীয়া কৃষ্টি’ নামৰ পুস্তিকাত এইদৰে উল্লেখ কৰিছে--“এওঁলোকৰ
দিনতে অসমত দ্ৰুতভাৱে তাম্ৰ যুগ, বোঞ্জ যুগ আৰু লৌহ যুগ আৰম্ভ হৈছিল।” | স্বৰ্ণলতা বৰুৱাৰ
মতে ‘খ্ৰীষ্ট জন্মৰ বহু শতিকাৰ পূৰ্বৰে পৰা৷ মৰাণসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি কৰি আহিছে।
মৰাণসকল যে অসমৰ আদিম অধিবাসী এই সম্পৰ্কত পণ্ডিতসকল একমত। একালত এই মৰাণসকল
যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে হিমালয়ৰ নিকটতম নামনি অঞ্চলজুৰি বিস্তৃত হৈ আছিল, এই সম্পৰ্কত
ভালেমান এঁতিহাসিক সূত্ৰৰ সন্ধান পোৱা যায়। যুগবিবৰ্তনৰ প্রৱাহমান ধাৰাত আন আন আদিম
জনগোষ্ঠীসমূহৰ দৰেই মৰাণসকলেও অৱস্থানগতভাৱে কিছু পৰিবৰ্তিত Ue সম্প্ৰতি
সংখ্যাধিকভাৱে তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত
বসতি কৰি থকাৰ লগতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি আদি জিলাসমূহতো বুজন পৰিমাণৰ
বসতি আছে। তদুপৰি গোলাঘাট, নগাঁও, শোণিতপুৰ, লক্ষীমপুৰ আদি জিলাবিলাকতো মৰাণৰ সেৰেঙা
বসতি দেখা যায়। মৰ৷ণসকলৰ গৰিষ্ঠ সংখ্যক লোকেই সংৰক্ষিত বনাঞ্চলৰ কাষে-পাজৰে দুৰ্গম
অঞ্চলসমূহত গাঁও পাতি বসবাস কৰে। অতি কম সংখ্যক লোকহে ক্ষুদ্ৰ ক্ষুদ্ৰ বিকাশমুখী কেন্দ্ৰস্থলসমূহৰ
উপকণ্ঠত বাস কৰে।

মৰাণসকলৰ নৃগোষ্টীগত পৰিচয় ঃ মৰাণসকল বৃহৎ কিৰাট মঙ্গোলীয় গোষ্ঠীৰ এক অন্যতম
জনজাতীয় গোট। G সূৰ্য কুমাৰ ভূঞাদেৱে তেওঁৰ ‘কছাৰী বুৰঞ্জী’ত বাৰ্থৰ কছাৰী আছিল বুলি
উল্লেখ কৰিছে। সোনোৱাল কছাৰীসকলৰ এজন লেখক ৰজনীকান্ত হাজৰিকাৰ ‘মঙ্গোল কছাৰীৰ OG


--- Page 113 ---
১০৪ বৈচিত্ৰ্যময় অসম

ইতিহাস’ নামৰ পুথিতো বাৰঘৰ কছাৰীৰ কথা উল্লেখ আছে। তদুপৰি উজনিৰ কছাৰীসকলৰ জনপ্রবাদ
মতেও কছাৰীৰ বাৰটা বংশ আছিল। এই বংশবোৰ হ’ল--দমচয় (ডিমাচা), ইনটুহজয় (হোজাই), বিহদয়
(বড়ো), জুহল-লুইৱা (লালুং বা সম্প্ৰতি তিৱা), ay সোনলয় (সোনোৱাল), ইনটু feta (মৰাণ),
দিউনয় (দেউৰী), ইনটু-মেচয় (মেছ), PRAT (কোচ), ইনটু-গাৰোয় (গাৰো), ৰাভা কিৰাটয় (ৰাভা),
বাদু হজয় (হাজং)। প্ৰণিধানযোগ্য যে পৰৱৰ্তী এক সময়ৰ পৰা এই কিৰাট কছাৰীসকল সামুহিক ভাৱে
বৃহৎ বড বা বড়ো গোষ্ঠী বুলিও অভিহিত হ’ল আৰু সেয়েহে আজিকালি মৰাণসকলৰ লগতে অন্যান্য
সকলকো একেলগে বড়োমূলীয় লোক বুলি গণ্য কৰা হয়। তদুপৰি বড়োমূলৰ আন কেইবাটাও ফৈদ
আছে, যেনে--ত্ৰিপুৰা, নেপালৰ মেছে ইত্যাদি।

অতীজতে মৰাণসকলৰ মাজত ASSAY নামৰ এটা বড়োমূলীয় ভাষা আছিল। এই ভাষা ওঠৰ
শতিকাৰ শেষ ভাগলৈকে চলি আছিল বুলি এডৱাৰ্ড গেইট চাহাবে উল্লেখ কৰিছে। অতীতৰ মৰাণ
ভাষাৰ কেইটামান শব্দ হ’ল দি (পানী), সিম (নিমখ), মাই (ধান), মাইৰুম (চাউল), মিয়াম (ভাত),
মহন (মাংস), চান (সূৰ্য), দান (চন্দ্ৰ), হাটাৰাই (তৰাবোৰ), মকুহাং (বৰষুণ), চেনফং (গছ), হিংকা
(কাপোৰ), খেৰো (মূৰ), হান (চাহ), হাটাই (দাঁত), হাপাতোলা (ভৰি), feat (মতা), হিচি (মাইকী),
মাদাই (সন্মানীয় লোক), তাদাই (ডেকা ল’ৰা), চেখলা (ছোৱালী)। অতীতৰ মৰাণ ভাষা BS aA
যদিও উল্লিখিত শব্দবোৰৰ লগতে আৰু বহু উক্ত ভাষাৰ শব্দৰাজিৰ মৰাণ গ্রাম্য সমাজত আজিও প্রচলন
হৈ আছে। শব্দবোৰ বড়ো, ডিমাছ৷, দেউৰী আদি ভাষাৰ সৈতে মিল আছে।

চাওলুং চ্যুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। ৰাজ্যখনৰ সীমা আছিল
উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূৱে চফাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ। সেই সময়ত মৰাণৰ ৰজাজনৰ
নাম আছিল বডোচা বা বদৌছা। বদৌছা শব্দৰ অৰ্থ হ'ল বড়োৰ ABA! এই বদৌছাই মৰাণসকলৰ
Sears যুগৰ অন্তিমজনা ৰজা। বদৌছাৰ পূৰ্বে আঠজন ৰজাই বিভিন্ন সময়ত অসমৰ ভিন্ন ভিন্ন
খণ্ডত শাসন কৰাৰ সম্ভিদ পোৱা যায়।

সাংস্কৃতিকভাৱে মৰাণসকল অতি চহকী। বিহুৱেই মৰাণসকলৰ প্রধান GOAL | অতীজতে মৰাণসকলে
শদিয়াৰ কেঁচাইখাতী থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা, দেওশাল, চৰাইদেউ আদিত
শাল পাতি দেৱ-দেৱী পূজা কৰিছিল। বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি বিহু
নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে Tee আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাত দিন,
সাত ৰাতি বিহু মাৰিছিল আৰু এনেদৰে অন্যান্য অসমীয়াতকৈ ভিন্ন দিন-বাৰত আজিও তেওঁলোকে
বিহু পালন কৰে। অতি সম্প্ৰতি দেউৰীসকলৰ বিহুৰ দৰেই মৰ৷ণসকলৰ বিহুক ‘মৰাণ বিহু’ নামেৰে
জনা যায়। গছতলৰ বিহু, ৰাতি বিহু, ধৰ্ম হুঁচৰি, বৰমগা আদিয়ে মৰাণ বিহুক সমৃদ্ধ কৰিছে। মৰাণসকলৰ
ঢোলৰ আকৃতি, বাদনৰ লয়-তাল, বিহু নৃত্যৰ ভংগিমা, গীতৰ তাল-লহৰ আদিৰ নিজস্ব বৈশিষ্ট্য


--- Page 114 ---
বৈচিত্য্যময় অসম ১০৫

বিদ্যমান। আনহতে মৰাণসকলৰ অন্যান্য সাংস্কৃতিক সম্ভাৰসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল কুলাবুঢ়ী
নৃত্য, যঁজা নৃত্য, ৰণুৱা নৃত্য-গীত, ধ্ৰুতং, গৰখীয়া গীত, বুম তলীৰ গীত, হাতী শিকোৱা গীত,
বিভিন্ন খেৰি ইত্যাদি।

মৰাণসকলৰ মাজত বহুতো খেল-বংশ আছে। এই খেল-বংশবোৰ বৃত্তিসূচক, স্থানবাচক, গুণবাচক,
জাতিবাচক, যেনে--তেল পৰা তেলেপীয়া, নাও নিৰ্মাণ কৰাসকলক নাওশলীয়া, চিকৰি, গনতা, SS)
গঞা, দহোটীয়া, ডিমৌণগুৰীয়া, দাউচলীয়া, পেটুধুৱা, হাতীমূৰীয়া,ৰংযোগনীয়া, ৰুপাই গনতা, মাজুলী
গঞা, হালধিবৰীয়া, CTA, খাটোৱাল ইত্যাদি।

মৰাণসকলৰ সমাজ-গাঁথনি বা সমাজ পৰিচালনা ঃ মৰাণসকলৰ প্ৰতিখন গাঁৱত ৰাইজৰ দ্বাৰা
নিৰ্বাচিত এজন গাঁওবুঢ়া থাকে লগতে প্রয়োজন অনুসৰি দুজন বা ততোধিক বৰবুঢ়া থাকে। এওঁলোকৰ
অধীনতে ধৰ্মীয়, সামাজিক কাম-কাজ, বিচাৰ প্রক্ৰিয়া পৰিচালিত হয়। সেইদৰে ডেকাসকলৰ মাজতো
এজন দলপতি আৰু উপ-দলপতি থাকে। এওঁলোকে সমাজ পৰিচালনাত আগভাগ লয়।

এই মৰাণসকলৰ জাতীয় খেতিৰ ভিতৰত সুমথিৰা বা কমলা টেঙা অন্যতম। ঠিক তেনেকৈ জাতীয়
পশু হাতী আৰু জাতীয় গছ হোলুং।

মৰাণসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা৷ হ’ল--

সমন্বয়ৰ জনক কিৰাত শৌৰ্য বদৌচা

অসমৰ অন্যতম আদিম অধিবাসী কিৰাত-মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ এঁতিহাসিক যুগৰ
অন্তিম জনা ৰজা আছিল বদৌচা। ১২২৮ খ্ৰীষ্টাব্দত চাউল্যঙ চ্যুকাফাই অসমত প্রৱেশ কৰাৰ সময়ত
বদৌচাৰ অধীনত উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ মহানদীৰ মাজৰ
ভূখণ্ডৰ এখন সমৃদ্ধিশালী মৰাণ ৰাজ্য আছিল। সাম্প্ৰতিক কালৰ শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ
একাংশ সামৰি মৰাণ ৰাজ্যৰ অৱস্থিতি আছিল। মৰাণ ৰাজ্যৰ কাষতে বৰাহী ৰাজ্য আছিল আৰু অন্যান্য
অঞ্চলত চুটীয়া, কছাৰী, ভূঞা ৰাজ্যৰ উপৰিও পাহাৰ-ভৈয়ামৰ সকলোবোৰ আদিম গোষ্ঠীৰ নিজ নিজ
ভূখণ্ড আছিল। সেই প্রাচীন ৰাজ্যবোৰৰ মাজত, জাতি-জনগোষ্ঠীসকলৰ মাজত কোনো ধৰণৰ অসূয়া
অপ্ৰীতি, দ্বন্দ-সংঘাত, যুদ্ধ-বিগ্ৰহ আদি হোৱাৰ সম্ভেদ বুৰঞ্জীত পোৱা নাযায়। কাজেই সমগ্র ভূ-ভাগতে
পাৰি।

কলাগুৰু বিষুণপ্ৰসাদ ৰাভাই তেওঁৰ ‘অসমীয়া কৃষ্টি’ শীৰ্ষক পুস্তিকাত সেই কালৰ মৰ৷াণসকলক প্রবল
প্রতাপী বুলি কৈ গৈছে। এই বৰেণ্য গৱেষকজনৰ ভাষ্যই বদৌচাৰ শক্তিশালী প্রভাৱৰ কথাও সূচাইছে
সেই সময়ৰ সুদূৰ আৰু অগম্য পাহাৰ-পৰ্বতলৈকে মৰাণসকলৰ আধিপত্য থকাৰ সম্ভেদে, বিশাল বিস্তৃত


--- Page 115 ---
১০৬ বৈচিত্ৰ্যময় অসম

অঞ্চলটোত সম্প্গীতি বৰ্তাই ৰখাৰ দিশত বদৌচাৰ শক্তিশালী ভূমিকাৰেই ইঙ্গিত বহন কৰে।

চাউল্যুঙ চ্যুকাফাই সেয়েহে ৰাজ্য প্রতিষ্ঠাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ মানসেৰেই ইয়াৰ
মৰাণসকলকেই প্রথমে লগ ধৰিছিল। প্রবল অতিথি পৰায়ণ মহানুভৱ বদৌচাই চ্যুকাফাৰে সৈতে লগত
অহা টাইসকলক আদৰি লৈছিল। ৰজা বদৌচাৰ অনুমতি আৰু আতিথ্যত চ্যুকাফা আৰু তেওঁৰ
অনুগামীসকলে ইয়াৰ থলুৱা মৰাণ, বৰাহী, চুতীয়া, কছাৰী সমাজৰ সৈতে বহু কালজুৰি সমিলমিলেৰে
বসবাস কৰি সকলোৰে আপোন আৰু থলুৱা সমাজখনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। লগত তিৰোতা
লৈ নহা টাইসকলে ইয়াৰ থলুৱা গাভৰু বিবাহ কৰাই মহামিতিৰ হৈ পৰিছিল।

অপুত্ৰক বদৌচাই সুলক্ষণযুক্ত, সুদৰ্শন যুৱক চ্যুকাফালৈ নিজৰ কন্যা বিয়া দিয়াৰ সূত্ৰে শহুৰ-জোঁৱাই
সম্বন্ধেৰে বান্ধ খাইছিল। সেয়েহে বদৌচাই নিজৰ বৃদ্ধ বয়সত জোঁৱায়েক চ্যুকাফাৰ হাতত মৰাণ ৰাজ্যৰ
শাসনভাৰ অৰ্পণ কৰিছিল আৰু পৰম বুজা-বুজি অনুসৰি বৰাহী ৰাজ্যও চামিল হৈছিল। বদৌচা আৰু
বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শক্ৰমে চ্যুকাফাই মৰাণ-বৰাহীৰ পবিত্ৰ পূজাৰথলি চৰাইদেউত ৰাজধানী
পাতি, মৰাণ ৰাজ্যক আহোম ৰাজ্য নামকৰণ কৰি এখন সন্মিলিত ৰাজ্যৰ পাতনি মেলিছিল। এনেদৰেই
চ্যুকাফাই বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতিসত্বাৰ বীজ ৰোপণ কৰিলে। কিন্তু চ্যুকাফাৰ এনে
মহৎ কাৰ্যৰ আঁৰত থকা বদৌচাৰ বিৰাট অৱদান কোনো কালেই স্বীকৃত নহ'ল। এতেকে চাউল্যঙ
চ্যুকাফাক অসমীয়া জাতিৰ পিতৃ অখখ্যা দিয়াৰ সমানেই বদৌচাক অসমীয়া জাতিৰ ‘পিতামহ’ আখ্যাৰে
আখ্যায়িত কৰিব পাৰিলেহে তেৰাই প্রতিষ্ঠা কৰি যোৱা যুগজয়ী দৃষ্টান্তৰ প্ৰাসংগিকতাৰে অসম তথা
উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া Gay যাউতিযুগীয়া কৰি ৰখাৰ বাট মুকলি Se

বীৰাঙ্গণা ৰাধা-ৰুকুণী

বিশ্ব ইতিহাসৰ গণবিপ্লৱসমূহৰ ভিতৰত মধ্যযুগৰ অসম মুলুকত সংঘটিত মোৱামৰীয়া গণবিপ্লৱো
অন্যতম। এই সৰ্বাত্মক গণবিগপ্লৱত নাৰীশক্তিৰ সবল যোগদান এক বিস্ময়কৰ অধ্যায়ৰূপে চিহ্নিত হৈছে।
ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ,
অনাচাৰ-অত্যাচাৰৰ বিৰুদ্ধে, সকলো জাতি-উপজাতি সাধাৰণ কৃষক প্রজাই সৰ্বাত্মকভাৱে অংশগ্ৰহণ
কৰা এই বিপ্লৱৰ নেতৃত্ব দিছিল মৰাণসকলে। বীৰ ৰাঘৱ মৰাণ আৰু নাহৰখোৱা মৰাণৰ (শইকীয়া)
TAN ভূমিকাৰ সমানেই প্রজা সাধাৰণক সংগঠিত কৰিবৰ বাবে শক্তিশালী অংশ গ্ৰহণ কৰিছিল নাহৰৰ
দুই পত্নী ভাতুকী, ভাবুলী ওৰফে ৰাধা-ৰুকুণীয়ে।

মোৱামৰীয়া বিপ্লৱৰ বৰ্হিপ্রকাশো ঘটিছিল এই দুই থকাৰ সময়তে। ৰজা লক্ষীসিংহই বৰঢাক সাজিবৰ
বাবে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল। ৰাধা-ৰুকুণীয়ে গাঁৱৰ মানুহ একত্ৰিত কৰি ‘এইখন থলুৱা


--- Page 116 ---
বৈ চত্ৰ্যময় অসম ১০৭

জনগণৰ আবহমান কালৰ হাবি, যাউতিযুগীয়া প্রাকৃতিক সম্পদ, ইয়াত ৰজাৰ অধিকাৰ aS’ বুলি
কৈ ৰজাৰ মানুহক ওভতাই পঠিয়াইছিল।

প্রণিধানযোগ্য যে এই দুই বীৰাঙ্গণাই সেই কালৰ পৃথিৱীত নোহোৱা-নোপজা এক শক্তিশালী যুঁজাৰো
নাৰী বাহিনী গঠন কৰিছিল। প্রথম যেতিয়া বিপ্লৱী বাহিনী আৰু ৰজাঘৰীয়া সৈন্য বাহিনীৰ মাজত
মুখামুখি যুদ্ধ হৈছিল, তেতিয়া ৰাধা আৰু ৰুকুণীৰ প্রবল পৰাক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৰাজকীয়
বাহিনী বিষমভাৱে পৰাজিত হৈছিল। ৰাধা-ৰুকুণীৰ বীৰত্ব সন্দৰ্ভত পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ
‘অসম বুৰঞ্জী’ত উল্লেখ কৰিছে এনেদৰে — ‘সেই ৰণত ৰাধা আৰু ৰুকুণীয়ে পুৰুষৰ সাজত ধনু-
কাঁড় লৈ ৰণ দিছিল। এই তিৰোতা দুগৰাকী বৰ চতুৰ আছিল আৰু গুপুতে ৰণৰ কৌশল জনাৰ
বাবে সিবিলাকৰ গাত কেৱেঁ ধনুৰ কীড় কিম্বা হিলৈৰ গুলি লগাব নোৱাৰিছিল।’ তদুপৰি এই দুই
নেত্ৰীৰ অসীম বীৰত্বৰ এনে সত্য-গাঁথা বুৰঞ্জীৰ পাতত সন্নিৱিষ্ট হৈ আছে। বিপ্লৱী বাহিনীয়ে ৰংপুৰ
দখল কৰি ৰমাকান্তক ৰজা পতাৰ সময়তো এই দুগৰাকী পৰামর্শদাত্ৰী ৰূপেই অৱতীৰ্ণ হৈছিল।

পৰৱৰ্তী সময়ত ৰাজতন্ত্ৰৰ যড়যন্ত্ৰ বলি হৈ দুয়ো গৰাকীৰে মৃত্যু হ'ল যদিও, পক্ষপাতদৃষ্ট
ৰাজঘৰীয়া বুৰঞ্জীৰ কৃপণালিয়েও তেওঁলোকৰ অজেয় কীৰ্তি ঢাকি ৰাখিব নোৱাৰিলে। এতেকে
নিপীড়িত মানুহৰ মুকুতিপ্রয়াসী এই দুগৰাকী মহান নাৰী ইতিহাস পৰিক্ৰমাত যুগে যুগে অমৰ হৈ
থাকিব আৰু আজিৰ বিশাল নাৰীসমাজৰ সাহ আৰু প্ৰেৰণাৰ অমল উৎস হৈ ৰ'ব।

বাপৰা৷ জগবা

ব৷পৰা জগধা দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুৰুষ আছিল। তেওঁৰ পিতৃৰ নাম
আছিল দাৰবি। যদিওবা ত্ৰয়োদশ শতিকাতেই অসমলৈ চাওলুং চ্যুকাফাই আহি মৰাণ, বৰাহী, কছাৰী
আদি জাতি সামৰি বৃহত্তৰ আহোম ৰাজ্যৰ পাতনি মেলিছিল; পঞ্চদশ শতিকাৰো পাছলৈকে মৰাণসকলৰ
দৰে বহু জনজাতিয়ে ঘন অৰণ্যৰ মাজত অৰণ্যবাসী হিচাপে জীৱন নিৰ্বাহ কৰিছিল। সেইসকলে দলপতি
বা মুৰব্বীৰ দ্বাৰা পৰিচালিত সমাজ পাতি বসবাস কৰিছিল। তেনে এগৰাকী দলপতি আছিল খাওখাই।
প্রাচীন সৌমাৰখণ্ডৰ এক বিস্তৃত অঞ্চলত তেওঁৰ তত্ত্বাৱধানত উল্লেখযোগ্য ভূমিকা লৈছিল। উল্লেখযোগ্য
যে মৰাণসকলে আহোম ৰাজ্য তথা অসমীয়া জাতি প্ৰতিষ্ঠাত প্রধান ভূমিকা লৈছিল। সেয়েহে
তেওঁলোকে আহোম ৰাজ্য প্ৰশাসনলৈ কৰ-কাটল দিব নেলাগিছিল। খাওখাই আৰু দাৰবীৰ ছয়জন পুত্ৰ
খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আৰু চিকচৌ। জগধা পঞ্চম পুত্ৰ আছিল। তেওঁ
সকলোতকৈ পাহুৱাল, বলী আৰু সাহসী আছিল। ল’ৰাকালিতে তেওঁ বাৰিষা ডিব্ৰু নদী পাৰ হৈ অৰণ্যত
মেলি থোৱা হাতী ধৰি ঘৰলৈ আনিব পাৰিছিল। আন দহজন ল’ৰাতকৈ জগধা সাহস, বল বিক্ৰম
আৰু চিন্তাধাৰাত বৰ আগবঢ়া আছিল। সমনীয়াৰ সৈতে খেল-ধেমালি, চৰাই চিকাৰ, চেমেনিয়াৰ চিকাৰী
ভোজ আদিত জগধাই ককায়েকহঁততকৈও এখোপ আগবঢ়া, সেয়ে সকলোৱে তেওঁক মুখ্য স্থান


--- Page 117 ---
১০৮ বৈচিত্ৰ্যময় অসম

দিছিল। ক্ৰমান্বয়ে ডাঙৰ হৈ অহাত সি বিহু দলৰ, ডেকা-ডেকেৰীহঁতৰ দলপতি হৈ পৰিল। সেই সময়ত
সিহঁতে শদিয়াৰ কেঁচাইখাতী শালৰ পৰা বুধবাৰে গৰু বিহু অনুষ্ঠিত কৰি বিহু নমাই আনিছিল।

সেই সময়ত আন জনজাতিৰ লগত প্রায়ে যুদ্ধ-বিগ্ৰহ চলিছিল। খাওখাইৰ পুত্ৰ জগধাৰ নেতৃত্বত
এক বিশাল যুঁজাৰুৰ সৈনিক দল গঠন হৈছিল। জগধাৰ গাৰ গঠন আনতকৈ বেলেগ আৰু সাহসৰ
দিশৰ পৰা তেওঁ খামিডাঠ আছিল। তেওঁ একে ঘাপে এডাল চোৱাগছ কাটি বগৰাই দিব পাৰিছিল।
জগধাকেই সকলোৱে সেনাপতিৰ দায়িত্ব দিছিল। অভিজ্ঞজনৰ পৰা যুদ্ধৰ ৰণ-কৌশল শিকি জগধাই
সৈনিকসকলক প্ৰশিক্ষণ দি ৰণত পাৰ্গত কৰি তুলিছিল। বিভিন্ন সময়ত তেওঁৰ সৈন্য-বাহিনী বিভিন্ন
জাতি-উপজাতিক মহা AACA কুৰিবাৰকৈ পৰাস্ত কৰিছিল। আন আন মৰাণ প্রধান অঞ্চলত উপদ্ৰপ
কৰা পাহাৰীয়া জাতি-জনজাতিক খেদিবলৈ জগধাৰ সৈন্য দলক আহ্বান জনোৱা হৈছিল। জগধাৰ মূৰটো
বহুত ডাঙৰ আৰু চুলিৰে ভোবোৰা হৈ থকা বাবে মানুহে তেওঁক Artal বুলিও কৈছিল। পাছলৈ
সকলোৱে তেওঁক ব৷পৰা জগধা বুলিছিল।

এবাৰ খামতিসকলে মৰাণ গাঁও এফালৰ পৰা আক্ৰমণ কৰি আহিছিল। সেনাপতি sort জগধাই
সাতদিন দেউচাঙত শত্ৰু ৰুধিবৰ বাবে কেঁচাইখাতীৰ পূজা অৰ্চনা কৰিছিল। তেওঁ তৰোৱাল (মৰাণ
ভাষাত হানচাই) উলিয়াই যঁক উঠি নাচি নাচি যুদ্ধলৈ গতি কৰিছিল। সেই যুদ্ধত বিস্তৰ ৰূপত শত্ৰু
সৈন্য সেনাপতি বপৰা জগধাই নিপাত কৰি পাহাৰলৈকে খেদি পঠিয়াছিল।

এনে ধৰণৰ অনেক যুদ্ধত বাপৰা জগধাই নিজ জাতিক ৰক্ষা কৰি জাতীয় বীৰৰূপে পৰিগণিত
হৈছিল। আজিও মৰাণ সমাজত তেওঁৰ নাম ৰৈ বৈ যোৱাকৈ প্রচলিত হৈ আছে।

মোহন শইকীয়া

মৰাণসকলৰ আধুনিক কালছোৱাৰ পুৰোধা ব্যক্তিসকলৰ অন্যতম প্রয়াত মোহন শইকীয়া। অতীত
অসমৰ এক শক্তিশালী জনগোষ্ঠী অথচ বিভিন্ন এতিহাসিক বিড়ম্বনাৰ কবলত পৰি সাম্প্ৰতিক কালত
অতিকে GSS আৰু সৰ্বদিশতে অনগ্ৰসৰ মৰাণ সমাজখনৰ প্রথমচাম মুষ্টিমেয় শিক্ষিত লোকৰ অন্যতম
শইকীয়াদেৱ।

তেওঁৰ জন্ম হয় ১৯৩০ চনৰ ২২ নৱেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ তালাপৰ এক অতি ভিতৰুৱা
অঞ্চলৰ ২২নং তামূলি গাঁৱত। পিতৃৰ নাম আছিল জ্ঞানেন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল শুকানি
শইকীয়া। প্রাথমিক শিক্ষা জন্মগাঁৱতে গ্ৰহণ কৰি ১৯৫০ চনত ডাঙৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা
প্রৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৫ চনত ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বি. কম. পাছ
কৰি প্রথমে ডিব্ৰগড় জিলাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কেৰাণী পদত যোগদান কৰে। তেওঁৰ
মেধা আৰু দক্ষতা সম্পৰ্কে সমগ্ৰ উজনি অসমতে প্রচাৰিত হোৱাৰ সূত্ৰে মহাকালী চাহ বাগিচা PS পক্ষই
মেনেজাৰৰ পদ যাঁচিছিল। তদুপৰি অ’ এন জি চিত লোভনীয় চাকৰি পাইছিল। কিন্তু এই সকলোবোৰ


--- Page 118 ---
বৈচিত্য্যময় অসম ১০৯

মোহ ত্যাগ কৰি তেওঁ পিছ পৰা অঞ্চলৰ সমাজত শিক্ষাৰ পোহৰ পেলোৱাৰ মানসেৰে কাকপথাৰ
উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰূপে যোগদান কৰি পিছলৈ টঙনা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্রধান
শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে।

সামাজিক জীৱনত তেওঁ মৰাণ জনগোষ্ঠীয় সমাজখনলৈ অনন্য বৰঙণি আগবঢ়ায়। কেইজনমান
শিক্ষিত ব্যক্তিক লগত লৈ প্ৰথমে গঠন কৰে ১৯৬৫ চনত ‘অসম মৰাণ সভা’। মৰাণ সভাৰ জৰিয়তে
তেওঁ মৰাণ সমাজক কোঙা কৰি পেলোৱা কানিৰ নিবাৰণ অভিযান আৰম্ভ কৰি গাঁৱে-ভূঞে সজাগতা
সভা-সমিতি অনুষ্ঠিত কৰিছিল। এই মহৎ কৰ্মৰ বাটত তেওঁ দুষ্কৃতিকাৰীসকলৰ প্রতিবাদ, ককৰ্থনা আৰু
অজ্ঞান সমাজৰ বহু লোকৰ পৰা সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁৰ দিনতেই মৰাণসকলক
অনুসূচীকৰণ কৰা, মৰাণসকলক বিনা প্ৰিমিয়ামে মাটিৰ পট্টা দিয়া, মৰাণ বেল্ট এণ্ড ব্লক গঠন কৰা
আদিকে ধৰি বহু দাবী সম্বলিত স্মাৰক পত্ৰ চৰকাৰৰ ওচৰত প্রদান কৰা৷ হৈছিল। তেওঁ অসম মৰাণ
সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে কেইবাটাও কাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্রস্তুত কৰি চৰকাৰক
প্রদান কৰা Moran Devolopment Plan' নামৰ আঁচনিখন মৰাণৰ অগ্ৰণী সমাজত আজিও চচিত
বিষয় ৰূপে পৰিগণিত হৈ আছে৷ তেওঁ জাতীয় ইতিহাস, সংস্কৃতিৰ ওপৰত ভালেমান উন্নতমানৰ
লেখা লিখি থৈ গৈছে আৰু তেওঁৰ প্রচেষ্টাতে ডিগবৈৰ ওচৰত বানবিধ্বস্ত লোকসকলক লৈ তামুলি
বনগাঁও প্রতিষ্ঠা হৈছিল।

স্বকীয় বৈশিষ্ট্যপূৰ্ণ ‘মৰাণ বিহুক তেৱেঁই এখন গোড়া সমাজৰ পৰা বাহিৰলৈ উলিয়াই বহল সমাজত
পৰিচয় কৰাই দিছিল। তেওঁ পোনপ্ৰথমবাৰৰ বাবে ১৯৫১ চনত কাকপথাৰৰ পৰা বিহুদল লৈ অসমৰ
বিভিন্ন মঞ্চত মৰাণ বিহুক সৰ্বজন সমাদৃত কৰিছিল। এনে কাৰণতো তেওঁ বহুতৰে সমালোচনাৰ সন্মুখীন
হৈছিল। তেওঁ সৃষ্টি কৰা মৰাণ বিহুগীতৰ কেছেট ‘হোতৌ-পাতৌ’ মৰাণ সংস্কৃতিৰ এক অনুপম চানেকি।

অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো তেওঁ TAT ভূমিকা গ্রহণ কৰিছিল আৰু অশেষ নিৰ্যাতন
ভুগিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদৰ এগৰাকী উল্লেখনীয় নেতা ৰূপে
প্রতিষ্ঠিত হৈছিল। এইজনা আপোচবিহীন সংগ্ৰামীয়ে জীৱনত বহু ত্যাগ স্বীকাৰ কৰি সাধাৰণ জীৱন
যাপন কৰিছিল। এইজনা মহৎ ব্যক্তি মৰাণ সমাজত চিৰকাল স্মৰণীয় হৈ থাকিব।

ৰাঘৱ মৰাণ

অসম মুলুকত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্রধান নেতাজনৰ নামেই আছিল বীৰ ৰাঘৱ মৰাণ।
ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, শোষণ-
নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ খাটিখোৱা প্রজাসাধাৰণৰ মুকুতিৰ হকে এইজনা
বীৰৰ সুদক্ষ নেতৃত্বতে সূচনা হৈছিল বিশ্বৰ সৰ্বপ্ৰথম এই সৰ্বাত্মক Rel |


--- Page 119 ---
১১০ বৈচিত্ৰ্যময় অসম

ৰজাঘৰৰ বুৰঞ্জীৰ পাতে পাতে এই বিপ্লৱক মৰাণৰ দৌৰাত্ম্য, ৰাঘৱ মৰা৷ণক নিষ্ঠুৰ, অত্যাচাৰী,
নাৰীহৰণকাৰীৰূপে অপব্যাখ্যা দিয়াৰ বিপৰীতে আধুনিক কালৰ প্ৰগতিবাদী পণ্ডিত ড’অমলেন্দু গুহ,
ড‘ হীৰেন গোহাঁই, ড‘স্বৰ্ণলতা বৰুৱা, ড‘ধ্ৰুৱজ্যোতি বৰা, ড CHATS শৰ্মাকে ধৰি আন বহু চিন্তাবিদে,
ৰাঘৱৰ মুখেৰে নিৰ্গত হোৱা ‘ৰাইজেই ৰজা’ মহামন্ত্ৰৰে সূচনা কৰা এই বিপ্লৱক শোষক আৰু শোষিতৰ মাজত
হোৱা গৃহযুদ্ধ আখ্যা দিছে। উল্লেখযোগ্য যে ইতিহাস প্রসিদ্ধ ফৰাচী বিপ্লৱৰ কুৰি বছৰৰ পূৰ্বেই এই বিপ্লৱ
সংঘটিত হৈছিল।

এই কথাও আজি পৰিষ্কাৰ যে সাধাৰণ কৃষক সন্তান ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ eter,
বাঁহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই
দিয়াৰ দৰে নজিৰবিহীন আৰু বিস্ময়কৰ ঘটনা বিশ্বৰ বুৰঞ্জীতে বিৰল।

বিপ্লৱৰ সমস্ত প্ৰেক্ষাপট অধ্যয়ন-বিশ্লেষণে ৰাঘৱ মৰাণৰ মহৎ চৰিত্ৰক পোহৰলৈ আনে।

ৰাঘৱৰ আহ্লথানত জাতি-গোষ্ঠী নিৰ্বিশেষে সকলো প্ৰজা জাগৰিত হৈ সদলবলে ওলাই অহাৰ ঘটনাই তেওঁ
যে সৰ্বজন গ্ৰহণীয় নেতা আছিল তাৰেই ইঙ্গিত দিয়ে। ৰাজ্যখনৰ চাৰিওফালে ৰাজতন্ত্ৰক ঘেৰাও কৰি বিপ্লৱী
বাহিনীক গোট গোট কৈ তৈয়াৰ কৰা, যুদ্ধত গেৰিলা কৌশল প্ৰয়োগ আদিয়ে ৰাঘৱ মৰাণৰ প্ৰচুৰ সাংগঠনিক
দক্ষতা, যুদ্ধ-কুশলতা দাঙি ধৰে। তদুপৰি ৰজা লক্ষী সিংহক বন্দী কৰি ৰাজকীয় মৰ্যাদা দিয়া, প্রকৃত গণশত্ৰুমকলক
মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলকৰ সামান্য শাস্তি দি ৰেহাই দিয়া, পলৰীয়া ৰাজকীয় সৈন্যক
যাবলৈ এৰি দিয়া, দোষীসকলৰ বিচাৰ মুকলি ঠাইত ৰাইজৰ সন্মুখত, ৰাইজৰ পৰামৰ্শৰে সিদ্ধান্ত গ্ৰহণ কৰা
আদি তথ্য সমূহে এইজনা মহান পুৰুষৰ মানবীয় প্ৰমূল্যৰ প্ৰতি সচেষ্ট, উদাৰ নৈতিক গণতান্ত্ৰিক চৰিত্ৰকে
প্রতিফলিত কৰে। এতেকে সকলো মানুহে বিচৰা শ্ৰেণী বৈষম্যবিহীন সমাজ গঢ়াৰ পথ-প্রদৰ্শকৰূপে এইজনা
মহামানৱ যুগ যুগলৈ প্ৰাসংগিক হৈ থাকিব। তদুপৰি অসমৰ সমাজ জীৱনৰ ধাবমান গতিধাৰাক মসৃণ ৰূপ
দিবৰ বাবে এক্যবদ্ধ, শক্তিশালী সমাজ বৰ্তাই ৰাখিবলৈকে ৰাঘৱ মৰাণক অসমৰ সমাজে আদৰ্শৰূপে গ্রহণ
কৰিব লগীয়াটোও প্ৰণিধানযোগ্য হৈ থাকিব।

প্ৰশ্নাৱলী
> | মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পৰ্কে তিনিটা বাক্যত লিখা।
২ | অসম আৰু অৰুণাচলৰ কোনকেইখন জিলাত মৰাণসকলৰ বসতি বেছি?
৩ ৷ বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম লিখা।
৪ | মৰাণ ভাষাৰ দহোটা শব্দ লিখা।
৫। মৰাণসকলৰ এতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।
৬ | মৰাণসকলৰ এতিহাসিক যুগৰ অন্তিমজনা ৰজাৰ নাম কি আছিল?
৭ | মৰ৷ণসকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে?


--- Page 120 ---
বৈচিত্য্যময় অসম

৮। মৰাণসকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেলৰ নাম লিখা?
> | মৰাণসকলৰ জাতীয় খেতি কি?
SO | মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনে ধৰণৰ?
১১।ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পুজাৰ শাল আছিল?
১২।চমু টোকা লিখা ঃ
(ক) সমন্বয়ৰ জনক কিৰাত শৌৰ্য বোদৌচা
(খ) বীৰাঙ্গণা ৰাধা-ৰুকুণী
(গ) বীৰ সেনাপতি বাপৰা জগধা
(ঘ) মোহন শইকীয়া
(6) ৰাঘব মৰাণ |

১১১

--- Page 121 ---
মিচিংসকল

অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠীটো হ'ল মিচিং। মিচিংসকলক ‘মিৰি’ নামেৰেও জনা
যায়। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাবে ‘মিৰি’ নামেৰে
চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰে। ‘মিৰি’ শব্দৰ ব্যৱহাৰ মিচিংসকলে সমাজৰ
এক শ্ৰেণীৰ মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে। এই শব্দৰ প্রয়োগ পঞ্চদশ শতিকাত পোন প্রথম
বাৰৰ বাবে নৱ-বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক শংকৰদেৱে কৰিছিল বুলি কোনো কোনোৱে কয় যদিও বুৰঞ্জীৰ
মতে শঙ্কৰদেৱৰ আগৰ পৰাই মিৰি শব্দৰ ব্যৱহাৰ আছিল। পৰৱৰ্তী কালত ইংৰাজসকলেও একে শব্দকে
ব্যৱহাৰ কৰি লেখা-মেলা কৰিছিল। বহল অৰ্থত তেওঁলোকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। ‘তানি’
শব্দৰ অৰ্থ মানুহ বা মানৱ।

মিচিংসকলৰ পূৰ্ব বাসস্থান হিচাপে অসমৰ উত্তৰলানি পাহাৰকে চিহ্নিত কৰা হৈছে। বৰ্তমানৰ
অৰুণাচলৰ ‘আবৰ পাহাৰ’ৰ পৰাই সুচল জীৱিকাৰ সন্ধানত মিচিংসকল অসমৰ সমতললৈ নামি
আহিছিল। মিচিংসকলৰ এই আগমণৰ সময়ক লৈ পণ্ডিতসকলৰ মাজত দ্বিমত আছে। কোনো কোনো
বুৰঞ্জীবিদৰ মতে অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা অর্থাৎ ১২শ শতিকাৰ আগৰে পৰাই মিচিংসকল
সভ্যতাৰ সংস্পৰ্শলৈ আহি অসমৰ সমতল অঞ্চলত বসবাস কৰি আছিল।

মিচিং জনগোষ্ঠীৰ মাজত কেইবাপ্রকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গোত্ৰ গণনা পুৰুষৰ ফালৰ
পৰা কৰা হয়। মনে বিচৰা জীৱন-সংগী বিচৰাত ডেকা-গাভৰুসকলৰ মাজত স্বাধীনতা আছে। বিয়াৰ
পাছত দুয়ো পক্ষৰ ফালৰ পৰা অনুমোদন জনালেই সকলো মীমাংসা হয়। কিন্তু বিয়া একেটা কুলৰ
মাজত সম্পাদিত নহয়। কুল বিচাৰত উচ্চ-নীচৰ বিচাৰ বা ভাৱ নাথাকে। থাকে মাথোঁ মিতিৰ সম্বন্ধহে।

কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। বছৰত প্রধানতঃ দুবিধ ধান খেতি আহু আৰু শালি হয়।
ধান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।


--- Page 122 ---
বৈচিত্য্যময় অসম ১১৩

মিচিং গাঁওবিলাকত শান্তি-সন্প্ৰীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে। কোনো এজন
ব্যক্তিয়ে অপৰাধ কৰিলে ‘কৌবাং’ বা মেল পাতি গাঁওবুঢ়াৰ তত্বাৱধানত দোষীৰ বিচাৰ কৰা হয়।
ক্ষমাৰ অযোগ্য দোষীক বৰ্জন বা সমাজচ্যুত কৰাৰ নিয়মে প্রচলিত হৈ আহিছে। এনে কৌবাং বা
বিচাৰ মুৰংঘৰ নতুবা গাঁওবুঢ়াৰ চোতালত পতা হয়।

মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজ-পাৰত। পুৰুষসকলৰ বাবে পৰম্পৰাগত
মিবু গালুগ, eS, উগন, টঙালি, দুমৌৰ আদি আছে। তেনেকৈ মহিলাৰ বাবে ৰিহা-মেখেলা, ৰিবি-
গাচেং আদি থকাৰ উপৰিও আ-অলংকাৰো দেখা যায়। প্রচলিত আছে যে মিচিং তিৰোতাই তাঁতশালত
সপোন সৰগ ৰচনা কৰিব পাৰে। বনৰ চৰাই, হৰিণা, মাছ আদিৰ ৰূপ-ছায়াও বন্দী হয় মিচিং শিপিনীৰ
নিপুণ হাতত। তাঁতশালৰ কাপোৰৰ উপৰিও বিখ্যাত গাদু বা মিৰিজিম মিচিংসকলৰ জাতীয় সম্বল।

মিচিংসকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা
অৱলম্বন কৰা দেখা যায় যদিও স্বধৰ্ম হিচাপে ‘দঞি-পল’ মিচিংসকলৰ মূলধৰ্ম। লোক-বিশ্বাসত
মিচিংসকল অত্যন্ত বিশ্বাসী। কুকুৰাক সততেই বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে বিশ্বাস কৰে। ধৰ্মীয়
উৎসৱ দবুৰ পূজা তাৎপরৰ্যপূৰ্ণ। বিভিন্ন দেৱতাৰ তুষ্টৰ অৰ্থে দবুৰত পূজা আগবঢ়োৱা হয়। ঘৰখনৰ
শুচি-অশুচি আৰু উন্নতিত দেৱতাৰ কোপ দৃষ্টি থকা বুলি বিশ্বাস কৰে। জন্মৰে পৰা মৃত্যুলৈকে
জীৱনটোক দঞি-পল বা সূৰ্য-চন্দ্ৰই পৰিচালনা কৰে বুলি মিচিংসকলৰ বিশ্বাস আছে।

মিচিংসকলে জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু
পালন কৰে। এই উৎসৱৰ লগত তানি বঙহৰ চলুং, মপিন উৎসৱৰ সামঞ্জস্য আছে৷ মিচিংসকলৰ
কৃষি উৎসৱ আলি-আঃয়ে লৃগাং তিনিটা পদৰ সমষ্টি। আলি, আঃয়ে আৰু লৃগাং। আলি মানে মাটিৰ
তলত হোৱা বীজ, আঃয়ে হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ ৰোপণ
কাৰ্যৰ শুভাৰম্ভ। অৰ্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্রথম বুধবাৰৰ দিনা
এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। এই দিনটোৰ হিচাপ ৰাখিয়েই বীজ ৰোপণৰ শুভাৰম্ভ কৰে। পুৰাং
আপিন বা টোপোলা ভাতৰ লগত দিনচান, ঙচান অৰ্থাৎ শুকান মাছ, মঙহ আৰু আপডঙেই এই উৎসৱৰ
প্রধান খাদ্য। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় way আলি-আঃয়ে লৃগাঙৰ দিনা আপং আৰু
লৃগা৷ঙৰ উপাদান প্ৰথমে দেৱতা, ডা-ডাঙৰীয়ালৈ গৃহস্থই উছৰ্গা কৰে। গুম্ৰাগ্ৰ নৃত্য আৰু গীতে
মিচিংসকলৰ এঁতিহ্য আৰু «feos পৰিচয়কে বহন কৰে। মাঘ বিহু, বহাগ বিহু আৰু কাতি
বিহুক মিচিংসকলে পৰম্পৰাগতভাৱেই পালন কৰে।

মিচিং ভাষা লোক-সাহিত্যৰ দিশত অত্যন্ত চহকী। অলিখিত ৰূপত বছৰ বছৰ ধৰি চলি অহা গীত-
মাতবোৰক সম্প্ৰতি লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে৷ মিচিং ভাষা চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ
তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত। অধ্যাপক নাহেন্দ্ৰ পাদুনে মিচিং ভাষাৰ বিকাশৰ স্তৰক ঘাইকৈ তিনিটা


--- Page 123 ---
১১৪ বৈচিত্ৰ্যময় অসম

ভাগত ভাগ কৰি আলোচনা আগবঢ়াইছে। ভাগ তিনিটা হ'ল আদি সত্তৰ, মধ্য স্তৰ আৰু আধুনিক
S| আদি স্তৰত মিৰৃ বা আঃবাঙৰ স্তৃতিমূলক গীত-মাত আৰু লোক-কথাবোৰ পৰে। এইবোৰ আদিম
স্তৰৰ পৰা ১৮৮৬ চন পৰ্যন্ত৷ এইবোৰৰ লিখিত ৰূপ নাছিল। পুৰোহিত বা মিবুসকলৰ মুখে মুখে
এই শ্ৰেণীৰ গীত-মাতবোৰ কাল বাগৰি আহি আছিল। পৰৱৰ্ততা কালত আঃবাং আৰু পৌৰাণিক
গীতবোৰক সংগ্ৰহ কৰি লিখিত ৰূপ দিয়াৰ ক্ষেত্ৰত ১৯৬৪ চনত প্রকাশ কৰা সুৰেণ দলেৰ ‘লেকে
নিঃতম্‌’ খন উল্লেখযোগ্য। মধ্য স্তৰক ১৮৮৬ চনৰ পৰা ১৯৮৬ চনলৈ সামৰিব পাৰি। মধ্য স্তৰক
দুটা ভাগত ভগাব পাৰি। ইয়াৰে এটা ভাগক মিছনেৰি স্তৰ আৰু আনটো ভাগক মিচিং ভাষাৰ
সম্পৰীক্ষাৰ স্তৰ বা যুগ বুলিও অভিহিত কৰিব পাৰি। সম্প্ৰতি মিচিং ভাষাত কবিতা, গল্প, নাটক,
উপন্যাস, ব্যাকৰণ, অভিধান আদি ৰচনা কৰি কবি, গল্পকাৰ, নাট্যকাৰ আৰু ওঁপন্যাসিকসকলে ভাষা-
সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে।

মিচিং সমাজ সু-শৃংখলিত সমাজ। ইয়াৰ প্রধান কাৰণ হৈছে শ্ৰেণী:বৈষম্যহীনতা। পুৰুষৰ দৰেই
মিচিং মহিলাইও কৃষি-কৰ্ম, গৃহ-কৰ্মাদিত সমানভাৱেই অংশ গ্রহণ কৰে। কেতবোৰ সমুহীয়া কাম-কাজতো
মিচিং মহিলাই অংশ গ্ৰহণ কৰে।

মিচিং সমাজৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই
স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল--

সু-সাহিত্যিক ভৃগুমুনি Bays

ভৃগুমুনি কাগ্য়ুঙৰ পূৰ্ব-পুৰুষৰ নাম আছিল কাৰ্তং। কাৰ্তঙৰ তিনিজন পুত্ৰ সম্তান-ক্ৰমে তামন,
খহুৱা আৰু কুশৰাম। খহুৱাৰ CPS য়াবৰীৰ গৰ্ভত ভৃগুমুনিৰ জন্ম হয় ১৯৩২ চনৰ অক্টোবৰ মাহৰ
কোনো এক শুভ মুহূৰ্তত আলিমূৰ গাঁৱত। Wey কাগ্য়ুঙে তেওঁৰ শৈশৱ আলিমূৰ গাঁৱতে পাৰ
কৰিছিল।

ভৃগুমুনি BAS গাঁৱৰে ৫৮ নং আলিমূৰ প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰিছিল।
যোৰহাট চৰকাৰী বহুমুখী ল’ৰ৷ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ১৯৫৮ চনত অৱতীৰ্ণ হৈ
প্রৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ভৃগুমুনি কাগ্‌্য়ুং আছিল সৰুৰে পৰা আত্মনিৰ্ভৰশীল। পিতৃ বিয়োগৰ
পিছত পঢ়াৰ খৰচ তেওঁ নিজে উলিয়াই লৈছিল। সেয়ে দিনৰ ভাগত নিজে অর্থ-উপাৰ্জনৰ উদ্দেশ্যে
বিভিন্ন প্রতিষ্ঠানত কাম কৰিছিল আৰু ৰাতিৰ ভাগত কলেজত পঢ়িছিল। এনেদৰে পঢ়িয়ে তেওঁ
যোৰহাট জে বি কলেজৰ পৰা আই. এ. আৰু বি বৰুৱা কলেজ, গুৱাহাটীৰ পৰা ১৯৮৭ চনত স্নাতক
ডিগ্ৰী লাভ কৰে। তদুপৰি SHALE ১৯৯২ চনত মহীশূৰৰ Institute of Indian ],811808862-ত মিচিং
aie বয়স্কঃ পাঠ্যপুথি প্রণয়নৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰে। এই প্ৰতিষ্ঠানতে তেওঁ ভাষা বিষয়ক
প্রশিক্ষণো গ্রহণ কৰিছিল।

হাইস্কুলত পঢ়ি থাকৌতেই SACS অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ লগ হৈ ১৯৫২


--- Page 124 ---
বৈচিত্য্যময় অসম ১১৫

চনত দিখৌমুখ এম. ই, স্কুল প্রতিষ্ঠা কৰে। এই বিদ্যালয়খনত তেওঁ বিনা বেতনে শিক্ষকতাৰ সেৱা
আগব্ঢ়াইছিল।

ইয়াৰ পিছত ১৯৫৮ চনত যোৰহাট ভকেশ্বনেল কলেজিয়েট ASAI (Vocational Collegiate High
School, Jorhat)-5 এগৰাকী শিক্ষক হিচাপে যোগদান BCA | একে সময়তে Jorhat industrial Institute-
ৰ Instructor পদত কিছু দিন চাকৰি কৰে। ভৃগুমুনি PAG যোৰহাট চৰকাৰী বহুমুখী ল’ৰাৰ উচ্চতৰ
মাধ্যমিক বিদ্যালয়ত ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তিনি বছৰ শিক্ষকতাৰ চাকৰি কৰে। তেওঁ স-সন্মানে
অৱসৰ গ্ৰহণ কৰে ১৯৯০ চনত।

অসমীয়া কাব্য-সাহিত্যলৈ ভৃগুমুনি কাগ্‌্য়ুঙৰ অৱদান অপৰিসীম। তেওঁৰ ৰচিত অসমীয়া কাব্য-
গ্ৰন্থকেইখন হ’ল- ‘কবিতাকলি’, ‘অনাহুত’, ‘মন বননিৰ জুই’ আৰু ‘কবিতা কুসুম’। ‘কবিতাকলি’
নামৰ কাব্যগ্ৰন্থখন তেওঁ সপ্তম শ্ৰেণীত পঢ়ি থাকৌতেই লিখিছিল। ভৃগুমুনি Bee আটাইতকৈ
জনপ্রিয় কাব্য-গ্রন্থখনৰ নাম হৈছে ‘অনাহুত’। ভাৰত চৰকাৰে তেওঁক ‘অনাহুত’ কাব্য-গ্রন্থৰ বাবে ১৯৭১
চনত ৰাষ্টপত্ৰিদ্বাৰা পুৰস্কৃত কৰিছিল। ‘মন বননিৰ জুই’ কাব্য-গ্রন্থৰ বাবেও ভৃগুমুনি কাগ্য়ুঙক ১৯৯৪
চনত ৰাষ্ট্পতিৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল। ভৃগুমুনি কাগ্য়ুং মিচিং জনগোষ্ঠীৰ প্রথম ৰাষ্ট্ৰীয়
পুৰস্কাৰপ্রাপ্ত সাহিত্যিক।

ভৃগুমুনি SYR কবিতা TH আৰু আধুনিকতাৰ মিশ্ৰিত ৰূপ। এফালে ৰমন্যাসবাদৰ
ভাবানুতা আৰু See আৰু আনফালে আধুনিক বাস্তৱতা আৰু বস্তুনিষ্ঠতাৰ প্রকাশ তেওঁৰ
কবিতাৰ মন কৰিবলগীয়া দিশ। দেশপ্ৰেম, ৰোমাণ্টিকতা, ইতিহাস চেতনা, মানৱতাবোধ আৰু সমাজৰ
প্রতি দায়ৱদ্ধতা ভৃগুমুনি কাগ্যুঙৰ কবিতাৰ প্রধান বিশেষত্ব। এতিহায চেতনা আৰু মানৱতাবোধ
তেওঁৰ কবিতাৰ প্রাণবস্ত স্বৰূপ।

ভৃগুমুনি কাগ্যুঙে অসমীয়া ভাষাৰ লগে লগে মিচিং ভাষাটো কবিতা লিখিছিল। sages বিভিন্ন
সময়ত লিখা মিচিং কবিতাৰ সংকলনখন হ’ল ‘কঃকাং মৌতম্‌ দঃঞিং’।

তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা মুঠ ২৭-খন। তেওঁ ৰচনা কৰা প্রৱন্ধ সমূহৰ ভিতৰত
‘আৱেগিক Gay সাধনত শ্ৰীমন্ত শংকৰদেৱ’, ‘আঞ্চলিক ভাষা বনাম ত্ৰিভাষা’, ‘মিচিং কৃষ্টিৰ চমু আভাস’,
‘ভাষা আৰু শিক্ষাৰ ভূমিকা’, ‘মিচিং শব্দকোষ’, ‘মিচিং লোজন’ আৰু ‘ভৃগুমুনি কাগ্য়ুঙৰ মিচিং জন-
জীৱন 3 চিন্তা-বিচিত্ৰা’ ইত্যাদি।

ভৃগুমুনি PTL এগৰাকী কৃতীমান লেখক আৰু লোক-সংস্কৃতিৰ ara AAS | অসমীয়া আৰু মিচিং
ভাষা-সাহিত্য-সংস্কৃতিৰ গভীৰ অধ্যয়ন আৰু চৰ্চা তেওঁৰ জীৱনৰ ব্ৰত আছিল। ইয়াৰ বাহিৰেও তেওঁৰ প্রায়
পাঁচশৰো অধিক গৱেষণামূলক আৰু চিন্তাগধুৰ প্রৱন্ধ বিভিন্ন কাকত-আলোচনী আদিত সিচঁৰতি হৈ আছে।


--- Page 125 ---
১১৬ বৈচিত্ৰ্যময় অসম

২০১১ চনৰ ২৭ মাৰ্চত এইগৰাকী মনীষী, সু-সাহিত্যিক আৰু প্ৰসিদ্ধ কবি ভৃগুমুনি কাগ্যুঙৰ
পৰলোকগামী হয়।

aan কমলা মিৰি

নিজৰ দেশমাতৃক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰিবলৈ যিসকলে জীৱনকো তুচ্ছ জ্ঞান কৰি
জলাঞ্জলি দি গ’ল, সেইসকল নমস্য ব্যক্তিক সমাজত দেৱতাৰ আসনত স্থান দি পূজা কৰা দেখা
যায়। দেশমাতৃক স্বৰ্গতকৈও শ্রেষ্ঠ বুলি জ্ঞান কৰা তেনে মহান শ্বহীদসকলৰ অনবদ্য অৱদান উত্তৰ
পুৰুষৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ পৰে। তেনে ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল কমল
চন্দ্ৰ লইং; যি কমলা মিৰি নামেৰে পৰিচিত।

১৮৯৪ চনৰ শিৱসাগৰ জিলাৰ (বৰ্তমান গোলাঘাট জিলা) ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা
গাঁৱত কমলা মিৰিৰ জন্ম হৈছিল। ওপৰ টেমেৰা কালক্ৰমত কেইবাখনো গাঁৱত বিভক্ত হ'ল আৰু
কমলা মিৰি জন্ম হোৱা গাঁওখনক এতিয়া গুলুং টেমেৰ৷ নামেৰেহে জনা AT! কমলা মিৰিৰ পিতৃৰ
নাম আছিল চিকৌ লইং আৰু মাতৃৰ নাম আছিল মংগলী লইং। সেই সময়ত ওপৰ GERI গাঁৱত
কোনো শিক্ষানুষ্ঠান নথকাত কমলা মিৰিয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ বাবে ভোলাগুৰিলৈ ঢাপলি
মেলিছিল আৰু তেতিয়াৰ পৰাই বৰেণ্য মুক্তিযোদ্ধা আপিৰাম গগৈৰ লগত বন্ধুত্ব স্থাপন হ'ল বুলি
জনা যায়। কোনো কোনোৱে আকৌ সোণাৰাম মিত্ৰ নামৰ এজন বাংলা জনা লোকৰ পৰা কমলা
লইঙে শিক্ষা গ্ৰহণ কৰিছিল বুলি ক’ব খোজে।

মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনে ভাৰতবৰ্ষৰ চুকে-কোণে দেশপ্ৰেমৰ জোৱাৰ
বিয়পাই পেলাইছিল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা গোলাঘাট জিলাৰ (সেই সময়ত শিৱসাগৰ
জিলা) কমলা মিৰি আৰু তেওঁৰ সতীৰ্থ মিচিং ডেকাসকলকো দেশপ্রেমৰ সেই অমৰ বাণীয়ে উদ্বেলিত
কৰিছিল। সেই অমৰ বাণীৰ দ্বাৰা উদুদ্ধ হৈ এজন-দুজনকৈ শত-সহস্ৰ মিচিং ডেকা আগবাঢ়ি আহিছিল।

কমলা মিৰিৰ নেতৃত্বতেই মহুৰা মৌজাৰ বংকুৱাল অঞ্চলতো বিকাৰাম মিৰি, বেজিয়া লইং, ভুটাই
লইং, ধাতুৰাম পেগু, বোন্দা লইং, শম্ভুৰাম মিৰি আদিয়ে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল।

সেই সময়ত ৰেল-মটৰৰ কথা বাদেই বাট-পথ আদিও সুচল নাছিল। গোলাঘাটলৈ ওপৰ টেমেৰাৰ
পৰা কুৰি মাইলতকৈ অধিক দূৰত্বৰ ৰাষ্টা খোজ কাঢ়িয়েই যাব লগা হৈছিল। তেতিয়াৰ ইমান দুৰ্গম
বাট অতিক্ৰম কৰি কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰাটো অতি দুঃসাহসৰ কাম আছিল। কিন্তু
দেহৰ ACH ৰন্বে, তেজৰ সিৰাই সিৰাই প্রবাহিত হৈ থকা দেশপ্ৰেমৰ বাবে তেনেধৰণৰ FBI যেন
কোনো বিশেষ কথা নাছিল।

সেই সময়ত ওপৰ টেমেৰাৰ পৰা আৰম্ভ কৰি গেলাবিলৰ উত্তৰ অংশৰ গাঁওসমূহত কানি, ভাং
আদি মাদক দ্ৰব্যৰে ভৰপূৰ হৈ আছিল। বিশেষকৈ কানীয়াৰে ভৰি থকা ওপৰ টেমেৰা গাঁৱত কানীয়াৰ
সঁচ নাইকীয়া কৰাটো কমলা মিৰি আৰু তেওঁৰ সহযোগীসকলৰ কৃতিত্ব বুলি বয়োজ্যেষ্ঠ লোকসকলে
আজিও স্বীকাৰ কৰে।


--- Page 126 ---
বৈচিত্য্যময় অসম ১১৭

মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনৰ আঠ আগষ্টত মুম্বাইত বহা ‘অল ইণ্ডিয়া কংগ্ৰেছ কমিটি'ৰ
সিদ্ধান্ত মৰ্মে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত-ত্যাগ আন্দোলন ঘোষণা কৰা হয় আৰু ৯ আগষ্ট তাৰিখে মহাত্মা
গান্ধী, জৱাহৰলাল নেহেৰু আদি অনেক নেতাক বৃটিছ চৰকাৰে কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰে।
তেতিয়া কমলা মিৰিৰ সভাপতিত্বত ১৮/০৮/১৯৪২ তাৰিখে ৰঙামাটি মৌজাৰ ওপৰ টেমেৰা গাঁৱত
শান্তি সেনাৰ দল গঠন কৰি ওঠৰজনীয়া এটি দলক গোলাঘাটত পিকেটিং কৰিবলৈ নিৰ্বাচিত কৰে।
সভাৰ সিদ্ধান্ত অনুসৰি কমলা মিৰিয়ে মূল নেতৃত্ব লোৱাৰ উপৰি সোনধন পেগু, মালিধৰ পেণ্ু,
বলোৰাম লইং (চেক্ৰেটেৰী), বেপুং ADS (নায়ক), জাৰমন মৰাং, Sins মৰাং, বোম্বা বৰি, ফেদলা
লইং, ঠগি বগি, বেলেম লইং, মেকনা লইং, বুবা বৰি, দচয়া বৰি, কোমল লইং, এলোক পাঠৰী,
নন্দীৰাম লইং, মেতুং বৰিয়ে শান্তি সেনাৰ কাম কৰিবলৈ সংকল্পবদ্ধ হয়।

খ্ৰীষ্টীয় ১৯৪২ চনৰ ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে গোলাঘাটত কংগ্ৰেছৰ কাৰ্যালয়ত বিপ্লৱৰ বা-
বাতৰি ল’বলৈ যাওঁতে কমলা মিৰিকে আদিকৰি তেওঁৰ সহকৰ্মীসকলক বৃটিছ চিপাহীয়ে বন্দী কৰে।
একে বছৰৰে আঠ অক্টোবৰ তাৰিখে গোলাঘাটৰ সেই সময়ৰ দণ্ডাধীশ আশু দত্তই বন্দীসকলৰ বিচাৰ
কৰি প্রত্যেককে আঠ মাহকৈ কাৰাদণ্ড দি যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। কাৰাগাৰত
তেওঁ গোপীনাথ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, মহম্মদ তৈয়বুল্লা, অমিয় কুমাৰ দাস, হেম বৰুৱা
আদি নেতাসকলক লগ পায়। কাৰাগাৰৰ ভিতৰত গোপীনাথ বৰদলৈৰ ওচৰত কমলা মিৰিয়ে হিন্দী
শিকিছিল আৰু যঁতৰত কপাহী সূতা কাটিছিল। কাৰাগাৰৰ বন্দী জীৱন কটোৱাৰ সময়তে কমলাৰ
স্বাস্থ্য ভাগি আহিবলৈ লোৱাত কাৰাগাৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। এইজনা মহান দেশপ্ৰেমিকে
১৯৪৩ চনৰ ২২ এপ্ৰিলৰ দোভাগ নিশা চাৰে বাৰ বজাত সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা মেলানি
মাগিলে।

মিচিং সংস্কৃতিৰ পিতৃপুৰুষ Gata বৰি

মিচিং সংস্কৃতিৰ পিতৃপুৰুষ এৰাম বৰিৰ জন্ম হৈছিল ব্ৰিটিছ প্ৰশাসনৰ ‘নেফা’ (NEFA)4 অন্তর্গত
অয়ান গাঁৱত ১৮৭৭ চনত। বৰিদেৱৰ পিতৃ-মাতৃৰ নাম আছিল তাকিৰ বৰি আৰু মঙলী বৰি।

সেই সময়ত গাঁওখনৰ আশে-পাশে বিদ্যালয় নাছিল। তেওঁ নিজা গাঁৱৰ পৰা ত্ৰিছ-পঁইত্ৰিশ কিলোমিটাৰ
নামনিৰ পুৰণা মূুৰ্কংচেলেকৰ অন্তৰ্গত মেচাকী প্রাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰে।

এৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বৰ্ণাঢ্য মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ কাম ১৯৫০
চনৰ বহু আগৰ পৰাই আৰম্ভ কৰিছিল। ১৯৫২ চনৰ পৰা কৃষ্টিপ্রাণ এচাম যুৱক-যুৱতীক লগত লৈ মিচিঙৰ
মূল্যৱান এ নিঃতম, চৌল্লয়া, লৌৰৌলি, লঃলে, কাবান, COTA তৌকাং, বৃনি, মিবু আঃবাং ইত্যাদিবোৰৰ
প্রণালীবদ্ধ DSL, সংৰক্ষণ আৰু AAS কামত হাতে-কামে লাগে। তেওঁৰ লগত সহযোগ কৰা
পোন্ধৰগৰাকীৰো অধিক ডেকা-গাভৰুৰ দল আছিল। বৰিদেৱৰ এই সাংস্কৃতিক দলটিয়ে জোনাই, পাচিঘাটৰ


--- Page 127 ---
১১৮ বৈচিত্ৰ্যময় অসম

পৰা আৰম্ভ কৰি গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, মাজুলীলৈকে PHS প্রদৰ্শন কৰি মিচিঙৰ স্বকীয় শৈলীৰে
ভৰা বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ প্রসাৰ ঘটালে। স্মৰ্তব্য যে মিচিং সংস্কৃতিৰ সাধক বৰিদেৱে পাঁচগৰাকী যুৱতীৰ
সহযোগত প্রণালীবদ্ধভাৱে লৃগাং -লঃলে, VIS নৃত্যৰ উপস্থাপন কৰি মিচিং কৃষ্টিক নতুন মাত্রা প্রদান
কৰালে। তদুপৰি তাহানিৰ মূৰ্কংচেলেক অঞ্চলৰ পিছ পৰা মিচিং গাঁওসমূহত বৰিয়ে পঢ়া-শুনা, পৰিষ্কাৰ-
দূৰ কৰা ইত্যাদিবোৰৰ উপৰিও উচ্চ-নীচৰ বিচাৰ নকৰাকৈ গ্ৰাম্য সমাজখন সুস্থ-সবল ৰূপত জীয়াই ৰখা
আদি নানা দিশত কৰ্ম-আঁচনি গ্রহণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। COS ‘অয়ান অঞ্চল সংস্কাৰ আৰু
উন্নয়ন ASS পৰা আদি কৰি ‘ভাৰতৰ স্বাধীনতা সংগ্ৰাম’লৈকে বহু মূল্যৱান কৰ্ম ৰূপায়ণ কৰি গ’ল।

তাহানিৰ ‘নেফা’ প্রশাসনৰ বিষয়া আৰ্নল্ড চাহাব আৰু মাথুৰ চাহাবৰ পৰিকল্পনাত, এৰাম বৰিৰ নেতৃত্বত
অয়ান চাৰিআলিৰ পৰা চিয়াংব্ৰহ্মপুত্ৰলৈ স্থানীয় ৰাইজে পথ এটি নিৰ্মাণ কৰে। ১৯৫৮ চনত ‘নেফা’প্রশাসনে
উক্ত পথছোৱাৰ শেষাংশত মিলিত চিয়াংব্ৰহ্মপুত্ৰৰ ঘাট খন ‘এৰাম ঘাট’ নামেৰে নামকৰণ কৰে। বৰ্তমানেও
অয়ান চাৰিআলিৰ পৰা৷ দক্ষিণ-পূবে গ’লে বৰিদেৱৰ কৰ্ম-সংস্কৃতিৰ চানেকিক ‘এৰাম ঘাট’ নামটোৱে জীৱন্ত
ৰূপত জিলিকাই ৰাখিছে।

পদ্মশ্ৰী যাদৰ পায়েং

গছ থাকিলেহে মানুহ থাকিব। অৰ্থাৎ গছ আৰু মানুহৰ মাজত এৰাব নোৱৰা সম্পৰ্ক। এই মহাজগতৰ
প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত মানুহৰ অতি গুৰু দায়িত্ব আছে৷ ইয়াৰ বাবে লাগে সদিচ্ছা
আৰু পৰিৱেশ ৰক্ষাৰ প্রবল হেঁপাহ। এই গুৰু দায়িত্ব বহন কৰি সমগ্র পৃথিৱীৰ মানৱ সমাজক প্রকৃতি
ৰক্ষাৰ নিৰ্বাক বাণী প্রদান কৰিবলৈ আগবাঢ়ি আহিল যোৰহাটৰ ককিলামুখৰ ১ নং মিচিং গাঁৱৰ নিবাসী
মাত্ৰ দশম শ্ৰেণীলৈকে পঢ়া ARN মোলাই পায়েঙ। ১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ
পায়েঙে যোৱা প্রায় চল্লিশটা বৰ্ষ কেৱল গছ ৰুইছে আৰু সেইবোৰ লালন-পালন কৰিছে। লগতে
মোলাই কাঠনিত বাস কৰা আৰু চৰিবলৈ অহা জীৱ-জন্তু, চৰাই-চিৰিকতিসমূহো তেওঁ পালন কৰিছে
প্রকৃতিপ্রেমী আৰু পৰিৱেশকৰ্মী ভাৰতৰ ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ অসমৰ তেতিয়াৰ শিৱসাগৰ
আৰু বৰ্তমানৰ যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত জন্ম হৈছিল ১৯৫৯ চনৰ ৩০ অক্টোবৰত
ব্ৰহ্মপুত্ৰৰ ত্ৰাসত বাসস্থান সলনি কৰিবলগীয়া হোৱাত বৰ্তমান ককিলামুখৰে ১ নং মিৰি গাঁৱত থিতাপি
লয়। তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং। পিতৃ-মাতৃৰ ১১-টা সন্তানৰ
ভিতৰত যাদৱ পায়েং তৃতীয় ABA! দিচৈ কাষৰ ব্ৰাহ্মণ গাঁৱৰ যদুনাথ বেজবৰমণ্বাৰ তত্বাৱধানত যাদৱ
পায়েঙে do নং বালি গাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলিছিল। তেওঁৰ পৰাই পায়েঙে
পৰিৱেশ সংৰক্ষণ আৰু জীৱ-জন্তুৰ প্ৰতি প্ৰীতিৰ মনোভাৱৰ আদিপাঠ গ্ৰহণ কৰিছিল। দশম শ্ৰেণীলৈকে
পঢ়া পায়েঙে প্রৱেশিকা পৰীক্ষা নিদিয়াকৈয়ে ঘৰলৈ উভতি আহিছিল। ঘৰলৈ উভতি আহি দেখে


--- Page 128 ---
বৈচিত্য্যময় অসম ১১৯

যে Sal চাপৰিত ব্ৰহ্মপুত্ৰৰ বানে পেলাই থৈ যোৱা বলুকাত প্রখৰ ৰ’দত সাপ-বেঙকে আদিকৰি
সৰু-সুৰা অজস্ৰ জীৱ-জন্তু মৃত্যু মুখত পৰিছে। তেতিয়াই প্রখৰ খৰাঙত মৃত্যুৰ ক্ষণ গণি থকা অসহায়
এপাল সাপ তেওঁৰ দৃষ্টিগোচৰ হ’ল। দৰদী হৃদয়ৰ গৰাকী পায়েঙে সাপবোৰ ৰক্ষা কৰাৰ নিমিত্তে ওচৰ-
পাজৰৰ গাঁৱৰ বয়োজ্যেষ্ঠ সকলৰ পৰা পৰামৰ্শ লৈ ৫০-জোপা বাঁহ ৰোপণ কৰিছিল। তাৰ পিছত
প্রতি বছৰে গছবিৰিখ ৰোপণ কৰা কাৰ্য তেওঁৰ অভ্যাসত পৰিণত হ'ল। কালক্ৰমত ১৯৭৯ চনত
গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে বিশাল কাঠনি গঢ়ি তুলিলে। যাক আজি বিশ্বই ‘মোলাই কাঠনি’
বুলি চিনি পায়। এই মোলাই কাঠনি বৰ্তমান নৱগঠিত মাজুলী জিলাৰ Sat বা অৰুণা চাপৰিৰ দাঁতিত
অৱস্থিত। যোৰহাটৰ ককিলামুখৰ পৰা গ’লে ব্ৰহ্মপুত্ৰৰ এৰাসুঁতি পাৰ হৈ যাব লাগে; আনহাতে
মাজুলীয়েদি গ’লৈ বৰনৈ পাৰ হৈ মোলাই কাঠনি পায়।

বৰ্তমান ১৩৬০ একৰ অৰ্থাৎ ৪০৫০ বিঘা মাটিত মোলাই কাঠনি Sa | অনাগত পাঁচ বছৰৰ ভিতৰত
২০০০ একৰ ভূমিলৈ মোলাই কাঠনি বিস্তৃত কৰা আঁচনি লৈছে যাদৱ পায়েঙে। পায়েঙৰ মোলাই
কাঠনিৰ বিশাল পৰিয়ালৰ ভিতৰত মূল্যৱান ৰঙা চন্দন, বগা চন্দন, চিচুগছ, হলখ, গমাৰী, তিতাচপা,
পমা আদি মূল্যৱান বিৰিখৰ উপৰি বিভিন্ন ধৰণৰ ওষধি বন-লতাৰে আৱৰা। চাৰিটা ঢেঁকীয়াপতীয়া
বাঘ মোলাই কাঠনিৰ প্রধান আকৰ্ষণ। বছৰত তিনি-চাৰি মাহৰ বাবে চৰিবলৈ অহা ১১৫ টা হাতী,
৫০০-ৰো অধিক হৰিণা মোলাই কাঠনিৰ সদস্য। কাজিৰঙাৰ পৰা চৰিবলৈ অহা তিনিটা এশিঙীয়া গঁড়
মোলাই কাঠনিৰ আলহী সদস্য। পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত ম’হ, গৰু, গাহৰি, হাঁহ
কুকুৰা ইত্যাদি। ইয়াৰে ৯০-টা ম'হ, ৫০-টা গৰু-গাই আৰু ১০-টা গাহৰি আছে। বাঘবোৰে পায়েঙৰ
পোহনীয়া গৰু-ম’হ ভক্ষণ কৰিলেও তেওঁ বেয়া নাপায়; কাৰণ সেইবোৰেই বাঘৰ খাদ্য। বৰঞ্চ মানুহে
বন-জংঘল ধ্বংস কৰাৰ ফলত বাঘ, হাতী আদি জন্তুবোৰৰ খাদ্য আৰু চৰণীয়া ঠাইৰ নাটনি হোৱা
বাবে তেওঁ মানুহকে দোষাৰোপ কৰিব খোজে। শগুন, শামুকভঙা, বগলী, হুদু, বৰটোকোলা, শাপলী
হাঁহ, কাউৰী, কামচৰাই, বাদুলী, কপৌ আদি বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই-চিৰিকতি পায়েঙৰ মোলাই
কাঠনিৰ এৰাব নোৱৰা পৰিয়াল। তেওঁৰ মত--“তেওঁৰ সাক্ষাৎ কৰিবলৈ অহা অভ্যাগতসকলে তেওঁক
গামোচা পিন্ধোৱাতকৈ মোলাই কাঠনিলৈ গৈ এজোপা গছ ৰুই দিলে তেওঁ অধিক সুখী VS পোহনীয়া
গৰু-ম'হৰ বাবদ তেওঁৰ বছৰি তিনি হাজাৰ টকাকৈ চৰকাৰক কৰ হিচাপে আদায় দিয়ে।

পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মোলাই পায়েঙে ৰূপায়ণ কৰা মহান কৰ্মৰ প্রতিদান স্বৰূপে ২০১২
চনত নতুন দিল্লীস্থিত জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ভাৰতৰ অৰণ্য মানৱ (Forest Man
of India) উপাধি প্রদান কৰে। সেই বছৰতে তদানীন্তন ভাৰতৰ ৰাষ্ট্পতি w এ পি জে আব্দুল
কালামে ২৫০ লাখ টকাসহ ‘হীৰাখচিত বঁটা’ প্রদান কৰে আৰু লগতে উচ্চ প্রশংসা কৰে। ২০, ২১,
২২ নৱেম্বৰ, ২০১২ চনত পেৰিচৰ U.N. Global Conference ত তেওঁক সম্বৰ্দ্ধনা জনোৱা হয়।


--- Page 129 ---
১২০ বৈচিত্ৰ্যময় অসম

প্রকৃতিৰ নীৰৱ সাধক যাদৱ পায়েঙক ২০১৫ চনত ভাৰত চৰকাৰে ভাৰতৰ চতুৰ্থ সৰ্ব্বোচ্চ অসামৰিক
বঁটা পদ্মশ্ৰী উপাধি প্রদান কৰে। তেওঁ এতিয়ালৈকে চীন, টাইৱান, শ্ৰীলংকা, আৰবৰ ড'হা, চুইজাৰলেণ্ড,
ফ্ৰান্স, বাংলাদেশ আদি দেশসমূহলৈ নিমন্ত্ৰিত আৰু সম্ব্দ্ধিত হৈছে৷

ইয়াৰ উপৰিও মিচিং সম্প্ৰদায়ৰ আৰু বহুতো পুৰোধ্য ব্যক্তি আছে। উদাহৰণস্বৰূপে মিচিং সমাজৰ প্রথম
বন-বিষয়া, মহীচন্দ্ৰ মিৰি যাৰ বাবে কাজিৰঙাই বিশ্ব মানচিত্ৰত স্থান পাইছিল। তেওঁ কাজিৰঙাৰ গঁড় প্ৰথম
যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠাই এটা খৰ্গৰ গঁড়ৰ স্থান কাজিৰঙা বুলি চিহ্নিত কৰিছিল।

মিচিংসকলৰ আন এজন উল্লেখযোগ্য ব্যক্তি হ'ল বিশ্ব পাঞ্জা-চেম্পিয়ন ৰাজেন্দ্ৰ কুমাৰ মিলি। ১৯৭৭
চনত কলিকতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ‘আৰ্ম wpe’ প্ৰতিযোগিতাত যোগদান কৰি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খিতাপ
অৰ্জন কৰিছিল। ১৯৭৯ চনত তেওঁ কানাডাৰ এডমন্টনত অনুষ্ঠিত ইন্টাৰনেচনেল TIT He’ প্রতিযোগিতাত
ভাৰতৰ হৈ খিতাপ অৰ্জন কৰে। ১৯৮১ চনত ভাৰতৰ কলিকতাত ‘ৱৰ্ল্ড আৰ্ম ৰেচলিং’ প্ৰতিযোগিতাত অসম
তথা ভাৰতৰ হৈ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল।

প্ৰশ্নাৱলী

‘মিচিং’ জনজাতিৰ বিষয়ে এটা চমু টোকা লিখা।
মিচিংসকলৰ তিনিবিধ সাজ পাৰৰ নাম লিখা।
মিচিংসকলৰ ধৰ্মপন্থা সম্পৰ্কে চমুকৈ লিখা।
আলি-আঃয়ে লৃগাং কিয় আৰু কেতিয়া পতা হয়?
আলি-আঃয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা।

চমুটোকা লিখা ঃ

(ক) ভৃগুমুনি Hae (খ) শ্বহীদ কমলা মিৰি
(গ) এৰাম বৰি (ঘ) যাদব পায়েং

লে ন ০ ০2০তে /দ


--- Page 130 ---
মণিপুৰীসকল

অসম বাৰেবৰণীয়া বিভিন্ন জনগোষ্ঠীয় লোকৰ আবাস Bar | ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা বিভিন্ন
সময়ত বিভিন্ন জনগোষ্ঠীয় লোকৰ এই HBT সাৰুৱা ভূ-খণ্ডলৈ প্রব্ৰজন ঘটিছিল। এই জনগোষ্ঠীসমূহৰ
ভিতৰত ‘মণিপুৰী’সকল অন্যতম।

অসমত প্রধানকৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত মণিপুৰীসকলে বসবাস PCS | বৰাক উপত্যকাৰ কাছাৰ,
হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত মণিপুৰীসকলে বাস কৰে। ১৮১৯ খ্ৰীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য
আক্ৰমণ কৰে। মণিপুৰী প্ৰজাসকলৰ ওপৰত মান সেনাই কৰা বৰ্বৰ অত্যাচাৰ আৰু উৎপীড়নত তিষ্ঠি থাকিব
নোৱাৰি তেওঁলোক কাছাৰ, ছিলেট (বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্ভুক্ত) আদি ঠাইলৈ আহিছিল বুলি জনা যায়।
পাছত এই লোকসকলে স্ব-স্থানলৈ উভতি নগৈ কাছাৰ (বৰ্তমান কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা)
জিলাতেইস্থায়ীভাৱে বাস কৰিবলৈ লয়। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত এই লোকসকল সিঁচৰতি
হৈ বসতি স্থাপন কৰিছে। বৰ্তমানৰ হোজাই জিলা, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী, ওদালগুৰি, কাৰ্বিআংলং,
ডিমা-হাচাও, উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ আদিত কম-বেছি পৰিমাণে মণিপুৰী
ভাষী মানুহে স্থায়ীভাৱে বসবাস কৰি আহিছে।

মণিপুৰী বা মৈতৈ/মীতৈ শব্দটোৱে ভাষা আৰু সম্প্ৰদায় দুয়োটাকে সূচায়। মৈতৈলোন বা মীতৈলোন
হৈছে মৈতৈ/মীতৈসকলৰ ভাষা। লোন শব্দৰ অৰ্থ-ভাষা। এই জনগোষ্ঠীয় লোকসকল তিব্বত-বমীয় ভাষা
পৰিয়ালৰ অন্তৰ্গত৷ মীতৈ ময়েক মণিপুৰীসকলৰ নিজস্ব লিপি | ১৯৯২ চনত মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ
অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হয়। মণিপুৰ, অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, নগালেণ্ডৰ উপৰিও দক্ষিণ-পূৱ
এচিয়াৰ ম্যানমাৰ আৰু বাংলাদেশতো এই ভাষাৰ প্রচলন আছে।

অসম চৰকাৰে ১৯৫৬ চনৰ পৰা মণিপুৰী বসতিপ্ৰধান অঞ্চলৰ নিম্ন প্রাথমিক বিদ্যালয়সমূহত আৰু

১৯৮৪ চনত হাইস্কুল পৰ্যায়ত মণিপুৰী ভাষা শিক্ষাৰ মাধ্যম হিচাপে আৰু প্ৰচলন কৰে।

আনহাতে, ব্ৰহ্মপুত্ৰ ডপত্যকাত বসবাস কৰা মণিপুৰীসকলে স্কুল-কলেজ আদিত অসমীয়া ভাষাকে শিক্ষাৰ
মাধ্যম হিচাপে গ্ৰহণ কৰি আহিছে।


--- Page 131 ---
১২২ বৈচিত্ৰ্যময় অসম

মণিপুৰী বা মৈতৈ/মীতৈ সমাজ সাতোটা ‘য়েক-ছালাই’ অৰ্থাৎ খেল বা ফৈদত বিভক্ত। এইবোৰ হ’ল
মঙাং (নিংখৌজা|), লুৱাং, খুমন, মোইৰাং, অঙোম, খাবা-ঙানবা আৰু Coat | এই প্রত্যেক খেল বা ফৈদ
কিছুমান উপখেলত RSS | এই উপখেলৰ ‘য়ুমনাক’ বা ‘শাগৈ’ বুলি কোৱা হয়। মণিপুৰী সমাজক এই য়েক-
ছালাই ব্যৱস্থাই এক গোট কৰি ৰাখিছে।

মণিপুৰী সমাজত একো একোটা ‘য়ুমনাক’ বা ‘শাগৈ’ৰ একো একোজন ‘পীবা’ অৰ্থাৎ মুখীয়াল থাকে।
নিৰ্দিষ্ট (শাগৈ’ৰ বংশগতভাৱে অহা জ্যেষ্ঠ পুত্ৰক উত্তৰাধিকাৰী সূত্ৰে ‘পীবা’পদবী দিয়া হয়। “AY সকলে
তেওঁলোকৰ গৃহদেৱতা অৰ্থাৎ Yass পূজা অৰ্চনা কৰা সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

মণিপুৰীসকলে খেতি-বাতিৰ সুবিধাৰ বাবে সচৰাচৰ নৈৰ দাঁতিত বা সহজে পানী পোৱা ঠাইত গাও
পাতে। বাৰীৰ চৌহদত মাটিৰে ঢাপ দিয়া মণিপুৰী গাঁৱৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। ইয়াক ‘লৈপন তাখৎপা’
বোলে। গাঁওবোৰ পৰিচালনা কৰিবৰ কাৰণে ‘খুন GA’ গীওবুঢ়াৰ ব্যৱস্থা আছিল। বৰ্তমান ‘খুন অহন"ৰ গুৰুত্ব
কমি আহিছে। গাঁৱৰ সামাজিক জীৱনত শান্তি আৰু আত্মীয়তাৰে বসবাস কৰিবৰ বাবে প্রতিখন গাঁৱত একো-
একোটা সামাজিক সংগঠন থাকে--“গোপাল হনজবা’ আৰু ‘গোপাল হিদং। গীৱত একো একোটা ‘শিঙলুপ’
গাঁৱৰ জনকল্যাণৰ বাবে গঠন কৰা হয়।

মণিপুৰী সংস্কৃতিত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যিকোনো ধৰ্মীয় সকাম বা সামাজিক অনুষ্ঠান আদি
নাৰী অবিহনে শুভাৰম্ভ কৰিব নোৱাৰে। এই CHAS নাৰীৰ স্থান পুৰুষৰ লগত সমান। মণিপুৰী তিৰোতাই
নিজৰ জাতীয় সাজ-পাৰ পিন্ধি জাতীয় সংস্কৃতি অটুট ৰাখিছে।

মণিপুৰীসকলৰ প্রধান আহাৰ ভাত, প্ৰিয় খাদ্য মাছ। সামাজিকভাৱে মাংস খোৱা নিষেধ। মণিপুৰীসকল
বৈষ্ণৱ ধৰ্মী হ’লেও তেওঁলোকৰ গৃহ আৰাধ্য দেৱতা ‘লাইনিংথৌ Bary’, ‘ইমা লৈমৰেণ শিদবী’আদি দেৱ-
দেৱীক লোকাচাৰ মতে পূজা-অৰ্চনা কৰে।

মণিপুৰীসকল মূলতঃ কৃষিজীৱী | তেওঁলোকৰ সমাজ আৰু সংস্কৃতিও কৃষিভিত্তিক। মণিপুৰী উৎসৱ ‘লাই
হৰাওবা’ কৃষিভিত্তিক হ’লেও লোকাচাৰ GSS | ‘লাই হৰাওবা’ৰ অৰ্থ হৈছে ‘নেদেখাজনৰ সন্তোষ সাধন’।
‘লাই হৰাওবা’ হৈছে মণিপুৰী সংস্কৃতিৰ প্ৰতিবিম্ব স্বৰূপ। মণিপুৰীসকলে আদিম জড়দেৱতা ‘উমংলাই পূজা
প্রা্পত ‘লাই হাৰাউফম’ত প্রতিবছৰে উদ্যাপন কৰে। ‘লাই হাৰাওবা’ ৰ প্রধান শিল্পী মাইবা-মাইবী। এই
নৃত্যৰ প্রধান বাদ্যযন্ত্ৰ হন পেনা। বীণা জাতীয় এবিধ বাদ্য। ‘থাবল চোংবি’, ‘মাইবী জগোই’ (লাই হাৰাওবা
নৃত্য) মণিপুৰী লোক-সংস্কৃতিৰ অমূল্য সম্পদ। এই নৃত্যই মণিপুৰী জাতীয়ত্ব আৰু জাতীয় এতিহ্যূৰ স্বাক্ষৰ
বহন কৰিছে। ‘লাই হাৰাওবা’ উৎসৱৰ উপৰি “May চৈৰাওবা’ উৎসৱ ব’হাগ মাহত পাঁচদিনীয়াকৈ নৱবৰ্ষ
উপলক্ষে পালন কৰে।

আত্মীয়তা, বৈবাহিক সম্পৰ্ক ‘য়েক’ বা ‘খেল’ ব্যৱস্থাৰে মণিপুৰীসকলে ধৰ্মীয় ৰীতি-নীতি, লোকাচাৰসমূহ
ৰক্ষা কৰিও বিভিন্ন জনগোষ্ঠীৰ লগত সমন্বয়েৰে জীৱন-যাত্ৰা অব্যাহত ৰাখিছে।


--- Page 132 ---
বৈচিত্ৰ্যময় অসম ১২৩

মণিপুৰীসকলৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই
স্মৰণীয় হৈ আছে৷ তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা ea

নাওৰিয়া ফুলো
আধুনিক মণিপুৰী সাহিত্যৰ বাটকটীয়া ব্যক্তিসকলৰ ভিতৰত নাওৰিয়া ফুলো অন্যতম।

অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ ‘লাইশ্ৰম খুন’ নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্ট
তাৰিখে নাওৰিয়া ফুলোৰ জন্ম হয়। তেওঁ NST চাওবা আৰু থন্বৌ দেৱীৰ পঞ্চম সম্ভান। জন্মতে কুন্দত
কটা যেন সুন্দৰ-সুঠাম শিশুটিক ককাকে নাম দিলে ‘ফুন্দ্ৰেই’ অৰ্থাৎ কুন্দ। পঢ়াশালীৰ শিক্ষকে সুকোমল
এপাহ ফুলৰ দৰে ধুনীয়া ল’ৰাটিৰ নাম ৰাখিলে ‘ফুলো’।

তেওঁলোকৰ পূৰ্বপুৰুষসকল আছিল ৰাজন্য শাসিত মণিপুৰ দেশৰ প্রজা। তেওঁলোকৰ কোনোবা আজো-
ককাক এজন ৰাজদৰবাৰৰ বিষয়া আছিল। পিছে মান-ভগনত আজোককাক হেৰান্দ স্বদেশ এৰি ভগনীয়া দলৰ
সৈতে আহি এইখন গাঁৱত নিগাজীকৈ থাকিবলৈ লয়।

কুৰি শতিকাৰ তৃতীয় দশকটো (১৯২০-৩০) মণিপুৰী আধুনিক সাহিত্যৰ অৰুণোদয়ৰ সময় | এই দশকটোতে
পশ্চিমীয়া শিক্ষাৰে শিক্ষিত এচাম মাতৃভাষাপ্ৰেমীয়ে সাহিত্য ৰচনাত মনোনিৱেশ কৰে। নাওৰিয়া ফুলোই
শিক্ষকতা কৰি থকা সময়ৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰে অনুবাদেৰে। ১৯১৮ ৰ পৰা ১৯১৯ চনলৈকে হিন্দু
উপাখ্যানৰ কাহিনীৰে মুঠ পাঁচখন নাটক ৰচনা কৰে। সেইসমূহ (১) ‘"ইনিংথৌ হৰিচন্দ্ৰ’--- (ৰজা হৰিচন্দ্ৰ) (২)
‘সীতা বনবাস’ (©) ‘ৰামনা বনবাসতগী হল্লক্‌লবদা’--(বনবাসৰ পৰা ৰামৰ প্রত্যাৱৰ্তনত) (৪) YS
শকুন্তলা’ (৫) ‘শ্ৰৱণ PANS’ | পৰৱৰ্তা সময়ত-_(১৯৩০-১৯৪০) ১১ বছৰৰ ভিতৰত কবিতা আৰু নিৱন্ধৰ
মুঠ ১৯- খন গ্ৰন্থ ৰচনা কৰে।

তেওঁৰ গদ্যত ৰচিত উল্লেখনীয় গ্ৰন্থসমূহ--(১) ‘মীতৈ হৌভম ৱাৰী’ (মীতৈৰ ইতিবৃত্ত)। (২) ‘গৌড় ধৰ্ম
চঙকপা মতাং’ (গোড় বা গৌড়ীয় ধৰ্ম প্ৰবৰ্তনৰ সন্ধিক্ষণ)। (৩) ‘মীতৈ য়েলহৌ ময়েক’-_(মীতৈ প্রাচীন
লিপি) (8) ‘অহন য়াথং’_-(গুৰু উপদেশ)। (৫) ‘হৌৰকপা অমসুং হৌভম’ (পুৰাবৃত্ত) (৬) ‘বামোনগী
মতিক’---(বামুণৰ ASI) | (৭) ‘এগী ৱাৰেং’-_মোৰ গদ্য/নিবন্ধ) ইত্যাদি।

(১) য়ুমলাইৰোন-১৯৩০ (গৃহ দেৱ-দেৱীৰ CB) | (২) Pixel চৈথাৰোন ১৯৩০ (ধৰ্মীয় ৰীতি-নীতিৰ
WH) | (৩) সকোক থীৰেন ১৯৩১ (সৃষ্টি OG Sal) | (8) চীংনু লাইৰোন (চিংনু দেবীৰ WAS মন্ত্ৰ) (৫)
তেংবানবা অমসুং লাইনিংথৌ লাইপাও-১৯৩৩ (সৃষ্টিকৰ্তা কথোপকথন) আৰু লাইনিংথৌ (সনামহীৰ
কথোপকথন) (৬) থাইন নোংইন-১৯৩৬ (আধ্যাত্মিক আৰু সাংসাৰিক ধৰ্মপথৰ উপদেশ), (৭) পামহৈবা-
১৯৪৭ (ANCA ৰজাৰ জীৱনচৰিত), (৮) WAN সৈৰেং'-১৯৩৪ (শ্ৰেষ্ঠ কবিতা) ইত্যাদি।


--- Page 133 ---
১২৪ বৈচিত্্যময় অসম

১৯৩০ চনৰ ১৩ এপ্ৰিলত নাওৰিয়া ফুলোই তেওঁৰ মতাদৰ্শৰ মাত্ৰ ১২- জন অনুৰাগীক লৈ ‘অপোকপা
মৰূপ’ (অপোকপা সমাজ) গঠন কৰে। এই মঞ্চৰ যোগেদি তেওঁৰ মতাদৰ্শ প্রচাৰ আৰু প্ৰসাৰৰ কাৰণে দুগুণ
উৎসাহেৰে আগবাঢ়ে। পৰবৰ্তী সময়ত মণিপুৰত অপোকপা সমাজ গঠন কৰে। জনসাধাৰণৰ দৃষ্টিত তেওঁ
হৈ পৰিল ‘পুনৰুখানবাদী’ৰ নায়ক।

তেওঁৰ কবিতাসমূহ আধ্যাত্মিক ভাৱধাৰা আৰু প্রাচীন এতিহ্যৰ গুণ-গান, বিলুপ্ত মীতৈ দেৱ-দেৱীৰ স্ৰোত,
স্তুতি, মন্ত, গীত আদিৰে পৰিপূৰ্ণ | সেইসমূহ সাহিত্যৰ অমূল্য সম্পদ।

বহুমুখী প্রতিভাধাৰী এইগৰাকী ক্ষণজন্মা পুৰ্ষে মাত্ৰ ৫৩ বছৰ বয়সত ১৯৪১ চনৰ ৩০ জুন তাৰিখে
ইহলীলা সম্বৰণ কৰে।

Tes কে. Tels সিংহ

বিশ্ব ভাৰতী শান্তিনকেতন সংগীত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰেণ্য নৃত্যশিল্পী নৃত্যগুৰু অধ্যাপক
কে. যতীন্দ্ৰ সিংহৰ জন্ম হয় ১৯৪৩ চনত এপ্ৰিল মাহৰ ২২ তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত।
গুৰু কে. যতীন্দ্ৰ সিংহ, মণিপুৰী নট-সংকীৰ্তন গুৰু কে. কামিনী সিংহ আৰু শ্ৰীমতী পশোৎলৈমা দেৱীৰ
সুপুত্ৰ। ল’ৰালিৰে পৰা তেওঁ আছিল অতি নম্ৰ, বিনয়ী, সংগীত তথা নৃত্যপ্রেমী। বংশৰ এঁতিহ্যৰ
ধাৰাবাহিকতা SPP SAA শৈশৱতেই পিতৃ আৰু কে. কামিনী সিংহৰ পৰা AH APG আৰু নৃত্যৰ আদিপাঠ
গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সেই সময়ৰ মণিপুৰ ৰাজ্যৰ প্রখ্যাত নৃত্যগুৰু, গুৰু লোকেশ্বৰ, গুৰু অমুবী আৰু
গুৰু অতোনম্বাৰ পৰা নৃত্যৰ তালিম লৈছিল।

১৯৬৫ চনত বৃত্তি পাই বিশ্বভাৰতী শান্তিনিকেতনলৈ নৃত্যশিক্ষাৰ বাবে যায়। নৃত্যশিক্ষা সাং কৰি
তাতেই তেওঁ নৃত্য আৰু সংগীত বিভাগত অধ্যাপকৰ পদত নিযুক্তি পাই শান্তি নিকেতনত নিগাজিকৈ থাকিবলৈ
লয়। অধ্যাপনাৰ সমান্তৰালভাৱে তেওঁ নৃত্যৰ সাধনাত মনোনিৱেশ কৰে। বিভিন্ন নৃত্যৰ সংযোজন আৰু
সংমিশ্ৰণৰ জৰিয়তে তেওঁ আটকধুনীয়া নতুন নৃত্যশৈলী উদ্ভাৱন কৰি শিক্ষাৰ্থীসকলক শিকাইছিল। ৰাষ্ট্ৰীয়
আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত নৃত্যৰ বহু কৰ্মশালা, আলোচনাচক্ৰ তথা সাংস্কৃতিক সমাৰোহত নৃত্যৰ
প্ৰদৰ্শন তথা বক্তৃতা প্ৰদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ উদ্যোগত শান্তিনিকেতনৰ
এনে বহু কৰ্মশালা আৰু CCAS আয়োজন কৰি মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্যৰ শ্ৰীবৃদ্ধিৰ অহৰহ চেষ্টা
চলাই গৈছিল। তেওঁৰ তত্ত্বাৱধান আৰু নিৰ্দেশনাত তেওঁৰ ছাত্ৰ-ছাত্ৰীও বিশ্বভাৰতীৰ সংগীত বিভাগৰ শিল্পী
সমন্বিতে, দক্ষিণ আমেৰিকা, চীন, জাপান, মালয়েছিয়া, ছিংগাপুৰ, ফ্ৰান্স, ৰাছিয়া, ম্যানমাৰ আৰু বাংলাদেশকে
আদিকৰি বিশ্বৰ বিভিন্ন দেশত মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্য মঞ্চায়ন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।
তেওঁৰ ভৰিত যেন যাদু আছিল। তেওঁ যেতিয়া নাচিবলৈ লয় তেতিয়া দৰ্শকসকলে অনুভৱ কৰে যেন শূন্যত
ভাহি মলয়াছাটিৰ তালে তালে নাচিব লাগিছে। নৃত্যৰত অৱস্থাত তেওঁ আছিল সিমানেই নিভীজ, প্ৰাণৱন্ত


--- Page 134 ---
বৈচিত্ৰ্যময় অসম ১২৫

আৰু শিল্পময়। স্বনামধন্য শিল্পীগৰাকীয়ে দেশ-বিদেশৰ পৰা অৰ্জন কৰা সন্মান আৰু গৌৰৱতকৈও অসংখ্য
ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধসকলৰ OHA শ্ৰদ্ধা আৰু মৰম-চেনেহক তেওঁৰ দীৰ্ঘদিনৰ অধ্যাপনাৰ উল্লেখযোগ্য
সফলতা বুলি গণ্য কৰে।

বিশ্বভাৰতী শান্তিনিকেতনত প্রথমে অধ্যাপনা আৰু শেহত কিছু বছৰ অধ্যক্ষৰ দৰে গুৰু দায়িত্বত কাৰ্য
নিৰ্বাহ কৰি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো সংগীত নৃত্য-নাটিকা আদিত অন্তঃকৰণেৰে
জীৱনৰ অন্তিম মুহূৰ্তলৈকে সেৱা আগবঢ়াই গৈছিল। তেওঁ ‘ত্ৰিধাৰ’ আৰু ‘মীৰজিঙ্গীনসা’ নামৰ দুখন টেলিফিল্মতো
অভিনয় কৰিছিল। গুৰু কে. যতীন্দ্ৰ সিংহক ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে নৃত্যণগ্ডৰু’, ২০১০
২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ, ইন্ফলে POY’ উপাধিৰে সন্মানিত কৰে।

মণিপুৰী নৃত্যৰ বিৰল প্ৰতিভাৰ অধিকাৰী বৰেণ্য শিল্পী pores কে. যতীন্দ্ৰ সিংহই যোৱা ২ এপ্রিল
২০১৮ চনত সোমবাৰে ৰাতি শান্তিনকেতনৰ অবল পল্লীৰ নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে।

সমাজসেৱিকা সৰস্বতী সিংহা

অসম আন্দোলৰ নেত্ৰী, সমাজসেৱিকা, সৰস্বতী সিংহা ১৯৫৮ চনৰ ৮ চেপ্তেম্বৰত হোজাই জিলাৰ
লংকা অঞ্চলৰ আমপুখুৰী গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম ৱাহেংবম জয়চন্দ্ৰ
সিংহ আৰু মাতৃৰ নাম ৱাহেংবম ফজবী দেবী।

আমপুখুৰী নিম্ন প্রাইমাৰী স্কুলৰ পৰাই শিক্ষাৰ্থী জীৱনৰ আৰম্ভ কৰে। কাশীপুৰ এম ভি স্কুলৰ
পৰা বৃত্তিসহ এম ভি পাছ কৰাৰ পাছত, লংকা ৰাষ্ট্ৰভাষা হাইস্কুলৰ পৰা ১৯৭৬ চনত উত্তীৰ্ণ হয়।
নগাঁও গাৰ্লচ কলেজৰ পৰা ১৯৮১ চনত বি. এ. পাছ কৰে। কিছু বছৰৰ বিৰতিৰ পিছত ১৯৯৩ চনত
নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক উপাধি লাভ কৰে।

খ্ৰীষ্টীয় ১৯৮২ চনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত অঙ্গনৱাড়ী কৰ্মী হিচাপে কৰ্ম জীৱনৰ
আৰম্ভ কৰে। কিছুদিনৰ পিছত আমপুখুৰী এল পি স্কুলত শিক্ষক হিচাপে যোগদান কৰে। ১৯৮৫
চনৰ ১৪ ছেপ্তেম্বৰত শিক্ষকতাৰ পৰাও অব্যাহতি লয়।

সৰস্বতী সিংহাৰ উদ্যোগত ২০০৫ চনত মণিপুৰী ভাষা-সাহিত্যৰ উন্নতিৰ কাৰণে হোজাইত ‘পান
মণিপুৰী লিটাৰেৰী ফ’ৰাম’ (নিখিল মণিপুৰী সাহিত্য মঞ্চ) প্রতিষ্ঠা কৰে। এই মঞ্চৰ নামত তেওঁ নিজৰ
গাঁঠিৰ ধনেৰে আন এগৰাকী স্থানীয় কবি, শানৌ ৰাজকুমাৰৰ এখনি কবিতা-সংকলন ‘নোংপোকথোঙ
হাঙলে’ৰ সৰস্বতী প্রকাশনৰ পৰা প্রকাশ কৰে। মণিপুৰী ভাষা-সাহিত্যৰ উন্নতিৰ হকে আজীৱন তেওঁ
নিস্বাৰ্থ সেৱা আগবঢ়াই গৈছিল।

আইনৰ স্নাতক সৰস্বতী সিংহাই ১৯৯৬ চনত হোজাইৰ শঙ্কৰদেৱ নগৰ আদালতত এগৰাকী
অধিবক্তাৰূপে যোগদান কৰে। তেওঁৰ বাকপটুতা, প্রত্যুৎপন্নমতি আৰু অধ্যৱসায়ী শগুণৰ কাৰণে অতি


--- Page 135 ---
১২৬ বৈচিত্ৰ্যময় অসম

কম দিনৰ ভিতৰত এগৰাকী পেচাদাৰী আইনজীৱীৰূপে নিজকে প্ৰতিষ্ঠা কৰে। উল্লেখযোগ্য যে তেওঁ
অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্রথমগৰাকী মণিপুৰী মহিলা অধিবক্তা।

তেওঁ অন্তঃকৰণেৰে উপলব্ধি কৰিছিল--নাৰী সমাজৰ চেতনা জাগৰণৰ প্রয়োজন। সেয়েহে হোজাই,
লংকা, নগাঁও অঞ্চলৰ নাৰীসকলৰ বিকাশৰ কাৰণে বিভিন্ন মহিলা সংগঠন প্রতিষ্ঠা কৰি তেওঁ নিজে
তাৰ গুৰি ধৰিছিল। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য সংগঠনটো হোজাইৰ ‘মৈৰা পাইবী লূপ’
অৰ্থাৎ ‘জোঁৰলোৱা মহিলা বাহিনী’ নামৰ মহিলা সংগঠনটো | ১৯৭০ চনমানত চুবুৰীয়া মণিপুৰত ‘অল
মণিপুৰ উইমেন ছচিয়েল ৰিফোৰমেসন এণ্ড ডেভেলপমেণ্ট সমাজ’ নামৰ এটা মহিলা সংগঠনৰ জন্ম
হয়। সমাজৰ অন্ধকাৰ স্বৰূপ কু-সংস্কাৰ আঁতৰাই জোঁৰৰ অগ্নিশিখাই সমাজ পোহৰাব। এই নাৰী
বাহিনীয়ে সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামত নামিছিল। প্রথমে যুঁজ দিছিল সমাজৰ মাদক দ্ৰব্য
সেৱন আৰু জুৱা খেল নিৰ্মূল অভিযানত। তেওঁ হোজাই-লংকাৰ নাৰী সমাজত নতুন চেতনা জগাই
এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সমাজসেৱাৰ জীৱনজোৰা অৱদানৰ কাৰণে মণিপুৰী
সাহিত্য পৰিষদ, অসমে ২০১২ চনত ‘সমাজসেৱিকা’ উপাধি আৰু বঁটাৰে বিভূষিত কৰে।

২০১২ চনৰ ৫ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে।

নোংখোম্বম বিদ্যাপতি সিংহ

মণিপুৰৰ বাহিৰত থকা মণিপুৰীসকলৰ প্রথম এম. এল. এ. নোংথোম্বম বিদ্যাপতি সিংহ এজন বহুমুখী
প্রতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ ১৯১২ চনৰ ২৪ নবেম্বৰ তাৰিখে বৰ্তমান হাইলাকান্দি জিলাৰ লালা
চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ স্বৰ্গীয় ললিত সিংহ এজন কবিৰাজ আৰু জ্যোতিষী আছিল। মাতৃ
স্বৰ্গীয়া মাইচন দেবী অসমত থকা মণিপুৰীসকলৰ প্রথম ডেপুটী ইন্সপেক্টৰ হিজম ৰমন সিংহৰ বায়েক আছিল।
তেওঁ ১৯৩১ চনত কলিকাতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত cis পাছ কৰি পিছত চিলেটৰ
মুৰাৰীচান্দ কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে। উক্ত কলেজৰ পৰা ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ
অধীনত বুৰঞ্জীত অনাৰ্চসহ বি. এ. পাছ কৰে।

নোংথোম্বম বিদ্যাপতি সিংহই ১৯৩৬ চনত কাছাৰ জিলাৰ সোনাই এম. ই. স্কুলত ইংৰাজী শিক্ষকৰূপে
যোগদান কৰে। সেই সময়ত সোনাই অঞ্চলত এম. ই, পাছ কৰাৰ পিচত হাইস্কুল পঢ়াৰ কোনো সুবিধা নাছিল।
সেয়ে তেওঁৰ প্রচেষ্টাত সোনাই এম. জি. স্কুলত হাইস্কুল স্থাপন কৰি হাইস্কুলীয়া শিক্ষাৰ অভাৱ দূৰ কৰে।

নোংখোম্বম বিদ্যাপতি সিংহই অতি সহজ-সৰল জীৱন যাপন কৰিছিল। সদায় ধৃতী-পাঞ্জাবী পৰিধান কৰা
বিদ্যাপতি সিংহ আদৰ্শবান পুৰুষ। অকল পঢ়া-শুনাতেই নহয়, নাটক আদি সাংস্কৃতিক দিশতো আগৰণুৱা
আছিল।

তেওঁৰ সভাপতিত্বত ১৯৩৯ চনত কাছাৰ মণিপুৰী যুৱ সংঘ নামৰ এটি অনুষ্ঠান গঢ়ি উঠিছিল। উক্ত সংঘৰ
যোগেদি স্বজাতি যুৱকসকলক জাগ্ৰত কৰিছিল।


--- Page 136 ---
বৈচিত্ৰ্যময় অসম ১২৭

১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অধীনত ১৯৪৬ চনত অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনত তেওঁ
দক্ষিণ হাইলাকান্দিত নিৰ্বাচিত হৈছিল। তেওঁ ১৯৫১ চনলৈকে বিধায়ক হৈ আছিল। বিধায়ক হৈ থকা
কালত তেওঁ নিজ মাতৃভাষা মণিপুৰী মাধ্যমেৰে শিক্ষা-দীক্ষা লোৱাৰ সুবিধা লাভৰ বাবে বহুবাৰ দাবী
উথ্থাপন কৰিছিল। ইয়াৰ ফলস্বৰূপে পৰৱৰ্তী কালত অসম চৰকাৰে মণিপুৰী ভাষাক শিল্ষাৰ মাধ্যম হিচাপে
স্বীকৃতি প্রদান কৰিছিল।

ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৪৮ চনত পূব পাকিস্তানত বসবাস কৰা মণিপুৰীসকলক উৎপীড়ন কৰা
খবৰ শুনি তেওঁ কাছাৰৰ তিনিজন মণিপুৰী নেতা আৰু এশগৰাকী ছাত্ৰ-ছাত্ৰী প্রেৰণ কৰি সেই সময়ত সেই
ঠাইত থকা মণিপুৰী প্ৰজা আৰু চুবুৰীয়া প্ৰজাসকলৰ মাজত সদভাৱ ৰাখি বসবাস কৰিবলৈ সু-পৰামৰ্শ
আগবঢ়াইছিল।

স্বজাতি আৰু জনতাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি বহু কম বয়সত ৪২ বছৰ বয়সত ১৯৫৪ চনৰ ১৪
চেপ্তেম্বৰ তাৰিখে সোনাই চহৰত নোংখোম্বম বিদ্যাপতি সিংহই মৃত্যুবৰণ কৰে।


q ০

কেতিয়াৰ পৰা মণিপুৰী সকলে অসমত স্থায়ীভাৱে বসবাস কৰিব আহিছে?

ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তৰ্ভুক্ত হয়?

মণিপুৰী মীতৈ/মৈতৈসকলৰ সমাজত সাতটা যেক ছালাইৰ নাম কি কি?

মনিপুৰী মীতৈ/মৈতৈসকলৰ নিজা ঘৰত পূজা-অৰ্চনা কৰা৷ দেৱ-দেৱীৰ নাম কি কি?

লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয় ? লাই হৰাওবা উৎসৱত ব্যৱহাৰ
কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।

মণিপুৰী মীতৈ/মৈতৈসকলৰ কিছুমান নাচৰ নাম লিখা |

৭ | চমুটোকা লিখা ঃ

(ক) নাওৰিয়া ফুলো (খ) নৃত্যগুৰু কে. যতীন্দ্ৰ সিংহ

(গে) সমাজসেবিকা সৰস্বতী সিংহ _ ঘে) নোংখোম্বম বিদ্যাপতি সিংহ।

R ০ তে /&ি ৮

ৰলে


--- Page 137 ---
ৰাভাসকল

ৰাভাসকল মূলতঃ এটা আদিম জাতি। এওঁলোক অসম, মেঘালয় আৰু পশ্চিমবঙ্গৰ বিভিন্ন স্থানত
অধ্যষিত হৈ আছে। সাম্প্ৰতিক সময়ত ৰাভা জাতিৰ স্থান, জনসংখ্যা, পৰিচয় ক্ৰমাগতভাৱে পোহৰলৈ
আহিছে আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিলে ৰাভা জাতিৰ এতিহাসিক পটভূমি
অধিক স্পষ্ট আৰু সঠিক ৰূপত পোৱা যাব। ১৯০৩ চনত প্রকাশিত Linguistics Survey of India-
ৰ মতে ANA পাহাৰ জিলাৰ ‘ফুলবাৰী'ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰো পাহাৰ আৰু খাচীয়া
পাহাৰ জিলাৰ উত্তৰ সীমান্তৱৰ্তী কিছু অঞ্চল সামৰি ৰাভা মানুহৰ বাসভূমি। ইয়াৰোপৰি বিভিন্ন দেশ---
নেপাল, ভুটান, মেঘালয়, বাংলাদেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলা--
SIRNA, বঙাইগাঁও, চিৰাং, বাক্সা, ওদালগুৰি, কামৰূপ, শোণিতপুৰ, গোলাঘাট, নগাঁও, ধেমাজী,
fez, শিৱসাগৰ আদি জিলাৰ বিভিন্ন ঠাইত এওঁলোক বসবাস কৰি আছে।

পৰিচয় 3 নিজস্ব এঁতিহ্য, বিশ্বাস, আখ্যান-উপাখ্যানেৰে পৰিপুষ্ট ৰাভাসকল। ভাৰতীয় সংবিধানত
ৰাভা এটা জনজাতি হিচাপে স্বীকৃত। মঙ্গোলীয় ফৈদৰ ৰাভাসকল সামাজিক ফালৰ পৰা কেইবাটাও
শাখাত বিভক্ত যেনে - ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি।

ভাষা ঃ ৰাভা জাতিৰ নিজস্ব ভাষা (দোৱান) আছে। গাণিতিক সংখ্যাও পৰিপূৰ্ণভাৱে আছে। ৰাভা
ভাষা নিশ্চিতভাৱে ব্যাকৰণসন্মত। গৱেষণা আৰু অনুশীলনৰ অভাৱত পূৰ্বতে ৰাভা ভাষা বিস্মৃতিৰ
গৰ্ভত লীন হোৱাৰ উপক্ৰম হৈছিল যদিও সম্প্ৰতি এই ভাষা বহুখিনি উদ্ধাৰ হৈছে আৰু পুনৰ উদ্ধাৰ
আৰু সংৰক্ষণৰ নতুন পদক্ষেপ লোৱাত ৰাভা ভাষা ঠন ধৰি উঠিছে।

ৰাভা ভাষাৰ অভিধান ইতিমধ্যে দুখন প্রকাশ হৈছে আৰু নিখিল ৰাভা সাহিত্য সভাৰ তৰফৰ পৰা
আৰু এখন অভিধান প্রকাশৰ পথত। ৰাভা, ইংৰাজী আৰু অসমীয়া ভাষাত ‘'ছামলাযছিনি ৰাওছামি’
নামৰ পূৰ্ণাঙ্গ প্ৰশাসনীয় পৰিভাষা প্রকাশ পাইছে৷ বৰ্তমান নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত
‘ফামানছিনি’ (পৰিচয়)-ৰপৰা পৈৰ্মৈতকাপছিনি (স্নাতকোত্তৰ) শ্ৰেণীলৈ ৰাভা ভাষাৰ ডিপ্ল'মা KISS
পৰীক্ষাৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে পাঠ্যপুথি যুগুত কৰি উলিয়াইছে।


--- Page 138 ---
বৈচিত্ৰ্যময় অসম ১২৯

ৰাভা ভাষা উত্তৰণৰ প্ৰথম কালছে৷ৱা £ ৰাভা ভাষা উত্তৰণৰ সোণালী যুগ ‘চাম্পায়’ আৰু ‘্রাক্‌
চাম্পায়’ বুলি কোৱা হৈছে। ‘চাম্পায়’ আলোচনীৰ জৰিয়তে ৰাভা ভাষা জীৱন্ত হৈ উঠে। ইয়াৰ বহু
বছৰৰ পিছত অৰ্থাৎ ২০০৫ চনত ৰাভা ভাষাৰ পষেকীয়া বাতৰি কাকত ‘চিঙি খুৰাং’ প্রকাশ পায়
যদিও দীৰ্ঘায়ু নহ’ল।

সমাজ ঃ ৰাভা সমাজ পোনতে মাতৃপ্রধান আছিল যদিও ক্ৰমে পিতৃপ্রধান সমাজলৈ ৰূপান্তৰিত
হৈছে। ল’ৰা-ছোৱালীয়ে মাকৰ বাৰায় (গোত্ৰ)-ত অন্তৰ্ভুক্ত হয়। বাপেকৰ বাৰায় ‘পাম’ হ'লে মাকৰ
বাৰায় ৰংখ হ'লে ল’ৰা-ছোৱালীয়ে ‘ৰংখ’ বাৰায়ত অন্তৰ্ভুক্ত হ'ব। মাকৰ বাৰায়ৰ ফালৰ পৰা যিমান
বাৰায়ৰ জন্ম হয়, সেইবোৰেই ‘মাহাৰী’ আৰু মাহাৰী সুত্ৰে নিকটস্থ মাহাৰীৰ সম্পত্তিৰ অধিকাৰত পূৰ্ণ
দাবী থাকে। কিন্তু একেই মাহাৰীৰ কোনো পুৰুষৰ সেই সম্পত্তিৰ দাবীত কোনো হেতু নাথাকে। এই
ফালৰ পৰা ৰাভা সকল মাতৃপ্রধান।

সংস্কৃতি ঃ ৰাভাসকল নিজস্ব কলা-সংস্কৃতিত চহকী। ৰাভাসমাজ লোকগীত, লোকসাধু, লোক-
বিশ্বাস আৰু লোক-সংস্কৃতিৰে ভৰপূৰ। ৰাভাৰ সমাজ-জীৱনত চলি অহা বিভিন্ন পূজা-পাতল, উৎসৱ-
পাৰ্বল আদিত গীত, মাত, সুৰ, তাল, লয়, বাদ্য, নৃত্য এই নৃত্য গীতত প্রকাশ পাইছে আনন্দৰ পৰা
দুখলৈ, প্রেমৰ পৰা বিৰহলৈ বিবিধ গাঁথা।

ৰাভা কৃষ্টি-সংস্কৃতিত অতীতৰে পৰা চলি অহা প্রতীক হ'ল ‘মানচালেংকা’ বা ‘মাছৰোকা’ চৰাই।
এই মানচালেংকাৰ আৰ্হিত কাঠৰ প্রতিকৃতিৰে TN Ole বাতিকটিকা নামৰ চৰাইক লৈ এডাল
মাৰৈত সংলগ্ন কৰি লোৱা হয় আৰু নাচৰ তালে তালে পুৰুষসকলে নচুৱায়। লগতে নাচনীসকলে
ৰাভাৰ পৌৰাণিক বীৰ-বীৰঙ্গনাৰ ঢাল আৰু তৰোৱাল লৈ নৃত্য কৰে।

পৌৰাণিক আখ্যান আৰু পৰম্পৰাগত বিশ্বাস-মতে ৰাভাসকলৰ ভাষা, কৃষ্টি, খোৱা-খাদ্য আদি
দানৰূপে পাইছিল জগত সৃষ্টিকৰ্তা স্বয়ং ৰিছিৰ পৰা। এয়া ৰাভা সমাজৰ লোকবিশ্বাস।

ৰাভা বীৰ-বীৰঙ্গনা £ ‘বাহাৰী-স্তান-ই-ঘায়েবী’ বুৰঞ্জী-মতে সোতৰ শতিকাৰ দ্বিতীয় দশকত “ACS”
ৰাজ্যৰ ৰজা আছিল ৰাজাবীৰ পৰশুৰাম ৰাভা। তেনেদৰে ৰাভা বুৰঞ্জীত বীৰ ৰজা দদান, মাৰুক্ষেত্ৰী
আদি যোদ্ধাসকলৰ নাম পোৱা যায়। এই বীৰ-বীৰাঙ্গনাসকলৰ অলেখ কাহিনী পঞ্জীভূত হৈ আছে।
এইসকলৰ ৰাজত্বকালৰ অনেক স্মৃতি মাকৰী পাহাৰ, ৰংজুলি, কল্যাণপুৰত এতিয়াও আছে। ইয়াৰোপৰি
ফেডাৰ ডোবাত দদানৰ শেষ স্মৃতি নীৰৱে আছে।

ৰাভাৰ উৎসৱ, পূজা-পাতল ঃ বুৰঞ্জী-মতে ৰাভাসকলৰ ৰজাবীৰ দদানৰ দ্বাৰাই ‘বায়খো’ পূজা কৰা
হৈছিল আৰু ক্ৰমাগতভাৱে বায়খো পূজালৈ পৰিণত হ’ল। ৰাভাসকলৰ প্রধান দেৱতা ৰিছি বা মহাদেৱ।
আখ্যান মতে বায়-খোকৃচি নামৰ দুই বাই ভনী দেৱীৰ পৰাই বায়খো দেৱী আৰু খোক্‌ছি দেৱীক
অতীতৰে পৰা ৰাভাসকলে পূজা কৰি আহিছে। ইয়াৰোপৰি লাঙা দেৱতাকে ধৰি বিভিন্ন দেৱ-দেৱীৰ
পূজা কৰি আহিছে। ৰাভাসকল-জড় উপাসক। শিল, গছ-গছনিক পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি
উছৰ্গা কৰে।


--- Page 139 ---
১৩০ বৈচিত্ৰ্যময় অসম

সমাজ ব্যৱস্থা $ প্রাচীন কালৰে পৰা ৰাভাসকলে সামাজিকভাৱে একতা ৰক্ষা কৰি আহিছে।
বন্য GS চিকাৰ, মৎস্য চিকাৰ আদি পুৰুষ-মহিলাই একেলগে কৰে। গাঁৱৰ পূজা-পাতল, বিবাহ,
শ্ৰাদ্ধ আদিতো সমানে অংশগ্ৰহণ কৰে। প্রাচীন কালত হোৱা যুদ্ধ-বিগ্ৰহতো পুৰুষ-মহিলাৰ সনত্ৰিয়
সহযোগৰ প্রমাণ পোৱা যায়। খেতি-বাতিটো সমভাৱে কাম কৰে। যুদ্ধ-বিগ্ৰহ ভাল পোৱা বাবে
ৰাভা জাতিক ক্ষত্ৰিয় বুলিও কোৱা হয়।

সামৰণি ঃ ৰাভাসকলৰ যিমান শাখা আছে তাৰে ভিতৰত ৰংদানী, মায়তৰী আৰু কোচ ৰাভাসকলেহে
ৰাভা ভাষা জানে। পাতি, দাহৰী, বিটলীয়া, হানা আদিয়ে ৰাভা ভাষা৷ নাজানে যদিও অতি সম্প্ৰতি
তেওঁলোকে নিজৰ মাতৃভাষা ৰাভা ভাষাক আদৰি লৈছে।

ৰাভাসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা Ba

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

বিশ্বৰে ছন্দে ছন্দে
মহানন্দে

আনন্দে

নাচা

নাচা তমোহৰ দেউ

কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষুণপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ
সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ পুত্ৰ
বিষ্ণু প্ৰসাদ ৰাভা ‘কলাগুৰু’ নামেৰে জনাজাত। Ree ৰাভাৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন
প্রাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত। কিন্তু দেউতাকে পিছত বঙালী মাধ্যমত ভৰ্তি কৰায় যদিও পিছলৈ
তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰে।

১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্রথম হৈ প্রৱেশিকা পাছ কৰি ‘কুইন এমপ্ৰেছ’
পদক লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাই বিষ্ণু ৰাভা আগশাৰীৰ খেলুৱৈ আছিল। ফুটবল, ক্ৰিকেট,
হকী খেলাৰ উপৰিও সুন্দৰ গীত গায়, নাচে, অভিনয় কৰে, চিত্র আঁকে। ইয়াৰ লগতে মহাপুৰুষ আীমন্ত
শংকৰদেৱৰ প্ৰতিও তেওঁৰ প্রৱল আসক্তি আছিল। ১৯২৬ চনত কলকাতাৰ চেণ্টপল কলেজত বিজ্ঞান শাখাত
নাম ভৰ্তি কৰে আৰু সেই বছৰে এই কলেজৰ ক্ৰিকেট দলৰ কেপ্তেইন নিৰ্বাচিত হয়। চেণ্টপল কলেজৰ পৰা
প্রথম বিভাগত আই, এছ. চি. পাছ কৰাৰ পিছত ১৯৩০ চনত ৰিপন কলেজত বি. এছ.চি. শ্ৰেণীত নাম লগাই
পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ পঢ়ে। ৰিপন কলেজতো তেওঁ ফুটবলৰ কেপ্তেইন নিৰ্বাচিত হয়। সেই সময়তে


--- Page 140 ---
বৈচিত্য্যময় অসম ১৩১

ভাৰতৰ স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰী অস্থিৰ কৰি তুলিছিল। দেশপ্ৰেমী বিষ্ণু ৰাভায়ো
আন্দোলনত নিয়োজিত হোৱাৰ কাৰণে বৃটিছ প্ৰশাসনৰ চকুত পৰিল।
সেই সময়তে বিষ্ণু ৰাভাই মনে মনে ৰিপন কলেজ এৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত নাম ভৰ্তি
কৰে।
ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্ৰ বিষুণ প্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই
পৰি বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিলে---
“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মঙ্গল চাওঁ
দুইটি পাঠাই বলি দাওঁ ৷”
এয়া আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ বিপ্লৱৰ আৰম্ভণি ৷ বৃটিছ চৰকাৰৰ ৰোষত পৰি ভিক্টোৰিয়া কলেজত
পঢ়াৰ পথ ৰুদ্ধ হোৱাত পুনৰ মাইকেল কলেজত নাম ভৰ্তি কৰি অধ্যয়নত মনোযোগ দিলে। কিন্তু বাছনি
পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিও পুলিচৰ হাৰা-শাস্তিৰ বলি হৈ মাইকেল কলেজ ত্যাগ কৰিবলৈ বাধ্য হয়।
১৯৩১ চনত তেওঁৰ ছাত্ৰ জীৱনৰ অন্ত পৰিল।
কলকতালৈ গুচি গৈ তাতে হাতত কলম তুলি লৈ ‘আৱাহন’, ‘বাঁহীৰ’ পাতত লিখিবলৈ আৰম্ভ কৰি
অসমীয়া সাহিত্যপ্রেমীৰ মাজত ন-কৈ চিনাকি হ’ল---বিষুণঃ প্ৰসাদ ৰাভা।
সংগীত সাধনাত ব্যস্ত থাকৌতেই ৰাছিয়াৰ বিখ্যাত অভিনেত্ৰী আনা পাভলভাৰ নৃত্য উপভোগ কৰি তেওঁৰ
লগত পৰিচয় ঘটিল আৰু তেওঁৰ শিল্পী প্রাণে পালে অফুৰন্ত প্রেৰণা । অসমৰ সাংস্কৃতিক জগতৰ বৰেণ্য শিল্পী
জ্যোতিপ্ৰসাদ আগৰৱালাৰ সঙ্গ পাই বিষ্ণু প্ৰসাদ ৰাভা অধিক উজ্জীৱিত হৈ পৰিল। গীত, নৃত্য আৰু অন্যান্য
সাংস্কৃতিক কৰ্মত ব্যস্ত হৈ থাকোঁতে গায়িকা প্রিয়নতা দত্তৰে ১৯৩৭ চনত বিবাহ হয় যদিও মাত্ৰ ২৮ দিন
সংসাৰ পতাৰ পিছতে পত্নীৰ মৃত্যু হয়। শোকবিহ্বল হৈ বিষ্ণু ৰাভাই গীত ৰচনা কৰে--
‘প্ৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা।’
কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বিষ্ণু ৰাভাই ১৯৩৯ চনত নৃত্য পৰিবেশন কৰে। মহাদেৱৰ তাণ্ডৱ
নৃত্য পৰিৱেশন কৰি ড“ সৰ্বেপন্নী ৰাধাকৃষ্ণণক আগত কৰাৰ লগতে ভূয়সী প্রশংসা পায়। বিপ্লৱী বিষ্ণু প্ৰসাদ
ৰাভাক ১৯৬২ চনত দেশদ্ৰোহী সজাই কাৰাৰুদ্ধ কৰে। এই সময়তে দ্বিতীয়া পত্নী কনকলতা মেধিৰ মুন মুন
(পৃথ্বিৰাজ) আৰু থুন থুন (হেমৰাজ)-ৰ জন্মৰ পিছতে অকাল বিয়োগ ঘটে। তাৰ পিছত যাযাবৰী হৈ জীৱন


--- Page 141 ---
১৩২ বৈচিত্ৰ্যময় অসম
আদি অতি মূল্যৱান গ্রন্থ লিখি থৈ যায়।

ৰাভাদেৱে ১৯৬৭ চনত তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়। Rye ৰাভা শেষত মোহিনী ৰাভাৰ
স’তে বিবাহ পাশত আবদ্ধ LA | সমগ্ৰ জীৱন দলিত আৰু অবহেলিতৰ পক্ষে সংগ্ৰাম কৰা বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ
জীৱন আছিল সীমাহীন দুখ-যন্তুণাৰে SA | তাৰ মাজেৰে তেওঁৰ দ্বাৰা সৃষ্ট গীত, নৃত্য, লেখাসমূহে তেওঁক
জনমানসত অমৰ কৰি গ’ল। ১৯৬৯ চনৰ ২০ জুনৰ দিনা এইজনা বিপ্লৱী নেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ
জীৱন নাটৰ সামৰণি পৰে।

ৰাজেন ৰাভা

কৃতী শিক্ষক, প্ৰথিতযশা সাহিত্যিক, আজীৱন গৱেষক ৰাজেন ৰাভাৰ জীৱন আৰু কৃতি বিশাল | ‘অভিধানেই
মোৰ গুৰু’ বুলি কোৱা ৰাজেন ৰাভাই ‘ৰাভা সাধু’, ‘ৰাভা জনজাতি’ আদিৰ উপৰিও দুকুৰিৰো অধিক প্রৱন্ধৰে
অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে। ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত জন্মগ্ৰহণ কৰা ৰাজেন ৰাভা এম
ইস্কুলৰ পৰা ওলাই মাত্ৰ পাঁচ টকা পাৰিতোষিকেৰে এখন মাৰোৱাৰী দোকানত জীৱিকাৰ বৃত্তি গ্ৰহণ কৰি নিজ
সংকল্পৰ দৃঢ়তাৰ বাবেই প্ৰাইভেটকৈ CALS (১৯৫৫), আই, এ. আৰু শেষত অসমীয়া বিভাগত এম এ
পৰীক্ষাত (১৯৭১) উত্তীৰ্ণ হৈ ৰাভা আৰু সমাজ-সংস্কৃতি বিষয়ত অধ্যয়ন কৰিবলৈ লয়। আজীৱন সাহিত্য-
সাধক, সমাজ আৰু মানৱপ্ৰেমী ৰাজেন ৰাভাৰ বৰ্ণাঢ্য জীৱনৰ প্ৰথমছোৱা কাল আছিল দুখ আৰু PBS |
১৯৪৯ চনত তেওঁ যোৰহাট নৰ্মাল স্কুলত মাহিলী কুৰিটকীয়া বৃত্তিৰে অধ্যয়ন কৰাৰ সুবিধা পায়। গোৱালপাৰা
স্কুল ব'ৰ্ডে তেওঁক জয়ৰামকুছি মজলীয়া বিদ্যালয়ত প্রধান শিক্ষক হিচাপে নিযুক্তি দিয়ে। সেই সময়তে
‘ডদয়ন’ নামৰ তিনিমহীয়া আলোচনী এখন উলিয়ায়৷ অৱশ্যে ইয়াৰ আগতে COS কৃষিকাৰ্যতো মনোনিবেশ
কৰাৰ লগতে মণিহাৰী বস্তুৰো বেহা কৰিছিল। স্বাধীনতা আন্দোলনতো যোগদান কৰি ‘কৰিম কিম্বা মৰিম’
বাহিনীত ভৰ্তি হৈছিল। ১৯৩৮ চনত যোৰহাটৰ কোকিলামুখত এগৰাকী অধ্যক্ষৰ অধীনত ‘অসম বংগীয়
সাৰস্বত আশ্ৰম'ৰ AT বিদ্যালয়ত এবছৰ কাল সংস্কৃত আৰু বাংলা ভাষা আয়ত্ত কৰে। ইয়াৰ পিছত কোক্ৰাবাৰ
গুৰু ট্ৰেইনিং কেন্দ্ৰৰ পৰা (১৯৪৮) ডিষ্টিংছনসহ প্রথম স্থান, যোৰহাট নৰ্মাল স্কুলৰ ত্ৰি-বাৰ্ষিক শেষ পৰীক্ষা
(১৯৫২) ত পাঁচটা বিষয়ত লেটাৰসহ দ্বিতীয় স্থানত, তিতাবৰত বুনিয়াদী প্ৰশিক্ষণ কলেজৰ পৰা প্রশিক্ষণ
লাভ, বাৰ্ধাৰ ৰাষ্ট্ৰভাষা প্রচাৰ সমিতিৰ (১৯৫৭) পৰা হিন্দী বিশাৰদ আৰু শেষত পি এইচ ডি (প্রভিজনেল),
১৯৭২ চনত ডঃ মহেশ্বৰ নেওগৰ তত্ব্বৱধানত The Rabhas : Their language and culture আৰু পি
এইচ ডি (ফাইনেল), ১৯৭৭ চন (সংশোধিত The Rabhas : Their society and culture with spe-
cial reference to non-sanskritized groups) | অৱশ্যে এই গৱেষণামূলক (থেছিছ) গ্ৰন্থখন বিভিন্ন


--- Page 142 ---
বৈচিত্য্যময় অসম ১৩৩

কাৰণত বিশ্ববিদ্যালয়ত জমা দিয়াৰ সুযোগ নাপালেও ৰাভাসকলৰ বিষয়ে লিখা সেইখন আপুৰুগীয়া পুথি
হৈ থাকিব।

তেওঁ অসম সাহিত্য সভাৰ বঙাইগীও অধিবেশনৰ উপসভাপতি আৰু দুধনৈ অধিবেশনৰ আদৰণি সমিতিৰ
সভাপতি আছিল। তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্রদান কৰাৰ লগতে ১৯৪৬ চনত VER কৃতী
শিক্ষকৰো বঁটা প্ৰদান কৰে।

ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পাম

ৰাভা কৃষ্টিৰ ৰূপকাৰ প্রসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ
বালিজান চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত। পিতৃ কমল কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা।
পূব গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ প্রাথমিক বিদ্যালয়ত শিক্ষা-জীৱন আৰম্ভ কৰা প্রসন্ন পাম আগিয়া
এম. ভি. স্কুলৰ পৰা উত্তীৰ্ণ হয়।

ৰাভা কৃষ্টিৰ ৰূপকাৰ প্রসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্ৰতী হৈ পৰিছিল। অনাতীাৰ
শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল। এইবোৰ গীতৰ কথা
আৰু সুৰে সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে৷ ‘দদান বীৰ’ নাটকৰ জৰিয়তে Galea
পদান সংসাৰ’, ‘মায়া Be’, ‘লেখা তেৱা জমা তংচা’ ইত্যাদি গ্ৰন্থ অপ্রকাশিত অৱস্থাত ৰৈ আছে।

সমগ্ৰ জীৱন ৰাভা কৃষ্টি অক্লান্তভাৱে সাধনা কৰা প্রসন্ন পাম ১৯৫২ চনত অমনী বালা ৰাভাৰ
স’তে বিবাহ পাশত আবদ্ধ হৈ চাৰিজন ল’ৰা আৰু তিনিজনী ছোৱালীৰ পিতৃ হয়। ২০-০২-১৯৭৮
ইং তাৰিখে এক নিৰ্বাচনী প্রচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পীৰ

সংগ্ৰামী নেত্ৰী ড" বীৰুবালা ৰাভা

ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসক সমাজৰ পৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ আপ্রাণ চেষ্টাৰে
নিজকে উৎসৰ্গিত কৰা সংগ্ৰামী নেত্ৰী বীৰুবালা ৰাভা।

গোৱালপাৰা জিলাৰ ঠাকুৰবিলা৷ নামৰ (SWART গাঁও এখনত ১৯৪৯ চনত জন্ম লাভ কৰা বীৰুবালা
ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা। প্রাথমিক বিদ্যালয়ৰ
৩য় শ্ৰেণীলৈ পঢ়ি মাত্ৰ ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ
আৰম্ভণি আছিল বোৱা-কটা কামৰ জৰিয়তে। ইয়াৰ লগে লগে সামাজিক কু-সংস্কাৰ ডাইনী হত্যাৰ
বিৰুদ্ধে সক্ৰিয় অংশ গ্ৰহণ কৰে। অবিৰামভাৱে এই কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ


--- Page 143 ---
১৩৪ বৈচিত্ৰ্যময় অসম

স্বীকৃতি হিচাপে লাভ কৰা বঁটা আৰু স্বীকৃতিসমূহ তলত উল্লেখ কৰা হ'ল ঃ
২০০৫ চনত 3 শান্তিৰ নবেল বঁটালৈ মনোনয়ন।
২০০৫ চনত ঃ Real Hero স্বীকৃতি, IBN 18 Network and Reliance Group.
২০১১ চনত ঃ সমাজপ্রাণ সৰ্বেশ্বৰ দত্ত মেমোৰিয়ল বঁটা পুৰস্কাৰ প্রদানেৰে ‘সমাজপ্রাণ’ পুৰস্কাৰ।
২০১১ চনত ঃ উৰ্মিলা দাস মেমোৰিয়েল বঁটা।
২০১২ চনত ঃ ডিব্ৰুগড় মহিলা ক্লাৱৰ ‘জয়মতী’ বঁটা প্রদান।
২০১৩ চনত ঃ ইংখং ৱেলফেয়াৰ ছ'ছাইতি কোকৰাব্বাৰ জিলাৰ দ্বাৰা ‘মেন অৱ দা ইয়াৰ’ বঁটা।
২০১৪ চনত 3 শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা ‘বীৰাংগনা মূলাগাভৰু’ বঁটা।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা বীৰুবালা ৰাভাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্রদান কৰা হয় ২০১৫
চনত।
বৰ্তমান 'Mission Birubala'- ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভাৱে
কাম কৰি আছে।

প্ৰশ্নাৱলী

১ ৷ ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?

২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?

৩। ৰাভা সংস্কৃতিৰ প্ৰতীক কি?

৪। ৰাভাসকলৰ প্ৰধান দেৱতা কি?

৫। ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি?

VIDA লিখা ঃ
কে) বিষ্ণুপ্ৰসাদ ৰাভা (খ) ৰাজেন ৰাভা
(গ) প্ৰসন্ন পাম (৬) বীৰুবালা ৰাভা

--- Page 144 ---
সোনোৱাল কছাৰীসকল

সোনোৱাল কছাৰীসকলে পূৰ্বতে মংগোলীয় হিচাপে অসমত প্ৰৱেশ কৰিছিল। তেওঁলোক প্ৰথমে জড়োপাসক
আছিল। কালক্ৰমত তেওঁলোক কিৰাত ধৰ্ম গ্ৰহণ কৰি খেতি-বাতি আৰু যাতায়াতৰ সুবিধাৰ্থে নদী বা পৰ্বতৰ
দাঁতি-কাষৰীয়া ঠাইত বাস কৰাৰ কাৰণে নদী-কাষৰীয়া অৰ্থাৎ কক্ষাত- >কচ্ছাত- >কচ্ছৰ লগত অৰি যোগ
হৈ কচ্ছ + অৰি = কচ্ছাৰী বা কছাৰী নামৰ উৎপত্তি হ’ল বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। ড‘সুনীতি
কুমাৰ চ্যাটাৰ্জী (চট্টোপাধ্যায়)- ৰ মতে কছাৰীসকলে প্ৰব্ৰজন কৰি আহি প্রথমে PH AIS পাৰত বাস কৰাৰ
কাৰণে তেওঁলোক PHT? আৰু অঞ্চলটোক কুশাৰীয়াৰ বাবে কুশীয়াৰ -> কুশাৰ বা কাশাৰ-> কুশাৰী
বা কছাৰী বুলি কৈছে। এই জনগোষ্ঠীটোৱে যিবিলাক নদ-নদীৰ পাৰত বাস কৰিছিল, সেইবিলাক নদ-নদীৰ
আগত দি বা টি আখৰষুক্ত শব্দ ব্যৱহাৰ কৰি নিজে নিজেই নদীৰ নাম দিছিল। সেইবিলাকৰ ভিতৰত দিহিং,
দিচাং, ডিব্ৰু, দৈয়াং, দিমৌ, দিখৌ, দিগাৰু, দিছৈ, ডাঙৰী, ডুমডুমা, দিৰাক, দিখাৰী, দিক্ৰং, দিল্লীহৰ আদিয়েই
প্রধান।

সোনোৱাল ঃ ডিমাচা ভাষাত সোনোৱাল মানে উজ্জ্বল আৰু এশ্বৰ্যশালী।৷ বৰ্তমান নেপাল ৰাষ্ট্ৰৰ পূবত
কিৰাতি বুলি আত্মপৰিচয় দি থকা ‘সুনুৱাৰ’ জনগোষ্ঠী মানুহৰ মাজত এই সুনুৱাৰ শব্দটো পোৱা যায়। গতিকে
সোনোৱাল শব্দটো তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ সুনুৱাৰ শব্দৰ পৰাই আহিছে। আদিমফায়ে লিখা সাঁচিপতীয়া
পুথি ‘মহান জাতিৰ ইতিহাসত উল্লেখ থকামতে চুকাফাই সৌমাৰত প্রবেশ কৰাৰ বহু বছৰৰ আগতেই
সোনোৱালসকলে সোণ উৎপাদন কৰিছিল আৰু তেতিয়া, বৰ্তমানৰ সোনোৱাল শব্দৰ সলনি ‘সুনুৱাল’হে
আছিল। আনহাতেদি ইতিহাসবিদ উপেন্দ্ৰ চন্দ্ৰ গুহদেৱৰ ‘কাছারের ইতিবৃত্তত’উল্লেখ কৰামতে সুনাচিৰি (বৰ্তমান
সোৱণশিৰি) নদীৰ পাৰত বসবাস কৰা মানুহখিনিক ‘সুনুৱাল’ বুলি কোৱা হৈছিল। তেওঁ ইয়াকো কৈছে যে
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ঠাইখন হাবুং বুলি কোৱা হৈছিল আৰু ইয়াত বসবাস কৰা কছাৰীসকলক প্রথমে
হাবাং নাইবা হাবুঙীয়া কছাৰী বুলি কোৱা হৈছিল। এই হাবুঙীয়া কছাৰীসকলেই সুনুৱাল (বৰ্তমান সোনোৱাল)
কছাৰী বুলি কোৱা হয়।

বৰ্তমান সমাজত শাসনৰ ব্যৱস্থা 3 গাঁওসমূহৰ সংগঠনৰ মৌলিক ভেটি হ'ল শ্ৰীমন্ত শংকৰদেৱৰ অনৱদ্য
অৱদান নামঘৰ। গাঁওখনক শৃংখলাবদ্ধভাৱে পৰিচালিত হ’বলৈ গাঁৱত বাৰীক, পাঠেক, আশীৰ্বদীয়া, গীত
ঘাই, মেধি, তামুলী, ৰান্ধনী আদি বাবৰ সৃষ্টি কৰা হয়। গাঁৱৰ সামাজিক কাম, উৎসৱ-পাৰ্বণ, তিথি আদিত


--- Page 145 ---
১৩৬ বৈচিত্ৰ্যময় অসম

এইসকল বিষয়ববীয়াই কাৰ্য সু-পৰিচালনা কৰে। সোনোৱাল কছাৰী গাঁৱৰ নামঘৰত ৰাজহুৱা আৰু নানা
মেল-মোকৰ্দমাৰ বিচাৰ হয়। বিচাৰত জৰিমনা ভৰিলে ৰাজহুৱা পুঁজিত ধনভৰালীয়ে জমা ৰাখে।

ধৰ্ম ৪ সোনোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল। কিন্তু ১৬৮১
চন (১৬০০ শক)- ত আহোমৰ স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্ৰীঞ্জাকেশৱদেৱ গোস্বামীদেৱে শদিয়াৰ;
সোনোৱালসকলৰ অধ্যুষিত অঞ্চল Cig চাপৰি বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত
কৰিলে৷ সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱাসকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামকৰণ
কৰিলে। আৰু সেই সময়ৰ পৰাই সোনোৱাল সকলৰ মাজত ‘গোসাঁই নাম’ অন্তৰ্ভুক্ত হয়। সত্ৰাধিকাৰে শৰণ
দিয়ালেও সম্প্ৰতি সোনোৱাল কছাৰীসকল দ্বৈত ধৰ্মী। শৰণ লোৱাৰ পাছৰ পৰা সোনোৱাল সকলৰ মাজত
নামঘৰৰ প্ৰচলন VAT |

সোনোৱাল কছাৰীসকলৰ সমাজ পদ্ধতি 8 সোনোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ,
খেল আৰু কুচীয়া ৷ বৰ্তমান সোনোৱালসকলৰ মাজত ১৩৫- টা সঁচ আছে। ইয়াৰে চাৰিটা বা ততোধিক সঁচ
মিলি একোটা বংশ হয়। সোনোৱাল কছাৰীসকলৰ মাজত সৰ্বমুঠ ২৫- টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক
নিৰ্বাচন কৰি কছাৰীৰ ৰাষ্ট্ৰনায়ক মাণিকে হালালী ৰাজ্য পৰিচালন৷ কৰিছিল। সোনোৱাল কছাৰীসকলৰ বিবাহৰ
ক্ষেত্ৰত প্ৰথমে সঁচ আৰু বংশ বিচাৰ হয়। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ককাই-ভাই হিচাপে গণ্য কৰা
হয়।

সোনোৱাল কছাৰীসকলৰ ঘৰ সজা পদ্ধতি ঃ হায়দাং গীতৰ মতে - ‘পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে
দিশত মজিয়া বা পাকঘৰটো সাজে। অতিথিৰ বাবে মাৰলঘৰটো সাজে।

লোক-সাহিত্য $ জনসাধাৰণে ৰচনা কৰা সাহিত্যই লোক-সাহিত্য। এনে সাহিত্যই মুখ বাগৰি যুগ যুগ ধৰি
কৃষ্টি, সংস্কৃতি, ইতিহাস বহন কৰি আহিছে। তদুপৰি মুখে মুখে ৰচনা কৰা, মুখ বাগৰি জীয়াই থকা পুৰণি নাম,
পদ, মালিতা, ফকৰা-যোজনা, সাধুকথা ইত্যাদি উল্লেখযোগ্য চহা সাহিত্য। বৰ্তমানলৈ প্রাপ্ত লোক-সাহিত্যসমূহৰ
ভিতৰত হায়দাং গীত, হুঁচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, MSA, লখিমী নাম, অপেশ্বৰীৰ নাম, গোসাঁইৰ
নাম, ফুলকৌৱৰ-মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত, তৰাচিয়া গীত আদিয়েই
প্রধান। মুখ বাগৰি অহা এই সাহিত্যবোৰ অৱশ্যে বৰ্তমান লিখিত ৰূপত প্রকাশ পাবলৈ ধৰিছে।

সোনোৱাল কছাৰীসকলৰ ধৰ্মীয় ভিত্তিত পূজা-পাতল ঃ সোনোৱাল কছাৰীসকলৰ মাজত দ্বৈতধৰ্ম
বিৰাজমান--- শাক্ত আৰু বৈষ্ণৱ। ৰামায়ণ, মহাভাৰতৰ দিনৰ পৰাই সোনোৱাল সকলে ‘কিৰাত’ বা পুৰাতন
ধৰ্ম পালন কৰি আহিছিল। কিন্তু ১৬৮১ চনৰ পৰা বৈষ্ণৱ ধৰ্মৰ প্রভাৱ পৰিলেও নৱ বৈষ্ণৱ ধৰ্মই


--- Page 146 ---
বৈচিত্য্যময় অসম ১৩৭

সোনোৱালসকলৰ পূজা পাৰ্বণত বিশেষ প্রভাৱ পেলাব পৰা নাই। পৰম্পৰাগতভাৱে চলি অহা পূজাসমূহ,
বুঢ়ী শালৰ পূজা, বলিয়া বাবাৰ পূজা, কেঁচাইখাতী পূজা, কলি আই সবাহ, বাটভেটা সবাহ, খিনভঙা পূজা,
গো-কালিকা পূজা, কুলাচামন পূজা, বৰচামন পূজাৰ উপৰিও লখিমী তোলা সবাহ, ভুৰ উটুওৱা সবাহ, বালি
সবাহ, চেঙেলী মাছৰ সবাহ, নৰা ছিগা ভোজ, গৰখীয়া সবাহ, বাৰী চুকৰ সকাম ইত্যাদি। এইদৰে
সোনোৱালসকলৰ সকাম-নিকাম, যেনে--- লখিমী সবাহ, আই সকাম, বাৰী চুকৰ সকাম, ন-পুৰুষীয়া সকাম,
বুঢ়ী পোহা বা চাউল খুওৱা সকাম, মৰাক দিয়া, পিণ্ড দিয়া, আয়ুতোলা, আই সবাহ, অপেশ্বৰী সবাহ ইত্যাদি
বিদ্যমান। নাচৰ ভিতৰত বহুৱা নৃত্য, হস্লা নৃত্য, লেছেৰী, কুলাবুঢ়ী নাচৰ হায়দাং নৃত্য, সোনোৱালসকলৰ
মাজত যথেষ্ট প্ৰাসংগিকতা আছে।

সোনোৱাল কছাৰীসকলৰ বৰ্ত মান বসতি ঃ প্ৰাকৃতিক আৰু বিভিন্ন পক্ষৰ স’তে যুদ্ধ-বিগ্ৰহত পৰি
সোনোৱালসকলৰ একাংশই শদিয়াৰ পৰা৷ আহি উজনিৰ বৰ্ত মানৰ এঘাৰখন জিলাত সিঁচৰতি হৈ পৰে। উজনি
অসমৰ এই জিলাবোৰ হ’ল লখিমপুৰ, ধেমাজী, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট
জিলা।

অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰ অৱদান আগবঢ়োৱা সোনোৱাল কছাৰীসকলৰ
কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা Sa

গগন চন্দ্ৰ সোনোৰাল

সাহিত্য-সংস্কৃতিৰ সাধক গগন চন্দ্ৰ সোনোৱালে তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি
চাহবাগিছাত ১৯২৬ চনত ২৪ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰে। ডাঙৰী গাঁৱৰ তিলক সোনোৱাল
তেওঁৰ পিতৃ আৰু মাতৃ অদিতি সোনোৱাল।

মাকুম প্রাথমিক বিদালয়ত তেওঁৰ শিক্ষা-জীৱন আৰম্ভ হয়। তাৰ পাছত যথাক্ৰমে ডাঙৰী মধ্য ইংৰাজী
বিদ্যালয়ত পঢ়ে আৰু ডাঙৰী ইংৰাজী বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হয়। ডিব্ৰুগড়ৰ উচ্চ
শিক্ষাৰ কেন্দ্ৰ ডিব্ৰুগড় হনুমান বক্স কানৈ কলেজৰ পৰা কলা শাখাত প্রাক্‌-স্নাতক পৰীক্ষাত উত্তীৰ্ণ
হোৱাৰ পাছত তেওঁৰ শিক্ষা-জীৱনৰ সিমানতে সামৰণি পৰে।

তিনিচুকীয়া জিলাৰ কাকপথাৰত ১৯৪৭ চনত মধ্য ইংৰাজী বিদ্যালয়ত এগৰাকী প্ৰতিষ্ঠাপক শিক্ষক
ৰূপে কৰ্ম-জীৱনৰ পাতনি মেলি তাৰ পৰাই সহকাৰী শিক্ষক পদৰ পৰা ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত
অৱসৰ গ্রহণ কৰে।

শিক্ষকতাৰ বাদেও সোনোৱালদেৱে স্বাৱলম্বী হ'বলৈ জীৱিকাৰ বাবে কৃষিকৰ্মতো আত্মনিয়োগ
কৰিছিল।


--- Page 147 ---
১৩৮ বৈচিত্ৰ্যময় অসম

ডাঙৰীৰ মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়োতেই গগন চন্দ্ৰ সোনোৱাল দেৱে সাহিত্য
চৰ্চা আৰম্ভ কৰে। বিদ্যালয়ৰ হাতে লেখা আলোচনীৰ পাততেই ১৯৪২ চনত ‘মানৱ সভ্যতা আৰু
ক্ৰমবিকাশ’ প্রবন্ধটো এঘাৰ বছৰ বয়সত লিখিছিল। সেই কালৰ জনাজাত গুৱাহাটীৰ ‘তৰুণ লেখক
সংঘ'ৰ প্রথম প্রকাশিত মুখপত্ৰ ‘তৰুণ জাগৰণ’ত ‘সোনোৱাল কছাৰীৰ’ হায়দাং গীত প্রকাশ কৰিছিল।
তেওঁ ৰচনা কৰা একৈশটা সাধুকথা অসম সাহিত্য সভাই ‘সোনোৱালৰ সাধু’ নামেৰে ১৯৭৮ চনত
প্রকাশ কৰে। সোনোৱালদেৱৰ সাহিত্য সাধনাৰ উৎকৃষ্ট নিৰ্দশনৰূপে বৰ্তমানলৈকে প্রকাশ হৈছে বিভিন্ন
বিষয়ৰ--যেনে (১) ‘সোনোৱাল কছাৰীসকলৰ এতিহ্য’ (২) ‘অসমৰ সংস্কৃতিত সোনোৱালসকলৰ
অৱদান’ আদি চৌবিশটা মৌলিক প্রৱন্ধ (৩) লোকসাহিত্য-সংগ্ৰহ, যেনে-- গীত-মাত, হায়দাং হুঁচৰি,
আইনাম, অপেচৰা নাম, লখিমী নাম ইত্যাদি। (৪) অন্যান্য ৰচনাৱলীত আছে তেৰটা অমূল্য নিৱন্ধ,
(৫) ভাষাণাৱলীত সন্নিবিষ্ট হৈছে উনৈশটা ভাষণ, (৬) Wot কবিতা--প্রভৃতি বিচিত্ৰ সাহিত্যকৰ্মই
গগন চন্দ্ৰ সোনোৱাল দেৱৰ জীৱনৰ SIS | সাংস্কৃতিক জীৱনৰ গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লগ-
লাগি সোনোৱাল কছাৰীৰ সমাজ জীৱনৰ ইতিহাস স্বৰূপ ‘হুঁচৰি The ছৈখোৱাৰ বিছনী গাঁৱৰ পৰা
১৯৪২ চনত সংগ্ৰহ কৰিছিল।

তেওঁ কাকপথাৰত প্রথম শাখা সাহিত্য সভা গঠন কৰিছিল। অবিভক্ত ডিব্ৰুগড় জিলাৰ সভাপতি
আৰু তিনিচুকীয়া জিলাৰ প্রতিষ্ঠাপক সভাপতিৰ পদো অলংকৃত কৰিছিল। অসম সাহিত্য সভাৰ
ভালেমান অধিবেশনত তেওঁ প্ৰতিনিধিৰূপে অংশগ্ৰহণ কৰিছিল। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ
এগৰাকী একনিষ্ঠ কৰ্মীৰূপে স্বীকৃতি দি অসম চৰকাৰে সোনোৱালদেৱক সাহিত্যিক পেঞ্চন আগবঢ়াইছে।

গগন চন্দ্ৰ সোনোৱাল সদৌ অসম জনসংস্কৃতি পৰিষদৰ প্রথমগৰাকী কাৰ্যকাৰী সভাপতি হৈছিল
আৰু পাছত সভাপতি পদৰ গুৰু দায়িত্ব বহন কৰিছিল।

নিজক প্ৰতিষ্ঠা, প্রতিভাৰ প্রশংসাৰ প্রতি নিস্পৃহ, নীৰৱ কৰ্ম সাধনত একান্তভাৱে নিবিষ্ট থকা
সোনোৱালদেৱে ২০০৯ চনৰ ২৭ অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। জীৱনকালত তেওঁ কৰি যোৱা
সামাজিক কল্যাণকামী আৰু প্ৰগতিশীল কৰ্ম-চিন্তাই গগন চন্দ্ৰ সোনোৱালক স্মৰণীয় কৰি ৰাখিব।
পৰশুৰাম সোনোৰৱাল

পৰশুৰাম সোনোৱালৰ জন্ম হয় ১৯০৪ চনৰ ২৫ মে’ তাৰিখে নগাঘূলি চাহ বাগিছাত। তেওঁৰ
পিতৃৰ নাম আছিল পঞ্চানন সোনোৱাল আৰু মাতৃ আছিল গুটিমালা সোনোৱাল। গ্রেহেম বজাৰ নিম্ন
বুনিয়াদী পাঠশালাত পৰশুৰাম সোনোৱালদেৱে প্রাথমিক শিক্ষাৰ শুভাৰম্ভ কৰে। সুখ্যাতিৰে সেই স্কুলৰ
পৰা উত্তীৰ্ণ হয় আৰু চৰকাৰী ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নাম লগায়। আৰু সেই স্কুলৰ পৰাই
তেওঁ ১৯২৪ চনত প্রথম বিভাগত cals পাছ কৰে আৰু কটন কলেজৰ পৰা আই. এ. কলা শাখাত
প্রথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম লগায়। সেই কলেজৰ পৰা ১৯২৮


--- Page 148 ---
বৈচিত্য্যময় অসম ১৩৯

চনত বুৰঞ্জীত সন্মানসহ বি. এ.-- ত প্রথম শ্ৰেণী লাভ কৰি উত্তীৰ্ণ হয়। ১৯৩২ চনত তেওঁ
‘ইউনিভাৰচিটি অব কলকাতাৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ
কৰাৰ লগতে একে সময়তে সেই বিশ্ববিদ্যালয়ৰ পৰা এল. এল. বি.- ত প্রথম শ্রেণীৰ দ্বিতীয় স্থান
লাভ কৰিবলৈ সম্ষম হৈছিল।

পৰশু সোনোৱাল কেৱল যে এজন বিদ্যায়তনিক দিশতে পাৰ্গত অছিল সেয়া নহয়। তেওঁ এজন এনে
ব্যক্তি আছিল, যিয়ে ক্ৰীড়া, সংগীত সাধনা, লেখক (গল্প, প্রৱন্ধ) আদিৰ লগতে সুকুমাৰ কলাতো সিদ্ধহস্ত
আছিল। তেওঁৰ গল্প আদি সেই সময়ত প্রকাশিত Illustrated Weekly of India আলোচনীত সঘনে

যি সময়ত অসমত টেনিছ, ফুটবল আৰু হকী খেলৰ কোনো চিনাকি নাছিল, সেই সময়ছোৱাত পৰশু
সোণোৱালে নিজা পাৰদৰ্শিতাৰে প্ৰেছিডেন্সী কলেজৰ ফুটবল, হকী আৰু টেনিছ খেলত এক সুকীয়া স্থান
লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ সুনামতে ‘ইউনিভাৰচিটি অব কলকাতাৰ’ হকী দলৰ অধিনায়ক ৰূপে
নিৰ্বাচিত হৈ বহুপ্রতিযোগিতাত নিজৰ সক্ষমতা দেখুৱাবলৈ সক্ষম হৈছিল আৰু অসমত ইয়াৰ প্রসাৰ ঘটাইছিল।

কৰ্মজীৱন আৰম্ভ কৰে ১৯৩৪ চনৰ ১৪ এপ্ৰিলৰ দিনা। সেই তাৰিখতে তেওঁ ডিব্ৰুগড় উকীল ARIS ৩৫
(পয়ত্ৰিছ) নম্বৰৰ পঞ্জীয়নেৰে যোগদান কৰে। এই উকীল সম্থাত নাম পঞ্জীয়ন কৰা এম. এ., এল. এল.বি.
প্ৰথম অসমীয়া ব্যক্তিজন হ’ল পৰশুৰাম সোনোৱাল।

পৰশুৰাম সোনোৱাল বহুতো সামাজিক কামতো জড়িত হৈছিল। ইংৰাজ শাসনকালত অসমত যি আধুনিক
জীৱন-যাপনৰ শৈলী গঢ়ি উঠিছিল, সেইবোৰত পৰশু সোণোৱালে সকলো ক্ষেত্ৰতে সহায়ৰ হাত আগবঢ়াইছিল।
উচ্চ শিক্ষাৰ বাবে ডিবৰু নগৰৰ বহু নাগৰিকে কলেজ এখন স্থাপনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল, পৰশু সোণোৱালে
তাৰ প্রতি সঁহাৰি জনাই এটা বছৰ বিনামূলীয়াকৈ পাঠদানৰ প্রস্তাৱ আগবঢ়াই এবছৰকাল অকলেই কলেজখনৰ
বুৰঞ্জী বিভাগ পৰিচালনা কৰিছিল।

সোনোৱালদেৱ একেৰাহে ডিব্ৰুগড় লোকেল ব’ৰ্ডৰ সক্ৰিয় সদস্য, অসম মেডিকেল স্কুল ব'ৰ্ডৰ সদস্য,
জিলা ট্রাইবেল লীগৰ সভাপতি আদিকে সামৰি ডিব্ৰুগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ
কৰিছিল। স্বাধীনতাৰ পাছৰ সময়ছোৱাত অসমৰ অনুন্নত জাতি-জনগোষ্ঠীসমূহৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক
তথা সাংস্কৃতিক দিশ আগবঢ়াই নিবলৈ গঠন কৰা সদৌ অসম ট্ৰাইবেল লীগৰ বাবে তেওঁ বহুতো অৱদান তথা
ত্যাগ স্বীকাৰ কৰি গৈছে।

১৯৬০ চনৰ পহিলা অক্টোবৰৰ দিনা সহধৰ্মিণীৰ লগতে তিনি পুত্ৰ সহিত পাঁচগৰাকী কন্যা আৰু পৰিয়াল-
পৰিজন, গুণমুগ্ধক কন্দুৱাই তেওঁ ইহলীলা সম্বৰণ কৰে।


--- Page 149 ---
১৪০ বৈচিত্ৰ্যময় অসম
বৰেণ্য সাহিত্যিক আৰু শিক্ষাবিদ যোগেশ দাস

প্ৰাতঃস্মৰণীয় শিক্ষাবিদ আৰু প্রখ্যাত সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল ১৯২৭ চনত ডুমডুমাৰ
হাঁহচৰা চাহ-বাগিছত। তেওঁ ৰ পিতৃৰ নাম সূৰ্যকান্ত দাস আৰু মাতৃৰ নাম আছিল চিন্তামণি দাস। চাহ
বাগিছাৰ নয়নাভিৰাম প্রাকৃতিক পৰিবেশত ডাঙৰ-দীঘল হোৱা যোগেশ দাসে চাহ-বাগিছাৰ প্রাথমিক
বিদ্যালয়তে শিক্ষা-জীৱন আৰম্ভ কৰে। ডুমডুমা মজলীয়া বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড়
জৰ্জ-ইনষ্টিটিউশ্বন, বৰ্তমান বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা
গ্ৰহণ কৰে। ১৯৫৪ চনত অতি সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৯ চনত কটন কলেজৰ
পৰা স্নাতক উপাধি লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৩ চনত স্নাতকোত্তৰ উপাধি লাভ
কৰে। ছাত্র অৱস্থাৰ পৰাই তেওঁ গল্প ৰচনা কৰি এগৰাকী পৈণত গল্পকাৰৰ পৰিচয় দিছিল। ১৯৫৩
চনতেই তেওঁ ৰচনা৷ কৰা উপন্যাস ‘সঁহাৰি পাই’ প্রকাশ হৈছিল।

কৰ্মজীৱন ঃ ডুমডুমা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা যোগেশ দাসে ১৯৫৩ চনৰ
পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী
অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। জ্ঞানৰ সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল।

শিক্ষকতা তেওঁৰ অন্তৰৰ আবেদন আৰু জীৱনৰ পবিত্ৰতম অভিলাষ যদিও সমান্তৰালভাবে অসমীয়া
সাহিত্যক আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি উদ্দীপনা তেওঁ জ্ঞান-প্রসাৰী চৰ্চাই ইয়াৰ উৎকৃষ্ট
উদাহৰণ। শিক্ষকতা, সাহিত্য-সাধনা৷, জ্ঞানৰ প্রচাৰ আৰু প্রসাৰক তেওঁ জীৱনৰ Fo হিচাপে গণ্য
কৰিছিল। সেয়েহে কৰ্তব্য তথা দায়িত্বৰ প্ৰতি অৱহেলা নকৰাকৈ সাংবাদিকতাৰ ক্ষেত্ৰখখতো জড়িত
হৈ অতি নিষ্ঠাৰে দেশসেৱা, জন-সেৱা আৰু সমাজ সেৱাত ব্ৰতী হৈ পৰিছিল। ‘নতুন অসমীয়া’ কাকতৰ
উপসম্পাদক, ‘দৈনিক অসম’ কাকতৰ সহকাৰী প্রধান সম্পাদক, “elas? আৰু ‘অধিনায়ক’ ৰ সম্পাদনাৰ
সৈতে জড়িত আছিল। ‘অসম সাহিত্য সভা-পত্ৰিকা’ৰো সম্পাদক আছিল।

সাহিত্য-কৃতি 8 যোগেশ দাস এগৰাকী স্বনামধন্য, সফল আৰু মানবীয় প্ৰমূল্যবোধেৰে ভৰপূৰ সাহিত্যিক।

যোগেশ দাসৰ গল্প-পুথিসমূহ-- ‘পপীয়া তৰা’ (১৯৫৬), ‘ডাৱৰৰ আঁৰে আঁৰে’ (১৯৫৮), ‘ত্ৰিবেণী’
(১৯৬১), ‘মদাৰৰ বেদনা’ (১৯৬৩) আৰু ‘হাজাৰ লোকৰ ভীৰ’ (১৯৬৫)। উপন্যাসসমূহ-_ ‘সঁহাৰি
পাই’ (১৯৫৩), ‘ডাৱৰ আৰু নাই’ (১৯৫৫), ‘জোনাকীৰ জুই’ (১৯৫৬), ‘উৎকণ্ঠ উৎকণ্ঠ’ (১৯৬০),
‘ছাঁ জুই খেদি’ (১৯৬১), ‘নিৰুপায় নিৰুপায়’ (১৯৬৩), ‘এমুঠি ধূলি’ (১৯৬৫), ‘হেজাৰ ফুল’ (১৯৬৭),
‘অবৈধ’ (১৯৭২), ‘জুইৰ ধোঁৱা’ (১৯৭২), ‘নৰেশ, মালতী’ (১৯৭৭), আৰু ‘ৰজনী বিদূৰ’ (১৯৮১)
ইত্যাদি। তদুপৰি তেওঁ অন্যান্য বহুতো গ্ৰন্থ লেখি থৈ গৈছে। ইংৰাজী AB ‘Folklore of Assam’,
অনুবাদ গ্ৰন্থ ‘বনে বনে’ জীৱনী গ্ৰস্থ- ‘হেম বৰলা” ইত্যাদি।


--- Page 150 ---
বৈচিত্য্যময় অসম ১৪১

সন্মান আৰু AAA £ ১৯৮৫ চনৰ ৮,৯ আৰু ১০ ফ্ৰেব্ৰুৱাৰীত বিহপুৰীয়াৰ শ্ৰীজ্জীমাধৱদেৱ
ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ এক পঞ্চাশতম অধিবেশনত সভাপতিত্ব কৰে। সাহিত্য সভাৰ
সভাপতিৰ অভিভাষণত তেওঁ অতি সাৰুৱা আৰু চিৰস্মৰণীয় ভাষণ প্রদান কৰি এগৰাকী মহান
চিন্তাবিদৰ পৰিচয় দি গৈছে।

এইগৰাকী প্রথিতযশা গদ্যশিল্পী যোগেশ দাসে জীৱনত বহুতো বঁটা-বাহন লাভ কৰিলে। ১৯৮০
চনত পৃথিৱীৰ অসুখ’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৮৬ চনত ‘আকৌ
বনে বনে’ গ্ৰন্থৰ বাবে ‘মোক্ষদানন্দপাঠক শিশু-সাহিত্য বঁটা’ ১৯৮৯ চনত ‘সীতানাথ ব্ৰহ্মটৌোধুৰী বঁটা’
লাভ কৰে ‘এনাজৰী’ গ্ৰন্থৰ বাবে। ১৯৯৪ চনত তেওঁলৈ আগবঢ়োৱা হয় ‘অসম উপত্যকা সাহিত্য
বঁটা’।

এইগৰাকী স্থিতপ্ৰজ্ঞ তথা বৰেণ্য ব্যক্তিৰ ১৯৯৯ চনৰ ৯ চেপ্তেম্বৰত দেহাৱসান হয়।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকা

অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকা অসমৰ জনসাধাৰণৰ মাজত যোগেন হাজৰিকা
নামেৰে অধিক জনাজাত। মানুহজন সকলো গুণেৰে বিভূষিত, পিন্ধনত বগা খদ্দৰৰ পোছাক, সুন্দৰ
শাৰীৰিক গঠন, ধীৰ-স্থিৰ, গম্ভীৰ, সকলো ক্ষেত্ৰতে পৰিপাটি, কথা-বতৰাত অতি সংযম, অতি ভদ্ৰ
আচাৰ-ব্যৱহাৰ, বুদ্ধিদীপ্ত ব্যক্তিত্বশীল গুণেৰে সমৃদ্ধ এগৰাকী গৌৰ বৰণৰ ওখ-পাখ সহজতে সকলোকে
আকৰ্ষণ কৰিব পৰা সভা শুৱনি ব্যক্তি। নিয়ৰৰ টোপালৰ দৰে অতি পবিত্ৰ অন্তৰ তেওঁৰ চৰিত্ৰৰ ভূষণ।

তেওঁ আছিল একেধাৰে কৃতী ছাত্ৰ, আদৰ্শ সমাজবাদী, সু-সংগঠক, সু-লেখক, বুদ্ধিজীৱী, আলোচনী
সম্পাদক, আইনবিদ, সু-দক্ষ সাংসদ, ভাৰতৰ প্ৰথমগৰাকী Seria বিভাগৰ সংসদীয় সচিব, চতুৰ
ৰাজনীতিবিদ, বিধায়ক, দক্ষ প্ৰশাসক, বিধান সভাৰ অধ্যক্ষ তথা অসমৰ গ্রাক্তন মুখ্যমন্ত্ৰী।

অসমৰ ডিব্ৰগড় জিলাৰ টেঙাখাত অঞ্চলৰ পুৰণিখঙীয়া গাঁৱত ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে
এটি দৰিদ্ৰ পৰিয়ালত যোগেন হাজৰিকাদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ ক্ৰমে গোলাপ চন্দ্ৰ
হাজৰিকা আৰু ৰত্না হাজৰিকা আছিল। তেওঁৰ পত্নী বীণা হাজৰিকা আৰু একমাত্ৰ পুত্ৰ মমজিৎ হাজৰিকা।

আৰ্থিক অনাটনৰ বাবে তেওঁৰ পৰিয়ালটো জন্মস্থান টেঙাখাতৰ পৰা বুঢ়ীদিহিঙৰ পাৰৰ হাতীবন্ধা
গাঁৱলৈ উঠি গৈছিল। তেওঁলোকৰ বাসস্থান হাতীবন্ধা গাৱৈ সেইসময়ত কোনো প্রাথমিক বিদ্যালয়
নথকাত যোগেন হাজৰিকাই টেঙাখাত ঘাঁহি গাঁৱৰ নিজ পৰিয়ালৰ এঘৰত থাকি ওচৰতে ভেকোৱাজান
প্রাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। আৰ্থিক অনাটনৰ বাবে যোগেন হাজৰিকাই চানা-বাদাম বিক্ৰী
কৰি খৰচ-পাতি উলিয়াই শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। দুগৰাকী দয়ালু ব্যক্তি তেতিয়াৰ ডিব্ৰুগড়ৰ
লোকেল বৰ্ডৰ চেয়াৰমেন, চাহ খেতিয়ক ডম্বৰুধৰ শইকীয়া আৰু ডিব্ৰুগড়ৰ আগশাৰীৰ আইনবিদ,


--- Page 151 ---
১৪২ বৈচিত্ৰ্যময় অসম

শিক্ষাবিদ, সমাজসেৱক পৰশুৰাম সোনোৱালৰ প্ৰেৰণা, আৰ্থিক সাহায্যত ১৯৪১ চনত ডিব্ৰুগড়
চৰকাৰী ল’ৰাৰ হাইস্কুলৰ পৰা CIS পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৬ চনত কটন কলেজৰ পৰা স্নাতক,
১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ (এম.এ.) আৰু ১৯৫২ চনত
আইনৰ ডিগ্ৰী লাভ কৰে। উল্লেখযোগ্য যে যোগেন হাজৰিকা সোনোৱাল জনগোষ্ঠীৰ দ্বিতীয়গৰাকী
এম.এ. আৰু তৃতীয়গৰাকী বি.এল. ডিগ্ৰীধাৰী ব্যক্তি আছিল।

স্বাধীন ভাৰতৰ প্রথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। হাজৰিকাদেৱে এই নিৰ্বাচনত
ডিব্ৰুগড় লেকসভা সমষ্টিৰ পৰা জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু একেৰাহে ১৯৬৭
চনলৈকে লোকসভাৰ সাংসদ আছিল। প্রথম সাধাৰণ নিৰ্বাচনৰ আগে আগে ১৯৫১ চনত তেওঁ সদৌ
অসম Bet লীগৰ নেতৃত্ব বহন কৰি থকা কালছোৱাত এবছৰ কাল অস্থায়ী সাংসদৰ মনোনীত
সদস্য আছিল বুলি জনা যায়। তেওঁ লোকসভাৰ এগৰাকী সু-দক্ষ সাংসদ আছিল। এনে সু-দক্ষ গুণৰ
বাবে ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিবৰূপে নিয়োজিত আছিল।

সংসদীয় ৰাজনীতি পৰা হাজৰিকাদেৱে আশীৰ দশকত অসমৰ ৰাজনীতিৰ বিধান সভাৰ মজিয়াত
প্রবেশ কৰে। বিধানসভাৰ নিৰ্বাচনত তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ পৰা জনতা দলৰ টিকটত
প্রতিদ্বন্দ্বতা কৰি অসম বিধান সভালৈ নিৰ্বাচিত হয় আৰু অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদত
অধিষ্ঠিত BW তাৰ পিছত ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয়।

যোগেন হাজৰিকাদেৱে কলিকতা বিশ্বদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ১৯৫২ চনত
আইনৰ ডিগ্ৰী লাভ কৰে। আইনৰ ডিগ্ৰী লাভ কৰি হাজৰিকাদেৱে ১৯৫২ চনত কলিকতাৰ Besos
ওকালতি জীৱন আৰম্ভ কৰি সেই বছৰতেই ডিব্ৰুগড়লৈ আহি বাৰ লাইবৱেৰীত যোগদান কৰিছিল।
তদুপৰি তেওঁ গুৱাহাটীৰ Bestel ওকালতি কৰিছিল। ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ
পাছত তেওঁ ভাৰতৰ চুপ্রিম কৰ্টচতো ওকালতি জীৱন আৰম্ভ কৰিছিল। উল্লেখযোগ্য যে ভাৰতৰ চুপ্রিম
FOS হাজৰিকাই আছিল সোনোৱাল কছাৰী জনগোষ্ঠীৰ একমাত্র GUS |

হাজৰিকাদেৱ এগৰাকী জনজাতীয় নেতা হিচাপে জনজাতিসকলৰ সৰ্বাঙ্গীণ বিকাশত দেহে-কেহে
নিজকে Cull কৰিছিল। জনজাতিসকলৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে গঠন হোৱা কেইটামান দল-সংগঠনৰ
সৈতে তেওঁ কেনেদৰে জড়িত হৈ পৰিছিল তাৰ এটি চমু আভাষ দিয়া Va

(ক) ১৯৩৩ চনত অসমৰ ভৈয়ামৰ সকলো জনগোষ্ঠীৰ সমূহীয়া ৰাজনৈতিক সংগঠন Hace
লীগ’ গঠন হৈছিল। এই ট্ৰাইবেল লীগৰ আদৰ্শই হাজৰিকাদেৱক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল।
তেনে পৰিপ্ৰেক্ষিতত DE লীগৰ সেই সময়ৰ সম্পাদক ভীমবৰ দেউৰী আৰু সদস্য পৰশুৰাম
সোনোৱালৰ কাৰ্যকালছোৱাত হাজৰিকাদেৱে তেওঁলোকৰ সংস্পৰ্শলৈ আহি Hacer লীগৰ কামত
নিজকে জড়িত কৰিছিল।


--- Page 152 ---
বৈচিত্য্যময় অসম ১৪৩

(খ) ১৯৪০ চনত ‘সদৌ অসম প্রগতিশীল কছাৰী সন্মিলন’ৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিল।

(গ) হাজৰিকাদেৱে গুৱাহাটীত অধ্যয়ন কৰি থকা সময়ত All Assam Plains and Hills Tribe
Students Association নামৰ এটি সংগঠনৰ জন্ম হৈছিল। হাজৰিকাদেৱে এই সংগঠনৰ সভাপতিৰ
দায়িত্বত থাকি এই সংগঠনৰ সৰ্বাঙ্গীণ বিকাশত অহোপুৰুষাৰ্থ কৰিছিল।

যোগেন হাজৰিকাই সাহিত্য vote কৰিছিল। ‘নায়ক’ নামৰ এখন আলোচনী সম্পাদনা কৰাৰ উপৰিও
তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত প্রৱন্ধ-পাতি লিখিছিল। ‘ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু
গণ পৰিষদ’ আৰু ইংৰাজী ভাষাত লিখা-- ‘Consideration on twenty five Million Soul
of Trial India’ হাজৰিকাদেৱৰ দুখন অতি উল্লেখযোগ্য az |

জ্ঞানপিপাসু হাজৰিকাদেৱে তেওঁৰ দীঘলীয়া জীৱনকালত বহুতো মূল্যবান গ্ৰন্থ ক্ৰয় কৰি আৰু
সেইবিলাক গ্ৰন্থ অধ্যয়ন কৰি নিজৰ জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিছিল। তেওঁ জীৱনকালত সংগ্ৰহ কৰা
দুহেজাৰতকৈ অধিক মূল্যৱান গ্ৰন্থ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু টেঙাখাত
মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ দান কৰিছিল।

পাহাৰ-ভৈয়ামৰ মিলনৰ সাধক জনজাতীয় নেতা অসমীয়া জাতিৰ নিঃস্বাৰ্থ প্ৰেমিক। যোগেন্দ্ৰনাথ
হাজৰিকাই ১৯৯৭ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে জীৱন নাট সামৰি এই সংসাৰৰ পৰা চিৰ বিদায় মাগিলে।

ডিমাচা ভাষাত সোনোৱাল মানে কি?

সোনোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?

সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহৰ বিষয়ে লিখা।

সোনোৱাল কছাৰীসকলৰ সমাজ-পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

সোনোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?

চমুটোকা লিখা ঃ

(ক) গগণ চন্দ্ৰ সোনোৱাল (2) পৰশুৰাম সোনোৱাল

(a) যোগেশ দাস (ঘ) যোগেন্দ্ৰনাথ হাজৰিকা
ee@

CROCCO /


--- Page 153 ---
হৃজংসকল

হাজংসকল অসমৰ ভৈয়ামৰ এটি জনজাতীয় জনগোষ্ঠী। তেওঁলোক প্রধানত হিন্দু ধৰ্মাৱলম্বী
তেওঁলোক ঘাইকৈ গোৱালপাৰা, ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচাৰ মহকুমাত বসবাস কৰে।
আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যান্য প্রায়বোৰ জিলাৰে বিভিন্ন অঞ্চলতো তেওঁলোক সিচঁৰতি হৈ
আছে। মেঘালয়ৰ পশ্চিম আৰু দক্ষিণ গাৰোপাহাৰ জিলা আৰু খাছিয়া পাহাৰ জিলাৰ উপৰিও অৰুণাচল,
পশ্চিমবংগৰ কোচবিহাৰ আৰু বাংলাদেশ পাৰ্বত্য সমভূমি অঞ্চলতো বুজন সংখ্যক হাজং মানুহে
বসবাস কৰি আছে। ভাৰতৰ সংবিধানৰ ১৯৫০ চনত আইন অনুসৰি হাজংসকলৰ অবিভক্ত অসমৰ
পাৰ্বত্য স্বায়ত্ত শাসিত জিলাবোৰতহে অনুসূচীত জনজাতি হিচাপে স্বীকৃত আছিল। lat সময়ত
ভাৰতীয় সংবিধানৰ সংশোধিত ‘অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ নিৰ্দেশ (সংশোধিত)
আইন ২০০২’ অনুসৰি অসমৰ ভৈয়ামৰ জিলাবোৰত বসবাস কৰা হাজংসকলে ভৈয়ামৰ অনুসূচীত
জনজাতি হিচাপে স্বীকৃতি লাভ কৰে।

নৃতাত্বিকসকলৰ মতে হাজংসকল ইণ্ডো-মংগোলীয় জনগোষ্ঠীৰ। কথিত আছে যে হাজংসকল
তিব্বতৰ পৰা৷ আহি কোচবিহাৰৰ উত্তৰৰ ভূটান সীমান্তৰ ‘হাজং’ নামৰ অঞ্চলত কেইবা শতিকা জুৰি
বসবাস কৰি আছিল। কোনো কোনোৰ মতে হাজংসকল তিব্বতৰ পৰা প্ৰথমতে কামৰূপ জিলাৰ
হাজে৷ অঞ্চলত থিতাপি লৈছিল বুলি জন৷ যায়। পিছলৈ এওঁলোক ক্ৰমমাম্বয়ে গোৱালপাৰা জিলাৰ
ব্ৰহ্মপুত্ৰ উপত্যকালৈ গৈ দক্ষিণপাৰলৈ আহে আৰু লক্ষীপুৰৰ ওচৰৰ শুৱাৰকোনাৰ পৰা দক্ষিণলৈ
ধুবুৰী জিলাৰ মানকাচাৰ-শালমাৰ৷ পাৰ্বত্য সমভূমি আৰু বালাংদেশৰ ময়মনসিংহ জিলাৰ উত্তৰৰ
শৈলপদীয় অঞ্চলত বিয়পি পৰে। আনহাতে পূৱলৈ পশ্চিম খাছিয়া পাহাৰৰ নামনি অঞ্চলকে ধৰি
Seu জিলালৈ বিস্তৃত হয়। পুৰণি অসমৰ এক নিৰ্দিষ্ট ভৌগোলিক সীমাৰেখাৰ মাজত হাজংসকল
বহু শতিকা ধৰি বসবাস কৰি থকাৰ উল্লেখ পোৱা যায়। এই ভূখণ্ডৰ চাৰিসীমা আছিল ঃ উত্তৰত
গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ওচৰৰ (১) শুৱাৰকোনা, পূৱত SVG বা ছিলেট জিলাৰ (২) জামকোনা,
দক্ষিণত ময়মন সিংহ জিলাৰ (৩) জংকোনা আৰু পশ্চিমত মানকাচাৰৰ ওচৰৰ (৪) মৰকোনা নামৰ
চাৰিখন হাজং গাঁও। উনৈশ শতিকাৰ শেষ ভাগলৈকে হাজংসকল উক্ত অঞ্চলৰ ভিতৰতে থিতাপি


--- Page 154 ---
বৈচিত্য্যময় অসম ১৪৫

লৈ আছিল। পৰৱৰ্তীকালত ৰাজনৈতিক, অর্থনৈতিক আদি বিভিন্ন কাৰণত এই জনগোষ্ঠীয়ে উক্ত
অঞ্চলৰ পৰা অন্যান্য অঞ্চললৈ সিচঁৰতি হৈ পৰে। আনহাতে স্বাধীনতাৰ পিছত পূৱ-পাকিস্তানৰ
পৰা (বৰ্তমান বাংলাদেশ) ১৯৬৪ খ্ৰীষ্টাব্দত বঙালী হিন্দু, গাৰো, কোচ, ডালু, বানাই আদিৰ লগতে
গাৰোপাহাৰ সীমান্ত ময়মনসিংহ জিলাৰ উত্তৰাঞ্চলৰ হাজংসকল ভগনীয়া হৈ অসমলৈ শৰণাৰথী হিচাপে
আহে। এই শৰণাৰ্থীসকল অসমৰ বিভিন্ন অঞ্চলত চৰকাৰৰ দ্বাৰা পুনৰ সংস্থাপিত হৈ বসবাস কৰি
SNR হাজংসকল বৰ্তমান অসমৰ গোৱালপাৰা, ধুবুৰী, কামৰূপ, বাস্কা, ওদালগুৰি, চিৰাং, দৰং,
লখিমপুৰ, ধেমাজী, নগাঁও আদি জিলাৰ অ’ত ত’ত তাকৰীয়া সংখ্যকভাৱে সিঁচৰতি হৈ বসবাস
কৰি আছে।

নামকৰণ ঃ হাজং নামৰ আঁতিগুৰি সম্পৰ্কত বিভিন্নজনৰ বিভিন্ন মত। জনশ্ৰুতি অনুসৰি হাজংসকল
এসময়ত ‘হাজং’ নামৰ ভূখণ্ডৰ পৰা প্রৱজিত হৈ অহাৰ কাৰণে এই জনগোষ্ঠীৰ নাম হাজং হৈছে।
দ্বিতীয়তে তেওঁলোকৰ পূৰ্বপুৰুষজনৰ নাম আছিল হাজো ; এই হাজোৰ জন বা বংশৰ লোক হিচাপে
জনগোষ্ঠীৰ নাম হাজং হয় বুলি মতপোষণ কৰা হয়। তৃতীয় মত অনুসৰি হাজং শব্দটো প্রতিৱেশী
গাৰোসকলেহে দিয়া নাম। এই জনগোষ্ঠীৰ মূল জীৱিকা কৃষি ; হাজংসকল সমতল ভূমিবোৰত বোকা-
পানীৰে লুতুৰি-পুতুৰি হৈ কঠোৰ পৰিশ্রমেৰে হাল বাই খেতি কৰি আহিছিল। সমতল ভূমিৰ দ মাটিৰ
সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা দেখি গাৰোসকলে এই জনগোষ্ঠীক হাজং নামকৰণ কৰে।
গাৰো ভাষাত ‘হা’ আৰু ‘জং’ শব্দৰ অৰ্থ ক্ৰমে মাটি আৰু পোক। এনেদৰে ‘হাজং’ শব্দৰ উদ্ভৱ হোৱা
বুলি জনা যায়।

সামাজিক ভাগ ঃ হাজংসকল পূৰ্বতে সামাজিক ৰূপত ছয়টা শ্ৰেণীত বিভক্ত আছিল ; যেনে ঃ
(১) হাৰাং পাৰীয়া, (২) ভজালু পাহাৰীয়া, (৩) মানিক পাহাৰীয়া, (৪) টেপৰ পাহাৰীয়া, (৫) সাতদল
পাহাৰীয়া আৰু (৬) মাঞ্জি পাৰীয়া। পিছে বৰ্তমান জনগোষ্ঠীটোৰ মাজত এই শ্ৰেণীবোৰ পোৱা নাযায়।
হাজংসকলক বৃহৎ আঞ্চলিক গোট হিচাপে পাঁচ ভাগত পোৱা যায়। এইবোৰ হ’ল ঃ (১) দশ কাহানীয়া,
(২) ছুছঙী, (©) মছপাহাৰীয়া, (8) কৰাইবাৰীয়া আৰু (৫) AAS | সাম্প্ৰতিক এইভাগকেইটাও
নিবিড় যোগাযোগ আৰু সংমিশ্ৰণৰ ফলত প্রতিটো সামাজিক গোটৰ স্বকীয় বৈশিষ্ট্যসমূহ একীভূত
হৈ একক সামাজিক বৈশিষ্টতাত পৰিণত হ’বলৈ ধৰিছে।

সামাজিক বান্ধোন $ হাজংসকল পৰম্পৰাগতভাৱে তিনিটা সমাজ বান্ধোনেৰে সমাজ পৰিচালনা
কৰে। যেনে $ (১) গাঁও গিয়াতি, (২) পাঁচ গিয়াতি আৰু (©) জোৱাৰ বা চাক্্‌লা। সমাজৰ যিকোনো
ধৰণৰ দ্বন্দ-খৰিয়াল প্রথমতে গাঁও গিয়াতিৰ মুৰব্বীয়ে মীমাংসা কৰে। গঞাৰ কোনো বিষয় সেইজন
মুৰব্বীয়ে যদি মীমাংসা কৰিব নোৱাৰে তেনেহ'লে পাঁচ গিয়াতিৰ মুৰব্বীসকলে মেল পাতি সমাধান


--- Page 155 ---
১৪৬ বৈচিত্ৰ্যময় অসম

কৰে। সমাজৰ কোনো জটিল সামাজিক সমস্যা হ'লে জোৱাৰ বা চাক্‌লাৰ মুৰব্বীসকলে মেল মাতি
সমাধান কৰে।

ঘৰবাৰী ঃ হাজংসকলৰ ঘৰ-বাৰী মুকলিমূৰীয়া। সাধাৰণতে খেতিপথাৰৰ পৰা কিছু দূৰৈত সমতলৰ
কিছু ওখ ঠাইত ঘৰ সজায় ; মাজত এখন চোতাল ৰাখি চাৰিও কাষে ঘৰবোৰ সজায়। আদৰ্শ গৃহস্থৰ
ঘৰ-হাউলি (ঘৰ-বাৰী) এনে ধৰণৰ ঃ এটা মাইজৈ ঘৰ (বৰ ঘৰ), এটা চাংঘৰ (ভঁৰাল), এটা আখ্্‌লি
ঘৰ (ৰান্ধনি ঘৰ), এটা গুলি ঘৰ (গোহালি) আৰু আগচোতালত এখন Ble ঘৰ। কাছ্‌ৰি ঘৰ বাট
চ’ৰা ঘৰ বুলি ক’ব পাৰি যদিও আচলতে হাজংসকলৰ ই ডেকাচাং আছিল। এসময়ত গাঁৱৰ মুৰব্বী
বা প্রতিপত্তিশীল ব্যক্তিৰ ঘৰ হাউলিতহে কাছ্‌ৰি ঘৰ আছিল। কাছ্‌ৰি ঘৰত গাঁৱৰ অবিবাহিত
ডেকাসকলেহে নিশা শুইছিল। গাঁৱলৈ পুৰষ আলহী-অতিথি আহিলেও এই কাছ্‌ৰি ঘৰতহে ৰাতি
থকিবলৈ দিয়া হয়। গৃহস্থৰ চোতালৰ পূব অংশত গৃহদেৱতা বৈইশ বা বাস্ত আৰু কানীদেও
(পদ্মাদেৱী)-ৰ থান থাকে। বৈষ্ণৱ পন্থী হাজং গৃহস্থৰ চোতালত হৰিঘৰ আৰু তুলসীৰ থান থাকে।

হাজং তিৰোতাসকল পাকৈত দাৱনী, ৰোৱনী, মাছুৱৈ আৰু কৰ্ম গৃহিণী। তেওঁলোকে পিন্ধা ৰং
বিৰঙৰ কাৰু-কাৰ্য খচিত কাপোৰখিনি হৈছে ‘ৰাঙা পাটিন’। তেওঁলোকৰ পৰম্পৰাগত কাপোৰ বোৱা
পদ্ধতি বা যন্তৰ নাম ‘বানা’। ‘বানা’ হ'ল পৰম্পৰাগতভাৱে তৈয়াৰ কৰা বাঁহৰ তাত। হাজং শিপিনী
এজনীয়ে নিজৰ কাৰণে ৰঙা, নীলা, সেউজীয়া, বেণ্ডনীয়া, ক’লা আদি সানমিহলি ৰঙেৰে আকৰ্ষণীয়
ৰূপত ‘ৰাঙা পাটিন’ বোৱাৰ উপৰিও পুৰু ষৰ বাবে ‘ভেবা কাপুৰ’ (চুটি চুৰিয়া), ফুলা আগৰণল, পাছ্ৰা,
ফুলা কাণপেছ আদি বয়। সামাজিক উৎসৱ-অনুষ্ঠানত পুৰুষৰ সমানে গাবুৰ (গাভৰু), আয়ৰক্‌ (আয়তী)
আৰু বয়োবৃদ্ধাৰ বিশেষ ভূমিকা আছে। মাৰ’ পূজাৰ (মাৰৈ পূজা) উজনী বা বান উঠা (দেওধনী),
কাতি পূজা, গুপনী গোহেন আদি নৃত্য-সীতত হাজং নাৰীৰ ভূমিকা উল্লেখযোগ্য। তেওঁলোকে পূৰ্বৰ
পৰা ব্যৱহাৰ কৰা দুই-এপদ অলংকাৰ হ’ল ঃ বাহুত কাটাবাজু ; ভৰিত বাক, গুঞ্জৰী, ঠেংপাতা; কাণত
কৰমফুল ; নাকত নলছ, নাকফুল ; ডিঙিত চিকিছৰা, হাৰমালা, হাছুলী; হাতত বয়লা, শাঁকা (শঙ্খ)
আৰু আঙুলিত আঙঠি।

হাজং পুৰুষৰ সাজপাৰ অতি সাধাৰণ। তেওঁলোকে পোন্ধমাৰি কঁকালত পিন্ধা আঠুমূৰীয়া চুৰিয়াখনৰ
নাম হ’ল ‘ভেবা নিংটি’। ই বগা, নীলা অথব৷ পখৰা ৰঙৰ হয়। তেওঁলোকে গাত বুকছলি (চোলা)
আৰু জাৰৰ দিনত ডিঙিত ফুলৈ কানপেছ্‌ (মাফলাৰ) আৰু আওলান (চাদৰ) মেৰিয়াই লয়।

হাজংসকলৰ জন্ম, বিবাহ আৰু মৃত্যুৰ সৈতে জড়িত বিভিন্ন আচাৰ-অনুষ্ঠান প্ৰচলিত হৈ আহিছে।

হাজং সমাজত চাৰি প্রকাৰত বিবাহ সম্পন্ন হয়। যেনে--(১) সামাজিক বিয়া (চাই-মেলি কৰা


--- Page 156 ---
বৈচিত্য্যময় অসম ১৪৭

বিয়া), (২) দায় পৰা বা ঠেংপাংৰানি (বাধ্যত পৰি ছোৱালীক স্ত্ৰী হিচাপে গ্রহণ কৰা), (৩) মনামনি
(ডেকা-গাভৰুৱে পৰস্পৰ ভাল পাই হোৱা বিয়া) আৰু (৪) হাঙা বা সাঙা (বিধবা আৰু বৰলাৰ
মাজত হোৱা বিয়া)।

উৎসৱ-পাৰ্বণ $ হাজংসকল মূলতঃ কৃষিজীৱী। কৃষি কৰ্মৰ সৈতে জড়িত বিভিন্ন ধৰণৰ লোকাচাৰ
তেওঁলোকৰ মাজত প্রচলিত। যেনে ঃ গুচি পুতা (ন গচি দিয়া), আগ আনা (প্রথম ধান কটা), নয়া
খোৱা (ন ভাত খোৱা), কাতি গাছা (কঙালী বিহুত ওঁ খোলেৰে ধাননি পথাৰত চাকি জ্বলোৱা), শইচ
চপোৱা আৰু ‘পুষণৈ’ত (মাঘ বিহুত) চিৰা-পিঠা খোৱা, সঙৰাণি বা বিষুৱাত (ৰঙালী বিহুত) গৰু
গা ধুওৱা, কৃষি সঁজুলি ধুই-পখালি চোতালত থুপাই বন্ধি জ্বলাই সেৱা জনোৱা আদি। তদুপৰি বহাগত
বৈইশ বা বাস্ত পূজা, আহাৰত সাতোৱাৰ চুৱা (অম্বুবাচী) মানা, শাওণত বৰত’ (কানীদেও পূজা),
শৰতত যাত্ৰা পূজা, YS মাগা, চ’ৰমাগা (চৰ খেলা) উৎসৱ, কাতি মাহৰ শেষ দিন৷ কাতি পুজা,
পুহ মাহত ধান দাই থকাৰ সময়ত পথাৰত ভালুক মাগ৷, চপোৱাৰ পিচত থংবৈমাগা, পুষণৈ আদি
অনুষ্ঠান, পৰ্ব পালন কৰে। শৰতৰ শেষ ভাগত দীপাৱলী আঁউসীৰ পৰা এসপ্তাহ জুৰি হাজংসকলৰ
গাঁৱে গাঁৱে চলে চ’ৰমাগা বা চৰ খেলাৰ নৃত্য-গীতৰ উৎসৱ। কৃষিজীৱী হাজং ডেকাসকলৰ এই
সময়ছোৱা অৱসৰ বিনোদনৰ সময়। ডেকাসকলে ঢাকী (ঢোল) দোতোৰা, বাঁহী, তাল আদি বাদ্যৰে
দল বান্ধি ঘৰে ঘৰে নৃত্য-গীত গাই মাগি ফুৰে। এই নৃত্য-গীতৰ উৎসৱত লেৱাটানা, জাখামাৰা, ভাঙা
নাওকা, দেৱী যুদ্ধ আদি নৃত্য-গীত প্রাচীন আৰু wafer ‘লেৱাটানা’ নৃত্য-গীত ডেকা-গাভৰুৰ
প্রণয়মূলক, ব্যঙ্স-কীতুকসূচক আৰু Ais জীৱনৰ চিত্ৰৰে পৰিস্ফুট। চ’ৰমাগা বা চৰ খেলা উৎসৱত
নৃত্য-গীতৰ দলে গৃহস্থৰ পৰা বৰঙণি সংগ্ৰহ কৰে।

ধৰ্ম 3 হাজংসকল হিন্দু ধৰ্মাৱলম্বী See তেওঁলোকৰ পৰম্পৰাগত জনগোষ্ঠীয় ধৰ্মও সমন্বিত
ৰূপত ক্ৰিয়াশীল হৈ আছে। প্রকৃতিৰ বিভিন্ন অশুভ ক্ৰিয়া-কলাপ, অপায়-অমঙ্গলৰ পৰা পৰিত্ৰাণ পাবলৈ
হাজংসকলে বিশ্বাস আৰু ভক্তিৰে বিভিন্ন দেৱ-দেৱী পূজা কৰে। তেওঁলোকৰ পূজ্য দেৱ-দেৱীৰ
ভিতৰত বৈইশ বা বাস্তদেও মূল দেৱতা। প্রতিখন গঞা সমাজ মিলি তেওঁলোকে বৈইশ বা বাস্তদেও
পূজা কৰে। এই পূজা বহাগ মাহত অনুষ্ঠিত কৰে। চুবুৰী বা গাঁৱৰপৰা কিছু আওহতীয়া ঠাইত বৈইশ
দেৱতাৰ থান সজোৱা হয়। বৈইশ বা বাস্ত দেৱতাৰ লগতে অন্যান্য কেইবাটাও দেৱ-দেৱীৰ থান
শাৰী শাৰীকৈ থাপন কৰা হয়।

হাজংসকল ধৰ্ম আচৰণৰ দিশত দুই শ্ৰেণীত বিভক্ত। (১) হাজং শাক্ত আৰু (২) খাটল (বৈষ্ণৱ)।
জনগোষ্ঠীয় পৰম্পৰা ধৰ্মীয় আচৰণত চলা লোকসকল হাজং শাক্ত আৰু যিসকল হাজঙে বৈষ্ণৱ
পন্থা অৱলম্বন কৰি বৈষ্ণৱ, অধিকাৰী হৈছে তেওঁলোক খাটল বা বৈষ্ণৱ শ্ৰেণীৰ। শাক্তসকল মাছ-
মঙহ, ঘৰুৱা মদ, আদিৰে আমিষ আহাৰী। আনহাতে খাটল শ্ৰেণীৰ লোকসকল বৈষ্ণৱ আচৰণত


--- Page 157 ---
১৪৮ বৈচিত্ৰ্যময় অসম

বিশ্বাসী। বৈষ্ণৱ পন্থী হাজংসকলৰ কাৰো কাৰো ঘৰত শালগ্ৰাম বিগ্ৰহ আছে আৰু পুৰুষানুক্ৰমে এই
শালগ্ৰাম বিগ্ৰহক বিষুও দেৱতা হিচাপে নিতৌ পূজা অৰ্চনা কৰি আহিছে। তেওঁলোকে জন্মাষ্টমী,
ৰাধা অষ্টমী, ৰাসযাত্ৰা, দৌলযাত্ৰা আদি বিশেষ বিশেষ তিথিত উৎসৱ-পাৰ্বণ উদ্যাপন কৰে। ভাগৱত,
ৰামায়ণ, মহাভাৰত, গীতা আদি পাঠ কৰি কৃষ্ণ-স্তুতিৰে নাম কীৰ্ত্তন গায়।

খাদ্য ঃ হাজংসকল ভোজনবিলাসী আৰু আমিষাহাৰী। বাঁহগাজ, কচু আলু, কচুৰ পাত আৰু থোৰা,
হিদুল (শুকান মাছ), শাক-পাতৰ শকুতা, কাছ-ডুৰা-মাছাং (মঙহ), লেবা-শাক (চাউলৰ গুৰিৰে ৰন্ধা
তৰকাৰী), বিচি ভাত (ভাপত বনোৱা বৰা চাউলৰ ভাত), বুকনি ভাত, ডিংপোৰা (কাক’ বাহৰ চুঙাত
বনোৱা বৰা চাউলৰ ভাত) তেওঁলোকৰ অতি fe!

হাজং ভাষা তিব্বত-বৰ্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ TAGS | হাজংসকল আৰ্য-সংস্কৃতিৰ গভীৰ
OSA দ্বাৰা সংস্কাৰ হৈ অহাৰ ফলত তেওঁলোকৰ আদিমতম ভাষা ৰূপান্তৰ হৈ আহিছে। হাজং ভাষা
নিজস্ব বৈয়াকৰণিক শৈলী, নিজস্ব শব্দভাণ্ডাৰ, জতুৱা-ঠাঁচ, খণ্ডবাক্য, যোজনা আদিৰে স্বকীয় বৈশিষ্ট্যপূৰ্ণ
ভাষা। অৱশ্যে সাম্প্ৰতিক কালত হাজংসকলৰ ভাষাত কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ প্রভাৱ
লক্ষ্য কৰা যায়।


q ০

হাজংসকল কোন জনগোষ্ঠীৰ লোক?
হাজংসকলক পাৰ্বত্য VMS Pw জিলাবোৰত কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল?
বৰ্তমান হাজংসকল অসমৰ প্রধানতঃ কোন কোন জিলাত বসবাস কৰি আছে?
হাজংসকলৰ মূল জীৱিকা কি?
বাস্তুদেও পূজা কেতিয়া অনুষ্ঠিত কৰে।
হাজং সমাজত BS ঘৰৰ তাৎপৰ্য কি?

eee

লে + ০ ০ে /% ২


--- Page 158 ---
নাথযোগীসকল

নাথ বা যোগী সম্প্ৰদায়টো অসমৰ তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী। আৰ্য্য সভ্যতাৰো
বহু আগৰে পৰা এই সম্প্ৰদায়টোৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ বসবাস কৰি আহিছে।
নাথ বা যোগী সম্প্ৰদায়টো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ
বা ব্ৰাত্য ধৰ্ম। শৈৱধৰ্মৰ মূল দৰ্শন যোগসাধন মাৰ্গৰ ওপৰত প্রতিষ্ঠিত। যোগৰ পৰাই যোগীসকলৰ উৎপত্তি
হৈছিল। নাথ পৰম্পৰাৰ মতে আদিনাথ অৰ্থাৎ ভগৱান শিৱই হৈছে প্ৰথমগৰাকী নাথ। মহাযোগী মৎস্যেন্দ্ৰনাথ
আৰু গুৰু গোৰক্ষনাথ নাথসকলৰ প্রধান দুগৰাকী গুৰু। নাথযোগী সম্প্ৰদায়টো গুৰু-শিষ্য পৰম্পৰাত
বিশ্বাসী। নাথযোগীসকলৰ দুটা ভাগ আছে তাৰে এটা হ’ল গৃহস্থ যোগী আনটো হ’ল সন্যাসী যোগী।
সন্যাসী যোগীসকলেই নাথ ধৰ্মৰ প্রচাৰ কৰে। নাথসকলৰ গুৰু গোৰক্ষনাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক
গুৰু গোৰক্ষনাথে প্ৰৱৰ্তন কৰা যোগসাধন মাৰ্গৰ ওপৰত ৰচিত স্বাম স্বাত্মাৰাম যোগীৰ ‘হঠযোগ প্রদীপিকা’
সমগ্ৰ বিশ্বতে সমাদৃত যোগৰ এখন মূল্যৱান গ্ৰন্থ। নাথসকলৰ আদি গুৰু মহাযোগী মৎস্যেন্দ্ৰনাথ কামৰূপৰ
বাসিন্দা আছিল আৰু তেওঁ কামাখ্যা মন্দিৰত তন্তু আৰু যোগ সাধনাত নিমগ্ন আছিল। সেই সময়ত কামাখ্যা
মন্দিৰ কামাখ্যা পীঠ নামেৰে প্ৰসিদ্ধ আছিল। নেপালত প্রচলিত লোক কাহিনী আৰু পৌৰাণিক আখ্যানৰ
মতে নেপালৰ ৰজা নৰেন্দ্ৰদেৱৰ সময়ত নেপালত অনাবৃষ্টিৰ বাবে হোৱা দুৰ্ভিক্ষৰ পৰা উদ্ধাৰ পাবলৈ
নেপালৰ ৰজাই মহাযোগী মৎস্যেন্দ্ৰনাথক নেপাললৈ আমন্ত্ৰণ জনাই নিছিল। সেই সময়ত নেপাল বৌদ্ধধৰ্মৰ
কবলত আছিল আৰু নেপাললৈ মৎ্স্যেন্দ্ৰনলাথৰ আগমনৰ পিছতেই নেপালত হিন্দু ধৰ্ম প্রতিষ্ঠা হৈছিল।
নাথ সন্যাসী এজনৰ মৃত্যু হ’লে তেওঁৰ মৃতদেহ দাহ কৰাৰ পৰিবৰ্তে নিজস্ব ৰীতি নীতিৰে পদ্মাসনত বহুৱাই
সমাধি দিয়াৰ প্রথা অতীতৰে পৰা এতিয়াও চলি আছে।

নাথসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্ৰ-মন্ত্ৰ, যোগ, আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ, জ্যোতিষ,
ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ
ভৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চৰ্যাগীতসমূহৰ অসমীয়া,
বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে।

আমাৰ অসমতো নাথযোগীসকল প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে। ঘাইকৈ গোৱালপাৰা,
বঙাইগাঁও, PTA, দৰং, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, কাছাৰ আদি জিলাত লক্ষ লক্ষ নাথযোগী
মানুহে বসবাস কৰি আছে। ইয়াৰ বাহিৰেও অসমৰ প্ৰত্যেকখন জিলাতে এই সম্প্ৰদায়টোৰ মানুহে বসবাস
কৰি আহিছে। গুৱাহাটীৰ আমবাৰীত চলোৱা প্রত্নতাত্ব্বিক খনন কাৰ্যত উদ্ধাৰ হোৱা শিলালিপিত বৰ্তমানৰ
গুৱাহাটীৰ নাম একালত যোগীহাটী নামেৰেও প্ৰসিদ্ধ আছিল বুলি উল্লেখ আছে। আনহাতেদি এই প্রাচীন
সম্প্ৰদায়টোৰ ওপৰত চলোৱা গৱেষণা আৰু বিভিন্ন ইতিহাসবিদসকলে উল্লেখ কৰা তথ্যমতে এটা সময়ত


--- Page 159 ---
১৫০ বৈচিত্ৰ্যময় অসম

নগাঁৱৰ ওচৰৰ কদলী নামৰ এখন সৰু ৰাজ্য নাথযোগী মহিলাসকলৰ দ্বাৰা শাসিত আছিল বুলি উল্লেখ
আছে। তদুপৰি বৰ্তমানৰ হোজাই জিলাৰ যোগীজান, তেজপুৰৰ সমীপৰ সূৰ্যপাহাৰৰ শিৱ লিঙ্গ, গোৱালপাৰা
যোগীঘোপাৰ পাহাৰৰ গুহাসমূহ অতীত কামৰূপ প্রদেশত নাথ সিদ্ধ পুৰুষসকলৰ যোগ সাধনাৰ স্থলী
আছিল বুলি বিভিন্ন গ্ৰন্থত পোৱা যায়। বৰ্তমান অসমৰ একে বুজন সংখ্যক নাথযোগী লোকে মহাপুৰুষ
শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মত দীক্ষিত হৈ মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতিক আঁকোৱালি লৈছে। ভাৰতৰ
স্বাধীনতা AAAS অসমৰ নাথযোগীসকলৰ WS বৰঙণি আছে। ১৯৪২-ৰ বৃটিছৰ বিৰুদ্ধে সমগ্ৰ দেশ
জুৰি হোৱা ভাৰত ত্যাগ আন্দোলনত মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম মন্ত্ৰৰে উদ্ধুদ্ধ হৈ ঢেকিয়াজুলি থানাৰ
মুধচৰ পৰা বৃটিছ পতাকা ইউনিয়ন জেক দলিয়াই পেলাবলৈ যাওঁতে সম্প্ৰদায়টোৰ মনবৰ নাথ, খহুলী
দেৱী আৰু কুমলী দেৱী নামেৰে তিনিগৰাকী স্বাধীনতা সংগ্ৰামী বৃটিছ পুলিচৰ গুলীত ঠিতাতে নিহত হৈ
শ্বহীদ হৈছিল। একেই বৃটিছ আমোলত ১৮৯৪ চনত অবিভক্ত দৰং জিলাত সংঘটিত পথৰুঘাটৰ কৃষক
বিদ্ৰোহৰ সময়ত ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিন৷ বৃটিছৰ বৰ্বৰ গুলীচালনাত নিহত হোৱা ১৪০ গৰাকী
শ্বহীদ কৃষকৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বইদ আছিল ২৮ গৰাকী। পৰৱৰ্তী সময়ত ১৯৮০-ৰ দশকত সদৌ
অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত
সম্প্ৰদায়টোৰ শ্বহীদ আছিল প্রায় ১৪০ গৰাকী। যোগী সম্প্ৰদায়ৰ লোকসকল স্বভাৱগতভাৱেই শান্তিপ্ৰিয়
আৰু দেশপ্ৰেমিক। সম্প্ৰদায়টোৰ এগৰাকী সুযোগ্য সন্তান সাহিত্যিক, প্রত্লতত্্ববিদ, পণ্ডিত, তত্ব্বভূষণ প্রয়াত
ৰাজমোহন নাথদেৱে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। অতীত
অসমৰ নাথযোগীসকলৰ পুৰুষ-মহিলা উভয়েই বোৱা-কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল।
সেয়েহে নাথযোগীসকলৰ বহু লোক কাটনী উপাধিৰেও পৰিচিত হৈ আহিছে। এই সম্প্ৰদায়টোৰ গুণী
পুৰুষ পৰম ভক্ত বৈষ্ণৱ মথুৰানাথ বুঢ়া আতা মহাপুৰুষ শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ
প্রচাৰক আছিল। গুৰুজনাৰ অমূল্য সৃষ্টি বৃন্দাৱনী TAS মাত্ৰ কেই হাত মান বোৱাৰ পিছত বস্ত্ৰখনি তৈয়াৰ
কৰাৰ দায়িত্ব মহাপুৰুষ জনাই মথুৰানাথ বুঢ়া আতাৰ ওপৰত ন্যস্ত কৰিছিল। অসমৰ নাথযোগীসকল অসমীয়া
ভাষা, সাহিত্য, সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে৷ দৰং জিলাৰ প্রসিদ্ধ
সুকনাণী ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহ সম্প্ৰদায়টোৱে শ শ বছৰ ধৰি কঢ়িয়াই ফুৰা অসমৰ
এক চহকী সাংস্কৃতিক সম্পদ। সময়ৰ Cie এই প্রাচীন এতিহ্াময় জনগোষ্ঠীটোৱে নানানটা সামাজিক
সাংস্কৃতিক আৰু ধৰ্মীয় সকলো দিশতে আগবঢ়াই নিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰা প্রমুখ্যে
ভালেকেইগৰাকী MTT ব্যক্তিৰ উদ্যোগত ১৯১৯ চনতেই গঠিত অসম প্ৰাদেশিক যোগী সন্মিলনী শতায়ু
প্রাপ্ত অসমৰ অন্যতম পুৰণি জনগোষ্ঠীয় অনুষ্ঠান।
প্ৰশ্নাৱলী

> | SP নাথযোগীসকলৰ উৎপত্তি সম্পৰ্কে লিখা।

২ । নাথযোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।

© | নাথযোগীসকলৰ বিষয়ে চমুকৈ লিখা।


--- Page 160 ---
আদিবাসীসকল

অসমৰ প্রায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁৱত বসবাস কৰা প্রায় ৫৬ লাখ আদিবাসী অসমীয়া
জাতিৰ অবিচ্ছেদ্য অংগই নহয়, অসমীয়া সংস্কৃতি আৰু অসমৰ আৰ্থ-সামাজিক বিকাশৰ অন্যতম উপাদান।
চাহ বাগিচা তথা গাঁৱত বসবাস কৰা এই গোষ্ঠীসকলৰ পূৰ্ব-পুৰুষসকল আদিবাসী বুলি পৰিচিত। অৱশ্যে
কিছু সংখ্যক লোকে নিজকে আৰ্য বুলি দাবী কৰে। যিহেতু বুৰঞ্জীবিদসকলে এওঁলোকক আদিবাসী বুলি
চিহ্নিত কৰিছে, সেয়েহে এওঁলোকক আদিবাসী বুলি সম্বোধন কৰা হয়।

আদিবাসী শব্দৰ অৰ্থ এনেদৰে দিব পাৰি--‘আদি’ মানে প্ৰথমে ‘বাসী’ মানে ‘বাসিন্দা’ অৰ্থাৎ দেশৰ
প্ৰথম বাসিন্দাসকলক ‘আদিবাসী’ বুলি কোৱা হয়। অসমীয়া অভিধান ‘হেমকোষ’ৰ মতে ‘আদিবাসী’ শব্দৰ
অৰ্থ প্রথম নিবাসী’, ‘কোনো ঠাইত আগেয়ে থকা’। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলৰ পাঠ্যপুথি
‘ভাৰত বুৰঞ্জী’ত (পৃঃ ©) প্ৰফুল্ল বৰুৱাই আদিবাসী জনগোষ্ঠীৰ পৰিচয় দিছে। ‘এই গোষ্ঠীৰ লোকসকলৰ
চুটি-চাপৰ, অতি কলা বৰণৰ আৰু চেপেটা নাকৰ আছিল। এওঁলোকে সাধাৰণতে পাহাৰ আৰু হাবি-
জংঘলত থাকি ভাল পাইছিল। তেওঁলোকৰ লিপি নাছিল আৰু ভাষা আৰ্য গোষ্ঠীৰ ভাষাৰ পৰা সম্পূৰ্ণ
বেলেগ আছিল। কোল, ভিল, মুণ্ডা আদি জাতিৰ লোকসকল এই গোষ্ঠীৰ ভিতৰত পৰিছিল।’

গতিকে ‘আদিবাসী’ বুলিলে কীৱাৰ, কল, ভূমিজ, চৱৰ, চুৰিয়া পাহাৰিয়া, চীউতাল, পাহাৰিয়া, ওৰাং
মুণ্ডা, মাল পাহাৰিয়া, মাহালি, লহৰা, কৰৱা, কৰা, কিচান, PA, CANN, খাড়িয়া, কুডমালি, হ্‌, গৰাইড, গড়,
চিক বাড়াইক, চেৰ্‌, বিৰজিয় বিৰহড়, বিনজিয়া, বেদিয়া, বাথুডি, বানজাৰা, বাইগা, আচুৰ, লধা, দামদাৰি,
বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া প্রধান ইত্যাদি লোকক বুজায়। অসমৰ গাঁও-বস্তি আৰু
চাহ বাগিছাত থকা এটা জাতিৰ লোকে নিজকে ‘আদিবাসী’ বুলি পৰিচয় দি গৌৰৱ কৰে। অৱশ্যে বহুতে
এওঁলোকক চাহ বনুৱা, কুলি, চাহ জনজাতি, সেউজ অসমীয়া আদি নানা নামেৰে নামকৰণ কৰি আহিছে।
আদিবাসীসকলৰ সংস্কৃতি 3

পূৰ্বতে আদিবাসীসকলে প্ৰকৃতিপ্ৰেমী আৰু প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ফলমূল খাই জীৱন ধাৰণ


--- Page 161 ---
১৫২ বৈচিত্ৰ্যময় অসম

কৰিছিল। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ সকলো কাৰ্য, ৰীতি-নীতি কৃষিভিত্তিক হৈ পৰে।
সেইদৰে তেওঁলোকৰ মূখ্য উৎসৱসমূহ তলত দিয়া ধৰণৰ--
কৰম উৎসৱ ঃ

ভাদ মাহৰ একদাশীৰ দিনা এই উৎসৱ উদ্যাপন কৰা SA | ‘কৰম’ প্রধানকৈ কৃষিভিত্তিক উৎসৱ। কৰম
(Nauclea Parvifola) এবিধ গছ। গাঁৱৰ মহিলাসকলে বিশেষকৈ যুৱতীসকলে জংঘলৰ পৰা কৰম ডাল
কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাঁৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে।
আদিবাসীসকলে (পাহায়) পুৰোহিতৰ পূজাৰ পাচত কৰম কাহিনী কয়, য’ত আদিবাসীসকলৰ পৰম্পৰাৰ
নীতি-কথা নিহিত হৈ থাকে। কৰম উৎসৱটি বন্ধুত্ব, সন্প্ৰীতি-একতা, ভাল ফচল আৰু আগন্তুক বিবাহ
হ’বলৈ প্রস্তুত হোৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক
উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও আদিবাসীসকলৰ মাজত টুচু, বাহা
পৰব (চাৰহুল), DANS, মাগে, PIA ইত্যাদি উৎসৱ পাতে। কৰম, বামৰ, ডমকচ, জাদুৰ, লাহচুৱা আদি
নাচ-গানেৰে আদিবাসীসকলে উৎসৱসমূহ উদ্যাপন কৰে।
আদিবাসী ভাষা ঃ

আদিবাসী ভাষাসমূহ দ্ৰাবিড় আৰু অষ্টিক গোষ্ঠীয় SIAN | উদাহৰণ স্বৰূপে উৰাংসকলৰ কুড়ুষ ভাষাটি
দ্ৰাবিড় গোষ্ঠীৰ সেইদৰে মুণ্ডা আৰু চাওঁতালসকলৰ ভাষা অষ্টিক গোষ্ঠীৰ কোলাৰীয়ান ভাষা। ‘খাছি’
সকলৰ ভাষা আৰু কিছু ৰীতি-নীতিৰ মিল থকালৈ আঙুলিয়াই তেওঁলোকে নিজৰ মাজত উমৈহতীয়া ভাষা
আদিবাসীয়া (চাদৰ) কথা পাতে। আদিবাসী PES (ওৰাং), মুণ্ডা, চাওঁতাল, চাওৰা, কুড়মালী, খাড়িয়া
ইত্যাদি জাতিৰ নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত FoI সাহিত্য সভা, চাওঁতালী সাহিত্য
সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহা সভা, কডমালী সাহিত্য সভা ইত্যাদি গঢ়ি উঠিছে।
আদিবাসী সমাজৰ বিশেষ ব্যক্তিসকল ঃ

খ্ৰীষ্টচন মুণ্ডা ভাৰতৰ স্বাধীনতা সংগ্ৰামত ১৯১৬ চনতে এইজন শ্বহীদে প্রাণ আহুতি দিয়ে।
তেজপুৰৰ ওচৰৰ ফলবাৰী চাহ বাগিচাত যৰীষ্টচন মণ্ডাই অসমৰ কৃষক আৰু শ্রমিকৰ বিদ্ৰোহ ১৯১০-১৯১৬
চনত গঢ়ি তুলিছিল। (Tea Garden Labourers of North East India—S. Karotemprel 13, Dutta
Roy P-166-167) | fafoo চৰকাৰে খ্ৰীষ্টচন POP ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফীচী দিয়ে
যাতে পুনৰ কোনো শ্রমিকে বিটিচ চৰকাৰৰ বিৰোধ কৰিবলৈ সাহস কৰিব নোৱাৰে। কিন্তু এই ঘটনাৰ
পাচতেই চাহ বাগিচাসমূহত স্বাধীনতা আন্দোলন বিয়পি পৰে। হেলেম, চনাজুলি, কাচাৰী গাঁও, আদি


--- Page 162 ---
বৈচিত্য্যময় অসম ১৫৩

চাহ বাগিচা বোৰত জঙ্গী আন্দোলন হয়। (Planter Raj to Swaraj—A Guha) | মালতি ওৰাং (aut
মেম), দয়াল পানিকা, PY চাওঁৰা আদি বহুত আদিবাসী লোক স্বাধীনতা সংগ্ৰামত শ্বহীদ হয়।

গাঁৱত ২ অক্টোবৰৰ ১৯৭০ চনত। ১৯৯৬ চনত শ্বিলং মহাবিদ্যালয়ত শিক্ষা লৈ থাকৌতে নামনি অসমত
গোষ্ঠী সংঘৰ্ষই দেখা দিয়ে আৰু প্রায় দুই লাখ মানুহ আশ্রয় শিবিৰত আশ্ৰয় লয়। তেওঁ শিক্ষা এৰি ৰাইজৰ
সেৱাত নামি পৰে। ২০১৫ চনৰ ১৩ জুলাইত মহান আদিবাসী নেতা জাষ্টিন লাত্ৰাই ইহলীলা ত্যাগ কৰে
আৰু তেওঁক পিচলৈ আদিবাসীসকলৰ ‘জাতীয় পিতা’ বুলি আখ্যা দিয়া হ'ল।

প্ৰশ্নাৱলী
> | আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা |
২ । আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বনৰ বিষয়ে লিখা।
© | চমুটোকা লিখা
(ক) Qa মুঙ্ডা (খ) জাষ্টিন লাত্রণ।


--- Page 163 ---

No comments:

Post a Comment

SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook

 SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook জাতি/জনগোষ্ঠী আদিপাঠ কাছাৰৰ জনগোষ্ঠীসকল কোচ ৰাজবংশীসকল চাওতালসকল চাহ জন...