১) চমু প্ৰশ্ন উত্তৰ দিয়া :
(ক) মহাৰথী কাক বোলে?
উত্তৰ:- যি একে দশ সহস্ৰ ধানুকীক যুঝৱৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে)।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা?
উত্তৰ:-কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে - গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু পুত্ৰ ভূৰিশ্ৰবা।
(গ) সেনাপতি ভীস্মৰ যুদ্ধোৎসব দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল?
উত্তৰ:- সেনাপতি ভীষ্মৰ যুদ্ধোৎসব দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি ৰনবদ্যৰ মহাশব্দ হৈছিল।
(ঘ) আততায়ী কাক বোলে?
উত্তৰ:- যি আনক বিষ দি, জুই লগা অথবা অন্যপ্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে, যি আনৰ ধন সম্পত্তি কাঢ়ি নি, ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে।
(ঙ) কুলক্ষয় দোষ কি?
উত্তৰ:- কুলক্ষয় দোষ হ'ল - কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰে। আৰু অধৰ্মে বিয়পিলে কুলস্ত্ৰীসৱ দুষ্ট হয়।
২) তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডবসকলৰ যুদ্ধোৎসবৰ বিষয়ে লিখা?
উত্তৰ:- ভট্টদেবৰ 'বিষাদ যোগ' নামৰ পঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱ সকলে যুদ্ধোৎসব বাবে ঘোষণাৰ কৰাৰ লগে লগে পাণ্ডৱ সকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শঙ্খ ক্ৰমে পাঞ্চজন্য আৰু দেৱদঁত বজালে, তাকে দেখি ভীমে পৌণ্ড্ৰক, যুদ্ধিষ্টিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শঙ্খ বজাব ল'লে। এই শঙ্খৰ মহা শব্দই গোটেই পৃথিৱী বিয়পি পৰিলে। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাব জন্ম হ'ব ধৰিলে। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসব আৰম্ভণি কৰিছিলে।
৩) অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰ:- কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুয়োকাষে অৱস্থান গ্ৰহণ কৰি আাছিলে। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ কলে। অৰ্জুনে আচলতে কোনসকল বীৰৰ মাজত অবতীৰ্ণ হ'ব লাগিব বা দুবুদ্ধি দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যৰে কোন সকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছে, সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিলে তেওঁৰ নিজৰ আত্মীয়স্বজন সকলৰ সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল।
৪) অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ:- অৰ্জুনে যুদ্ধক্ষেত্ৰ লৈ তেওঁৰ পিতৃতুল্য, মাতৄতুল্য, ভাতৄ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে। এনেদৰে সকলোয়ে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুনে আবেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি, কঁপিবলৈ ধৰিছে, মুখ শুকাইছে শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংঙ্খা নকৰে, ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্চা তেওঁ নকৰে বুলি কৈছে।
৫। কুলক্ষয় পেষক কিয় মহাপাপ বোলা হৈছে? আলোচনা কৰা।
উত্তৰ:- কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰী সকল বিপথে গলে বৰ্ণসংকৰ হ'ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃ সকলৰ লুপ্তপিণ্ড সমূহ জ্বলাজ্ঞলিহীন হৈ পৰিব। এনে বোৰ দোষৰ বাবে সকলো জাতি ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।
৬) "জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলো.......।"
এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰ:- উক্ত কথাফাঁকি মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখালে তেতিয়া অৰ্জুনে তেওঁৰ চাৰিও পিনে যুদ্ধক্ষেত্ৰত পিতৃব্য, পিতামহ, আচাৰ্য, মাতুন, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখী, শহুৰ আৰু সুহৃদ সকলক উভয় সেনাৰ মাজতে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয়স্বজনসকলৰ সৈতে যুদ্ধ কৰিব লগীয়াত পৰিল তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক কলে যে এই প্ৰজাতি ভাই সকলক যুদ্ধ কৰিবলৈ আহা দেখি তেওঁৰ হাত ভৰিৰ কঁপনি উঠিছে, নোম বোৰ শিয়ৰি গৈছে আৰু তেওঁ নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰনৰ অমংগলৰ হে চিহ্ন দেখা গৈছে পাছে। তেওঁ কৈছে যে যদিও কৌৰব সকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ ময়ো মহাপাপত পৰিম, এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল। তাত কৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে সেয়াই মোৰ বাবে মংগল হ'ব। অন্তত এই মহাপাপ নহ'ব। এই বুলি অৰ্জুনে কৃষ্ণক কলে।
ভাষা - বিষয়কঃ
১) তলত দিয়া শব্দ বোৰ একোটাকৈ সমাৰ্থক শব্দ লিখাঃ
নিপুণ, সমীপ, বিস্তৰ, সহশ্ৰ, সদৃশ, বাদ্য, কৰ-চৰম, শ্ৰুতি, চৰ্ম, বিমঙ্গল, বান্ধব
উত্তৰ:- নিপুণ - পাকৈত
সমীপ - নিকট
বিস্তৰ- বহুত
সহস্ৰ - হাজাৰ
সদৃশ - একে
বাদ্য - বাজনা
কৰ চৰণ - ভৰিত ধৰা
চৰ্ম - ছাল
শ্ৰুতি - বেদ
বিমঙ্গল- অমংগল
বান্ধব - মিত্ৰ
2) তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা
হুয়া, কহা, চক্ষু, কৰিলো, চঞো, মঞি, বুলিলা, খাস, ফুঞ্চিলা , বাইলা, ৰহিবে, ৰহো।
উত্তৰ : হুয়া- হৈ
কৰিলো - কৰিলে
কহা- কোৱা
চাঞো- চাও
মঞি- মই
বুলিলা- কলে
খাস - সহিপৰা
ফুঞ্চিলা - ফুকিলে
বাইলা - বজালে
ৰহিবে - ৰোৱা
ৰহো - ৰৈ থকা
3) ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।
উত্তৰ : ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্ত দশ শতিকাৰ প্ৰথম ভাগত তেখেতৰ সাহিত্য চৰ্চা, কৰা বৈষ্ণৱ কবি ৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম আাছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সম্ভীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তত্সম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্য বোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষা বোৰ পোনপতীয়া আছিল। তেখেতৰ গদ্যত মন কৰিব লগীয়া বিষয়তো হৈছে চুতি চুতি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনা সমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদ পুৰণি অসমীয়া শব্দ মঞি, আমি, আমাক, আামাৰ, আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদিৰ শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ, আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথন মূলক গদ্য ৰীতি আন এক বৈশিষ্ট্য আাছিল।
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
১) ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগবত ভট্টাচাৰ্য্য।
২) ভট্টদেৱৰ পিতৃ-মাতৃ ৰ নাম কি?
উত্তৰ : ভট্টদেৱৰ পিতৃ ৰ নাম হ'ল পৰোষোত্তৰ ভাৰতী আৰু মাতৃৰ নাম হ'ল তাৰা দেৱী।
3) ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰ : ভট্টদেৱে শ্ৰী দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল।
4) ভট্টদেৱে আগতে কোন খন ভগৱত ভাঙনি কৰিছিল?
উত্তৰ : ভট্টদেৱে আগতে শংকৰদেৱৰ ভগৱত খনৰ ভাঙনি কৰিছিল।
৫) ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা?
উত্তৰ : ভট্টদেৱৰ ৰচিত দুখৰ গ্ৰন্থৰ নাম হ'ল 'কথা গীতা ' আৰু 'কথা ভাগৱত'।
৬) ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল?
উত্তৰ: ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে 'কবিৰত্ন' আৰু 'ভাগৱত ভট্টাচাৰ্য' উপাধি লাভ কৰিছিল।
৭)ধৃষ্টদুন্ন কাৰ পুত্ৰ আাছিল?
উত্তৰ : ধৃষ্টদ্যুন্ন দ্ৰুপদৰ পুত্ৰ আাছিল।
৮) সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰ : সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু।
৯) পাণ্ডৱসকলৰ পিতৃৰ নাম কি আাছিল?
উত্তৰ : পাণ্ডৱসকলৰ পিতৃৰ নাম আাছিল পাণ্ডু।
১০) ' বিষাদ যোগ' পাঠটোৰ ক'ৰ পৰা লোৱা হৈছে?
উত্তৰ: 'বিষাদ যোগ' পাঠটো "কথাগীতা " পুথিখনৰ পৰা লোৱা হৈছে।
11) কৃষ্ণৰ্জ্জু্নে কিহত উঠি শঙ্খ বজাইছিল?
উত্তৰ: শুক্লবৰ্ণ চাৰিটা ঘোৰাঁ চলিত মহাৰথত উঠি কৃষ্ণৰ্জ্জু্নে শঙ্খ বজাইছিল।
12) কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কৃষ্ণই বজোৱা শঙ্খ টোৰ নাম কি আছিল?
উত্তৰ: কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কৃষ্ণই বজোৱা শঙ্খ টোৰ নাম আছিল পাঞ্চজন্য।
13) পাণ্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম কি?
উত্তৰ: পাণ্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম আছিল যুধিষ্ঠিৰ, ভীম, অৰ্জ্জুন, নকুল, আৰু সহদেৱ।
js
Tuesday, March 15, 2022
বিষাদ যোগ (কথা গীতাৰ পৰা)
Subscribe to:
Post Comments (Atom)
CBSE Class VIII Mathematics Class Plan
CBSE Class VIII Mathematics (Ganita Prakash) — 160-Day Lesson Plan A comprehensive, day-to-day instructional p...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment