অধ্যায়-৯, বংশগতি আরু ক্রমবিকাশ (Heredity and Evolution)
১। কোনটো প্রক্রিয়াত নাম মাত্রহে বৈসাদৃশ্যতা দেখা যায়? যৌন নে অযৌন প্রক্রিয়াত?
উত্তরঃ অযৌন প্রক্রিয়াত ।
২। কিয় অযৌন প্রক্রিয়াত নাম মাত্রহে বৈসাদৃশ্য পৰিলক্ষিত হয়? উদাহৰণস্বরূপে বুজাই লিখা ।
উত্তরঃ অযৌন প্রজনন প্রক্রিয়াৰে কেৱল অকলে অর্থাৎ এককভাবে এটা জীৱই বংশ বিস্তাৰ কৰে । উদাহৰণস্বরূপে- যদি কোনো এটা বেক্টেৰিয়াৰ দ্বি-বিভাজন ঘটে, তাৰ পৰা দুটা বেক্টেৰিয়াৰ সৃষ্টি হয় আরু সেই দুয়োটা পুনৰ এবাৰ বিভাজন ঘটে তেন্তে সৃষ্টি হোৱা চাৰিওটা বেক্টেৰিয়া আকৃতিগতভাবে দেখাত প্রায় একে হয় ।
৩। বংশ বিস্তাৰ বা প্রজনন প্রক্রিয়াৰ ফলাফল কি?
উত্তরঃ বংশ বিস্তাৰ বা প্রজনন প্রক্রিয়াৰ ফলাফল হ’ল একে আৰ্হিৰ জীৱৰ উৎপত্তি ।
৪। চাৰিত্রিক বৈশিষ্ট্যৰ বংশানুক্রমিক প্রবাহ (Inherited Traits) বুলিলে কি বুজা?
উত্তরঃ কেঁচুৱা এটাই মানুহৰ সকলো বোৰ মৌলিক বৈশিষ্ট্য বহন কৰে । কিন্তু কেচুঁৱাটো সাইলাখ মান-দেউতাকৰ দৰে একেও নহয় ।
৫। প্রত্যেকটো চাৰিত্রিক বৈশিষ্ট্য ......... দুয়ুৰে প্রভাৱত সৃষ্টি হয় ।
উত্তরঃ প্রত্যেকটো চাৰিত্রিক বৈশিষ্ট্য পিতৃ-মাতৃ দুয়ুৰে প্রভাৱত সৃষ্টি হয় ।
৬। সন্তানৰ প্রত্যেকটো চৰিত্রৰ বাবে দুটা সংস্কৰণ থাকিব লাগিব । সেইকেইটা কি কি?
উত্তরঃ সন্তানৰ প্রত্যেকটো চৰিত্রৰ বাবে দুটা সংস্কৰণ থাকিব লাগিব । সেয়া হ’ল- পিতৃ সংস্কৰণ আরু মাতৃ সংস্কৰণ ।
৭। বিভিন্ন লিঙ্গ কৌশলসমূহ লিখা ।
উত্তরঃ কিছুমান প্রাণীৰ লিঙ্গ নিৰ্ধাৰণ সম্পূৰ্ণরূপে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে । কিছুমান প্রাণীৰ ক্ষেত্রত সিহঁতিৰ ডিম্ব (EGG) টো কিমান উষ্ণতাত যোজন ঘটিছিল তাৰ ওপৰত নিৰ্ভৰ কৰি নিষিক্তকৰণ ডিম্বটোৰ পৰা পুংলিংগ নে স্ত্রীলিংগ ধাৰী সন্ততিৰ উৎপত্তি হব সেয়া নিৰ্ধাৰণ কৰা হয় । অন্য কিছুমান প্রাণী বিশেষকৈ শামোকে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে, ইহঁতৰ ক্ষেত্রত জিনীয়ভাবে নিৰ্দ্ধাৰণ নহয় । মানুহৰ ক্ষেত্রত লিংগ নিৰ্দ্ধাৰণ প্রক্রিয়াটো জিনীয়ভাৱে নিয়ন্ত্রিত ।
৮। শামুকৰ লিঙ্গ নিৰ্দ্ধাৰণ কেনেদৰে কৰা হয় ?
উত্তরঃ শামোকে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে, ইহঁতৰ ক্ষেত্রত জিনীয়ভাবে নিৰ্দ্ধাৰণ নহয় ।
৯। মানুহৰ ক্ষেত্রত লিংগ শামোকে নিৰ্দ্ধাৰণ প্রক্রিয়াটো কাৰ দ্বাৰা নিয়ন্ত্রিত বা কাৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তরঃ মানুহৰ ক্ষেত্রত লিংগ নিৰ্দ্ধাৰণ প্রক্রিয়াটো জিনীয়ভাৱে নিয়ন্ত্রিত বা জিনৰ ওপৰত নিৰ্ভৰ কৰে ।
১০। মহিলা আরু পুরুষৰ লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম কেইডালৰ নাম লিখা ।
অথবাঃ
১১। পুরুষৰ ক্র’ম’জ’ম দুডাল কিয় যোৰা লাগি নাথাকে ?
অথবাঃ
১২। লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম কাক বোলে ?
উত্তরঃ মানুহৰ ক্র’ম’জ’মবিলাকৰ পিতৃ আরু মাতৃৰ প্রত্যেকৰ পৰা ২২ ডালকৈ ক্র’ম’জ’ম লগ হৈ যোৰা পাতি থাকে । কিন্তু অন্য এযোৰ ক্র’ম’জ’ম যি লিংগ নিৰ্দ্ধাৰণ কৰে যাক লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম বোলে । মহিলাৰ লিংগ নিৰ্ণায়ক ক্র’ম’জ’মডাল যোৰা পাতি থাকে আরু সেই দুয়ুডালক ‘X’ ক্রম’জ’ম বোলে । পুরুষৰ ক্ষেত্রত লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম দুডাল যোৰা পাতি নাথাকে । কাৰণ, ইয়াৰে এডাল ছুটি যাক ‘Y’ ক্র’ম’জ’ম বোলা হয় আরু দীঘল ডালক ‘X’ ক্র’ম’জ’ম বোলা হয় । সেয়েহে মহিলাৰ লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম যোৰ হ’ল- ‘XX’ আরু পুরুষৰ নিৰ্ণায়ক ক্র’ম’জ’ম যোৰ ‘XY’ ।
১৩। মানুহৰ ক্র’ম’জ’মবিলাকৰ পিতৃ আরু মাতৃৰ প্রত্যেকৰ পৰা কিমান ডালকৈ ক্র’ম’জ’ম লগ হৈ যোৰা পাতি থাকে ।
উত্তরঃ মানুহৰ ক্র’ম’জ’মবিলাকৰ পিতৃ আরু মাতৃৰ প্রত্যেকৰ পৰা ২২ ডালকৈ ক্র’ম’জ’ম লগ হৈ যোৰা পাতি থাকে ।
১৪। ল’ৰা বা ছোৱালীৰ কোনডাল ক্র’ম’জ’ম মাতৃফালৰ হয় ?
উত্তরঃ ল’ৰা বা ছোৱালীৰ X ক্র’ম’জ’মডাল মাতৃফালৰ হয় ।
১৫। মানুহৰ লিঙ্গ নিৰ্ধাৰণ কেনেদৰে কৰা হয় ? বুজাই লিখা ।
উত্তরঃ মানুহৰ এযোৰ ক্র’ম’জ’ম থাকে যি লিংগ নিৰ্দ্ধাৰণ কৰে, সেইযোৰক লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম বোলে । মহিলাৰ লিংগ নিৰ্ণায়ক ক্র’ম’জ’মডাল যোৰা পাতি থাকে আরু সেই দুয়ুডালক ‘X’ ক্রম’জ’ম বোলে । পুরুষৰ ক্ষেত্রত লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম দুডাল যোৰা পাতি নাথাকে । কাৰণ, ইয়াৰে এডাল ছুটি যাক ‘Y’ ক্র’ম’জ’ম বোলা হয় আরু দীঘল ডালক ‘X’ ক্র’ম’জ’ম বোলা হয় । সেয়েহে মহিলাৰ লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম যোৰ হ’ল- ‘XX’ আরু পুরুষৰ নিৰ্ণায়ক ক্র’ম’জ’ম যোৰ ‘XY’ ।
ল’ৰা বা ছোৱালীৰ X ক্র’ম’জ’মডাল সদায় মাতৃফালৰ হয় । সেয়েহে ল’ৰা আরু ছোৱালীৰ লিংগ নিৰ্দ্ধাৰণ কৰিবৰ বাবে কোনডাল পিতৃফালৰ পৰা লিংগ নিৰ্ণায়ক প্রবাহিত হৈছে তাক নিৰ্ণয় কৰিলেই হয় । যি সন্তানলৈ পিতৃফালৰ পৰা ‘Y’ ক্র’ম’জ’ম ডাল প্রবাহ ঘটে, তেনেহ’লে সন্তানটো ল’ৰা হয় । লগতে, যদি সন্তানটোলৈ পিতৃফালৰ পৰা ‘X’ ক্র’ম’জম ডাল প্রবাহিত হয়, তেনেহ’লে সন্তানটো ছোৱালী হয় । যিহেতু, মহিলাৰ লিংগ নিৰ্ণায়ক ক্র’ম’জ’ম যোৰ হ’ল- ‘XX’ আরু পুরুষৰ নিৰ্ণায়ক ক্র’ম’জ’ম যোৰ ‘XY’ ।
১৬। বংশানুক্রমিক চৰিত্র আরু আৰ্জিত চৰিত্র কাক বোলে ? উদাহৰণস্বরূপে বুজাই লিখা । আৰ্জিত চৰিত্রসমূহ জননকোষৰ DNA লৈ গতি কৰেনে বা পিছৰ প্রজন্মত ইয়াৰ কোনো প্রভাৱ পৰেনে ?
