SEBA HSLC ASSAMESE GRAMMAR SPECIAL EXAMINATION PREVIOUS YEAR QUESTIONS (2015 to 2021 )
২০১৫
১১। তলত দিয়া যি কোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখা- ২ x ৫ =১০
(ক) তলত দিয়া যি কোনো দুটাৰ ব্যাস-বাক্য সহ সমাসৰ নাম লিখাঃ
ৰাধাকৃষ্ণ, দোমাহী, চক্রপাণি, শুক্লপক্ষ
উত্তৰঃ
ৰাধাকৃষ্ণঃ
ব্যাস বাক্য- ৰাধা আরু কৃষ্ণ
সমাস- ইতৰেতৰ দ্বন্দ
দোমাহীঃ
ব্যাস বাক্য- দুই মাহৰ সমাহাৰ
সমাস- দ্বিগু সমাস
চক্রপাণিঃ
ব্যাস বাক্য- চক্র আছে পাণি(হাত)ত যাৰ, তেওঁ ।
সমাস- বহুব্রীহি সমাস ।
শুক্লপক্ষঃ
ব্যাস বাক্য- শুক্ল যি পক্ষ ।
সমাস- কর্মধাৰয় সমাস ।
(খ) তলৰ যি কোনো দুটা শব্দত ‘ণ’ আরু ‘ষ’ কি কাৰণে হৈছে বুজাই লিখাঃ
ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ
উত্তৰঃ
ঋণঃ
ঋ, ৰ, ষ-ৰ পিছত থকা দন্ত্য ‘ন’ মূৰ্ধন্য ‘ণ’ হয় ।
উত্তৰায়ণঃ
‘উত্তৰ’ শব্দৰ পিছত বহা ‘অয়ন’ শব্দৰ দন্ত্য ‘ন’ মূৰ্ধন্য ‘ণ’ হয় ।
বিষাদঃ
ই-কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, সিধ্, সিচ্, লস্ আদি ধাতুৰ দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হয় ।
যুধিষ্ঠিৰঃ
‘যুধি’ শব্দৰ পিছত থকা ‘স্থিৰ’ শব্দৰ দন্ত ‘স’ মূৰ্ধন্য ‘ষ’ হয় ।
(গ) তলত দিয়া যি কোনো দুটা শব্দৰ বিপৰীতাৰ্থক অর্থ লিখাঃ
গহীন, কৃশ, সন্মান, ক্ষয়
উত্তৰঃ
গহীন – চঞ্চল ।
কৃশ – স্থূল ।
সন্মান – অপমান ।
ক্ষয় – বৃদ্ধি ।
(ঘ) তলৰ যি কোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা করাঃ
উখল মাখল (খৰ-খেদা কৰাত হুলস্থূল হোৱা)- থিয়েটাৰ অহা কথা শুনি গাওঁৰ সকলো গাওঁবাসীয়ে গাওঁখনত উখল মাখল লগাইছে ।
আঁচলৰ ধন (অতি সাদৰৰ)- নয়নমণি মাক-দেউতাকৰ একমাত্র আঁচলৰ ধন ।
উৰহীৰ ওৰ (ভিতরুৱা বিষয় বা আচল কথা)- পুলিচে সোধ-পোচ কৰাত চুৰি কাৰ্যটোৰ আচল উৰহীৰ ওৰ উলাই পৰিল ।
জয়দেউ কাকূতি (অতি অনুনয়-বিনয় কৰা): জয়দেউ কাকূতি কৰিও মহীৰামে টকাকেইটা মহাজনৰ পৰা উলিয়াব নোৱাৰিলে ।
(ঙ) তলত দিয়া যি কোনো দুটা শব্দৰ সন্ধি ভাঙাঃ
উচ্ছল, কটূক্তি, ইত্যাদি, নিশ্চয়
উত্তৰঃ
উচ্ছল- উৎ + ছল ।
কটূক্তি- কটু + উক্তি
ইত্যাদি- ইতি + আদি
নিশ্চয়- নিঃ + চয়
(চ) তলত দিয়া যি কোনো দুটা শব্দৰ সমার্থক শব্দ লিখাঃ
চকু, নদী, ঘৰ, আকাশ
উত্তৰঃ
চকু- নয়ন, নদী – তৰঙ্গিনী,
ঘৰ – গৃহ, আকাশ – গগণ ।
(ছ) তলৰ যি কোনো দুটাক এটা শব্দত প্রকাশ করাঃ
পনীয়া গাখীৰ দিয়া গাইগরু, যাৰ ঈশ্বৰৰ অস্তিতৃত বিশ্বাস নাই, যি কথাৰ অর্থ নাই, এবাৰ গুটি লাগি মৰা গছ ।
উত্তৰঃ
পনীয়া গাখীৰ দিয়া গাইগরু- জলাহী ।
যাৰ ঈশ্বৰৰ অস্তিতৃত বিশ্বাস নাই – নাস্তিক ।
যি কথাৰ অর্থ নাই – অর্থহীন বা নিৰর্থক ।
এবাৰ গুটি লাগি মৰা গছ – ঔষধি ।
(জ) যথাস্থানত যতি চিহ্ন বহুওৱা-
ৰীণাই ক’লে আজি স্কুল বন্ধনে
উত্তৰঃ
ৰীণাই ক’লে, “আজি স্কুল বন্ধনে?”
(ঝ) তলত দিয়া জটিল বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা-
যিজন লোক অকৃতজ্ঞ, তেওঁ ক’তো আসন নাপায় ।
উত্তৰঃ
অকৃতজ্ঞ লোকে ক’তো আসন নাপায় ।
২০১৬
১৪। তলৰ যিকোনো পাঁচটা প্রশ্নত উত্তৰ করাঃ ২ x ৫ = ১০
(ক) তলত দিয়া যিকোনো দুটাৰ ব্যাস-বাক্য সহ সমাসৰ নাম লিখা ।
ত্রিফলা, শূলপাণি, মহাপুরুষ, সত্যাগ্রহ ।
উত্তৰঃ
ত্রিফলাঃ
ব্যাস-বাক্য- তিনি ফলৰ সমাহাৰ ।
সমাস- দ্বিগু সমাস ।
শূলপাণিঃ
ব্যাস-বাক্য- শূল আছে পানিত যাৰ ।
সমাস- বহুব্রীহি সমাস ।
মহাপুরুষঃ
ব্যাস-বাক্য- মহৎ বা মহান পুরুষ যি তেওঁ ।
সমাস- বহুব্রীহি সমাস
সত্যাগ্রহঃ
ব্যাস-বাক্য – সত্যৰ প্রতি বা সত্যৰ বাবে যি আগ্রহ
সমাস – তৎপুরুষ সমাস
(খ) তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা ।
বিদ্যালয়, চন্দ্রোদয়, যদ্যপি, নমস্কাৰ
উত্তৰঃ বিদ্যালয় = বিদ্যা + আলয়
চন্দ্রোদয় = চন্দ্র + উদয়
যদ্যপি = যদি + অপি
নমস্কাৰ = নমঃ + কাৰ
(গ) তলৰ মিশ্রবাক্যটো সৰল বাক্যলৈ পৰিবৰ্তন কৰা ।
‘যি সকলে ব্যাকৰণ মনপুতি পঢ়ে, তেওঁলোকে ভাষাটো ভালকৈ জানে ।’
উত্তৰঃ ব্যাকৰণ নপুতি পঢ়াসকলে ভাষাটো ভালকৈ জানে ।
(ঘ) তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমার্থক শব্দ লিখা ।
আচমান, বিটপী, হাত, বতাহ
উত্তৰঃ আচমান – আকাশ
বিটপী – বিৰিখ
হাত – পাণি
বতাহ – বায়ু
(ঙ) তলৰ যিকোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা ।
ৰমকজমক, উলহ-মালহ, ডলাৰ বগৰী, তলা-নলা ।
উত্তৰঃ
ৰমকজমক (অতি সৌন্দৰ্য্য)- বিয়াখনৰ পেন্দেলটো ৰমকজমককৈ সজাইছে ।
উলহ-মালহ (অতিশয় আনন্দ)- বিহু হ’ব বুলি শুনি সকলো অসম বাসীৰ উলহ-মালহৰ অন্ত নাইকীয়া হৈছে ।
ডলাৰ বগৰী (ঘনাই ঠাই সলোৱা মানুহ)- ডলাৰ বগৰী হৈ ইটো-সিটো কৰাতকৈ এক চিন্তে এক কামত লাগি থাকিলে জীৱন সফল হয় ।
তলা-নলা (অনুসন্ধান)- নতুনকৈ যোগদান কৰা কর্ম-কর্তাসকলে কামটোৰ তলা-নলা একো পোৱা নাই ।
(চ) তলৰ যিকোনো দুটা শব্দত কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱা ।
শয়ন, খীৰতী, বাপতীয়া, দয়ালু
উত্তৰঃ
শয়ন- শ + অন , কৃৎ প্রত্যয়
খীৰতী- খীৰা + অতী, কৃৎ প্রত্যয়
বাপতীয়া- বাপ + অতীয়া, তদ্ধিৎ প্রত্যয়
দয়ালু- দয়া + আলু , তদ্ধিৎ প্রত্যয়
(ছ) যথাস্থানত যতি চিহ্ন বহুওৱা ।
দেউতাই বজাৰৰ পৰা প্রায়ে আম আপেল আনাৰস তিয়ঁহ কিনি আনে ।
উত্তৰঃ
দেউতাই বজাৰৰ পৰা প্রায়ে আম, আপেল, আনাৰস আরু তিয়ঁহ কিনি আনে ।
(জ) এটা শব্দত প্রকাশ করাঃ
(i) যি কণীৰ পৰা জন্মে- অণ্ডজ ।
(ii) যি আগেয়ে হোৱা নাই- অভূতপূৰ্ব ।
(iii) একে গুরুৰ শিষ্য- সতীৰ্থ, হৰিভকত
(iv) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে- অকৃতজ্ঞ, কৃতঘ্ন
(ঝ) তলৰ যি কোনো দুটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা ।
প্রতিষ্ঠা, বরুণ, বৰ্ষ, তৃণ
উত্তৰঃ
প্রতিষ্ঠা- ই-কাৰান্ত আরু উ-কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা, সিধ্, সিচ্, লস্ আদি ধাতুৰ দন্ত্য ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয় ।
বরুণ- একেটা পদতে থকা ঋ, ৰ, ষ-ৰ পিছত থকা দন্ত্য ‘ন’, মূৰ্দ্ধন্য ‘ণ’ হয় ।
বৰ্ষ- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ষ’ হয় ।
তৃণ- একেটা পদতে থকা ঋ, ৰ আরু ষ-ৰ পিছত থকা দন্ত্য ‘ন’, মূৰ্দ্ধন্য ‘ণ’ হয় ।
২০১৭
১৪। তলৰ যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখাঃ ২ x ৫ = ১০
(ক) তলত দিয়া যিকোনো দুটাৰ ব্যাস-বাক্য সহ সমাসৰ নাম লিখা ।
দোমাহী, দেশান্তৰ, মহাপুরুষ, উপবন ।
উত্তৰঃ
দোমাহীঃ
ব্যাস-বাক্য- দুই মাহৰ সমাহাৰ
সমাস- দ্বিগু সমাস
দেশান্তৰঃ
ব্যাস-বাক্য- অন্য দেশ
সমাস- নিত্য সমাস
মহাপুরুষঃ
ব্যাস-বাক্য- মহৎ বা মহান পুরুষ যি তেওঁ ।
সমাস- ব্যতিহাৰ বহুব্রীহি সমাস
উপবনঃ
ব্যাস-বাক্য- বনৰ সমীপ
সমাস- অব্যয়ীভাৱ সমাস
(খ) তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা ।
ইত্যাদি, হোমাগ্নি, সংস্কৃতি, যদ্যপি
উত্তৰঃ
ইত্যাদি= ইতি + আদি
হোমাগ্নি= হোম + অগ্নি
সংস্কৃতি= সম্ + কৃতি
যদ্যপি= যদি + অপি
(গ) তলৰ জটিল বাক্যটি সৰল বাক্যলৈ পৰিবৰ্তন কৰা ।
যিজন লোক অকৃতজ্ঞ, তেওঁ ক’তো স্থান নাপায় ।
উত্তৰঃ অকৃতজ্ঞ লোকে ক’তো স্থান নাপায় ।
(ঘ) তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমার্থক শব্দ লিখা ।
আকাশ, ধৱল, বাৰিধি, সমীৰ ।
উত্তৰঃ
আকাশ- গগন ।
ধৱল- শ্বেত, বগা,
বাৰিধি- সমুদ্র, জলধি
সমীৰ- বতাহ
(ঙ) তলৰ যিকোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা ।
উলহ-মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা-ধৰা
উত্তৰঃ
উলহ-মালহ (অতিশয় আনন্দ)- বিহু হ’ব বুলি শুনি সকলো অসম বাসীৰ উলহ-মালহৰ অন্ত নাইকীয়া হৈছে ।
আঁচলৰ ধন (অতি সাদৰৰ)- নয়নমণি মাক-দেউতাকৰ একমাত্র আঁচলৰ ধন ।
ৰমকজমক (অতি সৌন্দৰ্য্য)- বিয়াখনৰ পেন্দেলটো ৰমকজমককৈ সজাইছে ।
এৰা-ধৰা (কিছু বাদ দি)- কোনো এক দলত থকা সদস্যসকলে কিছুমান বিষয় বা কথা এৰা-ধৰাৰ মাজেৰে চলিব লগা হয় ।
(চ) তলৰ যিকোনো দুটা শব্দত কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱা ।
দয়ালু, ধাননি, সোণাৰী, গাঁৱলীয়া ।
উত্তৰঃ
দয়ালু- দয়া + আলু , তদ্ধিৎ প্রত্যয়
ধাননি- ধান + অনি, তদ্ধিৎ প্রত্যয়
সোণাৰী- সোণ + আৰী, তদ্ধিৎ প্রত্যয় (আৰ, আৰি)
গাঁৱলীয়া- গাঁও + অলীয়া, তদ্ধিৎ প্রত্যয়
(ছ) যথাস্থানত যতি চিহ্ন বহুওৱা ।
প্রণবে ক’লে আজি স্কুল খোলা আছেনে?
উত্তৰঃ
প্রণবে ক’লে, “আজি স্কুল খোলা আছেনে?”
(য) এটা শব্দত প্রকাশ কৰা (যিকোনো দুটা):
বিষ্ণুৰ ভকত যি তেওঁ, ৰান্ধি খাব পৰা কলৰ পুলি, একে মাতৃৰ গর্ভত জন্ম যাৰ, একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক ।
উত্তৰঃ
বিষ্ণুৰ ভকত যি তেওঁ- বিষ্ণুভকত
ৰান্ধি খাব পৰা কলৰ পুলি- পচলা
একে মাতৃৰ গর্ভত জন্ম যাৰ- সহোদৰ
একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক- অঘৰী
(ঝ) তলৰ যিকোনো দুটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা ।
ঋণ, বরুণ, ভূমিষ্ঠ, বিষয় ।
উত্তৰঃ
ঋণ- একেটা পদতে থকা ঋ, ৰ আরু ষ-ৰ পিছত থকা দন্ত্য ‘ন’, মূৰ্দ্ধন্য ‘ণ’ হয় ।
বরুণ- একেটা পদতে থকা ঋ, ৰ, ষ-ৰ পিছত থকা দন্ত্য ‘ন’, মূৰ্দ্ধন্য ‘ণ’ হয় ।
ভূমিষ্ঠ- ভূমি, গো, অংগু শব্দৰ পিছত থকা ‘স্থা’ শব্দৰ দন্ত্য ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয় ।
বিষয়- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ষ’ হয় । উদাহৰণ- বৰ্ষা, হৰ্ষ, বিষয়, বিশেষ আদি ।
২০১৮
১৪। তলৰ যি কোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখাঃ ২ x ৫ = ১০
(ক) তলত দিয়া যি কোনো দুটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
ত্রিফলা, উৰাজাহাজ, মাটিকঁঠাল, মৌচাক
উত্তৰঃ
ত্রিফলাঃ
ব্যাস বাক্য- ত্রি বা তিনি ফলৰ সমাহাৰ
সমাস- দ্বি বা দ্বিগুণ সমাস
উৰাজাহাজঃ
ব্যাস বাক্য- উৰা যি জাহাজ
সমাস- কৰ্মধাৰয় সমাস
মাটিকঁঠালঃ
ব্যাস বাক্য- মাটি আরু কঁঠাল
সমাস- ইতৰেতৰ দ্বন্দ্ব সমাস
মৌচাকঃ
ব্যাস বাক্য- মৌৰ চাক
সমাস- ষষ্ঠী তৎপুরুষ সমাস
(খ) তলৰ যি কোনো দুটা শব্দৰ সন্ধি ভাঙাঃ
সূৰ্যোদয়, যথেষ্ট, অন্বেষণ, ভাবুক
উত্তৰঃ
সূৰ্যোদয় = সূৰ্য + উদয়
যথেষ্ট = যথা + ইষ্ট
অন্বেষণ = অনু + এষণ
ভাবুক = ভৌ + উক
(গ) তলৰ জটিল বাক্যটি সৰল বাক্যলৈ পৰিবৰ্তন করাঃ
যদি পৰিশ্রম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা ।
উত্তৰঃ পৰিশ্রম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা ।
(ঘ) তলৰ যি কোনো দুটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখাঃ
প্রণাম, পৰায়ণ, ঋষভ, সুষম ।
উত্তৰঃ
প্রণামঃ ঋ, ৰ আরু ষৰ পিছত দন্ত ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয় ।
পৰায়ণঃ উত্তৰ, দক্ষিণ, চান্দ্র, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা ‘অয়ন’ শব্দৰ দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয় ।
ঋষভঃ অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্রত্যয়ৰ ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয় ।
সুষমঃ সু আরু বি উপসৰ্গৰ পিছত থকা ‘সম’ শব্দৰ ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয় ।
(ঙ) যথাস্থানত যতি চিহ্ন বহুওৱাঃ
হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা
উত্তৰঃ হে ভগৱান, মই বিপদত পৰিছোঁ; মোক ৰক্ষা কৰা ।
(চ) তলৰ যি কোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা করাঃ
খাই পাত ফলা, আলাসৰ লাড়ু, ন দি ক, ভিৰাই লৰ মাৰ ।
উত্তৰঃ
খাই পাত ফলা (অশলাগী, উপকাৰ স্বীকাৰ নকৰা)- খাই পাত ফলা মানুহক সমাজত প্রায় লোকে ভাল নাপায় ।
আলাসৰ লাড়ু (অতি মৰমৰ)- নয়না মাক-দেউতাকৰ একমাত্র আলাসৰ লাড়ু ।
ন দি ক (ডাঠি ক)- এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিবি নে নাই, সেইটো ন দি ক ।
ভিৰাই লৰ মাৰ (বেগাই দৌৰা)- সেনাৰ (আৰ্মিৰ) ৰেলীসমূহত ভিৰাই লৰ মাৰিলেহে সফল হ’ব পাৰি ।
(ছ) তলৰ যি কোনো দুটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখাঃ
পার্থক্য, দ্রুত, উচ্ছৃঙ্খল, স্থাৱৰ
উত্তৰঃ
পার্থক্য- সমার্থক, একে,
দ্রুত- মন্থৰ
উচ্ছৃঙ্খল- শৃঙ্খল
স্থাৱৰ- অস্থাৱৰ, জংগম
(জ) এটা শব্দত প্রকাশ কৰা (যি কোনো দুটা)
পনীয়া গাখীৰ দিয়া গাই, যি একেলগে পঢ়ে, যাক মূল্য দি কিনিব নোৱাৰি, যাক পৰিত্যাগ কৰিব নোৱাৰি ।
উত্তৰঃ
পনীয়া গাখীৰ দিয়া গাই- জলাহী
যি একেলগে পঢ়ে- সহপাঠী
যাক মূল্য দি কিনিব নোৱাৰি- অমূল্য
যাক পৰিত্যাগ কৰিব নোৱাৰি- অপৰিহাৰ্য বা অপৰিত্যাজ্য
(ঝ) তলৰ যি কোনো দুটা শব্দত কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱাঃ
ভাৱৰীয়া, বাটরুৱা, কঁহাৰ, উতলা
উত্তৰঃ
ভাৱৰীয়া- ভাও + অৰীয়া, তদ্ধিত প্রত্যয়
বাটরুৱা- বাট + অরুৱা, তদ্ধিত প্রত্যয়
কঁহাৰ- কাঁহ + আৰ, তদ্ধিত প্রত্যয় (আৰ, আৰি)
উতলা- উতল + আ, তদ্ধিত প্রত্যয়
২০১৯
১৪। তলৰ যি কোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখাঃ ২ x ৫ = ১০
(ক) তলত দিয়া যি কোনো দুটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
পঞ্চাঙ্গুল; যোগভ্রষ্ট; শতাব্দী
উত্তৰঃ পঞ্চাঙ্গুলঃ
ব্যাসবাক্য- পঞ্চ আঙ্গুলিৰ সমাহাৰ বা পাঁচটা/পাঁচোটা আঙুলিৰ সমাহাৰ (বৃদ্ধ বা বুঢ়া, তৰ্জনী, মধ্যমা, অনামিকা আরু কনিষ্ঠ আঙুলি)
