js

Tuesday, March 15, 2022

পাৰস্যত এভুমুকি





১। ইৰাণৰ ৰাজধানী নাম কি?
উত্তৰ:- টেহৰাণ ।

২। তটৰেখা কি?
উত্তৰ:- সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগক তটৰেখা বোলে।

৩। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ:- ইমান আয়াতুল্লা খোমেনি।

৪। লেখকে তেওঁলোকৰ ৰিগটোৰ পৰা আহি ক'ত অবতৰণ কৰিলে?
উত্তৰ:- বুশ্বেৰ।

৫। লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক'ত অৱস্থিত?
উত্তৰ:- পাৰস্য উপসাগৰত।

৬। বুশ্বেৰ কি?
উত্তৰ:- ইৰাণৰ এখন বন্দৰ নগৰ।

৭। বুশ্বেৰৰ তাপমাত্ৰা কিমান ডিগ্ৰী চেন্টিগ্ৰেড আছিল বুলি লেখকে কৈছিল?
উত্তৰ:- চল্লিছ ডিগ্ৰী ওপৰত।

৮। মেহদি আৰু খাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
উত্তৰ:- জিঅ'লগ।

৯। মেহদি আৰু খাছেম কোন?
উত্তৰ:- ইৰাণী যুৱক।

১০। ভেংকি ক'ত থাকে?
উত্তৰ:- বুশ্বেৰত ।

১১। বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
উত্তৰ:- মেহদি, খাছেম ।

১২। লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উত্তৰ:- এটা নিউক্লীয় ৰিয়েক্টৰ।

১৩। লেখকে বুশ্বেৰৰ পৰা তেহৰাণলৈ যাওঁতে কোনে দোভাষীৰ কাম কৰিছিল?
উত্তৰ:- ভেংকী।

১৪। ভেংকীয়ে কি কৰে?
উত্তৰ:- বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে।

১৫। আবুজাৰ কোন?
উত্তৰ:- আবুজাৰ এজন ট্ৰেভেল এজেণ্ট।

১৬। আগা শব্দৰ অৰ্থ কি?
উত্তৰ:- শ্ৰীযুতৰ সমাৰ্থক শব্দ।

১৭। ইৰাণীসকলৰ জনপ্ৰিয় খাদ্য কি?
উত্তৰ:- মেছিনত তৈয়াৰী ৰুটী বা নুন।

১৮। বুশ্বেৰত কি ফল বিখ্যাত?
উত্তৰ:- খেজুৰ।

১৯। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰ:- ১৯৭৯ চনৰ পহিলা এপ্ৰিল।

২০। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰ:- খোমেনি এন্টাৰনেশ্যনেল এয়াৰপৰ্ট।

২১। ইৰাণৰ দোকানৰ ছাইনবোৰ্ডবোৰ কি ভাষাত লিখা।
উত্তৰ:- ফাৰ্ছী।

২২। কাৰ শাসন কালত জোৰাষ্টিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল?
উত্তৰ:- পাৰ্থিয়ানসকলৰ ।

২৩। টেহৰাণত বিমান বন্দৰ কেইটা?
উত্তৰ:- দুটা।

২৪। লেখকে থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
উত্তৰ:-  হোমা ।

২৫। ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত?
উত্তৰ:- নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

২৬। ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল?
উত্তৰ:- যেতিয়া লেখক হেলিকপ্টাৰেৰে বুশ্বেৰলৈ অহা যোৱা কৰে তেতিয়া গোলাকৃতিৰ স্থাপত্যটোৱে তেওঁক কৌতুহল বৃদ্ধি কৰিছিল।

২৭। স্লামবাৰ্জাৰ কি?
উত্তৰ:- এটা বহুৰাষ্ট্ৰীয় কোম্পানী।

২৮। ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
উত্তৰ:- ন-ৰোজ।

২৯। বেহেষ্ট-ই-জাহাৰা কি?
উত্তৰ:- টেহৰাণৰ মুখ্য সমাধিস্থল।

৩০। শ্বিৰীন ইবাডি কোন?
উত্তৰ:- নবেল বঁটা বিজয়ী ইৰাণী মহিলা।

৩১। চেনি কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ:- কিংবদন্তি মতে সম্ৰাট জামছেদে কোনোবা এটা প্ৰৱিত্ৰ দিনত চেনি আবিষ্কাৰ কৰিছিল।

৩২। লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
উত্তৰ:- তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল।

৩৩। কেন্দৰ অৰ্থ কি?
উত্তৰ:- চেনি।

৩৪। ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ চমু বিৱৰণ দিয়া।
উত্তৰ:- বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওলোকৰ নৱবৰ্ষ 'ন' ৰোজ উদযাপন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্ত প্ৰথম দিনত। যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। সেই সময়ত বুশ্বেৰৰ হোটেলৰ কথা বাদেই কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদযাপন কৰিব পাৰে। নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমুখে যাত্ৰা ইত্যাদি।


No comments:

Post a Comment

SEBA Class X সমাজ বিজ্ঞান ৰাজনীতি বিজ্ঞান দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

আন্তৰ্জাতিক সংস্থা- সম্পূৰ্ণ প্ৰশ্ন উত্তৰ 2024 1) ‘ৰাষ্ট্ৰসংঘৰ দিৱস’ৰ তাৰিখটো উল্লেখ কৰা – (a) ২০ অক্টোবৰ (b) 22 অক্টোবৰ (c) ২৩ অক্টোবৰ (d)...