উত্তরঃ যি চৰিত্রসমূহ জিনীয়ভাৱে পিতৃ-মাতৃৰ পৰা সন্তানৰ গালৈ আহে । তাকে বংশানুক্রমিক চৰিত্র বোলা হয় । উদাহৰণ- মাক আরু জীয়েকৰ মুখৰ মিলন, বাপেক আরু পুতেকৰ মাতবোৰ অলপ একেধৰণৰ আদি ।
যি চৰিত্রসমূহ জিনীয়ভাৱে পিতৃ-মাতৃৰ পৰা সন্তানৰ গালৈ নাহে আরু শিক্ষা, অভিজ্ঞতা, অনুশীলনা বা অভ্যাস, কৰ্ম ৰাজিৰ আদিৰ মাধ্যমেৰে অৰ্জন কৰে, সেই চৰিত্রসমূহ আৰ্জিত চৰিত্র কাক বোলে । উদাহৰণ- বাপেক শিক্ষক হ’লে পুতেক শিক্ষক নহ’বও পাৰে, মাক ডক্টৰ হ’লে জীয়েক নাৰ্ছো হ’ব পাৰে বা নহ’বও পাৰে আদি ।
আৰ্জিত চৰিত্রসমূহ জননকোষৰ DNA লৈ গতি নকেৰে আরু পিছৰ প্রজন্মত ইয়াৰ কোনো প্রভাৱ নপৰে ।
১৭। ডাৰউইন কি সূত্রৰ লগত জড়িত ? তেওঁৰ অধ্যয়ণৰ এটা বিষয়বস্তুৰ নাম লিখা ।
উত্তরঃ ডাৰউইন ক্রমবিকাশ সূত্রৰ লগত জড়িত । তেওঁৰ অধ্যয়ণৰ এটা বিষয়বস্তু আছিল- মাটি সারুৱা কৰাত কেচুঁৰ ভূমিকা ।
১৮। ডাৰউইনে ক’ত আরু কিহৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাইছিল ? ডাৰউইনৰ ক্রমবিকাশৰ সূত্রটো লিখা ।
উত্তরঃ চচাৰ্লচ্ ৰবাৰ্ট ডাৰউইনে ২২ বছৰ বয়সতে দক্ষিণ আমেৰিকা, ইয়াৰ উপকূলীয় অঞ্চল আরু দ্বীপ-পুঞ্জবিলাকত প্রকৃতিৰ ওপৰত গৱেষণামূলক অধ্যয়ণ কৰিছিল । তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি জীৱৰ ক্রমবিকাশ যে প্রাকৃতিক নিৰ্বাচন যোগে সাধন হয় তাক প্রতিপন্ন কৰি ঊনৈশ শতিকাত জীৱৰ ক্রমবিকাশৰ সূত্র আগবঢ়াইছিল ।
ডাৰউইনৰ ক্রমবিকাশৰ সূত্র অনুসৰি, জীৱৰ ক্রমবিকাশ প্রক্রিয়াত প্রাকৃতিক নিৰ্বাচন যোগে প্রজাতিৰ উৎপত্তি হয় । তেওঁৰ মতে, জীৱবিলাক ক্রমবিকাশৰ যোগেদি সিহঁতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয় ।
১৯। পৃথিৱীৰ জীৱৰ উৎপত্তি সম্পৰ্কে ডাৰউইন আরু মেণ্ডেলৰ সূত্রই কি জানিবলৈ দিছে ?
উত্তরঃ ডাৰউইনৰ ক্রমবিকাশ সূত্রই আমাক জানিবলৈ দিয়ে যে জীৱবিলাক ক্রমবিকাশৰ যোগেদি সিহঁতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয় । মেণ্ডেলৰ সূত্রই আমাক জানিবলৈ দিয়ে যে বংশগত চৰিত্রবিলাক কি কৌশলেৰে এটা প্রজন্মৰ পৰা পৰৱৰ্তী প্রজন্মলৈ প্রবাহিত হয় ।
২০। জে.বি.এচ. হেলডানে পৃথিৱীত জীৱৰ উৎপত্তি সম্পৰ্কে কি ব্যাখ্যা ডাঙি ধৰিছে?
উত্তরঃ 1929 চনত জে.বি.এচ. হেলডানে (J.B.S. Haldane) নামৰ ব্রিটিছ্ বিজ্ঞানীগৰাকীয়ে উল্লেখ কৰিছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পাছতে তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈৱ পদাৰ্থৰ পৰাই জীৱৰ আৰ্ৱিভাৱ ঘটিছিল । তেওঁ জনাইছিল যে বৰ্তমান কালৰ পৃথিৱীখনৰ বাতাবৰণতকৈ ইয়াৰ উৎপত্তি কালত বিৰাজমান হৈ থকা বাতাবৰণৰ মাজত বহু ক্ষেত্রত তাৰতাম্য আছিল যাৰ বাবেই জীৱনৰ বাবে প্রয়োজনীয় জটিল জৈৱ অণুবিলাকৰ সৃষ্টি হোৱাতো সম্ভৱপৰ হৈছিল । সেই ৰাসায়নিক পদাৰ্থবিলাকৰ মাজতে পুনৰ সংশ্লেষণ ঘটিয়েই পোন প্রথমে আদিম জীৱটোৰ আৰ্ৱিভাৱ হৈছিল ।
২১। জৈৱ অণুবিলাকৰ কেনেকৈ উৎপত্তি হৈছিল ?
উত্তরঃ 1953 চনত ষ্টেনলি এল. মিলাৰ (Stanley L. Miller) আরু হেৰল্ড চি. ইউৰি (Harold C. Urey) নামৰ দুজন বিজ্ঞানীয়ে এক সজুঁলি আৱিস্কাৰ কৰিছিল । সেই সজুঁলিটোৰ ভিতৰখনত অনুমান ভিত্তিত উৎপত্তি কালৰ পৃথিৱীখনৰ বাতাবৰণ, (পানীৰ লগতে এমোনিয়া, মিথেন আরু হাইড্রজেন ছালফাইড্ কিন্তু অক্সিজেন নাছিল) সৃষ্টি কৰি লৈছিল । সেই সজুঁলিটো প্রায় প্রায় 1000 চেন্টিগ্রেড উষ্ণতাৰ তলত ৰাখি তাৰ ভিতৰৰ গেছীয় পদাৰ্থৰ মাজেৰে বৈদ্যুতিক প্রবাহ ঘটাই বিজুলি বা বজ্রপাত সৃষ্টিৰ দৰে এক পৰিবেশ ৰচনা কৰিছিল । প্রায় একসপ্তাহৰ পাছত দেখা গ’ল যে 15% কাৰ্বন (মিথেনৰ)ৰ রূপান্তৰ ঘটি এমিন’ এচিডকে ধৰি কিছুমান কাৰ্বনযুক্ত সৰল যৌগ যিয়ে প্র’টিন অণুৰ সংশ্লেষণত ভাগ লয়, সেইবিলাকৰ সৃষ্টি হৈছিল । এনেধৰণৰ প্রাকৃতিক পৰিস্থিতিত জৈৱ অণুবিলাকৰ উৎপত্তি হৈছিল বুলি অনুমান কৰিছিল ।
js
Friday, October 24, 2025
SEBA Class X Science অধ্যায়-৯, বংশগতি আরু ক্রমবিকাশ (Heredity and Evolution)
Subscribe to:
Post Comments (Atom)
ASSEB Class XI Economics Textbook অৰ্থনীতিৰ বাবে পৰিসংখ্যা Chapter 1 Textbook Questions and Answers
১. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ বিচাৰ কৰা: (i) পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ ...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment