শিশুলীলা
-শ্ৰীশ্ৰী শংকৰদেৱ
( ক ) ‘ শিশুলীলা ’ ঘােষাটি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ‘শিশু – লীলা ’ ঘােষাটি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে ৰচনা কৰিছিল ।
( খ ) ‘শিশুলীলা’ ত কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ ‘ শিশু লীলা’ ত ভগৱান শ্রীকৃষ্ণৰ শিশু কালৰ কথা কোৱা হৈছে ?
( গ ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল ?
উত্তৰঃ শিশু কৃষ্ণই বলাই আৰু গােপশিশুসকলৰ লগত খেলিছিল ।
( ঘ ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল ?
উত্তৰঃ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল ।
( ঙ ) গােপশিশুসকলে যশােদাক কি গােচৰ দিছিল ?
উত্তৰঃ গােপশিশুসকলে যশােদাক ‘কৃষ্ণে মাটি এক দল ’ খােৱা বুলি গােচৰ দিছিল ।
( চ ) গােপবালক সকলৰ কথা শুনি যশােদাই কি কৰিলে ?
উত্তৰঃ গােপবালক সকলৰ কথা শুনি যশােদাই পুত্রক হাতত ধৰি আনি কিয় মাটি খালি , ‘ কোবাই আজি তােৰ ফাৰিবাে ছাল ’ বুলি কৈছিল ।
( ছ ) বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পর্ক কি ?
উত্তৰঃ বলাই বুলি বলােৰামক কোৱা হৈছে । আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পর্ক হ’ল বলোৰাম কৃষ্ণৰ ডাঙৰ ককায়েক অর্থাৎকৃষ্ণৰ দাদা ।
প্রশ্ন ২। কোনে কাক , কিয় কৈছিল লিখা ।
( ক ) কেনে মাটি খাইলি অৰে গােপাল ।
কোবাই আজি তােৰ ফাৰিবাে ছাল ।
উত্তৰঃ গােপশিশুসকলে যেতিয়া যশােদাক শিশু কৃষ্ণই খেলি থাকোতে মাটি খােৱা বুলি গােচৰ দিলেহি তেতিয়া মাক যশােদাই কৃষ্ণক এনেদৰে কৈছিল ।
( খ ) মাতন্ত কৃষ্ণে যশােদাক চাই
মিছা মাতে সবে শুনিয়াে আই ৷৷
উত্তৰঃ লগৰীয়াসকলৰ লগত খেলি থাকোঁতে কৃষ্ণই মাটি খােৱা কথাটো যেতিয়া মাক – যশােদাক গােপশিশুসকলে কলেহি তেতিয়া যশােদাই খঙতে কৃষ্ণৰ হাতত ধৰি লৈ কিয় মাটি খালি আজি তােৰ কোবাই ছাল ফালিম বুলি ক’লে । মাক – যশােদাৰ কথা শুনি ভয়ে ভয়ে মাকৰ ফালে কৃষ্ণই চাই এনেদৰে কৈছিল যে তেওঁ মাটি খােৱা কথাটো সিহঁতে মিছায়ে কৈছে ।
প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা
যশােদা সুন্দরী দেখ পাছে ।
সমস্ত জগত গৰ্ভতে আছে ।
উত্তৰঃ উদ্ধৃত কবিতা ফাকি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ বিৰচিত ‘ শিশুলীলা ঘােষাটিৰ অন্তর্গত । শিশু কৃষ্ণই মাটি নােখােৱাৰ কথাটো মাক যশােদাই বিশ্বাস নকৰাত মাকক বিশ্বাস জন্মাবলৈ যেতিয়া কৃষ্ণই মুখ মেলি দেখুৱালে তেতিয়া মাকে কৃষ্ণৰ মুখৰ ভিতৰত কি দেখিলে তাকে এই কবিতা ফাকিৰ জৰিয়তে প্ৰকাশ
কৰিছে ।
গােপশিশুসকলৰ লগত খেলি থাকোতে এদিন শিশু কৃষ্ণই মাটি খালে । তেতিয়া গােপ শিশুসকলে কৃষ্ণৰ মাক যশােদাক কৃষ্ণই মাটিখােৱা বুলি গােচৰ দিলেহি । মাকে , খঙতে কৃষ্ণৰ হাতত ধৰি যেতিয়া কিয় মাটি খালি , তােৰ আজি কোবাই ছাল চিঙিম বুলি কলে তেতিয়া কৃষ্ণই মাটি খােৱা নাই , গােপশিশুসকলে মিছাতে লগাইছেহি বুলি ক’লে ।
তথাপিও মাক যশােদাই বিশ্বাস নকৰাত কৃষ্ণই মাকক মুখ মেলি দেখুৱালে । যশােদাই কৃষ্ণৰ মুখৰ ভিতৰলৈ চাই দেখিলে সমস্ত বিশ্ব ব্রহ্মাণ্ড কৃষ্ণৰ পেটৰ ভিতৰতে আছে । তাকে দেখি যশােদাৰ হুচ আহিল তেওঁ পুত্র সাধাৰণ নৰ শিশু নহয় , স্বয়ং নাৰায়ণ তেওঁৰ গৰ্ভত পুত্ৰৰূপে জন্মিছেহি ; এওঁ স্বয়ং ভগৱান ।
উত্তৰ:-
( ক ) যত গােপশিশু বলাই আদি ।
সবে ভৈল গৈয়া কৃষ্ণৰ বাদী ।
যশােদাৰ আগে দিলেক খল ।
খাইলন্ত কৃষ্ণে মাটি এক দল ।
( খ ) শুনিয়া কৃষ্ণৰ হৰিল মাত ।
চক্ষু টেৰ কৰি মাৱক চান্ত ।
ভয়তে যেন কাম্পৈ হাত – ভৰি ।
যশােদা দেখে পুত্র গৈল ডৰি ।।
প্রশ্ন ৫ ‘ শিশু লীলা’ৰ কথাখিনি গদ্যৰূপত লিখা ।
উত্তৰঃ শিশু কৃষ্ণই লগৰীয়াৰ সতে খেলা – ধূলা কৰে আৰু কাজিয়াও কৰে । সৰ্বসাধাৰণ শিশুৰ দৰে গােপশিশুসকলৰ লগত খেলি থাকোতে এলদা মাটি খালে । তাকে দেখি লগৰীয়াসকলে কৃষ্ণই মাটিখােৱা কথাটো মাক যশােদাক কলেগৈ । যশােদাই কৃষ্ণক হাতত ধৰি কিয় মাটি খালি , তােৰ আজি কোবাই ছাল চিঙিম বুলি ভয় দেখুৱালে ।
কৃষ্ণই ভয়তে মাকৰ ফালে চাই মাটি খােৱা নাই , দাদা বলৰাম আৰু গোপশিশুসকলে মিছায়ে কৈছেহি বুলি কোৱাতাে মাক যশােদাই বিশ্বাস নকৰিলে আৰু মাটি যদি খােৱাই নাই মুখ মেলি দেখুওৱা বুলি কৃষ্ণক কলে । কৃষ্ণই ডাঙৰকৈ মুখখন মেলি মাকক দেখুৱালে । মাক যশােদাই দেখিলে কৃষ্ণৰ মুখ গহৰত মাটি লদাৰ সলনি সমস্ত জগতখন আছে ।
প্রশ্ন ৬। আধুনিক অসমীয়া গদ্য ৰূপত লিখা ।
( ক ) যত গােপ শিশু বলাই আদি ।
সবে ভৈল গৈয়া কৃষ্ণৰ বাদী ।
উত্তৰঃ বলাইকে ভিতৰ কৰি সকলাে গােপ – শিশু কৃষ্ণৰ ওচৰীয়া হ’ল ।
( খ ) শুনিয়া কৃষ্ণৰ হৰিল মাত ।
চক্ষু টেৰ কৰি মাৱক চান্ত ।
ভয়তে যেন কাম্পৈ হাত – ভৰি ।
যশােদা দেখে পুত্র গৈল ডৰি ৷৷
উত্তৰঃ কথা শুনি কৃষ্ণৰ মুখৰ মাত হৰিল । তেওঁ কেৰাকৈ মাকৰ ফালে চালে । ভয়তে যেন তেওঁৰ হাত – ভৰি কঁপিছে । যশােদাই দেখিলে পুত্ৰই বৰ ভয় খাইছে ।
প্রশ্ন ৭। তলৰ শব্দবােৰৰ আধুনিক অসমীয়া ৰূপ লিখা ।
হাসি , চক্ষু , মাতন্ত , মাৱক , প্রকাশিয়া , ফাৰিবাে , শুনিয়া , টেৰ , সমস্ত , সােধন্ত , কাম্পৈ ।
উত্তৰঃ
হাসি – হাঁহি ।
ফাৰিবাে – ফালিম ।
চক্ষু – চকু ।
শুনিয়া – শুনি ।
মাতন্ত – মাতিলে ।
টেৰ – বেঁকা , কেৰা ।
মাৱক – মাকক ।
সমস্ত – সমূদায় , গােটেই ।
প্রকাশিয়া – প্ৰকাশ কৰি ।
সােধস্ত – সুধিলে ।
কাস্পৈ – কঁপে ।
প্রশ্ন ৮। বিপৰীতার্থ বুজোৱা শব্দ
উত্তৰঃ
সুন্দৰী – কুন্ধচ ।
আই – বােপাই ।
পুত্ৰ – বােৱাৰী ।
দাদা – বৌ ।
ভাই – ভনী ।
প্ৰশ্ন ৯। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা ।
উত্তৰঃ
হৰি – ধৰি ।
চাই – কোবাই ।
আদি – বাদী ।
মাটি – ঘাটি ।
খল – দল ।
মাতি – আতি ।
হাসি – আসি ।
পাছে – আছে ।
ভৰি – ডৰি ।
বেথা – কথা ।
No comments:
Post a Comment