js

Friday, April 1, 2022

অষ্টম শ্ৰেণী অসমীয়া পাঠ ৬ প্ৰগতিৰ সোণালী বাট

 প্ৰগতিৰ সোণালী বাট

ক – পাঠভিত্তিক ক্রিয়াকলাপ 

প্রশ্ন ১। পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰে পঢ়া ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ নিজৰ কাম ।

 প্রশ্ন ২। উত্তৰ দিয়া 

( ) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লােকে – লােকাৰণ্য হােৱাৰ কাৰণ কি ?

উত্তৰঃ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লােকে – লােকাৰণ্য হােৱাৰ কাৰণ হ’ল অঞ্চলটোৰ মহিলাসকলে তাত আত্ম সহায়ক গােটৰ প্রদর্শনী পাতিছে । 

( ) প্রদর্শনীখন কোনে পাতিছিল

উত্তৰঃ প্রদর্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল । 

( ) মানুহে ভিৰ কৰা  বিপণিখনত কি প্রদর্শন কৰা হৈছিল

উত্তৰঃ  মানুহে ভিৰ কৰা বিপণিখনত এড়ী পলু পােহাৰপদ্ধতি প্রদর্শন কৰা হৈছিল ।

 ( ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গােটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল

উত্তৰঃ  অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গােটত ভাগ হৈ একো একোটা ক্ষুদ্র উদ্যোগ গঢ়ি তুলিছিল । সেইবােৰেই আত্মসহায়ক গােট ।

( ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গােটবােৰক কি বুলি জনা যায়

উত্তৰঃ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গােটবােৰক আত্মসহায়ক গোট বুলি জনা যায় । 

( ) এই গােটবােৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়

উত্তৰঃ  এই গােটবােৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্রাহকৰ চাহিদা পূৰ কৰা হয় । 

( ) ২০০১ চনটো কি বর্ষ হিচাপে ঘােষণা কৰা হৈছিল

উত্তৰঃ ২০০১ চনটো আন্তর্জাতিক নাৰী সবলীকৰণ আৰু সমমর্যাদাৰ বর্ষ হিচাপে ঘােষণা কৰা হৈছিল । 

( ) উত্তৰ – পূর্বাঞ্চলত উল্লেখযােগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলত উল্লেখযােগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ’ল বয়ন শিল্প ।

 ( ) প্রাকস্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল

উত্তৰঃ  প্রাক্ – স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল । 

প্রশ্ন ৩। চমুকৈ বর্ণনা কৰা ।

 ( ) আত্মসহায়ক গােটবােৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে ?

উত্তৰঃ  আত্মসহায়ক গােটবােৰে স্থানীয় সহজলভ্য সম্পদ বিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকর্ষণীয় সামগ্রী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্রাহকৰ চাহিদা পূৰ কৰে । এই কামত দুখীয়া পৰিয়ালৰ মহিলাসকলে বিশেষ খৰচান্ত নােহােহাৱাকৈ সহজে জড়িত হ’ব পাৰে আৰু আর্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হােৱাৰ  পথত আগবাঢ়িব পাৰে ।

এই সকল দুখীয়া পৰিয়ালৰ মহিলাই ঠাইতে পােৱা ফল – মূলৰ আচাৰ , চর্বত আদি বনােৱা , পেলনীয়া বুলি ভবা বিবিধ সামগ্ৰীৰে বিবিধ নতুন নতুন সামগ্ৰী আদি হাতেৰে তৈয়াৰ কৰা আদিৰে আর্থিকভাৱে যথেষ্ট স্বাৱলম্বী হ’ব পাৰে । 

( ) পাঠ থকা প্রাচীনকালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ প্রাচীন কালৰ প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম উল্লেখ কৰা মতে গার্গী আৰু মৈত্রেয়ী । এই দুয়ােগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লখ কৰা হ’ল— 

গাগী :-  প্রাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্রহ্মবাদিনী বিদুষী নাৰী । এওঁ গর্গ মুনিৰ কন্যা কাৰণে তেওঁৰ নাম গার্গী । কেৱল নাৰী জগততেই নহয় সেই কালৰ পুৰুষ সমাজতাে শ্রেষ্ঠ বিদুষী আৰু শ্রেষ্ঠ ব্রহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল ।

প্ৰচুৰ জ্ঞানৰ অধিকাৰ ব্ৰহ্মবিদ যাজ্ঞবল্ক্য মুনিয়েও গাৰ্গীৰ ওচৰত ব্রহ্ম সম্বন্ধে তর্ক আৰু প্ৰশ্নত হাৰ  মানিবলগীয়া হৈছিল । ব্রহ্মবাদিনী গার্গীৰ ঋগবেদৰ টীকাকাৰিণী বুলিও খ্যাতি আছে । 

মৈত্রেয়ী :- এওঁ হ’ল মৈত্রেয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক্য ঋষিৰ জ্যেষ্ঠ পত্নী । ঋষি যাজ্ঞবল্ক্যই গৃহাশ্রম ত্যাগ কৰি সন্যাস আশ্রম গ্রহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিবােৰ দুইপত্নী মৈত্রেয়ী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলােৱাত সেই সম্পত্তিবােৰৰ অসার্থতা সম্পর্কে মৈত্রেয়ীয়ে কৈ আত্মসুখ কেনে , আত্মা কি , ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্ক্যৰ পৰা লাভ কৰিছিল ।

যাজ্ঞবল্ক্য মৈত্রেয়ী সংবাদ ’ তত্ত্বজ্ঞান পিপাসুসকলৰ পক্ষে চিৰকালেই লােভনীয় বস্তু । প্রাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্রেষ্ঠ উদাহৰণ মৈত্রেয়ী ।

 ( ) মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল

উত্তৰঃ প্রাক্ স্বাধীন কালতেই মহাত্মা গান্ধীয়ে মহিলাক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত চিন্তা কৰিছিল । এই ক্ষেত্ৰত তেওঁৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ । যঁতৰৰ  সূতা কাটি নিজহাতে কাপােৰ বৈ লােৱাৰ উদ্দেশ্যে মহিলাসকলক এই উদ্যোগত জড়িত কৰিবলৈ হাতে – কামে গান্ধীজীয়ে যত্ন কৰিছিল আৰু তেওঁ তাত ভালেখিনি সফলতাও লাভ কৰিছিল ।

 ( ) মহাত্মাগান্ধীয়ে কাৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল ?

 উত্তৰঃ মহাত্মাগান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপােৰ উৎপাদনৰ পাতনি মেলিছিল । 

প্রশ্ন ৪। নাৰীসৱলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা । তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা । 

উত্তৰঃ ভাৰত চৰকাৰে নাৰীসৱলীকৰণৰ বিভিন্ন আঁচনি হাতত লৈ নাৰীৰ হকে বিশেষভাৱে কাম কৰাৰ কিছুমান প্রতিষ্ঠান গঢ়ি তুলিছে । এইবােৰৰ ভিতৰত ‘উত্তৰ – পূব উন্নয়ন আৰু বিত্তীয় নিগম ’ , ‘ কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ ’ , ৰাষ্ট্ৰীয় মহিলা আয়ােগ , ‘ইন্দিৰা মহিলা যােজনা’ আদিৰ নাম উল্লেখ কৰিব পাৰি ।

           ইন্দিৰা মহিলা যােজনা’ই জিলা আৰু নিম্ন পর্যায়ৰ গােটসমূহক শক্তি প্রদান কৰি জীৱন্ত কৰি তুলিছে । এই যােজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা – সুবিধা গ্রহণ কৰি সেইবােৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায় ।

এনে সুবিধা গ্রহণ কৰি অসমৰ চুকে – কোণে অনেক আত্মসহায়ক গােট গঢ়ি উঠিছে আৰু মহিলাসকলৰ মাজত স্বাৱলম্বনৰ এক অভূতপূর্ব জাগৰণৰ সৃষ্টি কৰিছে । চৰকাৰে আগবঢ়োৱা সা – সুবিধাৰ  লগতে মহিলাসকলে মনস্তাত্ত্বিক বাধা আঁতৰাই নিজৰ যযাগ্যতা সম্পর্কে আত্মসচেতন । হােৱাটোৱেই তেওঁলােকৰ প্রাথমিক কর্তব্য । 

প্রশ্ন ৫। তলৰ শব্দবােৰৰ অর্থ  শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা ।

 বিপণি , ক্রেতা , সুপ্ত , অফুৰন্ত , টনকিয়াল , সমমর্যাদা , প্রদর্শন , স্বাৱলম্বী , গঠনাত্মক , পদমর্যাদা , পদক্ষেপ , আন্তর্জাতিক । 

উত্তৰঃ   

বিপণি         –      দোকান , বস্ত্র বেচা – কিনা প্রতিষ্ঠান । 

ক্রেতা         –      কিনােতা ।

সুপ্ত            –     শুই থকা , নিদ্রিত । 

অফুৰন্ত       –     অশেষ , শেষ নােহােৱা ।

টনকিয়াল     –    শক্তিশালী ।

সমমর্যাদা     –    একে সমান সন্মান , একে সমান ব্যৱহাৰ । 

প্রদর্শন         –    দেখুওৱা । 

স্বাৱলম্বী       –    নিজৰ ওপৰত নিৰ্ভৰশীল । 

গঠনাত্মক     –    সকলােকে সামৰি ল’ব পৰা , সৃষ্টিশীল , যােগাত্মক ।

পদমর্যাদা      –    পদৰ সন্মান ।

পদক্ষেপ       –   কোনাে কামৰ আঁচনি লােৱা , কোনাে কাম কৰিবলৈ উদ্যত হােৱা ।

আন্তর্জাতিক  –   বিভিন্ন জাতি সম্বন্ধীয় ।

 প্রশ্ন ৬। অসমীয়া শিপিনীয়ে কাপােত সপােন ৰচিব পাৰে ।’— এই কথাষাৰ কোনে , কেতিয়া আৰু কিয় কৈছিল

উত্তৰঃ  মহাত্মাগান্ধীয়ে এবাৰ অসমলৈ আহোঁতে শুৱালকুছিলৈ গৈ তাত অসমীয়া শিপিনীয়ে বােৱা কাপােৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল— “ অসমৰ শিপিনীয়ে কাপােৰ সপােন ৰচিব পাৰে ।

প্রশ্ন ৭। বুজাই  কোৱা আৰু লিখা ।

 ( ) আত্মসহায়ক গােট আৰু ইয়াৰ কামকাজ ।

উত্তৰঃ একোটা অঞ্চলৰ মহিলাসকলে একো একোটা সৰু গােটত ভাগ হৈ কিছুমান ক্ষুদ্র উদ্যোগ গঢ়ি তােলে । এই সৰু গােটবােৰকেই আত্মসহায়ক গােট বােলে। এই গােটবােৰে স্থানীয় সহজলভ্য সম্পদ বিলাকক লৈ অতি সহজ – সৰল পদ্ধতিৰে নানা আকর্ষণীয় আৰু প্রয়ােজনীয় সামগ্রী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্রাহকৰ চাহিদা পূৰণ কৰে ।

ঘাইকৈ এনে উদ্যোগৰ দ্বাৰা দুখীয়া পৰিয়ালৰ মহিলাসকল আর্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হােৱাৰ পথত আগবাঢ়িব পাৰে । এই গােটবােৰে সহজতে লাৰু , পিঠা , আচাৰ , পাপ , কাহুদি , খৰিচা , খালি আদিৰ উপৰি হাতে সজা বেগ , পুতলা , মমবাতি , বাঁহ – বেতৰ সামগ্ৰী আৰু নিত্য ব্যৱহার্য ভিন ভিন বস্তু উৎপাদন কৰিব পাৰে ।

 ( ) নাৰীসকলৰ ভিন ভিন আঁচনিসমূহ আৰু ইয়াৰ কাম । 

উত্তৰঃ  নাৰী সৱলীকৰণৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি কিছুমান বিশেষ প্রতিষ্ঠান গঢ়ি তুলিছে । তেনে প্রতিষ্ঠানসমূহৰ ভিতৰত ‘ উত্তৰ – পূব উন্নয়ন আৰু বিত্তীয় নিগম ’ , কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ ’ , ৰাষ্ট্ৰীয় মহিলা আয়ােগ ’ , ইন্দিৰা মহিলা যােজনা ’ আদি উল্লেখযােগ্য ।

এই সংস্থাসমূহে নাৰীৰ শিক্ষা , বৃত্তিমূলক প্রশিক্ষণ , আর্থ – সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্রতি চকু ৰাখে । 

( ) কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে

উত্তৰঃ অঞ্চলৰ মহিলাসকলে সৰু সৰু গােটত বিভক্ত হৈ একো একোটা ক্ষুদ্র উদ্যোগ  গঢ়ি তুলিব পাৰে । এই গােটবিলাককে আত্মসহায়ক গােট বােলা হৈছে । এই গােটৰ জৰিয়তে মহিলাসকলে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ সেইবােৰতে অতি সহজ – সৰল পদ্ধতিৰে নানান আকর্ষণীয় আৰু লাগতিয়াল সামগ্রী উৎপাদন কৰিব পাৰে আৰু সুলভ মূল্যত সেইবােৰ গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিব পাৰে ।

এনেদৰে সহজতে উৎপাদন কৰিব পৰা সামগ্রীবােৰ হ’ল— লাৰু , পিঠা , আচাৰ , পাপৰ , কাহুদি , খৰিচা , খালি , হাতে সজা বেগ , পুতলা , মমবাতি , বাঁহ – বেতৰ সামগ্ৰী , কাপােৰ কানি ইত্যাদি । আত্মসহায়ক গােটৰ জৰিয়তে এইবােৰ কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে । 

-ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )

 প্রশ্ন ৮।  অর্থৰ পার্থক্য দেখুৱাই বাক্য ৰচনা কৰা ।

 নাৰী , নাড়ী ; আচল , আঁচল ; লক্ষ , লক্ষ্য ; আচাৰ , আছাৰ ; তাত , তাত ; ফাকি , ফাকি ।

 উত্তৰঃ   নাৰী ( মহিলা ) :- নাৰীয়ে পুৰুষৰ সমমর্যাদা পােৱা উচিত ।

নাড়ী ( পেটৰ ভিতৰৰ ভুৰু ) :-  পেটৰ ভিতৰত নাড়ী – ভুৰু থাকে । 

আচল ( প্রকৃত , সঠিক ) :- আজিৰ দিনত ভেজাল নােহােৱা আচল বস্তু নােপােৱাই  হৈছে ।

আঁচল ( গাত লােৱা কাপােৰৰ আগ ) :-  ৰিহাৰ আঁচলটো দেখিবলৈ ধুনীয়া । 

লক্ষ ( এশ হাজাৰ ) :-  কেবা লক্ষ টকা খৰচ কৰি ঘৰটো সজালে ।

লক্ষ্য ( উদ্দেশ্য , নিচান ) :-  জীৱনত একোটা নির্দিষ্ট লক্ষ্য থকা উচিত । 

আচাৰ ( নীতি – নিয়ম ) :- আচাৰ – ব্যৱহাৰ সদায় মার্জিত হ’ব লাগে । ( নিমখ , তেল , মচলা    

আদি দি তেলত বুৰাই থৈ কৰা খােৱা বস্তু ) আমৰ আচাৰ খাবলৈ বৰ ভাল লাগে । 

আছাৰ ( হাতেৰে ধৰি বৰকৈ জোকাৰি বা কোবাই দে ) :-  পুৰণা কাপােৰ বৰকৈ আছাৰি  নিদিবি, ফাটি যাব । 

তাত ( সিঠাইত ) :-  কিতাপখন তাত আছে ।

তাঁত ( কাপােৰ বােৱা শাল ) :- তাঁত বব জনা মহিলাক শিপিনী বােলে ।

ফাঁকি ( মিছা কথা কোৱা ) :- ফাঁকি নকৈ সদায় সঁচা কথা কবা । 

ফাকি ( গদ্যৰ বাকথাৰ অংশ ) :- তেওঁৰ কথাফাকি সঁচাই মানিবলগীয়া । 

প্রশ্ন ৯। তলৰ বিপৰীত অর্থবুজোৱা শব্দবােৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা । 

কঠিন ,পৰনিৰ্ভৰশীল,দুর্লভ,খৰগতি, পূর্ণিমা, অনধিকাৰ, নিন্দা,অনাৱশ্যক জাগ্রত,ধ্বংস, অসম্ভব । 

উত্তৰঃ         

শব্দ                        বিপৰীত অর্থ 

কঠিন                           সহজ     

পৰনিৰ্ভৰশীল                স্বাৱলম্বী

দুর্লভ                           সুলভ

খৰগতি                         ধীৰগতি

পূর্ণিমা                          অমাৱশ্যা

অনধিকাৰ                    অধিকাৰ

নিন্দা                            প্রশংসা

অনাৱশ্যক                    আৱশ্যক

জাগ্রত                          সুপ্ত

 ধ্বংস                            গঠণাত্মক 

অসম্ভৱ                         সম্ভৱ 

প্রশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা :

 ( ) যি আনৰ ওপৰত নিৰ্ভৰ কৰে । 

উত্তৰঃ পৰনিৰ্ভৰশীল ।

( ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে । 

উত্তৰঃ স্বাৱলম্বী ।

( ) যন্ত্রপাতিৰ সহায় অবিহনে গঢ়ি উঠা শিল্প ।

উত্তৰঃ হস্তশিল্প ।

( ) যি আনক হিংসা নকৰে ।

উত্তৰঃ অহিংসুক ।

() যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে ।

উত্তৰঃ স্বাৰ্থপৰ ।

( ) যিজনে নিজৰ ওপৰত বিশ্বাস কৰে । 

উত্তৰঃ আত্মবিশ্বাসী ।

 প্রশ্ন ১১। সন্ধি ভাঙা আৰু গঠন কৰা

 ( ) সন্ধি গঠন 

      স্ব + অধীন     উৎ + ঘাটন      জীৱ + অন্ত 

      সম + কৃত       উৎ + নতি        উৎ + চাৰণ

      স্ব + অৱলম্বন  উৎ + মত্ত 

উত্তৰঃ   

স্ব + অধীন = স্বাধীন । 

উৎ + ঘাটন = উদঘাটন ।

জীৱ + অন্ত   = জীৱন্ত ।

সম + কৃত = সংস্কৃত ।

উৎ + নতি = উন্নতি ।

 উৎ + চাৰণ = উচ্চাৰণ ।

স্ব + অৱলম্বন = স্বাৱলম্বন ।

উৎ + মত্ত = উন্মত্ত ।

( ) সন্ধি ভাঙা 

পৰাধীন , যথেষ্ট , উন্নয়ন , অতীত , সংগীত , যথােচিত , মহাত্মা , বিদ্যোৎসাহী 

উত্তৰঃ    

পৰাধীন = পৰ + অধীন 

যথেষ্ট = যথা + ইষ্ট 

উন্নয়ন = উৎ + নয়ন 

অতীত = অতি + ইত 

সংগীত = সম + গীত 

যথােচিত = যথা + উচিত 

মহাত্মা = মহা + আত্মা 

বিদ্যোৎসাহী = বিদ্যা + উৎসাহী

 প্রশ্ন ১২। তলৰ শব্দবিলাকৰ  বহুবচনলৈ পৰিৱৰ্তন  কৰা ।

 শিক্ষক , ছাত্র , মানুহ , গৰু , গ্রন্থ , গুৰু , পর্বত , মহিলা । 

উত্তৰঃ     

শিক্ষক      –    শিক্ষকবৃন্দ ।

ছাত্র          –    ছাত্ৰসকল, ছাত্রবিলাক ।

মানুহ        –     মানুহবিলাক ।

গৰু           –    গৰুবােৰ ।

গ্রন্থ           –     গ্ৰন্থৰােৰ ; গ্রন্থসমূহ ।

গুৰু          –      গুৰুসকল ।

পর্বত        –     পর্বতবােৰ ।

মহিলা       –      মহিলাসকল ।

প্রশ্ন ১৩। তলত দিয়া যুক্তাক্ষৰকেইটাৰে অৰ্থ প্রকাশক শব্দ লিখা ।

চ্ছ , স্থ , স্তু , দ্ধ , গ্র , ন্ট , , ঞ্চ । 

উত্তৰঃ        

চ্ছ      —      গুচ্ছ ।

স্থ       ―      গ্রন্থ ।

দ্ব       —       আবদ্ধ । 

গ্র       ―       উগ্র ।

ণ্ট       ―      কণ্টক ।

ণ্ঠ        ―      কণ্ঠ ।

ঞ্চ        ―     বৰঞ্চ ।

প্রশ্ন ১৪। বাক্য ৰচনা কৰা 

দূৰ দূৰণি , বিধে বিধে , শিপিনী , লােকে লােকাৰণ্য , সা – সুবিধা , চুকে – কোণে , আত্মবিশ্বাস , দুলদোপ – হেন্দোলদোপ । 

উত্তৰঃ দূৰ দূৰণি :- আজিকালি দূৰ – দূৰণিত মানুহৰ খা – খবৰ মূহুৰ্ততে ফোনেৰে  ল’ব পাৰি ।

 বিধে – বিধে :- বিধে বিধে খােৱা বস্তু যােগাৰ কৰিলে যদিও আলহি নাহিল । 

শিপিনী :-  মহাত্মাগান্ধীয়ে কৈছিল— অসমীয়া শিপিনীয়ে কাপােৰত সপােন ৰচিব পাৰে ।

লােকে – লােকাৰণ্য :- সভাত লােকে লােকাৰণ্য হােৱা কাৰণেই বহিবলৈ ঠায়ে নুযুৰিল ।

 সা সুবিধা :- সা – সুবিধা থকা যান-বাহনত ফুৰি আৰাম পায় । 

চুকে – কোণে :-  অসমৰ চুকে – কোণে বিহু পালন কৰা হয় । 

আত্মবিশ্বাস :-  জীৱনত উন্নতি কৰিব লাগিলে আত্মবিশ্বাস বৰ প্রয়ােজন । 

দলদোপ – হেন্দোলদোপ :-  বিয়াঘৰত মানুহৰ গােটেইখন দলদোপ – হেন্দোলদোপ হৈ পৰিছিল । 

প্রশ্ন ১৫। লিংগ পৰিৱৰ্তন কৰা । 

নাৰী , যুবক , পুৰুষ , বুঢ়ী , ছােৱালী , ডেকা , দাদা , দেউতা , আমৈ । 

উত্তৰঃ        

নাৰী         –         পুৰুষ ।

যুৱক        –          যুৱতী ।

পুৰুষ         –          নাৰী ।

বুঢ়ী         –          বুঢ়া ।

ছােৱালী     –          ল’ৰা ।

ডেকা       –         ডেকেৰী ।

দাদা        –           বৌ,খুড়ী ।

দেউতা      –           মা , আই ।

আমৈ       –           তাৱৈ ।

প্রশ্ন ১৬ তলৰ উপসৰ্গকেইটা  লগ লগাই একোটাকৈ শব্দ গঠন কৰাঃ 

প্র , অপ , অতি , পৰা , উপ , প্রতি 

উত্তৰঃ।     

প্ৰ           =        প্রস্থান ।

অপ         =        অপমান ।

অতি        =        অতিশয় ।

পৰা         =       পাৰাজিত 

উপ          =       উপকূল 

প্রতি         =        প্রতিমূর্তি । 

গ – জ্ঞান সম্প্রসাৰণ 

 প্রশ্ন ১৭। মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাবলম্বী কৰি তুলিব পাৰে ? তেনে ধৰণৰ কাম কেইপদমানৰ নাম লিখা ।

 উত্তৰঃ মহিলাসকলে সৰু সৰু গােটত ভাগ হৈ আত্মসহায়ক গােট গঠন কৰি সহজতে পােৱা স্থানীয় বিভিন্ন সামগ্ৰীৰে একো একোটা ক্ষুদ্র উদ্যোগ গঢ়ি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে ।

তেনে ধৰণৰ কাম কেইপদমানৰ নাম হ’ল— লাৰু , পিঠা , আচাৰ , পাপৰ , কাহুদি , খৰিচা , খাৰলি আদিৰ উপৰিও হাতে সজা বেগ , পুতলা , মমবাতি , বাঁহ – বেতৰ সামগ্রী , কাপােৰ , নিত্য ব্যবহার্য ভিন ভিন বস্তু তৈয়াৰ কৰা আদি ।

 প্রশ্ন ১৮। ভাব বহলাই লিখা ।

 ( ) ৰাইজে নখ জোকাৰিলে নৈ বয় । 

উত্তৰঃ ৰাইজৰ নখত লাগি থকা সামান্য পানীখিনি জোকাৰি লগ কৰিলে বহুত পানী হ’ব । অর্থাৎ এটোপ দুটোপ পানী পাহাৰৰ পৰা নিগৰি আহিয়েই জান – জুৰি , নৈ আদিৰ সৃষ্টি কৰে ।

        সেইদৰে ৰাইজে দুই এটকাকৈ দান–বৰঙণি আগ বঢ়ালেই সি বৃহৎ পৰিমাণৰ ধন হ’ব  আৰু তাৰ দ্বাৰাই একোটা ডাঙৰ কাম কৰিব পৰা যাব ।

 ( ) মন কৰিলে চন , বাকৰি মাটিতে ধন ।

উত্তৰঃ  মানুহৰ কাৰণেই সাধাৰণতে কোনাে কামেই অসাধ্য নহয় । চন , বাকৰি মাটি মনােযােগেৰে আৰু পৰিশ্ৰমেৰে চহাই খেতি কৰিলে তাৰ পৰা ভাল উৎপাদন পাবই , তাৰ পৰা ধন আহিবই ।

             সেইদৰে কি হ’ব , কেনেকৈ কৰিম আদি দ্বিধাভাব মনলৈ নানি কৰিব লগীয়া কামত আগ্ৰহেৰে যত্নসহকাৰে লাগি গলেই তাৰ পৰা সুন্দৰ সফলতা লাভ কৰিব পাৰি ।

 প্রশ্ন ১৯। কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হােৱা কেইপদমান সামগ্ৰীৰ নাম লিখা । লগতে প্রতিবিধ সামগ্রী উৎপাদিত হােৱা শিল্পটোৰ নাম লিখা ।

উত্তৰঃ  বাঁহ – বেতৰ শিল্প — ঢাৰি , ডলা , চালনি , খৰাহী , কুলা , মূঢ়া , চকি , টেবুল , আলনা , খাটিয়া , পাটি , কঠ আদি ।

বয়ন শিল্প ― বিভিন্ন ধৰণৰ পিন্ধা উৰা কাপােৰ , বিচনাৰ বিভিন্ন কাপােৰ আৰু অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ কৰা কাপােৰ আদি । 

কাহ – পিতলৰ শিল্প  ―  কাহী বাতি , টৌ , পিতলকে ধৰি বিবিধ বাচন – বৰ্তন আদি ।

ঘৰুৱা ক্ষুদ্র শিল্প – লাৰু , পিঠা , আচাৰ আদিকে ধৰি বিবিধ মুখৰোচক খাদ্য সামগ্রী আদি ।

 প্রশ্ন ২০। সাঁথৰ ভাঙা

()ওপৰে জাপি তলে জাপি
                 মাজত শলা কাঠী 
                এশ পুত্রক কোলাত লৈ 
                 ৰৈ আছে মাকজনী ।

উত্তৰঃ মাহদলা যাঁত । 

( বিধাতাৰ নির্মিত ঘৰ নাহিকে দুৱাৰ
                 যােগেন্দ্র পুৰুষে তাতে থাকে অনাহাৰ
                 যেতিয়া পুৰুষ হয় অতি বলবান 
                 বিধাতাৰ ঘৰ ভাঙি কৰে থানবান ।

উত্তৰঃ কণী । 

( পক্ষী নহয় সিটো ডালত কৰে বাস 
                  চন্দ্ৰ নহয় , সূর্য নহয় কৰন্ত প্রকাশ
                  ভ্ৰমৰ নহয় সিটো বহু ৰস পিয়ে 
                  দিনত নহয় কিন্তু ৰাতি হলে জীয়ে ।

উত্তৰঃ বিজুলী বাল্ব ।

 ঘ – প্রকল্প  

২১। তােমালােকে দেখা , শুনা আৰু জনা আত্মসহায়ক গােটৰ কামৰ বিষয়ে লিখা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

২২। তলত উল্লখ কৰা সামগ্ৰীসমূহৰ যিকোনাে এটা সাজি আনি বিদ্যালয়ত প্রদর্শন কৰা ।

বিচনী,টুকুৰী,ঝাড়ু,ডলা,

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

২৩। নিপুল আৰু বিপুলৰ দৰে বাঁহ – বেতৰ কাম কৰি স্বাৱলম্বী হােৱা এজন বা দুজন লােকৰ বিষয়ে তথ্য সংগ্রহ কৰি লিখা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।



No comments:

Post a Comment