প্ৰশ্ন১। চমু উত্তৰ দিয়াঃ
(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।
উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম অংগুলিমাল ,জীৱক, পাণিনি আৰু চাণক্য।
(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল?
উত্তৰঃ তক্ষশীলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই সিন্দু বিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হয় তেতিয়া ইয়ালৈ চিন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল।
(গ) নাগার্জুন কোন? ক'ত আছিল আৰু কি কৰিছিল?
উত্তৰঃ নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক।
তেওঁ অম্ৰাৱতী নগৰৰ ওচৰত থকা শ্রী ধান্যককৈ বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল ।
(ঘ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে ?
উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত ধ্বংস কৰিলে ।
(ঙ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ? নিমন্ত্রণ কৰা ৰজাজন কোন ?
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ।
তেওঁক নিমন্ত্রণ কৰা ৰজাজন আছিল ভাস্কৰবর্মা ।
(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল ?
উত্তৰঃ উজ্জয়িনীত যি বিশ্ববিদ্যালয়ৰ আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্ব সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল ।
প্রশ্ন ২। 'প্রাচীন ভাৰতীয় শিক্ষা' পাঠটিৰ কথাখিনি চমুকৈ লিখা।
উত্তৰঃ 'প্ৰাচীন ভাৰতৰ শিক্ষা' পাঠটিৰ মূল উদ্দেশ্য হ'ল-
প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা শ্ৰীধান্যকটক নালন্দা উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নামেৰে দুখন বিশ্ববিদ্যালয় আছিলে। বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আত্মাবিদ্যা, বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয়। আৰ্য শিক্ষাৰ ৬৪ কলা বিদ্যাৰ ভিতৰত ১১টা ভিভাগৰ শিক্ষাত্ত দিয়া হৈছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম প্ৰণেতা পানিনি, ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ চণ্ডিত চাণক্য চীনা, পৰিব্ৰাজক য়ুয়ানচ্যাঙ আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বিভিন্ন বিদ্যালয়ত অত্ৰেয় ঋষি নাগাৰ্জুন, শীলভদ্র আদিৰ দৰে ব্যক্তিয়ে শিক্ষা দান কৰিছিল। আজি কালিৰ দৰে আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল। বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল। উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত। প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চ মানৰ আছিল। যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিলে।
সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সজ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকক সাজু কৰা।
প্ৰাচীন ভাৰতৰ শিক্ষাৰ দিনত যথেষ্ট আগবঢ়া আছিল। ভাৰতৰ আন এখন তাহানি বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীল বা দেৱবিহাৰ । দুটা উচ্চ বিদ্যালয়ৰ সমষ্টি বিক্ৰমশীলত ১০ গৰাকী অধ্যাপক আছিল। এই বিশ্ববিদ্যালয় আছিল চাৰিখন ছাত্রৱাস মাক 'সত্ৰ' নামেৰে জনা গৈছিল আৰু তাত ছাত্ৰসকলৰ থকা-খোৱা আছিল বিনামূলীয়া। জ্যোতিশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত।*
প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকে সুনাগৰিকৰূপে গঢ়ি তোলাৰ লগতে দেশখনকো ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগবাঢ়ক পাঠটোৰ জৰিয়তে এনে আস্থান শুনা গৈছেল ।✔️
প্রশ্ন ৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল। এই ছয়খনৰ চমু পৰিচয় তলত দিয়া হ'ল—
(১) তক্ষশীলা বিশ্ববিদ্যালয়:- এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনাে চতুম্পাঠী আছিল। তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্র হ'ল — বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য । এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয়। আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ’ল।
(২) শ্ৰীধান্যকটক বিশ্ববিদ্যালয়:- অম্ৰাৱতীনগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্রীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়ােবিধ শিক্ষাকে দিয়া হৈছিল। নাগার্জুন আছিল ইয়াৰ প্রধান শিক্ষক।
