js

Friday, October 24, 2025

ASSAMESE VAB SAMPASARAN , অসমীয়া ভাব সম্প্রসাৰণ, CLASS 10

 

ASSAMESE VAB SAMPASARAN , অসমীয়া ভাব সম্প্রসাৰণ, CLASS 10

ভাব সম্প্রসাৰণ 


২০২১ Special Examination, Exam Date was-  October 11th, 2021, Monday,

১৭। (ক) ভাব সম্প্রসাৰণ কৰাঃ

উপকাৰীক অজগৰে খায়ঃ

উত্তৰঃ

উপকাৰীক অজগৰে খায়ঃ

এইটো হৈছে এক লোককথা বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । অজগৰ হৈছে এক বিষধৰ আরু অতি বলবান সাপ । এই সাপে সাধাৰণ মানুহ, জীৱ-জন্তু আদি সকলোকে খাব পাৰে বা দংশন কৰিব পাৰে । সেয়ে, এই সাপ আমাৰ সকলোৰে শত্রুস্বরূপ । যদি এই সাপ বিপদত পৰে, তাক আমি উপকাৰ কৰি বিপদৰ পৰা ৰক্ষা কৰা নাইবা শুকাই-ক্ষীণাই যাই যদি তথাপি আমি তাক গাখীৰ খুওৱাৰ কথা ভাবিব নালাগে, অন্যথা সি উদ্ধাৰ হোৱাৰ পিছত আমাক দংশন কৰিব পাৰে ।

ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে অজগৰ সাপৰ দৰে আমাৰ শত্রু বা অপকাৰী মানুহবোৰক আমি বিশ্বাস কৰিব নালাগে । আনকি বিপদত পৰিলেও আমি সিহঁতক সহায় কৰাৰ ক্ষেত্রত বহু সাৱধানতা অৱলম্বন কৰিব লাগিব । অন্যথা, সিহঁতে আমাক শলথেকত (ফচোৱা) পেলাব পাৰে ।  

 

2020

১৬। (ক) ভাব সম্প্রসাৰণ কৰাঃ

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে ।

উত্তৰঃ

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়েঃ

 

এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । ভক্তি ৰত্নাৱলী সংস্কৃতত ৰচনা কৰিছিল বেনাৰসৰ বিষ্ণুপুৰী সন্ন্যাসীয়ে আরু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল । অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম । সেয়েহে, এই গ্রন্থখন বৰ তত্ব গধুৰ ।  পদ, দুলড়ি, ছবি আদি বিভিন্ন ছন্দ আরু অন্তৰ্নিহিত অৰ্থৰে সমৃদ্ধ এই গ্রন্থখন, ‘ক’ বুলিব নোৱাৰা অথবা স্বৰবৰ্ণ-ব্যঞ্জণবৰ্ণ পঢ়িব নজনা এজনে এই গ্রন্থ পঢ়িব আরু ইয়াৰ অৰ্থ বুজাতো সম্ভৱপৰ নহয় ।

ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে আমি যিকোনো গ্রন্থ বা কিতাপ পঢ়া নাইবা আন যিকোনো কামৰ ক্ষেত্রত প্রথমে ইয়াৰ আৰম্ভণি আরু প্রক্রিয়া ভালদৰে জানিব লাগিব । অন্যথা, একেবাৰে নজনাকৈয়ে আমি কোনো দিশত ইচ্ছা কৰিলেও সফল হ’ব নোৱাৰো । সেয়েহে, যিকোনো বিষয়ৰ অধ্যয়ণ আরু যিকোনো কামৰ ক্ষেত্রত ইয়াৰ আৰম্ভণি আরু প্রক্রিয়াসমূহ ভালদৰে জনাৰ পিছতহে খোজ আগবঢ়াব লাগে বা আমি আগবাঢ়ি যাব লাগে ।   

 

২০১৯

১৫। (ক) ভাৱ-সম্প্রসাৰণ কৰাঃ

পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ ।

উত্তৰঃ

পক্ষী মৰে ৰৈ, মানুহ মৰে কৈঃ

এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । সাধাৰণে পক্ষীবোৰ মৰাৰ সময়ত কোনো এক নিৰ্দিষ্ট স্থানত ৰৈ মৃত্যু হয় । ঠিক একেদৰে, আন আন জীৱবোৰৰ মৃত্যুৰ ক্ষেত্রতো তেনে এক স্বাভাৱিক বৈশিষ্ট্য পৰিলক্ষিত হয় । মানুহৰ ক্ষেত্রতো এনে এক স্বাভাৱিক সত্য এইয়ে যে মৃত্যুৰ আগমুহূৰ্ত্তত মানুহে আগত কৰা বেয়া কাজ-কৰ্মৰ বিষয়ে প্রকাশ বা ব্যক্ত কৰে । যাতে, তেতিয়াহে আত্মাটোৱে সদ্‌গতি আরু মুক্তি পায় বুলি লোকবিশ্বাস আছে ।

ইয়াৰ আন এক অন্তৰ্নিহিত অৰ্থ এইয়ে যে মানুহে মুখৰ জৰিয়তে যিকোনো কথা কৈ নিজৰ বিপদ নিজে মাতি আনে । অৰ্থাৎ আমি মুখখন হ’ল বুলি যাহা-তাহা কথা কোৱাটো উচিত নহয় । অতি লাগতিয়াল কথাটোহে শুদ্ধ-অশুদ্ধ বিচাৰ কৰি ক’ব লাগে । অন্যথা, নিজৰ কথাৰে আমি শ’লঠেকত পৰি নিজৰ মৃত্যু নিজে চপাই লব লগা হ’ব পাৰে বা আম বিপদত পৰিব পাৰো ।  

 

২০১৮

১৫। (ক) ভাব সম্প্রসাৰণ কৰাঃ

এশ গরু মাৰিলে বাঘৰো মৃত্যু হয় ।/ এশ গরু মাৰিলে বাঘৰো মৰণ ৷

উত্তৰঃ

এশ গরু মাৰিলে বাঘৰো মৃত্যু হয় / এশ গরু মাৰিলে বাঘৰো মৰণঃ  

এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । সাধাৰণতে নিজৰ খাদ্যৰ বাবে বাঘে গরু মাৰে বা হত্যা কৰে । এনেদৰে যেতিয়া এটা বাঘে এশ বা তাতকৈ অধিক গরু মাৰে, তেতিয়া তাৰ মৃত্যু নিশ্চিত হৈ পৰে । আনকি, সেই গরুবোৰৰ গৃহস্থয়ো তাক মৰাৰ বাবে এক জাল বা ফান্দ সৃষ্টি কৰে । তাৰ পিছত সেই বাঘটোৰ মৃত্যু নিশ্চয়কৈ হয় ।

 ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে মানুহে যদি অতি চালাক চতুৰ কৰি আন মানুহক ঠগ-প্রবঞ্চনা কৰে বা আন বেয়া কাম কৰি গৈ থাকে । তেন্তে, অধিক বেয়া কাম হোৱাৰ পিছত বিপদত বা শলঠেকত পৰাটো নিশ্চিত । ই এক প্রাকৃতিক চিৰ সত্য কথা । সেয়েহে, আমি এটা বেয়া কাম কৰি বাছিলো বুলি ভাবিব নালাগে । কাৰণ, এটাৰ পিছত আনটো বেয়া কামে এদিন নিশ্চয় বিপদ মাতি আনিব আরু সেই দিনা বাঘৰ মৃত্যু হোৱাৰ দৰে আমাৰো নাশ হ’ব ।

 

 

২০১৭ / ২০১৫

১৫। (ক) ভাৱ সম্প্রসাৰণ কৰা ।

লাগি থাকিলে মাগি নাখায় ।

উত্তৰঃ

লাগি থাকিলে মাগি নাখায়ঃ

 

এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । সাধাৰণতে যিসকল লোকে কাম কৰিব সক্ষম নহয় বা কাম কৰিব নোৱাৰে সেইসকললোকে মাগি বা খোজি খায় । আমিও যদি কাম নকৰো তেন্তে মাগি খোৱাৰ দৰে আরু লোকৰ ওচৰত হাত পাতিব লগা পৰিস্থিতি হ’ব ।

ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে আমি যিকোনো কামত সরু-বৰ নাভাবি একানপটীয়াকৈ লাগি থকাটো উচিত । তেতিয়াহে আমি সকলো কামতে সফল হ’ব পাৰিম । আমি কৰা যিকোনো কামত সমস্যা বা বাধা আহিব পাৰে । অথবা প্রথম অৱস্থাত আমি সফল নহবও পাৰো । তথাপি হাৰ নামানি আমি যদি সেই কামটো একাগ্রতাৰে কৰি গৈ থাকো তেন্তে ইয়েই আমাৰ জীৱন-জীৱিকাৰ পথ মুকলি কৰিব । এই প্রৱচন ফাঁকিয়ে যিকোনো কামৰ অভ্যাস, একাগ্রতা, আরু অধ্যৱসায়ৰ কথাক সুৱৰাইছে । পঢ়া-শুনাৰ দিশতো ই অত্যন্ত মানিব লগীয়া । কাৰণ, অতিকৈ কঠিন লগা বিষয়-পাঠবোৰ যদি আমি একেৰাহে লাগি থাকো তেন্তে ই পাছলৈ সহজ আরু বোধগম্য হৈ পৰিব ।

 

২০১৬

১৫। ভাৱ সম্প্রসাৰণ কৰাঃ

(ক) পঢ়াই, পঢ়ে, ৰোৱে পান ।

এই তিনিয়ে নিচিন্তে আন ।

উত্তৰঃ

পঢ়াই, পঢ়ে, ৰোৱে পান ।

এই তিনিয়ে নিচিন্তে আন ।

এইটো হৈছে এক লোককথা বা প্রৱচন বা ফকৰা যোজনা যত শব্দবোৰৰ অৰ্থ থকাৰ উপৰিও এক অন্তৰ্নিহিত অৰ্থও সোমাই আছে । ইয়াত তিনিজন ব্যক্তিৰ কথা কোৱা হৈছে । সেয়া হৈছে- যিজনে পঢ়ে অর্থাৎ শিক্ষাৰ্থী, যিজনে পঢ়ায় অৰ্থাৎ শিক্ষক আরু যিজনে পাণ ৰোৱে, তেওঁলোকে তেওঁলোকৰ কৰ্মৰ সময়ত আন বেলেগ কথা চিন্তা নকৰে । পঢ়া, পঢ়োৱা আরু পাণ ৰোৱা, এই তিনিওটা কামেই অতি সহজ নহয় । সেয়েহে, এই তিনি কৰ্মকৰ্তাই এইবোৰ কাম কৰাৰ সময়ছোৱাত বেলেগ কোনো চিন্তাত মগ্ন নহৈ একাগ্রতাৰে সেই কাম কৰে ।

ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইয়ে যে পঢ়া, পঢ়োৱা, পাণ ৰোৱা আদি আমি যিকোনো কামৰ সময়ত আন চিন্তা কৰাতো উচিত নহয় । একান্ত মনে কোনো কাম কৰিলেহে সেই কামত সফল লাভ কৰিব পাৰি । অন্যথা, যিকোনো কাম কৰি থকাৰ সময়ত আন কথা ভাবিলে বা মন দিলে সেই কামৰ ফল লাভ কৰিব নোৱাৰি । সেয়েহে, আমি পঢ়া-শুনা বা আন যিকোনো কামত মন-প্রাণ দি একেৰাহে সেই কামতে লাগিব লাগে তেতিয়াহে সুফল লাভ কৰিব পাৰিম ।


 

No comments:

Post a Comment

ASSEB| CLASS 10| HINDI (MIL)| SOLVED PAPER - 2025| ASSAM BOARD

  ASSEB| CLASS 10| HINDI (MIL)| SOLVED PAPER - 2025| ASSAM BOARD 2025 HINDI (E) GROUP – A + B Full Marks: 100 Pass Marks: 30 Time: 3 hours ...