সমাস- দ্বিগু সমাস,
যোগভ্রষ্টঃ
ব্যাসবাক্য- যোগৰ পৰা ভ্রষ্ট
সমাস- পঞ্চমী তৎপুরুষ সমাস
শতাব্দীঃ
ব্যাসবাক্য- শত(এশ) অব্দৰ সমাহাৰ
সমাস- দ্বিগু সমাস
(খ) তলৰ যি কোনো দুটা শব্দৰ সন্ধি ভাঙাঃ
হিমালয়; ষড়ানন; সঞ্চয়
উত্তৰঃ
হিমালয় = হিম + আলয়
ষড়ানন = ষড় + আনন
সঞ্চয় = সম্ + চয়
(গ) তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন করাঃ
সঁচা কথা ক’বা, তেতিয়া সকলোৱে মৰম কৰিব ।
উত্তৰঃ
সঁচা কথা ক’লে তোমাক সকলোৱে মৰম কৰিব ।
(ঘ) তলত দিয়া যি কোনো দুটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখাঃ
স্পষ্ট; ঘণ্টা; কৃষ্ণ ।
উত্তৰঃ
স্পষ্ট- ‘ট’-বৰ্গৰ সৈতে যুক্ত(যোগ হ’লে) দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয় ।
ঘণ্টা- ট-বর্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয় ।
কৃষ্ণ- একেটা পদতে থকা ঋ, ৰ, ষ-ৰ পিছত থকা দন্ত্য ‘ন’, মূৰ্দ্ধন্য ‘ণ’ হয় ।
(ঙ) যথাস্থানত যতি চিহ্ন বহুওৱাঃ
তেওঁ ক’লে মনত ৰাখিবাঁ তুমি অসমৰ বীৰ সন্তান
উত্তৰঃ তেওঁ ক’লে, “মনত ৰাখিবাঁ, তুমি অসমৰ বীৰ সন্তান ।”
(চ) তলৰ যি কোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা করাঃ
জয় দেউ কাকূতি; ঊনৈশত বা বলা; ঠেরু ছিগা
উত্তৰঃ
জয় দেউ কাকূতি (একাগ্রভাৱে কৰা কাকূতি)- ছাত্রজনে নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰি শিক্ষকৰ ওচৰত জয় দেউ কাকূতি কৰিলে ।
ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা)- ল’ৰাজনে যেনেকৈ হে ঊনৈশত বা বলাই ফুৰিছে, যেন সি প্রৱেশিকাত অসমৰ ভিতৰত প্রথম স্থান পালে ।
ঠেরু ছিগা (নিৰাশ্রয়)- মাক-দেউতাক দুয়ুজনৰ মৃত্যু হোৱাত ঠেরু ছিগা ছোৱালীজনৰ এতিয়া অৱস্থাই নাই ।
(ছ) তলৰ যি কোনো দুটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখাঃ
বিস্তৃত; প্রাচ্য; আৰ্বিভাৱ ।
উত্তৰঃ
বিস্তৃত – সংক্ষিপ্ত
প্রাচ্য – পাশ্চাত্য
আৰ্বিভাৱ – তিৰোভাৱ, অন্তৰ্দ্ধান
(জ) এটা শব্দত প্রকাশ কৰা (যি কোনো দুটা)
ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি; ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত; নেজ নসৰা বেঙৰ পোৱালি
উত্তৰঃ
ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি – বুধিয়ক
ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত – প্রাতঃ স্মৰণীয়
নেজ নসৰা বেঙৰ পোৱালি – লালুকী
(ঝ) তলৰ যি কোনো দুটা শব্দত কি প্রত্যয় লগ লাগিছে, ভাঙি দেখুওৱা ।
যুঁজারু; নাচনিয়াৰ; লেখক ।
উত্তৰঃ
যুঁজারু- যুঁজ + আরু, কৃৎ প্রত্যয়
নাচনিয়াৰ- নাচ্ + অনীয়াৰ, কৃৎ প্রত্যয়
লেখক- লেখ্ + অক, কৃৎ প্রত্যয়
২০২০
১৫। (ক) তলত দিয়া যিকোনো এটাৰ ব্যাসবাক্য সহ সমাসৰ নাম লিখাঃ ১
পঞ্চাঙ্গুল, স্বায়ত্বশাসন
উত্তৰঃ পঞ্চাঙ্গুলঃ
ব্যাসবাক্য- পঞ্চ আঙ্গুলিৰ সমাহাৰ বা পাঁচটা/পাঁচোটা আঙুলিৰ সমাহাৰ (বৃদ্ধ বা বুঢ়া, তৰ্জনী, মধ্যমা, অনামিকা আরু কনিষ্ঠ আঙুলি)
সমাস- দ্বিগু সমাস,
স্বায়ত্বশাসনঃ
ব্যাসবাক্য- স্বায়ত্ব (স্ব বা নিজৰ) যি শাসন
সমাস- কৰ্মধাৰয় সমাস
(খ) তলত দিয়া যিকোনো এটা শব্দৰ সন্ধি ভাঙাঃ ১
হিতৈষী, শীতাৰ্ত
উত্তৰঃ হিতৈষী= হিত + এষী
শীতাৰ্ত = শীত + ঋত
(গ) তলত দিয়া যিকোনো এটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখাঃ ১
চান্দ্রায়ণ, দুৰ্বিষহ
উত্তৰঃ
চান্দ্রায়ণ- উত্তৰ, দক্ষিণ, চান্দ্র, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা ‘অয়ন’ শব্দৰ দন্ত ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয় ।
দুৰ্বিষহ- অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্রত্যয়ৰ ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয় ।
(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখাঃ ১
স্ততি, সুষুপ্তি
উত্তৰঃ
স্ততি – নিন্দা
সুষুপ্তি (গভীৰ নিদ্রা) – জাগ্রত বা জাগৰণ
(ঙ) এটা শব্দত প্রকাশ করাঃ (যিকোনো এটা) ১
কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ, চুহি খাব লগা বস্তু
উত্তৰঃ
কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ - সঁজাতি
চুহি খাব লগা বস্তু – পেয়
(চ) তলৰ যিকোনো এটা শব্দ কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱাঃ ১
কপহুৱা, গভাইত
উত্তৰঃ
কপহুৱা- কপাহ + উৱা, তদ্ধিত প্রত্যয়
গভাইত-গভ + ইত, তদ্ধিত প্রত্যয়
(ছ) সৰল বাক্য, মিশ্র বাক্য আরু যৌগিক বাক্য কাক বোলে? প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া । ২
উত্তৰঃ
সৰল বাক্যঃ
যিসমূহ বাক্যত এটা মাত্র কর্তা (Subject) আরু এটা সমাপিকা ক্রিয়া (Finite Verb) থাকে, সেইবোৰ বাক্যকে সৰল বাক্য বোলে ।
উদাহৰণ- মই এতিয়া লিখি আছো ।
মিশ্র বা জটিল বাক্যঃ
যিসমূহ বাক্যত এটা প্রধান বাক্য থকাৰ উপৰিও এটা বা তাতকৈ অধিক অপ্রধান বাক্য সংলগ্ন হৈ থাকে, সেইবোৰ বাক্যক মিশ্র বা জটিল বাক্য বোলে ।
উদাহৰণ- মই যেতিয়া সিহঁতৰ ঘৰলৈ গৈছিলো, সি তেতিয়া অসমীয়া ব্যাকৰণ পঢ়ি আছিল, তাৰ লগতে ময়ো সহযোগ কৰিলো ।
যৌগিক বাক্যঃ
যিসমূহ বাক্যত দুটা বা তাতকৈ অধিক বাক্য অব্যয়ৰ (Connective or Interjections) জৰিয়তে সংলগ্ন হৈ থাকে, তেনেবোৰ বাক্যকে যৌগিক বাক্য বোলে ।
উদাহৰণঃ মই পঢ়ি আছো আরু মোৰ ভাইটিয়ে লিখি আছে ।
(জ) তলৰ যিকোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা করাঃ ২
কাণ সৰালি মাৰ, চকুৰ কুটা দাঁতৰ শাল, জয়দেউ কাকূতি
উত্তৰঃ
কাণ সৰালি মাৰ (টলকা মাৰি শুনি থাক)- ছাৰে কোৱা কথাবোৰ টলকা মাৰি শুনি থাক ।
চকুৰ কুটা দাতৰ শাল (পৰম শত্রু)- মাহীমাকজনীৰ আবে সেই ল’ৰাজন চকুৰ কুটা দাঁতৰ শালহে যেন ।
জয় দেউ কাকূতি (একাগ্রভাৱে কৰা কাকূতি)- ছাত্রজনে নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰি শিক্ষকৰ ওচৰত জয় দেউ কাকূতি কৰিলে ।
2021
(Special Examination), Previous Year
১৬। (ক) তলৰ যি কোনো এটা শব্দৰ সন্ধি ভাঙাঃ
দিগন্ত; উল্লাস; মনোযোগ ।
উত্তৰঃ
দিগন্ত = দিক্ + অন্ত ,
উল্লাস = উৎ + লাস ,
মনোযোগ = মনঃ + যোগ
(খ) তলৰ যি কোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
বাৰমাহী; গুপ্তচৰ ; আমি ।
উত্তৰঃ
বাৰমাহী = বাৰ মাহৰ সমাহাৰ, দ্বিগু সমাস ।
গুপ্তচৰ = গুপ্তভাৱে চৰে বা ফুৰে যি, (গুপ্ত + চৰ্ + অ), উপপদ সমাস (নিত্য সমাস)
আমি = মই, তুমি, সি বা তাই, আরু এক বা ততোধিক ব্যক্তিৰ সমাহাৰ (সমষ্টি), একশেষ দ্বন্দ্ব সমাস ।
(গ) তলত দিয়া যি কোনো এটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখাঃ
নিৰ্ণয়; ঋণ; পৰিষ্কাৰ
উত্তৰঃ
নিৰ্ণয় - একেটা পদতে থকা ঋ, ৰ, আরু ষ-ৰ পিছত দন্ত্য ন, মূৰ্দ্ধন্য ণ হয় ।
ঋণ - একেটা পদতে থকা ঋ, ৰ, আরু ষ-ৰ পিছত দন্ত্য ন, মূৰ্দ্ধন্য ণ হয় ।
পৰিষ্কাৰ - অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ –ৰ পাছত থকা প্রত্যয়ৰ স মূৰ্দ্ধন্য ষ হয় ।
(ঘ) যথাস্থানত যতি চিহ্ন বহুওৱা ।
উঃ কি ৰ’দ
উত্তৰঃ উঃ! কি ৰ’দ ।
(ঙ) তলৰ যি কোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখাঃ
স্থাৱৰ; তিৰস্কাৰ; বিৰাট
উত্তৰঃ
স্থাৱৰ – অস্থাৱৰ, জংগম ।
তিৰস্কাৰ – পুৰস্কাৰ ।
বিৰাট – ক্ষুদ্র (ছোট বা সরু) ।
(চ) এটা শব্দত প্রকাশ কৰা (যি কোনো এটা)
পথৰ পৰা যি বিচলিত হৈছে; নোহোৱা বস্তু যি উলিয়ায়; মাটিৰে নিৰ্মিত ।
উত্তৰঃ
পথৰ পৰা যি বিচলিত হৈছে – পথভ্রষ্ট ৷
নোহোৱা বস্তু যি উলিয়ায় – আৱিষ্কাৰক, আৱিষ্কৰ্তা, উদ্ভাৱক ৷
মাটিৰে নিৰ্মিত – মৃন্ময় ৷
(ছ) তলত দিয়া বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰাঃ
যিজনে মিছা কয়, তাক সকলোৱে বেয়া পায় ।
উত্তৰঃ মিছা কোৱা জনক সকলোৱে বেয়া পায় ।
(জ) তলৰ যি কোনো দুটা শব্দৰ অর্থ প্রকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰাঃ
বাটে পোৱালি মেলা; আলাসৰ লাডু ।
উত্তৰঃ
বাটে পোৱালি মেলা (উপাৰ্জনৰ পথ মুকলি হোৱা): ইমানখিনি পঢ়ি-শুনি অৱশেষত ৰমেনৰ চাকৰিটো হোৱাত তাৰ বাটে পোৱালি মেলিলে যেন পাইছোঁ ।
আলাসৰ লাডু (অতি মৰমৰ): চাৰিজনী ছোৱালীৰ পিছত ল’ৰাটি হোৱাত সকলোৱে তাক আলাসৰ লাডু যেন জ্ঞান কৰে ।
২৭। (ক) তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ
এইখন দশমমান শ্রেণীৰ পাঠ্য ।
উত্তৰঃ এইখন দশম শ্রেণীৰ পাঠ্য ।
(খ) তলত দিয়া শব্দ দুটাৰ একোটাকৈ সমার্থক শব্দ লিখাঃ
পদুম ; ঘোঁৰা ।
উত্তৰঃ
পদুম – পদ্ম, কমল, পংকজ ।
ঘোঁৰা – অশ্ব ।
(গ) তলত দিয়া শব্দ দুটাৰ বিপৰীত লিঙ্গ লিখাঃ
তাৱৈ ; গোহাঁই ।
উত্তৰঃ
তাৱৈ – আমৈ, তাৱৈনী ।
গোহাঁই – গোহাঁইনী ।
(ঘ) তলত দিয়া যি কোনো তিনিটা শব্দৰ আধুনিক রূপ লিখা ।
পুহাইল ; খেড়ি ; কটাহ ; শুতিয়া ।
উত্তৰঃ
পুহাইল – পুৱাল, পুৱালে ।
খেড়ি – খেলা ।
কটাহ – ঢাকনি, আৱৰণ ।
শুতিয়া – শুই ।
SECTION- B GRAMMAR
2021(SPECIAL Examination OR PREVIOUS YEAR) TO 2015:
2021 SPECIAL EXAMINATION, PREVIOUS:
২৭। (ক) তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ
এইখন দশমমান শ্রেণীৰ পাঠ্য ।
উত্তৰঃ এইখন দশম শ্রেণীৰ পাঠ্য ।
(খ) তলত দিয়া শব্দ দুটাৰ একোটাকৈ সমার্থক শব্দ লিখাঃ
পদুম ; ঘোঁৰা ।
উত্তৰঃ
পদুম – পদ্ম, কমল, পংকজ ।
ঘোঁৰা – অশ্ব ।
(গ) তলত দিয়া শব্দ দুটাৰ বিপৰীত লিঙ্গ লিখাঃ
তাৱৈ ; গোহাঁই ।
উত্তৰঃ
তাৱৈ – আমৈ, তাৱৈনী ।
গোহাঁই – গোহাঁইনী ।
(ঘ) তলত দিয়া যি কোনো তিনিটা শব্দৰ আধুনিক রূপ লিখা ।
পুহাইল ; খেড়ি ; কটাহ ; শুতিয়া ।
উত্তৰঃ
পুহাইল – পুৱাল, পুৱালে ।
খেড়ি – খেলা ।
কটাহ – ঢাকনি, আৱৰণ ।
শুতিয়া – শুই ।
2020
২৪। (ক) তলৰ যিকোনো এটা শব্দৰ আধুনিক রূপ লিখাঃ
উতাৰৰল, তাসম্বাক
উত্তৰঃ
উতাৰৰল – হৰণ কৰিলে ।
তাসম্বাক - তেওঁলোকক ।
(খ) তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ
তুমি কালি যেনেতেনে যাবা ।
উত্তৰঃ তুমি কালিলৈ যেনেতেনে যাবা ।
(গ) তলৰ শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখাঃ
মুখ, স্বামী
উত্তৰঃ
মুখ – বদন, আনন ।
স্বামী – পতি ।
২৫। অনুসৰ্গ কাক বোলে? এটা উদাহৰণ দি বাক্যত প্রয়োগ কৰি দেখুওৱাঃ
উত্তৰঃ
যিবোৰ বৰ্ণসমষ্টি ক্রিয়া বা আন পদৰ পিছত বহি সেইবোৰৰ অৰ্থ বিশেষভাৱে দেখুৱায়, সিঁহতক অনুসৰ্গ বোলে ।
উদাহৰণ আরু বাক্যঃ
অসমীয়াত ভাষাত ব্যৱহৃত অনুসৰ্গ কিছুমান হ’ল- চোন, হ’বলা, হঁক, হি আদি ।
চোন – তুমি আজি আমাৰ ঘৰলৈ এবাৰ আহিবাচোন ।
হ’বলা – সি আজি আহিব হ’বলা ।
হঁক – এতিয়া আমি খেলোঁহঁক ।
হি – তাই এইমাত্র পালেহি ।
নাইবাঃ
উপসৰ্গ কাক বোলে? এটা উদাহৰণ দি বাক্যত প্রয়োগ কৰি দেখুওৱাঃ
উত্তৰঃ
যিবোৰ বৰ্ণসমষ্টি বা অব্যয় কোনো ধাতুৰ আগত বহি সেইবোৰৰ অৰ্থ বিশেষভাৱে আরু বিভিন্ন অর্থ প্রকাশ কৰি দেখুৱায়, সিঁহতক উপসৰ্গ বোলে । উপসৰ্গ এবিধ অব্যয় আরু ইহঁতে নিজে কোনো অৰ্থ প্রকাশ কৰিব নোৱাৰে, আন ধাতুৰ লগত যুক্ত বা যোগ হৈহে অৰ্থ প্রকাশ কৰে । অসমীয়াত ভাষাত ব্যৱহৃত কিছুমান উপসৰ্গ হ’ল- প্র, পৰা, অপ, অনু আদি ।
উদাহৰণ আরু বাক্যঃ
প্র – প্রশংসা, প্রমাণ । বাক্যঃ ভাল কামৰ বাবে সকলোৱে প্রশংসা কৰে ।
পৰা – পৰাজয়, পৰাক্রম । বাক্যঃ লাচিতে মোগলৰ ওচৰত পৰাজয় স্বীকাৰ নকৰি পৰাক্রমেৰে যুঁজিছিল ।
অপ – অপবাদ, অপমান । বাক্যঃ কৃষ্ণই যশোদাৰ অপবাদ নাশ কৰিছিল ।
অনু – অনুমান, অনুকাৰ । বাক্যঃ মই অনুমান কৰিছো যে তোমালোক সকলোৱে কৃতকাৰ্য হ’বা ।
2019
২৩। তলত দিয়া যি কোনো দুটা শব্দৰ আধুনিক রূপ লিখাঃ
সুজান ; তাসম্বাক ; হাৰলি
উত্তৰঃ
সুজান – তীক্ষ্ণ ।
তাসম্বাক – তেওঁলোকক ।
হাৰলি – অতি মৰমৰ ।
২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ
বিহুত তোমাক গামোচা এখন পঠিয়াম ।
উত্তৰঃ
বিহুত তোমালৈ এখন গামোচা পঠিয়াম ।
২৫। ‘হঁক’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা ।
উত্তৰঃ
হঁক – এতিয়া আমি খেলোঁহঁক ।
২৬। তলৰ শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখাঃ
তৰঙ্গ ; কুসুম ।
উত্তৰঃ
তৰঙ্গ – ঢৌ , লহৰ ।
কুসুম – ফুল, পুষ্প ।
2018:
২৩। তলত দিয়া যি কোনো দুটা শব্দৰ আধুনিক রূপ লিখাঃ
তৰণে, উতপাটক, বিগুটিয়া ।
উত্তৰঃ
তৰণে – পাৰ হ’বলৈ ।
উতপাটক – নিৰ্মূলকাৰী ।
বিগুটিয়া – ঠাট্টা কৰা ।
২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ
তোমাৰ দেউতা আহিছে ।
উত্তৰঃ তোমাৰ দেউতাৰা আহিছে ।
২৫। ‘হ’বলা’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা ।
উত্তৰঃ
হ’বলা – সি আজি আহিব হ’বলা ।
২৬। তলৰ শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখাঃ
পদুম , ঘাঁহ ।
উত্তৰঃ
পদুম – পদ্ম, কমল, পংকজ ।
ঘাঁহ – তৃণ , বন ।
২০১৭
২৩। তলতা দিয়া যিকোনো দুটা শব্দৰ আধুনিক রূপ লিখাঃ
যাকেৰি, উতপাড়ে, মোড়ল ।
উত্তৰঃ
যাকেৰি – যাৰ ।
উতপাড়ে – উঘালে ।
মোড়ল – মোহাৰিলে ।
২৪।। তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ
মই কালি তেজপুৰ যাম ।
উত্তৰঃ
মই কালিলৈ তেজপুৰলৈ যাম ।
২৫। ‘চোন’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা ।
উত্তৰঃ
চোন – তুমি আজি আমাৰ ঘৰলৈ এবাৰ আহিবাচোন ।
২৬। তলৰ শব্দ দুটাৰ সমাৰ্থক শব্দ লিখাঃ
পক্ষী , কামিনী ।
উত্তৰঃ
পক্ষী – চৰাই ।
কামিনী – নাৰী ।
2016
২৩। তলত দিয়া শব্দবোৰৰ আধুনিক রূপ লিখাঃ (যিকোনো দুটা)
পাতেক, যাকেৰি, বিগুটীয়া ।
উত্তৰঃ
পাতেক – পাপ ।
যাকেৰি – যাৰ ।
বিগুটীয়া – ঠাট্টা কৰা ।
২৪। তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ
মই তোমাক ৰখি থাকিম ।
উত্তৰঃ
মই তোমালৈ অপেক্ষা কৰি থাকিম ।
বা
মই তোমালৈ ৰৈ থাকিম ।
২৫। উপসৰ্গ আরু অনুসৰ্গৰ সূত্র লিখি একোটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ
যিবোৰ বৰ্ণসমষ্টি ক্রিয়া বা আন পদৰ পিছত বহি সেইবোৰৰ অৰ্থ বিশেষভাৱে দেখুৱায়, সিঁহতক অনুসৰ্গ বোলে ।
উদাহৰণ আরু বাক্যঃ
অসমীয়াত ভাষাত ব্যৱহৃত অনুসৰ্গ কিছুমান হ’ল- চোন, হ’বলা, হঁক, হি আদি ।
চোন – তুমি আজি আমাৰ ঘৰলৈ এবাৰ আহিবাচোন ।
হ’বলা – সি আজি আহিব হ’বলা ।
হঁক – এতিয়া আমি খেলোঁহঁক ।
হি – তাই এইমাত্র পালেহি ।
নাইবাঃ
উপসৰ্গ কাক বোলে? এটা উদাহৰণ দি বাক্যত প্রয়োগ কৰি দেখুওৱাঃ
উত্তৰঃ
যিবোৰ বৰ্ণসমষ্টি বা অব্যয় কোনো ধাতুৰ আগত বহি সেইবোৰৰ অৰ্থ বিশেষভাৱে আরু বিভিন্ন অর্থ প্রকাশ কৰি দেখুৱায়, সিঁহতক উপসৰ্গ বোলে । উপসৰ্গ এবিধ অব্যয় আরু ইহঁতে নিজে কোনো অৰ্থ প্রকাশ কৰিব নোৱাৰে, আন ধাতুৰ লগত যুক্ত বা যোগ হৈহে অৰ্থ প্রকাশ কৰে । অসমীয়াত ভাষাত ব্যৱহৃত কিছুমান উপসৰ্গ হ’ল- প্র, পৰা, অপ, অনু আদি ।
উদাহৰণ আরু বাক্যঃ
প্র – প্রশংসা, প্রমাণ । বাক্যঃ ভাল কামৰ বাবে সকলোৱে প্রশংসা কৰে ।
পৰা – পৰাজয়, পৰাক্রম । বাক্যঃ লাচিতে মোগলৰ ওচৰত পৰাজয় স্বীকাৰ নকৰি পৰাক্রমেৰে যুঁজিছিল ।
অপ – অপবাদ, অপমান । বাক্যঃ কৃষ্ণই যশোদাৰ অপবাদ নাশ কৰিছিল ।
অনু – অনুমান, অনুকাৰ । বাক্যঃ মই অনুমান কৰিছো যে তোমালোক সকলোৱে কৃতকাৰ্য হ’বা ।
২৬। সমাৰ্থক শব্দ লিখাঃ
জুই, নিপুণ
উত্তৰঃ
জুই – অগ্নি, বহ্নি ।
নিপুণ – পাকৈত, পাৰ্গত ।
2015
২১। তলৰ যি কোনো দুটা শব্দৰ অৰ্থ লিখা ।
কাণ্ড, চৌপৰ, ৰজনী
উত্তৰঃ
কাণ্ড – অধ্যায়, ভাগ ।
চৌপৰ – চাৰি পহৰ ।
ৰজনী – ৰাতি ।
২২। তলৰ যি কোনো এটা অশুদ্ধ বাক্য শুধৰাই লিখা ।
(ক) তোমাৰ মা ঘৰত আছেনে?
উত্তৰঃ তোমাৰ মাৰা ঘৰত আছেনে?
(খ) তুমি মোক কিয় এইদৰে গালি দিছা ?
উত্তৰঃ তুমি মোক কিয় এইদৰে গালি পাৰিছা ?
২৩। তলৰ প্রশ্ন দুটাৰ অৰ্থ লিখাঃ
(ক) ‘সম্’ উপসৰ্গযুক্ত হোৱা দুটা শব্দ লিখা ।
উত্তৰঃ সম – সমতা আরু সমদল ।
(খ) ‘দেই’ অনুসৰ্গৰ প্রয়োগ দেখুৱাই এটি বাক্য লিখা ।
উত্তৰঃ তুমি কালিলৈ আমাৰ ঘৰলৈ আহিবা দেই ।
২৪। সমাৰ্থক শব্দ লিখা (যি কোনো এটা)
(ক) পদুম
(খ) জুই
উত্তৰঃ
(ক) পদুম – পদ্ম, কমল ।
(খ)জুই – অগ্নি, বহ্নি ।
২৫। তলত দিয়া শব্দবোৰৰ আধুনিক রূপ লিখা (যি কোনো এটা)
(ক) শুতিয়া
(খ) পাশ
(গ) হন্তে
উত্তৰঃ
(ক) শুতিয়া – শুই ।
(খ) পাশ – কাষ ।
(গ) হন্তে – পৰা ।
2021 SPECIAL EXAMINATION, PREVIOUS YEAR
২৭ (খ)। তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি বিদ্যালয়ত চাৰিদিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটী মঞ্জুৰিৰ বাবে এখন আবেদন পত্র লিখা । (আবেদন পত্রত তোমাৰ, নাম ঠিকনা উল্লেখ নকৰিব)
উত্তৰঃ
প্রতি তাৰিখঃ ১৩-০২-২০২১
মাননীয় প্রধান অধ্যক্ষ/প্রধান অধ্যাপক মহোদয়,
ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বিৰয়ঃ ছুটী মঞ্জুৰিৰ বাবে আবেদন
মহাশয়,
সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে ৯-০২-২০২১ ৰ পৰা ১২-০২-২০২১ তাৰিখলৈকে অত্যন্ত জ্বৰ আরু কলেৰা বেমাৰ হোৱাৰ বাবে মই বিদ্যালয়ত অনুপস্থিত আছিলো । প্রথমে মোৰ অতিপাত জ্বৰ হৈছিল আরু পাছলৈ ডক্তৰে কলেৰা বেমাৰো হোৱা বুলি অবগত কৰে । আশা কৰিছিলো সেই বেমাৰ অতি সোনকালে শেৰ হ’ব । কিন্তু, চাৰিদিন পৰ্যন্ত মই হাস্পতালত কটাব লগীয়া হ’ল ।
সেয়েহে, দয়ালু মহোদয়ে এই চাৰিদিন মোক ছুটি দি মঞ্জুৰ কৰেযেন ।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী
ক
শ্রেণীঃ দশম,
ৰোল নং -১
শাখা – ক,
2020:
(খ) তোমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি ছাত্র-ছাত্রী একতাত সভাৰ সম্পাদক/সম্পাদিকা হিচাপে এখন আবেদন লিখা ।
অথবাঃ
২০১৯
তোমাৰ বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আরু প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)
উত্তৰঃ
প্রতি তাৰিখঃ ১৩-০২-২০২১
মাননীয় প্রধান অধ্যক্ষ/প্রধান অধ্যাপক মহোদয়,
ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বিৰয়ঃ খেল ধেমালিৰ অধিক সা-সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে আবেদন (২০২০) / বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আরু প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি আবেদন(২০১৯)
মহাশয়,
সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ বাবে এক নিম্ন মানদণ্ডৰ খেল ধেমালিৰ ব্যৱস্থা আছে । বহিঃবিভাগৰ খেলসমূহৰ বাবে আমাৰ বিদ্যালয়ত যিখন খেল পথাৰ আছে সেইখন বৰ্তমান ঠায়ে ঠায়ে গাত হৈ পৰিছে আরু মেৰামতিৰ প্রয়োজনীয়তা আহি পৰিছে । খেলাৰ সামগ্রীসমূহো পৰ্যাপ্ত নহয়, বিশেৰকৈ ফুটবল, ভলিবল, বেডমিন্টন, টেবুল টেনিছ, আদি বহিঃবিভাগৰ খেলসমূহৰ সামগ্রীৰ বহু অভাৱ আছে । লগতে, খেলবোৰ নিয়াৰিকৈ খেলাৰ বাবে ঠাই সমূহৰ সঠিক নিৰ্ধাৰণৰো প্রয়োজন । তাৰোপৰি, এই সকলো খেলাৰ সা-সামগ্রী আরু সু-ব্যৱস্থাপনা কৰি ‘বছৰেকীয়া খেল-ধেমালী’ প্রতিযোগিতা অনুষ্ঠিত কৰাব লাগে ।
সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিয়ে যেন আরু অতি সোনকালে এখন খেলৰ প্রতিযোগিতা অনুষ্ঠিত কৰিবলৈ সন্মতি প্রদান কৰেযেন ।
ইতি
আপোনাৰ একান্ত বিশ্বাসী
ক
সম্পাদক/সম্পাদিকা,
ছাত্র-ছাত্রী একতা সভা / খেল বিভাগ
২০১৮
তোমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ পুথিভঁৰালৰ অভাবৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি ছাত্র-ছাত্রী একতা সভাৰ সম্পাদক / সম্পাদিকা হিচাপে এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)
উত্তৰঃ
প্রতি তাৰিখঃ ১৩-০২-২০২১
মাননীয় প্রধান অধ্যক্ষ/প্রধান অধ্যাপক মহোদয়,
ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বিৰয়ঃ পুথিভঁৰালৰ অভাবসমূহ দূৰ কৰি অধিক সা-সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে আবেদন
মহাশয়,
সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ বাবে এক নিম্ন মানদণ্ডৰ পুথিভঁৰালৰ ব্যৱস্থা আছে । পুথিভঁৰালটোৰ লাগতিয়াল আরু সকলো ছাত্র-ছাত্রীয়ে পঢ়িব পৰাকৈ পৰ্যাপ্ত কিতাপৰ ব্যৱস্থা নাই । যিবোৰ কিতাপ উপলব্ধ আছে, সেইবোৰৰ বহুতৰে কম সংখ্যক উপলব্ধ আছে আরু বহুতো কিতাপ পুৰণি হৈ জহি-খহি গৈছে । পুথিভঁৰালটোত বহাৰ সা-সুবিধাও তেনেই ঠেক । লগতে, লাইট আরু ফেনসমূহো অচল অৱস্থাত আছে ।
সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ বাবে পুথিভঁৰালটো পুনৰ মেৰামতি কৰি, পুথিভঁৰালৰ সা-সৰঞ্জামৰ সু-ব্যৱস্থা কৰি আরু পৰ্যাপ্ত কিতাপৰ যোগান মজুত কৰি এক সুস্থ আরু সবল পুথিভৰাল গঢ়ি তুলেযেন । ।
ইতি
আপোনাৰ একান্ত বিশ্বাসী
ক
সম্পাদক/সম্পাদিকা,
ছাত্র-ছাত্রী একতা সভা
২০১৭
তোমাৰ শিক্ষানুষ্ঠানৰ কাৰতে থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলৰ কিছুসংখ্যক অৱসৰপ্রাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনাব । সেই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ ঘণ্টাৰ পিছত ছুটী বিচাৰি, বিদ্যালয়ৰ অধ্যক্ষ/প্রধান শিক্ষককৈ এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)
উত্তৰঃ
প্রতি তাৰিখঃ ১৩-০২-২০২১
মাননীয় প্রধান অধ্যক্ষ / প্রধান অধ্যাপক মহোদয়,
ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বিৰয়ঃ চতুৰ্থ ঘণ্টাৰ পিছত ছুটী বিচাৰি আবেদন / অৰ্ধ ছুটীৰ বাবে আবেদন
মহাশয়,
সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ কাৰতে থকা স্থানীয় সংঘ, ‘কল্যাণ সমাজে’ আজি বিয়লি ১২.৪৫ মান বজাত আমাৰ অঞ্চলৰ কিছুসংখ্যক অৱসৰপ্রাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনাবৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে । আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলকো এই সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে । এই সভাত অৱসৰপ্রাপ্ত কৃতী শিক্ষকসকলে তেওঁলোকৰ জীৱনত কেনেকৈ কৃতকাৰ্য লাভ কৰিছে আরু কেনেকৈ আমাৰ জীৱন জ্ঞানৰ মাধ্যমেৰে সফল হ’ব পাৰি সেই সম্পর্কে ব্যক্ত আরু আলোচনা কৰিব ।
সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে সেই সভাত উপস্থিত থাকিবলৈ আজি চতুৰ্থ ঘণ্টাৰ পিছত ছুটী দি মঞ্জুৰ কৰেযেন ।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী
ক
শ্রেণীঃ দশম ।
২০১৬
তুমি পঢ়ি অহা প্রাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা । এই সভাত উপস্থিত থাকিবলৈ ৪ৰ্থ পিৰিয়ডৰ পিছত ছুটী বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ/প্রধান শিক্ষকলৈ এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)
উত্তৰঃ
প্রতি তাৰিখঃ ১৩-০২-২০২১
মাননীয় প্রধান অধ্যক্ষ / প্রধান অধ্যাপক মহোদয়,
ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বিৰয়ঃ চতুৰ্থ ঘণ্টাৰ পিছত ছুটী বিচাৰি আবেদন / অৰ্ধ ছুটীৰ বাবে আবেদন
মহাশয়,
সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আজি বিয়লি ১২.৪৫ মান বজাত আমি পঢ়ি অহা প্রাথমিক বিদ্যালয়, ‘জ্ঞানজ্যোতি এল. পি. স্কুল’ ৰ আজি সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা অনুষ্ঠিত কৰিছে । সেই বিদ্যালয়ত পঢ়ি অহা পুৰণি ছাত্র-ছাত্রী সকলকো এই সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে ।
সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে সেই সভাত উপস্থিত থাকিবলৈ আজি চতুৰ্থ ঘণ্টাৰ পিছত ছুটী দি মঞ্জুৰ কৰেযেন ।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী
ক
শ্রেণীঃ দশম ।
২০১৫
অসমীয়া বিৰয়ৰ দুই-এটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই । ইয়াৰ বাবে প্রয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্রধান শিক্ষকলৈ এখন আবেদন পত্র লিখা । (আবেদনত তোমাৰ নাম-ঠিকনা নিলিখিবা )
উত্তৰঃ
প্রতি তাৰিখঃ ১৩-০২-২০২১
মাননীয় প্রধান অধ্যক্ষ / প্রধান অধ্যাপক মহোদয়,
ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বিৰয়ঃ অতিৰিক্ত পাঠদানৰ ব্যৱস্থাৰ বাবে আবেদন
মহাশয়,
সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে অসমীয়া বিৰয়ৰ হৈ যোৱা দুই-এটা পাঠ মই ভালদৰে বুজি পোৱা নাই । সেই পাঠবোৰৰ পুনৰ এবাৰ আলোচনা নকৰিলে বুজাত আধরুৱা হৈ ৰ’ব । লগতে, পাঠসমূহৰ সারাংশ, শব্দ-অৰ্থ, ভাৰা বিৰয়ক আদি বহুতো বেমেজালি হৈ আছে । ইয়াৰ বাবে প্রয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰিলে মই আরু মোৰ দৰে আন ভালদৰে বুজি নোপোৱা ছাত্র-ছাত্রীসকলৰ বাবে পুনৰ ভালদৰে বুজি পোৱাত সুবিধা হ’ব ।
সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে প্রয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি ভালদৰে বুজি নোপোৱা পাঠবোৰ সুস্থিৰ ভাৱে বুজাত আরু জ্ঞান অৰ্জন কৰাত সুবিধা প্রদান কৰি দিয়েযেন ।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী
ক
শ্রেণীঃ দশম ।
2014
১২(খ) শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে পঢ়াৰ অসুবিধাৰ কথা জনাই, বৰ্তমান সময়ত বিদ্যুৎ কৰ্তন নকৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক এখন আবেদন লিখা ।
উত্তৰঃ
প্রতি তাৰিখঃ ১২-০১-২০১৫
মাননীয়,
বিদ্যুৎ যোগানৰ উপ-সংমণ্ডল বিষয়া মহোদয়ৰ সমীপেষু,
........(জিলা), অসম, ...... (পিন)
বিষয়ঃ সঘনাই বিদ্যুৎ কৰ্তন নকৰাৰ বাবে আবেদন
মহাশয়,
সন্মান সহকাৰে আপোনাক জনাওঁ যে বৰ্তমান আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে । শিক্ষান্ত পৰীক্ষাৰ আগত মই বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তন হৈছিল যাৰ বাবে পঢ়াৰ বহুত অসুবিধাৰ সন্মুখিন হ’ব লগা হৈছিল । বিদ্যুৎ নাথাকিলে পঢ়াৰ ক্ষেত্রত আমাৰ বহুত অসুবিধাৰ সন্মুখিন হওঁ । চাকিৰ পোহৰত পহিলে অতি সোনকালে আমাৰ টোপনি ধৰে । লগতে, চাকি বা মমবাতিৰ সহায়ত পঢ়িলে ভালদৰে মনিব নোৱৰাৰ বাবে ৰাতি আমাৰ চকুৱে জলক-টপক দেখা যায় ।
সেয়েহে, মহোদয়ক বিনম্রভাৱে অনুৰোধ জনাওঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকা এই সময়ছোৱাত যাতে সঘনাই বিদ্যুৎ কৰ্তন নকৰে, যাতে আমি সকলো শিক্ষাৰ্থী সুচারুরূপে পঢ়া-শুনা কৰিব পাৰো ।
ইতি
আপোনাৰ বিশ্বাসী
ক
শ্রেণীঃ দশম,
ৰোল নং-১
শাখা – ‘এ’
প্রতিবেদন লিখনঃ
2021 Special Examination, Previous Year,
(খ) তুমি দেখি থকা সমাজৰ যি কোনো এটা কু-সংস্কাৰৰ বিৰয়ে স্থানীয় বাতৰিকাকতত প্রকাশৰ বাবে এখন প্রতিবেদন যুগুত কৰা ।
উত্তৰঃ ‘জুৱা / তাচপাত খেল’
(এক সমাজঘাতক কু-সংস্কাৰ)
স্থানঃ নগাওঁ,
তাৰিখঃ ১৫-০১-২০২১
কু-সংস্কাৰ সমাজৰ এক আটাইতকৈ ডাঙৰ বুজা । ইয়াৰে ভিতৰত এক বৰ্তমান আমাৰ সমাজত চুকে-কোণে সকলোতে বিৰ বাষ্প বিয়পাই ফুৰা এক কু-সংস্কাৰ হৈছে- ‘জুৱা / তাচপাত খেল’। এই খেলবিধে সমাজৰ প্রায় সরুৰে পৰা ডাঙৰ বয়ো-বৃদ্ধ পৰ্যন্তলৈকে বেয়াকৈ প্রভাৱিত কৰিছে । আমাৰ নগাওঁ অঞ্চলৰ বহুলোকে এই খেলৰ মাধ্যমেৰে ধ্বংসৰ গৰাহত পৰিছে । বহুলোকে এইখেলৰ বাবে ধাৰ-ঋণ লৈ সেইবোৰ মাৰিব নোৱাৰি বিপাঙত পৰিছে । তাচপাত খেলাৰ বাবে আনকি বহুতে পত্নী / ঘৈনিয়েকৰ আ-অলংকাৰো বেচিছে । আনকি, মাটি-বাৰীয়ো বন্ধক বা বিক্রী কৰি এই খেলৰ বাবে টকা যোগাৰ কৰিছে । আমাৰ অঞ্চলৰ উঠি অহা বহুতো নৱ-প্রজন্মই এই বেয়া অভ্যাসটোত হাত দিছে । সেয়েহে, আইন-প্রশাসনে অতি শীঘ্রে এই তাচপাত খেল বন্ধ কৰিব লাগে আরু বিহিত ব্যৱস্থা ল’ব লাগে লগতে নৱ-প্রজন্ম আরু বয়ো-বৃদ্ধ সকলোকে এই নিছাৰ পৰা মুক্ত কৰিব লাগে । অন্যথা, ই সমাজত এক এৰাব নোৱৰা সমস্যাত অব্যাহত থাকিব ।
2020
১৬(গ)বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট-পথ, দলং দি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।
২০১৭
তোমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হোৱাত মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্রতিবেদন লিখা ।
উত্তৰঃ
“বানপানীৰ ফলত নলবাৰীত বিধ্বংসী পৰিস্থিতি”
স্থানঃ নলবাৰী,
তাৰিখঃ ১৬ ফেব্ৰুৱাৰী, ২০২০
এসপ্তাহ ধৰি নেৰানেপেৰা/অবিৰাম/নিৰন্তৰ বৰষুণ পৰাৰ বাবে সমগ্ৰ/সমগ্ৰ নলবাৰী অঞ্চল ভয়ংকৰ বানপানীৰ সৃষ্টি হয় । পাছত, বান পৰিস্থিতি সংকটজনক হৈ পৰিছিল আৰু পাগ্লাডিয়া নদীয়ে বেষ্টনী ভাঙিছিল । যাৰ বাবে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আরু ঠায়ে ঠায়ে গাত হৈ পৰিছে । বহুতো ঘৰ/জুপুৰি উটি গৈছে আৰু গোটেই অঞ্চলটোত বানপানীৰ ফলত পুহনীয়া জীৱ-জন্তুসমুহৰ সংৰক্ষণৰ দিশতো সমস্যাৰ সন্মুখিন হ’ব লগা হৈছে । চাৰিওদিশে পানী থকাৰ হেতুকে আরু যাতায়ত ব্যৱস্থা সূচনীয় হোৱাৰ বাবে খোৱা পানী আরু খাদ্যৰ বৃহৎ নাটনি হৈছে । অপৰিষ্কাৰ পানী সেৱন আরু ব্যৱহাৰ কৰাৰ ফলত ডায়েৰিয়া, জণ্ডিছ আদি বেমাৰে দেখা দিছে । কিন্তু, এতিয়ালৈকে স্থানীয় প্রশাসনে উচিত ব্যৱস্থা লোৱা নাই আরু সুস্থিৰ এক পৰিৱেশৰ প্রদান কৰাত ব্যৰ্থ হৈছে । অঞ্চলটোৰ বাট-পথ ছিন্ন-বিচ্ছিন্ন হৈছে । লগতে, অঞ্চলটোৰ সংযোগী প্রায়বোৰ দলং ভাঙি-চিঙি গৈছে । যাৰ ফলত, অঞ্চলটোৰ যাতায়ত ব্যৱস্থা প্রায় অচল অৱস্থা হৈ পৰিছে । সেয়েহে, অঞ্চলটোৰ নষ্ট হৈ যোৱা বাট-পথ, দলং আদি তৎকালীন মেৰামতিৰ বাবে অতি শীঘ্রে চৰকাৰ, জিলা প্ৰশাসক আরু স্থানীয় চৰকাৰী কৰ্তৃত্ব বৃন্দই সু-ব্যৱস্থা কৰিব লাগে, অন্যথা স্থানীয় জনসাধাৰণৰ পানীত হাহ নচৰা অৱস্থা হৈছে ।
২০১৯
বৰ্তমান অসমৰ বিদ্যালয়বোৰত শিক্ষাৰ পৰিৱেশ কেনেধৰণৰ উল্লেখ কৰি, সেই পৰিৱেশক শীঘ্রে অধিক উন্নত কৰিবৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি-কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।
উত্তৰঃ
অসমৰ বিদ্যালয়বোৰৰ অপ্রীতিকৰ সূচনীয় পৰিৱেশ-পৰিস্থিতি
তাৰিখঃ ১৬-০২-২০১৯
বৰ্তমান অসমৰ বহু চৰকাৰী বিদ্যালয়ত শিক্ষাৰ পৰিৱেশৰ সূচনীয় অৱস্থাই দেখা দিছে । ছাত্র-ছাত্রী সংখ্যাৰ অনুপাতে বহুতো বিদ্যালয়ত ডেক্স-বেঞ্চ আরু বহাৰ ঠাইৰ নাটনিয়ে দেখা দিছে । কিছুমান বিদ্যালয়ত, শিক্ষাৰ লাগতিয়াল সমলসমূহৰ অভাৱে দেখা গৈছে । আন কিছু বিদ্যালয়ত কম সংখ্যক শিক্ষকৰ জৰিয়তে বিদ্যালয়ত পাঠদান হৈ আছে । বহুতো বিদ্যালয়ত খোৱা পানী আরু ‘শৌচাগাৰ বা লেটিন-বাথৰোম’ৰ সু-ব্যৱস্থা নাই । আন কিছুমান বিদ্যালয়ত খেলাৰ সামগ্রী আরু খেলপথাৰৰ বিশেষকৈ অভাৱ আছে । কিছু কিছু বিদ্যালয়ৰ চাৰিওকাষৰ বেৰ-বৰ্তনী নাই আরু যিবোৰ বিদ্যালয়ত আছে সেইবোৰৰো বহু বেৰ ভাঙি গৈছে । অসমৰ বহুসংখ্যক বিদ্যালয়ত এতিয়ালৈকে পুথিভঁৰালৰ অভাৱ পৰিলক্ষিত হৈছে । কিছুমান বিদ্যালয়ৰ পুথিভঁৰাল আছে যদিও তাত পৰ্যাপ্ত পৰিমাণে কিতাপ আরু পঢ়াৰ সু-ব্যৱস্থা নাই । সেয়েহে, চৰকাৰে অসমৰ বিদ্যালয় সমূহৰ পৰিৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে । অন্যথা, আনবোৰ ৰাজ্যৰ তুলনাত অসমৰ বিদ্যালয়বোৰ তেনেই পিছ পৰি ৰ’ব ।
২০১৮
বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, আচবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।
উত্তৰঃ
‘বানপানীৰ ফলত বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন’
স্থানঃ বৰপেটা,
তাৰিখঃ ১৬-০২-২০১৮
এসপ্তাহ ধৰি নেৰানেপেৰা/অবিৰাম/নিৰন্তৰ বৰষুণ পৰাৰ বাবে সমগ্ৰ বৰপেটা অঞ্চলত ভয়ংকৰ বানপানীৰ সৃষ্টি হয় । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰ সম্পূৰ্ণরূপে ক্ষতিগ্ৰস্ত হৈছে আরু ঠায়ে ঠায়ে গাত হৈ পৰিছে । ইয়াৰ সমসাময়িক ভাৱে, অঞ্চলটোৰ বিদ্যালয়সমূহৰ বিস্তৰ ক্ষতিসাধন হয় । কেইবাদিনো বানপানীৰ তলত থকা ডেক্স-বেঞ্চবোৰ পচি যায় আরু বহাৰ ঠাইসমূহ ঠায়ে ঠায়ে গাত হৈ যায় । কিছুমান বিদ্যালয়ত, শিক্ষাৰ লাগতিয়াল সমলসমূহ উটি যায় । বহুতো বিদ্যালয়ত ‘শৌচাগাৰ বা লেটিন-বাথৰোম’সমূহ ভাঙি পৰে । আন কিছুমান বিদ্যালয়ত শ্রেণীকোঠাৰ বেৰসমূহ এৰাই যায় । কিছুমান বিদ্যালয়ৰ পুথিভঁৰালত পানী সোমাই আরু বহু মূল্যবান কিতাপ-পত্র নষ্ট কৰে ৷ সেয়েহে, বানপানীৰ ফলত ক্ষতিগ্রস্ত হোৱা এই বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, আচবাব আদি নষ্ট হোৱা সা-সামগ্রীৰাজিৰ পুনৰ মেৰামতিৰ কাৰণে চৰকাৰে শীঘ্রে ব্যৱস্থাপনা কৰিব লাগে । লগতে, এই বিদ্যালয় সমূহৰ পৰিৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে । অন্যথা, এই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্রহণ কৰাত নানান অসুবিধাৰ সন্মুখিন হ’ব আরু পাঠদানৰ পৰা ব্যাহত হ’ব ।
২০১৬
তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই স্থানীয় বাতৰি কাকতৰ বাবে এখন প্রতিবেদন প্রস্তুত কৰা ।
উত্তৰঃ
“বিশুদ্ধ খোৱা পানীৰ নাটনি আরু J.J.M ৰ ব্যৰ্থতা”
স্থানঃ হোজাই,
তাৰিখঃ ১৬-০২-২০১৬
হোজাই অঞ্চলৰ প্রায়বোৰ ঠাইৰ পানী বিশুদ্ধ নহয় । অঞ্চলটোৰ পানী স্তৰ বহু তলত পোৱা যায় আরু যি পানী পোৱা যায় সেয়া খোৱাৰ উপযোগী নহয় লগতে ৰাসায়নিক পদাৰ্থ বা আইৰণ যুক্ত । এই অঞ্চলত কিছুমান পানী যোগান আঁচনিৰ ব্যৱস্থা আছে যদিও সেইবোৰ প্রায় অচল অৱস্থাত পৰিণত হৈছে । অঞ্চলটোত কোনো বিশেষ ধৰণৰ টিপকলৰো ব্যৱস্থা নাই । জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ মাধ্যমেৰে এতিয়াও অঞ্চলটোত সু-পৰিকল্পিতভাৱে বিশুদ্ধ খোৱা-পানীৰ ব্যৱস্থা হৈ উঠা নাই । যাৰ বাবে, অঞ্চলটোৰ মানুহে আইৰণযুক্ত পানীকে খাব লগা পৰিস্থিতি হৈ আছে । সেয়েহে, চৰকাৰে এই অঞ্চলটোৰ ক্ষেত্রত শীঘ্রেই জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিব লাগে ।
ভাৱ সম্প্রসাৰণ
২০২১ Special Examination, Exam Date was- October 11th, 2021, Monday,
১৭। (ক) ভাব সম্প্রসাৰণ কৰাঃ
উপকাৰীক অজগৰে খায়ঃ
উত্তৰঃ
উপকাৰীক অজগৰে খায়ঃ
এইটো হৈছে এক লোককথা বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । অজগৰ হৈছে এক বিষধৰ আরু অতি বলবান সাপ । এই সাপে সাধাৰণ মানুহ, জীৱ-জন্তু আদি সকলোকে খাব পাৰে বা দংশন কৰিব পাৰে । সেয়ে, এই সাপ আমাৰ সকলোৰে শত্রুস্বরূপ । যদি এই সাপ বিপদত পৰে, তাক আমি উপকাৰ কৰি বিপদৰ পৰা ৰক্ষা কৰা নাইবা শুকাই-ক্ষীণাই যাই যদি তথাপি আমি তাক গাখীৰ খুওৱাৰ কথা ভাবিব নালাগে, অন্যথা সি উদ্ধাৰ হোৱাৰ পিছত আমাক দংশন কৰিব পাৰে ।
ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে অজগৰ সাপৰ দৰে আমাৰ শত্রু বা অপকাৰী মানুহবোৰক আমি বিশ্বাস কৰিব নালাগে । আনকি বিপদত পৰিলেও আমি সিহঁতক সহায় কৰাৰ ক্ষেত্রত বহু সাৱধানতা অৱলম্বন কৰিব লাগিব । অন্যথা, সিহঁতে আমাক শলথেকত (ফচোৱা) পেলাব পাৰে ।
2020
১৬। (ক) ভাব সম্প্রসাৰণ কৰাঃ
ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে ।
উত্তৰঃ
ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়েঃ
এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । ভক্তি ৰত্নাৱলী সংস্কৃতত ৰচনা কৰিছিল বেনাৰসৰ বিষ্ণুপুৰী সন্ন্যাসীয়ে আরু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল । অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম । সেয়েহে, এই গ্রন্থখন বৰ তত্ব গধুৰ । পদ, দুলড়ি, ছবি আদি বিভিন্ন ছন্দ আরু অন্তৰ্নিহিত অৰ্থৰে সমৃদ্ধ এই গ্রন্থখন, ‘ক’ বুলিব নোৱাৰা অথবা স্বৰবৰ্ণ-ব্যঞ্জণবৰ্ণ পঢ়িব নজনা এজনে এই গ্রন্থ পঢ়িব আরু ইয়াৰ অৰ্থ বুজাতো সম্ভৱপৰ নহয় ।
ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে আমি যিকোনো গ্রন্থ বা কিতাপ পঢ়া নাইবা আন যিকোনো কামৰ ক্ষেত্রত প্রথমে ইয়াৰ আৰম্ভণি আরু প্রক্রিয়া ভালদৰে জানিব লাগিব । অন্যথা, একেবাৰে নজনাকৈয়ে আমি কোনো দিশত ইচ্ছা কৰিলেও সফল হ’ব নোৱাৰো । সেয়েহে, যিকোনো বিষয়ৰ অধ্যয়ণ আরু যিকোনো কামৰ ক্ষেত্রত ইয়াৰ আৰম্ভণি আরু প্রক্রিয়াসমূহ ভালদৰে জনাৰ পিছতহে খোজ আগবঢ়াব লাগে বা আমি আগবাঢ়ি যাব লাগে ।
২০১৯
১৫। (ক) ভাৱ-সম্প্রসাৰণ কৰাঃ
পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ ।
উত্তৰঃ
পক্ষী মৰে ৰৈ, মানুহ মৰে কৈঃ
এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । সাধাৰণে পক্ষীবোৰ মৰাৰ সময়ত কোনো এক নিৰ্দিষ্ট স্থানত ৰৈ মৃত্যু হয় । ঠিক একেদৰে, আন আন জীৱবোৰৰ মৃত্যুৰ ক্ষেত্রতো তেনে এক স্বাভাৱিক বৈশিষ্ট্য পৰিলক্ষিত হয় । মানুহৰ ক্ষেত্রতো এনে এক স্বাভাৱিক সত্য এইয়ে যে মৃত্যুৰ আগমুহূৰ্ত্তত মানুহে আগত কৰা বেয়া কাজ-কৰ্মৰ বিষয়ে প্রকাশ বা ব্যক্ত কৰে । যাতে, তেতিয়াহে আত্মাটোৱে সদ্গতি আরু মুক্তি পায় বুলি লোকবিশ্বাস আছে ।
ইয়াৰ আন এক অন্তৰ্নিহিত অৰ্থ এইয়ে যে মানুহে মুখৰ জৰিয়তে যিকোনো কথা কৈ নিজৰ বিপদ নিজে মাতি আনে । অৰ্থাৎ আমি মুখখন হ’ল বুলি যাহা-তাহা কথা কোৱাটো উচিত নহয় । অতি লাগতিয়াল কথাটোহে শুদ্ধ-অশুদ্ধ বিচাৰ কৰি ক’ব লাগে । অন্যথা, নিজৰ কথাৰে আমি শ’লঠেকত পৰি নিজৰ মৃত্যু নিজে চপাই লব লগা হ’ব পাৰে বা আম বিপদত পৰিব পাৰো ।
২০১৮
১৫। (ক) ভাব সম্প্রসাৰণ কৰাঃ
এশ গরু মাৰিলে বাঘৰো মৃত্যু হয় ।/ এশ গরু মাৰিলে বাঘৰো মৰণ ৷
উত্তৰঃ
এশ গরু মাৰিলে বাঘৰো মৃত্যু হয় / এশ গরু মাৰিলে বাঘৰো মৰণঃ
এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । সাধাৰণতে নিজৰ খাদ্যৰ বাবে বাঘে গরু মাৰে বা হত্যা কৰে । এনেদৰে যেতিয়া এটা বাঘে এশ বা তাতকৈ অধিক গরু মাৰে, তেতিয়া তাৰ মৃত্যু নিশ্চিত হৈ পৰে । আনকি, সেই গরুবোৰৰ গৃহস্থয়ো তাক মৰাৰ বাবে এক জাল বা ফান্দ সৃষ্টি কৰে । তাৰ পিছত সেই বাঘটোৰ মৃত্যু নিশ্চয়কৈ হয় ।
ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে মানুহে যদি অতি চালাক চতুৰ কৰি আন মানুহক ঠগ-প্রবঞ্চনা কৰে বা আন বেয়া কাম কৰি গৈ থাকে । তেন্তে, অধিক বেয়া কাম হোৱাৰ পিছত বিপদত বা শলঠেকত পৰাটো নিশ্চিত । ই এক প্রাকৃতিক চিৰ সত্য কথা । সেয়েহে, আমি এটা বেয়া কাম কৰি বাছিলো বুলি ভাবিব নালাগে । কাৰণ, এটাৰ পিছত আনটো বেয়া কামে এদিন নিশ্চয় বিপদ মাতি আনিব আরু সেই দিনা বাঘৰ মৃত্যু হোৱাৰ দৰে আমাৰো নাশ হ’ব ।
২০১৭ / ২০১৫
১৫। (ক) ভাৱ সম্প্রসাৰণ কৰা ।
লাগি থাকিলে মাগি নাখায় ।
উত্তৰঃ
লাগি থাকিলে মাগি নাখায়ঃ
এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । সাধাৰণতে যিসকল লোকে কাম কৰিব সক্ষম নহয় বা কাম কৰিব নোৱাৰে সেইসকললোকে মাগি বা খোজি খায় । আমিও যদি কাম নকৰো তেন্তে মাগি খোৱাৰ দৰে আরু লোকৰ ওচৰত হাত পাতিব লগা পৰিস্থিতি হ’ব ।
ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে আমি যিকোনো কামত সরু-বৰ নাভাবি একানপটীয়াকৈ লাগি থকাটো উচিত । তেতিয়াহে আমি সকলো কামতে সফল হ’ব পাৰিম । আমি কৰা যিকোনো কামত সমস্যা বা বাধা আহিব পাৰে । অথবা প্রথম অৱস্থাত আমি সফল নহবও পাৰো । তথাপি হাৰ নামানি আমি যদি সেই কামটো একাগ্রতাৰে কৰি গৈ থাকো তেন্তে ইয়েই আমাৰ জীৱন-জীৱিকাৰ পথ মুকলি কৰিব । এই প্রৱচন ফাঁকিয়ে যিকোনো কামৰ অভ্যাস, একাগ্রতা, আরু অধ্যৱসায়ৰ কথাক সুৱৰাইছে । পঢ়া-শুনাৰ দিশতো ই অত্যন্ত মানিব লগীয়া । কাৰণ, অতিকৈ কঠিন লগা বিষয়-পাঠবোৰ যদি আমি একেৰাহে লাগি থাকো তেন্তে ই পাছলৈ সহজ আরু বোধগম্য হৈ পৰিব ।
২০১৬
১৫। ভাৱ সম্প্রসাৰণ কৰাঃ
(ক) পঢ়াই, পঢ়ে, ৰোৱে পান ।
এই তিনিয়ে নিচিন্তে আন ।
উত্তৰঃ
পঢ়াই, পঢ়ে, ৰোৱে পান ।
এই তিনিয়ে নিচিন্তে আন ।
এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । ইয়াত তিনিজন ব্যক্তিৰ কথা কোৱা হৈছে । সেয়া হৈছে- যিজনে পঢ়ে অর্থাৎ শিক্ষাৰ্থী, যিজনে পঢ়ায় অৰ্থাৎ শিক্ষক আরু যিজনে পাণ ৰোৱে, তেওঁলোকে তেওঁলোকৰ কৰ্মৰ সময়ত আন বেলেগ কথা চিন্তা নকৰে । পঢ়া, পঢ়োৱা আরু পাণ ৰোৱা, এই তিনিওটা কামেই অতি সহজ নহয় । সেয়েহে, এই তিনি কৰ্মকৰ্তাই এইবোৰ কাম কৰাৰ সময়ছোৱাত বেলেগ কোনো চিন্তাত মগ্ন নহৈ একাগ্রতাৰে সেই কাম কৰে ।
ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে পঢ়া, পঢ়োৱা, পাণ ৰোৱা আদি আমি যিকোনো কামৰ সময়ত আন চিন্তা কৰাতো উচিত নহয় । একান্ত মনে কোনো কাম কৰিলেহে সেই কামত সফল লাভ কৰিব পাৰি । অন্যথা, যিকোনো কাম কৰি থকাৰ সময়ত আন কথা ভাবিলে বা মন দিলে সেই কামৰ ফল লাভ কৰিব নোৱাৰি । সেয়েহে, আমি পঢ়া-শুনা বা আন যিকোনো কামত মন-প্রাণ দি একেৰাহে সেই কামতে লাগিব লাগে তেতিয়াহে সুফল লাভ কৰিব পাৰিম ।
No comments:
Post a Comment