১। অতি চমু উত্তৰ দিয়াঃ
ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশু সকলে আহি যশোদাক কৈছিল।
খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰঃ কৃষ্ণই চাৰি-পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।
গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।
ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তৰঃ কপিল মুনিৰ মাতৃ দেৱহুতি।
ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উত্তৰঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।
২। তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।
- এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উত্তৰঃ এইষাৰ শ্ৰীকৃষ্ণ উক্তি। যশোদাক দেখি তেওঁৰ জীউ উৰি যায়।
৩। মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাৰ সকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল।
৪। মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা?
উত্তৰঃ যশোদাই কৃষ্ণক মাটি খোৱা বদনাম দিয়া, কৃষ্ণক কলীয়া বুলি মাতা, যশোদা ৰাজ পটেশ্বৰী হৈওঁ যে কৃষ্ণক সোণৰ বাঁহী এটা গঢ়াই দিয়া নাই, বাহৰ বাঁহী বজাওতে দুই ওঠ ফাটি তেজ ওলাই যায়, গৰু চৰাবলৈ যাওঁতে যে আধা পেটে যায়, গৰু আগুৰুতে কন্টক বলে বিন্ধে তথাপিও যে যশোদাই কৃষ্ণক গালি দিয়ে সেই কথা কবলৈ কৃষ্ণ লাজ লাগে বুলি কৈছে।
৫। চমুটোকা লিখাঃ
ক) বামনঃ বামন বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে তেওঁক পাতাললৈ পঠাইছিল।
খ) দেৱহুতিঃ দেৱহুতি স্বয়ংম্ভুৱ মুনিৰ কন্যা আৰু কপিল মুনিৰ মাতৃ আছিল।
গ) কপিলঃ এজন প্ৰসিদ্ধ মুনি। এওঁ সাংখ্যা দৰ্শনৰ প্ৰৱৰ্তক। কৰ্দম মুনি আৰু স্বায়ম্ভুব মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠি হেজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।
ঘ) শ্ৰীধৰ কন্দলীঃ শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্ম প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য ৰচনা কৰে।
৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ
৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা।
উত্তৰঃ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাইছিল, কপিল স্বৰূপে মাতৃ লগত তত্ব বিচাৰ কৰিছিল, বামন স্বৰূপে দৈত্যৰাজক পাতাললৈ পঠাই আদি কাৰ্য সাধন কৰিছিল।
৮। কবিতাটোত কাঠবাঁজী বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তৰঃ কবিতাটোত কাঠবাঁজী বুলি যশোদাক কৈছে। কাঠবাঁজী অৰ্থ হৈছে সন্তান নথকা তিৰোতা।
এই অপবাদৰ পৰা তেওঁক কৃষ্ণই ৰক্ষা কৰিলে।
৯। তা পৰ্য ব্যাখ্যা কৰাঃ
ক) কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দুৰ কৰি।।
উত্তৰঃ যশোদাৰ সন্তান নথকা কাৰণে জগতৰ সকলোৱে কাঠবাঁজী বুলি হাঁহিছিল। কৃষ্ণক যেতিয়া নন্দ-যশোদাৰ ঘৰত থৈ অহাৰ পাছত যে যশোদাৰ সেই অপবাদৰ পৰা মুক্ত হ'ল সেই কথাখিনি কে কৈছে।
খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণই মোহিনীৰ অৱতাৰ ধাৰণ কৰি দেৱতাৰ সকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। সেইজন কৃষ্ণই যশোদাৰ ঘৰত আহি যেতিয়া দধি চোৰ নাম পাইছিল তেতিয়া কৃষ্ণই বহুত লাজ পাইছিল।
গ) মই নাৰায়ণ জগতৰ কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।.
উত্তৰঃ শ্ৰীকৃষ্ণক আন এটা নাম হৈছে নাৰায়ণ। নাৰায়ণে গোটেই জগতক স্ৰজিছে, তেওঁৱে লীলা কৰি সকলোকে প্ৰতিপাল কৰি, আত্মাৰূপে ধৰি আছে, ব্ৰহ্মাকে আদি কৰি সকলোৱে তেওঁক সেৱা কৰে। তথাপিও তেওঁ যশোদাক বা সাধাৰণ গোৱালৰ জীউক দেখি ভয়তে যে জীৱ উৰি যায় সেই কথাখিনিকে কৈছে।
ভাষা-বিষয়কঃ
১। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ
ক) আসি- আহি
খ) খেড়ি- খেলা
গ) পুহাইল- পুৱাল
ঘ) নুজুৰাই-
ঙ) হন্তে- সৈতে
চ) বিগুটিয়া- ঠাট্টা কৰা
২। তলত দিয়া শব্দ কেইটা লিংগ পৰিৱৰ্তন কৰাঃ
ক) সুন্দৰী- সুন্দৰ
খ) মাতৃ-পিতৃ
গ) মামা-মামী
৩। বিপৰীত শব্দ লিখাঃ
ক) বিশ্বাস- অবিশ্বাস
খ) দোষ- নিৰ্দোষ
গ) আনন্দ- বেজাৰ
ঘ) অপমান- সন্মান
ঙ) অমৃত- বিষ।
js
Tuesday, March 15, 2022
কানাই চাতুৰী
Subscribe to:
Post Comments (Atom)
ASSEB Class IX Mathematics Class Plan
A standard academic session for SEBA Class 9 Mathematics covers 12 core chapters across ...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment