js

Friday, April 1, 2022

অষ্টম শ্ৰেণী অসমীয়া পাঠ ৭ বস্তু বিজ্ঞান অধ্যয়ন

বস্তু বিজ্ঞান অধ্যয়ন

সত্যনাথ বৰা

ক – ( পাঠভিত্তিক ক্রিয়া কলাপ )

 প্রশ্ন ১। উত্তৰ দিয়া

 ( ) বিজ্ঞানশাস্ত্র কিহৰ ভঁৰাল

উত্তৰঃ বিজ্ঞান শাস্ত্র জ্ঞানৰ ভঁৰাল ।

 ( ) বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে

উত্তৰঃ বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিবলৈ ধৰিছে ।

 ( ) বিজ্ঞান-চর্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে ?

উত্তৰঃ বিজ্ঞান চর্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰিছে ।

 ( ) উদ্‌গতি পথত কিহে বাধা দিয়ে ?

 উত্তৰঃ জাতীয় কু-সংস্কাৰে জাতীয় উদ্‌গতিৰ পথত আৰু ব্যক্তিৰ কু – সংস্কাৰে ব্যক্তিৰ উদ্‌গতিৰ পথত বাধা দিয়ে ।

 ( ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে

উত্তৰঃ  ধনগুলৈক প্রেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে । 

( ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?

উত্তৰঃ  হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে । 

( ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়

উত্তৰঃ বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায় ।

 প্রশ্ন ২। ‘ধনগুলৈ’ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা ।

উত্তৰঃ পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায় । সেই ভাপ বাহিৰৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে। ইয়াকে ধনগুলৈ বােলা হয় আৰু ইয়াৰ উৎপত্তি এনেকৈয়ে হয় ।

 প্রশ্ন ৩। ‘প্রতিধ্বনি ’ কেনেকৈ হয় ?

 উত্তৰঃ হাবিয়নিত বা পাহাৰ , নৈৰ গৰা আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ এইবােৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে । ইয়াকে প্ৰতিধ্বনি বোলে আৰু এনেকৈয়ে প্ৰতিধ্বনি হয় ।

খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে । ইয়াকে প্রতিধ্বনি বােলে আৰু এনেকৈয়ে প্রতিধ্বনি হয় ।

 প্রশ্ন ৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভৰাল বুলি কোৱা হয়

পউত্তৰঃ বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে । ৰে’ল , জাহাজ , টেলিফোন , ফটোগ্রাফ , ফনােগ্রাফ , গ্রামােফোন , অণুবীক্ষণ , দূৰবীক্ষণ ; সম্প্রতি ওলােৱা বিমান , নানাবিধ ঔষধ আৰু নানাৰকৰম চিকিৎসা প্রণালী এই আটাইবিলাক বিজ্ঞান চর্চাৰ ফল । বিজ্ঞান চর্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি । সেই কাৰণেই বিজ্ঞান শাস্ত্রক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় । 

প্রশ্ন ৫। বিজ্ঞানবিদসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে ?

উত্তৰঃ বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোন , গ্রামােফোন , ফণােগ্রাফ আদি যন্ত্র আৱিষ্কাৰ কৰিছে । 

প্রশ্ন ৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ৷

 ( ) কুসংস্কাৰ উদগতিৰ পথৰ এটা বাধা ।

 উত্তৰঃ কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা   ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠৰ পৰা তুলি অনা হৈছে । মানুহৰ মাজত চলি অহা সকলাে বিশ্বাসেই যে সঁচা নহয় , বিজ্ঞানে তাৰ সঁচা – মিছা প্রমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে কথাফাকি উল্লেখ কৰিছে । 

            প্রাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমানাে সঁচা বুলি বিশ্বাস কৰি আহিছে । এইবােৰকে কু – সংস্কাৰ বােলে ৷ এনে জাতীয় কুসংস্কাৰে জাতীয় উদ্‌গতিৰ পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথত বাধা দি আহিছে ।

এই কু-সংস্কাৰবােৰ আঁৰাবলৈ বিজ্ঞানে বর্তমান অহৰহ চেষ্টা কৰি আহিছে । কাৰণ বিজ্ঞানে এইবােৰৰ সঁচা – মিছা নিৰূপণ  কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰিছে । 

( ) বিজ্ঞান শাস্ত্র জ্ঞানৰ ভৰাল । 

উত্তৰঃ এই কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ৷ বর্তমান বিজ্ঞানে মানুহক কিমান জ্ঞানৰ খবৰ দি আহিছে , মানুহৰ কিমান উপকাৰ কৰিছে তাৰ কথা ক’বলৈ যাওঁতেই পাঠটিত এনেদৰে উল্লেখ কৰিছে ।

          বিজ্ঞানে সকলাে ধৰণৰ জ্ঞান প্রদান কৰিব পাৰে । বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে । বিজ্ঞানে প্রকৃতিৰ গুপ্ততত্ত্ব ভেদ

কৰিব পাৰে । অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ উদ্ঘাটন কৰিব পাৰে । ৰেল , জাহাজ , টেলিফোন , টেলিগ্রাফ , ফনােগ্রাফ , গ্রামােফোন , অণুবীক্ষণ , দূৰবীক্ষণ , সম্প্রতি ওলােৱা বিমান , যান-বাহন , নানাবিধ ঔষধী ‘ আৰু চিকিৎসা প্রণালী আদিৰ সৃষ্টি বিজ্ঞান শিক্ষাৰ ফল ।

আজি মানুহৰ জীৱন ধাৰণৰ সকলো দিশতে বিজ্ঞানৰ অৱদান আছে । সেই কাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হৈছে ।

() মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞানৰ ফল ।

উত্তৰঃ  এই কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা ‘বস্তু বিজ্ঞান অধ্যয়ন ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । মানৱ জাতিৰ ওপৰত বর্তমান বিজ্ঞানৰ প্ৰভাৱ সম্পর্কে ক’বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰিছে ।

       বিজ্ঞানশাস্ত্র হ’ল জ্ঞানৰ ভঁৰাল । ইয়াৰ দ্বাৰা মানুহৰ মাজত চলি অহা কু – সংস্কাৰবােৰ আঁতৰ কৰাৰ উপৰি প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰি মানুহৰ মাজত প্রকৃত সত্যটো প্রকাশ কৰিছে । সমাজৰ সকলাে বাধা আঁতৰাই উদগতিৰ পথত বাট বুলিবলৈ বিজ্ঞানে শিক্ষা দিছে ।

মানুহে আগৰ বেয়া কথা , বেয়া চিন্তা , কু-সংস্কাৰ আদি আঁতৰাই লাহে-লাহে সভ্যতাৰ পথত আগবাঢ়িছে । অদ্ভুত অদ্ভুত কাম কৰি , আৱিষ্কাৰ কৰি মানুহৰ প্ৰয়ােজনীয় সকলাে সামগ্রী নির্মাণৰ সহায় কৰি মানৱ সভ্যতাক সকলাে ফালৰ পৰাই আগুৱাই লৈ গৈছে । 

( ) সকলােৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত । 

উত্তৰঃ এই কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা ‘বস্তু বিজ্ঞান অধ্যয়ন ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । বিজ্ঞানবিদসকলৰ বিজ্ঞান অধ্যয়নৰ প্ৰণালী সম্পর্কে ক’বলৈ যাওঁতে পাঠটিত এই কথাফাকি উল্লেখ কৰিছে ।

         বিজ্ঞান শাস্ত্র নানাবিধ আছে । সকলােবিধৰ সম্পূর্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা । সেইদেখি মানুহে এবিধ বিজ্ঞানৰ মাথােন চর্চা কৰে । আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল । কিন্তু এটা বিষয় সম্পূর্ণ জ্ঞান লাভ কৰিবলৈ সকলাে বিষয়ৰ অলপ অলপ জানিব লাগে।

সকলােৰে অলপ অলপ জানিলেহে এটাৰ সম্পূর্ণ জনাত সহায় হয় । এতেকে আগেয়ে সকলাে বিষয়ৰ অলপ অলপ জ্ঞান গােটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব পাৰে । 

প্রশ্ন ৭। বহলাই লিখা ।

 ( ) পাঠৰ সহায়ত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবােৰ দূৰ কৰিব পাৰি লিখা ।

উত্তৰঃ পাঠত উল্লেখ কৰিছে যে বহুতাে চহা মানুহে ধনগুলৈক প্রেতৰ মায়া বুলি বিশ্বাস কৰে , কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে । এইবিলাক সামান্য কু – সংস্কাৰৰ দৃষ্টান্ত মাথােন । ইয়াতকৈও গুৰুতৰ বিষয়ত মানুহৰ কু – সংস্কাৰ আছে ।

ইয়াৰে এটা দৃষ্টান্ত হ’ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্রথা কু – প্রথা । বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি । বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সিঁচা মিছা ভাল-বেয়া ন্যায়-অন্যায় বুজিব পাৰি ।

() ‘বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয়’– যুক্তিৰে তোমাৰ  মতামত দাঙি ধৰা । 

উত্তৰঃ বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি , অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি । আমাৰ সমুখত নানা ঘটনা ঘটে । যেনে— ঢােলত কোব মাৰিলে শব্দ উঠে , হাবিয়নিত চিঞৰিলে প্রতিধ্বনি হয় ।

এইবিলাক ঘটনা আমি দিনে – নিশাই দেখি আছো; কিন্তু কাৰণ সুধিলে আমি ক’ব নােৱাৰো । বিজ্ঞান শাস্ত্র অধ্যয়ন কৰিলে এই বিলাক ঘটনাৰ কাৰণ জনা যায় । বিজ্ঞান শাস্ত্র অধ্যয়নৰ দ্বাৰা আজি ৰেল , জাহাজ , বিমান , বিভিন্ন যান-বাহন , টেলিফোন , গ্ৰামােফোন , ফটোগ্রাফ , ফনােগ্রাফ , দূৰবীণ , অণুবীক্ষণ , নানাবিধ ঔষধ নানা ধৰণৰ চিকিৎসা প্রণালী – ইত্যাদি অনেক কথা আৰু কাৰ্যই আৱিষ্কাৰ আৰু উদ্ভৱ হৈছে ।

আচলতে মনুষ্য জাতিৰ বর্তমান সভ্যতা কেৱল বিজ্ঞান শাস্ত্র অধ্যয়নৰ ফল । 

খ – ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ

 প্রশ্ন ৮।  তলৰ শব্দকেইটা প্রত্যয় ভাঙি দেখুওৱা ।

 ৰােৱনী , ৰান্ধনি , নাৱৰীয়া , মৰমীয়াল , পনীয়া , জোনালী , দয়ালু , ধৰুৱা । 

উত্তৰঃ          

ৰােৱনী     =    ৰাে + অনী । 

ৰান্ধনি      =    বান্ধ + + অনি ।

নাৱৰীয়া   =    নাও + অৰীয়া ।

মৰমিয়াল  =    মৰম + ইয়াল ।

পনীয়া      =    পানী + ইয়া ।

জোনালী    =    জোন + আলী ।

দয়ালু       =     দয়া + আলু

ধৰুৱা       =    ধাৰ + উৱা ।

প্রশ্ন ৯। ৰচনা লিখা । 

( ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ( আৰম্ভণি , মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে , বিজ্ঞানৰ অৱদান , অপকাৰ , মন্তব্য । )

 ( ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ 

উত্তৰঃ আৰম্ভণি :- বর্তমান যুগত বিজ্ঞানৰ অভূতপূর্ব সাফল্যই মানুহক অফুৰন্ত ক্ষমতাৰে ক্ষমতাশালী কৰি তুলিছে । মানুহে আজি বিজ্ঞানৰ বলত অসম্ভৱকো সম্ভৱ কৰিছে । প্রকৃতি ৰাজ্যত সংঘটিত ঘটনাৰ কাৰণ নির্ণয় কৰি প্ৰকৃতিৰ গুপ্ত ৰহস্য ভেদ কৰিছে ।

আনকি বিজ্ঞানৰ বলত মানুহে টেষ্ট টিউবত মানৱ শিশু জন্ম দিব পাৰিছে । মানুহৰ এই কামবােৰ যেন ভগৱানৰ সৃষ্টি ৰহস্য ভেদ কৰাৰ বাবে মানুহৰ প্ৰত্যাহ্বান । 

মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে :- বিজ্ঞানে মানুহৰ দৈনন্দিন জীৱনৰ প্রয়ােজনীয় নানান সা – সঁজুলি , যন্ত্রপাতি , যানবাহন , খাদ্য – সামগ্ৰীৰ যােগান ধৰি জীৱনক সুখ – সুবিধা ভৰা , আৰামসর্বস্ব , আমােদময় কৰি তুলিছে । বিজ্ঞানে আগবঢ়োৱা এই সুবিধা আজিৰ মানুহে গ্ৰহণ নকৰাকৈ থাকিব পৰা নাই ।

যাতায়াত বা ভ্ৰমণৰ বাবে যান-বাহন , পােহৰৰ বাবে বিজুলী চাকি , ৰন্ধনৰ বাবে গেছ , ৰন্ধাৰ আহিলা – পাতি , দৈনন্দিন জীৱনৰ ব্যৱহার্য সামগ্রী তেল , চাবােন , টুথপেষ্ট , ব্রাছ , বােগৰ ঔষধ , বিবিধ প্রস্তুত খাদ্য সামগ্রী মানুহে ব্যৱহাৰ নকৰাকৈ থাকিব পৰা নাই । 

 বিজ্ঞানৰ অৱদান :- মানৱ জাতিলৈ দিয়া বিজ্ঞানৰ অৱদানৰ তুলনা নাই । যাতায়াত বা ভ্ৰমণৰবাবে চাইকেল , মটৰ চাইকেল , স্কুটাৰ , কাৰ মটৰ , বাছ , ৰে’ল , উৰাজাহাজ , জলপথেৰে ভ্ৰমণৰ বাবে পানী জাহাজ আদি আৱিষ্কাৰ কৰি বিজ্ঞানে মানৱ জাতিক দূৰত্ব আৰু সময়ৰ ব্যৱধান কমাই দিয়াৰ উপৰি ভ্ৰমণ সুখকৰ কৰি দিছে ।

আধুনিক মানুহৰ মনােৰঞ্জনৰ বাবে বিজ্ঞানে গ্রামােফোন , ৰেডিঅ ’ , টেলিভিছন আদিৰ সুবিধা দিছে । সৰু বস্তু , বােগৰ বীজাণু আদি নিৰীক্ষণৰ বাবে অণুবীক্ষণ , দূৰৰ বস্তু দেখিবৰ বাবে দূৰবীণ আৱিষ্কাৰ কৰিছে ।

দূৰ সংযােগৰ বাবে টেলিফোন  টেলিগ্রাফ , জটিল গাণিতিক সমস্যা সমাধানৰ বাবে কম্পিউটাৰ আৱিষ্কাৰ কৰি মানৱ জাতিৰ উপকাৰ সাধন কৰিছে  আধুনিক মানুহৰ জীৱন যাত্ৰাত এইবােৰ সা – সামগ্রী ব্যৱহাৰ নকৰাকৈ থাকিব নােৱাৰে । 

মন্তব্য :-  মানৱ জাতিৰ ভৱিষ্যৎ প্রগতিৰ বাবে বিজ্ঞান সদা সচেতন । বিজ্ঞান চর্চাই মানৱ জাতিক অধিকৰ পৰা অধিকতৰ সুবিধালৈ লৈ যাওক তাকে আমি আশা কৰোঁ । কিন্তু বিজ্ঞান যাতে হিংসাত্মক কার্যত লিপ্ত নহয় সেই কথালৈ সদায় সর্তক হৈ থাকিব লাগিব । 

() কম্পিউটাৰ আৰু আধুনিক জীৱন 

উত্তৰঃ  আৰম্ভণি :- কম্পিউটাৰ হিচাব -নিকাছ কৰা এটা ‘এবেকাছ ’ নামৰ যন্ত্র চীন দেশত প্রায় আঢ়ৈ হাজাৰ বছৰ আগতে আৱিষ্কাৰ হৈছিল । উনৈশ বছৰীয়া ফৰাচী বিজ্ঞানী পাস্কেলে ‘ এবেকাছ ’ যন্ত্ৰতকৈ বেলেগ হিচাব – নিকাচ কৰা যন্ত্র এটা আৱিষ্কাৰ কৰিছিল ( ১৬১২ চনত )

চার্লছ বেবেজ নামৰ এজন বিজ্ঞানীয়ে উনৈশ শতিকাৰ মাজ ভাগত পােনপ্ৰথমবাৰৰ বাবে আধুনিক কম্পিউটাৰ আৱিষ্কাৰ কৰাৰ চিন্তা কৰিছিল । এইজনা বিজ্ঞানীয়েই কম্পিউটাৰৰ স্মৃতি ভৰালৰ কথাও কল্পনা কৰিছিল । আমেৰিকান বিজ্ঞানী হার্মান হলৰিয়ে ১৮৯০ চনত কম্পিউটাৰত তথ্য সুমুৱাই ৰাখি প্রয়ােজনবােধে উলিয়াই আনিব পৰা পদ্ধতি আৱিষ্কাৰ কৰিছিল ।

ইয়াৰ পিছত ১৯৪৪ চনত আমেৰিকাৰ হার্বার্ড বিশ্ববিদ্যালয়ে এটা বিদ্যুৎ-যান্ত্রিক কম্পিউটাৰ আৱিষ্কাৰ কৰে । ইয়াৰ দুবছৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ পেচিলভেনিয়া বিশ্ববিদ্যালয়ে ‘এনিয়াক’ নামৰ ইলেকট্রিক কম্পিউটাৰ নিৰ্মাণ কৰি উলিয়াইছিল ।

এই আৱিষ্কাৰৰ পিছৰে পৰা কম্পিউটাৰৰ ক্রমাগত ক্রমবর্ধমান হ’বলৈ আৰম্ভ কৰে আৰু পৃথিৱীত এক বৈপ্লৱিক পৰিৱৰ্তন আনে । প্রথমে কেৱল জটিল গাণিতিক সমস্যা সমাধানৰ বাবে প্রস্তুত কৰা কম্পিউটাৰে পিছলৈ সকলাে দিশকে সামৰিকম্পিউটাৰৰ ক্ষেত্ৰখন অভাৱনীয়ভাৱে বিস্তৃত কৰি তােলে ।

মানুহৰ দৈনন্দিন জীৱনত কম্পিউটাৰৰ প্ৰভাৱ :- উন্নত দেশবােৰত দৈনন্দিন জীৱনৰ কামবােৰত কম্পিউটাৰ ব্যৱহাৰ হ’বলৈ ধৰিছে ৷ নেটৱৰ্কৰ সহায়ত যিকোনাে কম্পিউটাৰে আন কম্পিউটাৰৰ পৰা প্রয়ােজনীয় তথ্য সংগ্রহকৰি আনিব পাৰে।

উন্নত দেশবােৰত কম্পিউটাৰে গাড়ী – মটৰক পথ নির্দেশাে কৰিব পাৰে।মানুহে এতিয়া ব্যক্তিগতভাৱেও কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে আৰু লাগতিয়াল তথ্য সংগ্রহ কৰি ল’ব পাৰে ।কৃষক , ব্যৱসায়ী , চাকৰিয়াল সকলােৱে নিজৰ প্রয়ােজনীয় তথ্য কম্পিউটাৰযােগে সংগ্রহকৰিব পাৰে ।

আনকি চাকৰি কৰা কৰ্মচাৰীকার্যালয়লৈ নােযােৱাকৈ ঘৰৰ পৰাই ব্যক্তিগত কম্পিউটাৰৰ সহায়ত নিজৰ কাম কৰিব পাৰে । 

ইয়াৰ উপকাৰ  :- কম্পিউটাৰ যন্ত্ৰটোত সাধাৰণতে— 

( ) তথ্য মজুত ৰখা  

( ) কাম কাজ নিয়ন্ত্রণকৰা 

 ( ) যােগ বিয়ােগ , পূৰণ – হৰণ কৰা 

( ) স্মৃতি ভঁৰাল আৰু 

( ) গণনাৰ সিদ্ধান্ত দিয়া — এই পাঁচটা মূল অংশ বা ভাগ থাকে । কেৱল গাণিতিক সমস্যা সমাধান কৰিবলৈ প্রথমে ব্যৱহাৰ কৰা এই কম্পিউটাৰ যন্ত্র আধুনিক পৃথিৱীত এতিয়া সকলাে ক্ষেত্রতে ব্যৱহাৰ হ’ব ধৰিছে । 

মন্তব্য :- বিজ্ঞানে মানুহক অসম্ভবকো সম্ভৱ কৰাৰ ক্ষমতা দিছে । ভাবিব নোৱাৰি ভবিষ্যতৰ দিনত কম্পিউটাৰে মানুহক আৰু কিমান সক্ষম কৰিব ।

() মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ।

উত্তৰঃ  আৰম্ভণি :-  আদিম মানুহ আৰু আধুনিক মানুহৰ জীৱন – যাপন পদ্ধতিৰ তুলনা কৰি চালে অনুমান কৰা টান হ’ব যে আদিম মানুহৰ পৰা বৰ্তমানৰ আধুনিক মানুহলৈ পৰিৱর্তনৰ বাবে কিমান যুগ অতিবাহিত কৰি বৰ্তমানৰ সভ্যতাৰ অৱস্থা পাইছে । আদিম যুগৰ মানুহ আছিল বৰ্বৰ , অঘৰী , অসংগঠিত ।

অসংগঠিত অঘৰী মানুহে প্রাকৃতিক সংঘটন মর্মে যেতিয়া জুইৰ আৱিষ্কাৰ কৰিব পাৰিছিল , জুইত পুৰি জীৱ – জন্তুৰ মাংস খাবলৈ শিকিছিল , শিলৰ অস্ত্র ব্যৱহাৰ কৰি জন্তু বধ কৰিব শিকিছিল , মাটিত গছৰ গুটি সৰি গজালি মেলা দেখি খেতি কৰাৰ কথা শিকিছিল , জীৱিকাৰ বাবে সততে প্রয়ােজনীয় পানীৰ ওচৰত ঘৰ সাজি থাকিব । শিকিছিল তেতিয়াই মানুহে সভ্যতাৰ পথত প্রাথমিক খােজ পেলাইছিল ।

 বিজ্ঞানৰ প্ৰভাৱ :-  আখৰ আৰু ছপা যন্ত্রৰ আৱিষ্কাৰে মানুহৰ সভ্যতাৰ বিকাশত প্রভূতভাৱে সহায় কৰিছিল । মানুহৰ বুদ্ধি বৃত্তি তথা মগজুৰ বিকাশৰ ফলত ক্রমে আৰম্ভ হৈছিল বিজ্ঞানৰ আৱিষ্কাৰৰ যুগ । বিজ্ঞানৰ আৱিষ্কাৰে মানৱ সভ্যতাক অৱদানেৰে কিমান আগুৱাই নিছিল আৰু আজিও নি আছে তাক কল্পনা কৰিব নােৱাৰি ।

বিবিধ যানবাহন , যেনে— মটৰ , বাছ , ৰে’ল , জাহাজ , উৰাজাহাজ আদিৰ আৱিষ্কাৰেৰে বিজ্ঞানে মানুহৰ যাতায়াত জল – স্থল – আকাশ সকলােতে সুচল আৰু সহজসাধ্য কৰি তুলিছিল । টেলিগ্রাফ , টেলিফোনৰ আৱিষ্কাৰেৰ বিজ্ঞানে মানুহক দিছিল কম সময়তে বা বাতৰি পঠাব পৰাৰ সুযােগ । পুৰণি কালত মানুহেবহু সময় ব্যয় কৰি , কষ্টকৰ ভ্ৰমণ কৰিহে এটা জৰুৰীবার্তা দূৰ ঠাইত দিব পাৰিছিল । 

ইয়াৰ উপকাৰ :- মনােৰঞ্জনৰ বাবে বিজ্ঞানে মানুহক আৱিষ্কাৰ কৰি দিছে গ্রামােফোন , ৰেডিঅ ‘ , টেলিভিছন , কম্পিউটাৰ আদি যন্ত্র । মানুহৰ দৈনন্দিন জীৱনৰ প্রয়ােজনীয় বিবিধ সা – সামগ্রী , খাদ্য বস্তু আদিও বিজ্ঞানে সুলভ কৰি তুলিছে ।

         পুৰণি কালত আকস্মিকভাৱে সংঘটিত প্রাকৃতিক দুর্যোগত বহুতাে মানুহে প্রাণ হেৰুৱাব লগাত পৰিছিল । কিন্তু আধুনিক মানুহক বহু আগতেই বিজ্ঞানে ধুমুহা , ভুইকঁপ , আগ্নেয়গিৰি , অতিবৃষ্টি , শিলাবৃষ্টি , ছুনামি আদিৰ আগজাননী দি নিৰাপদ ঠাইত আশ্রয় লােৱাৰ সুযােগ দিছে । বিজ্ঞানে মানুহক অধিকসভ্য – সচেত কৌশলী কৰি তুলিছে ।

মন্তব্য :- বিজ্ঞানৰ চৰ্চা আৰু মানুহৰ বিকশিত বুদ্ধিয়ে অদূৰ ভৱিষ্যতে মানুহক আৰু কিমান ক্ষমতা দিব ভাবিব নোৱাৰি । বিজ্ঞানৰ অৱদানে দিনে দিনে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উচ্চৰ পৰা উচ্চতৰ পৰ্যায়লৈ নিব লাগিছে । সেই কাৰণেই বৰ্তমানৰ মানৱ সভ্যতাৰ বিকাশ বিজ্ঞানৰ অৱদান বুলি কোৱা হৈছে ।

) দূৰদৰ্শন— ইয়াৰ ভাল – বেয়া প্রভাৱ

উত্তৰঃ দূৰদৰ্শন মানৱ জাতিলৈ বিজ্ঞানৰ এক চমকপ্রদ অৱদান । দূৰদৰ্শনৰ আৱিষ্কাৰে পৃথিৱীৰ মানুহক ঠাইতে থাকি নিমিষতে পৃথিৱীৰ যিকোনাে ঠাইত সংঘটিত ঘটনাৰ সচিত্র বাতৰি যােগান ধৰিছে । ১৯২৫/২৬ চনত ইংৰাজ বিজ্ঞানী জন লগি বেয়ার্ডে ( John Logic Baird ) দূৰদৰ্শন আৱিষ্কাৰ কৰা বুলি ধৰা হয় । কিন্তু বেয়ার্ডৰ পূর্বে জার্মান বিজ্ঞানী পল নিপক’ই দূৰদৰ্শন আৱিষ্কাৰৰ কিছুমান প্রাথমিক কাম কৰিছিল ।

ইয়াৰ বাহিৰেও আন কেইবাজনাে বিজ্ঞানীয়ে দূৰদৰ্শন আৱিষ্কাৰৰ ক্ষেত্ৰত অৰিহণা যােগাইছিল । বি বি চিয়ে ( বৃটিছ ব্রোডকাষ্টিং  কর্পোৰেচন ) ১৯৩৬ চনত পােনপ্ৰথমে দূৰদৰ্শনযােগে বাতৰি প্ৰচাৰ কৰিছিল । পৰৱর্তী ২৫ ৩০ বছৰৰ ভিতৰত সমগ্র পৃথিৱী সামৰি দূৰদৰ্শনৰ অভাৱনীয় উন্নতি ঘটিছিল ।

         ভাৰতত ১৯৫৯ চনৰ পৰা দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হৈছিল । সেই চনতে ৰাজধানী দিল্লীত দূৰদৰ্শন ব্যৱস্থা সংস্থাপিত হৈছিল । তাৰ পিছত ১৯৮১-৮২ চনত গােটেই ভাৰততে দূৰদৰ্শন কেন্দ্র স্থাপন হৈছিল । দূৰদৰ্শন বা টেলিভিছ ৰেডিঅ’ৰ এটি উন্নত অৱস্থা বুলিব ।

ইয়াৰ ভাল প্ৰভাৱ :- বা বাতৰি আৰু সংঘটিত ঘটনাৰ বাতৰিৰ সৈতে চিত্র প্রদর্শন কৰাৰ উপৰি দূৰদর্শনে মানুহক মনােৰঞ্জনৰ সুবিধাও দিছে । কলা – কৃষ্টি , গীত – মাত , নাট – ভাওনা আদি বিষয়ে প্ৰচাৰ কৰি দূৰদৰ্শনে মানুহক আনন্দৰ খােৰাক যােগাইছে ।

কেৱল মনােৰঞ্জনৰ ব্যৱস্থা কৰাই নহয় , ভালেমান শিক্ষামূলক আৰু শিক্ষণীয় বিষয়ে দূৰদৰ্শনে সম্প্রচাৰ আৰু প্ৰদৰ্শন কৰে । ছাত্র – ছাত্রীসকলৰ উপযোগী পাঠৰৰ ব্যৱস্থা কৰে । ইচ্ছুক ছাত্র – ছাত্রীসকলে প্ৰচাৰিত বা প্রদর্শিত পাঠৰ পৰা বহুতাে শিক্ষা লাভ কৰিব পাৰে ।

দূৰদৰ্শনে বিবিধ বিষয় অনুষ্ঠান দিনে – নিশাই প্ৰচাৰ কৰিব পাৰে । কিন্তু সকলাে বিষয় সকলাে বয়সৰ মানুহৰ বাবে নহয় । দূৰদৰ্শনৰ ২৪ ঘণ্টীয়া কাৰ্যসূচীয়ে ছাত্র – ছাত্রীসকলৰ অনিষ্ট সাধন কৰিব পাৰে । 

ইয়াৰ বেয়া প্ৰভাৱ :- দূৰদৰ্শন কৰা অনিষ্টক লক্ষ্য কৰি আমেৰিকাত দূৰদৰ্শনক ইডিয়ট বক্স ’ ( idiot box ) অর্থাৎ মুখৰ বাকছ বুলি অৱহেলা কৰা হৈছে । কোমল বয়সৰ ল’ৰা – ছােৱালীৰ দৃষ্টি আৰু স্মৃতি শক্তি হ্রাসকাৰক বাবেই দূৰদৰ্শনক এই নাম দিয়া হৈছে ।

স্মৃতি শক্তি হ্রাস কৰি দুৰদর্শনে মানুহৰ সৃষ্টিশীলতাক বাধা দিব পাৰে । এনে কু – ফলৰ প্রতি সজাগ হৈ নিজৰ ক্ষতিসাধন নােহােৱাকৈ নিজৰ প্রয়ােজনীয় কার্যসূচীহে নির্দিষ্ট সময়ৰ বাবে দূৰদৰ্শনত চোৱাটো সকলােৰে পক্ষেই বাঞ্ছনীয় ।

( ) কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ

উত্তৰঃ  বিজ্ঞানে মানুহক জীৱন ধাৰণৰ বাবে দিয়া সা – সুবিধাৰ অন্ত নাই । বিজ্ঞানৰ অৱদানে মানুহৰ জীৱন আৰামদায়ক , সুখ – সন্তোষভৰা কৰিছে । জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় প্রায় সকলাে আহিলা – পাতি , সা – সামগ্রী যােগান ধৰাৰ উপৰি বিজ্ঞানে মানুহৰ মনােৰঞ্জনৰ দিহাও কৰি দিছে ।

বিজ্ঞানে চলচিত্র বা কথাছবি আৱিষ্কাৰ কৰি মানুহক মনােৰঞ্জন কৰা অথবা আমােদ দিয়াৰ ব্যৱস্থা কৰিছে । উনবিংশ আৰু বিংশ শতিকাৰ বিজ্ঞানৰ অভূতপূর্ব আৱিষ্কাৰ , উন্নতিয়ে চমক সৃষ্টি কৰিছিল । সেই সময়তে লুমিয়েৰ দুই ভাই – ককায়ে গতিশীল চিত্ৰৰ প্রদর্শন কৰিব পৰা চিনেমেটোগ্রাফ নামৰ এটা যন্ত্র আৱিষ্কাৰ কৰিছিল । আৰম্ভণিৰ এই চলচিত্র বা কথাছবি আছিল নির্বাক । 

      নির্বাক চলচিত্ৰৰ আৱিষ্কাৰৰ পিছত ১৯২৭ চনৰ ৬ অক্টোবৰ তাৰিখে উত্তৰ আমেৰিকাৰ নিউইয়র্ক চহৰত পােন প্রথমবাৰ প্ৰদৰ্শন কৰা হৈছিল সবাক চলচিত্র বা কথাছবি । ইয়াৰ চাৰি বছৰ পিছত নির্মাণ হয় ভাৰতৰ প্ৰথমখন সবাক চিত্র ‘ আলম আৰা ।

১৯৩৫ চনত অসমতাে প্রথম সবাক চিত্র ‘ জয়মতী ‘ নির্মাণ কৰি উলিয়ায় প্রতিভাধৰ ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই । ইয়াৰ পিছৰে পৰা চলচিত্ৰৰ অভাৱনীয় বিকাশৰ যুগ আৰম্ভ হয় । 

সমাজত ইয়াৰ প্ৰভাৱ :-  বিগত ১৯৮০-৯০ ৰ দশকলৈ সমগ্ৰ ভাৰততে কথাছবিৰ জনপ্রিয়তা শীৰ্ষত আছিল । কিন্তু কথাছবিৰ জনপ্রিয়তা ক্ৰমাৎ হ্রাস হৈ আহে দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হােৱাৰ পৰা ৷

১৯৮২ চনত ভাৰতত এছিয়ান গেমছ অনুষ্ঠিত হােৱাৰ আপাহতে স্থাপন হােৱা দূৰদৰ্শন কেন্দ্রসমূহে দূৰদৰ্শন যােগে চিনেমা , ছিৰিয়েল , গীত – মাত , অনুষ্ঠান , সভা – সমিতি আদি বতৰাসহ প্রদর্শন কৰিবলৈ ধৰাত মানুহে ঘৰতে বহি জ্ঞান আৰু আমােদ লাভৰ সুবিধা পােৱাত কথাছবি চোৱাৰ প্রতি আগ্রহ এৰিবলৈ ধৰে ।

দর্শকৰ সংখ্যা কমি অহাৰ লগে লগে চিনেমা নির্মাতাসকল ভীষণভাৱে ক্ষতিগ্রস্ত হ’বলৈ ধৰে । নির্মাতাসকলে বৃহৎ পৰিমাণৰ অর্থ ব্যয় কৰি নিৰ্মাণ কৰা কথাছবিসমূহৰ নিৰ্মাণ ব্যয়াে সংগ্ৰাহিত নােহােৱা অৱস্থা হােৱাত নির্মাতাসকলে কথাছবি নির্মাণত নিৰাশ হৈ পৰে ।

ফলস্বৰূপে বহুতাে চিনেমা গৃহৰ মালিকসকলে চিনেমা গৃহ বন্ধ কৰি দিব লগা অৱস্থা হয় । চলচিত্রই মানুহক জ্ঞান দান কৰি উপকাৰ কৰাৰ লগতে অপকাৰ নকৰা নহয় । অর্থ সংগ্রহ আৰু জনপ্রিয়তা অর্জনৰ বাবে । কোনাে কোনাে নির্মাতা আৰু প্রযােজকে সস্তীয়া , অশালীন দৃশ্য ছবিত প্রদর্শন কৰিবলৈ লয় । এনে ছবিয়ে ডেকা – গাভৰুসকলৰ বহুতকে পথভ্রষ্ট কৰে ।

          চলচিত্ৰৰ দৰে ছিৰিয়েল কিছুমানতাে সস্তীয়া কাহিনী আৰু অশালীন ঘটনা প্রদর্শন কৰি ডেকা – গাভৰুসকলক বিপথগামী , পথভ্রষ্ট অথবা বিকৃত মনােভাবৰ কৰি তােলাত ইন্ধন যােগায় । সমাজ আৰু ভৱিষ্যৎ প্রজন্মৰ মংগলৰ বাবে অশালীন চিনেমা – ছিৰিয়েল  যাতে প্রদর্শন কৰা নহয় তালৈ প্রযােজকসকলে সচেতন দৃষ্টি ৰখা বাঞ্ছনীয় ।

No comments:

Post a Comment

Explain "$this->input->post()" in codeignitor

  In CodeIgniter , the method $this->input->post() is used to safely retrieve POST data that is submitted through an HTML form us...