js

Sunday, November 16, 2025

অধ্যায়-১, ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ, CHEMICAL REACTIONS AND EQUATIONS, Internal Important Questions and Answers, Science, class 10, SEBA

 

১। বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা জ্বলালে কি হয়? এই বিক্ৰিয়াটোৰ সমীকৰণটো লিখা।

উত্তৰঃ বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা জ্বলালে উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ পাউদাৰত পৰিণত হব। এই পাউদাৰখিনি হ'ল- মেগনেছিয়াম অক্সাইড। বায়ুত থকা অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইডৰ উৎপন্ন হয়।
এই বিক্ৰিয়াটোৰ শব্দ সমীকৰণটো হ'ল-
মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)
এই বিক্ৰিয়াটোৰ সাংকেতিক সমীকৰণটো হ'ল-
Mg + O₂ → MgO
২। ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা চাৰিটা পৰিৱৰ্তন লিখা।
উত্তৰঃ ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা চাৰিটা পৰিৱৰ্তন হ'লঃ অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন।
৩। বিক্ৰিয়াজাত পদাৰ্থ বুলিলে কি বুজা? উদাহৰণ সহ বুজাই লিখা।
উত্তৰঃ যি বোৰ পদাৰ্থ আন কোনো দুই বা ততোধিক পদাৰ্থ বিক্ৰিয়া ঘটি উৎপন্ন হয়। তাক বিক্ৰিয়াজাত পদাৰ্থ বোলা হয়। উদাহৰণস্বৰূপে, মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইডৰ উৎপন্ন হয়।
এই বিক্ৰিয়াটোৰ শব্দ সমীকৰণটো হ'ল-
মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)
এই বিক্ৰিয়াটোৰ সাংকেতিক সমীকৰণটো হ'ল-
Mg + O₂ → MgO
৪। ৰাসায়নিক বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখাৰ প্ৰক্ৰিয়া, নিয়ম আৰু চিহ্নবোৰ লিখা।
উত্তৰঃ শব্দ সমীকৰণ এটাই বিক্ৰিয়কৰ বিক্ৰিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাঁড় চিনেৰে দেখুৱায়। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এই কাঁড় চিনটো থাকে। কাঁড় চিনৰ বাঁওফালে বিক্ৰিয়কবোৰ লিখা হয়। বিক্ৰিয়কবোৰ লিখোতে বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত এডাল গৈ যোগ চিন (+) দিয়া হয়। একেদৰে বিক্ৰিয়াজাত পদাৰ্থবোৰ সোঁফালে যোগ চিন (+) দি লিখা হয়। কাঁড় চিনটোৰ মূৰটো বিক্ৰিয়াজাত পদাৰ্থবোৰ ফালে থাকে আৰু ই বিক্ৰিয়াটোৰ দিশটো দেখুৱায়।
মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)
৫। ৰাসায়নিক সমীকৰণ লিখনৰ দুটা পদ্ধতি উদাহৰণসহ লিখা।
উত্তৰঃ ৰাসায়নিক সমীকৰণ লিখনৰ দুটা পদ্ধতি হ'লঃ
(ক) শব্দ সমীকৰণ পদ্ধতিঃ
মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)
(খ) সাংকেতিক সমীকৰণ পদ্ধতিঃ
Mg + O₂ → MgO
 
৬। অসমতুলিত বা এঁকা ৰায়ায়নিক সমীকৰণ কাক বোলে? উদাহৰণ দিয়া

উত্তৰঃ এক ৰাসায়নিক বিক্রিয়াত যেতিয়া বিক্রিয়ক পদার্থসমূহৰ ভৰ আরু উৎপন্ন হোৱা বিক্রিয়াজাত পদাৰ্থৰ ভৰ অসমান হয়। তেতিয়া তাক অসমতুলিত বা অসন্তুলিত সমীকৰণ বা এঁকা ৰায়াসনিক সমীকৰণ (Skeletel Chemical Equation) বোলা হয়।
উদাহৰণঃ
Mg + O₂ → MgO
এই সমীকৰণটোত বাঁওফালৰ আরু সোঁফালৰ মৌলৰ পৰিমাণ সমান নহয়। সেয়েহে এইটো এক অসমতুলিত বা অসন্তুলিত সমীকৰণ বা এঁকা ৰায়াসনিক সমীকৰণ (Skeletel Chemical Equation)।
৭। ভৰৰ নিত্যতা সূত্র (Law of Conservation of mass) টো লিখা।
উত্তৰঃ ভৰৰ নিত্যতা সূত্র অনুসৰি এক ৰাসায়নিক বিক্রিয়া ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। ৰাসায়নিক বিক্রিয়া এটাত বিক্রিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব।
৮। সমতুলিত বা সন্তুলিত সমীকৰণ বোলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ এক ৰাসায়নিক বিক্রিয়াত যেতিয়া বিক্ৰিয়ক পদাৰ্থসমূহৰ ভৰ আৰু উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান হয়। তেতিয়া তাক সমতুলিত বা সন্তুলিত সমীকৰণ সমীকৰণ বোলা হয়।
উদাহৰণঃ
Zn + H₂SO₄ → ZnSO₄ + H₂
এই সমীকৰণটোত বাঁওফালৰ আৰু সোঁফালৰ মৌলৰ পৰিমাণ সমান। সেয়েহে এইটো এক সমতুলিত বা সন্তুলিত সমীকৰণ।
৯। ৰাসায়নিক সমীকৰণ সমতুল কৰা প্ৰক্ৰিয়াটো উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰঃ
উদাহৰণস্বৰূপে- Fe + H₂O → Fe₃O₄ + H₂
এই সমীকৰণটো লোৱা হ'ল।
প্ৰথম পৰ্যায়ঃ
প্ৰথমতে, প্ৰতিটো সংকেতৰ চাৰিওফালে একোটাকৈ বাকচ অংকণ কৰিব লাগে।
Fe + H₂O → Fe₃O₄ + H₂
দ্বিতীয় পৰ্যায়ঃ
দ্বিতীয়তে, মৌলবোৰৰ পৰমাণুৰ সংখ্যাবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে।
মৌল

বিক্ৰিয়ক LHS ত বিক্ৰিয়ক পৰমাণু সংখ্যাবিক্ৰিয়ক RHS ত বিক্ৰিয়ক পৰমাণু সংখ্যা
Fe13
H22
O14

No comments:

Post a Comment

অধ্যায়-১, ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ, CHEMICAL REACTIONS AND EQUATIONS, Internal Important Questions and Answers, Science, class 10, SEBA

  ১। বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা জ্বলালে কি হয়? এই বিক্ৰিয়াটোৰ সমীকৰণটো লিখা। উত্তৰঃ বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা ...