js

Friday, April 1, 2022

অষ্টম শ্ৰেণী অসমীয়া পাঠ ১৪ সংস্কৃতি আৰু আমাৰ জীৱন

সংস্কৃতি আৰু আমাৰ জীৱন

প্রশ্ন ১। উত্তৰ দিয়া 

 ( ) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্রয়ােজন হয়

উত্তৰঃ  সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্রয়ােজন হয় ।

 ( ) সমাজ কাৰ দ্বাৰা গঠিত হয় ?

উত্তৰঃ  সমাজ মানুহৰ দ্বাৰা গঠিত হয় ।

 ( ) সংস্কৃতিৰ অন্যতম উপাদান কি ?

 উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান হ’ল আচাৰ – আচৰণ ।

( ) কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বােটলা হয় ?

উত্তৰঃ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ্ বােটলা হয় ।

 ( ) সৎ প্রবৃত্তিৰ লােক হ’বলৈ কি কৰিব লাগে ?

 উত্তৰঃ সৎ প্রবৃত্তিৰ লােক হ’বলৈ ভাল কাম আৰু সুচিন্তাৰ কাৰ্য্য কৰিব লাগে । 

( ) সংস্কৃতিৰ ৰূপ দুটা কি কি

উত্তৰঃ সংস্কৃতিৰ ৰূপ দুটা হ’ল— এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ ।

 ( ) মানুহৰ আৱেগ – অনুভূতিৰ মূল উৎস কি ?

উত্তৰঃ  মানুহৰ আৱেগ – অনুভূতিৰ মূল উৎস হ’ল- চৌপাশৰ বিনন্দীয়া প্রকৃতি ।

 ( ) কৃষ্টিৰ আধাৰ কি ?

 উত্তৰঃ কৃষ্টিৰ আধাৰ হ’ল কৃষি ।।

( ) ‘দখনা ’ বা ‘ চৌবন্দী ’ মূলতঃ কোন কোন জনগােষ্ঠীৰ মহিলাৰ পােছাক ?

 উত্তৰঃ ‘ দখনা ’ বড়াে আৰু ‘ চৌবন্দী ’ নেপালী জনগােষ্ঠীৰ মহিলাৰ পােছাক । 

প্রশ্ন ২। চমু উত্তৰ দিয়া—

 ( ) ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি হ’ল ‘ যি কথা , যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰপৰা তুলি নি দিব্য প্রকৃতি দিয়ে এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ পূর্ণ আনন্দ পাবলৈ বাট দেখুৱায় মানুহৰ সেই কথা , সেই চিন্তা বা কামেই হৈছে সংস্কৃতি ।

 ( ) সাংস্কৃতিক বৈচিত্র্যৰ কাৰণ সমূহ কি কি ?

 উত্তৰঃ সাংস্কৃতিক বৈচিত্র্যৰ কাৰণ সমূহ হ’ল – জলবায়ুৰ ভিন্নতা , খাদ্য ৰীতিৰ অভ্যাস বা জীৱন শৈলীৰ বৈশিষ্ট্য ।

 ( ) খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়

উত্তৰঃ খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিত বহলভাৱে প্ৰভাৱ পেলায় । কোনাে কোনাে সম্প্রদায়ে খাৰ খাই ভাল পায় , কোনাে সম্প্রদায়ে টেঙা খাই ভাল পায় আৰু কোনােৱে জ্বলা খাই ভাল পায় ।

অসমীয়া খাদ্য অসমীয়াৰ সংস্কৃতি , বঙালী খাদ্য বঙালীসকলৰ বঙালী সংস্কৃতি । সেইদৰে বিহাৰী , পাঞ্জাবী আদি লােকৰ খাদ্যও তেওঁলােকৰ সংস্কৃতি । কিন্তু মন কৰিবলগীয়া কথা এয়ে যে বর্তমান সময়ত এই সকলাে শ্ৰেণীৰ লােক বিভিন্ন 

কাৰণত মিশ্রিতভাৱে একেলগে বসবাস কৰিবলৈ লােৱাত খাদ্য-ৰীতিও সংমিশ্ৰিত হৈছে আৰু ইয়াৰ বৈচিত্র্যও প্রকাশ পাইছে ।

 ( ) সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই থাকে

উত্তৰঃ সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন ওতঃপ্রােতভাৱে বান্ধ খাই থাকে । আচাৰ – আচৰণৰ মাজত মানুহৰ ব্যক্তিগত চিন্তা – ভাৱনা উন্মােচিত হােৱাৰ লগতে সামাজিক মনো প্রতিফলিত হয় । ভিন্ন সামাজিক পৰিবেশৰ আচাৰ – আচৰণাে বিভিন্ন ।

মানুহে জীৱনৰ প্রথম প্রভাতৰে পৰা বিভিন্ন কার্যৰ লগত জড়িত হৈ পৰে আৰু সেই কার্য সম্পাদন কৰিবলৈ যাওঁতে নিজৰ ৰুচি , আচৰণ আদি প্ৰকাশ কৰে । এনেকৈয়ে লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে ।

 প্রশ্ন ৩। বুজাই লিখা । 

( ) বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্রভেদ ।

 উত্তৰঃ বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ মাজত থকা প্রভেদ তলৰ কথাখিনিৰ পৰা বুজিব পৰা যায় । নৃত্য এটি পৰিবেশন কৰোঁতে যি কলা – কৌশল তাৰ লগত যুক্ত সেইবােৰ বাহ্যিকৰূপৰ অন্তৰ্গত ; কিন্তু সেইনৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দই হ’ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ ।

ধুনীয়াকৈ সাজ – পােছাক পিন্ধা কার্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক , কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অসম উৎস । সেইবাবে ক’ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবােধসমূহ যথা উচিত – অনুচিত , ন্যায় – অন্যায় , কৰণীয় – অকৰণীয় আদি সংযুক্ত হৈ থাকে ।

বাহ্যিকভাৱে চিকুণটি হৈ থকা ব্যক্তি এগৰাকী যদি পেট কপটীয়া হয় , তেন্তে তেওঁক সংস্কৃতিবান বুলি অভিহিত কৰা উচিত নহ’ব ।

 ( ) জলবায়ু আৰু খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণৰ সহায় কৰে ?

উত্তৰঃ  সাংস্কৃতিক বৈশিষ্ট্যৰ কাৰণে জলবায়ুৰ ভিন্নতা আৰু খাদ্য-ৰীতিৰ ভিন্নতা বিশেষভাৱে মন কৰিবলগীয়া । জলবায়ু অনুসৰি মানুহৰ সাজ – পােছাক বেলেগ বেলেগ , খাদ্যৰীতিও বেলেগ বেলেগ । গৰম জলবায়ুত যিধৰণৰ সাজ – পােছাক পৰিধান কৰে সেই সাজ – পােছাক ঠাণ্ডা জলবায়ু অঞ্চলৰ বাবে মুঠেই উপযুক্ত নহয় ।

সেই কাৰণেই জলবায়ু অনুসৰি পৰিধান কৰা পােছাক পাতি সেই অঞ্চলৰ মানুহৰ বা সম্প্রদায়ৰ বা গােষ্ঠীৰ নিজস্ব সংস্কৃতিৰ পােচাক হৈ পৰে ।

        আনহাতে খাদ্যৰীতিৰ ক্ষেত্ৰতত নিজা দেশ তথা ৰাজ্যৰ কাৰণে বেলেগ বেলেগ দেখা যায় । অসমীয়াৰ খাদ্যই অসমীয়াৰ , বঙালীৰ খাদ্যই বঙালীৰ , বিহাৰী , পাঞ্জাবী আদি খাদ্যই সেই  লােকৰ সংস্কৃতি দাঙি ধৰে ।

অৱশ্যে বর্তমান সময়ত বিভিন্ন কাৰণত অসমীয়া বঙালী , বিহাৰী , পাঞ্জাবী আদি সকলাে লােক বহু ঠাইত মিশ্রিতভাৱে বসবাস কৰিবলৈ লােৱাত সাজ – পােছাক , খাদ্য – ৰীতিৰ সংমিশ্রণ ঘটাত এক বিশেষ ধৰণৰ সংস্কৃতি গঢ় লৈ উঠিছে । ইয়ে ঐক্য – সংহতি গঢ়াৰ লগতে সংস্কৃতিৰ বিকাশতাে বিশেষ ধৰণে সহায় কৰিছে । 

প্রশ্ন ৪। ব্যাখ্যা কৰা 

( ) সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি । 

উত্তৰঃ উদ্ধৃত কথাফাকি ‘ সংস্কৃতি আৰু আমাৰ জীৱন ’ নামৰ পাঠটিৰ অন্তর্গত । সংস্কৃতিয়ে জাতীয় জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই সম্পর্কে আলােচনা কৰিবলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে । 

             সংস্কৃতি হ’ল যি কথা , যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্রকৃতি দিয়ে , এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূর্ণ আনন্দ পাবলৈ বাট দেখুৱায় সেই কথা , সেই কাম বা চিন্তাই হৈছে সংস্কৃতি । জাতীয় জীৱনো এই কথা , এই কাম বা চিন্তাৰ দ্বাৰাই অর্থাৎ সংস্কৃতিৰ দ্বাৰাই পৰিচালিত হয় ।

সংস্কৃতি বিহীন জাতি কেতিয়াও জাতি হিচাপে পৰিচয় দিব নােৱাৰে । যি জাতিৰ সংস্কৃতি যিমানেই উন্নত সেই জাতি সিমানেই উন্নত আৰু সভ্য ।

( ) সকলাে সুকুমাৰ চিন্তা , কাম আৰু গুণ বাশিয়েই হ’ল সংস্কৃতিৰ সােপান । 

উত্তৰঃ উদ্ধৃত কথাফাকি ‘ সংস্কৃতি আৰু আমাৰ জীৱন ’ নামৰ পাঠটিৰ অন্তৰ্গত । সংস্কৃতি কি তাক বুজাবলৈ পাঠটিত এই কথাফাকিৰ অৱতাৰণা কৰিছে । 

          সুকুমাৰ অৰ্থ অতি সুন্দৰ । সকলাে কথা , কাম , চিন্তা যদি মানুহৰ অতি সুন্দৰ হয় তেতিয়াই মানুহৰ মাজত সংস্কৃতি গঢ় লৈ উঠে । এই গুণে মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্রকৃতি দিয়ে , পৃথিৱীখনক ধুনীয়া কৰি জীৱন আনন্দপূর্ণ কৰি তােলে ।

এনে গুণেই সংস্কৃতিক লাহে লাহে উন্নতৰ পৰা উন্নতমলৈ আগবঢ়াই লৈ যায় । তেতিয়াই মানুহৰ মাজত গঢ় লৈ উঠে উন্নত সভ্যতা । সেই কাৰণেই কোৱা হৈছে সকলাে সুকুমাৰ চিন্তা , কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সােপান । 

( ) মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্রকৃতি ।

উত্তৰঃ উদ্ধৃত কথাফাকি ‘ সংস্কৃতি আৰু আমাৰ জীৱন ’ নামৰ পাঠটিৰ অন্তৰ্গত । চৌপাশৰ বিনন্দীয়া প্রকৃতিয়ে মানুহৰ মনত কেনে আৱেগ – অনুভূতি জগাই তুলিব পাৰে তাৰে কথা কবলৈ যাওঁতে পাঠটিত এনেদৰে উল্লেখ কৰিছে ।

           প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খােৰাক আহৰণ কৰোঁ । হৰিণ এটি ছন্দায়িত খােজেৰে যেতিয়া জঁপিয়াই আঁতৰি যায় , তাৰ মাজতেই শিল্পী – সাহিত্যিকে অনুপম সৃষ্টিৰ প্ৰেৰণা লাভ কৰে , উদ্বেলিত হৈ উঠে শিল্পী সত্তাৰ কল্পনা ।

আমাৰ বিভিন্ন নদ – নদী , সেউজীয়া পাহাৰ , গছ – লতা , পশু – পক্ষী আৰু ইয়াত বসবাস কৰা বিভিন্ন জনগােষ্ঠীৰ বিচিত্র জীৱন শৈলীয়ে মানুহৰ আৱেগ অনুভূতি সৃষ্টি কৰে , এইবােৰ সৃজনী শক্তি আধাৰস্বৰূপ ।

 প্রশ্ন ৫। ( ) কৃষ্টি আৰু স্তুতি শব্দৰ শেষত টি , তি ধ্বনি মিল থকা শব্দ লিখা । 

উত্তৰঃ     কৃষ্টি, স্তুতি, বৃষ্টি প্রতি , দৃষ্টি , সৃষ্টি , নতি, মতি

( ) সংস্কৃতি – সম + কৃতি , এনে ধৰণৰ শব্দৰ আগত ‘ সম ‘ উপসর্গ যােগ কৰি সংস্কাৰ , সংযম , সন্ন্যাস , সঞ্চয় আদি শব্দ লিখিব পাৰোঁ । তেনে ধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত শব্দ লিখি বাক্য সাজা ।

 প্রতি , অৱ , অনু , বি , উৎ 

উত্তৰঃ    প্রতি – প্রতিবাদ :- যিকোনাে কথাতে প্রতিবাদ কৰা বেয়া । 

            অৱ – অৱজ্ঞা :- ডাঙৰক অৱজ্ঞা কৰিব নাপায় । 

            অনু – অনুজ :-  অর্জুন যুধিষ্ঠিৰৰ অনুজ ভাতৃ আছিল । 

            বি – বিখ্যাত :-  ভাল কাম কৰি বিখ্যাত হ’বলৈ চেষ্টা কৰা । 

            উৎ-উদ্ধাৰ :-  বিপদৰ পৰা উদ্ধাৰ কৰোতাজনৰ প্রতি সদায় কৃতজ্ঞ হৈ থাকিব লাগে । 

প্রশ্ন ৬। পাঠটোত থকা যুৰীয়া শব্দবােৰ বাছি উলিওৱা । 

উত্তৰ : বসবাস , যুগে যুগে , আচাৰ – আচৰণ , চিন্তা – ভাবনা , লাহে লাহে , ৰীতি – নীতি , খেতি – পথাৰ , আচাৰ – বিচাৰ , মেখেলা – চাদৰ , জাতি – জনগােষ্ঠী , কলা – কৌশল , সাজ – পােছাক , ন্যায় – অন্যায় , কৰণীয় – অকৰণীয় , পেট কপটীয়া , শিল্পী – সাহিত্যিক , গছ – লতা , পশু – পক্ষী , গীত – মাত , নাচ – গান , চিত্রকলা , উৎসৱ – পার্বণ , ধ্যান – ধাৰণা , আচাৰ – অনুষ্ঠান , নীতি – নির্দেশনা ইত্যাদি । 

প্রশ্ন ৭। অর্থ প্রকাশ হােৱাকৈ বাক্য ৰচনা কৰা ।

 আচাৰ – বিচাৰ , সাজ – পােছাক , পেট – পূজা , বিনন্দয়া , উৎসৱ – পার্বণ । 

উত্তৰঃ   আচাৰ – বিচাৰ :- মানুহৰ আচাৰ – বিচাৰতে মানুহ কেনে বুজিব পাৰি ।

          সাজ – পােছাক :-   সকলােৱে ৰং বিবঙৰ সাজ – পােছাক পিন্ধি ভাল নাপায় । 

          পেট – পূজা :- নিজৰ পেটপূজা কৰিলেই নহয় , খাবলৈ নােপােৱা সকলৰ চিন্তাও কৰিব লাগে ।

          বিনন্দীয়া :-  প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখি সকলাে মােহিত হয় । 

          উৎসৱ – পাৰ্বণ :- উৎসৱ – পাৰ্বণত মানুহৰ মনত আনন্দ লাগে ।  

 প্রশ্ন ৮। তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া । 

( ) কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ – উৎসৱ কেইটামানৰ নাম লিখা । 

উত্তৰঃ কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ – উৎসৱ কেইটামান হ’ল— কৃষি ৰােপণ উৎসৱ , অর্থাৎ গুছি লােৱা উৎসৱ , ধানৰ আগ অনা বা লখিমী আদৰা উৎসৱ , ন – খােৱা উৎসৱ , শীতলা পূজা , গাে – পূজা , বহাগ বিহু , কাতি বিহু , ভােগালী বিহু , মহৌখুন্দা বা ম’হ খেদা উৎসৱ , হৰিধ্বনি দিয়া উৎসৱ , সাউতীখােৱা উৎসৱ আদি ।

 ( ) শিল্পভিত্তিক সমাজ বুলিলে কি বুজা ?

 উত্তৰঃ শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলি ক’ব পাৰি । উৎপাদন ব্যৱস্থাৰ বৈশিষ্ট্যৰ বাবে এনে সমাজৰ আচাৰ – নীতি বা সাংস্কৃতিক উপাদান পৃথক ধৰণৰ হয় । কৃষিভিত্তিক সমাজৰ সৰল নীতি বা আচাৰৰ বিপৰীতে শিল্পভিত্তিক সমাজত ভাৱ – চিন্তা , মূল্যবােধাে বেলেগ ধৰণৰ । 

প্রশ্ন ৯। ‘একেটা অঞ্চলতে পৰিধান কৰা সাজ – পােছাকে সেই অঞ্চলৰ মানুহৰ  ৰুচিবােধ প্রতিফলিত কৰে ।’ 

      — নিজৰ নিজৰ সাজ – পােছাকে কেনেধৰণে এখন নির্দিষ্ট ঠাইৰ পৰিচয় দাঙি ধৰে উদাহৰণৰ সৈতে বুজাই লিখা । 

উত্তৰঃ একেটা অঞ্চলতে পৰিধান কৰা সাজ – পােছকে সেই অঞ্চলৰ মানুহৰ ৰুচিবােধ  প্রতিফলিত কৰে । উদাহৰণস্বৰূপে একোটা জনগােষ্ঠী একোটা অঞ্চলত বা ঠাইত প্রায় একেলগে বাস কৰে ।

বড়াে অঞ্চলত বাস কৰা বড়ােসকলৰ পােছাক – পাতিয়ে , নেপালী সকলৰ পােছাক – পাতিয়ে , মুছলমানসকলৰ পােছাক – পাতিয়ে বা আন জনজাতীয় লােকৰ পােছাক – পাতিয়ে তেওঁলােকৰ নিজস্ব পৰিচয় দাঙি ধৰাৰ উপৰিও সাংস্কৃতিক আৰু ৰুচিবােধৰ পৰিচয় দিয়ে ।

মেখেলা – চাদৰ পৰিহিত মহিলা দেখিলে অসমীয়া মহিলা বুলি পৰিচয় পায় । এইদৰে নিজৰ নিজৰ সাজ – পােছাকে এখন নির্দিষ্ট ঠাইৰ বা জনগােষ্ঠীৰ পৰিচয় দাঙি ধৰে । 

প্রশ্ন ১০। গীত – মাত , নাচ বাদ্য , চিত্র-কলা , স্থাপত্য – ভাস্কর্য আৰু উৎসৱ – পাৰ্বণ আদিক আমাৰ সমাজ জীৱনৰ অপৰিহার্য অংগস্বৰূপ বুলি কিয় কোৱা হয় ? এইবােৰ উপাদানে সংস্কৃতি গঢ়ি তােলাত কিদৰে সহায় কৰে বুলি তুমি ভাবা , বুজাই লিখা ।

উত্তৰঃ গীত – মাত , নাচ – বাদ্য , চিত্র-কলা , স্থাপত্য – ভাস্কর্য আৰু উৎসৱ – পার্বণ আদি আমাৰ সমাজ – জীৱনৰ অপৰিহার্য অংগ স্বৰূপ ; কিয়নাে এইবােৰৰ মাধ্যমত আমাৰ সামগ্রিক ৰুচিবােধ , কল্পনাশক্তি আৰু জীৱনশৈলীৰ মহত্ব প্রতিফলিত হয় ।

এই সমূহ সুকুমাৰ কলাকে ধৰি সামাজিক ধ্যান – ধাৰণা , আচাৰ – অনুষ্ঠান , শিষ্টাচাৰ আৰু নীতি – নির্দেশনা সকলাে কৃষ্টিভিত্তিক আৰু এইবােৰেই আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান । 

প্রশ্ন ১১। ‘সংস্কৃতিৰ দুটা ৰূপ — এটা বাহ্যিক , আনটো আভ্যন্তৰীণ । 

  —পাঠটোত বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ দুটা উদাহৰণ দিয়া হৈছে । পঢ়ি বুজি লােৱা আৰু তুমি নিজে ভাবি দুটা উদাহৰণ যুণ্ডত কৰা ৷ 

উত্তৰঃ সংস্কৃতিৰ বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ দুটাৰ উদাহৰণ এনেদৰে দিব পৰা যায় , ―প্রকৃতিৰ বিনন্দীয়া সৌন্দর্যই হ’ল বাহ্যিক ৰূপ আৰু এই বিনন্দীয়া সৌন্দর্য দেখি যি বিমল আনন্দ অনুভৱ কৰা যায় সেয়াই হ’ল আভ্যন্তৰীণ ৰূপ । 

প্রশ্ন ১২। প্রশ্ন অনুসৰি ভাল কামবােৰৰ টোকা

উত্তৰঃ ( ) আনৰ প্রতি গুৰুত্ব দিয়া :- আনৰ ভাল কাম আৰু ভাল কথাত গুৰুত্ব দিলে মৰম আৰু সন্মান কৰা হয়। ইয়ে দুয়াে পক্ষকে উৎসাহিত কৰে , সজ আচৰণত সহায় । কৰে । ইয়াে এক জীৱনৰ সংস্কৃতি । 

         ( ) আনক সন্মান জনােৱা :- আনক সন্মান জনাব পৰাটো , আনক স্বার্থহীনভাৱে ভাল পাব পৰাটো সাংস্কৃতিক মনৰ পৰিচায়ক । তাত আন্তৰিকতা আৰু বিনয়ভাৱ মিহলি , হৈ থাকে । এইবােৰ সংস্কৃতিৰ উপাদান ।

        ( ) প্রয়ােজন অনুসৰি কথাকোৱা :-  প্রয়ােজন অনুসৰিহে কথা কব লাগে ৷ ইয়াকে শালিনতা বােলে । অপ্রয়ােজনত কথা কোৱা , কেপ্ কেপাই থকা , প্রয়ােজন নহলেও আনৰ  কথাত মাত মতা এইবােৰ সংস্কৃতিৰ পৰিপন্থী । শালিনতাই সংস্কৃতিৰ ৰূপ বঢ়ায় । 

       ( ) মধুৰ কথাৰে আনক সম্মান জনােৱা :-  বিনয় আৰু নম্রতা হ’ল সংস্কৃতিৰ উপাদান । ইয়াত কথাৰ মধুৰতা সংযােগ হ’লে সংস্কৃতিৰ সৌন্দর্য বাঢ়ে । মধুৰ কথাৰে অভ্যাগতক আদৰি অনাটো জীৱনৰ এক সংস্কৃতি । 

       ( ) পথেৰে পাৰ হওঁতে সাৱধান হােৱা :-  পথেৰে পাৰ হওঁতে দুয়ােফালে ভালদৰে চাইহে নিষ্কণ্টক বুলি জানিলে পাৰ হ’ব লাগে । এইটো এটা ভাল অভ্যাস । ইয়াৰ দ্বাৰা নিজৰেই নহয় , আনৰাে উপকাৰ হয় । ভাল অভ্যাস , ভাল কাম একোটা সংস্কৃতি । 

       ( ) আনৰ সুবিধা – অসুবিধালৈ লক্ষ্য কৰা :-  কেতিয়াও কোনােৱে কাকো অসুবিধাত পেলােৱা , বেয়া পােৱা কাম কৰিব নালাগে । নিজৰ যিদৰে কিছুমান অসুবিধা থাকে , আনৰ তেনে অসুবিধা থকাটো স্বাভাৱিক । গতিকে আনৰ অসুবিধা সুবিধা চাইহে কাম কৰাটো সুৰুচিপূর্ণ কাম । এনে সুৰুচিপূর্ণ কামেই সংস্কৃতি ।

       ( ) মার্জিত সাজ – পােছাক পৰিধান কৰা :-  মার্জিত সাজ পােছাক পৰিধান কৰা সুৰুচি মনৰ পৰিচায়ক । সুৰুচি মনতহে সাংস্কৃতিক মনৰ সৃষ্টি হয় । মার্জিত সাজ – পােছাকে সকলােকে সন্তুষ্ট কৰে আৰু পৰিধান কৰা জনকো সুন্দৰ কৰি তােলে । সুন্দৰতাই হ’ল সংস্কৃতি ।

       ( ) গছ – গছনিফুল আদি ৰুই প্রতিপালন কৰা :-  গছ – গছনি , ফুল আদি প্ৰকৃতিৰ অপূর্ব সমল । এইবােৰে প্ৰকৃতিৰ ৰূপ চৰায় , প্রকৃতিক বিনন্দীয়া কৰি তােলে ৷ ইয়াৰ প্ৰতিপালন কৰি প্রকৃতিক সৌন্দর্যৰ ইন্ধন যােগােৱা হয় । ইয়ে প্রতিপালকৰ সুন্দৰ মন আৰু ৰুচিৰ পৰিচয় দিয়ে  । সেয়া এক সংস্কৃতি । 

       ( ) লােক – গীত , নাট – ভাওনা আদিৰ প্রতি সম্মান জনােৱা আৰু অনুশীলন কৰা :- অকল লােক – গীতেই নহয় সকলাে প্রকাৰৰ গীত – মাত , নাচ – গান , নাট – ভাওঁনা আদি সমাজ জীৱনৰ অপৰিহার্য অংগ । এইবােৰ সুকুমাৰ কলা । ইয়াক অনুশীলন কৰাটো সাংস্কৃতিক মনৰ পৰিচায়ক ।

       ( ) পিতৃ – মাতৃ , ভাই – ভনী আৰু ওচৰ – চুবুৰীয়াৰ প্রতি কর্তব্য পালন :- মানুহৰ জীৱনটো অকল নিজৰ কাৰণেই নহয় , পিতৃ – মাতৃ , ভাই – ভনী আৰু ওচৰ – চুবুৰীয়াৰ প্রতিও আমাৰ কর্তব্য আছে । এনে মনােভাৱ উদাৰ আৰু সাংস্কৃতিক মনৰ পৰিচায়ক । ইয়ে সকলােকে মৰম – চেনেহেৰে বান্ধ খুৱাই ৰাখে । এইয়াও এক সংস্কৃতি । 

      ( ) উৎসৱ – পাৰ্বণত অংশ গ্রহণ কৰা :- উৎসৱ পার্বণ সংস্কৃতিৰ অন্যতম উপাদান । ইয়াৰ অংশ গ্রহণে সাংস্কৃতিক মন আৰু ঐক্য সংহতিৰ সৃষ্টি কৰে । 

       ( ) শিক্ষা – গুৰুৰ প্রতি সম্মান প্রদর্শন কৰা :-  শিক্ষা গুৰুৱে আমাৰ জ্ঞান – চকু মুকলি কৰি দিয়ে । এই জ্ঞানৰ ফলতে সুৰুচিপূর্ণ জীৱন যাপন কৰিবলৈ শিকোহঁক । গতিকে শিক্ষা গুৰুৰ প্রতি সম্মান প্রদর্শন আমাৰ এৰাব নােৱাৰা কর্তব্য । শিক্ষা গুৰুৰ প্রতি সম্মানসূচক আৰু নমনীয় ভাবাে মানুহৰ জীৱনৰ এক সংস্কৃতি ।

No comments:

Post a Comment

SEBA HSLC Question Paper Assamese 2022