(৩) নালন্দা বিশ্ববিদ্যালয়:- খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় বর্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল। ইয়াত একেলগে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্রেণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। ন-তলীয়া এই পুথিভঁৰালটোৰ নাম আছিল 'ৰত্নোদধি'। চীন পৰিব্রাজক য়ুয়ানচ্যাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্রণ জনাইছিল। য়ুয়ানচ্যাঙে এই বিশ্ববিদ্যালয়ত যােগশাস্ত্র পঢ়িছিল।
৪। আর্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আর্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
উত্তৰঃ আৰ্য শিক্ষাৰ কলা বিদ্যা ৬৪ বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা ১১টা বিভাগত দিয়া হৈছে। সেই বিভাগ কেইটা ক্ৰমে হৈছে (১) সাহিত্য বিদ্যা (২) গৃহপাল বিদ্যা (৩) ৰন্ধন বিদ্যা (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা (৬) শিল্পবিদ্যা (৭) বিজ্ঞান (৮) নাট্য বিদ্যা (৯) সংগীত বিদ্যা (১০) শিষ্টাচাৰ বিদ্যা আৰু (১১) শাৰীৰিক ব্যায়ামৰ বিদ্যা।
প্রশ্ন ৫। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য কথা বহলাই আলােচনা কৰা ।
উত্তৰঃ আজি কালি শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। আগৰ দিনত ছাত্র শিক্ষা লাভ কৰিবৰ বাবে নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই আগৰ দিনত শিক্ষাৰ গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, আনহাতে আজিৰ দিনত শিক্ষাৰ উদেশ্য হ'ল- চাকৰি গ্ৰহণ কৰা।
প্ৰাচীন কালত গুৰুসকল বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধপৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। আনহাতে, আধুনিক শিক্ষা ব্যৱস্থা আছিল পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা। নৈতিক চৰিত্ৰ গঠন দিবলৈ আছিল শিক্ষা ব্যৱস্থাত সুযোক কমেই। আগৰ শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা পইচা খৰছ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুনেই উৎকৃষ্ট আছিল।
প্ৰশ্ন৬। চমু টোকা লিখা ।
তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়
উত্তৰঃ (ক) তক্ষশীলা বিশ্ববিদ্যালয়:- প্ৰাচীন ভাৰতৰ অন্যতম পৰিচিত বিশ্ববিদ্যালয় আছিল তক্ষশীলা। তক্ষশীলাত যি বিশ্ববিদ্যালয় আছিল, সি খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল। আদিতে হিন্দু বিশ্ববিদ্যালয় হিচাপে জনাজাত তক্ষশীলা খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ত আছিল কেইবাখনো চতুষ্পদীৰ সমষ্টি আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আদিকে ধৰি ওঠৰ বিধ হাতেৰে তৈয়াৰ কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক `জীৱক' এই অত্ৰেয় মুনিৰ ছাত্ৰ আছিল।
তক্ষশীলা বিশ্ববিদ্যালয়ৰ যশ-খ্যাতিৰ কথা শুনি মগধ, বেকট্ৰিয়া আদিৰ লগতে পশ্চিমৰ দেশৰ পৰাও ইয়ালৈ পঢ়িবলৈ ছাত্ৰ আহিছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল।✔️
(খ) বিক্ৰমশীলা বিশ্ববিদ্যালয়:- বিক্ৰমশীলা বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল, কিন্তু খ্ৰীষ্টীয ৮ ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। বিক্ৰমশীলা প্ৰাচীন ভাৰতৰ দুখন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম। ইয়াত শিক্ষাদান কৰিছিল ১০৮ গৰাকী অধ্যাপকে। এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ ধকাৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিলে।
(গ) নালন্দা বিশ্ববিদ্যালয়:- পৃথিৱী বিখ্যাত নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে ভাৰতত আছিলে। এই নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল। এই বিশ্ববিদ্যালয়খনৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিলে। এই বিশ্ববিদ্যালয়তে আছিল তাহানিৰ ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ `ৰত্নোদধি' নামৰ ন-তলীয়া পুথিভঁৰালটো।এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈয়ে শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এশটা কোঠালিত এশটা শ্ৰেণী বহিব পৰা শিক্ষাগাৰ এটাও এই নালন্দা বিশ্ববিদ্যালয়ত আছিল।
(৭) `প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী দেৱে লিখা `প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছো। প্ৰাচীন কালত ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কিমান উন্নত আছিলে সেই বিষয়ে এই পাঠটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতৰ বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহত কি কি শিক্ষা প্ৰদান কৰা হৈছিল। তাহানিতে এখন, দুখন নহয় ছখনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিলে। তাৰ ভিতৰত পৃথিৱী বিখ্যাত নালন্দা বা তক্ষশীলাও আছিলে। বিশ্ববিদ্যালয়সমূহত ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে- বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰবিজ্ঞান বিচক্ষণ পণ্ডিত চাণক্যও ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিলে। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটোও সত্ৰ বা ছাত্ৰাবাসৰ আছিল, কৰবাত ন-তলীয়া পুথিভঁৰাল আছিল, কোনোখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিলে।
আগত দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা ন ন বিষয়ত কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ব আৰু সত্য আবিস্কাৰ কৰিছিলে আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আবিস্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিলে মানুহৰ মজ বৃত্তিবোৰক তুলি তেওঁক জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনৰ আজি-কালিৰ দিনৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিলে। এনেবোৰ বিষয়ে গম পোৱা গ'ল এই পাঠটিৰ জৰিয়তে।✔️
ভাব- বিষয়ক:-
১) বাক্য ৰচনা কৰা:-
(ক) স্বাধীন চিন্তা (খ) জ্যোতিষশাস্ত্ৰ (গ) পোৰা মাটি (ঘ) বাহিৰে-ভিতৰে।
উত্তৰ:-
(ক) স্বাধীন চিন্তা :- বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লোক বহুত কমেই পোৱা যায়।
(খ) জ্যোতিষশাস্ত্ৰ:- উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।
(গ) পোৰা মাটি:- অসমৰ ভিতৰত গৌৰীপুৰ পোৰা মাটি ভাস্কৰ্য্যৰ বাবে বিখ্যাত অঞ্চল।
(ঘ) বাহিৰে- ভিতৰে:- নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে- ভিতৰে মিলি দহ হাজাৰ ছাত্ৰ আছিল।
২) তলৰ শব্দকেইটাৰ সন্ধি ভাঙা :-
শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ।
উত্তৰ:- শিক্ষাগাৰ = শিক্ষা + আগাৰ
বিদ্যালয় = বিদ্যা + আলয়
পুৰুষাৰ্থ = পুৰুষ + আৰ্থ
অতিৰিক্ত প্ৰশ্নঃ
১) হেমচন্দ্ৰ গোস্বামী দেৱে কিমান চনত আৰু কত জন্মগ্ৰহণ কৰিছিল?
উত্তৰ:- ১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত হেমচন্দ্ৰ গোস্বামীদেৱে জন্মগ্ৰহণ কৰে।
২) হেমচন্দ্ৰ গোস্বামীদেৱৰ পিতৃৰ নাম কি আছিল?
উত্তৰ:- হেমচন্দ্ৰ গোস্বামীদেৱৰ পিতৃৰ নাম হ'ল- ডম্বৰুধৰ গোস্বামী।
৩) হেমচন্দ্ৰ গোস্বামীদেৱে কোনখন সভাৰ সভাপতি হৈছিল আৰু কিমান চনত হৈছিল?
উত্তৰ:- অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত ১৯২০ চনত গোস্বামীদেৱে সভাপতি হৈছিল।
৪) হেমচন্দ্ৰ গোস্বামীদেৱৰ কিমান চনত মৃত্যু হয়?
উত্তৰ:- হেমচন্দ্ৰ গোস্বামীদেৱৰ ১৯২৮ চনত মৃত্যু হয়।
৫) আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি?
উত্তৰ:- আৰ্য শিক্ষাৰ মূলমন্ত্ৰ হ'ল মোক্ষ লাভ।
৬) প্ৰত্যেক মানুহৰ কেইবিধ পুৰুষাৰ্থ থাকে আৰু কি কি?
উত্তৰ:- প্ৰত্যেক মানুহৰ চাৰিবিধ পুৰুষাৰ্থ থাকে। সেই কেইবিধ হ'ল- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ।
৭) বুদ্ধদেৱৰ চিকিৎসক কোন আছিল?
উত্তৰ:- বুদ্ধদেৱৰ চিকিৎসক জীৱক আছিল।
৮) শীলভদ্ৰ কোন আছিল?
উত্তৰ:- শীলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল।
৯) প্ৰথম অসমীয়া ছনেট কোনটো?
উত্তৰ:- `প্ৰিয়তমাৰ চিঠি' প্ৰথম অসমীয়া ছনেট।
১০) `ৰত্নোদধি' নামৰ পুথিভঁৰালটো কেই তলীয়া আছিল?
উত্তৰ:- `ৰত্নোদধি' নামৰ পুথিভঁৰালটো ন-তলীয়া আছিল।
১১) নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল?
উত্তৰ:- নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম `ৰত্নোদধি' আছিল।
১২) নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ:- নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে মুঠ দহ হাজাৰ ছাত্ৰ সংখ্যা আছিল।
js
Tuesday, March 15, 2022
প্রাচীন ভাৰতীয় শিক্ষা হেমচন্দ্র গােস্বামী
Subscribe to:
Post Comments (Atom)
CBSE Class VIII Mathematics Class Plan
CBSE Class VIII Mathematics (Ganita Prakash) — 160-Day Lesson Plan A comprehensive, day-to-day instructional p...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment