AHSEC| CLASS 12| BIOLOGY| QUESTION PAPER - 2018| H.S. 2ND YEAR
2018
BIOLOGY
(Theory)
Full Marks: 70
Pass Marks: 21
Time: Three hours
The figures in the margin indicate
full marks for the questions.
|
PART-I (BOTANY) MARKS – 35 Page No. 1 - 8
PART-II (ZOOLOGY) MARKS - 35 Page No. 9 – 15
|
Use separate Answer scripts for Part-I (Botany) and Part-II (Zoology)
Part-I (Botany)
(প্রথম অংশ ও উদ্ভিদ বিজ্ঞান)
1. What is meant by Clone? 1
ক্লন কাক বােলে ?
2. Define the term Apomixis. 1
অসংগজননৰ সংজ্ঞা লিখা।
3. How the ages of fossils are calculated? 1
জীৱাশ্মৰ বয়স কেনেকৈ নিৰ্দ্ধাৰণ কৰা হয়?
4. Write the scientific name of the microorganism used to produce ethanol. 1
ইথানল প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা অণুজীৱ বিধৰ বৈজ্ঞানিক নাম লিখা।
5. What is Triple Fusion? Name the nuclei involved in triple fusion. 2
ত্রিসংলয়ন কাক বােলে? ত্রিসংলয়নত জড়িত কোষকেন্দ্র সমূহৰ নাম লিখা।
Or /অথবা
Explain any two outbreeding devices that flowering plants have developed to encourage Cross Pollination.
ইতৰ পৰাগযােগক উৎসাহিত কৰিবলৈ সপুষ্পক উদ্ভিদত বিকশিত হােৱা যি কোনাে দুটা বহিঃপ্রজনন কৌশল বর্ণনা কৰা।
6. Mention four objectives for improving the nutritional quality of crops by the process of biofortification. 2
শষ্যৰ খাদ্যমানৰ উৎকর্ষ সাধনৰ উদ্দেশ্যে কৰা প্ৰজননৰ জীৱপ্ৰৱলীকৰণ প্ৰথাৰ চাৰিটা পন্থা উল্লেখ কৰা।
OR/ অথবা
What is totipotency of the cell? What is the importance of totipotency in Plant Science?
কোষৰ পুণঃসৃষ্টিক্ষমতা কাক বােলে? উদ্ভিদ বিজ্ঞানত পুণঃসৃষ্টিক্ষমতাৰ গুৰুত্ব কি?
7. Write a brief note on Biochemical Oxygen Demand. 2
জৈৱৰাসায়নিক অক্সিজেন চাহিদা (BOD) সম্পর্কে এটি চমু টোকা লিখা।
OR/ অথবা
What are Antibiotics? Name two microorganisms used to produce antibiotics.
প্রতিজৈৱিক পদার্থসমূহ কি? প্রতিজৈৱিক পদার্থ প্রস্তুত কৰা দুবিধ অণুজীৱৰ নাম লিখা।
8. How the insecticidal proteins act on Pest? 2
ইনচেক্টিচাইডেল প্র’টিনে কীটসমূহত কেনেকৈ ক্রিয়া কৰে?
OR/ জাহবা
Describe briefly about Bioreactors.
বায় বিয়ে সম্পর্কে চমুকৈ বর্ণনা করা।
9. What is Single Cell Protein (SCP)? Name two algae used to produce SCP. 2
এককোষীয় প্রাটিন কি? SCP প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা দুবিধ শেলাইৰ নাম লিখা।
OR/ অথবা
Write an account on the role of microbes in biogas production,
জৈৱ গেছ উৎপাদনত অণুজীৱৰ ভূমিকা সম্পর্কে এটা টোকা লিখা।
10. Explain briefly: (any one) 2
চমুকৈ ব্যাখ্যা কৰা ঃ (ষি কোনাে এটা)
(a) Molecular diagnosis.
আণৱিক নিদান।
(b) Molecular Scissors
আণৱিক কেঁচি।
11. What is Mutualism? Explain mutualism with suitable examples. 3
সহােপকাৰিতা কাক বােল? উপযুক্ত উদাহৰণ সহ সহােপকাৰিতা সম্পর্কে বর্ণনা কৰা।
OR/ অথবা
How do biofertilizers enrich the fertility of soil?
জীৱসাৰে কেনেকৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে?
12. Write the scientific names and parts used of following plants. 3
তলত দিয়া উদ্ভিদ সমূহৰ বৈজ্ঞানিক নাম আৰু ব্যৱহৃত অংশৰ নাম লিখা।
(a) Tulsi
তুলসী।
(b) Kalmegh
কালমেঘ
(c) Bahak tita.
বাহকতিতা।
OR/ অথবা
Write a note on adaptation of plants to water scarcity.
জলসংকটৰ বাবে উদ্ভিদে অবলম্বন কৰা অভিযােজনসমূহৰ বিষয়ে এটি টোকা লিখা।
13. Discuss the methods of breeding for disease resistance crops. 3
শষ্যৰ ৰােগ প্ৰতিৰােধৰ বাবে কৰা প্রজনন পদ্ধতি সমূহৰ বিষয়ে আলােচনা কৰা।
OR/ অথবা
What do genetically modified organisms (GMO) do to the food? How do they useful to us?
আনুবংশিক ৰূপান্তৰিত জীৱসমূহে খাদ্যত কি ক্রিয়া কৰে? সিহঁত কেনেকৈ আমাৰ বাবে উপযােগী?
Part-II (Zoology)
(দ্বিতীয় অংশঃ প্রাণীবিজ্ঞান)
1. Fill in the blanks: (any two) 1x2=2
খালী ঠাই পূৰণ কৰা ঃ (যি কোনাে দুটা)
(a) _________cells present in mammalian testes help to nourish sperm.
_______কোষ বােৰে স্তন্যপায়ী প্রাণীৰ শুক্রাশয়ৰ শুক্রাণু বােৰক পুষ্টি যােগানত সহায় কৰে।
(b) The genes located in Y chromosome are called ________.
Y ক্রম’জম’ত থকা জিন সমূহক ______বুলি কোৱা হয়।
(c) The major reservoir of carbon on earth is _________.
পৃথিবীৰ কার্বনৰ মুখ্য ভাণ্ডাৰ হ’ল ________।
(d) Typhoid fever can be confirmed by ______test.
টাইফয়ড জ্বৰ _______পৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰা হয়।।
2. Answer any two: 1x2=2
যি কোনাে দুটাৰ উত্তৰ লিখা?
(a) Why sperm contain mitochondria?
শুক্রাণুত কিয় মাইট’কন্দ্রিয়া থাকে?
(b) What are Okazaki fragments?
ওকাকি খণ্ড বােৰ কি?
(c) What are the two basic amino acids which are found in high amount in histone protein?
হিষ্টন প্র’টিনত কোন দুইবিধ ক্ষাৰকীয় এমিন 'এচিদ অধিক পৰিমাণে পােৱা যায়?
(d) What is transgenic organism?
ট্রেন্সজেনিক জীৱ কি?
3. Answer any four: 2x4=8
যি কোনাে চাৰিটাৰ উত্তৰ লিখা?
(a) Describe the formation of Placenta during pregnancy.
গর্ভধাৰণৰ সময়ত অমৰাৰ গঠন বর্ণনা কৰা।
(b) Why coacervates were called primitive cell?
কোৱাচাৰভেট বােৰক কিয় আদিম কোষ বুলি কোৱা হৈছিল?
(c) Write the applications of DNA fingerprinting.
ডি.এন.এ. ফিংগাৰপ্রিন্টিংৰ প্ৰয়ােগ সমূহ লিখা।
(d) What is Amniocentesis? Why does amniocentesis is banned?
এমনিঅচিটেচিছ কি? কিয় এমনিঅ’চিটেচিছ নিষিদ্ধ কৰা হৈছে?
(e) Define chromosomal theory of inheritance.
বংশগতিৰ ক্ৰম’জ’মীয় তত্বৰ সংজ্ঞা লিখা।
(f) What is Red Data Book? Which endemic animal of Assam is presently listed in Red Data Book?
ৰেড ডাটা বুক কি? অসমৰ কোনবিধ স্থানিক প্রাণীক বর্তমানে র্ডে ডাটা বুকত অন্তর্ভুক্ত কৰা হৈছে?
4. Write differences between: (any two) 2x2=4
যি কোনাে দুটা পার্থক্য লিখা?
(a) Homologous organ and analogous organ
সমসংস্থ অংগ আৰু সমবৃত্তিক অংগ
(b) Linkage and crossing over
সহলগ্নতা আৰু পাৰংগতি
(c) In-situ conservation and Ex-situ conservation
স্বঃস্থান সংৰক্ষণ আৰু বহিঃস্থান সংৰক্ষণ।
(d) Plasmid DNA and Chromosomal DNA
প্লাজমিড ডি.এন.এ. আৰু ক্ৰম’জ’মীয় ডি.এন.এ.।
5. Express diagrammatically the various phases of spermatogenesis. 3
শুক্রজনন প্রক্রিয়াৰ বিভিন্ন দশা সমূহ নক্সাৰে প্ৰকাশ কৰা।
***
No comments:
Post a Comment